shabd-logo

॥ অষ্টম আধ্যা ।

3 January 2024

0 দৰ্শন কৰা হৈছে 0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দেখা শুনাকৈ অংশীদাৰ (partuer) নাছিল, তথাপি তেরো সেই কোম্পানীৰ সম্পর্ক'ত থকা মানুহ, তেওঁৰ এতিয়া ধন হৈছে, সেইদেখি তেওঁক ধৰিব পাৰিলেই কোম্পানীৰ পাওনাদাৰসকলৰ টকা ওলাব, ইয়াক ঠাৱৰ কৰি, পাওনাদাৰসকলে শ্রীযুত ভোলানাথ বৰুৱাকো সাঙ্গৰি আদালতত টকা ডিগিৰি কৰালে। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ হাতত টকা নাই; কিন্তু শ্রীযুত ভোলানাথ বৰুৱাৰ হাতত আছে। কাৰণ ভোলানাথ বৰুৱাই কলিকতাত নকৈ ব্যৱসায় কৰি টকা-কড়ি কৰিছে; এতেকে ডিগিৰিটো কলিকতালৈ "ট্রেন্সফাৰ" কৰি অৰ্থাৎ তুলি আনিব পাৰিলেই ভোলানাথ বৰুৱাৰপৰাই সমুদায় টকাটো উলিয়াই লব পৰা যাব, এই মতলব পাওনাদাৰবোৰে পাঙিবলৈ ধৰিলে। স্কেলেন (Scallan) নামৰ এংলো-ইন্ডিয়ান এজনে সেই পাওনা- দাৰবোৰৰ পৰা মাজতে কিছু, টকা ঘটিবষ মন কৰি এই বিষল্পত তৎপৰ হৈ উঠিল। স্কেলেন গুৱাহাটীলৈ গৈ সংবাদদাতা-স্বৰূপে স্টেট ছমেন, কাকতত এটা "পেবেগ্রাফ" উলিয়ালে-তাত শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ দেনাৰ হিচাপ দি, শ্রীযুত ভোলানাথ বৰুৱাৰ নামটোও উল্লেখ কৰি দিলে। আসামত ৰাষ্ট্ৰ হৈ গ'ল যে ভোলানাথ বৰুৱাই মাণিকচন্দ্র বৰুৱা কোম্পানীৰ টকা লৈ আহি, সেই কোম্পানীক "ফেল" কবি, নিজে কলিকতাত ব্যৱসায় কৰিছেগৈ। বৰুৱা কোম্পানীৰ পৰা ভোলানাথ বৰুৱাই টকা লৈ আহিছিল নে নাই আৰু সেইবাবে সেই কোম্পানী ফেল হৈছিল নে নাই, এই বিষযে কোনো ভূ মই নাপাইছিলোঁ আৰু লোবাও নাছিলোঁ। আজিলৈকে সেই বিষয়ে মই একো নাজানোঁ আৰু জানিবৰ আকাঙ্ক্ষাও মোৰ হোৱা নাই। বি, বৰুৱাই সেই কথা অস্বীকাৰ কবি নিজেই মোক যি কৈছিল সেয়ে মোৰ পক্ষে যথেষ্ট হৈছিল বুলি মই বিবেচনা কৰিছিলোঁ; কাবণ তেতিয়া তেওঁৰ ওপৰত মোৰ অগাধ বিশ্বাস। তাৰ উপৰি তেওঁ মোৰ সহোদৰ ভাই স্থানীয়। তেওঁক মই যেনেকৈ দেখিছিলোঁ, তেনেকৈরে নিজৰ মানুহে যেন বিবেচনা কৰি সামৰি লৈছিলোঁ। তেওঁৰ সম্মান ৰক্ষা কৰাটোৱেই মোৰ প্রথম আব্দ প্রধান কাৰ্য্য বুলি মই ভাবিছিলোঁ আৰু তাৰ অর্থে' সততে মই যত্নশীল হৈ আছিলোঁ।

