shabd-logo

পঞ্চম আধ্যা

28 December 2023

0 দৰ্শন কৰা হৈছে 0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব বন্ধুতাব ঘনিষ্ঠতা আব, কুটুম্বিতা আছিল। মোৰ পিতৃদেৱতাৰ নাতিযেক স্পর্ণানন্দ ছোট চাহাবৰ ভায়েক ফুকনৰ বাইদেৱেকৰ স্বামী আছিল। ইয়াৰ উপৰি আমাৰ বৰ ককাইদেউ ব্রজনাথ বেজবৰ, ৱাৰে সৈতে ফুকনে সখি পতাইছিল, দুয়ো দুইকো ইংৰাজীত "নন" (Nun) বুলি মতা শুনিছিলোঁ। ফুকন ডাঙৰীযাৰ চলা- ফুবা থকা-মেলাৰ গঢ় য়ুৰোপীয়ৰ নিচিনা আছিল, কিন্তু সেইবুলি যে সকলো বিষংতে তেওঁ য়াৰোপাঁয় আহি' লৈ চলিছিল, এনে নহয়। প্রায় দেখা যায় যে য়ুবোপীয় সকলব ভিতৰত মদ্যপান প্রচলিত। হিন্দুৰ চকুত প্রধান দোষ 'পান-দোষ'ৰ তেওঁ বহির্ভু'ত আছিল। এদিনলৈকে আমি তেওঁক চেলেউ এটা খোৱা বা আন প্ৰকাৰে ধপাত খোৱা, আনকি তামোল এঙ্কাকে খোরা নেদেখিছিলোঁ। ফুকন ডাঙৰীয়াব গৌববণ', সুগঠিত অঙ্গ-প্রত্যঙ্গ, সুদীর্ঘ সুঠাম আকৃতি আৰু ধীব গম্ভীব প্রকৃতিয়ে মোৰ মনত তেতিয়া এটি চিবকলীয়া চাব মাৰিছিল। তেওঁ দেখিবলৈ যেনে সভা-শুৱনি পুৰুষ, কথা-বার্তা আব, বৃদ্ধিতো তেনে প্রথৰ। বাস্তৱিকতে ফুকন ডাঙৰীয়া হেজাৰৰ ভিতৰত জিলিকা মানুহ। অসমীযাৰ ভিতবত ফুকনেই প্রথমতে নিজৰ সহধর্মি'নীক পাশ্চাত্য উচ্চ শিক্ষাত শিক্ষিত কৰিবব নিমিত্তে কলিকতালৈ পঠাইছিল। কিছুদিনৰ পিছত ফুকন শিৱসাগৰৰ পৰা গোলাঘাটলৈ বদলি হয় আবু, বোধকৰো তাতে তেওঁ গরণ'মেটৰ চাকৰি এৰি আকৌ শিৱসাগৰলৈ উভতি আহি, "ফুকন নগৰ নামৰ ঠাইত বাস কৰিবলৈ ধৰে। গৱণ'মেণ্টৰ চাকৰি পৰিত্যাগ বৰাৰ পিছত তেওঁ বাজনৈতিক আন্দোলন আৰু, স্বাধীন ব্যৱসায়ত লাগে। ঈশ্বৰৰ কৃপাত ফুকন ডাঙৰীয়া আজিও জীয়াই থাকি শিৱসাগৰৰ মুখ পোহৰাই আছে। তেওঁৰ নিম'ল চৰিত্র মিতাচাৰেই (abstemious habit) এই দীর্ঘ' জীৱনৰ গুৰি বুলি মোৰ মনত হয। তেওঁৰ উদ্যম পত্তি (energy) ইমান বেছি যে, যোরা বাছনিত তেওঁ অসমৰ আইন সভাৰ সভ্য হবলৈ আগবাঢ়িছিল। গোটেই অসমৰ আৰু, ঘাইকৈ শিৱসাগৰ মঙ্গলৰ অর্থে' সকলো কার্য'তে ফুকন ডাঙৰীয়া সদার অম্লণী।

মোৰ পিতৃদেৱতাৰ দুজন ভাষ্যাঁ আছিল। মোব মাতৃদেরা সবং-জনা ভাষ্যা। মাতৃদেৱীৰ বিষয় পিতৃদেৱতাই তেওঁৰ বচিত "বেজবৰুৱা বংশাৱলীত" লেখিছে- "দ্বিতীয় বিবাহ মোৰ দিবো পৰিচয়।

অনন্ত কন্দলি খৰে যাৰ জন্ম ভৈল।

জন, বৰপুজাৰী তাহাৰ নাম বৈল। পৰম বিশিষ্ট বিপ্র গুণে অতিশয়।

তাৰ সুতা ঠানেম্বৰী বিবাহিলোঁ মই।" 

আমাৰ দুইজন্য আইৰ ভিতৰত অতি মধুৰ ব্যৱহাৰ আছিল। বৰজনাই সব্দজনাক নিজৰ ভনীয়েকৰ নিচিনা যেন দেখিছিল আৰু সৰু, জনাইও বৰজনাক আপোনাৰ বায়েকৰ নিচিনাকৈ সেৱা-ভত্তি কৰিছিল। সতিনীৰ আঁহত ওপজা স্বাভাৱিক হিংসা-দ্বেষ দুজনাৰ ভিতৰত কেতিয়াও দেখা মোৰ মনত নপৰে। মই শিৱসাগৰলৈ অহাৰপৰা বাস্তবিকতে মোক মোৰ নিজৰ আইতকৈ বযজন্য আয়েহে বেছি যতনেৰে তুলিছিল। সব, ডোখৰত মই তেওঁৰ লগত খাইছিলোঁ, তেওঁৰ লগত দুইছিলোঁ আৰ, তেওঁৰ অনুষ্ঠিত সকলো পূর্ণকার্য'ত উৎসাহেৰে যোগদান কৰিছিলোঁ। মাঘমহীয়া গোটেইটো মাহত মই দোকমোকালিতে উঠি তেওঁৰ সৈতে দিখৌত প্রাতঃস্নান কৰিবলৈ গৈছিলোঁ, কাতিমহীয়া তুলসীৰ ভেটি মচি তুলসীৰ তলত চাকি আৰু 'আকাশ-ব্যতি' দিছিলোঁ।

আমাৰ ঘৰত ৰাতি অনেক পলমকৈ ভাত খোৱা দস্তুৰ আছিল। আমি সৰু বোবে এখমটি দিয়াৰ পিছতহে আমাক ভাত খাবলৈ জগাই তুলি অনা হৈছিল। এদিন মোৰ আয়ে মোক তুলি অ্যনি ভাতৰ পাতত বহুৱাই দিলে; কিন্তু তেতিয়ালৈকে মোৰ চকু মেল খোৱা নাছিল। আরে "খা" "খা" কৈ মোক কৈ আছে, মই ভাতৰ কাঁহীৰ ওপৰত বাঁঢ়য়াকৈ চেঙেলি ঢোপাই আছোঁ। তেওঁৰ আমনি লাগি উঠিল খং। মোৰ গলধনটোত ধৰি তেওঁ মোক ভাতৰ পাতত হোঁচা মাৰি ধবিলে। ওচৰতে এচবিয়া পানীৰে সৈতে এটা মুখে-ধোৱা চৰিয়া আছিল, হোঁচাত মই ভাতৰ জোবোৰা খাই চৰিয়াৰ পানীত-পূহমহীয়া জাৰৰ ব্যতি। মোৰ দুর্দশা দেখি বৰজনা আই লৰি আহি মোৰ আইক তেনে কার্য'ৰ বাবে নথৈ ককৰ্থনা কৰি মোক আতৌ-পুতৌ কৰি নি তপত পানীৰে ভালকৈ গা-পা হুরাই গা মচি দি, চুবিয়া পিন্ধাই আনি তেওঁব লগত ভাত খাবলৈ বহুৱালে; আৰু মোৰ আইক টান হুকুম দিলে-সেইদিনাৰপৰা যেন তেওঁ মোক ভাত খাবলৈ তুলি নানে; বৰ আয়ে নিজে বা তেওঁৰ দুজনী বোৱাৰীয়েকৰ এজনীয়েহে আনিব। কাঁহাঁত নপৰি, পৰিলোঁ মুখ-

বৰ ককাইদেও এজনাথ আৰু, মাজ, ককাইদেউ জগন্নাথ, এই দুজনৰ ঘৈণীয়েক দুজনাই মাথোন তেতিয়া আমাৰ ঘৰত বোৱাৰাঁ। দুয়ো আকৃতিত যেনে শুৱনী প্রকৃতিতো তেনে আছিল। দুরো মোক নথৈ মৰম কৰিছিল ময়ো তেওঁলোকক নথৈ ভাল পাইছিলো। বৰ-বৌৰ পিতাক জোকতলীৰ মৌজাদাৰ আছিল। শবাধ-বিধি বা আন কাম-কাজৰ সময়ত তেওঁ বাপেকৰ ঘৰলৈ গলে আমাকো পিছত মাতি লৈ গৈ এনে আদন-সাদবকৈ খুৱাই-বৱাই পঠিয়াইছিল যে সেই সুমধুৰ স্মৃতি এই জীৱন-স্মৃতি লেখকৰ স্মৃতিৰ ভিতৰত স্থায়ী হৈ আছে। বৰবৌ সৰু বৌতকৈ বরসত অনেক সব, আছিল, কাৰণ তেওঁ বর্ষ ককাইদেওৰ প্রথমা স্ত্রী-বিয়োগৰ পাছত বিয়া কৰোৱা দ্বিতীয়া শ্রী। সেইদেখি বৰবোরে সংবোঁক নিজৰ জালম্পর্ক'তকৈও বান্নেক সম্পর্ক'ৰ চকুৰে দেখি সম্মান কৰিছিল। মুঠতে দুয়োজনী জাকৰ ভিতৰত মিলা-প্ৰীতিৰ দৃশ্য অতি মনোৰম আছিল; দুয়ো অলপ অসমীয়া লেখা-পড়া জানিছিল। সর্ববোরে কাশীনাম দাসৰ বঙ্গলা ছপা মহাভাৰতৰ কোনো এটা সব পর্ব' পঢ়িব পাৰিছিল; কিচ্ছু লেখিব নাজানিছিল বা অইন কিতাপো পড়িব নাজানিছিল। কোনো বিশেষ পর্ব' বোলাৰ মানে আছে। তেওঁ আনৰ ওচৰত শূনিয়েই হওক বা শিকিয়েই হওক, সেই পর্বতো তেওঁৰ একবঝম মুখস্থ হৈ পৰিছিল সেইদেখি তাৰ প্ৰত্যেক শাৰীব প্রথম শাৰীৰ প্ৰথম দুটা- এটা আখৰ দেখিলেই বাকীডোখৰ তেওঁ আখবৰফালে ভালকৈ নোচোৱাকৈয়ে মাতিব পাৰিছিল; আৰু, সেই পর্ব'ৰ বাজ হৈ পৰিলেই তেওঁৰ বিদ্যাৰ ওৰ পৰিছিল। বৰবৌরে চিঠি লিখিব পাৰিছিল। মোৰ মনত আছে-বৰ ককাইদেউ ডিবুব, যা গুৱাহাটীৰ নিচিনা ঠাইলৈ গ'লে বৰবৌৱে অতি সংগোপনে তেওঁলৈ চিঠি লিখিছিল; কাবণ তিৰোতাই আৰু ঘাইকৈ ঘৰৰ বোৱাৰী-জীয়ৰীয়ে চিঠি লেখাটো (নিজৰ স্বামী হলেও) সেই সমযত অকৰণীয় অকার্য'ৰ ভিতৰুৱা বুলি বিবেচিত হৈছিল। সেইদেখি বৰবৌয়ে অতি সংগোপনে তেওঁব চিঠি লেখি তাক মোৰ হতুৱাই শুধৰাই চলিব পৰা কবি, মোষ হতুরাযেই অতি গপতভাবে ডাকত দিয়াইছিল। তেতিয়া মোৰ বিদ্যাই বা কিমান, বৃদ্ধিয়েই বা কিমান। তথাপি বৰবৌৱে মোক বৰটো পাতি বিদ্যাৱন্ত ভাবি নিজৰ চিঠি কটাই-কুটাই নির্দোষ কৰি লোৱা বাবে মই নিজক গৌবরান্বিত বিবেচনা কৰিছিলোঁ। বিষ্ণু প্রকৃততে মোক বিদ্যাৰ বৰপ,খুৰী ভবাতকৈ আন এটা কাৰণতহে বৰবৌৱে তেনে কবিছিল। মষেই ঘবত সব, ল'ৰা'; মোৰ বাহিৰে মোতকৈ জনা শুনা ডাঙৰ এজনৰ হাতত তেওঁৰ সেই প্রেম-পত্র স'পি দিয়াটো তেওঁৰ পক্ষে অসম্ভৱ আছিল। বুদ্ধিৰ ঢে'কী-ঠোবা মই কিছু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতেই লগালো জেঙা। চিঠিখন চেলেঙৰ তলত ভৰাই লৈ মই ডাকঘৰ পালোঁগৈ; কিন্তু ক'ত চিঠিখন পেলাব লাগে নাজানি, ডাকঘৰব সম্মুখতে পৰি থকা ভগা পেবা এটাৰ ভিতৰত দিলোঁ হুমাই। ওচৰতে এটা মানুহ আছিল, সি ক'লে, "সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই দিলা কিছু? ডাকত এইপিনে ইয়াতহে দিব লাগে।" মোৰ ভুল বুজিব পাৰি মোৰ মুখে শুকাই গ'ল। সেই ভগা পেৰাটোৰ যি সুৰুঙাইদি চিঠিখন সুমাই দিছিলোঁ সেই সুৰুঙাত হাত নোসোমায়। মই মোৰ বিপদৰ কথা "পোষ্ট-মাস্টম" বাবুক ক'লত, তেওঁ মোৰ মুখৰ ফালে অলপমান চাই থাকি দয়াপৰবল হৈ উঠি আহি বাকণ্ডটোৰ ভগাডোখৰ আব, ভাঙি বহলাই লৈ চিঠিখন উলিয়াই আনি, মোৰ হাতত দি ক'ত দিব লাগে দেখবাই দিলত, মই তাতে দি নিশ্চিন্ত মনেৰে ঘৰলৈ উভতি আহিলোঁ। মই শিৱসাগৰত থাকোঁতেই এইজনা বৌৰ মৃত্যু হ'ল। তেওঁ এটি ল'ৰা থৈ গৈছিল, সিও এঘাৰ কি যাৰ বছৰ বয়সত ঢুকাল।

সিংদুৱাৰ নামেৰে এখন নিষ্কৰ "গ্লাস্ট" দেউতাই লৈছিল। অসম বজাৰ ৰাজধানীৰ গড়ব সেইখিনিতে সিংহদৱাৰ আছিল দেখি তাক সিংন্দ, রাব বুলিছিল। তাত বাঁহ- কাঠ অপয্যাপ্ত; কিন্তু তাৰ মাটি চাহ খেতিৰ নিমিত্তে উপযোগী নহয়। বৰ ককাইদেরে তাতে চাহখেতি কৰি তাক চাহ বাগিচাত পৰিণত কৰিবলৈ বিচাৰিছিল আৰু, কিছুদবে কৃতকার্য্যও হৈছিল। তেওঁ প্রায় দিনো দুপৰীয়া ঘৰৰপৰা খোজকাঢ়ি বাগিচাটল গৈছিল আৰু গবুলি সেইদৰে খোজকাঢ়ি আহিছিল। খৰৰপৰা বাগিচা প্রায় তিনি মাইলমান দুবজ্ঞ, তেওঁ উভতি আহোঁতে ডাঙৰীয়া শ্রীত গঙ্গাগোবিন্দ ফুকনৰ থৰত সোমাই মেল পাতি অহাটো তেওঁৰ নিত্যকম'ৰ নিচিনা হৈছিল। ফলত, সেইদেখি দিনো খৰ পাওঁতে বাতি দু,পৰ হৈছিল। তেওঁ নহালৈকে তেওঁৰ ঘৈণীয়েক, বোৱাৰীয়েক আৰু, আই দুজনে ভাত নাখাই তেওঁলৈ থাপ লৈ বহি থকা দুশাটো অতি কষ্টকর হৈ পৰিছিল। দেউতাই আৰু, আইসকলে তেওঁক কৈ কৈ নিজৰ কষ্ট জনাযো তেওঁৰ এই বেয়া অভ্যাসটো এবুরাব নোরাবিছিল।

দেউতাই ঘোঁবাত উঠিবলৈ বব ভাল পাইছিল। সদায় দেউতাৰ ঘোঁৰা শালত তুটীয়া ঘোঁৰা এটা বন্ধা থাকিছিল। বাস্তরিকতে দেউতা এজন পকা 'ঘোব-চোৱাৰ' আছিল। ঘোঁৰাত উঠি দেউতাইও দুদিন এদিনব অন্তৰত সিংদুৱাব বাগিচালৈ কাম চাবলৈ গৈছিল। এদিন তেওঁ বাটতে ঘোঁবাৰপৰা পৰি তেওঁব ভবি এটা ভগাব নিচিনা হ'ল। সেইদিনাৰপৰা সকলোরে কৈ মেলি তেওঁক এই বড়া বযসত ঘোঁৰাত উঠা এৰুৱালে। দেউতাৰ পূবণি ধবণব ডঙর বাগা এখনো আছিল, কিন্তু সি সদায় অব্যৱহাৰ্য্য অৱস্থাত পৰি আছিল। সেই বাগীব এটা ইতিহাস এইখিনিতে কওঁ। দেউতা তেজপ,বত মঞ্চেফ হৈ থাকোঁতে এদিন বামদয়াল নামেৰে এজন অসমীযা ডাস্তবে দেউতাৰ ঘোঁৰা গাড়। খুজি লৈ "হাৱা খাবলৈ গৈ গাড়ী ঘোঁৰা একেবাৰেই ব্রহ্মপুত্রত পেলাই দিলে। ঘোঁবাটো মবিল, ডাৱৰে পানীত পৰবাৰ আগতে জাপ মাৰি ভৰিৰ এবকলা ছাল গাড়ীতে থৈ কোনোমতে বক্ষা পৰিল। গাড়।খন খবালি রহ্মপুত্রব বালি খানিহে উলিয়াই অনা হৈছিল। তেতিয়াৰে পৰা সেই গাড়ীখন আব, 'মেৰামত' হোৱা নাছিল।

পিতৃদেরতাব চাবিজনী জীয়েক। সবুঞ্জনী জীয়েক স্বামীব ঘৰলৈ যোৱাৰ আগতে বিধৱা হৈ আমাৰ ঘবতে আছিল। মাজুজন্য এটি ল'বাৰ মাক হোৱাব পিছত বিধৱা হয। জোঁৱাই বিষয়ত যে দেউতাৰ ভাগা ভাল আছিল, এনে মনে নধৰে। জীয়াই থকা দ, জনবপবাও যে দেউতাই অনাবিল সুখ ভোগ কৰিছিল, এনে বলিব নোৱাবো। জাঁয়বীক জোঁৱায়েকৰ ঘবলৈ উলিয়াই দিবৰ দিনবেপৰা জয়িবীয়ে বাপেকৰ ঘৰত ভাত বা সান্দহ-চিবা-পিঠা খোৱা বন্ধ কাৰণ জোঁৱারেকহ'তৰ ভয়, পাছে তেওঁলোকে বিয়া কবাই শুচি কবি লোৱা নিজৰ সহধমি'পীয়ে বাপেক-মাকৰ ঘৰত পকা জলপান বা ভাত ভোজন কৰি আকৌ স্বকীয দেহা অশুচি কৰি তেওঁলোককো টানি আনি পাতকৰ পাট- নাদত পেলাই দিয়ে। এনে দস্তুৰ অকল আমাৰ থবতেহে আমাৰ ঘৰৰ জোঁৱাইসকলে চলাইছিল, এনে বুলি ভাবিলে ভুল কৰা হ'ব অসমত ঘাইকৈ উজনি অসমত এনে কুলগণীয়া প্ৰথা প্ৰায়বোৰ ভদ্রলোকৰ ঘৰত প্ৰচলিত আছিল। ক'ৰপৰা এনে বর্ষ'বতা অসমত সোমাইছিলহি কব নোৱাৰোঁ। আশাকৰোঁ আজিকালি শিক্ষিত অসমীয়াসকলে এই বর্ষ'বতাৰ খর্বত্যৰ খব'তা সাধন কবি, তাক খেদি নি দেশৰপৰা উলিয়াই দি হাদিবা-চকিত এবে।

মোব তৃতীয়জন ককাইদেও গোলাঘাটৰ গুড়যোগনীয়া মৌজাৰ মৌজাদাৰ আছিল। 

এইখিনিতে কোৱা যাওক যে সেইকালত ওকালতি কৰা ব্যৱসায়টো বৰ সম্মানজনক বিবেচিত নহৈছিল। তেতিয়া উকীল হবলৈ 'প্লিডবশ্বিপ বা বি-এল পৰীক্ষা "পাছ" কৰিবলগীয়া হোৱা নাছিল। হাকিমে কাকো উকীল হবলৈ হুকুম দি কাছাবীব কিতাপত নাম লেখাই দিলেই তেওঁ উকীল হৈ ওকালতি কবিব পাৰিছিল। এইদৰে নাম লেখাই দি দেউতাই কত লোকক উকলি পাতি দিলে, কিন্তু সেই ব্যৱসায় নিজৰ পুতেকৰ অনুপযুক্ত বুলি ভাবি এটি পুতেককো উকীল নকৰিলে। তেওঁৰ পুতেক- সকলৰ ভিতৰত সেইদেখি কোনো কেবাণী, কোনো স্কুল-মাষ্টৰ আৰু, কোনো মৌজাদাৰ।

