মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলিয়াই পেলাব নোৱাৰা হলোঁ। সেই বস্তুটোৰ নাম বিয়া। কাবা আৰু, উপন্যাসে মৌখিক দান-পত্ৰত বিয়াৰ যৌতুক স্বৰূপে দিব খোজা বস্তুবোৰে অৱশ্যে তেতিয়া মোৰ সেই মন বঙ কৰি যে নথৈছিল এনে নহয়; তথাপি যাক বিয়াৰ বায়ু, বোলো, সেই বায়ুরে মোৰ মুখত দীঘলীয়াকৈ ঠাই লৈ মোক বায়ুরা কৰিছিল বুলি মই কব নোৱাৰোঁ। বিপদ বুজি সেই অলিয়া বলিয়া দক্ষিণ বতাহৰ প্ৰৱেশক্ষাব যথাসাধ্য মই বন্ধ কবি থবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু, থলেকি হ'ব? লোকে ঠেলি-হে ঢুকি দুরাবখন বিমান পাৰে মেলি দি মোক বিচ্ছ পৰিমাণে বায়ুয়া কবিবলৈ ত্রুটি নকৰিছিল। মই সঙ্কল্প কৰিছিলোঁ যে পড়া-শূন্য শেষ কৰি, যেতিয্য মই আঞ্জি' খাব পৰা হ'ম আব, মোব সহধর্মিণীকো ঘুরাই-বুরাই সুখত ৰাখিব পৰা হ'ম, তেতিয়াহে মই বিয়াৰ ভাবনা ভাবিম। কিন্তু পচ্চরুত ভগবানো ভূত-হয় বুলি বঙ্গলাত কোরা কথা এযাব আছে। মোকো তেনে চরুত পেলাই ভূত-যোনিত স্থান দিবলৈ সকলো লাগি গ'ল। দেখিলোঁ, আকাশে-পাতালে মোৰ বিষাৰ কথা। কলিতাবপবা ঘৰলৈ উভতি গলোঁ। তাতো মোৰ বিয়াৰ কথা। সম্বন্ধীয়া স্ত্রী-মহামণ্ডলীত মোৰ বিয়াৰ আন্দোলন। বেজাবব কথা এইটোরেই যে মই নেদেখিলোঁ মোৰ মাতৃন্দেৱীয়ে সেই মহা মণ্ডলৰ সভানেত্ৰীৰ বাব লৈছিল। পোন-পটীয়ে তেওলোকে দূর্গ ভেদ কৰিব নোৱাৰি, কুট-নীতি অৱলম্বন কৰিবলৈ ধৰিলোঁট বিয়ান দুর্গ ভেদত স্ত্রী-জাতি, ঠিক যেন জাপানী সেনাপতি জেনাবেল নোগি। যি হওক মই মুখৰ মহল। মাবি মহা মণ্ডলৰ সভ্যাসকলক কিছুদূৰ বিমুখ কৰি সাৰি কলিকতালৈ গুচি আহিলোঁ। কিন্তু ভূতে মোৰ পিছ নেৰিলে। দেখিলোঁ কলিকতাতো মোৰ পিছত সেই ভূত আনফালে-মই যে সেইদৰে সকলোৰ স্পহনীর, বৰণীয় আব, গ্রহণীয় হৈ পৰিছোঁ, সেই ভাবেও মোৰ মনত গর্ব'ৰ-পম্ব ত তুলি দিলে আৰু তাৰপৰ সন্তোষৰ শীতল নিজবা ববলৈ ধৰিলে, অবস্থা কাহিল হৈ উঠিল। তথাপিও মই মনত বল বান্ধি বিয়াৰ বিষ,শ্যে দুহতীয়া খাপৰ হাতত ললোঁ। যেয়ে মোৰ বিয়াৰ প্রস্তাব কৰে বা সঙ্কেত দিয়ে, তাকে একেষাবেৰে কৈ দিও" "নকৰাও"।" মই সেইদৰে কবলৈ শিকি থৈছিলোঁ আমাৰ "মনপুৰ কাই" ৰ পৰা। মোৰ জীৱন-সোঁৱৰণ পঢ়োঁতা সকলে সুধিব পাৰে এই "মনপুৰ কাই" আকোঁ কোন? এই কাই এই আখ্যানৰ ভিতৰত ক'ৰপৰা সোমালাহ।" উত্তৰটো সেই দেখি আগতে দি থও'। আমাৰ শিৱসাগৰৰ ঘৰত অনেক কালবপৰা পুৰণি লগুৱা এটা আছিল, তাৰ নাম মনপুৰ। তাৰ ঘৰ যোৰহাটৰ কাষৰ চাওখাত মৌজাত। সৰুৰেপৰা সি আমাৰ ঘৰতে থাকি লগ্গুবা কাম কৰি আদহীয়া হৈছিল, তথাপি দৈর-বুদ্ধি'পাকত তাৰ বিয়া হোয়া নাছিল। সি বয়সত মোতকৈ চাৰি গুণমান ডাঙৰ আছিল দেখি মই তাক 'মনপুৰ কাই' অর্থাৎ ককাই ববুলিছিলোঁ আৰু মোৰ সমনীয়া তৰপৰ ল'ৰায়ো সেইদৰে তাক মাতিছিল। শেহত সি তাৰ কপালৰ ওপৰত ইমান disgusted অর্থাৎ বিবস্ত হৈ উঠিছিল যে আমি তাক কেতিয়াবা বিয়াৰ কথা ক'লে, সি একে আষাবেই খাটাংকৈ উত্তৰ দিছিল আমাক ছোৱালী নেলা।" "নেলা "টো "নেলাগে" ৰ সংক্ষিত সংস্কৰণ। উপমাটো যদিও মোৰ গাত সমূলি নাখাটে, তথাপি তাৰ মুখৰ কথাষাৰ শিকি থৈছিলো।
গুৱাহাটীৰ ৰাধাচবর্ণ বৰুৱাৰ ভায়েক উমাচৰণ বহুরা তেতিয়া কিছুদিন কলিকতাবাসী হৈ আছিল। বাধাচৰণ বৰুৱাই অসম এবি কিছু, কাল গুপ্তভাবে থাকি আবা, চি, বেঞ্জামিন নাম লৈ দিল্লী প্রভৃতি ঠাইত ব্যৱসায়-বাণিজা কৰি আছিল। অনেক কালৰ পিছত তেও' দেখা দিছিল আব; ভায়েক উমাচৰণ বৰুৱাক তেও' ব্যৱসায় সম্পর্ক'ত আনি কলিকতাত থৈছিল। উমাচবণ করা বব সাদবী মানুহ আছিল আৰু, তেও' মোক বৰ ভাল পাইছিল। কলিকতাৰ ডাঙৰ ডাঙৰ বাঙ্গালী মানুহেৰে সৈতে তেও'ব জনা-শূনা আছিল। মুখস্ত্রী' উপাধিধাবী ডাঙৰ মানুহে এজনেবে সৈতে তেও' কলিকতাত একেলগে পঢ়িছিল আৰু, বন্ধত্বেও কৰিছিল। উমাচবণ বৰুৱা কলিকতাৰ 'চা'লাৰ ৰোড'ত এটা ভেৰোণীয়া ঘৰত আছিল, যদিও তেতিয়া তেও' বিবাহিত। মই সততে তেও'ব ববলৈ গৈছিলো। এদিন বৰুৱাৰ বন্ধ; মুখঞ্জীবে সৈতে তাতে মোৰ চিনা-পৰিচয় হৈছিল। তাৰ দিনচেবেকৰ পিছত উমা বৰুৱাই হাঁহি হাঁহি মোক ক'লে, "মজ্জী'ৰ দুজনী বিবাহ-যোগা ছোৱালী আছে, আব, মুখেঞ্জী'যে বিষা দিবলৈ দৰা বিচাৰি জুৰিছে। তোমাক দেখি তেও'ব বৰ পছন্দ হৈছে। তেও তোমাক আঁতি-গুৰি সুধি লৈ তেওৰ এজনী ছোৱালী তোমাকে বিষা দিব পূজিছে; ধন-বস্তুও খুব দিব। তোমাৰ কি মত?" কথাটো শুনি মই চমক, খাই গ'লো। ভাবিলো, কি বিপদ। বিয়াৰ নামত দুষ্টেল্লহে মোক নেয়া হ'ল দেখিছো। মোৰ সোঁৱৰণীখনকে এবাৰ কাৰবাৰ হতুৱাই চোৱামনেকি?
বৰুৱাৰ সেই কথাষাৰ পাতলাই দিলো। তাৰ পাছতো বিচ্ছুমান দিনলৈকে বৰুৱাৰ সেই কথাটো মোৰ কাণত কহেলিয়াই আছিল। যেতিয়া তেও খাটাংকৈ বাজিলে যে "মিঞা গৰৰাজী" তেতিয়া তেও" "চহৰকা কাজী"ৰ বাবটো ইস্তফা দি পেলালে। সিফালে আসামৰপৰাও থাকি থাকি, বিয়াৰ প্রস্তাৱবোৰ নানান বাটেদি মোৰ কাষলৈ আহিবলৈ ধৰিলে। মই কিন্তু অচল-অটল 'বক অর-গিৱেল্টৰ।' আইন আৰু, এম, এ, পঢ়াত মন্ত্র পুতি লাগিলোঁ। তথাপি সৈ কাঢ়ি শুও' যে চৌদিশ-পচিশ বছৰীয়া ডেকা মই, ওপৰা-ওপৰিকৈ বিয়াৰ সুখৰ প্রলোভনব চৌরে এইদৰে মোৰ মনভেটিৰ তলধন খান্দি কিছু পৰিমাণে হেলেক লেক, কাঁৰ পেলাইছিল।
ডাঙৰীয়া হাৰবিলাস আগৰৱালাৰ পৰিয়ালেষে সৈতে আমাৰ ঘনিষ্ঠ যত্বে আহিল। সুখৰ বিষয়, আজিও আছে। আগবয়ালা ভাঙবীয়াৰে সৈতে এসময়ত মোষ বৰ ককাইদেও গোবিন্দ বেজবৰ, ৱাই মহীশূৰ পৰ্য্যন্ত প্রায় গোটেই ভাৰতত ভ্রমণ কৰিছিল আৰু সম্ভৱতঃ আগৰৱালা ডাঙৰীয়াৰ খৰচতে। মই কাঁলকতালৈ অহাৰ পিছতে, তেখেতৰ মাজ, পুতেক মোৰ সমান বয়সীয়া শ্রীযুত চন্দ্রকুমাৰ আগৰৱালাৰ সৈতে মোৰ এনে বন্ধুত্ব হয় যে তাত এটোপাও পানী সর্বকিষ নোৱাৰিছিল। আজি আমি দুয়ো বুঢ়াৰ নিচিনা হলোহক তাত ফাকটি নাই। দুয়োৰো জীৱনত অলেখ পৰিৱর্তন ঘাঁটল, কিন্তু ঈশ্বৰৰ কৃপাত সেই বত্বেৰ পৰিয়ত'ন আজিলৈকে চুলি এডালৰ সমানো ঘটা নাই আৰু, ঘটিবষ ভয়ো মোৰ মনত নাই। কেতিয়াবা ঘটে যদিও, সি আৰু, গোটছে মাৰিব বুলি মোৰ বিশ্বাস। ইংৰাজী সাহিতা-চর্চ্চা, সংস্কৃত সাহিত্য-চর্চ্চা আৰু, ঘাইকৈ অসমীয়া ভাষা আৰু সাহিত্য উন্নতিব হাবিল্লাসেই, জয়জয়তে আমাৰ ভিতৰত বস্তুতাৰ সূত্রপাত কৰে। তাৰ ফলত 'জোনাকী' নামৰ মাহেকীয়া কাকতৰ জন্ম আৰু বন্ধি হ'ল। কিছুকালৰ পিছত তাৰ যি ক্ষয়টো হৈছিল সি আমাৰ হাতৰপৰা গৈ। মিষ্টভাষী হাঁহি-মমুখীয়া চন্দ্র কুমাবে প্রথম দর্শনতে মোৰ মন অধিকাৰ কথি পেলালে। ইংৰাজীত "love at first sight" বোলাৰ নিচিনা কথাই। সেই দিন ধৰি আজিলৈকে সেই বন্ধুত্বও চি'চি'রা নাই। চি'চি'রা শব্দটো বারহাব কিয় কৰিলো, তাৰ কাৰণ লোকৰ এষাৰ কথা আছে যে, "তিনি কুৰি বছৰৰ মুৰতহে খোলাকাটিয়ে চি'চি'য়ার" অর্থাৎ খোলা disintegrate হবলৈ অর্থাৎ জহি যাবৰ ফালে যাবলৈ, কমপক্ষেও তাৰ তিনি তুষি বছৰ লাগে, সি এনে এটা টান বস্তু। এতেকে আমি দুয়ো জীয়াই থকা কাল-ডোখৰত আমাৰ বস্তুত্বই চি'চি'রাবৰ কোনো আশঙ্কা নাই।
কলিকতাৰ বৰবজাৰত অর্থেনিয়ান স্ট্রীটৰ ১০ নম্বৰ ঘৰটো হৰি বিলাস আগষরালা ডাঙৰীয়াৰ বাণিজ্য-ব্যৱসায়ৰ আৰু, বাসস্থানৰ "কুঠী" আছিল। এজন অসমীয়াৰ কলিকতাত তেনে এটা বর্ষ কুঠী বৰবজাৰত থকা দেখি মোৰ মনটো জাতীয় গৌৰৱত ওফন্দি পৰিছিল।
চন্দ্রকুমাৰ হৰিবিলাস আগৰৱাল্য ভাঙৰীয়াৰ মাজ, পুতেক, সেই দেখি তেও'- লোকৰ ঘৰৰ সকলোৱে তেও'ক "মাজিউ" বুলি মাতে। মরো সেই দাতকে ললোঁ। আজি পৰিমিত মোৰ মুখত সেই মাত আৰ, তেও'ৰ মুখত মোষ প্রতি ওলোৱা "বেজ" মাতে দেনা-পাওনা সমান কৰি গৈছে। মই আহৰি পালেই ১০ নম্বৰ আম্মেনিয়ান স্ট্রীটলৈ তিফ তিক কৰে লৰ ধৰো আৰু তেও' আহৰি পালেই মই থকা ঠাইত ওলায়হি। ঘঠতে আমি দুটালৈ ভিতৰত বস্তুতাষ বাণিজ্যত বিলাত বাকী" পৰিবলৈ নিদিছিলো। মাজিউন ঘৰত আমাৰ মুখত সাহিত্য চর্চ্চা, পেটত নানাবিধ আহাৰ চর্চ্চা চলিছিল, এই মাথোন প্রভেদ। কিছু দিনৰ পিছত বম্ভবৰ (পণ্ডিত) হেমচন্দ্র গোস্বামীও আমাৰ ভিতৰত সোমাল জাব, আমি নিবং-নিপানীকে তিনিটি হলোঁহক অর্থ'।ৎ একেই তিনি, তিনিয়েই এক।
বৈকুন্ঠনাথ দত্ত নামৰ এজন বন্ধে বঙ্গালী ভদ্রলোক ১০ নম্বৰ আম্মেনিয়ান স্টটিলৈ মাজে-সময়ে যোৱা মই দেখিছিলোঁ। তেও' ডাঙৰীয়া হবিবিলাস আগষযালাখ কিছুদুব প্রিয়পাত্র আছিল। সেই দেখি পুতেকসকলেও তেও'ক ভাল পাইছিল। বৈকুণ্ঠ বাবু, জোড়া-সাঁকোৰ ঠাকুৰ পৰিবাৰৰ ভিতৰতো ঘুৰি ফুৰা উপাসক শ্রেণীৰ, মানুহ আছিল। গুৰিতে কেনেকৈ মই নাজানো, তেবে'ই, "ঠাকুৰবাড়াঁ"ত মোৰ বিবাহৰ প্রস্থাবটো জানি মাজিউন আগত "পেড" কৰিলে। তাৰ পিচত ঘটা নানা বিষয়ৰ কথাৰ ভিতৰলৈ নগৈ, চুমুকে কও' যে "ঠাকুৰ বাড়ী"ত মোৰ বিবাহ একপ্রকাৰ স্থিবীকৃত হ'ল। সেই বিষয়ে বিচান, বিবেচনা, সিদ্ধান্ত আৰু সঙ্কল্পত মোধ প্রিয়তম বন্ধু "মাজিউ" আৰু "হেম গোসাঁই" মোৰ সোঁহাত আৰু, বাও'হাত আছিল। আনন্দ এজন চকা চমকাকে দুষত আছিল, তেওৰ নাম যজ্ঞেশ্বৰ নেওগ। অবশ্যে তেও' আমাৰ ভিতৰুৱা বত্তৰ বাহিৰত।
যি কন্যার্টীৰে সৈতে মোৰ বিয়াৰ কথা হ'ল, তেও'ব "ফটোগ্রাফ" অর্থাৎ ছবি এখন মোৰ হস্তগত হ'ল। তেও'ব বিদ্যা, বুচ্ছি, গুণে, পাঁলন বর্ণনাও মোৰ কর্ণ'গোচক হ'ল। ঈশ্বৰে জানে কিয়-মোৰ মনে তেও'ক মোৰ জীৱনৰ সহচৰী সহবম্মি'ণী স্বৰূপে বৰণ কৰিলে। তেওৰ সেই ছবিটোবে মোৰ হব-শিতানৰ গাব্দটোৰ তলত ঠাই ল'লে। দিনে দিনে মোৰ মনৰ সঙ্কল্প দৃঢ় হৈ আহিল। আজি-কালিব শিক্ষিত-শিক্ষিতা ডেকা ডেকেৰীসকলে শূনি Shocked নহলেও আচৰিত মানিব যে বিয়াৰ আগ মুহত্ত লৈকে আমাৰ ভিতৰত "কোর্ট'পি" অর্থাৎ বিয়াৰ উমেদাৰি চলা নাছিল, পৰস্পৰৰ চিত্তাকর্ষণৰ নিমিত্তে মায়াৰ খেলৰ ভাবনা কৰা হোৱা নাছিল; পুন্দা'ৰাগৰ উমা জুইকুব। ফরাই ফরাই জ্বলোবা হোত্রা নাছিল; কাবল আমাষ দুয়োৰো তেনেকুৱা বস্তুলৈ কোনো আগ্রহ নাছিল, থকাহে'তেন সেই ভাবনা সমাপিত হোৱাত কোনো ব্যাঘাতে। নহ'লহে'তেন। কিয়নো, সেই পৰিবাৰত মর্য্যাদা, সম্মান আব্দ পাঁলতা বাখি তেনে কার্য্য একেবাৰেই নিষেধ (taboo) নাছিল। মই তেওঁক চিরত দেখিলোঁ সুন্দৰী আব, বিষশ্বস্ত লোকৰ বর্ণনাত খুনিলো সুন্দবী, সুশীলা আৰু, ঘাইকৈ ধর্ম-প্ররণা সেরেই মোৰ নিমিত্তে প্রচুৰ।
এই পৃথিৱীখন যে প্রতাবকৰ পৃথিৱী, এই ধাৰণা মোৰ কেতিয়াও হোৱা নাই আৰু কিজানি নহয়ো। প্রতাষক অবশ্যে আছে। কিন্তু ইমান সহজ নহয় যে ধনিষ্ঠ আব্দ ন্যারবক্তসকলক সিহ'তে উটাই নিব পাৰে।
এইখিনিতে কোনোবাই মোক সুধিব পাৰে, যে "তুমি ইয়াৰ আগতে ঢোলৰ মাঝিভাল হাতত লৈ ইমানকৈ যে বজাই কৈছিলাঁ যে তুমি নিজে আঞ্জি' খাব পৰা নহলে বিরা নকৰোৱা। সেই কথাবাৰ কোনটো আখাৰ তললৈ গ'ল? মই উত্তৰ দিম, -"ঠিক কৈছাঁ মোৰ ভাইটি। সি মোৰ আখলত থকা বৰ আখাটোৰ তললৈকে গ'ল। কিন্তু মই ইচ্ছা কৰি মোৰ তালৈ পঠিওয়া নাছিলোঁ; বাহিৰত বল্য বলী বতাহক ভৌৰে কোবাই নি তাৰ তেনে গাঁত কবিলে। "Man proposes, God disposes" বোলা ইংযাজী কথাবাব পাহবিলে নচলিব। ঐশ্বৰব ইচ্ছাব আগত আমি বালি-চাহী নবমানহুৰ ইচ্ছা কোন কটা? আসামতো মোষ বিরাধ প্রস্তাবৰ প্রৱল ঢৌৰ কোব ইমানকৈ উঠিছিল আৰু, তাক চালনাৰ ভাৰ মোৰ পূজনীয়া মাঞ্চদেয়ী আবু, ভ্রাতা- সকলে এনেকৈ কৈছিল যে সেই ঢোঁরে কোবাই অচিৰতে মোৰ বিয়াৰ বিৰোধী সংকল্পৰ তিল-ফল কলপটুরা সোপাকে যে এদিন উটাই লৈ যাব সেইটো মোৰ মনত চেবাই আছিল। আকৌ সেই দেখি কও'-ঐশ্ব ইচ্ছাত সকলো হয়। There is Divinity even in the fall of a sparrow-মহাকবি শোঞ্জপীয়েকৰ কথা। অসমীয়া বুড়া মানুহৰ কথা হৈছে,-"ষি পুর্শ্বে জন্মত যাৰ তিল-মাহ খাই আহিছে, তাৰে সৈতে সেইজনৰ বিরা।"
১৮৯১ খ্রীষ্টাব্দত মহা মহা বাবুগতি পিতৃত্বেরতাই মোৰ মাতৃদেরী আব্দ দুজন পুতেকেৰে সৈতে গঙ্গাস্নান কৰিবলৈ কলিকতালৈ আহিছিল। মই মেডিকেল স্ট্রীটত। এটা থব ভেবে।ণীয়াকৈ লৈ তেও'লোকক তাতে থাকিবলৈ দিহা কৰি দিছিলো; তেও'লোকে কলিকতা পোৱাৰ পিছদিনাই মোব কাণ সমনীয়া সব, ভাই লক্ষণে তাতে মাউবত পাবল আৰু যাব ঘণ্টাৰ ভিতৰতে ঢুকাল। আমি কি শোক-সাগৰত বুৰিলোহ'ক অন্তর্যামীজনেহে জানে। লক্ষণেক কাশ্বত লৈ নিমতলা ঘাটত পূৰি আহিলোগৈ। মাতৃদেবী শোকত জলকা লাগিল। পিতৃদেবতা যদিও আস্তবিক শোকত ম্রিয়মান হৈছিল, তথাপি তেও ধৈর্য্য ধাঁৰ নিজক থিয় বাখি আমাক সান্ত্বনা দিবলৈ ধৰিলে। গঙ্গাগোবিন্দ ফকন (জি, জি, ফুকন) বেজবৰুৱা পবিয়ালৰ চিৰকলীয়া বন্ধু। তেও ওৰে বাতি লক্ষণেব নশিয়াত পৰ দি আছিল। লক্ষণৰ মাত্ন্যুত শোক সামৰিব নোৱাৰি, সেই গহীন গভীৰ পূবষেজনে তিৰোতাই কন্দাদি যেনেকৈ কান্দিছিল, সেই হৃদয়-বিদাৰক দশ্য আজিলৈকে মোৰ মনত আছে।
পিতৃদেবতাই যদিও আমাৰ শোকৰ বাহ্যিক কার্য্যাবলীত যোগ দিয়া নাছিল তথাপি মোৰ বুজিবলৈ বাকী নাছিল যে, তেও'ৰ হিয়া চুচুমৈ হৈ গৈছিল। লক্ষণৰ মৃত্যুত তেও'ৰ জীৱনৰ এক মাথোন আশাৰ পুলিটি সমূলঞ্চে বিনষ্ট হ'ল। পাশ্চাত্য শিক্ষাই তেও'ব আনবোৰ ল'ৰাব বিপর্যায় ঘটোরা দেখি তেও পূর্বণি আসামৰ চিবপ্রবাহিত শিক্ষা-দীক্ষা আব্দু ঘাইকৈ আমাৰ বংশত অসমৰ "বুড়াভগনীয়া ৰজা"ৰ দিনৰেপৰা ধাৰাবাহিক ৰূপে চলি অহা আয়ুরুশ্বে দিক বিদ্যা অক্ষন্ন বান্ধিব মনেবে পিতৃদেবতাই অতি যত্ন কৰি নিজৰ মনৰ নিচিনাকৈ শিক্ষা দি লক্ষাণকে প্রস্তুত কৰিছিল। তেও'ৰ চকুৰ আগতে সেই লক্ষণৰ মৃত্যু। গঙ্গাগোবিন্দ ফুকনক তেও এধাৰ মাথোন কথা কৈছিল, "ঈশ্ববব ইচ্ছা যে আসামত আমাৰ বংশত অত কালৰপৰা প্রচলিত আয়ুর্শেদ বিদ্যা লোপ পাব লাগে।"
বাণীত স্থান কার্য্যাদি সমাপন কৰি পিতৃদেয়তা সপবিবাবে আসামলৈ উভতি গ'ল; তাব এমাহমানৰ পিছতে, মোৰ বৰককাইদেও গোবিন্দচন্দ্র বেজবৰুত্নাবলবা এদিন হঠাৎ এখন টেলিগ্রাম পালো, যথা- "Your marriage settled with-s daughter, come immediately." অর্থাৎ অঙ্কন জীয়েকেবে সৈতে তোমাৰ বিয়াৰ ঠিক হৈছে, তৎক্ষণাত আহিবা। উত্তৰত মই টেলিগ্রাম কাঁৰলো,-"My marriage settled with Maharsi Devendranath Tagore's grand-daughter" মানে, মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ নাতিনীয়েকেৰে সৈতে মোন বিয়া ঠিক হৈছে। ইয়াৰ পিছত কত'খন টেলিগ্রাম দুই ফালৰপৰা আহিল গ'ল ঠিক নাই। শেহবধনলিখিলো "My marriage will be celebrated tomorrow positively"-মানে ১৮৯১ ধাঁষ্টাব্দৰ মার্চ মহাৰ ১১ তাৰিখে মোৰ বিয়াৰ এই ধবনে ৰংপুৰ, যোৰহাট, গোলা- ঘাটত কত কল্পনা-জল্পনাৰ আন্দোলন সৃষ্টি কৰিলে, সেইবোৰৰ বিৱৰণ দি আব্দ প্রয়ন্ম নিদীঘলাও'। তেতিয়া কলিকতাত থকা গঙ্গাগোবিন্দ ফকনলৈকো আমাৰ বৰৰপৰা বিয়া ভাঙি দিবলৈ কেইবাখনো টেলিগ্রাম আহিছিল। তেও' সেই সম্পকে' কি কৰিছিল -মই নাজানো। তেও নির্মশ্রিত হৈও মোৰ বিয়ালৈ অহা নাছিল। কিন্তু বিয়াৰ দিনচেৰেকৰ পাছত তেও' আৰ, তেও'ব গৃহিণীয়ে আমাৰ দুইকো তেও থকা ঘৰত খাবলৈ মাতিছিল আৰু আমাক বৰ আদৰ-সাদৰ কৰিছিল। ইংৰাজ কবি গল্ফ স্মিথন "ডেজটেড ভিলেজ" নামৰ কিতাপখন তেও'লোকে বিরাব যৌতুক-ৰূপে মোক দিছিল। বাহাদুৰ গুণাভিৰাম বৰুৱাও সেই সমযত সম্প্রীক কলিকতাতে আছিল। তেওৰ ল'বা-ছোবালীকেইটিও তেও'ব লগতে আছিল। তেও'লোককো নিমন্ত্রণ কৰা হৈছিল, কিন্তু বিয়া-ঘৰত দেখিবলৈ নাপালো। তেবো বিয়াৰ কিছুমান দিনব পিছত তেওলোকৰ ঘৰত সম্প্রীক মোক নিমন্ত্রণ কৰি বৰ মৰম-চেনেহ কৰি খুৱাইছিল। তেতিয়া কলিকতাত থকা প্রায় সকলোবোৰ অসমীয়া ছাতৰে বিয়ালৈ আহি ডুবি-ভোজন কৰি পৰিতুষ্ট হৈ গৈছিল।
এইখিনিতে এটা কথাৰ উল্লেখ কৰা উচিত যেন পাইছো। কাবল খাই ঘটনা এই লুকঢ়ক, নকৰো। অৱশ্যে সৰু-সুৰা কথা পাহৰণিৰ বুকুত সোমাই যোৱাৰ বাবে কেতিয়াবা কও'তে ভুলো হব পাৰে।
মই তেতিয়া কলিকতাৰ শানকিভাঙ্গা নামৰ ঠাইৰ ২নং ভবানী চৰণ দত্তৰ গলিত, জনচেবেক বাছকবনীয়া অসমীয়া ছাতবেৰে সৈতে 'মেছ' কৰি একেলগে আছিলো। "ঠাকুবাড়ী"ত যেতিয়া মোৰ বিয়া একরকম ঠিক হ'ল মহর্ষি দেবেন্দ্রনাথ ঠাকংবব এজন বিশ্বস্ত কর্মচাৰীয়ে মোৰ থকা ঠাই ২ নং ভবানীচবণ দত্তব লেনৰ ঘৰলৈ আহি, মোক বিশ্বাসতে সুধিছিল, বিয়াত মোৰ ফালৰপৰা condition অর্থাৎ দাবী কি? অর্থাৎ মই কিমান টকা বিচাৰো? মোষ অবিদিত নাছিল যে বঙ্গদেশত দৰাৰ ফালৰপৰা ছোৱালীৰ অভিভাৱকৰপৰা ধন-বিত বিচৰা হয় আৰু সেই ধন দিয়া আব্দ লোবাব দব-দন্ধুবৰ এটা মীমাংসা হলেহে বিয়া হয়। সেইটোরে অতি জঘন্য ক-প্রথা, আন নালাগে বঙ্গালীসকলেও স্বীকাৰ কৰে, কিন্তু মুখেৰে স্বীকাৰ কৰিলে কি হ'ব? কার্যা'ত, আন নালাগে বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা পোহা বি. এ., এম, এ, 'পাছ' কৰাসকলৰ ভিতৰতো সি প্রবলভায়ে চলি আছে। তাব ফলত, অলেখ মজলীয়া তৰপৰ বঙ্গালী সন্ধ্যান্ত হৈছে; আব্দ কেইবাটাও আঁত 'শোচনীয় ঘটনা হৈ ধোঁৱাৰ বাতৰি কাকত পরত ছপা হৈ ওলাইছে; যেনে-কিন্তু, ফালৰ আগতে ঘটা স্নেহলতাৰ জুইত জাহ; আবু সিদিনাও চাবিজনী অবিবাহিতা বায়েক- ভনীয়েকে বাপেকক ধবংসৰপৰা ৰক্ষা কৰিবলৈ স্ব-ইচ্ছাতে কানি পান আব্দ আত্মংস্থা বৰা। মই সেই কৰ্মচাৰীজনক উত্তৰ দিলো, "আসামত অসমীয়া মানুহৰ ভিতৰত ধন লৈ ছোৱালী বিরা কবোবা প্রখা নাই। অসমীয়াই অঞ্চবেৰে সৈতে তেনেকুয়া প্রথাক ঘিণ কৰে। মই বঙ্গদেশৰ ভিতৰত শিক্ষিত সূমার্ক্সি'ত আব্দ, শ্রেষ্ঠ পৰিৱাৰত বিবাহ সম্মন্ধেবে যাচ্ছ খাবৰ নিমিত্তেহে প্রস্তুত হৈছোঁ বলিয়াৰ দখে ধন-বিত বিচাৰি সেই কার্য্য কৰিবলৈ ওলোৱা নাই।"
মোষ উত্তৰটো শুনি কর্মচাৰীজনৰ মুখখন জামৰি গ'ল। তেও' ক্ষমা-প্রার্থনা কৰি উঠি গুাঁচ গ'ল। অৱশ্যে মোক মহামূর্খ' বিদেশী অসমীয়া বুলি পেটে পেটে ভাবিছিলনে নাই, মই কব নোৱাৰোঁ। মোষ বিয়াৰ পিছত মোৰ সহধর্মিণীৰ মুখবপৰা শুনিছিলোঁ যে "কতমিশার" অর্থাৎ তেও'ৰ ককাদেউতাক মহর্ষি দেবেন্দ্রনাথ ঠাম্পুষে লোক দিবলৈ দহ হাজাৰ টকা তেওৰ কাছাৰীৰ খাজাঞ্চিৰ হতুয়াই টোপোলা বন্দ্বোরাই থৈছিল। তেওলোকৰ পৰিয়ালত আগে-পিছে জোঁবায়েকে তেনেকৈ টকা লর। তেহেলৈ সেইজন 'বিলাত-ফেত্তাই" হওক বা প্রদেশতে বংশমর্য্যাদা আব্দ লেখা- জ্জাত জিলিকাই হওক। মই নলও' বুলিলো দেখি সেই টকা দিয়া নহ'ল। গৃহিণীৰ এই কথা শুনি দই দুঃখিত হোবা দুৰত থাকক, আত্মগৌষর অনুভম কৰি মিচিক কষে মাখোন হাঁহিলোঁ। বায়বাহাদুৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়াই খুবে সম্ভয়, কেনেবাকৈ এই কথাৰ সম্ভেদ পাইছিল। তেওৰ ঘৰত মোক সম্প্রীক নিমাণ কৰি হুউরা দিনা, তেও' তেও'ৰ হাতৰ তলুৱাখন মেলি ঠোলা পাতি দেখুৱাই মোক আকাষে-ইঙ্গিতে এইদৰে কৈছিল-"আমি বামুণ মানুহ। বামুদুলে সদার সোঁহাতৰ তদবাঙ্গন ঠোলা পাতি খয়। লুটিয়াই উত্তুনিকৈ নখর।" সেইদিনাও সেই কথাত মোৰ মুখত মিচিকিয়া হাঁহি বিৰিঙিল।
মই বিয়াব দিনাহে, আমাৰ অসমীয়া মাতেৰে কবলৈ গলে, "হোমৰ গুৰি"ত প্রথমতে মোষ ভাবী সহধৰ্ম্মি'শীষ মুখখন দেখিছিলোঁ। অৱশ্যে আমাৰ বিয়াত "হোম-পোৰ।" হোয়া নাছিল। কাবল আদি ব্রাহ্মসমাজৰ বিধি মতে আমাৰ বিয়া হৈছিল। তাত হোম পুষি বিয়া দিরান বিধান নাই, শালগ্রাম আব্দু হোমৰ বাহিষে হিন্দ, বিয়াৰ সকলো আচাৰৰ ব্যৱস্থা তাত আছে।
ফেশয়বাবুষ "নব-বিধান"ত আৰু সাধাৰণ 'রহ্মসমাজ'ত প্রচলিত বেজিষ্টাৰী বিরাও "আদি-রাহ্মসমাজ"ত নাই। সেই দেখি, আদি-ব্রাহ্মসমাজৰ আন আন কার্যাতো হিন্দুৰ ৰীতি-নীতিলৈ সমহীয়া পক্ষপাত দেখি সাধাবণ রাষ্ট্রসমাজৰ বৰকৈ আগ বাঢ়োতা go-shoad সকলে আদি-রাহ্মসমাজক হিন্দ-সমাজ বুলি ইতিকিং কৰে। সুখ বিষয় যে আদি-ব্রাহ্মসমাজভুত্তসকলে সেই ইতিকিং compliment অর্থাৎ নিন্দা দুবুলি বন্দনা গুলিহে লয়। আজিলৈকে চেকাজ নিপোর্ট'ত আধি-রাহ্মসমাজব মানুহে নিজক হিন্দু, খুলি লেখাইহে গোবর অনুপ্তের কৰে। মহর্ষিব মুখ্য idea বা ভাবেই বিৰেপৰা তেনেহুয়া। আমি সমাজ বৈদিক কালৰ অপৌত্তলিক আর্য'।
হিন্দু, সমাজৰ আর্হিত গঠিত। বেদ আৰু উপনিষদ তাৰ ভেটি। বেদ-উপনিষদৰ সাৰ ভাগ গ্রহণ আয, অলাগতিয়াল ভাগ বজ্জ'ন-অবশ্যে অবজ্ঞাভারে বজ্জ'ন নহয়। মহবিবি এই মূল ভে'টিৰপৰা ফাটি নরবিধান আৰু সাধাৰণ সমাজ হ'ল; যেতিয়া প্রথমতে কেশরচন্দ্র সেনে আব, তাৰ পিছত তেও'ব লগৰীয়াসকলে মহষি'ৰ আদর্শ গ্রহণ কৰিব নোৱাৰা হ'ল। দয়ানন্দ সবম্বতীৰ আৰ্য্য সমাজেৰে সৈতে আদি সমাজৰ পোন্ধৰ অনা মিল, মাথোন আর্য'। সমাজৰ সিদ্ধান্ত যে বেদ একেবাৰে সকলো বিষয়তে অভ্রান্ত আব, হোম সকলোৰে কর্তব্য, ঘাইকৈ এই দুটাত বিভিন্নতা। মোৰ বিয়াত "সপ্তপদী গমন", "স্ত্রী-আচাৰ", "শুভদৃষ্টি" আৰু, হিন্দৰ বিয়াৰ বিধিত অনুষ্ঠেয় প্রায় সকলোবোৰ বৈদিক মণ্ডৰ সমাবেশ আছিল; মুঠতে সি শালগ্রাম আৰু, হোম-বিহীন হিন্দ, বিয়া। বিয়াৰ বেদীৰ কাষত প্রথমতে মোৰ ভাবী সহধক্ষ্মিণীকে দেখিলোঁ; আবু, তাৰ পিছত কাপোৰৰ ঢাকোনৰ তলত "শুভদ, ষ্টিত"।
আমাৰ সপ্তপদী গমনৰ পিছত কাপোৰৰ ঢাকোনৰ তলত দুয়ো থির, কাপোৰৰ আঁৰৰ ভিতৰত আনৰ দৃষ্টিৰ প্ররেশ-নিষেধ। এনে অৱস্থাত আমাৰ দুইবো যেতিয়া শুভদৃষ্টি ঘটিল, মোৰ সহধম্মি'গাঁয়ে ফিক, কবে হাঁহি পেলালে। তেও'ৰ তেনে অবস্থা দেখি মোবো মুখত তেনে হাঁহি বিৰিঙি উঠিল। সিফালে আমাক বৰণ কৰিবলৈ তাত সমবেত মহিলাসকলে-
আয় ৰে আয়
বৰণ কৰি শাঁখ বাজায়ে।
দেখো যেন
সোনাৰ জামাই
যেয়ো নাকো
সাঙ্গা তলায় মন হাবায়ে।" হঠাৎ মনত পৰি, বিয়াৰ কিছুমান দিনব পিছত এদিন মোৰ গৃহিণীক সুধিছিলোঁ, তেও' বিয়াৰ দিনা সেই শুভদৃষ্টিৰ সময়ত সেইদৰে হাঁহিছিল কিয়? তেও" মোক উত্তৰ দিলে-বিল্লাব অনেক দিনৰ আগতে তোমাক মই এদিন সপোনত দেখিছিলোঁ। মই সামাজিকত দেখা মুখখনেৰে সৈতে তোমাক হুবহুকৈ মিলি যোৱা দেখি মোৰ হাঁহি উঠিছিল। সন্দিপ্ত চিত্তৰ (sceptic) মানুহে কথাষাৰ পতিৱাবলৈ টান পাব বুলি মই বুজিছোঁ মই কিন্তু নাপাও'। তাৰ কাৰণ-বিয়াৰ দিনাৰপৰা আজিলৈকে মই নানা বিষয়ত আৰু, নানা অৱস্থাত দেখি আহিছোঁ যে ভেও' কেতিয়াও মিছা কথা নকর; আহ্, সদায় ধর্মভীব, (pious)। জোড়াসাঁকোৰ পৰিয়ালৰ ভিতৰতো তেও'ব সেই স্নখ্যাতি আছে। মোৰ কথাষাৰ পক্ষপাতমূলক বলি যাৰ পতিয়াৰৰ মন নাম্বার, সেইজনে নপতিয়ালেও মই বেয়া নাপাও, মই মোৰ জ্ঞান-বিশ্বাসমতে কৈ থলোঁ মাথোন। মোৰ সৈতে তেওৰ বিয়াৰ সম্বদ্ধ হোৱাৰ আগেয়ে কেইবাবাৰো একোজন কৃতী শিক্ষিত আৰু, সম্ভ্রান্ত পৰিয়ালৰ ডেকাৰে সৈতে তেও'ৰ বিবাহৰ সম্বন্দ্ব প্রস্তার হৈছিল। প্রত্যেক বাৰতে তেও দড়ভাৱে অসম্মতি প্রকাশ কৰিছিল। কিন্তু কিল্প কব পৰা নাযায়, মোৰ বেলিকা তেও একেষাবতে হ', বুলি সম্মতি দিলে। অথচ তেও' মোক চন্ম'-চকুৰে আগেয়ে কেতিয়াও দেখা নাছিল। এই প্রহেলিকাৰ তাৎপর্য'।
২য়-২
উলিওৱাটো মোৰ পক্ষে সাধ্যাতীত। মই এই মাথোন জানো যে প্রকৃত বিষাহ মাঘোন পার্থিব বস্তুৰ পাখি'র মিলন নহয়। সি দুই আত্মাৰ (soul) আধ্যাত্মিক মিলন, আব্দ ঈশ্বৰৰ ইচ্ছাত সংঘটিত ব্যাপাৰ। বিয়াৰ আগেয়ে ময়ো প্রথমতে যেতিয়া ফটোগ্রাফত তেও'ব প্রতিকৃতি দেখিলোঁ, হঠাৎ মোৰ মনত বিজলী মবান দৰে মাৰিলে যেন সেই মুখখন মোৰ অনেক কালৰ চিনাকি। এই কথাবোৰ trash অর্থাৎ ফপহৃতা বলিবৰ যাব ইচ্ছা হয়, বোলক, মই কিন্তু জানোঁ-এর।
বিয়াৰ তিনি দিনৰ পিছত ২নং ভবানীচবণ দত্ত লেনৰ ঘৰলৈ মই উভতি আহিলোঁ আৰু, আগৰ দৰে থাকিবলৈ ধৰিলোঁ। মোক উভতি অহা দেখি মোৰ মেজৰ লগবীয়া- সকলে আচৰিত মানিলে, কাৰণ তেওঁলোকে ভাবিছিল যে সজাৰপৰা ওলাই যোৱা এই চৰাইটো আকৌ উভতি নাহে। অর্থাৎ তেওঁলোকে ভাবিছিল, মই শহুৰৰ ঘৰতে বসতি কৰিম। ঠাকুৰ পৰিয়ালৰ জোঁৱাইব সম্পর্কে তেওঁলোকৰ তেনে ধাৰণা হোৱাটো আচৰিত কথা নহয়। আছি মই দুই হাত মেলি তেওঁলোকক আঁকোৱাল মাৰি ধৰিলোঁহি; ভাবার্থ-মই আগেয়ে যেনেকৈ তোমালোকৰ আছিলোঁ, এতিয়াও তেনে; তোমালোকে মোক সামৰি লোৱাঁহক।
ওপৰত কৈ আহিছো, ১৮৯১ খ্রীষ্টাব্দৰ মার্চ মাহৰ ১১ তাৰিখে মোৰ বিয়া হয়। সেই কালত ঠাকুৰ পৰিয়ালৰ মুকুট-মণি মহর্ষি দেবেন্দ্রনাথ ঠাকুৰ জীয়াই আছিল। তেতিয়া তেওঁ নিজা ঘৰ জোড়াসাঁকোত নাথাকি পার্ক' স্ট্রীটত এটা প্রকান্ড ঘৰ কেবেয়া কৰি লৈ তাতে আছিল। জোড়াসাঁকোৰ ঘৰত তেতিয়া তেওৰ বহৎ পৰিবাৰ- পুতেক, নাতি-নাতিনী প্রভৃতিৰে ভৰপুৰ ঠিক যেন ডাঙৰ মৌচাক এটাত মৌ-মাখিৰ পূপ। পাক' খুঁটিৰ ঘৰত মহধি'বে সৈতে তেওৰ বৰ পুতেক সুবিখ্যাত দার্শনিক দ্বিজেন্দ্রনাথ ঠাকুৰ; "অশ্রু,মতী", "সৰোজিনী" প্রভৃতি নাটক-প্রণেতা আৰ, প্ৰথমতে কলিকতাত প্ৰদেশী জাহাজ চলাও তা পঞ্চম পুতেক জ্যোতিবিন্দ্রনাথ ঠাকুৰ, মহর্ষিৰ বিধবা বৰ জীয়েক সৌদামিনী দেবী আছিল। জোড়াসাঁকোৰ ঘৰত মহর্ষি'ব নুমলীয়া পুতেক ৰবীন্দ্রনাথ ঠাকুৰ (পিছত বিশ্ববিখ্যাত কবি), চতুর্থ পুতেক বীৰেন্দ্রনাথ ঠাকুৰ (খি প্রতিভাশালী সন্তান যলেন্দ্রনাথ ঠাকুৰৰ বাপেক) আৰু যষ্ঠ পুতেক সৌমেন্দ্রনাথ ঠাকুৰ। মহর্ষি'ৰ তৃতীয় পুতেক হেমেন্দ্রনাথ ঠাকুৰৰ বিধবা পত্নী মোৰ শাহ্, আই, তেওৰ তিনি পুতেক হিতেন্দ্র, ক্ষিতীন্দ্র, ঋতেন্দ্র আব; জাঁয়েকহু'তবে সৈতে তাতে। সৌদামিনী দেৱীৰ পুতেক সত্যপ্রকাশ গাঙ্গুলী সপৰিধাৰে সেই ঘৰতে আৰু মহবি'ৰ এজন জোঁৱায়েক যদুনাথ মুখার্জী সপৰিয়ালে তাতে বাস কৰিছিল। কাবেঙষ নিচিনা সেই বিষাট ঘৰখন সাজ-পাৰ, দাখোৱান, চণ্ডবী, কর্মচাৰীৰে সৈতে তেতিয়া এটা বিৰাট ব্যাপাৰ। মহবি'ৰ জমিদাবী কছাৰীও সেই ঢোলৰ ভিতৰতে। মহযি'ৰ পৰিয়ালৰে ভিতৰুৱা গগনেন্দ্রনাথ ঠাকুৰ। কলাবিদ অবনীন্দ্রনাথ ঠাকুৰ (পিছত চি. আই. ই) আৰু, ভায়েক সমবেন্দ্রনাথ ঠাকুৰো সপৰিবাৰে সেই প্রকাণ্ড টোলৰ ভিতবতে।
অনেক বছৰৰ পিছত জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালৰ ভিতৰত এইখন বিয়া। সেই দেখি এইখন বিয়াই পৰিবাৰৰ সকলোৰে মন আকর্ষণ কৰিছিল আৰু মোৰো ভাগাত সকলোৰেপৰা আদৰ-সাদৰ লাভ হৈছিল। সুবিখ্যাত বেৰিষ্টাৰ এ চৌধবীৰ (পিছত কলিকতা হাইকোর্ট'ৰ জজ স্যৰ আশুতোষ চৌধুৰী) সহধষ্মিণী প্রতিভা দেৱাঁ মোৰ ভাৰ্য্যাৰ আপোন বায়েক। প্রতিভা দেৱীৰ বিয়াৰ প্রায় ৮৯ বছৰৰ পিছত এইমন বিয়া। এই দীঘলীয়া ব্যৱধানে মোক সুবিধা কৰি দিছিল। সকলো ফালৰপৰা আমাৰ নিম্নক্ষ্মণ, পার্টি ইত্যাদিৰ জাউৰি উঠিবলৈ ধৰিলে। মহর্ষি'ৰ মাজু পুতেক পুজনীয় সত্যেন্দ্রনাথ ঠাকুৰ ভাৰতীয়ৰ ভিতৰত প্রথম চিভিলিয়ান। তেওৰ সহধম্মি'ণী শ্রীমতী জ্ঞানদানন্দিনী দেবীয়ে, পুতেক সুবেন্দ্রনাথ ঠাকুৰ আবু, জীয়েক ইন্দিবী দেবীৰে সৈতে, কলিকতা ময়দানৰ দক্ষিণ ফালে "বিজি'তলা" বা রজতলা নামৰ ঠাইত সুকীয়াকৈ এটা প্রকাণ্ড ঘৰত বাস কৰিছিল। দিনো আবেলি আৰু গধুলি তাত কলিকতা হাইকোর্ট'ৰ জজ, বেৰিষ্টাৰ আৰু আন আন বৰলোকৰ সমাগম হৈছিল। টেনিছ পার্টি', খেল, সঙ্গীত প্রভৃতি তাত দৈনিক ব্যাপাৰ বুলিলেই হ'ব। তালৈকো মোৰ প্রায় সততে গতি-বিধি আছিল।
এটা কথা মনত পৰিছে, এইখিনিতে কৈ থও'। তেতিয়া আমাৰ বিলাতব 'কূপছ' হিল" কলেজত পড়ি "পাছ" কৰি অহা ইঞ্জিনীয়ৰ বলিনাৰায়ণ বৰা কলিকতাতে আছিলহি। তেতিয়া তেও' কামৰপৰা অৱসৰ লৈয়েই নে, তাৰ আগলিতে আছিলহি মোৰ মনত নাই। তেও'ৰ সৈতে "মিচেজ" সত্যেন্দ্রনাথ ঠাকুৰৰ চিনাকি আছিল। বৰা ডাঙৰীয়াও মাজে মাজে বির্জিতলাত সমাগত হৈছিল। "মেজ মাই" অর্থাৎ মিচেজ সত্যেন্দ্রনাথ ঠাকুৰে অসমীয়া বৰাৰে সৈতে তেও'লোকৰ অসমীয়া ন জোঁৱাইক লগ লগাই দিবৰ মনেৰে এদিন ডাঙৰ "ডিনাৰ পাটি" এটা দি বৰা ভাঙৰীয়াক নিমক্ষ্মণ কৰিলে। বৰাই নিমন্ত্রণ গ্রহণ কৰি যাম বুবলি উত্তৰ দিলে। তাৰ পিছত কিয় জনা নগ'ল, তেও' নাহিল আৰু কাৰণো নজনালে। ডিনাৰৰ কাল উকলি গ'ল, উপস্থিত সকলো আলহীয়ে তেও'লৈ বাট চাই আছে, কিন্তু, তেও" নোলালহি। মিচেজ ঠাকুৰে অদ্বান্ত অনুভৱ কৰিবলৈ ধৰিলে, কাৰণ তেওৰ উদ্দেশ্যটোরেই বোধকবো ব্যর্থ হ'ল দেখি। মোৰ মনত তেতিয়া খেলোরা কথাটোও এইখিনিতে কৈ দিও', বদিও সি সম্ভৱতঃ ভুল। বৰা ডাঙৰীয়া বিলাত-ফেবৎ, গরণ'মেন্টৰ চৰ্য্য-গব্য কৰ্ম্মচাৰী, মই এটা সামান্য কলেজৰ স্টুডেন্ট। পিছত বৰা ডাঙৰীয়াই মিচেজ ঠাকুৰৰ ভিতৰুৱা উদ্দেশ্যটো সম্ভৱতঃ বুজিব পাৰি কিজানি তেনে কৰিলে। আকৌ কও', তেতিয়া মোৰ এই অনুমানটো সম্ভবতঃ ভুলেই।
মহর্ষি তেতিয়া পাক খুঁটিত আছিল বুলি ওপৰত কৈ আহিছোঁ। পিছত তেও'ক ইচ্ছা অনুসাৰে আমি দুয়ো formally তেও'ব আলীম্মাদ লবলৈ গলো। তেও মোক আশাবাদ কৰি সোণৰ কলম এটা দি ক'লে, "তোমাৰ এই কলম থেকে খুনিপুণ লেখা বেবে। নাতিনীয়েকৰ মূৰত হাত দি আর্শীবাদ কৰি হাতত সুন্দৰ গোলাপ ফুল এপাহ দি কলে- "তোমাৰ খল সৌবহু এই ফুলের সৌবণ্ডেৰ মতো চতুদি'কে বিস্তান হবে।"
ঈশ্বৰে জানে প্রকৃত ঋষি-সদৃশ এইজন মহাপুৰুষৰ বাক্য আমাৰ জীৱনত ফলিরাইছে নে নাই।
অনেক দিনৰ পিছত, সেই সুবহৎ পৰিবাৰৰ ভিতৰত হোৱা এই বিয়াৰ উদ্দীপনা সেই পৰিবাৰৰ স্বশিক্ষিত সুমাচ্ছি'ত ডেকাসকলৰ মনস্তানেক বার্টেদি অনেক দিনলৈকে চলিছিল। তেওলোকৰ ভিতৰত নর নর উন্মেষণাৰ কাষ'। সংসাধিত হৈছিল। তাৰে দুটা-চাৰিটাৰ মাথোন উল্লেখ কৰিম। উঠি অহা ডেকা কবি পূজনীয় ৰবীন্দ্রনাথ ঠাকুৰৰ দ্বাৰাই আগেয়ে বচিত "মায়াৰ খেলা" নামৰ নাটকৰ অভিনয় হৈছিল মিচেল সত্যেন্দ্রনাথ ঠাকুৰৰ বিৰ্জি'তলাৰ ঘৰত। কবিবৰে তেওৰ গুণাক্ষৰ ককায়েক জ্যোতিবিম্প্লেবে সৈতে সেই নাটকৰ অভিনয়ত ভাও লৈছিল। তিৰোতাৰ ভিতৰত সত্যেন্দ্রনাথ ঠাকুৰৰ বিদুষী গ্রেজরেট কন্যা শ্রীমতী ইন্দিৰা দেৱী, ভাৰতীয় সম্পাদিকা, মহর্ষি' কন্যা বর্ণ' কুমাৰী দেৱীৰ গ্রেজরেট জীয়েক শ্রীমতী সৰলা ঘোষাল আব, ঠাকুব পৰিবাৰৰ সঙ্গীতজ্ঞ আন আন মহিলাসকল আছিল। মোৰ নর পরিণীতা ভাষা প্রজ্ঞাসুন্দৰীও তেও'ৰ ভনীয়েকসকলেৰে সৈতে অভিনয়ৰ ভিতৰত আছিল। প্রজ্ঞা তেতিয়া বিবাহিতা দেখি মোষ অনুমতি গ্রহণ কৰা হৈছিল। কোৱা বাহুলা যে মই আনন্দেৰে অনুমতি দিছিলোঁ। বাচক-বনীয়া অভিজাত শ্রেণীব দর্শ'কেৰে ভাওনা ঘৰ ভৰি পৰিছিল। অভিনয় দেখি আৰু তাৰ পিছত আহাৰাদি কৰি সকলোৱে পৰম প্রীতি লভি ঘৰাঘৰি গৈছিল।
সুধীন্দ্রনাথ ঠাকুৰ, বলেন্দ্রনাথ ঠাকুৰ প্রভৃতি ডেকাসকলে "সুহৃদ সমিতি" জোড়াসাঁকোৰ ববতে পাতিলে; আমি আটাইবোৰ সেই সমিতিৰ সভ্য হলোহক। বাহিৰৰ দুই চাৰিজন ডেকা শিক্ষিত বন্ধুকো তাত স্থান দিয়া হৈছিল। সপ্তাহৰ ভিতৰত এদিনকৈ তাৰ অধিবেশন হৈছিল। সভাৰ উদ্দেশ্য সভাসকলৰ ভিতৰত মিলা- প্রীতিৰ ভাব বড়োরা। উপায়-সাহিত্য চর্চ্চা আৰু অন্তত মধুৰ প্ৰাঁতি-ভোজন। সমিতিৰ কেইবানো অধিবেশন হৈছিল। তাত সভ্যসকলৰ দ্বাৰাই ৰচিত ইংৰাজী আবু, বঙ্গলা ভাষাত ৰচনা পঠিত হৈছিল আৰু তাৰ সমালোচনা চলিছিল। তাৰপৰাই "সাধনা" নামৰ বঙ্গলা মাহেকীয়া কাকতৰ জন্ম হয়। তাৰ সম্পাদকৰ পদত সুধীন্দ্রনাথ ঠাকুষক বহুৱা হৈছিল। কিছু দিনৰ পিছত সুধীন্দ্রনাথৰ ঠাই কবীন্দ্র, কবীন্দ্রনাথ ঠাকুৰে ল'লে। "সাধনা"ই বঙ্গলা মাহেকীয়া কাকতবোৰৰ ভিতৰত শ্রেষ্ঠ আসন অধিকাৰ কৰিছিল। কিছুকালৰ পিছত 'সাধনা' অন্তস্থান হ'ল। সম-সাময়িক নহলেও প্রায় অগা-পিছাকৈ সেই পৰিবাবৰপৰা আৰু, এখন মাহেকীয়া বঙ্গলা কাকতৰ জন্ম হৈছিল। তাৰ পূৰি ধৰোঁতা আছিল-মোৰ নিজা জেঠেবাঁ-হিতেন্দ্রনাথ ঠাকুৰ, ক্ষিতীন্দ্রনাথ ঠাকুৰ আৰ; ঋতেন্দ্রনাথ ঠাকুব। সম্পাদিকাৰ আসনত মোৰ সহধর্ম্মি'ণী শ্রীমতা প্রজ্ঞাসুন্দবী দেবী। এবছৰমানৰ পিছত সেইখন কাকতো শূন্যত বিলয়প্রাপ্ত হ'ল।
শহবৰ ঘৰৰ এই সাহিত্যিক মহিলা আব্দ বষসকলে, অসমীয়া ভাষা আব, বঙ্গলা ভাষাৰ পার্থক্য আৰু বাঙ্গলা ভাষাৰ শ্রেষ্ঠত্বৰ বিষয় লাহে লাহে মোবে সৈতে আলোচনাত প্রবৃত্ত হবলৈ ধবিলে। তেও'লোকেই আগবাঢ়ি আহি মোক তক' অশ্বত সোমাই ললে। অগত্যা মই সোমাবলগীয়াত পৰিলোঁ, যদিও তেনে unpleasant অর্থাৎ অপ্রীতিকৰ কাৰ্য্যত সোমাবৰ মন মোৰ সমূলি নাছিল। তেও'লোকে ভাবি- ছিল, পূর্বে বঙ্গৰ ভাষাও যেনেকৈ নদীয়া-শান্তিপুৰ কলিকতাঁয়া ভাষাৰ এটা বেবেৰিবাং অৱস্থা বা দুৰৱস্থা, অসমীয়া ভাষাও তেনে। তেওলোকৰ ইচ্ছা, মই অসমীয়া ভাষাৰ হকে চেষ্টা চৰিত্ৰ পৰিত্যাগ কৰি বঙ্গ-ভাষাৰ উন্নতি কামনাত লাগি যাও'। তাৰ গৰিত এনে এটা ভাবো আছিল যে তেও লোকৰ পৰিবাব-ভুক্ত জোঁৱাই মই যেন সম্পূর্ণরূপে বঙ্গালী হৈ যাও"। কিন্তু, লাহে লাহে তেও লোকে দেখিবলৈ পালে যে ইংৰাজীত কবব নিচিনা "They have caught a Tartar in me," মই অজীণপাতকী হৈ দেখা দিলো। তেও'লোকৰ সুখৰ সপোনত ব্যাঘাত ঘটিল। মই তেও'লোকক নিৰাশ কবিলোঁ। মোৰ সাজ-পাবো তেও লোকে তেও'লোকৰ পৰিবাৰত প্ৰচলিত সাজ-পাৰৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছিল; তাতো মই তেও'লোকক নিৰাশ কৰিলোঁ। অসমীয়া ভাষাব হকে মোৰ হাতত ডাঙৰ ৰামটাঙোনডাল দেখি তেওলোকৰ মন ভাগি গ'ল। দিনে দিনে ভাষাৰ তর্ক'ৰ পথাৰখন বহল হৈ ধাবলৈ ধৰিলে আৰ, ডেকাদলৰ অধিপতি "ববিকাকাইও" গতি বিষম দেখি মৌনাৱলম্বন কৰিলে। এই খণ্ড-বৃশ্বৰ প্ৰণালীৰ সেইখিনিতে অবসান। তেতিয়াৰেপৰা আজি এই বড়া বয়সলৈকে ডাঙষ ঠাকুৰে তেও'ব পোহ নোলোৱা জোঁৱায়েকেৰে সৈতে সেই বিষযে তক' কৰা এৰি দিলে আব, মোষ আগত কোনো মন্তব্যও প্রকাশ কৰা নাই। মাথোন এবাৰ শ্বিলঙত এবাৰ কথা তেও' মোক কৈছিল অলপ বেজাৰ মিহলিকৈ "তোমৰাইতো আসামকে বাৰ কৰে নিয়ে বাংলা ভাষাৰ পৰিসব কমিয়ে দিলে। বই লিখে ছাপা কৰতে গ্রন্থকাৰদেৰ আৰ উৎসাহ থাকে কোথায় ?" তেও" মোৰ গুৰুজন। কোনো তর্ক' নকৰি মনে মনে থাকিলোঁ। কাৰণ তেনে অপবর্ম্ম' (?) যদি হৈছে, অকল মোৰেপৰাই হোৱা নাই, মোব লগত বিস্তৰ বাহুবলী বণুরা আছে, মই তাৰ ভিতৰত ৰণুৱা যদিও, এটা ক্ষুদ্রাতিক্ষুদ্র বন্দুরা মাথোন।
মোক যোল অনা বঙ্গালী কৰিবলৈ মোৰ সাহিত্যিক জেঠেৰী সকলৰ আৰ, খুলশালীসকলৰ ইমান আগ্রহ হৈছিল যে কবলৈ গলেও মোষ হাঁহি উঠে। সেই কথাটো পিছলৈ থৈ তাৰ আগতে, মই কবলৈ পাহৰি অহা এটা কথা কও'। মোবে সৈতে মোষ সাহিত্যিক জেঠেৰী সকলৰ তক' বাঢ়ি গৈ বেভিয়া "ববিকাকা"ৰ কাষ পালেগৈ এদিন শহব জোঁৱাইৰ ভিতৰত লাগিল সব,-সুৰ্য তক' যুদ্ধ এখন। তক'ৰ পিছতো দুদিন চাৰিদিনলৈকে তাৰ কপটি চলিছিল। তাৰ পিছত মুখৰ তক' স্থগিত হ'ল আৰ, "ভাৰতী" কাকতত "বাবিকাকা"ই অসমীয়া ভাষাৰ ওপৰত মন্তব্য প্রকাশ কৰি এটা প্রবন্ধ লেখিলে। মই লেখিলোঁ তাৰ প্রতিবাদ এটা আৰু দিলোঁ পঠিয়াই "ভাৰতী'ত ছপাবলৈ। প্রতিবাদ প্রবন্ধটো খবা-মৰো হৈ "ভাবর্তী"ত ছপা হ'ল। সিফালে "পুণ্য"তো মোৰ প্ৰতিবাদ প্রবন্ধ ওলাল। সেইখিনিতে দুই ফালৰ তর্ক'হশ্বৰ ওষ। মোষ বৈণীৰ ফালৰ কুটুমসকলে দেখিলে যে এইটো জাতি কৰিব নোৱাৰা জেরাব (zebra) জাতীয় জোঁৱাই। তেও লোক নিশ্চেষ্ট হ'ল। ওপৰত উল্লেখ কৰা হাঁহি উঠা কথাটোলৈ এতিয়া আহো।"পু,শা" কাকতত ওলোৱা মোৰ প্ৰবন্ধৰ তলত মোৰ নামটিৰে সৈতে দিয়া "বেজবৰুৱা" উপাধিটো সলাই তেও লোকে "বিদ্যাবর্ষ'।" কৰি ছপালে। মই নথৈ হাঁহিলোঁ। গ'ল কথা গুচিল। মুঠতে কাৰো লগত জীণ যাব নোৱাৰা এই দুর্ভগীয়া অর্জীণপাতকীয়ে ঘৰত আৰু, পৰত সকলোকে নিৰাশ কৰিলে।
বিয়াৰ দুমাহমানৰ পিছতে মই অকলৈ আমাৰ শিৱসাগৰৰ ঘৰলৈ গলোঁ। পিতৃ- দেৱতাই আবু, মাতৃদেবাঁয়ে মোক পাই নথৈ সন্তোষ পালে। তেওলোকৰ মনত হেৰোৱা বতন মোক পাই তেও'লোকৰ বুকুত সামৰি ললে, যদিও orthodox অর্থাৎ প্রাচীন মতাবলম্বী নৈষ্ঠিক তৰপৰ অগ্নণী আছিল, তথাপি তেওৰ গাত এটা মহৎ গুল আছিল। তেও সকলো কথা দকৈ ভাবি-চিন্তি চাই মনতে তাৰ সমালোচনা কৰি উদাৰ ভাৱ অবলম্বন কৰিব পাৰিছিল। সেই দেখি তেও'ক দেখা কৰিবলৈ আহোঁতা ভদ্র- লোকসকলৰ আগত মোৰ বিয়াৰ কথা সম্পর্কে' ওলোৱা কথাত উদাৰ মত প্রকাশ কৰা মই নিজ কাণেৰই শুনিবলৈ পাইছিলোঁ। মাতৃদেবী বৰ হোজা আছিল। তেও" মোক পুনৰাই পাই তেওৰ হেৰোৱা বন্ধু আকৌ তেও'ৰ হাতলৈ উভতি অহা যেন লাগিছিল। মোৰ বিয়াৰ বাতবি শুনি তেও" শিৱসাগৰৰ কালীপ্রসাদ চলিহা প্রভৃতি ডাঙৰ লোকসকলক মতাই আনি হেনো পৰামর্শ সুধিছিল-কলিকতাৰ ঠাকুৰসকলব ওপৰত কেনেকৈ ডাঙৰ মোকদ্দমা এটা কৰি ক্ষতিপু বলেৰে সৈতে তেও'ৰ ল'ৰাটোক "দখল" কৰি লব পাৰিব। এবাৰ নহয়, কেইবাবাৰো তেও" সেইদৰে স'চাকৈ ভাবি হেনো পৰামর্শ বিচাৰিছিল। তেও ভাবিছিল ঠাকুৰহ'তে প্রবঞ্চনা কৰি তেওৰ হোজা ল'ৰাটোক ভুলাই তেও'ৰ বুকুৰপৰা কাড়ি নি খবজোঁৱাই কৰি ললে। এতেকে এনে অন্যায় অধবমন প্রতিকাৰ হবই লাগিব।
মোক ঘৰ জোঁৱাই কৰাৰ সম্পর্কে' এটা ইতিহাস অৱশ্যে আছিল। মাতৃদেৱীৰ মনত সেই কথাটো আমাৰ জনচেৰেক বন্ধুরে অতি প্রবন্ধ কৰি সুমাই দি, তেও'ক দুখ দি আত্মসুখ অনুভৱ কৰিছিল। ঘটনাটো মই শিৱসাগৰ গায়েই তেও'ৰ মুখৰপৰাই তলত দিয়াদৰে শুনিলোঁ। মানুহ কেইজনৰ নাম নাকাড়ো, কাৰণ সেইকেইজন আজি ইহ- জগতত নাই। "বিদিনাই তই তাঁবেৰে দিল্লা বাতৰি শিৱসাগৰ পালেহি সেইদিনাই সি চাৰিওফালে বিয়পি পৰিল। দেউতাৰ আৰু মই শোকত বিয়াকুল হলোঁ। চহৰৰ মান্নুহৰ দুখে মুখে বৌড়ি ফুটি গ'ল। বঙ্গালীপটিতো তুমুল আন্দোলন চলিল। কলিকতাৰ ঠাকুৰসকল বঙ্গালীৰ শিৰৰ মুকুট, এনে হেন ঠাকুৰৰ ঘৰত অসমীয়া এটাৰ বিয়া। নানা কথা-বার্তা চলিবলৈ ধৰিলে। আমাৰ কালীপ্রসাদ চলিহা বোপাই শিল্পসাগৰৰ চিভিল চার্জ'ন কলিকতীয়া বঙ্গালী হেমচন্দ্র বন্দোপাধ্যায়ৰ ওচৰলৈ গ'ল, কথাটোৰ ভূ লবলৈ। বাজ্জাঁয়ে চলিহাক ক'লে-'কলিকতাৰ জোড়াসাঁকোত ফেইবাখবো ঠাকুৰ আছে, তানে কোনোবা ছালছিগা ভিকহ, এখবত খুব সম্ভব এইখন বিয়া।' কালী বোপাৰপৰা কথাটো খুনি মোৰ আমঠু ক'লা পৰি গ'ল। ডান্তক চাহাবে আব্ৰু, কৈছিল হেনো, "দেবেন্দ্রনাথ ঠাকুৰৰ গবত যদি বিয়া হৈছে, তেন্তে তাত হেনো তই ঘৰ-জোঁৱাই সোমাইছ নহলে বিয়া হোৱা অসম্ভব।"
ইয়াৰ কিছু দিনৰ পিছত হেনো শিৱসাগৰৰ জনদিয়েক অসমীয়া ছাতৰ কলিকতাৰ- পৰা উভতি গলত, মাতৃদেৱীয়ে তাৰে এজনক মতাই নি মোৰ কথা সুধিছিল। সেইজন আমাৰ পৰিয়ালৰে সৈতে বিয়া-বাবুৰ সম্বন্ধ থকা ডেকা। তেও হেনো মাতৃদের কি কৈছিল, "লক্ষ্যীনাথ ঠাকুৰৰ ঘৰত ঘব-জোঁৱাই চাপি থকাটো স'চা, যদিও সি সেইটো লুকাবলৈ মাজে মাজে অসমীয়া ল'বাৰ মেছত থাকেগৈ। সি শহুৰেকৰ ঘৰলৈ গলে দুৱৰীৰ হাতত নিজৰ নাম লেখি টিকিট অর্থাৎ কার্ড' পঠিয়াই নিদিলে ভিতৰ সোমাব নোৱাৰে। ভিতৰৰপৰা হুকুম নহালৈকে বাহিৰত ৰৈ থাকিব লাগে।"
এই সম্পাদদাতা বন্ধুজন আজি ইহসংসাৰত নাই। তেও" নিশ্চয় ক্ষমাৰ পাত্র। অনেক দিনৰ পিছত মোৰ বঙ্গালী বন্ধ, এজনেৰে সৈতে কলিকতাৰ শ্যামবজাৰৰ ফালে পুরা ৯ মান বজাত খোজ কাঢ়ি ফুৰিবলৈ গৈছিলোঁ। বহুজনে দুৰৰপৰা মোক আঙুলিয়াই দোলে-"সোটো ডাক্তৰ হেমচন্দ্র বান্দজ্জীৰ ঘৰ। তেও" আপোনাৰ শিৱসাগৰতে চিভিল চার্জ'ন হৈ আছিল, এতিয়া অৱসৰ লৈ আহিছে। মোব কৌতূহল হ'ল। আমি তেওৰ ঘৰৰ কাষেদি যাবলৈ ধৰিলোঁ। মোৰ চকুত পৰিল-পেটুৱা বঙ্গালী এজনে উদং গাবে একোছা লগুণ ডিঙিত ওলমাই, খবৰ পিৰালিতে বহি লগুৱা এটাৰ হতুৱাই গাত তেল ঘ'হাইছে। বন্ধুজনে কলে, 'সেইজনেই হেমবাবু,।' এবে'ই নে সেই শিৱসাগৰৰ ফিটফাট বানুজ্জা চাহাব। তাত তেওৰ চাহাবীরে য়ুৰোপীর চাহাবকো হৰুৱাইছিল।
মোৰ বিষাৰ ছমাহমানৰ পিছত এদিন কলিকতাত মোৰ গুৰুদের চন্দ্রমোহন গোস্বামী হেডমাষ্টৰেবে সৈতে দেখা হৈছিল। তেও" মোক মকমকৈ কৈছিল-"তুমি ঠাকুৰবাড়ীতে বিয়ে কৰেছ, আমি খুব খুসী হয়েছি। কিন্তু নিজেৰ বংশেষ সম্মান ঠিক ৰেখে চলো। তুমি তাদেব বলে দিও-তোমাৰ যেমন বেঙ্গলে বড়লোক, আমৰাও আসামে তেমন। কোন বিষয়েই হীনতা স্বীকাৰ কবোনা।"
গুদেরক কৃতজ্ঞতা জনাই প্রণাম কবিলোঁ। ওখ শাৰীৰ বঙ্গালীন অন্তঃকৰণ
কেনে মহৎ।
শিৱসাগৰৰপৰা যোৰহাটলৈ গলোঁ। তাত তেতিয়া মূৰ (Moor) চাহাব চবডিভিজনেল অফিচাৰ। এই মুৰ মোৰ পিতৃদেবতাই হাতেৰে গড়া মানুহ। তেজপ, যত পিতৃদেরতা একটা এছিপ্টেন্ট কমিছনাৰ হৈ থাকোঁতে মুনে তেওৰ তলত কেৰালীৰ কাম কৰিছিল। 'বগা ছাল'ৰ উন্নতি শাঁয়ে হয়। মই শিৱসাগৰলৈ উভতি অহা বাতৰি শুনি মুৰে যোৰহাটত মোৰ ককাইদেউক অসমীয়াতে কৈছিল, "সেই চপনীয়াটো হেনো শিৱসাগৰলৈ উভতি আহিছে। ইয়ালৈ আহে যদি মোৰ ওচৰলৈ তাক পঠিয়াই দিবা।" সুখৰ বিষয়, মই যোৰহাটলৈ গলো, কিন্তু মুৰৰ ওচৰলৈ নগলো।