shabd-logo

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023

0 দৰ্শন কৰা হৈছে 0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' কৰি সজোরা আহল-বহল ন ঘৰলৈ যোৱাটো মনত আছে। আৰু মনত আছে-ন ঘৰ লোৱাৰ দিনা হোৱা নাম-প্রসঙ্গ, পুজা-সেৱাৰ উৎসৱৰ আহল-বহুল উন্নাহটো।

আমাৰ ঘৰৰ ওচৰতে সিম্বেশ্বৰ নামৰ সোণাৰি এজনৰ ঘৰ আছিল। তেওঁ সোণ- ৰূপৰ অলঙ্কাৰ গড়া কাম কৰিছিল দেখি সকলোৱে তেওঁক সিধাই সোণাৰি বুলিছিল। যেতিয়াই সুবিধা পাইছিলোঁ, আমি সিধাই সোণাৰিব সোণাৰি-গাললৈ শুভাগমন কৰি তাত বহি একান্তমনে, তেওঁ কেনেকৈ সোণ ৰূপ মহীত দি ছাগলী ছালৰ ভাতাঁৰে ফোচ, ফাচ্কৈ বতাহ দি গলাই লৈ নমাই চোঁচা পানীৰ চৰত জবুঝিয়াই অলপ টান কৰি নিয়াৰিৰ ওপৰত থৈ হাতুৰিবে কোবাই কোনো এবিধ অলঙ্কাৰ বা আন বস্তু গঢ়িছিল, সেইবোৰ অতি মনোযোগেৰে সৈতে নিৰীক্ষণ কৰি কৌতুহল চৰিতাৰ্থ কৰিছিলোঁ। সিধায়ে কেব-মণি আৰু খাবুত কেনেকৈ বাখৰ পতাইছিল, কেনেকৈ মিনা কৰিছিল, বঙা, নীলা আৰু, কলপতীয়া কাচৰ মণি ভাঙি তাৰ একো টুকুৰা স'চা বাখৰৰ শাৰীত ধৰিব নোৱাৰাকৈ কেনেকৈ বহুয়াইছিল, ইত্যাদি কার্য' আমি উৎসাহ আগ্রহেবে লক্ষ্য কৰি আমোদ পাইছিলোঁ যে অনেক সময়ত উৎসাহৰ সোঁতত মগ্ন হৈ ভাতীত হাত লগাই সোণাৰিক সহায কৰি নিজক কৃতার্থ মানিছিলোঁ। একো একো দিন মই মাতৃদেরীক কুটুৰি কুটুৰি খুজি একোটা ডবল পইচা লৈ গৈ তাবে সোণাৰিৰ হতুৱাই একোটি সম্ খুৰি-বাটি সজাই লৈছিলোঁ আব্দু সেই খুৰিত মোৰ কোমল মনৰ মৰম এখুবিকে ভৰাই আপুৰুগীয়াকৈ সাঁচি থৈছিলোঁ। মনত আছে, এই সোণাৰিৰ হতুৱায়ে দেউতাই আইলৈ ১,২০০ টকা বেচব এযোৰ সুন্দৰ বাখৰ পতোৱা খাৰু, গঢ়াই লৈছিল। সোণাৰি- শালত সেই খাৰু, বোধনৰ দিনাৰেপৰা বিসর্জনৰ দিনালৈকে তাব সকলো অৱস্থা মোৰ সাল্লহ আৰু, সকৌতুক নিৰীক্ষণৰ বিষয় হৈছিল। সিধাই সোণাৰিৰ জয়া নামেৰে সোণাৰি-গড়ী দীলিপ, ছোৱালী এজনী আছিল। মোক কোনে কি দিছিল ক'ব নোৱাৰোঁ, অনেক দিনলৈকে মোৰ মনৰ এচুকত এটা ধাৰণাই ঠাই পাইছিল যে ধুনীয়া ছোৱালীটী সিহায়ে নিজৰ সোণাৰি-শালত গঢ়ি উলিয়াইছিল। জয়া আমাৰ ওমলাব লগৰীয়া হৈছিল; কিন্তু সততে নহয়, চকাচমকাকৈহে।

দুর্গেশ্বৰ শর্মা নামেৰে আমোলা এজন্যে আমাৰ ওচৰ-চুবুৰীয়া আছিল। তেওঁৰ ঘৰতো আমাৰ সমাগমৰ জুটী নঘটিছিল; ঘাইকৈ দুর্গোৎসৱৰ এমাহ মানৰ আগৰপৰা। দুর্গেশ্বৰে খনিকৰৰ বিদ্যা জানিছিল। নিজৰ খবৰ পূজাৰ নিমিত্তে তেওঁ নিজ হাতে প্রতিমা সাজিছিল। প্রতিমা সাজিবলৈ আৰম্ভ কৰা দিনৰেপৰা তেওঁৰ কাষত আমাৰ সমাগম। কি উৎসাহেবে মই প্রতিমাৰ নিমিতে বোকা খ্যা, হুমুখি বদ্ধা আদি কার্যত শৰ্মা ৰ সহায়ক হৈছিলো আব, লগে লগে নিজৰ কল্পনাৰ সহায়েৰে মোৰ মনোহ্ ত্তিকো খচি-বান্ধি মনতে কি অপৰূপে মাযাপুৰী সাজিছিলোঁ, ভাবিলে শৰীৰত বোমাঞ্চ হয়। মই ভাবিছিলোঁ, দুর্গেশ্বৰ খনিকৰে যেনেকৈ এই প্রতিমাৰ প্ৰত্যেক অংশ নিজব সুনিপুণ হাতেৰে গঢ়ি তুলিব লাগিছে, আমাকো আমাৰ বৰ খনিকৰ ঈশ্ববে সেইদৰে পৰিশ্রম কবি গড়ি এই পৃথিৱাত উমলিবলৈ পঠিয়াই দিছে। সৃষ্টিৰ এনে সহজ ব্যাখ্যা সহজভাবে তেতিয়াই মোৰ মনত উদয় হৈছিল। শর্মাদেরে প্রতিমা গঢ়ি তোলাৰ প্ৰত্যেক কার্যনি অংশতে মোৰ কৌতূহলৰ চকু পৰিছিল। ধল, হেঙুল, হাইতালৰ বৰণ পিহা-সন্য কাষ'ই প্রতিমাব গা, হাত, ভবি, মুখ উজ্জল কৰাৰ লগে লগে মোবো মন উজ্জ্বল কৰি তুলিছিল। মনত আছে, এদিন দুর্গেশ্বব শর্মাদেৱক সুধিছিলোঁ-"দুর্গে শ্বব ককাইদেউ, এই হেঙলে, হাইতালবোৰ ক'ত পোৱা যায়?" তেতিয়া বেলি পৰিছে: পশ্চিম আকাশ বিচিত্র ববণেৰে চিত্রিত হৈ উঠিছে। তেওঁ ততালিকে সেইফালে আঙুলিয়াই দেখবাই ক'লে, "এইবোৰ মই সৌ তাৰপৰা আনিছোঁ।" মই সুধিলোঁ, "আমিও আনিব নোৱাবোনে?" তেওঁ উত্তৰ দিলে, "তহ'তে নোৱাৰ। গোসাঁনী-পূজাৰ সময়ত মই আকাশী দেৱতাক খুজি আনো। মোক কে দিয়ে।" মই মিনতিকৈ ক'লাঁ, "ককাইদেও, মোকো চপব্যচেবেক আনি দিধক।" তেওঁ ক'লে, "বাব, দিম।" ইবাৰ পিছতো মই তেওঁব সেই প্রতিশ্রুতি তেওঁক সোঁৱৰাই দিবলৈ অনেক দিনলৈকে নাপাহৰি- ছিলোঁ। কিন্তু তেওঁ "দিম দিন" কবি লাহে লাহে গা এবা দিলে দেখি মই হতাশ হৈ তাৰু খুজিবলৈ এবি দিলোঁ।

