দৰকাৰী কথাটো এদিন জব্বাৰে বাবৰক ক'লে। কেইবা দিনো চেষ্টা কৰিও বাবৰক অকলে লগ ধৰাৰ সুবিধা কৰিব নোৱৰাৰ কাৰণে মাঘ ফাল্গুন দুমাহত কথাটো কোরা নহ'ল।
ইতিমধ্যে গাঁও জুৰি চাৰিওফালে যুদ্ধৰ বাতৰি বিয়পি পৰিব ধৰিলে। হালোৱা পথকরা সকলোরে ফুচফুচীয়া আলচ কৰিব ধৰিলে যুদ্ধৰ কি হৈছে, ক'ত লাগিছে, কোন ফালে গৈছে, জাপান কিমান দূৰ আগুৱাইছে, কছিয়াই কি কৰিছে ইত্যাদি।
অৱশ্যে এই দেশবোৰ, এই মামুহবোৰ কোনফালে আছে কোনোৱে ক'ব নোৱাৰে। আনকি বহুত কথা জনা মানুহ বুলি নামডাক থকা মৌলবী চাহেবেও ক'ব নোৱাৰে ভালকৈ। গতিকে প্রায় সকলোৱেই মোবাৰকৰ স্কুলৰ ল'ৰা ছোৱালীক সুধিবলগীয়া হ'ল জাপান কোনফালে, জার্মানি কোন ফালে আমেৰিকালৈ কিমান দূৰ।
জব্বাৰে এদিন নৈঘাটতে বাবৰক লগ পালে। নৈখন বৰ
শুকাইছে। পানীবোৰ নির্মল, তললৈকে দেখি। গা ধোৱা আৰু গৰু ম'হক পানী খুউৱা ঘাটটো বহুত তললৈ, নৈৰ বুকলৈ নামি গৈছে। বালিত বহি আঠুলৈকে ভৰি দুখন পানীত ডুবাই ৰাখি বাৰবে এনে কিবাকিবি কথা চিন্তা কৰি আছিল। ইতিমধ্যে সি কোৱাকুই কলা শুনিছে যে যুদ্ধত বহুত চিপাছী ল'ব, দৰমহা দিব, পোছাক দিব, খোৱা-বোৱা দিব। ওচৰৰ কেইবাখনো গাঁৱৰ ল'বাই চিপাহী হ'বলৈ যাবলৈ ঠিকেই কৰি পেলাইছে। ডাকো কোনোবা কোনোবাই চিপাহী হ'ৰলৈ যোৱাৰ কথা কৈছে। মোবাৰকৰ বন্দুকটোৰ নিচিনা বন্দুক এটা যদি তাক দিয়ে, চিপাহী হৈ তাৰ বৰ ভাল লাগিব। আক তাৰ মনৰ মাজত এটি ইচ্ছা বহুত দিনৰপৰা আছে: বলুক এটি যদি পায় আৰু কেনেকৈ মাৰিব লাগে যদি সি ভালকৈ শিকি ল'ব পাবে, সি নিজব দেশৰ গাঁৱলৈ ঘুৰি যাব, আৰু সেই জমীদাবব পৰিয়ালৰ মতা মানুহকেটাক গুলিয়াই মাৰি গৈ আকৌ খুবি আহিব-পলাই পলাই।
জব্বাৰ আহি ওলালহি। সি এই সময়ত বাবৰক ইয়াত লগ পাব বুলি ভবা নাছিল। তাক লগ পাই ভাল পালে।
সিও কাষ চাপি বহিল।
দুটামান আগগুৰি নোহোৱা কথা পাতিলে:
নৈখন বৰ শুকাইছে। বহাগলৈ আৰু বেছি দিন নাই। মোহন মাজিৰ বিয়াত অহা শনিবাৰলৈ ৰাইজে মাছ মাৰিব। মোবাৰক মাষ্টৰে বোলে টাউনৰ কোনোবা অসমীয়া উকীলব ছোৱালী বিয়া কৰাব-হয়নেকি?
তাৰ পাছত জব্বাৰে তাৰ নিজৰ কথা উলিয়ালে।
"মই আজিলৈকে কাকো কোরা নাই। তই কিন্তু মোক সহায়
কৰি দিবই লাগিব।"
"কি কৰিব লাগেনো কচোন।"
"মনিৰ ছাছাৰ স্কুলত যে পড়ি আছে ছোৱালীজনী-তাইৰ নাম
কি জান? মইনা। ঠিক নাম ৰাখিছে।" "-মই নেজানিছিলো।"
"তাইকে-"
"তাৰ মানে?"
"-তাৰ মানে আৰু কি? মই আনিম বুলি ঠিক কৰিছো।"
"-তই আনিবি। তই বিয়া কৰাবি?"
"-যেৎতেরি, কি বিয়া কৰাম? সেইচৰ ডাঙৰ মানুহ ল'বাদ কাম। আমাৰ ইয়াত বিয়া কৰাই ছোৱালী কিমানে আনিছে? ৰাতি মনে মনে ঘৰৰপৰা উঠাই লৈ গুচি আহিম। মই অঞ্চলে নোৱাৰিম। সেই কাৰণেহে তোৰ সহায় বিচাৰিছো।"
"-তই যে কি কথাবোৰ কৈছ মই বুজিবই পৰা নাই। তোৰ বাবাৰ আৰু ককায়েৰহঁতক নকর কেলেই মইনাক তোলৈ খুজিবলৈ?" "সিহঁতে নিজে নিজে কৰি ল'লে, মোৰ কথা খবৰেই নাই। ইপিনে মোৰ বিছ বছৰ পাৰ হৈ যাৰৰ হ'ব এতিয়া। আৰু জানিছ,
বাবাহঁতে ধৰিলেও মুনীৰ ছাছাই কিজানি মইনাক মোলৈ নিদিব।"
"মই কিন্তু ভাই এইচব কৰিব নোৱাৰিম। গাঁওবুচা কিমান কাড়া মানুহ জানই। কিবা গণ্ডগোল হ'লে মোৰ জান খাই দিব। ঘৰৰৰপৰা বাহিৰ কৰি দিব।"
"-আৰে তাৰ বাবে কি চিন্তা কৰিছ। তযোতো অলপ অলপ ডেকা হৈছ। সদায় কি আৰু লোকৰ ঘৰত চাকৰ কৰি থাকিবিনেকি? খেদাই দিলে ওলাবি, যুদ্ধত গুচি যাম-দৰমহা দিব, পোছাক দিব" বাবৰে ক'লে, “মইনাক তই ক'লৈ নিবি? নিজৰ ঘৰলৈ?"
"-পাগল হৈছ নেকি? ঘৰত সোমাবলৈ দিব নেকি?
ককাইহঁতে হালৰে জান খাই দিব, আমি পলাই যাম।"
"-ক'লৈ পলাই যাবি?" "-অন্য গাঁৱলৈ। হোজাই, লংকা, লামডিং, বদৰপুৰ-"
"-কি কৰিব লাগিব?"
"-গবা মাৰি দাঙি পলুৱাই নিব লাগিবতো। মই অকলো কিমান দূৰ নিব পাৰিম? তয়ো নি দিব লাগিব।"
"চিয় ববাখৰ নকৰিব?"
"মুখত সোপা দি নিব লাগিব। তেন্তে মোক সহায় কৰিবি?"
"এনেকুরা কাম কৰিলে গুণাহ নহ'ব?"
"পাছত তৌবা কৰিম। কোনোবা এজন মৌলবী চাহেবৰ হন্ধুরা নিকাহ পড়াই লম। তেতিয়া আৰু কোনো গুণাহ নহয়।"
মোবাৰক মাষ্টৰক জানতো? মইনাই মোৰাৰক মাষ্টৰৰ স্কুলত পড়ি আছে। মাষ্টৰে যদি পুলিছত দিয়ে?"
"তই সিমানবোৰ চিন্তা কৰিব নেলাগে। যি হয় মোৰ হ'ব। তই মুঠেই মইনাক মনিৰ ছাছাৰ ঘৰৰপৰা বাহিৰ কৰি আনি দিবি, এইকণ সহায় তই কৰিব লাগিব।কৰিবিতো?"
"কিছু চিন্তা কৰি বাবৰে ক'লে, কাম ভাবি চিন্তিহে কৰিব লাগে। "অলপ ভাবি চাওঁ, এনেকুরা' তই জানো কাৰোবাৰ হতুৱা মইনাক তোলৈ খোজাব নোৱাৰ? বিয়া বাৰু কৰাই অনাহে ভাল কিজানি-"
"বহুত টকা পইচা লাগে বিয়া পাতিবলৈ। আমাৰ ক'ৰ টকা আছে? আৰু তয়ো চিন্তা নকৰিবি। তয়ো এজনী ছোৱালী চা, তুই এবছৰৰ পাছত তোৰ ছোৱালীও মই তেনেকৈয়ে আনি দিম।"
"ধেৎ! মোক সেইবোৰ কথা নক'বি।"
"-তই কি ছোৱালী নানিবিনেকি? আৰু ইয়াত তোৰ মাৰ নাই, বাপেৰ নাই, তোৰ কেনে বিয়া পাতি দিব? তই নিজেহে ধৰি মেলি এজনী আনিব লাগিব। অকলে এইবোৰ কাম কৰিব পাৰি নেকি? কাৰোবাৰ মদত লাগিবই।"
বাববে জব্বাৰৰ কথাখিনিৰ অর্থ বুজিবৰ যত্ন কৰিলে। মনে মনে এটা কথা সি বেয়া পাই আহিছে:
আমাৰ গাঁৱৰ ল'ৰাবোৰে ইমান সকতে ছোৱালী আনে কিয়? থাকিবলৈ ঘৰ নেথাকিলেও, খাবলৈ ভাত নেথাকিলেও বিয়া কৰায় কিয়? বাপেক মাকে ছোৱালী চাই পচন্দ কৰি অনালৈ বাট নেচাই এনেকৈ ধৰি মেলি পলুৱাই আনে কিয়? মোবাৰক মাষ্টবে লিখাপড়া শিকিছে, তেওঁ নিজে বা বাপেক গাঁওবুঢ়াৰ হতুৱা এইবোৰ বন্ধ কৰিবলৈ কিবা এটা নকৰে কিয়, মোবাৰক মাষ্টৰব তো বয়স ছৈছে, কিজানি ২৩ ২৪ বছৰেই হ'ব পায়, বেছিও হ'ব পাৰে। এ দেখোন বিয়া কৰোৱা নাই। গাঁওবুড়ায়ো দেখোন জোৰ কৰা নাই। অক্সকো সেইদৰে বিয়া দেৰীকৈ কৰিবলৈ নকয় কিয়?
দেশত আমাৰ নিজা মাটিবাৰী থকা হ'লে আমি দুধীয়া নহ'লোঁহেঁতেন, দুখীয়া নোহোৱা হ'লে মই স্কুলত পঢ়িব পাৰিলোঁহেঁতেন, পঢ়িব পৰা হ'লে, ময়ো মোবাৰক মাষ্টৰৰ নিচিনা মাষ্টৰ হ'ব পাৰিলোঁহেঁতেন। তেতিয়াহ'লে মই ছোৱালী চুৰ কৰি বা ধৰি
আনিব নেলাগিলহেঁতেন। মোলৈ ভাল ছোৱালী যাচি দিলেহেঁতেন। এতিয়া মই ধনী হোৱাটোহে আচল কথা। মাটিবাৰী কৰিব। লাগিব, গাঁওবুঢ়াৰ নিচিনাকৈ বহুত মাটি কৰিব লাগিব। "-তই ভয় কৰিছনেকি?"
বাবৰ মনে মনে থকা দেখি জব্বাৰে সুধিলে।
"-ভয় চয় মোৰ নাই। পিছে তোৰ কথাটো মোৰ ভাল লগা নাই। তই জানো ইয়াৰে অন্ত্য কাৰোবাক ক'ব নোৱাৰ?"
"তই অকৰা হৈ আছ। অন্য কাক ক'বি। মইনাৰ ওপৰত বহুতৰে চকু। পলম হৈ গ'লে, কোনে লৈ যায় কি ঠিক। আৰু এবছৰ দুবছৰৰ মূৰত তাই যেতিয়া পুৰা যোৱান হ'ব তেতিয়া কিজানি তোৰে তাইলৈ লোভ লাগিব।"
বাবৰে মইনাক দেখিছে। ছোৱালীজনী ধুনীয়া। কিন্তু ছোৱালীলৈ লোভ কৰিবলৈ সি এতিয়াও শিকা নাই। এতিয়া তাক ছোৱালী নেলাগে, মাটি লাগে। মাটি হ'লেই জীৱনত সকলো হ'ব।
জব্বাৰে ক'লে, "তোক যি ক'লোঁ তই কাকো নক'বি। আৰু কাইলৈকে কিবা এটা কৰি নেপেলাওঁ নহয়। সময় সুবিধা বুজিহে কৰিম। মই লাগিলে ছমাহ এবছৰ বাট চাম। মোৰো বয়স চৰি যোৱা নাই, মইনাও বুঢ়ী হোৱা নাই।"
বাবৰে ক'লে, "এৰা, হুৰমুৰকৈ একো নকৰিবি। দুদিনমান বাট চাচোন।"