shabd-logo

দ্বিতীয় ভাগ ন

16 January 2024

0 দৰ্শন কৰা হৈছে 0

দক্ষিণৰ আকাশৰ বুকত ক'ৰবাৰপৰা আহি মেঘবোৰ ৰূপ খাইছেহি। আকাণৰ নীলাই দূৰণিত-হাবিয়নিজৰাৰ সিপাৰে- মাটি ছুইছেহি। গঙাচিলনি, শৰালি আৰু বনৰীয়া ৰাজহাহবোৰ অলসভাৱে শূণ্যত উৰি ফুৰিছে। সিহঁতৰ পাখিৰ কঁপনিয়ে কোনো ৰাইকই সৃষ্টি কৰা নাই।

উত্তৰ আৰু পশ্চিম ফালে বহুত ঠাই জুৰি শিমলু আৰু মদাৰবোৰ ফুলিছে।

বিৰাট একোজোপা শিমলু গছত ডাল ভৰি ফুলা শিমলু ফুলবোৰে

নীলা আকাশখনৰ আঁচলত বঙা কেঁচ বাছিছে।

বাবৰে এবাৰ চাৰিওফালে চালে।

ইমান অনাবাদী মুকলি মাটি পৰি আছে।

মেটেকাই ঢাকি ৰখা প্রকাণ্ড প্রকাণ্ড বিলবোৰ মাইলৰ পাছত মাইল জুৰি থকা বিবিঙানিবোৰ, মাজে মাজে ঝাও আৰু কিবাকিৰি গছ বন গজা বহুল চাপৰিবোৰ-এই বিস্তীর্ণ ভূমিখণ্ড এনেকৈ কত কালৰপৰা যে পৰি আছে!

অকলে আছে যদিও বাবৰৰ অকল যেন লগা নাই। তাৰ চাৰিওফালে যেন বহুত মানুহে কিবাকিবি সক সক ক্লথা কৈ আছে। বিবিঙানিৰ মাজৰপৰা, মেটেকানিৰপৰা, কাষৰৰ হাবিয়নিভৰাৰপৰা, আনকি মুকলি পথাৰ আৰু বালিচাপৰিৰপৰাও যেন কোনোবাই কিবা কৈছে-তাকে কৈছে। সি গুনিছে, কিন্তু বুজিব পৰা নাই-ফিবা অর্থ থকা, কিন্তু অর্থ বুজিব নোৱৰা কথা।

এই ঠাইখনৰ বাক নাম কি? কেনোবাই জানো এই ঠাইখনৰ কিবা নাম দিছে? সিফালৰ গাঁওখনৰ নাম ৰূপাবৰি। তাৰ সিফালৰ খনৰ নাম-কি? ৰূপহী? ৰূপহী নে রূপসী? আচাম দেশত দেখিছো মানুহবিলাকে 'শ'ক 'হ' কয়। সেই কাৰণেই কিজানি 'রূপসী'ক 'রূপহী' কয়। তাৰ সিপাৰেওঁ, তাৰ সিপাৰেও গাঁও আছে, মানুহ আছে, ঘৰবাৰী আছে। সেই গাঁৱৰো নাম আছে।

কিন্তু এই ঠাইখনৰ নাম কি?

এই চাফা পানীৰ নৈখনৰ নাম কি?

এই গা ধোৱা ঘাটটোৰ নাম কি?

নাই, ইয়াৰ কিজানি নামেই নাই। কোনোরে কিজানি ইয়াৰ নাম দিয়াই নাই। কোনোবাই যদি ইয়াৰ নাম দিয়ে শিমুলতলা বা শিমূলবাৰী, কোনোবাই যদি নাম দিয়ে লালফুলী গ্রাম? কেনোবাই যদি কয় এই ঠাইৰ নাম-কি? কি হ'ব পাৰে বাক? অমবারতী! নহয় নহয়, সেইটো পুৰণি নাম-নাম দিব পাৰে বনহংসী গাংচিল নীলপাধী-

বাবৰে ঠাইখনৰ লগত ৰজিতা খোরা নাম এটি বিচাৰি নেপালে। সি এই বুলি নিজকে আশ্বস্ত কৰিলে যে, কোনোবা তাতকৈ বেছি জনাবুজ। মানুহে নিশ্চয় ঠাইখনৰ এটা ভাল নাম দিব। তাৰ চিন্তা কৰাৰ দৰকাৰ নাই।

সি বহি থকা গছজোপাৰ ছাঁত এটা কোমলতা আছিল। ওপৰলৈ চাই সি দেখিলে সেইজোপা শিমলু নহয়, সি চিনি নোপোৱা কিবা অচমীয়া গছ। গোটেই গছজোপা নতুনকৈ ওলোৱা কুঁহিপাতেৰে ভৰি পৰিছে।

বাবৰৰ ভোক লাগিছিল। বেলি দুপৰ হ'ল। ৰাতিপুৱাৰপৰা সি হাল বাইছে। গাটো ধুই সি সোনকালে ঘৰলৈ ঘুৰি যাব লাগে।

সি তাৰ মুখখনত হাত ফুৰালে। তাৰ গোটেই মুখখনতে কিছুমান কোমল নোম গজিছেনেকি? নোম নে দাড়ি? বেৎ! ইমান সোনকালে দাড়ি নগজে। ডেকা মানুহৰহে দাড়ি গজে। কিন্তু আচাম দেশত কিজানিবা দাড়ি সোনকালেই গজে।

সি পানীলৈ নামি গ'ল। তললৈকে দেখা পোৱা ফটফটীয়া চাফা পানী। সি আঠুলৈকে পানীত নামি কুঁজা হৈ পানীত নিজৰ মুখখন চাঙ্গে। পানীত ছপৰৰ ৰ'দ পৰি আইনা যেন হৈছে। বাবৰে নিজৰ মুখখন পানীত চালে। এই কেইদিনতে সি কিছু শকত হ'লনেকি বাক? তাৰ গাল দুখন পুৰঠ হৈ পৰা নাইনে? কিন্তু তাৰ গাল, থুতৰি আগৰ নিচিনা নিমজ হৈ থকা নাই। সক সক কিছুমান নোম গজিছে-নাকৰ তলত ধৃতৰিত গাল দুখনত? ছুটা শালমনো ওলাইছে নেকি? এইবোৰ দাড়িয়েই কিজানি। সি হাতেৰে পানীবোৰ জোকাৰি দিলে। তাৰ মুখখন কপি কপি চিনিষ নোৱাৰা হৈ গ'ল। গা ধুবৰ কাৰণে সি দ'লৈ নামি গ'ল।

কম পানীৰ খৰালিৰ এই নৈখন, এই ঘাটটো, এই শীতল পানীখিনি এই কেইদিনৰ ভিতৰতে তাৰ চিনাকি আৰু আপোন ছৈ পৰিছে। এই সময়ত তাৰ অন্য কোনো কথা মনত পেলাবৰ মন যোৱা নাই। সি যেন বহুত দিনৰপৰা, সদায়েই ইয়াতে আছে। উৰি থকা গঙাচিলনিকেটা, নীলা আকাশখনৰ বুকত উৰি উৰি আহি খুপ খোৱা। পাতল ডাৱৰবোৰ, এই মিঠা ব'দজাক-আক চাৰিওফালৰ পৰা বতাহত উৰি অহা কিবা কথা, কিবা অর্থ নোহোৱা শব্দ-এইবোৰৰ মাজতে সি যেন সদায় আছে।

. কিছু উত্তৰতে ব্রহ্মপুত্র আছে। সি ব্রহ্মপুত্রক দেখিছে। সিদিনা মাথোন বিয়াজ, জব্বার, জাফৰ আৰু সি গৈ গৈ ব্ৰহ্মপুত্ৰৰ পাৰ পাইছিলগৈ। বিৰাট বহুল নৈ-কিন্তু কি যে গহীন আৰু শান্ত। কাৰো ফালে নোচোৱাকৈ কোনো শা-শব্দ নকৰাকৈ আপোনমনে বৈ গৈ আছে। পানীবোৰ ফটফটীয়া, নিকা। গৰাবোৰ ছুই ছুই বৈ আছে, বৈ আছে।

ব্রহ্মপুত্রখনলৈ চাই থাকি সিহঁতকেটাৰ বৰ ভাল লাগিছিল। সিহঁত ওখ গৰাটোৰ ওপৰতে তললৈ ভৰি মেলি বহিছিল। সিহঁতৰ গাত নৈৰ বুকুৱেদি বৈ অহা ধীৰ কোমল বতাহজাক লাগিছিল। সিহঁতৰ গাত মিঠা ৰ'দ পৰিছিল। কিবা কথা ক'ব খুজিও সিহঁতে ক'ব পৰা নাছিল।

নিৰৱে বৈ যোৱা বৰনৈখনক কিবা কথা কৈ সিহঁতে আমনি কৰিব খোজা নাছিল।

বহুত পৰ নৈখন বৈ যোৱা চাই চাই সিহঁত বহি আছিল। ভোক লগা কাৰণে বাবৰ সৰহ পৰ পানীত নামি গা ধুই নেথাকিল, ঘঁহি পিহি গা ধুই সি নৈৰপৰা উঠি আহিল আৰু কাপোৰ সলাই ঘৰলৈ খোজ ল'লে। নতুন লুভীখন আৰু নতুন বনিয়নটে। পিন্ধি তাৰ ভাল লাগিল। পিন্ধি অহা সাজৰ বাহিৰে তাৰ সলাবলৈকে কাপোৰ নথকা দেখি ছৰিফ গাঁওবুঢ়াই তাক ছয় অনাৰ এখন লুভী আৰু চাৰি অনাৰ এটা বনিয়ন কিনি দিছে। ছবিফ মৰমিয়াল মানুহ। আজি ত্বকুৰি বছৰৰ আগতে আহি ইয়াত মাটি বাৰী কৰি আঢ্যৱন্ত হৈ পৰিছে। প্রতিপত্তিও আছে যথেষ্ট। বছৰি বছৰি নতুন মাটি ভাঙি আনৰপৰা কিনি লৈ প্রায় ডেবশ বিঘা মাটি কৰিছে। ছবিফ মিয়াৰ ঘৰে পথাৰে কাম কৰা মানুহেই এতিয়া ১৭টা।

শকত আরত থ লম্ভৰ পুৰুষ। মুখ ভৰা দাড়ি গোঁফ, কথা গহীন গহীন। বাঁও চকুটে। অকণমান কেঁৰা, কিন্তু সেইবাবে বেয়া নেদেখি। বয়স ৫৭′৫৮ বছৰ। তিনিজনী বিয়া কৰাইছিল। তাৰে এজনী ইয়াৰে বড়ো মানুহৰ ছোৱালী। ঘৈণীয়েক কেইজনীয়ে পথাৰত কাম কৰিছিল, ঘৰতো কাম কৰে। ছৰিফে নিজেও পথাৰত কাম কৰিবলৈ এৰা নাই। পিছে বয়স হোরা বাবে, আৰু মাটিবাৰী ধনধান, গকম'হ হোৱা দেখি, জামাতে ছবিফক গাঁওবুঢ়া পাতিলে। ছবিফ অঞ্চলটোৰ মুখিয়াল মানুহ।

৭৬

গাঁওবুঢ়াৰ ল'ৰা ছোৱালী চৈধ্যটা হৈছিল। ডাঙৰ ল'বাটোরে কটন কলেজত পঢ়িছিল। ছজনী ছোৱালীৰ ভিতৰৰ পাঁচজনীৰ বিয়া হৈ গ'ল। ছটা ঢুকাইছে। মক্তব মাত্রাছ। পাছ কৰাৰ পাছত সিহঁতক আৰু নপড়ালে। আঠন বছৰৰ পাছত ছোৱালীক পর্দা কৰিব লাগে। দ্বিতীয় ল'ৰাটো অসুখীয়া, তাক বচাই ৰখাটোরেই সমস্তা। লিখা পড়া শিকোৱাৰ প্রশ্ন নাই। সক ছোৱালীজনীয়ে কিন্তু মক্তব পাছ কৰি হাইস্কুলতো পড়িছে। গাঁওবুঢ়াই বাধা দিয়া নাই।

গাঁওবুঢ়াৰ তিনিজনী ঘৈণীয়েকৰ দুজনী মবিছে। এজনীহে আছে এতিয়া।

বজলুৰ লগত আহি বাবৰ এই ছবিফ গাঁওবুঢ়াৰ ঘৰতে ৰ'লহি। গাঁওবুঢ়াৰ পথাৰত কাম কৰা চাকৰ নাকবৰ সদায়েই দৰকাৰ হয়। আৰু এনেয়ো দেশৰপৰা মানুহ আহিলে গাঁওবুঢ়াই খুৱাই বুৱাই ৰাখে। এই বিষয়ত গাঁওবুঢ়াৰ খ্যাতি ৰৈ বৈ যোৱা।