শর্মাদেৱৰ প্রতিমা সজাত লাচনি পাঁচনি কার্যে'বে "মদং" দিয়াৰ বেচ-স্বৰূপে এদিন তেওঁ সেই খ্যা কুমাৰ-মাটিবে এটা সুতুলি সাজি মোক দিলে; আবু, বেনেকৈ ফুটাত নখে দি ফুরাই বজাব লাগে সেই কৌশলটোও শিবাই দিলে। মই বৃতজ্ঞ মনেৰে সুতুলিটে। হাতত লৈ, দুবাব চাবিবাবর ব্যর্থ' চেষ্টাৰ পিছত, মোৰ মুখৰ ফুৰে আৰু, আঙু লিব বলনিবে যেতিয়া কুতুলিব স্নব তুলিলোঁ আব, ক্ষন্তেকতে তাব মিহি কম্পন-ধ্বনিথ দশোদিশ ক'পাবলৈ ধৰিলোঁ, মোৰ হৃদয়-তন্ত্রীর আনন্দ-কম্পনো ততোধিক হৈ উঠিল। ক'ৰবাত এডোখব আহাবব সম্ভেদ পাই ব্যস্ত-সমস্তভারে এটাব পিছত এটা, তাৰ পিছত এটা, তাৰ পিছত আকৌ এটাকৈ, লানি নিছিগাকৈ লৰা গুবিপৰুৱাব দবে মোৰ সুতুলিৰ সুৰবোৰো লৰিবলৈ ধবিলে। কোঁচা কুমাৰ মাটিৰ দাগ লাগি মোব ওঁঠ বগা হ'ল, ফুরাই ফুরাই মুখত বিষে ধৰিবলগীয়া হ'ল, সেই উপসর্গ'বোৰলৈ মোৰ ৰূক্ষেপ নাই; মোৰ সুতুলিৰ সুৰ অবিবামভাবে চলিবলৈ ধৰিলে; চেনেহৰ চুমাৰ এঠাৰে এঠা খাই সুতুলি মোব মুখত লাগি গ'ল। সুতুলিৰ দৌৰাত্মা বাড়িলত আমাৰ গতিবিধিৰ পৰিদর্শ'ক ববিনাথ ককাই মোষ কাকুতি-মিনতিলৈ আওকাণ কৰি সুতুলিটো মোৰ হাতৰ পৰা কাঢ়ি নি নিষ্ঠুৰভাৱে শিল এছটাত এছাৰ মাৰি ভাঙি পেলালে। ককাৰ এনে নিদাৰুণ আচৰণত মোৰ দুচকুৰপৰা দুধোৰ লো বৈ গ'ল; মই দুখ-শোকত স্লিল্পমান হলোঁ। আমন-জিমনকৈ দুর্গেশ্বৰ শৰ্মাৰ ওচৰ পালোঁগৈ। দুখৰ গঢ় দেখি, মোৰ কি হৈছে সুধি, জানি, মৰম পতিয়াই, তেওঁ মোলৈ আৰু এটা সুতুলি সাজি ৰ'দত শংকাষলৈ দিলে। সেইদিনাই আবেলি মই মোৰ হেৰোৱা নিধি নতুন সুতুলি লাভ কৰিলোঁ। অনতিবিলম্বতে সুতুলিব ভিতবেদি সমুখিত আনন্দৰ কৰুণ সুৰে দিম্মণ্ডল মুখৰিত কৰিবলৈ ধৰিলে। দুখৰ বিষয়, এই সুতুলিবো পৰমায়ু, সবহখিনি পব নাছিল; কংসাৱতাৰ ককাই সংবাদ পাই পুনর্জন্ম লাভ কৰা সুতুলিটিকো পর্ব'রতে শিলত আফালি বধ কৰিলে। এইবাৰ তেওঁ আৰু এখোজ আগবাঢ়ি সুতুলিব জন্মদাতা দুৰ্গেশ্বৰ শৰ্মাক বিশেষকৈ কৈ দিলে, যেন তেওঁ আৰু, মোক ন-কৈ হুতুলি সাজি নিদিয়ে। ফলত, সুতুলি-সৃষ্টিৰ আদ্যাশস্তি নিষ্ক্রিয় হ'ল। কিন্তু উপায়হীনৰ উপায়দাতা সহায় হ'ল, মোক তেওঁ নতুন বাট উলিয়াই দিলে। মই আমাৰ ঘৰব লগুৱা ল'ৰা এটাৰ শৰণাপন্ন হলোঁ সি মোক দ্বিতীয় শ্রেণীৰ পুতুলি এটা সাজি দিলে। কিন্তু যদিও পুনৰাগত এই সুতুলিত আগৰ দুটাৰ দৰে finish অর্থাৎ কাৰিকৰী নাছিল, আৰু যদিও তাৰ গলা সুব-সুধা" নাছিল, তথাপি এই কণা মোমায়েই মোব অনেকর্ধিান অভাৱ পুৰণ কৰিলে। মই তাক হেপাহ পলুৱাই বজাই অতি সংগোপনে লুকাই থলোঁ। কিন্তু কংসৰ চোৰাংচোৱাৰ তীক্ষঃ দৃষ্টি সি অতিক্রম কৰিব নোৱাৰিলে; কোনো চবিয়াব সহায়েৰে ককাই সেই গপ্ত নিধি আবিষ্কাৰ কৰি লুপ্ত কৰি দিলে। অনুসন্ধানৰ ফলত ককাৰ জ্ঞানোদয় হ'ল যে, এইবাৰৰ সুতুলিৰ জন্মদাতা দংগেশ্বৰ শৰ্মা নহয, আমাব লগুৱা ল'বাটোহে। তাক তেওঁ মাতি আনি কৰাকৈ ডাবি দি ক'লে ফে ভবিষ্যতত সি যেন আৰু তেনে দোষাবহ কাম নকৰে। মই বাট এন্ধাৰ দেখি দখত দুদিন নিৰুৎসাহ হৈ বহি আছিলোঁ। হঠাৎ বিজুলী মবাৰ দৰে মনলৈ উচ্ছাহ আহিল; মই ভাবিলোঁ, মইনো নিজ হাতে সুতুলি এটা সাজি নলওঁ কিয়? যেনে ভাবোদয়, তেনে কার্য। লৰি গৈ শৰ্মাৰ ঘববপবা কুমাৰ-মাটি এসোপা সংগ্রহ কৰি আনি শুতুলি সাজিবলৈ লাগি গলোঁ। প্রথম চেস্টা বিফল হ'ল। দ্বিতীয় চেস্টা সফল বিফলব মাজতে ব'ল। তৃতীয় চেষ্টাত কৃতকার্য' হলোঁ। একপ্রকাৰ চলি যাব পৰা সুতুলি এটা মই স্বহস্তে নির্মাণ কৰি পেলালোঁ আৰু, ফুৱাই তাৰপৰা মাতো উলিয়ালোঁ। কৃতকার্য তাৰ সফলতাত মোৰ মন উৰুলীকৃত হ'ল। দুপৰীয়া ককাই ভাত খাই উঠি শোৱাপাটতি পৰি নিদ্ৰাক আহ্বান কৰি আছিল, এনেতে হঠাৎ সুতুলিব সুবৰ বাম-নাম তেওঁৰ কাণত পবিল। তেওঁ উত্তেজিত হৈ একে চাবেই উঠি মোৰ ফালে চোচা ললে, মই দিলোঁ লব। মোক সৰহ দবলৈ খেদি যোৱাটো নিষ্ফল বুবুজি তেওঁ আঁতৰৰপৰা ৰিঙিয়াই শাসন কৰি ক'লে-"বাবু, আজি ভাঙৰীয়া কাছাৰীৰপৰা আহক, কোবত তোৰ পিঠিৰ ছাল তোলাম।" এই শাসন-বাক্য শুনি মোব মন দমি গ'ল, মই কিছুমান বেলিৰ মৰত উভতি আহি, তেওঁৰ হাতত মোৰ বুকুৰ বান্ধ সুতুলিটো সমপ'ণ কৰি কাবো কাঁক ক'লোঁ, "ককা প্রসন্ন হোৱা! এইটো সুতুলি; তুমি তাক শিলত আফালি চুচু'মৈ কৰা বা

যি মন যায় কৰা মই আৰু, সুতুলি নবজার্ভ।" বিদ্যাবন্ত। এদিন শুনিলোঁ, মোষ বিদ্যাবন্ধ কৰা হব। মোৰ মহানন্দ মিলিল পুথি পড়িষ পাৰিম, কিতাপ পড়িব পাৰিম, মানুহলৈ চিঠি লেখিব পাৰিম। ভাল দিন-বাৰ এটা চোবাই এদিন সেই কার্য সুসম্পন্ন কৰোৱা হ'ল। আমাৰ গুব,-ঘৰ কমলাবাৰী থানলৈ সোণৰ ফুল এপাহ আগ করা, ঘৰত বামুণৰ হতুৱাই পূজা কৰোৱা, নিজৰ নামঘৰত ভালকৈ শৰাই এখন দি সকলোৱে মিলি-জুলি নাম গোৱা আৰু নামৰ অন্তত ববিনাথ ককাই, মই দাঁর্ঘায়, আৰু, সর্ব-বিদ্যাবিশাৰদ হৈ পিতৃ-কুল উজ্জ্বল কৰিবৰ অথে বিশেষৰূপে উচ্চাৰণ কৰি আশীবাদ কৰা কথাৰ স্মৃতি মোৰ মনত স্পষ্টকৈ পৰি আছে।

