কলিকতা মহানগৰীৰ অলিয়ে-গলিয়ে পূব বংগৰ ভোকাতুৰ মানুহৰ অভূতপূর্ব ভিষ। য'তে ত'তে খাবলৈ নেপাই মৰা মানুহৰ মৰা শ। এই মানুহবোৰক কিবা খাবলৈ দি জীয়াই ৰখাৰ সমস্থাটোতকৈ চৰকাৰৰ ডাঙৰ সমস্যা হৈছে য'ত ত'ত মৰি পৰি থকা মানুহবোৰৰ শৰোৰ ক'ৰবাত পোতাৰ বা পোৰাৰ ব্যৱস্থা কৰাটোহে। ডাঙৰ ডাঙৰ হোটেল, মিলিটাৰীৰ ছাউনিৰ বাহিৰত পেলাই দিয়া মাংসৰ হাড, মাছৰ কাঁইট, কটিব টুকুৰাৰ কাৰণে হাড়ছাল অরশিষ্ট মাল্লহ আৰু ভোকাতুৰ কুকুৰৰ টনা-আজোৰা। এনেদৰে অমানুহ হৈ জীয়াই থাকিবৰ যত্ন কৰা, আৰু অমানুহ হৈ মৰাৰ মাজত কোনো পার্থক্য নাই। তথাপি যিকেটা মুহূর্ত পাৰে মানুহবোৰে জীয়াই থাকিবৰ চেষ্টা কৰিছে। আমাক এমুঠি ভাত দিয়া, একাজলি ভাতৰ ফেন, নিসনি দিয়া, আৰু দুট। দিন বাচি থাকিবলৈ দিয়া।
মানুহবোৰ নোহোৱা হৈ গৈছে আৰু একোটা শুকাই টোটোৰাপৰা পেট আৰু একোখন শুকান মুখ অৱশিষ্ট আছে। কংকালৰ কদৰ্য্য মিছিলেৰে মহানগৰৰ ৰাজপথ অলি-গলি ভৰি পৰিছে। সাম্রাজ্যবাদৰ শেষ অভিশাপ যেন মহামাৰী দুর্ভিক্ষৰ ৰূপ লৈ নামি আহিছে স্বাধীনতাকামী, অমিত বিপ্লৱীৰ জন্মভূমি বংগদেশলৈ। কিন্তু সাম্রাজ্যবাদ তেতিয়া সাম্রাজ্য ৰক্ষাৰ যুদ্ধত ব্যস্ত, ভাবতীয় মানুহক ৰক্ষা কৰাৰ কোনো দায়িত্ব সাম্রাজ্যবাদে অনুভৱ কৰাৰ প্রয়োজন বোধ কৰা নাই।
পৰিয়ালবোৰ থানবান হৈ গৈছে। কলিকত। মহানগৰীৰ বুকুত জীৱন বিচাৰি অহা সর্বস্বান্ত কৃষকৰ পৰিয়ালবোৰ ভোক আৰু মৰকৰ বিৰুদ্ধে যুঁজি জয়ী হ'ব নোৱাৰি বাটৰ কাষত দলে দলে পৰি মৰি নিশ্চিহ্ন হৈ গৈছে। চৰকাৰ ব্যস্ত নেচনেল ৱাৰ ফ্রন্ট লৈ, নেচনেল যুক্তফ্রণ্টৰ কথা ভাবিবৰ অৱকাশ চৰকাৰৰ হোৱা নাই।
এই পৰিস্থিতিৰ-দুর্বোধ্য পৰিস্থিতিৰ জীৱন্ত রূপ বাবৰে দেখা পালে কলিকতালৈ গৈ। বে'চ হস্পিতালৰ ডাক্টৰ কুমুদ বানাজীৰ লগত বাবৰৰ আত্মীয়তা গঢ়ি উঠিছিল। বানাজীও ঢাকাৰ মানুহ। তেওঁৰ নিজৰ পৰিয়ালৰ অৱস্থা সিমান বেয়া নহয়, যদিও তেওঁলোকৰ আপোন আৰু সম্পর্কীয় বহুত মানুহ গাঁৱত আছিল আৰু তেওঁলোকৰ অৱস্থা ভাল নাছিল। ডাক্টৰ বানার্জী লেফটেনেন্ট কর্ণেন্স বেংকৰ ডাক্টৰ-ভাল ছার্জন। মিলিটারী হস্পিতালত-বিশেষকৈ যুদ্ধক্ষেত্ৰৰ অগ্ররতী অঞ্চলত থকা বে'চ হস্পিতালত সাধাৰণ ৰোগীতকৈ যুদ্ধত হতাহত হোৱা জখমী মানুহেই বেছি, আৰু তাত ছাৰ্জনৰ কাম বৰ বেছি। ডিমাপুৰ বে'চ হস্পিতালত জমা কৰা হৈছিল ইম্ফল, কোহিমা আদি ঠাইত আহত হোৱা সৈন্তবোৰ। আহত সৈন্যৰ কাটি পেলোৱ। হাত ভৰিবোৰ পেলাবলৈকো তাত এটা শুকীয়া পুখুৰী খানিব লগা হৈছিল।
ডাক্টৰ বানাজীয়ে বিয়া কৰাইছিল কলিকতাৰপৰা। পৰিবাৰে এটা স্কুলত শিক্ষকতা কৰিছিল-ভরানীপুৰত। তেওঁৰ ল'ৰা- ছোৱালীও মাকৰ লগতে আছিল।
পূব বংগত আকাল হোৱাত ডাক্টৰৰ কিছু আত্মীয় মানুহ ঘৰবাৰী এৰি আহি ডাক্টৰৰ কলিকতাৰ ঘৰত আশ্রয় লৈ আছেহি হেনো। ডাক্টৰণীৰ বৰ অসুবিধা হৈছে। যেনেতেনে খাবলৈ ভাত জলপান দিছে, যদিও শুষ থাকিবলৈ দিবলৈ ঠাইৰ নাটনি হৈছে। মতা মানুহবোৰ বাহিৰত শুবলগীয়া হৈছে। আৰু সিহঁতে কোনো কাম-কাজো যোগাৰ কৰিব পৰা নাই।
এইবোৰৰো খবৰ কৰিবৰ কাৰণে ডাক্টৰ বানার্জী বাৰ দিনৰ ছুটিত কলিকতালৈ গৈছিল।
বাবৰে বহু প্ররন্ধে খবৰ কৰি নিজৰ গাঁৱৰ আৰু সম্পর্কীয় মানুহৰ বিষয়ে ইমানকে জানিব পাৰিছিল যে গাঁওখনৰ বহুত মানুহ ইতিমধ্যে অনাহাৰত মৰিছে, আৰু কিছু মানুহ গাঁও এবি ক'ৰবালৈ গুচি গৈছে। কোন ক'লৈ গ'ল সঠিক কোনোরে ক'ব নোৱাৰে। বাবৰে সিহঁতৰ গাঁৱৰ কিছু মানুহ অসমলৈ আৰু কিছু মানুহ কলিকতালৈ যোৱা বুলি শুনিছিল, কিন্তু কোন গৈ ক'ত আছেগৈ, বাচি আছেনে নাই তাব সঠিক সম্ভেদ দিওঁতা কোনো নোলাল।
ডাক্টৰ বানাজী কলিকতালৈ যাব বুলি জানি, বাবৰো তেওঁৰ লগতে যাবলৈ ওলাল। দৰকাৰ যেন দেখিলে, আৰু সুবিধা কৰিব পাৰিলে এবাৰ সি নিজৰ 'দেশতো' পাক মাৰি আহিবগৈ, অরক্তে এই বিষয়ে সি কাকো জানিবলৈ দিয়া নাই, সি কিছু কাপোৰকানি এটা টিনৰ টছুকেচত ভৰাই ললে আৰু সৰু মোনা এটাত তিনি হেজাৰ টকা ভৰাই লৈ কঁকালত বান্ধি ললে, তাৰ ওপৰত কামিজ পেন্ট। বাহিৰৰ কোনেও জানিব নোৱাৰে।
বাবনে কলিকতাৰ বহু কাহিনী ল'ৰা কালৰেপৰা শুনি আহিছিল। এই মহানগৰখন সম্পর্কে তাৰ এটা স্বপ্নিল ধাৰণা আছিল। আক জীৱনত কেতিয়াবা এবাৰ নহয় এবাৰ কলিকতালৈ যাবই-মনে মনে এই আশা পুহি ৰাখিছিল।
ডাক্টৰ কুমুদ বানার্জীৰ লগত গৈ এদিন বাবৰ কলিকতা ওলালগৈ, আৰু একো আওভাও নোপোৱা চহৰখনত অচিনাকি ক'ৰবাত গৈ বিপদত পৰাৰ ভয়ত, প্রথমে অন্য ক'লৈকে। নগৈ ডাক্টৰ বানার্জীর ঘৰলৈকে গ'ল।
বাৰৰ অবাক হ'ল।
এইখনেই এছিয়ান বৃহত্তম মহানগৰ কলিকতানে? এইখনেই হাজাৰ কাহিনীৰ পৃষ্ঠভূমি কলিকতানে? এইখানেই এসময়ৰ ভাবতৰ ৰাজধানী আৰু এতিয়াৰ বংগদেশৰ ৰাজধানী কলিকতানে? এইখনতে থাকেনে ফজলুল হক, নাজিমুদ্দিন, ছোহবারর্দি, ইস্পাহানী, বিধান ৰায়, আশুতোষ মুখার্জী?
ইয়াত দেখোন কেউফালে খাবলৈ নেপাই জকা কামিহাড় ওলোরা নৰকংকালৰ বীভৎস চীৎকাৰ-মৰা, আধামৰা পুৰুষ তিৰোতা, ল'ৰা ছোৱালীৰ ভিৰ।
এইখন কি কলিকতা---
ইয়াৰ মাজতে সি পাঁচ দিন কোনো মতে থাকিল, অসমৰ চাৰি গুণ দাম দি সস্তীয়া হোটেলত লেতেৰা চাউল, ডাইলৰ পানী আৰু লাও-কোমোৰাৰ এক অদ্ভুত আঞ্জাবে ভাত খালে।
আৰু গাঁৱৰ, দেশৰ কোনোবা চিনাকি মানুহ, কোনোবা আত্মীয়ক মানুহৰ ভিৰৰ মাজত ক'ৰবাত দেখা পায়নে বিচাৰিলে, আক-তাক খবৰ কবিলে, সিহঁতৰ গাঁৱৰ ফালৰ মানুহ কোনফালে আছে- কোনোবাই জানেনে?
কোনোৱে খবৰ দিব নোৱাৰিলে।
বাবৰে ভাবিলে এবাৰ নিজৰ গাঁৱলৈকে যাব নেকি? কিন্তু সময় নাই। ঠিকাদাৰ মান্তহ-যুদ্ধক্ষেত্ৰৰ কাম এৰি ঘুৰি ফুৰাৰ সময় এইটো নহয়। চিনাকি কাৰোবাক পালে বৰং কিছু টকাকে পঠিয়াই দিব। আনহাতে ডাক্টৰ বানার্জীও আৰু সৰহ দিন কলিকতাত নেথাকে, অসমলৈ ঘুৰি যাব। বাববো ডাক্টৰৰ লগতে ঘুৰি যোৱাই সুবিধাজনক কথা হ'ব।
এদিন ছপৰীয়া।
শুকুৰবাৰ।
বাববে না-খোদা মছজিদত নামাজ পঢ়াৰ ঠিক কৰিলে। মছজিদলৈ সি সোনকালে ওলাই গ'ল-বহুত মানুহ হয়। সোনকালে নগ'লে নামাজ পঢ়িবলৈকে ঠাই পোৱা নেষায়। বিভিন্ন দেশৰ লৈঞ্চ বাহিনীত থকা মুছলমান সৈন্তবোৰেও জুমা নামাজ সেইটো মছজিদতে পড়ে। সৈন্য বিভাগৰ বহু মুখ্য কাৰ্য্যালয় কলিকতাতে আছে। বহু মিলিটাৰী অফিচ্ছাৰো জুমা নামজ পঢ়িবলৈ না-খোদা মছজিদলৈ আহে। কিন্তু নামাজ পঢ়িবৰ কাৰণে কিছু সোনকালে হোটেলৰপৰা ওলাই গৈ সি বিপদতহে পৰিল। মছজিদৰ গেটৰ মুখত হেজাৰ বিজাৰ মগনীয়াৰ ভিৰ-মতা মাইকী ল'ৰা, ছোরালী, অন্ধ পঙ্গু কয় বেছিভাগ মানুহ বীণাই কংকালসাৰ হোৱা। মানুহবোৰৰ মুখবোৰ শুকান, চকু কোটৰত সোমোৱা, হাত ভৰিবোৰ ধীণ, শৰীৰ বিবর্ণ, সিহঁতৰ গাত চিৰলি ফটা কাপোৰকানি, বহুতৰে গা ঢাকিব পৰাৰ জোখাৰে ফটাকানিও নাই।
মানুহবোৰৰ ফালে চাবলৈ বাবৰৰ ভয় লাগিল। মানুহবোৰ হিন্দুনে মুছলমান চিনিবৰ উপায় নাই, কোনো প্রয়োজনো নাই, এইয়া জীৱন্ত দুর্ভিক্ষ, মূর্তিমান আকাল, সকলো নির্লজ্জ ক্ষুধাৰ গ্রাসত পৰা একোট। জীৱনৰ ভগ্নাংশ। সিহঁতৰ মুখত এক অবিৰাম চীৎকাৰ- দিয়া, দিয়া, দিয়া-এটা পইচা দিয়া, অকণমান ভাতৰ ফেন দিয়া, তুমি খাব নোৱৰা কটিটুকুৰা কুকুৰক নিদি, মোক দিয়া, জীৱন দিয়া -আহাৰ দিয়া।..
শুকুৰবাৰ।
জুমা নামাজৰ দিন। সমবেত প্রার্থনাৰ দিন। কিন্তু মছজিদৰ চাবিও দিশ ঘেৰি এইয়া বুভুক্ষু নৰকংকালৰ এক ভয়ানক মিছিল। কোনোরে আল্লাৰ নাম লোৱা নাই। সকলোৰে সুখত একমাত্র মন্ত্র-ভাত দিয়া, ফেন দিয়া, এটা পইচা দিয়া-আৰু হুদিন জীয়াই থাকিবলৈ দিয়া। সমবেত এই চীৎকাৰে এক করুণ প্রার্থনাৰ ৰূপ লৈছে। আজি এই মানুহবোৰৰ কাৰণে এমুঠি ভাতৰ বাহিৰে অন্ত কোনো উপান্ত নাই, কোনো পূজ্য নাই। ভাতৰ বাহিৰে অন্ত কোনো দেরতাক, কোনো আল্লাক বিচাৰিবৰ অৱকাশ সিহঁতৰ আজি নাই।
ভূকীয়া মানুহবোৰে মছজিদৰ বাট ভেটি ধৰিছে। মানুহবোৰ থিয় হৈ থাকিব পৰা নাই, বহুতে বহিও থাকিব পৰা নাই। সৰহভাগ মানুহ শ্রান্ত ক্লান্ত-বহুতেই মাটিতে দীঘল দি পৰি আছে।
নামাজ পঢ়িবলৈ অহা মানুহবোৰে মছজিদলৈ সোমোৱাৰ উপায় কৰিব নোৱাৰি পৰি থকা মানুহবোৰৰ গাৰ ওপৰেদি ডেই গৈছে। নহ'লে নামাজলৈ পলম হৈ যাব।
বাবৰ আগ বাঢ়িব পৰা নাই। মানুহবোৰ সকলো তাৰ চিনাকি যেন লাগিছে। সিহঁতৰ মুখৰ কথাবোৰ তাৰ বুজি পোৱা যেন লাগিছে, মাজে মাজে তাৰ মনত ধাৰণা হ'ল যেন চাৰিওফালে পৰি থকা এই ভূকীয়া মানুহবোৰে চিয়াঁৰা নাই। সিহে চিয় বিছে-ভাত দিয়া, ফেন দিয়া জীৱন দিয়া এৰা, সিহে যেন চিয় বিছে।
মছজিদব মিনাৰৰপৰা এটা মিঠা, শক্তিশালী ধ্বনি উটি আহিল- আল্লাহু আকবৰ আল্লাহু আকবৰ-আজানৰ মাতটো চাৰিওফালে বিয়পি গ'ল।
হঠাৎ ভূকীয়া মানুহবোৰৰ মুখৰ চীৎকাৰ স্তক হৈ গ'ল।
"এই আজান দিছে, চুপ, কৰ- কোনোবাই চিয়'ৰি ক'লে। চিয়'ৰি থকা, বিনাই থকা, কাকুতি কৰি থকা মানুহবোৰৰ মুখৰ মাত হঠাৎ বন্ধ হৈ গ'ল। হঠাৎ যেন মানুহবোৰ মৰি গ'ল। আৰু সিহঁতে কথা ক'ব নোৱৰা হৈ গ'ল।
কেইটামান মানুহ ডেই কিছু আগবাঢ়ি বাবৰে ঘূৰি চালে। কোনো মৰা নাই। সকলোৱে চকু মেলি আকাশৰ ফালে চাই আছে। নিশকতীয়া হাতবোৰ ওপৰলৈ তুলি ভিক্ষা পাবৰ কাৰণে বাট চাই আছে-মাত্র সিহঁতে আজানৰ মাত শুনি সিহঁতৰ মুখৰ মাত বন্ধ কৰিছে।
বাবৰ থিয় দিয়াতে ৰৈ গ'ল। তাৰ সম্মুখত যেন এখন বহুল কবরস্থান। এইবোৰ যেন সকলো মৰি কাঠ হোৱা মৰা শ-মূক-মুখ ওপৰলৈ কৰি, মুনাজাত কৰাৰ নিচিনাকৈ হাতবোৰ ওপৰলৈ তুলি ৰৈ আছে-নিশ্চল, নিষ্কল্প হৈ। এই প্রাণহীন নৰকংকালবোৰেও যেন মুনাজাত কৰিছে, প্রার্থনা কৰিছে।
কিন্তু এইয়া মৌন প্রার্থনা নে মৌন অভিযোগ? তাৰ মনত লাগিল যেন এই মানুহবোৰ সকলো বিবস্ত্র, উলংগ। সিহঁতে যেন সকলো লাজ, সকলো ভয়, সকলো আশা পাহৰি গৈছে। সিহঁত প্রত্যেকটোরেই যেন একোটা মূর্তিমান প্রার্থনা।
জুমা নামাজ পঢ়িবলৈ মছজিদলৈ খৰখেদাকৈ অহা মানুহবোৰে ইফালে সিফালে নেচাই মছজিদৰ ভিতৰ সোমাইছে। নহ'লে জামাত নেপাব, খোৎবা শুনিবলৈ নেপাব।
বাবৰেও দেখিলে, এনেকৈ থিয় হৈ এই মানুহবোৰৰ ফালে চাই
থাকিলে সিও জামাতত ঠাই নেপাব। সি ঘুৰিল, আৰু আনৰদৰেই পথালি দি পৰি থকা মানুহবোৰ ডেই ভিতৰ সোমাবৰ চেষ্টা কৰিলে। আজানৰ মাত শেষ হোৱাৰ লগে লগে, মানুহবোৰে আকৌ চিয়'ৰিবলৈ আৰম্ভ কৰিলে। বাবৰে ভাৰিলে, বাহিৰত এই চীৎকাৰ চলি থাকিলে মছজিদৰ ভিতৰত নামাজীবিলাকে নামাজ পড়িব কেনেকৈ?
সি পৰি থকা মানুহ এটাৰ গা ডেই যাব খুজিছিল। হঠাৎ তাৰ ফালে চাই মানুহটোরে চিয় ৰি উঠিল-বাবা-বাবা-
সি ৰৈ গ'ল। মাতটো তাৰ চিনাকি যেন লাগিল। সি তললৈ চালে, গোটেই দাড়িয়ে-গোফে ঢকা এখন মুখ, কোটৰত সোমোৱা ছুটা চকু। কামিহাড় জকজককৈ ওলোরা এটা খাঁশ গা-তথাপি যেন মানুহটোক তাৰ চিনি পোয়া যেন লাগিল।
মানুহটোৱেও তাক চিনি পাইছেনেকি?
বাবৰৰ গাৰ কাযেদি মানুহবোৰ খৰখেদাকৈ মছজিদলৈ সোমাইছে-নামাজৰ সময় হৈ আহিছে।
পৰি থকা মানুহটোরে বহু কষ্ট কৰি উঠি বহিল, আৰু খৰ লাগি বাবৰৰ মুখৰ ফালে চালে। তাৰ পাছত বিৰবিনকৈ ক'লে, "মাফ কব্বিা বোপাই, আমাৰ গাঁৱৰ বাবৰ নামে ল'ৰা এটা আছিল, আজি সাত আঠ বছৰৰ আগতে সি ক'ৰবাত হেৰাই গ'ল। ল'ৰাটো দেখাত তোমাৰে নিচিনা আছিল। মাফ কৰিবা, মোৰ ভুল হৈ গৈছিল বাবু-"
এইবাৰ বাববৰো মানুহটোক চিনি পোৱা যেন লাগিল। হু'টামুটাকৈ বাবৰে ক'লে, "তোমাৰ ভুল হোৱা নাই, মই বাবৰেই হয়। তোমাকো মই চিনি পাইছো। আমাৰ গাঁৱৰ আৰু কোনোবা আছেনেকি? নামাজৰ সময় হ'ল। মই নামাজ পড়ি আহো তুমি ক'লৈকো নেযাবা। মই আহিছো-"
কৈ. বাবৰ খৰধৰকৈ ঠেলাহেঁচা কবি মছজিদলৈ সোমাল। মানুহটোৰ শুকান মুখখন কিছু উজ্জ্বল হৈ উঠিল। নিবস চকু ছুটা সেমেকি উঠিল। মাথোন মুখৰ ভিতৰতে বিৰবিৰালে-"ইয়া আল্লা, ইয়া আল্লা-বাবৰ বাৰৰ-ইয়া আল্লা জানিছ, সেইটো বাবৰ জছৰৰ পুতেক বাবৰ ইয়া আল্লা"
নামাজ শেষ কৰি বাবৰ যেতিয়া মছজিদৰ ব্যাইৰ ওলাই আহিল, সি অকণো আগুৱাব নেৱাৰিলে। বুঢ়াই ডেকাই, মতাই মাইকীয়ে দহোটামান মানুহে তাক বেড়ি আগচি ধৰিলে।
"মোক চিনি পাইছনে বাক?"
"মোক চিনিব পৰা নাই, নহয়?
"মোক বাক চিনিব পাৰিছনে?" "তই যে একজন ডেকা হৈ গ'লি বাবৰ।"
তাক দেখা পাই যেন কংকালসবে, আধামৰা, কণ্ঠাগত প্রাণ মানুহবোৰে কিবা নতুন জীৱনীশক্তি পাই উত্তেজিত হৈ উঠিল।
অম্লান্ত মানুহবোৰে বিস্ময় আৰু কৌতূহলেৰে বাবৰৰ ফালে আৰু তাক আগুৰি থকা মানুহজনৰ ফালে চাই ৰ'ল। নামাজ শেষ কৰি মছজিদৰপৰা ওলাই অহা মানুহবোৰে একোবাৰ সিহঁতৰ ওপৰেদি চাৱনি বাগৰাই নি খৰধৰকৈ আঁতৰি পৰিল। কিছুমান একেবাৰে ১৮৮ উঠা মেলা কৰিব নোৱৰা মানুহৰ বাহিৰে, বাকী ভূকীয়া মানুহবোবো লাহে লাহে ইফালে সিফালে আঁতৰি যাব ধৰিলে।
বাবৰক ঘেৰি থাকিল চাৰিটা বুঢ়া মানুহু, দুটা ল'ৰা দুজনী তিৰোতা আৰু দুজনী ছোৱালী, বাবৰ কিংকর্তব্যবিমূঢ় হৈ সিহঁতৰ মাজতে থিয় দি থাকিল। হঠাৎ তাৰ গাঁৱৰ মানুহৰ মাজত থকা যেন লাগিল।
"তই ক'ত থাক বাবৰ?" কোনোবা এটাই সুধিলে।
"আচামত-"
"আচামত! কলিকতা আচামত নেকি?"
আন এটাই ক'লে, "অন্য কথা পাছত হ'ব। এতিয়া পাৰিলে আমাক কিবা এটা খুৱা-"
"পইচা আছে?” আন এটাই সুধিলে।
সকলোৱে তাৰ মুখলৈ চাই আছিল। সি অলপ চিন্তা কৰি ক'লে, "এখন হোটেললৈ যাওঁ ব'ল-ইয়াত একো নাই নহয়?"
মানুহখিনিৰ চকু মুখ উজ্জ্বল হৈ উঠিল।
শোভাযাত্রাটো আৰম্ভ হল-আগে আগে বাবৰ আৰু তাৰ পাছত অন্নান্তবিলাক। বাবৰৰ পৰিস্থিতিটো বৰ অস্বাভাৱিক যেন নেলাগিল। ভোকৰ লগত তাৰো চিনাকি নথকা নহয়। কিন্তু আজি সি ভুকীয়া নহয়। তাৰ লগত কলিকতালৈ নিয়া টকাখিনি সি এটা কাপোৰৰ মোনাত ভৰাই সদায় কঁকালত বান্ধি লৈ ফুৰায়। সি মনে মনে চিন্তা কৰি চালে-এতিয়াও তাৰ হাতত যথেষ্ট টকা আছে, ইহঁতক এসাজ নেলাগে 'কেইবা সাজো' খুৱাব পাৰিব। আক কলিকতাত এতিয়াও চাৰি অনাত পেট ভৰাই ডাইল ভাত খাবলৈ দিয়া হোটেল আছে।
সিহঁত কিছুদূৰ অকাই পকাই গৈ মীর্জাপুৰ স্ট্রীটবে এখন সক হোটেলৰ দুৱাৰমুখত ৰ'লগৈ। প্রথমে হোটেলৰ মালিকে গোটেই দলটোকে ভুকীয়া মানুহৰ দল বুলি ভাবি, অন্ত ফালে সুখ খুবাইছিল।
কিন্তু বাবৰ ভিতৰ সোমাই গ'ল, আৰু মেনেজাৰক গহীনাই ক'লে,
“এথাৰজন মানুহৰ খোৱা দিয়া-ময়ো লগতে খাম।" দামী খোরা দিবনে সন্তীয়া দিব মেনেজাৰে সুধিলে।
বাবৰে ক'লে, "এই মানুহখিনি আমাৰ গাঁৱৰপৰা আহিছে। বহুত দিন ভালকৈ খাবলৈ পোৱা নাই, সকলোকে ভাল খাববৈ দিয়া- ভাত, ডাইল, মাংস, ভাজি দিয়া-ষিমান খাবলৈ বিচাৰে বিমান দিবা।"
তাৰ পাছত বাবৰে মানুহখিনিক ক'লে, "তোমালোক হাত মুখ ধুই খাবলৈ বহা, কোনো লাজ ভয় নকৰিবা। যি মন যায় সিমান মন যায় খোৱা, পইচা মই দিম।"
ভূকীয়া মানুহখিনিয়ে গোগ্রাসে ভাত খাব ধৰিলে। কিমান দিন যে সিহঁতে খাবলৈ পোৱা নাই। সিহঁতৰ লগতে বহি বাবৰেও খাই যাব ধৰিলে। কিন্তু সি ইহঁতৰ নিচিনাকৈ খাব নোৱাৰিলে।
হোটেলৰ মেনেজাৰজনে কিছু শ্রদ্ধাবেই বাবৰৰ ফালে চালে। সি হয়তো বাবৰক পূব বংগৰ কোনো জমীদাবীৰ জমীদাৰ আৰু ইহঁতবোৰ তাৰ প্ৰজা বুলিয়ে ভাবিছিল, আৰু এই হুকীয়া প্রজাবোৰৰ লগত বহি একেলগে ভাত খোরা দেখি সি বাবৰলৈ শ্রদ্ধা অশুভর কৰিছিল।
বাবৰৰ খোৱা শেষ হৈছিল, কিন্তু বাকীবিলাকে তেতিয়াও খায়ে আছিল। মেনেজাৰৰ নিৰ্দেশত হোটেলৰ ভাতপানী দিয়া ল'ৰাকেটাই যাক যি লাগে দি গৈছিল। কোনো এটায়ো আৰু নেলাগে বোলা নাছিল।
বাবৰ এনেয়ে বহি আছিল, উঠি অহা নাছিল।
অৱশেষত মানুহখিনিৰ খোৱা শেষ হ'ল। প্রতেকেই তিনিটামান মাম্লহৰ জোখাবে ভাত খালে, সিহঁতে যেন গোটেই জীৱনৰ লঘোনৰ পাছত গোটেই জীৱনৰ কাৰণে আজি খাই ল'লে।
মানুহখিনি ঘামি গৈছিল। অভ্যাসবশতঃ জলকীয়া বেছিকৈ খোৱাৰ কাৰণেই নহয়, সৰহকৈ ভাত আঞ্জা খাই গাত উত্তাপ হোৱাৰ কাৰণেও। হোটেলব মেনেজাৰে হিচাপ কৰি যি পইচা ক'লে, সেইয়া বাবৰৰ বৰ বেছি যেন নেলাগিল।
কোনো কথা নকৈ বাবৰে পইচাখিনি আদায় কৰি দিলে, আক সমজুরাতে ক'লে, “ব'লা, যাওইক--"
অন্য মানুহ হোটেললৈ আহিছিল। সিহঁত ওলাই আহিল।
কিন্তু হোটেলৰপৰা আলিবাটলৈ উঠিহে সিহঁত কিছু বিবুদ্ধিত পৰিল-মানুহখিনি লগ লাগি আছে যদিও সিহঁত থকাৰ কোনো নির্দিষ্ট ঠাই নাই। দিনটো মতাকেটাই অ'ত তত কিবা কাম বিচাৰি ঘুবে, কেতিয়াবা পায়, কেতিয়াবা নেপায়, নেপালে ভিক্ষা কৰে। শুকুৰবাৰে সিহঁত মছজিদবোৰলৈ যায়, তাত মছজিদলৈ অহা মানুহৰ ওচৰত হাত পাতে। 'আর্জন' কেতিয়াবা ভাল হয়, কেতিয়াবা হয় অতি সামান্য।
বাববে ক'লে, "এইদৰে তোমালোক ভাত-মগনীয়। হৈ কিমান দিন ঘুৰি ফুৰিবা? তোমালোক দেশলৈকে ঘুৰি নোযোৱাগৈ কেলেই?" "দেশলৈ গৈ কি কৰিমগৈ তাত আমাৰ আছে কি?"
"খেতিবাতি কৰিবা, ক'ৰবাত কালা চামলা কৰিবা-"
"কিবা খাব ববলৈ থাকিলেহে কাম কৰিব পাৰি-"
হঠাৎ অতপৰে একো নমতাকৈ থকা ছোৱালী দুজনীৰ এজনীয়ে এক অস্বাভাৱিক মাতেৰে কৈ উঠিল-"তই বাক মোক চিনি পাইছনে? নাই পোৱা নহয়? কেনেকৈ পাবি?"
বাবৰে অতপৰে তাইৰ মুখলৈ প্ৰকৃততে তিৰোতাকেজনীৰ মুখলৈ-পোনপটীয়াকৈ চোৱা নাছিল। এইবাৰ সি ছোৱালীজনীলৈ চালে, ছোৱালীজনী কোন সি ভাবি উলিয়াবৰ চেষ্টা কৰিলে।
এনেতে এটা ডেকাই (এতিয়াহে তাক এটা ডেকা মানুহ যেন লাগিছিল) ক'লে, "আমাৰ কাকনো তই চিনি পাবি? নেখাই নেখাই লঘোনে থাকি থাকি, আমি চব বুঢ়া যেন হৈ গৈছো। সেইজনী মৰীয়ম। মৰীয়মক জানো তই চিনি পোৱা নাছিলি?"
মৰীয়মে তলমূৰ কৰিলে।
বাবৰে বিস্ময়ত ক'লে, "এইজনী মৰীয়ম! মইতো কোনোবা আদহীয়া মানুহ বুলি ভাবিছিলোঁ। তয়ো গুচি আহিলি?"
মৰীয়মে তলৰপৰা মূৰ ওপৰ নকৰিলে।
"সিহঁতৰ গোটেই পৰিয়ালটো গুচি আহিছিল। মৰি-হজি সকলো শেষ হ'ল। তাইহে বাচি আছে-"
বাবৰে ক'লে, "আমি ইয়াৰপৰা যাওঁ ব'ল। ক'লৈ যাবি?"
বুঢ়া এটাই ক'লে, "মোৰ বৰ ভাগৰ লাগিছে।"
"এনেকৈ বাটত ৰৈ থকা ভাল নহয়" বাদে ক'লে।
"আজি দুবছবেই হ'লনে তিনি বছবেই হ'ল, আমিতো বাটৰ ওপৰতে আছো, ইয়াত জানো আমাৰ ঘৰবাৰী কিবা আছে?" আন এটাই ক'লে।
"আমাৰ ঘৰৰ কিবা বা-বাতৰি ক'ব পাৰনে?" বাবৰে সুধিলে।
"তই জানো পোৱা নাই?"
“ওহো, চিঠি পত্র দিলেও কোনেও উত্তৰ নিদিয়ে। কোনোবা
বাচি আছে নে নাই-তাৰো খবৰ পোৱা নাই-"
মানুহকেটাই কিছু ইতস্ততঃ কৰিলে, "মাৰ ঢুকুৱাৰ খবৰো নাই
পোরানেকি?"
"মা ঢুকালনেকি!" কিছু সময়ৰ মূৰত বাবৰে সুধিলে, তাৰ মাতটো হঠাৎ করুণ হৈ পৰিল।
"তয়ো ক'ৰবাত হেৰাই গ'লি, মাৰো মবিল। কিছুদিনৰ মূৰত বাপেৰেও কাকো একো নকৈ নেমেলি চাটগাঁও নে চান্দপুৰ ক'ৰবালৈ গুচি গ'ল। এতিয়া ঘুৰি আহিছে যদি আমি ক'ব নোৱাৰোঁ। আমাৰ লগৰে কমবোৰ মানুহ খাবলৈ নেপাই মবিল জানো?"
মানুহটোৰ মাতটোত বিন্দুমানো অনুভূতি নাছিল। খাবলৈ নেপাই লাখে লাখে মানুহ মৰাটো যেন সদায় ঘটি থকা এটা সহজ আৰু সাধাৰণ ঘটনা।
এইটো মুহূৰ্তত বাবৰৰো যেন আনন্দ-শোকৰ অনুভূতি একেবাৰে নোহোৱা হৈ গৈছিল। মাক মবিল, বাপেক নিরুদ্দেশ হ'ল, সিও নিজৰ গাঁৱৰ মানুহৰ ধাৰণাত, ক'ৰবাত হেৰাই গ'ল। এইবোৰ যেন অকণো অস্বাভারিক কথা হোৱা নাই।
মৰীয়মৰ ওচৰতে থকা আনজনী ছোৱালীয়ে ক'লে, "বুঢ়া জমীদাৰো মৰিল নহয়-ক'ব নোৱাৰনেকি?"
বাবৰে ছোৱালীজনীৰ মুখলৈ চালে, এই ছোৱালীজনীও তাষ কোনোবা চিনাকি ছোৱালীয়েই নেকি?
মাক-বাপেকৰ খবৰ পাই তাৰ যিমান বেয়া লাগিছিল, জমীদাৰ মৰাৰ খবৰটো পাই তাৰ সিমান ভাল লাগিল। এইটো যেন তাৰ কাৰণে এটা সুসংবাদ।
"এতিয়া তেনেহ'লে আমাৰ তাৰ জমীদাৰ কোন?"
"কোন হ'ব আৰু-পুতেক-"
মহাপ্রতাপী, খিতাপধাৰী জমীদাৰ মোহম্মদ মোদকিবৰ হবিষ
কিব বিয়া চৌধুৰী তেনেহ'লে মৰিছে, আৰু নতুন জমীদাৰ হৈছে পুতেক মোজাম্মিল চৌধুৰী-সেই মোজাম্মিল চৌধুৰী!
বাবৰে এবাৰ মৰীয়মৰ মুখৰ ফালে চালে। নবীয়মেও ঠিক সেই সময়তে তাৰ ফালে চালে। মৰীয়মন চকুৰ চাৱনিৰ অৰ্থ বাববে বুজিব নোৱাৰিলে।
সিহঁতে চমুকৈ অম্লান্ত কথাকে পাতিলে। বাববে নিজৰ বিষয়ে চমুকৈ ক'লে। তাৰ কাম-কাজ আৰু অৱস্থাৰ কথা শুনি সকলোরে তাৰ আৰু উন্নতি হ'বৰ কাৰণে দোৱা কৰিলে, মাইকী মানুহকেজনীৰ বাহিৰে মতা মানুহ আটাইকেটাই ক'লে, "পাবিলে আমাক আচামলৈকে লৈ যা। ইয়াত মাগিলেও একো পাবলৈ নোহোয়া
পলস/১৩
। তাত লাগিলে কাৰোবাৰ ঘৰত খেতি বাতি, কালাকে কৰি খাম। আমি ২৭টা আছিলোঁ, বাকীকেটা তো এটাকৈ ইয়াতে মৰিল। এনেকৈ আমিনো আৰু কিমান দিন জীয়াই থাকিম?"
কিছু চিন্তা কৰি বাববে ক'লে, "মই মিলিটাৰী ঠিকা কৰোঁ। তহঁতে গ'লে আচামত অৱশ্যে কিবাকিবি কৰি খাব পাৰিবি। তহঁত বাক মোৰ লগতে যাব নেলাগে। এবাৰ দেশলৈ গৈ নাহ কিয়? এতিয়া কিজানি তাতো কিবাকিবি ওলাইছে।"
"তাত কিটো ওলাব? জমীদাৰ মোজম্মিল চৌধুৰীওতো আজিকালি মস্ত ঠিকাদাৰ। মিলিটাৰী এৰ'ড্রম সজাইছে। শুনিছে। বোলে লাখ লাখ টকাৰ ঠিকা। পিছে আমি তাত কি কাম পামগৈ" এটাই ক'লে।
বাবৰে আৰু বেছি আলোচনা নকৰিলে। ক'লে, "মোৰ অলপ কাম আছে, মই যাওঁ। মই হোটেলতে আছো। তহঁতে আকৌ এবাৰ মোক লগ ধৰিবিচোন বাক"
বাববে প্রত্যেককে দুটাকৈ টকা দিলে। সিহঁতে চকুরে মুখে কৃতজ্ঞতা প্রকাশ কৰি ক'লে, "হৈছে বোপাই, হৈছে। আল্লাই তোক আৰু দিয়ক, বহুত দিয়ক-"
বাবৰে যেতিয়া এটকীয়া ন'ট দুখন মৰীয়মলৈ আগবঢ়ালে "তোক নেলাগেনেকি?" বাবৰে সুধিলে।
মৰীয়মে হাত নেপাতিলে, অন্য ফালে চালে।
তাই মূৰ জোকাৰিলে নেলাগে।
"দিছে, নলর কেলেই?" লগৰ আনজনী ছোৱালীয়ে ক'লে। "ছুটকাৰে শাড়ী-চোলা চব পামনেকি? নেলাগে-"
এইবাৰ বাবৰে মৰীয়মৰ গালৈ চালে। তেনেই ফিচিকি ফটা, মাজে মাজে সায়া, মাজে মাজে গাঁথি দিয়া এখন মলিয়ন পুৰণি কপাহী শাড়ী মৰীয়দে পিন্ধি আছে। গাত কিবা চোলা পিন্ধিছেনে নাই সি বুজিব নোৱাৰিলে, ফটা শাড়ীখনেৰে মেৰিয়াই মেৰিয়াই তাই গাটো ঢাকি ৰাখিছে।
বয়সীয়া তিৰোতাজনীয়ে ক'লে, "এখন ভাল নতুন শাড়ীও ছটকা সাতটকা নন্স'বনেকি? সিনো কিমান ধন ভাঙিব?"
যুদ্ধৰ আগতে একোখন কপাহী শাড়ীৰ দাম পাঁচ সিকি, ডেৰ টকা আছিল, এতিয়া দাম বাড়িছে-চাৰি পাঁচ টকা হৈছে। কিন্তু বাববৰ ইহঁতৰ প্রত্যেককে একোসাজ কাপোৰ দিব পৰা শক্তি আছে, হয়তো দিবও। কিন্তু অম্লাহ্যৰ আগতে মনীয়মক বা ছোৱালী এজনীক বেছি মৰম দেখুউরাটো ভাল কথা নহ'ব যেন লাগিল তাৰ। তথাপি মূৰব্বীয়ানাৰ সুৰত বাবৰে ক'লে, "মোক জমীদাৰ মোজাম্মিল চৌধুৰী বুলি ভাবিছনেকি?"
এবাৰ চকু ঘোপা কৰি মৰীয়মে বাবৰৰ মুখলৈ চালে, তাৰ পাছত একো নকৈ ভোঁ ভোঁ কৰে আঁতৰি গ'ল। বাবৰে আমোদ পালে। ইমান দুখ বেদনাৰ মাজতো মৰীয়মৰ মান-অভিমান যোৱা নাই।
বাবৰে ক'লে, "এই দহটকা ৰূপ দিছো। ইহঁত কেজনীক একোখনকৈ শাড়ী কিনি দেগৈ-"
দূৰৰপৰা মৰীয়মে ক'লে, "মোক শাড়ী নেলাগে। মোক জমীদাব মোজাম্মিলে ঢেৰ শাড়ী দিব-তই নিদিলেও হ'ব।" চিয়"বি চিয়"বি কৈ তাই আৰু আঁতৰি গ'ল।
বুঢ়ী মানুহজনীয়ে ক'লে, "আমাৰ কাকো নিনিলেও তাইকে পাৰিলে তোৰ লগত আচামলৈ লৈ যা। তাই বৰ আচৰিত ছোৱালী-আমাক হায়ৰাণ কৰিছে। এৰি দিব নোৱাৰাৰ কাৰণেই লগত লৈ ফুৰাইছো।"
"যাব জানো?" বাবৰে সুধিলে, "আমি কৈ-মেলি চাওঁ, তয়ো কৈ-মেলি চা-তাইৰ নেখাই নবৈ দেহাৰ বল নোহোৱা হৈছে যদিও মনৰ ব'ল নোহোৱা হোৱা নাই। কত গাভক ছোৱালী কলিকতাত ক'ত শেষ হৈ গ'ল-কোনে হিচাপ বাখিছে। তাই পিছে বেলেগ ধাতুৰে গঢ়া ছোৱালী।"
"তহঁতবোৰ বাৰু হোটেললৈ এবাৰ আহিবি। মই সকলো কথা আলোচনা কৰি যি হয় কৰিম-" কৈ বাৰৰে সি থকা হোটেলৰব ফালে খোজ দিলে।
ডাক্টৰ বানার্জী অসমলৈ কেতিয়া ঘুৰি যাব, সেই সম্পর্কে কথাবতৰা হৈ সন্ধিয়াৰ পাছত বাবৰ হোটেললৈ ঘুৰি আহিল। বাতি বাহিৰত কুৰাটো সুবিধাজনক আৰু নিৰাপদ নহয়। ব্লেক আউট চলি আছে। স্ট্রীট লাইট নাই। বাটৰ কাষৰ ঘৰবিলাকৰ পৰাও পোহৰ বাহিৰলৈ আহে বুলি, সকলো খিৰিকী ক'লা নীলা পর্দাৰে ঢকা। বাবৰে দেখিলে যুদ্ধক্ষেত্র ডিমাপুৰতকৈ কলিকতাতহে ব্লেক আউট বেছি। ডিমাপুৰত বোমা পৰি বেছি ক্ষতি নহয়, কিন্তু কলিকতাত পৰিলে এখন মহানগৰ শেষ হৈ যাব। লাখ লাখ মানুহ মৰিব।
হোটেল সোমাই বাববে দেখিলে এখন নতুন কপাহী শাড়ী পিন্ধি মৰীয়ম আৰু লগত এটা বুঢ়া মানুহ একাষে থিয় দি ৰৈ আছে। সিহঁতৰ ফালে চাই বাবৰে ক'লে, "তহঁত আহিছ? আহ ভিতৰলৈ আহ।" তাৰ পাছত হোটেলৰ বয় এটাক ক'লে, "তিনিজনৰ খানা মোৰ কমলৈ পঠিয়াবি।"
"এতিয়াই?"
"এঘণ্টা পাছত।"
সক ঠেক চিৰিটোৱেদি বাবৰহঁত ওপৰলৈ উঠি গ'ল।
কোঠালীটো এজনীয়া, সক। এখন খাটত এখন বিচনা পৰা আছে। এখন সক মেজ, কাষত এখন চকী, মেজখনৰ ওপৰতে আছে বাবৰৰ টিনৰ ছুটকেচটো। খিৰিকী বন্ধ আছে যদিও, পর্দা ভালকৈ আবি দিয়া আছে-পোহৰ যাতে বাহিৰলৈ যাব নোৱাৰে।
মৰীয়মহঁতক বিচনাখনতে বহিৰলৈ দি বাবৰ চকীখনত সিহঁতৰ মুখামুখিকৈ বহিল।
বুড়া মানুহটোরে ক'লে, "যাওঁ। বাতি হ'লে আন্ধাৰত মই থকা বাবৰে ক'লে, "তই অলপ ইফালে আহ, তেওঁ শোরক দে, টোপনি আহিছে-"
বুঢ়াই টোপনিয়ে হেঁচি ধৰা মাতেৰে ক'লে, "মোৰ টোপনি নাই অহা, ভাগৰে ধৰিছে। অথনি বহুত ভাত খালো নহয়-"
বাবৰে ক'লে, "বাৰু অলপ তাতে কাতিহ। ভাত খাবৰ হ'লে
মই জগাই দিম-"
"এৰা এৰা মই বাক অকণ কাতি হওঁ। মোৰ টোপনি
নাই অহা-"
বুঢ়াই বিচনাত বাগৰ দিলে। মৰীয়ম একাষৰীয়া হৈ দিলে। "তই মোৰ লগত যাবিনেকি?"
"তইনো ক'ত থাক?"
"আচামত।"
"কিমান দূৰ?"
"বহুত দূৰ।"
"বিয়া কৰালি?"
“ওহো, নাই কৰোৱা।"
"কেলেই নাই কৰোৱা?"
"নাই কৰোৱা আৰু-কি হ'ল পিছে-"
নির্বরতা।
"মই নেযাওঁ-"
"কেলেই নেযার?"
"তাত ক'ত থাকিমগৈ?"
"মোৰ লগত মোৰ লগত থাকিবি।"
"তোৰ লগত কেলেই থাকিম?"
"থাকিলেনো কি হ'ব?"
"আচামত বিয়া নোহোা ডেকা মামুহৰ লগত বিয়া নোহোৱা যোৱান ছোৱালী একেলগে থাকেনেকি?"
বাবৰ মনে মনে থাকিল-তাৰ পাছত ক'লে, "মোজাম্মিল আজিকালি জমীদাৰ হ'ল-?"
""
"সি নমৰিল?"
"জমীদাৰ মবেনেকি?
"আমাৰ গাঁৱৰ মানুহবোৰ মৰিল কেলেই?"
"অকল আমাৰ গাঁৱৰেনে? সকলো গাঁৱৰ মানুহ মবিল।
খাবলৈ নেপালে মানুহ জীয়াই থাকেনেকি?" "তই পিছে কেনেকৈ জীয়াই থাকিলি?"
"থাকিলোঁ আৰু। মই জীয়াই থকাৰ কাৰণে বেয়া পাইছে?"
"ওঁ-বেয়া পাইছো। পৰহিলৈ মই আচামলৈ খুবি যাম। তই
যদি যার ওলাবি-" "মইচোন ক'লোঁৱেই নেযাওঁ বুলি।" "ইয়াত এনেকৈ থাকি ভাল পাইছ যদি থাক। মইতে। আৰু
জোৰ কৰি নিব নোৱাৰোঁ।"
কিছু পৰ কিবা চিন্তা কৰি মৰীয়মে সুধিলে, "তাত তোৰ নিজৰ
ঘৰ আছে?"
"সজাইছো-হোৱাগৈ নাই-"
"তাত কোন থাকে?"
"এতিয়ালৈকে কোনো থকা নাই।"
"তয়ো নাই থকা?"
“মই কেম্পত থাকো। আৰু গাঁওবুঢ়াৰ ঘৰত থাকো।"
"কোন গাঁওবুঢ়া-"
"আছে। তই চিনি নেপার। বহুত দিনৰ পৰা আচামত আছে।"
"তোৰ কিমান টকা আছে?"
"ঢেৰ-তোক লাগেনেকি?"
"ভিক্ষা কৰিলে ময়ো ঢেৰ টকা পাওঁ-"
"এতিয়া নতুন শাড়ী পিন্ধিছ, এই শাড়ী পিন্ধি ভিক্ষা কৰিলে পাবি জানো?"
"সোলোকাই থৈ যাম।"
ভাত আনিলে।
বুঢ়াৰ টোপনি আহিছিল। জগাই দিলে। তিনিও ভাত খালে। বুঢ়াই ক'লে, "আজি কিমান দিনৰ মূৰত যে একেলগে হুসাজ ভাত খাইছো-ইয়া আল্লা-" তাৰ পাছত ক'লে, "বহুত ৰাতি
হলনেকি? মই যাব পাৰিম জানো?" মৰীয়মে ক'লে, "তই নেলাগে যাব। ৰাতিটো ইয়াতে পৰি থাক।"
"তই?" "মই যাম-"
বাববে ভাত দিয়া ল'ৰাটোক ক'লে, "কম ক'ৰবাত খালী আছেনেকি খবৰ কৰচোন। ৰাতি এওঁলোক যাব নোৱাৰিব। নহ'লে এখন তোষক হ'লেও হ'ব।"
ল'ৰাটোৱে ক'লে, "মই খবৰ কৰি আহো।"
বাবৰে ক'লে, "তহঁত ইযাতে শুৰি, মই চাওঁ অ্য কোঠালি পাওঁনেকি?"
"নেপার যদি?" মৰীয়মে সুধিলে।
"ওলাব পাৰে। নহ'লে কিবা এখন পাৰি মজিয়াতে শুই থাকিম। তহঁতে চিন্ত। কৰিব নেলাগে।"
বুঢ়াই ক'লে, "এঃ তই মজিয়াত শুব নেলাগে। মই শুম, তহত এই খাটখনতে শুই থাক।"
কৈ বুঢ়া খাটখনৰ পৰা নামি গ'ল।
"ওঁ তই তাতে শো, মই এই খাটৰ ওপৰত শোওঁ, ৰাবৰ থিয় হৈ থাকক-"
"এঃ, থিয় হৈ থাকিব নেলাগে, যেনেতেনে তাতে শুই থাক-" বুঢ়াই হয়তো মানুহৰ বয়সৰ কথা মনত ৰাখিবলৈ পাহৰি গৈছে।
বাববে ক'লে, "বাক, তহঁত শো, মই ঈছাৰ নামাজ পড়ি লওঁ, তাৰ পাছত কিবা এটা দিহা কৰিম।"
নামাজ পঢ়াৰ কথা ক'লত হঠাৎ যেন মৰীয়ম সলনি হৈ গ'ল। ভয়ে ভয়ে কোৱাৰ ধৰণে তাই ক'লে, "মই যে নামাজ-বোজা, আল্লা- ৰছুল সকলো পাহৰিলোঁ।"
"কেলেই পাহৰিলি?"
"ভাত বিচাৰিব লাগে যে।"
"ময়ো মিলিটাৰী কেম্পত থাকো। নামাজ বব অনিয়মীয়া হয়। আল্লাই নাফ কৰোতা।"
তাৰ পাছত ৱজু কৰিবৰ কাৰণে বাবৰ কাষৰ বাথৰুমটোলৈ গ'ল।
মৰীয়মে বুঢ়াক ক'লে, "চাচা, তই বিচনাতে শো। তলত বাবৰক নামাজ পঢ়িবলৈ জাগা উলিয়াই দে। মই আৰু বাবৰ তলতে শুম।" বাধ্যৰ দৰে বুঢ়া আকৌ বিচনালৈ উঠিল। আৰু ক'লে, "টোপনিয়ে বৰ হেঁচি ধৰিছে। তহঁত তেনেহ'লে শুবি। মই অলপ কাটি হওঁ।"
বাবৰে টিঙৰ ছুটকেচটো মেলি এখন সক জাই-নামাজ (নামাজ পঢ়া কাপোৰ) উলিয়ালে আৰু মজিয়াত পৰি লৈ ঈছাৰ নামাজ পঢ়িবলৈ ল'লে। মৰীয়মে তাৰ পৰা কিছু নিলগত কুচিমুচি বহি তলমূৰ কৰি বাববে নামাজ পড়ালৈ কাণ দিলে। বহুত দিনৰ মূৰত বাবৰৰ মুখত কোৰাণৰ 'আয়ত' শুনি তাইৰ মনটো এক অজানিত দুখ এক দুর্বোধ্য শান্তি আৰু এক নামহীন ভয়েৰে ভৰি উঠিল।
অকণো লৰচৰ নকৰাকৈ তাই বহি থাকিল।
হোটেলৰ ল'ৰাটোৱে তোষক এখন আনি দিলে-জনালে যে খালী কম নাই।
"হ'ব দে। যেনেতেনে ৰাতিটো কটাব পাৰিলেই হয়। ৰাতিপুৱাত তিনিজনৰ চাহ ইয়াতে দিবি।" চালাম কৰি লৰাটো ওলাই গ'ল। বাবৰে তোষকখন মজিয়াতে পাৰিলে আৰু ক'লে, "মোষ লগত আচামলৈ যাব বা নেষার এভিয়া ইয়াতে শুই থাক। নে আৰু কিবা
কাজিয়া কৰিবলগীয়া আছে মোৰ লগত?"
"ময়ো তাকে ভাবিছো, আগে তোৰ লগত কাজিয়া কৰি লওঁ নে শুই লওঁ।" মৰীয়মে ক'লে।
"যি মন যায় কৰ”
"তই এতিয়া নোশোরনেকি?"
"আগেপিছে তই মোক গুরাইহে শোৱনেকি?"
"তেনেহ'লে তই এতিয়া নোশোর? কি কৰিবি? ধনপইচাৰ হিচাব কৰিবি নে এবাদত বন্দেগী কৰিবি? তই যি কৰ কৰি থাক, মই শুইছে।-” কথাখিনি কৈ মৰীয়মে তোষকখনৰ ওপৰলৈ গ'ল, আৰু একাষে কুচিমুচি শুই পৰিল। কিছু পৰৰ মূৰত বাবৰে জাই নামাজৰ পৰা উঠি বাথৰুমলৈ গ'ল, তাৰ পাছত কোঠাটোৰ দুৱাৰ বন্ধ কৰিলে। বুঢ়া ইতিমধ্যে ঘোৰঘোৰাই গুইছে।
বাবৰে তোষকখনৰ ওপৰতে বহিল, আৰু এনেয়ে তোষকখন জাবি জোকাৰি ল'লে আৰু নিজকে কোরাদি ক'লে, "ঠিক আছে। মই সদায় শুই আছো। আজি তহঁতেই ভালকৈ শুইল। কত দিন চাগৈ ভালকৈ শুবলৈ পোৱা নাই।"
বাগৰ সসাই ওপৰলৈ ম্ কৰি মৰীয়মে ক'লে, "হুবছৰ শোৱা নাই জানিছ। শুবলৈ ভয় লাগে। কলিকতা ডাঙৰ চহৰ হ'লে কি হ'ব-গুণ্ডাৰে ভৰা।"
"তোৰ টোপনি অহা নাই? ইপিনে আকৌ শুবলৈ তত নাইকিয়া কৰিছিলি।"
"গুণ্ডা এটা ওচৰতে বহি থাকিলে শুব পাৰিনেকি?"
কৈ মৰীয়মে বাবৰৰ হাতখনত ধৰিলে আৰু ক'লে, "মোৰ হাতখন কিমান টান, হৈ গ'ল চাচোন।"
বাবৰে তাইৰ হাতখন তাৰ হাতৰ মাজত ল'লে আৰু তলুৱাখন ছুই চাই ক'লে, "ক'ত টান হৈছে। তোৰ হাত আগৰ নিচিনাই আছে।"
"আগৰ নিচিনাই মানে?"
"সেই যে জমীদাৰৰ ঘৰৰপৰা পলাই আহোঁতে তোৰ হাতত ধৰি আহিছিলোঁ।"
"তোৰ এতিয়াও মনত আছেনে সেইবোৰ কথা?"
"পাহৰিবলৈ কিমান দিননো হৈছে।"
অলপপৰ মনে মনে থকাৰ পাছত মৰীয়মে সুধিলে, "মোৰ হাত
বাক অন্য ছোৱালীৰ হাততকৈও কোমল নে?
"মই কেনেকৈ জানিম?"
"কিয়?"
"মই কিবা কেতিয়াবা অন্য ছোৱালীৰ হাত ছুই পাইছোনেকি?"
"ঈচা?"
"ওঁ মোৰ নিচিনা গুণ্ডাবোৰে যাৰে তাৰে হাত নোছোরে বুজিছ।
শুই থাক-"
"হাতখন এবি নিদিয়। কেলেই?"
খবধৰকৈ বাবৰে মৰীয়মৰ হাতখন এৰি দিলে। আৰু ক'লে, "অ' বেয়া নেপাবি দেই-"
"মই বেয়া পাইছো" মৰীয়মে ক'লে আৰু বাবৰৰ পিঠিৰ
ওপৰত হাতখন দি তাক শুরাই দিলে তাইৰ কাষতে।
"মৰীয়ম-"
"ক-যি মন যায় ক"
"নহয় অ'-"
"ওঁ, মই বুজিছো। তোৰ ইমান ভয়নে? কলিকতাৰ হেজাৰটা গুণ্ডাই মোক একো কৰিব নোৱাৰিলে তোলৈ মই ভয় কৰিছো
বুলি ভাবিছনেকি?" "এনেকুরা বেয়া কথা ভাবিবলৈ তোৰ লাজ লাগিব লাগিছিল। তই বৰ নিলাজ হ'লি-"
"লাজ? খাব পিন্ধিবলৈ নোপোৱা, কলিকতাৰ বাটে বাটে মিলিটাৰীৰ মাজে মাজে ঘুৰি ফুৰা ভগনীয়া ছোৱালীৰ লাজ থাকে! আজি ত্ববহুৰে ভাল ভাল মানুহৰ মুখত ইমান বেয়া বেয়া কথা শুনিছো, যে কিহতনো লাজ পাব লাগে নজনাই হৈছো-"
বাবৰ এইবাৰ মৰীয়মৰ ফালে মুখ কৰি ঘুৰিল আৰু তাইৰ বাহুৰ ওপৰত হাত থৈ লাহে লাহে ক'লে, "আমাৰ দেশৰ মানুহবোৰৰ বহুত দুখ হৈছে। পিছে তই মইনো কি কৰিব পাৰোঁ? আমি সক মানুহ। আল্লা আছে। আমাৰ দুখ এদিন নোহোৱা হ'ব।"
এইবাৰ কিছু অভাৱনীয়ভাবে মৰীয়ম বাবৰৰ বুকুৰ কাষ চাপি আহিল আৰু ক'লে, "তই নিব মুখুজিলেও মই তোৰ লগত যাম। লাগিলে তোৰ ঘৰত চাকৰণী কৰি খাম। মোক ইয়াৰপৰা তই লৈ যা, নহ'লে মই কিবা হৈ যাম-মৰি যাম।"
বাববে ক'লে, "তহঁতক ইয়াত এনেকৈ লগ পাম বুলি মই সপোনতো ভবা নাছিলোঁ। আল্লাই লগ পোৱাই দিলে। মই তোক লৈ যাম। ময়ো লোকৰ ঘৰত থাকো, মেহনত কৰি, কালা কৰি খাওঁ। তথাপি তোক লৈ যাম। তই আৰু চিন্তা নকৰিবি। এতিয়া শুই থাক। বাতি কিজানি বহুত হ'ল।"
"চাচাকো নিবি?"
"নিম-আৰু কোনোবা যায় যদি সিহঁতকো নিম-"
অলপ পৰ মনে মনে থাকি মৰীয়মে ক'লে, "সিহঁতক নিনিবি।"
"কেলেই?"
"কেলেই মই ক'ব নোৱাৰো, সিহঁতে একো নকৰে। সিহঁতে ছোৱালী কেইজনীক ৰখি থাকে, আৰু সিহঁতৰ আৰ্জনেৰে খায়।" "কি?"
"ওঁ, এতিয়া গুই থাক।" এজনী ডাঙৰ বয়সস্থা মানুহে এটা সক ল'ৰাক কোরাদি মৰীয়মে ক'লে।
"জানো এইবোৰ তই কি কৈছ মই একো বুজি পোৱা নাই-" বাবৰে ক'লে আৰু চকু দুটা মুদি দিলে।