shabd-logo

। তৃতীয় আধ্যা।

27 December 2023

0 দৰ্শন কৰা হৈছে 0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি কালৰে পৰা চলি আহিছে। তাৰউপৰি কমলানাথ ফুংনৰ ভাবেক, শিৱসাগৰ নিবাসী শ্রীকৃত মন্ত্রানাথ ফুকন খাজাঞ্চী পিতৃদেৱতাৰ জোৱায়েক। আমি অলপ দিন মাথোন ফুকনৰ ঘৰত আছিলোঁ। আমাৰ বংশৰ সুবিখ্যাত লক্ষ্যীনাথ গজপূবাঁয়া বৰুৱা ভাঙৰীয়াব খালী হৈ থকা ঘৰ-বাৰীলৈ সোনকালে উঠি গলোহ'ক।

গুৱাহাটীন বিশাল ব্রহ্মপুত্ৰ আৰু চাৰিওফালৰ পর্বতমালাবে বিভূষিত মনোবম দৃশ্যই মোব মন অনির্বচনীয় আনন্দেৰে পুবাই পেলালে। সেই দ, শাৰ চিত্রপট মোৰ হৃদয়-চিত্রশালও যাবজ্জীবন থাকিব। অশ্বক্রান্ত, উমানন্দ, উর্বশী, নরগ্রহ, শুক্তেশ্বব, বশিষ্ঠাশ্রম আদি তাঁর্থ'স্থানলৈ পিতৃদেৱতাৰে সৈতে গৈ মই যে কি অপাৰ আনন্দ উপভোগ কৰিছিলোঁ, কৈ অ'তাব নোৱাৰোঁ। মাখোন কামাখ্যা আৰ, হাজোলৈ মোক সৰু, বলি পিতৃদেৱতাই লগত নিয়া নাছিল।

গুৱাহাটীতে প্ৰথমতে মোৰ স্কুলত প্রবেশ ঘটে। সাঁচাকৈ ক'বলৈ গ'লে, স্কুললৈ খোৱাটো মোৰ মনত বব-ফাটেকলৈ যোৱা যেন লাগিছিল। মোৰ পক্ষে স্কুলত প্রবেশ মানে বন-বিহঙ্গৰ সজাত প্রবেশ; যদিও তাৰ অৱস্থিতি চাৰি-পাঁচ ঘণ্টাৰ নিমিতেহে। কিন্তু হ'লে কি হব, সেই চাবি-পাঁচ ঘণ্টাৰ পিছত মুকলি হৈ গৈ আকৌ যে কাইলৈ তাত পুনৰ্যবদ্ধ হোৱা অনিবার্য', সেই চিন্তাৰ ভয়ে মোক খুলি খুলি খাইছিল। পিতৃ দেৱতাৰ হুকুম, মই স্কুললৈ যাবই লাগিব-তেনেহলে মোৰ মনোৰাজ্যত "বাম,গেই মবক বা লগুণেই ছিগক।"

স্কুলত সোমারেই যেই দেখোঁ, কৰধত-ঘূর্ণিত-শোভিত-বেত্তং মান্টৰ মহাপ্ৰভুসকলৰ বজ্র-গম্ভীৰ নিনাদ ছাতসকলৰ সম্মিলিত সংযত কণ্ঠ-নিস্ত মদ-মন্ড গুব, গুব, ধ্বনিৰ কটাহ ভেদ কৰি স্কুল ঘৰৰ মুষচ পাইছেগৈ, মোন ধাতুটিও মৰৰ মধচত উঠিবলৈ লৰ ধৰে। মোৰ মন্ত্ৰৰ ব্ৰহ্ম-বস্ত্রৰ কাষতে ধাতুটিক এৰি থৈ মই বহি স্কুলত কিবা শিকা- বুজাৰতো কথাই নাই, বৰত অলপ অচৰপ যি পড়ি-শুনি শিকি-বুজি আহোঁ, সিয়ো পাহৰণিৰ পঞ্চবটীত সোমাই মায়া-মৃগ হৈ কৰবালৈ লবি পলাই গুচি যায়। হায়! স্কুল মোৰ মনত ভয়ৰ ভৱন নহে যদি আনন্দভৱন হ'লহেতেন আৰু, মোৰে নিচিনা দুভ'গাঁয়া "স্কুলাতঙ্কযোগগ্রন্ড" এশ-এটা ল'ৰাৰ পক্ষেও যদি তেনেকুৱাই হ'লহেতেন, তেন্তে আমাৰ দেশত কি সুস্থ সবল দেহৰ আৰু, মনৰ এচাম প্ৰজাৰ (generation) সৃষ্টি হ'লহেতেন। স্কুলত শিক্ষা দিবৰ কঠোৰ নির্মম নিৰস এটা মাথোন ব্যৱস্থাৰ সলনি যদি তাৰ ওলোটা অবস্থাষ প্রচলিত হ'লহেতেন, তেন্তে কেনে হাঁহিমুখীয়া কার্য'ক্ষন আৰু নিজৰ সাধ্যৰ সীমাত প্রফুল্লিত প্রজা চামে চামে বাড়ি আমাৰ জন্মভূমিক উজ্জলে আৰু, মহিমান্বিত কৰিলেহে তেন। দেৱাঁ সৰস্বতীৰ বছেৰেকীয়া পূজাব উৎসর হাতৰসকলৰ পক্ষে কেনে আনন্দময় হয়-তেওঁৰ দৈনিক পূজাও যদি হাতৰ- সকলৰ পক্ষে তেনে আনন্দময় হ'লহেতেন, তেন্তে তেওঁৰ অক্ষর জ্ঞান-ভাণ্ডাৰৰপৰা জ্ঞান-ৰত্বৰ সম্ভাব হবিষ 'মনেৰে সংগ্ৰহ কৰি কত লোক ধনী আৰু সুখী হ'ব পাৰিলেহে তেন।

স্কুলত আমাক অঙ্ক শিকোৱা এজন মাষ্টৰ আছিল; তেওঁৰ নামটো (যদি মই পাহৰা নাই) চাখারত আলি। তেওঁক দেখিলেই মোৰ মৰত থাকিব নোখোজা অঙ্কব আকৃতি- কেইটা বিকৃতি হৈ, মাতৃস্তন্যৰে সৈতে মাতৃদত্ত মাতৃকেইটাক সিহ'ত লগত লৈ মোক স্কুলৰ ক্লাছৰ কাঠৰ বেঞ্চৰ ওপৰতে নিৰূপায কৰি অকলশৰীয়াকৈ এবি, তাহানি নিষ্ঠুৰ নলে দমযন্তীক হাবিব মাজত এৰি পলোৱাদি পলাইছিল। তাৰ পিছত কিচ্ছু মুন্সি চাহাবৰ ৰঙা চকু আব, চোকা মুখৰ বাক্যবাণ এই মতকৰ ভেলটোৰ ওপৰত বিমান কোবেৰে পৰিছিল, উত্তৰৰ আশাত নিৰাশ হৈ সিমান কোবেৰেই সেইবোৰ তেওঁৰ টোশলৈ উভতি গৈছিল। মঠেতে এইফেৰা ক'লেই হ'ব যে গুৱাহাটীৰ স্কুল মোৰ পক্ষে আনন্দালয় নহে যমালঘ হৈ উঠিছিল।

মনত আছে, স্কুলত মোব এনে বিদ্যাভ্যাসৰ সঙ্কটময় অৱস্থাতে এবাৰ কলিকতাৰপৰা তেওঁলোকৰ কলেজৰ বন্ধত ককাইদেওসকল গুৱাহাটীলৈ আহিছিল। মোৰ কলিকতাঁরা ককাইদেওসকল আজি আহি পাবহি, এই উৎসাহৰ আনন্দাতিশয্যত মোৰ মাটিত ভৰি পৰা নাই। ককাইদেওসকল আহিল; গুৰুজনসকলক তেওঁলোকে সেৱা কৰি আদৰ অভ্যর্থনা লাভ কৰিলে, সৰুবোৰক দুই-চাৰি আযাৰ মিঠা কথাৰে আপ্যায়িত কৰি সেৱা নমস্কাৰ গ্ৰহণ কৰিলে। কিন্তু এই দুর্ভগাঁয়া দুবদুষ্টৰ কথা কি কম। মোক দেখিয়েই ককাইদেৱে মাত লগালে-"এইটো ইমান ডাঙৰ হ'লনে। হেৰ তই কি পড়িছ?" প্রশ্নটো শুনিষেই মোৰ মনৰ আনন্দৰ বাণ একে হেচোকতে হহ কি শ.কাই গৈ তাব তলিব ওখোৰামোখোৰাবোৰ ওলাই পবিল; মুখে শুকাই কৰাই খোলা যেন হ'ল। ভাবিলো, হৰি হৰি। মোক স্কুলৰ বৰ বাঘে খেদি আহি দেখোন আজিৰ নিচিনা এনে আনন্দৰ দিনতো ঘৰ পালোহি।

