মাল্লহ সৰহ নহয়, দুখন গাঁৱৰ ১টা মানুহ। এটা পৰিয়ালৰ তিনিটা-মাক বাপেক আৰু এজনী ছোৱালী, সিহঁতৰ সক ডাঙৰ তিনিখন ভাৰত ঘৰৰ বয়বস্তু লামলাকটু সকলো বান্ধি কান্ধত লৈছে। মাক আৰু ছোৱালীজনীৰ গাইপতি একোটাকৈ কাপোৰকানিৰ টোপোলা, সেইটো পৰিয়াল গোটেই উঠি আহিছে-দা কটাৰী কোৰ আনকি কাচি পর্য্যন্ত লৈ।
বাকী ছটা একেখন গাঁৱৰে বেলেগ বেলেগ মানুহ। তিনিটা আদহীয়া, হুটা ডেকা আৰু এটা আঠ ন বছৰীয়া ল'ৰা। ইটো সিটোৰ আৰু সিটে। ইটোৰ আশ্রয়।
বাতিপুরা জা-জলপান খাই সিহঁত আহি ওচমান দেৱানীৰ চোতালত জমা হ'লহি। লগত বিদায় দিবলৈ অহা দুটামান।
"বাটত খাবলৈ চিৰা মুড়ি কিবা লগত লৈছনে নাই?" দেরানীয়ে সুধিলে। "চাউল ডাইল আলু পিয়াজো লৈছো। ক'ৰবাত ভাত ৰান্ধি
খাব লাগিবতো।"
"ওঁ, ভাল কবিছ, মুঠ বান্ধি যাবি, মুঠ বান্ধি থাকিবি। আচামত আমাৰ 'দেশৰ মানুহ ঢৌৰ লগ পাবি। তাৰ অন্ত্য মামুহবিলাকো বৰ ভাল বুলি শুনিছো। মিলিফুলি থাকিবি। দন কাজিয়া নকৰিবি। আল্লাক মনত বাখিবি। গোটেই হুনীয়া আল্লাৰ দুনীয়া। আল্লা লগত থাকিলে, তহঁতৰ একোলৈকে ভয় কৰিবলগীয়া নহয়"
বক্তৃতা দিয়াৰ ধৰণে ওচমান দেৱানীয়ে ক'লে।
বাবৰহঁত তেতিয়াও ভিতৰত সোমাই আছিল। সিহঁতে বুজিলে ওচমান দেৱানীয়েই এই অঞ্চলৰ মাতবব্বৰ, নেতা, চৰ্দাৰ। সিহঁতবেই কপাল ভাল যে সিহঁত ইয়ালৈ আহি তেওঁৰ ঘৰতে ওলালহি।
ওচমানে আকৌ ক'লে, "তহঁত কেইটা হ'লি? ন'টা। আৰু ছুটা তহঁতৰ লগত দিছো। তহঁতৰ ভাৰ চাৰবোৰ সলোর। সলোৱিকৈ গৈ থাকিব পাৰিরি। সিহঁতক তহঁতৰ লগতে লৈ যাবি। ভাতপানী খুরাবি। আৰু অকলে ক'ৰবাত এৰি নেধাবি। য'লৈকে যার লগত লৈ যাবি। জাফর-"
বাবৰহঁত ভিতৰৰপৰা ওলাই আহিল। আটায়ে সিহঁতৰ ফালে চালে, সিহঁত ছটাক ছুটা ডেকাল'ৰা যেনেই লাগিল, যদিও সিহঁতৰ দেখ নেদেখকৈ গোঁফ টুটিয়াইছেহে। কিন্তু দুয়োটা ল'ৰা পাহুয়াল, স্বাস্থারান।
পৰিয়ালৰ আদহীয়। মুৰব্বীজনৰ বাহিৰে বাকী সকলোরে ওচমান দেৱানীৰ ভৰি ছুই তছলিম কবিলে, দেৱানীৰ ঘৰৰ দুজনীমান মাইকী মানুহেও দুৱাৰ খিৰিকীয়েদি ভুমুকিয়াই চালে।
গফুৰে এটা মোনাত কিবাকিবি খোৱাবস্তু ভৰাই বাবৰৰ হাতত দিলে আৰু ক'লে, "বাটত খাবলৈ দিছো।" পিন্ধি থকা কাপোৰকেটাৰ বাহিৰে সিহঁতৰ হাতত একো নথকাত সিহঁতৰ নিজকে বৰ নিঃস্ব যেন লাগিছিল। টোপোলাটো পাই বাবৰে ভাল পালে।
অলপ আগবাঢ়ি গৈ জাফৰে বয়সস্থ মানুহজনৰ ভাৰখন নিজৰ কান্ধত তুলি ল'লে-“মই নিম দিয়া।"
সকলোরে ভাল পালে। লাহে লাহে আটাইকেটা মাদুহ ওচমান দেৱানীৰ চোতালৰ পৰা বাহিৰ ওলাই আহি পছলিমূৰ পালেহি। তেনেতে গফুৰ আকৌ আহিল। আৰু জাফৰক এটকা, বাবৰক এটকা ৰূপ দি ক'লে, "চাহেবে দিছে। এনেই খৰচ নকৰিবি।
বিপদে আপদে খৰচ কৰিবি।"
ছয়োটাই ঘুৰি দেৱানীৰ ঘৰৰ ফালে চালে। কিন্তু ওচমান তেতিয়া তাত নাই, ভিতৰ সোমাই গৈছে। এনেয়ে এই হঠাৎ চিনাকি হোরা মানুহজনৰ প্রতি কৃতজ্ঞতাত সিহঁতৰ মন ভবি উঠিল। কিন্তু প্রকাশ কৰাৰ সুযোগ সিহঁতে নেপালে।
মুঠতে এঘাটো মানুহ-ল'ৰাই ছোৱালীয়ে ধৰি।
ফাগুণ-শেষৰ বতাহ-মিহলি ৰ'দ।
গাঁৱলীয়া আলিবাট ধূলিৰে ভৰা। চাৰিওফালে এখন চিনাকি গাঁৱৰ আকর্ষণ-এইখন গাঁরে, এইখন 'দেশে' উদাৰ মৰম দিব পাৰে, আহাৰ দিব নোৱাৰে। আশ্রয় দিব পাৰে, জীয়াই থকাৰ নিশ্চিত সম্বল দিব নোৱাৰে।
খেতিৰ মাটি আছে, কিন্তু সেই মাটিৰ গৰাকী সিহঁত নহয়, মাটিৰ মালিক নাৱাব জমীদাৰ দেৱানী জোতদার। এই ব্যৱস্থা চলি আহিছে, চলি থাকিব। লোকৰ যি মাটিত সিহঁতে খেতি কৰে সেই মাটি কোনো দিন সিহঁতৰ নিজৰ নহয়। মাটিৰ ওপৰত কিয়, আনকি মাটিত সিহঁতেই উৎপাদন কৰা ফচলৰ ওপৰতে। সিহঁতৰ কোনো অধিকাৰ বা দাবী নেখাটে।
তজুপৰি আছে প্রতি বাৰিষাতে অহা সর্বনাশী সর্বগ্রাসী বান। এই বানে সিহঁতৰ খেতি উটাই নিয়ে, গৰু ম'হ উটাই নিয়ে, ল'বা ছোৱালী উটাই নিয়ে, ঘৰবাৰী উটাই নিয়ে। তাৰ উপৰি আহে ধুমুহা কালবৈশাখী বৰদৈচিলা। নৈৰ বানে যি এৰি থৈ যায় ধুমুহাই তাকো চাহিমুহি শেষ কৰি থৈ যায়। মানুহ মবে, গক ছাগলী মবে, ঘৰবাৰী ধূলিস্তাত হয়। সিহঁতে বাকী থকা লামলাকটু লৈ, গৰু ছাগলী ল'ৰা ছোৱালী লৈ গছৰ তলত আশ্রয় লয়।
তাৰ উপৰি আছে হাইজ। ডিছেন্টি, মেলেৰিয়া ক'লাজব যক্ষ্মা সন্নিপাত-একোটা পৰিয়াল একোখন গাঁও নিশ্চিহ্ন কৰি দিয়ে।
সিহঁত পুহ মাঘৰ জাৰত কঁপে, ফটা কেথাই উম ৰাখিব নোৱাৰে।
সিহঁত জ্বৰত কঁপে, বেজৰ বড়ি আৰু মৌলবীৰ তাবিজে অব নেকরায়। সিহঁত ভোকত কঁপে, চেঁচা পানীয়ে, ভীমকল, বনৰীয়। কচুরে সিহঁতৰ পেটৰ হুতাশনীয়া ভোক মাৰ নিনিয়ায়।
সিহঁতে অভিযোগ কৰিবও নেজানে। কাৰণে সিহঁতে কপালক জগৰীয়া কৰে। সিহঁতৰ দুর্দশা দাৰিদ্ৰ্যৰ সকলো আল্লাৰ ইচ্ছা, খোদাৰ হুকুম। ইয়াত অসন্তুষ্ট হ'লে আল্লা নাৰাজ হ'ব, গুণাহ হ'ব।
দাৰিদ্ৰাৰ বোজ। সিহঁতে পিতৃপুৰুষৰপৰা উত্তৰাধিকাৰ সূত্রে পায়। তথাপি সিহঁতে বর্ণনাতীত কায়িক কষ্ট কৰি জীয়াই থকাৰ সংগ্রাম কৰি যায়। যি কপালত সিহঁতৰ দুখ লেখা আছে সেই কপালৰ পৰাই ঘাম মাটিত পেলাই সিহঁতে মাটিৰ বুকুত জীৱনৰ গান লেখাৰ সংগ্ৰাম কৰে, হাৰে, কিন্তু পৰাজয় নেমানে।
কিছুদূৰ সিহঁত মনে মনেই একো কথাবতৰা নোকোৱাকৈ গৈ
আছিল। মাজে মাজে ইটোৱে সিটোৰ মুখলৈ চাইছিল। ইটোৰপৰা লৈ সিটোরে হোক। খাইছিল, কিন্তু খোজ কঢ়া বন্ধ কৰা নাছিল। সিহঁত গৈ আছিল।
ছোৱালীজনীৰ টোপোলাটো ডাঙৰ নহয় যদিও, বোধহয় গধুৰ
আছিল, তাত চাউল আছিল হ'ব পায়।
এবাৰ ছোৱালীজনীয়ে সমজুৱাতে ক'লে, "মোৰ টোপোলাটো কোনোবাই অলপ ধৰিবিনে, বৰ গধুৰ পাইছো।"
"পাৰিবি ব'ল-" ডেকা এটাই ক'লে।
বাবৰৰ হাতত সক টোপোলাটোহে আছিল। সি ছোৱালীজনীৰ কাষ চাপি গ'ল আৰু হাত মেলি ক'লে, "মোক দে, এইটো টোপোলা তেনেই পাতল।"
অলপ ৰৈ ছোৱালীজনীয়ে তাৰ মুখলৈ চালে। সিও ছোৱালী জনীর মুখলৈ চালে। গম্বুৰ টোপোলাটো একেথবে কঢ়িয়াই তাই ঘামি গৈছে। মিঠা বৰণীয়া ছোৱালীজনী বঙা পৰিছে।
সি নিজেই টেপোলাটো হাতলৈ ল'লে। টেপোলাটো যথেষ্ট গম্বুৰ। তাত কি আছে সি মুসুধিলে।
“তোমাৰ টেপোলাটো মোক দিয়া-" ছোৱালীজনীয়ে ক'লে।
"নেলাগে, ময়ে পাৰিম।" সি ক'লে। ছোৱালীজনীয়ে আকৌ এবাৰ তাৰ মুখলৈ চালে। তাৰ পাছত
খোজ ল'লে।
জাফৰে সুধিলে, "আমি এতিয়া ক'লৈ গৈছো?"
"বেল ষ্টেচনলৈ।"
"কিমান দূৰ?"
"আৰু সাত মাইলমান আছে।" ডেকাটোরে ক'লে। "বেল কেতিয়া যাব?" জাফৰে সুধিলে।
"গধূলি চাৰে ছয় বজাত।" বাববে ক'লে, "চাৰে ছয় বজাত বেল যদি এতিয়া বাবই বজা নাই। আক সাত বা আঠ মাইল যাবলৈ খুব বেছি তিনিঘন্টা লাগিব। আমি সোনকালে আহিলোঁ।"
বয়সস্থজনৰ নাম আছিল জালাল। সি ক'লে, "সোনকালে দিনে পোহৰে যোৱাই ভাল। ইহঁতে বেলত উঠাহে নেলাগে বেল দেখাই নাই।"
"আচামলৈ ভাড়া বা কিমান?" জাফৰে সুধিলে। তাৰ চোলাৰ জেপত টকাটো আছিল।
"আমিও নেজানো। চাৰি পাঁচ টকাৰ কম নহ'ব।" জীয়াউৰ নামৰ ডেকাটোৱে ক'লে। "আমি আটাইখিনি বাট বেলেবে নেযাওঁ। আচাম পাই ল'লে
তাৰ পাছত খোজ কাঢ়ি যাম।"
বাবৰৰ চিন্তা হ'ল। আচামলৈ যদি চাৰি পাঁচ টকা ভাড়া হয় তাৰ হাতত মাত্র টকাটো আছে। বাটতে, যদি নমাই দিয়ে?