আগেয়ে ছবিফ গাঁওবুঢ়াই নিজৰ খেতিৰ বেঙেনা জলকীয়া, শাক কবি আদা পিয়াজ নিজেই ভাৰ বৈ নি নিজেই ৰূপহী বজাৰত বেচিছিল। কিন্তু আজিকালি নিজে নিনিয়ে। চাৰে চাৰি হেজাৰ টকাত ৰূপহী বজাৰ গাঁওবুঢ়াই নিজেই ডাকি লৈছে। এতিয়া গাঁওবুঢ়া বজাৰৰ মালিক। নগৰৰ ভালেমান উকীল হাকিম, ডাক্তৰ, মৌজাদাৰ, থানাৰ দাৰোগা, চবডেপুটি, মণ্ডল কানুনগুরে গাঁওবুঢ়াক চিনি পায়। গাঁওবুঢ়াৰ পথাৰৰ কবি বেঙেনা পিয়াজ ধনীয়া নোখোৱা ডাঙৰ মানুহ কমেইহে আছে।

বাবৰক আনি হাজিৰ কৰিলত গাওবুঢ়াই এবাৰ তাৰ ফালে চালে। ভয়ে ভয়ে বাবৰেও চালে।

খং নকৰাকৈ গহীন মাতেবে গাঁওবুঢ়াই ক'লে, "ডাঙৰ মানুহকে চালাম কৰিব লাগে, নাজান?"

অসমত থাকি ছবিফ গাঁওবুঢ়াই অসমীয়াতে কথাবতৰা কোরা শিকিছে। যদিও মাত কথা সকলো পোন তোরা নাই। হেনা-হুচা কিছু ৰৈ গৈছে।

লেপ ঢুকি বাববে কপাললৈ হাত তুলি ক'লে "আচ্ছালাম আলেইকুম।"

গাঁওবুঢ়াই চালামৰ জাৱাৰ দিলে "র আলেইকুমচ্ছালাম।"

চালামৰ জারাব দিয়াটো চুন্নত।

সেইদিনা গাঁওবুচাই তাৰ লগত আৰু একো কথা নেপাতিলে।

বজলুরে ক'লে "একেলগে কেইবাটাও আহিছিল। এটা পৰিয়াল ধুবুৰীত, ছটা অভয়াপুৰীত আৰু ছুটা যমুনামুখত ৰৈ গ'ল। ইয়াকহে ইয়ালৈকে আনিব পৰিলোঁ। মোৰ আঠ টকা ছয় অনা খৰচ গৈছে ইয়াৰ কাৰণে।"

বাবৰেও হিচাপ কৰি চালে বজলুরে সঁচা হিচাপকে দিছে। মিছা কোরা নাই। ইমানবোৰ পইচা বজলুৱে তাৰ কাৰণে কিয় খবচ কৰিলে বাবৰে তেতিয়াই বুজিব নোৱাৰিলে। কিন্তু যেতিয়া ছবিস্ গাঁওবুঢ়াই ভিতৰৰপৰা কোনোবা এটাক মাতি বাবৰক দহ টকা ৰূপ দিয়াই দিলে, তেতিয়াহে বাবৰৰ অনুমান হ'ল যে এইদবে 'দেশৰপবা' মানুহ আনি 'আচামত' যোগান ধৰাটো বজলুৰ এটা কাৰবাৰ।

পাছদিনাৰপৰা বাৰৰ গাঁওবুঢ়াৰ ঘৰৰ অন্ত্যান্ত কামলাবিলাকৰ লগৰে এটা নতুন কালা হৈ পৰিল। তাক গোহালি চাফা কৰা, গোবৰ পেলোৱা আৰু স্বীবতী ম'হ ছজনী ৰখাৰ ভাৰ দিয়া হ'ল। হাল বাব অৱশ্যে লাগিব।

বাববে বেয়া নেপালে।

ছবিফ গাঁওবুঢ়া ধর্মকর্মত বৰ কাঢ়া, 'আওৱাল ফজবতে' উঠি ঘবন ওচৰৰে 'মছজিদত ফজৰ'ৰ নামাজ পড়া বা পথাৰত কাম কৰি থাকিলেও, সময় হ'লে জোহোৰ, আছৰ বা মগৰীবৰ নামাজ পড়ি লোৱাত কোনোদিন এলাহ কৰা বা নামাজ খটি কৰা কোনোরে দেখা নাই। বমজান মাহত কোনো দিন এটা বোজাও খটি কৰাৰ কথা কোনোৱে ক'ব নোৱাৰে।

বাবৰকো আগতে আহি গাঁওবুঢ়াৰ ঘৰত থাকি কাম কৰা কালু ছেখে বুজাই ক'লে, "গাঁওবুচাৰ খৰৰ কাম কেতিয়াবা ঠিক মতে নকৰিলেও, গাঁওবুঢ়াই একো নক'ব পাৰে, কিন্তু নামাজ বোজা খটি নকৰিবি। তেওঁ খবৰ লৈ থাকে। নামাজ নপঢ়া মানুহ গাঁওবুঢ়াই একদম দেখিব নোৱাৰে। নামাজী মানুহক তেওঁ বৰ মৰম কৰে।"

বাবৰেও নামাজ পঢ়িবলৈ বেয়া নেপায়। জনা নজনাকৈ সকলো সময়তে আল্লাৰ কথা মনত ৰাখি আল্লাৰ আগত দুটা চিজ দা দিয়াটো ভাল কথা বুলি সিও বিশ্বাস কৰিবলৈ শিকিছে। তাৰ গাঁওখন তাৰ

ঘৰখন-তাতে। সকলোরে নামাজ ৰোজা পালন ক'ৰে। গতিকে ছবিফ গাঁওবুচাৰ ঘৰৰ লগত খাপ খাই পৰিবলৈ তাৰ বৰ টান নেলাগিল।

আৰু গাঁওবুঢ়া যে এজন পক্কা মুছলমান আৰু এজন ভাল মানুহ বাবৰে তাৰ প্ৰমাণ পালে, যেতিয়া পাছদিনা বাবৰৰ পিন্ধি থকা সাজৰ বাহিৰে আৰু কাপোৰকানি নাই বুলি জানি, তেতিয়াই এটা বনিয়ম আৰু এখন লুভী কিনাই আনি দিলে আক বাতিপুবা জলপান খাবৰ সময়ত নিজ হাতেৰে গাখীৰ তাৰ বাচনতো ঢালি দি ক'লে, “খা।"

বাবৰৰ নিজকে গাঁওবুঢ়াৰ ঘৰৰে এজন যেন লাগিল, চাকৰ যেন নেলাগিল।

ম'হ ৰখাৰ কামেটো বাবৰৰ বেয়া নেলাগিল, গৰু ৰখাতকৈ ম'হ ৰখাটো যেন অলপ ডাঙৰ কাম, অরশ্নে 'আচামী' মানুহে গৰুৰ য়াক গৰণীয়া আৰু মহৰণীয়াক 'গুরাল' কিয় বোলে তাৰ বুজিবলৈ টান লাগিল। গৰু ৰণীয়াকহে 'গোরাল' বুলিব লাগিছিল। অরণ্যে কথাটো সি কাকো মুণ্ডুধিলে। যি 'দেচৰ' যি 'বুলি'।

আৰু বাবৰে দেখিলে গাঁওবুঢ়াৰপৰা আৰম্ভ কৰি তেওঁৰ ঘৰত কাম কৰা মানুহবোৰে, আৰু গাঁওখনৰ অন্তান্ত মানুহবোৰেও অচমীয়ামতেছে কথা কয়। ঘৰৰ মাইকী মানুহৰ লগত কথা পাতিলেছে নিজৰ দেশী তাহাত কথা কয়।

প্রথমে তাৰ বুজিবলৈ টান লাগিছিল। ক'বতো নোরাবিছিলেই।

কিন্তু দিন যোৱাৰ লগে লগে সি কথাবোৰ বুজিব পৰা হৈ আহিল। আৰু নৈৰ পাৰত ম'হ চৰাবলৈ যাওঁতে লগ পোৱা আৰু চিনাকি হোৱা অসমীয়া ম'হ গুৱালৰ লগত কথাবতৰা হ'বলৈ ধৰাৰ লগে লগে অসমীয়া ভাষাটো বৰ টান ভাষা নহয় যেন লাগি আহিবলৈ ধৰিলে। অৱশ্যে শ, স, য-ব উচ্চাৰণ শুদ্ধকৈ কৰিবলৈ তাৰ টান লাগিল। আনকি চ, ছকো অসমীয়াই শ, স, হ উচ্চাৰণ কৰে বুলি ধবিলৈ, সি বালিচৰক বালিহৰ, চাহপাতক হাহপাত বুলিবলৈ লৈ অপ্রস্তুত হ'ব লগীয়া নোহোৱাকৈ থকা নাছিল। আৰু ছবিফ গাঁওবুঢ়াক হৰিফ গাওবুঢ়া শুবুলি কিয় আৰু কেনেকৈ ছবিফ বোলা হয় ভাবি বিস্মিত হৈছিল।

কিন্তু ছবিফ গাঁওবুঢ়াই যেতিয়া তাক উপলক্ষ্য বুজি বুজাই ক'লে, "এই দেশে থাইক্কা, এই দেশেৰ কথা হিকি লও। বাজাবে যাব লাগিব। এই দেশেৰ মানুহৰ লগত কথাবতৰা কৈবা লাইগ বো, ইয়াৰ বুলিটা হিকি লও। নাহলে ইয়াৰ মানুহৰ মনেৰ কাষে যাইবা কেনেকৈ?"

গাঁওবুঢ়াৰ এই ভাষা বুজিবলৈ বাবৰৰ বৰ টান নেলাগিল। দুই চাৰিট। শব্দৰ অৰ্থ বুজিব নোৱাৰিলেও, ভাবটো বুজিবলৈ টান নেলাগিল। সি বুজিলে আচাম দেশৰ মানুহবিলাক বেলেগ, সিহঁতৰ ভাষাও বেলেগ, আৰু এই মানুহ বিলাকৰ মনৰ কাষ চাপিবলৈ হ'লে, সিহঁতৰ ভাষাটে। শিকি ল'ব লাগিব। তাকে কৰিছে বুলিহে আজি ছবিফ গাঁওবুঢ়া এনেকৈ এইখন দেশৰ, এইখন সমাজৰ এজন গণ্যমান্ত লোক হ'ব পাৰিছে। কিন্তু অসমীয়া ভাষাটো কেনেকৈ শিকা যাব, সেই সম্পর্কে সি স্পষ্টকৈ একো ধাৰণা কৰিব নোৱাৰিলে।

তাৰে সমান বয়সীয়া, দুই চাৰি বছৰ ডাঙৰ, নাইবা দুই চাৰি বছৰ সক কেইবাটাও স'ৰা লগ পাই তাৰ ভাল লাগিল। দুটামান গাঁওবুঢ়াৰ ঘৰতে কাম কৰা ল'ৰা, দুটামান গাঁৱৰে অন্ত মানুহৰ ল'ৰা। বিয়াজ, জববাৰ, জাফৰ, কালু ছেখ, ভুবন, মতি, পবিত্র-গাঁওখনৰ, চুবুৰিটোৰ প্রায় সমনীয়া ল'বা চেমনীয়া, কেৰেষীয়া ডেকা, অ'ৰ এটা ত'ৰ এটা-কিন্তু গাঁও একেখনেই, আকাশ একেখনেই, গা ছুই যোৱা বতাহ একেজাকেই।

বাবৰেই নতুন। তাৰ গাৰপৰা এতিয়াও মৈমনচিত্তৰ মাটিৰ গোন্ধ যোরা নাই। কিন্তু ভয়ভীত তাৰ সিমান নাই। সি ভয় কৰে একমাত্র ছৰিফ গাঁওবুঢ়ালৈ, কিন্তু গাঁওবুঢ়ালৈ ভয় নকৰে কোনে?

বিয়াজ, ভুৱন আৰু মতি তিনিওটাই ইয়াৰ এম ই স্কুলটোত দুই এশ্রেণী পঢিছিল। স্কুলটোৰ কাৰণে ছবিফ গাঁওবুঢ়াই কেরল এবিঘা মাটি দিয়াই নহয়, তিনিশ টকাও দিছিল। সেইবাবে কোনোমতে বঙলাত 'শরিফ'টো লেখাৰ বাহিৰে অন্য লেখা পড়া নেজানে যদিও, গাঁৱৰ ৰাইজে গাঁওবুঢ়াকে স্কুলৰ মেনেজিং কমিটিৰ সভাপতি কৰি থৈছে। গাঁওখনৰ সৰহভাগ মান্তহ মুছলমান, সেই দেখি গাঁৱৰ ৰাইজন মত লৈ আৰু ডি আইৰ পৰা অনুমোদন লৈ স্কুলটোক এম, ই, মাদ্রাছা কৰাৰ মূলতে আছিল ছৰিফ গাঁওবুঢ়া।

ভুৱনেই এদিন ম'হ ৰখি থাকোঁতে কথাটো উলিয়ালে, "এই বাবৰ, তোৰ নাম বাবৰ কোনে ৰাখিলে অ'? বাবৰ মানে কি জান?" "বাবৰৰ কিবা মানে থাকেনেকি আকৌ?" বাৰৰে ক'লে।

বিয়াজে ক'লে, "মাদ্রাছাত পঢ়োতে জোনাবে কৈছিল, বাবৰ মানে সিংহ নে, ডাঙৰ বাঘ-"

বিয়াজে ক'লে "বাবৰ মানে বজা। বাবৰ নামে এটা বৰ ডাঙৰ ৰজা আছিল বুলি বুৰঞ্জীত আছে-"

"বুবজীনো কি?"

বিয়াজে অলপ থতমত খালে। সি কোনো মতে ক'লে "বজাব কথা যে থাকে-যুদ্ধৰ কথা যে থাকে। তৈমুন, বাবব, আকবর্ষ গদাধৰ সিংহ"

"গদাধবো বাবৰ আছিলনে কি?" জব্বৰে সুধিলে।

"কিজানি হ'বও পাৰে। মই বৰ কথা নেজানো।"

নপড়িলি কেলেই?"

"ইয়াত কোনেও নপড়ে। গাঁওবুঢ়াৰ ভয়তহে বাপেক মাকে ল'ৰা ছোৱালী পঢ়িবলৈ পঠিয়ায়। পিছে স্কুললৈ গ'লেই ল'ৰা ছোৱালীয়ে পড়েনেকি?"

কিছু চিন্তা কৰি বাবৰে সুধিলে, "এই, তহঁতে বাৰু সিংহ দেখিছনে? ইয়াত ওলায়নেকি?"

"ওলাবও পাৰে, আমি নাই দেখা। কিতাপৰ ছবিত দেখিছো। বাঘৰ নিচিনাই, পিছে বহুত দাড়ি থাকে-একদম ডিঙিলৈকে দাড়ি- "মোক বাক সিংহৰ ছবি থকা কিতাপ এটা দেখুৱাবিচোন।"

মনে মনে বান্ধবে ভাবিলেঃ বাবৰ মানে সিংহ। মই দেখিবলৈ সিংহৰ নিচিনানেকি বাকণ সেই কারণেই মোৰ মুখত দাড়ি গজিছেনেকি? এঃ নহয়। সকতেই মোৰ নাম বাবৰ দিছিল। বাবব মানে ৰজা। বজা বা আকৌ কেনেকুরা? বজাৰ কথা বুৰঞ্জীত থাকে। বুৰঞ্জী বা কেনেকুৱা কিমান ডাঙৰ? এৰা-আচাম দেশখনৰ বহুত কথাকে মই নেজানো।

ৰজা নাম দিলেই মানুহ বজা হৈ নেযায়। মই বাবৰ। সেই

বুলি মই আৰু বজানে কিবা। বজা কিজানি অঞ্চ ৰকমৰ মানুহ। মোৰ নামনো আকৌ বাবৰ ৰাখিলে কিয়? মই কিবা বজা হ'মনে? কথাবোৰ ভাবি তাৰ হাঁহি উঠিল।

খীৰাই মেলি হোৱাৰ পাছত সি পোৱালিবে সৈতে ম'হকেজনী চৰাবলৈ লৈ আহে। তাক গুরাল বুলি বুজি পোৱাৰ পাছৰপৰা ম'হকেজনীয়ে তাৰ কোনো কথা নমনাকৈ নেথাকে, সিহঁত আহ বুলিলে আছে, যা বুলিলে যায়, ব বুলিলে বয়। এডাল লৈ আহে যদিও সি ম'হকেজনীক নমবিয়ায়। হাতত টোকোন সিহঁতলৈ তাৰ মৰম লাগে। নোদোকা নিপোত্তল জাতি ম'হজনী। পোৱালিকেটা আৰু মৰমলগা, সি কেতিয়াবা সিহঁতক ডিত্তিত গবা মাৰি সাবটি ধবে। সিহঁতক কিবাকিবি কথা কৈ মৰম কৰে। 

ক্রমে ম'হকেজনী আৰু পোৱালিকেটাই তাৰ প্রধান লগৰীয়া হৈ পৰিল, নৈৰ পাৰলৈ, বিললৈ ম'হকেজনী লৈ গৈ সি চৰিবলৈ এৰি দিয়ে আৰু অপোনমনে কোনোবা একোজোপা গছৰ তলত বহি সি নানা অর্থহীন কথা চিন্তা কৰি নিৰ্ভাৱনাৰে সময়বোৰ কটায়।

ছবিফ গাঁওবুঢ়াই ইমান মাটি কেনেকৈ কৰিলে? ইমান ডাঙৰ বাৰী কেনেকৈ কৰিলে? গাঁৱৰ মাজত তিনিটাকৈ টিনৰ ঘৰ সজাবলৈ ইমান টকা ক'ৰপবা, পালে? ইমানকেজনী ঘৈণীয়েক-ইমানবোৰ ল'ৰা ছোৱালী, ইমানবোৰ গৰু ম'হ হাঁহ কুকুৰা পাৰ ছাগলী কেনেকৈ হ'ল? আৰু গাঁওবুঢ়াৰ কিজানি টকাও বহুত হ'ব পায়। ইমান ধান মাহ মৰাপাট বেচে, ইমান কবি বেঙেনা জলকীয়া লাও কোমোৰা বেচে। কম টকা পায়নে?

তাৰ নিজৰ এৰি অহা গাঁওখনৰ কথা সি মনত নেপেলাবৰ চেষ্টা কবে। ঘৰৰ কথা, গাঁৱৰ কথা মনত পৰিলেই তাৰ মনত পৰে সিহতৰ লাং লাং থাং থাং ঘৰখনৰ কথা, জমীদাৰৰ মাটিত খেতি কৰি বছৰটোৰ হুমাহ লঘোনে থকা সিহঁতৰ পৰিয়ালটোৰ কথা, পুহ মাঘ মহীয়া হাড় কঁপোৱা জাবত কঁপি কঁপি জাল বাই মাছ ধৰি জমীদাৰৰ ঘৰত দিয়া তাৰ নিশকতীয়া বাপেকৰ কথা আৰু জমীদাৰৰ ঘৰৰ কথা।

সেইবোৰ কথা তাৰ ভাবিবৰ মন নেযায়। তাৰ মাকৰ আক ভায়েক বায়েকহঁতৰ কথা মনত পৰিলে কেতিয়াবা মনটো উচাট বিচাট লাগে, কিন্তু জোৰ কৰি সেইবোৰ চিন্তাৰপৰা সি নিজক আঁতৰাই আনে। যেয়ে য'তে যিহকে কবে, কৰি থাকক। মোৰ কোনো দৰকাৰ নাই। মই আৰু তালৈ ঘুৰি নযাওঁ। মই ইয়াতে থাকিম। ছৰিক গাঁওবুঢ়াহঁত যেনেকৈ আছে অ্যান্ড্যবিলাক যেনেকৈ আছে।

ইয়াততো চব আমাৰ 'দেশ'ৰ মানুহেই। থাকিব পাৰে ময়ো থাকিব পাৰিম, থাকিম। এইবোৰেই মোৰ জ্ঞাতিকুটুম্ব, আপোন মানুহ। অন্তান্তবিলাক যদি এইখনেই মোৰ গাঁও |   

34
প্ৰবন্ধ
এচিয়াৰ জ্যোতি।
0.0
১৮৭৯ চনত প্ৰথম প্ৰকাশিত ছাৰ এডউইন আৰ্নল্ডৰ মহাকাব্যিক কবিতা 'দ্য লাইট অৱ এছিয়া' হৈছে বুদ্ধৰ জীৱন আৰু বাৰ্তাৰ আখ্যান। ই দ্ৰুতগতিত এক বিশাল অনুভূতিলৈ পৰিণত হৈছিল আৰু যোৱা ডেৰ শতিকা ধৰি সমগ্ৰ বিশ্বতে ই শক্তিশালীভাৱে অনুৰণন কৰি আহিছে।
1

এচিয়াৰ জ্যোতি (তথাগত বুদ্ধৰ মহান ত্যাগৰ অমৰ কাহিনী) প্রথম অধ্যায়।

6 January 2024
0
0
0

যি জন বুরবাজ সিদ্ধার্থ, গৌতম, শাক্যসিংহ আদি নামেৰে পৰিচিত হৈছিল-বিজন পৃথিবী আৰু স্বৰ্গ আৰু নৰকত অঙ্কুপম, যি জন সর্বব-সন্মানিত আটাইতকৈ জ্ঞানী। অতি ভুলব, অতি দয়ালু, নির্ব্বাণ আৰু নীতিধৰ্ম্মৰ শিক্ষাদাতা-

2

এচিয়াৰ জ্যোতি।

8 January 2024
1
0
0

তেতিয়া এগৰাকী সখীয়ে উত্তৰ দিলে- "ধুনীয়া কোঁৱৰ! প্রথমে আমাৰ ৰাজধানী আছে, মন্দিৰ, ৰাজ-উদ্যান, কুঞ্জবন, তাৰ পাছত শস্যৰ পথাৰ। তাৰ পাছত খাল-ডোং, স্কোপা, জুপুৰী ভৰা বহুল মুকলি পথাৰ। তাৰ পৰা গৈ পাব গৈ ৰজা বি

3

চতুর্থ অধ্যায়

8 January 2024
1
0
0

যিটো হ'ব লগীয়া আছিল সেইটোরেই হ'বৰ সময় ওচৰ চাপি আছিল। প্রভু বুদ্ধৰ সংসাৰ ত্যাগৰ দিন পালেহি। সেই সোণালী ঘৰখনত বিষাদৰ বিননি উঠিল। বজা শোকত মৰহি গ'ল আৰু কপিলাবাস্তু সকলো প্রজ্ঞাই হাঁয়! হায়! কৰিলে। চ'ত মা

4

পঞ্চম অধ্যায়।

9 January 2024
0
0
0

ৰজা বিম্বিসাৰৰ বাজধানী ৰাজগৃহৰ চাৰিউপিনে বেৰি থকা পার্চোটা পর্ব্বত আছিল। বৈভাৰ, বিপুল্ল, তপোবন, শৈল-গিৰি আৰু ৰত্ন-গিৰি। বৈভাৰ সেউজীয়া ঘাঁহ আৰু খাজুর গছেৰে ভবা। বিপুল্লৰ নামনিয়েদি ক্ষীণ সৰস্বতী নৈ বৈ গ

5

৬৪ অধ্যায়

9 January 2024
0
0
0

অৱশেষত যি ঠাইত বিজুলী চমকৰ দৰে অমৰ জ্যোতি আহি সিদ্ধার্থৰ হিয়াত দেখা দিলে, এতিয়া সেই ঠাইৰ কথা কোরা হওক। গঙ্গাৰ পাৰে পাৰে গৈ সেউজীয়া পৰ্ব্বত মালাৰ মাজেদি ওলাই অহা দুখন সৰু নৈ-এখনৰ নাম নৈষজনা আক আনখনৰ ন

6

সপ্তম অধ্যায়

10 January 2024
0
0
0

পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চৰাই ঘুৰি ফুৰা উট

7

অষ্টম অধ্যায়।

10 January 2024
0
0
0

কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিংযোৰ চকুত পৰে। গোট

8

পুত্ৰৰ শোকত

11 January 2024
0
0
0

সপ্তম অধ্যায়   পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চ

9

কালীৰ পৰা গৰুগাড়ীৰে

11 January 2024
0
0
0

অষ্টম অধ্যায়।   কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিং

10

চাৰি

15 January 2024
0
0
0

আয়োজন দেখিয়ে সকলোৱে বুজিব পাৰিলে যে এইবাৰৰ জমিদাৰবাৰীৰ গানৰ আসন আগে হোৱাতকৈ বহুত ডাঙৰ আৰু বেলেগ হ'ব। বিৰাট ৰভা দিয়া হৈছে, বহুত মানুহ বহিব পৰাকৈ ঠাই উলিউল্লা হৈছে, গায়ক গায়িকা বহিবৰ কাৰণে ওখ মঞ্চ সজা হ

11

পাঁচ

15 January 2024
0
0
0

ভাৰতত বৃটিছ সম্রাটৰ ৰাজত্ব। বংগদেশ, অসমত বৃটিছৰ হৈ শাসন কৰিছে ভাবতীয় শাসকে। বংগত ফজলুল হকে, অসমত চাৰ চাহুল্লাই। বংগদেশত প্রাদেশিক চৰকাৰৰ তলত একাধিপত্য চৰকাৰ চলিছে নাৱাব আৰু জমীদাবব। বৃটিছৰ শাসন কটকট

12

সাত

15 January 2024
0
0
0

বাবৰ আৰু জাফৰে মৰীয়ম আৰু চফিকাক জেঠাইৰ ঘৰত চমজাই এক অনির্দিষ্ট পথত খোজ আগবঢ়ালে। আজিলৈকে জমীদাবন ঘৰৰ চাকৰ চাকৰৰ এটিলৈও কোনোরে আঙুলি এটা টোওরা নাই, তেনেস্থলত জমীদাৰৰ মূৰত টোকোনৰ দাষ পোষাই কোন সাৰি যায়?

13

আই

16 January 2024
0
0
0

মাল্লহ সৰহ নহয়, দুখন গাঁৱৰ ১টা মানুহ। এটা পৰিয়ালৰ তিনিটা-মাক বাপেক আৰু এজনী ছোৱালী, সিহঁতৰ সক ডাঙৰ তিনিখন ভাৰত ঘৰৰ বয়বস্তু লামলাকটু সকলো বান্ধি কান্ধত লৈছে। মাক আৰু ছোৱালীজনীৰ গাইপতি একোটাকৈ কাপোৰকানি

14

দ্বিতীয় ভাগ ন

16 January 2024
0
0
0

দক্ষিণৰ আকাশৰ বুকত ক'ৰবাৰপৰা আহি মেঘবোৰ ৰূপ খাইছেহি। আকাণৰ নীলাই দূৰণিত-হাবিয়নিজৰাৰ সিপাৰে- মাটি ছুইছেহি। গঙাচিলনি, শৰালি আৰু বনৰীয়া ৰাজহাহবোৰ অলসভাৱে শূণ্যত উৰি ফুৰিছে। সিহঁতৰ পাখিৰ কঁপনিয়ে কোনো ৰাইক

15

17 January 2024
0
0
0

খৰালিৰ দিনবোৰ লাহে লাহে শেষ হৈ আহিল। আকাশৰ বুকত উৰি ফুৰা মেঘবোৰ ডাঠ আৰু ক'লা হৈ আহিল। গছব কুঁহিপাতবোৰ ঘন সেউজীয়া হৈ আহিল। প্রথমে দিনবোৰ আৰু ক্রমে ৰাতিবোৰ গৰম হৈ আহিল। শালি আৰু মৰাপাটৰ খেতিৰ কাৰণে যোজ

16

দহ

17 January 2024
0
0
0

চাৰিটা বছৰ পাৰ হৈ গ'ল। খবালি গ'ল, বাৰিষা গ'ল। বাৰিষা গ'ল, খৰালি গ'ল। ইয়াৰ মাজতে এবছৰ ডাঙৰ বান নাহিল। সেইবাৰ খেতিও ভাল হ'ল। বাকীকেবছৰ বববান আহিল, খেতি বাতি নষ্ট কৰিলে, ঘৰ দুৱাৰ ভাঙিলে, গৰু ম'হ উটাই ন

17

এঘাৰ

17 January 2024
0
0
0

দৰকাৰী কথাটো এদিন জব্বাৰে বাবৰক ক'লে। কেইবা দিনো চেষ্টা কৰিও বাবৰক অকলে লগ ধৰাৰ সুবিধা কৰিব নোৱৰাৰ কাৰণে মাঘ ফাল্গুন দুমাহত কথাটো কোরা নহ'ল। ইতিমধ্যে গাঁও জুৰি চাৰিওফালে যুদ্ধৰ বাতৰি বিয়পি পৰিব ধৰিলে

18

বাৰ

19 January 2024
0
0
0

ৰূপহী গাঁৱত এখন ডাঙৰ ৰাজহুৱা সভা হৈছিল। চৰকাৰৰ ফালৰপৰা জাননী দি কেইবাখনো গাঁৱৰ মানুহ গোটাইছিল। মন্ত্রী আহিছিল, আৰু বহুত ডাঙৰ মানুহ আহিছিল। নেচনেল ৱাৰ ফ্রন্টৰ অফিছাৰ আহিছিল। কেইবাজনো নেতাই ৰাইজক বুজাই

19

তেৰ

19 January 2024
0
0
0

হাটত বাববে ভালেমান চিনাকি মানুহক লগ পালে। প্রায় সকলোৰে মুখত একেটা কথাৰে আলোচনা-যুদ্ধ লাগিছে, জাপানৰ লগত আমাৰ দেশৰ যুদ্ধ লাগিছে। চৰকাৰে কৈছে যুদ্ধত সকলোৱে সহায় কৰা, কংগ্ৰেছে কৈছে সহায় নকৰিবা। বাবৰে আৰ

20

তেৰ

19 January 2024
0
0
0

জববাৰে খেতিবাতিও কৰা নাই, মিলিটাৰীৰ চাকৰি বা ঠিকাদাৰীও কৰা নাই। সি কিন্তু কিছু টকা কৰিছে। একো নকৰাকৈ সি কেনেকৈ টকা কৰিছে সেইটো বহুতৰে গুণাগথাৰ বিষয় হৈছে। মানুহে কোরাকুই কৰিছে যে বাতি বিয়লি তাক মিলিটা

21

চৈধ্য

22 January 2024
0
0
0

ভালেমানে কথাটো কৈছে। আনকি এদিন নে দুদিন মোবাৰক মাষ্টৰেও কৈছে। বাবৰে কথাটোত সিমান গুৰুত্ব দিয়া নাছিল। গুরুত্ব দিবলগীয়া কথাও নহয়। কিন্তু সেইদিনা ঈদৰ নামাজ পঢ়ি আহি বাবৰ যেতিয়া কাপোৰ কানি পিন্ধি গাঁৱব অন

22

পোন্ধৰ

22 January 2024
0
0
0

যুদ্ধখনে বহুতৰে বহুত দুর্গতি আনিলে। বহুত শাস্তিবে থকা মানুহৰ লটিঘটি হ'ল। বহুত ভৰগাঁও এৰি মানুহ উঠি যাবলগীয়া হ'ল-গাঁৱত যুদ্ধৰ বিমানঘাটী হ'ল, মিলিটাৰী কেম্প হ'ল, স্কুল কলেজৰ ঘৰবোৰ মিলিটাৰী হস্পিতাল হ'ল।

23

বোল

22 January 2024
0
0
0

ছবিফ গাঁওবুঢ়া হঠাৎ অসুস্থ হৈ পৰিল অব, কাহ, গাৰ বিষ। গাঁওবুঢ়াৰ টান বেমাৰ হোৱাৰ কথা কোনোষে ক'ব নোৱাৰে। বব বেছি কেতিয়াবা পানীলগা অৰ হোৱাৰ বাহিৰে অল্প কোনো টান বেমাৰ গাঁওবুঢ়াৰ হোৱা নাই। কিন্তু এইবাৰ গ

24

সোতৰ

22 January 2024
0
0
0

নারেবে নৈ পাৰ তৈ, মাজে মাজে খোজ কাঢ়ি, আফ এডোখষ কোনোবা মিলিটাৰী ঠিকাদাৰ এটাৰ ট্রাকেবে আহি ছদিনৰ মূর্বত বাববহঁত ঘৰ পালেহি। গোটেই বাটছোৱা যাবৰৰ মনটো আনন্দ কৃর্তিত আছিল। বাটৰ কষ্টবোৰ তাব কষ্ট কেন নেলাগিল।

25

উদ্দেশ

23 January 2024
0
0
0

ট্রাক এখনত বেত আৰু বাঁহ ভৰাই লৈ এদিন বাবৰ জাগীৰোডৰ ফালৰপৰা আহিছিল। গিবীণ মাষ্টৰৰ ঘৰৰ আগত গাড়ীখন ৰাখি সি সোমাই গ'ল, আজি কিছুদিন সি এইকালে আহিলেও, মাষ্টৰণী বাইদেউৰ খবৰ কৰিব পৰা নাই। মাষ্টৰণী ঘৰতে আছিল।

26

বিশ

23 January 2024
0
0
0

কলিকতা মহানগৰীৰ অলিয়ে-গলিয়ে পূব বংগৰ ভোকাতুৰ মানুহৰ অভূতপূর্ব ভিষ। য'তে ত'তে খাবলৈ নেপাই মৰা মানুহৰ মৰা শ। এই মানুহবোৰক কিবা খাবলৈ দি জীয়াই ৰখাৰ সমস্থাটোতকৈ চৰকাৰৰ ডাঙৰ সমস্যা হৈছে য'ত ত'ত মৰি পৰি থকা

27

একৈশ

23 January 2024
0
0
0

আকাশখন নতুন। একৈশ ডাৱৰৰ চপৰাবোৰত কৰোবাৰ ঘন ক'লা চুলিৰ আউলি বাউলিব কোমল ছাপ। বহুত ডাৱৰ, সিহঁত ক'ৰবাৰপৰা আহি আহি প খাইছেহি। মেঘৰোবৰ বুকত যেন বুজিব নোৱৰা কিছুমান কথাই গান হ'বৰ কাৰণে উখল-মাখল লগাইছে। ব

28

বাইশ

24 January 2024
0
0
0

ট্রাকখন আকৌ পিছবেলা আহিব। মিলিটাৰী মাল বোজাই কৰি আনি বাবৰকো লৈ যাব। আগবেলাটো বাবৰৰ হাতত আছে। ৰাতিপুৱা শুই উঠি, চাহু তাহ খাই, বাবৰ গাঁওবুঢ়াৰ ঘৰলৈ, অর্থাৎ বাবৰৰ নিজৰ ঘৰলৈ গ'ল। গাঁওবুঢ়াৰ স্বাস্থ্য আ

29

তেইশ

24 January 2024
0
0
0

মৰীয়মে বিয়াৰ কথা কয়, কামৰাণে বিয়াৰ কথা কয়, গাঁওঢ়াই বিয়াৰ কথা কয়, আনকি কেম্পত ঠিকাদাৰ ভূমিধৰ শৰ্মায়ো বিয়াৰ কথা কয়। বর্তমানত বাবৰৰ কাৰণে যেন একমাত্র কৰিবলগীয়া কাম বিয়া-আৰু একো নাই। টকা পইচাও হৈছে, ঘৰবাৰ

30

চৌবিশ

24 January 2024
0
0
0

মাত্র দুদিনৰ অসুখ-গ্রহণী, তেজ গ্রহণী, তাতেই জালাল বুঢ়া ঢুকাই থাকিল। বিশেষ চিকিৎসা কৰোৱাৰ সময়েই নহ'ল। প্রথম দিনা মুছলিমাই ঠেকেৰা পানী আৰু কিবাকিবি খাবলৈ দিছিল। দ্বিতীয় দিনা ইব্রাহিমে ডাক্টৰ মতাইছিল। কি

31

পঁচিশ

24 January 2024
0
0
0

কথাটো স্পষ্ট হৈ পৰিল, আৰু এই বিষয়ে কাৰো সন্দেহ নেথাকিল যে ছবিফ গাঁওবুঢ়া আৰু সৰহ দিন নিজীয়ে। বাবকেও এই কথা বুজিব পাৰিলে। প্রায় সকলোৱে বাবৰক পৰামর্শ দিলে. যে গাঁওবুঢ়াৰ জীৱনৰ শেষ ইচ্ছাটে। পূৰণ কৰাটো তা

32

ছাব্বিশ

24 January 2024
0
0
0

বহুতে ভাবিছিল-নহ'ব, বহুতে আশা কৰিছিল নহওক, আৰু সর্বসাধাৰণে কামনা কৰিছিল-যিমান সোনকালে হয়-হওক।। হ'ল। কিছু অপ্রত্যাশিতভাবেই যুদ্ধখন বিশ্বজোবা দ্বিতীয় মহাসমৰখন এদিন শেষ হৈ গ'ল। কিয়, কেনেকৈ, ক'ত যুদ্ধখন

33

সাতাইশ

24 January 2024
0
0
0

বিধানসভাৰ সাধাৰণ নির্বাচনৰ দিন ওচৰ চাপি আহিল। দেশ জুৰি উখল মাখল হুলস্থুল বাড়ি আহিল। কলেজ স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৰে মুখত কেৱল নির্বাচনৰ কথা, ভোটৰ কথা, কংগ্ৰেছৰ কথা, মুছলিম লীগৰ কথা। নিতৌ

34

আটাইশ

24 January 2024
0
0
0

বতৰ বৰ ভাল আছিল। খেতি বৰ ভাল হৈছিল। বাববে নতুনকৈ সজোৱা উড়ালটো গুটি আৰু গছি ধানেৰে উপচি পৰিছিল। অতদিনে তাৰ ধান গাঁওবুঢ়াৰ উড়ালতে থৈছিল। ঠিকাদাৰীত লাগি থকাৰ কাৰণে সি খেতিত বৰকৈ লাগিবও নোৱাৰিছিল। এই এই ব

---

এখন কিতাপ পড়ক