প্রথমতে ককাই মোক কলাপাতত ক, খ লেখিবৰ কৌশল শিকায় আৰু দিনো ফলাপাত কাটি আনি কেনেকৈ তাক ঘুলিবে মোহাৰি চাফ, চিকুণ কৰি লৈ তাত আশ্ব লেখিব লাগে তাৰ দিহা কৰি দিয়ে। খাগৰিৰ কাপ কাটি লবলৈ আৰ, কেৰাহাঁব বা মাটিৰ চৰুৰ গাত লাগি থকা ছাইত চল্, চলুকৈ গৰু-মুত সানি মহী কৰিবলৈ আৰ, মহী থবলৈ মাটিৰ বা বাঁহৰ চুঙাৰ মৈলাম বাৰত আঁৰি থবলৈ মৈলামৰ কাণত জৰী. লগোৱা ইত্যাদি বিদ্যাও ৰবিনাথ ককায়েই মোক দান কৰে।

বিদ্যাবন্ধ কৰি ক-ফলা পড়ি দুদিন চাই-দিনতে যে মই পাকৈত হৈ উঠিছিলোঁ, এনে তাঁক্ষ, বৃদ্ধিৰ ল'ৰা বুলি মই মোক কেতিয়াও ভাবিব নোৱাৰো। কাৰণ লেখা পড়াত মই বৰ চোকা বুধীয়া বুলি কেতিয়াও খ্যাতি লাভ কৰা মনত নাই। পিছৰ কালব স্কুল-কলেজতো মই a boy of mediocre ability অর্থাৎ মজলীয়া বিধৰ ল'ৰা বুলিয়েই চলি গৈছিলোঁ। ক, খ, লেখিব পঢ়িবলৈ শিকাৰ পিছত, মদনমোহন তকালঙ্কাৰৰ বঙ্গলা 'শিশু শিক্ষা' প্রথম ভাগ মোক দিয়া হ'ল; কাৰণ সেই কালত দেশাধিকাৰসকলৰ বিপৰতি বৃদ্ধিৰ বলত বঙ্গলা ভাষাহে আসামৰ বিদ্যালয়বোবত শিকোৱা হৈছিল; অসমীয়াৰ আচল মাক অসমীয়া ভাষাই বকৰাণিতহে ঠাই পাইছিল আবু, বিদেশিনী বঙ্গলা ভাষাই আইৰ ঠাই অধিকাৰ কৰি লৈ অসমীয়া শিশুবোৰৰ মুখত মাতৃত্তনৰ সলনি "ফিডিং বটল" অর্থাৎ গাখীৰৰ কল দি সিহ'তক "কাল কাক, ভাল নাক" শিকাই তেওঁৰে সৈতে "খিলি খাই, মিলি যাবলৈ কৈছিল। ঈশ্বৰৰ চৰণত সেৱা যে কালক্ৰমত দেশাটিকাৰসকলৰ এই শ্রম ভাগিল, অসমীয়াই মাতৃ স্তনৰ স্বাভাৱিক ক্ষীৰধাৰা পান কবিবলৈ পাই নিজক ধন্য মানিলে, অসমীয়াৰ মাতৃভাষা যে অসমীয়াহে, বঙলা নহয়, এই সত্য পুনৰ দৃঢ়ভাবে স্ব-প্রতিষ্ঠিত হ'ল।

পিতৃ-দেৱতাৰ গাত এটা লক্ষণ বৰ পৰিস্ফুট আছিল। তেওঁ যদিও অতি নিষ্ঠাৱান পুৰণি ধবণৰ হিন্দ, আছিল, কিন্তু তেওঁৰ মন সদায় আচৰিত বহুমে Progressive অর্থাৎ উন্নতিশলি আছিল। সময়ৰ সোঁতৰ বিৰুদ্ধে অনিয়ম্প্রিতভাৱে খিয় হোৱাটো তেওঁ অনুচিত বিবেচনা কৰিছিল; বৰং দেশ-কাল-পাত্র বুজি তেওঁ অনেক কথ্যত সময়ৰ সোঁতৰ গতিত বাধা দিবলৈ চেষ্টা নকনি সহায়তাহে কৰিছিল। তেওঁ যেতিয়া দেখিলে যে, ইংবাজ বজাৰ ৰাজ্যত থাকি ইংৰাজী ভাষ্য, ইংৰাজী বিদ্যা নিশিকিলে মান্দহৰ অৱস্থা পানীৰপৰা বামলৈ তোলা মাজৰ দৰে হয়, তেওঁ নিজেও অলপ-অচৰপ ইংৰাজী শিকিবলৈ আৰু, নিজৰ ল'বাবিলাককো ইংৰাজী স্কুলত নাম লগোৱাই দি ইংৰাজী শিকিবলৈ উৎসাহিত কৰিলে। লখীমপুৰত তেতিয়া ইংৰাজী-বঙলা কোনো বিধৰ স্কুল নাছিল। মোৰ অগ্রজ দুজন আৰু মোতকৈ ডাঙৰ ভাগিন এজনৰ ইংৰাজী শিক্ষাৰ সুবিন্ধাৰ নিমিত্তে আহ্, লগে লগে স্থানীয় মানুহৰ ল'ৰাকো সেই সুবিধা প্রদান কৰিবৰ নিমিত্তে অহোপুৰুষাৰ্থ কৰি দেউতাই লখীমপুৰত এটা ঘৰ সজাই ইংৰাজী স্কুল এখন স্থাপন কৰিলে। সেই স্কুলত মাষ্টৰী কৰিবৰ নিমিত্তে শিৱসাগৰৰপৰা তাঁর্ধনাথ উকীলৰ পুতেক পদ্মনাথ শর্মা নামে, আমাৰ দুৰ সম্পর্কীয় আত্মীয় এজনক দেউতাই লখীমপুৰলৈ আনি নিজৰ ঘৰতে আশ্রয় দি ৰাখিলে আৰু দুই তিনজন ইংৰাজী জনা মানুহ সংগ্রহ কৰি তেওঁলোককো মাণ্টৰ নিযুক্ত কবিলে। দেউতা লীমপুৰত মঞ্চেফ হৈ থকাডোখৰ কাল সেই স্কুল সুন্দৰৰূপে চলিছিল।

লখীমপুৰীয়া স্মৃতিৰ ভিতৰত আৰু এজন সজ লোকৰ কথা মোৰ মনত আছে। তেওঁৰ নাম শ্রীযুন্ত ঘিণাৰাম বৰুৱা মৌজাদাৰ। মৌজাদাৰ ঘিণাৰাম বৰুৱা পূৱা- গধূলি সদায় আমাৰ ঘৰলৈ আহিছিল আব, দেউতাৰ বৰ প্রিয়াপাত্র আছিল। আমি ল'ৰাবোৰেও তেওঁক নথৈ ভাল পাইছিলোঁ; কাৰণ তেওঁ বৰ নিজ মানুহ আছিল আৰু আমাক বৰ মৰম কৰিছিল। কোৱা বাহুল্য যে মৰমে ল'ৰাৰ মন যেনেকৈ আকর্ষণ ববি মৰম কৰোঁতাৰ ফালে টানে, আন একোরে তেনেকৈ নোৱাৰে। তেওঁ দেউতাৰ কাৰ্যৰপৰা আঁতৰিলেই তেওঁৰ কোলা আমাৰ দখললৈ সম্পূর্ণ ৰূপে এৰি দিছিল। তেওঁ গা-গানিয়ে শকত আবত নাছিল বৰ ক্ষীণোৱাও নাছিল; ওথইও মজলীয্য বিধৰ আছিল। দেউতাৰ কাষত বহি নিজৰ কাপ মৈলাম লৈ, তেওঁ সেই কালৰ ডাঙৰ ঘূৰণীয়া বঙা-ক'লা ছাবৰ ষ্টাম্প কাকতত খৎ দলীল ইত্যাদি লেখা দেখিছিলোঁ। তেওঁৰ তিনিটি পুতেক আছিল; তেওঁলোক সততে আমাৰ ঘৰলৈ আহি আমাৰে সৈতে ধেমালি হুমুলা কৰিছিল। মৌজাদাৰৰ এটি পুতেক মোতকৈ ভালেমান ডাঙৰ আৰু, দুটি মোৰ সমনীয়াই হওক, নাইবা মোতকৈ সৰুরেই হওক, এনে বিষৰ আছিল। সেই দুটিৰ এটি আজি কালি আসামত দু-বিখ্যাত প্রশ্বাষ্পদ শ্রীযুক্ত পদ্মনাথ বৰুৱা।

চিপাহী বিদ্রোহৰ ঢৌৰ কোব আসামতো আৱিষ্কাৰ কৰাৰ সম্পকে' বিশেষ ৰূপে খ্যাতি লাভ কৰোতা হবনাথ পর্বতীয়াৰ জ্যেষ্ঠ পুত্র শ্রীযুত হলিৰাম বৰুৱা (বি পিঞ্জত একটা এছিপ্টেপ্টৰ পদ পাইছিল) কাছাৰীত হেডক্লাক' পদতেই হওক বা আন কোনো তেনে পদতেই হওক, লখীমপ, বলৈ আহি আমাৰ ঢোলতে, দেউতাই সজাই দিয়া ঘৰত আছিলহি। তেওঁ হিন্দুৰ অখাদ্য চৰাই-কুকুৰা ভোজন কবে বুলি নিজাকৈ কোনে মোৰ মনত বিশ্বাস জন্মাই দিছিল কব নোৱাৰোঁ, সেই দেখি পৰাপক্ষত তেওঁৰ বৰৰ ফালে মই নগৈছিলো। সম্ভবতঃ তেওঁ নিজেই মোর্স সৈতে কৌতুক কৰিবলৈ সেই কথা কৈ মোক ভয় খুবাইছিল, কাৰণ মোৰ মনত আছে, এদিন তেওঁ ভাত খাবৰ সময়ত, মোক মাতি নি তেওঁৰ যাটিত থকা পাচৰাইৰ আজা দেওয়াই মোক কুকুবাদ আজা বলি কৈ তাবে সব, হাড় এডোখৰ মোৰ গাৰ ফালে দলি মাৰি দিছিল আৰু মই দুরা হ'বৰ ভয়ত একে লৰে আমাৰ ঘৰ পাইছিলোহি। শ্রীযুত হলিবাম বৰুদ্ধাৰ ওপৰত মোৰ বিষ্ণুফা জন্মাৰ আৰু, এটা কাৰণ ঘটিছিল। দিন চেৰেকৰ আগতে তেওঁৰ ঘৰৰ চালত এটা হদ, পৰিছিল আৰু সেইটো অমঙ্গলৰ কথা দেখি তেওঁ পুজা শান্তিকৰম আদি কাৰ' বামুণৰ হতুৱাই কৰাই, সেই অমঙ্গলৰ প্রতিবিধান কৰিবলীরাত পৰিছিল। এদিন মই গধূলি মোৰ পাঠ্য বঙ্গলা কিতাপ এখন পড়ি থাকোঁতেই তেওঁ আহি মোৰ ওচৰত বহিল। কিতাপখনত এটা ফে'চাব ছবি আছিল। তেওঁ ছবিটো দেখিয়েই, ততালিকে মোৰ আগতে জিয়াচলিব কাঠী এটা মাৰি তাৰে ফে'চাটোৰ মুখাগ্নি কৰিলে। ফে'চাৰ মুখেবে অলঙ্কৃত মোৰ কিতাপৰ পাতটোৰ সেই ডোখৰ পুৰি গৈ তাত ভাঙৰ ফুটা এটা হ'ল। মুখাগ্নি কৰা ফে'চাৰ শোকাগ্নিত মোৰ কুমলীয়া মনৰো এন্ডোখৰ দক্ষ্ম হৈ গ'ল; মই কান্দিবলৈ ধৰিলোঁ। মোক যদিও ঘৰৰ আন মানুহে নানা কথা কৈ চে'চনি-বুজনি দি কিছুমান বেলিৰ মৰত শান্ত কবিলে, কিন্তু মোৰ dislike বিতৃষ্ণা শ্রীহতে বৰুৱাৰ প্রতি আব, বদ্ধমূল হ'ল। ঘাইকৈ আব; এইবাবে যে ফে'চা-পোৰা বৰুৱা ডাঙৰীয়াই তেওঁৰ দুস্কৃতিৰ নিমিত্তে এখদমানো অনুতাপ নকৰি আৰু মোব শোকাগ্নি নির্বাপন কৰিবলৈ এতিলমানো চেষ্টা নকৰি, লঙ্কা দাহ কৰি হনুমন্তই নিজৰ বিবেকত এটা বেজাৰৰ ঘোচাকো অনুভৱ নকৰাকৈ বাঁবদপে অশোকবনলৈ গগুচি গ'ল।

আমাৰ ঘৰৰ কাষতে তোলন সাজতোলা নামেৰে দিহিঙব গোসাঁইৰ সাজতোলা অজন আছিল। সাজতোলা বয়সত বুড়া, জাতত আহোম আৰু দিহিঙৰ গোসাঁইৰ বৰ নিষ্ঠাৱান সেৱক আছিল। নাম-প্রসঙ্গ, গাঁত-পদ আদিত সদায় তেওঁৰ ৰতি আছিল দেখি আৰু দেউতাক বব মান-সৎকাৰ উপাসা-ভাৰসা কৰি চলিছিল দেখি, সাজতোলাক দেউতাই বৰ ভাল পাইছিল। আমিও ভাল পাইছিলো। সাজতোলা ঘৈণীয়েক, পুতেক, বোৱাৰীয়েকেৰে সমৃদ্ধিশালী আছিল।

ধনী নামৰ আমাৰ এটা লগুৱা আছিল। তাৰ ঘৰ যোৰহাটৰ ওচৰৰ চাওখাত মৌজাত। বাস্তবিক পক্ষত সেই কালত চাওখাতক আমাৰ ঘৰৰ পক্ষে লগুৱাৰ বৰ-ভ'বাল বুলিলে বড়াই কোৱা নহয়। বেঙ্কলৈ চেক (cheque) পঠিয়াই দিলে টকা পোৱাৰ দৰে আমাৰ দেউতা আৰু, ককাইদেওসকলে আৱশ্যকমতে চাওখাতলৈ বাতৰি পঠিয়াই তাৰপৰা লগবা পাইছিল। ধনীৰে সৈতে তাৰ ককায়েক গোজৰ আৰু, ভায়েক সিদ্ধিৰাম, এই তিনিও পাল পাতি এবছৰ দুবছৰকৈ দেউতাৰ লগত নগাওঁ, বৰপেটা, তেজপুৰ, লখীমপৰে আৰু গুৱাহাটীত লগুৱা কাম কৰিছিল; আজি-কালি লগুৱা আৰু, গিবিহ'তৰ ভিতৰত যেনেকৈ মাথোন দৰমহাৰহে সম্বন্ধ, সেই কালত তেনে নাছিল, সেই কালত লগুৱা-লিগিৰীবোৰ গৃহস্থৰ পৰিয়ালৰ একো একোটা অপৰিহাৰ' অঙ্গ আছিল। ধনৰ সম্বঘতকৈ মৰমৰ সম্মন্ধ প্রবল আছিল। হিন্দু, শাস্ত্রৰ সুন্দৰ অন, শাসন-"ছায়া স্বদাসযগণ্ড" অধ্যৎ দাস-দাসীবোৰ গৃহস্থৰ গাৰ ছাঁব নিচিনা, এইটো ষণে' বর্ণে প্রতিপালিত হৈছিল। অসমীয়া 'লগুৱা' শব্দটোৱেই এই কথাৰ সাক্ষী ফটফটীয়াকৈ দিয়ে। মনত আছে, আমাতকৈ বয়সত ডাঙৰ লগুৱা লিগিৰীক আমি সম্মানেৰে সৈতে মাতিছিলোঁ। তোলন আৰু ঘিণলাগী গিবিয়েক- ঘৈণীয়েক। সতি-সন্ততিবে সিহ'ত এঘৰ ভাল গৃহস্থ। এই ঘৰ লগৱা-লিগিৰী আমাৰ ৰংপুৰৰ খবৰ ঢোলৰ ভিতৰত সদায় আছিল। তোলনক "ঘৰঙ্গিবা" আৰু, 'ককাই' বুলি আৰু, ঘিশলাগাঁক 'ঘিণলাগী বাই' বুলিহে আমি ল'ৰাবোবে মাতিছিলোঁ। কেতিয়াবা তোলনক অকল 'তোলন' ঘিণলাগাঁক অকল 'ঘিণলাগী' বুলি আমি মাতিলে আমাৰ অভিভাৱকসকলৰপৰা ডাবি খাইছিলোঁ।

