shabd-logo

॥ ষষ্ঠ আধ্যা ॥

29 December 2023

0 দৰ্শন কৰা হৈছে 0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আব, দীর্ঘ শ্মশ্রু বিশিষ্ট আছিল। বাস্তৱিকতে তেওঁৰ ডাঢ়িকোছা ইমান দীঘল আছিল যে এহেজাৰৰ ভিতৰত ন-শ নিবাঃ "ইটা মানুহৰ মুখত তেনে দীঘল ডাড়িৰ হাবি সতকাই বিচাৰি পোৱা নাযায়। হেনো ধুবুৰীতে নে গুৱালপাৰাতে-মোৰ মনত নাই-বিদ্যাবস্তুৰ সুদীর্ঘ শ্মশ্রুকে লক্ষ্য কৰি, এজন অহৌবলীয়া হিন্দুরে, হিন্দু, ধর্ম'ৰ বিপক্ষে তেওঁৰ বক্তৃতা শুনি, বক্তৃতাৰ সভাতে থিয় হৈ ভৰিৰে মাটিত গেৰোহনি মাঝি, বিদ্যাবস্থৰ বক্তৃতাৰ সুৰতে সুৰ মিলাই, হাত-মূৰ জোকাৰি চিয়'ৰি কৈছিল- "লম্বা লম্বা ডাঢ়ি লইয়া বাঁহাৰা বস্তুতা কৰিতে আসেন, তাঁহাদের বুকে পদাঘাত! মাথায় পদাঘাত। শিৱসাগৰব ইংৰাজী স্কুলঘবতে বিদ্যাবত্বই ব্রাহ্মধর্ম'ব বিষযে বঙ্গলা ভাষাবে এটা ডাঙৰ বক্তৃতা দিলে। সেই বক্তৃতাৰ পিছত শিৱসাগৰীয়া ডেকা ল'ৰা আৰু, স্কুলীয়া ছাতৰৰ ভিতৰত এটা উদ্বেগৰ আন্দোলন উঠিল। গতি বিষম দেখি, পিতৃদেৱতাৰ নেতৃত্বত হিন্দ,- অভিভাৱকসকল ৰামকুমাৰ বাবুৰ বিপক্ষে থিম হ'ল। আমাৰ হেডমাষ্টৰ চন্দ্রমোহন গোস্বামী "ফিলচফাৰ" মানুহ, কোনো ধর্ম'কে তেওঁ আমোল নিদিছিল। তেওঁৰ ধৰ্ম' মাথোন জ্ঞানোপার্জন। তেওঁ দুই পক্ষৰ মাজত ধংজ লগাই দি বং চাবৰ মনেবে হিন্দুধর্ম'ৰ ফালবপবা ব্রাহ্মধর্ম'ৰ উত্তৰ গাবলৈ, পিতৃদেৱতাৰে সৈতে পৰামর্শ কৰি শ্রীযুত তুলসীৰাম বৰুৱা পণ্ডিতক তুলি দিবলৈ ঠিক কৰিলে। তুলসীবাম বৰুৱা শিৱসাগৰৰ নর্মাল স্কুলৰ হেডপণ্ডিত আব, হিন্দুধর্ম শাস্ত্রবিদ। সংস্কৃততো তেওঁৰ বাৎপত্তি আছিল। অসমীয়া "হেমকোষ" আৰু "অসমীয্য ব্যাকৰণ" বচোঁতা সুবিখ্যাত "হেমচন্দ্র বৰুৱাৰ তেওঁ ভাষেক। হিন্দুৰ প্রাচীন ক্রিয়াকাণ্ড আৰু অনুষ্ঠান আদিত তুলসী পণ্ডিত অতি অনুবাগী মানুহ আছিল। ব্রাহ্মণৰ জাত্যাভিমানৰ যোল অনা দাবী তেওঁৰ "আজি'ত" সদায় থাকে। বঙ্গালী ৰামকুমাৰ পণ্ডিতৰ বস্তু তাৰ সাদিন- মানৰ পিছত সেই ইংৰাজী স্কুলঘৰতে আমাৰ অসমীয়া তুলসীৰাম পণ্ডিতক হিন্দ- ধর্ম'ৰ সপক্ষে এখন বচন। পঢ়িবলৈ তুলি দিয়া হ'ল। কোৱা বাহুল্য যে বামকুমাৰ বাবু, সেই সভাত উপস্থিত আছিল। তুলসীবাম পণ্ডিতৰ বচনা পঢ়াৰ ওৰ পৰিলতে ৰামকুমাৰ পণ্ডিতে একেজাপেই উত্তৰ দিবলৈ উঠিল, আৰু লগে লগে সিংহনাদেৰে মেদিনী ক'পাবলৈ ধৰিলে। তেওঁৰ বক্তৃতাৰ চিন্ন'ৰে শ্ৰোতাসকলৰ কাল তাল মানিলে। পণ্ডিত বিদ্যাৰত্বই পণ্ডিত বৰুৱাৰ বস্তুতাৰ যুক্তি-তর্ক' কিমানদূৰ খণ্ডন কৰিছিল, ক'ব নোয়াবোঁ, কাৰণ সেই ফালতকৈ তেওঁৰ চিয়'ৰ-বাখৰ আৰু, হাত-মৰে জোকাৰৰ ফালেহে মোৰ ঘাইকৈ মন আছিল। কেনেকৈ চিত্র'বি-বাহুবি, হাত-মৰে জোকাবি কথা ফেনাই ফেনাই কোরাকে কৈ, বঙ্গালী বস্তুাই বস্তুতা দিয়ে সেইটোহে মই ভালকৈ নিৰীক্ষণ কৰি লৈছিলোঁ, কাৰণ মোৰ বৰ ইচ্ছা হৈছিল, ময়ো যেন তেনেকুৱাকৈ বস্তুতা দিব পৰা হওঁ। বাস্তৱিকতে, ইয়াৰ পিছত মোৰ ইচ্ছা সফল কৰিধৰ মনেৰে মই অনেক দিনলৈকে, বাটে-পথে হাবিয়ে-বননিয়ে আব, ঘাইকৈ বৰগছৰ তলত থিয় হৈ হাত জোকাৰি, টে"টু-ফটা চিঞৰেবে একেটা শব্দকে একেটা বাক্যকে, তাৰ যিমানবোৰ প্রতিশব্দ আৰু, অনৰূেপে বাকা বিচাৰি পাইছিলোঁ সেইবোৰ লগাই দি বক্তৃতা দি ফুৰিছিলোঁ। অৱশ্যে কোরা বাহুলা যে বয়োজ্যেষ্ঠসকলক মই অতি সতর্কভাৱে দংবতে। পৰিহাৰ কবি মোৰে নিচিনা বক্তা-ষণ-প্রার্থী চেঙ্গেবা বন্ধু দুজন-চাবিজনক আৰু, মৌনী-শ্রোতা তৰু-তৃণ বক্ষ-বল্লবীক লৈহে মোৰ বন্ধু তাৰ বিৰাট সভা সংগঠন কৰিছিলোঁ।

