কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিংযোৰ চকুত পৰে। গোটেই বছৰটে। সেই পথাৰখনৰ বিবিধ বনৰীয়া ফুল ফুলি জন্মকাই থাকে, সেই সঞ্চ নৈখনৰ পলশ পৰা পাৰে পাৰে ডাঠ সেউজীয়া লতাপাতৰ মেৰবোৰে বিতোপন শোভা তুলি ধৰে, পথাৰখনৰ বুকুখন কোমল আৰু তাত সদায় সুগন্ধী বতাহ বৈ থাকে; এতিয়াও সেই ঠাইখন হেনো বৰ পবিত্র যেন লাগে। কাষত থকা ডাঠ হাবি জোপাবোৰৰ ওপৰেদি মনে মনে সন্ধ্যাৰ শীতল বতাহ চাটি আহি সেই পথাৰখনত উশাহ লয়হি। হাবি খনত ঠায়ে ঠায়ে ফুল জালি কটা ৰঙা পাথৰৰ দ'মবোৰ ফালি ওলাই অহা আহত জৰি আদি গছৰ শিপাবোৰ চকুত পৰে। মাজে মাজে ভগ্নারশেষবোৰৰ খোবোঙত সাপে বাঁহু লৈছে।
চিত্র বিচিত্র বং লগোরা খবৰ ভেটিবোৰৰ মজিয়াত জেঠিয়ে বাঁছ লৈছে। য'ত এদিন বজা সকলে খোজ চলাইছিল সেই কারেণ্ডৰ মজিয়াত জেঠি লৰি ফুৰিছে। ভাগি চিগি উল্ললি যোরা সিংহাসন বোৰৰ তলত শিয়ালে গাঁত লৈছে। অতীতৰ সকলো সম্পদ ধ্বংস হৈ গ'ল। মাত্র একো পৰিবর্তন নোহোৱাকৈ থাকিল সেউজীয়া তুৰৰী বনেৰে সৈতে মাটি টুকুৰা আৰু বতাহ ছাটি। জীৱনৰ আটাইবোৰ চমক লগা দেখনিয়াৰ বস্তুৰ দৰেই সেই ঠাইখনৰ সকলোখিনি অতীত গৌৰৱ কেনিবা গুছি গ'ল। এদিন এই হাবিখনেৰে ঢাকথাই থকা ঠাইখনতেই শুদ্ধোদন ৰজাৰ ৰাঙ্গুৰী আছিল। ইয়াতে এদিন নীল আকাশৰ পৰা ওলাই অহা সোণালী ব'দ মাৰ যাওঁ যাওঁ হোরা সন্ধ্যা পৰত প্রভু বুদ্ধই ধৰ্ম্ম উপদেশ দিছিল। এয়েই সেই কপিলাবাস্তু।
বুদ্ধত্ব লাভ কৰি তেখেতে আছি যেতিয়া পিতৃৰ ৰাজ্যত প্রবেশ কৰিলে লাখ লাখ মানুহে তেখেতৰ ধৰ্ম্ম উপদেশ শুনিবলৈ হেন্দোলদোপ লগালে। প্রশান্ত মূৰ্ত্তিৰে গৰাকীয়ে. যোগাসনত বহি থাকোতে কেতিয়া তেখেতে কথা কৰ সেই বুলি ৰ লাগি বিপুল জনতা বৈ থাকে। সেই দিনা সন্ধ্যা বজা শুদ্ধোদনৰ তাত বহিছিল, চাৰিও ফালে আনন্দ, দেবদত্ত প্রমুখ্যে শাক্য বংশৰ আন আন মুখীয়াল লোকসকল আৰু বিষয়াসকল বহিছিল। বুদ্ধৰ পাছফালে বহিছিল তুজন প্রধান ভিক্ষু শাবিপুত্ত আৰু মোগলায়ণ, তেখেতৰ দুই আঠুৰ মাজত হাঁহি হাঁহি বহি আছিল বাহুল। বাহুলে তেওঁৰ লৰালি দৃষ্টিবে বুদ্ধষ আশ্চর্য্যজনক মুখখনৰ ফালে চাই আছিল। চৰণ যুগলত বহি আছিল যশোধাৰা। তেতিয়া যশোধাৰাৰ হিয়াৰ বেদনা গ'ল। ইন্দ্রিয় সমূহৰ পৰা মুক্ত পবিত্র প্রেমৰ সন্ধান পাই যশোধাৰা তেতিয়া নিৰ্মিকাৰ। বুদ্ধৰ হাতত নিজৰ হাত এখন থৈ নিজৰ গাৰ শুধ শুকুলা কাপোৰখনেৰে বুদ্ধৰ গাৰ হালধীয়া কাপোৰখন ধৰি আছে। তিনিও ভুবনে যাৰ অপেক্ষা কৰে সেই জনৰ নিছেই কাষতে বহি আছে যশোধাৰা।
সেই সন্ধ্যা সভাত বুদ্ধই ধৰ্ম্মউপদেশ দিছিল। আগেয়েই কোরা হৈছে যে, তেখেতৰ উপদেশ শুনিবলৈ মানুহ উপছি পৰিছিল। শুনোতা সকলে অনেক বৌদ্ধ শাস্ত্রত কৈ গৈছে যে, সেই পরিত্র সন্ধ্যাই এটা অলৌকিক রূপ ধাৰণ কৰিছিল। আকাশত মিহি মিহিকৈ ডাৱৰবোৰ মেকতা-মেকতি হৈ বাগৰি গৈছিল, থুপি তৰাবোৰ হীৰা-মুকুতাৰ দৰে জল মলাই উঠিছিল, আৰু সমগ্র শ্রোতাৰ মানত এটা দিব্য শ্রদ্ধাৰ ভাব উদয় হৈছিল। শুনোতা সকলৰ ভিতৰত অচিনাকি বিদেশী মাঙ্গুহ, দাস, উচ্চ শ্রেণী, নিম্ন শ্রেণী, আর্য্য, অনার্য্য, স্লেচ, আৰু পৰ্ব্বতীয়া মানুহ আদি সকলো আছিল। বৌদ্ধ গ্রন্থ বিলাকত পোৱা হয় যে আনকি পশু পক্ষী আদিয়েও বুদ্ধৰ প্ৰেমৰ পৰশ অনুভর
কৰিছিল। সেই সন্ধ্যা বুদ্ধই ৰজাক এই বাণী দিছিল:- ওঁ অমিতাভ।
যিহুক একোৰেই জুখিব নোৱাৰি, কথাৰেও হুজুখিবা। নাইবা চিন্তাৰ জৰিডাল অতল তললৈ পেলায়ো নিদিবা।
যিজনে প্রশ্ন সোবে তেওঁ ভুল কৰে আৰু যিজনে, উত্তৰ দিয়ে তেরে। ভুল কবে; গতিকে একো নকবা। শাস্ত্র বিলাকে কয় সৃষ্টিৰ আদিতে মহা অন্ধকাৰ আছিল আৰু সেই মহা নিশা ব্রহ্মাই ধ্যান কৰি আছিল। সেই ব্রহ্মা
আৰু সৃষ্টি পাতনিৰ ফালে নাচাবা।
মানত্রী চকুৰে সেই ফালে চাই একো পোহৰ দেখা নেপায়। নাইবা ধ্যানীয়ে মানৱীয় মনেৰে সেই বিষয়ে একো জানিব নোৱাৰে। ঢাকনিষ পাছত ঢাকনি ওলাব আৰু ভাষ পাছতো ঢাকনিৰ পাছত ঢাকনি ওলায়েই থাকিব। বহুস্যৰ অন্ত নাই।
একো প্রশ্ন নকৰাকৈ আকাশৰ তৰাবোৰ আৱৰ্ত্তনক সোঁতত ঘুৰিয়েই আছে। এয়ে যথেষ্ট যে জীৱন আৰু মৃত্যু, সুখ আৰু দুখ, কাৰণ আৰু কাৰ্য্য, সময়ৰ গতি আৰু জীৱন সমূহৰ অন্তহীন সোঁত আছেই।
ঢৌৰ পাছত ঢৌ লগলাগি নৈৰ সোঁত যেনেকৈ বৈয়েই আছে আৰু গৈ গৈ সাগৰৰ বুকত বিলীন হৈছেগৈ সেইদৰে সদায় ন ন বেশেৰে জীৱন মৃত্যু সুখ-দুখ কাৰ্য্য কাৰণ আদিষ সৈতে জীৱনৰ সোঁত ব'বই লাগিছে।
সাগৰৰ বুকুত বিলীন হৈ যোৱা ক্ষুদ্র ক্ষুদ্র ঢৌবোৰ পূৰ্য্যৰ তাপত্ত ভাপ হৈ আকৌ ভেড়াৰ নোমৰ দৰে ডাৱৰৰ বুকত সোমাই পর্বতৰ ওপৰেদি বৰষুণ হৈ বাগৰি আহিছে। আকৌ সেইদৰে ওপৰলৈ উঠিছে। বিষাম নাই, শাস্তি নাই, এই দৰেই অহা যোৱা কৰিয়েই আছে। এই খিনি কথা জানিলেই যথেষ্ট হব যে, স্বর্গ-মর্ত্য জগত সমূহ আৰু এই সকলো বিলাক সলনি কৰিব পৰা পৰিবৰ্ত্তনবোৰ, কোনেও ঘুৰাওঁ বুলি ঘুৰাব নোৱাৰা সদায় ঘুৰি থকা তুখ যান্ত্ৰনাৰ চকাটো-এই সকলোবোৰেই স্বপ্ন।
প্রার্থনা কৰিলেই অন্ধকাৰ আঁতৰ হৈ পোহৰ নহয়। "নিম্নাত নিস্তকতাক একো ভিক্ষা নকৰিবা। কাল্গুণ, তাৰ পৰা মাত নোলায়, পবিত্র চিন্তাৰ পৰা ওলোরা ব্যথাত তোমাৰ বিষাদিত মনৰ সংযোগ কৰি কলুষিত নকৰিবা। ভাই-ভনী সকল, নিঃসহায় দেরতা সকলক স্তুতি মিনতি কৰি বা পূজা পাতল দি একো নিবিচাৰিবা। তেওঁলোকক বলিৰ তেজ কিম্বা উপচাৰ দিও পুজা নিদিবা, তোমালোকে নিজ নিজ হৃদয়ৰ মাজত মুক্তি বিচাৰিব লাগিব। প্রত্যেক মানুহে নিজেই নিজৰ বন্দিশাল ৰচনা কৰে।
অতি ক্ষমতাশালী লোক বিলাকৰ দৰেই প্রত্যেক মানুহৰ নিজ নিজ ক্ষমতা আছে। সকলো দেহধাৰী প্রাণী, সকলো জীৱৰেই নিজ নিজ কৰ্ম্মৰ পৰা আনন্দ আৰু বেজাৰ উৎপন্ন হয়। যিটো আগেয়ে ঘটিছিল, আজি যিটো ঘটি আছে, যি হৈছে, আৰু কাইলৈ হব লগীয়াটো হ'ব। আগেয়ে যিটো শেষ হৈ গ'ল আজি সেইটো আৰম্ভ হৈছে আৰু যিটো আযন্ত হৈছে কাইলৈ শেষ হ'ব। আনন্দময় স্বর্গত থকা দেরদূত বিলাকে পরিত্র অতীতৰ ফল ভোগ কৰে। সাধনাৰ নিম্ন'ল যোগ্যতা আৰু সঙ্গ গুণ আর্জন কৰি এটা ক্রিত দাসো বজা হ'ব পাৰে আৰু ৰাজ্য শাসন কৰা এজন বজাও অকৰ্ম্ম কৰাৰ দোষত ভিক্ষাৰীৰ দৰে ভ্ৰমণ কৰি ফুৰিষ পাৰে। ইন্দ্রতকৈও অধিক সৌভাগ্যশালী কৰি তুমি তোমাৰ ভাগ্যৰ উন্নতি সাধিব পাৰা, নাইবা পোক-পৰুৱাতকৈও তললৈ নমাই নিব পাৰা। হেজাৰ হেজাৰ জীৱনৰ অন্ত ঠিক এনেকুরাই। যেতিয়া এই অদৃশ্য চকৰি ঘুৰে তাৰ বিৰাম নাই, শাস্তি নাই। ৰবলৈ কেনিও কতো ঠাই নাই। যি এই চকাৰ ওপৰত উঠে তেওঁ খহি পৰিব পাৰে। যি খহিষ পাৰে তেওঁ আকৌ উঠিবও পাৰে। চকা ক্ষন্তেকো নোখোৱাকৈ ঘুৰিয়েই থাকে।
আৱৰ্তনৰ চকাটোত যদি তোমাক মেৰিয়াই বান্ধি থোরা ৩য় আৰু সেই চাকনৈয়াৰ পৰা যুক্ত হবৰ একো ষাট নেথাকে তেন্তে সেই অসীম অনন্ত সত্ত্বাৰ হৃদয়খন এটা অভিশাপ হ'ব আৰু চিৰস্তনী দুখ যন্ত্রণাৰহে কাৰণ হ'ব।
কিন্তু তোমাক বান্ধি থোর। নাই। সমস্তবে প্রাণ স্বরূপ সেই অনন্ত সত্ত্বাৰ হৃদয় মধুৰ স্বর্গীয় শাস্তিৰ ঠাই। দুখ যন্ত্রণাত- কৈয়ো বলী ইচ্ছা, যিটো সঙ্গ হৈ আছিল সি তাতোকৈয়ো সজলৈ যাব। উৎকৃষ্ট হ'ব।
মই বুদ্ধই সমগ্র মানব জাতিৰ চকুৰ পানী মোৰ চকুত লৈ কান্দিছিলো। গোটেই জগতৰ দুখত মোৰ হিয়া ভাগি গৈছিল কিন্তু আজি মই আনন্দ লাভ কৰিছো আৰু হাঁহিছো। কাৰণ, মই মুক্তি লাভ কৰিলো।
সেই কাৰণে তোমালোক যিবিলাকে তুখ ভোগ কৰিছা তোমালোকে জনা উচিত যে, সেই দুখ তোমালোকে নিজৰ পৰাহে ভোগ কৰিছা। কোনেও তুখ ভোগ কৰিবলৈ বাধ্য কৰোৱা নাই। কোনেও তোমালোকক জীয়াই থাকা আৰু মৰা বুলি কোরা নাই। আবর্তনৰ চকাত ঘুৰি যন্ত্রণাকে মোষ বুলিবলৈ নির্দেশ দিয়া নাই। চোরা, মই তোমালোকক সত্যপথ দেখুৱাইছে।। নম্বকতকৈও তলত, স্বৰ্গতকৈও ওপৰত, আটাইতকৈ ওপৰত থকা তৰাৰোববো ওপৰত আৰু ব্ৰহ্মতকৈও ওপৰত এটা দিব্য শক্তি আছে। সৃষ্টিৰ পাতনি হোৱাৰে পৰ্য আৰু কোনো দিনে কেতিয়াও অন্ত নোহোৱাকৈ এটুকুৰা অনন্ত ঠাইস্বরূপ আৰু নিশ্চিতরূপে সেই শক্তি আছে। সেই শক্তিয়ে কল্যাণৰ ফালে গতি কৰে আৰু তাৰ নিয়ম চিন্তনী।
ফুলি থকা ফুলবোৰ সেই শক্তিৰেই পৰশ। পদ্মম পাতৰ গঠনটোও সেই হাতেৰেই গড়া সৌন্দর্য্য; ক'লা সাকরা মাটিৰ বুকুত নিমাত হৈ পৰি থকা গুটিবোৰৰ ওপৰত সেই শক্তিয়েই বসন্তৰ সাজ বৈ দিয়ে। সৌ যশোময় ভাৱবোৰৰ ওপৰত বিচিত্র বহণেৰে ছবি আঁকা আৰু ম'ৰা চৰাইৰ পাখীত উজ্জল সেউজীয়া ৰঙৰ বহুণ দিয়া সেই শক্তিৰেই কাম। তৰাবোৰৰ জিৰণিৰ ঠাই বতাহ, বৰষুণ, বিজুলী সেইশক্তিৰ দাস। সেই শক্তিয়েই আন্ধাৰৰ পৰা মাঙ্গুহৰ হৃদয় নিল্ম'ল কৰিলে। কিছুমান চৰাইৰ ডিঙিত ধুনীয়া ধুনীয়া ৰেখা আঁকি দিলে। পুৰণিৰ ক্রোধ আৰু ধ্বংসক লাৱণ্যময় কৰি গঢ়ি তুলিবলৈ সেই শক্তিয়ে পবিত্র্যম কৰিবই লাগিছে।
চৰাইৰ বাহত থকা বগা কণীবোৰেই ওপৰত, কোরা শক্তিৰ ঐশ্বৰ্য্য। মৌবিচনীখনেই ইয়াৰ মধু পাত্র। পঞ্চর। যোৱা বাটেই ইয়াৰ বাট। বগা কপৌবোৰে এই কথা ভালকৈ জানে।
মুখস্ত টোপ লৈ আহোঁতে এই শক্তিয়েই চৰাইৰ পাধী দুখন মেলি দিয়ে। বাঘিণীক তাইৰ পোৱালীৰ ওচৰলৈ পঠিয়াই দিয়ে। ভাল নোপোৱা জীৱবিলাকৰ কাৰণেও এই শক্তিয়েই আহাৰ আৰু বন্ধু গোটাই দিয়ে।
কোনো প্রকাৰ ব্যৱহাৰৰ ফলত এই শক্তি নষ্ট নহয় কিম্বা ৰৈ নেথাকে। সকলোরে ইয়াক ভাল পায়। মাতৃ সকলৰ স্তনত এই শক্তিয়েই অমৃত-তুল্য গাখীৰ আনি দিয়ে আৰু ইয়েই সাপকো দংশন কৰিবলৈ কাল-জিভা দিয়ে।
এই শক্তিয়েই সৌ দৃশ্যহীন আকাশৰ চন্দ্রাতপত গতিশীল গ্রহ-নক্ষত্র বিলাকৰ শৃঙ্খলাবদ্ধ সঙ্গীত ৰচনা কৰিছে। বহুদ্ধবাব গভীৰ বুকুত সোণ-রূপ-হীৰা আদি লুকাই গৈছে।
নিতৌ নিতৌ গোপোন ৰহস্য লৈ এই শক্তি গহগছনিৰ সেউজীয়া বাটত বহি থাকে। ইয়েই আচৰিত আচৰিত গছৰ গুটিবোৰ গজাই। তাৰ ওপৰত পাত ফুল আৰু জেউতি দান কবে।
এই শক্তিয়েই মাষেও আৰু তাবেও। ই কেনিও লচক নকবে। প্রেম আৰু জীৱনেই ইয়াৰ সুতা। মৃত্যু আৰু ভূখেই এই শক্তিৰ তাঁতশাল।
ইয়েই আটাইবোৰ সংশোধন কৰি ভাঙে আৰু পাতে। এই শক্তিয়ে উৎসাহী হাত তুখনৰ মাজত যি কৰিম বুলি ভাবে তাৰেই বিতোপন চানেকী নির্ম্মিত হয়।
তোমালোকে দেখা সকলো বস্তু সেই শক্তিৰেই কান্য। মানুহৰ হৃদয় আৰু মন বিভিন্ন মানুহৰ চিন্তাৰাশি চলন-ফিল চিত্তবৃত্তি আদি সকলে। সেই মহানিয়মবেই অধীন।
বিশ্বাসী হাত দুখনেৰে অদৃশ্য ভাবে সেই শক্তিয়েই তোমাক সহায় কৰে। কোনেও ধুমুহাতকৈও প্রবল মাতেৰে কথা নকয়। দয়া আৰু প্রেমেই মানুহৰ সম্পদ।
ইয়েই মানুহৰ অন্তৰত লুকাই থকা সৎ প্রবৃত্তি বিলাকক শান্তি আৰু আশীর্ব্বাদ দিয়ে আৰু গোপন অসৎ অভিপ্রায়ক মন্ত্রণা দিয়ে।
এই শক্তিয়ে সকলো দেখে আৰু সকলো ৰচনা কৰে। কুশল কৰ্ম্ম কৰা-ই তোমাক পুৰস্তুত কৰিব। এটা বেয়া কাম কৰা-ঠিক তেনেকুৱা অভিশাপ পৰিবই। ধৰ্ম্ম দীর্ঘস্থায়ী।
এই শক্তিৰ ক্রোধো নাই ক্ষমাও নাই। বিশুদ্ধ সত্যই ইয়াৰ তুলাচনী। এই শক্তিৰ নির্দোষ তুলাচনীয়েই জোখে। কাইলৈ বা বহুত দিনৰ পাচত এদিন সেই তুলাচনীবে জুল্কি চাবই।
হত্যাকাৰীয়ে নিজৰ অস্ত্র নিজৰ বুকুতেই বহুরাইছে। অন্যায় বিচাৰকে নিজৰ ৰক্ষাকাৰীকেহে হেকরাইছে। মিছা- কথা কোরা জিভাই নিজৰেক্টহে সর্বনাশ কৰিছে। চোষ ডকাইতে পৰৰ-অপহৰণ কৰিভে আকৌ সোপাকে ওলোটাই দিবলৈতে।
কুশলৰ ফালে গতি কৰা সেই শক্তিৰ নিয়ম এনেকুরাই। কোনেও শেহত এই নিয়ম এফলীয়া কৰি থব যা যোগ কৰিব নোৱাৰে। এই নিয়মৰ হিয়া মনেই প্রেম, আৰু ইয়াৰ শেষ শান্তি মধুৰ পৰিপূর্ণতা। এই নিয়ম মানিবা।
ভ্রাতৃ সকল শাস্ত্র সমূতে উচিত কথাকেই কৈছে। পূর্বজন্মৰ জীৱনৰ পৰাই এই জন্মৰ জীৱন হয়। অতীত জন্মৰ ভুলৰ বাবেই এই জন্মত দুখ বিষাদ হয়। হৈ যোৱা জন্মৰ সৎ কৰ্ম্মৰ পৰাই এই জন্মত আনন্দ লাভ হয়।
তুমি যি গুটি সিচা সেই ফলকে পোরা। সৌ পথাৰ খনৰ ফালে চোৱা তিল গুটিৰ পৰা তিল আৰু গোমধানৰ পৰা গোমধানেইহে হৈছে। এই দৰেই মানুহৰ ভাগ্যত ফলে
পূর্বজন্মত যি যি-গুটি সি চিছিল সেই শস্যকে বুটলিবলৈ মানুহ আছে। শস্যৰ নানান বিধিান আক অশান্ত পৃথিবীখনে মানুহুক নষ্ট কৰে।
এই বিঘিনি বোৰৰ শিপা উষালি সৎপথেদি পৰিশ্রম কৰিলে, আৰু যি ঠাইত ভালকৈ গাঞ্জব তেনে ঠাইত বন্ধা বঙ্গা গুটি সিঁচিলে নিশ্চয় ফলদায়ক হ'ব। আৰু খেতি মাটিও পৰিষ্কাৰ হয়। তাৰ উপৰি শস্যও অপাৰ হ'ব।
ক'ৰ পৰা দুঃখৰ জন্ম হয় এই কথা জানি যি জন জীয়াই থাকে তেওঁ দুখ সহিবও পাৰে। প্রেম আৰু সত্যৰ দ্বাৰাই অতীতৰ পাপ কৰ্ম্মৰ ধাৰ সুঞ্জিবলৈ তেওঁ কঠোৰ শ্রমো কৰিব লাগিব।
যদি তেওঁ সকলো তুখ যন্ত্রনা নীরবে সহ্য কৰি কুশল কৰ্ম্মৰ দ্বাৰাই নিজৰ তেজৰপৰা অসত্য আৰু ভোগ-লিপ্সা ধুই পেলাব পাৰে।
যদি দিনে দিনে তেওঁ ক্ষমারন্ত, পরিত্র, ন্যায়রান, সত্যবাদী অাৰু মৰমীয়াল হৈ বাস কৰে আৰু য'ৰ পৰা ওলাই আহে সেই ঠাইৰ পৰা আলুৱে সৈতে বাসনা উত্থালি পেলাব পাৰে আৰু যেতিয়ালৈকে জীৱনৰ মোহ অন্ত নপৰে তেতিয়ালৈকে এনে দবে চলে।
তেন্তে তেওঁ মৰিও জীৱনৰ হিচাপ পত্র সম্পূর্ণ কৰি শেষ কৰি থৈ যায়। তেওঁৰ পাপৰাশিৰ মৃত্যু হয় আৰু গাৰপৰা আতৰি যায়। তেওঁৰ কল্যাণ অতি শাস্ত্রে হয় আৰু বৰ ক্ষমতা- শালী হয়। ইয়াৰ ফলে কল্যাণৰ অনুসৰণ কৰে। মানুহ জন্ম হোৱাৰ লগে লগেই জীৱনৰো আৰম্ভ হয়।
তুমি যাক জীরন বোলা সিও অন্ত হয়, তেনে হলে এনে জীৱন ধাৰণ কৰাৰ প্রয়োজন কি? যিহে তেওঁক মানুহ কৰিলে তাৰ উদ্দেশ্য তেওঁ (জন্ম লওঁতা জনে) সম্পূর্ণ ভারে ব্যৱহাৰ কৰে।
কামনায়ো তেওঁক আৰু কেতিয়াও যন্ত্রনা নিদিয়ে। পাপে তেওঁক কলুষিত কৰিব নোৱাৰে নাইবা পাখির সুখ-দুখৰ মন্ত্রণায়ো তেওঁৰ নিৰাপদ অৱস্থাত থকা অনন্ত শান্তি আক্রমণ কৰিব নোৱাৰে। মৃত্যু আৰু জন্মও পুনৰ নহব।
তেওঁ নির্ব্বাণ প্রাপ্ত হব, তেওঁ জীৱনে সৈতে একে, তথাপি জীয়াই নেথাকে। পুনৰ জন্ম বহিত হৈ তেওঁ অনন্ত কল্যাণত শাস্তি লাভ কৰে। ও মনিপদ্মে হুম্!...... পন্থম পাতত থকা নিয়ৰৰ টোপালটো উজ্জ্বল সমুদ্রৰ গৰ্ভত বিলীন
শিকা, এইয়া কৰ্ম্মৰ কথা কৈছো। যেতিয়া পাপৰ সমস্ত কলঙ্ক ওলাই যায়, আপোনা আপুনি শেষ হৈ যোৱা বঙ্গা শিখাৰ দৰে যেতিয়া জীৱনৰ মৃত্যু হয়, তাৰ লগে লগে মৃত্যুৰো মৰণ হয়।
"মই আছো," "মই আছিলো" বা "মই থাকিম" এই বুলি নকষা। অস্থি মাংসৰ এটা ঘৰৰ পৰা আন এটা ঘৰলৈ গৈছো বুলি তুমি নেভাবিবা। ভ্রমণকাৰী বাটকরা বিলাকে ক'ত কেনেকৈ ভালকৈ থাকিলে। যা যেয়াকৈ থাকিলোঁ বুলি মনত ৰখাৰ দৰে তুমি নেভাৰিবা।
ভ্রাতৃসকল, অন্ধকাৰষ (অবিদ্যা) পৰাই অজ্ঞানতা ওপজে। সেই অজ্ঞানতাৰ মাজত বিভ্রান্ত হৈ তোমালোকে মিছা ভাবনাকে সঁচা বুলি ধৰি থাকা। পার্থির সম্পদ লাভ কৰিবলৈ তৃষ্ণা জাগে আৰু লাভ কৰি ভোগ বাসনাতে ডুব গৈ থাকা। সিয়েই দুখৰ কাৰণ।
যিটো মধ্যপথ তাৰ গতিৰেখা উজ্জ্বল মুক্তিয়ে আঁকে আৰু কোমল নির্জনতাই মিহি কবে যি সকলে এই মধ্যপথ ল'ব খোজা সেই সকলে এই কথা জানিবা। আৰু তোমালোকৰ যি সকলে ওখ নির্ব্বাণৰ পথ ল'ব খোজা তোমালোকে চাবিটা মহাসত্য জানিব লাগিব।
প্রথম সত্যটো দুখ। প্ররঞ্চিত নহবা। পাবলৈ অতি হেঁপাহ কৰা যিটো জীরন সেইটো বহু কালৰে পৰা লেঠাৰি লাগি অহা যন্ত্রনাহে। জীৱনৰ দুখবোৰেই কেরল থাকে। ইয়াৰ সুখবোৰ চৰাইৰ দৰে। উৰি আহি মাটিত পৰে আৰু ভুৰুং কৰি কেনিবা আকৌ উাৰ গুচি যায়।
জন্মৰ দুখ, অসহায় দিনবোৰৰ তৃখ, তপত যৌৱনৰ দুখ এইবোৰেই তোমাৰ পুতৌ কৰিব লগীয়া সময়টে। ঢাকি খয়।
প্রেম মধুৰ! কিন্তু শ্মশানৰ চিতাজুইয়ে বুকুখন, ওঁঠ ছুটা আৰু গোটেই দেহাটো নিশ্চয় এ'দন চুমিব। যুদ্ধত জয় লাভ কৰা বীৰৰ দৰে সেই ক্ষমতা। দুর্দমনীয় শ্মশানত পৰি থকা ৰজাৰ অস্থিবোৰ শগুণে বুতাল নিয়ে।
পৃথিবীখন সৌন্দর্য্যময় কিন্তু ইয়াত থকা হাবি বনবোৰে হত্যাৰ ষড়যন্ত্র কৰে। জীয়াই থাকিবলৈ ভোকত আতুর হয়। আকাশখন ধুনীয়া নীলকান্ত মণিৰ দৰে কিন্তু মানুহে যেতিয়া কালে, তাৰ পৰা এটোপা পানীও সৰি নপৰে।
"তুমি জীৱনটো ভাল পাইছা নে? এই বুলি কন্সীয়া বেজাৰত কান্দি থকা নাইবা অকলশৰে লাখুটিত ভৰ দি থৰক- বৰককৈ থিয় হোৱা মাশুহ এটাক সোধা, তেতিয়া তেও বিলাকে ক'ব, ন-কৈ ওপজা কেচুৱাটো বৰ জ্ঞানী, কাৰণ, সি জন্ম পোরা বাবেই কান্দে।
দ্বিতীয় সত্যটো দুখৰ কাৰণ। এনে কোনে। বেজাৰ আছেনে যিটো কামনাৰ পৰা এনেয়ে হয়? ইন্দ্রিয়সমূহ আৰু ইন্দ্রিয়ৰ দ্বাৰাই গ্রহণ কৰা বস্তুবোৰে একেলগেই ইন্দ্রিয়ব গাত সম্ভোগ বাসনাৰ বিজুলী জুই লগাই দিয়ে। এই জুইৰ শিখা হ'ল তৃষ্ণা, হেঁপাহৰ পিয়াহ। তুমি ব্যঞা হৈ ছাঁৰ পাছে পাছে ফুৰা।
ভেষাৰ দৰে সপোনত লাগি ধৰ্য এটা মিডা আত্মভাব তাৰ মাজত পুহি থাকা; আৰু তাৰে এখন সংসাৰ ৰচনা কৰা। কিন্তু সেই সংসাৰখনে ওপৰৰ পিনে নেদেখে। বহুত ওপৰত থকা আনকি ইন্দ্রৰ আকাশতকৈও ওপৰ আকাশৰ পৰা অহা মুহু বতাহৰ শব্দ হুশুনে। সত্য জীৱনৰ নির্দেশ শুনিবলৈ সেই সংসাৰৰ শ্রবণ শক্তি নাই। সেই কাৰণে সংসাৰৰ যুদ্ধ আহবান কৰা মিছা পৰিশ্ৰম আৰু কামনা বাসনাবোৰেই তাত বেচিকৈ বাড়ি যায়। সেই কাৰণেই প্রবঞ্চিত হোরা দুখীয়া হৃদয়বোৰে বেজাৰত কান্দে আৰু চকুৰ পৰা লুগীয়া চকুলো বৈ আছে। সেইবাবেই ঈর্ষা, ক্রোধ আৰু ঘৃণাই ইন্দ্রিয়সমূহক বিপদগামী কৰে। সেই বাবেই য'ত ৰন গঞ্জিব লাগিছিল সেই ঠাই, ভৰি দিলে উহ, ঠহাই যোৱা শিপা থকা উলুখেৰে ঢাকি পেলায়। তেনে ঠাইত ভাল গুটিৰ কাৰণে তলি পোৱাই টান। আৰু দেহাত বিষ-পানীৰ বাগি লাগি থাকোঁতেই এদিন আশা ওলাই গুছি যায়। পানা পিবলৈ পিয়াহত আঙুৰ হৈ কৰ্ম্ম আকৌ উলটি যায়। ইন্দ্রিয়ৰ আঘাতত আহত হোৱা আত্মাৰ ভ্রমণ আকৌ আৰম্ভ হয় আৰু আকৌ নতুন প্রবঞ্চনা অর্জন কৰে।
তৃতীয় সত্যটো দুঃখৰ অৱসান। আত্ম প্রেম আৰু জীৱনৰ মোহ জয় কৰিব পাৰে শাস্তিয়ে। বুকুত সোমাই দ-কৈ শিপাই থকা ভোগ বাসনা উত্থালি অন্তৰৰ বিপ্লব শান্ত কৰিব পাবে শাস্তিয়ে। আৰু এই বাসনাবোৰ প্রশমিত হলেই বুকুতে লাগি থকা অনস্ত সৌন্দর্য্য সাবটি লবলৈ প্রেম ওপজে। আত্ম জয় কৰি নিজৰ গিৰিহঁত হ'বলৈ গৌৰব আহে। দেৱতাসকল থকাতকৈও ওপৰত থকাৰ আনন্দ আহে। বিশুদ্ধ কৰ্ম্ম, পৰো- পকাৰার্থে কৰা সেরা, মধুৰ বচন আৰু নিষ্কলঙ্ক ভারে অতিবাহিত কৰা দিনবোৰৰ পৰা 'অগণন স্থায়ী সম্পদ গোট খায়। এই সম্পত্তি কেতিয়াও মুটুটে আৰু মৃত্যুরে ঘিণাৰ নোৱাৰে।
তেতিয়াই দুঃখ বেজাৰৰ অন্ত হয়। কাৰণ তেতিয়া জীরনো নেথাকে, মৰণো নেথাকে। যেতিয়া বস্তুীৰ তেল নাইকীয়া হয় তেতিয়ানো বস্তিৰ শিখা কপিৰ কেনেকৈ? পুৰণিৰ যেজাৰ লগা অৱস্থাটো স্পষ্ট হয়। নতুন পৰিষ্কাৰ ভাবে দেখা দিয়ে। ইয়াৰ পৰাই মামুহু সন্তোষীয়া হয়।
পুত্র পৰিবাৰৰ প্রতি স্নেহ বৰ মধুৰ। বন্ধু বান্ধর আক আমোদ প্রমোদেৰে কটোৱা দিনবোৰো যব আনন্দদায়ক। ইয়াৰ মাজত থাকিও তোমাৰ নিজ নিজ দুর্ব্বলতাৰে সোণৰ জখলা সাজি পোর।। সেই মিছা সুখৰ দৈনিক জীৱন যাত্ৰাৰ পৰা উর্দ্ধতৰ জীৱনলৈ যোরা পথ যুকলি কৰা। এনেকৈয়ে ক্রমাৎ ওপৰলৈ উঠা সহজ হৈ আহিব আৰু পাপৰ বোজা পাতল হ'ব। ওপৰত কোৱা অষ্ট পথে দ বাউ বুলিপেই ইন্দ্রিরৰ বন্ধনৰ পৰা মুক্ত হবলৈ অদম্য ইচ্ছা জাগিব।
যি এইদৰে চলিবলৈ মন জয় কৰিব পাৰে তেওঁ প্রথম স্তৰটে। লাভ কৰে। তেওঁ কুশন্স, সত্য আৰু অষ্ট মার্গৰ পৰিচয় পায় আৰু শেষত নিৰ্মাণৰ শান্তি লাভ কৰে।
দ্বিতীয় স্তৰত ঠিয় হৈ থকাবিলাক সন্দেহ, মায়া মোহ আৰু অন্তৰ বেদনাৰ পৰা মুক্ত হয়। সকলো প্ৰকাৰ ভোগ- বানাৰ ওপৰত নিজে প্রভু তৈ সকলো প্ৰকাৰ বাঙ্গিক কৰ্ম্ম, শাস্ত্র অধ্যয়ন, পুৰোহিত আদিৰ প্রয়োজন নোহোৱাকৈ তেওঁ থাকিব পাৰে।
তাৰ ওপৰত তৃতীয় স্তৰটে।। এই স্তৰত থকা জনৰ সকলো পাপ প্রক্ষালন হৈ নির্মূল হয় আৰু তেও প্রশান্ত গম্ভীৰ হয়। তেও সকলে। জীরকে সম্পূর্ণ শান্তিৰে ভাল পায়। শেত তেওঁৰ জীৱনৰ বন্দিশালটো ভাগি নাইকীয়া হয়।
ভয় লগা শত্রুক সৈনিকে বধ কৰাদি এই চাৰিটা স্তবব লগে লগে দহোতা পাপ ধুলিসাৎ হয়। আত্ম-প্রেম, মিছা বিশ্বাস, সন্দেহ, ঘৃণা আৰু ভোগ বাসনা যি এই পাঁচোটা পাপ জয় কৰিব পাৰে তেরে'ই তৃতীয় স্তৰৰ শেষত থিয় হয়গৈ। তথাপি আৰু পাঁচোটা পাপ বাকী থাকে। সেই পাঁচোটা হ'ল পার্থিব জীৱনষ মোহ, স্বর্গ লাভৰ কামনা, আত্ম-প্রশংসা, ভ্রান্তি আৰু অহঙ্কাৰ।
মূৰৰ ওপৰত সীমাহীন নীল আকাশৰ বাহিৰে একো নথকাকৈ সৌ পৰ্ব্বতৰ ভূযাৰ শৃঙ্গত থিয় হৈ থকা এজনৰ দৰে এই পাপবোৰৰ পৰা মুক্ত হৈ মানুহ নির্ব্বাণৰ ওচৰ সীমাত উপস্থিত হয়গৈ।
তেনেজন লোকৰ প্রতি দেৱতাৰো ঈর্ষা হয়। তেওঁক তিনিও ভুবনৰ প্ৰলয়েও লৰাব নোৱাৰে। সকলো জীৱন তেওঁৰ কাৰণেই জীয়াই থাকে আৰু সকলো মৃত্যুৰ মৃত্যু হয়। জীরনে আৰু তেওঁৰ নিমিত্তে নতুন ঘৰ সাজিব নোৱাৰে। তেওঁ একো নিবিচাৰে কিন্তু সকলো পাই আত্ম ভাব নাইকিয়া হয় আৰু সমস্ত বিশ্ব ব্রহ্মাণ্ড খনেই "মই" ভাৰত পৰিণত হয়। "নির্বাণ" মৃত্যুও নহয়, জীরনো নহয়। বিশুদ্ধ পথ অনুসবন কৰা। ঘৃণাৰ দৰে আৰু ডাঙৰ বেজাৰ একো নাই। ইন্দ্রিয়তকৈ ডাঙৰ মন্ত্রণা আৰু ভোগ-বাসনাতকৈ ডাঙৰ প্রবঞ্চনা নাই। পথ প্রবেশ কৰা। যাৰ ভৰিয়ে এটা মাত্র অপবাধো মোহাৰি গৈছে, তেওঁ বহুত দূৰ আগ বাড়িছে বুলি জানিবা। পথ প্রবেশ কৰা তাতেই আৰোগ্যকাৰী পানীৰ সোঁত বৈ আছে আৰু সিয়েই সকলো প্ৰকাৰ তৃষ্ণা নিবাৰণ কৰিষ। সেই পথৰ ওপৰত ফুল- বছা দলিছা পাৰি অমৰ ফুলবোৰ ফুলি আছে। -ঘাটে ঘাটে আনন্দ। তাতে আছি মধুবত্তম আৰু অতি খৰকৈ গুছি যোৱা দিনবোৰ থুপখাই আছে।
মণি মুক্তাষ তড়ালতকৈ নিয়মৰ ভড়ালটো বেছি ডাঙৰ। মৌ চাকতকৈও ই বেছি সোৱাদ। ইয়াৰ আনন্দই আনন্দময় অতীতৰ তুলনা কৰে। ইয়াত থাকিবৰ কাৰণে এই পাঁচোটা জ্বল (নিয়ম) আছে কওঁ শুনা:-
১। প্রাণী হত্যা নকৰিবা।
২। মুক্তহস্তে দান কৰা আৰু গ্রহণ কৰা; কিন্তু প্রবঞ্চনা কৰি প্রলোভনব বস হৈ কিম্বা গাৰ বলেৰে লোকৰ বস্তু মোব সুবুলিবা। চুৰ নকৰিবা।
৩। মিছা কথা নকৰা। মিহা সাক্ষী নিদিবা। অন্তৰত থকা পবিত্রতাৰ বচন হৈছে সত্য।
৪। বুদ্ধিক কলুষিত কৰা বাগিয়াল দ্রব্য যা সুৰাপান আদি ত্যাগ কৰিষা। পৰিষ্কাৰ মন আৰু দেহাৰ কাৰণে সোম বসব প্রয়োজন নাই।
৫। পৰস্ত্রী স্পর্শ নকৰিষা। নাইবা ব্যভিচাৰ আদি অনিয়মিত আৰু অশোভন কার্য্যও নকৰিবা।
পিতৃ-মাতৃ, লৰা-ছোৱালী, বন্ধু-বান্ধর আদি সকলোরে পালন কৰিব লগীয়া কর্তব্য সম্পর্কে গৰাকীয়ে ওপৰত কোরা কথাবিলাক 'ক'লে। যি সকলে উচ্চস্তৰত বাট বুলিষ নোরাসে আৰু ভোগ বাসনাৰ পৰা মুক্ত হবলৈ টান পায়, সেই সকলে কেনেকৈ জাঁঠোটা বাট চিনি লোৱা উচিত সেই সম্পর্কে উপদেশ দিলে। পবিত্র জীৱন যাপন কৰি দয়া, ধৈর্য্য, শ্রদ্ধা আদিবে সকলো জীরকে আপোন ভাবেৰে ভাল পাবলৈ ক'লে। নষফ উপকাৰ কৰিলে স্তবে স্তবে কেনেকৈ সুখী হৈ যাব পাৰে সেই কথাও বিবৰি ক'লে।
লগতে বহুত দিনৰ আগেয়ে ৰাজ-গৃহৰ বেন্ড-বনত থাকোঁতে প্রভুরে এদিন অতি প্রত্যুষতে সিঙ্গল নামে এজন গৃহীলোকে স্নান কৰি পৃথিবাক, স্বর্গক আৰু চাৰিও দিশক সেরা কৰাৰ কথ। এটাও ক'লে। সেই মানুহ জনে সেইদৰে সেৱা কৰি দুই হাতে ৰঙা আৰু বগা চাউল চটিয়াই আছিল। প্রভুরে তেওঁক সুধিলে, "ভ্রাতৃ, তুমি এইদৰে সেরা কবিভা কিয় ?"...
গৃহী মানুহু জনে ক'লে,মহাত্মা! এইটো আমাৰ ধৰ্ম্ম। আমাৰ পূৰ্ব্ব পুৰুষ সকলে শিকাই গৈছে বোলে দিনৰ কাম আৰম্ভ হোৱাৰ আগেয়ে প্রত্যেক দিনা অতি প্রত্যুষতে এইদৰে সেৱা কৰি ওপৰত থকা আকাশৰ, পৃথিবীৰ আৰু চাৰিও দিশে বৈ থকা বতাহৰ লগত থকা কু-প্রভাৱবোৰ আঁতৰাই ল'ব লাগে। তেতিয়া বিশ্ব-বৰেণ্য প্রভুৱে উত্তৰ দিলে, "চাউল নচতিয়াবা, ভাতকৈ প্রেম-ময় ভাব, চিন্তা আৰু কৰ্ম্ম বিলাক সকলোকে দান কৰা। পুব দিশক পিতৃ-মাতৃ বুলি ভাষা, কাৰণ তাৰ পৰাই পোহৰ আহে। দক্ষিণক শিক্ষা গুরু বুলি ভাবা, য'ৰ পৰা মূল্যবান উপহাৰ বিলাক আছে। পশ্চিমক নিজৰ ভাৰ্য্যা আৰু পুত্র কণ্যা বুলি ভাষা, সেই পিনেই প্রেম আৰু শান্তিৰ পোহৰ জলমলাই উঠে, আৰু দিনৰো অন্তপৰে। উত্তৰ দিশক নিজৰ বন্ধু, আত্মীয় স্বজন আৰু সমস্ত মানৱজাতি বুলি ভাবা। তলৰ পিনে নিমাখিত জীর বিলাক আৰু ওপৰৰ পিনে সাধু-সন্ত দের ঘৃত আৰু পুণ্যাত্মাসকল আছে বুলি ভাষা আৰু কুশল চিন্তা বিলাক দান কৰা। সেইদৰেই সকলো কু-প্রভার অহা বাট বন্ধ হ'ব। আৰু সকলো দিশ নির্বিঘ্নে থাকিৰ।
এইদৰেই মহাত্যাগী বুদ্ধই মানুহৰ আধ্যাত্মিক জীরন উচ্চ পথগামী হবলৈ নানান শিক্ষা দান কৰিছিল। কেনেকৈ সংসাৰত নিৰ্ম্মল বিশুদ্ধ ভাবে বাস কৰিব পাৰি, কি খাব আৰু পিৰ লাগে, কেনেকুরা বস্ত্ৰ পৰিধান কৰিব লাগে সেই কথাও শিক্ষা দিছিল। এইদৰেই তেখেতে মহান বৌদ্ধ ধৰ্ম্ম প্রতিষ্ঠা কৰি গ'ল। হালধীয়া সাজ পিন্ধা সেই ভিক্ষু সকলে আজি পর্য্যন্ত জগতক সহায় কৰিবলৈ সংঘৰ নিয়ম মানি চলি আছে।
কপিলাব।গুলৈ উলটি আ!! বুদ্ধই সেই গোটেই নিশা উপদেশ দিলে। কাৰো চকুত সেইনিশা টোপনিয়ে নধৰিলে। যি সকলে তেখেতৰ মহাবাণী শুানছিলে তেখেতসকলে ভাগৰ নলগ। উলাহেবে শুনি শুনি আনন্দ প্রকাশ কৰিছিল। যেতিয়া বুদ্ধই কথ। কৈ সামৰাণ ম্যাবলে তেতিয়া ৰজ। গুচ্ছোদনে তেওঁৰ সিংহাসনৰ পৰা গুদা ভৰিৰে উঠি আহি পুতেকৰ ওচৰত মূৰ দোরালেছি। আৰু হালধীয়া বস্ত্ৰৰ আগটোত ধৰি চুমা খালেহি। তাৰ পাছত ক'লে-"হে মোৰ পুত্র! তোমাৰ সঙ্গী সকলৰ ভিতৰত মোক অতি শেষৰ আৰু অতি নিঃস্ব জন বুলি গ্রহণ কৰা।" তেতিয়া সম্পূর্ণ সুখী যশোধাৰাই কাতৰ ভাবে কবলৈ ধৰিলে।-"হে পুণ্য আত্মা। আপোনাৰ উপযুক্ত পুত্র আৰু উত্তৰাধিকাৰী হবৰ কাৰণে আপোনাৰ জ্ঞান বাজ্যৰ বন্ধু- বাশিৰ ভাগ ৰাহুলকো দিয়ক। শুদ্ধোদন, যশোধাৰা আৰু বাহুল-এই তিনিও কুশল পথত প্রবেশ কৰিলে।......
ইয়াতে মোৰ লিখাৰ শেষ। আমাক ভাল পোৱাৰ নিমিত্তে মই গৰাকীক ভাল পাওঁ আৰু সেইবাবেই তেওঁৰ চৰিত আলোচনা কৰিলো। মোৰ জ্ঞান অতি সামান্য। সেই মহা গুৰু আৰু শান্তিৰ পথ সম্পর্কে মই একো কোরা নাই বুলিবই লাগে। সেই গৰাকীজনে এচিয়াত জ্যোতি দান কৰিছিল। সেই দিব্য জ্যোতি আজিও সুন্দৰ হৈয়েই আছে। তাৰ পৰা ওলোৱা অসীম দয়াৰ ভাবে বিশ্ব জয় কৰিলে।-তেখেত ক'ত আছিল, কোন কোন ৰজাই তেওঁৰ অমৃত বাণী গুহাৰ মুখত, শিলত কাটি প্ৰচাৰ কৰিছিল, আৰু কেনেকৈ যথা সময়ত বুদ্ধই দেহ ত্যাগ কৰিলে, মানুহৰ মাজত কেনেকৈ তেখেতে এজন মানুহৰ দৰে থাকিও সকলো কুশল কৰ্ম্ম পৰিপূর্ণ কৰি গ'ল-তেতিয়াৰে পৰা লক্ষ লক্ষ মানুহে তেখেতে দেখুরা বাটেদি বাট বুলি গৈ, তেখেতে পাই যোৱা নির্ব্বাণ য'ত অনন্ত বিশুদ্ধতা আছে তাড় তাষ অনুসৰণ কৰিছে। সেই সকলোবিলাক কথা পরিত্র ধর্ম্ম-
শাস্ত্র সমুহত লিখা আছে।
হে প্রভু। হে পবিত্রাতা। এই ক্ষুদ্র পুখি খনৰ ক'ৰবাত যদি তোমাৰ বিষয়ে কিষা ভ্রান্তিমূলক কথা কোৱা হৈছে, সেই অপৰাধ ক্ষমা কষিবা। তোমাৰ মহান প্রেমেৰে মোৰ ক্ষুদ্র বুদ্ধি আৰু সামান্য জ্ঞানৰ অপৰাধ মর্ষণ কৰিবা।
হে প্রেমিক! বন্ধু। পথ প্রদর্শক! নিয়মৰ জ্যোতি। তোমাৰ নাম আৰু তোমাতেই মই আশ্রয় লৈছো। তোমাৰ কুশল নীতিত মই আশ্রয় লৈছো। তোমাৰ সংঘত মই আশ্রয় লৈছো। পদ্মমৰ পাতত নিয়ৰৰ টোপাল আছে।
উঠা-মহান সূর্য্য-
মোৰ জীৱন-পাতখিলা ডাঙি ধৰা আৰু মোক ঢৌৰ লগত মিলাই দিয়।।
ওঁ মণিপয়ে হুম্।
পূৰ্য্যোদয় ওচৰ চাপিছে- নিয়ৰৰ টোপাল উজ্জল সাগৰত টুপ, কৰে সৰি পৰিছে।