shabd-logo

17 January 2024

0 দৰ্শন কৰা হৈছে 0

খৰালিৰ দিনবোৰ লাহে লাহে শেষ হৈ আহিল। আকাশৰ বুকত উৰি ফুৰা মেঘবোৰ ডাঠ আৰু ক'লা হৈ আহিল। গছব কুঁহিপাতবোৰ ঘন সেউজীয়া হৈ আহিল।

প্রথমে দিনবোৰ আৰু ক্রমে ৰাতিবোৰ গৰম হৈ আহিল। শালি আৰু মৰাপাটৰ খেতিৰ কাৰণে যোজা আৰম্ভ হ'ল- খৰতকীয়াকৈ। মৰাপাটৰ তলি প্ৰায়বোৰ চহোরা হৈ গৈছে। বাওকঠীয়। আৰু আহুকঠীয়াও সিঁচা হৈ গৈছে।

গাঁওবুঢ়াৰ ভঁৰালৰ আগৰ চাঙৰ ওপৰত আৰু গোহালি ঘৰৰ ওপৰত তিনিখন গুটীয়া নাও তুলি থোৱা আছিল। নাওকেখন তললৈ নমোরা হ'ল অংক সেইকেখনৰ ফুটা ভগা বটাই আলকাতৰা আৰু মাটিতেল ঘঁহাই পানীত নমাবৰ কাৰণে সাজু কৰা হ'ল। লগী বঠাবোৰো নমোরা হ'ল।

নাও বঠা বাবৰৰ অচিনাকি বস্তু নহয়। কিন্তু বাৰিষা নৌ আহোতেই নাও বঠা উলিয়াই সাজু কৰিবলৈ খৰখেদা লগোৱাটো যেন বাবৰৰ কাৰণে বৰ ভাল লগা কথা নহ'ল।

বহুত ওখকৈ ভেটি বান্ধি থকা ঘৰ সজা, চাংঘৰ কৰি উড়ালঘৰ সজা আদিৰ পৰাই বাবৰে বুজিব পাৰিলে যে বাৰিষা এই ঠাইত বান পানী হয়। বানলৈ তাৰ বৰ ভয় নাই, সিহঁত বান বাৰিষাত পানীত ওপত্তি থকাত অভ্যন্ত। কিন্তু ইয়ালৈ আহি সি বানৰ ভয়াবহ বিভীষিকাৰ পৰা ৰক্ষা পৰিব পাৰিব বুলি আশা কৰিছিল। ইয়াতো সিহঁতৰ তাৰ নিচিনাই বান হয় বুলি জানি সি কিছু হতাশ হ'ল।

বানপানী হোৱা মানে ঘৰবাৰী পানীত তল যোৱা, গৰু ম'হ পানীত উটি যোরা, লঘোন দিয়া, বেমাৰ হোর। আশ্রয় বিচাৰি ক'ৰবাৰপৰা ক'ৰবালৈ যোৱা-নানা দুর্গতি। নিজৰ দেশত হোৱাৰ দৰে ইয়াতো যদি হয়!

এই ওখ ওখ চাপৰিবোৰ পানীত তঙ্গ যাবনে বাক? ছবিফ গাঁওবুঢ়াৰ ঘৰৰ ভেটিও পানীত তল যাবনে? বানপানী উঠিলে ইয়াৰ মানুহবোৰ বাৰু ক'লৈ যাব?

বাবৰে বেছি চিন্তা নকৰিলে। ইয়াত চাগৈ আমাৰ তাৰ নিচিনা ডাঙৰ বান নহয়। নহ'লে এই ভৰপুৰ গাঁওখন এনেকুৱা হৈ নেথাকিলহেঁতেন চাগৈ। বান বা-মাৰলিয়েই পুববংগক জলাকলা কৰি মাৰিছে। পদ্মা, মেঘনা যিমানেই মৰমী, যিমানেই করুণাময়ী, সিমানেই ভয়ংকৰ। ব্রহ্মপুত্র সিমান ভয়ংকৰ নিশ্চয় নহয়।

বাবৰে ইতিমধ্যে জানিব পাৰিছে যে দক্ষিণ পশ্চিমৰ নীলা খাছীয়া জয়ন্তীয়া পাহাৰটোৰ ওপৰতে এখন ঠাই আছে-তাব নাম চেবাপুঞ্জী। এই চেৰাপুঞ্জীত গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হয়।

সেই বৰষুণৰ পানীবোৰ বাক ক'লৈ যায়? এইকালেই নামি আহে নেকি? কোনখন নদীয়েদি নামি আছে? বেলেৰে আহোঁতে পাৰ হৈ অহ। ডিগাকরেদি? কপিলীয়েদি? কলঙেদি? নে অ্য কোনোবা বাৰিষা বান হোরা নৈয়েদি?

তেতিয়াহ'লেতো বৰ বান হ'বই!

পৰ্বতৰ চিত্তত মেঘৰ চপৰা। আকাশৰ বুকত মেঘৰ খোপা, দক্ষিণে পর্বত, উত্তবে হিমালয়ৰ পূব ঠেন্ডুলী, তাৰ নামনিত সাগৰ হেন বহুল ব্রহ্মপুত্র। কেউপিনে পানী আৰু পানীৰ আকৰ। তথাপি যে আচামখন পানীত উটি গৈ নোহোৱা হৈ যোৱা নাই!

