shabd-logo

সপ্তম আধ্যা

5 January 2024

0 দৰ্শন কৰা হৈছে 0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা। সি এজনব নাম ক'লে-"অব ডাস্তব,'। আঁচ মাবি লুপ্ত কৰি দিয্য অসমীযা শব্দটোব ইংবাজ। প্রতিশব্দটো lasect। অৱশ্যে এই ইংবাজী শব্দটোৰ অসমীযা অনুবাদটোহে নি বাৱহাৰ কৰিছিল যাক মই অসম এবি আহিববে পবা আজি দুকুবি বছব শুনা নাছিলোঁ, মাথোন হেমকোষত হে নিবাস কৰা দেখিছিলোঁ। হঠাৎ আজি মই সেই শব্দটো ডাকবঙালাব লগবাধ মুখত ওলোৱা শুনি গুন্তিঃ হ'লোঁ। ভাবিলোঁ, সি সেই ভদ্রলোকজনক উপল,ঙা কবি তেনেকৈ কৈছে নেকি তাৰ পিছত তাক ভালকৈ সেই মানুহজনৰ কাম-কাজৰ আঁতি-গুবি সুধিহে বুজিব পাৰিলোঁ, সি কি কৈছে। যি হওক, এই প্রৱণ পঢোতাসকলে মোব এইযাব শ্লীলতাবর্জিত কথাৰ ইঙ্গিতৰ নিমিত্তে মোক ক্ষমা কবিব। সত্য ঘটনা লিপিবদ্ধ কৰিবলৈ গৈছে মই এই ফেচাজগব লগাইছোঁ। "ইঙ্গিতং হৃদগতো ভাবো বহিৰা বাৰ আকৃতিঃ" যদিও সি মোৰ আচল হহৃদগত ভাব নহয।

