shabd-logo

। চতুর্থ আষ্যা।

27 December 2023

0 দৰ্শন কৰা হৈছে 0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্বশী। শিৱসাগৰ সমতল, চকুৰে দেখালৈকে প্রায় পর্বতশূন্য নিৰাভৰণা; মাথোন তেওঁৰ ক্ষীণ হাত দুটি দিখৌ আৰু, দিচাং নামৰ সৰু বলব এষুবিয়ে অলপ উজলাই ৰাখিছে। গুৱাহাটীবপৰা নাৱেৰে আহোঁতে, ব্ৰহ্মপুত্ৰৰ ওচৰত বিদায় লৈ দিখৌৰ বুকুত সোমাওঁতে মোব যেনে লাগিছিল, নামনি আৰু, মাজ অসম এৰি ৰংপুৰ চহৰত সোমাওঁতেও মোৰ তেনে লাগিছিল। নতুন ঠাই, আমাৰ নিজা পুৰণি ঘৰ ৰংপুৰলৈ যাব লাগিছোঁ, ৰংপুৰ নোপোৱালৈকে এই আনন্দই যেনেকৈ মোক আপ্লুত কৰি ৰাখিছিল, ৰংপুৰ পালত, সেই আনন্দ এটা অনির্বচনীয় বিবাগে শুকাই পেলালে।

অসম দেশখনক গোটেই ভাৰতৰ আন আন দেশবোৰেৰে সৈতে ৰিজাই কোনো কোনোরে জকাইচুক বলি উপলুঙা কৰা শুনিছোঁ তেনেকুৱা উপলুঙীয়া বিজনিকে দি যদি নামনি অসমৰে সৈতে উজনিৰ শিৱসাগৰক চোৱা যায়, তেনেহলে শিৱসাগৰকো অসম জকাইৰ চুক বুলিলে বলিব পাৰি। অন্ততঃ আকৃতিত নহলেও প্রকৃতিত-কিচ্ছু জকাইৰ চুকটোক অগ্রাহ্য আবু, অমান্য কবি চলিলে যেনেকৈ জকাইখনৰ কোনো মূল্যে নাথাকে, শিৱসাগৰকো সেইদৰে অগ্রাহ্য অমান্য কবিলে অসমৰ মূল্য নাথাকে। বি হওক অতি শীঘ্ৰে শিৱসাগৰৰ সম্পৰ্কে বিৰাগৰ এনে ভাব মোৰ মনৰপৰা আঁতৰি তাৰ ঠাই অননুযোগে অধিকাৰ কৰিলে। তাৰ কাৰণ, শিৱসাগৰৰ বিশাল বিতোপন বৰপুখুৰী আৰ, পাৰত ওখ ভাঙৰ দৌল তিনিটা। শঙ্কৰদেৱৰ ভাষাৰে কবলৈ গ'লে, এই দৌল তিনিটাৰ বিষ্ণুদ'ল আব, দেৱাঁদ'ল-দুকাষৰ এই দ'ল

স্মরণ' বজত লোহা জলে তিনি শৃঙ্গ।

চক্ষত জমক লাগে দেখিতে বিবিঙ্গ। দ টাত যদিও বজতৰ শৃঙ্গ নাথাকি লোৰ চকু আৰু ত্রিশুলে সেই কাম কৰিছে, মাজৰটোৰ অৰ্থাৎ শিৱদলৰ ওপবত "চকুত জমক লগোৱা বিবিঙ্গ শৃঙ্গই তিৰি-মিৰি কৰি দশোদিল" প্রকাশি যে শিৱসাগৰৰ মহিমা উজ্জল কৰি ৰাখিছে, তাক এশখন মুখেযে কব পাবি। সুশীতল নির্ম'ল জলেবে, চপীয়া শিৱসাগৰৰ বর্ষপু,বাঁটোকো সৰোবৰৰ সন্মান দি, শ্রীশঙ্কৰদেৱৰ অমতমন ভাষাৰে আকৌ এইদৰে বর্ণবি পাৰি- সাগৰ-সঙ্কাশ দেখি প্রত্যেক।

তাহাৰ মাঝে সৰোবৰ এক।

সুবর্ণময পদ্মে আছে জুৰি। জমবে মধু, পিয়ে তাত পৰি।

ৰাজহংস আদি যতেক পক্ষী। পৰি পাৰ থাকে নাযায় উপেক্ষি। 

এনে বিধৰ বৰপুখুৰীটোৱেও অচিৰতে মোৰ মন হবণ কার্য' সম্পাদন কৰিলে। ইয়াক উপৰিও কোবাল-সোঁতাঁয়া আব, "মানুহ-পৰি-মৰা" ওখ গযাবে দিাখী নৈয়ে আব, দিখোৰ সিপাৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতলি ঘৰ, জয়সাগৰৰ দৌল আৰু প্রকাণ্ড পূৎবী প্রভৃতিয়েও যে সোনকালে এই মোৰ মন-হৰণ ভাওনাত ডাঙৰ ডাঙৰ ভাৱৰীয়াৰ ভাও দি সহায় কৰি সেই ভাৱনা সুকলমে সমাপন কৰিলে এইটো কোৱা বাহুল্য মাথোন। মোৰ পক্ষে শিৱসাগব শাঁয়ে আনন্দ-সাগৰ হ'ল, বংপুৰ ৰঙৰ আলয় হ'ল।

শিৱসাগৰৰ ঘৰত উমলিবলৈ মোৰ দুটা ভতিজাক লগৰীয়া স্বৰূপে পালোঁ; এটি মোতকৈ ডেৰ বছৰৰ বৰ, আনটি মোতকৈ অলপ সব। প্রথম দিনতে মই আবিষ্কাৰ কবিলোঁ যে সিহ'ত দুয়ো মোতকৈ বেছিকৈ পড়িছে; অরশো বঙ্গলা কিতাপ। সিহ'ত দুয়ো সিহ'তৰ বঙ্গলা বিদ্যাৰ "ভূববিবাজীবে" অস্তেকতে মোক অবাক কৰি দিলে। বঙ্গলা পদ্য-পাঠৰ পদ্য মোৰ আগত সিহ'তে মাতি মোক এক প্ৰকাৰ গতি পেলালে বুলিব লাগে। তাৰ এটা পদ্য মোব এতিযাও মনত আছে যথা- পর্ব'তে খুসল মেঘ হইল উদয।

ভয়ঙ্কৰ শব্দ কবি বেগে বায, বর্ষ। পাতা উড়ে ফল পড়ে ভাঙ্গিতেছে ডাল। উড়িল বাতাসে সব কটীবেৰ চাল। নদী জালে উঠে ঢেউ পর্বত সমান। উপাষ নাপায় মাঝি কবে হায় হাস। দুয়ো লগ লাগি "ভয়ঙ্কব শব্দ কবি" এই প্রচণ্ড পদ্য মাতি মোৰ ওচৰত প্রথম দিনতে এনে "বেগে বায়," বোৱাবলৈ ধৰিলে যে মোৰ লখীমপুৰীয়া আবু, গুৱাহাটীয়া বিদ্যাৰ গর্বে'ৰে ছোৱা মন-কুটীৰৰ চাল উৰি কৰবাত পৰিলগৈ মোৰ শান্ত মনাহ নৈৰ জলত পর্ব'ত সমান ঢৌ উঠিল, তুলনাত মোৰ বিদ্যাহীনতাৰে চৈ দিয়া টুলুঙা নাওখান টুলুং ভুটুং কৰি বৰোঁ বুধোঁ হ'ল আৰু, মই উপায় নাপায় অস্তবত হায়! হায়! কবিবলৈ ধৰিলোঁ। তেতিয়াই মই মনতে সঙ্কল্প কৰিলো যে সিহ'তে যিটো খাৰ ঘৰৰপৰা খাৰ বাবদে সংগ্রহ কৰি মোৰ ক্ষুদ্র কিল্লাটো ফতে কবিলে, সেই খাৰ ঘৰৰপৰাই অতি শাঁস্ত্রে নয়ো খাৰ-বাৰুদ সংগ্রহ কৰি সিহ'বে সৈতে সমানে ৰণ দিম। যেনে সঙ্কল্প তেনে কাষ' হ'ল; সিহ'তে পড়া বঙ্গলা পদাৰ কিতাপখন দুই-চাৰি দিনতে পঢ়ি আৰু সিহ'তে মুখস্ত কৰি থোৱা কবিতাকেইটা মুখস্থ কবি পেলালোঁ। তেতিয়া সিহ'তে পদ্য মাতিলে ময়ো যেতিয়া সিহ'তেবে সৈতে সমানে সেই পদ্য মাতি বা সিহ'তে মাতৈাঁতে লবি আগবাঢ়ি কাউন্টাৰফায়াৰেৰে (counterfire-এবে) অর্থাৎ প্রত্যাগ্নিৰে পদ্যাগ্নি ননুমাবলৈ ধৰিলোঁ, আমাৰ ভিতৰত সংঘটিত পদ্য শৃংঙ্খখন স্থগিত হৈ শাস্তি স্থাপিত হ'ল। কিন্তু কুইনিনে হোঁচা মাৰি ধৰি ৰখা মেলেৰীয়া জবৰ নিচিনাকৈ সোনকালে সি আন আকাবেবে দেখা দিবলৈ সৰহ দিন নালাগিল। ওপৰত কৈ অহা খণ্ডযুন্বত যদিও যোধা দুজন হাবিছিল, সিহ'তে আকৌ শক্তি সংগ্রহ কৰি নোবে সৈতে গেবিলা-রাবফেত্নাৰ (guerrilla-warfare) অর্থাৎ অনিয়মিত ভাবে "হারবানি বৃদ্ধ" আবন্ত কবি দিলে। এই যুদ্ধত বঙ্গলা যাত্রা-গানৰ "টেঙ্ক" (tank) ওলাল। আমি শিৱসাগৰলৈ যোৱাব কিছু দিনৰ আগতে হেনো বৰপেটাৰ বিখ্যাত তিখিবাম বায়নে তেওঁৰ বঙ্গলা "যাতা-গানৰ-পালা" লৈ উজনি দিগ্বিজয় কৰি ফুৰিছিল। বায়নব সেই যাত্রা-গানৰ অন্তর্গত বাধাৰ "মানভঞ্জন পালা"ৰ পৰা একো একোটা গানৰ একো একো বিকৃত টুকুৰা পুব-লয়-তান-শূন্য কৰি "গিৰি-গুহা-বন-নদী-সবোব'ৰ ওপবেদি দুয়ো হবে, হবে, কৰে চলিবলৈ ধবিলে; আৰু তাৰ প্ৰবল গতিত মানভঞ্জনৰ গানবোৰ ডালে-পাতে চুপীকৃত হবলৈ ধৰিলে। সেই গীতবোৰৰ এডোখৰ কঙ্কৰ এতিয়াও মোৰ মনত গধৰ হৈ পৰি আছে; যেনে-

ও বাই। আগে প্রেম কৰিলি হেসে হেসে।

এখন কান্দ কেন নির্জনে বসে। মই ভাবিলোঁ, ই কি হ'ল। এইবাৰতো মোৰ আৰ, বক্ষা নাই। মোৰ দেখোঁ পতং! তেতিয়ালৈকে মই কোনো বঙলা যাত্রা গান দেখা নাছিলোঁ, শুনা নাছিলোঁ। গতিকে এই musician "সঙ্গীতজ্ঞ" 'দুজনৰ হাতত মোৰ ঘাট অনিবার্য'। মই দেখা আৰু শুনা অসমীয়া ভাবনাৰ গাঁত-পদ-বাইক-বচন দুটা এটা মাতি এই ভবানক "ধাক্কা" চম্ভালিবলৈ প্রাণপণে চেষ্টা কৰিলোঁ হয় কিন্তু প্রতিপক্ষই মোৰ সেইবোৰক ধলি মাকতি rubbish আব, অসভ্য বুলি একে ঢিলিকিতে উৰাই দিলে; যদিও সিহ'তে তেতিয়ালৈকে কোনো ভারনা দেখা নাছিল। বঙ্গলা ভাষা, বঙ্গলা গান, বঙ্গালীৰ নিচিনাকৈ চুলি কটা, চুঝিয়া-চোলা পিম্বা, মুঠতে বঙ্গালী "ফেশান" (fashion) আৰু everything Bengali অর্থাৎ যি-কি নহওক সকলো বঙ্গালী আমাৰ অসমীয়াতকৈ যে শ্রেষ্ঠ, এই বোগে তেতিযাৰ ডেকা তৰপৰ গাত ভাল কযে ধৰিছিল আৰু, এই ৰোগৰ প্রকোপ ইমান বাঢ়িছিল যে ডাঙৰ ডাঙৰ সতবোৰত সুন্দৰ অসমীয়া অঙ্কীয়া ভাৱনাৰ লগে লগে নাইবা অঙ্কীযা ভাবনাক খেদাই নাট বড়োঁতা গোসাঁই মহস্তসকলে বাৰেবাঙ্কৰা অশুধ বঙ্গলা ভাষাত নাট বচি, ভাৱনা কবি, নিজক গৌৰৱান্বিত আৰু, দর্শকক সুখী বিবেচনা কবিছিল। বৰবোৰ যেনি যায় সব বোৰো তেনি যায়, গতিকে ময়ো ভাবিলো যে মোৰ বঙ্গলা গানৰ অনভিজ্ঞতা অমার্জনীয়। আকৌ ভাবিলোঁ মোবে বা দোষ কি? মই বঙ্গলা যাত্রা দেখিবব, বঙ্গলা গান শুনিবৰ সুবিধা ক'ত পালোঁ যে মই ইহ'তেৰে সৈতে সেই বিষয়ত সমানে জোৰ মাৰিম? ইয়াকে ভাবি মৌন হৈ, আকাৰে ইঙ্গিতে প্রতিদ্বন্দ্বী- সকলৰ ওচৰত ঘাট মানি শিৱসাগবলৈ তিথিৰাম বায়নৰ পুনৰাগমনৰ প্রতিক্ষা কৰি "নিচুকি শুভিয়া বৈলোঁ।"

কিন্তু ষি হওক, অচিৰতে আন আন সকলো বিষন্নতে ঘৰৰ ল'ৰাবোৰৰ আৰু, ওচৰ- চুবুৰীয়াব সমবয়স্ক বালকবন্দৰ নেতাৰ স্থান মই অধিকাৰ কৰিলোঁ, আৰু সেই অধিকাৰত কোনো বিবাদী নহ'ল। মোৰ পৰিচালনাত পৰিপক্ক বালকব দেবে সৈতে অনেক প্রকাৰ বং-ধেমালি আৰ, খেলত মই পৈণত হৈ পৰিছিলোঁ। যেনে-হৈ-গগুদে, টাংগুটি, লুকাভাম্পু, পাঁচি, কচুগুটি, বাঘ-গৰু, খেলা, গহত উঠা, বৰলী বাই মাছ ধৰা, ইত্যাদি, ইত্যাদি। সেইকালত ফুটবল, হকী আৰু, টেনিছ খেলে আমাৰ দেশত 'উকি মধা' নাছিল; অরণ্যে ক্রিকেট খেলা দেখিছিলোঁ, আৰু, অলপ ডাঙৰ হৈ দুই চাৰিদিন খেলিছিলোঁও। আমাৰ এটা পানীখোৱা পুখুৰী আছিল, আৰু, সি আহল-বহলত পৰি মৰা বিধৰো নাছিল; অর্থাৎ সেইকালত তাক এটা বুজন বিষৰ পুখুৰাঁকেই বুলিব লাগে। বাৰিষা তাত পানী উপচি থাকিছিল, আৰু, খালি পানী শুকাই সি কেটেঙাও নহৈছিল। বাঝিযা পর্ব'তৰ ডিঙত যেনেকৈ ম'ৰাৰ আনন্দৰ চালি, বাৰিষা আমাৰো সেই পুখুৰীৰ পাৰত হাঁহি ধেমালি আৰু, খিকিন্দালি। দিন নাই, ৰাতি নাই, সময় নাই, অসময় নাই, কাৰণ-অকাৰণত সেই পুৰোঁত আমাৰ নাদোৰ-সাঁতোব জাঁপ আৰু, খৰ। থির-সাঁতোৰে, চিলনাঁ সাঁতোৰ আদি কত বকমৰ সাঁতোৰৰ আন্দোলনেৰে সেই পুংস্কৃতি হেন্দোলদোপ লগাইছিলোঁ, তাক আমি জানিছিলোঁ আৰু, সেই পূবাঁয়ে জানিছিল। বোধকৰো আমাৰ অতিবিষ্ণু উৎপাতৰ প্রতিবাদ স্বৰূপেই হ'বলা, এদিন আবেলি সকলোৱে দেখি আচৰিত মানিলে যে হঠাৎ সেই পুখুৰীটো খলকিবলৈ ধৰিলে। চাৰিওফালৰপৰা পানীবোৰ, কিহে কব নোৱাৰো, সামৰি নি পুৎবাঁৰ মাজৰ নাদব ওচৰত গোটাই পর্বতৰ ওখ টিৎ যেন কৰিলে আৰু, খন্তেকতে চাৰিওপাববফালে মাৰি পঠিয়ালে; আকৌ সেইদৰে চপাই ওখ কৰিলে, আকৌ মেলি দি চাবিওপাৰ ধোঁৱাই পেলালে, ঠিক যেন পুংখুৰীৰ সাগৰৰ পানীৰ ঢৌৰ উঠা-নমা আৰু আগবঢ়া পিছহোঁহকা। এনেকৈ দহ মিনিটমান আন্দোলিত হৈ পূবাঁটোরে আকৌ আগৰ সৌম্য শান্ত মুতি' ধাৰণ কৰিলে। এইটো কিবা আধিদৈরিক বা আধিভৌতিক উৎপাত বুলি ধৰি পিতৃদেৱতাই পণ্ডিত ব্রাহ্মণসকলৰ দ্বাৰাই ইয়াৰ পিছত স্বত্তায়ন, শান্তিকাম কৰোৱালে আৰু নামঘৰ বা গোসাঁই-খৰত পাল-নাম গোৱালে। এই ঘটনাৰপৰা কিছু দিনলৈকে আমি সেই পুখুৰীত আমাৰ উৎকট জল-ক্রীড়া স্থগিত কবি বাখিছিলোঁ; কিন্তু তাৰ পিছত-যথা পূর্ব'ং তথা পৰং।" সকলোতকৈ সৰহ সময় মই পানীৰ তলত বুৰ মাৰি থাকিব পাৰিছিলোঁ আৰু একে বুঝতে চাবিপৰীয়া পুখুৰীটোৰ এচুকৰপৰা diagonally আনটো চুকত ওলাইছিলোঁগৈ। পুখুৰীটোৰ এটা পাৰত একে ঠাইতে লগালগিকৈ এজোপা কঠাল, এজোপা তামোল আৰু, এজোপা তেতেলি গছ আছিল। তেতিলি গছৰ ডালবোৰ পুখুৰীটোৰ পানীৰ ওপৰলৈকে মেল খাই গৈছিল। তেতেলিৰ ডালত উঠি তাৰপৰা জাপ মাৰি জপং কৰে পানীত পৰাটো মোৰ নিত্যকর্ম'ৰ এটা কর্ম' আছিল। পাৰবপৰা ওলোটা খৰ মাৰি পুখুৰীত পৰাটোও মোৰ আন এটা বাহাদুৰীৰ কাম আছিল। মুঠতে ঘাটেদি বা সোঁবাটেদি পুখুৰীত নামি গা যোয়া বা

পূবাঁৰ সৈতে "লেনদেন" কৰাটো মোৰ স্বভাৱব্যি হৈ পৰিছিল। মই সাঁতোৰা বিদ্যাত পৰিগঞ্জ হলোঁ যেতিয়া সঙ্গীসকলেৰে সৈতে বৃস্তি কৰি একো একোদিন দিখৌত সেই কার্য' কৰিবলৈ ধৰিলোঁ। বাৰিষা দিখৌত সাপৰ-নেগুৰ-ছিগা সোঁত। একো একোদিন তেনে দিখৌত পৰি সাঁতুৰি ইপাৰ-সিপাৰ হৈছিলোঁ। দিখৌৰ দুই পাবে দুটা খুটা পুতি তাৰপৰা লোৰ তাঁৰ লগাই তাত পাব-নাও বান্ধি মান্দহ, ঘোঁৰা, গাড়ী আদি পাৰ কৰা হয়। বাৰিষা আমি সেই পাৰ-নাৱত উঠি নৈৰ মাজ পাই তাত নাৱৰপৰা খৰ মাৰি দি পৰি সাঁতুৰি পাৰ হওঁ। এইটো উজ্, কাম যে নহয়েই বৰং risky বিপদজনকেই বুলিব লাগে; কিন্তু মোৰ মনত ভয়-সংশয় একো নৃপজিছিল। এই কার্য কিন্তু আমি পিতৃদেৱতাৰ অগোচৰতহে কৰিছিলোঁ, কেনেবাকৈ তেওঁব গোচবলৈ আহিলে শান্তি পাইছিলোঁ।

বদ,বাম মুক্তিয়াৰ নামৰ ভকত এজনক আমাৰ পুখুৰাঁ পাৰতে ঘৰ দি দেউতাই ৰাখিছিল। তেওঁ কমলাবাৰী সত্ৰৰ ভকত আছিল। কমলাবাৰীৰ ভকতক সদায় পূত্বা- গধ,লি একো কঠা চাউল দি আমাৰ ঘৰত পোহা পিতৃদেৱতাৰ এটা অখণ্ড কার্য' আছিল। বুদাম মঞ্জিয়াৰক আমি সকলোৱে "বদ, আতৈ" বলি মাতিছিলোঁ আৰু, শ্রদ্ধা আৰু সম্মান কৰিছিলোঁহক। তেওঁ বাড়েৰ কাম ভালকৈ জানিছিল। তেওঁৰ দ্বাৰাই আমি পমা কাঠব সব, নাও এখন কৰাই লৈ পুখুৰীত নাও বাই ফুৰি, মাজতে আপোন ইচ্ছাতে নাওখন বুবাই, পানীতে আকৌ সি'চি লৈ তাত উঠি অপাৰ আনন্দ ভোগ কৰিছিলোঁ। মোৰ এই নৌ-বিহাৰ ইমান বঢ়া-বড়িত পৰিছিলগৈ যে দেউতা খুলে জোনাক ৰাতি মনে মনে আহি নাও খেলাই ফুৰিছিলোঁ। "সম্বমত্যন্তং গাহি'তং" বুলি কোৱা কথাই ফলিল। এদিন বাতি সেই কার্য' কৰি থাকোতেই হাতে-কলমে ধৰা পৰিলোঁ; "ফলং প্ৰহাৰং" হ'ল আৰু, পিছদিনা নাওখন forfeited অর্থাৎ "জপৎ" যা জৰিমনা হৈ কটা পৰিল আৰ, দুই-চাৰি দিনতে সি বুদ, আতৈৰ সহায়ত এখন তঞ্জাপোছ বা চালু, পীৰাত পৰিণত হ'ল। ইদ্ৰৰ দোষত আশ্রম-বিহাৰী অহল্যা সুন্দৰী পাষাণী, হৈছিল, আৰু, মোৰ দোষত আমাৰ জলবিহাৰী নাও-সুন্দৰা চালপীৰা হ'ল!

লগুণ-দিয়নি। একেদিনাই মোৰ আৰু, মোৰ ভতিজা এটাৰ লগণ-দিয়নি হৈছিল। যদিও "প্রাইভেট" (private) অর্থাৎ অশাস্ত্রীয় বকমে মোব কর্ণ'ষেধ অর্থাৎ কাশ বিশ্বনি কেতিয়াবাই হৈ, কাণৰ ভোমোলা পিম্বাত সাঁহৰ ক'ৰিয়া, খৰিকা আৰু কুহিলাৰেপৰা আৰম্ভ কবি সোণৰ বাখৰ পতোৱা লংকে, পর্যন্ত সোমাই ওলমি টিথিল ঘিলাইছিল, তথাপি "অফিচিয়েলি" (officially) অর্থাৎ শাস্ত্রীর বকমে কর্ণ'বেধ আৰু, চুডাকৰণ আদি ব্রাহ্মণৰ দশসংস্কাৰৰ ভিতৰুৱা সংস্কাৰ সেইদিনা লগুণ-দিয়নিৰে সৈতেছে সমাপিত হৈছিল। এটা কথা এইখিনিতে কৈ থোরা যাওক যে লগুণ-দিয়নিলৈ চাৰি-পাঁচ দিন থকাৰেপৰা দিনো আমাৰ ঢোলৰ ভিতৰত নিবাস কৰোঁতা অল্প।ঋণসকলৰ বহাৰ পৰা অন্ন-ব্যঞ্জন ভোজনৰ অর্থে' মোলৈ ভুৰি ভুৰি নিমণ্ত্রণ আহিছিল; আৰু মই আনন্দ মনেৰে নিমন্ত্রণবোৰ ৰক্ষা কৰি আত্মতুষ্টি আবু, পবতুষ্টি সম্পাদন কৰিছিলোঁ। এনে মুৰামুৰি সময়ত এনে নিমন্ত্ৰণৰ জাউৰি উঠাৰ অৱশ্যে মানে আছিল। শাস্ত্রব বচন হৈছে, "জন্মনা জায়তে শদ্রঃ" অর্থাৎ উপজিবৰেপৰা যদিও মই বামুণৰ ল'ৰা, তথাপি শাশ্চমতে সংস্কাৰ নোহোৱালৈকে এজতুরা শংদিৰ হৈয়ে আছিলোঁ :-যদিও এনেকুৱা শূরত্ব অমুক শর্মা পণ্ডিত বিদ্যানৰ বাপুৰ ঘৰৰ পখিলী নামৰ মেকুৰীজনীক  মেকুৰীত্ব'ৰ শাৰীবহে। অর্থাৎ পণ্ডিত বাপু,দেউৰ মেকুৰীজনী যদিও বামুণৰ ঘৰব মাজাৰী, তথাপি তাই থিতাতে ওচৰ-চুবুৰীয়া কৈৱত'ৰ ঘৰত সোমাই পোৰা মাছ প'ইতা ভাত খাই জিভাৰে কোৱাৰি চেলেকি আছি, পণ্ডিত বাপুৰ ভাতৰ পাতৰ পৰাও তপত তপত ভজা মাছ লৈ যদিও দ্রুত গতিবে প্রস্থান কৰে, তথাপি বাপুৰ বঢ়া ভাতে অশুচি হব নোখোজে কাবণ বাপুৱে বিৰালীৰ ব্যৱহাব দেখি কিংকর্তব্যবিমূঢ় নহে "মাজাবী গমনে শুদ্ধি” বুলি মন্ত্র মাতি সেই অন্নকে শৃদ্ধ কৰি লৈ, নাগ-কুর্ম'কে প্রমুখ্য কৰি পঞ্চ দেৱতাক অপণ কৰি পন্ডগ্লাস কৰি ভোজন কৰাত গুটি নাই। যি হওক, "সংস্কাবাৎ দ্বিজ উচ্যতে" অর্থাৎ মোক লগণ দিলেই মই দ্বিজ হম, আব, দ্বিজ হলেই শদিবব ঘৰত ভাত খোৱাৰ স্বাধনিতা মোৰ নাইকিয়া হব; মই বাম,ণৰ শাবীলৈ উঠিম, আবু, উঠিলেই চিৰকাললৈকে মই খুদিৰ বন্ধুসকলবপৰা বিহাবত নহলে অন্ততঃ আহাবত এবা-এৰি হম; এই নিমিত্তে, অর্থাৎ মই বামুণ হোৱাৰ বিপদত বা সম্পদত পৰাৰ আগতে, মোক তেওঁলোকৰে এটা বুলি ইমানদিন ভাব কৰি আহোঁতা তেওঁলোকে ভালকৈ একো সাজ খুৱাই তৃপ্তিৰ যাব শুজি লৈছিল।

শিৱসাগৰত ত্রিলোচন শর্মা নাজিব বুলি এজন ডাঙব পণ্ডিত ব্রাহ্মণ আছিল। তেওঁ সকলো বাম,শাঁয়। বিধি-বিধান দিযা কার্য'ত, আব, শান্তি-কবম, গ্রহবজ্ঞ, তিলহোম, বটুক-পাঠ, বিয়া-শৰাধ আব, লগুণ-দিযনি আদি কার্য'ত অতি পৰিগঞ্জ আছিল। সাঁচাকৈয়ে ত্রিলোচন নাজিবদেউ বব পণ্ডিত মানুহ আছিল। নাজিৰ আমাৰ ঘৰব পুৰোহিত আছিল। মোৰ লগুণ-দিয়নিত তেওঁরে'ই প্রধান দ্রষ্টা আছিল। অপ্রধান কার্য কাৰক আন আন অনেক পণ্ডিতেৰে সৈতে, লম্বোদব নামেৰে বৃদ্ধ পণ্ডিত এজনৰ কথাও মোৰ মনত আছে। হোমৰ অন্তত লম্বো বাপুরে যেতিযা হাতত দুর্বা লৈ, শুবৰ নালৰ তলিত হোমব ঘিউৰে সৈতে ভস্ম বা ছাই সানি সেই ভষ্মব ফোট মন্ত্র মাতি আমাৰ কপালত দিবলৈ উদ্যোগ কৰিছিল, সেই উদ্যোগ-পর্ব'ৰ অভিনয় দেখি, হাঁহিযে মোৰ পেটত আঙোব-পাঙোব কবি মুখৰপব্য খুকখৎকেনি তুলি দিছিল। পিতৃদেৱতাব এটা ডাবিয়েহে সেই বিদ্রোহী হাঁহিক দবাই তেতিয়া মোক প্রকৃতিস্থ কৰিব পাৰিছিল। হাঁহিৰ কাৰণটো অৱশ্যে মই কওঁ-লম্বো বাপ, বুঢ়া মানহে। তেওঁৰ হাত বৰকৈ ক'পিছিল। 'কান্ডাৎ কান্ডাৎ প্রৰোহন্তী পৰুষঃ পঃ পৰি এৱা নো দুর্বে প্রতন, সহস্রণে শতেন চ' (ইয়াৰ মানে-প্রত্যেক কাণ্ড বা গাঁঠিৰপৰা দুৰ্বাক্ষুৰ যেনেকৈ উদগত হয় আৰু, পবষ-পৰম্পৰাক্ৰমে বর্ধিত হয়, তুমি, হে দংবা। সেইদৰে বংশপৰম্পৰাক্রমে শত-সহস্র বর্ধিত কৰাঁ) বেদৰ এই শ্লোকটো মাতি লম্বো বাপুৱে যেতিয়া আমাৰ কপালত ভষ্মৰ ফোট একোটা দিবলৈ গৈছিল, আমি পরিত্র ফোট লবলৈ তেতিয়া তেওঁৰ আগত আঠু কাড়ি আছিলোঁ। তেওঁ কাঁপা হাতেৰে অতি কষ্টেৰে ফোট দিবলৈ গৈ, সেই ফোট ঠিক ঠাইত দিব নোৱাৰি, কাৰো চেলাউৰিত, কাৰো নাকত, কাৰো গালত, তেওঁৰ অতি অনিচ্ছাসত্বে দিছিল; দিছিল মানে, তেওঁ দিয়া ফোট আপোন মতলবেৰে য'তে ত'তে পৰিছিল। ফোটন এনে বিপৰীত বিন্যাস লক্ষ্য কৰি বেদমস্তৰ উদাত্ত-অনু,দাও স্বৰবিকম্পিত গাম্ভীর্যাব ব্যোম ভেদ কবি মোন খুকীয়া হাঁহি বিষম বিদ্রোহী হৈ উঠিছিল। এই ব্যাপাৰটো ঠিক যেন-কোনো স্বাপ্যংগীয়া পূজাৰীয়ে তেওঁৰ গোসাঁইঘৰত অকলৈ বহি শ'লগ্নাম বা দেৱতাৰ মতি'ৰ আগত মুদ, কণ্ঠেৰে একান্ত মনেৰে স্তোত্র পাঠ কৰি থাঁকোতে সেই গোসাঁইৰ ঘৰৰ মধচত জানিবা দুটা ভালশলিযাব স্বন্দ-হাইব ধ্বনিবে অকস্মাৎ সেই পরিত্ত স্তোৱৰ পৱিত্ৰাৱৰণ-ভেদ।

লগণ-দিযনিব অন্তত যেতিযা টকলামংবীয়া এডলীযা টিকনীয়া "বাচ্চা" ব্রহ্মচাৰী ল'ৰা মই হাতত পলাশৰ ডাল এটাৰ দণ্ড, কমণ্ডল, আৰু, ভিক্ষাৰ মোনা হাতত লৈ মাতৃদেৱীৰ আগত উপস্থিত হলোঁগৈ, আৰু, "ভরতি মাতব ভিক্ষাং দেহি।" বুলি তেওঁক ভিক্ষা মাগিলোঁ, আৰু মোক বেঢ়ি থকা নামতী তিৰোতাবোৰে "-এ নাবাবা বৰাগী হৈ এ।" বলি করুণ বসাত্মক গাঁত ধৰিলে, দেখিলোঁ মাতৃদেবীৰ চকু চলাঁয়া হ'ল আব, তেওঁ বিহাৰ আঁচলেৰে চকু মচিবলৈ ধবিলে। কিয় কব নোৱাৰোঁ, ততালিকে মোৰো চকুৰপৰা দুধাৰ লো বৈ গ'ল। মই তিনি দিনলৈকে এই ব্রহ্মচর্য'। বাখি অন্তত দন্ড পবিত্যাগ কৰিলোঁ। সন্ধ্যাব সব, পুথি এখনৰ মন্ত্র এই তিনি দিনৰ ভিতৰত সম্পর্ণ কৈ মংখস্থ কবিবলগীযাত পৰিছিলোঁ; আবু, অগত্যা কৰিছিলোঁও। প্রথম দিন- চেবেকলৈকে আনে দেখুৱাই দি মোক সন্ধ্যা কবিবলৈ শিকাইছিল; পিছত নিজেই কৰিব পৰা হলোঁ।

তেতিযা সন্ধ্যাৰ মন্তবোৰ মোৰ মনত নগৰ দোৱান যেন লাগিছিল; কাৰণ তাৰ মানে একো নবে, জিছিলোঁ আৰ, আনে বজাইও নিদিছিল, অথচ মুখস্থ মাতি সেইবোধেবে সন্ধ্যা কৰিবলগীযাত পৰিছিলোঁ নকৰিলে হেনো ব্রাহ্মণ পতিত হয়। সেই দেখি প্রাণপণে সেই কার্য' সমাপন কবিছিলোঁ। মই অনেক কালৰ পিছতহে হাদযঙ্গন কৰিছিলোঁ যে সন্ধ্যাৰ বেদমন্ত্ৰবোৰৰ মানে অতি সুন্দৰ; অথচ মোক আগে সেইবোৰৰ মানে কোনেও ভালকৈ বংজাই নিদি সেইবোৰক মোব পক্ষে সন্নিপাত জৰেত পৰা মানুহব বাঁ-বিয়নি আৰু সন্ধ্যাব অনুষ্ঠানবোৰক সেই নবিয়াৰে আনুষঙ্গিক বন্ধু বুলি ভবা কৰি তুলিছিল। আগডোখবত সেই দেখিয়েই মই দিনো পাঁজি মেলি আঁউসী একাদশী বিচাৰি ফুৰিছিলোঁ, যাতে সন্ধ্যা খতি পাওঁ কাৰণ "সাবং সন্ধ্যা ন্যান্তি" পাঁজিব বচন মোৰ পক্ষে স্বস্তি-বচন হৈ পৰিছিল।

প্রথমতে মোক বঙ্গলা স্কুলত নাম লগাই দিয়া হ'ল, একেবাবেই তৃতীয় শ্রেণীত। সেইকালত অসমীয়াৰ মাতৃভাষা বঙ্গলা; অসমীয়া ভাষাটো এটা স্বতস্তৰীয়া ভাষা নহয়, মাথোন বঙ্গলা ভাষাৰহে এটা হেনাহুচা মাত, এই ভ্ৰমৰ বশবর্তী হৈ গৱণ'মেন্টে আসামত অসমীয়া ল'ৰাৰ নিমিত্তে "আদর্শ' বঙ্গ বিদ্যালয়" নাম দি ছাত্রবৃত্তি পাছ কৰিবলৈ বঙ্গলা স্কুলবোৰ পাতি দিছিল। আমাৰ শিৱসাগৰতো ইংৰাজী স্কুলৰ ওচৰতে শাৰী পাতি এনেকুৱা মিছা দাবীৰ ঢোকাৰে থিয হোৱা আদর্শ'-বঙ্গ-বিদ্যালয় এটাই বৰ ঘৰ, বৰ মেজ, বৰ চকা, বেঞ্চ লৈ, অসমীয়া কুমলীয়া ল'ৰাৰ কুমলীয়া মনৰ ওপৰত ঘোঁহ, পিহা জাতৰ নিচিনা বঙ্গলা ভাষাৰ জাত এখন ঘর্য'ৰ কৰে ঘবোই আছিল। সেই স্কুলতে প্রথমতে মোৰ প্রবেশ ঘটিল। তাৰ হেডপণ্ডিতজন আৰু দ্বিতীয় পণ্ডিতজন বঙ্গদেশীয়; তৃতীয় পণ্ডিতৰেপৰা আৰম্ভ কৰি তলৰ কেইজন অসমীয়া আছিল। হেডপণ্ডিতজনৰ নাম তাবক বাব; (তেওঁৰ উপাধিটো পাহৰিলোঁ), দ্বিতীয়জনৰ নাম প্রাণকৃক কব। বিজন তৃতীয় পম্ভিতৰ তলত মই বঙ্গলা বিদ্যা উপার্জন কৰিবলগীয়াত পৰিছিলোঁ তেওঁৰ নাম লম্বোদব আছিল। তেওঁ তেওঁৰ উপাধিৰ ঠাইত দত্ত নে দাস লেখিছিল, মোৰ মনত নাই; কিন্তু এই দুটাৰ এটা নিশ্চয় হব। সেইকালত অনেক অসমীয়া শুদ্র জাতৰ মানুহে, বঙ্গালীব দেখাদেখি নিজৰ নামৰ লগত দত্তৰ নিচিনা বঙ্গালী উপাধি লগাই দিয়া দেখিছিলোঁ। তেওঁলোকৰ মনত এবাৰো বোধকৰোঁ খেলোৱা নাছিল যে দাস উপাধিটো শাস্ত্রমতে লেখি চলাই দিব পাৰিলেও, দত্ত উপাধি অসমীয়াৰ পক্ষে অচল। বি হওক, কোনো কোনো অসমীয়াইতো দত্ত হৈয়েই আহ,কাল-খৰিয়ালৰ হাত সাবি ডাড়ি-চুলি পকাই দিছিল। মাথোন এদিন এজন অসমীয্য দত্তৰ নাওখন দৈবাৎ এদিন আমাৰ ঘৰত ঘপকৰে চটত লগা দেখিছিলোঁ। আমাৰ ঘৰৰ চৰাতে পর্বতীরা গোসাইব সম্পর্কীয় এজন বঙ্গালী ভদ্রলোক বহি আছিল এনেতে অসমীয়া দত্ত এজন উপস্থিত হ'লহি। তেওঁক সেই বঙ্গালী ভদ্রলোকজনেৰে চিনাকি কৰি দিয়াৰ পিছত, বঙ্গালীজনে তেওঁৰ নাম সুধি যেতিয়া দত্ত পালে, তেতিয়াই তেওঁ কোন খেলৰ, কোন মেলৰ দত্ত এইবোৰ প্রশ্নেৰে তেওঁক তাঁহলং কৰি পেলালে। দত্তই "আমতা আমতা" কৰি অলপপৰ থাকি সভা ত্যাগ কৰিছে এই আহকলীয়া অৱস্থাৰ হাত সাবিছিল।

লম্বোদব পণ্ডিতৰ বৰণটো ক'লা, মুখত গুটি-সাঁচ আৰু বয়স ভৰ ডেকা আছিল। তেওঁব ছাতৰক পঢ়োৱা গঢ়টোও সেইকলীয়া স্কুলমাটবীয়া প্রথাবে অভিন্ন আছিল। মই তেওঁৰ বদ্ৰ তেজেৰে তাপিত হৈ, তেওঁৰ অসমীয়া মংখৰ দ্বাৰাই উচ্চাবিত হৈ জাত- এৰা বঙ্গলা শুনি, শিকি আব, পড়ি, চকু মুৰ মুদি কোনোমতে এবছৰ কটাই দিছিলোঁ। মোৰ বঙ্গলান্ডুলীয়া জীৱনত ঘটা দুটা কথা মাথোন মনত আছে। এদিন মোৰ পেট কামুৰিছে বুলি মই হেডপণ্ডিত তাৰক বাবুৰ ওচৰত হুটা লবলৈ গৈছিলো। তাবক বাবুৱে মোক পাই আমাৰ কোমল-চাউল-ভোজনৰ বিৰুদ্ধে অনেক ৰসিকতা কৰি এটা বুজন বিধৰ বক্তৃতা শুনাই দিলে; কাৰণ তেওঁৰ সুযোগ উপস্থিত যে মোৰ জুটীৰ দর্শান্ত "পেচ কৰা কাৰণটো পেট-কামোর্বণি আছিল। হেড, পণ্ডিত ধাববে বস্তু তাৰ অন্তত মোৰ মনত খেলাইছিল যে কি লাজৰ কথা, কি শবমত মৰিবব" কথা, যে আমি অসমীয়াবোৰে কোমল-চাউল খোৱাৰ নিচিনা অসভ্য কাম কৰোঁহ'ক। অবশ্যে এই ধিক্কাৰৰ কাৰণটো মোৰ পেটৰ কামোৰণি নহয়; কিরনো, আম,কাই একো একোদিন তাতকৈও ডাঙৰ ডাঙৰ পেট কামোৰণি নাগাঞ্জনৰ বড়ি খাই অম্লানবদনে হজম কৰিছিলোঁ; কাৰণটো হেড পণ্ডিতৰ বস্তু, তাৰ ফলত হোৱা জাতীয় দুষ্কার্য'ৰ নিমিতে আত্মগ্লানিৰ পোষণি। "আমাৰ আদর্শ' বঙ্গবিদ্যালয়"ৰ আদর্শ বঙ্গালী হেজ পণ্ডিত সর্ব বিদ্যা-বিশাবদ তাৰক বাহুত্বে কোমল-চাউলক এনেকৈ কুকুৰে কাঁইট নোখোৱাকৈ যেতিয়া ককর্ধনা কৰিছে, আব্, সেই ককর্ধনা তেওঁৰ বিদ্যাদ্বন্ত মুখ-নিঃম্বত, কোমল- চাউল খোৱাটো নিশ্চর আমাৰ অসভ্যতাৰ চিন। দ্বিতীয়টো আমাৰ শ্রেণীষে দুষ্ট ল'ৰা এটাই এদিন মোৰ ক্ষেত্রতত্ত্ব (জ্যামিতি) কিতাপটোৰ পাত এটা (বিটোত এম প্রতিজ্ঞা আছিল) মোৰ অসাক্ষাতে বেজী এটাবে ফুটাই ঠকা-সৰকা কৰি দিলে। সিযে কিয় তেনে কৰিলে, তাৰ মনৰ কি ভার, মই বুজিব নোৱাৰিলোঁ অনুমান কৰোঁ সি সেই প্রতিজ্ঞাটো আধত্ত কৰিব নোৱাৰি সম্ভৱতঃ লম্বোদৰ পণ্ডিতৰ হাতত লাঞ্ছিত হৈ, মোৰ কিতাপত থকা প্রতিজ্ঞাটোৰ ওপৰত সেইদৰে প্রতিশোধ ললে। যি হওক, শতছিদ্রযুক্ত পাতটিব লগে লগে মোব মনতো শোকৰ ছিদ্র এশটা হ'ল আৰু, শতধা- বিভক্ত ছিদ্রবোৰৰপৰা ততালিকে সম্মিলিত দুধাৰ লো বৈ গ'ল। কিন্তু কাৰো দ্বাৰাই সেই প্রবাহিনীৰ গতি পৰিলক্ষিত হৈছিল যেন মোৰ মনে নধৰে কাৰণ সান্ত্বনা বাকাব শুকান কাপোৰৰ অচলৰংপী অগস্ত্যক আনি, কোনেও সেই প্রবাহিনীৰ প্ৰবল জল পান কৰি দিবব অর্থে' মোৰ ওচৰত উপস্থিত কৰা নাছিল।

ইয়াৰ এবছৰ পিছত মোক ইংবাজী স্কুলৰ তলৰ শ্রেণী এটাত নাম লগাই দিয়া হ'ল। শ্রীযুত লোকনাথ শর্মা নামেৰে এজন মাষ্টৰৰ তলত পৰিলোঁ। তেওঁৰ মতা নাম টেপ, আছিল। টেপ, মাষ্টৰ ভয়ানক disciplinarian অর্থাৎ নিয়ম-প্রিয় শিক্ষক আছিল। ল'বাক পঢ়োৱাতকৈ discipline-অৰ ফালে তেওঁৰ প্রথব দৃষ্টি। স্কুলীয়া নিয়মেই হওক বা ঘৰুৱা নিয়মেই হওক, সেইবোৰ নিখুঁতভাবে ল'ৰাৰ দ্বাৰাই যাতে পালিত হয়, তাব নিমিত্তে তেওঁ যত্নশীল আছিল, যদিও সেই নিয়মবোৰৰ অধিকখিনি প্রচলিত পূর্বণিকলীয়া অনিয়মৰ নামান্তৰ মাথোন। কোনো ল'ৰাৰধাৰাই ওপৰত কোরা কোনো নিয়মৰ গাত আঁচোব এটা লাগিলেই তাৰ বেত্রাঘাত পৰিছিল। নিজৰ ঘৰতো কেতিয়াবা কোনো ছাতৰে যদি কোনো ঘৰুৱা নিম্নমৰ ব্যতিক্ৰম কৰে-বেনে, ককায়েকৰ মুখে-মুখে উত্তৰা-উত্তৰি কৰা, দদায়েকে কিবা কৰিবলৈ পাচিলে নকৰা বা কৰিবলৈ গাফিলি কৰা, ইত্যাদি-আৰু সেই সংবাদ বদি কিবা স্বৰূপে মাল্টৰ শ্রীযুত লোকনাথ শৰ্মাৰ গোচৰাঁভূত হ'ল, তেন্তে তাৰ বাবে পিছদিনা স্কুলত সেই ছাত্ৰৰ পিঠিত বা হাতৰ তলুৱাত তেওঁৰ দ্বাৰাই ৰহস্তদত্ত বেত্রাঘাত, নাইবা বেস্তৰ ওপৰত হোৱা শান্তি। এই লেখকৰ কপালতো যে তেনেকুৱা কাৰণৰ নিমিত্তে তেনে বিধৰ দন্ড দুদিন-এদিন নঘটিছিল, এনে নহয়। টেপ, মাষ্টৰক লৈ আমি বৰ আহকালত পবিছিলোঁহক। তেওঁ ক্লাছড় বহি থাকোঁতে, কেতিয়াবা থাকি থাকি, আমাক মাৰিবব কাৰণ উলিয়াবলৈকে হবলা, মুখখন ওফোন্দাই, বা ওঁঠ হুটা বোঁকা কৰি অঙ্গিভঙ্গি কৰিছিল আৰু, পাতল মনব আমি সেই অঙ্গিভঙ্গি দেখি হাঁহি সামৰিব নোৱাৰি হাঁহি দিছিলোঁ আৰু, হাঁহিলেই লাগিছিল লেঠা; তাৰ ফল-হাতৰ তলুৱাত বা পৃষ্ঠদেশত এটি বেতৰ মজলীয়া বিধৰ কোষ। কিন্তু মুঠতে শ্রীধুত লোকনাথ শর্মা মাষ্টৰ ৰঙিয়াল মানুহ আছিল; আৰু, আমি তেওঁক যে বেয়া পাইছিলোঁহক এনে নহয়।

শ্রীদ্রুত ধর্মে' শ্বৰ নামৰ আৰু এজন মাষ্টৰ আছিল। তেরো কম "ডিছিপ্লিনেবিয়ান" নাছিল; কিন্তু ওজনত তেওঁৰ পঢ়োৱাৰ জোখ বেছি আছিল দেখি "ভিছিপ্লিন"ব ভব আমি কে'কোজে'কোকৈ সহিছিলোঁহক। তেওঁৰ মবেটো টপা আছিল দেখি, আমাব ভিতৰৰ দুষ্টবোৰে তেওঁৰ নাম ৰাখিছিল "টপা মাষ্টৰ" আৰ, তেওঁৰ অসাক্ষাতে তেওঁৰ উল্লেখ সেই নামেৰেই কবিছিল।

মতিলাল ঘোষ নামেৰে বঙ্গালী ছাতৰ এজনে প্রথম শ্রেণীত অর্থাৎ এট্রেন্ড ক্লাছত পঢ়িছিল। তেওঁক প্রথম ধ্রুবতবাব দৰে কত বছৰ যে দেখিছিলোঁ, ঠিক নাই। তেওঁ ক'টীয়া আৰ, ডড়ীয়া আছিল। তেওঁৰ মুখত ভোবোকাৰ ভাঢ়িৰ প্রভাৱ ইমান সবহ আছিল যে তেওঁৰ মুৰটোতকৈ ডাড়িৰ ভৰ সৰহ, এই ভুল ধাবণা অনেক কাললৈকে মোৰ মনত আছিল। তেওঁক মাজে মাজে আমাৰ শ্ৰেণীত পঢ়াবলৈ হেডমাষ্টৰে পঠিয়াই দিছিল। মনত আছে, তেওঁ আহিলেই গোটেইটো স্কুলৰ চকু তেওঁৰ ফালে পোন হৈছিল; কাৰণে তেওঁ আহিয়েই ক্ষন্তেকৰ ভিতৰতে ইটোক "Stand up on the bench, Sir ।" সিটোক "Go out of the class, Sir You!" এনেবোৰ হকুমৰ ভৈৰৱ নিনাদেৰে স্কুল-ঘৰটো খলক লগাই পেলাইছিল।

শ্রীযুত গোপালচন্দ্র ঘোষ নামেৰে এজন মাল্টৰে আমাক ওপৰ ক্লাছত পঢ়াইছিল। তেওঁ মদ, অভাৱৰ আৰু সবল প্রকৃতিৰ মানুহ আছিল। তেওঁলোক বহুকলীযা আসাম-প্রবাসী বঙ্গালী। আচাৰ-ব্যৱহাৰ, মাত-কথাত তেওঁলোক প্রায় অসমীযাৰ নিচিনা হৈ গৈছিল। তেওঁৰ পিতাক ঠাকুবদাস ঘোষক দেখা মোৰ এতিয়াও মনত আছে। ঠাকুৰদাস ধামি'ক আৰু মন্দ, স্বভাবৰ মানুহ আছিল। গোপাল বাবুরে আমাৰ ক্লাছলৈ আহি দিনো ছপা কৰা মানে-কিতাপ এখন হাতত লৈ ক্লাছত বহা প্রথম ল'ৰাটোৰেপৰা আৰম্ভ কৰি, মানে-কিতাপখনত থকা শব্দবোবৰ মানে এটাৰ পিছত এটাকৈ শুধি গৈছিল। আমি তেওঁৰ গতি বুজি জুয়াচুৰি বৃদ্ধি উলিয়াই, ক্লাছত য'ত বহোঁ তালৈকে, প্ৰথমটো ল'ৰাৰেপৰা লেখি আনি আব, মানে থকা কিতাপৰ শব্দযোৰো সেইদৰে লেখি আনি, কাৰ গাত কোনটো শব্দব মানে কোৱাৰ ভাৰ পৰিব সেইটো ঠিক কবি লৈ মুখস্থ কৰি থওঁহক আৰু গোপাল বাবুৱে আমাবপৰা টপুত্র কবে নির্ভুল উত্তৰ পাই ভাবে ল'ৰাহ'তে বড়িয়াকৈ সিহ'তৰ "লেছন" তৈবাৰ কৰি থৈছে। এনেকৈ অনেকদিন চলি আছিল, আৰু, আমিও ভটীয়া পানীত উটি গৈ আছিলোঁহক। কিন্তু এদিন বিধি বিবাদী হ'ল আৰু আমাৰ বিড়ম্বনা ঘটিল! গোপাল বাবুৰ বুকুত কিহে খুন্দিয়াই দিলে কব নোৱাৰোঁ, তেওঁ সেই কৰালবস্থা নিয়ম ভঙ্গ কৰি, মানে- কিতাপখন হাতত লৈ শব্দ-শ্রেণীৰ প্রাস নাৰাখি যবে ত'ৰেপৰা মানে সুধিবলৈ ধবিলে; ফলত আমাৰ ছত্রভঙ্গ হ'ল। আমাৰ ফলিয়া বহুৱাবোৰ বিদ্যাৰ পর্ব'তৰ গাৰপৰা খহি পৰিবলৈ ধৰিলে। মনত আছে, গোপাল বাবুৱে মোৰপৰা তেওঁৰ প্ৰশ্নৰ বলিয়ালি অর্থাৎ ভুল উত্তৰ শুনি লাহেকৈ মোক তিৰষ্কাৰ কৰি কলে, "আজি মদৎ-খানাৰপৰা এইফালে বতাহ মাৰিছিলনেকি?" মই সেই তিবষ্কাৰৰ আচল মর্ম'ত যদিও তেতিয়া প্রবেশ কৰিব নোৱাৰিছিলোঁ, তথাপি এইটো বুজিছিলোঁ যে মাষ্টৰে মোক খুব শুনাই দিলে। যি হওক, সেই দিনাৰপৰা মই সকলো চালাকি পবিত্যাগ কৰি লেছনটোৰ শব্দৰ মানে মুখস্থ কৰি তেওঁৰ সমুখ হবলৈ ধবিলোঁ। ইয়াৰ পিছত দুদিন-চাইদিন গোপাল বাবুরে আমাক মানে-কোরা বিদ্যাত ঠিক পাই, আকৌ আগৰ বাঁতিলৈ উভতি গ'ল আৰু আমাৰ ভিতববো অনেকে পৰিত্যন্ত টেঙৰালি পুনৰ অৱলম্বন কৰিলে।

শ্রীযুত তোয়ধৰ শমা-পণ্ডিত নামেৰে পণ্ডিত এজন কিছু দিনব নিমিত্তে আমাক সংস্কৃত পড়োরা পণ্ডিত হৈছিল। সংস্কৃতত তেওঁৰ প্রগাঢ় ব্যুৎপত্তি আছিল। তেওঁব সাজ-পাৰ আমাৰ দেশৰ পুৰণিকলীয়া বিধৰ আছিল। এদিন তেওঁ মুগাৰ চুবিয়া পিন্ধি আহি ক্লাছত বাংলতে আমাৰ ভিতৰৰ টপটপীয়া ল'বা এটাই মাত লগালে, "আজি ছাবে (Sir) মংগাৰ চুৰিণা পিন্ধি আহিছে।" এই কথা শুনি পণ্ডিতৰ বৰ খং উঠিল আৰ, তেওঁ ল'বাটোৰ ফালে চাই ক'লে, "হেব, তোৰ বাপেৰৰ খবৰ মুগাৰ চুৰিয়া মই পিন্ধি আহিছোঁনে?" এই কথা শুনি দমি যোৱা দুৰত খাওক, কিয় কব নোৱাৰোঁ, ল'বাবোবে গিজনি মাৰি হাঁহিবলৈ ধৰিলে। দুখব বিষয় সিহ'তৰ ভিতৰত এই লেখকো আছিল। পশ্চিতে মোৰ পিতৃদেৱতাক বৰ সম্মান আৰু ভন্তি কৰিছিল আব, পিতৃদেরতাইও তেওঁক পত্ররতে স্নেহ কৰিছিল; তাৰ ঘাই কাৰণ পণ্ডিত পিষ্ণুদেৱতাব বন্ধ, সুবিখ্যাত মিত্ৰধৰ অধ্যাপকৰ ছাত্র আছিল। পশ্চিতে আনবোৰক এবি, মোব ফালে চাই বিৰক্তি প্ৰকাশ কৰি ক'লে- "তুমি সিংহৰ পোৱালি হৈ শ'গালব নিচিনা হ'লা কিয়?" মই সেই তিৰষ্কাৰ খুনি লাজত তললৈ মৰ কৰি বলোঁ আব, সেই দিনাৰেপৰা আন আন দুষ্ট ল'ৰাৰ লগ নলওঁ বুলি মনতে সঙ্কল্প কবিলোঁ।

বৰ আচবিত কথা যে ইমানবোৰ শিক্ষকৰ তলত মোৰ বিদ্যা শিক্ষা ঘটিছিল, কিন্তু প্রকৃত শ্রদ্ধা, ভক্তি বা ভালপোৱাৰে এজনেও মোৰ মন আকর্ষণ কবিব নোৱাৰিছিল। এইটো শিক্ষকসকলৰ গণৰ ব্ৰটিব বাবতকৈও সেইকালব শিক্ষা-প্রণালীৰ দোষ বুলি ধৰিলেহে ঠিক হ'ব হবলা। যি হওক, ইয়াৰ এটা ব্যতিক্রম ঘটিছিল, এমাহমানৰ নিমিত্তে। শ্রীযুত কেশরনাথ ফুকনে (যি পিছত তেজপুৰত হেডমাষ্টৰ হৈ সুখ্যাতিৰে কাম কৰিছিল) এমাহমানলৈ আমাৰ স্কুলত কাম কৰি আমাক পঢ়াইছিল। তেওঁৰ পঢ়োৱা প্ৰাঞ্জল প্রণালীয়ে আবু, মিষ্ট বারহাবে আমাক তেওঁৰ প্রতি প্রহ্মাৱান কৰি তুলিছিল। দুখৰ বিষয, তেওঁ আমাৰ স্কুলত সৰহদিন নাথাকিল।

আমাৰ স্কুলৰ ছেকেণ্ড মাষ্টব আছিল বাবু, বিষ্ণচন্দ্র চক্রবর্তী। তেওঁ দীর্ঘকাল অসম-প্রবাসী বঙ্গালী। কিন্তু আশ্চর্য্যৰ বিষন্ন যে তেওঁ এষাৰো অসমীয়া কথা কষ নাজানিছিল। তেওঁৰ তলত মই সবহদিন পড়া নাছিলোঁ; কাৰণ মই ছেকেন্ড ক্লাহুলৈ উঠাৰ অলপ দিনৰ পিছতে তেওঁ বদলি হৈ গ'ল। তেওঁব সম্পকে' মোৰ তিনিটা কথা মনত আছে। তেওঁৰ গোফ তাৰ সর্ব সাধাৰণ গোফতকৈ দীঘল। দ্বিতীয়টো, তেওঁ কথা কওঁতে খোনাই খোনাই কথা কৈছিল আৰু, প্রত্যেকধাৰ কথাত "অ কচ" "অ কচ" ( of course) শব্দটোৰ পোহ ইমানকৈ দিছিল বে শিৱসাগৰ জিলাৰ বানুমুখ নামৰ গাৱ'ৰ গাখীৰ বেচোতা মানুহে গাখীৰত পানী দি বেচিবলৈ অন্য গাখীৰৰ দৰে তাত তিনি ভাগ "অ কচ'" পানীৰ পোহ পৰিছিল। তৃতীয়টো, তেওঁ আনতকৈ বে ভালকৈ ইযোজী জানে, এইটো বুজাবলৈ দেশৰ মানুহৰ ইংৰাজীত ভুল ধৰি দেখুৱাই আমাক আগত পেংলাই কৰিবলৈ ভাল পাইছিল। গণিত বিদ্যাবে সৈতে কিন্তু বিষ্ণুবাহুব সতিনীৰ আঁহ আছিল আৰু, ঘনে ঘনে নিজেই সেই কথা জাহিৰ কৰি সুখ লাভছিল।

আমাৰ হেডজপ্টৰজনৰ নাম আছিল শ্রীশ্রীনাথ গুগৃহে। আমাৰ দেশত জোৰাজোৰে শ্রীব্যৱহাৰ কৰোঁতাসকলক কোনো সহব গোসাঁই বুলি মই জানিছিলো। সেইদেখি এযোৰ শ্ৰীৰে গুহ বাহুৰ চহীৰ বঙ্গলা হস্তলিপি এখন এদিন দেখি, সৰুতে মই ভাবিছিলোঁ, যে আমাৰ হেডমাষ্ট্ৰৰজনো বঙ্গদেশৰ কোনোবা এখন সত্ৰৰ গোসাঁই প্রভু ব্য অধিকাৰ পৰুেষ। অনেক দিনৰ ম'ৰতহে মোৰ এই বালক-সুলভ ভ্রম ভাগিছিল আব, জানিছিলো যে শ্রীনাথৰ শ্রীটো নামটোবেই অন্তর্গত। শ্রীনাথ গৃহে গা-গাবিয়ে বৰ শকত-আৱত মানুহ আছিল আব, তেওঁৰ বৰণটো একেবাৰেই কেতোৰ ক'লা নহলেও দিবা ক'লা আছিল। তেওঁৰ মাতৰ গমগমনিত শিৱসাগবষ ভাঙব স্কুলঘৰটোৱে দিনো থক থক; কৰে ক'পি মোক কোৱা যেন শুনিছিলো-"আৰ, মই নোৱাৰোঁ। দেউতা ঐ। মোব কাণ ফাটি খাওঁ ফাটি যাওঁ কৰিছে।" এঘাৰ বজাৰপৰা চাৰি বজালৈকে তেওঁ তেওঁৰ ক্লাছ প্রথম শ্রেণীত পড়াবলৈ নর্বাহ, স্কুলব সম্পকে' লেখা-পড়াব কাম কৰিবলৈ থকা কাষৰ ঠাই এডোখৰত বাঁহ desk work অর্থাৎ অফিচৰ কামত ব্যস্ত থাকিছিল আব, মাজে মাজে থাকি থাকি "Silence!" অর্থাৎ "চুপ" বুলি বন্ধু ক'পি যোৱা প্রকান্ড গোঁজৰণিব ফর্মতি গোটেইটো স্কুলৰ ছাত্রবান্দব উদ্দেশো মাৰি পঠিয়াইছিল। মই বোধকবোঁ, ওপৰত কৈ অহা মাষ্টৰ হবলৈ ক্ষন্তেকীয়া ক্ষমতা পোৱা, প্রথম শ্রেণীৰ ছাতৰ মতিলাল ঘোষৰ সেই গোঁজৰণিও হেডমাস্টৰীয়া গোঁজবাণৰ হাস্যকৰ নকল মাথোন। বি হওক, শ্রীনাথ বাবুৰ "ছাইলেন্ট" নামৰ গোঁজৰণিৰ ধ্বনিত গোটেইটো স্কুলব হাতৰ আৰু মাণ্টবৰ মাত দুই তিনি মিনিটটলকে মুখপেৰা পলাই ফাট মাৰিছিল। এই গোঁজৰণিৰ আচল মানে হৈছিল "হাতবহ'ত"। তহ'তে ভাবিছ হ'বলা যে তহ'তৰ হেডমাষ্টৰে নিজৰ কাম লৈয়ে ব্যস্ত আছে, তহ'তৰ ফালে তেওঁৰ চকু নাই? সেইটো নহয় তেওঁ সজাগ।" এই অর্থটো তেওঁ আৰু, সুষ্পষ্ট কৰিছিল এইদৰে, কোনো ক্লাছৰ কোনো ল'ৰাৰ ব্যৱহাৰত ক্ষুদ্র ব্যতিক্রম কেতিয়াবা তেওঁৰ চকুত পৰিলে তেওঁ তেওঁব সেই সুদ,বস্থিত চকীৰপৰা ঢেবেকনি মাধি "You ! You!" অর্থাৎ তই। তই! বুলি তাক তেওঁৰ ওচৰলৈ মাতি নি, সোধ-পোছ নাই, তাক "এই হাত!" "সেই হাত"! বুলি হাত পাতিবলৈ কৈ তাৰ হাতৰ তলুৱাত বেতেৰে কোব লগাই দিছিল। এনে বেৱাঘাতৰ সুখ ভোগ এই দুখীয়াব ভাগ্যতো এদিন ঘটিছিল। আমাৰ ক্লাছত মহীকান্ত নামেবে দুষ্ট ল'ৰা এটা আছিল। মোৰ দুর্ভাগ্যৰ নিমিত্তে এদিন সি মোৰ ওচৰত ঠাই অধিকাৰ কৰি বহিলহি। মোৰ অমত আৰু আপত্তি অগ্রাহ্য কৰি, সি মোৰে সৈতে "পাঞ্জা লড়িবলৈ" অভিলাহ কঝি মোৰ হাতটো ধৰি টনা-আজোৰা লগাই' দিলে। "পাল্লা যুদ্ধষ" এই উদ্যোগ পর্ব'টো পৰিল হেডমাষ্টৰৰ চকুত আৰু, যাওঁ কলে? প্রচন্ড "You! You!" নিনাদে স্কুলঘৰ ক'পাই দি ততালিকে যুদ্ধ স্থগিত কৰি পেলালে। উভতি চাওঁ যে হেডমাস্টৰ বাবুংৱে অকল মোৰ ফাললৈহে সেই "ইউ" বন্ধু মাৰি পঠিয়াইছে। হৰি হৰি। ঘাই দোষী মহীকান্তৰ ফালে নহয়; সি সাৰিল। মই মতলীয়া মানুহৰ দবে থবক-বৰক, কবে উঠি গৈ, ততালিকে হাতৰ তলুৱা পাতি দিলোঁ আৰু তেখেতে তাত বেতৰ দুটি কোব বহুৱাই দি মোক আপ্যায়িত কৰি বিদায় দিলে। এনে অযথা বিচাৰ বা অবিচাৰ দেখি মনত ধিক্কাৰ লাগি, ক্লাছলৈ আহি, হিতোপদেশৰ এই শ্লোকটো মোৰ ছিলেটখনত লেখিলোঁ-"ন স্থাতব্যাং ন গন্তব্যং দুর্জনেন সমং কচিৎ।" দুর্জনৰ লগত থাকিলে বা গ'লে, গছৰ ডালত কাউৰীৰ লগত বহা হাঁহটোৰ দশা ঘটে।

শ্রীনাথ বাবুৰ এটা পুতেক আছিল, তাৰ নাম অঙুল। সি হেডমাষ্টৰৰ পুতেক, এই বাবেই observed of all observes অর্থাৎ গোটেই স্কুলৰ সসক্ষম আৰু, কুতুহলী চকুৰ বিষয় হৈছিল। অতুলেৰে সৈতো বি ছাতৰ বন্ধু,তাৰ ডোলেৰে বান্ধ খাব পাৰিছিল বা অঙুলে যাবে সৈতে হাঁহি মাতি কথা কৈছিল, সেই ছাতৰৰ ভাগ্যক আনবোৰ ছাতৰে ঈর্ষাৰ লোলুপ দৃষ্টিৰে চাইছিল।

দু,ইমান বজাত হেডমাষ্ট্ৰবৰ ঘৰৰপৰা হেডমাষ্টৰ আৰু পুতেক অঙুললৈ জলপান আহিছিল। হেডমাস্টৰে পুতেকেৰে সৈতে স্কুলঘৰৰপৰা ওলাই গৈ বাহিৰৰ পিৰালিত থিয় দি সেই জলযোগ সমাপন কৰিছিল। সেই বয়সতে মই ভাবি নাপাইছিলোঁ, কিয় হেডমাষ্টৰ বাবু,রে স্কুলঘবৰ ভিতৰতে, তেওঁৰ অফিচৰ এচুকত এখন আঁৰ কাপোৰ ব্য আন ৰকমৰ আঁৰ দি লৈ সেই ভোজৰ ব্যৱহাৰৰ ব্যৱস্থা কৰি নলৈছিল? এই প্রশ্ন মোৰ মনতে উঠি অনেক দিনলৈকে থাকি, "উত্থায় হাদি লাঁরস্তে' হৈছিল।

শ্রীনাথ বাবুৰ তলত মোৰ পঢ়া নঘটিল। কাৰণ মই প্রথম শ্রেণী পোৱাৰ আগতে শিৱসাগৰতে তেওঁ তেওঁৰ বিপুল বপ,টি পেলাই থৈ পলাল। মই পঢ়িবলৈ পাইছিলোঁ অসমৰ সুপ্রসিদ্ধ চন্দ্রমোহন গোস্বামী হেডমাষ্টৰৰ তলত। সকলো বিষয়তে এনে প্রগাঢ় পণ্ডিত চন্দ্রমোহন গোস্বামীৰ নিচিনা কোনো লোকে অসমত হেডমাষ্টৰী কৰা নাছিল। চন্দ্রত কলঙ্কৰ দৰে চন্দ্রমোহনৰ এটি কলঙ্ক আছিল, যে অতিৰিক্ত মদ্য পান। আন্তল চন্দ্রৰ দৰে চন্দ্রমোহনো মাহেকত দুই পক্ষ আছিল। তেওঁ মদ খাবলৈ আৰম্ভ কৰিলে ১৫ দিনমান একেৰাহে চলিছিল আৰু তাৰ পিছত ১৫ দিনমান একেবাৰেই শুকান বাকে খৰ। তেওঁৰ নিৰামহীয়া কালডোখৰক মই শুক্লপক্ষ বুলিছিলোঁ আৰু, সিডোখৰক কৃষ্ণপক্ষ বুলিছিলোঁ। বেজাৰৰ কথা এইটোহে যে, এই কৃষ্ণপক্ষতো তেওঁ একো একোদিন স্কুলত ভটং কৰে উদয় হৈছিলাহ আৰু, ছাতৰবোৰে তেওঁৰ ক্ষুতি'ৰ গড় গতি দেখি আমোদ উপভোগ কৰিছিল। এদিন মনত আছে তেওঁ তেওঁৰ কৃষ্ণপক্ষৰ ভিতৰতে বপহ কবে স্কুলত ওলালহি লগতে বঙ্গলা স্কুলৰ হেডপণ্ডিত বাবু, প্রাণকুক কৰ। প্রাণত্বফ বাবু, নিশ্চয় চন্দ্রমোহন বাবুৰ তদাৰক আৰু, চঞ্চালক হৈ আহিছিল। কিন্তু আচৰিত কথা বে গোস্বামী ভাঙৰীয়াৰ পটঙৰ ভিতৰত থকা চুবিয়াৰ পোষটো যে পটলুভব ওপৰেদি ওলাই গুলমি আছিল, সেইটো গোস্বামী ভাঙবীয়াৰ চঞ্চালক কৰ বাবুৰ প্রফুল্লিত নয়ননিকষত নপবিছিল, পবাহে'তেন তেওঁ সেইটোকো সেইদৰে নিৰাশ্রয় কৰি নেৰি গোস্বামী ডাঙৰীয়ার পটলুঙৰ ভিতবতে বক্ষ্য কৰিবৰ এটা দিহা কৰি দিলেহে"তেন। গোসাঁয়ে প্রথম শ্ৰেণীৰপৰা আৰম্ভ কৰি যণ্ঠ শ্রেণীলৈকে পৰিভ্ৰমণ কৰি ছাতবক কিতাপৰ পাঠৰ প্রশ্ন সুধি ফুবিছে আৰু, প্রাণকৃষ্ণ বাবু, লগে লগে ছাঁব দৰে ফুৰি সেই প্রশ্ন দোহাবি (repeat কৰি) ল'ৰাক বুজাই দিছে; অথচ এই গোটেইডোখৰকালত বিদ্রোহী, জাতীয় (natural) চুৰিয়াৰ গোম্বৰ অগ্নভাগে পতাকাৰ ৰূপে ধৰি বিবাট বৃটিছ গরণ'মেন্টৰ স্কুলৰ বিজাতীয "ইউনিয়ন জেক," পতাকাৰ "স্পিৰিট" বা আত্মাক অগ্রাহ্য আৰু, সম্ভবতঃ অমানা কৰি উত্তাৱলভারে উৰি ফুৰিছিল, কিন্তু তাৰ ফালে কৰ বাবাৰ চকু নাই। দশ্যটো দেখি, গোটেইটো স্কুল ছাতৰৰ suppressed হাঁহিব অর্থাৎ হোঁচা মাৰি ধৰি থকা হাঁহিৰ হে'চাত অধীৰ। যি হওক, ইয়াব পিছত স্কুলৰ ছেকেণ্ড মাষ্টৰ আধ, মোৰ সহপাঠী প্ৰথম শ্ৰেণীৰ ছাত্র গোস্বামী ডাঙৰীয়াৰ পুতেকে গোস্বামীক ঘৰলৈ লৈ গৈ সেই দশ্য পট পৰিবর্ত'ন কৰি দিলে।

বিদ্যাৰ গৌৰৱত চন্দ্রমোহন গোস্বামী পূর্ণিমাব জোন যেন আছিল। তেওঁ আমাৰ অশেষ ভক্তি-শ্রদ্ধা আকর্ষণ কৰিছিল। কলেজত শিক্ষা শেষ কৰি সংসাবত সোমাই বিষয়ী হৈও যেতিয়াই অসমলৈ গৈছো বা যেতিয়াই কলিকতাত গোস্বামী ডাঙৰীয়াৰে সৈতে মোৰ দেখা হৈছে, তেতিয়াই তেওঁৰ ওচৰত মোব ভক্তিপূর্ণ মবে দোঁ গাইছে। তেওঁবো পর্বেণি ছাত্র মোৰ প্রতি সদায় অশেষ স্নেহ থকাটোৰ নিদর্শন পাইছিলোঁ। "জোনাকী" আৰ, "বাঁহী'ত ওলোৱা মোব প্রবন্ধবোৰ তেওঁ পঢ়ি আমোদ পাইছিল আৰু, সেইবোৰৰ বিষযে মোবে সৈতে দেখা হ'লে, মোৰ আগত মতামত প্রকাশ কৰিছিল। মোৰ বিষাৰ কিছুমানদিনব পিছত তেওঁৰে সৈতে এবাব কলিকতাত মোৰ দেখা হৈছিল। তেওঁ in a fatherly way অর্থাৎ বাপেকে পুতেকক উপদেশ দিযাব দবে মোক কৈছিল- "ঠাকুৰবাড়তি তুমি বিয়া কৰাই ভাল কবিছা। মই বৰ সন্তোষ পাইছোঁ। তেওঁলোকব পৰিয়াল বঙ্গদেশত বৰ aristocratic (সম্ভ্রান্ত)। কিন্তু সেইবুলি তুমি তেওঁলোকৰ আগত এচুলমানো হীনতা অনভর আহ্, প্রকাশ নকবিবা; কারণ এইটো মনত ৰাখিবা যে তেওঁলোকৰ দেশত তেওঁলোক বংশগৌৰৱত যেনেকৈ ডাঙৰ, তোমাৰ দেশতো তুমি তেনেকুৱা।" মই অশ্রু, গর্গব, লোচনেবে মৰে দোঁৱাই তেওঁব কথাৰ মর্যাাদান,ভর কবি appreciation aনালোঁ।

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক