shabd-logo

তেইশ

24 January 2024

0 দৰ্শন কৰা হৈছে 0

মৰীয়মে বিয়াৰ কথা কয়, কামৰাণে বিয়াৰ কথা কয়, গাঁওঢ়াই বিয়াৰ কথা কয়, আনকি কেম্পত ঠিকাদাৰ ভূমিধৰ শৰ্মায়ো বিয়াৰ কথা কয়। বর্তমানত বাবৰৰ কাৰণে যেন একমাত্র কৰিবলগীয়া কাম বিয়া-আৰু একো নাই। টকা পইচাও হৈছে, ঘৰবাৰীও হৈ আহিছে, সিও ডেকা হৈছে। এতিয়া আৰু বিয়া কৰোবাৰ বাহিৰে তাৰ কি কাম আছে?

তাৰ কাৰণে ছোৱালী চাই, পছন্দ কবি খুজি মেলি দিওঁতা কোনো নাই। গাঁওবুঢ়াই নিজেই কৈছে, এইটো তেনেই সামা্য কথা নহয়। বাপেকে কোরা কথা জীয়েকে পেলাব নোৱাৰে। ৰাণীয়ে চাগৈ পাকে প্ৰকাৰে তাক বিয়া কৰাবলৈ সম্মতি জনাইছে।

গাঁওবুঢ়া আৰু কিমান দিন বাচি থাকিব কোনেও ক'ব নোৱাৰে। যদি মৰি থাকে ৰাণী মোবাৰক মাষ্টৰহঁতৰ আশ্রয়তো থাকিব লাগিব। তেতিয়া, মই ইয়াত নথকাৰ সুযোগ লৈ কামৰাণে যদি বাণীক বিয়া কৰাই পেলায়!

সেইটো ভাল কথা ন'হব।

সেইটো বেয়া কথা হ'ব।

মই বিয়া নকৰালেও কামৰাণক বাণীক বিয়া কৰাবলৈ এৰি দিব নোৱাৰি। তাৰ লগত ৰাণীয়ে সুখেৰে খাব নোৱাৰিব। ভাইব দুখ হ'ব। গাঁওৰুচাৰ জীয়েক ৰাণীৰ প্রতি মোৰো এটা কর্তব্য আছে। গাঁওবুঢ়ায়েই মোক আশ্রয় দি মানুহ কৰিছে। মই অরুজক হ'ব নোৱাৰে।।

হয়তো ময়ো ৰাণীৰ যোগ্য নহওঁ। মোৰ ৰাণীতকৈ পড়াশুনা কম। আচলতে মইতো বাণীৰ ঘৰৰ কাম্পাহে। আজিও মই একেবাৰে স্বতন্তৰীয়া হোৱা নাই। আৰু হ'লেও, মই যে এসময়ত গাঁওবুঢ়াৰ ঘৰতে কাম্‌ফ্লা আছিলোঁ, সেই কথা লুকুৱাবৰ উপায় নাই। মই লুকুৱাবলৈ নিবিচাৰোঁও।

এই কথা লৈ বিয়াৰ পাছত কেতিয়াবা যদি ৰাণীয়ে মোক অপমান কৰিব খোজে? কিন্তু নোৱাৰিব। বিয়াৰ পাছত ৰাণী আৰু মই ছটা হৈ নেথাকে। মোৰ মান-সম্মানেই ৰাণীৰ মান-সন্মান হ'ব। মোৰ অপমানেই ৰাণীৰ অপমান হ'ব। ৰাণীয়ে নিশ্চয় মোক ঘৃণা অপমান কৰিবৰ সাহস নকৰিব। তথাপি ৰাণীৰ মনটো বুজিব পৰা হ'লে ভাল আন্সি। বাণীক এবাৰ সুধিব পৰা হ'লে ভাল আছিল। মোৰতো সুধিবৰ কোনো উপায় নাই। মৰীয়মৰ হতুৱাই কিবা উপায়ে ৰাণীৰ মনৰ ভাবটো বুজিবৰ দিহা কৰিব পৰা হ'লে!

কিন্তু সেইটো বৰ ভাল কথা নহ'ব। মৰীয়মে সেই কাম কৰিবলৈ ভাল নেপাব। ৰাগীক বিয়া কৰোৱাৰ কথাটো নোলোৱা হ'লে মই কিজানি মৰীয়মকে বিয়া কৰালোহেঁতেন। তাইক মই সকৰেপৰা চিনো, জানো। তাইক মই বুজিও পাওঁ। মোৰ নিচিনাই তাই দুখীয়াৰ ঘৰৰ ছোৱালী। তাই জীৱনত বহুত দুখ কষ্ট পাইছে। জীৱনৰ মুখামুখী হৈছে। তাই মোকো ভালকৈ বুজি পায়।

কিন্তু বাণীয়ে মোক নেজানে। তথাপি যে গাঁওবুঢ়াই ৰাণীক মোৰ লগতে বিয়া দিব খুজিছে। না কৰাটো মূর্খামী হ'ব। বাপেকে জীয়েকক হুবুজেনে! আৰু আল্লাই যাৰ লগত যাৰ যোৰা ৰাখিছে। আমাৰ তাক ৰদবদল কৰিবৰ কি শক্তি আছে।

তথাপি যুদ্ধখন শেষ হোৱালৈকে বাট চাব পৰা হ'লে! বিয়া কৰাইতো মই ঘৰত থাকিবলৈ নেপাওঁ। কেম্পলে যাব লাগিব। মিলিটারী কেম্পলে তো ন-কইনাজনী নিব নোৱাৰি।

লগত পৰামৰ্শ কৰিবলৈকো তাৰ লাজ লাগিল। কোনে বা কি ভাবে কোনে বা কি কয়! মৰীয়মৰ মনৰ মাজত বহুত ক্রোধ আছে। বহুত অভিমান আছে, দুনীয়াৰ কাৰো ওপৰত তাইৰ ওপৰত হোৱা অন্তায় অবিচাৰৰ বাবে প্রতিশোধ ল'ব নোৱাৰি, তাই নিজৰ ওপৰতে নিয়ে প্রতিশোধ লৈছে। মোৰ আৰু ৰাণীৰ বিয়াৰ বিষয়ে তাইৰ মনত নতুন আঘাত দিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে। তাই জীৱনত যিমান দুখ পাইছে সেই সকলোবোৰৰ বাবে মই হয়তো দায়ী নহওঁ জমীদাৰ দায়ী, জমীদাৰী দায়ী, যুদ্ধ দায়ী, আকাল মহামাৰী দায়ী। কিন্তু দায়ী বুলি দোষাৰোপ কৰিবলৈ সেইবোৰক তাই ক'ত লগ পাব? মোৰ বাহিৰে তাই কাকো লগ নেপায়।

আৰু তাই মোক দায়ী কৰিব নোখোজে। তাইৰ দুর্ভাগ্যৰ কাৰণে মোক জগ্ৰীয়া কৰাৰ কথা তাই ভাবিবও নোৱাৰে।

দিনবোৰ আগবাড়িব ধৰিলে। খৰকৈ, হুৰমুৰকৈ উশাহ নসলোৱাকৈ। এনে অৱস্থাত ক'ৰবাত অকণ ৰৈ ধীৰে সুস্থে চিন্তা- ভাবনা কৰাৰ অবসৰ কাৰো নাই। কিবা সিদ্ধান্ত কৰিলেও হুৰমুৰকৈয়ে কৰিব লাগিব। বাবৰে এটা কথা ঠিক কৰিলে: বিয়া এতিয়াই হওক বা দুদিন পাছতে হওক মোৰ আধা-সজা ঘৰটো সজাই সম্পূর্ণ কৰাব লাগিব। বিয়া হওক বা নহওক, ঘৰটো যেনে তেনে সজাই উলিয়াবই লাগিব। নিজাকৈ ঘৰ এটা লাগেই।

বাবৰে আগতকৈ ঘনাই কেম্পৰপৰা ঘৰলৈ অহা যোৱা কৰিব ধৰিলে। যদিও যুদ্ধৰ দিন-ঘৰ সজোৱাটো সহজ কথা নহয়, বন্ধ বাহানিৰ দাম কেইবাগুণে বাড়িছে, মিন্ত্রী বহুৱাৰ হাজিৰা বাঢ়িছে, তথাপি বাবৰে ঘৰটো সম্পূর্ণ কৰিবৰ চেষ্টা কৰিলে।

এইদৰে খনাই ঘৰলৈ আহি থকাৰ কাৰণে মৰীয়ম আৰু চাচায়ো ভাল পালে। আৰু সিহঁতবো বুজিবলৈ টান নেলাগিল যে এই খৰখেন বিয়াখন পাজিবৰ কাষণেই কব) য়েছে।

বাবনে এখন জলদকৈ কিছু কাপোন কানিও খোটালে। এজনী ছোৱালীক লৈ ঘৰ কৰা, তাতে গাঁওবুঢ়াৰ জীয়েক বাপীক লৈ সংসাৰ কৰা, তাৰ আয়োজন মিলিটাৰী ঠিকাদাৰ বাবৰে যথাযথভাবে কৰিব নোৱাৰিলে কাললৈ, বদনাম ৰৈ যাব।

- তাতে যুদ্ধৰ দিনত মানুহে ভাল বেয়াৰ বিচাৰ কৰিব নজনা হৈছে। পাপক পাপ বুলি গণ্য নকৰে, ব্যভিচাৰক ব্যভিচাৰ বুলি নেভাবে, আগেয়ে কোনো কালে দেশত নোহোৱা, সমাজত নোহোৱা কাৰ্য্যবোৰ যেন সদায় চলি থকা সাধাৰণ ঘটনাহে। এইবোৰ দেখি শুনি বাবৰৰ নিজৰ বিষয়েই দুশ্চিন্তা হয়, কেতিয়াবা পৰম্পৰাগত নৈতিকতা ৰক্ষা কৰি চলিব পাৰিবৰ কাৰণে সি নামাজ পঢি আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰে। কোনো অসৎ প্রলোভনে যেন তাক পথভ্রষ্ট নকৰক।

এইদৰেই সি মনোবল গোটাৰৰ যতু কৰে। সি ভাবে যে বিয়াখন কৰাই পেলালে যি সকলো অন্তায়, অপৰাধ কুকর্মৰ পৰা ৰক্ষা পৰিব।

বিয়াখনেই হ'ব তাৰ ৰক্ষাকরচ।

আৰু যিমানেই টকা পইচা ন'হওক কিয়, বিয়া নকৰোৱা মানুহক সমাজে লেখত নধৰে। সমাজৰ এজন লেখৰ মানুহ হিচাপে স্বীকৃতি পাবৰ কাৰণেও সি বিয়াখন কৰাই পেলোৱা দৰকাৰ।

খোদাৰ হুকুম হ'লে ৰাণীক বিয়া কৰাই সি শুধী হ'ব। ভাগ্যই তাক অচিন অজ্ঞান ঠাইলৈ আনিলে, ভাগ্যই তাক অচিন অজানৰ লগত চিনাকি কৰালে, এতিয়া ভাগ্যয়েই তাক ভরিয়াত জীৱনৰ পথত আগুৱাই নিব। মৌলবী চাহেবে কোৱা কথা তাৰ মনত আছে- আমাৰ ভাগ্যত যি লিখা আছে তাৰ খণ্ডন নহয়। মাদুহৰ কাম কৰাৰ শক্তি আৰু অধিকাৰ আছে। তক্‌ঙ্গীবত, ভাগ্যত যি আছে, ডাকো লাভ কৰিবলৈ আমি মেহনত কৰিব লাগে, কাম কৰিব লাগে। বাববে কাম কৰিছে, তদীবে সনদ কৰিলেই হয়। সেইদেখি কেতিয়াবা সি নামাজ পড়ি মুনাজাত কবে: "হে আল্লাহ, মই অজ্ঞান মই মূর্খ, মই একো নেজানো। তোমাৰ ওচৰত কি বিচাষিব লাগে, তাকো নেজানো। মোৰ দোষৰ কাৰণে, ভুলৰ কাৰণে গুণাহব কাৰণে মোক তুমি মাক কৰিবা।

এনেকৈ প্রার্থনা কৰি মনটো তাৰ পাতল লাগে, মনত বস্তুত বল

পোৱা যেন লাগে।

তেতিয়া তাৰ মিলিটাৰী কেম্পত অকলে থাকিও অকলশৰীয়া যেন নেলাগে।

এদিন সি ঘৰলৈ আহিছিল। সবহু টকাৰ এখন বিলৰ টকা লগতে লৈ আহিছিল। চাচাৰ কাৰণে এখন নতুন লুভী আৰু মৰীয়মৰ কাৰণে এখন শাড়ীও লৈ আহিছিল।

সি এবাৰ ভাবিছিল ৰাণীৰ কাৰণেও এখন শাড়ী কিনিব, কিন্তু বহুত ভাবি সি. নিকিনিলে। তাৰ সলনি সি গাঁওবুঢ়াৰ কাৰণে এটা কিছু দামী কুর্তা কিনিলে।

কিন্তু ঘৰ পোৱাৰ লগে লগে তাৰ মনৰ সকলো আনন্দ-উল্লম

দমি গ'ল।

মৰীয়মে তাক দুটা বেয়া খবৰ দিলে-গাঁওবুঢ়াৰ অসুখ বেছি হৈছে-অৱস্থা বেয়া, আৰু কেইদিন জীয়াই থাকিব কোনেও সঠিক ক'ব নোৱাৰে। গাঁৱৰ মাদুহে দিনে-ৰাতিয়ে পৰ দিছে। আনটো খবৰো ভাল নহয়।

উত্তৰ পাৰৰ মুছলিমা নামৰ ছোৱালীজনীক ওচৰতে এখন গাঁৱৰ এটা মানুহে জোৰ কৰি ধৰি আনিছিল। বাইতে পুলিছে পালে। ছোৱালীজনীয়ে বাবৰক চিনি পাওঁ বুলি কৈছে, আৰু তাৰ হাৱালাত থাকিম বুলি পুলিছক কৈছে। পুলিছে বাবৰক বিচাবি সাহিছিল। কৈ থৈ গৈছে যদি বাববে অভিভাৱক হিচাপে ছোৱালীজনীৰ দায়িত্ব লৈ নিজৰ ঘৰত আশ্রয় দি ৰাখোঁ বোলে পুলিছে ছোৱালীজনী এবি দিব।

মামুহুটোক নেবে। 

তাৰ বিচাৰ হ'ব।

বাবৰ বিব্রত হ'ল।

মুছলিমা যদি সেই মুছলিমাই হয়-নহ'লে তাৰ কথা ক'ব কিয়? তেন্তে তাইক ৰক্ষা কৰাটো নিশ্চয় তাৰ কর্তব্য হ'ব। মুছলিমা তাৰ দুখৰ দিনৰ চিনাকি, তাই তাক পাহৰা নাই, তাই তাক নিজৰ আপোন বুলি ভাবে।

কিন্তু তাইক ধৰি অনা মানুহটো কোন?

মুছলিমাৰ বাপেক ক'লৈ গ'ল।

আৰু সিহঁতৰ আশ্রয়দাতাজন?

ইব্রাহিম?

বাবৰে মবীয়মৰ আগত মুছলিমা আৰু সিহঁতৰ পৰিয়ালটোৰ কথাবোৰ ক'লে। আৰু এনে পৰিস্থিতিত কি, কৰা উচিত হ'ব সেই বিষয়ে আলোচনা কৰিলে।

মৰীয়মে ক'লে যে প্রথমে সি এবাৰ গাঁওবুঢ়াৰ খবৰ কৰি আহক তাৰ পাছত মুছলিমাৰ খবৰ কৰিবলৈ যাব। ছোৱালীজনীয়ে ক'লে বুলিয়েই বাবৰ জঁপিয়াই পৰাটো ঠিক কথা নহ'ব। এনেবোৰ কাম ভাবিচিন্তিহে কৰা ভাল।

"গাঁওবুঢ়াৰ কাৰণে চোলাটো যে আনিছিলোঁ নিম নে নিনিম?" বাবৰে সুধিলে।

"আনিলি যেতিয়া নে। পিছে বুঢ়াই যে সেই চোলা পিন্ধিবলৈ গা উদ্ভাব-আশা কম।" মৰীয়মে ক'লে।

বাবৰ যেন কিছু বিব্রত হ'ল। বুঢ়া বেছিকৈ অসুস্থ, জানোচা বাবৰ গৈ পালে ৰাণীক বিয়া কৰোৱাৰ বিষয়টো উত্থাপন কৰে, জানোচা বিয়াখন সোনকালে, এতিয়াই পাতি পেলাবলৈ কয়। সি কি কৰিব?

বাবৰে একো থিৰাং কৰিব নোৱাৰিল।

মৰীয়মে ক'লে, "ইমান ভয় খাব নেলাগে। গাঁওবচাৰ ঘৰলৈ গ'লেই ৰাণীক তোৰ গলত বান্ধি ওলোমাই নপঠিয়ায়। নহ'লে তই থানালৈ যা, মই গাঁওবুঢ়াৰ ঘৰলৈ গৈ তেওঁ কেনেকুরা আছে খবৰ এটা কৰি আহো।"

"মুছলিমাক যদি আমাৰ ঘৰলৈ লৈ আহিবলগীয়া হয়।"

"ভালকৈ খবৰ কৰি ল'বি। কোনো লেঠাপিঠা নাই যদি লৈ আহিবি, তইতো তাইক চিনি পার, নেপার জানো?"

"পাওঁ। কিন্তু ঘটনাটো বা কি হৈছে?"

“খবৰ কৰিলেই বুজিব পাৰিবি নহয়। তই তালেকৈ যা তেনেহ'লে।"

বাবৰ নিজৰ বাৰীলৈ গ'ল। চাচা আৰু মৰীয়মহঁতে নানা শাকপাত লাও বেঙেনা জলকীয়া কৰিছে-শস্তবোৰ লহপহীয়া হৈছে-দেখি বাবৰৰ ভাল লাগিল। পুখুৰীটোৰ পানীবোৰ জলজলীয়া ফটফটীয়া হৈছে। সৰু সৰু দনিকণা, চেলেকণা মাছবোৰ জঁপিয়াই ছটফটাই আছে। সি দলঙতে বহিল আৰু পুখুৰীটোৰ মাছবোৰৰ ফালে চাই থাকিল।

এজাক শান্ত, কোমল বতাহ বলিছিল। আকাশখন মিঠা ৰ'দেবে ভৰি পৰিছিল। বাৰীৰ ঢাপৰ তামোল-নাৰিকল গছবোৰৰ পাতবোৰ জিৰজিৰকৈ কঁপিছিল।

অলপ সময়ৰ কাৰণে বাবৰে অন্ত্য কথাবোৰ পাহৰি গ'ল। এই নিৰিবিলিখিনি, এই নির্বরতাখিনি, এই শান্তিখিনি তাৰ সমগ্র হৃদয় দি, সমগ্র দেহ আৰু মন দি নিজৰ কৰি ল'বৰ মন গ'ল। এইটো শান্ত পৰিবেশৰ মাজত তাৰ পাহৰি যাবৰ মন গ'ল পৃথিবী জুবি চলি থকা যুদ্ধখনৰ কথা, ছবিফ গাঁওবুঢ়াৰ যোৱাখোৱা বেমাৰৰ কথা, পুলিছৰ হাতত বন্দী হৈ থকা মুছলিমাৰ কথা।

সি বহুত পৰ দলত্ততে বহি থাকিল। তাৰ পাছত লাহে লাহে উঠি আছিল।


34
প্ৰবন্ধ
এচিয়াৰ জ্যোতি।
0.0
১৮৭৯ চনত প্ৰথম প্ৰকাশিত ছাৰ এডউইন আৰ্নল্ডৰ মহাকাব্যিক কবিতা 'দ্য লাইট অৱ এছিয়া' হৈছে বুদ্ধৰ জীৱন আৰু বাৰ্তাৰ আখ্যান। ই দ্ৰুতগতিত এক বিশাল অনুভূতিলৈ পৰিণত হৈছিল আৰু যোৱা ডেৰ শতিকা ধৰি সমগ্ৰ বিশ্বতে ই শক্তিশালীভাৱে অনুৰণন কৰি আহিছে।
1

এচিয়াৰ জ্যোতি (তথাগত বুদ্ধৰ মহান ত্যাগৰ অমৰ কাহিনী) প্রথম অধ্যায়।

6 January 2024
0
0
0

যি জন বুরবাজ সিদ্ধার্থ, গৌতম, শাক্যসিংহ আদি নামেৰে পৰিচিত হৈছিল-বিজন পৃথিবী আৰু স্বৰ্গ আৰু নৰকত অঙ্কুপম, যি জন সর্বব-সন্মানিত আটাইতকৈ জ্ঞানী। অতি ভুলব, অতি দয়ালু, নির্ব্বাণ আৰু নীতিধৰ্ম্মৰ শিক্ষাদাতা-

2

এচিয়াৰ জ্যোতি।

8 January 2024
1
0
0

তেতিয়া এগৰাকী সখীয়ে উত্তৰ দিলে- "ধুনীয়া কোঁৱৰ! প্রথমে আমাৰ ৰাজধানী আছে, মন্দিৰ, ৰাজ-উদ্যান, কুঞ্জবন, তাৰ পাছত শস্যৰ পথাৰ। তাৰ পাছত খাল-ডোং, স্কোপা, জুপুৰী ভৰা বহুল মুকলি পথাৰ। তাৰ পৰা গৈ পাব গৈ ৰজা বি

3

চতুর্থ অধ্যায়

8 January 2024
1
0
0

যিটো হ'ব লগীয়া আছিল সেইটোরেই হ'বৰ সময় ওচৰ চাপি আছিল। প্রভু বুদ্ধৰ সংসাৰ ত্যাগৰ দিন পালেহি। সেই সোণালী ঘৰখনত বিষাদৰ বিননি উঠিল। বজা শোকত মৰহি গ'ল আৰু কপিলাবাস্তু সকলো প্রজ্ঞাই হাঁয়! হায়! কৰিলে। চ'ত মা

4

পঞ্চম অধ্যায়।

9 January 2024
0
0
0

ৰজা বিম্বিসাৰৰ বাজধানী ৰাজগৃহৰ চাৰিউপিনে বেৰি থকা পার্চোটা পর্ব্বত আছিল। বৈভাৰ, বিপুল্ল, তপোবন, শৈল-গিৰি আৰু ৰত্ন-গিৰি। বৈভাৰ সেউজীয়া ঘাঁহ আৰু খাজুর গছেৰে ভবা। বিপুল্লৰ নামনিয়েদি ক্ষীণ সৰস্বতী নৈ বৈ গ

5

৬৪ অধ্যায়

9 January 2024
0
0
0

অৱশেষত যি ঠাইত বিজুলী চমকৰ দৰে অমৰ জ্যোতি আহি সিদ্ধার্থৰ হিয়াত দেখা দিলে, এতিয়া সেই ঠাইৰ কথা কোরা হওক। গঙ্গাৰ পাৰে পাৰে গৈ সেউজীয়া পৰ্ব্বত মালাৰ মাজেদি ওলাই অহা দুখন সৰু নৈ-এখনৰ নাম নৈষজনা আক আনখনৰ ন

6

সপ্তম অধ্যায়

10 January 2024
0
0
0

পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চৰাই ঘুৰি ফুৰা উট

7

অষ্টম অধ্যায়।

10 January 2024
0
0
0

কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিংযোৰ চকুত পৰে। গোট

8

পুত্ৰৰ শোকত

11 January 2024
0
0
0

সপ্তম অধ্যায়   পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চ

9

কালীৰ পৰা গৰুগাড়ীৰে

11 January 2024
0
0
0

অষ্টম অধ্যায়।   কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিং

10

চাৰি

15 January 2024
0
0
0

আয়োজন দেখিয়ে সকলোৱে বুজিব পাৰিলে যে এইবাৰৰ জমিদাৰবাৰীৰ গানৰ আসন আগে হোৱাতকৈ বহুত ডাঙৰ আৰু বেলেগ হ'ব। বিৰাট ৰভা দিয়া হৈছে, বহুত মানুহ বহিব পৰাকৈ ঠাই উলিউল্লা হৈছে, গায়ক গায়িকা বহিবৰ কাৰণে ওখ মঞ্চ সজা হ

11

পাঁচ

15 January 2024
0
0
0

ভাৰতত বৃটিছ সম্রাটৰ ৰাজত্ব। বংগদেশ, অসমত বৃটিছৰ হৈ শাসন কৰিছে ভাবতীয় শাসকে। বংগত ফজলুল হকে, অসমত চাৰ চাহুল্লাই। বংগদেশত প্রাদেশিক চৰকাৰৰ তলত একাধিপত্য চৰকাৰ চলিছে নাৱাব আৰু জমীদাবব। বৃটিছৰ শাসন কটকট

12

সাত

15 January 2024
0
0
0

বাবৰ আৰু জাফৰে মৰীয়ম আৰু চফিকাক জেঠাইৰ ঘৰত চমজাই এক অনির্দিষ্ট পথত খোজ আগবঢ়ালে। আজিলৈকে জমীদাবন ঘৰৰ চাকৰ চাকৰৰ এটিলৈও কোনোরে আঙুলি এটা টোওরা নাই, তেনেস্থলত জমীদাৰৰ মূৰত টোকোনৰ দাষ পোষাই কোন সাৰি যায়?

13

আই

16 January 2024
0
0
0

মাল্লহ সৰহ নহয়, দুখন গাঁৱৰ ১টা মানুহ। এটা পৰিয়ালৰ তিনিটা-মাক বাপেক আৰু এজনী ছোৱালী, সিহঁতৰ সক ডাঙৰ তিনিখন ভাৰত ঘৰৰ বয়বস্তু লামলাকটু সকলো বান্ধি কান্ধত লৈছে। মাক আৰু ছোৱালীজনীৰ গাইপতি একোটাকৈ কাপোৰকানি

14

দ্বিতীয় ভাগ ন

16 January 2024
0
0
0

দক্ষিণৰ আকাশৰ বুকত ক'ৰবাৰপৰা আহি মেঘবোৰ ৰূপ খাইছেহি। আকাণৰ নীলাই দূৰণিত-হাবিয়নিজৰাৰ সিপাৰে- মাটি ছুইছেহি। গঙাচিলনি, শৰালি আৰু বনৰীয়া ৰাজহাহবোৰ অলসভাৱে শূণ্যত উৰি ফুৰিছে। সিহঁতৰ পাখিৰ কঁপনিয়ে কোনো ৰাইক

15

17 January 2024
0
0
0

খৰালিৰ দিনবোৰ লাহে লাহে শেষ হৈ আহিল। আকাশৰ বুকত উৰি ফুৰা মেঘবোৰ ডাঠ আৰু ক'লা হৈ আহিল। গছব কুঁহিপাতবোৰ ঘন সেউজীয়া হৈ আহিল। প্রথমে দিনবোৰ আৰু ক্রমে ৰাতিবোৰ গৰম হৈ আহিল। শালি আৰু মৰাপাটৰ খেতিৰ কাৰণে যোজ

16

দহ

17 January 2024
0
0
0

চাৰিটা বছৰ পাৰ হৈ গ'ল। খবালি গ'ল, বাৰিষা গ'ল। বাৰিষা গ'ল, খৰালি গ'ল। ইয়াৰ মাজতে এবছৰ ডাঙৰ বান নাহিল। সেইবাৰ খেতিও ভাল হ'ল। বাকীকেবছৰ বববান আহিল, খেতি বাতি নষ্ট কৰিলে, ঘৰ দুৱাৰ ভাঙিলে, গৰু ম'হ উটাই ন

17

এঘাৰ

17 January 2024
0
0
0

দৰকাৰী কথাটো এদিন জব্বাৰে বাবৰক ক'লে। কেইবা দিনো চেষ্টা কৰিও বাবৰক অকলে লগ ধৰাৰ সুবিধা কৰিব নোৱৰাৰ কাৰণে মাঘ ফাল্গুন দুমাহত কথাটো কোরা নহ'ল। ইতিমধ্যে গাঁও জুৰি চাৰিওফালে যুদ্ধৰ বাতৰি বিয়পি পৰিব ধৰিলে

18

বাৰ

19 January 2024
0
0
0

ৰূপহী গাঁৱত এখন ডাঙৰ ৰাজহুৱা সভা হৈছিল। চৰকাৰৰ ফালৰপৰা জাননী দি কেইবাখনো গাঁৱৰ মানুহ গোটাইছিল। মন্ত্রী আহিছিল, আৰু বহুত ডাঙৰ মানুহ আহিছিল। নেচনেল ৱাৰ ফ্রন্টৰ অফিছাৰ আহিছিল। কেইবাজনো নেতাই ৰাইজক বুজাই

19

তেৰ

19 January 2024
0
0
0

হাটত বাববে ভালেমান চিনাকি মানুহক লগ পালে। প্রায় সকলোৰে মুখত একেটা কথাৰে আলোচনা-যুদ্ধ লাগিছে, জাপানৰ লগত আমাৰ দেশৰ যুদ্ধ লাগিছে। চৰকাৰে কৈছে যুদ্ধত সকলোৱে সহায় কৰা, কংগ্ৰেছে কৈছে সহায় নকৰিবা। বাবৰে আৰ

20

তেৰ

19 January 2024
0
0
0

জববাৰে খেতিবাতিও কৰা নাই, মিলিটাৰীৰ চাকৰি বা ঠিকাদাৰীও কৰা নাই। সি কিন্তু কিছু টকা কৰিছে। একো নকৰাকৈ সি কেনেকৈ টকা কৰিছে সেইটো বহুতৰে গুণাগথাৰ বিষয় হৈছে। মানুহে কোরাকুই কৰিছে যে বাতি বিয়লি তাক মিলিটা

21

চৈধ্য

22 January 2024
0
0
0

ভালেমানে কথাটো কৈছে। আনকি এদিন নে দুদিন মোবাৰক মাষ্টৰেও কৈছে। বাবৰে কথাটোত সিমান গুৰুত্ব দিয়া নাছিল। গুরুত্ব দিবলগীয়া কথাও নহয়। কিন্তু সেইদিনা ঈদৰ নামাজ পঢ়ি আহি বাবৰ যেতিয়া কাপোৰ কানি পিন্ধি গাঁৱব অন

22

পোন্ধৰ

22 January 2024
0
0
0

যুদ্ধখনে বহুতৰে বহুত দুর্গতি আনিলে। বহুত শাস্তিবে থকা মানুহৰ লটিঘটি হ'ল। বহুত ভৰগাঁও এৰি মানুহ উঠি যাবলগীয়া হ'ল-গাঁৱত যুদ্ধৰ বিমানঘাটী হ'ল, মিলিটাৰী কেম্প হ'ল, স্কুল কলেজৰ ঘৰবোৰ মিলিটাৰী হস্পিতাল হ'ল।

23

বোল

22 January 2024
0
0
0

ছবিফ গাঁওবুঢ়া হঠাৎ অসুস্থ হৈ পৰিল অব, কাহ, গাৰ বিষ। গাঁওবুঢ়াৰ টান বেমাৰ হোৱাৰ কথা কোনোষে ক'ব নোৱাৰে। বব বেছি কেতিয়াবা পানীলগা অৰ হোৱাৰ বাহিৰে অল্প কোনো টান বেমাৰ গাঁওবুঢ়াৰ হোৱা নাই। কিন্তু এইবাৰ গ

24

সোতৰ

22 January 2024
0
0
0

নারেবে নৈ পাৰ তৈ, মাজে মাজে খোজ কাঢ়ি, আফ এডোখষ কোনোবা মিলিটাৰী ঠিকাদাৰ এটাৰ ট্রাকেবে আহি ছদিনৰ মূর্বত বাববহঁত ঘৰ পালেহি। গোটেই বাটছোৱা যাবৰৰ মনটো আনন্দ কৃর্তিত আছিল। বাটৰ কষ্টবোৰ তাব কষ্ট কেন নেলাগিল।

25

উদ্দেশ

23 January 2024
0
0
0

ট্রাক এখনত বেত আৰু বাঁহ ভৰাই লৈ এদিন বাবৰ জাগীৰোডৰ ফালৰপৰা আহিছিল। গিবীণ মাষ্টৰৰ ঘৰৰ আগত গাড়ীখন ৰাখি সি সোমাই গ'ল, আজি কিছুদিন সি এইকালে আহিলেও, মাষ্টৰণী বাইদেউৰ খবৰ কৰিব পৰা নাই। মাষ্টৰণী ঘৰতে আছিল।

26

বিশ

23 January 2024
0
0
0

কলিকতা মহানগৰীৰ অলিয়ে-গলিয়ে পূব বংগৰ ভোকাতুৰ মানুহৰ অভূতপূর্ব ভিষ। য'তে ত'তে খাবলৈ নেপাই মৰা মানুহৰ মৰা শ। এই মানুহবোৰক কিবা খাবলৈ দি জীয়াই ৰখাৰ সমস্থাটোতকৈ চৰকাৰৰ ডাঙৰ সমস্যা হৈছে য'ত ত'ত মৰি পৰি থকা

27

একৈশ

23 January 2024
0
0
0

আকাশখন নতুন। একৈশ ডাৱৰৰ চপৰাবোৰত কৰোবাৰ ঘন ক'লা চুলিৰ আউলি বাউলিব কোমল ছাপ। বহুত ডাৱৰ, সিহঁত ক'ৰবাৰপৰা আহি আহি প খাইছেহি। মেঘৰোবৰ বুকত যেন বুজিব নোৱৰা কিছুমান কথাই গান হ'বৰ কাৰণে উখল-মাখল লগাইছে। ব

28

বাইশ

24 January 2024
0
0
0

ট্রাকখন আকৌ পিছবেলা আহিব। মিলিটাৰী মাল বোজাই কৰি আনি বাবৰকো লৈ যাব। আগবেলাটো বাবৰৰ হাতত আছে। ৰাতিপুৱা শুই উঠি, চাহু তাহ খাই, বাবৰ গাঁওবুঢ়াৰ ঘৰলৈ, অর্থাৎ বাবৰৰ নিজৰ ঘৰলৈ গ'ল। গাঁওবুঢ়াৰ স্বাস্থ্য আ

29

তেইশ

24 January 2024
0
0
0

মৰীয়মে বিয়াৰ কথা কয়, কামৰাণে বিয়াৰ কথা কয়, গাঁওঢ়াই বিয়াৰ কথা কয়, আনকি কেম্পত ঠিকাদাৰ ভূমিধৰ শৰ্মায়ো বিয়াৰ কথা কয়। বর্তমানত বাবৰৰ কাৰণে যেন একমাত্র কৰিবলগীয়া কাম বিয়া-আৰু একো নাই। টকা পইচাও হৈছে, ঘৰবাৰ

30

চৌবিশ

24 January 2024
0
0
0

মাত্র দুদিনৰ অসুখ-গ্রহণী, তেজ গ্রহণী, তাতেই জালাল বুঢ়া ঢুকাই থাকিল। বিশেষ চিকিৎসা কৰোৱাৰ সময়েই নহ'ল। প্রথম দিনা মুছলিমাই ঠেকেৰা পানী আৰু কিবাকিবি খাবলৈ দিছিল। দ্বিতীয় দিনা ইব্রাহিমে ডাক্টৰ মতাইছিল। কি

31

পঁচিশ

24 January 2024
0
0
0

কথাটো স্পষ্ট হৈ পৰিল, আৰু এই বিষয়ে কাৰো সন্দেহ নেথাকিল যে ছবিফ গাঁওবুঢ়া আৰু সৰহ দিন নিজীয়ে। বাবকেও এই কথা বুজিব পাৰিলে। প্রায় সকলোৱে বাবৰক পৰামর্শ দিলে. যে গাঁওবুঢ়াৰ জীৱনৰ শেষ ইচ্ছাটে। পূৰণ কৰাটো তা

32

ছাব্বিশ

24 January 2024
0
0
0

বহুতে ভাবিছিল-নহ'ব, বহুতে আশা কৰিছিল নহওক, আৰু সর্বসাধাৰণে কামনা কৰিছিল-যিমান সোনকালে হয়-হওক।। হ'ল। কিছু অপ্রত্যাশিতভাবেই যুদ্ধখন বিশ্বজোবা দ্বিতীয় মহাসমৰখন এদিন শেষ হৈ গ'ল। কিয়, কেনেকৈ, ক'ত যুদ্ধখন

33

সাতাইশ

24 January 2024
0
0
0

বিধানসভাৰ সাধাৰণ নির্বাচনৰ দিন ওচৰ চাপি আহিল। দেশ জুৰি উখল মাখল হুলস্থুল বাড়ি আহিল। কলেজ স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৰে মুখত কেৱল নির্বাচনৰ কথা, ভোটৰ কথা, কংগ্ৰেছৰ কথা, মুছলিম লীগৰ কথা। নিতৌ

34

আটাইশ

24 January 2024
0
0
0

বতৰ বৰ ভাল আছিল। খেতি বৰ ভাল হৈছিল। বাববে নতুনকৈ সজোৱা উড়ালটো গুটি আৰু গছি ধানেৰে উপচি পৰিছিল। অতদিনে তাৰ ধান গাঁওবুঢ়াৰ উড়ালতে থৈছিল। ঠিকাদাৰীত লাগি থকাৰ কাৰণে সি খেতিত বৰকৈ লাগিবও নোৱাৰিছিল। এই এই ব

---

এখন কিতাপ পড়ক