ভালেমানে কথাটো কৈছে। আনকি এদিন নে দুদিন মোবাৰক মাষ্টৰেও কৈছে। বাবৰে কথাটোত সিমান গুৰুত্ব দিয়া নাছিল। গুরুত্ব দিবলগীয়া কথাও নহয়।
কিন্তু সেইদিনা ঈদৰ নামাজ পঢ়ি আহি বাবৰ যেতিয়া কাপোৰ কানি পিন্ধি গাঁৱব অন্ত্যান্তৰ ঘৰত ঈদ খাবলৈ যাবলৈ ওলাল, তেতিয়া এবাৰ সি আৰ্চীখনৰ আগত ৰৈ নিজকে ভালকৈ চালে। কিচ কিচ কৰে ক'লা চুলিখিনিত লোৱা জবাকুসুম তেলে তাৰ চুলিখিনি চিকমিকাই তুলিছে। চকুত সি চুর্মা লৈছে-চকু দুটা বেছ ধুনীয়া আৰু ভেজাল দেখাইছে। তাৰ মুখখন পুৰঠ আৰু মন্ডহাল হৈছে। মিলিটাৰী ঠিকা কৰিবলৈ লোৱাৰ পৰা সি দাড়ি খুৰাবলৈ লৈছিল। এবাৰ কেনোবা এটা নগৰীয়া নাপিতে তাৰ দাড়িখিনি খুৰাই দি গোফখিনি ধুনীয়াকৈ ৰাখি দিছিল। তেতিয়াৰপৰা সি গোফ দীঘলকৈয়ে ৰাখিবলৈ ল'লে। আচীত চাই সি তাৰ মুখখন ধুনীয়া দেখিলে। দাড়িখিনি চুচি খুবোৱাৰ কাৰণে তাৰ নিমজ গাল আৰু পুতৰি ওলাই পৰিছে।
আচীত নিজকে কিছুপৰ চাই থাকি তাৰ বিশ্বাস হ'ল-আন ভালেমানে যি কথাটো কৈছে সেই কথাটো-সি ডেকা হৈছে। কথাটোৰ সত্যতাটো উপলব্ধি কৰি অকলে থকা সত্ত্বেও তাৰ লাজ লাগি গ'ল। ডেকা হোরা মানে বহুত কিবাকিবি হোরা। কোনো কোনোরে কৈছে যে টকা পইচা হোৱা কাৰণেহে সি এনে। শকত-আরত আৰু ধুনীয়া হৈছে আৰু ডেকা হৈছে।
নোহোৱা নহয়, টকা পইচা অলপ হৈছে। কিন্তু তাৰ কাৰণে কম মেহনত কৰিবলগীয়া হোৱা নাই। দিনক বাতি কবি খাটোতেছে দুপইচা হৈছে। কিন্তু টকা পইচা হ'লেও সিতো আজিও ছবিফ গাঁওবুঢ়াৰ ঘৰৰ চাকৰ হৈয়ে আছে। কথাটো হয়তো লাজৰ কথা। কিন্তু মানুহ নিমখহাৰাম হ'ব নেপায়। তাৰ নিচিনা নিঠকরা ল'ৰা এটাক গাঁওবুঢ়াই আশ্রয় দিছিল বুলিহে। লাও যিমানেই ডাঙৰ হওক, তথাপি পাতৰ তল-অসমীয়া মানুহে কয়।
বাবৰ আৰ্চীখনৰ আগৰপৰা আঁতৰি আহিল আৰু তাৰ বিচনাখনতে বহিল। গাঁওবুঢ়াৰ ঘৰৰপৰা ঈদৰ কাৰণে উলিয়াই দিয়া আতৰদানিৰ পৰা অকণমান আতৰ সিও তাৰ চোলাটোত কমাল খনত আৰু টুপীটোত ঘহি লৈছিল। এতিয়াও গোন্ধাই আছে। তাৰ সৰু কোঠালিটো গোন্ধেৰে ভৰি পৰিছে। তাৰ মনটো কিবাকিবা লাগিল। এইবাৰ ঈদ-উল-ফিত্ৰ পৰিল বহাগমহীয়া। বিহু শেষ হওঁতে নৌহওঁতেই ঈদ আহিল। গোটেই মাহটোরেই উছৱৰ মাহ হৈ পৰিছে। আকাশত ক'লা ক'লা ডাঠ ডাৱৰবোৰ ওপঙি ফুৰিছে। মাজে মাজে বৰষুণ দিছে। কিছুমান পথাৰ পানীৰে চপচপীয়া হৈ পৰিছে। পানীৰে নৈৰ বুকু ওফন্দি পৰিছে। কুলি চৰাই দুজনীমানে যেতিয়াই তেতিয়াই চিয়'ৰি থাকে, ক'ৰবাত তগৰ ফুল আৰু কেতেকী ফুল ফুলিছে। স্কুলৰ পছলিমূম্বত থকা ছয়োজোপা চেনিচম্পা ফুল ফুলিছে। দিনে বাতিয়ে কোমল বতাহ এজাক বৈয়ে আছে, বৈয়ে আছে, বৈয়ে আছে।
আজি কিছু দিনৰ পৰা গাঁওবুঢ়াই যেন তাক আগতকৈ অলপ বেছি মৰম কৰা যেন দেখুৱাইছে। অৱশ্যে সি টকা পইচা বি ঘটিছে সকলো গাঁওবুঢ়াৰ ওচৰতে জমা আছে। গাঁওবুঢ়াৰ বাকচ কোনে মেলে জানো? অন্য কাৰো হাতত গাঁওবুঢ়াই নিজৰ বাকচৰ চাবি নিদিয়ে-দিয়ে সৰু জীয়েক মইমুনাৰ হাতত। বাবৰৰ সাঁচতীয়া টকা বেলেগ এটা মোনাত ভৰাই মইমুনায়ে থৈ দিছে। মইমুনাই জানে বাবৰৰ নিজা টকা কিমান আছে। মইমুনাৰ ঘৰত মতা নাম ৰাণী। সেই কাৰণেই, কেতিয়াবা ঘৰত মতা মানুহ কোনো নেথাকিলে মইমুনাই দুৱাৰমুখত ৰৈ বাহিৰৰ ফালে চাই থাকেনেকি? দুই এদিন বাবৰৰ চকুৱে চকুৱেও পৰিছে, মইমুনাৰ লগত তেনেকৈ চকুৱে চকুৱে পৰিলে বাবৰ ৰঙাচিন্তা পৰি যায়। মইমুনায়ে। ছপছপাই ভিতৰ সোমাই যায়।
ভাল খাবলৈ পিন্ধিবলৈ পোৱা, সৰুৰেপৰা সুখত উঠা ছোৱালী- গাভৰু হৈছে, দেখনিয়াৰ হৈছে।
পবিত্রই এদিন কৈছিল যে মইমুনাক গাঁওবুঢ়াই তালৈকে দিবৰ কাৰণেহে গৈছে! পাগলনেকি? মই গাঁওবুঢ়াৰ জোৰৰ নে ফেৰৰ? মোৰ ঘৰবাৰী নাই, মাটি ভেটি নাই সেইবোৰ আশা কৰা বেয়া।
কপালত যি আছে হ'ব। প্রথমে য'ত পৰা যায় মাটি কিছু লোৱা যাওক। ঘৰ-মাটি হ'লে মইমুনাক নহ'লেও অন্য এজনী ভাল ছোৱালীকে বিয়া কৰাব পৰা যাব।
বেলি লহিয়াইছিল। আজি ঈদ বুলি গাঁওবুঢ়াৰ ঘৰত খুব খোরা হ'ল। এতিয়া অন্য কাৰোবাৰ ঘৰলৈ গ'লে খাবলৈ দিলেও একো খাব পৰা নেযাব। ৰ'দজাকে। অলপ টান হৈয়ে আছে, অৱশ্যে এনেকুৱা ৰ'দলৈ তাৰ ভয় নাই।
আলিবাউেদি দলে দলে ল'ৰা ছোৱালীবোৰে হাঁহি কিৰীলিয়াই দৌৰি ফুৰিছে, ইঘন সিঘৰলৈ গৈছে। প্রায় সকলো ল'ৰা ছোৱালীৰ গাতে নতুন কামিজ, লুভী, পায়জামা, টুপী। বহুতৰে ডিঙিত ফুলাম কমাল। সিহঁতৰ ফালে চাই থাকি বাবৰৰ ভাল লাগিল। দুখীয়া বিলাকেও ঈদ বুলি আজি এসাজ ভাল পিদ্ধিছে, এমুঠি ভাল খাইছে।
বাবৰৰ মনটো কোনো দিনে অনুভর নকৰা এটা আনন্দৰ অনুকৃতিৰে উপচি পৰিল। আজি সি নিজৰ ববীয়াকৈ কিবা দিলে, জাকাত দিলে, ইমাম চাহেবক পইচা দিলে আৰু মছজিদ আৰু ঈদগাহৰ কাৰণে পইচা দিয়াৰ উপৰিও লা-ওৱাবিছ ল'ৰা- ছোৱালীৰ কাৰণে মোবাৰক মাষ্টবে খোলা ফাগুন কারণেও দহ টকা দিলে। গাঁৱৰ সকলোরে জানি গ'ল বাবৰ আৰু আগৰ বাবৰ হৈ থকা নাই। সি গাঁৱৰ এটা গণ্যমান্ত ধনী মানুহু।
গাঁৱৰ কেইটা মানুহেনো জাকাত দিব পাৰে! গিৰীণ মাষ্টৰে যে কেলেই যুদ্ধত সহায় নকৰিবলৈ কৈছিল সি বুজিব নোৱাৰিলে। যুদ্ধত ঠিকাদাৰী কৰিছো বুলিহে আজি ছপইচাৰ মুখ দেখিছো, চুপইচা নেক কামত খৰচ কৰিব পাৰিছো।
ওপৰলৈ মুকৈ সি বিচনাখনতে দীঘল দিলে। তাৰ চকুৰ আগত ভাহি উঠিল গিৰীণ মাষ্টৰৰ ঘৈণীয়েকৰ খাঁণ শুকান মুখখন। এই, কথাটো একেবাৰে পাহৰিয়ে আছিলে।। মাষ্টৰ পলাই ফুৰিছে, ক'লৈ গ'ল কোনেও ক'ব নোৱাৰে। ঘৈণীয়েকৰ বৰ দুখ হৈছে। আজি বছৰেকৰ ঈদব দিন। হিন্দু হ'ল কি হ'ল? টকা হুটামান দিয়া হ'লে কিমান ভাল পালেহেঁতেন। কি'বা খাইছে কি'বা পিন্ধিছে।
বাৰে বাৰে মাষ্টৰণীৰ শুকান মুখখন তাৰ চকুৰ আগত ভাহি উঠিল। তাৰ চকুহাল সেমেকি অহা যেন পালে।
তাৰ মনটো উৰি গ'ল তাৰ দেশৰ সেই সোনাপাড়া নামৰ সক গাঁওখনলৈ। চাপৰ চাপৰ খেৰী ঘৰবোৰ, চিকুণাই খোৱা ধূলিয়ৰী চোতালবোৰ, ফজৰ জোহৰ, মগৰীব ঈছাৰ মছজিদৰ আজানৰ মাত, মোৱাজ্জিন কালাম ছেখৰ মিঠা, দীঘলীয়া কঁপা কঁপা আজান।
গাজীৰ বিলৰ দুৱৰীয়া চিতল মাছ, গবামাৰি নোপোৱা ৰৌ বাহু মাছ। চৰকাৰ পাড়াৰ অৰবিন্দ ওস্তাদ আজিও জীয়াই আছেনে চাগৈ? বহুত বুড়া হৈছিল, বেহেলা বজাইছিল, মাতটোষে ইমান মিঠাকৈ ওলাইছিল। ঘৰৰ গাঁৱৰ কোনো চিঠিপত্র অত দিন অহা নাই! মানুহবোৰ, মোৰ
মাইবোপাই সকলো খাবলৈ নেপাই মৰি জহি শেষ হ'লনেকি চাগৈ?
আৰু জমীদাৰ মোহম্মদ মোদবিবৰ হবিব কিন্তু বিয়া চৌধুৰী। জমীদাৰৰ ঘৰৰ ঈদ কি কম ধুমধামেৰে হয়? খুৱায়, দুখীয়াবিলাকক কাপোন দিয়ে। গোটেই প্রজাক কিমান বছৰনো হৈছে মই গাঁও এবি, ঘৰ এৰি অহাব? এতিয়া ৪৩ চন, মই কিজানি আহিছিলো ৩৬ চনত। ছ বছৰ হৈছে। নাই ছবছৰত কোনো মৰা নাই।
কিন্তু বাবা কিজানি আৰু বুঢ়া হৈছে। খেতি কৰিব পৰা হৈ আছেনে চাগৈ? মোজম্মিল চৌধুৰী কিজানি এতিয়া বিলাত তিলাতত থাকিব পায়। মূৰটো ভাল হৈ যাব পায়। ভাল ডাক্টৰ লগালে কেলেই ভাল নহ'ব!
আৰু মৰীয়ম-সেই যে বাতি ৰাতি জাফৰ আৰু মোৰ লগত পলাই আহিছিল, তাই চাগৈ এতিয়া একদম গাভক হ'ব পায়। তাইৰ কিজানি কাৰোবাৰ লগত বিয়া হৈ যাব পায়।
সি বাহিবলৈ চাই দেখিলে এজাক ছোরালী দল বান্ধি গাঁওবুঢ়াৰ ঘৰৰ পছলিয়েদি চোতাললৈ সোমাই আহিছে। নেচাওঁ বুলিও সি সিহঁতৰ ফালে চালে। তাৰ ভিতৰৰ কেইবাজনীকো সি চিনি পালে। এজনী হৈছে মনিব চাচাৰ জীয়েক মইনা। তাই বেছ দেখনিয়াৰজনী হৈ পৰিছে। তাই পিন্ধি অহা শাড়ীখন আৰু চোলাটে। নতুন যদিও সন্তীয়া, দামী নহয়। কিন্তু কাপোৰ কানিতকৈ তাই মানুহজনীহে শুৱনী হৈ পৰিছে। তাইৰ মুখখন বৰ মৰমলগা, কলডিলীয়া, আঁহপাহ বৰ কোমল। তাই নিয়মীয়া শকত, বেছি ওখও নহয়, বৰ চাপৰো নহয়। তাইৰ চকুকেটাই কিন্তু হাঁহি থাকে। চকুদুটা বৰ মৰমলগা, কোমল, গাঢ় ক'লা আৰু নীলা মিহলি।
বাবৰ বিচনাৰপৰা উঠি আহিল। মইনাই সহজভাৱেই তাৰ ফালে চালে। অলপ পৰ চাই থাকি বাবৰে চকু আঁতৰাই আনিলে।
ছোৱালীজাক হাঁহি মাৰি চ'ৰা ঘৰেদি গাঁওবুঢ়াৰ ভিতৰ ঘৰলৈ
সোমাই গ'ল।
মইনাক মোবাৰক মাষ্টৰে বিয়া কৰোৱা হ'লে বৰ ভাল হ'লহেঁতেন -এনেয়ে বাবৰে মনতে ভাবিলে, তেওঁৰ লগত বেছ মিলিব। এইজনী ছোৱালীক জব্বাৰৰ নিচিনা ল'ৰা এটালৈ ধৰি নি দিলে বৰ বেয়া কথা হ'ব। লাহে লাহে বাৰৰ তাৰ ঘৰৰ ভিতৰৰ পৰা চোতাললৈ ওলাই আহিল।
বেলি লাইয়াইছিল। মিঠা ৰ'দজাক কোমল হৈ চাৰিওপিনে বিয়পি পৰিছিল। বতাহজাক আৰু কোমল হৈছিল। আকৌ এবাৰ মইনাক চাবৰ কাৰণে তাৰ ৰ'বৰ মন গৈছিল। কিন্তু কথাটো বৰ ভাল নহ'ব ভাবি সি এখোজ দুখোজকৈ ওলাই গৈ আলিবাটত উঠিলগৈ। ক'লৈ যাব বিশেষ নভবাকৈ সি আলিয়ে আলিয়ে যাব ধৰিলে। সি আশা কৰিছিল যে সমনীয়া কোনোরা এটাক সি লগ পাই যাব, কিন্তু তেনে কাকো দেখা নেপালে।
সি অকলই আগ বাঢ়িল, এনেতে আগফালৰপৰা তিনিজনী ওৰণি লোৱা তিৰোতা মানুহ সি অহা দেখিলে। ওচৰ পালত সি চকু তুলি চালে। এজনী খীণ মানুহে তাৰ ফালে পোনপটীয়াকৈ চালে। মানুহজনীক সি চিনি পালে-গিৰীণ মাষ্টৰৰ ঘৈণীয়েক। বাকী দুজনীক চিনিব নোৱাৰিলে। হাতো মাষ্টৰণীয়ে প্ৰথমতে তাক চিনিব পৰা নাছিল, পাছত চিনি পাই সুধিলে, "বাবৰ নহরনে?
"তুমি ক'ৰপৰা আহিলা?"
"মোবাৰক মাষ্টৰৰ ঘৰ কোনটো?" মাষ্টৰণীয়ে সুধিলে, "তেওঁ বাৰু এতিয়া ঘৰত আছেনে?"
"তেওঁ এতিয়া ঘৰত নাই। ব'লা আমাৰ ঘৰলৈকে যাবা জানো?" "নাই যদি গৈ কি হ'ব? অজি যাওঁ ব'লা অন্য কেতিয়াবা আছি লগ ধৰিমহি।" লগৰ মানুহ এজনীয়ে ক'লে।
"এতিয়ানো তোমালোক কোনফালে যাবা?" বাববে সুধিলে। "সিখন গাঁৱত আমাৰ পিতাইহঁতৰ ঘৰ-তালৈকে যাম। আজি তাতে থাকিম।" মাষ্টবণীয়ে ক'লে।
হঠাৎ কথা এষাৰ বাবৰৰ মনত পৰিল। বাইটিয়ে বৰ পুৰণি কাপোৰ পিন্ধি আহিছে। ভাল কাপোৰ চাগৈ নায়েই। আজি ঈদৰ দিনা যদি বাইটিক ভাল কাপোৰ এসাজ ল'বৰ কাৰণে টকা। কেইটামান দিলোহেঁতেন। লবনে চাগৈ অচিনাকি মানুহ আছে বেয়া পাব কিজানি! লগত যে আন দুজনী
বাবৰ মাষ্টৰণীহঁতৰ লগে লগে উভতি আহিল।
ঘৰৰ আগ পাই সুধিলে, "ইয়াত নোসোমোৱা তেনেহ'লে?" "মাষ্টৰ নাই, গধূলিও হৈ আহিছে। আজি নোসোমাওঁ আৰু।"—মাষ্টৰণীয়ে ক'লে।
অলপ কাষ চাপি আহি বাববে ফুচফুচাই সুধিলে, "ছাৰৰ কিবা খবৰ পাইছানে বাক বাইটি?"
"কাৰ কোনে খবৰ লয়?" মাষ্টৰণীয়ে ক'লে। তেওঁৰ মাতত কিন্তু কোনো বিৰক্তি নাছিল।
"অকণমান ৰ'বাচোন-" বাবৰে ক'লে আৰু মাষ্টৰণীহঁতৰ উত্তৰলৈ বাট নেচাই তাৰ ঘৰলৈ সোমাই গ'ল। কেই মিনিটমানৰ পাছতে সি ঘুৰি আহিল। তাৰ হাতত এটা লেফাফা।
মাষ্টৰণীলৈ লেফাফাটো আগবঢ়াই দি বাববে ক'লে, "এইটো লৈ যোৱা। পাছত ঘৰত খুলি চাবা।"
মাষ্টৰণীয়ে লেফাফাটো পিন্ধি অহা চোলাটোৰ বুকু ফালে হুমাই থলে। ভাবিলে গিৰীণ মাষ্টবে কাৰোবাৰ যোগেদি পঠোৱা গোপন চিঠি চাগৈ। হয়তো মোবাৰক মাষ্টৰলৈ আহিছিল। তাত যে বাবৰে টকা ত্রিজটা সুমুৱাই দিছে মাষ্টৰণীয়ে কল্পনাও কৰিব পৰা নাছিল।
বাবৰ আকৌ আগে যোৱা ফালেই আগবাঢ়িল। মানুহকেজনীও নিজৰ বাটত গুচি গ'ল। বাবৰৰ মনটো বৰ পাতল লাগিল। মাষ্টৰণীক এনেকৈ ঘৰৰ আগতে লগ পাই যাব বুলি সি ভাবিবই পৰা নাছিল। আজি যেন তাৰ ঠিকাদাৰী কৰি টকা ঘটা আৰু ঈদ কৰা সার্থক হ'ল। ঈদৰ দিনা নিজে খুছী আনন্দ কৰিলেই নহয়, জ্ঞানকো আনন্দ দিব লাগে। আাক দিবহে লাগিছিল।
পিছে মইনো কিমানৰ মানুহ। সেয়ে বহুত। সি ভাবিলে।