যিটো হ'ব লগীয়া আছিল সেইটোরেই হ'বৰ সময় ওচৰ চাপি আছিল। প্রভু বুদ্ধৰ সংসাৰ ত্যাগৰ দিন পালেহি। সেই সোণালী ঘৰখনত বিষাদৰ বিননি উঠিল। বজা শোকত মৰহি গ'ল আৰু কপিলাবাস্তু সকলো প্রজ্ঞাই হাঁয়! হায়! কৰিলে।
চ'ত মাহৰ পূর্ণিমা ৰাতি। অশোক ফুলৰ মুহু সুগন্ধই বতাহ সুৰভিত কৰি তুলিছে। নগৰ চহৰ আনন্দময় আরেশত বুৰ গৈ আছে। বিশ্ৰন্তনৰ ওপৰতো জোনৰ পোহৰ পৰি ৰূপালী জেউত্তি জিলিকি উঠিছে। হিমালয়ৰ হিম লাগি শীতল হৈ অহা বতাহ একো ছাতিয়ে করুণ হুমুনিয়াহ পেলাই গৈছে। এই শাস্তি পৰিবেশৰ মাজত সকলো নিমাত হৈ টোপনিত লালকাল। প্ৰহৰী বিলাকৰো বিশেষ সাব-সুৰ নাই। মাত্র মাজে মাজে এটা ছটা পহৰা দিয়া মাত শুনা হৈছে। শিয়ালৰ হোৱা আৰু উদ্যানৰ ভিতৰত উই-চিৰিঙা বোৰৰ ঝিৰ ঝিৰ শব্দৰ বাহিৰে আৰু কেনিও ক'তো মাত বোল নাই।
বিশ্রন্তনৰ ভিতৰত। জালি কটা সুৰুঙাই দি জোনৰ পোহৰ গৈ প্রমোদ ভৱনৰ ভিতৰত পৰিছে। যশোধাবা সখী সকল টোপনিত লাল কাল হৈ থাকোঁতে পোহৰে অপূর্ব্ব শোভা তুলি বৰিছে। যেন নন্দন বনত স্বর্গব দেখী সফলেছে বিশ্রাম লৈ আছে। বুরবাজ সিদ্ধার্থৰ প্রমোদ-ভৱনৰ আটাই- বিলাক বাহুক-বনীয়া সহচবী তাতেই আছিল। টোপনিত লালকাল হৈ থকা প্রত্যেকটি সহচৰীৰ গাত জোনৰ জেউতি পৰি অৱণনীয় শোভা জিলিকি উঠিছে। মণি-ৰত্নৰ অলঙ্কাৰ নিৰ্ম্মাণ কৰি সজাই খোরা প্রদর্শনীত যেনেকৈ এটি উজ্জ্বল- অলঙ্কাৰৰ পৰা চকু গৈ আন এটি উজ্জ্বল বস্তুত পৰেগৈ সেই দৰেই এই সহচৰী সকলৰ সমাৱেশত চকুত চমক লগা সৌন্দর্য্য ফুটি উঠিছিল। সি যেন সৌন্দর্য্যৰ এটা ভোজ হে। একো যত্ন নোলোৱাকৈয়ে তেওঁবিলাকৰ দেহত বিকশি উঠা রূপ- লারণ্য শুই থাকোঁতে যেন আৰু সুন্দৰ হৈ পৰিছে। তেওঁ- বিলাকৰ মিহি চিচিকীয়া চুলি, তাতে সোণৰ হাৰ বা ফুলৰ হাৰেৰে খোঁপা বন্ধা। শুই থাকোঁতে ইজনীৰ গাত সিজনী লাগি খোঁপা সুলকি চুলি কোছা আহি ডিঙিত পাক খাই আছে। বীণা বজাই, নৃত্য কৰি, কোঁরৰক আলপৈছান ধৰি ভাগৰ লাগি বেচেৰীহঁত সুখৰ নিদ্রাত লালকাল, মধুৰ সপোনপ্ত মগ্ন। দিনৰ দিনটো গান গাই ডালে-পাতে ঘুৰি ফুৰা মৰম লগা চৰাইবোৰ-বাতি পাখীৰ ভিতৰত মুৰটো গুজি শুই থকাদি সখীসকলো সেই সৌন্দর্য্য লীলাৰ মাজত শুই আছে। রূপালী শিকলিয়ে ওলোমাই খোরা সুগন্ধী তেলেবে জ্বলোরা বস্তিবোৰৰ পৰাও যুদ্ধ পোহৰ আৰু হাঁ পৰিছে। সহচৰীসকলৰ বুই কোমল আক কুক্কুম বোলোরা হাতৰ তলুৱাবোৰ, মোহ- লগ্না মুখ, যৈ পৰা চকুর চেলাউৰী। মুকুতাৰ দৰে উজ্জ্বল যথা সাঁতবোৰ, আৰু মৰম লগ্না সৰু সৰু ভবিত থকা দুপুর তোই হাঁ পোঁহবৰ মাজত সৌন্দর্য্যন এখন জেলার সুবে জলুমলার উঠিছে। কেতিয়াবা স্বপ্ন দেখি বুরবাজে ভাল পোৱা নৃত্যব প্রশংসা কৰা শুনি কোনোবাটিৰ মুখত এটি হাঁহিব বেখা বিবিভি উঠিছে। কোনোবাটিৰ ভৰিৰ নূপুৰ টোপনিত বাগৰ দিওঁতে কন্ জুনকৈ বাজি উঠিছে। বীণাখনত আঙুলি বুলাই থাকোতেই একোটি টোপনি গ'ল, আৰু বীণাখনকে সারটি লৈ শুলে। এইদৰেই সকলোটি ক্লান্ত হৈ ধুনীয়া দলিচা পৰা মজিয়াত অচেতন। প্রত্যেকটিয়েই যেন জাপ গৈ থকা একো পাহি ফুলহে আৰু পুৱাৰ পোহৰ পায়েই যেন আকৌ প্রস্ফুটিত হৈ নিজৰ শোভা বিলাবলৈ ৰৈ আছে! এই কক্ষটো মুরৰাজৰ শয়ন কক্ষৰ ঠিক বিপৰীতে।
শয়ন কক্ষৰ কাৰুকার্য্য আৰু চিত্র বিচিত্র রূপ বর্ণনাৰ অতীত। বিলাসৰ সুন্দৰ সুন্দৰ সামগ্ৰীৰে ভৰা। মণি-মুক্তা খচিত সুবর্ণৰ পালেং। বুকুত এটি কেচুরা লৈ যশোধাৰা শুই আছে কাষতে উজ্জ্বল মুখমণ্ডলেৰে সুন্দৰ সুথাম সিদ্ধার্থ শোৱাৰ পৰা আধা উঠি বুকুত ভৰ দি চকুত পানীৰে সৈতে যশোধাৰাই সিদ্ধার্থক কলে-"উঠক মোৰ প্রভু! এষাৰ কথা কৈ মোক শাস্তি দিয়ক। সিদ্ধার্থই তেতিয়া সুধিলে- ' "তোমাৰ কি হৈছে যশোধাৰা?" কিন্তু তেতিয়াও যশোধাৰাই কান্দোনৰ সুৰতেই ক'লে- হায়! মই আপোনাৰ এই পুত্রটি বুকুত লৈ সথীসকলৰ ৰীণা-ধ্বনি আৰু গীত শুনি থাকোতেই মোৰ টোপনি গ'ল; কিন্তু এই সুখৰ মাজতে মই সমাজিকত তিনিটা ভয় লগা দৃশ্য দেখিলে।। ভয়ত এতিয়াও মোৰ বুকু ধপ ধপাই আছে। দেখিলো বৰ ডাঙৰ শিংবোৰে সৈতে ৰূপ-ৰূপাই এটা বগা বাঁড় গৰু বাটেদি গৈ আছে। পিঠিত তৰাৰদৰে উজ্জ্বল এটা ৰত্ন লৈ গৈছে আৰু গোটেইখন পোহৰ হৈ গৈছে। বাটেদি আহি ষাঁড়টো আমাৰ কাৰেঙৰ জুৱাৰ মুখ পাইছেহি। কোনেও তাক বাধা দি ৰাখিব নোৱাৰিলে। এনেতে ৰাজ পুৰীত থকা ইন্দ্ৰৰ মন্দিৰৰ পৰা এটা ধ্বনি আহিল "যদি এই বাঁড়টো ৰাখিব নোরাবা তেন্তে ৰাজ্যৰ গৌৰৱ গুছি যাব।" তথাপি কোনেও তাক ধাঁণ ৰাখিব নোৱাৰিলে। তেতিয়া মই ইনাই বিনাই কান্দিবলৈ ধৰিলো। কিন্তু ৰাখিব নোৱাৰিলো। বাঁড়টোরে ভেভিয়া হ' কৰিবলৈ ধৰিলে। আৰু লাহেকৈ মুৰ পোলোকাদি মোৰ হাতৰ পৰা ওলাই গ'ল। লোহাব শলখাবোৰ শিঙেবে ভাঙি চুৰমাৰ কৰি প্রহরীবোৰ গন্ধকি ষাঁড়টো গুছি গ'ল। ইয়াৰ পাছৰ সমাজিকটে। আকৌ এনে ধৰণৰ চাৰিজন বৰ ভব্য গব্য পুৰুষ, চকু কেইটা বৰ উজ্জ্বল, বৰ সুন্দৰ, ঠিক যেন ঝুমেক পর্ব্বতত থকা পৃথিবী শাসন কারক চাৰি সিদ্ধহে। অসংখ্য স্বর্গীয় লগুরা লিকচৌ লৈ তেওঁবিলাক আহি আমাৰ নগৰ সোমাইছেহি। আমাৰ ইন্দ্ৰৰ মন্দিৰত থকা সোণৰ পতাকাখন ছৱাৰ মুখত উৰি আছিল; কিন্তু তেওঁবিলাক আহি পোৱাৰ লগে লগে মাটিত পৰি গল, আৰু তাৰ সলনি এখন নতুন পতাকা ভাত উৰিবলৈ ধৰিলে। সেই পতাকাখনৰ পোহবন্ধ নতুন বাণী শুনি মানুহ যুদ্ধ হৈছে আৰু সকলোরে আনন্দ পাইছে। পূব ফালে সূৰ্য্য উদয় হোৱা দেশৰ পৰা এজাক নতুন বতাহ আহি সেই পতাকাখনৰ ভাজবোৰ মেলি দিছে আৰু কোনোবা অঞ্জান দেশত ফুলা ফুলৰ পাপৰিবোৰ সৰি উপচি পৰিছে।" তেতিয়া সিদ্ধার্থ ই ক'লে- "মোৰ জীৱনৰ পদুম প্যাক যশোধাৰা! এই সকলোবোৰ ভাল স্বপ্ন।" যশোধাবাই ক'লে-"নহয়, নহয়, প্রভু, সেই সমাজিকটো এটা ভয় লগ। মাতত অন্ত হ'ল। কোনোবাই যেন চিঞৰি চিঞৰি ক'লে- 'সময় ওচৰ চাপি আহিছে! সময় ওচৰ চাপি আহিছে! এনেতে তৃতীয় স্বপ্নটো দেখিলোঁ-"মই যেতিয়া শয্যাত আপোনাক হাতেবে খেপিয়াই চাওঁ-তেতিয়া তাত এটা পোটোক। নপৰা গাৰু আক এটা পোছাক পৰি আছে-আপুনি শয্যা নাই। মাত্র সেট খিনিহে আছে। আপুনি হেনো নাই! আপুনিয়েই মোৰ জীৱন, মোৰ জেউতি। মোৰ ৰজা, মোৰ পৃথিবী! তেতিয়াও মই টোপনি অৱস্থাতে। মোৰ ককালত থকা মণি-মুক্তাৰ কষধনি ডাল কোনোবাই আনি মোৰ বুকৃত মেৰিয়াই দিলেহি আৰু সেই ডাল কৰধনি গুতি এটা ভয় লগা সাপত পৰিণত হ'ল। মোৰ গাৰ অলঙ্কাৰবোৰ সুলকি গ'ল। মোৰ চুলিত থকা সুগন্ধ নাইকিয়া হ'ল, আৰু আমাৰ এই বিবাহ শয্যাখন মাটিলৈ বহি গ'ল। বহুত দূর্বত সেই ষাঁড় গকটোরে হোবৰা শুনিলোঁ, আৰু আকে। সেই চিঞৰটো শুনিলো 'সময় ওচৰ চাপি আহিছে।'
...সেই চিঞৰটো শুনি মোৰ অন্তৰাত্মা কঁপি উঠিল, মই সাক পালো। এই বোৰ কি দেখিলে। প্রভু ?"
মাৰ যোরা সূর্য্যৰ শেষ আৰু খেতা পৰা হাঁহিটিবদকে দৃষ্টিৰে সিদ্ধার্থই যশোধাৰাৰ পিনে চালে। চকুৰ পানীৰে তিত্তি যশোধাৰাৰ কোমল মুখখন ভয় আৰু বেজাৰত বেথা লগা হৈ পৰিছে। সিদ্ধার্থই তেওঁৰ ফালে বেঁকা হৈ ক'লে- "প্রিয়তমা, শাস্তি লাভ কৰা। যদি অবিচলিত প্রেমত শান্তি আছে তেস্তে সেই শা'স্ত লাভ কৰা। তোমাৰ স্বপ্নবোৰ হয়তো হ'বলগীয়া ঘটনাৰ ছাঁও হ'ব পাৰে, হ'লেও হ'ব পাৰে; কিন্তু একো অৱস্থাতে তোমাৰ আৰু মোৰ মাজত বিচ্ছেদ নঘটে। মই তোমাক যি ভাল পালে। পালোরেই। তুমি জানা মই এই দুখময় জগতক শাস্তি দিবৰ মনেৰে কিমান দিন কিমান ৰাতি ইয়াত তোমাৰে সৈতে অতিবাহিত কৰিলোঁ। যদি কিৰা হ'ব লগা আছে সময় আহিলে সেইটো হ'বই; কিন্তু এই পৃথিবীত থকা লক্ষ লক্ষ অচিনাকী আত্মাৰ কাৰণে মোৰ আত্মাই দিনে ৰাতিয়ে কান্দিব লাগিছে। ভাবি চোরা মোৰ প্ৰিয়তমা! মোৰ পাথী লগা উৰণীয়া চিস্তাবোৰ কেনেকৈ জগতৰ প্রাণীবিলাকৰ মাজত ভ্ৰমি ফুৰিছে-সেইবিলাক মোৰ কিমান মৰমৰ, কিমান সুন্দৰ আৰু কিমান আপোন! তুমি মোৰ সন্তানটিৰ মাতৃ। এই সন্তানটিৰ দেহ আৰু মোৰ দেহ একে। মোৰ আত্মাই সাগৰ নগৰ ভ্ৰমণ কৰি বহু দূৰত উৰি থকা কপৌটিৰ দৰে সত্যৰ সন্ধানত উৰি ফুৰি ঘূৰি আহি আকৌ পায়হি তোমাকেই মোৰ প্রিয়া! তুমি মোৰ সুকোমল ভাব চিন্তাৰ আদি। সেই কাৰণে এই স্বপ্নৰ ফল যিয়েই হওক মনত ৰাখিবা মই তোমাক ভাল পাইছিলো আৰু অতি অকৃত্রিম, ভাবে ভাল পাইছিলো। সকলোৰে কাৰণে মই যি বিচাৰিছিলো সেইবিলাকৰ সৰহখিনি তোমাৰ কাৰণেই বিচাৰিছিলো। তুমি শান্তি লাভ কৰা। যদি বেজাৰ আহে তেতিয়াও শান্তিত থাকিবা। আমাৰ দুখ বেজাৰৰ মাজেদি কেনেকৈ পৃথিবীত শান্তিৰ পথ উলিয়াব পাৰি, সেই কথা চিন্তা কৰি শান্তি লাভ কৰিবা। মোৰ কথাখিনি হৃদয়-ভবি অদ্ভুত পাণ কৰাদি পাণ কৰি লোৱা। যাতে তুমি জানিব পাৰা যে যিটো আন কোনেও জানিব নোৱাৰিব-মই তোমাক অভি ভাল পাইছিলো-কাৰণ মই সকলো জীরিত প্রাণীকেই সমানে ভাল পাওঁ। তুমি এতিয়া মোৰ মুখত চুমা এটি খাই শুই থাকা। মই সাৰে থাকি তোমাক ৰখিম। চকুৰ পানীৰে সৈতে যশোধাৰা শুলে। সিদ্ধার্থৰ কথা শুনি টোপনিত হুমুনীয়া দৃশ্যটো যেন তেওঁ পেলাবলৈ ধৰিলে-স্বপ্নৰ সেই ভয় লগা দেখিয়েই আকে-টোপনিতে কৈ আছে-সেই সময়! সেই সময় আহিছে।" এনেতে সিদ্ধার্থই মুখ ঘূৰালে। বহুত দিনৰ আগতে ভবিষ্যৎ বাণী কৰ। সেই কথাটো আকৌ দোহাৰিবলৈ তেতিয়াও আকাশত রূপালী তৰাবোৰ শাৰী পাতি আছিল- "এইয়ে সেই নিশা! সিদ্ধার্থ, মহান ত্যাগৰ পথ, কল্যাণৰ পথ বাছি লোৱা। বজাৰো ৰজা হৈ শাসন কৰিবলৈ নাইবা অকলে অকলে মুকুট হীন, গৃহ হীন হৈ ঘূৰি ফুৰিবলৈ আৰু জগত উপকাৰ কৰিবলৈ উপযুক্ত পথ বাছি লবৰ এয়ে সময়।" সেই নিজন জমোরা নিতাল নিমাত নিশাৰ গহীন-গম্ভীৰ পৰিবেশৰ মাজত তেওঁৰ মনত উদয় হোর। এই বাণীৰ লগে লগে তেওঁৰ কাণত যেন আকৌ সেই বীণাৰ তাঁৰত শুনা দের-লোকৰ সতর্ক সঙ্গীতৰ কৰুণ বিননি বাজি উঠিল।
"মই বিদায় লম," সিদ্ধার্থই নিজকে কলে- "সেই সময় আহিল! যশোধাৰা, তোমাৰ সুকোমল ওঁঠ ছুটিয়ে মোক সেই বস্তু পাৰলৈ আগ বঢ়াই দিছে, যিহে প্লাথবী ৰক্ষা কৰিব; কিন্তু আমাৰ দুইকো আতঁৰাব। সেই আকাশৰ নিস্তব্ধতাব আঁৰত মোৰ কপালত থকা সেই মহা বাণীৰ বিলি চমক্ মই পঢ়িছো। এই বাণীৰ কাৰণেই মই আহিছিলো। ইয়াৰ কাৰণেই মোৰ জীৱনৰ ইমানবোৰ দিন আৰু ইমানবোৰ ৰাতিয়ে যোক আগবঢ়াই লৈ আহিছিল। মোক এই ৰাজ-মুকুট নেলাগে। মোক মুক্ত অস্ত্রৰ জিমিকনিও নেলাগে। মোৰ বন্ধৰ চকৰিও তেজেৰে ৰাঙলী হৈ বিজয় লাভৰ কাৰণে ঘুৰিব নেলাগে। পৃথিবীত ৰঙা আখৰেৰে মোৰ ইতিহাস লিখিত হবৰো প্ৰয়োজন নাই। তাৰ সলনি মই ধৈর্যাৰে সৈতে নিষ্কলঙ্ক পদক্ষেপেৰে ধীৰে-শাঁতে বাট বুলিবলৈ এই পথ বাছি লৈছো। এই পৃথিবীৰ ধূলিয়েই মোৰ শয্যা হ'ব। জন-প্রাণী হীন হাৰিয়েই বাস-স্থান হব আৰু তাত থকা নিকৃষ্ট প্রাণী বোৰেই মোৰ লগৰীয়া হ'ব। নাম-গোত্র হীন দৰিদ্র মামুহু বিলাকে পিন্ধ। জধলা সাজ-পাৰতকৈ বেছি মূল্যরান একো সাজ মোক নেলাগে। ভিক্ষা কৰিলে সন্তোষ মনেৰে দাতা সকলে যি এমুঠি দিয়ে, সেইয়ে মোৰ আহাৰ হব। মোৰ মাংসৰো প্রয়োজন নাই। ঢিমিক ঢামক পোহৰ হৈ থকা গুহা বা হাবিৰ জোপাৰ আঁৰতকৈ বেছি আৰম্ভৰ থকা একো বাসস্থান নেলাগে। মই এইখিনি বাস্তবত পৰিণত কৰিম। কাৰণ প্ৰাণী জগতৰ দুখময় করুণ বিননি আহি মোৰ কাণত সোমালহি। এই জগতৰ দুখ বাশিৰ কাৰণে মোৰ আত্মাই কান্দিৰ লাগিছে। মই পৃথিবীত শাস্তি দিব লাগিব। এই শাস্তি লাভৰ কাৰণে যিমান চুৰান্ত ত্যাগ আৰু কঠোৰ সাধনা কৰিব লাগিব, মই সেইখিনি আকাতৰে কৰিম। মানুহে ইমান দেৱতাৰ পূজা কৰিছে, কিন্তু ক'তা দেরতাই মানুহৰ দুঃখ নিবাৰণ কৰিব পৰা নাই কিয়? মানুহে পুজা কৰিছে, অর্ঘ্য যাচিছে, গুরাইছে, খাইছে কিন্তু তথাপি মানুহৰ দুখৰাশি দুৰ হোৱা নাই কিয়? যে আত্মাই এবাৰ জন্ম গ্রহণ বাৰ বিবিধ যোনিত জন্ম লৈ ঘুৰি ফুৰে। অভিশাপৰ পৰা যদি কোনোবাই ৰক্ষা আমাৰ শাস্ত্র সমূহে কৈ গৈছে কৰাৰ পাছত কোটি কোটি মানুহক এই পুর্ন জন্ম কৰিব পাৰিলেহেঁতেন! সংঘাতত কামুৰি থকা মই মৃত্যুক জয় কৰিম। দুখময় জগতৰ লক্ষ্য কোটি হৃদয়ৰ সৈতে একে হৈ মোৰ হিয়াতো যন্ত্রণাৰ কামোৰণি উঠি আছে। মই আজি যি ত্যাগ কৰিবলৈ প্রস্তুত হৈছে। ইয়াৰ দ্বাৰাই তেওঁলোক সকলোৰে কল্যাণ হ'ব। হে আকাশৰ তৰা বিলাক! মই আহিছো। হে শোকাতুৰা পৃথিবী! মই তোমাৰ আজি মোৰ এই যৌৱন, সিংহাসন, মোৰ আনন্দ, মোৰ জীৱনৰ সোণালী দিনবোৰ, মোৰ ৰাতিবোৰ, মোৰ কাৰেংটো-আৰু এই সকলোবিলাক ঐশ্বর্য্যতকৈও বেছি মোহলগা অদ্ভুত সনা যশোধাৰাক এৰি থৈ আজি গুচি যাম। পৃথিবীক ৰক্ষা কৰি অটাই মই তোমাকো ৰক্ষা কৰিম। তোমাৰ বুকুত আলোৰণ কৰি থকা মোৰ সন্তানটি -আমাৰ প্ৰেমৰ লুকাই থকা কুসুম পাহি তেওঁকো এৰি থৈ যাম। মই এই সন্তানটিক আশীর্ব্বাদ দি যাওঁ বুলি অপেক্ষা কৰিলে মোৰ মন পিছলিব। প্রিয়তমা! পুত্র! পিতা! প্রজাসকল! আপোনালোক সকলোরে ক্ষন্তেকৰ কাষণে এই মূহুৰ্ত্তৰ বিষাদ যান্ত্রণা সঙ্গ কৰিব লাগিব। তাৰ পাছত স্বর্গীয়জ্যোতি আহিব আৰু সকলোরে নীতি জ্ঞান লাভ কৰিব। মোৰ দৃঢ় সঙ্কল্প। এতিয়া মই বিদায় ল'ম। মই যি বিচাৰিছো, যেতিয়ালৈকে সেইটো নেপাওঁ তেতিয়ালৈকে মই উলতি নাহো। মই অশেষ চেষ্টা কৰিম আৰু সেই সত্যৰ সন্ধানত জীৱন উছৰ্গা কৰিম।
এইখিনি কৈ তেওঁ চকুৰ চেলাউৰি দুটাৰে যশোধাৰাৰ চৰণ স্পর্শ কৰিলে আৰু মুৰ দোঁৱালে। যশোধাৰাৰ চকু ছুটি তেতিয়াও তিতিয়েই আছিল। টোপনিত লাল-কাল হৈ থকা যশোধাৰাৰ মুখখনি আৰু চকু দুটাত বেথা-ভৰা বিষাদৰ ৰেখা ফুটি উঠিছিল। সি বর্ণনাৰ অতীত। কিজানি সেই স্বপ্নৰ কাহিনী সত্য হয় আৰু সিদ্ধার্থ গুচি যায়, বিদায়ৰ এই আতঙ্কত টোপনিটো যেন বেছেৰীৰ মুখত বিষাদৰ ক'লা ছাঁ জিলিকি শয্যাৰ চাৰিও ফালে অতি শ্রদ্ধাবে সৈতে তিনি বেলি প্রদক্ষিণ কৰিলে-যেন দেৱতাৰ পূজাৰ বেদীতহে প্রদক্ষিণ কৰিছে। আৰু অতি ধীৰে ধীৰে ধপ ধপাই থকা বুকুত হাত দুটি থৈ, যশোধাৰাৰ ফালে চাই কবলৈ ধৰিলে-"আৰু কোনো কালে মই শয্যাত শয়ন নকৰোঁ।"এই বুলি কৈ তেওঁ তিনি বাৰ গুচি যাবলৈ যত্ন কৰিলে কিন্তু তিনিও বাৰ উলটি আহিল। যশোধাৰাৰ সৌন্দৰ্য্যৰ মোহ ইমান প্ররল আৰু সিদ্ধার্থৰ প্ৰেম ইমান গভীৰ আছিল। এই মায়া মোহৰ বন্ধন খণ্ডন কৰিবলৈ দৃঢ় সংকল্প সিদ্ধার্থই তৎক্ষণাৎ নিজৰ মুখখন কাপোৰৰ আঁচলেৰে ঢাকি পেলালে আৰু ছাৎকৰে শয়ন কক্ষৰ পৰা ওলাই গুচি গ'ল।
ইয়াৰ পৰা ওলায়েই সম্মুখৰ কক্ষ সোমাই দেখে সহচৰী সকল আৰু তেওঁবিলাকৰ ভিতৰত ছটি পদ্মম-কলি যেন সখী, গঙ্গা আক গৌতমী এখন স্বপ্ন ময় ৰাজ্যত যেন টোপনিত শুই থকা এই সুন্দৰীহঁতে এখন নিভাঁজ সৌন্দৰ্য্যৰ কল্প-লোকহে সৃষ্টি কৰি থৈছে! সিদ্ধার্থই সকলোৰে উদ্দেশ্যে ক'লে- "চেনেহৰ বান্ধবী সকল, তোমালোক মোৰ আনন্দৰ উপাদান আছিল।। তোমালোকক এৰি যোৱাও বৰ টান; কিন্তু মই যদি তোমা- লোকক এৰি থৈ নেযাওঁ তেন্তে মই ঘি বিচাৰিছো সেইটো নেপাওঁ। আহা! এতিয়া তোমালোক যেনেকৈ দোৰ্ঘোৰ টোপনিত লাল-কাল ঠিক এইদৰেই এদিন মৃত্যুৰ মুখত আতৰ হ'বা। যেতিয়া প্রফুল্লিত কুলুম পাহি মৰহি যায় তেতিয়া তাৰ সৌন্দর্য্য আৰু সুগন্ধ কলৈ যায়। শুই থাকা, তোমালোক টোপনিত আৰু অচেতন হৈ পৰা, যাতে তোমালোকৰ চকুৰ পানীয়ে মোক ধৰি ৰাখিব নোৱাৰে। যাতে তোমালোকৰ মুখত একো মাত হুফুটে। তোমালোক, মই আৰু আন সকলো মানুহৰ জীৱন গছৰ নিচিনা। এই বসন্ত কাল আহিল, এই বৰষুণ, এই হিম, এই জাৰ কালি। তাৰ পাছত গছৰ পাত সৰিল। হয়তো আকৌ বসন্তত নতুন কুঁহি পাত ওলাল। তাৰ পাঞ্ছত এদিন কুঠাৰৰ আঘাতত সেই গছৰ শিপাৰে সৈতে নষ্ট হৈ মাটিত বাগৰি পৰে। মই এইটো হবলৈ নিদিওঁ। মানুহৰ এই জীৱন ঈশ্বৰ প্রদত্ত। সেই কারণে বান্ধবীসকল! মোক বিদায় দিয়া। মই মুক্তিৰ পথ বিচাৰি ওলাইছো আৰু বিচাৰিছে। সেই নেদেখা জ্যোতি।
এইখিনি কৈ সিদ্ধার্থ তাৰ পৰা ওলাল। সত্য সন্ধানী মহান ত্যাগী যুব-ৰাজ সিদ্ধার্থ কাৰেঙৰ পৰা ওলোৱা মাত্রকে আকাশৰ প্ৰহৰী হৈ থকা তৰাবোবে ত-তকৈ তেওঁৰ ফালে চাই প্রেম বর্ষযিলে। ঘুৰি ফুৰা বতাহ চাটিয়ে তেওঁৰ গাৰ কাপোৰত দিব্য লোকৰ পৰ্শ দিলেভি। পুরা ফুলিবলৈ ভাপ গৈ থকা উদ্যানৰ ফুলবোৰে নিজৰ নিজৰ বুকু উদিয়াই ৰাজ-কোঁৱৰৰ যাত্রা-পথ সুগন্ধেৰে আমোদিত কৰিলে। হিমালয়ৰ পৰা আৰম্ভ কৰি ভাৰত মহাসাগৰলৈকে পৃথিবীৰ বুকুত নজনা আশাৰ এটা কম্পন উঠিল। বতাহত আকৌ সেই স্বর্গীয় সঙ্গীতৰ ঝঙ্কাৰ উঠিল। অশ্রুসিক্ত নয়নেৰে সিদ্ধার্থই আকাশলৈ চালে।
সেই কুহেলিকাময় নিশাৰ গহীন নিস্তব্ধতাৰ মাজেদি গৈ সিদ্ধার্থ ই তেওঁৰ প্রিয় সাৰণা চন্নক মনে মনে মাত দিলেগৈ "চন্ন, উঠা। মোৰ ঘোৰা কণ্টকক আনা" সাবন্ধীয়ে কলে- "এই নিশা ঘোৰা কেলেই প্রভু? যেতিয়া আন্ধাৰত বাট-পথ একো নমনি তেতিয়াহে আপুনি দ্বোৰাত উঠিব?" সিদ্ধার্থই উত্তৰ দিলে "লাহে লাহে কোর।।" মোৰ ঘোৰাটো আনা। মই এই সোণৰ কাৰেং এৰাব সময় উপস্থিত। ইয়াত মোৰ হৃদয় সজাত বন্দী হৈ থকা দি আতে। সত্যৰ সন্ধান কৰিবলৈ আৰু সকলো মাশুহৰ কল্যাণৰ কাৰণে মই এতিয়া ইয়াৰ পৰা গুচি যাম। যেতিয়ালৈকে মই সেই সত্য লাভ কৰিব নোরাবো, তেতিয়ালৈকে বিচাৰিম। সাবথী চন্নই ক'লে-"হায়! যুৱৰাজ! সেই জ্ঞানী লোক সকলে কোরা নাইনে বোলে শুদ্ধোদনৰ এই মহান পুত্রই সসাগৰা পৃথিবা শাসন কৰিব আৰু ৰজাৰো ৰজা হ'ব? আপুনি এতিয়া ঘোৰাত উঠি কেনিবা গুচি যাব আৰু পৃথিবীয়ে ভিক্ষাৰ জুলি লব লাগিব নে কি? আপুনি এই আনন্দ-সুখৰ নদন-বদন স্বরূপ কাৰেং এৰি বন্ধু-বান্ধর-হীন ঠাইলৈহে গুচি যাব নে কি?
সিদ্ধার্থই কলে "ইয়াৰ কাৰণেই মই আহিছিলে। সিংহাসনৰ কাৰণে নহয়। মই যি ৰাজ্য বিচাৰি ওলাইছো সেই বাজ্য বহুত সাম্রাজ্যতকৈও ডাঙৰ। আনা, মোৰ কণ্টকক আনি দিয়া। সাবধীয়ে আকৌ ক'লে-"মহাসম্মানীত কোর'ব, আপুনি মোৰ প্ৰভু, আপোনাৰ পিতৃ ৰজা শুদ্ধোদনৰ কিমান বেজাৰ।
সেই কথা ভাবিছেনে বাৰু? আপুনি যি সকলৰ আশীর্ব্বাদ স্বরূপ, সেই সকলৰ কিমান মনোকষ্ট হ'ব সেই কথা ভাবি চাইছেনে বাৰু? আপুনি তেখেতসকলৰ প্রতি এনে অন্যায় কৰি কেনেকৈ তেখেত সকলক সহায় কৰিব ?"
সিদ্ধার্থ ই শুৰ দিলে, "বন্ধু নিজ স্বাৰ্থৰ কাৰণে ভাল পোরা, স্নেহ, প্রেম, অসত্য। কিন্তু মই আজি ওলাইছে। তেওঁ- বিলাকৰ সকলোকে আৰু জগতৰ সকলো প্রাণীকে মোৰ নিঃস্বার্থ প্ৰেমেৰে ৰক্ষা কৰিবলৈহে। যোৱা মোৰ কণ্টকক আনিদিয়া।"
তেতিয়া চন্নই ক'লে-"প্রভু, মই আহিছো।" এই বুলি কৈ বেজাৰ মনেৰে অশ্ব-শালাৰ পিনে গ'ল আৰু কণ্টকৰ পিঠিত জিন্ কচি ৰূপৰ চাবুক ডাল লৈ কণ্টকৰ সৈতে ওলাই আহিল। কণ্টকৰ পিঠিত হাত বুলাই মূল্যবান কাপোৰ পাৰি কাৰেঙৰ জুরার মুখলৈ লৈ আহিল। ঠিয় হৈ কোর'ৰ ৰৈ আছে। কণ্টকে তাৰ প্ৰভু সিদ্ধার্থক দেখা মাত্রকে মূৰ দোৱাই চি হি হি কৰিবলৈ ধৰিলে। কণ্টকৰ আনন্দ ধ্বনি আৰু লোহাৰ খুড়াৰ পদধ্বনি নিশ্চয় সকলোরে শুনিছিল; কিন্তু দৈৱৰ কৃপাত কোনেও সাৰ নেপালে। সকলো টোপনি জালত কলা হৈ আছিল। মৰমেৰে সিদ্ধার্থই কণ্টকৰ ওখ গলধনটো তললৈ দোরাই আনিলে আৰু হাত বুলাই কবলৈ ধৰিলে,-"শুভ্রবেশী কণ্টক! তুমি থিৰেৰে থাকা। কোনো অশ্বাৰোহীয়ে আজিলৈকে নোযোরা য-ত্রা-পথেদি মোক আজি তুমি লৈ যাব লাগিব। আজি ৰাতি মই তোমাক লৈছো সত্যৰ সন্ধান কৰিবলৈ। মোৰ এই সন্ধান ক'ত অস্ত হব, তাকো মই কব নোৱাৰোঁ। কিন্তু যেতিয়ালৈকে মই সেই সত্য বিচাৰি উলিয়াব নোৱাৰোঁ তেতিয়ালৈকে মই বিচাৰিয়েই থাকিম। সেই কাৰণে আজি ৰাতি তুমি ভয়ঙ্কৰ মূৰ্ত্তি ধৰা।
আলিবাটত সহস্র কণ্টক থাকিলেও তুমি আজি অতিক্রম কৰি যাব লাগিব। ওখ পকা দেয়াল আৰু লোহাৰ শলখা একোরেই যেন আমাৰ এই যাত্রা-পথত বাধ্য দিব নোৱাৰে। চোর!! মই যেতিয়া তোমাৰ গলধনত হাত দি আজ্ঞা দিম- 'কণ্টক, যাত্রা করা'-তেতিয়া যেন ধুমুহাও তোমাৰ পাছ পৰে! তুমি জুই আৰু বতাহৰ দৰে হৈ পৰা। তুমি আজি তোমাৰ প্রভুক পিঠিত লৈ যাৰ লাগিব। এই মহান কণ্ঠৰ মহত্বৰ ভাগ তুমিও পাবা। ইয়াৰ দ্বাৰাই জগতৰ কল্যাণ হ'ব। মই অকল মানুহৰ কাৰণেই ওলোরা নাই। নিমাতহৈ যি বিলাক প্রাণীয়ে আমাৰ দুখৰ ভাগ লৈছে আৰু একো সুখৰ আশা নকৰাকৈয়ে মানুহৰ সেৱা কৰিছে-সেই সকলে। বিলাকৰ কল্যাণৰ কাৰণেই মই আজি ওলাইছে।। সেই কাৰণে এতিয়া তুমি তোমাৰ গৰাকী জনক অসীম সাহসেৰে পিঠিত তুলি লৈ বলা।"
এই বুলি কৈ সিদ্ধার্থই অতি সন্তর্পণে আৰু লাহেকৈ কণ্টকৰ পিঠিত উঠিল। কণ্টকৰ গলধনত হাত ফুৰাই এটা চাপৰ মাৰি দিলে। লগে লগে কন্টক জপিয়াই উঠিল আৰু কদমত ছুটি মেলিলে। পকা আলিৰ ওপৰেদি বায়ুৰ বেগেৰে যোৱা কণ্টকৰ পদধ্বনিত সেই অনন্ত বিজয় অভিমানৰ ছন্দোময় শব্দ ধ্বনিত দুখময় জগতৰ পৰিত্রানব উপায় বিচাৰি ৰাজ-কোৱঁৰ সিদ্ধার্থ ই সকলো সম্ভোগ বাসনা অকাতৰে পৰিত্যাগ কৰি এইদৰেই সেই সোণৰ কাৰেঙৰ পৰা নিষ্ক্রমণ কৰিলে।
পুব আকাশৰ নিচেই ওচৰতে যেতিয়া ভোটা ভৰাই পু'রতী আকাশত দেখা দিয়ে আৰু পৃথিবীৰ বুকুৰ ওপৰেদি যেতিয়া পুৱাৰ উশাহে এটি হুমুনিয়াহ এৰে, তেনে সময়তে সিদ্ধার্থই কণ্টকৰ লেকাম টানি ধৰিলে। সিদ্ধার্থ লাহেকৈ ঘোৰাৰ পৰা নামি আৰু শুধ শুকুলা কণ্টকৰ মূৰত চুমা এটি খাই কবলৈ ধৰিলে "তুমি আহি যি কাম কৰিলা ইয়াৰ দ্বাৰই তোমাৰ কল্যাণ হব আৰু লগে লগে জগতৰ সকলো প্ৰাণীৰ কল্যাণ হব। তুমি নিশ্চয়কৈ জাা-বা যে মোৰ প্রতি তোমাৰ যি স্নেহ, সেই স্নেহৰ বাবেই মই তোমাক ভাল পাওঁ। মোৰ প্রভু! মোৰ কণ্টকক আকৌ ঘুৰাই লৈ যোৱা। মোৰ মণিমুক্তণ, ৰাজপোছাক, মোৰ ৰত্নখচিত তৰোৱালৰ খাপ, মোৰ তৰোৱাল, এই সকলোবোৰ তোমাৰ পিঠিত লৈ গৈ বৰজাক দি দিৰাগৈ। আৰু করা সিদ্ধার্থক ক্ষমা ভিক্ষা খুজিছে। যেতিয়া মোৰ অকলশৰীয়া অনুসন্ধান আৰু জোতি বিচবা চেষ্টা সফল হব, তেতিয়া মই এতিয়াতকৈ বেচি শক্তিশালী যুৱৰাজ হৈ উলটি আহিম। যদি যোৰ এই অভিযানত জয় হয়' তেতিয়া গোটেই পৃথিবীয়েই মোৰ হব-মোৰ প্রধান সেরাৰ দ্বাৰাই। ৰহাক কবাগৈ মানুহৰ কাৰণে আশা আছে মাহুত হে। মই এই আশা বি দৰে বিচাৰিছো সেইদৰে এতিয়ালৈকে কেরে বিচৰা নাই। মই মোৰ সংসাৰখন পৰীক্ষা কৰি আহিছো-গোটেই সংসাৰক ৰক্ষা কৰিবৰ কাৰণে।"