বি, বৰুৱা বেঙ্গল-নাগপুৰ লাইনৰপৰা মাজে মাজেহে কলিকতালৈ আহিছিল। আৰু আহিলে এদিন বা দুদিনতকৈ সৰহ দিন নাথাকিছিল। কলিকতাৰ সকলোবোৰ কাৰ্য্য দেখাৰ ভাৰ আছিল মোৰ গাত। কলিকতাত সদায় তেওঁ একপ্ৰকাৰে মোৰ গাৰ অৰিত থাকি চলিছিল। আমাৰ ব্যৱসায়ৰ সকলো টকা-কড়ি বেক্ষত মোৰ নামে খোৱা হৈছিল। কেইবাটাও বেঙ্কত টকা থোৱা হৈছিল, যেনে-Credit de Lyons, National Bank, Calcutta Bank, Hindusthan Bank, Hoogkong & Shanghai Banking Corporation, ইত্যাদি। ওপৰত নাম দিয়া গোটাদেক বেঞ্চৰ অস্তিত্ব আজিকালি নাই। বেঙ্কৰ সকলোবোৰ কাৰ্য্যকে মই কৰিছিলোঁ। বি. বৰুৱাৰ অনুৰোধত মই মোৰ বেজবৰুৱা (Bezbaroa) উপাধিৰ বর্ণবিন্যাস (spelling) সলাই এল, এন বি. বৰুৱা কৰিছিলোঁ, যেনে L. N. B. Boroah বি. বৰুৱা সহোদৰ ভাইৰ বেজবৰুৱা উপাধি কেনেকৈ হ'ব? এইটো প্রশ্ন বাতে ব্যাসার-ক্ষেত্রত নুঠে আব্দ যাতে আমাক জনাশূনা বঙ্গালী আৰু য়ুৰোপীয়সকলৰ যাতে মনত কোনো সন্দেহ নোপজে, তাৰ দিহা এইদৰে কৰা হৈছিল। মই ব্যৱসায় সম্পর্কে কাকত-পত্ৰত প্রথমতে L. N. Boroah & Co. চহাঁ কৰিবলৈ ধৰিলোঁ। মোৰ শহবৰ ঘৰৰ নিতান্ত আপোন মানুহ কেইজনৰ বাহিৰে, আনে নাজানিছিল যে শ্রীতে ভোলানাথ বৰুৱাৰ সৈতে মোৰ বস্তুৰ সম্পক' নাই। শহবৰ ঘৰৰ সেই- সকলে আমাৰ দুইবো ভিতৰত তেনে মিলা-প্রীতি আৰু চেনেহৰ ব্যৱহাৰ দেখি ভিতৰি সন্তোষ পাই বৰ আনন্দ প্রকাশ কৰিছিল। বি বন্ধুরাই অকল আচৰণেই নহয়, মুখৰ কথাৰেও সকলোৰে আগত তাকে সম্পূর্ণ ৰূপে সমর্থন কৰি চলিছিল। আন কি, Jardını Skinner Company-ৰ পৰা আৰম্ভ কৰি সকলোৱে আমাৰ দুয়োৰে ভিতৰত সম্পর্ক'টো তেনেকুৱা বুলিহে থিৰাংকৈ জানিছিল। বি. টি টি কোম্পানীৰ কলিকতা অফিচৰ বৰচাহাব মিষ্টাৰ জে. আব. স্টুয়ার্টে (J. R. Stewart) দেখা হলেই মোক সুধিছিল, "How is your brother? When is he coming to Calcutta ?" ইত্যাদি। কতবাৰ ব্যৱসায়-ক্ষেত্রত বি. বৰুৱাই নিজ মুখেৰেই কোৱা মই শুনিছিলোঁ-"আমি দুই ভাইহে মাথোন।"

আমি গোপীকৃষ্ণ পালৰ লেনত আৰু, বলবাম দে স্ট্রীটত থাকোঁতে, আন কি হাওড়াত থৰ কিনি লৈ থাকোঁতে, তাতো প্রথমডোখৰত বি বৰুৱাই আসামৰপৰা অহা, তেওঁৰ সম্পর্ক' থকা বা নথকা কোনো অসমীয়া মানুহেৰে সৈতে দেখা নকৰিছিল, আন কি তেওঁক বিচাৰি আমাৰ ঘৰলৈ সেই মানুহ আহিলেও তেওঁ দেখা নিদিছিল। তেওঁৰ ককাইদেহেক শ্রীতে হেমকান্ত বন্দরা আমি বলৰাম দে স্ট্রীটত থাকোঁতে দুবাৰ নগাৱ'ৰপৰা তেওঁক চাবলৈ আহিছিল। বি. বৰুৱাই তেওঁক দেখা নিদি মোৰ হতুৱাই কলিকতাৰ কালীঘাটত থোৱাই, কথাবার্তা কোৱাই অলপ ধন-বিত দিয়াই ওভতাই পঠিয়াই দিছিল। হেমকান্ত বৰুৱাৰ পুতেক তেওঁৰ নিজা ভতিজা- সকলৰ প্রতিও তেওঁ কলিকতাত তেনে আচৰণকে কৰিছিল। সকলো সময়তে তেওঁ মোৰ আঁৰত থাকি, দূৰৰপৰা মোৰ হতুৱাই তেনেকুৱা সকলো লেঠা মৰাই চলিছিল। মোৰ লাভৰ ভিতৰত, তেওঁৰ বংশৰ সকলোৱে ভাবিছিল যে মহা স্বার্থ পৰ মহা ধর্ত'ং এই লক্ষত্মীনাথ বেজবৰুৱাৰ কুপৰামর্শ খুনিহে ভোলানাথ বৰুৱাই তেওঁলোকেৰে সৈতে তেনে ব্যৱহাৰ কৰিছিল। ইশ্বষ সাক্ষী, মই সমুলি নির্দোষী আছিলোঁ। বৰং মই তেওঁৰ তেনে কাৰ্য্যত, তেওঁৰ নির্দেশ অনুমাৰ চলিবলগাঁয়া হোয়াত বৰু আকাল আব্দ অশ্বত্তিহে অনুভৱ কৰিছিলোঁ। আসামৰপৰা কাঁলকতালৈ অহা প্রায় সকলোবোৰ মানুহৰ প্ৰতি, ঘাইকৈ গুৱাহাটীৰ, তেওঁৰ ব্যৱহাৰ তেনেকুৱাই আছিল। এক মাথোন ব্যতিক্রম ঘটিছিল শ্রীতে বলিনাবারণ বৰাৰ ভারেক হব- নাৰায়ণ বৰাৰ আৰু আন দুজন-এজনৰ বেলিকা। তেও তেনেকৈ চলাৰ আচল কাৰণটো যদিও তেওঁ নানা কৌশলেৰে ঢাকি থবলৈ চেষ্টা কৰিছিল, তথাপি যে মই বুজা নাছিলোঁ এনে নহয়। বুজিও, মোৰ অতি বুদ্ধিষে সেই জ্ঞানৰ ওপৰত মূৰ্ধতাৰ বৰকাপোৰ এখন দি তাক ঢাকি থৈ পোন পটিয়েদি ভাবি-মহা সুখ লভিছিলোঁ যে যদিও সেইটোও এটা কাৰণ, তথাপি ঘাই কাৰণটো হৈছে-মোৰ প্ৰতি তেওঁৰ প্রগাঢ় ভ্রাতৃস্নেহ নামৰ প্রেমৰ প্ৰেৰণাত, সেই প্ৰেৰণাৰ চালনাত তেও নিজ বংশৰ নিজা মানুহকো বিসর্জন দি সেইদৰে চলিছে। কোনোবাই যদি এইখিনিতে মোক লাহেকৈ সোষে-"বেজ-বয়াদেও, মূর্খ গছত লাগেনে?" মই তেওক নমস্কাৰ জনাই কম, * গছত নেলাগে দেও। কলিকতাৰ কলেজত লেখা-পড়া শিকি পণ্ডিত হৈ সেইজন তেওৰ আগতে থিয় দি আছে; আৰু সেইজনৰ নাম লক্ষত্মীনাথ বেজবদরা।" মুঠতে, বিষ্ণুশর্মা পণ্ডিতৰ সগোত্র লক্ষন নিাথ শর্মা নামৰ পণ্ডিতজন তেতিয়া সপ্তম স্বর্গত উঠি বহি আছিল।

ওপৰত কৈ আহিছোঁ যে কালীকৃষ্ণ প্রামাণিকৰ কেলেডনীয়া ডকৰ এছিপ্টেন্ট মেনেজাৰ বাব, অতুলকৃষ্ণ ঘোষেৰে সৈতে আমাৰ, বিশেষকৈ মোৰ খুব বত্বে হৈছিল আৰু সেই বন্ধুত্বই প্রীতিত পৰিণত হৈছিলগৈ। তেওঁ কেনে ওখ মনৰ আৰু, উদাৰ প্রকৃতিৰ মানুহ আছিল, সেইটোৰো উল্লেখ ওপৰত কৰি আহিছোঁ। এদিন গধূলি শ্রীযুত ভোলানাথ বৰুৱা আৰু মই আমাৰ ঘৰৰ গাড়ীত উঠি, মোৰ জাঁ সূৰভিক লগত লৈ অতুল বাবুৰ সৈতে দেখা কৰিবলৈ তেওঁব হাওড়াৰ ঘৰলৈ গৈছিলোঁ। হাওড়াত কেলেডনীষা ডকৰ ওচৰত অতুল বৰাৰ ঘৰ। বি- বৰুৱাক সূবভিয়ে "জেঠা" বুলি মাতিছিল। অতুল বাবু যেতিয়া আমাৰ ঘনিষ্ঠপে বন্ধ হ'ল, সর্বভিয়ে তেওঁকো “হাওড়াৰ জেঠা” বুলি সম্বন্ধ ধৰি মাতিবলৈ ধৰিলে। অতুল বাবুরে সূৰ্যভিক বৰ মৰম কৰিছিল। সেইদিনা আমি অতুল বাবুৰ ঘৰত কিছু পৰ থাকি তেওঁৰ সৈতে কথা-বার্তা পাতি অতাই, পদুলিমুখত ৰৈ থকা আমাৰ গাড়ীত যেতিয়া উঠিবলৈ গলোঁ, অতুল বাবুত্বেও আগ বঢাই থবলৈ লগতে আহিছিল। আমি ঠিক গাড়ীত উঠিবলৈ গৈছোঁ, এনেতে হঠাৎ সর্বভিয়ে অতুল বাবুক কলে "দেখ, হাওড়াৰ জেঠা। হাওড়াটা আমাৰ ভাল লাগে। কলকাতা আব ভাল লাগছে না। তোমাৰ বাড়ীৰ কাছেই আমাদের জন্য একটা বাড়ী কিনে নাও; আমাৰা হাওড়াৰ চলে আস্ব।" সেই চাৰি বছৰীয়া ছোৱালীজনীৰ কথা শুনি অতুল বাবু, অবাক হ'ল। আমিও আচৰিত মানিলোঁ। অঙুল বাবুরে তাইৰ গালত হাত ফুৰাই মৰম কৰি কলে, "মা, আমি নিশ্চয় বলছি, আমাৰ বাড়ীষ কাছেই একটা বাড়ী ঠিক কৰে দিব। দিন খাতেকেৰ মধ্যেই।" আমি গাড়ীত উঠি গুচি আছিলোঁ। বাটত আহোঁতে বি. বব্ৰুয়াই সূর্বভিক সুধিলে, "হঠাৎ সেইদৰে অতুল বাবুক কবলৈ তোমাৰ মনত কেনেকৈ খেলালে?"