গোলাঘাটৰ ফালৰে ন গোসাঁইৰ ঘৰত তৃতীয়জন ককাইদেউৰ বিয়াৰ সম্বন্ধ ঠিক হয়। মাঘমহীয়া আমি ঘবে-ঘবোরাহে সেই বিয়ালৈ যাবলৈ উদ্যোগ কৰিছোঁহক, এনেতে মেঘ-দেৱতা বাম হ'ল। এজাক বৰছণ হ'ল। সেই বরঘুণ হেনো অকাল বৃষ্টি, গতিকে অমঙ্গলাঁয়া। বিয়াৰ দিন সেইবাবে হোহকি গ'ল। অকাল-বৃষ্টিৰ দুদিনৰ দোষ এৰাই হোঁহকা দিনত আমি নারেবে গৈ বিয়াৰ কাৰ্য'ক্ষেশ্রত উপস্থিত হলোঁহ'ক। শিৱসাগৰবগব্য যাত্রা কৰিবৰ আগতে আমাৰ বৰজনা আইৰ বৰ ইচ্ছা হ'ল যে তেওঁব জীয়েকৰ বৰপুতেকক (১৩।১৪ বছবীয়া ল'বা) বিধালৈ লগত লৈ যায়। তেওঁব ইচ্ছাৰ কথা জোঁৱাযেকলৈ কৈ পঠিয়ালত জোঁৱাযেকে পিতৃদেৱতালৈ চিঠি লেখিলে যে তেওঁৰ পুতেকক বিয়ালৈ যাবলৈ দিব পাৰে, যদি তাক ককাক-বুঢ়ীমাকৰ ঘৰত প্রস্তুত 'সিম্বান্ন'-'পাকান্ন' নখরায় বলি দেউতাই অঙ্গীকাৰ-পত্র লেখি দিয়ে। জোঁৱায়েকৰ এই অদ্ভুত চিঠিৰ কথা শুনি ববজনা আই খঙত ঘৃতাহুতি হ'ল আৰু, দেউতাই চিঠিৰ উত্তব নিদি মনে মনে থাকিল। দৈব-দুর্বিপাকত আকৌ এজাক অকাল বৃষ্টি-হৈ আকৌ বিয়াৰ প্রতিবন্ধকতা জন্মালে। তাতে কিছু দিন থাকি আকৌ বিয়া হোঁহোকাই দুর্বিপাকৰ দোষৰ হাত এবাই সেই বিযা সম্পাদন কৰি ঘৰলৈ প্রত্যাবর্তন কৰা হ'ল। ওপৰত উল্লেখ করা প্রতিবন্ধকতাই নিশ্চষ ভবিষ্যতৰ সঙ্কেত দিছিল। বিয়াৰ কিছুদিনৰ পিছতে সেই ককাইদেউজন কাহৰনৰিয়াত পৰি শিৱসাগৰলৈ আহিল। দেউতাই অশেষ চেষ্টা আবু, পৰিশ্ৰম কৰি অনেক নতুন নতুন ঔষধ পূথি চাই উলিয়াই নিজে কৰি খুৱাই চিকিৎসা কবিও পুতেকক ৰক্ষা কৰিব নোৱাৰিলে। তেওঁৰ ঘৈণীয়েকো স্বামীব মুখে নেদেখাকৈ বাঁৰী হ'ল। বিযাৰ দিনা কন্যাৰ ককায়েক নে কি কব নোৱাৰোঁ-ন গোসাই প্ৰভুৰ প্রতিমূর্তি'টো আৰু তেওঁৰ ব্যৱহাৰ অতিকৈ চকুত পৰা হৈছিল। বিয়াৰ সভাত তেওঁ এটা কাঠব মুঢ়াৰ দৰে বহি আছিল; আৰু পাছে, আমাৰ নিচিনা সাধাৰণ মানুহেবে সৈতে কথা-বার্তা পাতি আমাক (হলোঁৱেই বা দৰাঘৰীয়া) আদব-অভ্যর্থনা কৰিলে, কেনেবাকৈ তেওঁলোকৰ গোসাই প্রভুরা দীঘল ভেমটোৰ চুটি এডোখৰ হৈ পৰিব-এই ভয়তে তেওঁ সশঙ্কিত হৈ আছিল। এওঁলোকতো পুৰণি সম্ভ্রমন দাবী কৰিব পৰা ন গোসাঁয়েই অসমত ফে'চামৰীয়া গোসাইবেপৰা আৰম্ভ কৰি খৰিকটীয়া গোসাইলৈকে গোসাঁই-নামধাৰাঁ প্রাণীসকলে সাধাৰণ ভদ্রলোকৰ খবলৈ ছোৱালী দিবলৈ ওলায়, অথচ বিৱাৰ সমযত আঁকোৱালে নোপোৱা ভেমৰ খুটাত আউজি থাকি কি যে কবে তাক কি কব্য। এবাৰ মনত আছে-এজন শিৱসাগৰৰ ভদ্রলোকব বিয়াত নিমঞ্চিত হৈ মই দৰাঘৰীয়াৰে সৈতে বিবালৈ গৈছিলোঁ। আমি কন্যাঘৰীয়া গোসহিৰ পদুলিমৰ পাওঁতেই গোসাইৰ ঘৰৰপৰা আদেশ আহিল যে আমি আমাৰ ভৰিৰ জোতা-মোজা সোলোকাই পদব্রজে গৈহে তেওঁৰ চাৰি ঢাপৰ ভিতৰ সোমাব পাৰিম। আমিও জোতা-মোজা নেসোলোকাও তেওঁলোকেও নেৰে। শেষত দবাঘৰীয়া আৰ, কন্যা ঘৰীয়াৰ ভিতৰত হতাহতি হোৱাৰ উপক্রম। অনেক কষ্টৰ আৰু অনেক কথাৰ আঁজোৰ-পিজোৰৰ পিছতহে এটা হেস্ত নেস্ত হৈ এই গজ-কচ্ছপীয়া বন্ধৰ ওৰ পৰে। ডেমেই অসমীয়াখনক খালে। অৱস্থা বুজি ব্যৱস্থা নকৰা আৰু, সময়ৰ সোঁতৰ বিপবীতে যাবৰ প্রয়াসেই আমাৰ গোসাইসকল আউজি থকা বৰটোবোৰ হেলেক লেক, কৰি পেলাইছে।

স্বামীৰ মুখ নেদেখাকৈয়ে আমাৰ যিজনা বাইদেও বাঁৰাঁ হৈছিল, তেওঁৰ নাম পিয়ালী। মই শিৱসাগৰলৈ অহাৰ দুই-তিনি বছৰৰ পিছতে মৃত্যু হ'ল। তেওঁ মোৰ চকুত এটি বিষাদব প্রতিম,ত্রি' আছিল। ঢুকত এলাগতীয়াভাবে পৰি থকা নির্জ্জ আৰু, সুমধবভাষী এই প্রাণীটিৰ হৃদয়ত শোক আৰু, নিষ্ফলতাৰ কি তু'হ দুয়ে তেওঁক একেবাৰে পুতুবি ছাই কৰিছিল, তাক অন্তর্যামী ঈশ্বৰেহে জানিছিল। কঠোৰ নিম্নম শাসনেবে শাসিত হিন্দ, সমাজব কেইজনে এই কথা দকে ভাবি তাৰ প্ৰতিকাৰ কৰিবলৈ অগ্নসৰ হয? বঙ্গদেশৰ দয়াৰ সাগৰ বিদ্যাসাগৰৰ বাহিৰে আৰ, কেইজন? পিয়ালী বাইদেউৰ মৃত্যুৰ চিত্তটো এতিযাও মোৰ মনত আছে। যিদিনা তেওঁৰ মৃত্যু হব, সেইদিনা ৰাতি তিনিমান বজাত, তেওঁ গাইপতি সকলোকে নাম আব, সম্বন্ধ যৰি মাতি বন্দী-বেটী, লগ,রা-লিগিৰীবোৰলৈকে সকলোকে-স্বকৃত দায়-দোষ ত্রুটিৰ বাবে ক্ষমা- প্রার্থনা কৰিছিল। মই সৰু ল'বা, শুই আছিলোঁ। মোকো টোপনিৰপৰা জগাই তোলাই মতাই অনাই মোব ওচৰতো তেওঁ ক্ষমা মাগিবলৈ নেপাহৰিছিল। মই নির্বাক- নিষ্পন্দভাৱে তেওঁৰ কথা শুনি উচুপি উচুপি কান্দিবলৈ ধৰিলোঁ। মোৰ ভাই এটা তেতিয়া কেচুৱা। তাৰ নাম কাঢ়ি তেওঁ কলে-"মই তোৰে সৈতে ধেমালি কৰিবলৈ নাপালোঁ।" এই কথাৰ দহ মিনিটমানৰ পিছতে, তেওঁ ঈশ্বৰৰ নাম লৈ, মাকৰ কোলাত মুবটি থৈ, ইহসংসাৰ পৰিত্যাগ কৰিলে। কান্দোনৰ কোঢ়ালেৰে ঘৰ ভৰি পৰিল।

আগেয়ে কৈছোঁ, আকৌ কওঁ যে, পিতৃদেৱতাৰ হদয় কুসুম-কোমল আৰু, আত্মীয়- সকলৰ প্রতি স্নেহ-মমতাৰে ভৰ্য আছিল। তেওঁৰ পৰিবাৰৰ কোনো এজনে যদি কোনো কাৰণত বোহ পাতিয়েই হওক বা এলাই কখিয়েই হওক, ৰাতি ভাত নোখোৱাকৈ থাকে তেন্তে তেওঁ নিজে গৈ মাতি মাতি সেইজনক ভাত ব্রাইহে এৰিছিল, নতুৰা তেওঁ তেওঁৰ মনত শাস্তি নাপাইছিল। নিজৰ নিজৰ বংশৰ দুখীয়াই হওক বা চহকীরেই হওক কাকো তেওঁ পালে মমতাৰ ডোলেৰে নাবান্ধি নেৰিছিল। কিন্তু আনপিনে তেওঁৰ নিচিনা দৃঢ়চিত্ত খাৰু, ধৈর্যশীল মানুহ মই আজিলৈকে দেখা নাই বুলিলে বঢ়াই কোৱা নহয়। কোনো সজ কাম তেওঁ কৰিব বুলি সঙ্কল্প কৰিলে, তেহেলৈ খি হয়, কৰিবই কবিব। সজ কাম বুলিছো এই বাবে যে কোনো কার্য' যদি কাৰো অপকাৰী হয়, সেই কথা তেওঁক বুজাই দিব পাৰিলে তৎক্ষণাৎ তেওঁ তাক পৰিত্যাগ কৰিছিল। তেওঁব মৰেৰ ওপৰেদি অনেক ডাঙৰ ডাঙৰ বিপদ গৈছিল; কিন্তু কেতিয়াও তেওঁক 'nervous' অর্থাৎ অস্থিৰ আৰু অধৈর্যশীল হোরা নেদেখিছিলোঁ। বিপদ সিমানেই ডাঙৰ হওক তেওঁ অচল-অটল হিমাচল। ঈশ্বৰৰ বিধানত শুদঢ় বিশ্বাস আৰু, ঈশ্বৰত সম্পর্ণৰূপে আত্মসমর্পণেই (resignation) ইয়াৰ মূল কাৰণ। তেওঁৰ চকুত আনন্দাশ্রু, ভক্তি-বিগলিত প্রেমাপ্ত, মই দেখিছিলোঁ, কিন্তু ন দি কব পাৰো যে শোকান্ন, কেতিয়াও দেখা নাছিলোঁ। মৃত্যুৰ আগতে তেওঁৰ পতেক গোপালক বাহিৰলৈ আনি তুলসীৰ তলত থোৱা হ'ল। ঘৰে ঘৰোৱাহে কান্দি কান্দি আকুল; কিন্তু দেউতাৰ চকুত এটোপা পানী নাই; তেওঁ মৃত্যু শয্যাশায়ী পুতেকৰ মতা-মঙ্গলৰ অৰ্থে' যি যি আয়োজন কৰিব লাগে, ধাঁৰভাৱে কৰি আছে। সেই ম.তামঙ্গলৰ ব্যাঘাতব ভবত তেওঁ সকলোকে ভাবি দি নকন্দা কৰি, পুতেকৰ মৰ-শিতানৰ ফালে বহি ধীব-স্থিৰ-গম্ভীবভাবে, উচ্চৈস্বৰে "ওঁ বামঃ" "ওঁ বামঃ"। এই মহামন্ত্র সোঁৱৰাবলৈ ধৰিলে। চাৰিওফালব সকলো মানুহ কাঁহ-পৰি জীণ গ'ল। "সমস্ত শাস্ত্ৰৰ, সমস্ত মন্ত্ৰৰ মূল বাঁজ" এই 'বাম' নাম তেওঁ আধা ঘণ্টাৰো বেছি সময় পুতেকক সৌরবাওঁতে, সোঁৱৰাওঁতে মাত্যুৰ মুখত পবি থকা পুতেকে এবাৰ স্পষ্টকৈ "ৰাম" বুলিলে। পিতৃদেৱতাব মুখ আনন্দত প্রফুল্ল হৈ উঠিল। বেঢ়ি থকা সকলোৱে উচ্চৈছবে 'বাম' নাম ধ্বনি কবিলে। ক্ষন্তেকতে ম.ত্যুশয্যাশায়ীজনৰ প্রাণ পার্থি'র জড় দেহৰপৰা ওলাই চিৰানন্দ ধামলৈ গতি কৰিলে। দর্শ'কসকলৰ ভিতৰত শিৱসাগৰৰ এজন বৃদ্ধ ভদ্রলোক আছিল। তেওঁ আকাশলৈ চাই হাতযোৰকৈ প্রার্থনা কৰিলে, "হে ঈশ্বৰ। ডাঙৰীয়া দীননাথ বেজবৰুৱা থাকোঁতেই তেওঁৰ আগতে যেন মই মৰিবলৈ পাওঁ।"