তিনিও ভায়েক ককায়েকৰ ভিতৰত ধনী, টেঙ্গব, বলী, বুধিয়ক, খুব, বঙিয়াল, অঘাইতং আৰু, কামত সন্তোষ দিব পৰ্য আছিল। দিনে বাতিয়ে আমাৰ ঘৰৰ এশ এটা কাম ধর্নীযে উচ্ছাহেৰে কৰি সুবিধা পালেই বং-ধেমালিবে আমাক আমোদ দিছিল। তাৰ বৰণ ক'লা-বগাৰ মাজতে গা, হাত-ভৰি আটিল আৰু পেটত এটা ডাঙৰ মেৰুল আছিল। ধনীয়ে সদায সকলোকে কৈছিল যে মেৰুহুটো তাক ঈশ্বৰে হেনো ধন ভৰাই ভৰাই থবলৈ দিছে আৰু, সেই দেখি তাৰ নামটোও ধনী। আনে তাৰ এই কথাত হাঁহিছিল; কিন্তু মই সেই কথা ভালেমান দিনলৈকে নিবহ-নিপানীকে পতিয়াই আছিলোঁ। ধনীৰ তেতিযা ভৰ ডেকা বযস। গাৰ বল আৰু মনৰ শ্ৰুতিত সি খোলাত ভজা আখৈ ওফৰাদি উফৰি ক্ষুবিছিল আৰ, উফৰি ফুৰাটোৱেই তাৰ normal condition সহজ অল্পস্থা আছিল। তাব গাত উপতি পৰা বলে তাক ইমান দিগ, দিছিল, যে তাৰ শাৰীৰ কোনো সমনীয়া ডেকা দেখিলে সি উপযাচি আগবাঢ়ি গৈ তাবে সৈতে এখুন্দা বহুজবাগৰ নকৰি নোৱাৰিছিল আবু, বাঁজব জব পৰ্যজর নামৰ দুইটা মিঠা-তিতা ফল অম্লানবদনে গিলিছিল; দুপবীয়া পল বোৱা মানুহৰ উ'কুি কাণত পৰিলেই ধনীৰ গা সাতখন-আঠখন হৈ পৰিছিল আৰু, সৈই মুহূর্ত'তে সি সকলোৰে হাক-বচন, গালি শপনি কাতি কৈ থৈ ঘবৰ সকলো কাম এৰি হাতত পল লৈ মাছ মাবিবলৈ লৰিছিল আৰু, কেতিয়াও শুদা হাতে নুভতিছিল। শুদা হাতে নোভতাৰ মানে যে, সদায় সি মাছ ধৰ্য কার্য'ত কৃতকার্য' হৈছিল এনে নহয় বৰং যোল অনা দিনৰ ভিতবত পোন্ধৰ অন্য দিনত তাৰ ওলোটাটোহে সংঘটিত হৈছিল। উপমা দি কবলে গ'লে মুঠতে ধনীৰ পলৰে সৈতে মাছৰ সম্পর্ক', বাঁবী বামুণীৰ আঞ্জাৰ বাটিৰে সৈতে মাছৰ সম্পর্কে'বে বিজালেও বেছি বেঙাই নাযায়। সি তাৰ আত্মসম্মান নিখুঁত ৰাখিবলৈ অনেক বকম টেঙৰালিৰ আশ্রয় লৈছিল; যেনে-পলৈয়াহ'ত বামলৈ উঠিলে সিহ'তৰপৰা খুজি-মাগি নাইবা ডকা-হকা দি দুটা-চাইটা মাছ আনি আমাৰ ঘৰত দি, সেই মাছ তাৰ পলত পৰা বুলি, একুৰি এটা মিছা কথাৰে বংকু ফিন্দাই কৈ বাহাদুবি লৈছিল। কিছু দিনলৈকে যদিও সকলোৱে তাৰ কথাব তলানলা ধৰিব নোৱাৰিছিল, কিন্তু তলিফুটা পানীৰ কলহৰ দৰে তাৰ এই মহতালি কথায তলিত ফুটা থকা বাবে অচিবতে তাৰ সম্ভেদ তাৰ গুণগ্রাহীসকলৰ আগত ওলাই পৰিল আৰু তাৰ বাহাদ, বিষ বৰ নাও অচল হ'ল। মাঘৰ বিহুত হাঁহফণী বাঁজোয়া বিদ্যাতো ধনী পিছপৰা নাছিল। কিন্তু তাৰ মাছধবা বিদ্যাৰ দবে, হাঁহ-কণী বাঁজোঁরা বিদ্যাতো শাঁয়ে জাল-জুৱাচুৰি ধৰা পৰিল। খবৰ পোৱা গ'ল যে ওৰে দিনটোৰ মূৰত যে সি এপাচি মৰে ভগা হহিকলী নিজৰ জয়লখ্য চিন (trophy) স্বৰূপে ঘৰলৈ আনিছিল, তাবো তিনি ভাগৰ দুভাগত পানী দিয়া (adulterated) অর্থাৎ সেই এটাইবোৰ তাৰ স্বোপার্জিত নহয়, লোকৰ পৰা খুজি-মাগি বা ডকা-হকা দি আনি তাৰ লেখ বঢ়োৱা।

মুণ্ডেক হাকিম ডাঙৰীযাৰ বৰ লগুৱা বুলি ধনীক হাটৰুৱা-বাটবরা দোকানী পোহাৰীয়ে খাতিৰ আৰু, ভয় কৰিছিল আৰু, সি সেই অৱস্থাৰ সুবিধাটো যোল অনাব উপৰি আদায় কৰিবলৈ ত্রুটি নকৰিছিল। লাহে লাহে তাৰ দুস্টালিৰ জোখ ইমান বাঢ়ি উঠিছিল, যে সি মাছ কিনিবলৈ আমাৰ ঘৰৰপৰা পইচা লৈ গৈ সেই পইচা পোহাৰীক দিয়া অভ্যাসটো বদ অভ্যাস থিৰাং কৰি একেবাৰেই তাক পৰিত্যাগ কৰিছিল আৰু বলেৰে পোহাবীৰপৰা মাছ কাঢ়ি আনি সেই মাছ আমাৰ পইচাৰে কিনি অনা বুলি বড়িয়াকৈ আমাৰ ঘৰত চলাই দি মাছৰ পইচা ক'কালব জালব মোনাত। ভৰাইছিল। প্রথম ডোখৰত তাৰ এনেবোৰ অত্যাচাৰ-অবিচাৰ দোকানী পোহাৰাঁয়ে ভয়তে নির্বিবাদে সহি হজম কৰিছিল আব, সিও "চলাও পাপ্তি" বুলি সেই ব্যৱসায়ৰ পাঞ্চে নাওখন ভো-ভো কৰে চলাই দিছিল। কিন্তু এদিন ধনীৰ নাও লাগিল খগহ কষে চটত আৰু, খালে উবুৰি। তাৰ এনে অত্যাচাৰৰ কোব অসহ্য হ'লত বজাৰব এজাক দোকানী পোহাৰাঁয়ে মৰো-জাঁওঁ সোঁ-আধিকৈ দেউতাৰ আগত 'ধনী বৰ ভাণ্ডাৰী'ৰ নামে গোচৰ দিলেহি। ধনীষে বিপদ সমুপগত দেখি ততালিকে পলাই ফাট, মাৰিলে। 'আসামী ফেবাৰ' দেখি, দেউতাই সেই পোহাৰীবোৰক সিহ'তৰ মাজৰ দাম বিমান দূবে সম্ভর সুধি-পুছি লৈ, দি, বিদায় দিলে আৰু পিছদিনা ধনীক বিচৰাই ধৰাই আনি বড়িয়াকৈ এজাউৰি কিল-কীর্ত'ন দিলে। এই কিল-কাঁত'নৰ effect গুণে যে সবহ দিন ধনীৰ গাত আছিল, এনে মনে নধৰে কাৰণ সি সেই পান্ডে নাৱৰ বেহা ইমান লাভজনক দেখিছিল যে, দিনচেৰেকৰ মৰতে আকৌ তাত মনপূতি লাগি গ'ল। তাৰ এই ৰোগ দুৰাৰোগা হৈ উঠা দেখি দেউতাক তাক 'চচুপেন্ড' কৰি তাৰ ধৰ চাওখাতলৈ বদলি কৰি তাৰ ঠাইত তাৰ ককায়েক গোজৰক আনি বাহাল কৰিলে। এবছৰৰ পিছতহে ভালেখিনি চে'চা পৰা ধনীক আকৌ অনাই তাৰ পূর্ব'ৰ কামত ভর্তি' কৰা হ'ল।

মহাপুৰুষে শ্রীমাধৱদেৱৰ প্রিয়তম শিষ্য, উজনিত মহাপুৰুষৰ গাৰ নিবিকাৰ পদ্ম আতা বা বদলা আতাৰ থান কমলাবাৰী পিতৃদেবতাষ প্রাণ আব্বু, কমলাবাৰীৰ গোসাই- ভঙ্কতসকল বুকুৰ সম্বল আছিল। এইসর আব, ভকতৰ অর্থে' তেওঁ যথা সর্ব'খ দিবলৈ সবার সাজ, আছিল আৰু দিছিলোঁ। পিতৃদেবতাই সদার কৈছিল, 'মহাপু,বষে গুহজনে নিজৰ নাজৰ পৰা সর্ব'হ পানীত দলিন্নাই পেলাই দি ভত্ত-বস্তুক এলি লৈছিল; এতেকে ভয়-বন্ধুতকৈ ক্রেস্ট বস্তু নাই।" মোষ মনত আাছে দলে দলে কমলাবাৰী সত্ৰৰ ভকত সদায় দেউতাৰ ওচৰলৈ অহা যোৱা কৰিছিল আৰু, সিধা আদি খাদ্য-দ্রব্য সম্ভাবৰ উপৰিও থানৰ কাঁত'ন-ঘৰত তেওঁলোকে জাৰকালি গাত লৈ বহি নাম গাবলৈ ৰঙা যানত একোখন লাভ কৰিছিল। এইটো নিশ্চয়কৈ কব পাৰোঁ যে কমলাবাৰী বৰপেটা, মধ্যপুত্ৰ সত্ৰৰ গোসাঁইভকতসকলক দান কার্য'ত পিতৃদেৱতাৰ মাহে মাহে দৰমহাৰ আদখিনি ধন ভগন হৈছিল। দেউতা লখীমপুৰত থাকোঁতেই কমলাবাবী সত্তত কন্দল উপস্থিত হৈ সংখন দুভাগ হৈ ফাটি এভাগ আঁতৰি খাবিজা ব্য ন কমলাবাৰী সত হব আৰু এই নতুন সত্ৰৰ ঘাই ধৰণী পিতৃদেৱতা হৈছিল।

কমলাবৰী সত্তব ভকতসকলে এবাৰ কি দুবাৰ পিতৃদেৱতাৰ আহ্বানত আহি লখীমপু,বত ভাওনা কৰিছিল। সেই ভাওনা চাই যে আমাৰ কি মহানন্দ হৈছিল, কৈ শেষ কৰিব নোৱাৰো। ভাওনা হৈ যোৱাৰ এবছৰমান পিছলৈকে আমাৰ মুখৰপৰা ভাওনাৰ ভাৱবায়ার বচনবোৰ গুচিছিল আৰু, সময়-অসময়, খল-অথল বিবেচনা নকৰি আমি ভাৱৰীয়াৰ ভাও দি ফুৰিছিলোঁ। এটা ভাওনা বোধকৰো জৰাসন্ধ বধ আছিল। মই আৰু মোৰ ককাইদেও শ্রীনাথ, দুয়ো কলা-ঠহৰাৰ দুডাল গদা কবি লৈ ঘৰৰ চোতালত বীৰবসাত্মক বচন মাতি পৰম বিক্রম প্রকাশ কৰি খংজি ফুৰিছিলোঁ আৰু, দুইবো পিঠিত কলা-ঠহবাব গদাৰে দুইও ধপ ধপ কবে কোবাই গদা দুডাল বৃগুলা পচলা কৰিছিলোঁ। আমাৰ দুইবো তুমুল যুদ্ধত প্রদর্শিত বল-বিরুম দেখি ঘৰুৱা তিৰোতাসকল আৰ, চাকৰ নাকৰবোৰে পৰম বিস্ময মানি তথা লাগিছিল আৰু, সেই দর্শকসকলৰ উচ্চাৰিত শলাগ আৰু উদ্বাহ বাক্যত আমি দুই ভাই ভীম-জৰাস্য ওফন্দি পৰি দুয়ো আৰু বেগেৰে তয়া-মরা বাঁজ লগাই দিছিলোঁ। লাহে লাহে এই জাল আৰু বাউলা ভীম-জৰাস্য-যোবন খাঁজৰ কোব ইমান বাঢ়ি উঠিছিল যে আমাৰ 'চুপৰ ভাইচৰ' ককা ববিনাথে, "নাম নহে কোঁদোৰ বাহু" হবগৈ বুলি আশংকা কবি, to preserve Law and Order, অর্থাৎ আইন আৰু শান্তিৰক্ষাৰ নিমিতে, এক মাথোন তেওঁৰ দ্বাৰাই সঙ্কলিত, প্ৰচাৰিত আৰু, প্রচলিত দন্ডবিধি আইনৰ কোনো এটা section বা ধাৰামতে কৰা হুকুম জাৰি কৰি further যুদ্ধ বন্ধ কৰি দিলে। কোনো সোঁত বা বেগৰ স্বাভাৱিক outlet অর্থাৎ বাট বন্ধ কৰি দিলে যেনেকৈ সি বাস্তরিকতে বন্ধ নহে underground হয়, অর্থাৎ আত্মগোপন কৰি অন্তঃসলিলা হয়, সেইদৰে ইয়াৰ পিছত এই ক্ষুদ্র যোদ্ধা দুটিয়ে শাসকৰ চকু এবাই বাৰীৰ পিছফালে, নাইবা ঘৰৰ পিছ-চোতালত, নাইবা গৰ-গোহালিত ছেন্স বুজি একো একোখন ক্ষদ্র ক্ষুদ্র সংঘটন কৰিবলৈ ধৰিলে। ভেকুৰিগুটীয়া জান দুটিব গাত লঙ্কা ভইব ভীম-জবাস্য দুটা কালরমত স্বভারতে বিলয়প্রাপ্ত হ'লতহে প্রকৃত পক্ষত সম্বৎসব-ব্যাপী সেই দুৰ্ঘোৰ মহাৰণৰ ওৰ পৰিল। ইয়াৰ পিছৰ বছৰত 'নৃসিংহযাত্রা' ভাৱনা দেখিছিলোঁ। আকৌ দুই ভাইক ভাৱনাৰ ভূতে পালে। বচন মাতি মাতি আকৌ দুয়ো বৃদ্ধক্ষেরত প্রবেশ কৰিলো। মনত আছে, এদিন মই হিৰণ্যকশিপু, হৈ- 

বহ যে বহু বহ

জাতৃবৈৰী হৰি

হাতে শুল ধৰি

পঠাইবো কম নগৰী।

এই বচন মাতি হাতত লাখুটি এডাল লৈ নৰসিংহ হোৱা শ্রীনাথ ককাইদেওৰ ফালে চোচা লওঁতেই কলিন হিবণ্যকশিপুতকৈও ডাঙৰ ককা শ্রীষত ৰবিনাথ মাজ, দলৰ বৰুৱা আহি ক'ৰবাৰ পৰা হৈৰণ্যকশিপুৰ ওপত্ত জপং কৈ পৰিল। নিমিষতে নৰসিংহ ফিৰিঙতি ভগাদি ভাগি অদৃশ্য হৈ সাখিল, কিন্তু হিবণ্যকশিপুরে কাণ-মলা খালে।

মনত আছে, এবাৰ ভাৱনাত এটা ভাও দিয়া হৈছিল, তাৰ নাম মঙ্গলা খৰিকটীযাৰ ভাও। মঙ্গলাই খৰি কাটিবলৈ হাবিলৈ যাবলৈ ওলাইছে, কিন্তু সেইদিনা আছিল মঙ্গলবাৰে। ওচৰ চুবুৰিয়াই বাৰটো বেয়া দেখি মঙ্গলাক খৰি কাটিবলৈ হাবিলৈ যাবলৈ হাক দিলে; কিন্তু মঙ্গলাই নুশুনিলে, ফলত মঙ্গলাক বাঘে খালে। ভাৱনাৰ সভাঘৰত পিতৃদেৱতা, ববিনাথ কঙ্কা আৰু আন আন মানুহেবে সৈতে আমি বহি ভাও চাই আছোহ'ক। মঙ্গলাই খবি লুবি থাকোতেই যেই তাক খাবলৈ পিছফালৰপৰা হাওঁ- হাওঁকৈ মুখা পিন্ধা বাঘ এটা ওলাল ওপৰত কৈ অহা ভীম-জৰাসন্ধৰ যঘৰ প্ৰধান নায়ক, জৰাসম্ভব সিদ্ধহস্ত, বীবৰসাত্বক বাক্য-বচনত লক্ষ্মপ্রতিষ্ঠ ককাইদেউ শ্রীনাথে ভয়ত চিল্ল'ব মাৰি উঠি মাৰিলে লব! ভাৱনাৰ সভাঘৰত হাঁহিৰ ৰোলে উঠিল। গতি বিষম দেখি উপস্থিত বুদ্ধিসম্পন্ন ককা ৰবিনাথে to save the situation, একেচাবেই উঠি গৈ ব্যাঘ্র ভীতি-বিহ্বল শ্রীনাথ ককাইদেওক ধৰি আনি নির্ভৰ দি নিজৰ কোলাত বহুৱাই ব,কৃত হুমাই ল'লে; আৰু লোকৰ হাক-বচন শুনি গৰুৱালি কৰি বেষা বাষ নমনা বন্ধু বা মঙ্গলাক মুখা পিন্ধা ঢেকিয়াপতীয়া বৰ বাঘে নির্বিবাদে খালে।

অথচ সভাঘৰ ভৰি থকা বাবে কুৰি মানুহৰ ভিতৰত এটা-এডোখবেও এটি টু শব্দ নকৰিলে, একাষাৰ ইচ ইচ বা বাম বিষ্ণুকে নবুলিলে, ঢোকোন লাখুটিৰ কথাকে নকওঁ, এডাল মেমেনা খাগৰিকে নাইবা হালোৱা-এচাৰিকে নোজোকাবিলে নাইবা তর্জনী আঙ্গুলি বা কেয়া আঙ্গুলি এটাকে বাঘটোক নেদেখুৱালে !!!

মনত আছে, আমি লখীমপু,বত থাকোঁতেই ককাইদেউ শ্রীষ,ত গোবিন্দ বেজবৰুৱা (G. Bezbaroa) আৰু, শ্রীযুত গোলাপচন্দ্র বেজবৰুৱা (Dr. G. C. Bezbaroa) কলিকতাত পঢ়িবলৈ গৈছিল। সেই কালত কলিকতাত পঢ়িবলৈ যোৱাটো অনেক বিষয়ত আজি-কালিৰ নিচিনা উজ, ব্যাপাৰ নাছিল। ডাক-জাহাজ আৰু, বেলব আবির্ভার তেতিযাও আসামত হোৱা নাছিল; সদাগৰী জাহাজৰ চলাচল হৈছিল মাথোন, আৰু তাৰ সহায়েৰে ১৫।২০ দিনেহে গৈ কলিকতা বল্লীয়ে কলিকতাত ওলাবগৈ পাৰিছিল। কলিকতাত পঢ়িবলৈ গৈ বঙালীৰ হাতে ভাত খালে সম্ভবত আমাৰ ককাইদেও সকলৰ জাত যায, এই ভয়ৰ আন্দোলন আমাৰ ঘৰত প্ৰধলভাৱে চলি বিষম সমস্যা উপস্থিত কৰিছিল। এই সমস্যাৰ সমাধান, লণধৰ নামৰ অসমীয়া বায়ুশ এটাক তেওঁলোকৰ ভাত ৰান্ধনি কৰি পঠিয়াই কৰা হয়। কিন্তু লাহে লাহে দেখা গ'ল যে কাইদেওসকলব দ্বাৰাই কলিকতাত অচিৰতে বাম্বনি শশধৰ অনায়ণ্যক বিবেচিত হ'ল; আৰু, এবছৰমানৰ পিছতে অসমীয়া শশবৰ বঙ্গাকাশৰ মেঘমুক্ত হৈ পানৰ অসম আকাশত উদয় হ'লহি। সিফালে কলিকতাত, জাতৰ বাৰণৰে শুকাই কক'বীয়াকৈ ঘোৱা দুই ভাইক বিদেশী ৰান্ধনিষ আজা-ভাতে ধাৰাসাৰে ধোৱাই পেলালে। সন্তানসকলৰ বিপর্য'ব বুদ্ধি দেখি বেচেৰা পিতৃদেৱতাই কলিকালব প্রকান্ড প্রতাপ অনুভৱ কবি ঈশ্ববক চিন্তি বিষাদ মনেৰে ৰ'ল।

দুইজন ককাইদেওব চুলি-কটা ব্যাপাৰ লৈও আমাৰ ঘৰত কম আন্দোলন উপস্থিত হোৱা নাছিল। অথচ তেনে চুলি কটা বা টিকনিকটা ঘটনা সাতোটা বাৰৰ ছাপন, প্ৰহৰত আজি-কালি নিতৌ ঘটিব লাগিবে, "রাহ্মণ ক্ষত্রিয় পুণ্য-তন," সকলে নির্বিবাদে, অপ্ৰতিৰোধ গতিৰে নিতৌ স্ব স্ব মস্তকৰ শিখা কাটি তহিলং কৰিব লাগিছে, কিন্তু তেনে কাণ্ড-কাবখানা দেখি অলেখ কাউৰীৰ এটা কোৱাইও একাষাৰ 'কা' কৰা নাই, অসংখ্য চিলনীৰ এটা চিলাইও এটা "চি" বোলা নাই, বৰ গছে এটা টোপাল পেলোৱা নাই, বাম্বনীয়ে পূহমহীয়া চৰুৰ তলত জাল দিওঁতে গেৰেহা কাঠ-খবিষে সৈতে এবাৰ সেহ্যেরা নাই, আন কি 'সনাতনী' ধর্ম' সম্প্রদানসভাৰপৰা এটা unanimously passed resolution অর্থাৎ সর্বসম্মতিক্রমে নির্ধাৰিত প্রস্তাৱৰ সিন্ধান্ত লাট আব, বৰলাট বাহাদুৰৰ সভালৈ দুঘোঁৰ প্রতিবাদ স্বৰূপে পঠিওৱা হোৱা নাই আৰু, সেই 'বিৰাট' সভাৰ সেই বিষয়ৰ কার্যাবলী কোনো দৈনিক মাসিক বাতৰি কাকতত প্ৰৱেশ কৰি শদিয়াৰপৰা খুবুৰীলৈকে তুমুল আন্দোলনৰ তৰঙ্গ তোলা নাই। কালৰ কি প্রবল প্রতাপ, আগৰটো আন্দোলনৰ দৰে এই টিকনি বিনাশনৰ আন্দোলন- টোরেই কালরুমত আমাৰ ঘৰত নির্বাণ-মুক্তি লাভ কৰিলে, আৰু, কলেনো কোনে হাতত ধৰিব, যে টিকদিতো একৰকম সব, কথাই, দেখোঁতে দেখোঁতেই চাহাবী হেট কোট আৰু, পটুলুঙৰ বৰ বৰ কথাবোৰ পর্যন্ত সৰুৰো সব, একোটি হৈ কেনিবা সকি পবিল।

পিতৃদেৱতা লখীমপুৰত থাকোঁতেই কিছুমান দুষ্ট মানুহে ষড়ষন্ত্ৰ কৰি তেওঁৰ ওপৰত এটা মিছা অভিযোগ আনে; আৰু, সেই অভিযোগৰ বিচাৰৰ নিমিত্তে তেওঁ ডিব্রুগড়লৈ বাবলগীযাত পৰে। তেতিয়া ভাক জাহাজ বা বেল আসামত নাছিল; গতিকে তেওঁ নাৱেৰে আহিবলগীযাত পৰিছিল। পিতৃদেবতা বাটত থাকোঁতেই কিবা স্বৰূপে জুই লাগি ডিব্রুগড়ৰ কাছাৰী ঘৰটো পূৰি যায়। তেওঁৰ ওপৰত অভিযোগ আনোতা দুষ্ট মানুহকেইটাই চেল, পাই, তেওঁ মানুহ লগাই দি কাছাবী ঘৰটো পোৰালে বুলি ডেপুটি কমিশ্যনৰ কর্ণেল ক্লার্ক'ক কৈ দিলে। কর্ণেল ক্লার্কে কোনো বিচাৰ আৰু বিবেচনা নকবি, দন্ডবিধি আইনৰ 'ঘৰ জ্বালানি' অভিযোগৰ ধাৰাত পিতৃদেৱতাক পেলাই তেওঁ ডিব্রুগড় পালতে তেওঁক হাজোতত দিলে। এই মোকল'মাই সেই কালত আসামন ইমু,বৰপৰা সিমূবলৈকে সকলো মানুহৰ মনত তোলপাৰ লগাই পেলাইছিল; আব, সকলোৱে তাৰ নিচিনা ধার্মিক আৰু পুণ্যাত্মা মানুহৰ দ্বাৰাই তেনে ঘূণণীয় কাম কোনোমতেই হোৱাটো অসম্ভৱ বুলি বুজি, বেজাৰ আৰু, শোকত মগন হৈছিল, আবু, যাতে পিতৃদেৱতা সেই অগ্নি-পৰীক্ষাৰপৰা নিষ্কলঙ্ক হৈ সম্মানেৰে সৈতে উদ্ধাৰ হৈ ওলাই তাৰ অর্থে ঈশ্ববৰ ওচৰত কায়মনোবাক্যে প্রার্থনা কৰিছিল। এই বিপদৰ গোটেইডোখৰ কালতে ডাঙৰীয়া দীননাথ বেজবৰুৱা স্থিৰ, ধাঁৰ অটল হৈ আছিল আৰু তেওঁব নিষ্পাপ নির্মল অন্তঃকৰণত এক ম,হত'ৰ নিমিতে ভরৰ সম্ভাব হোৱা নাছিল। তেওঁৰ নিৰ্ভৰ উত্তৰ, ঈশ্বৰ-বিশ্বাসেৰে বলী পৌবষপূর্ণ ব্যৱহাৰে কর্ণেল ক্লাক'কে প্রম,খ কৰি তেওঁৰ শত্ৰুন্দলৰ প্ৰাণত আতঙ্ক আব, ডিব্ৰুগড়ৰ প্ৰজাৰ মনত বিস্ময়-বিমিশ্রিত আনন্দ উৎপাদন কৰিছিল। বিচাৰৰ শেষত পিতৃদেৱতা মেঘমুক্ত শশধৰৰ দৰে নিজৰ পূৰ্ণ যশস্যাৰ জেউতিৰে আব, উজ্জ্বল হৈ ওলাল। গল্পণ'মেন্টে তেওঁক আকৌ আগৰ কামত নিশুন্ত কবি, কামৰপৰা স্থগিত (চুচুপেন্ড) হৈ থকা কেইমাহৰ পৰা বেতন দিলে। ইয়াৰ পিছত তেওঁৰ শতদলৰ যিবোৰ নানা লটিঘটি হৈছিল, সেইবোৰৰ বর্ণনা দি লেখনী কলুষিত কৰিব নোখোজোঁ। সেই মোকদ'মাত পিতৃদেৱতাৰ বিস্তৰ ধন ভগন হৈছিল। ব্রেন্সন নামে (পিছত ইলবট বিলৰ সময়ত ভাৰতীয় মানুহক ঘাইকৈ বঙালীক গালি পাৰি বিখ্যাত হোৱা) এজন ইংৰাজ ডাঙৰ বেৰিষ্টাৰক, আৰু, শৰৎচন্দ্র বান,জী' নামে এজন চাপৰ বঙালী উকীলক পিতৃদেৱতাৰ পক্ষ সমর্থন কৰিবৰ নিমিত্তে কলিকতাৰপৰা অনোৱা হৈছিল। ব্রেন্সন অহাৰ আগেয়েই উকীল শবৎচন্দ্র বানুজী'য়ে ডিব্রুগড় পাই সেই মিছা মোকদমাৰ জাল খন্ড বিখন্ড কৰি উৰাই দিলে। ব্রেহ্মন আহি গোৱালপাৰা পাওঁতেই তাৰেপৰা পিতৃ- দেৱতাৰ নাতিয়েক সুবিখ্যাত হাকিম পূর্ণানন্দ বৰুৱা 'ছোটচাহাবে' তেওঁক ওভোতাই পঠিয়ালে। সেই মোকদ'মাত অহা সুযোগ্য উকলি বাবু, শৰৎচন্দ্র বানু,জাঁরে তাব পিছত আসাম গৱণ'মেণ্টৰ চাকৰি লৈ 'এক্ষ্মা এছিস্টেন্ট' হৈ আসামতে থাকিল।

আমাৰ সুযোগ্য বন্ধ, সদাগৰ শ্ৰীযুত ভোলানাথ বৰুৱা ডাঙৰীয়াই (B. Barooah) মোক এদিন কলিকতাত কৈছিল যে তেওঁ ঢাকাত থাকোতে ডিব্ৰুগড় কাছাৰী পোৰাৰ ৰহস্য হঠাৎ এদিন তেওঁৰ আগত এটা ঘটনা সূরত উম্বাটিত হৈ পৰিছিল। হেনো কাকা কোনো এটা মুছলমান বেপাৰীৰ মোকদমাৰ নথি এটা পূৰি নষ্ট কৰিবৰ নিমিতে সেই বেপাৰীৰে এটা মুছলমান কর্মচাৰীৰ দ্বাৰাই সেই কার্য'টো সঙ্ঘটিত হৈছিল। অনেক বছৰৰ পিছত, সেই ৰহস্য প্রকাশৰ বিপদ সম্পৰ্ণেৰূপে বিদ,ৰিত হোৱা জানি, সেই মানুহে বৰুৱা ডাঙৰীয়াৰ আগত কোনো সুন্নত সেই কথা স্বতঃপ্রকাশ কৰি নিজৰ বাহাদুৰীৰ আনন্দ উপভোগ কৰিছিল।

লখীমপুৰীয়া স্মৃতিৰ ওচৰত বিদায় লবৰ আগতে লখীমপুৰৰ চেনিমাছ আৰু, পাডমাছৰ কথা মনত পৰিল। এনে ডাঙৰ আৰু, তেলাল চেনি আব্ৰু, পাডমাছ লখীম- পূৰ এৰিবৰপৰা আজিলৈকে আৰু, মই ক'তো দেখা নাই। সেই দুবিধ লৰামপুৰায়া মাছ সোঁশৰীৰে মোৰ আগৰপৰা অন্তর্ধান হ'ল যদিও তাষ সোঁৱৰণ অন্তর্ধান নহ'ল। দ্বিতীয় আধ্যা

লখীমপুষতে এই সোঁৱৰণ-লেখক হৈ-গুদ, খেলৰ বিদ্যাত দীক্ষিত হৈ সেই খেলৰ কোনো এখন অস্থায়ী 'ক্লাব'ৰ হুদমান ছাতৰ সভ্যৰূপে পৰিগণিত হৈছিল। অৱশ্যে সেই "ক্লাব'ৰ যুদ্ধ-ক্ষেত্র, এই লেখকতকৈ অনেক গুণে ডাঙৰ আৰু বলী বাজান, বথী- মহাৰথীসকলৰ শৌর্য-বাঁধৰ আস্ফালনেৰেহে বিশেষকৈ পৰিকম্পিত হৈছিল; এই ভেকুৰিঙ্গ, টাঁয়া আন দুই চাৰিটা ভেকুৰিগুটীয়াৰে সৈতে প্রতিদ্বন্দ্বী দুপক্ষৰ কোনো এক পক্ষৰ দ্বাৰাই ৰণুৱাৰ লেখ বঢ়াবলৈ ক্ষুদ্র পদাতিকৰূপে মাথোন ব্যবহৃত হৈছিল; আব্দ ভেকুৰিগুটীয়া ৰণুৱাৰ 'ডিউটি' (duty) কাম হৈছিলঃ-গুদ,-গুদুকৈ খালৰপৰা বিশ্বাশৱদেলৰি ওলাই গৈ বিপক্ষ দলৰ কোনো এজনৰ হাতত বন্দী হৈ উশাহ এৰি হৈ- গুদুৱা প্ৰাণ পৰিত্যাগ কৰাটো মাথোন। উশাহ এৰি হৈ-গুদৱা মোৰ ককাইদেউ আৰু, ভাগিনৰ বাহিৰে সেই বথী-মহাৰথীসকলৰ ভিতৰত দুজনৰ নাম মনত আছে। এজন শ্রীযুত হাৰিবৰ দাস, আনজন শ্রীতে গম্ভীবচন্দ্র দাস।

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক