ছবিফ গাঁওবুঢ়া হঠাৎ অসুস্থ হৈ পৰিল অব, কাহ, গাৰ বিষ। গাঁওবুঢ়াৰ টান বেমাৰ হোৱাৰ কথা কোনোষে ক'ব নোৱাৰে। বব বেছি কেতিয়াবা পানীলগা অৰ হোৱাৰ বাহিৰে অল্প কোনো টান বেমাৰ গাঁওবুঢ়াৰ হোৱা নাই।
কিন্তু এইবাৰ গাঁওবুঢ়াৰ জ্বৰ, কাহ আৰু গাৰ বিষ বেছি হৈছে। কোনোদিনে অসুখ নোহোৱা মানুহৰ অন্মুখ হ'লে ভয় খাবৰ কথাই। গাওবুঢ়াৰ বয়সো যথেষ্ট নোহোৱা নহয়।
ৰোগীৰ খবৰ কৰিবলৈ ওচৰ কাষৰৰ সকলো মানুহ আহিছে। যেয়ে শুনিছে সেয়ে এপাক নেমাৰি থকা নাই। গাঁওখনত বা সেই অঞ্চলটোত ছবিফ গাঁওবুঢ়া নোহোরা হোৱাটো ভাবিবলৈকে টান লগা কথা। গাঁওখনৰ আজিৰ ৰূপ আৰু অৱস্থাটে। গঢ়ি তোলাত ছবিফ গাঁওবুঢ়াৰ যিখিনি বৰঙণি আছে সেই কথা কোনোরে নজনা নহয়। ঘাট-বাট, আলি পতুলি, স্কুল-মাদ্রাছা, হাট-বজাৰ এই সকলোবোৰ হোৱাত ছৰিক গাঁওবুঢ়াৰ খাটনিৰ কথা ৰাইজ বজাঘৰ সকলোরে জানে। প্রায় নিৰক্ষৰ ধার্মিক নিবহংকাৰ কিন্তু গহীন গম্ভীৰ এই মানুহজন গাঁওখনৰ সকলো কাম-কাজতে এনেদবে জড়িত হৈ আছে যে আজি তেওঁৰ টান অসুখে গাঁৱৰ সকলোকে চিন্তান্বিত আৰু উদ্বিগ্ন কৰি তুলিলে।
মোবাৰক মাষ্টৰৰ বিয়াখনত ছবিফ গাঁওবুঢ়াই কেরল ধন খৰচ কৰাই নহয়, বৰ বেছি খাটিলেও। সক ল'ৰাটো আগৰ বহুবেই ঢুকাল। তাতো গাঁওবুঢ়াই বৰ শোক পালে। চবৰ কাফিলজিন পেস্কাৰৰ মাজু জীয়েকজনীৰ লগত মোবাৰকৰ বিয়া হোৱাটো এটা উল্লেখযোগ্য কথা আছিল। গাঁওবুঢ়াৰ কাৰণে বিয়াখন ডাঙৰকৈ পতাটো ইজ্জতৰ কথা আছিল। একমাত্র জীরিত পুত্রৰ বিয়া, কোনো প্ৰকাৰৰ কৃপণালি কৰাৰ প্রশ্ন মুঠে। কিন্তু নিজে নেখাটিলেও য'ত হয়, তাত বুঢ়া বয়সত তেওঁ বৰকৈ খাটিলে, কষ্ট হ'ল, তাৰ পৰাই অসুখ বেছি হ'ল। কাহৰ অসুখ আগৰে আছিল, এতিয়া অব বিষো আৰম্ভ হ'ল। ছবিফ গাঁওবুঢ়া আশৈশর কায়কষ্ট কৰা মানুহ। এনে মানুহৰ কাৰণে শ্রমেই স্বাস্থ্য। কিন্তু এনে মানুহ এবার অসুস্থ হৈ পৰিলে, সেই অসুখ হুৰাৰোগ্য হৈ পৰে। এই কাৰণেই ৰাইজৰ দুঃচিন্তা হৈছিল।
পাঁচ দিন হ'ল বাবৰ ঘৰত নাছিল।
ৰঙা-পাহাৰৰ ওচৰৰ হাবিৰ মাজত এটা ডাঙৰ মিলিটাৰী বেবেক সাজিবলৈ লোৱা হৈছিল। তাত বাঁহ, কাঠ, খেৰ আদিৰ ঠিকা লৈছিল বাববে। ওচৰে-পাজৰে বাঁহ, কাঠ পোৱা গ'লেও খেৰ পাবলৈ নাই। এই খেৰৰ সন্ধানত বাবৰ লগত আৰু এটা মানুহ লৈ বৰ নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ মাজুলি ওলাইছিল গৈ। মাজুলীত উলু বৰতাৰ অভাৱ নাই, নৈ পাৰত সেইবোৰৰ বহুত এনেয়ে জহি পমি গৈছিল। যিবা খেৰ মাল্গুহে কাটিছিল, সেইবোৰৰ দামো আছিল বহুত সন্তা।
আইতগুৰিৰ কেই মাইলমান উত্তৰত বাবৰহঁতে কেইঘৰমান মৈমনচিন্তীয়া মানুহ থকাৰ গম পাই তালৈকে গ'ল। কিন্তু গৈ খবষ পালে যে বাৰিষা পানী উঠাৰ কাৰণে মানুহ কেঘৰ আৰু উত্তৰৰ সোৱণশিৰীৰ পাৰৰ এঠাইলৈ উঠি গৈছে।
বাবৰৰ হাতত যথেষ্ট টকা আছিল। য'তে ত'তে থকাটো নিৰাপদ নহয়। খেৰৰ খবৰ লৈ লৈ আৰু কোনে কিমান যোগান দিব পাৰিব ভু লৈ লৈ, বাববৰহঁত উত্তৰৰ ফালে আগুৱাই গৈ আছিল।
তিনিদিন যোৱাৰ পাছত বাবৰহঁত গৈ এখন ডাঙৰ মুছলমান গাঁৱত ওলালগৈ। গাঁওখনত বংগদেশৰ পৰা অহা মুছলমান মানুহেই বেছি। তাবে বহুখিনি মানুহ ২০/৩০ বছৰ আগতে অহা মানুহ। কিছু মানুহ নতুনকৈ আহি বহিছেহি। তাবে এখিনি মানুহ মাটিবাৰী লৈ নিগাজীকৈ বহি পুৰণি হৈ পৰিছে। আন ভালেমান মানুহ এতিয়াও অস্থায়ী হৈ আছিল। লোকৰ বাৰী ঢুকত ভড়ালৰ আগত থাকি খেতি পথাৰত কাম কৰি দি জীৱিকা উলিয়াইছিল।
গাঁওখনৰ নাম দিয়া হৈছে দৌলতপুৰ।
বাববহঁত যেতিয়া দৌলতপুৰ পায়গৈ তেতিয়া সন্ধ্যা লাগি ভাগিছিল। গাওখনক ৰাতিৰ আন্ধাৰে ঘেৰি ধৰিছিল, অরপ্তে তিৰোতা আৰু বয়সস্থ মানুহবোৰ ভিতৰ সোমাইছিল যদিও ডেকা ল'ৰা কিছুমানে তেতিয়াও জুম পাতি পাতি অ'ত ত'ত বহি, থিয় দি কথা পাতি আছিল।
এইখন গাঁৱৰ নাম সি শুনিছিল, আৰু ইয়াৰপৰা কিছু নিলগত ইছলামপুৰ নামে আৰু এখন ডাঙৰ মুছলমান গাঁৱৰ কথাও বাববে শুনিছিল। কিন্তু এইবোৰ গাঁৱৰ কোনো মানুহকে বাববে চিনি নেপায়।
মিলিটাৰী ঠিকাদাৰী কৰাৰ নতুন অভিজ্ঞতাৰে, আৰু লগত টকা থকাৰ কাৰণে নতুন ঠাইত, নতুন অচিনাকি মানুহৰ লগত চিনাকি হ'বলৈ তাৰ বিশেষ ভাবিবলগীয়া নহয়।
পাঁচোটা ডেকাল'ৰাই থিয় হৈ কিবা কথা পাতি আছিল। বাবৰ সিহঁতৰ কাষ চাপি আহিল আৰু বিশেষ ভূমিকা নকৰাকৈ আক ল'ৰাকেটাই লুভী পিন্ধি থক। দেখি উমৈহতীয়াকৈ ক'লে, "আচ্ছালামু আলেইকুম।"
ল'ৰাকেটাই বাবৰৰ মুখলৈ চালে। মুখখন স্পষ্টকৈ নেদেখিলেও মানুহ দুটাৰ সম্পৰ্কে এটা ধাৰণা কৰিলে, তাৰ পাছত সুধিলে, "কাক বিচাৰিছা?"
ইয়ালৈকে আহিছো-" বাবৰে ক'লে।
"ক'ৰপৰা আহিছা?"
বাবৰে ক'লে, অৱশ্যে তেতিয়াও নিজৰ চিনাকি নিদিলে।
ল'ৰাকেটাই বাবৰহঁতক ওচৰৰ আলিৰ দাঁতিৰ সক দোকানখনলৈ লৈ গ'ল। দোকানীয়ে ভিতৰৰপৰা লণ্ঠনটো বাহিৰ উলিয়াই আনিলে
আক বেঞ্চখনতে বাবৰহঁতক বহিবলৈ দিলে।
ল'ৰাকেটাৰ তিনিটা গ'লগৈ।
ছুটা থাকিল। সিহঁতো চাপৰ মূঢা ছটা বিচাৰিলৈ বাবৰহঁতৰ সম্মুখতে বহিল আৰু সিহঁতৰ ফালে ভালকৈ চালে।
বাবৰে ক'লে, "আজি ৰাতি আমি ইয়াতে থাকিব লাগিব। ক'ৰবাত পৰি থাকিব পৰা নহ'বনে?"
"ভাতপানী কিবা খালা জানো?
"নাই খোৱা। ক'ৰবাত কিবা ব্যৱস্থা হ'বনে বাক?" বাবৰে ক'লে।
ল'ৰাকেটাই মুখ চোর।চুই কৰিলে।
বাবৰে ক'লে, "আমি পইচা দি কিনি খাম-এনেই নেলাগে।"
দোকানী ডেকাটোরে ক'লে, "আমাৰ গাঁৱলৈ ৰাতি আহিছা।
মোছাফিক লঘোনে ৰাখি বদনাম ল'বনেকি? আহমদ তই যা, ইব্রাহিমক ক'গৈ বুলি দুজন মানুহ আহিছে ভাত খাব, আৰু বাতিও থাকিব।"
আৰু দুই চাৰি কথা পতাৰ পাছত বাবৰহঁত সহজ হ'ল। দেখিলে এই মানুহখিনিক অবিশ্বাস কৰিবলগীয়া নাই। বাবৰে সিহঁত তালৈ অহাৰ উদ্দেশ্যৰ কথা চমুৱাই ক'লে।
বাবৰক মিলিটাৰী ঠিকাদাৰ বুলি জানি সিহঁতৰ ঢুকলৈ শ্রদ্ধা আৰু কৌতূহল নামি আহিল। দোকানীয়ে ছয়োকে ছপিয়লা চাহ পানী আৰু কটা বিস্কুট খাবলৈ দিলে। চাইপানীখিনি খাই বাবৰহঁতৰ ভাল লাগিল। দোকানীয়ে বিড়ি আগ বঢ়ালে, বাবৰে ল'লে, আৰু লগে লগে বেগৰ পৰা উডবাইন নে কি মিলিটাবীব ছিগাৰেট সিহঁতলৈ আগ বঢ়ালে। সিহঁতে বুজিলে অভ্যাগত ডাঙৰ ঠিকাদাৰ। সিহঁতৰ শ্রদ্ধা আৰু বাঢিল।
গাঁৱত কৃষ্ণপক্ষত গধূলিতে ছপৰ ৰাতি যেন হয়। দিনৰ দিনটে। কঠোৰ শ্রম কৰা মানুহবোৰ, এমুঠি খাই গধূলিতে শুই পৰে। বাবৰহঁতক ইব্রাহিমৰ ঘৰলৈ লৈ যোৱা হ'ল। সক চাপৰ এটা
খেৰী ঘৰ। তাতে দীঘলীয়া এখন মেজ আৰু তাৰ ছফালে তুখন
বেঞ্চ পৰা আছে। তাৰ সিফালে আছে এখন খাট। বাবৰে বুজিবৰ চেষ্টা কৰিলে এইখন হোটেল নেকি। কিন্তু এনেকুরা গাঁৱত হোটেল কোনে দিব? খাবই বা কোনে?
বাবৰহঁত গৈ পোৱাৰ লগে লগে ভিতৰৰ পৰা মুখত এমুখ পকা দাঢিৰে এটা মানুহ ওলাই আহিল। চালাম দি মানুহটোরে বাবৰৰ মুখলৈ ধৰ লাগি চালে, বাবৰেও চালে, মামুহটোক তাৰ ক'ৰবাত দেখা যেন লাগিল।
লগত আহা দোকানী ডেকাটোরে বুজাই ক'লে, "এইটো ইব্রাহিমৰ ঘৰ। এইয়া তাৰ হোটেল। হোটেল আৰু কি, কেতিয়াবা ক'ৰবাৰ কোনোবা বাহিৰা মানুহ আহিলে ভাত চাহ বান্ধি খুরায়। থাকিবলৈও বিচনা পাতিৰ যোগাৰ কৰি দিয়ে। সদায় তো মাজহ নাহে, কেতিয়াবা আহে। ইব্রাহিম আজি নাই নেকি জালাল চাচা?"
বাবৰে সুধিলে, "তোমাৰ নাম জালাল চাচা-মানে-?" "তোমাৰ নাম কি বাবৰ ছেখ?"
বাবৰ বেঞ্চখনতে বহিল। কিছু চিন্তা কৰি বাববে সুধিলে, "দেশৰপৰা আমি একেলগে অহা নাছিলোঁনে? তোমালোক ইয়ালৈ কেতিয়া আহিলা? আজিকালি ইয়াতে আছানেকি?"
"তোমালোকক ভাত পানী দি লওঁ, বহুত কথা। লাহে লাহে
ক'ম। গা-পা ধুবানেকি?"
বাববে দোকানী ল'ৰাটোৰ কৌতূহল নিবাৰণৰ কাৰণে ক'লে, "আজি ছয়-সাত বছৰ হ'ল। আমি দেশৰ পৰা একেলগেই আচামলৈ আহিছিলোঁ। তোমালোকতো বংগীয়াত নে ক'ত নামিছিলা, নহয়?"
জালাল বুঢ়াই ক'লে, "বহুত নামিলো, বহুত উঠিলো, শেষত আল্লাই এইখিনি পোৱাইছেহি। তোৰ কোনো খবৰেই পোরা নাছিলো। আজিকালি ক'ত আছ?"
বাবৰক জালালে আগৰ সম্বোধনেৰেই তই মই কৈ মতা
আৰম্ভ কৰিলে।
দোকানীয়ে ক'লে, "তোমালোকৰ চিনাকি মানুহকে লগ পালা। ভাত পানী খোরা, কথা বতৰা পাতা, আৰাম কৰা, কাইলৈ কথা বতৰা পাতিম দেই।"
বাবৰে দোকানী ল'ৰাটোক আৰু এটা ছিগাৰেট দিলে। সি বৰ ভাল পালে, মাত লগাই সি গুচি গ'ল।
বাবৰহঁতে ভাত খালে। মাছ, ডাইল, আলুভজাৰে ভালকৈয়ে ভাত দিলে। খোরাবোৱাৰ পাছত জালালে ক'লে, "তোক বহুত দিনৰ মূৰত দেখা পালোঁ। চিনিবই পৰা নাছিলোঁ। তইতো বে'চ শকত আরত জোয়ান হৈ গ'লি। তথাপি ক'ৰবাত দেখা দেখা যেন লাগিছিল। ইয়াতো শুই থাকিব পাব। পিছে ইয়াত নেলাগে থাকিব, তই আমাৰ ঘৰলৈকে ব'ল। এইয়া ওচৰতে, মই ইয়াত ইব্রাহিমৰ ঘৰত কামহে কৰোঁ। নিজৰ ঘৰত থাকো। ব'ল, ভাত খোৱাৰ পইচা ৰাতিপুৱা দিলেও হ'ব।"
ইব্রাহিমৰ তামোলে-পাণে ভৰা আহল-বহল বাৰীখনৰ পৰা অলপ নিলগতে সক এচিটা মাটিত ছটা জুপুৰী থেবী ঘৰ। তাতেই জালালহঁত থাকে। জালালৰ ঘৈণীয়েক মৰিছে, এতিয়া আছে জীয়েকজনী আক জালাল।
Ses
"বজলু, ক'লৈ গ'ল?"
"তাৰ কথা আৰু দুলিয়াবি। বহুত আশা দি আমাক লৈ আহিল আচামলৈ। আমিও আহিলোঁ তাৰ কথাতে নিৰ্ভৰ কৰি। পিছে সি আনি দলনিত পোনা মেলিলে। কিছুদিন আমাৰ কি যে না-জল, না-থল অৱস্থা হ'ল। আজি অ'ত কালি ত'ত কৈ গাঁৱে গাঁৱে ঘুৰি ফুবিলে। এনেকৈ কুৰোঁতেই মুছলিমাৰ মাক মৰিল। লোকৰ জমীনত কবৰ দিলো। জামাতে অলপ পইচা তুলি দিলে, তাবে তিলানি-জিয়াৰত কৰিলোঁ।" একেলগে বহুত কথা ক'লে জালাল বুঢ়াই। বুঢ়াৰ মাতটো কানো কান্দো হৈ ওলাইছিল। শুনি বাববৰ বেয়া লাগিছিল।
ভিতৰত বাবৰহঁতক বহিবলৈ মাটিতে কঠ এখন পাৰি দি জালালে ভিতৰৰ ফালে চাই চিয় বিলে, "মুছলি-অ' মুছলি, কোন আহিছে, গুলাই চা।"
প্রথমে কাৰো সাবস্তুৰ নাই।
তাৰ পাছত ইকৰাৰ বেৰখনৰ সিপাৰে কাৰোবাৰ হাতৰ খাকৰ জুনজুননি শুনা গ'ল। বাবৰে সেইফালে এবাৰ চালে।
জালাল বুঢ়াই তেতিয়াও কথা কৈ আছিল, "বজলু যে ক'ত আছে, ক'ত নাই, সি জানে আৰু তাৰ আল্লাই জানে। মাজে মাজে দেশলৈও যায় বোলে। মানুহ আনে। দালালি কৰে, পইচা লয়। যোৱা বছৰ যে আমাৰ দেশত আকাল হ'ল সিয়ে বোলে বহুত মানুহ নি কলিকতাত মেলি দিলেগৈ-ক'লে জাত খাবলৈ পাবি, কাম পাবি। কিমান মানুহ যে নাখাই মৰিলে!"
এনেতে ভিতৰৰপৰা এজনী গাভক ওলাই আহিল। তাই এখন ডাঠ, নীলা কপাহী শাড়ী পিদ্ধিছে। তাৰে আগটো অকণমান ওৰণি যেন কৰি মূৰৰ ওপৰলৈও টানি লৈছে।
বাবৰে ছোৱালীজনীলৈ চালে, তায়ো ভয়ে ভয়ে চোৱা দি চকু তুলি তাৰ মুখলৈ চালে। এইজনী ছোৱালী সেই ছোৱালীজনী নহয় যেন লাগিল তাৰ।
"চিনিব পৰা নাইনেকি? এইটো বাবব, সেই যে দেশৰপৰা আহোঁতে আমি একেলগে আহিছিলোঁ। ইয়ে মাজে মাজে তোৰ টোপোলাটো আনি দিছিলে, আৰু এটি ল'ৰা আছিল নহয়, কি নাম
আছিল তাৰ?"
"জাফৰ-" বাবৰে ক'লে।
বুঢ়াই ক'লে, "বাবৰহঁতে ভাত খালেই, এতিয়া আমাৰ ইয়াতে শুই থাকিব।-ই কোন?"
বাবৰৰ লগৰ ডেকাটোৰ কথা সুধিলে জালাল বুঢ়াই।
"ই মোখলেছ, মোৰ লগত আহিছে।"
"তহঁত আহিলি বৰ ভাল হ'ল, কিছুদিন ইয়াত থাকিবি নহয়?"
“থাকিব নোৱাৰিম, মোৰ ৰঙাপাহাৰত মিলিটাৰী ঠিকা আছে। খেৰ বিচাৰি আহিছে।।"
"কি খেব?"
"ঘৰ চোৱা খেৰ, উলু হয়, বৰতা হয়, ঘৰ চাব পৰা হ'লেই হ'ল।" বাবৰে ক'লে।
ছোৱালীজনীয়ে সুধিলে, "ভাত ক'ৰবাত খাই, আমাৰ ইয়াত শুই থাকিবলৈ আহিছা। অইন ঠাইত কেলেই ভাত খাই আহিলা?" "তোমালোকযে ইয়াত আছা, মইতো ক'ব নোৱাৰোঁ।"
"এতিয়া তেনেহ'লে একো নোখোরা নেকি? মোক তুমি বুলি নেমাতিবা।"
"কেনেকৈ খাম? পানী এক বদনা দিয়া। অজু কৰি ঈছাৰ
নামাজ পঢ়ি শুই থাকিম।"
ছোৱালীজনী একো নকৰাকৈ অলপ সময় থিয় দি ৰৈ থাকিল। তাই যেন কিৰা এটা চিন্তা কৰিছিল, ছুটা বাহিৰা মানুহক শুবলৈ দিবলৈ সিহঁতৰ বিচনা নাই। যেনেতেনে এখন বিচনা কৰা যাব পাৰে। তাত হুটা মানুহ শুব পাৰিব জানে। বাট ঘৰটোতে বিচনা কৰি দিলে বৰ ভাল কথা নহ'ব। কিন্তু সিফালে ৰান্ধনী চালিখনৰ বাহিৰে মাজত মুঠেই কোঠালি ছটা-সক সক। এনেয়ে এটাত বাপেক শোরে, আনটোত তাই শোরে। বাপেকৰ বিচনা •বুলিবলৈ ঢাবি এখন, গাঁক এটা আৰু পুৰণি আঠুৱাখন। তাই কাঠৰ তক্তাপোছ এখনত শোরে। এখন পাতল তুলি, তাৰ ওপৰত এখন ফটা শাড়ী বিচনা চাদৰ কৰি পাৰি লৈ অকণমান চেপেটা, তেলচিকটি লগা গাঁক এটাত মূৰটো দি তাই শোরে। দিনটো কাম কৰিব লাগে, তাতে তাইৰ টোপনি আহে।
এতিয়া এটা নহয়, ছটা আলহী। তাই কি কৰিব ভাবি ঠিক কৰিব নোৱাৰিলে।
জালালে ক'লে, "এবা, বাতি হ'ল, নামাজ পঢ়ি শুই থাক,
পানী দে মুছলি-" বিশেষ খৰখেদা নকৰি মুছলিমাই ক'লে, "একো বেছি ৰাতি হোরা নাই। সোনকালে ভাত খালেই বহুত ৰাতি নহয়।"
কৈ তাই ভিতৰলৈ গ'ল।
অলপ পৰৰ পাছত হাতত টিপচাকি এটা লৈ মুছলিমা আকৌ আহিল আৰু ক'লে, "পিছফালে পুখুৰী আছে। আহা মই চাকি দেখুৱাই দিম। তাতে অজুও কৰিব পাৰিবা, হাতমুখো খুব পাৰিবা।" "বাৰু গৈছো, কাপোৰকানি সলাই লওঁ-" বাবৰে ক'লে।
মোখলেছ আৰু সি দুয়োটাই খাকী কামিজ পেন্ট পিন্ধি আহিছিল। মুছলিমা ভিতৰলৈ গ'ল আৰু বাপেকক পিছ চোতাললৈ মাতি নি সক সককৈ ক'লে, "হুটা মানুহ যে আমাৰ ঘৰত শুবলৈ মাতি আনিলি, বিচনা আছে নেকি? ক'ত শুব?"
জালাল বুঢ়াই কথাটো এতিয়াহে চিন্তা কৰি চালে। পিছে বৰ দুশ্চিন্তাত পৰা যেন নেদেখুৱাই ক'লে, "হব কিবা এটা দে, বাবৰছে -মাটিয়ে পাটিয়ে গুব ক'ৰবাত। মোৰ বিচনা আছে, তোষ বিচনা আছে-"
"মোৰ বিচনা, তোৰ বিচনা-সেইবোৰ বিচনা নেকি?" এনেতে গল থেকাৰি এটা মাৰি বাবৰ আগফালৰ কোঠালিটোষ পৰা ভিতৰ সোমাই আহিল। কম পোহৰৰ চাকিটোৰ পোহৰত কোঠাটো এবাৰ চালে-ভিতৰত বিশেষ একো নাই। এটা পুৰণি বাকচ, আৰু কেইটামান কিবাকিবি টোপোল।।
"এই পিনে আহা-" অলপ চিয় বিয়েই মুছলিমাই ক'লে।
বাবৰ পিছ চোতাললৈ গ'ল।
"পুখুৰীটো অলপ দূৰত-আহা বাৰু, বাবা, তই মোখলেছ ভাইক কি লাগে চা-" আগে আগে হাতত চাকিটো লৈ মুছলিমা আৰু পিছে পিছে বাবৰ পুখুৰীটোৰ ফালে আগ বাড়িল।
এজাক পাতলীয়া বতাহ মাৰিছিল। বাতিটো আন্ধাৰ, টিপ চাকিটোৰ খীণ কঁপা পোহৰ, চিকুণাই বন চোৰোকা এটা ঠেক বাট। মুছলিমাই ক'লে, "তুমি বহুত শকত ডাঙৰ হ'লা। মই চিনিবই পৰা নাছিলোঁ।"
"তয়ো বহুত ডাঙৰ হ'লি।"
"ওঁ হৈছো। আজিকালি মই ডাঙৰ টোপোলাও কঢ়িয়াব পাবো।" "তহঁত ইয়ালৈ কেতিয়া আহিলি?"
"দুবছৰমান হ'ল।"
"তহঁতে এতিয়া কি কৰি চলিছ?"
"বাবা বুঢ়া হৈছে। হালকোৰ বৰকৈ কৰিব নোৱাৰে। ইব্রাহিমব হোটেলত ভাত চাহ বনায়। বাবা আগৰে খুব ভাল বান্ধনি। আগে দেশত থাকোঁতে গাঁৱৰ ভোজ চিন্নি বাবায়েই বনায়তো।"
"তয়ো কিবা কৰিছ নেকি?"
"মই চব কৰোঁ। গক ধীৰাওঁ, আমাৰ ভাত বনাওঁ, কাৰোবাৰ কাৰোবাৰ পথাৰত ৰোৱা তোলা কৰি দিওঁ, হোটেলৰ কাৰণে মচলা হালধি বাটে।-ওঁ, এইয়া পুখুৰী, দলংখন পুৰণি-ভালকৈ যাবা- দেখিছা-?"
বাবৰে তললৈ চালে। পানী বেছি তলত নাই। দলংখনেদি অলপ নামি গ'লেই পানী।
"তুমি আজিকালি কি কৰা?" "মিলিটাৰীৰ ঠিকা কৰিছো।"
“ক'ত থাকা? ঘৰ-মাটি কবিলা?"
"সেইবোৰ বহুত কথা। ক'ম বাক।"
সি দলগুতে অজু কৰিবলৈ বহিল।
"বিয়া কৰালানে নাই?"
মুছলিমাই সুধিলে।
"নাই কৰোৱা।"
"কেলেই নাই কৰোৱা ?"
বাবৰে উত্তৰ নিদিলে। অঙ্গু কৰাত লাগিল।
নিজকে কোরাদি মুছলিমাই ক'লে, "মিলিটাৰীৰ ঠিকা কৰিছা, বিয়া কৰোৱা নাই? মিছা কথা।" অজু কৰি বাবৰ দলঙেদি ওপৰলৈ উঠি আহিল। তাই
গামোচাখন আগ বঢ়াই দিলে।
"তোৰ বিয়া হ'লনে নাই?" বাববে সুধিলে। তুমি-তামাৰ
লোকিকতা ইতিমধ্যে নোহোৱা হৈ গৈছে।
"মোৰ আকৌ বিয়া হয়নেকি?"
"তাৰ মানে ?"
"তাৰ মানে মোৰ নিচিনা হুণীয়। মানুহৰ ছোৱালীৰ বিয়। নহয়-"
"তইতো বেছ ধুনীয়া গাভৰুজনী হৈছ।"
"সেই বুলি আৰু কোনোবাই বিয়া কৰাব নেকি? বাক ব'লা
এতিয়া।"
আকৌ মুছলিমাই চাকিৰে বাট দেখুৱাই আগে আগে গ'ল। পিছে পিছে বাবৰে আহিল।
পিছ চোতাল পোৱাৰ আগতে মুছলিমাই ক'লে, "গুনা-"
"কি?"
"আমাৰ ঘৰত বিচনা নাই। তোমালোক দুজন। ক'ত গুবা?"
হ'ব দে কিবা এটা। এটা ৰাতি জানিবা হুগুলোরেই, তহঁত শুই থাকিবি। আমাৰ কাৰণে ভাবিব নেলাগে।"
বাবৰে নামাজ পঢ়ি উঠাৰ পাছত জালাল বুঢ়াই ক'লে, "শুনচোন মুছলি, আমাৰ ঘৰত ইহঁত শুবলৈ দিগদাৰি পাব। ময়ে মোখলেছে ইব্রাহিমৰ তালৈকে যাওঁ। হোটেলতে যেনেতেনে শুই থাকিম। বাবৰ ইয়াতে থাকক। তাৰ কাৰণেই তই এখন বিচনা কৰি দে। আমি যাওঁ ব'ল মোখলেছ, নহ'লে ইব্রাহিমে হোটেলৰ দুৱাৰ বন্ধ কৰিব।"
মুছলিমাই সুধিলে, "বাবাও তাতে থাকিবিনে কি?" "ওঁ-তইত শুই থাক। আহ মোখলেছ-"
জালাল আক মোখলেছ ওলাই গ'ল। নামাজ পড়া পাটিৰ পৰাই বাবৰে ক'লে, "ৰাতিখন তহঁতক আমনিহে কৰিলোঁহি-"
মুছলিমাই ক'লে, "মই বিচনা কৰিছো, তুমি শুবলৈ আহিবা।
আজি আৰু অলপ কষ্ট পাবা, দুখীয়া মানুহৰ ঘৰলৈ আহিলে কষ্ট হ'বই
আক-"
মাত্র 'দেশ' এৰি আচাম দেশলৈ আহোঁতে বাটত চিনাকি হৈছিল-একেলগে খোজ কাঢ়ি আহিছিল-একেলগে বেলেৰে আহিছিল। তাৰ পাছত এবাএবি হৈছিল। তেতিয়া মুছলিমা আছিল খীণ, নিশকতীয়া, প্রায় ক'লা এজনী নির্বিশেষ ছোৱালী। তাৰ লগত, ক'বলৈ গ'লে, কথা-বতৰাও হোরা নাছিল। মাত্র তাই বলে নোৱৰা টোপোলাটে। সি কঢ়িয়াই দিছিল, সিমানেই চিনাকি।
সেইজনীয়েই যে এইজনী ছোৱালী বুজিবৰ উপায় নাই। আজি মুছলিমা এজনী চকুতলগা দেখনিয়াৰ গাভৰু, তাই আগতকৈ বহুত বেছি মুকলিমূৰীয়া হৈছে। তাইৰ ভয়-সংশয়ো প্রায় নোহোৱা হৈছে।
"তুমি একো নোখোৱা নহয়? মই তেনেহ'লে ভাত এমুঠি খাওঁ, তুমি এক্তিয়াই গুবা নে পাছত গুৰা?" মুছলিমাই সুধিলে। "অ' তই ভাত খোৱাই নাই নহয়, বহুত বাতি হ'ল। খা থৈ
যা, মই আছো।"
"খ"পাত দিম নেকি?"
"নেলাগে। মোৰ ছিগাৰেট আছে।"
"তেনেহ'লে তাকে খোরা।"
বিচনাখনত বহি লৈ বাববে ছিগাৰেট এটা অলালে। বেৰখনৰ সিপাৰে ভাত খাই থকাৰ পৰাই মুছলিমাই ক'লে, "মোয় ভাগৰে দুটামান খাবা নেকি? মোৰ বেছি হৈছে।"
"মোৰ হৈ তয়ে খা" বাববে ক'লে।
অলপ পৰৰ পাছত মুছলিমা মাজৰ কোঠালৈ আহিল। "চাকিত তেল সৰহ নাই। সোনকালে গুই থাকা, আৰু কিন্তু লাগিব নেকি?"
"তই ক'ত শুবি?"
"মই সিফালে গুম, ৰাতি হ'লে আমনি চামনি নকৰিবা।" চাকিটোৰ পোহৰ ক্রমে কমি আহিছিল। বাবববো ভাগর
লাগিছিল।
সি ক'লে, "আজিকালি তই বৰ কথা কোৱা হ'লি। আাগে মুখৰ মাতেই নাছিল।"
"তোমাক লগ পাই মোৰ সঁচাকৈয়ে বৰ ভাল লাগিছে। ইয়ার ডেকাল'ৰাবোৰ জানা, চব বদমাইচ, চব গুণ্ডা।"
"ঈচা ?"
"বাৰলৈ ক'তো ঠাই নাই কাৰণেছে ইয়াত এনেকৈ পৰি আচ্ছে।
বাবা যুঢ়া হৈছে। মোক লৈ ক'তনে। কিমান খুবি ফুৰিব?" "তইনো ইয়াৰ ল'ৰা এটাৰ লগত বিয়া নহুৰ কিয়?
"হাবে ভাবে লগত বিয়া হ'ব পাৰিন কি? আৰু কৈছো নহয়, ল'ৰাবোৰে বিয়া কৰাবলৈ নিবিচাৰে, চরভানী কবিবলৈ বিচাৰি ফুৰে।"
মুছলিমাৰ খোলা আৰু পোনপটীয়া কথাবোৰৰ কাৰণে বাবকব
তাইলৈ মৰম লাগিল। বাবৰে বিচনাত দীঘল দিলে। বিচনাখন টান।
"এইখন কাৰ বিচনা?" সি শুধিলে।
"ইয়াতে মই শোওঁ, বৰ টান পাইছা, নহয়?"
"নহয়, সেই কাৰণে কোরা নাই।"
"আমাৰ জিন্দেগীয়েই টান। বিচনা ক'ৰপৰা কোমল হ'ব? যেনে তেনে শোরা। লেমটোত তেল শেষেই হৈছে কিজানি।"
তাই টিপ চাকিটো জোকাৰি চালে, তেল শেষ। "তয়ো শো গৈ যা” বাবৰে ক'লে। মুছলিমাই ফু মাৰি লেমটো
সুমুৱালে, কিন্তু ভিতৰলৈ নগৈ বাবৰৰ বিচনাখনৰ কাষলৈ আহিল। "টোপনি আহিছে?" তাই সুধিলে।
"আহিব-"
"তোমাক বহুত কথা ক'বৰ মন গৈছে। আমাৰ কথাবোৰ ক'বলৈ কোনো মানুহ আজিলৈকে পোৱাই নাই জানিছা-" বাবর্ষে বিচনাখনতে একাষৰীয়া হৈ দিলে। মাটিৰ পৰা
এফুটমান ওখ খাটখন।
"বহুচোন-"
মুছলিমা তাৰ কাষতে বহিল।
কোঠাটোৰ ভিতৰত ঘন আন্ধাৰ, কাকো কোনেও দেখা নাই।
"বজলু এটা চয়তান-" তাই ক'লে।
বাবৰে নিবরে গুনি গ'ল
"সি আমাৰ বহুত লটিয়টি কবিলে। অ'বপবা তলৈ নিলে। সি
বাবাৰপৰা একয়াই নি যোক, এটা তিনিজনী ঘৈণীয়েক থকা বুড়া মানুহলৈ বেচিব খুজিছিল-..
"তাৰ পাছত?"
"মি নিজেও এটা গুণ্ডা"
বাববে নেমাতিলে, চকু মুদি বললুর কেজিন্নাই দেখা চেহেবাটো এবাৰ মনত পেলাবৰ চেষ্টা কৰিলে। এবা, তেনেকুৱা সাইছে কিজানি মাঙ্গুহৰ ডিডি কাটিবও পাৰে। মোৰ কিন্তু সি উপকাবেই কবিলে! "আমাৰ ঘৰবাৰী, মাটি ভেটি একো নাই, সেইবুলি মান 'ইজ্জতো
নাইনে কি?" কি ক'ব বিচাৰি নেপাই বাববে ক'লে, "জালাল চাঙাও বহুত বুড়া হৈছে।"
"হৈছে। ইব্রাহিম বেয়া মানুহ নহয়। কাব্বাব করে, খেতি আছে, টকা পইচা আছে। ল'ৰা ছোৱালী স্কুল কলেজত পড়াইছে। আমাক কৈছে, তহঁত ঘৰ বুলি থাক। এনেই খাবলৈ দেপায়। কিবাকিবি কৰিবি-যি পাৰ। কষ্ট মেহনত ময়ে। কৰোঁ, ভইতেও কৰিবি। মোৰ লগত থাকিলে তোক কোনোরে দিগদাবি কৰিব নোৱাৰে।"
"ইয়াত তহঁত ভালেই আছ?"
"কিছু নিৰাপদে আছো। কিন্তু সুখ নাই। ৰাক তুমি শোয়া, ৰাতি বহুত হ'ল।"
বাবৰে অনুভৱ কৰিলে মুছলিমাৰ বেছি বয়স হোৱা নাই যদিও, জীৱনৰ পৰা তাইৰ ভিতা-কেঁহা বহুত অভিজ্ঞতা হৈছে। কিন্তু
তাইৰ মনৰ বল আছে। সেইটো ডাঙৰ কথা।
বাবৰ বিচনাতে বহিল, মুছলিমাৰ গাৰ কাষতে।
"বহিলা কিয়?"
"মোৰ কথাওতো তহঁতে নেজান?"
"কি জানিব লাগে আৰু? চেন টকা-" ঠিকাদাৰ হৈছা, বিয়া করোয়া নাই,
"সেইবোবেই চব কথানেকি? গুন-রোবো জলবায়ী রাষ্ট। ছবিফ গাঁওবুঢ়া নায়ে এজন ধনী সেয়ালীন কত পার্কে এতিয়াও নিজব খব হোৱা নাই। সাটি অপ্রল অলপমান অয়ন্দ্রে-বৈবো।
টকাও অলপ কৰিছো, নকৰা নহয়, পিছে ছবিফ গাঁওৰুঢ়াৰ ঘৰব পৰা মই এতিয়াও গুচি অহা নাই।"
"কি কৰা?"
"খেতিবাতিও কৰোঁ, হাট-বজাৰো কৰো, আৰু এতিয়া অলপ মিলিটাৰী ঠিকা কৰিছো।" বাবৰে ক'লে।
"সঙ্গায় তাতে থাকিবা নেকি?"
"ছৰিফ গাঁওবুঢ়া বৰ ভাল মানুহ।" অলপ পৰ মনে মনে থকাৰ পাছত মুছলিমাই ক'লে, "বাক শোৱা, মই তোমাৰ টোপনি খাট কৰিছে।"
বাবৰো অলপ পৰ মনে মনে থাকিল। ওচৰতে বহি থকা মুছলিমাৰ কেঁচা গাটোৰ পৰা কিবা এটা যেন কোমল গোন্ধ ওলাইছিল, হয়তো সেইয়া তাইৰ চুলিৰ গোন্ধ। বাবৰৰ ভাল লাগিল। বাবৰে অনুভৱ কৰিলে যেন তাৰ কাষৰ পৰা মুছলিমা উঠি যাব
খোজা নাই। কোঠাটোৰ ভিতৰত বৰ ডাঠ আন্ধাৰ। লেমটোত সঁচাকৈয়ে তেল নাইনে?
বাৰৰে কিবা এটা ক'ব খুজিছিল, কিন্তু মুছলিমাই কৈ উঠিল,
"তুমি বেয়া পাইছানে কি?"
"কেলেই! কিহৰ কাৰণে বেয়া পাম?"
"মই তোমাৰ ওচৰত বহি আছো, আৰু তুমি শুব পৰা নাই?" বাবৰে ক'লে, "মোৰ নিজা ঋষবাৰী থকা হ'লে, আৰু তহঁতে। যাওঁ বোলা হ'লে, মই তহঁতক মোৰ তালৈকে লৈ গ'লোঁহেঁতেন-"
"আমি কেলেই যাম!"
"নেষার জানিছো, কথাটোহে কৈছো" কিন্তু অপ্রস্তুত হৈ বাববে ক'লে। হঠাৎ মুছলিমা আন্ধাবতে ভাব ফালে ঘুবিল আক তাব হয়ো বাহুত স্থখন হাত বৈ মুৰটো তাৰ মুখৰ অলপ ওচৰ চপাই নি ক'লে, "তোমাৰনো মই ফি হওঁ যে তোমাৰ লগত গৈ থাকিম? তুমি এতিয়াও সঙ্ক ল'ৰা হৈ আছা সৰু ল'ৰা? মই মিলিটাষী কনট্রেকটৰ জান?"
"হৈছে, হৈছে। বব কনদেক্টাৰ। কিমান টকা হৈছে? এজনী ছোৱালী পুহিব পাৰিবা?"
বাবৰে কিবা উত্তৰ দিব খুজিছিল। মুছলিমা বিচনাৰ পা
নামিল আৰু তাৰ কাষৰ পৰা আঁতৰি আছিল। "তোমাক বহুত আমনি কৰিলোঁ-বেয়া নেপাবা দেই। তোমাৰ টোপনি আহিছে-শুই থাকা-কৈ মুছলিমা আঁগুবি গ'ল।
"মুছলিমা-" "মই শুইছো, এতিয়া আৰু নেমাতিবা, বাতিপুৱা সোনকালে উঠিব লাগিব নহয়-”
বাবৰ বিচনাত পৰিল, সি ক'ব খুজিছিল, 'বেয়া নেপায় যদি ইয়াতে মোৰ বিচনাতে শুই থাক। মোকহে সক ল'ৰা বুলিহু, তইনো কি বৰ ডাঙৰ ছোৱালীজনী-'
কিন্তু সি একো ক'ব নেৱাৰিলে।
সেই বুলি ক'লে হয়তো মুছলিমাই কৈ দিব, "তোমাক অলপ ভাল বুলি ভাবিছিলোঁ, কিন্তু তুমিও বদমাইছ।"
বাবৰে শুবৰ যত্ন কৰিলে।
বিচনাখন আচহুরা নাইবা টান কাৰণেই হওক বা বাতিটো আন্ধাব কাৰণেই হওক, তাৰ টোপনি শেহ ৰাতিহে আহিল।
জালাল বুঢ়া আৰু মোখলেছ আছি দেখিলেছি মূছলিমাই উঠি চাহ-জলপান বনাইছে আৰু বাৰৰ তেতিয়াও লালকাল দি ওই গাছে। বাববহুতে চাহ খোৱাৰ পাছত জালালৰ ঘৰলৈকে ইব্রাহিমো আহিল। সেই দিনটোৰ ভিতৰতে যাৰৰে একলাখ থেবণ ব্যৱস্থা কৰিলে। আক ইব্রাহিমকে আরশুকীয় আগধন দিলে। মূহুলিমাৰ কথাৰপৰাই তাৰ বিশ্বাস হৈছিল যে ইব্রাহিম সৎ আৰু বিশ্বাসযোগ্য সাল্লহ।
আক এদিন থাকি যাবৰ কাৰণে জালালে বাববহঁতক কৈছিল। কিন্তু খাববে ক'লে, "আমাৰ অব এবা তিনি চাষি দিন হ'ল, বস্তুত লোকচান হ'ব। আকৌ কেতিয়াবা পাৰিলে আহিম।" তাৰ পাছত মুছলিমাৰ ফালে চাই ক'লে, "মুছলিমা দন্দুৰী হৈছে। যোৱা ৰাতি মোৰ লগত বহুত কাজিয়া কৰিছে। তাইক যিমান সোনকালে পাৰা কাৰোবালৈ বিয়া দি দিয়া। হোরা, এইকেটা টকা বাখা। খবৰ দিবা আৰু টকা পঠিয়াই দিম-" কৈ এখন এখটকীয়া ন'ট জালাললৈ আগ বঢ়ালে।
"এই পইচা নো কেলেই দিছ। আমি যেনেতেনে চলি আছো- আল্লাই চলাইছে। দিচ্ছ যদি মুহুলিকে দে
ন'টখন হাতত লৈ মুছলিমাই ক'লে, "বাপ বে বৰ ডাঙৰ নোট। এইখনেৰে কেইখন বিয়া পাতিব পাৰি বাবা-"
জালালৰ সাক্ষাতত বাবৰে মুছলিমাৰ লগত চুপতি নকৰাই ভাল হ'ব বুলি ভাবিলে। তথাপি ক'লে, "তোৰ নিচিনা কামী ছোৱালী দহজনীৰ বিয়া পাতিব পৰা যাব।"
মুছলিমাই গামোচা এখনেবে বান্ধি টোপোলা এটা দিলে। বাৰৰে ল'লে। সুধিলে, "কি দিছ?"
"তোমাৰ নিচিনা দহোটা ল'ৰাৰ বিয়া পাতিষ পৰা জলপান চিৰা মুড়ি, গুৰ, কেঁচা জলকীয়া-চব দিছো।। বাউতে খাই শেষ কৰি নেপেলাবা, লৈ যোৱা।"
বাৰৰহঁতক জালাল বুচা আৰু লগে লগে আছি আগ বঢ়াই দিলে। মুছলিমাই ভালেমান দূবলৈকে এৰাএৰি হ'বৰ সময়ত জালালে ক'লে, "মোৰ দিনকেটা বেনেতেনে ইয়াতে কটাওঁ বুলি ভাবিছো, আফনো কেইদিন বাচিম? মোৰ চিন্তা হ'ল মুছলিক লৈ। ওই যে আমাৰ ইমান ওচৰতে আছ নেজানিছিলোঁ। নৈখনৰ ইপাৰ সিপাৰহে, তই আহিব নোৱাৰ যদি কেতিয়াবা আলিয়ে ওলামগৈ।"
"এবা তোমালোকেই কেতিয়াবা যাবা, মই থেছি ভাগ বিলিটাৰী কেম্পতে থাকো। মোক লগ নেপালেও ছবিক অঠওবুঢ়াক সকলোয়ে চিনি পায়। তেওঁৰ থবলৈকে বাবা।"
তাৰ পাছত বাবৰ আৰু যোখলেহ গ'লগৈ।