shabd-logo

॥ সপ্তম আধ্যা ||

29 December 2023

0 দৰ্শন কৰা হৈছে 0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ কৰিব নোবাৰোঁ। মই কলিকতালৈ যাত্ৰা কৰাৰ আগতে পিতৃদেবতাই মোক মাতি আনি ওচৰতে বহুৱাই অনেক সজ উপদেশ দিলে। মই কেনেকৈ নিতৌ গঙ্গাস্নান, সন্ধ্যা, আহিক আদি কৰি আৰ, ঘাইকৈ নাম-প্রসঙ্গ কবি চলিব লাগিব আব, কেনেকৈ স্বাস্থ্য বক্ষা কৰিব লাগিব, কোন নৰিয়াত কি দবৰ খাব লাগিব ইত্যাদি কথা তেওঁ তন্নতন্নকৈ কৈ সেইবোৰ মোৰ হতুৱাই "নোটবুক" এটাত লেখাই দিলে। সেই মূল্যবান "নোটবুক"টো আজিও মোৰ হাতত আছে। বেজাৰৰ কথা যে তাত থকা উপদেশবোৰৰ সৰহখিনি মোৰ পক্ষে dead letter অফিচত মবা-চিঠিৰ মৰা শৰ নিচিনা হৈ পৰি আছে মাথোন। মই কলিকতালৈ যাত্রা কবি ওলালোঁ। মোক কলিকতাত দিহা-পোহা লগাই থৈ আহিবলৈ মোৰ লগতে ককাইদেও এজনো ওলাল।

আমি দুযো কলিকতা পাই, প্রথমতে শানকিভাঙ্গা নামৰ ঠাইত অসমীয়া ছাতৰৰ মেছ এটা বিচাৰি উলিয়াই তাতে উঠিলো। এদিন এৰাতি সেই মেছতে বাস কৰি, পিছদিনা কালীঘাটব হালদাৰৰ ঘৰ পালোঁগৈ। আগেয়ে কেতিয়াও মই লোকৰ ঘৰত আলহী হৈ থকা নাছিলোঁ। সেই দেখি যদিও হাল্দাৰৰ ঘৰত মই paying guest অর্থাৎ গাঁঠিৰপৰা ধন দি ভাত খাই থকা আলহী হলোঁ আৰু, হাল্দাৰ পৰিবাবে মোক সুখে-সন্তোষে বাখিবলৈ যত্ন কৰিছিল, তথাপি প্রথমতে বঙ্গালাৰ ঘৰত অচিনাকি আল্লা-ভাতে মোৰ মনত বৰকৈ পীড়া দিবলৈ ধৰিলে। যেতিয়াই দুডাল চাইভাল মৰিচা শাকৰ ঠানি, এচিবা কি দুচিৰা ছাজনাগুটিৰ ডোখৰ- চেবেকেৰে চৰ্চ বাঁয়া, এহেতা মগুমাহৰ পানী আবু, ক্ষুদ্র এটুকুবা মাছেৰে সৈতে মচলা দি ক'লাকৈ ৰন্ধা মাছৰ আজা আগত লৈ ভাতৰ পাতত বহোঁ, তেতিয়াই মোৰ ঘৰলৈ মনত পৰি চকুৰ পানী ওলায় আব, জলা আল্লাই সেই পানীত পোহ দিয়ে। মোবে সৈতে ৰাহি-যোৰা নহা এনে আহাৰে ৰুগীযা মোক দুই-চাৰি দিনতে আৰু ৰুগীয়া কৰি পেলালে। মই সুবেন্দ্রবাবুৰ ৰিপন কলেজত নাম লগাইছিলোঁ। দিনো ট্রেন- গাড়তি উঠি মই কালীঘাটবপৰা মির্জাপুৰ স্ট্রীটস্থ বিপন কলেজলৈ পাৰি দিবলৈ ধৰিলোঁ। সেইকালত ট্রেমগাড়ীক ঘোঁৰাইহে টানিছিল; আজিকালিৰ দৰে বিজুলীয়ে নহয়। একোপেটকৈ ভাত খাই ডেৰ গুণ গহ্বৰ হোৱা এট্রেম যাত্রীক এহাল ঘোঁৰাই প্রাণকাতৰে হেকেৰ, পেকে কৈ টানি কলিকতাৰ অফিচ, কাছাৰী, স্কুল, কলেজৰ কাষত উলিয়াই দিয়া কার্য সম্পাদনত, ঘোঁৰা আৰু যাত্রী দুই পক্ষ সমানে ভাগৰিছিল। ঘোঁৰাই নিছিল-'সব, নারত বৰ ভৰা। মহাপ্রভু ৰক্ষা কৰা।" যাত্রীয়ে বুলিছিল, "হে প্রভু! আজি অফিচত বৰৰ্চাহাবৰ হাতৰপৰা ৰক্ষা কৰা।" আৰু, স্কুল-কলেজৰ ছাতৰে বেজাৰকৈ বলিছিল-"আজি ক্লাছৰ হাজিবাত আমাৰ 'পাছে'ন্টেজ' গ'ল!"

মোক কলিকতাত পঢ়িবলৈ পঠোৱা-নপঠিগুরা হেঙ্গামে মোর কলেজত ভর্তি' হোরাত অনেক দিনৰ পিছ পেলাই দিছিল। কলেজন ক্লাছত বহি দেখিলোঁ যে কলেজক প্ৰফেছৰে দিযা ক্লাছ লের চব follow কৰাটো মোৰ পক্ষে অসাধ্য ব্যাপার, অর্থাৎ কলেজব অধ্যাপকে ছাতংক পড়াই গৈ প্ৰায়বোৰ কিতাপৰ মাজ ছোৱা নাইবা শেহ-ছোৱা পালেগৈ, অথচ মই গ,বিতে। মই পাঠ্য প.স্তকৰ দেশলৈ যাবলৈ গবৰ গাড়ী এখনত উঠিছো মাথোন আবু, সিফালে অধ্যাপকে আনবোৰ ছাতবক লগত লৈ বেলব ডাক- গাড়ীতে উঠি ভোঁ-ভোঁ কবে লবিছে। নৈবাশোবে মোৰ মন পুৰে হৈ পৰিল। আন- ফালে মোব গাটোও বেয়া লাগিবলৈ ধবিলে। ক'টীয়া মাহেবে এমাহমান এইদবে অনকেল অৱস্থাৰ সৈতে র্যংজি থাকি মই শোট মোট, খাই পবিলো। মনত বৰ বিচাট লাগিল। ভবিলো, মোৰ কলিকতাত পচাসোপা আৰু হ'ল। এতিযা ঘৰব ল'বা ঘৰলৈ উভতি যাব পাবিলেই মঙ্গল। মোব লগৰীযা ককাইদেওজনক সকলোবোৰ দুখৰ কথা ভাঙি কৈ ঘৰলৈ উভতি যাবৰ ইচ্ছা প্রকাশ কবিলো। তেওঁ মোৰ দুৰৱস্থাৰ গড়-গতি সোপাকে লক্ষ্য কৰি আছিল গতিকে তেরো সেইটোকে সমীচীন বিবেচনা কবি, সেই কথা জনাই পিতৃদেৱতালৈ টেলিগ্রাফ কৰিলে। পিতৃদেৱতাৰপবা ততালিকে আমাক উভতি যাবলৈ আদেশ দিয়া উত্তৰ আহিল। সেইদিনাই কলিকতাক নেওজ্ঞা দি আনন্দ মনেবে আমি দুয়ো শিয়ালদহব বেলগাড়তি উঠিলোগৈ। সেই কালত "আসাম বেঙ্গল বেল" নাছিল। যাত্রাপৰে-কাওনিযাইদি সব, বেল, সব, জাহাজত উঠি আমি খুববোঁ পালোগৈ। খুববীত তেতিযা পিতৃদেরতাব নাতিয়েক পূর্ণনিন্দ ছোটচাহাব হৈ আছিল। দেউতাই তেওঁলৈ মোৰ বিষযে টেলিগ্রাফ দি থৈছিল; সেই দেখি আমি হবেবী ঘাট পালতে তেওঁ আমাক নিষাই তেওঁৰ ঘবতে ৰাখিলে। মোৰ গাব বোগতকৈ মনব বোগেছে মোক বেছি পীড়া দিছিল, আবু, কলিকতা এৰি আসামমৱা হলতে সেই বোগ অন্তর্ধান হ'ল, সেই দেখি পুংশনিন্দ বৰুৱাই মোক চিকিৎসা কৰাবৰ দিহা বৰোতেই মই মোব গা ভাল পাইছো বুলি কৈ সেই দিত্য Veto অর্থাৎ বদ কবিলো। তিনি-চাবি দিন তেওঁর ঘবতে থাকি আামি ডাক-জাহাজেৰে শিৱসাগবৰ ফালে উজাবলৈ ধবিলো। মোব লগবীয়া ককাইদেওজনে গোলঘাট গরণ'মেন্ট কাছাবতি কাম কবিছিল, সেই দেখি তেওঁ নেঘেৰীটিঙত নামি গ'ল। মই পিছদিনা দিচাংমুখ পালোগৈ। দিচাংম খৰপৰা শিৱসাগৰ চহৰ আঠ-ন মাইলমান দূৰ। সেইডোখব বাট মই খোজ কাঢিযেই গলো, কাৰণ মই যে সেইদিনাই দিচাংমখে পামগৈ সেই বাতৰি দেউতাই নাজানি মোক জাহাজঘাটবপৰা নিবলৈ ঘোঁৰা পঠিওৱা নাছিল। আজিকালিৰ কথা ক'ব নোবাবোঁ, সেইকালত ঘোঁৰা বা হাতীৰ বাহিৰে আন ধানৰ কথা শিৱসাগৰীয়াই ভাবিবই নোৱাৰিছিল। বৰ ৰ'দ। খোজ কাঢি যাওঁতে যাওঁতে ভাগবি বাটৰ কাষৰ পুতুল এটাৰ ওপৰত বহিছিলো। এখন্তেকমান বহি আছো, এনেতে দিচাংম খব ফালে খোজ লোৱা বঙ্গালী বাবু, এজন মোৰ কাষ চাপি অহা দেখিলো। বাবুজনে মবম পতিধাই মোক শুধিলে, "মশায় কি কলিকাতা থেকে এসেছেন ?" মই "আজ্ঞে হা" বুলিলত, তেওঁ ক'লে- "বোধহয় বড় ক্লান্ত হয়ে পড়েছেন। শিৱসাগৰে যদি আন কেউ আপনাৰ পৰিচিত লোক না-থাকে তাহলে আপনি বাবু, অক্ষয় কুমাৰ ঘোষ বলে একজন বাঙ্গালী উকীল আছেন, তাঁব বাসায় গিয়ে উঠবেন। অক্ষয় বাবু বৰ সদাশয় ব্যক্তি। বাঙ্গালীদের জন্য তাঁৰ অবাৰিত খাব।" মই বাবুজ্জনক ধনাব।দ দি উঠি আবৌ খোজ ললো। কোরা বাহ,লা যে বাবুজনে মোক বাঙ্গালী বলি ভ্রম কৰিছিল। যি হওক সন্ধ্যা ঋগি ভগাৰ সময়ত মই আমাৰ ঘৰত ওলালোগৈ। মোক দেখি দেউতা আবু, আই আনন্দত বিহ্বল হ'ল। তেওঁলোকৰ হেৰোৱা ল'ৰাটো তেওঁলোকে আকো পালে। দেউতাই লৰি গোসাই-ঘৰলৈ গৈ গোসাঁইক সেৱা করি কৃতজ্ঞতা জনালে।

এইদৰে মোৰ কলিকতাত পঢ়াৰ প্ৰথম পর্ব'ৰ ওৰ পৰিল। ইয়াৰ পিছত "টহলৰাম শর্মা" হৈ তিনি মাহ শিৱসাগৰত উইলি কটালো; আযে ৰান্ধি দিয়া ভাত খাওঁ, যতনাই দিয়া জলপান বজাওঁ, ঢৌ টৌ কৰি খুবি ফুৰোঁ, মেলমাবোঁ আৰ, ঘুমটি মাৰোঁ। ওকালতি পঢ়া-ফড়া জহুর্নামে গ'ল। কাছাবীত কুৰি-টকীয়া চাকৰিত সোমাবলৈ বা এপ্রেস্টিচ, হবলৈকো শর্মা একেবাৰেই নাৰাজ। গতিকে ওপৰত লেখ দিয়া কাম- কেইটাৰ বাহিৰে টহলৰাম শমহি কবে কি? ভাগো সকলো কথাৰ এটা অন্ত থকাটো বিধতাই কৰি দিছিল, সেই দেখি মোবো এনে হেদাঙি মেলা জাঁৱনৰ অন্ত নাথাকি যায কলৈ তাৰ অন্ত ওলাল। কর্ম' নাশাৰ পানী পি পি মোব নিষ্কর্মা দিনবোৰৰ পেট ঢকা-ডিঙবা লাগিল। মোৰ মন আকৌ নবিয়াত পবিল। ভাবিলোঁ অলপ অসুবিধা ভোগ কবিয়েই নপঢ়ি কলিকতা এৰি গুচি আহিলো। মই গবয় নে কবয়? এনে হলে দেখোন মই এই সংসাৰত একোকে কৰিব নোৱাৰিম। Beiter late than never 'সজ কাম নকৰাতকৈ পলমকৈ কৰাও ভাল', এতেকে মই আকৌ কলিকতাত পঢ়িবলৈ যাম-ষি থাকে কপালত। মোৰ এই নতুন সঙ্কল্পৰ কথা, সুবিধা বাজি এদিন পিতৃদেৱতাব কাণ চোৱালোঁ। দেখি আচৰিত মানিলোঁ, পিতৃদেৱতাই আপত্তি নকৰিলে। নিশ্চয তেওঁ মোক এইদবে নিষ্কর্মাভারে সময় কটোৱা দেখি পেটে পেটে ভাল নাপাইছিল। তেওঁ ভালকৈ দেখিছিল যে ওকালতি পড়া বা কুবি-প'চিশ টকাত চাকৰি কৰাটোত মোৰ পৰিস্ফুট বিতৃষ্ণা। সেই নিমিত্তে তেওঁ দেখিলে যে মই আকৌ কলিকতাত পঢ়িবলৈ যোৱাৰ বাহিৰে আব, নানাঃ পন্থা বিদাতে? দেউতাৰ অনুমতি পাই, এইবাৰ "বাশ্বিলো মন শিলৰ খুটি, মেলিলো মন ঘোঁৰাৰ ছুটি কৈ আকৌ কলিকতা ওলালোঁগৈ। কালীঘাটত পৰ-গৃহবাস আৰু, কলিকতাৰ ইমৰেত থাকি সিম্বব কলেজত পঢ়িবলৈ পাৰি দিয়াৰ নিচিনা উপসর্গবোৰ গঙ্গাৰ জলত বিসর্জন দি, ৫৩ নম্বৰ কলেজ স্ট্রাটৰ বঙ্গালী ছাতৰৰ "মেছ" এটাত থাকিবলৈ দিহা কৰি ললোঁ। হাইকোর্ট'ৰ অসমীরা ট্রেন্ডুলেটৰ শ্রদ্ধাস্পদ শ্রীযতে ৰমাকান্ত বৰকাকতী সেই মেছতে আছিল; ময়ো তেওঁৰ লগতে জাপ খালোঁগৈ। ওচৰতে চিটি কলেজ। বিপম কলেজ এৰি চিটি কলেজত নাম লগাই ললোঁ। মই নপড়ি বলিয়ালি কৰি উৰি-জুৰি বি হুমাহ কটাইছিলো, সেই ছমাহব ক্ষতিপূৰণ কৰিবলৈ আঁকোৰ-গজালিকৈ মনপুতি লাগিলো। শিৱসাগৰৰ ৰাজহুৱা নামঘৰত সোমাই শঙ্কৰ মেতোবৰ গোসাঁইৰ পদ লভি এট্রেন্ড পৰীক্ষাত উঠিবলৈ লগা সঙ্কল্পই মোক আকৌ পালে। দেখিলো, কলেজ ক্লাছৰ কিতাপবোব আন আন ছাতৰে পড়ি প্রায় শেষ কৰিছে। আৰু ক্লাছব অধ্যাপকৰ লেকচৰ বোৰৰো অন্তিম অবস্থা। কিন্তু Labour omnia vincit অর্থাৎ "যত্ন সর্ব'জয়" এই বাক্য সাৰোগত কৰি লৈ মই নডৰি দুগুণে উৎসাহেৰে ঘৰত ভালকৈ পঢ়িবলৈ ধৰিলো। দুমাহমানৰ ভিতৰতে মোৰ ক্ষতিবোৰৰ সৰহভাগ পুৰণ কৰি পেলালো। মই অঙ্কবিদ্যাত (Mathematics) বৰ অপটু আছিলো। এফ-এ পৰীক্ষা দিবলৈ অঙ্কৰ যি বিদ্যা লাগে সেই বিদ্যাৰ area অর্থাৎ ক্ষেত্রফলো বৰ কম নহয়। সেই বিদ্যাত মই একেবাৰেই বিদ্যাদিগ‌গজ বুলিলেই হয়। এতিয়া কৰোঁ কি? ঈশ্বৰে উপায় উলিয়াই দিলে। মোৰ অন্তৰঙ্গ বন্ধ, শ্রীকৃত ঘনশ্যাম বৰুৱা (পিছত অনাৰেবোল বাষবাহাদুৰ মন্ত্রী ঘনশ্যাম বৰুৱা ভাঙবীয়া) মোৰ সহায়ক হ'ল। তেওঁ তেতিয়া চতুর্থ বার্ষিক শ্রেণীত বি-এ পৰীক্ষা দিবলৈ সাজু, হৈছিল। সেইকালভ কলিকতাত ষতবোৰ অসমীযা ছাতব আছিল, এটাইৰে ভিতৰতে তেওঁ অঙ্কবিদ্যাত বেছি অভিজ্ঞ আছিল। বন্ধু-বৎসলতা আবু, পবোপকাৰিতা গুণতো তেওঁ সকলোৰে অগ্নণী আছিল। অসমীয়া ল'ৰাৰ মেছে মেছে খোঁটালীয়ে খোঁটালীয়ে গৈ তেওঁ আপোন ইচ্ছাতে আনন্দ মনেৰে ছাতবক অঙ্কবিদ্যাত আবু, শক্তি অনুসাৰে আন আন বিষয়তো সহায় কৰাটো তেওঁৰ স্বভাৱব এটা অঙ্গ আছিল। সৰুৰেপৰা মই তেওঁৰে সৈতে একেলগে ডাঙৰ-দীঘল হোৱা মৰমৰ বন্ধ; এতেকে তেওঁ যে মোক অতি আগ্রহেৰে অঙ্কবিদ্যা উপার্জ'নত সহায় কৰিব, তাত বিচিত্র কি? তেওঁৰ স্বাস্থ্য ল'ৰাকালৰেপৰা বেয়া আছিল। কলিকতাত থাকিও তেওঁ তেওঁৰ হেৰোৱা স্বাস্থ্য লাভ কৰিব নোৱাৰিছিল। মইন দি ক'ব পাৰোঁ, যদি তেওঁন স্বাস্থ্য ভাল হ'লহেতেন আৰু নিয়মমতে তেওঁ পরিশ্রম কৰিব পাৰিলেহে'তেন, অন্ততঃ অঙ্কবিদ্যাত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ এজন নামজলা ছাতৰ হৈ উঠিব পাৰিলেহে তেন। সুন্দৰ প্রকৃতি, সুমধৰে ব্যৱহাৰ আৰু পৰৰ নিমিত্তে স্বার্থ'ত্যাগ তেওঁৰ অঙ্গৰ ভূষণ আছিল। মোৰ প্ৰতি থকা তেওঁৰ বন্ধুত্বভাবৰ স্মৃতি মোৰ মনৰপৰা কেতিয়াও অন্তর্হিত নহয়।

কলিকতাত মোৰ পঢ়াৰ খৰচ আমাৰ ঘৰৰপৰা নানো বুলি মই মনতে থিৰ কৰি আহিছিলো। মই গুৰিৰেপৰা কলেজত নিয়মমতে নপঢ়াৰ নিমিত্তে, মোৰ স্কলার্শ্বিপ অর্থাৎ আসাম গরণ'মেন্টে মোক মাহে কুৰি টকাকৈ দিয়া বৃত্তিটো বন্ধ হৈছিল। চিটি কলেজৰ গৰাকীসকলে মোৰ হৈ অনেক লেখালেখি কৰি সেইটো উত্থান কৰি দিয়ালে। মই একেবাৰেই ছকুৰি কি সাতকুৰি টকা পালো। "কাষ'ব্য সাধয়েৎ পবীব্যা পাতয়েৎ" কৰি মই নিশ্চিন্ত মনেৰে পঢ়িবলৈ লাগি গলো। ফলত, মই এফ-এ পৰীক্ষাত উত্তীর্ণ হলো। আব, সেই বাতৰি শুনিহে ঘৰমুৱা হলো।

বায়বাহাদ, ৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ সহধর্মিণী শ্রীমতী বিষ্ণুপ্রিয়া দেৱী আসামৰপৰা আহি তেওঁৰ ল'ৰা-ছোৱালীকেইটিৰে সৈতে, কলিকতাত মাণিকতলা স্ট্রীটৰ ভেবোণীয়া ঘৰ এটাত আছিল। মই দ্বিতীয়বাৰ কলিকতালৈ আহি তেওঁলোকৰে সৈতে দেখা কৰিবলৈ গৈছিলো। বাষবাহাদৰ ডাঙৰীযাই তেতিয়াও কামৰপৰা অৱসৰ লই নগাও এৰি কলিকতালৈ অহা নাছিল। বৰুৱা ডাঙৰীয়াৰ একো একোটি পুতলা যেন ল'বা-ছোৱালীৰে সৈতে কি সুন্দৰ পৰিবাৰটি। তেওঁৰ সাদবী সহধর্মিণীয়ে আদব-সাদৰৰ মাত-কথাবে তিলেকতে মোৰ প্ৰদ্ধা আকর্ষ'ণ কবি পেলালে। সম্বন্বত ডাঙবাঁধানীৰ মই মোমাযেক হওঁ। তেওঁৰ ঘৰলৈ গলেই তেওঁ "মোমাইদেও ইয়াতে বহুক, এইটো খাওক, সেইটো চাওক, ইত্যাদি আদৰৰ মাতেবে সদায় মাক-বাপেকৰ আদৰ পাই থকা আৰু ঘৰ এৰি প্রবাসত থকা এই home sick অর্থাৎ নিজঘৰ-কাতৰ ৱা ল'ৰাটোৰ নিমিত্তে তেওঁলোকৰ প্রবস্তুৱা ঘৰখন একেবাৰেই নিজা ঘৰ ধেন কবি পেলাইছিল। তেওঁৰ জীয়কে শ্রীমতী স্বর্ণ' লতাই তেতিয়া বেথুন স্কুলত পঢ়িছিল। অসমীযা ছোৱালীৰ পক্ষে সেইটো নতুন কথা। মোৰ আপোন ভনীৰ দৰে ঋণ'ৰ সবল ব্যৱহাৰত মই মুখ হৈছিলো। শ্রীমান জ্ঞানদাভিৰাম (এতিয়া জে, বৰুৱা স্কোয়াৰ, বেবিষ্টৰ-এট-ল, প্রিঞ্চিপেল, আল-ল কলেজ) তেতিয়া নুমলীয়া সব, ল'ৰা। তেওঁক মই কোলাত লৈ, বোকোচাত তুলি মৰম কৰি নথৈ সন্তোষ লভিছিলো। তেওঁ গঢ় আৰু বৰণত হবহ, এটি য়ুৰোপীয থোলোকা ল'বা যেন আছিল। তেওঁৰ বৰ ককাইদেৱেক কৰণা আৰু, মাজ, ককাইদেৱেক কমলাও বগা আব, দেখনিয়াৰ ল'ৰা আছিল। কি পৰিতাপৰ বিষয়, এনে দুটি ল'ৰা অকালতে পৰলোকলৈ গ'ল। ডান্তৰ নন্দকুমাৰ বার নামেৰে এজন বিলাতত ভান্তাৰী পঢ়ি অহা বঙ্গালী ভদ্রলোকেৰে সৈতে শ্রীমতী স্বর্ণ'লতাক বিয়া দিয়া হৈছিল। দুজনী সব, ছোৱালীবে সৈতে স্বর্ণলতাক বিধৱা কৰি থৈ ভান্তৰ ৰায়ো অকালত পৰলোকলৈ গ'ল। বিষ্ণুপ্রিয়া দেৱীয়ে "নাঁতিকথা" নামেৰে নীতিগভ' কিতাপ এখনি ৰচনা কৰিছিল। মন কৰিবলগীয়া কথা যে পইত্রিশ-জয়ত্রিশ বছৰৰ আগেয়ে অসমীয়া ভদ্রমহিলা এজনাই পূৱলা আৰু, প্রাঞ্জল অসমীয়া ভাষাত এনে এখনি গ্রন্থ ৰচনা কৰিছিল। ডাঙৰীযানী বিষ্ণুপ্রিয়া যে বুৰঞ্জী- বিজ্ঞ প্রবীণ সাহিত্যক "আসাম-বন্ধু"ৰ সম্পাদক সুবিখ্যাত ৰায়বাহাদুৰ গুখাভিৰাম বৰুৱাৰ উপযুক্ত সহধর্মিণী-এই কাব'ই সেইটোকে ভালকৈ প্রমাণ কবে।

মই তেতিয়া কলিকতাৰ ৫৩ নম্বৰ কলেজ টুটিৰ অসমীয়া আৰু, বঙ্গালী ছাতৰেৰে সান-মিহলি মেছত। এই মেছব গাতে লগা ১৪/১, প্রতাপচন্দ্র চাটুজী'ৰ লেনত এটা অবিমিশ্র অসমীয়া ছাতৰৰ মেছ আছিল। শ্রীধৃত সত্যনাথ বৰা, শ্ৰীযুত দেৱাঁচৰণ বৰুৱা, কালীকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা (অনাৰেবোল বায়বাহাদুৰ), শ্রীব,ত ৰাধাকান্ত সন্দিকৈ (বারবাহাদুৰ), শ্রীকৃত গুলানন বৰুৱা, প্রষত গোপীনাথ বৰদলৈকে প্ৰম,খা কৰি অসমীয়া ছাতৰসকল এইটো মেছত আছিল। তেতিয়া আসাম সাহিত্যাকাশত "আসাম-বন্ধ, "ব অন্ত আৰু, "মো"ব উদয়। "মৌ" বিলাতৰ কুপছ'হিল বলেজত পঢ়ি অহা শ্রীযুত বলিনাৰায়ণ বৰা ইঞ্জিনীয়ৰ চাহাবৰ অসমীয়া মাহেকীয়া কাকত। বৰা চাহাবৰ ভাষেক হৰনাৰায়ণ বৰাৰ গাত "মো"ৰ সম্পাদকীয় ভাব নামত, ককায়েক ববা চাহাবহে সম্পাদক কামত। ১০০ নম্বৰ বহুবাজাৰ টুইটব ছাপাখানা এটাত "মো" ছপা হৈছিল। সুযোগ্য বলিনাৰায়ণ বৰাৰ কাপৰ বলত "মো"রে প্ৰথমৰেপৰা বঙ্গলৱা কাকতবোবৰ দৰে গতানুগতিকভারে নচলি, অর্থাৎ কলিকতীয়া বঙ্গালীয়ে চলোৱা কাকতবোৰব নেজত ধবি নগৈ, স্বাধীন চিন্তাব বাট ধৰি যাবলৈ ধনিলে। আমি তেতিযা বঙ্গৱা কাকতৰ বিদ্যাব খুদে খোরা অসমীয়া ছাতবৰ মোনা। আমাৰ মূৰে মেলি দিলেই বঙ্গলরা বিদ্যাৰ মাহ-সবিযহ ওলাই পবে। নতুন কংগ্রেছৰ ৰাজনৈতিক মতৰ কমাব-শালে আমাৰ মন পাৰি বঙাকৈ থৈছিল আমাৰ অচিনাকি আওবাটে "মৌ"ক যোৱা দেখি আমি টিঙিৰি-তুলা যেন হলোহ'ক। আব, আমি বেতিযা দেখিলো যে কংগ্রেছ-বিৰোধী ইংৰাজী "ইংলিশমেন" কাকতত "মৌ'ব প্রশংসা ওলাল, আমাক আৰু পার কোনে? আমি প্রতাপচন্দ্র চাটুজীবি লেনব মেছত বহি সভাৰ উপৰি সভা কবি "মো" মাবিবলৈ ক'কালত টঙালি বান্ধি উঠিলৌহক। কালীকান্ত বৰকাকতী আৰু মধুবামোহন বৰুৱাৰ (পিছত "Advocate of Assam" কাকতৰ সম্পাদক) নেতৃত্বত জনচেবেকে বৰা ডাঙৰীয়াৰ cifigy অর্থাৎ ধানখেৰৰ জন্ম,ধিবে সজা মতি' পূৰিবলৈ ওলাল। আমি শাঁতি-শতি এৰি টাংগটি ওফবাদি উফৰি ফুৰিবলৈ ধৰিলৌহক। মই আবু, মথ বামোহনে মহাপৰাক্ৰম প্ৰদৰ্শন কৰি "মৌ"লৈ প্রতিবাদ প্রবন্ধ লেখি পঠিযাইছোঁ। প্রবন্ধ হুপা হ'ল। বৰা ডাঙৰীযাই "সম্প্রতি কলিকতা-নিবাসী শ্রীহত লক্ষ্মীনাথ বেজবৰুৱাই" বলি আৰম্ভ কৰি মোৰ প্ৰতিবাদ-প্ৰবন্ধৰ উত্তৰ সেই প্ৰবন্ধৰ লগে লগে ছপাই উলিয়ালে। মনত আছে, আমাৰ "মৌ" মাবিবৰ চেষ্টা যে ব্যর্থ, সেইটো বুজাবলৈ বৰা ডাঙৰীয়াই "মৌ"ত লেখিলে- "বি গছত মৌরে বাহ লৈছে, সেই গছ হালি নপৰিলে মৌ নমৰে।" কিন্তু দুখৰ বিষয়, আমাৰ misdirected energy অর্থাৎ কুপথেদি নিযোজিত শক্তিব বলত মৌরে বাহ লোৱা গছ পৰিল হলি। মৰিল "মো"। আমি লৰালি কৰি তেতিযা নুবুজিছিলোঁ যে "মো"ৰ নিচিনা এনে ভাল কাকত এখন বধ কৰি আমাৰ দেশৰ কি অনিষ্টকে সাধন কৰিলো। সম্ভবতঃ আমাৰ ওপৰত বিবস্তু হৈ বৰা ভাঙৰীয়াই তেতিয়াৰেপৰা অসমীয়া ভাষাত লেখা একেবাৰেই এৰি দিলে; কাৰণ তাৰ পিছৰপৰা আজিলৈকে তেওঁৰ কাপৰপৰা অসমীয়াত আৰু একো ওলোৱা আমি দেখা পোৱা নাই।

ডাঙৰীয়া হৰিবিলাস আগৰৱালাৰ সুযোগ্য পুত্র বন্ধুবৰ শ্ৰীহত চন্দ্রকুমাৰ আগৰ- বালাই তেতিয়া বোধকৰোঁ, কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ দ্বিতীয় বার্ষিক প্রেণীত এফ-এ পঢ়িছিল। কলিকতাৰ বৰবজাৰত ১০ নম্বৰ আমে'নিয়ান স্ফুটিত তেওঁলোকৰ ব্যৱসায়ৰ নিজা কৃঠি আছিল। শ্রীযুত চন্দ্রকুমাৰ আগৰৱালা তাতে থাকি তেওঁলোকৰ ধৰিবলৈ আশা কৰিব নোৱাৰি। আমি নিজকে নিজে "যোগ্য নকৰিলে অন্যে কৰি নিদিয়েহি। এই সংসাৰেই হৈছে যোগ্যৰ ঘৰ। অযোগ্য অধঃপাতলৈ বাব-Survival of the fittest-পাঠকে দায় নর্যনিব, এইখিনিতে সুন্দৰ ইংৰাজী কথা এফাকি তুলি দিলো, তাৰ অৰ্থ' ওপৰত দিয়া হৈছে। তু'হৰ জুইৰ দৰে অসমীয়াৰ "তেজ" আৰ, উৎসাহ এতিয়া ভাগ্যৰ জাপৰ তলত লুকাই আছে-এবাৰ ভমকাই উঠিবই উঠিব।

এবাৰ বঙ্গদেশৰ বৰ্ম্ম'মানত বহা 'প্রভিন্ডিয়েল কনফবেন্ড'ত সুপ্রসিদ্ধ বেৰিষ্টাৰ এ- চৌধুৰীয়ে (পিছত ছাব আশুতোষ চৌধুৰী নাইট, কলিকতা হাইকোর্ট জজ) কৈছিল "A subject nation has no politics" অর্থাৎ পৰাধীন জাতিৰ ৰাজনীতি বুলি এটা বস্তু নাই, অর্থাৎ পৰাধীন জাতিয়ে বাজনীতি চর্চা কৰাটো বিড়ম্বনা মাথোন। সেইকালত এই নতুন বচন শুনি ভাবতত ৰাজনৈতিক আন্দোলন কৰোঁতা- সকল জলি উঠিছিল। বোম্বাইৰ সিংহ ছাৰ ফিৰোজ স্যাহ-মেহটা, দিনছা রাচা, আনকি মহামতি গোখলেও আব, বেঙ্গলৰ সুবেন্দ্রনাথ বানুজী' প্রভৃতিয়ে এই বচনৰ (dictum) দুৰ্ঘোৰ প্রতিবাদ কৰিছিল। কিন্তু তেওঁলোকে প্রতিবাদকে কৰক বা খঞ্চকে কৰক, এইটো ঠিক যে এই বচনৰ সতাতা সকলোরে আনকি তেওঁলোকেও হাড়ে- হাড়ে মজ্জায় মজ্জায় অনুভৱ নকৰি নাথাকিছিল। আচৰিত কথা নহয় নে, প্রবীণ ৰাজনৈতিকৰ মুখৰপৰা ওলোৱাৰ অনেক কালৰ আগেবেই, অল্প-বয়সীযা ছাতৰ "জোনাকী"ৰ সম্পাদক শ্রীতে চন্দ্রকুমাৰ আগৰৱালাৰ ল'বা-মুখৰপৰাও এই কথাই ওলাইছিল?

ওপৰত কৈ আহিছো যে প্রথম বছৰৰ "জোনাকীৰ প্রতি সংখ্যাতে মোব "লিটিকাই" ওলাইছিল। ন লেখাৰ, আৰ, ন বোৱাৰী একেখন ফলিতে উঠে। ন লেখাৰ, মই; সেই দেখি মোৰ "লিটিকাই" পড়ি লোকে কি ক'ব, কি বুলিব, এই ভযত মই চক, খাই ফুৰিছিলো। কোনোবাই "জোনাকী'ত গুলোৱা "লিটিকাই"ৰ কথা উলিয়ালে মই সেই ঠাইৰপৰা উঠি সুৰ সুৰ কৰে পলাইছিলো আৰু, পলাব নোৱাৰিলে লাজত আধোবদন হৈছিলো; অথচ লোকে কি কষ শুনিববো নথৈ মন। তি হওক "লিটিকাই" পড়ি সকলোৱে বং পোৱা দেখি মোৰ উছাহ বাঢ়িছিল। কোনোরে নেদেখাকৈ লুকাই মই "লিটিকাই" ৰচনা কৰিছিলো। "লিটিকাই" কবিতা নহয় বচোঁতাজন কবিষল-প্রার্থী'ও নহয়; গতিকে কলিকতাৰ ইডেন উদ্যানেৰে সৈতে "লিটিকাই" আৰু "লিটিকাই" ৰচক বাপদেউৰ কি সম্বন্দ্ব লাগিছিল আজিলৈকে মই ভাবি নাপাওঁ। কিন্তু ভাৰৰপৰা আঘাইতং লিটিকাষে ইডেন গার্ডেনৰ গছৰ তলত বাপ,দেউৰ "চুণ খাই মকিব খুজি বাপুদেউৰ গাত শদ্র-বধ পাতক লগাবলৈ গৈছিল। কথাযাৰৰ বাকলি গুচাই কে'ওটো কাটি ভিতৰখন দেখুৱাবলৈ গলে ক'ব লাগিব যে শনিবাৰ-দেওবাৰৰ দিনা মই ইডেন উপবনৰ নিজান গছৰ তলত, বেস্তৰ ওপৰত বহি "লিটিকাই'ৰ একো আধ্যা লেখি লৈ মোৰ থকা ঠাই মেম্বলৈ উভতি আহিছিলো। "লিটিকাই" সাধুটো মনত আছিল; গতিকে ভাবি-চিত্তি কোনো 'প্লট' plot নগড়ি একেবাবেই লেখি গৈছিলো। প্রথমতে বালিৰ কাকতত পেঞ্চিলেৰে যি লেখি গৈছিলো, কাটি-কুটি নশেধেৰোৱাকৈয়ে নাইবা ভাল কাকতত নকল নকধাবৈয়ে তাকে ছল্য ববিবলৈ শ্রীধত চন্দ্রকুমাৰ আগৰৱালাৰ হাতত মনে মনে গুজি দিছিলো আমাৰ বন্ধু-বৎসল আগৰৱালাই সম্পাদকীয় বা কাষাধ্যক্ষীয় নিষমাৱলীৰ কোনো বাপকে সেই কুদ্ধচ লেখাৰ বিপক্ষে টৌগৰপৰা নাটানি, হাঁহি মাৰি তাক হাত মৈলি লৈ গৈ তপতে তপতে "জোনাকী"ৰ বুকুত সুমাই দিছিল।

প্রথম সংখ্যা "জোনাকী'তে আগবরালাব "বনকু'রৰ।" কবিতাটি ওলায়। বিসকলে আগেযে ভাবিছিল যে অসমীয়া ভাষাত বর্তমান কালৰ উপযোগী শুরলা কবিতা (poem) লেখিব নোৱাৰি, এই কবিতা পঢ়ি সেই সকলৰ শ্রান্তি গ'ল। মনত আছে, এদিন ৰাবাহাদুৰ জগন্নাথ বৰুৱা বি-এ আব; মাণিকচন্দ্র বৰুৱাই মোৰ হতুৱাই "বনক'রবী" কবিতাটো চাই শুনি বিস্ময়-বিমিশ্রিত আনন্দ লভিছিল। মই স্প বুজিব পাৰিছিলো যে তেওঁলোকে আগেয়ে ভাবিবকে নোৱাৰিছিল যে কুড' ছৱৰ্থ'ৰ কবিতাৰ নিচিনা এনে মনোবম ববিতা এটা বলেজত পড়া অসমীয়া ছাতৰ এজনে অসমীয়া ভাষাত ৰচনা কৰিব পাৰে। ইয়াৰ পিছত দ্বিতীয় সংখ্যা "জোনাকী'ত শ্রদ্ধাস্পদ বন্ধ, শ্রীযুত হেমচন্দ্র গোস্বামীব "কাকো আব, হিযা নিবিলাওঁ" নামৰ প্ৰেণৰ কবিতা ওলাল। এই কবিতানো অনেকব মনত সন্তোষ দিছিল। ঘনশ্যাম বৰুৱাব (বাঘবাহাদ ব) গদ্য প্রবন্ধ "আত্মশিক্ষা", "চিস্তানল'ব শ্রীযুত কমলাকান্ত ভট্টাচার্য ব "পাহৰণি" কবিতা আ। সম্পাদক আগববালাব মুকুতাব মণিব নিচিনা "নীযব" কবিতাই এই ছবব "জোনাকী "ক সুবেশ আব, স্বগন্ত'।ব কবি তুলিছিল।

দ্বিতীন বছবত জোনাকাক, ১০ নং আমেনিখান খুঁটিব।বা ২ নং ভবানচিৰণ দত্ত কেনৰ অসম।যা ছাতবা মেছলৈ তুলি অন্য চয। শ্রীতে চন্দ্রকুমাব আগবঝালাও তেওঁলোবর আনে'নিদান স্ট্রটেন ঘববদ।। আহি সেই মেছবাসা ংতা। তাতে আগবরালা, শ্রীসূত হেমচন্দ্র গোস্বাম'। আব, এই লেখক এই তিনি অন্তণঙ্গ বন্ধ, ব একত্র সমাবেশ ঘটিল, আব, তিনিও "জোনার। "ব উন্নতি কার্যত ব্যস্ত হৈ বিলোংক। এই গ্রাহস্পশ'ব ফলত "জোনাক।" প্রবন্ধসম্পদেবে চহব। হৈ উঠিল। এক্কেব মহন্তৰ "অসমত মান", "লম্বোদব ব্যাব "অসমীনা ভাযাব আাখব-জেটিনি", বাযবাহাদ, এ গুণোভিৰাম বব রা ডাঙৰীযাব "সৌমাৰ ভ্রমণ", "বিষ্ণুপ্ৰসাদ আগৰৱালাৰ "শক্ষবদের" কোলাত লৈ "জোনাকী"সে বাইজব সভাত প্ররেশ ববিলে। এই লেখকব "কৃপাবব বৰুৱাব কাবতব টোপোলা" এই দ্বিতীয় বছবব "জোনাকা"ব এসংখ্যাতে আবম্ভ হয়। এবছৰৰ জোনাকীব চেষ্টাই অসমীয্য ভাষাৰ ক'কালত অনেক বল দিলে, আব, ভাষা- আবাশত পুৱাব পোহৰ পবিল। অসমীয়া ভাষাটো আমাৰ অলাগতিয়াল বন্ধু, কিছুমান ইংৰাজী শিক্ষিত অসমীযাব যে এনে এটা অদ্ভুত সংস্কাৰ আছিল, সেইটোরে বৰকৈ জোকাৰ খালে। এই শাৰীৰ মানুহকে লক্ষ্য কৰি দ্বিতীয় বছৰৰ "জোনাকী'ব "আত্মকথা'ত লেখা হৈছিল- "দু,খৰ বিষষ-অসমীয়া ভাষাটো যে আমাৰ লাগতিয়াল, তাক কোনো কোনো অসমীয়াই দকৈ গমি নেচাই উপলুঙা কৰে। হায়! হায়! 

অসমীয়া মানুহে নিজ ভাষাৰ উন্নতিলৈ পিঠি দিয়াৰ কাৰণে কতখনি কাকত উপজি মৰি গ'ল, সদাশয় পাঠকসকলে এবাৰ তাক সু'ৱৰি বহি কান্দোক।"

মাতৃভাষাৰ ভালৰ অর্থে' আমি অকল "জোনাকী" উলিয়ায়ে বহি থকা নাছিলো। "অসমীয়া ভাষা উন্নতি সাধিনী সভা" নামেৰে সভা এখন স্থাপন কৰি তাৰ উন্নতি সাধন কৰিবলৈ প্রাণপণে লাগি গৈছিলোঁহক। এই বছৰৰ "জোনাকী'ত ছপা হোৱা অ. ভা.উ. সা- সভাৰ কার্য-বিৱবণ পঢ়িলেই তাৰ আভাস পোরা যায়। এই লেখক সেই সভাৰ সম্পাদক আছিল। তেওঁ লেখা বছেৰেকীয়া কার্য'-বিৱবণৰপৰা অলপ তুলি দিলো। এই বন্ধেবেকীযা সভা ১৮১২ শকৰ ২০ আহিনত ২ নং ভবানীচৰণ দত্তৰ লেনৰ ঘৰত বহিছিল আৰু, তাৰ সভাপতি আছিল ৰায়বাহাদৰ গুণাভিৰাম বৰুৱা।

জন্মৰ সংক্ষেপ বিৱবণ: কলিকতাত থকা অসমীষা ছাতৰসকলৰ "টি পাটি"" (অর্থাৎ চাহ খোৱা মেল) নামেৰে এখন সম্মিলনী আছিল। সেই সম্মিলনী প্রতি শনিবাৰে গধুলি অসমীয়া ডেকাসকলৰ কোনো এটি বহাত বহি সেইসকলৰ মাজত পৰম্পৰ সম্ভাৱ-প্রীতি আদি উৎপন্ন কৰাৰ প্রধান উপায় সাধিছিল। আৰু সেই শুযোগতে তাত দেশহিতকৰ ভাল ভাল বিষযবিলাকৰ অলপ অলপ আলচ হৈছিল। সেই আলচব ফলস্বৰূপে এই "অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম। পৃথিৱীৰ ইতিহাসলৈ চকু দিলে দেখিবলৈ পোৱা যায় যে এই জগতত বতবিলাক ডাঙৰ ডাঙৰ কার্য'ৰ অনুষ্ঠান হৈছে প্রাষ সকলোবোৰৰ উৎপত্তিৰ সূত্রপাত এনে সব কার্য' বা ক্ষদ্র ঘটনাৰপৰা হৈছে। বিলাতী পণ্ডিত জনছন, এডিছনৰ দিনৰ "কফি হাউছ" ইউৰোপ, এছিয়া আব, আমেৰিকা জুৰি পৰা বহুত ডাঙৰ কথাৰ ওপজা ঠাই। এতিয়াও অসমীযা ভাইসকলৰ এই নগণ্য ক্ষুদ্র "টি পাটি'ৰ পৰা গজালি মেলা পুলি "অসমীযা ভাষা উন্নতি সাধিনী সভাৰ ডালপাত যে কালরুমত প্রকাণ্ড আকাব ধৰি এশ যোজন ব্যাপী পৰিবৰ সম্ভৱ তাক কোন অসমীয়াৰ ওখ আশাৰে চপচপীয়া হিয়াই নুই কৰিবলৈ আগবাঢ়িব পাৰিব? ১৮১০ শকব ভাদ মাহত (ইংৰাজী ১৮৮৮ চনৰ ২৫ আগস্ট তাৰিখে) ৬৭ নং মির্জাপৰ পুঁটিৰ বহাত হোৱা "টি পাটি"ত অসমীয়া ভাষাৰ উন্নতি সাধিবব অর্থে' এখন সভা কৰিবৰ প্রস্তাৱ হৈ সেই প্রস্তাব কাৰ্যত পৰিণত হোৱাৰ ফলস্বৰূপে 'অসমীযা ভাষা উন্নতি সাধিনী সভা'ব জন্ম হয়।

এই সভাৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। সেই উদ্দেশ্যৰপ মহামন্ত্রক হিসাত ঠাই দি এই সভাই "অসমীয়া ভাষা উন্নতি সাধনী" নাম লৈ উপজিছে। কে'চুরা মাতৃভাথা কেনেকৈ ডাঙৰ দীঘল হব। কেনেকৈ সি পৃথিৱীৰ আন আন ধনী আৰু উন্নতিশীল ভাষাৰ সমান হৈ আপোন গৌৰৱবেলিৰ পোহৰ চাৰিওফালে পেলাই দুখীয়া আৰু এবাৰ অসমৰ মুখ পোহৰাব পাবিব কেনেকৈ সিদুর্বল, বগোঁয়া আৰ, জীণ' অৱস্থাৰপৰা সবল, সুস্থ আৰু, শকত অৱস্থ্য পাব, তাৰ উপায সাধনেই এই সভাৰ উদ্দেশ্য।

এই উদ্দেশ্য সাধন কৰিবলৈ সভাই অসমীয়া পুথিবিলাক একে ঠাইতে গোটাবলৈ বঙ্গ কৰিছে। পুৰণি পুথিবিলাক যাতে নষ্ট নেপায় আৰু, রুমে ছপা হৈ প্রকাশিত হয় সভা তাৰো চেষ্টাত আছে। আসামৰ সকলো বিষৰ পঢ়াশালিতে বাতে অসমীয়া ভাষা প্রচলিত কৰ্য হয় আৰু অসমীয়া ল'ৰা-ছোৱালীয়ে যাতে নিজ নিজ ভাষা সুকলমে পঢ়িবলৈ পাষ, তাৰ নিমিত্তে অসমৰ শিক্ষা বিভাগৰ অধিকাৰসকলৰ মনোযোগ আকর্ষণ কৰা; লেখা-পড়া কার্য'ত অণুদ্ধ ব্যাকৰণ, অশুদ্ধ বর্ণবিন্যাস ক্রমে লোপ কৰি তাৰ মূলত পৰিশুদ্ধ ভাষা ব্যৱহাৰ কৰিবলৈ পঢ়াশালি আদিত দুষিত ভাষাৰ পুথিৰ সলনি শুদ্ধ ভাষাৰ পুথি চলাবৰ নিমিত্বে আন্দোলন কৰিবলৈ; শ্রীধৰ কম্পাল, শঙ্কনদের আদি পূর্বণি গ্রন্থকাৰ আৰু কবিসকলে লিখা পূথিবিলাকৰ টান টান ভাগৰ টীকা-টিপ্পনী লেখিবলৈ আৰু, দোষ-গুণ আল্ফ কৰিবলৈ আমাৰ ভাষাত নোহোৱা লাগতিয়াল পুথিবিলাক সংস্কৃত বা আন ভাষাৰপৰা অনুবাদ কৰি বা সংক্ষিপ্ত সাৰ সংগ্ৰহ কৰি আমাৰ ভাষালৈ আনিবলৈ, আসামৰ আগৰ দিন বা এতিয়াৰ বিবিলাক ধর্ম'নীতি, সমাজনীতি, ৰাজনীতি আৰু, খেল, মেল, গাওঁ-ভু'ইৰ আনুপূর্বিক বৃত্তান্ত আছে, তাক সংগ্রহ কৰি এখন বিস্তৃত বৰঞ্জী লেখিবলৈ দেশৰ ইতম সাধাৰণ সকলো শ্ৰেণীৰ মানুহৰ ভিতৰত ধাতে লেখা-পড়াব চর্চা হয় তাৰ নিমিত্তে উজ্জ, উপায় উলিয়াবলৈ, বাতৰি-কাকতৰ প্ৰতি লোকৰ আগ্রহ বচাবলৈ আৰু অসমৰ সকলো অঞ্চলতে এটা মাত্র লিখিত ভাষাৰ সৃষ্টি কবিবলৈ সভাৰ যত্ন থাকিব।

অসমীযা পৃথি-এই সভাই অসমীযা পুৰণি আবু, নতুন পুথিৰ নাম অতি যতনেৰে সংগ্ৰহ কৰি এটি তালিকা কৰি ৰাখিছে। এই পৃথিবিলাকৰ নাম সংগ্রহ কৰাৰ উদ্দেশ্য এই一

(১) অসমীয়া ভাষাক যে ভাষা নহয় বুলি কোনোরে কর, তেনেকুৱা ভাষা নোহোৱা ভাষাত নো কিমান পূথি হব পাবে, তাক জানি, সেই মতাবলম্বী লোকসকলৰ মতত নো কিমান সাৰ বা পলস আছে সেই কথা বজাৰ সুগম হ'ব। আৰু যিটো বস্তুৰ উন্নতি কৰিবলৈ যোৱা হৈছে সেইটো নো কি মাত্রক বস্তু তাৰ আকৃতি-প্রকৃতি, গঢ়-পিত কি আৰ, সি কিমান ভাঙৰ-দীঘল, শকত-আৱত সেইবোৰ জনাটো অতি লাগতিয়াল কথা।

(২) পুৰণি কালৰপৰা আজিলৈকে অসমীযা মানুহৰ মানসিকতাৰ কি প্ৰকাৰ ক্রমবিকাশ হৈ আহিছে, তাক জানিবৰ ঘাই উপায় হৈছে এই পৃথিবিলাক অসমীয়া মানুহৰ মন-ৰাজ্যৰ, দেহ-বাজ্যৰ আৰু ধর্ম'-বাজ্যৰ আনুক্রমিক আব, জলজলীয়া প্রাস লগা বুৰঞ্জী অসমীযা পূথিবিলাকৰ পিঠিবে অমূল্য দার্শনিক আৰু ঐতিহাসিক সত্যবোৰ লোৰ পেৰাত হীৰা-মৰকত মণি-মাণিক থোৱা দি থৈছে। আমাৰ হাত, ভৰি, মৰে ইত্যাদি যেনেকৈ আমাৰ শৰীৰব অঙ্গ আৰু, সেইবোৰ নহলে খেনেকৈ আমাৰ শৰীৰ সম্পূর্ণ নহয়, অতীতবোৰা লেখা হৈ অহা অসমীয়া পথিবিলাক সেইদৰে অসমীয়া সমাজ-শৰীৰ, অসমীয্য সাহিত্য-শৰীৰ আৰু, অসমীয়া ধর্ম'-শৰীৰৰ অঙ্গ-প্রত্যঙ্গ আব্দ সেইবোৰ নাথাকিলে বা লোপ পালে এই তিনিটা প্রকাণ্ড শৰীৰ খোৰা, কোঙা আৰু চাকোলা হ'ব। এই পথিবোৰেই এই তিনিটা বিৰাট দেহৰ উৎপত্তি, বৃদ্ধি আব, বিকাশৰ প্রধান সাক্ষী।

(৩) পুৰণি পুথিবিলাক আমাৰ পুৰণি বন্ধু। বন্ধু যেনেকৈ পূর্বণি হলেও অকামিলা নহয়, ববং তাব মোল বাঢ়েহে, সেইদৰে আমাৰ পুৰণি পূথিবিলাক আমাৰ আমোল সম্পত্তি। আমাৰ উপৰি-পুৰুষসকলে তাক আজি আমি পো-নাতিহ'তলৈ থৈ গৈছে। এতিযা আমি সেই বাপতি-সাহোন ৰাখি খাব লাগে। তাক কৰিব নোৱাৰিলে আমি তেওঁলোকৰ পো-নাতি বুলি কবৰ যোগ্য নহওঁ।... ভাবত- বৰিধত ৩০০-৪০০ বছৰৰ আগেয়ে কেইটা জাতিব বোপা-ককাই অসমীয়াৰ দৰে ১২ শুদ্ধ ভাগরত, ১৮ পর্ব মহাভাবত, ৭ কাণ্ড ৰামায়ণ আৰু পুৰাণ-তম্মাদি প্রায ৫০০ খন পূথি নিজ মাতৃ-ভাষালৈ ভাঙি বাঁচ থৈ গৈছিল? শুনিলে আচৰিত হব লগা কথা।

তৃতীয় বছৰৰ "জোনাকী যে আকৃতি প্ৰকৃতিত আৰু, বচন। আদিব বিষয়ত বিস্তৰ উন্নতি লাভ কৰিছিল। এই বছৰৰ "জোনাকীবি সম্পাদকতা কৰিবৰ ভান এই লেখকৰ গাত সম্পূর্ণ বংপে পৰিছিল। প্রিষবৰ শ্ৰীযুত হেমচন্দ্র গোস্বামী আৰু "জোনাকী'ৰ সব'হ শ্রীযুত চন্দ্রকুমাধ আগৰৱালাবপৰ্য তেওঁ অৱশ্যে এই কার্য' নিবহিত যে অনেক সহায পাইছিল, তাক কোরা বাংলা মাথোন। লম্বোদব বৰা, শ্রীধুত আনন্দচন্দ্র আগবর।লা (বায়বাহাদুর।, এত্নেশ্বব মহন্ত, শ্রীযুত কনকলাল বৰ.ৱা (বাষবাহাদবে, লক্ষেশ্বব শর্মা, শ্রীযতে বজনীকান্ত বৰদলৈ, পাণীন্দ্রনাথ গগৈ ইত্যাদিব প্রবশ্বেৰে জোনাক।ব জেউতি চবি পৰিছিল। বত্বেম্বব মহস্তণ "মোরামবানা বিদ্রোহ" নামৰ বহুমলোবা প্রবন্ধবোৰ এই বছবৰ "জোনাক। "তে ওলাইছিল। শ্রীযুত হেমচন্দ্র গোস্বাম।ব উল্লেখযোগ্য সুন্দৰ "জোনাকা" কবিতাই এই বছবৰ প্রথম সংখ্যা "জোনাকা"ক প্রথমতে আদৰি নি বাইজব সভাত বহু রাই দিছিল। এই লেখকর নগণ্য পদ মকু'রব।" উপন্যাসো এই বছবব "জোনাকী'তে।

চতুর্থ বছৰব "জোনাকী'ও এই লেখকর সম্পর্ণ সম্পাদনাত পৰিচালিত। পঞ্চম বছবত মই যদিও "জোনাকী'ত অনেক বচনা দিছিলো, কিন্তু সম্পাদক হৈ থকা নাছিলোঁ। "জোনাকী ১৮নং আমহার্স্ট ট্রুটিপবা সেই মেছবাসী অসমীয়া ছাতৰ- সকলব দ্বাবা পৰিচালিত হবলৈ ধৰিলে। শ্রীযুত সোণাবাম চৌধুবা সেই বছবৰ "জোনাকী'ব প্রকাশক। যি হওক, প্রবশ্বগৌৰৱত এই বছবৰ "জোনাকী"ফেও আগব কেইবছবব "জোনাকীবি সম্মান অক্ষুন্ন বাখিব পাৰিছিল বুলি মোর বিশ্বাস। যষ্ঠভাগ "জোনাকী'ব প্রকাশক শ্রীতে মীনধৰ হাজৰিকা। এই ভাগব সম্পকে'ও পঞ্চম ভাগৰ সম্বন্ধে কোৱা কথা নাখাচিবৰ কাৰণ নেদেখোঁ। ইয়াৰ পিছত "জোনাকী"স্নে আকাৰ সলাই ডাঙৰ আকৃতিৰে প্রহ্মাষ্পদ সাহিত্যিক সুলেখক শ্রীধত সত্যনাথ বৰা বি-এল ডাঙৰীয়াৰ সম্পাদকতাত গুৱাহাটীৰপৰা ওলাবলৈ ধৰে। তাৰপৰাই ৩ বছৰৰ ৩ ভাগ গুলাই "জোনাকী" চিৰকাললৈ অন্তর্ধান হয়। কোৱা বাহুল্য যে বৰা ভাঙৰীয়াৰ বিচক্ষণ হাততো "জোনাকী'ত মোৰ "আজি", "চেনিচম্পা", "কেকো ককা", "জয়ন্তী", "পুত্রবান পিতা" নামৰ সৰু, গল্পবোৰ ওলায়।

২নং ভবানীচৰণ দত্তৰ লেনৰ মেছত থাকোতেই আমি ভ্ৰমৰঙ্গৰ ভাৱনা কৰোঁহক। ভ্রমবঙ্গ ছেক্সপিযেৰৰ 'কমেডি অব এবছ"ৰ অসমীয়ালৈ ভাঙনি। এক্ষেশ্বৰ বৰুৱা, শ্রীযুত বমাকান্ত বৰকাকতী, শ্রীযুত গজানন ববুরা, ঘনশ্যাম বৰুৱা এই চাবিজনে গোট খাই এই ভাঙনি কৰে। শ্রীযুত শিৱৰাম বৰদলৈ আৰু লেখক সহাযক হয়। এই কাষ'ত আগৰপৰা অন্তলৈকে বন্ধুধৰ বৰুৱাৰ বৰ উৎসাহ আছিল। ভ্রমবঙ্গ নামটো শ্রীভূত শিৱৰাম বৰদলৈৰ দান। তেওঁ "প্রমৰং লাস্তিমূলং" বলি তাৰ সংস্কৃতি বাৎপতি (derivation) উলিয়াই আমাক হ'হ'ৱাইছিল।

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক