বিধানসভাৰ সাধাৰণ নির্বাচনৰ দিন ওচৰ চাপি আহিল। দেশ জুৰি উখল মাখল হুলস্থুল বাড়ি আহিল। কলেজ স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৰে মুখত কেৱল নির্বাচনৰ কথা, ভোটৰ কথা, কংগ্ৰেছৰ কথা, মুছলিম লীগৰ কথা। নিতৌ নতুন নতুন আলোচনা, নতুন নতুন কাহিনী। বিভিন্ন দলৰ বিভিন্ন প্রার্থী সাজু হৈছে ইলেকচনৰ কাৰণে। পাকিস্তান হ'লে কি হ'ব, কি নহ'ব তাৰ আলোচনা চলিল। সংখ্যালঘু মুছলমানৰ ওপৰত সংখ্যাগুক হিন্দুৱে কৰা অবিচাৰ অত্যাচাৰৰ সত্য অর্ধসত্য অসত্য অতিৰঞ্জিত কল্পিত নানা কাহিনী প্রচাৰ হ'ল।
এইবোৰ আলোচনা মুকলিকৈয়ে হয়। লুকটুক নাই। নগৰৰ পৰা ৰাজনৈতিক নেতা, পালিনেতা আছে, ৰাইজক, বিশেষকৈ ডেকা ল'ৰাবোৰক নানা কথা বুজাই, নানা দিহা পৰামৰ্শ দি থৈ যায়। বাতৰি কাকততো কথাবোৰ ওলায়, কিন্তু গাঁৱলৈ এখননে দুখনহে বাতৰি কাকত আহে। সকলোরে পঢ়িবলৈ নেপায়, বহুতে পড়িব নেজানেও। কলিকতাৰপৰা 'আজাদ' দৈনিক পত্রিকা আহে, বাংলা ভাষাৰ বাতৰি কাকত, মৈমনচিঙীয়া গাঁওবোৰলৈকে নহয়, অন্ত্যান্ত ঠাইলেও যায়। অসমীয়া মুছলমানেও 'আজাদ' পড়ে। 'আজাদে' পাকিস্তান গঠন কৰাৰ যুক্তিযুক্ততা নানাভাবে প্রতিপন্ন কৰি মানুহৰ মনত তাৰ প্রতি সমর্থনৰ ভাব জগাই তোলে। মানুহ উত্তেজিত হয়।
নগৰৰপৰা তিনিজন মুছলীম লীগৰ নেতা আহিছিল। তেওঁলোকে মোবাৰক মাষ্টৰৰ ঘৰতে স্থানীয় মানুহ গোট খাবলৈ কৈছিল। মানুহ গোট খাইছিল, বিশেষকৈ অঞ্চলটোৰ ডেকাবোৰ আহিছিল।
অন্ত্যান্ত কথা বুজোৱাৰ পাছত তেওঁলোকে ক'লে যে এই অঞ্চলব পৰা এজন মুছলীম লীগৰ প্রার্থী খিয় কৰাৰ লাগে, কাক ভিন্ন কৰাষ সেইটো ইয়াৰ ৰাইজে ঠিক কৰক। সিদ্ধান্ত ল'ব। কথা শুনি সকলো অরপ্তে প্রাদেশিক লীগে শেষ আচৰিত হ'ল। গাঁৱৰ মাসুস্থ আকৌ কেনেকৈ মেম্বৰ হয়। গাঁৱৰ মানুহ মেম্বৰ হৈ কি কৰিবগৈ?
কিন্তু নগৰৰ নেতা কেজনে ক'লে যে, সদায় নগৰৰ মানুহ মেম্বৰ হয়, এইবাৰ গাঁৱৰ মানুহ পঠিয়াব লাগে। গাঁৱৰ মানুহেহে গাঁৱৰ মানুহৰ সমস্যা বুজি পায়। নগৰৰ মানুহ গাঁৱৰ মানুহৰ ভোট বিচাৰি হৈ আহে, কাম একো নকৰে, নিজেহে মন্ত্রী মেম্বৰ হয়। “আমাৰ গাঁৱতনো তেনেকুৱা মামুহ কোন আছে?" এজনে
সুধিলে। "কিয়, মোবাৰক মাষ্টৰ আছে, কাবিল আলি জোতদান আছে, আৰু বাবৰ আলিওতো আছে।" নেতা এজনে ক'লে।
সকলো হতবাক হ'ল। মোবাৰক আলি, কাবিল জোতদান, বাবৰ এনেকুৱা মানুহু মেম্বৰ হয় নেকি? খান বাহাছৰ, খান চাহেব, নগৰৰ উকীল চুকীলছে মেম্বৰ হয়।
বাবৰে ক'লে, "গিৰীন চাৰক তুলিলে বেয়া হ'বনে?"
"কোন গিৰীন চাৰ?"
মোবাৰকে গিৰীনৰ বিষয়ে চমুকৈ ক'লে।
নেতাজনে ক'লে, "তুমি কথাটো বুজা নাই। মুছলীম লীগে
মুছলমানকহে প্রার্থী দিব। আনক কেনেকৈ দিব?" মোবাৰক বহি থকা সত্ত্বেও বাবৰে ক'লে, "পাকিস্তান কৰিবলৈ
হ'লে অলপ জনাগুনা মানুহ হ'লেহে ভাল হ'ব। আমাৰ নিচিনা হালোৱা চহাবোৰ গৈ কি কৰিবগৈ?"
"জনাগুনা মানুহে! যাব নহয়, সেইসকল মন্ত্রীচন্ত্রী হ'ব। পিছে গাঁৱে গাঁৱে তোমালোক ইমানবোৰ মানুহ আছ, এছেম্বলীত তোমালোকৰ মেম্বৰ থাকিলেহে তোমালোকৰ হৈ মাত মাতিব। অতদিনে তোমালোকে যিমানবোৰক মেম্বৰ কৰিলা, তাৰ কোনোবাই জানো তোমালোকক মাটি ভেটি দিছে? ভোটটি লোৱাৰ পাছত সিহঁত তোমালোকৰ ফালে ঘুৰিয়ে নেচায়।"
উপস্থিত বুঢ়া এজনে মাত লগালে, "এবা, যি আমাক খেতিৰ মাটি দিব, তেনেকুৱা মানুহকহে মেম্বৰ কৰিব লাগে। হাবি জংঘল পিতনি বননি ভাঙি আমি খেতিৰ মাটি উলিয়াই লৈছো, পিছে আমাক পট্টা নিদিয়ে, মণ্ডলক ভাবে ভাবে ঘোচ-ভেটি দিব লাগে। আমাৰে কোনোবা মেম্বৰ হ'লেহে কিজানি আমি মাটিৰ পট্টা পাম। যিয়ে আমাক মাটি দিব, তাকে আমি ভোট দিম, মেম্বৰ কৰিম।"
"পিছে ভোটাৰৰ লিষ্টত তোমালোকৰ নামবোৰ উঠিছনে নাই চোৱাগৈ। তোমালোক সৰহ ভাগবে ভোটেই নাই" নেতাই ক'লে।
"এইবোৰ কথা মোবাৰক মাষ্টৰাঁতে চাব লাগে। আমি লেখাপড়া নজনা মানুহ-"
আন এজনে ক'লে, "ভোটাৰৰ নামবোৰো মণ্ডলেহে ভৰায়, মণ্ডলক ঘোচ দিলেহে হ'ব। কিমানকৈ বা লয়?"
নেতাজনে বক্তৃতাৰ সুৰত ক'লে, "সেই কাৰণেহে আমি কওঁ, তোমালোকে ল'ৰা ছোৱালীবোৰক পঢ়োৱা, তোমালোকৰ ল'ৰা হাকিম মণ্ডল হ'লেহে তোমালোকে মাটিৰ পট্টা পাবা, ভোটাৰৰ তালিকাত তোমলোকৰ নাম উঠিব, তোমালোকৰ নিজৰ মানুহ মেম্বৰ মিনিষ্টাৰ হ'ব পাৰিব।"
মানুহবোৰ প্রত্যয় গ'ল। প্রায় একমত হৈ সিদ্ধান্ত কৰিলে এইবাৰ নিজৰ মানুহক মেম্বৰ কৰিব-মোবাৰকেই হওক, কাবিলেই হওক, বাববেই হওক।
নেতাকেজন যোৱাৰ পাছত উপস্থিত মানুহখিনিয়ে আলোচনা
কৰিলে।
কাক প্রার্থী কৰা যায়।
"বাবৰ তয়ে উঠ-" ডেকা এটাই ক'লে।
"ঠাট্টা নকৰিবি অ', মোক কোনে চিনি পায়? মই ৰাইজৰ কি কাম কৰিছো? মোক কোনে ভোট দিব? আৰু এছেম্বলীব মই কিটো জানো?"
"তেতিয়াহ'লে মোবাৰক মাষ্টৰেই উঠক" আন এটা ডেকাই ক'লে।
"মই সেইবোৰ কৰা মানুহ নহয়। সেইবোৰত লাগিলে মোৰ স্কুলটো নষ্ট হ'ব। আৰু মোৰ সেইবোৰলৈ হেঁপাহো নাই।" মোবাৰক মাষ্টৰে ক'লে।
এজন বুঢ়াই ক'লে, "এ-নগৰৰ পৰা কোনোবা আহি কিবা এটা কৈ গ'লেই তপত ভাত গিলাদি নিগিলিবিচোন। কথাবোৰ ধীৰে শাঁতে আলোচনা কৰি চাব লাগে। মই হ'লে কওঁ, মুছলমানৰ এখন সুকীয়া দেশ হ'লে বেয়া নহয়-"
"তাত যদি এতিয়াৰ নিচিনাকৈ নরাব জমীদাৰ, খানছাহেব, খান বাহাদুৰবোৰেই ৰজা মন্ত্রী হয়?" এটা ডেকাই ক'লে।
বাবৰে ক'লে, "ময়ো তাকো ভাবিছো। নৱাব জমীদাৰবোৰ যদি থাকি যায় পাকিস্তান হ'লেও আমাৰ একো লাভ নহয়।"
"নরাব জমীদাৰে যুগে যুগে দেশ চলাই আহিছে। সিংহাসনত বহুৱাই দিলেই তই মই দেশ চলাব পাৰিমনেকি?" এজন বুঢ়াই মন্তব্য কৰিলে।
বাবৰে ক'লে, "কংগ্রেছতো মুছলমান আছে। কংগ্রেছী হ'লেও সেইবিলাক মুছলমান-"
"কংগ্রেছী মুছলমানেও পাকিস্তান নেমানে-"
উত্তেজিত ডেকা ল'ৰা এটাই ক'লে, "আমাৰ পাকিস্তানৰ দাবী যি নেমানে সি কাফির। তাৰ লগত আমাৰ হোকাপানী বন্ধ হ'ব লাগে।"
আন এটাই ক'লে, "আমাৰ ইয়াত কোনো কংগ্রেছী নাই,
সকলো লীগ।" কোনোবা এটাই ওপৰলৈ হাত তুলি ধ্বনি দিলে "পাকিস্তান
জিন্দাবাদ।" আৰু দুটামান ডেকাই তাত যোগ দিলে।
ঘৰলৈ আহি বাবৰে কথাটো ৰাণীৰ লগত আলোচনা কৰিলে। ৰাণী 'আজাদ' পড়া ছোৱালী, অসমীয়া বাতৰি কাকত আলোচনীও পড়ে। স্কুললৈ অহা বাতৰি কাকত মোবাৰকে ঘৰলৈ আনে। তাৰ পৰা ৰাণীয়ে অনাই পঢ়ি ঘুৰাই দিয়ে।
ৰাণীয়ে জোৰ দি ক'লে, "পাকিস্তান হ'বই। কোনোবাই নিদিওঁ বুলিলেই নহ'বনেকি? আক ইংৰাজেই দিওঁ বুলিছে, নহ'লে ভাৰতক স্বাধীনতাকে নিদিয়ে।"
"অসমো পাকিস্তান হ'ব জানো?"
"হ'ব বুলিতো কৈছে। নহয় যদিও আমাৰ কি? পাকিস্তান হ'লেও আমি ইয়াতে থাকিম, হিন্দুস্তান হ'লেও ইয়াতে থাকিম।" "মই কিন্তু পাকিস্তান হ'লে আমাৰ দেশলৈ এবাৰ যাম বুলি
ভাবিছো।"
"মই নেযাওঁ-মই ইয়াৰপৰা ক'লৈকো নেযাওঁ। দেশত এতিয়া আমাৰ কোনোৱেই নাই।" ৰাণীয়ে দৃঢ়ভাৱে ক'লে।
"ময়ো তাতে থাকিবলৈ নেযাওঁ নহয়। মই এটা কথা চাবলৈ যাম-পাকিস্তান হ'লে যেতিয়া মোজাম্মিল চৌধুৰীহঁতক জমীদাৰ ভাঙিব, তেতিয়া মোজাম্মিলইতে কি কৰে।"
"আন কোন ক'ত কি হয় চাই ফুৰিলে আমাৰ কি লাভ হ'ব? পাৰা যদি তুমি মেম্বৰ মুঠা কেলেই?"
"হেব, মোক কোনে ভোট দিব? আৰু মই কংগ্রেছো নহয়, মুছলীম লীগো নহয়। মই খেতি কৰা মানুহ, খেতি কৰি খাম।
বি বিহুৰ কাৰণে উপযুক্ত সি তাতকৈ ওপৰলৈ হাত মেলিব নেপায়। ৰাববে ক'লে। তাৰ পাছত ক'লে, "পাষ যদি তয়ে দেখব উঠ- উঠিবি?"
ভোৰভোৰাই ৰাণীয়ে ক'লে, "মাইকী মানুহ মিনিষ্টাৰো হৈছে। জুবেদা আতাউৰ বহুমান এছেম্বলীৰ সভাপতি নে কি হৈছে। মেভিচ দান মন্ত্রী হৈছে-"
"নাম মুখস্থ কৰি থৈছ!"
"মুখস্থ কৰিব নেলাগে, সকলোরে জানে। আমাৰ ছোৱালীবোৰক নপড়াব নেমেলিব, আঠ বছৰীয়াতে পর্দা কৰিব, আমাব ক'ৰপৰা হ'ব?"
"তোকতো কোনোরে পর্দা কৰা নাছিল, আৰু নপড়িলি কেলেই?" "আৰু পড়া হ'লে তোমাৰ লগত বিয়া নহয়। নগৰৰ কোনোবা উকীল হাকিমৰ লগত বিয়া হ'লহেঁতেন।"
"মোৰ গাত কিন্তু দায় নাই। বাৰাৰেহে মোৰ লগত বিয়া দিলে।
নহ'লে-"
"মৰীয়মতো আছিলেই- বাণীয়ে ক'লে।
বাবৰৰ মনে মনে খং উঠিল। আগতেও ৰাণীয়েও কেতিয়াবা মৰীয়মৰ কথা উলিয়ায়। বাবৰে ক'লে, "মৰীয়মো বেয়া ছোৱালী নহয়-" “বেয়া ছোৱালী হোৱা হ'লে আৰু এনেই কলিকতাৰ ৰাস্তাৰ পৰা
বুটলি আনানে? মোক আৰু নতুনকৈ বুজাব নেলাগে, হৈছে।"
বাবৰে আৰু একো নক'লে। ৰাণীৰ লগত তর্ক কৰি লাভ নাই। সকলো কথাতে বাণীয়ে ওপৰহাত হৈ থাকিবলৈ বিচাৰে। তাই ছবিফ গাঁওবুঢ়াৰ ছোৱালী, তাই মুখত আৰামত উঠা ছোৱালী, তাই লেখাপড়া জনা ছোৱালী, 'বাববে মাথোন খেতি কৰিব জানে, আক টকা ঘটিব জানে।
কিন্তু বাণীয়ে ক'লেই বা ইচ্ছা কৰিলেই বাবন মেম্বব হ'ব নোৱাৰে। আৰু বাণীয়ে কিবা ভাবিলেও বা কিবা ক'লেও বাবর্ষে মৰীয়মক ক'ৰবালৈ খেদাই পঠিয়াব নোৱাৰে। মৰীয়ম বেলেগ ধাতুৰে গঢ়া ছোৱালী, মৰীয়ম ছখ চিনি পোৱা ছোৱালী। ইয়াত থাকি তাই দুখৰপৰা মুক্তি পাইছে, তাইক আকৌ দুখৰ মাজলৈ ঠেলি দিব নোৱাৰি।
মাইকী মানুহৰ কথাত বৰকৈ লাগিব নেলাগে। তিৰোতাৰ বুধিৰে চলিলে বিপদ হ'বলৈ আছে। মই লাগিলে দহ পুৰা মাটিকে কিনিম, মেম্বৰ হ'বলৈ নজঁপিয়াওঁ।
বাবৰে সংযতভারে ক'লে, "মাষ্টৰ ককাইতিকে মেম্বৰ উঠাব লাগে, আমি খাটিলুটি দিম, টকাপইচাও যি পাৰোঁ দিম। তেওঁ লেখা পড়া জনা শিক্ষিত মানুহ। তেওঁ মেম্বৰ হ'লে ভাল হ'ব। আমাৰ পৰিয়ালৰ এজন বদি এছেম্বলীৰ মেম্বাৰ হয়, কম ভাল কথা হ'বনে?" "ককাইতি জানো লীগ হ'ব?"
"এৰা, তেওঁতো লীগ নহয়, ময়ো লীগ নহয়।"
"লীগ হ'লে পাকিস্তান হ'ব কেনেকৈ?" ৰাণীয়ে সুধিলে।
"এৰা-।" বাবৰৰ ৰাজনীতিৰ এই কথাবোৰ হুবুজা যেন লাগিল। কিছুমান মুছলমান লীগ হৈছে, কিছুমান হোৱা নাই। লীগ হোরা বোৰে পাকিস্তান হ'ব লাগে বুলি দাবী কৰিছে, আনবোৰে হ'ব নেলাগে বুলি কৈছে। কোনো হিন্দু লীগত নাই, কংগ্রেছত আছে। তেওঁলোকেও পাকিস্তান নেলাগে বুলিছে। পিছে ইংৰাজ চৰকাৰে যদি দিয়ে হ'ব, নিদিলে নহয়। আমি দেশৰ মানুহবোৰে এনেয়েছে চিয় ৰ-বাখৰ কৰিছো কিজানি।"
বাবৰে মনে মনে নিজকে ক'লে: আমাৰ নিচিনা মানুহে এইবোৰ কথা লৈ মূৰ নঘমোরাই ভাল। চৰকাৰ মিনিষ্টাৰ এম এল এ মেম্বাৰে যি কৰে কৰি থাকক। তেওঁলোকেহে সেইবোৰ কথা বুজে। আমি খেতি কৰা মানুহ, খেতি কৰিম।
বাবৰ মনে মনে থকা দেখি বাণীয়ে ক'লে, "কাবিল জোতদাষ মেম্বৰ হোৱাতকৈ ককাইতি হোৱাই ভাল। কাক ক'ব লাগে কৈ চাবাচোন-"
"আগে ককাইতিক মাস্তি কৰাব লাগিব। মুছলমানৰ ভোট পাৰ লাগিলে আগে লীগ হ'ব লাগিব। নহ'লে মুছলমানে ভোট নিদিয়ে হেনো।"
অলপ বৈ বাবৰে ক'লে, "এতিয়া মাষ্টৰ ককাইতি এম এল এ হৈ লওক, তাৰ পাছত ভাগিনীয়েক হ'ব।"
ৰাণীয়ে মৃছ প্রতিবাদ কৰিলে: "সেইদৰে ক'ব পায়নেকি? আল্লাইহে জানে ল'ৰাই হ'বনে ছোৱালীয়েই হয়-"
"ল'ৰা হ'ব। ৰাণীৰ পুতেক বজা হ'ব" বাবৰে জোৰ দিয়ে ক'লে আৰু ৰাণীৰ গাৰ ফালে চালে। ৰাণীৰ গাত মাতৃৰৰ চিন জিলিকিছে। অলপ শেতা পৰিছে যদিও ৰাণী দেখিবলৈ বৰ ধুনীয়াজনী হৈছে। গালমুখবোৰ পুৰঠ হৈছে, গাটো পুকঠ হৈছে, বুকুখন ধুনীয়া হৈছে।
বাবৰে সেইদৰে চাই থকা দেখি ৰাণীৰ লাজ লাগিল।
ৰাণীয়ে ক'লে, "ৰাণীৰ পুতেক ৰজা নহয়, খেতিয়কৰ পুতেক খেতিয়ক হ'ব।"
"হওক, খেতিয়ক ৰজাতকৈ বহুত ভাল।" বাববে ক'লে আৰু ৰাণীক গাৰ ফালে টানি ল'লে।