এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে-
"আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদেবতা আব, মাতৃদেরা মোৰ ককাইদেও কণাভিৰাম বৰুৱাৰ সৈতে উত্তৰ-পশ্চিম ভাৰতত ফুৰিবলৈ গৈছিল। মোৰ বাইদেও ঋণ'লতাক জীয়েকহ'তেবে সৈতে কলিকতাৰ ভাক্তব মোহিনী মোহন বস্তুৰ ঘৰত আৰু, মোক আব, মাজ; ককাইদেও কমলাক, তেতিয়া কলিকতাত থকা মাণিকচন্দ্র বৰুৱাৰ ঘৰত দেউতাই থৈ গৈছিল। কমলাই আব, মই সুকীয়াকৈ আপোনাৰ বিয়াৰ নিমন্ত্রণকার্ড একোখন পাইছিলো আৰ, পাই বং পাইছিলোঁ। আপুনি আমাক 'আপনি বুলি সম্বোধন কৰা দেখি ৰঙত আমি দুয়ো ওফন্দি উঠিছিলোঁ। শ্রীবত কনকলাল বৰুৱা (বাঘবাহাদুর) আবু, কাপ্টানেবে। ভুবনচন্দ্র ববুরা) সৈতে আমি শানকিভাঙ্গাবপৰা গৈ আপোনাৰ বিয়াত উপস্থিত হৈছিলোঁহক। আপোনাৰ লেখাত আছে যে আমার দেউতাক আপুনি বিয়াত নেদেখিলে। সেই কথাটো স্পষ্ট নোহোৱা বাবে কোনোবাই ভাবিব পাৰে যে সেই বিযা দেউতাৰ অনভিপ্রেত আছিল, সেইদেখি তেও বিয়ালৈ নগ'ল, তেনে নহয়। ববং দেউতা আব; আয়ে সেই বিয়াৰ সম্বন্বত বব সন্তোষ পাইছিল।" এই শুধৰণী-প্রকৃতপক্ষে ব্যাখ্যা, বৰ সাদৰেৰে মই গ্রহণ কবি মোব "জীবন- সোঁৱৰণ "বপৰা আগব আধ্যাত যথাস্থানত সুমাই ললোঁ।"সোঁৱৰণ" লেখক।
কলেজ বন্ধ হলত, ২ নম্বর ভবানীচরণ দত্তব গলিত থকা সেই মেছটো ভাগি গ'ল আৰু, মেছনিবাসী ছাতবসকল নিজৰ ঘৰলৈ উভতি গ'ল। মোব মনত আছে ভাঙৰীয়া গঙ্গাগোবিন্দ ফুকনে (জি, জি, ফুকন) আমি এবাৰ দিনাৰেপৰা সেই ঘৰটো খবৰ মালিকেৰে সৈতে নিজে থাকিবলৈ বন্দবন্ত কৰি লৈছে। তেতিয়া মাহ পৰে হোৱা নাছিল দেখি, আমাব ঘৰৰ কেবেয়াখিনিও তেও'ব হাততে দিলেহিক, যাতে তেও' গোটেইটো মাহৰ কেবেযা একেলগে ঘৰৰ মালিকক দিব পাৰে। তাৰ পিছত মই আৰু, মাজিরে (শ্রীযুত চন্দ্রকুমাব আগৰৱালা) লগ লাগি শোভাৰাম বসাক লেনত ঘৰ এটা কেৰেয়া কৰি থাকিবলৈ ললোঁ। খৰটো দুমহলীয়া। তলব মহলাত চাকৰ-নাকৰ আৰু ওপৰ মহলাত আমি আছিলোঁহক। ওপৰত তিনিটা খোঁটালী, ভলতো তেনেকুৱা। ওপরব খোঁটালী তিনিটাৰ সমুখত দীঘলীয়া বাৰাণ্ডা। তাৰ সমুখত চোতাল আব, চোতালৰ পিছতে ৰান্ধনিঘৰ। আমাক দুইটা খোঁটালীয়েই জোৰে দেখি, এথবব খোঁটালী এটা এজনক ডেৰোণীয়াকৈ দিলোঁ। সেই মানুহজনৰ নাম মহেন্দ্রনাথ গুপ্ত। তেও' কলিকতাৰ "মটন স্কুল'ব হেড মাষ্টৰ আছিল। তেওৰ বৰ ওচৰতে এঠাইত আছিল। খোঁটালীটো তেও' থাকিবলৈ লোৱা নাছিল; আৰু তাত নাথাকিছিলো।