কিছুমান বেলিৰ পিছত ককাইদেৱে মোৰ পঢ়া কিতাপকেইটা মোৰ হতুৱাই অনাই, মোৰ পঢ়াৰ পৰীক্ষা কৰিবলৈ লাগি গ'ল আৰ, তেওঁৰ প্ৰশ্নৰ উত্তৰত মোৰপৰা তেওঁ একো একোটা ফোপোলা আলুগুটি পাবলৈ ধৰিলে। তেওঁৰ উঠিল খং। মোক ধৰি কিল-কাঁত'ন দিবলৈ উঠি দিলে খেদা। মই মাৰিলো লৰ। ক্ষন্তেকতে মই আমাৰ গোটেইখন বাৰীত, পছোৱা বতাহৰ আগ উৰাদি উৰি ফুৰিবলৈ ধৰিলো আৰু মোৰ পিছে পিছে তেওঁ লবি ফুৰিবলৈ ধৰিলে। তেওঁ অসার্থক খেদাত ক্লান্ত হৈ পৰিল, মোৰ বেগ কোষতকোবে চলিল। সকলোৱে অবাক হৈ এই বিপৰীত দশা চাবলৈ ধৰিলে। অন্তত খেদা আব, ল'ৰাৰ ঘুম যেতিয়া তমোময় হৈ উঠিলগৈ, মাতৃদেবীয়ে বৰ পুতেকক এই wild goose chase অর্থাৎ পলবীরা বাজহাঁহ ধৰিবলৈ খেদি কুষি হারবাল হোৱাৰপৰা নিবৃত্ত হবলৈ বৰকৈ কৈ, এতওঁক অলপ ভৎসনা কৰি ক'লে-"বাৰ, হেৰ তই কলিকতাৰ- পৰা আহিছ দেখি হেপাহ কৰি তোৰ সব, ভায়েবে তোক চাবলৈ আহিল। তই তাক ক'ত দুই-চাৰিটা কথা কৈ পোনতে মৰম কৰিবি নাই, তাক আকৌ এইদৰে মাৰিবলৈ চোৰ খেদাদি খেদি লৈ ফুৰাইছ। লাহে-যাঁবেও দেখোন তই তাৰ পঢ়া-শূনাব মহলা লব পাৰ।" আইৰ কথা শুনি যদিও ককাইদেও ক্ষান্ত হ'ল, তথাপি আইক মদ, মন্দ প্রতি-ভৎসনা কৰিবলৈ নেপাহৰিলে যে "তোমালোকে তাক মৰম কৰি কৰি তাৰ মূৰ খালাহ'ক। ইমানটো ঢোদোঙা ল'ৰাই একো পঢ়া-শুশূনা নকৰে এটা big dunce হ'ল।" এই ঘটনাৰ পিছত ককাইদেওসকল থকা কেইটা দিন মই মন মাঝি আলেঙে আলেঙে ফুৰি কোনোমতে কটাই দিছিলোঁ। বোধকৰো এই ঘটনা, পিতৃদেৱতাই গুৱাহাটীতে কামৰপৰা অৱসৰ লৈ পেন্সন পাই শিৱসাগৰলৈ আহিবৰ কিছু দিনৰ আগতে ঘটিছিল; কাৰণ মোৰ মনত আছে, শিৱসাগৰলৈ আহিবলৈ যাত্রা কৰি গুৱাহাটীৰ ঘাটতে আমি সকলোটি নাহুত উঠি থাকি, ৰাতি বালিত ভাত খাবৰ সময়ত, বৰ ডাঙৰ ধুমুহা বতাহ এটাই আমাৰ ৰন্ধা-বড়া ভাত বালিৰে পুতি পেলাইছিল, আৰু বালিত তৰা আঁৰ কাপোৰখন উবাই নি ব্ৰহ্মপুত্ৰৰ মাজত পেলাই দিছিল; আৰু, সেই ৰাতিব সেই দুয্যোগৰ সমযত দেউতা আৰ, ককাইদেওসকলে আন আন মানুহে আবু, নাৱৰীয়াহ'তবে সৈতে পানীত নামি কাম্ব পাতি আমাৰ নাও দুখন ধৰি থাকি কোনো মতে বক্ষা কৰিছিল। মনত আছে, ধুমুহাৰ পিছত, সেই বাতিয়েই তেওঁলোক দুযো কলিকতালৈ উভতি যাবলৈ বুলি সদাগৰী জাহাজত উঠেগৈ আৰু, পিছদিনা মাতৃদেবাঁয়ে চকুৰ লো টুকি এইবুলি বেজাৰ কৰিছিল যে- "লবা দুটাই কালি বাতি ইমান দুখো পালে আৰু যোৱাৰ আগেযে এসাজ ভাত খাবলৈ আহি খাবলৈকো নাপালে।"

ওপৰত উনুকিয়াইছোঁ, যে পিতৃদেৱতাই গুৱাহাটীতে একন্ট্রা এছিপ্টেন্ট কামৰপৰা অৱসৰ লৈ পেন্সন পার। গুৱাহাটীৰ অনেক ভদ্রলোকে ঘাইকৈ লক্ষ্যীনাথ গজপ, বাঁয়া বৰুৱা ভাঙৰীয়াই পিতৃদেরতাক উজনিলৈ উভতি নগৈ গুৱাহাটীতে ঘৰ-বাবা কৰি থাকিবলৈ অনুৰোধ কৰে। কিন্তু পিতৃদেৱতাই নিজৰ পুৰণি ঠাই শিৱসাগৰলৈ উভতি যোৱাটোকে থিৰ কৰিলে।

গুৱাহাটীৰ ভদ্রলোকসকলৰ ভিতৰত উকীল শ্রীমন্ত সেন, যশোমন্ড সেন, এই দুজনব কথা আৰু, গোবিন্দৰাম চৌধাৰীব কথা মোৰ মনত আছে। এওঁলোক আমাৰ থবলৈ সততে আহিছিল আৰু দেউতাৰ আদৰৰ পাত্ৰ আছিল। গোবিন্দৰাম চৌধাবী ওথ, ডাঙব আৰু দেখিবলৈ বৰ সভা-পূৱনি লোক আছিল। হেজাৰৰ ভিতৰত গোবিন্দৰাম চৌধাৰী চকুত পৰা "চেহেৰাৰ" মানুহ।

কমলানাথ ফুকনৰ কথা প্রথমতে অলপ কৈছোরেই। ফুকন ডাঙৰাঁয়া ৰঙিয়াল, বসিক, witty আব, কৌশল কৰি লোকক বিদ্রূপ কৰিব পৰা লোক আছিল। মোৰ শূন্য এতিয়াও মনত আছে-কোনোবা এজনে হেনো জবা এটা কিনিবলৈ তেওঁৰপৰা ধন ধাৰে নিছিল। ডবা কিনাও হ'ল আৰু, দিনৌ তাৰ ব্যৱহাৰ কিনোতাৰ ঘৰত হবলৈ ধৰিলে; কিন্তু ধাবে নিয়া ধন অনেক দিনলৈকে সেইজনে ফুকৰ ডাঙৰীয়াক ওভোতাই দিবৰ নাম নকৰে। ধৰুৱাৰ নিশ্চিন্ত গতি দেখি বাবচেবেক ফুকনে ধাৰ সাধিলে, কিন্তু ফল একো নফলিল। শেষত নিজৰ মনৰ সন্তোষৰ অর্থে', তেওঁ এই পদ্যটো ৰচনা কৰি সমাগত বন্ধ, সকলৰ আগত সুৰ ধৰি গাবলৈ ধৰিলে যথা-

দলৈ (অমুক) বে

ডবা বাদ্য কবে,

তাৰ ধন আজিলৈকে বাকী।

(অম্লকব) কথা শুনি

মৰোঁ টকা ভৰি,

ইকি (অমুকন) ফাকি। এই lampoon অর্থাৎ বিদ্রূপাত্মক পদা কেইশাবাঁয়ে ধৰুৱাৰ স্বাবাই ধাৰ শূজাব পাৰিছিলনে নাই কব নোৱাৰোঁ কিন্তু ইষে ফুকনৰ মনৰ খেদ অনেক পৰিমাণে কমাই- ছিল, তাৰ ভুল নাই; কাৰণ তেতিযা প্রায় সকলো বসিক ভদ্রলোকৰ মুখে মুখে এই পদা বেশাৰী বাগৰি ফুবি তাৰ উদ্দেশ্য (mission) এক প্রকাৰে সিদ্ধি কৰিছিল।

গজপুবীযা বৰুৱা ডাঙৰীযাৰ সম্পর্কেও এটি ক্ষুদ্র আমোদজনক কথা মোৰ মনত আছে। তেখেতৰ এটা ঘোঁৰা আছিল, ঘোঁৰাটো বেগী বা চোকা যে নাছিলেই, ববং সি বটুরা বদ‌নামব্যে হাত সাৰিব পৰা নহয়। ঘোঁৰাটোৰ মন্থৰ গতিত বা "বেগতিত" বৰুৱা ডাঙৰীয়া বিবস্তু হৈ, এদিন তাক প্রকাশ্যে এইবুলি ভৎসনা কবি লজ্জা দিছিল- "ইস্ নেদেখিছা! জানিবা ইন্দ্রব উচ্চৈত্ররাডোখবহে? বোলোঁ তিওরা বুটমাহ খোরাহে খোরা, খোজ কাঢ়িবব ফালে মন হলে নাই।"

দঃখন ডাঙব শূরালকুচীয়া হোলোং নাৱেৰে আমি গুৱাহাটীৰপৰা শিবসাগবলৈ খাতা কৰিলোঁহ'ক। গুৱাহাটীৎপৰা শিৱসাগবলৈ উজাই আহোঁতে আমার ২২।২৪ দিন লাগিছিল। ব্রহ্মপুত্রইদি উজাই অহা এই কালডোখৰ মোৰ পক্ষে অপাৰ আনন্দৰ কাল। ফাগুনেৰ শেষ-ছোৱা আব, চ'তৰ আগছোৱাত বোধকৰো, এই নৌকাযাত্রা সঙ্ঘটিত হৈছিল। ধৌতময় শুভ্র বালিবে দুকাষে দুটা তিৰবিৰোৱা পাৰি দিয়া, নির্মল ব্রহ্ম পুতখন মোৰ মনত ফটিকৰ সূতাৰে বোৱা এখন ডাঙৰ চেলেং কাপোৰ যেন লাগিছিল। আবু, তৰি থোৱা সেই বগা চেলেংখনত দুটা কলা ঢোকাপৰুৱা বগাই যোৱাৰ নিচিনাকৈ আমাৰ নাও দুখন চৰিব ঠেলাত বোৱা যেন লাগিছিল। একো একোটা বালিক দূৰৰপৰা একো একোটা "দানাদাৰ দোববা" চেনিৰ পর্বত যেন আৰু একো একোটা মটীয়া বৰণৰ কাশীব চেনীৰ দম যেন দেখিছিলোঁ আৰু দুপৰীয়া টেঙা খাবৰ মন যোৱা কাল- ডোখৰত একো একোটা বালি লোণৰ পর্বত বুলি কল্পনা কৰিছিলোঁ। দুপৰীয়া আৰু গধলি কোনো এটা বালিৰ কাষত নাও ৰাখিলেই, মই সকলোৰে আগেয়েই একেজাপেই নাৱৰপৰা বালিত পৰি আনন্দত ম'ৰাচৰাইৰ পোৱালি লৰি ফুৰাদি ফুৰিছিলোঁ। মনত এনে ভাব, যেন চকুৰে দেখা দবলৈকে য'ত বালি দেখিবলৈ পোৱা গৈছে, এটাকো বাদ নিদি এটাইযোৰৰ ওপৰত জপিয়াই লবি-ধাপৰি ভটাগুটি বাগবাদি বাগৰি ফুৰি শেষ কৰিহে এবিম।

এদিন দুপৰীয়া ভাত ৰান্ধিবৰ নিমিতে এটা বালিত নাও বখ্য হ'ল। দেখিলোঁ, বহুত গঙ্গাচিলনী চাৰিওফালে উৰি ফুৰিছে। কোনোবাই মোক কৈ দিলে যে সেই বালিত নিশ্চয় গঙ্গাচিলনীৰ কণী পোৱা যাব। মই, মোৰ ককাইদেও শ্রীনাথেৰে সৈতে, বিচাৰি বিচাৰি সাঁচাকৈয়ে দুটা গঙ্গাচিলনীৰ কণা পাই আনি বুকু ফুলাই সকলোকে দেখালোঁ। শুনিলোঁ, গঙ্গাচিলনী যদিও নাখায়, কিন্তু তাৰ কণী হ'লে খায়। এই সন্তোষজনক বিধান প্রৱণ কৰি কণী দুটা ভজোরাই দুই ভায়ে পরম তৃপ্তিবে সৈতে ভোজন কৰিলোঁ। এদিন আন এটা ব্যলিত বিচাৰি বিচাৰি দুটা ঘৰিয়ালব কণী পাইছিলোঁ। প্রকান্ড কর্ণী। কণী দুটো ফুটাই তাৰ ভিতৰব কুহুমবোৰ দলিয়াই পেলাই, গোট খোলা দুটা বহুত দিনলৈকে নাৱৰ কুশ্মিৰ যাবত আঁৰি থৈ দিছিলোঁ। ৰংপুৰ পাই নাৱৰপৰা নামিবৰ সময়ত কিন্তু সেই দুটা মোৰ দৃণ্ডিৰ বহির্ভুত হ'ল। বোধকৰো "হুপভহিঞ্জৰ" ববিনাথ ককাই দয়া পৰবশ হৈ অন্তঃসাৰশূন্য অঞ্চ-যুগলক মাক বৰিয়ালৰ বুকুলৈ পানীয়েদি "চালান" দিলে।

এদিন আবেলি চাৰিমান বজাত এটা খুলিত আমাৰ নাও বখা হ'ল। সিমান সোনকালে সেই দিনা বন্ধাৰ কাৰণ, ফেফে'ৰাঁয়া বতাহ, সম্ভৱতঃ বতাহৰ কোব ৰাতিলৈ বাঢ়ি সেই বতাহ ধুমুহাত পৰিণত হবগৈ পাবে, এই আশঙ্কা-কবি। গুলিটো ভাল; তাত নাও বান্ধি থাকিলে কোনো ভয নাই, আবু, শাঁয়ে তেনে খুলি পোৱা নাযাবও পাৰে। নাও যস্থাৰ পিছত দেখা গ'ল, দূৰত বালিব ওপৰত দুটা কি তিনিটা ডাঙৰ কাছ বগাই গৈছে। নাৱৰাঁয়াহ'তে ক'লে যে কাছকেইটা কালাপ কাছ। সিহ'তে এনে বতৰত বালিত কণী পাৰিবলৈ উঠে। আমাৰ লগুৱা ধনীয়ে এই খবৰ শুনিয়েই কাজৰ ফালে চোচা ল'লে। আমি লৰ দিলোঁ। মানুহ অহা গম পাই, কাজকেইটাই অভীসিত কার্য'-স্থগিত ব্যখি, উভতি নৈৰ ফালে প্ৰাণপণে লৰ দিলে। ধনীন বেগ অনুপাতত কাছৰ বেগতকৈ বেছি হোৱাত, সি কাছ এটাক আগচি ধৰি ততালিকে লুটিয়াই পেলাই তাৰ বুকুত ডাঙৰ গোব এটা মাৰি দিলে, বাক চলিত ভাষাত কাহুগোৰ বোলে। কাঙ্গটো একে গোবতে অল্পণ হৈ পৰিল। বাকীকেইটাই ইতিমধ্যতে পানীত পৰি প্ৰাণ ৰক্ষা কৰিলে। কাছটো কাটিলত তাৰ পেটত দুকুবিমান কর্ণী ওলাল।

এদিন নাওখন পাৰৰ নল খাগৰিৰ কাষে কাষে বাওঁতে নাৱৰীয়াহ'তে চৰিৰ ফেৰেকা মুখেৰে হোঁচা মাৰি ধৰি এটা দুবা কাছ ধৰিছিল। কাহটোৰ পিঠিত এটা ভোটা কহিট বা থঞ্চলৰ দৰে আছিল। সেই কাছটোক হেনো নল-হুবা বোলে আৰু সি হেনো অখাদ্য। নাম্ববারাহ'তেঃ কাছটো কি কৰিলে কব নোৱাৰোঁ সম্ভবতঃ তাক খাদ্যৰ শ্রেণীভুক্ত কৰি ৰাচ্ছি-বাড়ি পেটত ভবাই বলে। আমাৰ ধনীরে কিন্তু কি কৰিছিল কব নোৱাৰোঁ কাৰণ কাছটো অখাদ্য বুলি পূনি সি দেউতাই নূলুনাকে আমাৰ আগত প্রতিবাদ কৰি তলত দিয়া পাঞ্চৰ বচন জাতি তাৰ অদ্ভুত ব্যাখ্যা কৰি কৈছিল, কীত'ন ঘোষাত এই দুবা কাছ খাবলৈ কৈছে; যেনে, 'দুৰাচাৰ মন মোৰ ৰাম হবি বোল' অর্থাৎ মোৰ মনে তোক খাবলৈ কৈছে, তই মই খাব পৰা হ?"

আমাৰ নাৱৰীয়া এটাই এদিন বালিত ফুৰি উভতি আহি তাৰ চুঝিয়ান কোঁচ উর্দুবুবিয়াই আমাৰ আগত একোঁচ কাজ-কণী বাকি দিলে; তাৰ কিছুমান সম্পর্শে ঘবর্ণাঁয়া, কিছুমান দীঘলাঁয়া। ধৰণীয়াবোৰ বৰ-কাজৰ কণী আৰু দীঘলীয়াবোৰ দুবা কাছৰ কণী। পাঁচ-ছদিনলৈকে সেই কণী সিজাই নাইবা ভাতত দি আমি সকলোৱে খাই তৃপ্তি লভিছিলোঁ।

এদিন ৰাতি খাই বৈ আমি নাক্বত শই আছোঁহক; এনেতে নায়বীয়াহ'তে দেউতাক ক'লে যে বৰ ধুমুহা বতাহ আহিবৰ সম্ভৱ, কাৰণ ক'লা মেঘ এচটা পশ্চিমফালে আকাশত ওলাইছে। লৰালৰিকৈ দেউতাই সিহ'তৰ হতুৱাই নাও দুখনৰ গোজ কাচি মজপুতকৈ পোতাই বন্ধালে আৰু, আন আন যি সতক'তা অৱলম্বন কবিষ লাগিছিল, কৰালে। পোন্ধৰ মিনিটমানৰ পিছতে গোটেইখন আকাশ ক'লা মেঘে চাটি পেলালে; হবে হবে গিব, গিব, শরদ হ'ল: বিজলী মাৰিবলৈ ধৰিলে আব, লগে লগে ভয়ানক হুম,হ্য আৰম্ভ হ'ল আৰু, আমাৰ নাও দুখনক ধুমুহাই পানীত পেলাই যোন্দা থেকেডা দিবলৈ ধৰিলে। যাত্রা কৰি গুৱাহাটীৰ ঘাটত নাৱত উঠাৰ দিনাৰ দৰে সেইদিনাও দেউতাই নাৱৰীয়াহ'ত আৰু, চাকৰ-নাকৰবোৰেৰে সৈতে ৰাতি পানীত পৰি কাম্ব পাতি নাও দুখন কোনোমতে ৰক্ষা কৰিছিল। পিছদিনা উজাই যাওঁতে এঠাইত দেখিলো, আমাৰ নারৰে নিচিনা নাওঁ এখন উবুৰি হৈ এটা ডাঙৰ জাঁজিত লাগি আছে। পিছত খুনিলো বোলে সেই নাৱৰ সকলোকেইটা আৰোহী, গল ৰাতিৰ সেই ধুমুহাত নাও বৰি নৈষ গর্ভ'ত চিৰকাললৈ বিলুপ্তি হ'ল। কৰাল কালে কোন দুর্ভগীয়াক সপৰিবাবে এইদৰে পানীৰ মৈদামত দিলে কোনে কব!

বাওঁতে যাওঁতে এদিন পুরা নল খাগৰি আৰু ক'হুরা থকা জেকা বালি এটাৰ ওপৰত এজাক বনৰীয়া ম'হ দেখিলোঁ। সশিঙ্কত হৈ নাৱৰীয়াহ'তে নৈৰ সিপাৰলৈ পাৰি দি যাবৰ মনোগত কৰোতেই, ম'হ জাকেই আত্মণপ্তি-বিস্মত হৈ, ভয় খাই টে'টাই ঢপলিযাই লৰ মাৰি হাবিত সোমাল। ডাঙৰবোৰৰ লগে লগে সমানে লৰিব নোৱাৰা চাৰি-পাঁচোটা সুন্দৰ ম'হ পোৱালি পিছ পৰি লৰি বোৱা দেখি এনে ভাল লাগিছিল! সিহ'তক পাৰিলে ধৰি মৰম কৰি পুহিবৰ মোৰ বৰ মন গৈছিল।

এদিন দেখা গ'ল, এজোপা ডাঙৰ গছত বহি এটা কুৰুৱা চৰায়ে এটা ডাঙৰ বৌমাছ খাবৰ দিহা কৰিছে। আমাৰ নাৱৰ আগোৱাল এটাই কুৰুৱাটোৰ ফালে কাঠখনি এভাল কদুঠি মাৰি পঠিয়ালে। ভোজত বহা কুৰুৱাটোৱে তোজনৰ আগেয়ে ভয় খাই উৰি লৰ মাৰিলে, আৰু মাছটো তাৰ নখৰ পৰ্য খহি যুংপুৰ কৰে গছৰ তলত পদিল। ফমুঠি মাৰোতা আগোৱালটোরে একে জাপেই নাৱৰপৰা নামি বামত পৰি, লবি গৈ মাছটো লৈ আহি আমাৰ আগত বুকু ফিন্দাই পেলাই দিলেহি। বব ভাঙন বৌ। কাটিলভ পেটৰ ভিতৰত তিনি সেওমান কণী পোৱা গ'ল। ভোজত বহি বিফল মনোবন্ধ হৈ গুচি যোৱা কুৰুৱাটোৰ বাহিৰে সকলোৱে সেই মাছ সেইদিনা ভোজন কৰি তৃপ্তি লভিলে।

এদিন দেখিলোঁ, পাৰৰ বালি এটাত থকা জঃপুৰি এটাৰপৰা জালোৱা বুড়া-বুঢ়ী দুটা আমাৰ নাৱৰ ফালে বেগাই আহিছে। দেখিলোঁ, বুঢ়াৰ হাতত কিবা এটা ওলমি আহিছে। "দেউতা এখন্তেক নাও বাঙ্ক" বুলি কোৱা বহুঢ়াৰ মাত শুনি আমাৰ নাও বখা হ'ল। দেউতাৰ আগত বৰকাছৰ পোৱালি এটা থৈ বুড়া-বুঢ়াঁয়ে সেৱা কৰি কলে, "দেউতা ঈশপৰে পেন্সন লৈ উজাই আহিছে বুলি আমি খুনিছোঁ; সেইবাবে দেউতা ঈশপেৰক সেৱা কৰিবলৈ আহিলো।" দেউতাই মিঠা কথা কৈ বুঢ়া-শুঢ়ীক আপ্যায়িত কৰাৰ পিছত, বঢ়াই তাৰ ঘুহৰোগৰ বত্তান্ত কৈ দেউতাৰপৰা দৰব লৈ সম্প্রীকে সেৱা কৰি প্রস্থান কবিলে। নিজান বালিৰ ওপৰত বঢ়া-বুঢ়াঁহালি সেইদৰে অকলৈ থকা দেখি মোৰ ল'ৰা মনলৈকো এটা উদাস ভাব আহিছিল। ভাবিছিলো, মোক মোৰ অভিভাৱকসকলে বদি এবি দিযে, ময়ো অকলৈ এইদৰে এনে এটা বালিৰ ওপৰত পাঁজা এটা সাজি লৈ যাবজ্জীবন থাকিম।

নল-খাগৰি থকা বালিব গবাৰ পানীৰ যুৱলিত কাতি হৈ পৰি থকা নল-খাগৰিব ওপৰত সৰু, সব, কাছ-পোৱালিবোৰ উঠি থাকে; আৰু আমাৰ নাও কাষ পালেগৈযে টুপং কৰে পানীত পৰি বৰে মাৰে। এই দৃশ্যটো মোৰ বৰ ভাল লাগিছিল। ভাবিছিলোঁ, ময়ো যদি কাছ-পোৱালী হলোঁহে'তেন এইদৰে টুপং কৰে খুৰ মাৰি কৰবালৈ গুচি গলোহে তেন। এনেকুৱা কাছ-পোৱালি দেখিলে মই লেখি যাওঁ। এদিন এটাৰ পিছত এটাকৈ লেখোতে একুবি তিনটা হৈছিল।

ব্রহ্মপুত্রৰ দাঁতিত একো একো ঠাইত মাদ,বি বন হয়। বাকলি গুচাই মাদুবিৰ শাহটো আৰু, কে'ওটো খাবলৈ ভাল লাগে। দেউতাই কিন্তু আমাক মাদুৰি খাবলৈ নিদি কৈছিল, "এই মাদ, বিৰে কোবাই মবিয়া-মবি কৰি যদ, বংশ ধ্বংস হৈছিল; এতেকে মাদুৰি খাব নাপায়।" এনে innocent মাদু বিৰে সৈতে যে এনে ভীষণ স্মৃতি বিজড়িত হৈ আছে, জানিব পাৰি সেইদিনাৰপৰা মাদু,ৰি ভোজনৰপৰা প্ৰতিনিবৃত্ত হলোঁ।

একো একো ঠাইত বালিৰ গৰাত খহনীয়াই ধৰা বাবে, সেইপিনে উজাই যোৱাটো বিপদজনক। সেইদেখি পেই পাৰৰপৰা সিপাৰলৈ পাৰি দিব লগীয়া হয়। চকুৰে ইপাৰ সিপাৰ মণিব নোৱাবা রহ্মপুত্রত এইদৰে আমাৰ অনেকবাৰ পাৰি দিবলগীয়া হৈছিল। পাৰি দিওঁতে নাৱৰ আগোৱালকেইটাই নাৱৰ টিং আৰু, গলত বহি প্রাণপণে দাঁৰ মাৰি আৰু গুবিয়ালে গুৰিৰপৰা গুৰি-খঠাৰে চাব দি দি অতি কষ্টেৰে এই দুখব কাম সমাপন কৰিছিল। এনেকৈ পাবি দিওঁতে আমি অনেকবাৰ পিতৃদেবতাকে গুবিয়ালৰ হাতৰ বঠা ধৰা দেখিছিলোঁ। নাও পাৰি দিওঁতে পিতৃদেৱতাই "বাম পাৰ কৰা, এ, বহুনাথ সংসাৰ-সাগৰে!" এই ঘোযা লগাই পদ দিছিল, আৰু আমি সকলোরে উচ্চৈঘবে গাইছিলোহ'ক। বাস্তৱিকতে এই নামৰ তালৰ লগত পানীতপৰা  দাবন ছেও মিলি নারবীয়াহ'তৰ মনত এক অপূর্ব' উৎসাহৰ সোঁত বোবাইছিল; আব, ফলত নাও হাফোলা হাফোলে আগবাঢ়ি গৈছিল। এদিন এইদৰে ব্ৰহ্মপুরত পাৰি দি যাওঁতে এবাৰ নৈৰ মাজতে আমাৰ নাওখন খপহ, কৰে এটা চটত লাগিল। ততালিকে নাৱৰাঁয়াবোৰেৰে সৈতে পিতৃদেৱতাই চটৰ তৰাং পানীত নামি পৰি নাওখন বলেবে টানি টানি কোনোমতেহে সেই চোৰ বালিৰ চটৰ বিপদৰ পৰা তাক ৰক্ষা কৰিলে। এদিন পিতৃদেরতাই আমাক দুৰৰপৰা আঙ্গলিয়াই দেখুৱাই ক'লে, "সোৱা মোৰ আতাব খান কমলাবাৰী সত্ৰৰ গছ দেখা গৈছে।" পিতৃদেৱতাৰ আদেশ আৰু, আছি' অনুসৰণ কৰি আমি নাৱৰ চবথত আঁঠুকাড়ি পৰি থানব উদ্দেশে ভন্তিপূর্ণ সেরা কৰিলোহ'ক। পিতৃদেৱতাই সেৱা কৰি উঠি, তলত দিয়া ঘোষাবেইটা খুব ধৰি গাই তাৰ মানে অতি ভক্তিভারে ব্যাখ্যা কৰি আমাক শুনাইছিল-

বিদিশত মহা ভক্তসরে পবম সন্তোষে কাঁত'ন যিটো কৰয। দ. ঘোৰ সংসাৰ সুখে তবি আপুনি অচ্যুত-স্বৰূপ সিটো হোক্স। ভকতসকলে বিদিশত প্রকাশয়। সিদিশক নমস্কাৰ কৰি বমানন্দ-পদ-বংগলব সিদিশ জানিবা গঙ্গাদেৱী শ্রীমধু, খিষ ঈশ্বৰব মকবন্দ মধস্তুত প্রায় পৰম নিম'ল স্বৰূপে শোভা কৰয়।

শ্রীমন্ত কমললোচনক

অনেক প্রৱাহ-ৰূপে আতি

কীর্তনি মঙ্গল নিৰস্তব

যিটো ভূমিভাগে শশ্বৰূপে হোৱে জাত। তাৰ ধূলি যিটো পিৰে ধৰে নিশ্চয়ে জানিবা সিটো নবে

কৃষ্ণৰ পৰম বাল্লভ হোৱে সাক্ষাত। মোৰ ভালকৈ মনত আছে, বিদিনা আমি দিখৌমুখত সোমাওঁ সোমাওঁ হৈছোঁ, সেইদিনা দুপৰীয়া, ওচবৰ মিৰি গাওঁ এখনত বৰকৈ ল'ৰা এটাই কন্দা আমি শুনিলোঁ। দেউতাই তেতিয়াই নাও বখাবলৈ দি, নাৱৰপৰা নাৱৰাঁয়া এটাক কম্পনা ল'ৰাটোৰ মাক-বাপেকক মাতি আনিবলৈ পঠিয়াই দিবে। সিহ'ত আহিলত, ল'ৰাটোক সিহ'তে কির সিমানকৈ কন্দুৱাইছিল, দেউতাই শুধি আব, নকন্দুৱাবলৈ ভালকৈ কৈ সিহ তক বিদায় দিলে। সিহ'তে দেউতাৰ কথাত সন্তোষ লভি, আমাৰ নাওখন অলস ৰাখিবলৈ কৈ, লৰি গৈ চাইটা মান্দহে সাঙ্গী কৰি অনা এটা ডাঙৰ বৰকাছ দেউতাক উপঢৌকন দি সেৱা কৰিলে। লগতে গোটেইখন মিৰি গাৱ'ৰ ল'ৰা, বুঢ়া আৰু তিৰোতা আছি আমাৰ নাৱৰ কাষত জুম বান্ধিলে। দেউতাই কাছটো তাতে কটাই তাৰ এটা কি দুটা পিৰা ৰাখি বাকীবোৰ সিহ'তকে বিলাই দিয়ালে। সিহ'তে বং মনেৰে মঙ্গহ লৈ দেউতাক সেৱা কৰি গুচি গ'ল। বৰজাপি এটাৰ সমান ইমানটো ডাঙৰ বৰকাছ আগেয়ে মই কেতিয়াও দেখা নাছিলো। 

তেতিয়া মোষ বয়স কিমান কব নোৱানো। মই চুঝিয়া যদিও পিখিছিলোঁ, কিন্তু এবা-ধৰাকৈহে। মই খুনিলোঁ, আব, দুই-এদিনতে আমি বংপুৰে পামগৈ। মই ভাবিলোঁ, আমাৰ ৰংপুৰৰ ঘৰৰ ন মানুহবোৰৰ আগত মোৰ ককালেৰে সৈতে চুৰিয়াৰ এনে এৰা-ধৰা সমন্ধটো বৰ লাজৰ কথা হ'ব; ইয়াকে ভাবি, দিনে ৰাতিয়ে সমম্ম নিছিগাকৈ পিন্ধি থাকিবলৈ দুখন চুঝিয়া মোক দিবলৈ মাতৃদেয়াঁক কলোঁ। মাতৃদেৱীয়ে মোৰ প্ৰাৰ্থনা যুক্তিসঙ্গত বিবেচনা কৰি সেইমতে মোক চুবিয়া দুখন দিলে আৰু মই ভব্য-গব্য সভ্য ল'ৰা হৈ আমাৰ ৰংপুৰৰ ঘৰত প্রবেশ কৰিলোঁ।

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক