মাত্র দুদিনৰ অসুখ-গ্রহণী, তেজ গ্রহণী, তাতেই জালাল বুঢ়া ঢুকাই থাকিল। বিশেষ চিকিৎসা কৰোৱাৰ সময়েই নহ'ল। প্রথম দিনা মুছলিমাই ঠেকেৰা পানী আৰু কিবাকিবি খাবলৈ দিছিল। দ্বিতীয় দিনা ইব্রাহিমে ডাক্টৰ মতাইছিল। কিন্তু জালাল বুঢ়া নেবাচিল। বয়স হৈছিল, তথাপি কায়কষ্ট কৰি খাইছিল। গ্রহণী আহিল নিশ্চিত মৃত্যু হিচাপে, শেহৰাতি অসুখ টান হ'ল। নিশ্চলভাবে কাষত বহি মুছলিমাই বাপেকৰ মুখত অকণমান মৌ দিলে, অকণমান পানী দিলে। ইব্রাহিমে কলিমা দিলে। শান্তভাবে জালাল বুঢ়াই চকু মুদিলে।
কিছুপৰলৈ মুছলিমা নিৰৱে স্থিৰ হৈ থাকিল। তাৰ পাছত হঠাৎ হিয়া ঢাকুৰি চিৎকাৰ কৰি কান্দি উঠিল। জালাল বুঢ়া ঢুকোৱাৰ পাছত তাইৰ আজি আৰু পৃথিৱীত কোনো নাই। তাই সম্পূর্ণ অকলশৰীয়া আৰু অসহায়। এই বিষয়ে এতিয়াহে যেন চেতনা আহিল।
ওচৰ-পাঁজৰৰ কিছু তিৰোতা মানুহ আহি তাইক সান্ত্বনা দিবৰ চেষ্টা কৰিলে। কিন্তু কি বুলি সান্ত্বনা দিব সেই বিষয়ে সেই মানুহবোৰেও ভাবি বোৱা নাছিল। মাত্র অসহায় ভাবে তাইক কৈছিল-"মেকান্দিবি, নেকান্দিবি আই। দুনীয়াত কোনো সদায় নেখাকে।"
জালাল বুঢ়াৰ তিনিদিনীয়া দহদিনীয়া ইব্রাহিমেই খৰচ পাতি কৰি কৰিলে। ৰাইজে পৰামর্শ দিলে: মুছলিমা গাভৰু ছোৱালী, তাই অকলে থকাটো ভাল কথা নহ'ব। তাই ইব্রাহিসব ঘৰলৈকে যাওক গৈ, তাতে থাকক। যিমান সোনকালে পৰা যায়, তাইক কাৰবালৈ বিয়া দি দিব লাগে।
বাপেক ঢুকাই মুছলিমা ৰাইজৰ ৰাজহুরা সম্পত্তি হৈ পৰিল। তাই হৈ পৰিল ৰাইজৰ অনুগ্রহ আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে সকলোরে জানে মুছলিমা মনোবল থকা ছোৱালী। বাপেক জীয়াই থাকোঁতেও তাই অকলে থকাদিয়ে আছিল। তথাপি আজিলৈকে তাইৰ কোনো অপকাৰ কেৱে কৰিব পৰা নাই। অৱশ্যে ইব্রাহিমৰ আশ্রয়ত থকাৰ কাৰণে মানুহে কিছু ভয়ো নকৰা নহয়। ইব্রাহিম প্রতিপত্তি থকা ধনী মানুহ।
জালাল 'বুঢ়া' ঢুকোৱাৰ খবৰ কেনেবাকৈ বজলুরে পালে, আৰু এমাহ মানৰ মূৰত সি গৈ ইব্রাহিমৰ ঘৰ ওলালগৈ, জালাল ঢুকোৱাৰ কাৰণে সি দুখ প্রকাশ কৰিলে আৰু মুছলিমাক লৈ এতিয়া কি কৰা হ'ব এই বিষয়ে চিন্তিত হোৱা যেন দেখুৱাই সেই বিষয়ে ইব্রাহিমব লগত আলোচনাও কৰিলে।
ইব্রাহিমে ক'লে, "মুছলিমাক মই মোৰ ঘৰতে ৰাখি খুৱাব-পিন্ধাব পাৰিম, কিন্তু তাই বিয়াৰ বয়স পোৱা এজনী গাভৰু ছোৱালী, তাইক ৰাখি থোৱা ভাল কথা নহ'ব। ভাল মানুহ এটা পালে আৰু তায়ো মাস্তি হ'লে, তাইক ময়ে বিয়া পাতি উলিয়াই দিম। কিন্তু তাইৰ অমতত মই একো নকৰোঁ, বিশেষকৈ এতিয়া যেতিয়া তাইব বাপেক নাই, আৰু তাই সম্পূর্ণ মোৰ আশ্রয়ত আছে।"
বজলু চালাক মানুহ, এই বিষয়ত সি কিছু চিন্তিত হোৱা যেন দেখুউৱাৰ বাহিৰে অন্ত একো নকৰিলে। সি ক'লে "জালাল বুঢ়াৰ পৰিয়ালটোৰ লগত মোৰ এতিয়া চিনাকি নহুয়, মুহুলিমাব প্রতি মোৰ এটা দায়িত্বও নথকা নহয়। কিন্তু মোতকৈ আপুনি বেছি ভাল বুজে, মই যদি কিবা সহায় কৰি দিব লাগে খবৰ দিব। মইতো অহাযোৱা কৰিয়ে থাকো।"
মুছলিমাক বজলুরে ক'লে, "তই চিন্তা নকৰিবি, তোৰ বিয়াখন যিমান সোনকালে পাৰোঁ পাতিবৰ চেষ্টা কৰিম, মোৰ হাতত মানুহৰ আকাল নাই। আৰু তোৰ নিচিনা ছোৱালী এজনীনো কোনে বিয়া নকৰাব?"
মুছলিমাই কিবা টান উত্তৰ এটা দিব খুজিছিল, কিন্তু বৰ্তমানৰ পৰিস্থিতিটোৰ কথা মনত ৰাখি তাই নিজকে সংযত কৰিলে, একো নক'লে। তাই জানে তাইৰ অমতে বজলু বা ইব্রাহিমে একো কৰিব নোৱাৰে, নকৰে। আৰু কোনোবাই কিবা কৰিব খুজিলেও, তাই নিজে কি কৰিব তাই জানে। ল'ৰাকালৰে পৰা তাই অৱস্থাৰ লগত যু'জি জীয়াই আছে। এতিয়াও তাই যুজিব। আৰু তাই আনৰ অনুগ্রহপ্রার্থী হৈ ইব্রাহিমৰ ঘৰতো সদায় থাকিবলৈ প্রস্তুত নহয়।
যুদ্ধৰ দিন, নিকপকপীয়। পুৰণি ৰীতিনীতিক খামুচি ধৰি থকা এখন সমাজ, তাই এজনী অকলশৰীয়। অসহায় গাভৰু ছোৱালী। কোনো বিদ্রোহ তাই কৰিব নেজানে, কৰিব নোৱাৰে। কিন্তু জীৱনত পোরা নানা দুখেই তাইক কিছু গোঁৱাৰ কৰিছে, অকলে থাকিৰ পৰাৰ সমান দুঃসাহসীও কৰিছে। তাই কঠিন হ'বলৈ শিকিছে। হয়তো কাৰোবাৰ অন্তৰভৰা অকৃত্রিম মৰমে তাইক কোমল কৰিলহেঁতেন, তেনে মৰম তাই কেতিয়াবা কাৰোবাৰ পৰা পাইছে বুলি ক'ব নোৱাৰে। তাই অভিক্ষিতা, কোনো লিখাপড়া তাই নেজানে। যি শিকিছে তাই জীৱনৰপৰাই শিকিছে।
মুছলিমা বাহিতে উদ্ধত নহয়, অভদ্র নহয়, তাই অন্য দুধীয়া গাঁৱলীয়া ছোৱালীৰ নিচিনাই শান্ত, নিজু। কিন্তু প্রয়োজন হ'লে তাই কঠোৰ হ'ব পাৰে। সেই কথা আনে নেজানিলেও গাঁৱৰ উদ্ধত ডেকা আৰু ছোৱালী লুভীয়া মতা মানুহবোৰে জানে।
ইব্রাহিমেও জানে। সেয়ে বাপেক জালাল বুঢ়া মৰাৰ পাছত তাইক নিজৰ ঘৰত আশ্রয় দিবলৈ ইব্রাহিমে অকণো ভয় কৰা নাই। ইতিমধ্যে ইটো সিটো অজুহাত দেখুৱাই বজলু তিনিবাৰ তালৈ আহিল। অন্ত্য সকামত অহা যেন দেখুৱাই ইব্রাহিমন লগত মুছলিমাই বিষয়েই আলচ কৰিলে। কিহৰ বিষয়ে আলচ হৈছে মুছলিমাব হুবুজি নেথাকিল, তাই একো নজনাৰ ভাও ধৰি থাকিল।
বাহিৰত দেখুৱাই তাই বজলুৰ প্রতি কোনো বেয়া ব্যৱহাৰ নকৰিলে, কিন্তু বজলুৰ অহাযোৱা যিমানে ঘন হ'ব ধৰিলে, 'সিমানে মুছলিমা ক্ষিপ্ত হৈ উঠিল। যদিও মুখ খুলি কাকো একো নক'লে। মনে মনে তাই কঠোৰ হোৱাৰ সংকল্প ল'লে। তাই ঠিক কৰিলে বজলুক তাই এশিকনি দিব। সি.বহুতৰে জীৱন নষ্ট কৰিছে, তাই তাৰ প্ৰতিশোধ ল'ব। অরণ্যে কেনেকৈ ল'ব তাৰ কোনো স্পষ্ট ধাৰণা তাইৰ নাছিল। তাই মাথোন নিজকে প্রস্তুত কৰিবৰ চেষ্টা কবিলে।
আশ্রয়দাতা ইব্রাহিমৰ ওপৰতো তাই কিছু অসন্তুষ্ট হ'ল। তাৰ ঘৰত সহজ আশ্রয় দিয়াৰ কাৰণে তাই তাৰ ওচৰত কৃতজ্ঞ। কিন্তু তাইৰ সম্পৰ্কে বজলুৰ নিচিনা এটা মানুহৰ লগত আলোচনা পৰামৰ্শ কৰাটো মনে মনে তাই ভাল নেপালে। তাইৰ কাৰণে কিবা কৰিব লাগিলে ইব্রাহিমে নিজেই কৰিব পাৰে দেখোন। বজলু কাৰ কি হয়, যে তাৰ লগত তাইব বিষয়ে আলোচনা কৰিব লাগে!
কিন্তু তাইৰ মনৰ ক্ষোভ আৰু অশান্তিৰ কথা তাই কাকো জানিবলৈ নিদিলে। তাই নিৰৱে চকু-কাণ সজাগ ৰাখি নিজক এক অনিশ্চিত পৰিস্থিতিৰ সম্মুখীন কৰিবলৈ সাজু হ'ল। কেইটামান মাহ পাৰ হৈ গ'ল।
বজলু আকৌ আহিছিল। লগত এটা আদবয়সী মানুহ, দেখাই মেলাই, খোজে কাটলে এটা কঠোৰ পৰিশ্রমী খেতিয়ক মানুহ। কুর্তা, লুভী, টুপী, দাড়িবে দেখাত মানুহটোক সৰল যেন লাগে। কাপোৰ-কানিৰ পৰা কিছু বসপম থকা অৱস্থাপন্ন মানুহ যেনো ধাৰণা হয়।
মানুহটোৰ আগত মুছলিমা নোলাল। কিন্তু ইব্রাহিমৰ খবৰ এটা কোঠাৰ পৰা বেৰৰ ফুটাইদি তাই মানুহটোক চালে-দেখিলে। দেখিয়েই মানুহটোৰ প্রতি বিতৃষ্ট হ'বৰ কাৰণ মুছলিমাই বিচাৰি নেপালে। হয়তো মানুহটো বেয়া মানুহ নহয়। বজলুৰ নিচিনা এটা বেয়া মানুহৰ লগত নহা হ'লে হয়তো মুছলিমাই তাক খাতিৰ সম্মান কৰিবলৈ বেয়া নেপালেহেঁতেন।
ইব্রাহিমৰ ঘৈণীয়েকৰপৰা মানুহটোৰ বিষয়ে মুছলিমাই এইখিনি কথা জানিব পাৰিলে:
মানুহটোৰ নাম গোলাম ৰছল। ঘব দক্ষিণপাৰৰ ৰূপহী গাঁৱত। মাটি আছে। খেতিৰ শস্য ফচল বেচি যথেষ্ট টকা পায়। দুজনী বিয়া কৰাইছিল। ডাঙৰজনী বেমাৰী আছিল-বিয়াৰ চাৰি বছৰৰ পাছত মৰিল। আনজনীৰ ছবছবতো ল'ৰা-ছোৱালী নোহোৱা কাৰণে তালাক দিলে। তালাক দিয়া আজি দহ নাহু হৈছে। এতিয়া মানুহটোৰ ঘৰত চাকৰ কামলা আছে যদিও, তিৰোতা মানুহ নাই। বয়স-দেখাত বয়স হোরা যেন দেখা গ'লেও, বয়স তেত্রিছ বছৰহে হৈছে। নানুহটে' কঠোৰ পৰিশ্রমী, স্বাস্থ্যৱান খেতিয়ক।
বজলুরে কোৱাৰ কাৰণে মুছলিমাক চাবলৈ আহিছে। মুছলিমা যদি মাস্তি হয়, ইব্রাহিমে গোলাম ৰছুলৰ লগত মুছলিমাৰ বিয়া দিয়াৰ দিহা কৰিব।
এতিয়া সকলো নিৰ্ভৰ কৰিছে মুছলিমাৰ মতৰ ওপৰত। তাইৰ অমতে ইব্রাহিমে একো নকৰে। মাস্তি হ'লে কাজীক মতাই নিকাহৰ ব্যৱস্থা কৰিব।
মুছলিমাই সকলো কথা নিবরে শুনিলে। লগে লগে একো নক'লে।
তাই মনতে চিন্তা কৰিলে এই বিষয়ে তাই কাৰ পৰামর্শ লব পাৰে, কাৰ লগত আলোচনা কৰিব পাৰে। তাইৰ মনত পৰিল বাবৰৰ কথা।
পৰা গাঁৱৰ অন্ত্যান্ত মানুহৰ লগত চিৰকালৰ কাৰণে গুচি আহোঁতে এটা ১৪/১৫ বছৰীয়া ল'ৰাও সিহঁতৰ লগত আহিছিল। একেলেগে আহিছিল, কিন্তু কথা-বতৰা বিশেষ হোৱা নাছিল।
সেই ল'ৰাটোৱেই বাবৰ। কিছুদিনৰ আগতে ইয়ালৈ আছি এৰাতি আলহী থাকি যোৱা-সেই মিলিটাৰী কনদেক্টাৰ ডেকাটো। এৰাতি তাইৰ বিচনাতে শুইযোৱা ডেকাটো।
এৰা, আজি সিয়েই মোৰ একমাত্র আত্মীয়। কিন্তু সি ক'ৰবাত মিলিটাৰী কেম্পত থাকে, তাক কেনেকৈ লগ পাব পৰা যাব পাৰে, তাই নেজানে। অরঞ্চে তাই বাবৰৰ গাঁৱৰ নাম জানে-ৰূপাবৰি। ৰূপহী গাঁৱৰ পৰা বেছি দূৰত নহয় বুলিও জানে। আৰু গোলাম ৰছুলৰ ঘৰো ৰূপহী গাঁৱতে বুলি কৈছে। বাবৰক এবাৰ লগ পোৱাৰ একমাত্র উপায় হৈছে গোলাম ৰছুলৰ লগতে ৰূপহীলৈ যোৱা। আৰু তাৰপৰা,বাবৰৰ বা ছৰিফ গাঁওবুঢ়াৰ ঘৰ বিচাৰি উলিউরা।
কিন্তু তাইৰ নিচিনা এজনী গাভৰু ছোৱালীয়ে এইবোৰ কৰাটো অকলে সম্ভর নহ'ব। আনহাতে বজলুৰ ওপৰত পোটক তোলাৰ ইচ্ছা এটাও তাইৰ আছে। গোলাম বহুলে তাৰ ; ফুচুলনিত হয়তো তাইক বিয়া কৰাবলৈ আহিছে। তাৰ গাত দোষ নাই। ঘৰত তিৰোতা মানুহ নাই, এজনী তিৰোতা ঘৰ চপাবলৈ হেঁপাহ কৰাটো একো বেয়া পাবলগীয়া কথা নহয়। মাটি ভেটি আছে, ধন পইচা আছে, সি মানুহটোও ডেকা হৈয়ে আছে। আৰু মুছলিমাৰ নিচিনা। এজনী জা-জঞ্জাল নথকা ছোৱালীক পালে তাৰ সংসাৰখন ভালেই চলিব।
মুছলিমাৰ কাৰণে এনেকুৱা এটা মানুহ বিচাৰি আনি দিয়াৰ কাৰণে মুছলিমাৰ বেয়া পাবলগীয়া নাছিল, কিন্তু আনিলে বজলুরে। তাক তাই চকুপাৰি দেখিব নোৱাৰে। তাৰ নাম শুনিলেও তাইব গা জিকাৰ খাই উঠে। কিন্তু ইব্রাহিমেও যে তাইক কাৰোবাৰ হাতত গটাই দায়িত্ববপৰা মুক্ত হ'বলৈ বিচাৰিছে, সেইটো মুছলিমাই বুজিব পাৰিছে। তায়ো ইব্রাহিমন চিন্তাব কাবণ হৈ থাকিবলৈ নিবিচাৰে। গোলাম বস্তুলক ইব্রাহিমৰ ঘৰতে থৈ বজলু ক'ৰবালৈ গ'ল। ছদিন সি থাকিল। এই ছদিনত মুছলিমাই 'সময় সুবিধা বুজি গোলাম বস্তুলৰ গতিবিধি কিছু আৰু ভালকৈ লক্ষ্য কৰিলে। মানুহটোক তাইৰ কিছু অসহায় যেন লাগিল, যেন সি ভিখারী হিচাপে আহি মুছলিমাৰ দুৱাৰমুখত বৈছেহি। আৰু তাইৰ অনুগ্ৰহৰ কাৰণে অপেক্ষা কৰিছে।
অৱশেষত মুছলিমাই এটা সিদ্ধান্ত কৰিলে। তাই বজলুৰ লগত ৰূপহী গাঁৱলৈকে যাব। কিন্তু গোলাম ৰছুলৰ লগত নিকাহ নাই হোৱা কাৰণে তাৰ লগত নেযায়। তাই গৈ বাবৰক লগ ধৰিব, আৰু বাবৰৰ লগত পৰামৰ্শ কৰিহে তাইৰ সিদ্ধান্তৰ কথা জানিবলৈ দিব। ব্যৱস্থটোত প্রায় সকলোরেই সম্মতি জনালে। বজলুরে ভাল পালে, সি গোলাম বন্ধুলৰপৰা লোৱা টকাখিনি হজম কৰাৰ এটা যুক্তি ওলাল। কিন্তু ইয়াৰপৰা লৈ যাব পাৰিলেই সি তাইক ক'ৰবাত গোলাম বন্ধুলৰ লগত এৰি আঁতৰি পৰিব পাৰিব। আৰু কিছু টকাও হাত কৰিব পাৰিব। গোলাম বহুলৰো আশা হ'ল যে সি ইয়ালৈ অহাৰ উদ্দেশ্য সফল হ'বৰ উপক্ৰম হৈছে। মুছলিমা ছোৱালীজনীক সি দূৰৰপৰা দেখিছে। ছোৱালীজনী পছন্দ হৈছে।
ইব্রাহিমেও দেখিলে এনে এটা ব্যৱস্থাই কাৰো অপকাৰ নকৰাকৈ অন্ততঃ মুছলিমাৰ ভৱিষ্যতৰ এটা বেহা লগাব।
মুছলিমাৰ চিন্তা হ'ল এবাৰ বাবৰক যেনেতেনে লগ পোরা। কিবা কাৰণত মনে মনে তাই ঠিক কৰিলে, তাইব অভিভাবক যদি কোনোবা হ'ব লাগে, তেন্তে বাবৰেহে হ'ব, ইব্রাহিম নহয়। ইব্রাহিম মাত্র তাইৰ আশ্রয়দাতাহে।
বিশেষ কোনো আড়ম্বৰ আয়োজন নহ'ল। এদিন খুব সোনকালে, ৰাতিপুৱাতে বজলুৰ লগত মুছলিমা ওলাই আহিল। তাই একপ্ৰকাৰ উদাসীন আাক নির্ধিকাৰ। হুমাইল খোজ কাঢ়ি গৈ বাহুত উঠিব। তাৰ পাছত বাছেৰে গৈ, নায়েবে ব্রহ্মপুত্র পাৰ হৈ খোজ কাঢ়ি বাছেৰে গৈ গৈ ৰূপহী গাঁৱত ওলাবগৈ। হয়তো দুদিন লাগিব, বেছিও লাগিব পাৰে। মুছলিমাই ক'লে, "মই খোজ কাঢ়িব পাৰিম, মোৰ কাৰণে চিন্তা কৰিব নেলাগে।"
আগদিনা ৰাতি গৈ গোগাম বহুল বাটৰে এখন দোকানত থাকিল। বাতিপুরা বজলুইতেবে একেলগে বাছত উঠিল।
পাছদিনা আবেলি সিহঁত ৰূপহীগাঁও ওলালহি। বাটত ৰাতিটো
সিহঁতে এখন গাঁৱত বজলুৰ এঘৰ চিনাকি মানুহৰ ঘৰত কটালে।
ৰূপহী গাও-খানাই বজলুক জানে। তাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে। কিন্তু থানাৰ দাৰোগা আৰু ছুটা কনষ্টেবলক সি নিয়মমতে ঘোচ দি থাকে, আৰু বহুতবাৰ বিভিন্ন অভিযোগত তাক এবেষ্ট কৰা হৈছে যদিও, সি শাতি নোভোগাকৈ সাৰি গৈছে।
এতিয়া যুদ্ধৰ দিনত পুলিছৰ মইমতালি আৰু বাড়িছে। আৰু ঘোচঘাচলিৰে ডাঙৰ অপৰাধত অপৰাধীও ধৰা নপৰাকৈ চলি গৈছে।
সন্ধিয়া পৰত বজলু, গোলাম বহুল আৰু মুছলিমা আহি যেতিয়া ৰূপহীগাও থানাৰ আগ পালেহি, "মই অকণমান আহিছো, তহঁত ইয়াতে অলপ ব'চোন" বুলি কৈ বজলু কোনোবা কালে অদৃষ্ণ হ'ল। ইয়াৰপৰা বাববৰ ঘৰলৈ বা ছবিফ গাঁওবুঢ়াৰ ঘৰলৈ কেনি কোনফালে যাব লাগে গোলাম ৰছুল আৰু মুছলিমা কোনোটোরে নেজানে। ইফালে সিফালে চাই সিহঁতে থিয়াথি কৰিব ধৰিলে।
সিহঁতক সন্ধিয়া পৰত এটা সন্দেহজনক অৱস্থাত থকা দেখা পাই, থানাৰ পুলিছ এটাই হুয়োটাকে থানালৈ মাতি নিলে।
অফিছাৰজনে কঠোৰ মাতেৰে সিহঁত ক'ৰপৰা আহিছে, ক'লৈ যাব, কিয় আহিছে সুধিলে। গোলাম বস্তুল ভয়তে একো ক'ব নোৱাৰিলে। কিন্তু মুছলিমাই ভয় খাইছিল যদিও, মনৰ মাজৰ সাহস গোটাই ক'লে, "বজলুরে মোক পলুৱাই আনিছে।"
"কোন বজলুয়ে ক'বপা পলুৱাই আনিছে? ই কোন? বজলু ক'ত?"
মুছলিমাই নিজৰ বিষয়ে চমুকৈ ক'লে, কিন্তু গোলাম বহুলব গাত কোনো দোষ নিদিবৰ চেষ্টা কৰি ক'লে, "বাবৰ ঠিকাদাৰ মোৰ আপোন হয়, এওঁৰো চিনাকি মানুহ। এওঁৰ ঘৰ ইয়াতে। মই বাবৰ ঠিকাদাৰৰ ঘৰলৈ যাম।"
অফিছাৰজনে টান মাতেৰে সুধিলে, "যাম বুলিলেই যাব নোৱাৰ। তই কাৰ লগত কেলেই আহিছ ঠিক ঠিককে ক"
মুহুলিমাই আগতকৈও দৃঢ়তাৰে ক'লে, "বজলুরে মোক জোৰ কৰি পলুৱাই আনিছে। এইখিনি পাই সি কেনিবা গৈছে। আপোনালোকে বাবৰ ঠিকাদাৰলৈ খবৰ দিয়ক। নহ'লে তালৈ কেনি যাব লাগে আমাক কৈ দিয়ক। এওঁক লগত লৈয়ে মই যাব পাৰিম।"
অফিছাৰে ক'লে, "তহঁতক এনেকৈ যাবলৈ দিব নোৱাৰোঁ। আমি বাক বাবৰ ঠিকাদাৰলৈ খবৰ দিয়াম, কিন্তু সি নাহেমানে তহঁত থানাতে থাকিব লাগিব। তহঁতে ক'ত কি কৰি আহিছ কোনো ঠিক নাই।"
"মোক বজলুরেহে আনিছে-" মুছলিমাই ক'লে।
"বজলুরে আনিছে যদি বজলু ক'ত? ইতো গোলাম বস্তুলহে।" আৰু বিশেষ কথাবতৰা নহ'ল।
বজলু কিয় তেনেকৈ সিহঁতক এৰি অন্তর্ধান হ'ল, লুকাই পৰিল, তাৰ কোনো কাৰণ সিহঁতে বুজিব নোৱাৰিলে।
গোলাম বহুলে সিহঁতক পুলিছ হাজোতত নেৰাখি তাৰ ঘৰলৈ যাবলৈ দিবলৈ অনুনয় বিনয় কৰিলে। কিন্তু অফিছাৰজন মাস্তি নহ'ল। বজলু মানেই গণ্ডগোল। হাত এৰি হেতালি খেলিবলৈ অভিজ্ঞ পুলিছ অফিছাৰ প্রস্তুত নাছিল। হুয়োকো দুঠাইত পুলিছ হাজোতত ৰাখিবলৈ নির্দেশ দি অফিচ্ছাবজন নিজৰ বাসস্থানলৈ গ'ল। অতপর্বে তার লগত এবাৰো কথা নপতা মুছলিদাই গোলাম বন্ধুলক ক'লে, "ভয় নকৰিবা, বজলু সাৰিব নোৱাৰে।"