দিনো দুবেলা তেও" তেও'ব থকা ঘৰৰপৰা আহি খোঁটালীটোত সোমাই সম,খৰ দুৱাৰখন মাৰি লৈ, ভিতৰত অকলে বহি, ঈশ্বৰৰ ধ্যান-ধাৰণা উপাসনা কৰিছিল। তেও বামকৃষ্ণ পরমহংসদেৱৰ এজন প্রধান শিষ্য আছিল "ম-কথিত" নাম দি "ৰামকৃষ্ণ কথামতে" নামৰ পাঁচ খন্ড কিতাপ ৰচনা কৰিছিল। মানুহজন বৰ ধৰ্ম্ম'প্ররণ আব, নিম্ন'ল চৰিত্ৰৰ আছিল। মোৰে সৈতে তেও'ব বন্ধুত্বও দৃঢ় হৈছিল।
কিছ, দিনৰ পাছত শ্রীষত চন্দ্রকুমাৰ আগবঝালাই কলিকতা এৰি পাটনাত বি. এ পঢ়িবলৈ গ'ল। তেও'ৰ খোঁটালীটো তেও লোকৰ হৈয়েই আছিল। মাজে মাজে তেও'ব দেউতাক ডাঙৰীয়া হৰিবিলাস আগৰৱালা তাত থাকিছিলহি। পিছত শ্রীযুত আনন্দচন্দ্র আগবৱালাই (বাষবাহাদব) তাতে থাকি কলেজত পড়িছিল। মাজিরে মধে তাৰেপৰাই পিছডোখৰত "জোনাকী" কাকত চলাইছিলোঁ। মাজিউ পাটনালে গলত শ্রীধাত আনন্দচন্দ্র আগবরালাক মই সহায়ক পালোঁ। লক্ষেশ্বৰ শৰ্ম্মা বি এ কিছু দিন আমাৰ লগতে আছিলহি। তেও'কো মই সহায়কভারে পাইছিলো।
কেইমাহমানৰ পিছত মহেন্দ্র বাবরে তেও'ব খোঁটালাটো এবি দিলে। তাৰ পিছত ভোলানাথ বৰুৱা ভাঙবাঁধা (বি, বরা) সেই খোঁটালী-নিবাসী হ'ল। হবেন্দ্রনাথ সেন (এইচ,, এন, সেন) নামৰ উকীল এজনো মাহচেবেকৰ নিমিত্তে আমাৰ লগত আছিলাহ। তেও' কলিকতা বিশ্ববিদ্যালধৰ "ভবল" এম, এ, আইনত বি, এল, আৰ, পিছত বোধকৰোঁ বেবিটাৰ হৈছিল। মানহেজন বিশ্বান; কিন্তু শভারটো খঙাল আছল। খঙাল নবুলি খিটখিটীয়া বুলিলেই বোধকবো ঠিক হ'ব। বিশ্ববিদ্যালয়ৰ মহলাত উঠিবলৈ দিনে-বাতিয়ে পঢ়ি থাকি কিতাপব পোক হলে, মানুহ যেনে হয়, তেও' তেনেক রাই হৈছিল। কথাই কথাই তেওৰ মৰ তপত হৈ উঠিছিল আৰু, চাকৰে তেও'ৰ মুৰত থপিয়াই দি দি সততে তেও'ক বিচি থাকিবলগীয়াত পৰিছিল। তেও' উজনী আসামতো কিছু দিন ওকালতি কৰিছিলগৈ। ভাঙৰীয়া ৰায়বাহাদ, ৰ গুণাভিৰাম বৰুৱাই তেও'ক ভাল পাইছিল আব, তেখেতৰ "চংপাৰিচতে" তেও"ক মই আমাৰ লগতে ৰাখিছিলোঁ। কিন্তু তেও নিজৰ খিট খিটীয়া স্বভাৱৰ নিমিত্তে সৰহ দিন আমাৰ লগত থাকিব নোৱাৰিলে। ধ্যবৰ সমধত আমাৰ সৈতে থকা আৰু, খোৱাৰ খৰচৰ কাৰণে তেওঁৰ সৈতে মোৰ অলপ মনোমালিনাও হৈছিল। কিছু দিনব পিছত শুনিলো তেও' একেবাৰেই বিলাতবাসী হবলৈ বিলাতলৈ গুচি গ'ল।
