বতৰ বৰ ভাল আছিল। খেতি বৰ ভাল হৈছিল। বাববে নতুনকৈ সজোৱা উড়ালটো গুটি আৰু গছি ধানেৰে উপচি পৰিছিল। অতদিনে তাৰ ধান গাঁওবুঢ়াৰ উড়ালতে থৈছিল। ঠিকাদাৰীত লাগি থকাৰ কাৰণে সি খেতিত বৰকৈ লাগিবও নোৱাৰিছিল। এই এই বছৰহে একাণপতীয়াকৈ খেতিত লাগিব পাৰিছে। খেতি ভাল হৈছে। নিজৰ খেতি কৰিবলৈ লগোৱা মানুহকেটাৰ উপৰিও, চাচা আৰু মৰীয়মেও দেহে-কেহে খেতিত লাগি দিছে। ভালকৈ খাবলৈ ববলৈ পাই চাচাও টনকিয়াল হৈ পৰিছে। বেছ কাম কৰিব পাৰে। মৰীয়মক বাবৰে ভালকৈ বুজিব নোৱাৰে। ৰাণীৰ লগত তাৰ বিয়া হৈ যোৱাৰ পাছত মৰীয়ম তাৰপৰা কিছু নিলগে নিলগে থাকিলেও কোনো মান-অভিমান তাই প্রকাশ কৰা নাই। বাবরে তাইক আশ্রয় দিছে, বাবৰে তাইক ভাত কাপোৰ দিছে, বাববে তাইক মৰম-চেনেহ মান-সম্মানো নকৰা নহয়। এইবোৰ কাৰণতে 'হয়তো মৰীয়ম বাবৰৰ ওচৰত কৃতজ্ঞ। বাবৰেহে মাজে মাজে কিবা কাৰণত নিজক অপৰাধী যেন অনুভৱ কৰে। যেন সি তাইৰ কিবা এটা অন্যায় কৰিলে, কিবা এটাৰপৰা তাইৰ বঞ্চিত কৰিলে। বাবৰৰ পৰা পোৱা মৰম-চেনেহে যেন তাইক সম্পূর্ণ সন্তুষ্ট কৰিব কৰিৰপৰা নাই- সুখী কৰিব পৰা নাই। বাহিৰত যিমানেই হাঁহি মাতি নেদেখুৱাওক মৰীয়মৰ মনত যেন কেনিবাদি এটা গভীৰ দুখ বৈ গৈছে। আৰু এই দুখ আঁতৰাবৰ কোনো উপায় বাবৰৰ হাতত এতিয়া নাই।
২৭৪ ৰাণীয়েও মদীয়মক মৰম কৰে। বয়সত মৰীয়মতকৈ বাণী তুই এবছৰৰ সৰু হ'ব হয়তো, তথাপি বাণী গৃহিণী, আৰু মৰীয়ম এজনী বাৰীঘৰৰ কামবন কৰা ছোৱালী। মবীয়মে জীৱনত নানা হুখ-বেদনা পোৱাৰ কথা ৰাণীয়ে জানে। সেই কাৰণেই তাইৰ প্রতি এটা সমবেদনা অনুভৱ কৰে, আৰু তাইক মৰম কৰে।
কিন্তু ইমানখিনি উদাৰতা সত্ত্বেও বাণীয়ে মৰীয়মক বৰ আপোন- ভাৱে বাবৰে মৰম কৰাটো সহজভাৱে লবলৈ টান পায়। এই কথা তাই বাবৰক নকয়, তাই জানে বাৰৰ বৰ শক্তিশালী মনক মানুহ, আৰু ৰাণীক বাবৰে সমগ্ৰ অন্তৰ দি ভাল পায় আৰু মৰম কৰে। আৰু মৰীয়মৰ নিচিনা এজনী সর্বহাৰা ছোৱালীক বাটৰপৰা বুটলি আনি জীয়াই থকাৰ পথত থিয় কৰোৱাত বাবৰৰ মহব্বই প্রকাশ পাইছে।
আনহাতে মৰীয়মেও কোনো দিন ৰাণীৰ সমকক্ষ হ'বৰ যত্ন কৰা নাই, বা বাবৰৰ পৰা ৰাণীৰ ভাগৰ মৰম কাঢ়ি লববো যত্ন কৰা নাই। মৰীয়মে তদীৰ বা ভাগ্যক সম্পূর্ণ মানি লৈছে বুলিও ক'ব নোৱাৰে। কাৰণ তাইৰ দুর্ভাগ্যৰ কাৰণে তাই মানুহকহে জাগৰীয়া কৰে, যদিও সেই মানুহবোৰ কোন তাই সঠিক নেজানে।