ইয়াৰ পিছত শিৱসাগৰত ব্রাহ্মধর্ম'ৰ বিপক্ষে অসমীধা হিন্দু, ভদ্রলোকসকলৰ বাগ- খেযাদি ভাব (feelings) প্রবল হৈ উঠিল আব, তেওঁলোক সঙ্ঘবধ হ'ল। আমাৰ স্কুলত থার্ডমাণ্ডব শ্রীযহত গোপালচন্দ্র ঘোষ যদিও আনুষ্ঠানিক বা দীক্ষিত রাখ নাছিল, তথাপি তেওঁ শিৱসাগৰীয়া ব্রাহ্মধর্ম'ৰ পৃষ্ঠপোষক হৈ উঠিল। তেওঁৰ খবতে দেওবৰায়া ব্রাহ্মসমাজৰ অধিবেশন হবলৈ ধবিলে। এই ব্রাহ্মসমাজব অধিবেশনলৈ কোনো হিন্দু অসমীযা গ'লেই তেওঁ হিন্দ, সমাজব বাবাই দণ্ডিত হৈছিল। পিতৃ দেল্পত। এই বিষয়ত বব সজাগ আছিল আব, দুই-চাবিজন ডেকাক সেই দোষত দোষী পাই, তেওঁ দ'ড়ও বিহিছিল। এই নিমিতে পিতৃদেৱতাৰ প্রতি দণ্ডিতসকলৰ আক্রোশ জন্মিল। তেওঁলোকৰ ভিতৰত ষড়ষন্ত্র চলিল, কেনেকৈ তেওঁলোকে পিতৃদেবতাক জন্ম কৰিব পাৰে। আগেয়ে কৈ আহিছোঁ যে শ্রীনাথ ককাইদেও হোজা অভাৱৰ ল'বা আছিল। চৰকাৰী আলিৰ কাষতে গোপাল বাবুৰ ঘব। এদিন গোপাল বাবুৰ ঘৰত ব্রাহ্মসমাজৰ বস্তুতা হৈ থাকোঁতে বাটেদি শ্রীনাথ ককাইদেও গৈছিল। সাঁচা-মিছা ক'ব নোৱাৰোঁ তেওঁ হেনো কৌতূহলৰ বশবর্তী হৈ বাটৰপৰা এফলাযা কাটি ক্ষন্তেক থিয় হৈ ব্রাহ্মসমাজৰ বক্তৃতাত কাণ দিছিল। এই বৌটোকে ঢোঁটো কৰি দণ্ডিতাগ্রজসকলৰ ফালৰপৰা পিতৃদেৱতাৰ আগত অভিযোগ উপস্থিত কৰা হ'ল যে তেখেতৰ পুতেক শ্রীনাথেই অমুক দিনা গোপাল বাবুৰ ঘৰৰ ব্রাহ্মসমাজত যোগ দিছিল। দেউতাই এই অভিযোগ খুনি পুতেকৰ supposed অর্থাৎ কল্পিত কাষ'ৰ দ্বাৰাই নিজক অত্যন্ত অপমানিত বোধ কৰি, তেতিয়াই শ্রীনাথ ককাইদেওক মাতি আনি ধৰি বেতেৰে বৰকৈ কোবাই দিলে। বেচেৰা শ্রীনাথ ককাইদেৱে আত্মসমর্থনৰ অর্থে বি ক'বলৈ গৈছিল, সেই কথা তেওঁৰ মাখতে থাকিল আব, বাজ হবলৈ নাপালে। বপুৰাই বিনা দোষতে মাৰ থালে।

বছৰদিযেকৰ মুৰত ব্রাহ্মধর্ম'ৰ প্রতি গোপাল বাহুৰ নিষ্ঠা উতি গ'ল, তেওঁ ব্রাহ্মব মোটটো সলাই পেলাই দি আকৌ হিন্দু, সমাজত সোমাল। সিফালে কলিকতাত পণ্ডিত ৰামকুমাৰ বিদ্যাৰস্তব্যে তথৈবচ। তেওঁ ৰামানন্দ স্বামীয়েই কি আন কিবা এটা "আনন্দ" লগোয়া "স্বামী" নাম লৈ, হিন্দু, "গবে, মহাৰাজ" হৈ বঙ্গদেশত শিষ্য-শিষ্যাণী ভজাই সুখ আব, সম্মানেবে জাঁত্বিকা উপার্জন কৰিবলৈ ধৰিলে। ৰামকুমাৰ বিদ্যাবস্তুই "উদাসীন সত্য-প্রৱাব আসাম-ভ্রমণ" নামেৰে এক হুপাঠ্য কিতাপ বঙ্গলা ভাষাত ৰচনা কৰিছিল।

অসমৰ সুযোগ্য সন্তান শ্রীযুত মাণিকচন্দ্র বৰুৱা আৰু, সুবিখ্যাত আনন্দৰাম ঢেকীয়ালফুকনৰ পুতেক অন্নদাৰাম ঢেকীয়ালফুকনে "বৰুৱাফুকন ব্রাদাছ" নাম দি গুৱাহাটীত সাউদৰ ব্যৱসায় গুলিছিল। শ্রীহত ভোলানাথ বৰুৱা (পিছত বিখ্যাত সদাগৰ বি. বৰুৱা) সেই ব্যৱসাষৰ কাঠৰ "বিজনেছ" বিভাগৰ মেনেজাৰ আছিল। "বৰুৱা-ফুকন ব্রাদাছ"ৰ বেহা-বেপাৰ খুব ভাঙবভাৱে ভাল ৰকমেই চলিছিল। তেওঁ- লোকৰ সব জাহাজ এখনো আছিল। বাস্তৱিকতে য়ুৰোপীয় ধৰণেৰে অসমত বেহা- বেপাৰৰ প্ৰথম পথ-প্রদর্শক (pioneer) বৰুৱা ফুকন ব্রাদার্জ'কেই বুলিব লাগে। দুখৰ বিষয় অন্নদাৰাম ঢেকীযালফুকন অকালত কালৰ গৰাহত পৰিল। মাণিকচন্দ্র বৰুৱাব জ্যেষ্ঠ প্রাতা সুবুদ্ধিমান ফটিকচন্দ্র বহুৱা গবর্ণমেন্টৰ উচ্চপদস্থ কর্ম চাৰী আছিল। তেওঁৰ বিচক্ষণ বৃদ্ধি আৰু উপদেশ মাণিকচন্দ্ৰৰ ব্যৱসায়ৰ এটা থাই ধৰণী- স্বৰূপে আছিল। ফটিকচন্দ্র বৰুৱাৰো অকালতে মত্যু হ'ল। ফটিকচন্দ্র বৰুৱাৰ মৃত্যুত অসম দেশৰ যি ক্ষতি হ'ল, সেই ক্ষতি পৰোব নোৱাৰা। আৰু বাস্তৱিক পক্ষত ফটিকচন্দ্র বৰুৱাৰ মৃত্যুৰ পিছৰপৰাই মাণিকচন্দ্ৰ বৰুৱাৰ ব্যৱসাযৰ অৱনতি ঘটিল।

"বৰুৱা-ফুকন ব্রাদাছ"ৰ পৃষ্ঠপোষকতাত সুপণ্ডিত হেমচন্দ্র বৰুৱাই গুৱাহাটীৰপৰা "আসাম-নিউচ্চ" নাম দি সাদিনীয়া ইংৰাজী অসমীয়া বাতৰি কাকত এখন উলিযায়। হেমচন্দ্র বৰুৱাৰ কাপৰ গুণত "আসাম নিউচে" অতি শাঁয়ে ওখ ঠাই অধিকাৰ কৰিলে। সকলোৱে অতি আগ্রহেৰে সেই কাকত লৈছিল আৰু, পঢ়িছিল। ইয়াৰ আগৰেপৰা "আসাম-বিলাসিনী" নামেৰে এখন মাহেকীয়া অসমীয়া বাতৰি কাকত আউনীআটি সত্ৰৰপৰা ওলাই আছিল। আউনীআটি সত্ৰৰ অধিকাৰ অশেষ গুণ-সম্পন্ন প্রগাঢ় পণ্ডিত পৰম-বৈষ্ণৱ দন্ডেদের পুৰুষৰ "আসাম বিলাসিনী" এটি স্বকীর্তি'। কিন্তু "আসাম-বিলাসিনী'ৰ বাক্য-বিন্যাস প্রণালী, বিষয-নির্বাচন আদি কাৰ্যই উঠি অহা শিক্ষিত ডেকা তৰপৰ মন হৰণ কৰিব পাৰিছিল বুলি ক'ব নোৱাৰোঁ। তাত অনেক সময়ত ব্যক্তিগত আক্রমণে ঠাই পোৱাত প্রাচীন সকলৰ মনতো যে সি বথোচিত সমাদৰৰ ঠাই অধিকাৰ কৰিব পাৰিছিল এনে নহয়। সেই নিমিত্তে তেনেকুৱা দোষবিবর্জিত, অথচ বসাল ভাষাৰে সুলিখিত বর্তমান কালোপযোগী "আসাম নিউচ" ওলালত সকলোবে বনত হর্য হ'ল।

"আসাম-নিউচ"খন ভালকৈ পড়া ৰোগে মোক বৰকৈ ধৰিছিল। কেতিয়া "আসাম-নিউচ্চ" আহিব মই বাটটল চাই থাকোঁ আৰু এটাইৰে আগেয়ে মই কাকতখন মেলি পড়ো বদলিলে ঠিক কোরা নহয়, গিলোঁ বুলিলেহে ঠিক হ'ব। বাস্তৱিকতে "আসাম-নিউচ" পড়ি তাৰ অসমীয়া লিখাৰ গঢ়ৰ ফালে ভালকৈ মন দিহে প্রথমতে নই অসমীয়া ভাষাত খচনা লিখিবলৈ শিকোঁ। "আসাম-নিউচে" নিশ্চয় অসমীয়া ভাষাৰ যংগান্তৰ উপস্থিত কৰিলে। বৰ দুখৰ কথা, কাকতখন ঘাইকৈ হেমচন্দ্র বৰুৱাৰ শাবাবিক অসুস্থতাৰ নিমিতে দীর্ঘকাল স্থায়ী নহ'ল। আজিলৈকে "আসাম-নিউচ'ৰ নিচিনা কাকত এখন অসমত নোলাল।

অসমব গৌৰৱ ৰাষ গুণাভিৰাম বৰুৱা বাহাদু,বে তেওঁৰ চৰকাৰী কম" জীৱনৰ শেষৰফালে, "আসাম-বন্ধ," নামৰ এখন অসমীয়া মাহেকীয়া কাকত উলিয়াইছিল। সেইকালত কলিকতাবাসী অসমীযা ছাত্রসকলব সহায়ত "আসাম-বন্ধ, কলিকতাত ছপা হৈছিল। "আসাম-বন্ধু" ও অসমত অসমীয়া মাহেকীয়া কাকতব প্রথম পথ-প্রদর্শ'ক আব, সি অসম আৰু অসমীয়া ভাষাৰ প্ৰকৃত বন্ধুৰূপে দেখ্য দিছিল। "আসাম- বন্ধু"ৰ পাতত বিশ্বান লম্বোদব ববাব কাপৰপৰা ওলোৱা "সদানন্দর কলাঘমেটি", শ্রদ্ধাস্পদ শ্রীযুত সতানাথ বৰাৰ সুন্দৰ কবিতাকেইটি আৰু বুৰঞ্জীবিজ্ঞ বাদবাহাদুৰ সম্পাদক ডাঙৰুীযাৰ "আগৰ দিন, এতিয়াৰ দিন"ৰ দৰে ঐতিহাসিক প্রবন্ধবোৰে মোৰ মন ববকৈ আকর্ষ'ণ কবিছিল। দুখৰ বিষয়, "আসাম-বন্ধ" ও সৰহ দিন নাথাকিল। এইটো ক'বই লাগিব যে অসমীয়া ভাষাৰ মহাবদীখন "আসাম-নিউচ" আৰু "আসাম-বন্দ্ব, "বেই আধ,নিক আর্হি'ত অসমীয়া গদ্য আবু, পদ্য সাহিত্য সৃষ্টিব অর্থে spadework, কোৰৰ কাম কৰে, অর্থাৎ মাটি কুৰি চহাই দিয়ে। পিতৃদেৱতাই "আসাম-নিউচ্চ" আৰু "আসাম-বন্ধ," বৰ আগ্নহেৰে সদায পঢ়িছিল। "আসাম- বন্ধু"ত ওলোৱা কোনো কোনোটো ঐতিহাসিক প্রবন্ধত থকা তে দেখরাই তেওঁ বায়বাহাদ, ৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়ালৈ চিঠি লেখাও মই দেখিছিলোঁ। মুঠতে ইযাকে কওঁ যে, অসমীয়া ভাষাত সকলো অসমীয়াৰ মনোবঞ্জন কৰি সুললিত, সবল, বসাল, অথচ ওখ শাৰীৰ গদ্য বচনা যে হব পাবে, এইটো "আসাম-নিউচ" আব, "আসাম-বন্ধু "রেই প্রথমতে দেখুৱালে।

শিৱসাগৰৰ স্কুলত পঢ়াডোখৰ কালত মই পঢ়া-শুনাত চোকা ল'ৰা বুলি কেতিযাও খ্যাতি নাপাইছিলোঁ। স্কুলীয়া পাঠতকৈ আন আন বাহিৰা বিষয়ত মোৰ বুদ্ধিৰ চোক ওলাইছিল নে নাই ক'ব নোৱাৰোঁ। দেখোতাসকলহে তাৰ বিচাৰক কিন্তু তেনেবোৰ কাষত যে মই দহৰ সুদু ষ্টিয়েই হওক বা কুদু ষ্টিরেই হওক আকর্ষণ কৰিছিলোঁ, এইটো হলে ক'ব পাৰো। মই যে পঢ়া-শূনাত স্কুলীয়া চোকা-বুধীয়া ল'ৰাৰ লেখব বাহিবত পৰিছিলোঁ, এই কথা নিশ্চয স্কুল ঘৰটোৰ চালৰ চ'তি-বৰুৱা, মাৰলি আব, বেত-হুতৰ গাঁঠিবে সৈতে হাজাৰডাল খেৰে সাক্ষী ক'বলৈ ওলাব, যদি স্কুলঘৰটোবে সৈতে সেইবোৰ আজিও টিকি আছে। সৈতে মোৰ সম্পর্ক' গো-মাংস আছিল; মাথোন এবাৰ, কেনেকৈ ক'ব নোৱাৰো, সজ্ঞানে নহয়, শুহু-শবীৰে নহয আৰু আপোন ইচ্ছাতেতো নহয়েই (নিশ্চব by fluke) পঞ্চম 'শ্রেণীতে, নই দৈৱৰ হে"চোকত হাম্হুৰি খাই নাইবা পাহৰা ধানৰ ভাত খোৱা পৰীক্ষকৰ পাহৰণিত পৰি কেনেবাকৈ ভটং কৰে তৃতীয় হৈ ওলাই সকলোকে অবাক কৰি দিলোঁ। 

প্রাইজৰ দিনা তৃতীয় প্রাইজটো মোৰ হাতত পৰিলত মই লাজত অধোবদন হলোঁ। ভাবিলোঁ, দৈৱই পবিহাস এনেকুৱাকৈয়ে কৰে। তৃতীয় হবৰ উপযুক্ত ইমানবোৰ ল'ৰা থাকোঁতে, মোক দৈৱই ঠেলি-হে চুকি তৃতীয় কৰি দিবৰ মানেটো কি? মানেটো নিশ্চয় বং চোৱা। মৰ তুলি এবাৰ লাহেকৈ আমাৰ ক্লাছৰ মাষ্টবজনক সুধিলোঁ, "স্যাৰ, সচাকৈয়ে আপোনাসকলৰ কাৰো ভুলত মোৰ এই বিলাই বিপত্তি ঘটা নাইনে ?" মাষ্টৰে হাঁহি উত্তব দিলে, "কাবো ভুল হোৱা নাই। এইবাৰৰপৰা তুমি ভালকৈ পঢ়িবা।"

স্কুলঘবৰ বাহিবত মোৰ ব,ধিটো আঁকোরালে নোপোৱা হৈ উঠাৰ আৰ, ভিতবত খালাই-শুকাই চেবেলা হৈ যোৱাব অৱশ্যে যে কোনো কৈফিয়ৎ নাই, এনে নহয। কৈফিয়ৎ অনেক। সৰুৰেপবা মই মুকলি আকাশ আৰু মুকলি বতাহৰ তলত বড়া মুকলিম,বাঁধা ল'ব্য, চাৰি বেৰেৰে বন্ধ ঘবে, জপোৱা দুৱাৰে আৰু নিয়ম-কানুনৰ জিঞ্জিবিয়ে মোক সমলি নুশুজে। স্কুলত অগত্যা বহি থাকোঁতে, এফালে মোৰ মনে মোক ফুচফুচাই সোধে-"বতাহে তোমাৰে সৈতে উমলিবলৈ তোমাক বাহিবলৈ মাতিছে, ওলাই নাহা কেলৈ ?" "ব"দে তোমাক বিঙিযাব লাগিছে; নোখোৱানে?" "বোলোঁ দেখা নাইনে, আলিবাটৰ গছে তোমাক হাতবাউলি দি মাতি কোলা মেলি বহি আছে, ইযাত বোদ, বোদ, কৰে বহি কৰিছা কি ?" "সৌরা চাই পঠিওৱাচোন তোমাৰ বাম্বর দিখৌরে কেনেকৈ কোনোবা ধব,বাঁলৈ বৈ যাব লাগিছে; তোমাব দেখোন উন্নধামেই নাই?" "বৰপুৰ।য়েও তোমালৈ বুকু পাতি বৈ আছে, তুমি বাবু, ল'ৰাটো দেখিছোঁ, বোলোঁ বোল কবিছা কিন ১০-আনফালে, দেখিবলৈ মন নোযোৱা মাষ্টৰে হাতত কইরা কিভাগ লৈ মোক সোধে-"Spell Valetudinarian?" "What is the masculine gender of heifer?" "Where is Podopopol ?" "Define gulf-stream মোৰ দুই নারত দুই ভবি; মই কৰোঁ কি?

ইয়াৰ উপৰিও আৰ, এটা ডাঙৰ কৈফিলৎ আছে, যাৰ বিৱৰণ তলত দিলোঁ- স্কুলীয়া পাঠৰ চচতিকৈ আমাৰ ঘৰৰ ল'বাবোৰৰ, ঘাইকৈ মোৰ ককাইদেও শ্রীনাথৰ, ধর্ম'কার্য'ৰ চচাত অত্যন্ত বেছি সময় ব্যয হৈছিল। তলত দিযা আমাৰ দৈনিক কাষ'ব তালিকা দেখিলেই এই কথা স্পষ্ট হব।

(১) আমি পুরা শুই উঠিবেই নিত্যকর্ম কৰি শুচি-সংষম হৈ, দেউতাৰ গোসাঁই- পুজালৈ ফুল তুলিবলৈ ফুলনিবাৰীত সোমাওঁ। একো একো দিনা, আমাৰ ফুলনিবাৰীৰ ফুল তুলি শেষ কৰি, উৎসাহৰ কোবত গৈ ওচৰ-চুবুৰীয়াৰ ফুলনিবাৰীতো সোমাই ফুলনিবাৰী মহটিয়াই ফুলৰ শৰাধ কৰোঁ কাৰণ, কুকি ভৰাই একুকিকে ফুল আনিলেছে মোৰ মনে মোক "বাহুবা" দিবাটো যেন লাগিছিল। ফুল তোলা হলে, হাত-ভৰি ধ,ই, স্কুলৰ কিতাপ আগত লৈ বহোঁ, আৰু আগত লোৱা কিতাপ আগতে থাকে, মোৰ মনে ত্তিভূৱন জমে। সেই কিতাপেৰে সৈতে মোৰ মনৰ সম্বন্ধটো তেল আৰু পানীৰ সম্বন্দ্ব। 

(২) ৯ বাজিলেই, কিতাপৰূপী তেল সামৰি থৈ সৰিয়হৰ তেল গাত বহি পুখুৰীলৈ যাওঁ আৰু, পদবীৰে সৈতে জলক্রীড়া কৰি আহি গোসাঁইঘৰ মচিবলৈ সোমাওঁ। হৰি-মন্দিৰ মার্জ'ন পুণ্য কাৰ্যা, অল্লাহ্মণ চাকৰক গোসাঁইঘৰত সোমাই সেই কার্য' কবিবলৈ দিয়া নহয।

(৩) মন্দিৰ-মাজ'ন শেষ কৰি, দেউতাৰ পূজাৰ স'জুলি-তামী-অর্ঘ্য, খাল, চন্দনৰ ঘূৰি আদি হুই-মাজি চাফ, কৰি সেইবোৰ পূজাৰ ঠাইত সজাই থওঁ; জাতি চন্দন পিহি চন্দনৰ খুৰিত থওঁ।

(৪) ইয়াৰ পিছত গোসাই-ঘৰতে বহি পুৱাৰ প্ৰসঙ্গৰ গীত-ভটিমা গাই, তাল লৈ প্রসঙ্গ আৰম্ভ কৰোঁ। কুলুপীয়া আৰু, ধৰি গোৱা, ঘোষা গোরা শেষ হ'লে, এজনে কীর্তন পূথি মেলি বহি কীর্তন দিয়ে। শ্রীনাথ ককাইদেৱে তাল লৈ নাম লগোৱা হ'লে, কাঁত'ন-ঘোষা দিবলৈ মই বহোঁ আৰু, vice versa অর্থাৎ মই নাম লগোৱা হ'লে তেওঁ কর্তি'ন' দিবলৈ বহে। একো একোদিনা আন আন ককাইদেওসকলেও এই বাব লয়। দুটা কীর্তন-ঘোযাৰ অন্তত প্রসঙ্গৰ সামৰণি মৰা হয়। প্রসঙ্গন শেযন্ত কীর্তন ঘোষা দিওঁতাজনে ৰত্নাৱলী পুথিৰপৰা সুৰ ধৰি পাঠ পড়ে, আৰু অলপ পঢ়ি গুৰ পেলাই, দুইজনা মহাপুৰুষৰ বা বদলা আতাৰ চৰিত্ৰৰপৰা এটা ঘটনা বা কথা সংক্ষেপকে কর; ইয়াকে চবিত্র তোলা বোলে। ইযাৰ পিছত প্রসঙ্গ সাবশেষ কৰি খাপনাৰ ফালে সেৱা কৰা হয, আব, আশীর্বাদ দিব জনা এজনে আশীবাদৰ দীঘল "গং" মাতি আশীবাদ দিয়ে। ইযাৰ আগেয়ে কোনো কোনো দিনা প্রসঙ্গৰ মাজত দেউতাৰ পুজো শেষ কৰি নিজেই কাঁত'ন-ঘোষা দিবলৈ বহে।

(৫) পুজা-সেৱা নাম-প্রসঙ্গ আৰু আশীবাদ দিয়াৰ অন্তত উঠি কাঁহ, ঘণ্টা, শম্ব আৰু, ডবা থাকিলে ডবা বজোরা হয়। তৎপশ্চাৎ, তপতে তপতে লৰালৰিকৈ ভাত এগাল গিলি, কাপোৰ-কানি পিচ্ছি আমি স্কুললৈ লৰ ধৰোহক।

(৬) আবেলি চাৰি বজাৰ পিছত আমি স্কুলৰপৰা আহি, স্কুলীয়া অপবিত্র কাপোৰ-কানি সুকীয়াকৈ এফালে থৈ দি পুখুতি জোবোৰা শুচি হৈ আহি জলপানত বহোঁ। আমি স্কুলবপৰা অহাৰ আগেয়েই তিনিমান বজাত দেউতাই বিৱলিৰ অসঙ্গ কৰে। দেওবাৰৰ দিনা বা বিদিনা আমি স্কুললৈ নাখাওঁ, আমিয়েই সেই প্রসঙ্গ সমাপন কৰোঁ।

(৭) জলপান খাই উঠি আমি অলপ পৰ আমাৰ ঢোলৰ ভিতৰতে ইফাল-সিফাল কৰোঁ আৰু, পাঁচমান বজাৰ আগতে, দেউতাৰ পুৰাণ-পাঠ নাইবা ভাগৱত-পাঠলৈ আমাৰ ডাক পৰে। আমি চৰাঘৰৰ মাজতে ঠাই মচি, পূখি আনি ঠগাত সজাই থৈ, আসন পাৰি দি শ্রোতা-শ্রেণীভুক্ত হওঁ। এই "আমি"ৰ বহুবচনন্ধ, মাথোন বাহিৰৰ দুই- এজন শ্রোতাৰে সৈতে মোক আৰু শ্রীনাথ ককাইদেওক লৈ সিদ্ধ হৈছিল।

(৮) সন্ধ্যা লাগি অহাৰ সময়ত পুৰাণ যা ভাগৱত পাঠ বন্ধ হয় আৰু আমি কবি-হাত হই লৰি গৈ গোসাঁইশ্বৰত বস্তি লগাই, শল্ক ঘণ্টা, জবা, কাঁহ বজাবলৈ ধৰোঁ আৰু, পিতৃদেৱতাল্লো সেই কার্যত যোগ দিয়ে। শঙ্খ-ঘণ্টা বজোৱাৰ অন্তত, মুখে মুখে স্তোত্র পাঠ কৰি, সকলোৱে আঁঠু কাঢ়ি থাপনাৰ ফালে সেৱা কৰোহক। ইয়াৰ পিছত দেউতা ওলাই আহি ইফালে সিফালে অলপ ফুৰিবলৈ যায়; আৰু আমি-

(৯) গুণমালা-ভটিমা গাবলৈ বহোঁ। গুণমালা-ভটিমা গোৱাৰ পিছত আমি ল'বাবোৰে ল'ৰানাম গাবলৈ বহোঁ আৰু এঘণ্টামানৰ পিছত সেই নাম শেষ কৰি উঠি জাহি-

(১০) পঢ়িবলৈ কিতাপ মেলি লওঁ। কিতাপ আগত লৈ কোনোরে অলপ-অচৰপ পড়ে, কোনোৱেবা কলমটিয়াষ আৰু, কোনোৱেবা কিছুমান বেলিৰ পিছতে, কিতাপৰ পৰতে, তেল-বিষলী কৰি থোৱা মুবটো থৈ, হাঁহ-শোৱাদি পড়া-শুনাৰে সৈতে টালি বাজি কবে।

(১১) বাতি ১০ মান বজাত আমি গা ধুবলৈ যাবলৈ ৰান্ধনি-ঘবৰ পৰা কৰে আহে। আমি বুকুত বান্ধি লৈ বহি থকা দুই বন্ধু, টোপনি আবু, এলাহক অতি কষ্টে বিসজ'ন দি পড়া ঠাইৰপৰা উঠি গৈ, জাৰেই হওক বা জহেই হওঁক, পানী তপতেই হওক বা চে'চাই হওঁক, হবে হৰ কৰে গাত ঢালি দিওঁ আব, সেহাই ফোঁপাই গা মচি, ধুতি- চুৰিয়া পিচ্ছি গোসাইঘৰ সোমাই, তাত লৈ বাতিৰ প্রসঙ্গ আৰম্ভ কৰি দিওঁ। ৰাতিৰ প্রসঙ্গত নাম-লোৱা ভকতৰ লেই সবহ হয়। পুৱাৰ দৰেই, দেউতাই বা আন এজনে কাঁত'ন-ঘোষা মেলি কীত'ন দিয়ে আৰু অন্তত পাঠ পঢ়ি আৰু চৰিত্ৰ তুলি প্রসঙ্গ শেষ কবে।

(১২) ইয়াৰ পিছত ৰাতিৰ সাজ ভাত খাবলৈ মজিয়াত বহা হয়। ভাত খাওঁতা- সকলেৰে মজিয়া প্রায় ভৰি পৰে।

(১৩) ভাত খাই উঠি আমি আকৌ বৰে-সৰৱে মিলি গোসাঁই-ঘৰব টুপত শেহ-নাম গাবলৈ বহোঁ। সেই নাম সমাপন কৰোঁতে বাতি এঘাৰ-বাৰ বাজে। এইখিনিতে কোরা যাওক বে, যদিও আমাৰ চৰাঘৰত সদায ডাঙৰ ঘড়ী এটাই টিক, টিক, কৰে গৈ আৰু ঢং ঢং কৰে বাজি তাব কর্তব্য কৰি গৈছিল, তথাপি আৰু, তাক আমাৰ খোৱা-বোৱা আদিৰ সময়ত হস্তক্ষেপ কৰিবলৈ নিদিছিলোঁ। তাক আঁৰি থৈছোঁ, খাবলৈ "দম" দিছোঁ, বচ। আৰু সি কিবা বিচাৰিলে শুনিব কোনে?

(১৪) ইয়াৰ পিছত দেউতাই অলপ ভৰি চলাই, ঘোষা গাই গাই আহি বৰঘৰৰ টুপৰ মুকলি খোঁটালী এটাত শোরে। জাবকালি হ'লে দেউতাৰ চালপীৰাৰ ওচৰতে আফিঞ্চৰ বহুল পেৰা এটাত মাটিজহাল কৰি লোৱা হয় আৰু, কাষতে দুজন-চাবিজন ভিতৰুৱাল মানুহ আহি বাঁহ দুই পাৱায়। সেই সময়ত দেউতাৰ ভৰিত লগুৱা এটাই তেল-টেঙা ঘ'হে আব, ভৰি পিটিকে আৰু ময়েই বা শ্রীনাথ ককাইদেৱে মহাভাৰত বা ৰামায়ণ মেলি লৈ জাত লগাই পঢ়িবলৈ বহোঁ। মোৰ পুথি পড়া দেউতাই শনিবলৈ ভাল পাইছিল দেখি, সেই বাবটো মোৰ গাত বৰকৈ পৰিছিল। পুথি খুনি থাকোঁতেই দেউতাৰ চিল্‌ মিল্‌ক টোপনি আহে আৰ, সেই টোপনি গভীৰ হোৱা আমি গম পালেই আৰু, যদি সেই কাকতালীয়-সংযোগ ঘটি পুথিৰো একাধ্যা পৰে, তেন্তে লাহেকৈ পুথিখন সামৰি থৈ খুবলৈ যাওঁ। কেতিয়াবা এনে সংযোগৰ সুবিধা লব খোজোঁতেই, দেউতাই "তাৰ পিছত" বুলি মাত লগাই বস-ভঙ্গ কৰি দিয়ে; আৰু মনে মনে কপালকে দুষি আকৌ একাধ্যা পঢ়িবলৈ আৰম্ভ কৰিব লগীযাত পৰোঁ। আচৰিত মানিবলগীয়া কথা যে নাম-প্রসঙ্গ পূজা-সেৱাৰ এনে ঘুমেও আমাক নাটিছিল। ইয়াৰ উপৰিও আমি ল'ৰাবোৰ আমাৰ পুখুৰী-পাৰতে ফুলনাবাৰীৰ মাজত সবু, (toy) গোসাইঘৰ এটা সাজি লৈছিলোঁহক; আৰু তাতো ডাঙৰ গোসাঁইঘবব সমানে সমানে জোব মাৰি নাম- প্রসঙ্গ পংজা-সেয়া চলাইছিলোঁহক। দেওধাবে বা আন কোনদিনা কোনো পর্বোপলগত স্কুল বন্ধ হ'লে, মই সময় পালেই অসমীয়া পুথি নকল কৰিছিলোঁ। ডাঠ তুলাপাত কাটি পুথিৰ পাত কবি তাক হাইতালেৰে বোলাই লৈ, কুট দি সমানকৈ শাবী কাটিবলৈ বাঁহৰ চলি এচটা কাটি কুট দি শাৰী কাটি লৈ আৰু, গবুব মুত, শিলিখা আব্ লোহোৰাৰ ছাইৰে মহী প্রস্তুত কবি লৈ মই পূথি লেখিছিলোঁ। শ্রীশঙ্কববিবচিত একাদশ শুদ্ধ ভাগৱত পুথি দুখন মই সম্পর্ণকৈ লেখি পুথি থবলৈ নিজ হাতে কাঠৰ পেৰা দুটা কৰি তাত পুথি দুখন থৈছিলোঁ। সেই পুথি দুখন সম্ভরতঃ এতিয়াও আমাৰ শিৱসাগৰৰ ঘৰত আছে। এনে অৱস্থাৰ অন্তবালত থাকিও যে মই বগুরা বাই এট্রেন্ড ক্লাছ পাইছিলোঁগৈ সেইটোছে আচৰিত। কোনে প্রচাৰ কৰি দিছিল কব নোৱাৰোঁ, তেতিযা শিৱসাগবত প্রায় সবলোবে মনত এনে ধাৰণা আছিল যে ছাতব এট্রেন্ড ক্লাছত দুবছৰ থাকিলেহে সি allow হবলৈ অর্থাৎ এস্ট্রেন্ড পরীক্ষা দিবলৈ ধাবব যোগ্য হয়। এনে বিশ্বাসৰ বশৱতী' হৈয়েই সেই কালত প্রাধবোব ছাতবে এশৌন্ট ক্লাছত উঠিয়েই, এবছৰলৈ পঢ়া-শুনাৰ গুবি বঠাখন এবি দি, ৰং-ধেমালিত উটি গৈছিল। বাস্তরিকতে সেই দেখিয়েই এবছবাঁধা ছাতব allow নহৈছিল। একেই মই বঢা নাচনিয়াব, তাতে যেতিযা এপৌণ্ড ক্লাছত উঠি এই নাতিনীৰ বিষা দেখিলোঁ, মোক আব পায কোনে? মোৰ পঢ়া-শুনাই মোক চা মোক চা কবি ডেও দিবলৈ ধৰিলে; আব মই মোৰ কিতাপ-পত্ৰবোৰ বৰ-চাঙত তুলি থৈ দি নিশ্চিন্ত চলোঁ। ফলত সম্পর্শে এবছব মোৰ নপঢ়া-শুনা নামৰ বংপহী মদাৰ জোপা জকামকীয়া হৈ ফুলিল, তল ভবি সৰিল আৰ, গৰ, ভকত ক'তো তাব ফুল এপাহি নালাগিল।

দ্বিতীয় বছৰ মই খুরলি কাশ্বত ললোঁ। পণ্ডিত হবৰ মনে "ছেকেণ্ড লেংগ,ইজ" সংস্কৃত ললোঁ। আমাক সংস্কৃত পড়োরা পণ্ডিতজন বে সংস্কৃতত পৈণত আছিল, এনে মনে নধৰে। মই তেওঁৰ তলত সংস্কৃত পঢ়িবলৈ ধৰিলোঁ মোৰ বিদ্যাব "দৌৰ" দেখি তেওঁ আশ্বস্ত হ'ল আৰ, ময়ো ভাবিলোঁ যে মই খুব সংস্কৃত শিকিলো। কিন্তু দুখৰ কথা কি কম আনবোৰ বিষষত চুচৰি-বাগবি "পাছ" হৈও, সংস্কৃতত দিলো মাৰি ভাঙব "ফেল!" অথচ মই ভাবিছিলো যে সংস্কৃতত মই এজন মহামহোপাধ্যায় হৈ উঠিছিলো।

