জববাৰে খেতিবাতিও কৰা নাই, মিলিটাৰীৰ চাকৰি বা ঠিকাদাৰীও কৰা নাই। সি কিন্তু কিছু টকা কৰিছে। একো নকৰাকৈ সি কেনেকৈ টকা কৰিছে সেইটো বহুতৰে গুণাগথাৰ বিষয় হৈছে।
মানুহে কোরাকুই কৰিছে যে বাতি বিয়লি তাক মিলিটাৰীৰ গাড়ীত অহা যোৱা কৰা কেনোবা কোনোবা দেখা পাইছে। কিন্তু কিয় যায় ক'লৈ যায় সঠিক কোনোরে ক'ব নোৱাৰে, সিও কাকো নকয়। কিন্তু টকা সি কৰিছে।
এদিন বাবৰে জববাৰক লগ পালে, টাউনত। দুয়োটাই একেখন ছিনেমাকে চাই ওলাই আহিছিল।
"এতিয়া ঘৰলৈকে নেযাবি জানো?" বাববে সুধিলে।
"যাম। পিছে মোৰ অলপ পলম হ'ব।
"ব'ল একেলগেই যাওঁ। তই কেনেকৈ যাবি?"
"আৰু তই?" "মই লাইন বাছেৰে যাম। সউখন বাছ ৰৈ আছে, আমাৰ ফালেই যাব। যার যদি ব'ল। তোক যে বহুত দিন লগেই পোৱা নাই।" বাবৰে ক'লে।
"এবা।"
বাবৰে লক্ষ্য কৰিলে যেন তাক ইয়াত লগ পাই জব্বাবে ভাল পোৱা নাই।
"তই নেযার যদি মই যাওঁ, নহ'লে বাছ গুচি যাব- বাবৰে ক'লে।
এ, তোক মোক এৰি বাহু নেষায় দে" গহীনাই জবাবে ক'লে।
কথাবোৰ শুনি বাবৰৰ ভাল লাগিল।
বাছৰ হেণ্ডিমেনটোৱে আহি ক'লে, "আমাৰ যাবৰ হৈছে-"
জব্বাৰে ক'লে, "অলপ ৰ'বি, আমি চাহ খাই লওঁ।"
দুয়ো কিছু দূৰ আঁতৰৰ চাহৰ হোটেলখনত সোমালগৈ, তাত মানুহ তেতিয়া প্রায় নায়েই। ৰাতিও যথেষ্ট হৈছে, বাহিৰত আন্ধাৰ, রেক আউট চলি আছে।
বাহিৰত পোহৰ পেলোৱাটো অপৰাধ।
হোটেলৰ এচুকত দুয়োটা মুখামুখিকৈ বহিল' আৰু চাহ মিঠাই
দিবলৈ ক'লে।
"টাউনলৈ কেলেই আহিছিলি?" বাববে সুধিলে।
"কাৰবাৰ আছে।”
"তইনো কি কাৰবাৰ কৰ?"
"কৰে। কিবাকিবি।"
জববাৰৰ কথাবোৰ হু'টামুটা।
"তোৰ কেনেকুৱা?"
"ভালেই।"
"বহুত টকা কৰিছ বোলে?"
"আল্লাই যি দিছে।" বাববে ক'লে।
এখন মিলিটাৰী ট্রাক আহি কিছু দূৰত ৰ'লহি।
জববাৰেই চাহু মিঠাইৰ দাম দিলে আৰু ক'লে, "যাওঁ ব'ল।"
"এবা ব'ল।"
মিলিটাৰী গাড়ীখনৰপৰা ছোৱালী এজনী নামি আহিল।
"আহিলি?"
"ব'ল, বাহু ৰৈ আছে।" জবাবে ক'লে।
আদ্ধাবত ছোৱালীজনীৰ মুখখন বাববে ভালকৈ নেদেখিলে।
তৰাৰ পোহৰত ছোৱালীজনীৰ অবয়ৱটো দেখা পালে-এজনী ওখ, শকত আবত মানুহ-গাভকনে বয়সীয়া বুজিবৰ উপায় নাই।
তিনিও বাছত উঠিল।
ছোৱালীজনীয়ে বাবৰৰ গাতে গা লগাই বহিল। বাবৰে আঁতৰি
দিবৰ চেষ্টা কৰিলে। নোৱাৰিলে, ঠাই কম।
বাছত সিহঁতে একো কথা নেপাতিলে। অন্যান্য মানুহে প্রথমতে কিছু কথা বতৰা কৈছিল, পাছত সিহঁতেও নোকোৱা হ'ল, ঢাকনি দিয়া হেডলাইটৰ পোহৰত পুৰণি লাইন বাছখন চলিব ধৰিলে। বাছৰ ভিতৰে বাহিৰে আন্ধাৰ।
ওখৰামোখৰ। বাট। ড্রাইভাবে সাৱধানে চলাইছে। তথাপি বাছখনে থেকেচিছে। কেতিয়াবা থেকেচনিত বাছৰ গোটেই মানুহবোৰ এফলীয়া হৈ ঢলি পৰে, আকৌ পোন হয়। বাবৰৰ গাৰ কাষৰ ছোৱালীজনীৰ কিজানি সঁচাসঁচিকৈয়ে টোপনি আহিছিল, তাইৰ মূৰটো ওলমি গৈছিল।
আক মাজে মাজে তাই বাবৰৰ গাতে ঢলি পৰিছিল।
জববাৰ নির্বিকাৰ।
বাছৰ অন্য মানুহবোৰৰ দৰে চকু মুদি আহি আছে।
চকু মেলি অহাৰ কোনো অর্থ নাই। ভিতৰে বাহিৰে সকলোতে নিবন্ধ আন্ধাৰ।
মাজে মাজে বাছখন ৰয় আৰু তুই চাবি মানুহ নামে। উঠোতা
কোনো নাই। নামি কোন কেনি গ'ল জানিবৰ উপায় নাই। বাবৰহঁতৰ গাঁও পাবলৈ এমাইলমান থাকোঁতে বাছখন ৰ'ল। জব্বাৰ 'বাছৰ ভিতৰতে থিয় হ'ল, আৰু ছোৱালীজনীক বাউসীত ধৰি জোকাৰি জগাই দিলে।
ঢহমহনি খাই ছোৱালীজনী উঠিল।
"আহ, নাম, পালোঁহি।"
ছোৱালীজনী নামি গ'ল।
জব্বাৰে ক'লে, "বাবব, নামি আহ। এইক ঘৰত থৈ আমি হুটা
একেলগে খোজ কাঢ়ি যাম, আহ।" বিশেষ চিন্তা নকৰি বাবৰো বাছৰপৰা নামি আহিল।
বাছখন গুচি গ'ল।
জব্বাৰে এটা বিড়ি গুলালে। এটা বাবৰকো দিলে, বাববে
জেপৰপৰা আমেৰিকান ছিগাৰেটৰ পেকেট এটা উলিয়াই এটা
জব্বাৰকো দি ক'লে:
"ছিগ ৰেট খা। আম্রিকান।"
তিনিও খোজ ল'লে।
কিছুদূৰ আলিয়ে আলিয়ে আহি থাকি সিহঁত আলিৰপৰা কাটি যোরা সক বাট এটাইদি আগ বাঢিল।
একো নেদেখি-আন্দাজতে।
"এওঁনো ক'ত থাকে ?"
বাববে সুধিলে।
জব্বাৰে তাৰ কথাৰ উত্তৰ নিদিলে। ছোৱালীজনীক ক'লে,
"এইডোখৰ অকলে যাব পাৰিবি নহয়?"
আন্ধাৰতে ছোৱালীজনী বৈ দিলে, জবাবে জেপৰপৰা
মনিবেগটো উলিয়ালে আৰু এখননে দুখন ন'ট উলিয়াই ছোৱালীজনীব হাতত গুজি দিলে।
"কাইলৈ আকৌ ওলাবি-"
ছোৱালীজনীয়ে একো নেমাতিলে। আন্ধাৰৰ মাজেদিয়ে এবাৰ
মূৰ দাঙি ছিগাৰেট হুপি থকা বাবৰৰ মুখৰ ফালে চালে।
তাৰ পাছত 'যাওঁ' বুলি সৰুকৈ কৈ খোজ ল'লে।
সিহঁত হুটা ঘুৰিল।
"ছোৱালীজনী নো কোন অ'?" বাববে শুধিলে। "এইজনী সিমান ঠিক নহয়। তোক লাগিলে ভাল এজনী
দিম-" খিকখিকাই হাঁহি জববাৰে ক'লে।
"মানে-?"
"হ'বদে, চিন্তা কৰি মৰিব নেলাগে। বেলত গণ্ডাই গণ্ডাই ছোৱালী নিতৌ আহি আছে। 'দেশত' খাবলৈ নাই, নাহি কি কৰিব, কিছুমান কলিকতালৈ গৈছে, কিছুমান আচামলৈ আহিছে। ষ্টেচনত থিয় হৈ থাকিলেই হয়-যেইজনী লাগে সেইজনী লৈ আহি কাৰবাৰ কৰিব পাৰ-বিনা পইচাত আহেতো, নমাই লৈ আহিলেই হ'ল।" জব্বাৰে কথাবোৰ ইমান সহজভারে কৈছিল যে বাবৰৰ একো
স্থবুজা যেন লাগিল।
"তই কি কৈছ মই একো বুজা নাই।"
বাবৰে ক'লে।
“হেজাৰ হেজাৰ মিলিটাৰীবোৰ যে আইছে সিহঁতে লগত মাইকী লৈ আহিছে নেকি? সিহঁত কেনেকৈ থাকিব? সিহঁতে খুব ছোৱালী বিচাৰে, এইবোৰ খাবলৈ পিন্ধিবলৈ নোহোৱা ছোৱালী। মিলিটাৰীৰ ভালৈ যায়। এঘণ্টা-আধাঘণ্টা থাকে, ত্রিছ চল্লিছ টকা দিয়ে, মই আনি দিওঁ। মোৰো লাভ হয়।"
"জব্বাব!” চিয়'ৰি দিয়াৰ ধৰণে বাবৰে কৈ উঠিল।
"নিচিয় বিবি। যুদ্ধৰ দিন, তয়ো এটা কাৰবাৰ কৰিছ টকা
আজিছ, ময়ো এটা কাৰবাৰ কৰিছো-দুট। টকা উলিয়াইছো।"
"অন্য কাৰবাৰ আৰু নেপালি?"
"অম্ল কাৰবাৰো কৰিছো-"
"কি কৰিছ?"
"অসমীয়া গাঁৱৰ পৰা চুলাই মদ নি মিলিটাৰীক দিওঁ-বৰ লাভ জানিছ।"
জববাৰৰ কথাৰ সুৰত বাবৰৰ ডিঙি শুকাই গ'ল।
জব্বাৰে মিলিটাৰীক মদ আৰু মাইকী যোগান দিয়া কাৰবাৰ কৰিছে! ইয়া আল্লা!
সিহঁত আহি আহি ঘৰৰ ওচৰ পালেহি।
জব্বাৰেই ক'লে, “কাৰবাৰটোত বে'ছ লাভ জানিছ, আক তইতো নিজে একো কৰিব নেলাগে। বেল ষ্টেচনত থিয় হৈ থাকিলেই দেখিবি দুটামান হাড়ছাল ওলোৱা মতা মানুহৰ লগত কেইজনীমান তিৰোতা। জীয়াৰী বোৱাৰীৰ চিন নাই, নেখাই নবৈ চিবাচেপেটা হোৱা। সিহঁতক লৈ আহিলি, ক'ৰবাত ৰাখিলি-বছ। হুসাজমান খুৱাই মতাবোৰক কিবা দিন হাজিৰা কামত লগাই দে। আৰু মাইকীবোৰ সিহঁতে আৰু কি কৰিব? দুই চাৰিদিন খুৱালে বুরালেই আৰু শাড়ী এখন চোলা এটা দিলেই সিহঁত তাগ্রা টাট্ক। হৈ যায়। আৰু মিলিটাৰীৰনো কি? মাইকী হ'লেই হ'ল। দেখাই মেলাই ভাল গাভৰু ছোৱালী হ'লেতো একেদিনাই এশ ডেঢ়শ আর্জন কৰিব পাৰে।"
বিৰক্তিৰে বাবৰে ক'লে, "এইবোৰ কাম কৰিলে গুণাহ নেলাগিবনে?"
"খাবলৈ নোহোৱা মানুহবোৰে যদি কিবা এটা কৰি জীয়াই থাকিব খোজে, আক তাকে কৰিলে যদি গুণাহ হয়-পাপ হয়, তেতিয়াহ'লে জীয়াই থকাটোরেই গুণাহৰ কথা হ'ব। মই চৌধজনী ছোৱালী আনি থৈছো। সিহঁতক কোনে মুফতে খুরাব? মোৰ বাবাৰ ঘৰৰ খুৱামনে কি? টকা পাইছে, ময়ো পাইছো।" কাৰবাৰত লগাই দিছো। সিহঁতেও
বাবৰৰ ঘৰৰ পন্থলিমূৰ পাই জব্বাৰে ফুচফুচাই ক'লে, "মইনাক মন যায় যদি তয়ে বিয়া কৰাইল। মোৰ দৰকাৰ নাই। মোৰ তাত দুজনীমান মইনাতকৈও ভাল ছোৱালীহে আছে। কেতিয়াবা সময় পালে আহিবি। তই পইচা নিদিলেও হ'ব।"
কৈ কৈ জব্বাৰ গুচি গ'ল।
বাবৰো এৰ সোমাল।