আবেলি শিৱসাগৰৰ মহিলা সমিতির সভালৈ যাবলৈ নিমন্ত্রন আহিল। তাৰ পিছত ছাত্রসকলব সভালৈ। সভা সমিতিযে মোক আনুরাই পেলাইছিল। কিন্ত এক কৰোঁ মোৰ দেশব আই, বাই, ভনী, জাঁ, নাতিনীসকলৰ আহ্বান আব, পঢ়াশালিৰ ছাতৰসকলৰ আমন্ত্রণ অগ্রাহ্য কৰাটো অসম্ভব। সভালৈ গৈ দেখিলে। বিবাট আয়োজন। সভাঘৰ সজাই পৰাই ৰমক-জমককৈ ৰখা হৈছে আৰু পুৰুষ মহিলা- সকলেৰে সভাঘৰ ভৰি পৰিছে। যোৰহাটত মহিলা বিবর্জিত (যদিও পুৰুষৰ লেখ কম আছিল) এই মহিলা বিপুল সভাত বিৰাট সমাৰোহ দেখি সন্তোষ লভিলোঁ। স্নেহস্পদ শ্রীযুত কুলধৰ চলিহা সভাপতিৰ আসনত। উমান পাই আহিছোঁ, তেওঁ আৰু তেওঁৰ সুযোগ্য প্রাতা শ্রীযুত পদাধৰ চলিহা সদায মোব পক্ষপাতী। গতিকে সভাপতিৰ মুখৰ পৰা ওলোৱা মোৰ বিষযে যি বেইযাৰ মৰম সনা কথা সুধিলো, সেই বেইযাৰ গুণিলো আব, কিজানি অতিবজিতেই, ইযাকে ভাবি পাহাৰব নোৱাৰিলো। যি হওক, যি হওক, কিন্তু মোৰ মৰমৰ শিৱসাগৰব আইসকলৰ অভ্যর্থ'না অভিনন্দন আদি আজি মই ক'ত লওঁ, ক'ত থওঁ? তেওঁলোকে আগ্রহ কৰি দিয়া অভিনন্দন পত্ৰৰ উণ্ডব স্বৰূপে আষাৰচেৰেক কিবা কিবি কলো। কলো নুবুলি, লেবলেবালো বুলিয়েই বিজানি ঠিক হয়। সম্ভরতঃ মোৰ কথাবোবে তেওঁ- লোকক আমনি লগাইছিল। যি হওক শিৱসাগবীয়া আইসকলে জানি থব যে তেওঁ- লোকৰ আদৰ অভ্যর্থনাত মই ইমান অভিভূত হৈ পৰিছিলোঁ যে বুড়া চকুযোৰ থৰালি চোঁচোঁখা পৰা সস্মৃতিৰ নিচিনা দেখিহে, নতুবা তাৰপৰা আনন্দাশ্রুৰ ধল বৈ অহা তেওঁলোকে দেখিলেহেতেন। সভ্যত সব, ল'ৰা-ছোৱালী অভিনয় আচল অসমীয়া সুৰেৰে ছোৱালীবিলাকৰ নাম, সঙ্গীত যি হৈছিল, সেইবোৰেও মোক নথৈ সন্তোষ। দিছিল। শিক্ষিতা কম বয়সীয়া মহিলা এজনাই সুন্দৰ কবিতা এটি ৰচনা কবি, ভালকৈ লেখি, লেখাখনত আজিকালি বন্ধোৱা ছবিৰ দৰে কাচ আৰু বাও দি, পঢি মোক উপহাৰ দিছিল। সেই মহিলাটিয়ে আগৰ সভা এখনতো তেনেকৈয়ে তেওঁৰ বাঁচত কবিতা এটি মোক দিছিল। দুইটি কবিতাৰ বচনা সুন্দৰ। অসমীয়া কম বয়সীযা মাহলা এজন্যই এনে কবিতা ৰচনা কৰিব পৰা ক্ষমতা দেখি মই সন্তোষ পাইছিলো। দুইটি কবিতা আদবেবে মই মোব ঘবৰ বেৰত স্বাঁৰি থৈছোঁ। মহিলাজনার নাম শ্রীমতী গোলাপলতা দাসী আৰু তেওঁ মহিলা সমিতিৰ সভ্যা।

মহিলাসবলব সভা ভঙ্গ হোৱাৰ পিছত তাতে ছাত্ৰসকলৰ সভা জযমতী নাটৰ পৰা দুটো এটা দশ্যৰ অভিনয, বেৰিটাৰ তাৰাপ্রসাদ চলিহৰৈ ঘৰব সৰু ল'বাটিযে সংংৰেবে গোৱা বৰগ।ত ইত্যাদিবে সেই সভা মনোৰম হে পৰিছিল। ভেইলোবব অভিনন্দন পত্ৰৰ উদ্ভবতো মই আষাৰ চেৰেক ক'বলগ যাত পবিছিলো। মোৰ দেশব আশাৰ স্থল উঠি অহা ছাতবসবলব মঙ্গলব নিমিত্তে ঈশ্বৰৰ চৰণত প্রার্থনা কৰি শিৱ- সাগৰৰ আনন্দ উৎসৱৰ সমাপতিত উপস্থিত হ'লোঁ। পিছদিনা আবেলি মটবেবেই আমি ডিবুকুলৈ উভতি গুচি আহিলা।

চৌব্বিশ আব, পাঁচশ অটোবব ডিব্ৰুগবতে কটাই, চান্দিশ অধোবৰত পুরাই, তিনিচুকীযাব বাইজৰ নিমন্ত্রণ ৰক্ষা কৰিবব নিমিত্তে তিনিচুকীযালৈ গ'লো। তিনি- চুকীযাত শ্রীযুত সোমেশ্বৰ বন্ধু,রাকে প্রমুখ্য কৰি গণ্যমান্য ভদ্রলোকসকলৰ সমাদৰ লভি আবেলি বেলিকা মোৰ পৰণ বন্ধ, শ্রক্ষাপদ শ্রীযুত বজনীকান্ত বৰদলৈ ডাঙবীযাৰ সভাপতিত্বত, পুৰুষ আৰু মহিলাব সম্মিলিত সভাত উপস্থিত হৈ, ডেকা সকলৰ অভিনয আৰু সৰ, সৰু, ছোৱালীবোৰৰ সঙ্গতি আৰু, অভিবাদন মহিলা আব, পুৰুষসকলৰ সুকীয়া সুকীয়া অভিনন্দন পত্র গ্রহণ কৰি সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি সেই ৰাতিযেই ডিব্ৰুগড়লৈ উভতি আহিলো। তিনিচুক ব্লাব সেই সভাৰ বঙ্গমঞ্চত ডেকাজনচেৰেকে জয়মতী নাটৰ পৰা দুটা দৃশ্য এনেকৈ অভিনয কৰি দেখুৱাইছিল যে তাব তেনে সশ্বাঙ্গসুন্দব অভিনব মই আগেয়ে ক'তো দেখা নাছিলোঁ অতি হয চিত্তেবে মই তেওঁলোকৰ সেই সুন্দৰ অভিনয় উপভোগ কবিলোঁ।

সাতাইশ অক্টোবৰত ডিব্ৰুগবাঁধা বন্ধু-বান্ধরসকলৰ পৰা বেজাৰ মনেৰে বিদায লৈ, বাতি বেলত উঠি গগুৱাহাটীৰ ফালে যাত্রা কৰিলোঁ। আঠাইশ অভোবব সন্ধ্যা বেলিকা গুৱাহাটী পাই, আকৌ আলল বলেজব প্রিঞ্চিপেল স্নেহাস্পদ জ্ঞানদাভিৰাম বৰুৱাৰ ঘৰত আলহী হ'লো। ঘোৰা দৌৰৰ ঘুবর্ণাঁয়া চকবৰ য'ব পৰা ছুটি মৌলছিলোঁ মেলিছিলো, আবো সেইখিনিকে পালোহি। "জ্ঞান বোপা" আৰু "মাজিরে" ভাগৰি অহা ঘোৰাক 'ঠান্ডা কৰি তহলাই আনি যতন কবি "দান্য পান।" খাবলৈ দিলে। আকৌ গুরাহাটীত সভা সর্নিতি উদ্যোগ হ'ল। ২৯ তাৰিখে আলল কলেজৰ ছাতৰসকলে আৰম্ভ কৰি সভা পাতি এই লেখকক অভিনন্দন পত্র প্রদান কৰি সম্মানিত কৰিলে। সেই সভাপতি হৈছিল মোৰ পৰণি বন্ধ, শ্রদ্ধাস্পদ মন্ত্রী বাব বাহাদুৰ শ্ৰীযুত কনকলাল বৰুৱা ডাঙৰীষ্য। নগৰৰ অনেক গণ্যমান্য মানুহ সভাত উপস্থিত আছিল। কিন্তু হায। মোৰ "মিতা" শ্রদ্ধাস্পদ লক্ষীপ্রসাদ বৰুৱা বিশিষ্ট বশ্ব, প্রত্নতত্ত্বদ্র পণ্ডিত হেমচন্দ্র গোসাই, অমাধিক মিষ্টভাষী সুবিখ্যাত সাহিত্যিক সতানাথ বৰা ক'ত। আজি যাক সমাদৰ দেখুৱাবব অর্থে' গুৱাহাটীত সভা বাঁংছে, তেওঁলোক এই পুৰীত থকাহে'তেন নিশ্চয বিশিষ্ট সমজ, রাসকলৰ ভিতৰত তেওঁলোকৰ প্রসন্ন মুখ তেওঁ দেখিবলৈ পালেহে'তেন। সভাত অসমীযা সঙ্গীত, বৰগীত, আব,ণ্ডি বস্ত, চা, প্রভৃতি যথাৰীতি চলি সকলোৰে আনন্দ বর্তন কৰিছিল। কনকলাল বৰুৱা ভাঙবীযাব সুন্দৰ সাব্রা বক্তৃতাই সকলোকে সন্তোষ প্রদান কৰিছিল। উত্তৰত মই অনেক বছৰৰ মৰত মোৰ মাতৃভূমি অসম দেখি, নানা বিষয়ত মোৰ কেনে লাগিছিল, তাৰ বিষযে অলপ অচৰপকৈ সভাৰ উদ্যোগীকসকললৈ শলাগৰ শৰাই আগবঢ়াই সেই দিনাৰ কাৰ্যা সুসাঙ্গ কবিলোঁ।

পিছদিনা ৩০ অক্টোবৰ তাৰিখে মোব কলিকতালৈ উভতি যাবৰ কথা। পুরা আল ল কলেজৰ ছাত্ৰসকলে আমাব ছবি তুলিলে। জম পাতি থকা ছবি। গুৱাহাটীৰ গরণ মেন্ট স্কুলব ছাতৰসকলৰ বিশেষ অনুবোধত আবেলি তেওঁলোকৰ সভালৈ গ'লো। ছাতৰ আব, শিক্ষক সকলৰ আদৰ অভ্যর্থনাত বিশেষ সন্তোষ লাভ কৰি তেওঁলোকক মোৰ শলাগ জনাই, বক্তৃতাৰ গড়েবে আষাৰচেৰেক কৈ, তেওঁলোকৰ ওচৰত মেলানি মাগি থকা ঠাইলৈ উভতি আহি অলপ আহাৰ কৰি মটবেৰে পান্ডুলৈ গৈ পাৰ হৈ ৰেলত উঠিলোগৈ। নোৰ মনত এটি বিষাদ ৰ'ল। সোণাৰাম হাইস্কুলৰ ছাতৰ আৰু, শিক্ষকসকলে বৰ আগ্রহ কৰি তালৈ যাবলৈ মোক নাতিছিল। কিন্তু সেইদিনাই ওপৰত কৈ অহা কাৰ্য্য'বোৰ সমাপন কৰি উভতি যাবলৈ বেল ধৰিব লগীষা হোরাত সনধৰ নাটনিত পৰি, তেওঁলোকক বিমুখ কৰিবলৈ বাধ্য হলোঁ দেখি মই মনত নথৈ বেজাৰ পাইছিলো। আশাকৰো মোৰ অৱস্থাটো বুজি তেওঁলোকে মোক গুনা কৰিছে।

ছাতৰসকলৰ সভাত এটি অতি কম বয়সীয়া লৰাই (শিশু, বুলিলেই হয) হাম্ম'নিয়ামৰ সহায়ত সুন্দৰকৈ এটি গান গাইছিল। মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল'ৰাটিৰ গালত এটি চুমা খালোগৈ। তাহানি কলিকতাত "মাষ্টৰ মদন" বোলা তেনেকুৱা গান গোৱা ল'বা এটিব গান শুনিছিলোঁ। আজি অসমীয় "মাণ্ডৰ মদনক" দেখি বৰ সন্তোষ পালোঁ।

মুঠতে এইবাৰ মাতৃমুখ দর্শন কৰি মোৰ অশেষ অপৰাধৰ নিমিত্তে মই মাতৃব চৰণত পৰি ক্ষমা মাগি, তেওঁৰ আশীবাদ শিৰত লৈ, কিছুকালৰ নিমিত্তে আকৌ মাতৃভূমি পৰিত্যাগ কৰি, বিদেশত থকা মোৰ কাৰ্য্য' ক্ষেত্রলৈ উভতিলোঁ। ভালেখিনি পৰলৈকে ৰেলগাড়ীত মোৰ মনটো বিষাদৰ ডাৱৰে ওন্দোলাই থৈছিল।


24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক