shabd-logo

দহ

17 January 2024

0 দৰ্শন কৰা হৈছে 0

চাৰিটা বছৰ পাৰ হৈ গ'ল। খবালি গ'ল, বাৰিষা গ'ল।

বাৰিষা গ'ল, খৰালি গ'ল।

ইয়াৰ মাজতে এবছৰ ডাঙৰ বান নাহিল। সেইবাৰ খেতিও ভাল হ'ল। বাকীকেবছৰ বববান আহিল, খেতি বাতি নষ্ট কৰিলে, ঘৰ দুৱাৰ ভাঙিলে, গৰু ম'হ উটাই নিলে। বানে মাটিত পলস পেলালে খেতি ভাল হ'ল, বিশেষকৈ শালি খেতি। রূপাববিব মাটি সাকরা।

ইতিমধ্যে ছবিফ গাওবুঢ়াই আৰু আঠপুৰা মাটি কিনিলে, আৰু দুহাল গৰু কিনিলে, আৰু তিনিট। কালা খেতিৰ কামত লগালে, এটা উড়ালৰ একোঠালি বঢ়ালে।

এই চাবি বছৰৰ ভিতৰতে কলেৰা হৈ ছৰিফ গাঁওবুঢ়াৰ দ্বিতীয়জনী

ঘৈণীয়েক মবিল। ঘৰখনত বেজাৰৰ ছায়া পৰিল।

ইয়াৰ ভিতৰতে গাঁওবুঢ়াৰ ডাঙৰ ল'ৰাটোৱে ইকনমিক্সত অনাছ লৈ বি এ পাছ কৰিলে আৰু গাঁৱলৈ ঘুৰি আহি এম ই স্কুলটোত ক্লাছ ছেভেন খুলি হাইস্কুল পতাৰ কাম আৰম্ভ কৰিলে, আৰু মেনেজিং কমিটিয়ে এই ডেকা গ্রেজুৱেট মোবাৰক আলিকে হাইস্কুলৰ হেডমাষ্টৰৰ দায়িত্ব ল'বলৈ দিলে। ইংৰাজী আৰু অসমীয়াৰ মাষ্টৰ হিচাপে জাগীৰ'ডৰ গিৰীন বড়ায়ে। সেই স্কুলত যোগ দিলে।

দ্বিতীয় পত্নীৰ মৃত্যুৰ সাত মাহৰ পাছত আকৌ ছোৱালী এজনী নিকাহ কৰিবৰ কাৰণে ছবিফ গাঁওবুঢ়াই অলপ কুকং কাৰাং কৰিছিল, আৰু কেইবা ঘৰৰো পৰা ছোৱালীও যাচিছিল। কথাটোৰ গম পাই মোবাৰকে বিশেষ হৈ চৈ নকৰাকৈ বাপেকক বিষত কৰিলে। ছবিফ গাঁওবুঢ়াই শিক্ষিত পুতেকৰ অভিমতক উলাই নকৰিলে। কিন্তু ঘৰৰ ভিতৰত এজনী মানুহ কম হ'লে যে বহুত অসুবিধা হয়-পাকে প্ৰকাৰে সেই কথা পৰিয়ালৰ সকলোকে বুজাই দিলে। কিয়নো ইতিমধ্যে গাঁওবুঢ়াৰ আৰু দুজনী ছোৱালীক বিয়া দিয়া হৈ গৈছিল। জোৱান ছোরাল্ট্রী বিয়া নিদি বাখি ধোৱাটো বেয়া কথা। ল'বা ছোৱালীৰ বিয়া পাতি দিয়াটো বাপেক মাকৰ কর্তব্য।

আৰু ছবিফ গাঁওবুঢ়াৰ ছোৱালীৰ কাৰণে ভাল ধনীব ঘৰৰ ভাল খেতিয়ক ডেকাৰ অভার নাছিল।

ইতিমধ্যে অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত এটা নতুন সমস্তাই দেখা দিছিল। বহু বছৰ ধৰি অসমত 'প্রধানমন্ত্রী' হিচাপে প্রদেশখন শাসন কৰি অহা চাৰ চাদুল্লা মন্ত্রীসভাৰ ঠাইত কংগ্ৰেছে মন্ত্রীসভা গঠন কৰি ৰাজ্যখন শাসন কৰিছিল।

অসমত বহিৰাগত মৈমনচিত্তীয়াৰ নিছিগা সোঁত বৈ থকা দেখি অসমীয়া মানুহ আতংকিত হৈ উঠিছিল। কিন্তু ভাৰতীয় প্রজাব এটা অঞ্চলৰপৰা গৈ অন্য এটা অঞ্চলত বসবাস কৰি জীৱিকা নির্বাহ কৰাৰ সাংবিধানিক অধিকাৰৰ বিৰুদ্ধে বিশেষ একো কৰাৰ উপায় নাছিল।

অসমীয়া বাইজে 'লাইন ছিষ্টেম' দাবী কবিলে। বহিৰাগতে এটা নির্দিষ্ট সীমা অতিক্রম কৰি আহি আবাদী বা অনাবাদী চৰকাৰী মাটিত যাতে দখল ল'ব নোৱাৰে আৰু নিজৰ সীমাৰ মাজতে আবদ্ধ থাকে তাৰ কাৰণে আইনৰ ব্যৱস্থা কৰা হ'ল।

এনেদৰেই অসমীয়া কৃষকক ৰক্ষণাবেক্ষণ দিয়াৰ এটা চৰকাৰী ব্যৱস্থা কৰা হ'ল। খেতিৰ উপযোগী আবাদী মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি অসমীয়া কৃষকে নিজকে ৰক্ষা কৰা যেন অনুভৱ কৰিলে। 'আনহাতে খেতিৰ মাটিৰ কাৰণেই অসমলৈ অহা মৈমনচিং নোৱাখালী আদি ঠাইৰ খেতিয়কবিলাক অনাবাদী অৰণ্যভূমি, নদীৰ চৰ চাপৰি, পানীৰে ভৰি থকা বিল, মেটেকানি আদিত সোমাই পৰিল আৰু তাতে অবর্ণনীয় কষ্ট কৰি মৰাপাট, বাও ধান আৰু খৰালি বতৰৰ খেতি কৰাত লাগিল। সিহঁত সীমা লংঘন কৰি থলুৱা খেতিয়কৰ মাজলৈ নোসোমাল কিন্তু নতুন মতুন অনাবাদী আচহুরা ঠাইত নতুন গাঁও পাতি বহিল।

এনে কৰাত তলে তলে উদগনি দিছিল আৰু সহায় কৰি দিছিল কিছুমান চৰডেপুটি, কানুনগু, মণ্ডল আৰু পুলিছ কর্মচাৰীয়ে আক তাকে কৰি দি এই চৰকাৰী বিষয়াবোৰ ধনী হৈছিল। মৈমনচিত্তীয়া গাঁৱৰ মাজৰ মণ্ডল আৰু পুলিছৰ প্রতিপত্তি আৰু প্রভাৱ আৰু লগে লগে সিহঁতে 'অর্জন কৰা' ধনৰ কথা অসমৰ ৰাইজৰ মাজত কিম্বদন্তীৰূপে প্ৰচাৰ হৈছিল।

কিন্তু য'তেই যিমান উত্থানপতন ভঙাগড়া নহওক কিয় এই চাৰিটা বছৰ বাববে একেদৰেই ছবিফ গাঁওবুঢ়াৰ ঘৰত কাম কৰি গ'ল। অন্ত্য এটা নতুনকৈ অহা ল'বাক ম'হৰণীয়াৰ দায়িত্ব দিয়া হ'ল। বাববে পালে বেলেগ দায়িত্ব। সি খেতি পথাৰত কাম কৰিব আৰু খেতিৰ কাম চোৱাচিতা কৰিব আৰু খেতিৰ কৰি, মূলা, লাও, বেঙেনা ম'হৰ গাড়ীৰে নি ওচৰৰ হাটকেখনত বিক্রী কৰিব। ইয়াৰ বাবে কাপোৰকানি আৰু হাতখৰচ দিয়াৰ উপৰিও গাঁওবুঢ়াই বাবৰক এবিঘা বাম মাটিও দিলে। বাবৰৰ নিজৰ গৰু ম'হ, নাঙল যুঁৱলি নাই। কিন্তু গাঁওবুঢ়াৰ এহাল দুহাল গক ম'হ সদায় এনেয়ে থাকে। গতিকে সময় সুবিধা উলিয়াই বাবৰে নিজৰ মাটি হালিচাত যোৱা ডুবছৰ নিজেই খেতি কৰিলে।

এইয়া 'দেশ'ৰ জমীদাৰৰ মাটিৰ নিচিনা নহয়, ছবিফ গাঁওবুঢ়াই মাটিবিঘা তাক একেবাবেই দি দিছে।

কথাটো নতুন নহয়। ইয়াৰ আগতেও গাঁওবুঢ়াই ঘৰত কাম কৰা তুই এক ডেকাক এনেকৈ এবিঘা ছবিঘা খেতিৰ মাটি, ছলোচা ঘৰৰ ভেটি নিদিয়া নহয়। আল্লাই মোক বহুত দিছে, আল্লাই মোক যি দিছে তাৰ পৰা যাৰ নাই তাক নিদিলে খোদা নাবাজ হ'ব।

জীৱনত প্ৰথম বাৰৰ কাৰণে নিজৰকৈ এবিঘা মাটি পোৱাটো বাবৰৰ কাৰণে কম আনন্দৰ কথা নাছিল। ছবিফ গাঁওবুড়া কাড়া হোৱাৰ কাৰণে মাজে মাজে তাক আৰু অ্যান্ত কামলাক ডাবিহুকি দিয়াৰ কাৰণে, আৰু বিশেষকৈ দ্বিতীয়জনী ঘৈণীয়েক মৰাৰ পাছত ষাঠি বছৰ বয়সত আকৌ বিয়া কৰাব খোজাৰ কাৰণে বাবৰৰ ছবিফ গাঁওবুঢ়াৰ বিকন্ধে অভিযোগ বা অসন্তুষ্টি আছিল, তাক কোনো দাম নোলারাকৈ এবিঘাকৈ মাটি দিয়াৰ কাৰণে, সেইবোৰ সি পাহৰি গ'ল। সদায় দেখি থকা ছবিফ গাঁওবুঢ়া মানুহটোতকৈ, গাঁওবুঢ়াৰ অন্তৰখন বহুত ডাঙৰ যেন লাগিল।

নিজৰ মাটিবিঘাৰ ধান চপাই বাবৰে গাঁওবুঢ়াৰ ভড়ালতে জোখ কৰি থলে। তাক যিটো ঘৰৰ যিটো কোঠালি থাকিবলৈ দিয়া হৈছিল, তাত ধান থবলৈ ঠাই নাছিল। বেলেগে খেতি কৰিলে বুলি বেলেগে নিজৰ ধান থোৱাটো ভাল কথা নহ'ব।

মোবাৰক আলি মাষ্টৰক সি বৰ শ্রদ্ধা কৰে, ভয়ে। কৰে। ডেকা মানুহ যদিও, মোবাৰক গহীন মানুহ। এহাতে ছবিফ গাঁওবুঢ়াৰ ল'ৰা, আনহাতে হাইস্কুলৰ হেডমাষ্টৰ। গহীন নহৈ উপায় নাই। কিন্তু গহীন যদিও, মোবাৰকে স্কুলৰ ল'ৰাৰ ফুটবল খেলা চাবলৈ যায়। কেতিয়াবা বাবৰে গৈ টাউনত ছিনেমাও চায়গৈ। কেতিয়াবা চিকাৰ কৰিবলৈ গ'লে বাবৰকো লগত লৈ যায়। যাওঁতে বাববে বন্দুক কান্ধত লৈ মোবাৰকৰ পিছে পিছে যায়, ঘুৰি আহোঁতে হাঁহ পঘু মা বনকুকুৰা তাৰ বান্ধি আনে।

মোবাৰকে ৬৫ টকা দি এখন নতুন বেলি ছাইকেল কিনিছিল। মাজে মাজে ছাইকেলখন বাবৰক চাফা কৰিবলৈ দিয়ে। চাকা কৰি থাকোঁতে বাবৰৰ কেতিয়াবা মনত লাগে: সিও কেতিয়াবা এখন ছাইকেল কিনিব। নতুন হয়তো কিনিব নোৱাৰিব, পুৰাণকে কিনিব। টকা ২০/২৫টা মান গোটাব পাৰিলেই হয়। ইতিমধ্যে সি মতিৰ ককায়েকৰ পুৰণি হাকু লেছ ছাইকেলখনত কেইবাদিনো মাজেদি সোমাই উঠিছে আৰু কেইদিনমান শিকিব পাৰিলে ওপৰত উঠিও চলাব পাৰিব। শিকিব পাৰিলে কিন্তু সি হেকেৰ পেকেৰকৈ নচলায়, পোনকৈ খুব জোৰেৰে চলাব।

হাটলৈ গাড়ী নিলেও তাৰ খৰকৈ ম'হহাল বা গৰুহাল খেদাবৰ বৰ মন যায়। কিন্তু ম'হ, গকরে দুখ পাব বুলি বৰকৈ নেখেদায়। আৰু গাঁওবুঢ়াৰ গৰুম'হবোৰ এনেয়ো বৰ চোকা, গাত হাত দিবই নোৱাৰি। সদায় অম্ল গাড়ীতকৈ আগ বাড়ে। তথাপি কেতিয়াবা দেৰী নহ'লেও দেৰী হৈছে বুলি সি গাড়ী বেগাই খেদায়। অন্ত্য গাড়ীয়ে বাট এবি দিয়ে।

বাবৰে ভাবে: তাৰ নিজৰ যেতিয়া গাড়ী গৰু হ'ব তেতিয়া সি যেনেকৈ মন যায় খেদাব। লোকৰ গাড়ী খৰকৈ চলাই ক'ৰবাত ভাঙিব চিঙিব লাগিলে ভাল কথা নহ'ব।

এদিন গাঁওবুঢ়াৰ ঘৰৰ পৰা প্ৰায় ছমাইল দূৰত নৈৰ পাৰৰ পথাৰত মানুহ লগাই ধান দোরাইছিল। গাঁওবুঢ়াৰ দুয়োখন গাড়ীৰে ডাঙৰী কঢ়িয়াইছিল। পিছবেলা বেলি লহিউৱাৰপৰা ডাঙৰী কড়িউৱা হৈছিল। কিন্তু ডাঙৰী বহুত, ভূখন গাড়ীৰে কঢ়িয়ায়ো শেষ কৰিব পৰা নাছিল। একে দিনাই ত্রিছটা দারনিয়ে ধান দাইছিল।

পুহ মাহ শেষ হৈছিল। জাব বেছিকৈ পৰিছিল। বেলি পৰি অহাৰ লগে লগে চাৰিওফালৰপৰা ডাঠ কুঁৱলী আৰু হাড় কঁপোরা জাৰ নামি আহিছিল।

পথাৰত বাকী থকা ডাঙৰীখিনি গাড়ীত বোজাই কৰিবলৈ বাবৰে ঘৰমুৱা হৈ গাড়ী চলাইছিল। আজি একেদিনাই তিনি পুবাৰো বেছি মাটিৰ ধান দোওরা হ'ল। আৰু এদিন 'বা' ছদিনতে গাঁওবুঢ়াৰ ধান চপোৱা শেষ হ'ব। তেতিয়া কিছুদিনলৈ কামৰ বোজা কিছু পাতলিব।

বাবৰৰ ভাল লাগিছিল। ভাঙৰীৰ নবাবোৰৰ যাজত কিছু উম সোমাই আছিল। তাৰ গাত আছিল মাত্র কামিজটো আৰু লুভীখন। আগ ফালৰপৰা তাৰ জাৰ লাগিছিল।

বিড়িটো অলাই লৈ হুপি ছপি সি গাড়ী চলাইছিল। গৰুছালে আন্ধাৰতে বাট চিনি খৰ-খুজীয়াকৈয়ে আগ বাঢ়িছিল। ঘৰ পাই সি আজি ভালকৈ জুই কুরাৰ। কাৰণ আজি দোকমোকালিৰপৰা সি কাম কৰিছে। তাৰ ভাগবে। লাগিছে। অন্তান্ত্যই মবনা মাৰিছে। আজি সি মবনা মৰাত নেলাগিলেও হ'ব।

আগফালৰপৰা কোনোবা এটা আহিছিল।

"কোন অ'?"

"মই হে-জব্বাৰ। তই এতিয়াহে আহিছ নেকি আজি?"

"এৰা অ'। কোন ফালে যার?"

"তয়ো যাবি নেকি?"

"ক'লৈ ?"

"ৰাখচোন গাড়ী। কথা আছে।"

"নাই, বাতি হ'ল। এতিয়া বাটতে গাড়ী ৰাখিলে আঁক দেৰী হৈ যাব। ঘুৰি যার যদি আহ, গাড়ীতে উঠ।"

"মই এফালে যাম বুলিহে আহিছো, তোৰ লগত এটা কথা আছিল। চাওঁ বিড়ি এটা দে।"

বাববে গাড়ী ৰাখিলে, এটা বিড়ি জব্বাৰক দিলে। "ক'চোন

কি কথা।"

"তই মোক অলপ সহায় কবি দিবি?"

"কি সহায়?"

"এনেকৈ বাটেপথে ক'ব নোৱাৰি। কোনোবাই গম পালে, গণ্ডগোল হৈ যাব।"

"এতিয়া মই যাওঁ। তই অন্য সময়ত আহিবি। কথাবতৰা পাতিম।"

পলস/৭ 

"তই মোক সহায় কৰিব লাগিব।"

"কৰিম দে। কি কৰিব লাগে ক'বি।" গৰুকেটাই যাবৰ কাৰণে উচু পিচ লগাইছিল। বাবববো জাৰ লাগিছিল। কুঁৱলীবোৰো ডাঠ হৈ আহিছিল।

এবাৰ ইফালে সিফালে চাই জব্বাৰে ক'লে, "তই চিনই কিজানি-"

"কাক?"

"মনিৰ ছাছাক-"

""

"এৰা, তেওঁৰে-ঘৰতে-মানে-"

"মানে?"

"আচ্ছা, এতিয়া তেন্তে যা বাক। পাছত ক'ম। তই কিন্তু মোক সহায় কৰিব লাগিব।"

জাব্বাৰৰ কথাত বাববে বৰ গুৰুত্ব নিদিলে। কেতিয়াবা বিড়ি এটা দিয়া মানেও সহায় কৰা। জববাৰ ল'ৰাটো সিমান সুবিধাজনক বহয়। মাজে মাজে কিবাকিবি ছোৱালীৰ কথা বেছিকৈ চিন্তা কৰে। আজেবাজে কথাবোৰ কয়, বাপেক আৰু ককায়েক ছুটাই দ্বিনবাতিয়ে কাম কৰে আৰু সি পাৰিলে কাম নকৰি, অ'ত ত'ত ঘুবে।

নাকটো অলপ ডাঙৰ আৰু ভোটা যদিও, জব্বাৰ ল'ৰাটো শকত

আৱত হৃষ্টপুষ্ট। মিঠা বৰণীয়া, চুলিবোৰ ডাঠ। বাপেকহঁতে মানা

কৰা সত্ত্বেও সি চুলি দীঘলকৈয়ে ৰাখিছে। চুলিৰ সি যত্ত্বও লয়। জববাৰৰ বয়স কুৰি বছৰ। সেই হিচাপে তাৰ বিয়া কৰাবৰ বয়স চৰি গৈছে। কিন্তু বাপেক ককায়েকহঁতে বৰ মনকাণ দিয়া নাই, কাৰণ তাৰ ভনীয়েক স্থজনীৰ বিয়া এতিয়াও দিয়া হোৱা নাই।