মৰীয়ম দেখাই মেলাই ভাল, ল'নী, ওখপাখ, আটিল গাৰ, স্বাস্থ্যৱতী। বগা নহয়, মিঠা বৰণীয়া, হ'লেও ক'লাতকৈ বগাৰ ফালেই বেছি হাল খোরা। মুখখন কলডিলীয়া, নাকটো জোভা, আৰু দাত দুপাৰী সমান আৰু বৰ বগা। পাবলগীয়া যত্ন নোপোৱা সন্ধেও তাইৰ চুলিবোৰ কিচ কিচ, কৰে ক'লা আৰু দীঘল। মৰীয়মৰ গাৰ আহপাহবোৰ বৰ কোমল নহয়, খেতিয়কৰ ছোৱালীৰ গাঁৱলীয়া ছোৱালীৰ এটা স্বাভাৱিক কঠিনতা আছে। কিন্তু এই কঠোৰতা তাই মানুহজনীৰ লগত খাপ নোখোৱা বিধৰ নহয়।
তাই শাৰী পিন্ধে। এনেই শুনা মূবে থাকিলেও, মতা মানুহ দেখিলে মুখ ঢাকি মুৰত ওৰণি লয়। যদিও তাই কর, মই কল্পিকতাব মুকলি ময়দানত, ফুটপাথত থাকি অহা ছোৱালী। সিমানতে-বানরক লগ নোপোৱা হ'লে তাৰ পাছত কিজানি গা ঢাকিবলৈকো কাপোৰ নেথাকিলহেঁতেন। ইয়াত সমাজ আছে, সেয়ে মুখচুখ ঢাকিছো। নহ'লে কোনো দৰকাৰ নাছিল।
মৰীয়মৰ বিষয়ে কোনোবাই কিবা ক'লেহেঁতেন যদিও বাবৰৰ ঘৰত তাই থকাৰ কাৰণে কোনোরে মুকলিকৈ একো নকয়। দুই এটা আদহীয়া (দুই এজনী ঘৈণীয়েক থকা) মানুহে, আৰু দুই চাৰিটো ডজুৱা ডেকাই মৰীয়মক বিয়া কৰাৰো চিন্তা নকৰা নহয়। কিন্তু কোনোরে মুখ খুলি ক'বলৈ সাহস কৰা নাই। আৰু বাবৰে সম্মতি নজনালে মৰীয়মক কোনোৱে পাব নোৱাৰে, এই কথা সকলোরে জানে।
ৰাণী খেতি পথাৰলৈ নোলায়। দৰকাৰ নাই, পথাৰ সমাৰৰ কাম তাই বিশেষ নেজানেও। বাবৰৰ বাৰীঘৰ চাৰিওপিনে ওখ চকোরা দি বেৰা। তাৰ ভিতৰতে বাণী থাকে। বাৰীত কৰা শাকপাত লাও বেঙেনাবোৰ চায় মেলে। পুখুৰীত বৰণী বায়, চোতালত বহি ৰ'দ লয়, জোনাক ৰাতি আগফালে চোতালত পাটি পাৰি বহি খেতিবাতিৰ কথা, আৰু কেতিয়াবা দেশৰ ৰাজনীতিৰ কথাত পাতে। কেতিয়াবা মন ভাল লাগি থাকিলে, মৰণাৰ খেবৰ ওপৰত শুই নাইবা বননিত কঠ পাটি পাৰি ওপৰলৈ মুকৈ শুই, ন্নাইবা কেতিয়াবা জবজৰীয়া বৰষুণ দি থকা ৰাতি, ঘৰৰ ভিতৰত সোমাই থাকি বাবৰে আপোনমনে বাউল, ভাটিয়ালী, মুখিদা গায়। তাৰ মাতটো এতিয়াও বৰ মিঠা। অলপ গভীৰ হৈছে, করুণ হৈছে, কোমলতা কমা নাই।
এনেকৈ আপোনমনে, অকলশৰে গীত গাই থাকিলে কেতিয়াবা বাণী আছি ওচৰতে মনে মনে বহি থাকে। গৰম হ'লে বিচি দিয়ে, কেডিয়াবা চাইপানী আনি দিয়ে, কেতিয়াবা লিৰিকি বিদাবি চায় ক'ৰবাত চুলি দুই এভাগ পাকিছেনেকি। নাই পকা। তাইৰ ভাল লাগে। নিজস্ব মতে সিগান গায়।
আৰু এটা গাবলৈ ক'লে সি কেতিয়াবা নোগোৱা হয়। সেই দেখি তাই একো নকয়। বাবৰে আপোনমনে যি গায় গাওক, বিমান গায় গাওক। গাই ভাগৰ লাগিলে নিজেই নোগোৱা হ'ব। তাইৰ ক'বৰ দৰকাৰ নাই।
একাষে বহি মৰীয়মেও তাৰ গীত শুনি থাকে। তাই কিন্তু মাজে কয়, "সেইটো গাচোন, সেইটো-মোৰ যে ইমান ভাল লাগে। সদায় শুনি থাকিলেও শুনি থাকিবৰ মন যায়-গাচোন-"
তাৰ পাছত তাইৰ ভাল লগা মুখিদা, বাউল বা অন্য গীতৰ নাম কয়।
তাইৰ কথা মুণ্ডনাৰ ধৰণে অন্ত কিবা এটা গাই তাৰ পাছত মৰীয়মে কোৱা গীতটো সি গায়। দৰদ দি গায়। ৰাণীৰো ভাল লাগি যায়। বাবৰে ইমান ভাল গান গাব পৰাৰ কাৰণে মনে মনে তাইৰ গর্বও হয়। বাবৰ উকীল হাকিম নহ'ল কি হ'ল, সি ইমান ভাল গীত গাব পাৰে। নগৰৰ কেইটা উকীল হাকিমে এনেকুৱা গীত গাব পাৰে?
বাবৰে দুখৰ গান গায়, কিবা নোপোৱাৰ, কিবা হেকটৱাৰ, কিবা অকাৰণ দুর্ভাগ্যৰ গীত গায়। তেতিয়া যেন সি আৰু তাৰ গান এক হৈ যায়। গানৰ মাজত প্রকাশ পোৱা দুখ যেন তাৰ নিজৰেই দুখ নহয়, তাৰ নিচিনা সকলোৰে দুখ, পুৰুষৰপৰা পুৰুষলৈ, জীৱনৰ পৰা জীৱনলৈ এই দুখ বাগৰি আহিছে। কোনোবা কাহানি ক'ৰবাত কৰোবাৰ পুঞ্জীভূত অন্তর্বেদনাই পীতৰ ৰূপ লৈছিল, সুৰৰ ৰূপ লৈছিল। সেই সুৰ নামি আহিছে, কণ্ঠৰপৰা কণ্ঠলৈ,, সুৰৰপৰা সুৰলৈ, এখন ঠাইৰপৰা অন্ত্য এখন ঠাইলৈ, একেটা সুৰ, কত গায়কৰ কত কণ্ঠত সি ৰূপ লৈছে। এইবোৰ গীতৰ সুৰে অতীতক লৈ আহে বর্তমানৰ বুকলৈ, বর্তমানক লৈ যায় অতীতৰ বুকলৈ, 'সময়' নোহোৱা হয়,
খাকে কেৱল গীতৰ শাশ্বত সুৰ। এনেকৈ যেতিয়া বাববে গীত গায়, তেতিয়া বাণীৰ তালৈ আৰু মৰম লাগে। যাৰ মাতত ইমান দবদ আছে, তাতকৈ সৌভাগ্যৱান আৰু কোন আছে-তাই ভাবে।
আৰু তেতিয়া মৰীয়মে ভাবে যেন বাবৰে সকলো গীত তাইকে উদ্দেশ্য কৰি গায়, এইয়া তাৰ নিজৰ দুখৰ কথা নহয়, বাবৰৰ নিজৰ কোনো দুখ নাই, এইয়া মৰীয়মৰ দুখৰ কথা। মৰীয়মৰ ধানবান হোৱা ভগা জীৱনৰ কথা, নহ'লে বাবৰে কিয় গালেহেঁতেন- দিনে দিনে হল আমাৰ দিন আখেৰি। আমি ছিলাম কোথায়, এলাম কোথা আবাৰ যাব কোথায় বাল্যকাল খেলায় গেল, আবাৰ বৃদ্ধ কাল সামনে এল, মহাকালে কবলে অধিকাৰী। দিনে দিনে বন্ধুৰে আমাৰ হল দিন আখেৰি।
সদায় ভেবে মবি।
যৌবন কাল কলংক হল
যে আশায় ভবে আসা, তাতে হল ভগ্ন দশা, লালন বলে হায় কি দশা, আমাৰ উজাইতে ভেটেন