সুৰভিয়ে একো উত্তৰ নিদি মিচিক, কৰে হাঁহি মনে মনে থাকিল।

অতুল বাবু, হাওড়াত প্রতিপত্তিশালী (influential) আবু জনপ্রিয় মানুহ নাৰায়ণ বৰাৰ আৰু আন দুজন-এজনৰ বেলিকা। তেও তেনেকৈ চলাৰ আচল কাৰণটো যদিও তেওঁ নানা কৌশলেৰে ঢাকি থবলৈ চেষ্টা কৰিছিল, তথাপি যে মই বুজা নাছিলোঁ এনে নহয়। বুজিও, মোৰ অতি বুদ্ধিষে সেই জ্ঞানৰ ওপৰত মূৰ্ধতাৰ বৰকাপোৰ এখন দি তাক ঢাকি থৈ পোন পটিয়েদি ভাবি-মহা সুখ লভিছিলোঁ যে যদিও সেইটোও এটা কাৰণ, তথাপি ঘাই কাৰণটো হৈছে-মোৰ প্ৰতি তেওঁৰ প্রগাঢ় ভ্রাতৃস্নেহ নামৰ প্রেমৰ প্ৰেৰণাত, সেই প্ৰেৰণাৰ চালনাত তেও নিজ বংশৰ নিজা মানুহকো বিসর্জন দি সেইদৰে চলিছে। কোনোবাই যদি এইখিনিতে মোক লাহেকৈ সোষে-"বেজ-বয়াদেও, মূর্খ গছত লাগেনে?" মই তেওক নমস্কাৰ জনাই কম, * গছত নেলাগে দেও। কলিকতাৰ কলেজত লেখা-পড়া শিকি পণ্ডিত হৈ সেইজন তেওৰ আগতে থিয় দি আছে; আৰু সেইজনৰ নাম লক্ষত্মীনাথ বেজবদরা।" মুঠতে, বিষ্ণুশর্মা পণ্ডিতৰ সগোত্র লক্ষন নিাথ শর্মা নামৰ পণ্ডিতজন তেতিয়া সপ্তম স্বর্গত উঠি বহি আছিল।

ওপৰত কৈ আহিছোঁ যে কালীকৃষ্ণ প্রামাণিকৰ কেলেডনীয়া ডকৰ এছিপ্টেন্ট মেনেজাৰ বাব, অতুলকৃষ্ণ ঘোষেৰে সৈতে আমাৰ, বিশেষকৈ মোৰ খুব বত্বে হৈছিল আৰু সেই বন্ধুত্বই প্রীতিত পৰিণত হৈছিলগৈ। তেওঁ কেনে ওখ মনৰ আৰু, উদাৰ প্রকৃতিৰ মানুহ আছিল, সেইটোৰো উল্লেখ ওপৰত কৰি আহিছোঁ। এদিন গধূলি শ্রীযুত ভোলানাথ বৰুৱা আৰু মই আমাৰ ঘৰৰ গাড়ীত উঠি, মোৰ জাঁ সূৰভিক লগত লৈ অতুল বাবুৰ সৈতে দেখা কৰিবলৈ তেওঁব হাওড়াৰ ঘৰলৈ গৈছিলোঁ। হাওড়াত কেলেডনীষা ডকৰ ওচৰত অতুল বৰাৰ ঘৰ। বি- বৰুৱাক সূবভিয়ে "জেঠা" বুলি মাতিছিল। অতুল বাবু যেতিয়া আমাৰ ঘনিষ্ঠপে বন্ধ হ'ল, সর্বভিয়ে তেওঁকো “হাওড়াৰ জেঠা” বুলি সম্বন্ধ ধৰি মাতিবলৈ ধৰিলে। অতুল বাবুরে সূৰ্যভিক বৰ মৰম কৰিছিল। সেইদিনা আমি অতুল বাবুৰ ঘৰত কিছু পৰ থাকি তেওঁৰ সৈতে কথা-বার্তা পাতি অতাই, পদুলিমুখত ৰৈ থকা আমাৰ গাড়ীত যেতিয়া উঠিবলৈ গলোঁ, অতুল বাবুত্বেও আগ বঢাই থবলৈ লগতে আহিছিল। আমি ঠিক গাড়ীত উঠিবলৈ গৈছোঁ, এনেতে হঠাৎ সর্বভিয়ে অতুল বাবুক কলে "দেখ, হাওড়াৰ জেঠা। হাওড়াটা আমাৰ ভাল লাগে। কলকাতা আব ভাল লাগছে না। তোমাৰ বাড়ীৰ কাছেই আমাদের জন্য একটা বাড়ী কিনে নাও; আমাৰা হাওড়াৰ চলে আস্ব।" সেই চাৰি বছৰীয়া ছোৱালীজনীৰ কথা শুনি অতুল বাবু, অবাক হ'ল। আমিও আচৰিত মানিলোঁ। অঙুল বাবুরে তাইৰ গালত হাত ফুৰাই মৰম কৰি কলে, "মা, আমি নিশ্চয় বলছি, আমাৰ বাড়ীষ কাছেই একটা বাড়ী ঠিক কৰে দিব। দিন খাতেকেৰ মধ্যেই।" আমি গাড়ীত উঠি গুচি আছিলোঁ। বাটত আহোঁতে বি. বব্ৰুয়াই সূর্বভিক সুধিলে, "হঠাৎ সেইদৰে অতুল বাবুক কবলৈ তোমাৰ মনত কেনেকৈ খেলালে?"

সুৰভিয়ে একো উত্তৰ নিদি মিচিক, কৰে হাঁহি মনে মনে থাকিল।

অতুল বাবু, হাওড়াত প্রতিপত্তিশালী (influential) আবু জনপ্রিয় মানুহ আছিল। কি য়ুৰোপীয, কি ভাৰতীয় সকলোৱে তেওঁক শ্রদ্ধা কৰিছিল আৰু ভাল পাইছিল। সাঁচাকৈয়ে সাদিনৰ ভিতৰতে তেওঁ আমালৈ ৩৭ নম্বৰ ডবছন ৰোডৰ ঘৰটো ঠিক কৰিলে। প্রায় আঢ়ৈ "একৰ" মাটিৰ সৈতে ডাঙৰ টোলেৰে সৈতে এক-মহলীয়া ঘৰটো দেখি আমাৰ বৰ মন খালে। ঘৰটো ডিক্সন (Mrs. Dickson) নামৰ এজনা মহিলাৰ। বাৰ হেজাৰ টকাত ঘৰটো কিনি লোৱা হ'ল। বি. বৰুৱাৰ নামতে দলীল লেখা হ'ল। সেইটো ঘাইকৈ মোৰ ইঙ্গিত। কাৰণ বি. বৰুৱা আমাৰ ভিতৰত মুখ্য মানুহ আৰু মোৰ "বৰ ভাই" আৰ, বি বৰুৱাও মই, ময়েই বি. বৰুৱা। অবিবাহিত বি. বৰুৱাৰ মোৰ বাহিৰেতো আৰু, কোনো নাই। এই ভাবেই তেতিয়া মোৰ গোটেইটো মন লোশত আচাবৰ নেমুটেঙাটো খৰাই থোৱাদি খৰাই থৈছিল।

ঘৰটো কিনা হলতে মই লৰালৰিকৈ গোটেইটো ঘৰ ভালকৈ মেৰামত কৰাই, চুল- কাম কৰাই, বৰণ দিয়াই খুনীয়া কৰি পেলালোঁ। এমাহৰ ভিতৰতে কলিকতাৰ বলৰাম দে চুট্টীটৰ ঘৰ এৰি আমি তালৈ আহিলোঁহক। ১৯০০ খ্রীষ্টাব্দৰ এপ্রিল মাহত মানুহ-বিহুৰ দিনা তাত আদি ব্রহ্ম সমাজৰ আচাৰ্য্য পণ্ডিত হেমচন্দ্র বিদ্যাবত্নব হতুৱাই উপাসনা কৰাই বন্ধু-বান্ধবেবে সৈতে গৃহপ্রবেশ উৎসর সমাপন কৰিলো। তাৰ পিছত দিনকদিনে ঘৰটো আৰু তাৰ চাৰিওফালে ইটাৰ বেৰ (compound wall), চাকৰ-নাকৰৰ ঘৰ, খোঁৰা-গার্ডীব ঘৰ, বহল বাট-পথ ফটক (gate) ইত্যাদিবোৰ কৰোৱাত লাগি গলোঁ। তিনি মাহৰ ভিতৰতে সি ৰম্যপূৰী হৈ উঠিল। compound wall-অৰ ভিতৰতে সব, পুখুৰাঁ এটা আছিল, সেইটো পোতালো। টেনিচ খেলিবলৈ "লন টেনিচ গ্রাউন্ড" কৰালোঁ, দুকাষে বহিবলৈ বগা শিলৰ বেঞ্চ পতালোঁ। ফুল আব, ফুলৰ বাগিচা কৰি জকমকীয়া কৰি পেলালোঁ। তাৰ এবছৰৰ পিছতে ঘৰটো দুমহলাঁয়া কৰি তাৰ আৰু উন্নতি সাধন কৰিলোঁ। সমুখতে মুকলি ঠাইত আৰু, পকীথৰ এটা সজালোঁ, তাত বিলিয়ার্ড' টেক্স থৈ বিলিযার্ড' খেলিবৰ দিহা কৰিবৰ মনেৰে। মই তেতিষা সদায় ইন্ডিয়া ক্লাবত বিলিয়ার্ড' খেলিছিলোঁগৈ। সেই দেখি নিজৰ ঘৰতে বন্ধু-বান্ধবেষে সৈতে সেই হেপাহ পলুৱাবৰ নিমিণ্ডে অতুল বাবুৰ পৰামৰ্শ মতে সেই বিলিয়ার্ড'ৰ ঘৰটো সজোৱা হৈছিল। কিন্তু সেই ঘৰত আৰু বিলিয়ার্ড টেবল নংঠিল আৰু, মোৰো সুহৃদবৰ অতুল বাবুৰো তাত বিলিয়ার্ড' খেলা নহ'ল। আজিও হাওড়াত যি সেই ডবছন ৰোডৰ ঘৰটো দেখিছে সি বুজিব বাৰ হেজাৰ টকাত কিনা সেই ঘৰটোৰ কি উন্নতি কৰি মই তাক প্রায় লাখ টকা বেচৰ সম্পত্তি কৰি থৈ আহিছিলোঁ। কোনো ঠিকাদাৰৰ হাতত মই ঘৰটোৰ বিষয়ে কোনো কার্যাকে দিয়া নাছিলোঁ। ৰ'দ-বতাহ মুৰত লৈ মই দিনে-খাতিরে পৰিশ্ৰম কৰি সেই কাৰ্যা আনন্দ মনেৰে সমাপন কৰি তুলিছিলোঁ। আজিলৈকে সেই ঘৰৰ গাত, বাহিৰে- ভিতৰে, যি সৌন্দৰ্য্য বা দেখনিয়াব বস্তু, আছে, সেই সকলোবোৰতে মোৰ হাতৰ এই পাঁচোটা আঙুলিৰ সাঁচ আছে আৰু, গোটেইটো ঘৰ ভাঙি চুচুমৈ নকৰালৈকে সেই সাঁচ নমৰে।                                                                                

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক