যুদ্ধখনে বহুতৰে বহুত দুর্গতি আনিলে। বহুত শাস্তিবে থকা মানুহৰ লটিঘটি হ'ল। বহুত ভৰগাঁও এৰি মানুহ উঠি যাবলগীয়া হ'ল-গাঁৱত যুদ্ধৰ বিমানঘাটী হ'ল, মিলিটাৰী কেম্প হ'ল, স্কুল কলেজৰ ঘৰবোৰ মিলিটাৰী হস্পিতাল হ'ল। নগৰৰ ধনী মানুহৰ বঙলাঘৰ মিলিটাৰী অফিছাৰৰ অফিছ আৰু বাসস্থানৰ কাৰণে লৈ লোৱা হ'ল। মুকলি ধাননি পথাৰ বহুৱাৰ শিবিব হ'ল। শান্তিত থকা মানুহৰ জীৱনলৈ অশান্তি আহিল।
মানুহবোৰৰ বহুত দুৰ্গতি হ'ল, বহুত লটিঘটি হ'ল। দুর্গতিৰ লগতে মানুহৰ জীৱনলৈ আহিল প্রচণ্ড উন্মাদ গতি। কাৰো ক'তো এটা মুহূর্ত ৰ'বৰ সময় নাই। দিনবাতি একাকাৰ কৰি মানুহবোৰে উর্দ্ধশ্বাসে কেরল গতিৰ পাছত লবে। যুদ্ধৰ সময় জিৰণিৰ সময় নহয়, সময়তকৈও আগবাঢ়ি যোৱাৰ সময়।
সময়ো দৌৰে। চকুৰ আগেদি শাৰী শাৰী মিলিটাৰী ট্রাকষ কভয় দৌৰাদি সময়ো পাৰ হৈ যায়-দিনৰ পাছত দিন চকু পচাৰতে অতীতৰ বুকুত সোমাই পৰে। কোনোরে ততকে ধৰিব নোৱাৰে।
চাওঁতে চাওঁতে যুদ্ধ লগা তিনি বছৰ উকলি গ'ল। কেনেকৈ গ'ল কোনোরে গমকে ধৰিব নোৱাৰিলে। ইয়াৰ ভিতৰতে বহুত ধনী মামুহ দুষ্টীয়া হ'ল, বহুত দুখীয়া মানুহ লাখপতি ধনী হ'ল। শিক্ষা সংস্কৃতি নাট ভাওনা ধর্ম সদাচাৰলৈ মনত ৰাখিবলৈ মানুহৰ আজবি নোহোৱা হ'ল। বুদ্ধৰ বিৰোধিতা কৰোঁতাসকলৰ মুখৰ মাক্ষ নোহোৱা হ'ল। সৰহভাগক ফাটেকত সুম্বুরাই গলে। বহুতে আত্মৰক্ষা কৰিবৰ কাৰণে আত্মগোপন কৰিলে। যুদ্ধ পূর্ণ উদ্বামে চলি থাকিল।
পুব ফালে যুদ্ধ আহি অসমৰ দুৱাৰদলি পালেহি। জাপানী সৈন্য বর্মা দখল শেষ কৰি মণিপুৰ সোমালহি। শক্তিৰ সৈন্যৰ আত্মৰক্ষাৰ প্রধান বেহু হ'ল। কহিমা, ডিমাপুৰ মিত্র নামবৰৰ অটব্য প্রাচীন অৰণ্য সৈন্য শিবিৰ হ'ল। আচাম-বেঙ্গল বেলে অসামৰিক যাত্রীতকৈ সৈন্ত আক যুদ্ধৰ আহিলাপাতি কড়িউৱাত দিনে বাতি ব্যস্ত থাকিল। ডিমাপুৰ আৰু লামডিং ৰেল ষ্টেচনৰ মাজেদিয়েই হেজাবে হেজাবে ব্রহ্মদেশৰ ভগনীয়া আৰু ছিলেট, চাটগাঁও, পাবনা, মৈমনচিং, কুমিল্লা, নোৱাখালীৰ খাবলৈ নেপাই আহাৰ বিচাৰি ঘৰবাৰী এৰি অহা বংগদেশৰ ভগনীয়াৰে অসমৰ বুকু ভৰি পৰিল। পশ্চিমৰপৰাও বংপুৰ কোচবিহাৰ হৈ নিৰন্ন ভোকাতুৰৰ মিছিলে অসমৰ বুকত ভাত কাপোৰ বিচাৰি আহিল।
কোন ক'ৰপৰা আহিছে ভু ল'বৰ কাৰো সময় নাই। কোন ক'লৈ গৈছে, কোন ক'লৈ গ'ল তাৰো ভু লবলৈ কাৰো আজৰি নাই। যুগ যুগৰ পৰা চলি অহা ভাৰতৰ গোট-পৰিয়াল ভাগি থানবান ছেদেলি ভেদেলি হ'ল।
এটা উর্দ্ধশ্বাস তুনিবাৰ গতিয়ে যেন সকলোকে উৎক্ষিপ্ত উদভ্রান্ত উন্মত্ত কৰি তুলিলে। কাৰো কাৰো ফালে চাবৰ সময় নাই, কাৰো ক্ষন্তেকো ৰ'বৰ সময় নাই। সময় ঘোঁৰদৌৰৰ ঘোঁৰা-কেৱল দৌৰিছে। যি পাৰিছে সময়-ঘোঁৰাত উঠি বিশ্বাশরদে দৌৰিছে। যোৱাই কথা, যোরাই নিয়ম, কিয় আৰু ক'লৈ দৌৰিছে চিন্তা কৰাৰ প্রয়োজন নাই। সৈনিক অসৈনিক প্রায় সকলো ডেকাই থাকী পেন্ট কামিজ পিন্ধাটো এটা ফেচন হৈ পৰিল। সকলোৱেই যেন মেল্টৰী হৈ গৈছে। বহুত গাঁৱৰ ডেকাল'ৰাৰো ইতিমধ্যে কিছুমান মিলিটাৰী অফিছাৰ, আৰু মিলিটাৰী অফিচ্ছত কাম কৰা ছিভিলিয়ান বিষয়ৰে লগত চা-চিনাকি, আত্মীয়তা আৰু ঘনিষ্ঠতা গঢ়ি উঠিছে। অৱশ্যে এই সকলোবে অন্তৰালত যে যুদ্ধৰ পৰিবেশৰ সুযোগ লৈ অর্ধকৰীভাৱে লাব্বান হোৱাৰ উদ্দেশ্য নিহিত আছে, সেই কথা কাৰো অবিদিত নহয়। যুদ্ধ এক ব্যতিক্রম, এক অনিয়ম-য'ত হত্যা, ধ্বংস, বীভৎসতাই বীৰন্ধ আক দেশপ্রেমৰ আখ্যা পায় আৰু মানুহৰ চিৰস্তন শুভবুদ্ধি দুর্লভ হৈ পৰে।
এই অনিয়ম আৰু ব্যতিক্রমে সকলোৰে অজ্ঞাতেই সমাজ ছানি পেলায়। এক অদৃশ্য কাল-দৈত্যৰ গ্রাসত সোমাই পদে।
উচিত অনুচিতৰ ব্যৱধান নোহোৱা হৈ যায়। এনে পৰিস্থিতিত নিজক ঔচিতা আৰু নিয়মৰ মাজত স্থিৰ বখাটো এখন যুদ্ধত জয়ী হোরাতকৈও কঠিন কথা।
বাববে নিজকে ঠিক ৰাখিবৰ কাৰণে সচেতনভারে চেষ্ট। কৰিছিল। ডেকা মানুহ যদিও সাধাৰণ জৈৱিক দুর্বলতাবোৰক প্রশ্রয় নিদিবন কাৰণে সি নিজৰ লগতে সংগ্রাম কৰি গৈছিল। এই কাৰণেই সি পৰাপক্ষত জব্বাৰহঁতৰ নিচিনা মানুহবোৰক এৰাই চলিবৰ যত্ন কৰিছিল।
কিন্তু বাবৰে দেখি আচৰিত হ'ল যুদ্ধখনে অকল জব্বাৰকে নষ্ট কৰা নাই, অম্লান্ত গাঁও-চহৰৰ বহুত ল'ৰা-ছোৱালীকো নষ্ট কৰি পেলাইছে। এৰা, বহুত ছোৱালীকো।
ডিমাপুৰৰ বে'ছ হস্পিতালত কাম কৰা নানা দেশৰ ক'লা বগা নাৰ্ছবোৰ বাক ভাল ছোৱালী হৈ আছেনে? সিহঁতৰনো ভাল হৈ থকাৰ কি দৰকাৰ? যুদ্ধক্ষেত্ৰৰ মাজ মজিয়াত আছে। কাইলৈকে এটা জাপানী বোম। পৰি সকলো মৰি নিশ্চিহ্ন হৈ যাব পাৰে। কাইলৈকে জাপানী সৈন্ত আহি টেংক মেচিনগানেৰে হস্পিতাল উৰাই দিব পাৰে। ইয়াত জীৱনৰ কি নিশ্চয়তা আছে?
তেতিয়াহ'লে নাৰ্ছ ছোৱালীবোৰে নো নিজক বচাই জীৱনটোক ভোগ নকৰি কি আশাত নিৰামূহীয়া দিন কটাব? আৰু যিমানেই শুচি সতী হৈ নেখাকক, যুদ্ধৰ পাছত খুবি গ'লে সিহঁতৰ সমাজেই জানো সিহঁতক নির্দোষ নিষ্পাপ হৈ আছে বুলি মন খুলি সাবটি ল'ব?
আৰু গাঁৱৰ আমাৰ দেশৰ যিবোৰ ছোৱালীয়ে দেখদেখকৈ আহি বা চোৰাংকৈ আহি বণ-গুলীৰ অচিন ৰণুৱা চিপাহীৰ লগত লেটিপেটি কৰি ধন ঘটিছে সিহঁত বেছিভাগেই দুখীয়া মানুহৰ ঘৰৰ ছোৱালী। বহুত ঘৰবাৰী নোহোৱা, উটি ওপত্তি অহা ছোৱালী, সিহঁতৰ ঘৰবাৰীও নাই, সা-সমাজে। নাই। এনেকৈয়ে সিহঁতে আৰু দুদিনমান বাচি থকাৰ চেষ্টা কৰিছে।
নহ'লে সিহঁতৰ জীয়াই থকাৰ আৰু অম্ল কোনো উপায় নাই। লাখে লাখে মানুহ খাবলৈ নেপাই মবিছে, সিহঁতো খাবলৈ নেপাই মৰিব।
এইবোৰ কথা খুব স্পষ্টভাৱে বুজিবলৈ বাবৰে আজৰি পোৱা নাই।
আৰু সেইবোৰ কথাৰ বিষয়ে চিন্তা কৰাটো বৰ ভাল কথা নহয় বুলিও সি মনে মনে বিশ্বাস কবে। কিন্তু সি ইচ্ছা কৰক বা নকৰক যুদ্ধৰ কাৰ্য্যকলাপৰ লগত সি জড়িত হৈ পৰিছে। সি হৈ পৰিছে মিলিটাৰী ঠিকাদাৰ। যুদ্ধখন যিমানে বেয়া নহওক যুদ্ধখনেহে তাৰ ভাগ্যৰ পৰিবৰ্তন আনি দিছে।
যুদ্ধখন নলগা হ'লে সি কিজানি আজিও ছবিফ গাঁওবুঢ়াৰ মাটিত হালোৱা হৈয়ে থাকিলহেঁতেন।
আজি সি যি টকাৰ মুখ দেখিছে, সেইয়া সম্ভৱ নহ'লহেঁতেন। তাৰ নিজৰ মতে তাৰ অৱস্থাটো সি বুজি চাবৰ যত্ন কৰিলে।
পানীত নেনামিলে, জাৰত ঠঠকে নকঁপিলে, কাঁইট জেং-জাবৰৰ লগত মুর্ষু জিলে দ' পানীৰ মাছ ধৰিব নোৱাৰি। যুদ্ধ বেয়া হ'লেও যুদ্ধৰ ধন বেয়া নহয়।