আসামত মাণিকচন্দ্র বৰুৱাৰে সৈতে কৰা তেও'লোকৰ ডাঙৰ ব্যৱসায়টো ধম্ম হলত, ভোলানাথ বৰুৱা কলিকতালৈ গুচি আহিল। মোবে সৈতে যদিও, আগেয়ে মই কলিকতাত অসমীয়া ছাতৰৰ মেছত থাকোঁতে, মাজে-সময়ে তেও'ব দেখা-শূনা আৰু, অলপ-অচৰপ আলাপ-পৰিচর হৈছিল; কিন্তু, এতিয়াহে দুয়ো একেলগে থকাৰ নিমিত্তে। সি দিনে দিনে পরিপূর্ণতা লাভ কৰিলে। ভোলানাথ বৰুৱা মানুহজন কেনে সববৰহাঁ আব, স্বচতুৰ পকা ব্যৱসায়ী আছিল, তেও'ক দেখাসকলক সৰহকৈ কৈ দিবৰ আৱল্যব নাই। মই তেতিয়াও কলেজীয়া জীবনৰপৰা একেবাৰেই হাত হই নোলোৱা কোঁচা ডেকা ছাতব। তেওঁৰে সৈতে কথা-বার্তা পাতি মিলি-জুলি মই একেবাৰেই তেও'ন ব্যৱহাৰত মংন্ধ হৈ গলোঁ। দিনে দিনে তেও মোৰ মনৰ চাৰিওটা ঢাপ ভালকৈ অধিকাৰ কৰিবলৈ ধৰিলে। সাংসাৰিক জীৱন-যাত্রা নির্বাহত তেও' পকা জুনা নাবিকলটো যেন, আৰু, মই কোঁচা ভাব। মোৰ সবল-কলেজত সংগ্রহ কৰা "পুস্তকস্থা বিদ্যা", আকাশত চাং আৰু, অদৰদশি'তা। তেও'ব সম্বল জীৱন-যুদ্ধত বংজি বাগি সংগ্রহ কৰা ব্যৱহাৰিক জ্ঞানৰ অভিজ্ঞতা আব, বহুদর্শিতা। এনে বিপৰীত ধর্মাবলম্বী পদার্থৰ ৰাসায়নিক সম্মিলন ঘটে, অৱশ্যে ভাল ৰাসায়নিক পণ্ডিতৰ হাতত। যি হওক, দুইবো ভিতৰত বন্ধুতা আৰু সৌহাদ্যৰ ঘনিষ্ঠতা শাঁস্ত্রে সংঘটিত হ'ল। 'ম'ইতকৈও শিং চৰা" বোলা কথা এযাৰ অসমীয়াত আছে। তেতিয়া মোতকৈও মোৰ চাহাবী চৰা আছিল। সেইদেখি বৰুৱা জঙৰীয়াই প্রথম দিনাৰেপবা মোক চাহাব চাহাব বলি মাতিবলৈ ধৰাত মই বৃথা গর্শ্ব'ৰ চিঙত উঠি আত্মপ্রসাদ লাভ কৰিবলৈ ধৰিলোঁ। "জোনাকী'ত ওলোৱা মোৰ লেখাবোৰ পঢ়ি আগৰেপৰা মোৰ গড়-গতি, স্বভার অনেকখিনি তেও' জানি থৈছিল। এতিয়া মোৰ সৈতে একেলগে থাকি বাকীখিনি তীক্ষঃ বৃদ্ধি-সম্পন্ন তেওৰ বুজিবলৈ পলম নালাগিল। হেটাঁয়া গল্প, ৰঙিয়াল কথা আৰু, ঘাইকৈ লোকৰ মন আকর্ষণ কৰিব পৰা কথা আৰ, ব্যৱহাৰেৰে তেও" মোক বশ কৰি পেলালে মোৰ হৈ যোৱা বিল্লা বিষয়তো তেও'ব উদাৰ মন্তব্য আদিয়ে মোৰ মনৰ প্রসন্নতা বৰকৈ বড়ালে কাৰণ, সেই কাৰ্য্যৰ তাঁর মন্তব্যহে অনুকাণে পহুকাণে মই শুনিবলৈ পাইছিলোঁ।
আমি একেলগে থকাৰ পোন্ধৰ দিনমানৰ পিছতে তেও' নবিয়া পৰিল। সেই নকিয়া দীঘলীয়াকৈ দুয়াহমান আছিল। তেও' একপ্রকাৰ শৰ্য্যাগত। সেই সমযত মই বি, এল, পৰীক্ষা দিবলৈ সাজ, হৈছিলোঁ। পৰীক্ষালৈ অলপ দিনহে বাকাঁ আছিল। পৰীক্ষাৰ কিতাপ পড়া কার্যা একতীয়াকৈ থৈ মই একাণপতীয়া হৈ তেও'ব পতি কৰিবলৈ লাগিলো। সেইটোৱেই তেনে অৱস্থাত মোৰ কর্তব্য বুলি মোৰ ডাঠ বিশ্বাস হৈছিল। তেরো দিনে-বাতিয়ে প্রায় সকলো সময়তে মোক তেওৰ নবিয়া-পাটীৰ কাষত বিচাৰিছিল। বিশ্ববিদ্যালয়ৰ পৰীক্ষা "পাছ" কৰা কাৰ্য্যত মই যে গৰ কাঠিরক ছাতৰ নাছিলোঁ, সেইটো মোৰ সম-সামরিক শাচকুরা সকলোয়েই দেখিছিল, মই নিজেও জানিছিলোঁ আৰু সেই জ্ঞান মোৰো কোনোকালে লুপ্ত হোৱা নাই। পৰীক্ষাত কোনোমতে কাণে কাণ মাৰিহে সানি যোৱা ছাতৰ মই। গতিকে এনে দুৰামুৰি কালতে এনে ব্যাপাৰ মোৰ পক্ষে সাংঘাতিক হৈ উঠিল। ফলত বি হবলগীয়া সেয়ে হ'ল। অর্থাৎ মই বি, এল, পৰীক্ষাত "স-সম্মানে ফেল মাবিলোঁ।" বি, এল,, পৰীক্ষাত ঘটা বিৱৰণ আজি নিদি পিছৰ আধ্যালৈ থলোঁ। কিন্তু এম, এ পৰীক্ষাৰ কথাটো আজিৰ আধ্যাতে কৈ খণ্ড' কাৰণ দুইটা পৰীক্ষা সম্বন্বত পালপতিয়েক বুলিব পাৰি। যি, এলৰ পিছত এম, এ, দিবলৈকো পৰীক্ষাৰ ঘৰত মই বহিছিলোঁ; আৰু কেরোদিন ক'কালত কজৰ বান্ধি দিছিলোঁও। কিন্তু, "একে গহব পাশ, সি ফির হব আন"-তাতো সসম্মানে ফেল। ইংখার্জী সাহিত্যত এম-এ দিছিলোঁ। মোষ অধ্যাপক আছিল, ইংবাজী সাহিত্যত বিদ্যাৰ-জাহাজ চার্ল'চ টনি চাহাব। পঢ়িছিলো ভালকৈ। তথাপিও তাত "ফেল'ৰ মাৰ খালো কিয়? কও' শূন্য। তাত "এংলো-ছেক্সন" অসভ্য (অৱশ্যে "সভ্য" মোৰ পক্ষেহে) পদার্থ (subject) এটা আছিল। তাৰে সৈতে মোৰ একোতে বাহি নাহিছিল। সেইদেখি মই তাক অগ্রাহ্য কৰি একপ্রকাৰ এৰি দিছিলো। ফলত সিয়েই মাৰিলে, মোৰ মুৰত মাৰ-খাত টাঙোন। মই টাঙোন খাই, টনি চাহাবৰ কাষত মোৰ দুখ নিবেদন কৰি- ছিলো। তেও" মোৰ দুখত দুখ প্রকাশ কৰিলে আৰু তাতে তাৰ ওৰ পৰিল। যি বস্তুটোক মানুহে তুচ্ছ বুলি অগ্রাহ্য কৰে, সিয়েই বৰ হৈ তাক এসেকা দিয়ে। কংসই কৃষ্ণক গৰখীয়া ল'খ্য বুলি তুচ্ছ তাচ্ছিল্য কৰি কৃষ্ণন হাততে প্রাণ এবিলে। বারণে নৰ আৰু বান্দৰক অগ্রাহ্য কৰি, নৰ আৰু বান্দৰৰ হাততে সোণৰ লঙ্কাপুবী, নিজৰ কুৰিটা চকুৰে আৰু কৰিটা হাতেৰে সৈতে দহোটা মুৰে হেৰুৱালে। এয়েই "মকেল,' অর্থাৎ পিন্ডিতার্থ'।