তাৰ দুয়োট। ককায়েকে বিয়া কৰোৱাৰ পাছৰেপৰাই দাড়ি ৰাখিছে। সি কিন্তু দাড়ি খুৰায়। সি আনকি কেতিয়াবা বাবৰকো দাড়ি খুৰাবলৈ কয়। 

তোৰ যদি লাজ লাগে আহিবি, মই খুৰাই দিন- সি কয়। বাবৰৰ লাজ লাগে, কিন্তু দাড়ি খুবোৱাৰ কথা সিও ভাবে।

মনিৰ ছাছাৰ ঘৰলৈ বাবৰ মাজে মাজে নোযোৱা নহয়। মনিবন ছয়োজনী বোৱাৰীয়েক মৰমিয়াল। ডাঙৰজনীৰ ল'ৰা-ছোৱালী নাই, সৰুজনীৰ দুজনী ছোৱালী, পাঁচ বছৰীয়া আৰু তিনি বছবীয়া। মনিৰৰ দিবলগা ছোৱালীও দুজনী আছে। পাঁচজনীৰ বিয়া হৈ গৈছে। থকা দুজনীৰ ডাঙৰজনী দেখিবলৈ ভাল নহয়। ক'লী, চাপৰ, নাকটোও ভোটা, বাও চকুটো কেঁৰা। কিন্তু তাইৰ গাৰ গঠন বৰ ধুনীয়া। তাই আছিল আৰু সুঠাম, স্বাস্থ্যও ভাল, ভিতৰে বাহিৰে সমানে কাম কৰে।

সৰুজনীৰ বাৰ বছৰ হৈ গৈছেহে। আছ-পাহ মুকলি হৈছে, লাহী, অলপ মিঠা বৰণীয়া। তাইৰ দাঁত ছপাৰী বৰ ধুনীয়া, সেইবাবে মুখখনো শুরনী দেখি। সৰু ছোৱালী কাৰণেই তাই সকলোৰেবষ মৰমৰ। তাই কৰো বুলিলেও বেছি কাম তাইক কোনেও কৰিবলৈ নিদিয়ে।

তাই হাইস্কুলত পঢ়ি আছে।

কথাটো বহুতেই পচন্দ কৰা নাই। গাভৰু ছোৱালীয়ে ল'বাবে একেলগে স্কুলত পড়াটো ভাল কথা নহয়। কিন্তু মোবাৰক হেডমাষ্টৰলৈ সকলোৱে ভয় কৰে। গতিকে কোনো দুষ্ট ল'ৰায়েই দুষ্টামী কৰিবলৈ সাহ নকৰে। সি কাকো ক্ষমা নকৰে। আৰু চৰিফ গাঁওবুঢ়া বা মৌলবী চাহেবেও মোবাৰক হেড মাষ্টৰৰ কাম কাজত হেতাওপৰা নকৰে। মনে মনে অৱশ্যে 'ডাঙৰ' ছোৱালী স্কুললৈ যোৱাটো ভাল নেপায়। ন দহ বছৰ হ'লে ছোৱালী পর্দা হ'ব লাগে। কিন্তু মোবাৰকৰ স্কুলত গাঁৱৰ ডাঙৰ ডাঙৰ ছোৱালীয়েও পড়িছে।

মৌলবীয়ে প্রায়ে রাজ-মহফিলত শিক্ষাৰ বিষয়ে বক্তৃতা দিয়ে। কোৰাণ হদীচৰ উদ্ধৃতি দি শিক্ষা লাভ কৰাটো যে পুৰুষ-নাৰী উভয়বে ওপৰত কৰজ (অপৰিহাৰ্য্য কর্তব্য) নাইবা শিক্ষা আহবণৰ কাৰণে দৰকাৰ হ'লে সুদূৰ চীন দেশলৈকো যাবা আদি বহুলৰ উপদেশৰ কথা কয়। কিন্তু ঘকরা আলোচনাত শিক্ষাই যে সমাজখনক দোজখব বাটত আগুৱাই নিছে সেই কথা কৈ আক্ষেপ কৰে, আল্লাই যাতে সকলোকে হেদায়ত কৰে, আৰু সকলোৰে গুণাহ মাফ কৰে, তাৰ কাৰণে আল্লাৰ ওচৰত হাত তুলি মুনাজাত কৰে।

মৌলবী চাহেবে তিনি গৰাকী বিয়া কৰাইছে। ল'ৰাছোৱালী এঘাৰটা। তেওঁ ছবছৰীয়া মুমলীয়া ছোৱালীজনীৰ বাহিৰে অঞ্চ এজনী ছোৱালীকো স্কুলত পড়োরা নাই।

ঘৰতে আৰু মক্তবত অৱশ্যে কায়দা আমপাৰা আৰু নামাজ শিক্ষা আদি পঢ়াইছে।

মৌলবী চাহেবৰ এটা ল'ৰাই মেট্রিক পাছ কৰি কলেজতো নাম লগাইছে।

মৌলবী চাহেব বয়সত গাঁওবুঢ়াতকৈ তুই এবছৰৰহে সক।

দুয়োৰো মাজত মিল আৰু বন্ধুত্ব যথেষ্ট।

মৌলবী মৌলবীয়েই।

মাটি কিছু আছে, নিজে পথাৰত নামি খেতি নকৰে, মানুহ ধৰি আনৰ হতুৱা খেতি কৰায়।

গাঁৱৰ ৰাইজেও ৰোৱা তোলাত সহায় কৰি দিয়ে। তাৰ বাৰে প্রায়ে একো দিবলগীয়া নহয়, যিকোনো মৌলবী চাহেবে সকলোৰে কাৰণে নামাজ কোৰাণ পড়ি দোৱা (আশীর্বাদ) কৰি দিয়ে, তেখেতৰ বদদোৱালৈ (অভিশাপলৈ) সকলোরে ভয় কৰে।

গাঁওবুঢ়াৰ ধনসম্পত্তি মাটি ভেটিত এনেকুৱা কোনোবা বুজুর্গৰ, কোনেবা পীৰ বলীৰ দোৱাতে হৈছে বুলি গাঁওবুঢ়াই বিশ্বাস কৰে।

তোমাৰ কপালখনেই সকলো নহয়।

খোদাৰ হুকুম লাগে, ফকীৰ মিচ, কিনৰ দোৱা লাগে, নিজৰ দেহাব খাটনি লাগে।

-গাঁওবুঢ়াৰ জীৱনৰ দৰ্শন। 

দিনত গাঁওবুঢ়াই অতি কম সময়হে এনেই বহি থাকিবলৈ পায়। বাহিৰত খেতি পথাৰত নাইবা গাঁৱৰ মেল গোচৰ ভোজসভা আদিতে যায়। গধূলি মগৰিবৰ নামাজৰ পাছতহে গাঁওবুঢ়া বাটচ'ৰাত বহে। হুকা টানি টানি ধপাত খায়। কেতিয়াবা চাহপানীও খায়, আক মৌলবী আৰু অন্ত্যান্তৰ লগত বহি আল্লা-বহুলৰ কথা, কোৰাণ হদীচৰ কথা দেশ বিদেশৰ কথা পাতি বহি থাকে। তাৰ লগে লগে খেতিবাতি বিয়া বাৰুৰ কথাও আলোচনা কৰে।

গধূলিব ভাতসাজ নেখাওঁ নেখাওঁ কৰিও, মৌলবীয়ে গাঁওবুঢ়াৰ ঘৰতে খাই যায়। সমনীয়া অম্লান্ত্যও আছে কিন্তু গাঁওবুঢ়াৰ বাহি আহে মৌলবীৰ লগতহে।

এইবাবে গাঁৱত কোনো কোনোৱে কোৱাকুই কৰে যে ছয়ে। বিয়ে হ'ব। হয় গাঁওবুঢ়াৰ পুতেকলৈ মৌলবীৰ জীয়েকক বিয়া কৰাই আনিব, নহয় গাঁওবুঢ়াৰ জীয়েকক দিব। গঞাৰ মাজত এইবোৰ কথাৰ ফুচফুচীয়া আলচহে হয়, মুকলিকৈ, খাটাংকৈ কোনোরে একো ক'ব নোৱাৰে। হাতে কামে লাগি নথকা মানুহক গাঁওবুঢ়াই চকু পাৰি দেখিব নোৱাৰে।

গতিকে মৌলবীৰ কোনোবা জীয়েক এজনীক বোৱাৰী কৰি আনিলেও গাঁওবুঢ়াৰ জীয়েকক মৌলবীৰ কোনোবা এটা পুতেকলৈ বিয়া দি উলিয়াই দিয়াৰ আশা নাই।

তথাপি হুয়োৰে মিল আৰু বন্ধুৰ সকলোৱে চকুত নপৰি

থকা নাই।

গৰম পৰি আহিছিল। চ'তৰ আকাশ সকলো মুকলি হাকলি। মগৰিবৰ নামাজ পঢ়ি উঠি মানুহবোৰ এজন এজনকৈ চ'ৰা মছজিদ ঘৰলৈ ওলাই আহিল, আৰু পাৰি খোৱা কঠ আৰু পাটিতে বহিল।

প্রায়ে মগৰিবৰ নামাজৰ পাছত বয়সস্থ কেজনে এনেকৈয়ে বহি কিবাকিবি কথা আলচ কবে।

নামাজ পঢ়িবলৈ মছজিদলৈ মোবাৰকো আহে আৰু দুই এজন

অন্য ডেকাও আছে। নামাজ পঢ়ি উঠি দুজনমান গ'লগৈ।

আঠজনমান থাকিল।

গাঁওবুঢ়া, মৌলবী ফৰমান আলি, দিয়ানতদিন আদিও থাকিল। কথাটো মৌলবীয়েই উলিয়ালে, "মোবাৰক কথাটো, আমাক ভালকৈ বজাই কচোন, লাড়াই লগাটো সঁচানেকি?"

“ক'ত লাগিছে? মক্কা মদিনাত ক'ৰবাত লগা নাইতো? আল্লাই ৰক্ষা কৰিলেই হয়।"

"আমাৰ ইয়াততো নেলাগে, কি কর? নে লাগিবনেকি? তেতিয়া হ'লেতো চব গৰবৰ হৈ যাব।"

গাঁওবুঢ়াই হোকা টানি আছিল। মছজিদত কথা আলচ কৰিবলৈ বহা দেখিলে ঘৰৰ পৰা হোকা পঠিয়াই দিয়ে। গাঁওবুঢ়াৰ ঘৰৰ ওচৰতে মছজিদ।

গাঁওবুঢ়াই পুতেকক নিজে একো সোধা নাছিল।

মোবাৰকে ক'লে, "যুদ্ধতো আগে দূবে দূবে লাগিছিল। জার্মানি, ইটালী, জাপান এফালে, কচ, আমেৰিকা, বৃটিছ এফালে। এতিয়া জাপান পূব ফালৰপৰা আগ বাঢ়ি আহি আছে, কিছুমান দেশ ল'লেই। এতিয়া আমাৰ ইয়াতো যুদ্ধ নেলাগি নেথাকে। মিলিটাৰি আহিছেই।"

"তেতিয়াহ'লেতো খেতিবাতি সকলো যব। আমাৰ ইয়াতো লাগিবনে কি?"

"আমাৰ গাঁওখনত নেলাগিলে কি হ'ল, আমাৰ দেশখনত

লগা মানেই গাঁওখনত লগা-"

মোবাৰকে ক'লে।

"আমি পিছে কাৰ ফালে থাকিম?" দিয়ানতে সুধিলে।

"কাৰ ফালে থাকিম আক? আমাৰ চৰকাৰৰ ফালে খাকিম। বাৰ নিমখ খাইছো তাৰ নিমখ হাবাসী কবিমনেকি?" ফৰমানে ক'লে।

"কি ইফাল সিফাল গাইছা? আমি হালকোৰ বাই খেতি কৰা মানুহ, খেতিবাতি কৰি থাকিম। আমি কি যুদ্ধ কৰিম?" গাঁওবুঢ়াই ক'লে।

মৌলবীয়ে গহীনাই মন্তব্য দিলে, "হুনীয়াৰ সকলো মানুহ গুণাহগাৰ হ'ল। যুদ্ধ মানে খোদাৰ গজব। জুই লাগিলে যেনেকৈ ভাল মানুহ বেয়া মানুহ সকলোৰে ঘৰ পোবে, যুদ্ধ লাগিলেও ভাল মাল্লহ, বেয়া মানুহ সকলোৱে ছখ কষ্ট ভুগিব লাগে, আল্লাই সকলোকে চাই ছালামতে ৰাখোঁতা।"

গাঁওবুঢাই ক'লে, "আল্লাৰ মছজিদত এইবোৰ দুনিয়াদাৰী কথা বতৰা আলচ কৰা বেয়া। আজান দেহঁক, ঈছাৰ নামাজ সোনকালে পঢ়ি ঘৰাঘৰি যাব লাগে। দুনীয়ালৈ গজব আহিছেই, আচমানী গঞ্জবৰ পৰা আল্লাই সকলোকে ৰক্ষা কৰিলেই হয়। মৌলবী চাহেব, ঈছাৰ নামাজৰ বাদে অলপ দোরা কৰিবা। আল্লাই যেন সকলোকে হেফাজতে বাখে।

দিয়ানতে মোৰাৰকক ক'লে, "তহঁতে খবৰকাগজ চাগজ পড়, ক'ত কি হৈছে খবৰবোৰ পাই থাক, আমাক কৈ মেলি থাকিবি, কেতিয়া ক'ত কি কৰিব লাগে।"

মোবাৰকে সকলোকে কিছু ভয় খাবলগীয়া একো হোৱা নাই। নির্ভয় দি ক'লে, "এতিয়াই সিমান আৰু যুদ্ধ লাগিলে যু'জ কৰিবলৈ চৰকাৰ আছে নহয়। চৰকাৰী চিপাহী আছে, যুদ্ধ কৰিব। আমি সাবধানে থাকিলেই হ'ল। পিছে এইবোৰ কথা বৰ বেছিকৈ আলচ বিলচ নকৰাই ভাল।"

"এবা, আমাৰ এইবোৰ কথাৰ দৰকাৰ নাই। আল্লাব যি মর্জি আছে হ'ব।"

আজান দিয়া শুনি সকলো চুপ হ'ল। 


34
প্ৰবন্ধ
এচিয়াৰ জ্যোতি।
0.0
১৮৭৯ চনত প্ৰথম প্ৰকাশিত ছাৰ এডউইন আৰ্নল্ডৰ মহাকাব্যিক কবিতা 'দ্য লাইট অৱ এছিয়া' হৈছে বুদ্ধৰ জীৱন আৰু বাৰ্তাৰ আখ্যান। ই দ্ৰুতগতিত এক বিশাল অনুভূতিলৈ পৰিণত হৈছিল আৰু যোৱা ডেৰ শতিকা ধৰি সমগ্ৰ বিশ্বতে ই শক্তিশালীভাৱে অনুৰণন কৰি আহিছে।
1

এচিয়াৰ জ্যোতি (তথাগত বুদ্ধৰ মহান ত্যাগৰ অমৰ কাহিনী) প্রথম অধ্যায়।

6 January 2024
0
0
0

যি জন বুরবাজ সিদ্ধার্থ, গৌতম, শাক্যসিংহ আদি নামেৰে পৰিচিত হৈছিল-বিজন পৃথিবী আৰু স্বৰ্গ আৰু নৰকত অঙ্কুপম, যি জন সর্বব-সন্মানিত আটাইতকৈ জ্ঞানী। অতি ভুলব, অতি দয়ালু, নির্ব্বাণ আৰু নীতিধৰ্ম্মৰ শিক্ষাদাতা-

2

এচিয়াৰ জ্যোতি।

8 January 2024
1
0
0

তেতিয়া এগৰাকী সখীয়ে উত্তৰ দিলে- "ধুনীয়া কোঁৱৰ! প্রথমে আমাৰ ৰাজধানী আছে, মন্দিৰ, ৰাজ-উদ্যান, কুঞ্জবন, তাৰ পাছত শস্যৰ পথাৰ। তাৰ পাছত খাল-ডোং, স্কোপা, জুপুৰী ভৰা বহুল মুকলি পথাৰ। তাৰ পৰা গৈ পাব গৈ ৰজা বি

3

চতুর্থ অধ্যায়

8 January 2024
1
0
0

যিটো হ'ব লগীয়া আছিল সেইটোরেই হ'বৰ সময় ওচৰ চাপি আছিল। প্রভু বুদ্ধৰ সংসাৰ ত্যাগৰ দিন পালেহি। সেই সোণালী ঘৰখনত বিষাদৰ বিননি উঠিল। বজা শোকত মৰহি গ'ল আৰু কপিলাবাস্তু সকলো প্রজ্ঞাই হাঁয়! হায়! কৰিলে। চ'ত মা

4

পঞ্চম অধ্যায়।

9 January 2024
0
0
0

ৰজা বিম্বিসাৰৰ বাজধানী ৰাজগৃহৰ চাৰিউপিনে বেৰি থকা পার্চোটা পর্ব্বত আছিল। বৈভাৰ, বিপুল্ল, তপোবন, শৈল-গিৰি আৰু ৰত্ন-গিৰি। বৈভাৰ সেউজীয়া ঘাঁহ আৰু খাজুর গছেৰে ভবা। বিপুল্লৰ নামনিয়েদি ক্ষীণ সৰস্বতী নৈ বৈ গ

5

৬৪ অধ্যায়

9 January 2024
0
0
0

অৱশেষত যি ঠাইত বিজুলী চমকৰ দৰে অমৰ জ্যোতি আহি সিদ্ধার্থৰ হিয়াত দেখা দিলে, এতিয়া সেই ঠাইৰ কথা কোরা হওক। গঙ্গাৰ পাৰে পাৰে গৈ সেউজীয়া পৰ্ব্বত মালাৰ মাজেদি ওলাই অহা দুখন সৰু নৈ-এখনৰ নাম নৈষজনা আক আনখনৰ ন

6

সপ্তম অধ্যায়

10 January 2024
0
0
0

পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চৰাই ঘুৰি ফুৰা উট

7

অষ্টম অধ্যায়।

10 January 2024
0
0
0

কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিংযোৰ চকুত পৰে। গোট

8

পুত্ৰৰ শোকত

11 January 2024
0
0
0

সপ্তম অধ্যায়   পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চ

9

কালীৰ পৰা গৰুগাড়ীৰে

11 January 2024
0
0
0

অষ্টম অধ্যায়।   কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিং

10

চাৰি

15 January 2024
0
0
0

আয়োজন দেখিয়ে সকলোৱে বুজিব পাৰিলে যে এইবাৰৰ জমিদাৰবাৰীৰ গানৰ আসন আগে হোৱাতকৈ বহুত ডাঙৰ আৰু বেলেগ হ'ব। বিৰাট ৰভা দিয়া হৈছে, বহুত মানুহ বহিব পৰাকৈ ঠাই উলিউল্লা হৈছে, গায়ক গায়িকা বহিবৰ কাৰণে ওখ মঞ্চ সজা হ

11

পাঁচ

15 January 2024
0
0
0

ভাৰতত বৃটিছ সম্রাটৰ ৰাজত্ব। বংগদেশ, অসমত বৃটিছৰ হৈ শাসন কৰিছে ভাবতীয় শাসকে। বংগত ফজলুল হকে, অসমত চাৰ চাহুল্লাই। বংগদেশত প্রাদেশিক চৰকাৰৰ তলত একাধিপত্য চৰকাৰ চলিছে নাৱাব আৰু জমীদাবব। বৃটিছৰ শাসন কটকট

12

সাত

15 January 2024
0
0
0

বাবৰ আৰু জাফৰে মৰীয়ম আৰু চফিকাক জেঠাইৰ ঘৰত চমজাই এক অনির্দিষ্ট পথত খোজ আগবঢ়ালে। আজিলৈকে জমীদাবন ঘৰৰ চাকৰ চাকৰৰ এটিলৈও কোনোরে আঙুলি এটা টোওরা নাই, তেনেস্থলত জমীদাৰৰ মূৰত টোকোনৰ দাষ পোষাই কোন সাৰি যায়?

13

আই

16 January 2024
0
0
0

মাল্লহ সৰহ নহয়, দুখন গাঁৱৰ ১টা মানুহ। এটা পৰিয়ালৰ তিনিটা-মাক বাপেক আৰু এজনী ছোৱালী, সিহঁতৰ সক ডাঙৰ তিনিখন ভাৰত ঘৰৰ বয়বস্তু লামলাকটু সকলো বান্ধি কান্ধত লৈছে। মাক আৰু ছোৱালীজনীৰ গাইপতি একোটাকৈ কাপোৰকানি

14

দ্বিতীয় ভাগ ন

16 January 2024
0
0
0

দক্ষিণৰ আকাশৰ বুকত ক'ৰবাৰপৰা আহি মেঘবোৰ ৰূপ খাইছেহি। আকাণৰ নীলাই দূৰণিত-হাবিয়নিজৰাৰ সিপাৰে- মাটি ছুইছেহি। গঙাচিলনি, শৰালি আৰু বনৰীয়া ৰাজহাহবোৰ অলসভাৱে শূণ্যত উৰি ফুৰিছে। সিহঁতৰ পাখিৰ কঁপনিয়ে কোনো ৰাইক

15

17 January 2024
0
0
0

খৰালিৰ দিনবোৰ লাহে লাহে শেষ হৈ আহিল। আকাশৰ বুকত উৰি ফুৰা মেঘবোৰ ডাঠ আৰু ক'লা হৈ আহিল। গছব কুঁহিপাতবোৰ ঘন সেউজীয়া হৈ আহিল। প্রথমে দিনবোৰ আৰু ক্রমে ৰাতিবোৰ গৰম হৈ আহিল। শালি আৰু মৰাপাটৰ খেতিৰ কাৰণে যোজ

16

দহ

17 January 2024
0
0
0

চাৰিটা বছৰ পাৰ হৈ গ'ল। খবালি গ'ল, বাৰিষা গ'ল। বাৰিষা গ'ল, খৰালি গ'ল। ইয়াৰ মাজতে এবছৰ ডাঙৰ বান নাহিল। সেইবাৰ খেতিও ভাল হ'ল। বাকীকেবছৰ বববান আহিল, খেতি বাতি নষ্ট কৰিলে, ঘৰ দুৱাৰ ভাঙিলে, গৰু ম'হ উটাই ন

17

এঘাৰ

17 January 2024
0
0
0

দৰকাৰী কথাটো এদিন জব্বাৰে বাবৰক ক'লে। কেইবা দিনো চেষ্টা কৰিও বাবৰক অকলে লগ ধৰাৰ সুবিধা কৰিব নোৱৰাৰ কাৰণে মাঘ ফাল্গুন দুমাহত কথাটো কোরা নহ'ল। ইতিমধ্যে গাঁও জুৰি চাৰিওফালে যুদ্ধৰ বাতৰি বিয়পি পৰিব ধৰিলে

18

বাৰ

19 January 2024
0
0
0

ৰূপহী গাঁৱত এখন ডাঙৰ ৰাজহুৱা সভা হৈছিল। চৰকাৰৰ ফালৰপৰা জাননী দি কেইবাখনো গাঁৱৰ মানুহ গোটাইছিল। মন্ত্রী আহিছিল, আৰু বহুত ডাঙৰ মানুহ আহিছিল। নেচনেল ৱাৰ ফ্রন্টৰ অফিছাৰ আহিছিল। কেইবাজনো নেতাই ৰাইজক বুজাই

19

তেৰ

19 January 2024
0
0
0

হাটত বাববে ভালেমান চিনাকি মানুহক লগ পালে। প্রায় সকলোৰে মুখত একেটা কথাৰে আলোচনা-যুদ্ধ লাগিছে, জাপানৰ লগত আমাৰ দেশৰ যুদ্ধ লাগিছে। চৰকাৰে কৈছে যুদ্ধত সকলোৱে সহায় কৰা, কংগ্ৰেছে কৈছে সহায় নকৰিবা। বাবৰে আৰ

20

তেৰ

19 January 2024
0
0
0

জববাৰে খেতিবাতিও কৰা নাই, মিলিটাৰীৰ চাকৰি বা ঠিকাদাৰীও কৰা নাই। সি কিন্তু কিছু টকা কৰিছে। একো নকৰাকৈ সি কেনেকৈ টকা কৰিছে সেইটো বহুতৰে গুণাগথাৰ বিষয় হৈছে। মানুহে কোরাকুই কৰিছে যে বাতি বিয়লি তাক মিলিটা

21

চৈধ্য

22 January 2024
0
0
0

ভালেমানে কথাটো কৈছে। আনকি এদিন নে দুদিন মোবাৰক মাষ্টৰেও কৈছে। বাবৰে কথাটোত সিমান গুৰুত্ব দিয়া নাছিল। গুরুত্ব দিবলগীয়া কথাও নহয়। কিন্তু সেইদিনা ঈদৰ নামাজ পঢ়ি আহি বাবৰ যেতিয়া কাপোৰ কানি পিন্ধি গাঁৱব অন

22

পোন্ধৰ

22 January 2024
0
0
0

যুদ্ধখনে বহুতৰে বহুত দুর্গতি আনিলে। বহুত শাস্তিবে থকা মানুহৰ লটিঘটি হ'ল। বহুত ভৰগাঁও এৰি মানুহ উঠি যাবলগীয়া হ'ল-গাঁৱত যুদ্ধৰ বিমানঘাটী হ'ল, মিলিটাৰী কেম্প হ'ল, স্কুল কলেজৰ ঘৰবোৰ মিলিটাৰী হস্পিতাল হ'ল।

23

বোল

22 January 2024
0
0
0

ছবিফ গাঁওবুঢ়া হঠাৎ অসুস্থ হৈ পৰিল অব, কাহ, গাৰ বিষ। গাঁওবুঢ়াৰ টান বেমাৰ হোৱাৰ কথা কোনোষে ক'ব নোৱাৰে। বব বেছি কেতিয়াবা পানীলগা অৰ হোৱাৰ বাহিৰে অল্প কোনো টান বেমাৰ গাঁওবুঢ়াৰ হোৱা নাই। কিন্তু এইবাৰ গ

24

সোতৰ

22 January 2024
0
0
0

নারেবে নৈ পাৰ তৈ, মাজে মাজে খোজ কাঢ়ি, আফ এডোখষ কোনোবা মিলিটাৰী ঠিকাদাৰ এটাৰ ট্রাকেবে আহি ছদিনৰ মূর্বত বাববহঁত ঘৰ পালেহি। গোটেই বাটছোৱা যাবৰৰ মনটো আনন্দ কৃর্তিত আছিল। বাটৰ কষ্টবোৰ তাব কষ্ট কেন নেলাগিল।

25

উদ্দেশ

23 January 2024
0
0
0

ট্রাক এখনত বেত আৰু বাঁহ ভৰাই লৈ এদিন বাবৰ জাগীৰোডৰ ফালৰপৰা আহিছিল। গিবীণ মাষ্টৰৰ ঘৰৰ আগত গাড়ীখন ৰাখি সি সোমাই গ'ল, আজি কিছুদিন সি এইকালে আহিলেও, মাষ্টৰণী বাইদেউৰ খবৰ কৰিব পৰা নাই। মাষ্টৰণী ঘৰতে আছিল।

26

বিশ

23 January 2024
0
0
0

কলিকতা মহানগৰীৰ অলিয়ে-গলিয়ে পূব বংগৰ ভোকাতুৰ মানুহৰ অভূতপূর্ব ভিষ। য'তে ত'তে খাবলৈ নেপাই মৰা মানুহৰ মৰা শ। এই মানুহবোৰক কিবা খাবলৈ দি জীয়াই ৰখাৰ সমস্থাটোতকৈ চৰকাৰৰ ডাঙৰ সমস্যা হৈছে য'ত ত'ত মৰি পৰি থকা

27

একৈশ

23 January 2024
0
0
0

আকাশখন নতুন। একৈশ ডাৱৰৰ চপৰাবোৰত কৰোবাৰ ঘন ক'লা চুলিৰ আউলি বাউলিব কোমল ছাপ। বহুত ডাৱৰ, সিহঁত ক'ৰবাৰপৰা আহি আহি প খাইছেহি। মেঘৰোবৰ বুকত যেন বুজিব নোৱৰা কিছুমান কথাই গান হ'বৰ কাৰণে উখল-মাখল লগাইছে। ব

28

বাইশ

24 January 2024
0
0
0

ট্রাকখন আকৌ পিছবেলা আহিব। মিলিটাৰী মাল বোজাই কৰি আনি বাবৰকো লৈ যাব। আগবেলাটো বাবৰৰ হাতত আছে। ৰাতিপুৱা শুই উঠি, চাহু তাহ খাই, বাবৰ গাঁওবুঢ়াৰ ঘৰলৈ, অর্থাৎ বাবৰৰ নিজৰ ঘৰলৈ গ'ল। গাঁওবুঢ়াৰ স্বাস্থ্য আ

29

তেইশ

24 January 2024
0
0
0

মৰীয়মে বিয়াৰ কথা কয়, কামৰাণে বিয়াৰ কথা কয়, গাঁওঢ়াই বিয়াৰ কথা কয়, আনকি কেম্পত ঠিকাদাৰ ভূমিধৰ শৰ্মায়ো বিয়াৰ কথা কয়। বর্তমানত বাবৰৰ কাৰণে যেন একমাত্র কৰিবলগীয়া কাম বিয়া-আৰু একো নাই। টকা পইচাও হৈছে, ঘৰবাৰ

30

চৌবিশ

24 January 2024
0
0
0

মাত্র দুদিনৰ অসুখ-গ্রহণী, তেজ গ্রহণী, তাতেই জালাল বুঢ়া ঢুকাই থাকিল। বিশেষ চিকিৎসা কৰোৱাৰ সময়েই নহ'ল। প্রথম দিনা মুছলিমাই ঠেকেৰা পানী আৰু কিবাকিবি খাবলৈ দিছিল। দ্বিতীয় দিনা ইব্রাহিমে ডাক্টৰ মতাইছিল। কি

31

পঁচিশ

24 January 2024
0
0
0

কথাটো স্পষ্ট হৈ পৰিল, আৰু এই বিষয়ে কাৰো সন্দেহ নেথাকিল যে ছবিফ গাঁওবুঢ়া আৰু সৰহ দিন নিজীয়ে। বাবকেও এই কথা বুজিব পাৰিলে। প্রায় সকলোৱে বাবৰক পৰামর্শ দিলে. যে গাঁওবুঢ়াৰ জীৱনৰ শেষ ইচ্ছাটে। পূৰণ কৰাটো তা

32

ছাব্বিশ

24 January 2024
0
0
0

বহুতে ভাবিছিল-নহ'ব, বহুতে আশা কৰিছিল নহওক, আৰু সর্বসাধাৰণে কামনা কৰিছিল-যিমান সোনকালে হয়-হওক।। হ'ল। কিছু অপ্রত্যাশিতভাবেই যুদ্ধখন বিশ্বজোবা দ্বিতীয় মহাসমৰখন এদিন শেষ হৈ গ'ল। কিয়, কেনেকৈ, ক'ত যুদ্ধখন

33

সাতাইশ

24 January 2024
0
0
0

বিধানসভাৰ সাধাৰণ নির্বাচনৰ দিন ওচৰ চাপি আহিল। দেশ জুৰি উখল মাখল হুলস্থুল বাড়ি আহিল। কলেজ স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৰে মুখত কেৱল নির্বাচনৰ কথা, ভোটৰ কথা, কংগ্ৰেছৰ কথা, মুছলিম লীগৰ কথা। নিতৌ

34

আটাইশ

24 January 2024
0
0
0

বতৰ বৰ ভাল আছিল। খেতি বৰ ভাল হৈছিল। বাববে নতুনকৈ সজোৱা উড়ালটো গুটি আৰু গছি ধানেৰে উপচি পৰিছিল। অতদিনে তাৰ ধান গাঁওবুঢ়াৰ উড়ালতে থৈছিল। ঠিকাদাৰীত লাগি থকাৰ কাৰণে সি খেতিত বৰকৈ লাগিবও নোৱাৰিছিল। এই এই ব

---

এখন কিতাপ পড়ক