জাফৰে কথাটো কৈয়ে দিলে "আমাৰ হাতত টকা মুঠেই এটাকৈহে আছে। তাৰেনো কিমান দূৰ যাব পাৰিম?"
গার্ড বা ড্রাইভাৰক "বাক আগে ইষ্টেচন পাই লওঁচোন ব'ল। ভাতপানী সিজাই মেলি খাই লৈ তাৰ পাছত কিটা এটা কৰিম। অলপ খাটনি ধৰিলে কম পইচাতে নিব। পইচা নাই কোনেনো নেজানে? আৰু আমাৰ যে টকা
জাফৰহঁতে মনত বল পোরা যেন পালে।
বাটৰ কাষৰ এজোপা বিয়াগোম আঁহত গছৰ তলতে সিহঁত আটাইকেটা বহিল। খোজ কাঢ়ি সিহঁতৰ ভাগৰ লাগিছিল, বেললৈও বহুত সময় আছে। অকণমান জিৰাই ল'লে ভাল লাগিব।
মাক জীয়েক অলপ আঁতৰি বহিল, বাকী কেটা ওচৰাই চৰিকৈ মুখামুখিকৈ বহিল। এতিয়াহে সিহঁতে ইটোৱে সিটোৰ, সিটোরে ইটোৰ মুখলৈ ভালকৈ চালে। ইতিমধ্যে কথা বতৰাৰপৰা বুজা গ'ল যে জালালৰ পৰিয়ালটোৰ লগত লগৰ কেটাৰ কম বেছি চিনাকি আছে, যদিও, আটাইকেটা একেখন গাঁৱৰ নহয়। আত্মীয়তা হয়তে। নাই, কিন্তু আচামলৈ একেলগে অহা সম্পর্কে আলচবিলচ কৰোঁতে চাগৈ চা-চিনাকি হৈছে!
চকু সোমোৱা গালৰ হাড় ওলোৱা, লিংলিঙীয়া দাড়ি গোঁফেৰে ডেকাটোৰ নাম বজলু। তাৰ চকু ছুটা টেলেকা, ওঁঠ কেটা সক সক, মানুহটো খীণ, বয়স ত্ৰিছৰ ওচৰা উচৰি।
দলটোৰ ভিতৰত সিয়েইহে আগতে আচামলৈ গৈছে। আৰু সিয়েই এইখিনি একেবাৰে মাটি ভেটি নোহোৱা, অতি দুখীয়। মানুহক আচামলৈ আনিছে।
দলটোৰ ভিতৰত তাৰ গুৰুত্ব নিশ্চয় আছে। আৰু আচামত মাটি লৈ খেতি কৰিছে যেতিয়া তাৰ হাতত টকাও নিশ্চয় থাকিব।
সকলোকে নির্ভয় দিয়াৰ ধৰণে সি ক'লে, "তহঁতে একো চিন্তা কৰিব নেলাগে। মই সকলো ঠিক কৰিম। প্রথমতে তহঁত চব মোৰ তালৈ ব'ল, তাৰ পাছত যি হয় দেখা যাব।"
আচামতো গৈ কোনোবা এঠাইত নিজন মানুহৰ মাজত ব'বগৈ পাৰিব বুলি জানিব পাৰি জাফৰ বাবৰহঁতৰ ভাল লাগিল। সিহঁতে মনে মনে ঠিক কৰিলে, এই মানুহটোৰ কাৰণে কিবা কৰি দিব লাগিলেও আমি কৰি দিম। সি মাথোন আমাক আচামলৈ লৈ গ'লেই হ'ল।
লগে লগে বাববৰ মনত খেলালে: ইইতেও বাক কোনেবা জমীদাৰৰ ল'বাক মাৰপিট কৰি আহিছে নেকি? ইহঁতৰ বা জমীদাৰ কোন?
কিন্তু কথাটো সি মুসুধিলে।
সিহঁতে নিজৰ 'দেশ' আৰু 'আচাম দেশৰ' বিষয়ে কিবাকিবি কথা পাতিছিল, সেই প্রসংগতে নিজৰ 'দেশৰ' জমীদাৰৰ কথা ওলাল।
জালালহঁত সৌভাগ্যপুৰ জমিদাৰীৰ প্রজা, বিৰাট জমীদাবী। মহকুমাটোৰ চাৰিভাগৰ এভাগ জুৰি আছে। বর্তমানৰ জমীদাৰ হৈছে মহাৰাজ বীৰেন্দ্র বিজয়ানন্দ বায়। বৰ সুন্দৰ মানুহ-হাতী আছে ঘোঁৰা আছে, আনকি বিলাতী মটৰ গাড়ীও আছে ঢাকা কলিকতা দার্জিলিং বেনাৰছত প্রকাণ্ড প্রকাণ্ড ৰাজপ্রাসাদ আছে। সাতজন পুতেকৰ পাঁচজনেই ইংলেণ্ড, ফ্রান্স, জার্মানি আৰু সেইফালেই ক'ৰবা ক'ৰবাত আছে। দুজনমানে তাৰে মেম ছোৱালী বিয়াও কৰাইছে।
জমীদাৰৰ শৌৰ্য্য-বীর্য্য বর্ণনাত জালাল তন্ময় হৈ পৰিছিল।
জাফৰে সুধিলে, “তেনেহলেনো তোমালোক সৌভাগ্যপুৰ এৰি আচাম দেশলৈ কেলেই গুচি আহিছা?"
"গুচি নাহি কি কৰিম, আমি বৰ গৰীব। চৌধ্য পুকষত কোনোরে এক বিঘা মাটিও ঘটিব নোৱাৰিলে। মাটি নেথাকিলে খেতিয়ক মানুহৰ জিন্দেগীৰ কি মূল্য আছে? আচামত মাটি এনেই পৰি আছে, কাটিকুৰি উলিয়াই ল'লেই হয়। ইয়াত তো মৰিলে কবৰ লবলৈকো মাটি চাবি হাত নাই।
বুঢ়ীয়ে হোকাটা এটাৰপৰা নিজ হাতলৈ নি মন্তব্য দিয়াৰ ধৰণে ক'লে, "এইচব কথা এনেকৈ নেপায় ক'ব। সকলো নচীবর কথা। আল্লাই কাৰোবাক জমীদাৰ কৰিছে, কাৰোবাক বায়ত কৰিছে। হওঁ বুলি ভাবিলেই ৰায়ত কেতিয়াবা জমীদাৰ হ'ব পাৰেনেকি?"
বজলুরে গোজোৰা মাৰি কোরাদি ক'লে, "আল্লাই মাটি অকল জমীদাৰৰ কাৰঙ্গেই বনোৱা নাই আমাৰ কাৰণেও বনাইছে। এদিন চাবি আমাৰ নিচিনা চাষী খেতিয়কৰো নিজৰ মাটি হ'ব। আচাষত খেতিয়কৰে। নিজা মাটি আছে।"
বাবৰৰো তেনেকুৱা কিবা কথা এটা ক'বৰ মন গৈছিল কিন্তু কেনেকৈ কি ক'ব সি ঠিক কৰিব নোৱাৰিলে। সি, আৰু জাফর আচামত জমীদাৰ হ'বৰ কাৰণে অহা নাই, নিজৰ জমীদাৰীৰ জমীদাবব পৰা ৰক্ষা পৰিবৰ কাৰণে ঘৰ গাঁও এৰি পলাইছে। পলাই সাবিবলৈ ক'ৰবাত অকণ ঠাই পালেই সিহঁতৰ কাৰণে যথেষ্ট।
আকৌ, কাফিলাৰ যাত্ৰা আৰম্ভ হ'ল। সিহঁতে খৰখেদা কৰিলে, যেন সিহঁতৰ বহুত পলম হৈছে। সিহঁত সোনকালে ষ্টেচন নেপালেগৈ ৰেলে সিহঁতক এৰি থৈ যাব।
খোজকঢ়াত সিহঁত অভ্যস্ত। পথাৰত হাল বাওঁতে প্রতিদিনে কমেও দহ মাইল চপৰানিত, বোকাত খোজ কঢ়া হয়। গাত নেলাগে দিনটোৰ ভিতৰত কমেও চাৰিবাৰ কপাল বুকুৱেদি ঘাম বৈ নাহিলে সিহঁতৰ গাবোৰ বন্ধ ৰন্ধ লাগে, যেন তেজ চলাচল কৰা নাই।
কিন্তু নিজৰ 'দেশ' এৰি দূৰণিলৈ যাবলৈ অহাৰ কাৰণেই নেকি সিহঁতৰ গাবোৰ গধুৰ গধুৰ লাগিছিল। খোজ কাঢ়িবলৈ ভবিষোষৰ বল কমি যোরা যেন লাগিছিল। কিন্তু ইটোৱে সিটোৰ আগত কোনো প্রকাৰৰ ঘূর্বলতা প্রকাশ নকৰিবৰ যম্ভ কৰিছিল। সিহঁতে আনকি খুহুতীয়া কথা কৈ হাঁহিবৰ আৰু ইজরাববো যত্ন কৰিছিল।
মনৰ কোনোবা এচুকত সিহঁতৰ কিছুমান হাঁহি থ প খাই জমা হৈ থাকে। কেতিয়াবা বাট পালে ওলাই আহে। তেতিয়া স্থান কালৰ কথা কাৰো মনত নেথাকে। হাঁহিব পাৰিলে দেহমনৰ ভাগৰ মবে।
: জোনাক ৰাতি আছিল-ফৰিংফুটা জোনাক। মোজফ ফৰে হঠাৎ আধা বাতিতে সাৰ পালে। সি বাহিৰলৈ ওলাই আহিল। পূবৰ আকাশৰ ফালে চাই ৰাতি পুউৱা যেন পালে। কাকো নজগাই আৰু কাকো একো নকৈ সি হোকাটোত চিলিমটো দিলে, আৰু ছহোপামান "মাৰি এচৰিডাল লৈ, নাঙল ফুঁ'রলি কান্ধত লৈ গৰুহাল খেদাই পথাৰলৈ ওলাই গ'ল।
হাল বাই আছে, বাই আছে। বহুত পৰ হাল বালে, কিন্তু ৰাতি মুপুৱায়হে মুপুরায়। সি ক'বই নোৱাৰে, যে সেইয়া বেলিৰ পোহৰ নহয়, জোনৰ পোহবহে।
ভূঘণ্টামানৰ মূৰত কুকুৰাই ডাক দিলে। তাৰ কিছু পৰৰ পাছত মছজিদত ফজৰৰ আজান দিলে। তাৰ কিছুপৰৰ পাছতহে বেলিৰ পোহৰ দেখা গ'ল।
মোজফ ফৰৰ মনত তথাপি বৰ বং লাগিল-ৰাতি টোপনি খটি কৰি হ'লেও আজি সি বহুত মাটি চহালে।
সি গৰুহালৰ কান্ধৰপৰা যুৱলিখন নমাই থলে আৰু সিহঁতক চৰিবলৈ এৰি দিলে।
অজু কৰি সি ঘাঁহনিতে ফজৰৰ নামাজ পঢ়ি ল'লে। তাৰ পাছত
সি গৰুহাল আকৌ চপাই আনিলে।
পিছে বেলিৰ পোহৰত ভালকৈ চকু মোহাৰি চাই সি দেখিলে এইখন তাৰ নিজা পথাৰ নহয়, টিকু মিয়াৰ। গোটেই ৰাতি তাৰ নিজৰ মাটি বুলি সি টিকু মিয়াৰ মাটিখন চহাই মৰিল!
ধেৎ তেবি!
গৰুহালৰ ওপৰত তাৰ বৰ খং উঠিল-আবে, মই জানিবা জোসন পোহৰত চিনিব নোৱাদি, মোষ নিজৰ মাটি বুলি টিকু মিয়াব মাটিতে হাল বাহলৈ ললোঁ, আবে তহঁতহালে কি কোনখন কাৰ পথাৰ চিনি নেপার? মই খেদালোঁ বুলিয়ে তহঁতহালে লোকৰ পথাৰতো হা না নকৰি নাঙল টানি গ'লি, তহঁতহাল একদম গৰু।
টিকু মিয়াৰ লগত আকৌ মোজফ ফৰহঁতৰ দুৰ্ঘোৰ কাজিয়া
আছিল। কাহিনীটো শুনি আটায়ে কম বেছি আমোদ পালে। কিন্তু কোনোৱে বৰ বেছি হাঁহিব নোৱাৰিলে।
সিহঁতৰ ভাগৰ লাগিছিল।
ষ্টেচনলৈ সিহঁতে পথাৰৰ মাজৰ গোবাটেদি পোনাইছিল, যাতে সোনকালে পাবগৈ পাৰে।
তেতিয়াও কিন্তু বেললৈ বহুত সময় আছিল।
ক্রমে ষ্টেচন দেখা গ'ল।
সিহঁত আশ্বস্ত হ'ল।
ঝাও আৰু বিবিঙানিৰ মাজেদি কিছু দূৰ আগ বাঢ়ি সিহঁতে এখন এৰা নৈৰ ডোবা পালে। তাৰ পাৰতে ভাৰভেটি নমালে আক ভাতপানী বন্ধাৰ দিহা কৰিলে। বাবৰ আৰু জাফৰ দুয়োটাই কিছু শুকান খৰি বুটলি আনিলে। বজলুরে ক'লে, "মই গাটো ধুই লওঁ- বহুত ধূলিবালি লাগিছে। তহঁতেও কোনোবাই ধোর যদি ধুই ল'-"
বাবৰৰ গা ধুৰৰ ইচ্ছা গৈছিল। কিন্তু সলাবলৈ কাপোৰ নাই। আৰু ইমানবোৰ মানুহৰ আগত নাঙঠ হৈ গা ধুবলৈকো সংকোচ লাগিল। মানুহকেটা, বিশেষকৈ মাইকী মানুহকেজনী নথকা হ'লে বৰ চিন্তাৰ কাৰণ নাছিল। টোপোলাত বান্ধি অনা আলু, বৰ বেঙেনা পুৰি, পিয়াজ কাটি লৈ ভাতত নিমখ ছটিয়াই লৈ আৰু প্রত্যেকেই ছটা সাতোটাকৈ কেঁচা জলকীয়া লৈ সিহঁতে বন তৃপ্তিবে ভাত খালে। জলকীয়া ভাতত সানি বা চোবাই খাই গা জ্ববঘামে নেঘামিলে ভাতব সোৱাদেই দোলার। তৰকাৰী বদ্ধা হ'লে তাত বঙা হৈ যোৱাকৈ গুকান জলকীয়া দিলেহেঁতেন। কিন্তু মোহাফিবিত তৰকাৰী বনোৱাৰ বিলাসিতা কৰিবৰ উপায় নাই। জালালৰ বন্ধা সকলোরে শলাগিলে।
ভাত খাই উঠি বজলুরে ক'লে, "মই অলপ আগতীয়াকৈ যাওঁ। তহঁত লাহেধীৰে আহি থাক। কোনো চিন্তা নকৰিবি। লগত মোনাই মোনাই ধন থকা মানুহ দেশ এৰি বিদেশলৈ নেযায়। ৰেলৰ বাবুচবেও সেই কথা বুজে। আৰু টিকেট বিচাৰিলে তহঁতে চৰকাৰে পঠিয়াইছে বুলি ক'ৰি, নমাই দিলে নামি সৰি পিছে টিটি গাড়ীৰপৰা নামি গ'লেই আকৌ উঠি লবি। চলি যোৱা ৰেলৰপৰা কাকো নমাই নিদিয়ে।
বজলুক সিহঁতৰ এটা ডাঙৰ নেতা যেন লাগিল। ভাত খোৱা ঠাইতে সিহঁতে মগ বিবৰ নামাজ পড়িলে, ভালে কুশলে আচাম পাবৰ কাৰণে হাত তুলি মুনাজাত কৰিলে, তাৰ পাছত টোপোলাটুপলি লৈ ৰেল ষ্টেচনলৈ খোজ দিলে।
ছোৱালীজনীয়ে আৰু মাইকী মানুহজনীয়ে যথেষ্ট ভয় খাইছিল, কিন্তু আনৰ আগত সেই ভয় প্রকাশ নকৰিবৰ চেষ্টা কৰিলে। বাবৰ আৰু জাফৰে কাকো নজোনারাকৈ, মাত নলগোৱাকৈ ঘৰ এৰি অহাৰ কথা পাহৰি গৈ আচামলৈ যোৱাব নতুন অভিজ্ঞতাৰ এটা আনন্দ লাভৰ যত্ন কৰিলে।
সন্ধিয়া লাগি ভাগিল।
আকাশত জোনাক আছেনে আন্ধাৰ আছে কোনোরে মন কৰা নাছিল। ষ্টেচনত তিনিটা কেৰাচিনৰ বাতি জ্বলোরা হৈছিল। তাবে প্লেটফর্মখন অকণ অকণ পোহৰ হৈছিল। ষ্টেচনত মানুহ বৰ বেছি নাই-সকলো মিলি বিহু বাইছ। টমানহে হ'ব।
পশ্চিমৰ ফালে বেলৰ ইঞ্জিনৰ লাইটৰ পোহৰ দেখা গ'ল, এটা উত্তেজনা যাত্রীবিলাকৰ মাজত বিয়পি পৰিল। বেলৰ চিৰিৰ ওচৰলৈ যাতে কোনো নেযায় তাৰ কাৰণে চিয় বি চিয়'ৰি কোনোবাই সাবধান কৰি দিলে। হাতত বঙা নীলা কৰিবপৰা লণ্ঠনটো লৈ পইন্টমেনটে।
অলপ আগুরাই গ'ল। টিকট মাষ্টৰে টিকেট টিকেট বুলি অলপ ডাঙৰকৈ চিয় বিলে। দুটামান মানুহে হেতাওপৰা কৰি টিকেট ল'লে।
বজলু আৰু জালাল বুঢ়াও টিকেট বেচা খিৰিকীৰ ফালে গ'ল। সিহঁতে টিকেট কিনিলেনে নাই, কিনিলে যদি কাৰ কাৰণে কেইটা কিনিলে বাববহঁতে ক'ব নোৱাৰিলে।
এটা উকি মাৰি বেলখন ষ্টেচন প্লেটফৰ্মলৈ সোমাই আাহিল। বেলখন যথেষ্ট দীঘল, আঠোটা দীঘল দীঘল ডবা, জবাবোৰত মানুহ ঠাহ খোরা। দুই তিনিটামান মালৰ ডবাও আহিছে। বাববহঁতৰ ইঞ্জিনটে। এবাৰ চাবৰ মন গৈছিল, কিন্তু সাহস নহ'ল।
"কি চাই আছ-উঠ" জালাল বুঢ়াই টান মাতেৰে চিয় বিলে। সমুখত যিটো ডবা আছিল, তাতে ঠেলাহেঁচা কৰি আটাইকেটা উঠি পৰিল। ৰেলৰ ভিতৰত তেনেই কম পোহৰ দিয়া লাইট তুই তিনিটামান জ্বলি আছিল, তাৰে পোহৰত সিহঁতে বেঞ্চত ঠাই বিচাৰি ল'লে। দুই এজন যাত্রী অলপ চাপি বহিল। জালাল বুঢ়াই টোপোলা টাপলিখিনি বেঞ্চৰ তলত ভৰালে। কানমাৰি হুডাল ওপৰৰ বাৰ্থত তুলি থ'লে, বাটো বহাৰ কাষতে বেঞ্চত তুলি ল'লে। বাবৰ আৰু জাফৰে গাড়ীৰ ভিতৰ সোমাই লৈ বহিবলৈ ঠাই বিচাৰি ইফালে সিফালে চাওঁতেই পইন্টমেনে নীলা লাইট দেখুৱালে, গার্ডৰ সুহুৰি বাজিল, আৰু উকি এটা মাৰি ৰেলখন চলিবলৈ আৰম্ভ কৰিলে। প্রথম টান মৰা জোকাৰটোত বাবৰহঁত পর্বে। পৰো হৈ বৈ গ'ল।
বেলখন চলিবলৈ ধৰিলে। বাবৰহঁতেও ঠাই বিচাৰি ল'লে। সিহঁত দুয়োটা খিৰিকীৰ কাষৰ বেঞ্চতখনতে বহিল। অলপ পৰ সিহঁতে গাড়ীৰ ভিতৰত অহা মানুহবোৰৰ মুখবোৰৰ ফালে চাই আহিছিল। তাৰ পাছত খোলা খিৰিকীৰে বাহিৰৰ ফালে চালে। দূৰণিৰ আকাশত তৰা ওলাইছে। সেই তৰাবোৰক সিহঁতৰ চিনাকি যেন লাগিল। আকাশখন গাঢ় নীলা-ক'লা যেনেই হৈ পৰিছে এতিয়া। একো ভালকৈ মনিব নোৱাৰি। ৰাতিৰ বুকুৰ এটা চিনাকি গোন্ধ সিহঁতৰ নাকত লাগিল। বেলৰ আলিৰ দুয়ো পাৰৰ বনজংগল আৰু পথাৰবোৰৰপৰা এই গোন্ধটে। ওপত্তি আহিছে। বাবৰে চকু ডাঙৰকৈ মেলি বাহিৰৰ ফালে চাই আহিছিল। আন্ধাৰৰ মাজেদি তাৰ মনটো তাৰ গাঁৱলৈ ঘুৰি গৈছিল। গাঁওখন সি চকুৰ আগত দেখিছিল-
সেই বাট, সেই পথাৰ পুখুৰী, সেই গোহালি, চোতাল, ঘৰৰ ভিতৰৰ সেমেকা মজিয়া, বান্ধনিশালৰ কাঁহী বাটিৰ চকচকীয়া ৰঙৰ তিৰবিৰণি।
বেলখনৰ গতি খৰ হ'ল...
সিহঁত নিজৰ দেশৰপৰা ক্রমে আঁতৰি আহিল।