এইবাৰ মোৰ লগৰাঁয়া জনচেৰেক এট্রেন্ট পৰীক্ষাত উঠি কলিকতাত পঢ়িবলৈ গ'ল। 

আৰ, মই থাকিলো দাঁত চেলাই পৰি। মনত এনে ধিজ্ঞাৰ লাগিল আৰু, কি কম। দুঢ়সঙ্কল্প কবিলো, যে অহা বছবত মই ভালকৈ মন দি পড়ি এট্রেন্ড পৰীক্ষাত উঠিমেই উঠিম। আমাৰ ঘৰত পঢ়িবলৈ বহিলে নানা বাধা-বিঘিনি ওলাই মোৰ মন বিক্ষিপ্ত কৰে, সেইদেখি মই মনক এশিকা দিবৰ নিমিত্তে, আমাৰ ঘৰৰ ওচৰতে থকা ৰাজহুরা নামঘবত মনে মনে বহি পঢ়িবলৈ থিৰ কৰিলো। এই নামঘৰৰ কথা মই আগেয়ে কৈছো। বাজহরা পূজা-সবাহৰ সময়ত নামঘৰটো সাৰি মচি পৰিষ্কাৰ কৰা হয়, নতুবা সি নিজ'ন নিস্তদ্ধভারে থাকি উদঙীযা গৰ-ঘোঁৰাৰ বাহ হৈ পৰে। মই নামঘৰটোৰ ভিতৰৰ চুক এটাবপবা একাটুৱা গোবৰ-জাবব নিজ হাতে সাৰি অ'তাই লৈ, তাতে স্বহস্র গ্রথিত কলাঠহুবাৰ কঠ এখন পাৰি লৈ বহি পঢ়িবলৈ আৰম্ভ কৰিলো। পুরাই কাউৰীযে কা কৰোতেই উঠি, আগৰ দৈনিক সকলো কার্য' কাতি কৰি থৈ মই নামঘবত পঢ়িবলৈ সোমাওঁ, ঘৰত মোক কোনেও চকুত বাটি দিবলৈকো দেখা নাপায় আৰু স্কুললৈ যাবৰ সময়ত ওলাই গৈ লৰালৰিকৈ গা ধুই, নমোকৈ সন্ধ্যা সামৰি, চকুরে-কাণে ভাত এগাল গুজি স্কুললৈ লব ধৰোঁ।

শঙ্কৰ মেতোবৰ গাড়ীব কথা আগেয়ে কৈ আহিছোঁ। সি "ব্যতাৰাতি" যেনেকৈ ভাঙব মানুহে হৈ উঠিছিল, তেনেকৈ "ৰাতাৰাতি" আকৌ ফকিৰ হ'ল। দৈৱদ,র্বি' পাকত তাব গাড়ী-ঘোঁৰা সকলো নাইকিযা হ'ল আব, ঘৈণীয়েকেও তাক এৰি গুচি গ'ল। মনৰ বেজাৰত শল্পব আধা-বলীয়া হৈ ফকিব হ'ল। তাৰ হাতত সম্বল এখন ফটা কম্বল আব, এটা ডাঙব চিলিম ব'ল। সি একো একোদিনা আহি নামঘৰৰ ওচৰতে আমাৰ বাটচৰাত ভাং খাই পৰি থাকিছিলহি। মোক সি নামঘৰত সেইদৰে সোমাই থকাটো লক্ষ্য কবি থাকি ভাবিলে, মই নামঘৰৰ কোনো এজনা "দেও"। এদিন সি অতি সন্তর্পণে গৈ মোৰ আগত দীঘল দি পবি হাত ঘূৰি মোক তুতি কবিবলৈ ধবিলে। মই অবাক। তাৰ তেনে ব্যৱহাৰৰ মানে মই তাক সুধিলত, সি মোক যি ক'লে, সেই কথা শুনি মোৰ হাঁহিত পেটুনাড়ী ছিগিবলগাযা হ'ল। সি কিন্তু তাৰ বিশ্বাসত অটল। তাৰ ভুল ভাঙিবব চেষ্টা কৰিও মই অকৃতকার্য হলো। লাহে লাহে নামঘৰত "দেও" দেখা পোৱা কথা সকলোৰে আগত প্রকাশ কৰি দিলে আবু, মোব পাঠ-প্রকোষ্ঠৰ গ.প্তৰহস্য ভেদ হ'ল। মাতৃদেবীযে এদিন মোক শঙ্কৰৰ সেই কথা উলিবাই হাঁহি হাঁহি ক'লে, "বাৰু, ভাল হৈছে, তই ভালকৈ মন দি নামঘৰতে পঢ়, তোক কোনেও মাত-বুলি আমনি কবিবলৈ নিদিওঁ।" যি হওক সেই বছৰতে (খৃষ্টাব্দ ১৮৮৬) শঙ্কৰ মেতোৰৰ দেৱতাই দ্বিতীয বিভাগত এট্রেন পৰীক্ষা "পাছ" কৰিলে। মোৰ সৈতে মোৰ সহপার্থী, ডিম্বেশাৰ বৰুৱাৰ পুতেক চন্দ্রশেখৰ বৰুৱা আৰু, হেডমাষ্টৰ চন্দ্রমোহন গোস্বামীৰ পুতেক শুভ্রেন্দমোহন গোস্বামীও দ্বিতীয় বিভাগত উত্তীর্ণ' হ'ল। সেই কালত আজি-কালিৰ দৰে প্রথম বিভাগত সবহ, দ্বিতীয় বিভাগত তাতকৈ তাকৰ আৰু তৃতীয় বিভাগত তাতোকৈ তাকৰ ল'ৰা "পাছ" হোৱা দেখা নগৈছিল। তেতিয়া প্রাসরুমে ইয়াৰ ওলোটা প্রকাবে প্রথম, দ্বিতীয় আৰু, তৃতীয় বিভাগত ছাতৰ উত্তীর্ণ হোৱাটোহে প্রচলিত ৰীতি আছিল।

ইয়াৰ পিছত মোক কলিকতাত পঢ়িবলৈ পঠিওৱাৰ কথা লৈ বিষম সমস্যা উপস্থিতি হ'ল। দেউতাৰ ইচ্ছা নাই যে তেওঁ কলিকতাত আৰু এটা ল'ৰাক পঢ়িবলৈ পঠিয়াই হেৰুৱার: কাৰণ তেওঁৰ মতে আগৰ দুটা ল'বাক কলিকতাত পঢ়িবলৈ পঠিয়াই, তেওঁ একৰকম হেৰুৱাইছিল; দেউতাৰ ইচ্ছা, মই অসমতে ওকালতি পৰীক্ষা দি শ্রীসূত কালিপ্রসাদ চলিহাৰ দৰে উকীল হওঁ। মোব কিন্তু প্রবল ইচ্ছা যে মই কলিকতাত পড়ো। মোৰ ইচ্ছাৰ প্ৰধান সমৰ্থক মই দুজন ককাইদেওক পালো-শ্রীযুত বিনন্দ ককাইদেৱে মোৰ বাট-খৰচৰ নিমিত্তে ধন যোগালে। শ্রীযুত গোবিন্দ ককাইদেও তেতিয়া গোলাঘাটত আছিল তেওঁ শিৱসাগৰলৈ আহি মোক কলিকতালৈ পঠিয়াবলৈ দেউতাক বৰকৈ আমনি কৰিবলৈ ধৰিলে। অন্তত মোৰ কলিকতালৈ যোৱাই থিৰাং হ'ল।

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক