(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এনেতে তেওঁ মোৰ পিঠিৰফালে থিয় দি, "মেঘৰ গম্ভীৰ ধ্বনি দিলে সমিধান" -"তোমাক কোনে ক'লে আমাৰ 'পুণা' কাকতখন মাথোন এবছৰ চলিছিল বুলি? 'পুংলা' তিনি বছব ভালকৈ চলাৰ পিছতহে বন্ধ হৈছিল।" কথাষাৰ শুনি প্রথমতে মই উচাপ, খাই উঠিছিলোঁ। তাৰ পিছত ভালকৈ ভাবি দেখিলোঁ হয, তেওঁৰ কথাই ঠিক। মই মোব ভুল স্বীকাৰ কৰি সেইটো শাধৰাই দিবলৈ তেওঁক প্রতিশ্রুতি দিলোঁ। তাৰ পিছত, তেওঁ ৰপৰা প্রশ্ন আহিল, "তোমাৰ জীৱন-সৌরবণত আমাৰ ভিতবৰ ঘৰুরা কথাবোৰ লেখিচ্ছা কিয়? বেনে-সপ্তপদা গমনৰ পিছত ?"
মই সুধিলো, "সেই হাস্যৰসফেৰিৰ কথা কৈস্থানে? তুমি মোৰ তেনে দায় মাজে সমযে মৰিষণ কৰিব লাগিব। লেখিবৰ সমযত মই বৰুৱা আৰু, পৰুৱা কথা বাছি সুকীয়াকৈ উলিয়াব নোৱাবোঁ, এয়ে মোৰ দোষ। সেইদেখি এনে বিভ্রাট ঘটিছে; আৰু, আগলৈকো যে নঘটিব, সেইটো গা দাঙি মই ক'বও নোৱাৰোঁ। সেইবাবে বতৰব কথাষাৰ বতৰতে কৈ থলো। তোমালোকে মোব ভুল শুধবাই দিলেই, আলহীও বব, চাউলো সিজিব আব, গৃহস্থৰ অধৰমো নহব। এই কথা।)
মই বি-এল, পৰীক্ষাত "সসম্মানে ফেল" হোৱা কাৰণটো কণ্ঠ-আমি পৰীক্ষা দিয়াব পিছত "ছিন্ডিকেটে মিটিং" কৰি বি-এল, পৰীক্ষাৰ "পাছ মাক'ব থোপটো আব, ওথ কৰি দিলে। আমি পৰীক্ষাত পোৱা নম্বৰে সেই থোপটো ঢুকি নোপোৱা হ'ল। অৱশ্যে পূর্বণি নিয়মমতে আমি ষি মাক' পাইছিলো সি আগৰ ঘোপটোত উঠিছিলগৈ আৰু সেই দেখি পৰীক্ষাত উঠিছিলোও। মোক লৈ প্রায় ৩০ জন ছাতব সেইদেখি ন নিষমমতে "ফেলৰ" গাঁতত পৰিছিল। এই ৩০ জনৰ ভিতৰত কেইবাজনো ভাল ছাতৰ আছিল আৰ, তেওঁলোক কলিকতাৰ অতি সম্ভ্রান্ত ধনী মানুহৰ ঘৰব সন্তান। কলিকতা বিশ্ববিদ্যালয়ৰ ছিন্ডিকেটৰ এনে মইমতালি দেখি আমি জকি উঠিলৌহক। দিনো ভবানীপু,বত সেই ছাতৰ কেইজনৰ দেউতাক সকলৰ ঘৰত বৰ- চৰাত আমাৰ মেল বহিবলৈ ধৰিলে। 'জিনেট'ব সভ্য সাষ ঝমেশচন্দ্র মিত্র, ডবলিউ, চি বানুজ্জী, মনোমোহন ঘোষ বেষিস্টান প্রভৃতিয়ে আমাৰ প্রতি সহানুভুতি প্রকাশ কবি আমাক সহায় কৰিছিল। আমাৰ বিপক্ষে ছিন্ডিকেটৰ মেঘৰ সাব বাসবিহাৰী ঘোষ, কালচেৰণ বান্দজ্জী', আশুতোষ মুঞ্জেী' (পিছত স্যব) প্রভৃতি। আমি কলিকতা হাইকোর্ট'ত কলিকতা রুনিভাছি'টিৰ ওপৰত মোকাদ্দমা কৰিবলৈ থিৰ কৰিলো, যাতে হু,নিভাৰছি'টিয়ে আমাক 'পাচ কৰা' ছাতৰৰ তালিকাৰ ভিতৰত হুমাই লবলৈ বাধ্য হয়। ক'কালত টঙালি বান্ধি আমি দুগুণ উৎসাহেবে এই যত্থত লাগি গলোহ'ক। স্যৰ ঝমেশচন্দ্র মিত্ৰৰ পুতেক বিনোদচন্দ্র মিত্র (পিছত স্যৰ আব্দ এডভোকেট জেনেবেল) আমাৰ কর্ণধাৰ হ'ল। বিনোদ মিত্র যদিও আমি ফেল স্নবা দলৰ ভিতৰৰ নহয়, কাৰণ তেওঁ আগৰ বছৰতে বি-এল পৰীক্ষাত উঠি তেতিয়া হাইকোর্ট'ত ওকালতি কৰিছিল, তথাপি তেওঁ আৰ, তেওঁৰ ভায়েক প্রভাস মিত্র (পিছত সাৰ) আমাৰ সহায়ক হৈ উঠিল। ভৱানীপৰতে এজনৰ ঘৰত এটা ডাঙৰ ভোজৰ আয়োজন হ'ল। তালৈ আমাৰ ফলীয়া অনেক ডাঙৰ ডাঙৰ লোকক নিম্নক্ষ্মণ কৰা হৈছিল-ভোজ বৰ সমাৰোহেৰে সম্পাদিত হ'ল, আবু, আমি ভোজ-ভাত খাই গাত বল বান্ধি ললোহক।
আজ্জি পত্র (Plaint) প্রস্তুত হ'ল। আমাৰ ফালৰপৰা বেবিষ্টাব এল, পি পিউ, এ-চৌধুবী, এছ-পি সিংহক নিযুক্ত কৰিবলৈ থিৰ হ'ল। শেহান্তৰত এটা বিষম সমস্যা উপস্থিত। আঞ্জি পত্ৰত চহী কৰিবলৈ আমাৰ ভিতৰৰপৰা এঘাবজন ছাত্রক ঠিক কথা হ'ল। কিন্তু চহী কৰিবৰ সময়ত অ' হৰি। কোনেও চহী কৰিব নোখোজে। এজন এজনকৈ আটাইকেউজনে পুল্কা মাৰিলে। কোনোরে কর, বাবা মানা করেছেন," কোনোরে কয়, "মামা বলেছেন নবেন ফবন্দাৰ। তুমি সহ্য কৰবে না ইত্যাদি। ইমান দুখকৈ তৰি অনা তাঁতখন সেইখিনিতে সামৰিবলগীয়া হ'ল। মই আগবাঢ়ি ওলাই ক'লো, "আনে চহাঁ দিয়ক বা নিদিয়ক, মই দিম।" চাৰিওফালৰপৰা মোৰ ওপৰত সাধুবাদৰ বৰষুণ পৰিবলৈ ধৰিলে। মোৰ অকলশৰীয়া চহীৰ ওপৰতে মোকদ মাটো থিয় হৈ পৰিল। মোৰ চহীৰে সেই "প্লেইন্ট"খন দেখি বেৰিষ্টাৰ এ-চৌধুৰীয়ে কৈছিল, "দেখছি, একলা আমাদেৰ লক্ষ্যীনাথেৰই সহি।" তেওঁৰ ওচৰলৈ সেইখন লৈ যোৱা ছাতৰসকলে তাৰ উত্তৰত কি কৈছিল মই নাজানো। সেই বিষয়ে চৌধুৰীয়ে পিছত মোক এটা কথাও কোৱা নাছিল। তেও'ব দেশৰ বঙ্গালী ভাইসকলৰ তেনে ব্যৱহাৰ দেখি তেও লজ্জিত আৰু দুঃখিত যে হৈছিল তাত সংশয় নাই। বিনোদ মিত্রই (সাব বিন্দোদে) তেওৰ স্বদেশী ভাতাসকলৰ এনে ব্যৱহাৰৰ কথা অনেক দিনলৈকে কিন্তু কৈ আছিল। আনকি, কিছু দিনৰ পিছত তেও বিলাতলৈ গৈ বেবিটাৰ হৈ অহাৰ পিছতো, এদিন তেও' মোক ইন্ডিয়া ক্লাবত দেখা পাই, আগবাঢ়ি আহি মোক কৰমন্দ'ন কৰি সেই কথা কৈ দুখ কৰিছিল।
আমাৰ মোকদ্দমাটো হাইকোর্ট'ত জন্টিছ ছেলৰ (Sale) আদালতত উঠিছিল। আমাৰ ফালৰ বেৰিষ্টাৰ আছিল-বেৰিষ্টাৰ পিউ চৌধুৰী আৰু, সিংহ। সিফালত আছিল স্টেস্ট্রিং কাউন্সিল ফিলিপ্স প্রভৃতি। ছিন্ডিকেটৰ মেম্বৰ হিচাপে আমাষ প্রতিবাদী ডান্তৰ বাসবিহাৰী ঘোষ, কালচিবণ বানুজ্জী', আশুতোষ মুজ্জো প্রভৃতি। হাইকোর্টে' কলিকতা মুনিভাৰ্ছি'টিৰ ওপৰত আমাৰ পক্ষে "বিট অব মেন্ডেমাছ", (Writ of Mandamus) "ইছ," কৰিলে, আমি আনন্দত নাচিবলৈ ধৰিলো। গোটেই কলিকতাত এটা "ছেন ছেছন" (sensation) অর্থাৎ উদ্বেগ লাগি পকিল। তাৰপিছত আমাৰ বিপক্ষ ক্ষমতাশালীসকলৰ ভিতৰত নানা চেষ্টা-চৰিত চলিবলৈ ধৰিলে, যাতে রুনিভাছি'টিয়ে মোকদ্দমাত হাবি প্রেস্টিজ (Prestige) অর্থাৎ মান নেছেবয়ার; ফলত জর্জ ছেলে আমাৰ বিপক্ষে বার দিলে আৰু আমি হাবিলোঁ। মুঠতে র,নিভাছি'টিৰ "প্রেস্টিজ'ৰ আগত আমাক বলি দিয়া হ'ল। মোৰ ওপৰত মোকদ্দমাৰ খৰচো ডিগিৰি দিলে। যি হওক, আমাৰ এই আন্দোলনৰ ফলত, তিনি মাছৰ মুখত মুনিভাছি'টিয়ে আকৌ এটা পৰেক বা পৰিশিষ্ট বিএল পৰীক্ষা (Supplementary Examination) পাতিলে। সেই পৰীক্ষাত আনবোৰ ছাতৰেৰে সৈতে ময়ো পৰীক্ষা দিবলৈ বহিছিলোঁ। কিন্তু প্রথমদিনাৰ পৰীক্ষাৰ প্ৰশ্নৰ কাকতৰ উত্তৰ দি আৰু, নগলোঁ। কাৰণ পৰীক্ষাৰ ঘৰত য়ুনিভাছি'টিৰ কাৰ্য'কাবক- বোবে মোৰ ওপৰত এনেকৈ "নজব" দিবলৈ ধৰিলে, যেন মই এটা 'দাগী চোৰ" হে তাত ওলাইছোঁগৈ। প্রশ্নৰ উত্তৰৰ কাকতবোৰ এজন কার্য'াকাৰকৰ হাতত দি উঠিবলৈ গৈছো, এনেতে অফিচবে মোৰপৰা মোকদ্দমাত ডিগিৰি হোৱা খৰচৰ টকা দাবী (demand) কবিলেছি। মোব টিক চি-ধিক,চি খং উঠি সেইজনক "চলা জাও" বুলি ডাবি দি গুচি আহিলোঁ। ভাবিলোঁ, ইহ'তে মোক আৰু পৰীক্ষাত কেতিয়াও "গাছ" নকৰে। তাকে ভাবি, কলিকতা রনিভাছি'টিৰ চৰণত নমস্কাৰ কৰি মেলানি মাগি আৰু, পর্বাক্ষা দিবলৈ নগলোঁ। মোৰ লগৰীয়াৰ ভিতৰৰ অনেক ছাতৰ সেই পৰীক্ষাত উত্তীর্ণ হ'ল। আমাৰ সেই পুৰণি ফকৰাটো মনত পৰিল,-
খাই কাশ'লা ডালত উঠিল।
কাঠি চেলেকাৰ মবণ মিলিল। আৰু, উকলি নহও' বুলি মনতে দৃঢ়সঙ্কল্প কৰিলোঁ। ভাবিলোঁ আমাৰ বংশত উকীলে নূনুশুঙ্গে। সেই দেখিয়েই হবলা পিতৃদেৱতাই একটা এছিস্টেন্ট কমিছনাৰ হৈ থাকোঁতে উকীলৰ বহীত নাম লিখি দি অনেকক উকীল পাতিছিল; কিন্তু নিজৰ পুতেক এজনকো সেই কার্যালৈ আগ নবঢ়াইছিল। সেই কালত বি-এল বা এল,এল, পৰীক্ষা নিদিয়াকৈরে হাকিমৰ “চুপাৰিচতে" উকলি হব পৰা নিয়ম আছিল। উকীলব ব্যৱসায়টোও তেও'ৰ খাবাই বৰ সম্মানৰ বুলি বিবেচিত নহৈছিল।