গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত মনটোত কেনে সূত লাগি যায তাৰ সোৱাদ মই লবলৈ পালো। মই প্রথমদিনা গাড়ীত উঠি যাও'তে কচোরানটোরে যেতিয়া মুৰত ডাঙৰ পাগুৰি মাৰি আব, পাগুৰিটোৰ আগফালে গাডীৰ গৰাকীৰ নাম থকা পিতলৰ বৰ আখব লগাই, দীঘল চাপকনচোলা আৰু, ঠেঙা পিচ্ছি হাতত চাবুক লৈ ঘোবা চলাইছিল আব্বু চহিচটোরে গাড়বে পিছফালে হাকোটাত ধৰি থিয় হৈ, তেনেকুৱা পিতলব বৰ আখৰ পাগুৰিত লগাই, গাত কোট, ক'কালত ছালৰ কমববন্ধ মাৰি, এল- ডোখৰত খৰা পটলং আৰু আঠুৰ তলৰপৰা সব; গাঠিলৈকে কাপোবৰ পটি বান্ধি "হেয ঐ চগৰৱাল। তফাৎ যাও'।" বুলি কলিকতাৰ বাটত মুহুন, খুব ৰিঙিযাই গৈছিল, তেতিয়া মই মনত স্বৰ্গলৈ যোৱা জখলাটোৰ কোনটে। ওখ ঢাপত উঠি আছিলোঁ, ক'ব নোৱাবো। বাটত যাও'তে থাকি থাকি মোৰ মনত খেলাইছিল "চিনাকি মানুহ লগ নাপাও কিয়?" মোৰ মনৰ প্রসন্নতাবর্ধক গাডা-ঘোঁৰাৰ কিবা যে বৈশিষ্ট। আছিল এনে নহয, তেনে গাড়ী-ঘোঁৰা কলিকতাৰ বাটও হেজাব বিজাৰ ঘুৰি ফুবিছে, ঘাইকৈ অফিচ অঞ্চলত।
ক'বলৈ থাকি আহিল যে আমি গোপীকৃষ্ণ পাল লেনত থাকোঁতেই মোৰ প্রথমজনী ছোৱালী হয়। তাইৰ নাম থোৱা হৈছিল সবভি। সুৰভিৰ জন্মৰ কিছুদিনৰ আগতে মোৰ দেউতাৰ টান নৰিষাৰ কথা শুনি মোব গৃহিণীক তেওঁলোকৰ ঘাই ঘৰ জোড়াসাঁকোতে থৈ মই শিৱসাগৰলৈ গলোঁ। মই শিৱসাগৰত মাথোন দহ-বাৰদিনহে আছিলোঁ। এনেতে আমাৰ ব্যৱসাযৰ কোনো এটা জৰুবী কামব নিমিত্তে শ্রীযুত ভোলানাথ বৰুৱাই মোক মাতি পঠিয়ায়। মই পিতৃদেবতাক টেলিগ্রাফটো দেখুৱাই নবিয়া-পাটীতে এৰি বিদায় লৈ কলিকতালৈ উভতি আহিলোঁ। মই গূচি অহাৰ পিছতে পিতৃদেবতাই নাৱেৰে কমলাবাৰী সতলৈ গ'ল আৰু তাতে কিছুদিনৰ পাছতে ১৮৯৫ খ্রীস্টাব্দৰ ২৭ মে' তাৰিখে পৰলোকলৈ প্রয়াণ কৰে।
তেওঁ নিজ গুব্ধব থান পূণ্যভূমি কমলাবাৰী সত্ৰত প্ৰাণ পৰিত্যাগ কৰিবৰ মনেৰেই তালৈ গৈছিল। তাতে তেওঁ যোগজিন-সুলভ ইচ্ছা মৃত্যুবৰণ কৰি তেওঁৰ নম্বৰ দেহ পৰিত্যাগ কৰিলে। "Times of Assan" কাকতে তেওঁৰ মৃত্যুৰ বিষরে এইদৰে, লেখিছিল:
His calmness and resignation to the will of God were, no doubt noble and pathetic in the presence of his Guru. When he saw the King of Terrors approach, he was all resignation to the divine will and left this world in such a cheerful way as if he was going to Visit a friend. He had his senses up to the last moment and performed all the rites that are necessary before the death of a devout Hindu. At last lixing his eyes towards Heaven he faintly repeated the prayer similar to "Unto Thy hands I commit my soul, for Thou hast redeemed me. O! Thou God of my salvation "" and then closed his eyes never to be opened again.
মোব গৃহিণী অকল বন্ধনবিদ্যাতে নহয়, চিত্রবিদ্যাতো নিপুণ। সেই কালত তেওঁ অনেক তৈল-চিত্র (oil painting) আকিছিল। Portrait-painting অথাৎ মানুহব প্রতিকৃতি অ'কাতো তেওঁ নৈপুণ্য প্রকাশ কৰিছিল। পিতৃদেবতাৰ ফটোগ্রাফ এখন চাই তাৰেপৰা পিতৃদেবতাৰ এখন তৈলচিত্র (oil painting) ভাঙবকৈ (enlarge কবি) তেও' আঁকিছিল। সেই ছবিখন মই শিৱসাগৰলৈ যাও'তে লগত লৈ গৈছিলে।। পিতৃদের তাক বোৱাৰীয়েকৰ ভান্ত উপহাবব চিন-স্বৰূপে এখন বহুমূলয়া বেনাৰছ। ছিরুব ছবিয়াবে সৈতে সেই ছবিখন দিছিলো। সেই উপহাৰ পাই পিতৃদেৱতাই বৰ সন্তোষ মনেৰে বোৱাবীবেকক আশীবাদ দিবলৈ ধৰিলে। তেও নবিয়া গাবেই গা খুই উঠি সেই বেনাৰছী পাটৰ চুৰিযাখন আনন্দেৰে পিন্ধি, আমাৰ গোসাইঘৰত নাম- প্রসঙ্গত বহিছিলগৈ। ছবিখন দেউতাই আমাৰ চ'ৰাঘবব বৰ খুটা এটাত ভালকৈ অবাই থোরালে। সেই ছবিখন আজিলৈকে আমাৰ শিৱসাগৰৰ ঘৰত কিজানি আছে, কাৰণ আসাম সাহিত্য সম্মিলনীয়ে ১৮৫৩ শকব ১৩ পূহ, ইংৰাজী ১৯৩১ ডিচেম্বৰত মোক দিয়া অভিনন্দন-পত্র লবলৈ যেতিয়া মই শিৱসাগৰলৈ গৈছিলোঁ তেতিয়াও সেইখন মই তাত দেখি আহিছিলোঁ।
পিতৃদেৱতাৰ মৃত্যু ১৮১৫ জীস্টাব্দৰ ২৭ মেইত হয় বুলি ওপৰত মই কৈ আহিছোঁ। ঠিক তাৰ এমাহৰ পিছত অর্থাৎ জনত, জোড়াসাঁকোৰ ঘৰতে সূৰ্যভি ওপজে। মই অৱশ্যে তেতিযা আসামৰপব্য কলিকতালৈ উভতি আহিছিলোঁ। সেই ছোৱালীটিয়েই মোৰ প্রথম কন্যা। নিজৰ ল'ৰা-ছোৱালীক আনৰ ল'ৰা-ছোৱালীতকৈ ভাল দেখাটো মানুহৰ প্ৰভাৱ। সেইদেখি যদি মই কও যে মোৰ ছোৱালীটি দাঁপলিপ আছিল, সেই কথাৰ মূল্য নাই। কিন্তু দেখাতো দহে যদি তাকে কয়, তেন্তে সেই কথাটো উৰাই দিবৰ উপাষ নাই। সেইবাবেই মই দহৰ লগত মিলি কও' যে, সেই সময়ত জোড়াসাঁকোষ ঠাকুৰ পৰিবাৰৰ ভিতৰত আৰু তেওলোকৰ সম্পকী'র্য কলিকতাৰ আন আন ঠাইত থকা সকলৰ ভিতৰতো তেনে দাঁলিপ, ছোৱালী নাছিল। ঘাইকৈ সেই দেখিযেই সূৰ্যাভ সকলোৰে আতোল-তোল বন্ধু হৈ মৰমৰ পাত্র হৈ পৰিছিল। ঠিক পাঁচ বছৰ বরসত সর্বভিৰ মৃত্যু হয়।
অলপ কালৰ ভিতৰতে তাই নিজৰ ৰূপৰ উপৰিও গুণৰ চিনাকি এনেকৈ দিছিল যে তাইক দেখাসকলে তাইৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিল। তাইৰ তিনি-চাৰি বছৰ বয়সতে ইংবাজী Nursery Rhyme-অব ডাঙৰ কিতাপ এখন তাই মুখস্থ কৰি পেলাইছিল। তাৰ উপৰি আন আন অনেক ইংৰাজী কবিতা তাই পঢ়াৰ পিছত সংরবি অনগল মাতি যাব পাৰিছিল। তাই "Twinkle, twinkle, little star" মাতোঁতে "টুনিকোল, টুনিকোল" লিটোল, স্টাৰ মাতিছিল; তথ্যপি, গোটেইটো কবিতা ক'তো থোকোজা নলগাকৈ মাতি গৈছিল। কোনো কাৰ্যাৰ নিমিত্তে মানুহৰ শলাগ লও'তে ইংৰাজীবে "Thank you" বুলিবলৈ গৈ তাই "ফেঞ্চ ইউ" বুলিছিল। তথাপি সেই ভদ্ৰতাৰ কথাষাৰ তাই কেতিয়াও ব্যৱহাৰ কৰিবলৈ নাপাহৰিছিল। তাইৰ কথাবার্তা অতি মিঠা আৰু বয়সীয়া মানুহৰ দৰে সঙ্গত (sensible) আছিল। ভয় নামব বস্তুটোৰে সৈতে তাইৰ চিনাকি একেবাৰে নহৈছিল। এদিন মোৰ সৈতে আৰি মাৰি সেইকণ ছোৱালীযে আমাৰ ঘৰৰ এটা ঘোৰ এন্ধাৰ খোঁটালতি পোন্ধাৰ মিনিট সোমাই আছিল। এবাৰলৈকে কোনো ভষব লক্ষণ প্রকাশ কৰা নাছিল। সেই খোঁটালাত এনে আন্ধাৰ যে দিনতে চাকি নহলে তাত সোমাব নোৱাৰি আৰু চাকি নোহোৱাকৈ সোমালে ভাঙৰ মানুহৰ গা চমচমাই যায়। সূভিয়ে মোৰে সৈতে সেই আঁবিত জিকি মোৰপৰা এটকা ৰূপ ঘটিলে। বিধিৰ নিষ্ঠুৰ বিধানত তেনেজনী ছোৱালীক তাইব পাঁচ বছৰ বয়সতে মই হেৰুৱালোঁ। সবভিয়ে আমাৰ গোটেই হিযাখনি জবি আছিল। তাই আমাৰ হৃদয চূর্ণ-বিচূর্ণ কবি আমাক এৰি গুচি গ'ল। তাইব গড়- গতি দেখি সদাষ মোৰ মনত চেবাই আছিল-যে এনেজনী ছোৱালী এই পৃথিৱতি থাকিলে হয়। সূভি জাঁয়াই থকাহে'তেন আজি তাইব ৪১ বছৰ বহুস হ'লহেতেন। সবভিৰ মৃত্যুত ঠাকুৰ পৰ্য্যিালৰ আৰু, তেওলোকৰ সকলো বন্ধ, বাঘৱৰ মুখ ক'লা পাঁৰ গ'ল। সকলোৰে মনৰ ওপৰত যেন বিষাদৰ ক'লা কাপোৰ এখন পৰি গ'ল। মোৰ শাল পতি শ্রীদ্ভুত আশুতোষ চৌখুবী (পিছত হাইকোট ব জজ সাৰ আশুতোষ) ইমান গম্ভীৰ প্ৰকৃতিৰ মানুহ আছিল যে সূতিৰ মৃত্যুৰ বাতৰি খুনি তেও'ৰো চকুৱোঁদ সত্সব, কবে লো বৈ যাবলৈ ধৰিলে। মুঠতে সুভি আছিল a poem এটি কবিতা।
এদিন পুৱা দেখিলোঁ, সুৰভিয়ে সেপ ঢুকিব নোৱাৰা হৈছে। তেতিয়াই ডান্তবক মাতি আনিলো। ডাস্তবে ডিঙিটো পৰীক্ষা কৰি চাই ক'লে ডিপ্ খিৰিয়া ৰোগ হৈছে। তেতিয়াই দৰব-পাতিব ব্যৱস্থা হ'ল। সেই কালত ডিপ খিবিরা ৰোগৰ দৰব এস্টিটক্সিন যে ওলোৱা নাছিল এনে নহয়, কিন্তু আমি যিজন ডাস্তবক আমাৰ ঘৰুৱা চিকিৎসক (family physician) কৰি ৰাখিছিলোঁ, তেও নজনাৰ বাবেই হওক বা পাহবাৰ বাবেই হওক, সেই দৰবটো আনি ব্যৱহাৰ কৰা নহ'ল। মই আৰু মোৰ গৃহিণীয়েও তেতিয়া সেইটোৰ সম্মেদ নাজানিছিলোঁ। সেই একেদিনব ভিতৰতে নৰিয়া দোপত- দোপে বাঢ়িবলৈ ধবিলে। মই নিংপাষ হৈ আবেলি সুৰভিক লৈ জোড়াসাঁকোলৈ গলোঁ। মোৰ আজিও মনত আছে, বাটত গাড়তি যাও'তে সবজি মোৰ কোলাতে ঘোঁৰাব ফালে মুখ কৰি বহিছিল। গঙ্গাব পুল (Howrah Bridge) পাব হও'তেই, তাই মোক ক'লে, "দেউতা, মই সমুখৰ ফালে বহোঁগে; তুমি বেয়া নাপাবা। মোব গাত চোঁচা বতাহ লাগিছে" এই বুলি তাই উঠি গৈ নোৰ ফালে মুখ কৰি সমুখব আসনতে বাহলগৈ। তাই অরণ্যে হিন্দী ভাষাত মোক সেই কথা কৈছিল। কাৰণ হিন্দী আৰু অলপ ইংৰাজীৰ বাহিৰে তাই আন ভাষা নাজানিছিল। সেইডোখৰ কালও মই সম্পর্ণ চাহাবী বোগগ্রস্ত আছিলোঁ, সেইদেখি হিন্দুস্থানী আয়া বাখি সুৰণ্ডিক সেই আয়াৰ হাতত দি হিন্দুস্থানী ভাষা শিকোরাই কোরাই আত্ম-প্রসাদ লাভ কৰিছিলোঁ। যাওক সেই কথা।
সেই ৰাতিযেই জোড়াসাঁকোতে সেই সোণৰ প্রতিমাটি হেৰুৱালোঁ। জীবনত প্রথমতে আমি এই দাণ শোক পালোঁ। নাকৰ আব্বু মোৰ হিয়া ভাগি টুকুবাটুকুৰ হ'ল। ৰাতি শরটো কোনে নি নিমতলা ঘাটত পুবিলেগৈ আজিলৈকে মই ক'ব নোৱাৰোঁ, কাৰণ মোৰ তেতিয়া একপ্রকাৰ অজ্ঞান অৱস্থা। সুৰভিক যমৰ বুকুত দি পিছদিনা পুরাই আমি দুয়ো জোড়াসাঁকোৰপৰা আমাৰ হাওডাৰ শূনা ঘৰলৈ উভতি আহিলোঁ। আমাৰ মনৰ অবস্থা বর্ণনাতীত।
এই পৰিবৰ্ত্তনশীল জগত কোনো বস্তুরেই সদাষ উগ্র হৈ নাথাকে। ইংৰাজীত ক'ৰে দৰে "Time is a great healer"। লাহে লাহে আমি অনেকখিনি স্বাভারিক অৱস্থাত পৰিলোঁহি। ভগৱদগীতা মোৰ জীৱনৰ সম্বল হ'ল। ঘাইকৈ গাঁতাৰ দ্বিতীয অধ্যায়ৰ অষ্টাবিংশ শ্লোকটোরে মোব মনটো ভালেখিনি থিৰ কৰিলে। শ্লোকটো- অব্যস্তাদীনি ভূতানি বাস্তমধ্যানি ভাৰত। অবাঞ্ছনিংনান্যের তত্র বা পৰিদেবনা । অর্থাৎ প্রাণীবোৰ আদিতে অব্যস্ত; মাথোন মাজতে ব্যস্ত অর্থাৎ প্রকাশিত,
আবু, মবি গলেও আকৌ অব্যস্ত হয।
এতেকে তাৰ নিমিত্তে শোক কিয়?
পুজনীয সত্যেন্দ্রনাথ ঠাকুৰৰ (ভাৰতীয়ৰ ভিতৰত প্রথম I.C.S, চিভিলিযান) জীয়েক শ্রদ্ধাস্পদা শ্রীমতী ইন্দিৰা দেবীযে (বি, এ,), 'মই তলত তুলি দিযা এই
কবিতাটো সূৰ্যভিৰ মৃত্যুত ৰচনা কৰি আমালৈ পঠিয়াই দিছিল-
সুভি ছিল তোমাৰ নাম,
তাই বুঝি ফুলেৰ মতন
সৌৰভ কৰিযা বিতৰণ
দুদিনে ত্যজিলে মর্ত্যধাম।
সে সৌৰভ চিৰদিন-বাত
বহিল মোদেন এই থবে,
তুমি থাক দেৱতাৰ তবে,
অমৰ অমল পাবিজাত।
শ্রীইন্দিৰা দেবী
সেই কালত আমি সম্বলপ,ৰত মাজে মাজে ফুৰিবলৈ আহিছিলোঁ। সম্বলপ, বৰ গরুর্ণ মেন্ট উকীল প্রদ্ধাস্পদ যোগেন্দ্রনাথ সেন এম, এ, বি, এল, আৰু তেওঁৰ শিক্ষিতা সহধর্মি'শী কবি আৰ, গ্রহকত্রী সৰোজ কুমাৰী দেৱী আমাৰ বৰ বন্ধু আছিল। সেইদেখি তেওঁলোকৰ অনুৰোধত মাজে মাজে আমি সম্বলপুৰত ফুৰিবলৈ আহি তেও'লোকৰ খৰতে আলহাঁ হৈছিলোহ'ক। মই সম্বলপুৰত ব্যৱসায়ৰ সম্পকে' বসতি কৰিবলৈ অহাৰ এইটো অনেক আগৰ কথা। সৰোজকুমাৰী দেৱীয়ে সুভিক আগেয়ে দেখা নাছিল। মৃত্যুৰ পিছত সুৰভিৰ ছবি এখন দেখি তেও' স্বইচ্ছাতে, তলত দিয়া কবিতাটো ৰচনা কৰি আমাক দিছিল।
চিত্র-দর্শনে
সহসা বেসুৰো কৰি দুটি হৃদি-বীণা
কোন নন্দনেৰ বনে,
খেলিতে মলয়া সনে,
গিয়েছে সুভি মেয়ে ভুলিয়ে আপনা।
এসেছিল পথ ভুলে,
মা বাপেৰ স্নেহ-কোলে,
সহসা ভেঙ্গেছে মোৰ খেলাৰ বাসনা।
তাই সে গভীৰ ৰাতে
গেছে স্বৰগেৰ পথে,
ধৰাৰ বাঁধন খুলি দেহেব কামনা।
কবে এই ধৰা পৰে,
পাবিজাত শোভা কৰে,
সুভি কে লভে কোথা, এ যে শুধু ভুল।
তিদিবেৰ শোভা-বাশি,
ধৰায় কে দেবে আসি,
দৰিদ্র মানব বুকে আকাঙ্ক্ষা বিপুল।
সুখেৰ স্বপন-প্রায, চকিতে মিলায় হায়,
শুধু ভেঙ্গে দিয়ে গেল দুটি হৃদিকুল।
স্বৰ্গেৰ সুভি সে যে সুৰভিৰ প্রায়।
মধুৰ সুবাস ধাৰা,
ঢালিয়া জগতে সাবা,
চলে গেছে মুগ্ধ কৰি মানৱ হিয়ায়
সুৰভি পৰশ কৰে,
কে কোথা পেয়েছে ভবে,
শুধু অনুভব কৰ শিষায় শিবায়।
স্মৃতিৰ নিৰালা ঘৰে,
জাগাইয়া অশ্রু থবে,
স্নেহ-মন্দাকিনী যাবে সিঞ্চিও তাহায়।
-শ্রীসৰোজকুমাৰাঁ দেবী
কৃষ্ণনগৰৰ যদ, পাল মাটিৰ মূৰ্ত্তি আৰু "পোঁচ-প্লাষ্টৰ'ৰ মুণ্ডি সজাত বৰ নিপুণ আছিল। তেওঁৰ হতুৱাই পেৰিচ প্লাস্টৰেৰে মই সূৰ্যভিৰ মূর্ত্তি (bust) এটা সজাইছিলোঁ। সুৰভিৰ ছবি এখন চাই' যদ, পালে সেই হৰ্ত্তিটো সাজিছিল। মংপ্তিটো হুবহু হৈছিল। সেই মৰ্ত্তিটো আজিও মোৰ চ'ৰাঘৰত (বৈঠকখানাত) আছে। মই বি, বৰুৱাৰ সৈতে হাওড়াব স্তবছেন ৰোডৰ ঘৰত থাকোঁতে, মন্দিৰৰ নিচিনা সব, পকীঘৰ এটা সজাই সেই মুর্কি'টো তাতে থৈ দিছিলোঁ। মই যেতিযা বি, বৰুৱাৰ লগৰপৰা ফাটি সুকীয়াকৈ বোজনেৰি লেনত ঘৰ এটা কিনি থাকিবলৈ আহিলোঁ, সেই মুর্তি'টো ডছন বোডৰ ঘৰৰপৰা তালৈ লৈ আহিলো, আবু, মই অহাৰ পিছতে সেই ক্ষদে মন্দিৰটো বি, বৰুৱাই ভঙ্গাই মাটিবে সৈতে সমান কৰি পেলালে।