আচাম দেশক আকৌ ইয়াৰ মানুহবোৰে অসম বোলে। বাবৰব মুখত অসমৰ 'স'টো ভালকৈ হুফুটে-সি কয় অহম, তুরনে তাক কৈ দিছে: আচাম মুবুলিবি, আমি কোনেও নোবোলোঁ। আৰু অর্থমো নক'বি, মানুহে হাঁহিব। দুই চাৰি দিন জিভাখনক শিকা, হৈ যাব। আমি সকলোৱে অসম ক'ব পাৰো তই নোৱাৰিবি কিয়? পাৰিবি।

বাবৰে জিভাখনক শিকাবৰ যত্ন কবিলে-আচাম নহয় অছম, অখম নহয়, অহম; অহম নহয়, অস-অসম! ঠিক হৈছেনে বাক! যিখন দেশত আছো সেইখন দেশৰ নামটো শুদ্ধকৈ মাতিব নোৱাৰিলে ভাল কথা হ'বনে?

আমাৰ ফালে আকৌ 'দেশ' মানে গাঁও, ওপজ। ঠাই, থকা ঠাই। এই ফালে আকৌ দেশ মানে অহম দেশ, ভাৰতবর্ষ, মহা মস্কিল।

ইয়াৰ মানুহবোৰে কিজানি মোক বৰ অকৰা বুর্বক বুলি ভাবিছে। মই কি কৰিব পাৰোঁ? একেদিনে কোনোবা মানুহ অহমীয়া হৈ হৈ যাব পাবেনেকি? আন মানুহ হোৱাৰ নিচিনাকৈ ময়ো লাহে লাহে অহমীয়া-অসমীয়া হৈ যাব পাৰিম। ইয়াৰ কথাও ক'ব পৰা হ'ম-বাববে নিজকে আশ্বস্ত কৰিলে।

ম'হ মেলি লৈ সি দূৰণিলৈ আঁতৰি যায়। জৰাবাৰী গাও, ৰূপাবৰি গাঁও, রূপহী গাঁও-আৰু দুৰণিৰ গাঁৱলৈ। মুকলি পথাব, মুকলি বাটপথ, যেনিয়েই ঘোরা যায় তেনিয়েই বাট। অচিনাকি মানুহবোৰক দেখিলে চিনাকি যেন লাগে। কিন্তু গাঁওবোৰ একে নহয়। 'দেশী' মানুহৰ ঘৰবোৰৰ মূধচবোৰ পোন, মৈমনচিঙীয়া গাঁৱৰ ঘৰবোৰৰ মূধবোৰ কাছপিঠীয়া। পূৰৰ পৰাই চিনিব পাৰি। আৰু চিনিব পাৰি: অসমীয়া মানুহৰ চোতালৰ একাষে থকা দাঙত মেলা থাকে চাদৰ গামোচা চুৰিয়া। আৰু মিয়াহঁতৰ গাঁৱৰ গৃহস্থৰ চোতালৰ আগৰ দাঙত থাকে লুভী, নানা বৰণীয়া কাপোৰেৰে সীয়া কেথা আৰু ৰঙচঙীয়া আঁকবাক শাড়ী।

তথাপি দেখি দেখি বাবৰৰ ক্রমে সকলোকে একে লাগে। খেতিৰ পথাৰত কৃষকৰ কপালৰ ঘামেৰে কোৱা সকলো সাধুকথা একে। মাটিৰ প্ৰতি, গৰু ম'হৰ প্ৰতি সকলোৰে মৰম একে। গক বাটবোৰ একে, নৈৰ ঘাটবোৰ একে, বনপাত নলবিবিজ্ঞাবোৰ একে। তথাপি এটা পার্থক্য বাবৰৰ চকুত নপৰাকৈ নেথাকিল।

সিহঁতৰ নিজৰ গাঁওখনৰ কাষবে পাজৰে ঘুৰিলে কেরল মতা মানুহবোৰ, কেৱল ল'ৰাবোৰ দেখা পোৱা যায়। ক'তো যেন এজনী তিৰোতা মানুহো নাই, এজনী ছোৱালীও নাই। কেরল মতা মানুহবোৰ। কিন্তু অসমীয়া গাঁওবোৰ তেনেকুৱা নহয়। তাৰ ঘবে চোতালে বাহিৰে ভিতৰে মতা মানুহ যিদৰে দেখা পোৱা যায়, সেইদৰে মাইকী মানুহো দেখা পোৱা যায়। তিৰোতা মানুহবোৰে পথাৰত কাম কৰে, বিয়া সবাহলৈ ভাল কাপোৰকানি পিন্ধি অহাযোৱা কৰে, দল বান্ধি নৈত গা ধুবসৈ যায়, পুরা আবেলি কলহ লৈ নৈৰপৰা পানী আনিবলৈ যায়। ছোৱালীবোৰো সদায় ঘৰৰ ভিতৰতে সোমাই নেথাকে, সিহঁত জাকে জাকে দল বান্ধি স্কুললৈ যায়, সভা সমিতিলৈ যায়, বিয়া সকামলৈ যায়। সিহঁতৰ বহুতেই পথাৰতো বোৱা তোলা কৰে। সিহঁত মতা মানুহবোৰৰ নিচিনাই, ল'ৰাবোৰৰ নিচিনাই মুকলি।

এই কাৰণেই নেকি বাবৰৰ গাঁৱৰ ফালে গৈ ভাল লাগে। নিজৰ গাঁওখনতকৈ ওচৰৰ অসমীয়া ছোৱালীবোৰ হাঁহি মাতি ফুর্তি তামাছা কৰি দল বান্ধি ফুৰা দেখিলে তাৰ এনেয়ে আনন্দ লাগে। ছোৱালীবোৰক তাৰ কিছুমান উৰি ফুৰা পখিলা যেন লাগে।

অৱশ্যে ইয়ালৈ অহাৰ পাছৰপৰা বাবৰে ছোৱালী বা তিৰোতা মানুহৰ লগত কথা অতি কমেই পাতিছে। ছবিফ গাঁওবুঢ়াৰ ডাঙৰজনী ঘৈণীয়েক এক প্রকাৰ বুঢ়ীয়েই হৈছে। বুঢ়ীয়েহে কেতিয়াবা গাঁওবুঢ়া ঘৰত নেথাকিলে বাবৰৰ লগত দুই এষাৰ কথা পাতে। তাৰ ঘৰৰ, তাৰ গাঁৱৰ, তাৰ মাক বাপেকৰ কথা সোধে। বাবৰৰ ভাল লাগে। বুঢ়ীৰ মাতকথাত মাতৃমুলভ এটা চেনেহ আছে, তাৰ কাৰণে সেইয়া এক আপুৰুগীয়া বস্তু। 

কিন্তু ছবিফ গাঁওবুঢ়াৰ ঘৰৰ আনকি ন বছৰীয়া সৰু ছোৱালীজনীও তাৰপৰা আঁতৰি ফুৰে। কথা বতৰা পতা তো দূৰৰে কথা, হয়তো তাক সিহঁতৰ ঘৰত কাম কৰা চাকৰ ল'বা বুলি ভাবে। এই কথাটোত মনে মনে সি ক্ষুন্ন হয়, কিন্তু একো ক'ব বা কৰিব নোৱাৰে।

কেতিয়াবা মছজিদত 'চিন্নি' হয়। বাইজ গোট খায়। মৌলবী চাহেবে রাজ কবে, ধর্মকথা শুনায়। উপস্থিত সকলোৱে নিৰৱে কাণ পাতি শুনে, কাৰোবাৰ চকুৰ চকুলো ওলায়। কাৰোবাৰ হুমুনিয়াহ আহে। বাবৰেও শুনি থাকে।

: আমি সকলোৱে হেজাৰ গুণাহ কৰিছো, সহস্র পাপত দিন কটাইছো। কামত গুণাহ কৰিছো, কথাত গুণাহ কৰিছো, চিন্তাত পাপ কৰিছো, আমাৰ নাজাত কেনেকৈ হ'ব, মুক্তি কেনেকৈ হ'ব? আমাৰ কাৰণে খোলা বৈছে কেৱল দোজখৰ দুৱাৰ, নৰ্কৰ দুৱাৰ। আমাক কোনে ৰক্ষা কৰিব? কোনে উদ্ধাৰ কৰিব?

মৌলবী চাহেবৰ দৰদ দি কোৱা কথাই মানুহবোৰক কন্দুৱায়, স্তব্ধ হৈ সকলোরে মনে মনে নিজ নিজ জীৱনত কৰা পাপৰ চিন্তা কবি ম্রিয়মান হয়। বাবববো মনত লাগে যেন সি বহুত পাপ কবিছে, বহুত গুণাহ কৰিছে। তাৰো মন বিষণ্ণ হয়, চকু ঢুলুঢুলীয়া হয়।

মুনাজাত হৈ যোৱাৰ পাছত ৰাজহুৱা ভোজ খোৱাৰ হুলস্কুল লাগে। চকুৰ আগত ভোজৰ আহাৰীয়ই সকলোকে বসনাৰ প্রতি সজাগ কৰি তোলে, চিয় ববাখৰ হয়, তর্ক হয়, কেতিয়াবা গালাগালিও হয়। ছৰিফ গাঁওবুঢ়া, দিল মহম্মদ দেৱানী আদিৰ ডাবি ধমকিতহে মানুহবোৰ শান্ত হয়। ভোজৰ পাতত বহাৰ সময়ত গুণাহৰ কথা ভাবি আৰু কোনোরে চকুপানী নোটোকে, কোনোরে হুমুনিয়াহ নেকাড়ে। তেতিয়া সকলো খোৱাত ব্যস্ত হৈ পৰে।

বাবৰো। মোলবী চাহেবৰ রাজ বা বক্তৃতা শুনি থাকি বাবুৰৰ কেতিয়াবা মনত লাগে, সিও যেন কোৰান হুদীচত থকা সকলো কথা জানি পেলাব। সিও যেন মৌলবী চাহেবৰ নিচিনা জ্ঞানী আৰু বিদ্বান হ'ব।

মৌলবী চাহেবে কম কথা জানেনে? আচ্ মান জমীন, খোদা বহুল, দোজখ বিহিস্ত, পাপ পুল্ল, ইহকাল পরকাল সকলোৰে কথা জানে মৌলবী চাহেবে।

মানুহ হ'লে মৌলবী চাহেবৰ নিচিনা হ'ব লাগে।

মৌলবী চাহেবে ঢাকা নে কুমিল্লা ছিলেট নে নোয়াখালী নে কলিকতা নে মৈমনচিত্ত ক'ৰবাত বহুত কিবা ডাঙৰ ডাঙৰ কিতাপ পঢ়ি আহিছে। বাবৰে নিজৰ গালে মুখে হাত ফুৰাই চালে। এইবোৰ কিজানি দাড়িয়েই গজিবলৈ আৰম্ভ কৰিছে, নাই, মোৰ আৰু পড়িগুনি মৌলবী হোৱাৰ দিন নাই, কোনো আশাও নাই। লোকৰ ঘৰৰ ভাতকাপুৰীয়া হালোরা, বিদেশত থাকিবলৈ আশ্রয় দিছে, সেয়ে বহুত। পড়াশুনা কবি, হাফিজ মৌলবী হৈ এনেকৈ মানুহক নচিহত কৰি ধর্মউপদেশ দি পুণ্য অর্জন কৰাৰ কোনো আশা মোৰ নাই। যি যিহব কাৰণে উপযুক্ত আল্লাই তাক তেনেকুৱা কৰি গঢ়ি তোলে। মানুহে হওঁ বুলিয়ে একো হ'ব নোৱাৰে-মৌলবী চাহেবেই কোরা কথা। তেওঁৰ নিচিনা এজন জ্ঞানী, আলিম মানুহে মিছা কথা কৈছেনে?

এদিন কালু ছেখক বাবৰে সুধিলে, "মৌলবী চাহেবে বাক ইমানবোৰ কথা ক'ত শিকিলে, আৰু ইমান কথা যে ইমান ভালকৈ মনত ৰাখিছে! আচৰিত নহয়নে বাক?"

কালু ছেখৰ অৱশ্যে মৌলবীয়ে কি কথা কৈছিল মনত নাই। আচলতে সি ৰাইজৰ মাজত বহি আছিল যদিও রাজ বা বক্তৃতা শেষ হৈ কেতিয়া ভোজ ওলাব সি তাৰ চিন্তাতহৈ আছিল। আৰু মৌলবীয়ে কোৱাৰ নিচিনা কথা সি আগেও বহুবাৰ শুনিছে। মৌলবীয়ে তেনেকুৱা কথা নকৈ আৰু আমাৰ নিচিনাকৈ হাল বাবনে?

কালু ছেখে গহীন হৈ ক'লে, "আল্লাই বেলেগ মগজ দিছে, সেই সেই দেখি পাৰিছে। তই মই বেৰত মূৰ মাৰিলেও তাৰ এক হৰফো নোৱাৰোঁ।"

পতিয়ন যোৱাৰ ধৰণে বাবৰে ক'লে, "এবা!"

ছবিফ গাঁওবুড়ানো ইমান মাটিবাৰী, ধন ধান, বন্দী বেটীৰ গৰাকী কেনেকৈ হ'ল, মাজে মাজে সেই চিন্তাও সি নকৰা নহয়। এটা কথা সি মন কৰিছিল যে ছবিফ গাঁওবুঢ়াই যত যি কৰে নিজৰ কাৰণেই কৰে আৰু ফলাফল নিজেই ভোগ কৰে। ইয়াত কোনা জনীদাবৰ অনুগ্রহৰ ওপৰত নিৰ্ভৰ কৰিব নেলাগে। সেইটো এটা লেখৰ কথা।

পিছে সেই বুলি অ্যান্ড্যবোৰ ইয়াতে থাকিও গাঁওবুঢ়াৰ নিচিনা ধনী মানী হ'ব পৰা নাই কিয়? অইনেওতো কপালৰ ঘাম মাটিত পেলাই খেতি-বাতি কৰে, নামাজ পড়ে, বোজা ৰাখে, চৰকাৰৰ হুকুমো মানি চলে, খোদা বহুলৰ হুকুমো পালন কৰি চলে। তথাপি দেৱানীৰ সমান, গাঁওবুঢ়াৰ সমান হ'ব পাৰিছে ক'ত?

ম'হ ৰখিবলৈ যাওঁতে কথাটো সি লগৰ সমনীয়া জব্বাৰ, মতি, ভুৱনহঁতৰ লগত আলোচনা কৰে। এইবোৰ কথাৰ অৰ্থ বা কাৰণ সিহঁতেও বুজি নেপায়, তথাপি ভুরনে বিজ্ঞৰ দৰে ক'লে, "ছবিফ গাওবুঢ়াই যিমান খাটনি খাটে-বাপু ৰে বাপ। এটা মানুহে দহোটা মানুহৰ কাম কৰে। কেতিয়াবা এনেই বহি থকা দেখিছ নেকি? গাত যিমান বল আছে, মূৰতো সিমান বুদ্ধি আছে। তোৰ মগজতো যদি বুদ্ধি থাকে, আৰু. তয়ো যদি গাঁওবুঢ়াৰ দৰে খাট, এদিন তোৰো গাঁওবুঢ়াৰ নিচিনা ধন ধান মাটি ভেটি হৈ যাব।"

"মই গাঁওবুঢ়াৰ ম'হ ৰখোঁ, তাত আৰু গাৰ বলৰেবা কি দৰকাৰ চিন্তা কৰি বাবৰে ক'লে।

"তই কিবা সদায় এনেকৈ গৰু ম'হ চৰায়ে কটাবিনে? গাত বল আছে, এইবোৰ অনাবাদী মাটি বালিচাপৰি পৰি আছে-খাটিব লাগিব। মাটিয়েই আচল বস্তু, মাটিয়েই সোশ" জব্বৰে ক'লে। 

মতিয়ে ক'লে, "কাৰোবাৰ হাতত মাটি সোণ হয়, কাৰোবাৰ হাতত সোণো মাটি হৈ যায়। সকলো কপালৰ কথা।"

"এৰা মৌলবী চাহেবেও জানো তেনেকৈয়ে কোরা নাছিল? আচল কথা হৈছে নচীব-কপাল কিচ মৎ।" বাববে যেন নিজকে আশ্বস্ত কৰিবৰ কাৰণেই ক'লে।

কিন্তু মনে মনে সি ঠিক কৰিলে সি কেতিয়াও গাঁওবুঢ়াৰ নিমখ হাৰামী নকৰে। যি কামকে কৰে সি ভালকৈ কৰিব। আৰু ছবিফ গাঁওবুঢ়াইনো কেনেকৈ কি কবে সি বুজিবৰ যত্ন কৰিব। কপালত থাকিলে সিও এদিন গাঁওবুঢ়াৰ নিচিনা হ'ব পাৰিব।

তাব মাটি হ'ব, ধন ধান হ'ব, গৰু ম'হ হ'ব। সি ক'ৰবাৰ ধুনীয়া মজবুত শকত আরত চাই ছোৱালী এজনী বিয়াও কৰাব, মাক বাপেককো এদিন সি দেশৰ পৰা নিজৰ লগলৈ লৈ আহিব...

অস্পষ্টভারে অকলে অকলে সি তাৰ ভৱিষ্যতৰ ছবি এটা মনৰ মাজত আঁকিবৰ যত্ন কৰে, তাৰ বব সোনকালে ডেকা হ'বৰ মন যায়, বহুত কিবা কৰিবৰ মন যায়।

কিন্তু নৈখনৰ ফালে চালে, আকাশখনৰ ফালে চালে, নিৰৱে আপোনমনে চৰি থকা ম'হজাকৰ ফালে চালে তাৰ একো নকৰাকৈ এনেই বহি বহি সময়বোৰ কটাই দিবৰ মন যায়। লগৰবোৰে কিয় জানো প্রায়েই ছোৱালীৰ কথা উলিয়ায়। বিয়া নকৰোরা মানুহে ছোৱালীৰ কথা পতাটো গুণাহৰ কথা।

তথাপি মাজে মাজে তাৰ মনত পৰে মৰীয়মৰ কথা আৰু সেই মিঠা বৰণীয়া খুবণীয়া মুখৰ মুছলিমা নামৰ ছোৱালীজনীৰ কথা। সিহঁত দেশৰপৰা একেলগে আহিছিল। জালাল বুঢ়ী মুছলিমা আক তাইৰ মাক-সেই খীণ ক'লী ওখ মানুহজনী, মৰীয়ম আৰু চফিকা নিশ্চয় ঘৰলৈ ঘুৰি যাব পায়। মুছলিমাহঁত বাটতে কোনোবা এটা ষ্টেচনত নামি ৰৈ গ'ল। কিজানি সিহঁত এতিয়া ক'ত আছে। বজলুৱে সিহঁতকো গাঁওবুঢ়াৰ ঘৰলৈকে লৈ অহা হ'লে...

34
প্ৰবন্ধ
এচিয়াৰ জ্যোতি।
0.0
১৮৭৯ চনত প্ৰথম প্ৰকাশিত ছাৰ এডউইন আৰ্নল্ডৰ মহাকাব্যিক কবিতা 'দ্য লাইট অৱ এছিয়া' হৈছে বুদ্ধৰ জীৱন আৰু বাৰ্তাৰ আখ্যান। ই দ্ৰুতগতিত এক বিশাল অনুভূতিলৈ পৰিণত হৈছিল আৰু যোৱা ডেৰ শতিকা ধৰি সমগ্ৰ বিশ্বতে ই শক্তিশালীভাৱে অনুৰণন কৰি আহিছে।
1

এচিয়াৰ জ্যোতি (তথাগত বুদ্ধৰ মহান ত্যাগৰ অমৰ কাহিনী) প্রথম অধ্যায়।

6 January 2024
0
0
0

যি জন বুরবাজ সিদ্ধার্থ, গৌতম, শাক্যসিংহ আদি নামেৰে পৰিচিত হৈছিল-বিজন পৃথিবী আৰু স্বৰ্গ আৰু নৰকত অঙ্কুপম, যি জন সর্বব-সন্মানিত আটাইতকৈ জ্ঞানী। অতি ভুলব, অতি দয়ালু, নির্ব্বাণ আৰু নীতিধৰ্ম্মৰ শিক্ষাদাতা-

2

এচিয়াৰ জ্যোতি।

8 January 2024
1
0
0

তেতিয়া এগৰাকী সখীয়ে উত্তৰ দিলে- "ধুনীয়া কোঁৱৰ! প্রথমে আমাৰ ৰাজধানী আছে, মন্দিৰ, ৰাজ-উদ্যান, কুঞ্জবন, তাৰ পাছত শস্যৰ পথাৰ। তাৰ পাছত খাল-ডোং, স্কোপা, জুপুৰী ভৰা বহুল মুকলি পথাৰ। তাৰ পৰা গৈ পাব গৈ ৰজা বি

3

চতুর্থ অধ্যায়

8 January 2024
1
0
0

যিটো হ'ব লগীয়া আছিল সেইটোরেই হ'বৰ সময় ওচৰ চাপি আছিল। প্রভু বুদ্ধৰ সংসাৰ ত্যাগৰ দিন পালেহি। সেই সোণালী ঘৰখনত বিষাদৰ বিননি উঠিল। বজা শোকত মৰহি গ'ল আৰু কপিলাবাস্তু সকলো প্রজ্ঞাই হাঁয়! হায়! কৰিলে। চ'ত মা

4

পঞ্চম অধ্যায়।

9 January 2024
0
0
0

ৰজা বিম্বিসাৰৰ বাজধানী ৰাজগৃহৰ চাৰিউপিনে বেৰি থকা পার্চোটা পর্ব্বত আছিল। বৈভাৰ, বিপুল্ল, তপোবন, শৈল-গিৰি আৰু ৰত্ন-গিৰি। বৈভাৰ সেউজীয়া ঘাঁহ আৰু খাজুর গছেৰে ভবা। বিপুল্লৰ নামনিয়েদি ক্ষীণ সৰস্বতী নৈ বৈ গ

5

৬৪ অধ্যায়

9 January 2024
0
0
0

অৱশেষত যি ঠাইত বিজুলী চমকৰ দৰে অমৰ জ্যোতি আহি সিদ্ধার্থৰ হিয়াত দেখা দিলে, এতিয়া সেই ঠাইৰ কথা কোরা হওক। গঙ্গাৰ পাৰে পাৰে গৈ সেউজীয়া পৰ্ব্বত মালাৰ মাজেদি ওলাই অহা দুখন সৰু নৈ-এখনৰ নাম নৈষজনা আক আনখনৰ ন

6

সপ্তম অধ্যায়

10 January 2024
0
0
0

পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চৰাই ঘুৰি ফুৰা উট

7

অষ্টম অধ্যায়।

10 January 2024
0
0
0

কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিংযোৰ চকুত পৰে। গোট

8

পুত্ৰৰ শোকত

11 January 2024
0
0
0

সপ্তম অধ্যায়   পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চ

9

কালীৰ পৰা গৰুগাড়ীৰে

11 January 2024
0
0
0

অষ্টম অধ্যায়।   কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিং

10

চাৰি

15 January 2024
0
0
0

আয়োজন দেখিয়ে সকলোৱে বুজিব পাৰিলে যে এইবাৰৰ জমিদাৰবাৰীৰ গানৰ আসন আগে হোৱাতকৈ বহুত ডাঙৰ আৰু বেলেগ হ'ব। বিৰাট ৰভা দিয়া হৈছে, বহুত মানুহ বহিব পৰাকৈ ঠাই উলিউল্লা হৈছে, গায়ক গায়িকা বহিবৰ কাৰণে ওখ মঞ্চ সজা হ

11

পাঁচ

15 January 2024
0
0
0

ভাৰতত বৃটিছ সম্রাটৰ ৰাজত্ব। বংগদেশ, অসমত বৃটিছৰ হৈ শাসন কৰিছে ভাবতীয় শাসকে। বংগত ফজলুল হকে, অসমত চাৰ চাহুল্লাই। বংগদেশত প্রাদেশিক চৰকাৰৰ তলত একাধিপত্য চৰকাৰ চলিছে নাৱাব আৰু জমীদাবব। বৃটিছৰ শাসন কটকট

12

সাত

15 January 2024
0
0
0

বাবৰ আৰু জাফৰে মৰীয়ম আৰু চফিকাক জেঠাইৰ ঘৰত চমজাই এক অনির্দিষ্ট পথত খোজ আগবঢ়ালে। আজিলৈকে জমীদাবন ঘৰৰ চাকৰ চাকৰৰ এটিলৈও কোনোরে আঙুলি এটা টোওরা নাই, তেনেস্থলত জমীদাৰৰ মূৰত টোকোনৰ দাষ পোষাই কোন সাৰি যায়?

13

আই

16 January 2024
0
0
0

মাল্লহ সৰহ নহয়, দুখন গাঁৱৰ ১টা মানুহ। এটা পৰিয়ালৰ তিনিটা-মাক বাপেক আৰু এজনী ছোৱালী, সিহঁতৰ সক ডাঙৰ তিনিখন ভাৰত ঘৰৰ বয়বস্তু লামলাকটু সকলো বান্ধি কান্ধত লৈছে। মাক আৰু ছোৱালীজনীৰ গাইপতি একোটাকৈ কাপোৰকানি

14

দ্বিতীয় ভাগ ন

16 January 2024
0
0
0

দক্ষিণৰ আকাশৰ বুকত ক'ৰবাৰপৰা আহি মেঘবোৰ ৰূপ খাইছেহি। আকাণৰ নীলাই দূৰণিত-হাবিয়নিজৰাৰ সিপাৰে- মাটি ছুইছেহি। গঙাচিলনি, শৰালি আৰু বনৰীয়া ৰাজহাহবোৰ অলসভাৱে শূণ্যত উৰি ফুৰিছে। সিহঁতৰ পাখিৰ কঁপনিয়ে কোনো ৰাইক

15

17 January 2024
0
0
0

খৰালিৰ দিনবোৰ লাহে লাহে শেষ হৈ আহিল। আকাশৰ বুকত উৰি ফুৰা মেঘবোৰ ডাঠ আৰু ক'লা হৈ আহিল। গছব কুঁহিপাতবোৰ ঘন সেউজীয়া হৈ আহিল। প্রথমে দিনবোৰ আৰু ক্রমে ৰাতিবোৰ গৰম হৈ আহিল। শালি আৰু মৰাপাটৰ খেতিৰ কাৰণে যোজ

16

দহ

17 January 2024
0
0
0

চাৰিটা বছৰ পাৰ হৈ গ'ল। খবালি গ'ল, বাৰিষা গ'ল। বাৰিষা গ'ল, খৰালি গ'ল। ইয়াৰ মাজতে এবছৰ ডাঙৰ বান নাহিল। সেইবাৰ খেতিও ভাল হ'ল। বাকীকেবছৰ বববান আহিল, খেতি বাতি নষ্ট কৰিলে, ঘৰ দুৱাৰ ভাঙিলে, গৰু ম'হ উটাই ন

17

এঘাৰ

17 January 2024
0
0
0

দৰকাৰী কথাটো এদিন জব্বাৰে বাবৰক ক'লে। কেইবা দিনো চেষ্টা কৰিও বাবৰক অকলে লগ ধৰাৰ সুবিধা কৰিব নোৱৰাৰ কাৰণে মাঘ ফাল্গুন দুমাহত কথাটো কোরা নহ'ল। ইতিমধ্যে গাঁও জুৰি চাৰিওফালে যুদ্ধৰ বাতৰি বিয়পি পৰিব ধৰিলে

18

বাৰ

19 January 2024
0
0
0

ৰূপহী গাঁৱত এখন ডাঙৰ ৰাজহুৱা সভা হৈছিল। চৰকাৰৰ ফালৰপৰা জাননী দি কেইবাখনো গাঁৱৰ মানুহ গোটাইছিল। মন্ত্রী আহিছিল, আৰু বহুত ডাঙৰ মানুহ আহিছিল। নেচনেল ৱাৰ ফ্রন্টৰ অফিছাৰ আহিছিল। কেইবাজনো নেতাই ৰাইজক বুজাই

19

তেৰ

19 January 2024
0
0
0

হাটত বাববে ভালেমান চিনাকি মানুহক লগ পালে। প্রায় সকলোৰে মুখত একেটা কথাৰে আলোচনা-যুদ্ধ লাগিছে, জাপানৰ লগত আমাৰ দেশৰ যুদ্ধ লাগিছে। চৰকাৰে কৈছে যুদ্ধত সকলোৱে সহায় কৰা, কংগ্ৰেছে কৈছে সহায় নকৰিবা। বাবৰে আৰ

20

তেৰ

19 January 2024
0
0
0

জববাৰে খেতিবাতিও কৰা নাই, মিলিটাৰীৰ চাকৰি বা ঠিকাদাৰীও কৰা নাই। সি কিন্তু কিছু টকা কৰিছে। একো নকৰাকৈ সি কেনেকৈ টকা কৰিছে সেইটো বহুতৰে গুণাগথাৰ বিষয় হৈছে। মানুহে কোরাকুই কৰিছে যে বাতি বিয়লি তাক মিলিটা

21

চৈধ্য

22 January 2024
0
0
0

ভালেমানে কথাটো কৈছে। আনকি এদিন নে দুদিন মোবাৰক মাষ্টৰেও কৈছে। বাবৰে কথাটোত সিমান গুৰুত্ব দিয়া নাছিল। গুরুত্ব দিবলগীয়া কথাও নহয়। কিন্তু সেইদিনা ঈদৰ নামাজ পঢ়ি আহি বাবৰ যেতিয়া কাপোৰ কানি পিন্ধি গাঁৱব অন

22

পোন্ধৰ

22 January 2024
0
0
0

যুদ্ধখনে বহুতৰে বহুত দুর্গতি আনিলে। বহুত শাস্তিবে থকা মানুহৰ লটিঘটি হ'ল। বহুত ভৰগাঁও এৰি মানুহ উঠি যাবলগীয়া হ'ল-গাঁৱত যুদ্ধৰ বিমানঘাটী হ'ল, মিলিটাৰী কেম্প হ'ল, স্কুল কলেজৰ ঘৰবোৰ মিলিটাৰী হস্পিতাল হ'ল।

23

বোল

22 January 2024
0
0
0

ছবিফ গাঁওবুঢ়া হঠাৎ অসুস্থ হৈ পৰিল অব, কাহ, গাৰ বিষ। গাঁওবুঢ়াৰ টান বেমাৰ হোৱাৰ কথা কোনোষে ক'ব নোৱাৰে। বব বেছি কেতিয়াবা পানীলগা অৰ হোৱাৰ বাহিৰে অল্প কোনো টান বেমাৰ গাঁওবুঢ়াৰ হোৱা নাই। কিন্তু এইবাৰ গ

24

সোতৰ

22 January 2024
0
0
0

নারেবে নৈ পাৰ তৈ, মাজে মাজে খোজ কাঢ়ি, আফ এডোখষ কোনোবা মিলিটাৰী ঠিকাদাৰ এটাৰ ট্রাকেবে আহি ছদিনৰ মূর্বত বাববহঁত ঘৰ পালেহি। গোটেই বাটছোৱা যাবৰৰ মনটো আনন্দ কৃর্তিত আছিল। বাটৰ কষ্টবোৰ তাব কষ্ট কেন নেলাগিল।

25

উদ্দেশ

23 January 2024
0
0
0

ট্রাক এখনত বেত আৰু বাঁহ ভৰাই লৈ এদিন বাবৰ জাগীৰোডৰ ফালৰপৰা আহিছিল। গিবীণ মাষ্টৰৰ ঘৰৰ আগত গাড়ীখন ৰাখি সি সোমাই গ'ল, আজি কিছুদিন সি এইকালে আহিলেও, মাষ্টৰণী বাইদেউৰ খবৰ কৰিব পৰা নাই। মাষ্টৰণী ঘৰতে আছিল।

26

বিশ

23 January 2024
0
0
0

কলিকতা মহানগৰীৰ অলিয়ে-গলিয়ে পূব বংগৰ ভোকাতুৰ মানুহৰ অভূতপূর্ব ভিষ। য'তে ত'তে খাবলৈ নেপাই মৰা মানুহৰ মৰা শ। এই মানুহবোৰক কিবা খাবলৈ দি জীয়াই ৰখাৰ সমস্থাটোতকৈ চৰকাৰৰ ডাঙৰ সমস্যা হৈছে য'ত ত'ত মৰি পৰি থকা

27

একৈশ

23 January 2024
0
0
0

আকাশখন নতুন। একৈশ ডাৱৰৰ চপৰাবোৰত কৰোবাৰ ঘন ক'লা চুলিৰ আউলি বাউলিব কোমল ছাপ। বহুত ডাৱৰ, সিহঁত ক'ৰবাৰপৰা আহি আহি প খাইছেহি। মেঘৰোবৰ বুকত যেন বুজিব নোৱৰা কিছুমান কথাই গান হ'বৰ কাৰণে উখল-মাখল লগাইছে। ব

28

বাইশ

24 January 2024
0
0
0

ট্রাকখন আকৌ পিছবেলা আহিব। মিলিটাৰী মাল বোজাই কৰি আনি বাবৰকো লৈ যাব। আগবেলাটো বাবৰৰ হাতত আছে। ৰাতিপুৱা শুই উঠি, চাহু তাহ খাই, বাবৰ গাঁওবুঢ়াৰ ঘৰলৈ, অর্থাৎ বাবৰৰ নিজৰ ঘৰলৈ গ'ল। গাঁওবুঢ়াৰ স্বাস্থ্য আ

29

তেইশ

24 January 2024
0
0
0

মৰীয়মে বিয়াৰ কথা কয়, কামৰাণে বিয়াৰ কথা কয়, গাঁওঢ়াই বিয়াৰ কথা কয়, আনকি কেম্পত ঠিকাদাৰ ভূমিধৰ শৰ্মায়ো বিয়াৰ কথা কয়। বর্তমানত বাবৰৰ কাৰণে যেন একমাত্র কৰিবলগীয়া কাম বিয়া-আৰু একো নাই। টকা পইচাও হৈছে, ঘৰবাৰ

30

চৌবিশ

24 January 2024
0
0
0

মাত্র দুদিনৰ অসুখ-গ্রহণী, তেজ গ্রহণী, তাতেই জালাল বুঢ়া ঢুকাই থাকিল। বিশেষ চিকিৎসা কৰোৱাৰ সময়েই নহ'ল। প্রথম দিনা মুছলিমাই ঠেকেৰা পানী আৰু কিবাকিবি খাবলৈ দিছিল। দ্বিতীয় দিনা ইব্রাহিমে ডাক্টৰ মতাইছিল। কি

31

পঁচিশ

24 January 2024
0
0
0

কথাটো স্পষ্ট হৈ পৰিল, আৰু এই বিষয়ে কাৰো সন্দেহ নেথাকিল যে ছবিফ গাঁওবুঢ়া আৰু সৰহ দিন নিজীয়ে। বাবকেও এই কথা বুজিব পাৰিলে। প্রায় সকলোৱে বাবৰক পৰামর্শ দিলে. যে গাঁওবুঢ়াৰ জীৱনৰ শেষ ইচ্ছাটে। পূৰণ কৰাটো তা

32

ছাব্বিশ

24 January 2024
0
0
0

বহুতে ভাবিছিল-নহ'ব, বহুতে আশা কৰিছিল নহওক, আৰু সর্বসাধাৰণে কামনা কৰিছিল-যিমান সোনকালে হয়-হওক।। হ'ল। কিছু অপ্রত্যাশিতভাবেই যুদ্ধখন বিশ্বজোবা দ্বিতীয় মহাসমৰখন এদিন শেষ হৈ গ'ল। কিয়, কেনেকৈ, ক'ত যুদ্ধখন

33

সাতাইশ

24 January 2024
0
0
0

বিধানসভাৰ সাধাৰণ নির্বাচনৰ দিন ওচৰ চাপি আহিল। দেশ জুৰি উখল মাখল হুলস্থুল বাড়ি আহিল। কলেজ স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৰে মুখত কেৱল নির্বাচনৰ কথা, ভোটৰ কথা, কংগ্ৰেছৰ কথা, মুছলিম লীগৰ কথা। নিতৌ

34

আটাইশ

24 January 2024
0
0
0

বতৰ বৰ ভাল আছিল। খেতি বৰ ভাল হৈছিল। বাববে নতুনকৈ সজোৱা উড়ালটো গুটি আৰু গছি ধানেৰে উপচি পৰিছিল। অতদিনে তাৰ ধান গাঁওবুঢ়াৰ উড়ালতে থৈছিল। ঠিকাদাৰীত লাগি থকাৰ কাৰণে সি খেতিত বৰকৈ লাগিবও নোৱাৰিছিল। এই এই ব

---

এখন কিতাপ পড়ক