পুতেক গোপাল আৰু জীয়েক পিয়ালীব মৃত্যুত আমাৰ বৰজনা আয়ে অম্ভবত নথৈ আঘাত পাইছিল। তেওঁ আৰু, যেছিদিন নিজাঁলে। জীয়েকৰ হুমহীয়া শৰাধলৈ তেওঁ নিজ হাতে বর-বস্তুৰ যো-জা কৰিছিল আৰু, সেইদিনাই হঠাৎ অতিসাৰ ৰোগত পৰি প্ৰাণ পৰিত্যাগ কৰিলে। সেইদিনাও পিতৃদেৱতাৰ 'নিবাত-নিষ্কম্প তৰুৰ নিচিনা ধাঁৰ আৰু প্রশান্ত মতি' দেখি আমি আচৰিত মানিছিলোঁ।

মোৰ জ্যেষ্ঠ সহোদবজনে বঙ্গদেশৰ কলিকতাত থাকোঁতেই, তেওঁৰ পিছৰজনৰ আসামত বিয়া হয়; অৱশ্যে জ্যেষ্ঠৰ অনুমতি আদায় কৰি। এই কার্য' মোৰ সমলি ভাল নালাগিছিল; কিন্তু তেতিয়া মোৰ নিচিনা অর্বাচীনৰ মতামতৰেই বা মংল্য কি, আৰু, তাক শুনেইবা কোনে? মোৰ মনেৰে জ্যেষ্ঠজন থাকোঁতে তেওঁৰ কনিগ্ধজনৰ তেওঁগুকৈ আগেরে বিয়া হোৱা কার্য'টোরে নিশ্চর জ্যেষ্ঠজনৰ মন ক্ষুন্ন কৰিছিল, কাৰণ ইয়াৰ পিছত তেওঁক কোনো কার্যত reckless অর্থাৎ "বে-পৰোৱা" দেখা গৈছিল। এই বিবাহ যোৰহাটত সম্পাদিত হয়। সেই বিয়ালৈ যাওঁতে বাটত দৰাঘৰীয়া আমাৰ ষি ভয়ানক কষ্ট হৈছিল সেই কথা মোৰ এতিয়াও মনত আছে। শঙ্কৰ নামেৰে এটা যেতৰে তাৰ নিজা ব্যৱসায়ত ধন গোটাই ধন গোটাই ধনী হৈ তিনি চাৰিখন ঘোঁৰাৰ গাড়ী কৰিছিল। তাবে দুখন কি তিনিখন গাড়ী আমি ভেৰোণীয়াকৈ লৈ শিৱসাগৰৰ পৰা যোৰহাটলৈ যাতা কৰিলোঁহক। যোৰহাট পাবলৈ পাঁচ ছয় মাইলমান বাট আছে, এনেতে আঠুঅনীয়া বোকাই আমাক আগচি ধৰিলে। যোৰহাটলৈকে সেই গোটেই- ডোখৰ বাটৰ তেনে ভযানক দশা। কুৰুক্ষেত্ৰৰ যক্ষ্মত কর্ণ'ৰ বথৰ ঘিলা মাটিত পোত যোৱাৰ দৰে যোৰহটীযা কন্যাঘৰৰ বিপক্ষে অভিধান কৰোঁতা আমি দৰাঘৰীয়া গাড়ীৰ চকাবোৰো ধৰালৈকে পোত খাই গ'ল। ঘোঁৰাই "আৰু গাড়ী টানিব নোৱাৰোঁ" বুলি স্পষ্ট জবাব দি শুই পৰিল। অনতি বিলম্বে ঘোঁৰাৰ যাব পবিল আমি মতাবোৰৰ গাত ঘোঁৰাব সলনি অগত্যা আমি গাড়ী চানিব আব, ঠেলিবলগীযাত পৰিলোঁ। এচাবি যি কেইডাল গাড়োৱানৰ হাতত আছিল, সেই এটাই কেইডাল ঘোঁৰাৰ পিঠিত ছিপ্তি, বাটব কাষববপৰা যি গড়ন আবু, যেনে জাতৰ গছব ডাল পোরা গ'ল, তাকো সংগ্রহ কৰি আনি এচাৰিৰ গঢ়দি হয সকলব গ্লীৱাৰপৰা টিকালৈকে সেই বোৰ সংযোগ বিয়োগ কৰা হ'ল; কিন্তু 'তেবাসকল' শযনৰপৰা অতি অনিচ্ছাপূর্ব'ক উঠিল যদিও, কোনোমতেই 'তেবাসবলে' বথ টানিবব ইচ্ছা প্রকাশ নকৰিলে। অগত্যা আমি একটিং ঘোঁবাৰ কামত নিযুক্ত হৈ, গাড়ীব ভিতবতে মহিলাসকলক এবি আঁঠুকুনীয়া বোকাত নামি সেই বোজাই গাড়ী ঠেলিবলৈ ধবিলোঁ। গাড়ী লাহে লাহে কইনা খোজেবে যাবলৈ ধবিলে, অৱশ্যে কান্ধত ধরলি লৈ অনুগ্রহ কৈ থিয় হৈ থকা আচল "ঘোঁৰালোক'ব সহাযত নহয়, নকল ঘোঁৰা আমি 'আদ মিলোক'ৰ ঠেলাতহে। আৰু কপালব কথা কি ক'ম, সেই ঠেলাব সুবিধাৰ ভাগ, গাড়বিফালে সত্য কথা এবি দিয়া হয়গ্নীরসকলেও গাড়ীৰে সৈতে সমানে লোৱাত অলপো ত্রুটি নকৰিছিল; অর্থাৎ আমি গাড়ীৰে সৈতে ঘোঁৰাবোৰকো ঠেলি লৈ যাবলগীয়াত পৰিলোঁহক। যি হওক, সকলো কার্য'বে এটা অন্ত আছে, আমাৰ ঘোঁৰাব "এক‌টিনি" কামৰ্যে অন্ত পৰিল। আমি আৰু, ঘোৰা সেই অৱস্থাতে অর্থাৎ in harness যোৰহাট চহৰ ওলালোঁগৈ।

এই বিয়াৰ এবছৰমানৰ পিছতে আৰু, এজন ককাইদেওৰ বিয়া হ'য়। এই বিয়াখন শিৱসাগৰৰ অর্জনেগুৰিত হৈছিল। এই বিয়াত পিতৃদেবতাই ঘোৰ আপত্তি কৰিছিল; কিন্তু দৰাক আব, দৰাৰ ভায়েক এজনক হাত কবি, ল'ৰাবোৰৰ ওপৰত নানা উপায়েৰে প্রভাব বিস্তাৰ কৰি প্রভাৱশীল হওঁতা আমাৰ ঢৌল নিবাসী মানুহ এজনে কৌশল কৰি পিতৃদেবতাব আপত্তি ব্যর্থ' কৰি দিলে। কিন্তু যেতিয়া বিয়া হুবইলগীয়া হ'ল, "নান্যঃ পন্থা বিদাতে," তেতিয়া পিতৃদেৱতাই নিজৰ পূর্ব' অমত পৰিত্যাগ কৰি আনন্দমনেৰে সেই বিষাহ সুসম্পন্ন কৰিলে।

এইজনৰ পিছৰজন ককাইদেওৰ বিয়া হৈছিল "ৰোমাণ্টিক" (romantic) ধৰণৰ। 

এই বিয়াৰ কল ভুকুটোতে পকোৱা হৈছিল। শিৱসাগৰত আমাৰ ঘৰৰ ওচবতে দিখোঁ নৈৰ পাৰত এজনা ভদ্রলোক আছিল। তেওঁৰ জীয়েকেবে সৈতে এজনৰ বিয়াৰ ঠিক হৈছিল। দুৰণীবটীয়া দবা, অন্ততঃ বিযাৰ দিনা পুৱা শিৱসাগৰ পাবৰহি কথা আছিল। কিন্তু পুৱা প্রায় দহ বাজিল, তথাপি দৰা আহি পোৱাৰ কোনো উদ্ঘামেই নাই। কন্যাৰ বাপেক লৰুৱাই বাটৰ অনেক দুবলৈকে মানুহ পঠিয়ালে, কিন্তু দৰা অহাৰ কোনো লক্ষণকে দেখা নগ'ল। গতি বিষম যেন দেখি তেওঁ লবি ফোপাই- জোপাই আহি, পিতৃদেৱতাক ধবিলে যে তেওঁ ঠিক কৰা দৰা অহাৰ কোনো আগন্তুক নাই, অথচ তেওঁ সেইদিনা বিধা পাতি বহি আছে তেওঁৰ ছোৱালীৰ বিযা নহলে তেওঁ বিগান্ধে মৰিব; এতেকে পিতৃদেবতাই সেই ছোৱালী অমকে বোপালৈ বিয়া কৰাব লাগে। ব্রাহ্মণন বিপদৰ কথা হলযঙ্গম কৰি দেউতাব মন কুমলিল তেওঁ সেইজন পুতেকক মতাই আনি ব্রাহ্মণৰ উপস্থিত বিপদৰ কাহিনী বিবহৃত কবি, বিষা কবিবলৈ বাজী আছে নে নাই সুধিলে। কন্যাটি সুন্দবী। আমাৰ ঘৰলৈ সেই কন্যাব সততে গতিবিধি আছিল। সেইদেখি "গৰ-হাজিব' হৈ বৰখাস্ত হোৱা দবাব ঠাইত হাজিব হৈ "বাহাল" হবলৈ আমাৰ ককাইদেওজনৰ একনিষ্ঠামানো আপত্তি নহ'ল, আবু, আমাৰ ঘববো আন সকলোৱে সেই শুভকার্য'ব সমর্থন কবি আনন্দ প্রকাশ কৰিলে। ফলত সেইদিনাই সেই বিবাহ নির্বাহ কৰি, বংমনেবে সুন্দৰী বৌক পিছদিনা পুরা আমাৰ ঘৰলৈ অনা হ'ল। মোব ওপৰতে যিজন সেইজন ককাইদেওব বিয়া হয় "আসাম বুৰঞ্জী" লেখক সুবিখ্যাত কাশীনাথ তামুলী ফুকনব জ্যেষ্ঠ পুত্র কমলানাথ ফুকনৰ জীয়েকৰ সৈতে। কমলানাথ ফুকনৰ কথা আগেযে ওপৰৰ এঠাইত কৈ আহিছোঁ। এই জীয়েকৰ বিধাব সময়ত ফুকন জীৱিত নাছিল। ফুকনৰ মৃত্যুৰ পিছত তেওঁৰ ল'ৰা-ছোৱালীকেইটিক ভাষেকে শিৱসাগবলৈ আনি নিজব আশ্রযত বাখিছিল। এই বিয়াত মই দুঘোঁৰ প্রতিবাদ কৰিছিলোঁ। প্রতিবাদৰ কাৰণ, ককাইদেওজনব তেতিয়াও স্কুলত পাঠ্যারস্থা। কিন্তু মোৰ আপত্তি নিটিকিল। আব, নিটিকিবৰ কথাও, কাবণ নগণ্য ল'ৰা এটাৰ নগণ্য আপত্তিলৈ কোনে কাণ দিয়ে? সি ফুটুকাৰ ফেনসোপা হৈ ৰ'ল। তাৰ উপৰি ককাইদেওজন অতি সম্বল প্রকৃতিৰ মানুহ আছিল। মই তেওঁক বুজাই বৰাই বিয়া নকৰাবলৈ যিদেরা টান কৰিছিলোঁ, সেইফেবা ডাঙৰসকলব হে'চাত ভাগি চুচু'টম হ'ল। এতেকে বিয়া সৎপাদিত হ'ল; সকলোরে ভোজ-ভাত খাই আনন্দ কৰিলে; কিন্তু ককাইদেওজনৰ ছাত্ৰজীৱনৰ তেতিয়াৰেপৰা ওৰ পৰিল।

পাঠ্যাবস্থা-ফাঠ্যাৱস্থা কোনে মানে? ইয়াৰ পিছত, পৰাহে'তেন মোৰ বিয়া পাতি। পেলালেহে'তেন। কিন্তু ওপৰত কোৱা ককাইদেওৰ বিয়াত মোৰ তুমুল অথচ নিষ্ফল সংগ্রাম দেখি, মোক যে ডবুৱা কটাৰীবে সতকাই কাটিব নোৱাৰা টান তানোল সেইটো সকলোরে হৃদয়ঙ্গম কৰিছিল। সেইদেখি আগৰ মোৰ মাটিমহীয়া মাৰ দেখি পিছত মোৰ বিয়া পাতিবৰ অভিলাষ পোষণ কৰোঁতা তিলবোৰে বে'ত মেলিয়েই ব'ল। আগেয়ে কৈছোঁ যে যোৰহাটৰ ওচৰৰ চাওখাত মৌজা আমাৰ লগুৱাৰ বৰভ বাল আছিল। মনপুৰ নামেৰে আমাৰ এটা লগ,ৱা আছিল, তাৰো ঘৰ চাওখাততে। আমাৰ ঘৰত চাকৰি কৰোঁতে কৰোঁতে তাৰ বয়স ভাটী দিলে, তথাপি তাৰ বিয়া নহয়। বিয়া হরনো কেনেকৈ? তাৰ বিষালৈ তিনি কুৰিমান ৰূপৰ দৰকাৰ। সি খাই বৈ পায় দৰমহা তিনি টকা। মাহে মাহে সি দৰমহা নলৈ, তাৰ বিয়ালৈ বুলি দৰমহাৰ ধনখিনি দেউতাৰ হাতত গোট খুৱাই থথ। ছমাহমানৰ দৰমহা গোট খালেই, তাৰ ককায়েক ঘিণ আহি ঘপহ কৰে ওলাই, তাৰ ওপৰত চিলনী থাপ মাৰে। মাটিৰ চৰকাৰী খাজনা দিবলৈ বা আন কোনো জব্বী টকা আনে বুলি ঘিণে মনপুৰক বুজাই, তাৰ দৰমহাৰ ধনখিনি লৈ গুচি যায়; আবু, সিফালে মনপবলৈ ধৰি ঠিক কৰি থোৱা ছোৱালী টকাৰ অভাৱত হাতৰপবা পিছলি পৰে। এইদৰে তালৈ ঠিক কৰা ছোৱালী যে কেইজনী পুলকি গ'ল তাৰ ঠিক নাই। অদৃষ্টব এনে পৰিহাস দেখি মনপুৰে শেষত আৰু, বিষা নকৰাওঁ বালি কবলৈ ধৰিলে। তাৰ বিয়াৰ কথা ওলালেই সি কয়, "আমাক ছোৱালী নেলা।" "নেলাগে" শব্দটো তাৰ মুখৰপৰা খ'বা হৈ "নেলা" হৈ ওলাইছিল। তাৰ "নেলা" শুনি হাঁহিবলৈকে আমি মাজে মাজে তাক তাৰ বিযাৰ কথা সুধিছিলোঁ। কিন্তু বেচেৰাৰ নৈৰাশৰ গভীৰতাৰ অনুভৱ আমি কৰিব পাৰিছিলোঁনে? যি হওক, প্রজাপতিৰ নির্বন্ধ এবাৰ কিবা স্বৰূপে মনপুৰৰ বিষা সঙ্ঘটিত হ'ল আৰু, বিয়াৰ পিছত সি তাৰ ককায়েকক তাৰ কামত বদলি দি বিষয়-দুখ-সম্ভোগৰ নিমিত্তে, নিজৰ ঘৰলৈ গ'ল। কিন্তু বোলে "আইৰ ঘবলৈ যাম দু'ইহাতে খাম",-বিধাতাব ইচ্ছাত তাৰ সেই সুখ-সম্ভোগ দীর্ঘকাল স্থাযী নহ'ল বিয়াব এবছর কি দুবছৰৰ পিছতে মনপুৰৰ মৃত্যু হ'ল।

বৃটিছ গরণ'মেন্টে অসমত ভদ্রলোকসকলৰ বন্দী-বেটীবোবক ম,প্তি দিয়াত পোন্ধৰ অনা বন্দী-বেটীয়ে সেই সুবিধা লৈ ওলাই স্বাধীনতাৱলম্বন কৰিলে; যি এক অনাই পুৰণি প্ৰভুৰ পূৰণি মায়া মমতাৰ ডোল কাটি নগ'ল বা যাব নোৱাৰিলে, সেই এক অনাৰ ভিতৰত আমাৰ ঘবত এঘৰ আছিল-গিৰিয়েকৰ নাম মথন, ঘৈণীয়েকৰ নাম ঘিগলাগী। সিহ'ত ছজনী জীযেকেৰে সৈতে এবৰ ডাঙৰ গৃহস্থ। মখনক আমি ল'বা তৰপে মখন বুলি নাম কাঢ়ি নামাতি "মথন ঘৰগিৰি" বুলিছিলোঁ আৰু, দ্বিণলাগাঁক "দ্বিণলাগী বাই" বুলিছিলোঁ। সিহ'তৰ ডাঙৰজনী ছোৱালীৰ নাম আহিনী আছিল। এই আহিনীযেই মোৰ মাতৃদেৱীৰ লগত বিদেশত ফুবি, মোক কোলাত লৈ আলপৈচান ধৰি ডাঙৰ-দীঘল কৰিছিল। আমি শিৱসাগৰলৈ উভতি অহাৰ কিছু দিনৰ পিছতে আহিনীক মাকে বিয়া দি উলিয়াই দিলে। তাইৰ ভনীয়েকবোৰকো এজনীৰ পিছত এজনীকে বিয়া দি উলিয়াই দিয়া হ'ল। মখনৰ মৃত্যু আমাৰ ঘৰতে হয় আৰু, দ্বিণলাগাঁয়েও আমাৰ ঘৰতে চিৰকাল থাকি জীৱন কটায়। শিৱসাগৰত "দ্বিণলাগী বাই" প্রখ্যাত বেজিনী (midwife) হৈ পৰিছিল। সেই কাৰ্যৰ নিমিত্তে সকলো ভদ্রলোকৰ ঘৰত ঘিণলাগী নহ'লে নচলিছিল। বাস্তৱিকতে সপৰিবাৰে ঘিশলাগাঁ আমাৰ ঘৰৰ এক অচ্ছেদ্য অঙ্গবিশেষ হৈ পৰিছিল আৰু আমাৰ ভিতৰত বন্দী-বেটীৰ ভাবত কৈ বন্ধতাৰ ভাবহে প্রবল আছিল। পিতৃদেৱতা আবু, মাতৃদেবীয়ে বিশলাগ কি লগত লৈ জগন্নাথ, মথবা, বৃন্দাবন আদি তাঁর্থ' কৰাই আনিছিল।

পিতৃদেৱতাব পুতেকহ'তক বেজবৰুৱা বংশৰ প্রধান বিদ্যা আয়ুর্বেদ শাস্ত্রত পাৰদর্শী' কবিবলৈ অহোপুৰুষাৰ্থ কৰি বিফল-মনোৰণ হৈছিল-ঘাইকৈ মোক। বান্দৰে ম,কুতা-মালাৰ মোল নুবুজাব দবে সেই কালত মই তাব মোল নুবুজি অবহেলা কৰিছিলোঁ। মোৰ মনত হৈছিল-"আচল বিদ্যাতো ইংৰাজী শাস্ত্রবিদ্যা; আৰু চিকিৎসাবিদ্যা শিকিব লাগে যদি পাশ্চাত্য এলোপাথিক ভান্তৰী বিদ্যা। দেশীয় বেজব বিদ্যা বিদ্যাই নহয়। দেশীয় বেজালী বিদ্যা ঊনবিংশ শতাব্দীত বাতিল, অসার্থ'ক আব, অলাগতীধা।" এনে মুংখামিৰ ভাবেবে পৰিপূর্ণ' হৈ মই ওচব নাচাপিছিলোঁ। এইবাবে এতিযা মোৰ মনত এনে অনুতাপ হয়, তাক ঈশ্বৰে জানে আৰু মই জানোঁ। কি সুবিধাকে মই হেলাতে হেব,রাইছিলোঁ। কি বন্ধুকে মই বুটলি নলৈ ভৰিৰে ঠেলি পেলাইছিলোঁ। দেউতা বজাঘৰীয়া বেজ। অসমৰ শেষ ৰজা পবন্দবসিংহই পিতৃ- দেৱতাক বাজসভাত বাঁতিমতে বৈদ্যশাস্ত্রত পৰীক্ষা কৰাই, ৰজাঘৰীয়া বেজৰ পদপ্রার্থী- সকলৰ ভিতৰত শ্রেষ্ঠ স্থান দি, নিয়মমতে কামাখ্যাব মন্দিৰত শপত খুৱাই লৈ নিজৰ বেজবৰুৱা পাতিছিল। এনেজনৰপৰা আয়ুর্বেদ শাস্ত্র শিকিবলৈ সুবিধা পাই তাক অৱহেলা কৰিছিলোঁ মই-ইংৰাজী-সভ্যতাৰ জমকীষা মোহত পৰি। পিতৃদেৱতাই তেওঁব বচিত বংশাৱলী গ্রন্থত লেখিছে-

মহাৰাজ পবন্দৰসিংহ নংপমণি। ঈশ্বৰ-ইচ্ছায়ে পাইলে ইটো ৰাজ্যখনি। পঞ্চ তীর্থ' মধ্যে তাক সাক্ষাত করস্তে। তাহান প্রসন্ন দৃষ্টি মোত পলিস্তে। মোৰ ইস্টদের গান, প্রসাদত তৈতি। বেজব বৰুৱা মোক ইটো স্থানে পাতি। সঙ্গে আনি বব সমাদবত ৰাখিয়া। মান্য যশ বিভূতিক দিলে সমপি'র্যা। বিশেষত মোৰ জ্যেষ্ঠ মই ব্যতিবেকে। কাহাৰো ঔষধ ৰাজা নাখায় সম্যকে।

In man's history there come ages of fireworks which dazzle us by their force and movement. They laugh not only at our modest household lamps but aiso at the eternal stars. But let us not for that Provocation be precipitate in our desire to dismiss our lamps. Let us patiently bear our present insult and realize that these fireworks have splendour but not permanence, because of the extreme explosiveness which is the cause of their power, and also of their ex- haustion. They are spending a fatal quantity of energy and substance compared to their gain and production." Nationalism, by Sir Rabindranath Tagore. 

তাহান কৃপাত তান দবাৰত বই। ফৌজদাবী চিৰপ্তাৰ অধিপতি হই। থাকস্তে ৰাজাৰ চ্যুত ভৈলেক ৰাজাৰ। কোম্পানীৰ হস্তগত জানিবা হুসাৰ।

মনত আছে, একো একোজনা পিদেরতাই মোক বলেৰে ধৰি আনি বৈদ্যশাস্ত্র "ভাষ-প্রকাশ" পূথি মেলি মোৰ আগত দি, মোক পড়াবলৈ ওচৰতে বহি অনগ'ল তাৰ শ্লোকবোৰ মুখস্থ মাতি ব্যাখ্যা কৰি মোক শুনাই গৈছিল। কিন্তু মোৰ মন-বিবাগোম ক'ত উৰি ফুৰিছিল, তাক তেওঁ নাজানিছিল। ভাৱ-প্ৰকাশৰ-

পঞ্চাভিভূতত্বথ পঞ্চকৃত্বা

পঞ্চেন্দ্রিয়ং পঞ্চস্থ ভারয়িত্বা

পঞ্চরমাবাতি বিনাশকালে।

এই শ্লোকৰ দার্শনিক ব্যাখ্যা কবি পিতৃদেরতাই মোক পড়াব আৰু নেই শ্লোক আবু তাৰ ব্যাখ্যাই মোৰ মনত পঞ্চত্ব লভি তেতিযাই বিনাশপ্রাপ্ত হয়। মোব আনবোৰ অগ্নজো যে বৈদ্যশাস্ত্র-শিক্ষাৰ প্রতি মোতকৈ বেছি আগ্রহাশিত আছিল, এনে বলিব নোৱাৰোঁ; তথাপি তেওঁলোক যে মোব সমান হতভগীযা আছিল এনে নহয়, তেওঁ- লোকে কিছুদুৰ পঢ়িছিল আৰু, চিকিৎসা কৰিবলৈ কিছুদূব শিকিছিল। তেওঁলোকব ভিতবত ব্রজনাথ আব, দু'জন-এজন একপ্রকার ভাল চিকিৎসকেই হৈ উঠিছিল। কিন্তু ৰীতিমতে শাস্ত্র পড়ি শাস্ত্র-বিদ্যাত বিশাবদ হোৱাটো তেওঁলোকৰ অদৃষ্টতো ঘাঁটছিল বুলি কব নোৱাৰোঁ। পুতেকহ'তৰ গঢ়গতি দেখি হতাশ হৈ এদিন পিতৃদেবতাই আমাক ক'লে-"বাবু, অকল ইংৰাজীকে পঢ়ি তহ'ত বি হব খুজিছ হ, মই আৰু, তহ'তক একো নকওঁ; কিন্তু মই মোৰ ল'বা এটাক মোৰ মনৰ মতেৰে আমাৰ পুৰণি বৈদ্যশাস্ত্র পঢ়াই শিকাই-বুজাই লবলৈ থিৰ কৰিছোঁ; তাক আব, ইংৰাজী পঢ়িবলৈ নিদিওঁ। লক্ষাণকে মই মোৰ মনৰ মতেৰে শিক্ষা দিম।"

লক্ষণে মোৰ পিছৰে মোৰ সৰু ভাই। দেউতাই তাক ইংৰাজী স্কুলৰপৰা নাম কটাই আনি ৰীতিমতে বৈদ্যশাস্ত্র পঢ়াবলৈ ধৰিলে। এই কার্য' দেখি আমি "ইংৰাজী- জ্বালা পন্ডিতবোৰে" ভাবিলোঁ, লক্ষ্মণৰ ইহকাল-পৰকাল গ'ল। কিন্তু বাস্তবিকতে লক্ষণে দুই-চাবি বহুবৰ ভিতৰতে আয়ুর্বেদীয় চিকিৎসা-বিদ্যাত বেছ পাৰদর্শিতা লাভ কৰিলে। "মানুহে পাতে, ঈশ্ববে ভাঙে বুলি কয়। ঈশ্বৰৰ ইচ্ছা নহর হবলা যে অসমৰ পৰণি কালৰেপৰা প্রসিদ্ধভারে চলি অহা আয়ুবে'দ-বিদ্যাৰ প্রৱাহ থাকে; সেই দেখি পিতৃ-দেৱতাৰ আশা ভঙ্গ কবি ঈশ্বৰে লক্ষ্যাণক মাতৃদেবীৰ সৈতে লগত লৈ গঙ্গাস্নান কৰিবলৈ কলিকতালৈ আহিছিল। মই তেতিয়া কলিকতাত প্রেছিডেন্টি কলেজত এম-এ পঢ়িছিলোঁ। পিতৃদেৱতাৰ নিমিত্তে মেডিকেল কলেজ স্ট্রীটত হুকীয়াকৈ এটা ঘৰ কেৰেয়া কৰি তাতে তেওঁলোকক থাকিবৰ দিহা কৰি দিলোঁ। কলিকতা পোৱাৰ পিছদিনাই লক্ষণেৰ বিসংচিকা বোগ হৈ সেই ৰোগতে একেদিনৰ ভিতৰতে ১৮৯১ শ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত সি প্রাণত্যাগ কবে। পিতৃদেৱতাৰ মূৰত হঠাৎ আকাশী চবগ ভাগি পবিল। কিন্তু এনে বিপদতো তেওঁৰ প্রশান্ত মূর্তি' আব্বু, ধৈষ দেখি সকলোৱে আচৰিত মানিছিল। তেওঁ মাথোন এষাৰ কথা কৈছিল- "ঈশ্বৰৰ ইচ্ছা নহয় যে আসামত আমাৰ ঘৰত বংশানুক্রমে চলি অহা বেজব বিদ্যা থাকে।" মোৰ মনত আছে শ্রীযুত গঙ্গাগোবিন্দ ফুকন ডাঙৰীষা তেতিয়া কলিকতাতে আছিল। লক্ষণৰ মৃত্যুৰ সমযত তেবোঁ কাষতে বহি আছিল। এই মত্যুত তেওঁ অম্ভবত ইমান আঘাত পাইছিল যে শোকৰ বেগ সামৰিব নোৱাৰি হংকং হক, কবে কান্দিবলৈ ধৰিলে। আমি চাবিজনে লক্ষ্যণব মতদেহ কাম্বত লৈ গঙ্গাৰ ঘাট নিম্নতলাত পৰিবলৈ লৈ গলোঁ। পিভৃদেরতাই কীর্তন ঘোষাৰপবা "জয হবি জয় বাম" এই যাত্রা-ঘোষা ধাৰ, "গোপৰ পে নন্দব তনয়। শুভক্ষণে কবিলা বিজয়" পদ দি লগে লগে গ'ল আমি ঘোষা গাই গাই শ্মশান পাই, যথাবিধি শরব সৎকার কবিলোঁ।

পিতৃদেৱতাৰ এটা ঔষধালয় আছিল। তাত তেওঁ আয়,বে'দোস্ত ঔষধ প্রস্তুত কৰিছিল। দৰবব উপাদানবোৰ খুন্দা, বটা, ববি পকোরা, জাবোণ পোৰা, দববত ভারনা দিয়া ইত্যাদি কবিবলৈ দম'হা দি মানুহ বথা হৈছিল। সেই মানুহৰ ভিতৰত ৰাজকুমাৰ নামেৰে এটা বঙ্গালী মান্নুহ আছিল। সি প্রায় পাঁচ-হুবছৰ দেউতাৰ লগত থাকি সেই কাম কবি, practical knowledge অর্থাৎ হাতে-কলমে হোৱা অভিজ্ঞতা লাভ, ডাক্তবখানা বা আম্পাতালৰ কম্পাউণ্ডাৰ বা দেবেচীযে চাকৰিৰ পৰা অৱসৰ লৈ, "গাধনৰ ঘৰব বোন্দাইও বাগ দিয়ে" এই বাকাৰ সার্থকতা প্রমাণ কবি, ডাৱাৰী কৰা দি, তাৰ দেশলৈ উভতি গৈ ৰাজকুমাৰ শীল কবিৰাজ উপাধি লৈ কবিবাজী কৰি সুখেৰে জীৱিকা নির্বাহ কবিছিল।

দেউতাই যদিও তেওঁব ঔষধালয় ব্যৱসায় হিচাপত চলাবলৈ গৈছিল, তথাপি তেওঁৰ দৰব আৰ, চিকিৎসাব চাৰি ভাগব তিনি ভাগ বন্ধু-বান্ধৱ, চিনাকি মানুহ আব, খোজনিয়াৰ মগনিযাৰৰ ভিতৰত "বিনামংলো বিতবিত" শ্রেণীভুক্ত হৈ তেওঁৰ ব্যৱসায়ক অনেক দূৰ অব্যৱসায় কৰি তুলিছিল। তথাপি মুঠতে, তেওঁৰ দৰবৰ ব্যৱসায়ৰপৰা আয় যে নহৈছিল, এনেও নহয়।

দেউতাই শিৱসাগৰলৈ আহিয়েই তেওঁৰ ঘৰব বাট-চ'ৰাৰ ওচৰতে এডোখৰ মাটিত এটা ডাঙৰ ৰাজহুৱা নামঘৰ সজাই তাত ৰাজহুরা সবাহ, পূজ্য ইত্যাদি কৰাবৰ দিহা কৰিছিল; কি অদম্য উৎসাহেৰে দেউতাই সেই ৰাজহুৱা কাৰ্য বোৰত যোগ দি সেইবোৰ শুসম্পন্ন কৰাইছিল, দেখি আচৰিত মানিবলগীয়া। বৃদ্ধ তেওঁৰ উৎসাহ আৰু কার্য'কৰী শক্তিৰ "জোবৰ আগত বাতিৰ পোহৰ'ৰ দৰে হৈ পৰিছিল।

দলাদলি নামৰ এটা ডাঙৰ দৈত্যই অতীজৰেপৰা ভাৰতবৰ্ষক ভৰিৰে দলি আহিব লাগিছে। তাৰ গছকত ভাৰতবাসীয়ে মিলি-জুলি শক্তিমস্ত হৈ কোনো ভাল কামকে কৰিব নোৱাৰে। সেইবাবেই ঘাইকৈ, ভাৰত আজি শ শ বছৰ ব্যাপি পৰৰ গোলাম। বজন-নিৰ্গত ভাৰতবাসীৰ যে এই কথাৰ ভু নাই এনে নহয়; কিন্তু ভাবতে দৈত্যটোৰ প্রচন্ড মাত্তি' দেখিয়েই, আপোনাৰ সম্মিলিত শক্তিৰ মহিমা পাহৰি ভয়ত জড়ভষত হৈ পৰে। বান্তরিকতে এই দৈত্য দিতিৰ পুত্র নহয়, ভাৰতবাসীৰ মানস-পুত্রহে। ভাৰত- বাসীক "বনব বাথে খোৱা নাই, মনব বাথেহে খাই মাৰিছে।" যিদিনাই ভাৰতবাসীয়ে এই মায়াপী মনৰ বাঘটো বধিব পাৰিব সেই দিনাৰপৰাই ভাৰতবাসীৰ সুদিন উভতি আহিব। যি হওক, শিৱসাগৰৰ সেই ৰাজহুৱা নামঘৰলৈও কিছু দিনৰ পিছত দলাদলিব সূত্রপাত হ'ল। তথাপি দেউতা বিমান দিন জীয়াই আছিল, তেওঁ অকলে এণ হৈ সেই নামঘৰ ৰক্ষা কৰি তাৰ কাষ শুচাৰুৰূপে চলাই আছিল।

সম্ভৱতঃ বৰপেটাৰ তিথিবাম বায়নৰ বঙ্গলা যাত্রাগানৰ "পালা" দেখি, শিৱসাগৰৰ অসমীয়া ভদ্রলোকসকলৰ ভিতৰত বঙ্গলা যাস্ত্রাগান কৰিবৰ হুম উঠিল। ফুকন মস্তানাথ খাজাঞ্চী ভিনাহিদেওৰ নেতৃত্বত আৰ, দুই-চাৰিজন বঙ্গালীৰ সাহায্যত বাধাৰ মানভঞ্জনৰ "পালাৰ" আখৰা চলিবলৈ ধবিলে। গানব উছাহব ঢৌৱে শিৱসাগৰত দলদোপ হেন্দোল্দোপ, গাই দিলে। কিছুমান অসমীয়া ল'ৰাক "গানব ছোকোৰা" কৰা হ'ল আৰু, দুই-চাৰিজন অসমীযা আদহীয়া ভদ্রলোকে দুই-এজন বঙ্গালী ভদ্রলোকেৰে সৈতে হাতত বেহেলা লৈ "ওস্তাদ" হৈ উঠিল। অসমীয়া ল'বাই- "দেখে যা গো চন্দ্রাবলী, কোজ (কুঞ্জে) দুরাবে (খাবে) বনমাল" বুলি ক'কাল ঘৰাই যেতিয়া গানৰ সভাত নাচিবলৈ ধবিলে, অসমীয়া দর্শকৰ আনন্দব পাব নোহোৱা হ'ল। বছৰচেৰেক এই গানৰ চৌৱে শিৱসাগৰ, যোৰহাট আৰু, গোলাঘাটক কোবাই, তাৰ সৰ, হেন্দোলনিবোৰ দৰৰ চাহ বাগিচাবোৰৰ ববমহৰাঁ, সবমহৰাঁ, হাজিৰা মহৰী, পাত-মহৰীৰ মাজলৈ সুমাই দি আৰু ওচৰৰ নদীযাল, বৃত্তিয়ালৰ ভিতৰৰ ডেকা ল'বাবোৰৰ গাত খলক লগাই, সেইবোৰৰ ভিতৰত ক্ষদ্র ক্ষদ্র গানৰ পালা একোটা সৃষ্টি কৰি দি বঙ্গলা গানৰ অসমীয়া শবাধ কৰাই আপোনা-আপুনি মাৰ গ'ল। ওপৰত কোৱা হেন্দোলনিৰ ফলত বঙ্গলা যাত্রাগানৰ অনুবাগী হোৱাসকলৰ গানৰ এফাকি-দফাকি এতিযাও মোৰ

মনত আছে; যেনে - (১) ওবে গা-ভাঁসব!

কবে হাম্বা-আ-বব.

দেখ গা-ভাঁ-ই স-অ-ব।

(২) ঐ দেখ বকোলেৰ (বকুলেৰ) মূলে। সম্প্রোদয় (চন্দ্রোদয়) কি ভো-ও-তলে (ভূতলে)।

(৩ বাধাবোমণ (বাধাৰমণ) হে বোল বোল (বল বল) বিৱৰণ।

কাৰ কোল্পে (কুলে) দূখ (সুখ) ভোজে (ভূজে) নিচি (নিশি) কৈলে জাগৰণ।

ভাদ মাহত শ্ৰীশঙ্কৰদেৱৰ আৰু বদলা আতাৰ তিথি হয়। এই তিনি তিথিক "ভাদৰ তিনি কাঁত'নো" বোলে। আমাৰ ঘৰত এই তিনি কীর্তন দিনে-ৰাতিয়ে তিনি দিন ব্যাপি মহাসমাৰোহেৰে কৰা হৈছিল। তিথিৰ দহ-বাৰ দিনৰ আগৰেপৰা উছাহত আমাৰ তৎ নাথাকে। তিথিৰ থাপনিৰ দিনাৰেপৰা নাম-প্রসঙ্গত থাপনাৰ আগত শৰাইত দিবলৈ কল বিচাৰি শিৱসাগৰৰ মানুহৰ কলবাৰী চলথ কৰি ফুৰোঁহক আব, থোকা-থোকে কোঁচা কল কাটি আনি জাগ দি পকাবৰ দিহা কৰোঁহক। গাজিপ্রসাদব শৰাইৰপৰা আৰম্ভ কৰি আঠ-দহখন শৰাই মাহ-চাউল-কলেৰে কেনেকৈ উপচি পৰিব, এইটো আমাৰ মহা ভাবনাৰ বিষয হৈ পৰে। আমাৰ ঘৰতে তিনি-চাবিধোৰ ভোৰ তাল, তথাপি আৰু পাঁচ ছযোৰ ভোৰতাল আমি গণকপটিৰপৰা গোটাই আনি বজাই নাম-প্রসঙ্গৰ ধ্বনিৰে গোটেইখন চহৰ থলক লগাই দিওঁহক। তিথিৰ দিনা ৰাতিরে দিনে গাঁত, ভটিমা, নাম-প্রসঙ্গ অখন্ডভারে চলে। পিছদিনা অর্থাৎ তৃতীষ দিনা, যাত্রা-ঘোষা আৰ, তাৰ অন্তত চৰিত তোলা হৈহে তিথি-মহোৎসৱৰ ওৰ গবে। চবিত্র তোলা মানে শ্রীশঙ্কবদেরব তিথিত শ্রীশঙ্কবদের, শ্রীমাধবদের আব, বদলা আতাৰ তিথিত মাধরদের আবু, বদলা আতাৰ আবিৰ্ভাৱৰ আগৰেপৰা তিৰোভাৱলৈকে গোটেইবোৰ ঘটনা মালিনীযে ফুলব মালা গাঁথাদি গাঁথি সুক্ষ্যাতিসংক্ষাৰুপে বর্ণনা কবি যোৱা হয়। পুথি চাই নহয, নিজৰ মনৰপৰা সু'ৱৰি। আমাৰ ঘৰৰ তিথিত এই চৰিত্র তোলা কার্য' পিতৃদেৱতাই নিজে কৰিছিল আৰ, আমি সকলোরে অতি সন্তর্পণে ভক্তিভারে খুনিছিলোঁ। দুইজন গুব্দৰ শিষ্য বাৰজন আতাৰ যেনে মধুদাস বা বঢ়াআতা, বৰবিষ্ণু আতা, ভাতৌকুছি আতা ইত্যাদি) তিথিও বছৰে বছৰে নিয়মমতে আমাৰ ঘৰত কৰা হৈছিল আৰু, সেইসকলৰো চৰিত তুলি তিথিৰ সামৰণি মৰা হৈছিল। পৃথি চাই বা পঢ়ি চৰিত তোলাৰ নিয়ম নাই। বেদ বা শ্রুতি যেনেকৈ আগৰ কালত লিখিত হোৱাটো অবিহিত কাষ' বিবেচিত হৈছিল, দুইজনা মহাপুৰুৰে আৰু আতাসকলৰ চৰিত্রও তেনেকৈ লিখি বখাটো অবিহিত বিবেচিত হৈ সন্ত সাধ,সকলৰ মুখে মুখে সেই চৰিত্ৰ প্ৰচলিত হৈ আহিছিল, নতুবা শ্রীশঙ্কৰদেৱ, শ্রীমাধবদের আব, আতাসকলৰ জীৱনচৰিত্ৰৰ আটক আজিকালি যেনেকৈ অনুভর কৰা যায়, সেইটো নাথাকিলহে"তেন। বৰপেটা, কমলাবাৰী আদি মহাপুৰুষীয়া সপ্তবোৰত এতিয়াও এই বীতি প্রচলিত, আৰ, তিথিৰ শেষদিন, চবিত্ত তোলাত দুইজনা মহাপুৰুষৰ আৰু, আতাসকলৰ জীৱনৰ ঘটনাবোৰ বিস্তাৰিতভাৱে বিবৃত হয়।

আমাৰ ঘৰত ফাকুৱা বছবে বছবে কৰা হৈছিল। এই ফাকুৱাত আমি ল'বাবোবৰ ইমান উৎসাহ আছিল যে, কুলীযে বা চাকব-নাকৰে কৰিবলৈ অপেক্ষা নকৰি, ফাকুৱা- ঘৰৰ (দৌলৰ) পাঁচ-ছ হাত ওখ ভেটিটো আমি নিজে কোৰেৰে মাটি কাটি সেই মাটি বৈ আনি কৰি দিছিলোঁহক, ৰাজহুৱা নাম-ঘৰতো ফৎেসৱ কৰা হৈছিল। যিদিনা খাটোলাত তুলি বৃষ্ণ-মতি'ক ফুৰাবলৈ লৈ যোৱা হয়, সেইদিনা ইটোরে সিটোৰ গাত ফাকু মৰা, চেৰেকাপানী মৰা, কুকুম মৰা, আৰু, ঘাটৰ কাষৰৰ গাৱৈ বা বিল বা হোলাৰপৰা বোকা-পানী আনি ইটোৱে সিটোৰ গাত ঢলা-ঢলি কৰাৰ নিচিনা উৎকট ধেমালিত আমি বলীয়া হৈ ফুৰিছিলোঁহক। গণকপটিৰ ফাকুৱাৰ শোভাযাত্রা আমাৰ প্রতিদ্বন্দী আছিল। দুই দলৰ ভেটাভেটিত দুই দলৰ ভিতৰত উত্তরা ডেকাবোৰৰ ভিতৰত থকান্দা লাগি মৰামৰি পর্যন্ত হোৱা দেখা গৈছিল। 

ৰাস-পুজা আমাৰ ঘৰত হৈছিল; কিন্তু এৰা-ধৰাকৈ। কোনো বছৰ হৈছিল, কোনো বছৰ নহৈছিল। হোৱা বছৰৰ গুৰিত মই "খোদ"। মই মাটিৰ মতি' সজা বিদ্যাত মনে মনে পাকৈত হৈ পৰিছিলোঁ। প্রথমতে দেউতাই নেদেখাকৈ ধান খেৰৰ জুমুখি বান্ধি, কুমাৰ-মাটি আনি, বাধা-কৃষ্ণৰ মতি' সাজি, পিছত সেই মুর্তি সম্পূর্ণ হবৰ সময়ত দেউতাৰ চকুত পৰাকৈ থৈ দিছিলোঁ। কাবণ প্রতিমা প্রস্তুত দেখিলেই দেউতাই অগত্যা পুজা পাতিবলৈ বাধ্য হব। এইখিনিতে অবাস্তৰভাৱে লাহেকৈ কৈ খওঁ যে, সৰুতে মাটিৰ মতি' সাজিবলৈ শিকা বিদ্যাই বুড়া বৎসতো কাম দিছিল। সিদিনা মহাযুদ্ধৰ শান্তিপর্ব'ৰ আবম্ভণত (Peace celebration) সম্বলপুৰত নানাবিধ উৎসর আনন্দব দিহা কৰা হৈছিল। সম্বলপুৰৰ ডিপুটি কমিশ্যনাৰ মিস্টাব ইংগোছ (A L. Ingless) চাহাবে, কলিকতাৰ ৰয়েল থিযেটৰত ডাক্তৰ ৰবীন্দ্রনাথ ঠাকুব-বিবচিত বাল্মীকি প্রতিভা নাটৰ ভাৱনাত মোব অভিনয়ব কথা কেনেবাকৈ আন ধৰোপীয- সকলৰপৰা শনিছিল। তেওঁ মোক বরকৈ ধৰিলে যেন সালপুবব ভিক্টোবিষা মেম' বিযেল হলত মই সেই বাগ্মীকি প্রতিভা ভারনা কৰোঁ। মই অগত্যা মোৰ ছোৱালী-তিনিজনী আৰু, গ,হিণীবে সৈতে আবু, লগত আন চাবি-পাঁচজন ভদ্রলোকক লগত লৈ সেই ভারনা কৰিছিলোঁ। তালৈ কালীৰ প্রতিমা দকাৰ। সম্বলপুৰত সেই প্রতিমা দুর্লভ হোৱাত, মই দুদিনৰ ভিতৰতে নিজ হাতে মাটিৰ কালীমূর্তি সাজি লৈ সেই কার্য' সুন্দৰৰূপে সামধা কৰিলোঁ।

আপোনা-আপুনি চেষ্টা কৰি সৰুতে মই চিত্র-বিদ্যাতো অলপ-অচৰপ জ্ঞান লভিছিলোঁ। অসমত কর্তি'নঘব বা নামঘৰবোৰৰ বেৰ গোবৰ মাটিবে বা শুদা বোকাৰে লেপা নিয়ম নাই। তাৰ ভকতীয়া ব্যাখ্যা এই-ইন্দ্রদ্যুম্ন বজাই হৰিকীত'ন শুনি থাকিবলৈ সহস্র কাণ প্রার্থনা কৰিছিল। তেওঁৰ প্রার্থনা পংণ কৰা হ'ল। তেওঁৰ সহস্র কাণেই কাত'নঘৰৰ বেৰব সহস্র বিশ্বা। মোব মনেৰে নামঘৰৰ বাহিৰত বহা আৰ, থকা মানুহৰ কাণতো যাতে নাম-কীর্তনিষ ধ্বনি আহি অবাধে পৰে, এই অভিপ্রায়েৰে মহাপুৰুষে এই ব্যৱস্থা কৰিছিল। শ্রীশঙ্কৰদের বচিত বৰগীতত আছে,- বলহ, ৰাম-নামেসে মুকৃতি নিদান।

বুলিতে এক, শুনিনে শত নিতবে,

নাম-ধৰম বিপৰীত। আমাৰ ঘৰব এনে কীর্ত'নখৰৰ বেৰা এখনৰ এডোখৰত কুমাৰ-মাটি লেপি মই মনে মনে শ্রীকৃষ্ণলীলাৰ ছবি গোটাচেৰেক হেগুলে-হাইতালেবে আঁকিছিলোঁ। কাঁত'নঘৰৰ বেৰ লেপাৰ নিচিনা অবিধি কাষ' দেখিও, তাত কৃষ্ণম, তি'ধোৰ থকাৰ বাবে পিতৃদেবতাই মোৰ দায় নধৰি, সেই মতিবোৰ অনেক কাললৈকে ৰক্ষা কৰিছিল। দেউতাৰ মৃত্যুৰ পিছত কাঁত'নম্বৰৰ জীর্ণ'সংস্কাৰৰ সময়তহে সেই মতি'বোৰ বিলোপ হয়।

আজিকালিৰ কথা কব নোৱাৰোঁ, সেই কালত শিৱসাগৰৰ গণকপটিত নাম-কাঁত'নৰ বৰ পযোভৰ আছিল। হৃদয়স্পর্শী' খুললিত হাঁৰানামৰ নিমিত্তে গণকপটি সুবিখ্যাত আছিল। শ্রীযুত হৰকান্ত নাজিৰ আৰ, শ্রীযুত গোপীনাথ শৰ্মাৰ নেতৃত্বত গণকপটিন নাম-কীত'নৰ দল আহি কোনো ৰাজহুৱা সবাহত যেতিয়া আমাৰ ৰাজহুৱা নামঘৰত হাঁৰানাম গাবলৈ আৰম্ভ কৰে, তেওঁলোকৰ সুশৃঙ্খলিত আবু, সুললিত হৰিনাম কীত'নৰ ধ্বনিত সকলো বিমুগ্ধ হয়। তেওঁলোকৰ সৰহ ভাগেই আউনীআটি আৰ, দক্ষিণপাটৰ শিষ্য। কিন্তু দুই মহাপ,বষেব কীর্তনঘোষা আব, নামঘোষাই তেওঁলোকৰ হৰি- কর্তি'নব অক্ষয় ভাণ্ডাৰ। মহাপুৰুষ বিৰচিত নামঘোষা আবু, কীত'নঘোষা বর্জ'ন কবি ওভোতা-সোঁত বোৱাবলৈ ওলোৱা আজিকালিৰ জনচেৰেক দৈৱজ্ঞ শ্ৰেণীৰ মানুহৰ নিচিনা সেই আগৰ তেওঁলোক নাছিল। কীত'নঘোষাৰ পৰা ঘোষা আৰু, পদ দি, ভক্তি গদ গদ কঠেবে সুমধ,বে নাম কাঁত'ন লগাই দিওঁতা শ্রীযুত হবকান্ত নাজিৰ আৰ, গোপীনাথ শমহি এই লেখকব অশেষ শ্রদ্ধা এনেকৈ আকর্ষণ কৰিছিল যে তাক পাহৰিব নোৱাৰো।

শিৱসাগৰ জিলাৰপৰা পোন্ধৰ মাইলমান দৰেত জৰাবাৰী সত্ৰ। জবাবাৰী মহাপুৰুষীয়া সত্র। তাৰ অধিকাবজন উদাসীন, ডেকাজন বিষযা। ডেকাজন সততে আহি আমাৰ ঘৰত থাকিছিল। আমাৰ মৰ্মব ডেকা করি শ্রীমান যতীন্দ্রনাথ দুৱৰাৰ পিতৃদেৱতা শ্রীযুত শ্যামসুন্দব দূরবাব ঘৰ তেওঁৰ কুটুম্ব-ঘব; আব, আমাৰ ওচৰতে। তথাপি জৰাবাৰীৰ ডেকা গোসাঁয়ে দুরবা ডাঙবীযাব ঘৰত নাথাকি আমাৰ ঘৰত থাকিবলৈ ভাল পাইছিল। তেওঁ জাঁজীৰপৰা মহাজনীবা ঘোঁৰা এটাত উঠি আহি গংলি বেলিকা টকচ, টকচুং কৰে যিদিনা আমাৰ খৰত ওলাযাহ, সেইদিনা আমাৰ মহা বং। ৰাতি তেওঁৰ ওচৰত বহি মই অনেক সাধকথা শুনিছিলো। মোৰ "সাধ,কথাৰ কুকিত থকা "ঘবপতা ককা" আব, "মূলা খোৱা বুঢ়া" তেও'ৰেপৰা মই শনা সাধ। তেও'ব ববপুতেক শ্রীধুত নিত্যানন্দ ডেকা গোসাঁই (যি আজিকালি জৰাবাৰী সপ্তৰ অধিকাৰ আমাৰ পুখুৰাঁপাবব ঘৰতে থাকি, দেউতাৰ কাষত সংস্কৃত লেখা-পড়া শিকিছিল। নিত্যানন্দ ডেকা গোসাঁই মোৰ অতি মৰমৰ বন্ধ, আছিল। আজি কত কাল যদিও মই তেওঁক দেখিবলৈ পোৱা নাই, তথাপি মোষ সোঁৱৰণৰ সুমধৰ চুক এটাত তেওঁ সদায় আছে।

পিতৃদেৱতাৰ সদায় এটা বব ইচ্ছা আছিল যে তেওঁ চৰকাৰী কামৰ পৰা অৱসৰ লৈ শিৱসাগৰত থাকি ধর্ম' শাস্ত্রালোচনা কৰি তেওঁৰ জীৱনৰ বাকীডোখৰ কাল কটায়। শিৱসাগবলৈ আহিয়েই তেওঁ সেই ইচ্ছা কার্যত পৰিণত কৰিলে; প্রথনডোখৰত তেওঁ আবেলি চাৰিমান বজাৰ পৰা আন সকলো কার্য' এৰি, চ'ৰাঘৰত বহি, অসমীয়া ৰামায়ণ, মহাভাৰত আদি পুৰাণ পুথি আনৰ হতুৱাই পঢ়াই শুনিছিল, আৰু মই আৰু মোৰ ককাইদেও শ্রীনাথ শ্রোতা শ্রেণীভুক্ত আছিলোঁ। ইয়াৰ পিছত পিতৃদেবতাই নিজে সংস্কৃত বাৰম্বশ্ব ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিবলৈ ধৰিলে আৰ, আমিও স্কুলৰপৰা আহি গা-পা ধুই ওচৰতে বহি একাত্তমনে আনন্দেৰে সেই ভাগৱত পাঠ আৰু ব্যাখ্যা শুনিবলৈ ধৰিলোঁ। চ'ৰাঘৰৰ মাজ ঠাইতে মাটি সাৰি-মচি এখন কাঠৰ আসনৰ ওপৰত শ্রীমজ্জাগরত শাস্ত্র ৰখা হৈছিল আৰু, পিতৃদেৱতাই তাৰ সম,খতে বহি পটি ব্যাখ্যা কৰিছিল। শ্ৰোতাসকল তেওঁৰ তিনিওফালে বহিছিল। মই পৰাপক্ষত কেতিয়াও সেই শাল্ব ব্যাখ্যা শুনাৰপৰা অনুপস্থিত নহৈছিলোঁ। শ্রোতাসকলৰ ভিতৰত এজন বৰ "মজাৰ" বুড়া বামুণ মানুহ আছিল, তেওঁব নাম বটু বাপু। বটু বাপৰ ঘব অর্জনেগ, বিত। অর্জনগুৰি আমাৰ ঘৰৰপৰা তিনি-চাৰি মাইলমান দুবত। কি ব'দ, কি বৰযুণ, কি ধুমুহা-বতাহ, যা আন দুর্যোগ একোরে বটু বাপুক ভাগরত শুনিবলৈ অহাত বাধা দিব নোৱাৰিছিল। তেওঁ দিনৌ খোজ কাঢ়ি আহি ঠিক সমযত উপস্থিত হৈছিলহি আব, বাতি এম্বাবেই হওক বা পোহৰেই হওক, হাতত লাখুটি এডাল লৈ তাৰে খট খটকে মাটি কোবাই গৈ গৈ তেওঁৰ ঘৰ পাইছিল। তেওঁ শ্রীনাথ ককাইদেওৰপৰা আষাৰচেবেক ইংবাজী কথা শিকি মুখস্থ কবি বাখিছিল, যথা-"Well, my dear Sır, how do you do? Quite well তেওঁৰ মুখবপবা সেই কথা- কেইষাৰ এনে আকাৰ ধৰি ওলাইছিল-"রাল, মাইডিযেব ছাব, হাতুইও ডু? কোটো- বাল।" তেওঁক বাটত 'বলৈ যায়' বুলি কোনোৱে পুধিলে, তেওঁ উত্তব দিছিল- "দীননাথ বেজবৰুৱাকা হাউজ, হিন্দ; বাইবেলে হিয়েন, আই গো।" এই কেইযাবৰ বাহিৰে তেওঁ আন ইংবাজী কথা একো নাজানিছিল। তেওঁ আহিয়েই আমাৰ ঘৰত এবাটি চাহ খাবলৈ পাইছিল। তেওঁক দেখিলেই আমি লবি গৈ শিলৰ বাচিত এবাটি চাহ আনি আমাৰ গোসাইঘৰৰ টুপতে তেওঁক খাবলৈ দিছিলোঁ। আমাৰ ঘৰত তেওঁৰ এইদৰে চাহ খোৱা সম্বৎসবব্যাপী অডন'ভসাকাৰে চলিছিল। তেওঁক চাহ খুৱাই আমিও আনন্দ পাইছিলোঁ, তেওঁ তৃপ্তি লভি খাই উঠি গৈ ভাগরত শ্ররণানন্দ লভিছিল।

বৰ বাৰজনীয়া সত্র কাথপাৰ আৰ, চুপহা আব, সব, বাৰজনীয়া শলগুৰি সম্র শিৱসাগৰ চহৰপৰা কিছু দংবতে। এই সতবোবৰ আতা সকল সততে আমাৰ ঘবলৈ আছি দেউতাৰ সৈতে দেখা-সাক্ষাৎ কৰিছিল আব, দেউতায়ো তেওঁলোকক যথোচিত আদব সম্মান কবিছিল। বছৰে বছৰে শলগুৰি সত্তৰ তিথিত আমি দেউতাৰে সৈতে ভাৱনা চাবলৈ শলগ, বি সন্তলৈ গৈছিলোঁ। সত্ৰৰ অধিকাৰে হাতী পঠিয়াই দি আমাক নিযাই বৰ আদব-সাদৰ কৰি খুরাইশ্বরাই তেওঁলোকৰ ভাৱনা দেখুৱাইছিল। ভাৱনাত, গলগ বাঁয়া আতাই তিনিটা খোল একে সময়তে বজাই সুন্দবকৈ ঘোযা-কর্তি'ন কৰা মই দেখা মনত আছে। শলগুৰি সত্ৰৰ এজন মেধি আছিল; তেওঁ সততে আমাৰ ঘৰলৈ আহিছিল। নিস্ঠাৱন্ত ভবত সেই মেধিজনক আমি বৰ প্ৰধাৰ চকুৰে দেখিছিলোঁ।

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক