shabd-logo

এচিয়াৰ জ্যোতি।

8 January 2024

2 দৰ্শন কৰা হৈছে 2

তেতিয়া এগৰাকী সখীয়ে উত্তৰ দিলে- "ধুনীয়া কোঁৱৰ! প্রথমে আমাৰ ৰাজধানী আছে, মন্দিৰ, ৰাজ-উদ্যান, কুঞ্জবন, তাৰ পাছত শস্যৰ পথাৰ। তাৰ পাছত খাল-ডোং, স্কোপা, জুপুৰী ভৰা বহুল মুকলি পথাৰ। তাৰ পৰা গৈ পাব গৈ ৰজা বিম্বিসাৰৰ ৰাজ্য, আৰু তাৰ পাছত বিশাল চেপেটা পৃথিবীখন। কোটি কোটি মানুহ।" সিদ্ধার্থই কলে- "ভাল কথা। তেন্তে মোৰ সাৰথী চল্লাক বার্তা দিয়া যে কাইলৈ দুপৰীয়া মই ৰথত উঠি গোটেইবোৰ এবাৰ চাই আহিম।"

এই কথা বজা শুদ্ধোদনক জনোৱা হ'ল। হ'ল। ৰাজধানীত ঢোল পিটি বাজ আজ্ঞা বজাও মাস্তি ঘোষণা কৰ হ'ল- "কাইলৈ স্থপৰীয়া যুৱৰাঞ্জ সিদ্ধার্থই বাজধানী পৰি- দর্শন কৰিব। বাট-পঙ্গুলি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি খব 'লাগিব। কোনো কণা, খোৰা, কুষ্ঠ-ৰোগী আলৰ বুঢ়া, ৰুগীয়া মানুহ আদি বাটলৈ নোলাব।" বাজ আজ্ঞা আখৰে আখৰে পালন কৰা হ'ল। নগৰীৰ আলি-বাটবোৰ সাৰি-পুছি পানী ছটিয়াই পৰিষ্কাৰ কৰা হ'ল। প্রত্যেক গৃহস্থৰ দুৱাৰ মুখত তুলসী মঞ্চ আৰু আবীৰ-কুঙ্কুমেৰে মাঙ্গলিক মড়ল আঁকা হ'ল। ধবজাৰে বাট-পঙ্গুলি বাটৰ কাষৰ গছবোৰ তিৰ বিৰাই উঠিল। ৰাজধানী সেই দিনা এখন যাচ্চুকৰৰ দেশৰদৰে জ্বলমলাই উঠিল। ঢোল বৰ-কাঁহু কোষাই বাটে বাটে বজাৰ টেকেলাবোৰে ঘোষণা কৰিলে-"সকলো প্রজাই কাণ পাতি গুনা-বঙ্গাব আদেশ আজি ৰাজধানীৰ আলিবাটত যেন একো বেয়া দৃশ্য চকুত নপৰে, কণা, খোৰা, কুষ্ঠৰোগী, আলৰ বুঢ়া আৰু আন আন ৰুগীয়া মানুহবোৰ আজি বাহিৰলৈ নোলাব। কেঁরে আজি দিনৰ দিনটো বাটেদি মৰা-শ নিনিব আৰু খৰি নিনিব। এয়া ৰজা শুদ্ধোদনৰ আদেশ।"

ৰজা শুদ্ধোদনৰ আদেশ মতে ৰাজধানী কপিলাব।জ্ব আজি সুসজ্জিত। ছুটা শুদ্ধ বগা ধোবাই টানি অনা বিচিত্র বহণ সনা বথত উঠি যুৱৰাজ ৰাজ-পথেদি ভ্রমণ কৰিবলৈ ওলাল। যুৱৰাজক দেখি প্রজা বৃন্দই আনন্দত হর্ষধ্বনি কৰি স্বাগত সম্ভাষণ জনালে। আনন্দিত হৈ সিদ্ধার্থয়ো এই বন্ধু ভারাপন্ন প্রজা বৃন্দক দেখি উৎসাহিত বোধ কৰিলে। মানৱ-জীৱন আনন্দময় যেন ভাব প্রজাসকলৰ সাজ-পোক্ষাক আৰু হাব- ভাবত-ফুটি উঠিল। সিদ্ধার্থই ক'লে "জগতখন সুন্দব, জগতে মোকো ভাল পায়। এই প্রজা বৃন্দ বক্তা নহয় যদিও। তেওঁবিলাক সুখী আৰু মৰমিয়াল। ইয়াত দেখা মোষ ভনীহঁতে অনেক পৰিভ্ৰম কৰে যদিও মিঠা মুখীয়া। কিন্তু ইমান আনন্দ কৰিবলৈ মই এওঁবিলাকৰ কাৰণে কি কৰিছো? মই ভাল পাওঁ বুলি সৌ অকণি অকণি ল'ৰা-ছোৱালীবোৰে জানে জানো? আমাৰ গালৈ ফুল ছটিয়াই দিয়া সৌ শাক্য-শিশুটি মোৰ ওচৰলৈ লৈ আহা, আমাৰ লগত তেওঁ বথত উঠি যাব। এনেকুরা এখন আনন্দময় ৰাজ্যত শাসন কৰা কিমান সুখৰ কথা! মই ভ্ৰমণ কৰিবলৈ অহা দেখি এওঁবিলাকে কিমান বং পাইছে! এই সৰু সৰু ঘৰবোৰত থকা ল'ৰা-ছোৱালীবোৰ- আৰু নগৰ বাসীৰ ইমান আনন্দ দেখি মোৰ মনত ধাৰণা হৈছে মোৰ অট্টালিকাত থকা সিমানবোৰ মূল্যবান বস্তুৰ মোৰ একো প্রয়োজন নাই। যদি এওঁবিলাকৰ এই সবল সহজ জীৱনৰ মাজত ইমান আনন্দ আছে তেন্তে আমাক ৰাজ-কাৰেঙত থকা পয়োভৰবোৰৰ প্রয়োজনেই বা কি? চল্লা, মোষ সাবন্ধী। চলোরা-মই আগেয়ে নেদেখা নজনা এই সুন্দৰ পৃথিবীখনৰ, আৰু কি ক'ত আছে চাওঁ।"

এইদৰে গৈ থাকোঁতে আনন্দ-বিহবল এজুম মানুহে যুৱৰাজৰ ৰথৰ চক। আগুৰি ধৰিলে। কোনোরে ফুল ছটিয়াইছে। 

কোনো কোনোরে আনন্দত এপলিয়াইছে। কোনো কোনোরে পিঠা-পন। আদি খোরা-বস্তু আনি উপহাৰ দিছেহি। সকলোরে চিঞ বিছে "জয়! জয় যুরবাজ সিদ্ধার্থৰ জয়।" বজাৰ আদেশ অনুযায়ী গোটেই ৰাজ-পথ এইদৰে আনন্দময় দৃশ্য আৰু সম্বোধন হেন্দোলনিৰে উপচি পৰিছে। এইদৰে গৈ থাকোঁতে বাটৰ কাষত লুকাই থকা ফটা-ভিটা কাপোৰ পিন্ধা এটা কত ভগীয়া বুঢ়া মানুহ চুচৰি-বাগৰি ওলাই আহিল। মানুহটো আলৰ বুঢ়া। গাৰ ছাল শুকাই টোটোৰা পৰি যেন এটা পশুৰ ছালহে-মঙ্গহ নাইকিয়া গাৰ হাৰবোৰ জক্‌দ্ৰক্‌ কৰে ওলাই পৰিছে। বয়সৰ ভৰত বুঢ়াটোৰ পিঠি কুঁজা হৈ আঁঠুত মূৰ লাগিছে। এই দীর্ঘ কালৰ কান্দোনত তাৰ চকু দুটা সামৰে ধৰাৰ দৰে ৰঙা হৈ পৰিছে। দাত নাইকিয়া আলুবোৰৰ সৈতে ওঁঠ ছুটা সোমাই গৈছে। নগহত এনেকুরা আনন্দ কোলাহল শুনি আৰু ইমান জন সমাগম দেখি সি ভয়ত পেপুর। লাগিছে। এহাতে এডাল লাখুটিত ভৰ দি গধুৰ দুঃখৰ হুমুনিয়াহ পেলাই সি কৈছে-"ভিক্ষা! দিয়া দেউতাসকল, মই কাইলৈ পৰহিলৈ মৰিমেই।" কওঁতে কওঁতে তাক কফে খুন্দা মাৰি ধৰিলে। তেতিয়াও সি ভিক্ষা মাগিবলৈ হাত মেলিয়েই আছে-কফৰ হেন্দোলনিৰ মাজত দীঘল উশাহ লৈ সিকৈ আছে "ভিক্ষা!" সি এইদৰে কোৱাত ওচৰত থকা মানুহবোৰে তাৰ শুকান ভৰি ছুটাত পাক মাৰি ধৰি তাক ৰাজ-বাটৰ পৰা আতৰাই বাটৰ কাষলৈ পেলাই দিলে। ক'লে-"যুরবাজ! দেখা নাইনে? যা তোৰ খোৰোঙত সোমাই থাকগৈ!" এইবোৰ দেখি সিদ্ধার্থট চিঞৰি কৰলৈ ধৰিলে-"আহিবলৈ দিয়া। আহিবলৈ দিয়া! চন্ন! এইটো মানুহৰ দৰেই দেখিছো। ইমান কুঁজা ইমান শোক লগা অৱস্থা, এনে ভয়লগ। আৰু ইমান বিকৃত রূপ লৈয়ো মানুহ ওপজেনে? সি যে ক'লে 'কাইলৈ বা পৰহিলৈ মই মৰিমেই'-ইয়াৰ অর্থ কি? সি খাবলৈ একো পোরা নাইনে কি? তাৰ দেখোন হাড় বোৰ তেনেই ওলাই পৰিল? এই হতভগীয়া মানুহটোৰ কি দুর্দশা হৈছে ?"

সাথী চন্নাই তেতিয়া ক'লে- "দয়ালু যুৱৰাজ। এইটো এটা বয়সীয়াল বুড়া মানুহ। প্রায় চাৰি কুৰি বচৰৰ আগেয়ে তাৰ পিঠি পোন হৈয়েই আছিল, তাৰ চকু উজ্জ্বল আছিল, আৰু নিপোটল আছিল। কিন্তু চোৰ কালে তাৰ সকলো শক্তি সুহি খাই পেলালে, তাৰ মনৰ বল আৰু বুদ্ধিও খালে। তাৰ জীৱন-বস্তিব-তেল নাইকিয়া হ'ল। শলিভাও পুৰি ক'লা হৈ এতিয়া মাত্র ঢিমিকি চিমিকি জ্বলি শেষ হ'ব খোজা-ফিৰিঙতি এটাহে বাকী। যুৱৰাজে নো এইবোৰ কথা কেলেই ভাবিছে?" খুৱৰাজে আকৌ সুধিলে- "কিন্তু এনেকুর। দশ। অইনৰো হ'বনে সকলো মানুহৰ এনে হয়নে নাইবা কাচিতহে কোনো মানুহৰ এনে দুর্দশা হয়?"

চন্নাই উত্তৰ দিলে "হে মহান আত্মা! যদি ইমান বছৰ জীয়াই থাকে তাৰ দৰেই সকলো মানুহৰ এনে দশা হ'ব।" 

যুৱৰাজে ক'লে-"ময়ো যদি তাৰ সমান বয়স পাওঁ-মোফে এনেকুৱা হ'বনে? যদি যশোধাৰা চাৰিকুৰি বছৰ জীয়াই থাকে তেওঁৰো এনে হ'বনে? জালিনি, অকনমানি, হস্তা, গৌতমী আৰু গঙ্গা আদি যশোধাৰাৰ সখীহঁতো ইমান দিন জীয়াই থাকিলে তেওঁবিলাকৰো এনেকুৱা হ'বনে?" সাৰথীয়ে উত্তৰ দিলে- "নিশ্চয় হ'ব যুৱৰাজ!" তেতিয়া সিদ্ধার্থ ই ক'লে-

"চল্লা! বহু ঘুৰাই দিয়া। মোক ঘৰলৈ ওলোটাই লৈ ব'লা। মই যিবোৰ দেখিম বুলি ভবা নাছিলো, সেই আটাইবোৰ দেখিলো।"

এইবোৰ ভাবি চিন্তি সিদ্ধার্থ তেওঁৰ ৰাজ-কাৰেঙলৈ উলটিল। সিদ্ধার্থ চিন্তা আৰু বেজাৰত বিমর্ষ হ'ল। সেই দিনা উলটি গৈ তেওঁৰ সন্ধ্যাৰ আহাৰৰ কাৰণে খোৱা পিঠা-পনা ফল-মূল আদি একোকে হাতেৰে কুচুলে। কাৰেঙৰ উৎকৃষ্ট নাচনী বিলাকে বিচিত্র ভঙ্গিমাৰে নাচোতেও নাচালে। মুখত একো কথা নাই। এবাৰো তেওঁ মূৰ ডাঙি তেওঁৰ এনে মানসিক অৱস্থা দেখি মনত দুখ পাই যশোধাবাই তেওঁৰ চৰণত পৰি চকুৰ পানীৰে কাতৰ সুৰেৰে সুধিলে-"হে মোৰ প্রভু! মই একে। প্ৰকাৰে আপোনাৰ মনত শান্ত্বনা দিব নোরাবে নে? "সিদ্ধার্থই তেতিয়া মাত দিলে-"অ'হ'! মোষ প্রেয়সী! মোষ আত্মাত এটা ডাঙৰ বিদ্ৰোহৰ জুই জ্বলিছে। মোৰ আত্মাৰ শেষ হৈ যাব যেন লাগিছে। কাৰণ-ই এদিন শেষ হ'বই। আমি দুয়ো এদিন বুঢ়া হ'ম, যশোধাৰা। তেতিয়া আমাৰ মাজত প্রেম নেথাকে, কমনীয়তা নেথাকে; আমি দুর্ব্বল আৰু বুড়া হ'ম। আমাৰ পিঠি কুজা হৈ আহিব। আমি হুয়ো ওঁঠত ওঁঠ লগাই আমাৰ প্ৰেম আৰু জীৱন সফুৰাত ভৰাই ঘোরাদি থৈছো। দিনে-ৰাতিয়ে আমাৰ দুয়োৰো উশাহ এটা উশাহ যেন হৈ আছে যদিও আমাৰ দুয়োৰো এই মিলনৰ মাজত কাল সোমাই মোৰ বাসনা আৰু তোমাৰ কমনীয়তা, সৌষ্ঠর হৰণ কৰি লৈ যাব। পৰ্ব্বতৰ শিখৰত পৰ্য হিৰণ কিৰণৰ ৰশ্মি ক'লা নিশাই গিলি যোৱাদি আমাৰ জীৱন জেউতি কালে গিলি পেলাব। আজি মই এই জ্ঞান পালোঁ, ইয়াৰ ভয়ঙ্কৰ ৰূপ দেখি মোৰ হৃদয় আজি আন্ধাৰ হৈ আহিছে, মোৰ হৃদয়ৰ সকলো চিন্তাৰে মই আজি ভাবিছে! -এই ধ্বংসকাৰী কালৰ গৰাহৰ পৰা প্রেমে কেনেকৈ ইয়াৰ মধুৰতা ৰক্ষা কৰিব পাৰে তাৰ উপায়। উঃ! কালেই মানুহক বুঢ়া কৰে।" সেই নিশা তেওঁ টোপনি নোহোৱাকৈ অতি অশান্ত ভাবে অতিবাহিত কৰিলে।

সেই নিশা ৰজা শুদ্ধোদনেও অনেক ভয় লগা সমাজিক দেখিলে। তেওঁৰ সপোনৰ প্রথম ভয়টো হ'ল- "এখন বজা। সেই ধ্বজা ইন্দ্রণ, এটা সোণালী সূৰ্য্যৰ সৈতে এখন বহুল, গৌবর-পূর্ণ আৰু উজ্জল কাজা খন এজাক লৈ গৈ খুলিত মোহাৰি পেলালেগৈ। ধুমুহা বন্ধাহে উৰাই এনেতে এদল ইয়াময়া মাহুহ আহিল আৰু সেই লেতেৰা হৈ পৰি থকা ধ্বজা খন তুলি লৈ নগৰৰ পূব ফালে গুভি গ'ল। দ্বিতীয় ভয়টো দহোটা প্রকাণ্ড হাতী। প্রত্যেকটোৰে ছটা ছুটা ভয়ঙ্কৰ দাঁত। ভৰিৰ খোজত পৃথিবী লৰি যোৱা। দক্ষিণ ফালৰ বাটটোরেদি সেই মহা শক্তিশালী হাতী কেইটা গৈছে আৰু সিহঁতৰ খোজৰ ভৰত বহি গৈছে, আৰু তাৰ আটাইতকৈ আগত যোৱা হাতীটোত স্বয়ং বজাৰ পুতেক সিদ্ধার্থ বহি গৈছে-বাকী কেইটা হাতী তেওঁৰ পাছে পাছে গৈ আছে! স্বপ্নৰ তৃতীয় ভয়টো হ'ল এখন বথ, চাবিটা ঘোৰাবে টনা "এক চকু কণা হৈ যোৱাকৈ উজ্জ্বল পোহৰ দিয়া আলোকেবে জলমলাই গৈছে। সেই বথখনতো সিদ্ধার্থ বহি গৈছে। চতুর্থ বস্তুটো হ'ল এটা চকৰি। চকৰিটো ঘুৰি ঘুৰি গৈয়েই আছে। যাওঁতে যাওঁতে তাৰ জ্বলন্ত সোণ আৰু মণি যুক্তােেবাৰ জলমলাই উঠিছে। চকাটোৰ তলত কিছুমান আচৰিত কথা লিখা আছে। যেতিয়া চকাটো ঘুৰিবলৈ ধৰে সেই আখৰবোৰ জুইৰ দৰে জিলিকি উঠে আৰু একো একোটা সঙ্গীত ৰচনা যেন লাগে। পঞ্চম ভয়টো এখন বিৰাট ঢাক কপিলাবাস্তু নগৰ আৰু পৰ্ব্বতৰ সে। মাজতে সেই ঢাক খন আছে। যুৱ-বাজ সিদ্ধার্থই এদাল লোহাৰ মাৰিৰে সেই ঢাক খনত টোকৰ দিছে কিন্তু তাৰ শব্দটো বজ্র নিনাদৰ দৰে ধ্বনিত হৈছে আৰু আকাশৰ ওপৰলৈ সেই ধ্বনি উঠি গৈ দেশ দেশান্তৰলৈকে বিয়পি গৈছে। ৬ষ্ঠ ভয়টো এটা গুম্ভব। স্তম্ভটো ওপৰলৈ গৈ আছে, গৈ আছে, আৰু নগৰৰ সকলো ওখ অট্টালিকা অতিক্রম কৰি একেবাৰেই ডারবব ওচৰ পাইছে গৈ। তাৰ ওপৰত সিদ্ধার্থ থিয় হৈ আছে। তেওঁৰ দুই হাতৰ পৰা নানান প্ৰকাৰ মূল্যবাণ মণি-মুক্তা তললৈ পৰাদি পৰিব লাগিতে আৰু গোটেই পৃথিবী আহি তলত থিয় দিছেহি। চাবিউ পিনে সিচৰিত হৈ পৰা মণি-মুক্তা সম্পদ বিলাক বুটলিবলৈ হেঁতা ওপৰা লাগিছে। সপ্তম ভয়টো বিষাদর করুণ বিন'ন। কান্দি কান্দি অশান্ত ভাবে হুটা মাশুহ গৈ আছে।

সেই সাতোটা ভয়ে বজাৰ টোপনিত স্বপ্ন হৈ দেখা দিলে কিন্তু বঢাক কোনে। এজন স্বপ্ন-তত্ত্ব বিশ।বদেও ইয়াৰ অর্থ কি ক'ব নোরাবিলে। তেতিয়া ৰজাৰ খং উঠিল। ক'লে-"মোৰ ঘৰলৈ অমঙ্গল আহিছে। তোমালোকৰ কোনো এজনবো জ্ঞান-বুদ্ধিয়ে মোক এই সময়ত সহায় কৰিব নোৱাৰিলে। দেরতা সকলে এই স্বপ্নবোৰ পঠিয়াই মোক কিহৰ সহাঁৰি দিছে-তোমালোকে কব নোৱাৰিলা।" এই কথা প্ৰচাৰ হোৱাৰ লগে লগে কপিলাবাস্তুত সকলোৰে মন বিষাদিত হ'ল। গাত হৰিণৰ ভাল পিন্ধা দেখাত এজন তপস্বীৰ নিচিনা কিন্তু চিনি নোপোৱা এজন মানুহে ক'লে- "মোক ৰজাৰ ওচৰলৈ লৈ ব'লা। মই স্বপ্নৰ অর্থ কব পাৰিম।" বজাৰ মুখৰ পৰা মাজ- ৰাতি দেখা সেই স্বপ্নৰ বর্ণনা শুনি অচিনাকী তপন্থী জনে সসম্মানে মূৰ দোঁৱাই ক'লে-"মহাৰাজ! মই এই বাজপুরীদ জয় জয় দিছো। আপোনাৰ প্রতি আশীর্ব্বাদ আহিছে" এই ৰাজবংশ ধন্য! সূৰ্য্যৰ ৰশ্মিতকৈও ব্যাপক জ্যোতি ইয়াৰ পৰা বিকশিত হ'ব। এই সাতোটা ভয় নহয়-এই সাতোটা মহা আনন্দ। ইন্দ্ৰৰ ধ্বজা মাটিত মিহলি হোরা প্রথম স্বপ্নটোৱে পুৰণি বিশ্বাসৰ পতন আক নতুন জ্যোতিৰ আৰম্ভ সূচনা কৰিছে। কাৰণ মানুহৰ মাজত পৰিবর্তন থকা দি দেৱতাৰ মাজতো আছে। এক কল্পৰ পাছত অন্য কল্প হয়। পৃথিবী কঁপাই যোরা দহোটা হাতীয়ে জ্ঞানৰ দহোটা অমৰ দানৰ কথা প্রকাশ কৰিছে। এই জ্ঞানৰ বলত যুর-বাজে ৰাজ্য পৰিত্যাগ কৰি সত্য মহিমাবে পৃথিবী কম্পমান কৰিব। ৰথৰ ধোঁৰা চাৰিটাই চাৰিটাৰ মহাশক্তি শালী সদ্‌ গুণৰ কথা কৈছে। ইয়াৰ বলত আপোনাৰ পুত্ৰৰ মনৰ সন্দেহ আৰু বিষাদৰ ভাৰ আঁতৰি যাব আৰু আনন্দময় আলোকলৈ তেওঁক লৈ যাব। সেই চকৰিটো হ'ল বিশুদ্ধ নীতিৰ চক্র, যিটো তেওঁ গোটেই জগতৰ চকুত পৰাকৈ ঘূৰাব। যুৱবাজে টোকৰ দিয়া ঢাকখন হ'ল তেওঁৰ অমৰ বাণী-প্ৰচাৰৰ চিন। তেওঁৰ বাণীয়ে সমস্ত পৃথিবী মুখৰিত কৰিব আৰু তেওঁ সেই বাণী নিজে প্ৰচাৰ কৰিব। সেই গুস্তুটো হ'ল বৃদ্ধ-বাণীৰ আকাশ লঙ্ঘা বিজয়-গুস্তু। তেওঁ দুই হাতে ছটিয়াই দিয়া মণি-মুক্তা বুদ্ধৰ নীতি-জ্ঞান সম্বন্ধীয় অমব-বাণী, দেৱতা আৰু মানর উভয়ৰে প্রিয় কাম্য। সেই কান্দি কান্দি যোরা ছজন মানুহ হ'ল ছজন প্রধান শিক্ষক। তেওঁবিলাকক সিদ্ধার্থই উত্তম জ্ঞান আৰু নীতি শিক্ষা দি তেওলোকৰ মনৰ অজ্ঞানতা দূৰ কৰিব। মহাযাজ! আপুনি আনন্দ কৰক। মোৰ প্রভু যুৱৰাজৰ কপালত ৰাজ্য-বনতকৈয়ো শ্রেষ্ঠ সম্পদ আছে আৰু তেওঁৰ তাপস বেশ সোণৰ সাজ- পাৰতকৈয়ো বেছি মূল্যবাণ হ'ব। এয়ে আপোনাৰ স্বপ্নৰ অর্থ। সাত দিন সাত বাতিৰ পিচতে এই স্বপ্ন ফলিয়াবলৈ আৰম্ভ হ'ব।" এইদৰে কৈ সেই ধার্মিক মানুহজনে তিনি বেলি মাটি তুই বজ্ঞাক প্রণাম কৰি বিদায় পলে। ৰজাই পাছে পাছে তেওঁষ কাৰণে বহু-মূলীয়া উপঢৌকণ পঠাই দিলে; কিন্তু উপঢৌকণ লৈ যোরা মানুহ কেইটা উলটি আহি ৰজাক কলেহি- "মহাৰাজ! সেই তপস্বী জনৰ পাছে পাছে গৈ আমিও তেওঁ সোমাই ঘোরা চন্দ্রৰ মন্দিৰলৈ সোমাই গলো, কিন্তু ভিতৰত গৈ আমি কাকো দেখা নেপালে।। মন্দিৰৰ ভিতৰত থকা বিগ্ৰহৰ ওচৰৰ পৰা ওলাই যোরা এটা মাত্র খোরা বৰণীয়া ফে'চাহে তাত দেখা পালে।"...দেরতা সকল হে কেতিয়াবা এইদৰে ছদ্ম-বেশত আহে।

বিষাদ মগ্ন ৰজাই সিদ্ধার্থৰ মন ঘুৰাবলৈ উপায় চিন্তা কৰিবলৈ ধৰিলে। যুর-ৰাজৰ প্রমোদ ভরনত থকা নাচনীহঁতৰ নৃত্য গীতেৰে সিদ্ধাৰ্থৰ মন বুৰাই থবলৈ আজ্ঞা দিলে দুৱাৰ মুখত প্ৰহৰীৰ সংখ্যা বেছি কৰি দিলে।

কিন্তু ভাগ্যক কোনে ছয়াৰ মাৰি খব? কাষেন্তষ পৰা ওলাই গৈ আকো এবাৰ পৃথিবীখন চাই আহিবলৈ সিদ্ধার্থৰ মন উদ্বাউল হ'ল। তেওঁ ভাবিবলৈ ধৰিলে মানুহৰ এই জীৱনটো ইমান সুন্দৰ, কিন্তু যদি সময়ৰ শুকান বালিত পৰি জীৱনৰ ঢৌবোৰ বিষাদত শেষ নহলেহেঁতেন তেস্তে মানর জীরনটো শেষলৈকে সুন্দৰ হৈয়ে থাকিলহেঁতেন।' ...... পিতৃ শুদ্ধোদনক কাতৰ ভাবে মিনতি জনাই সিদ্ধার্থ ই ক'লে- "মই সিদিনা ৰাজধানী ভ্রমণ কৰিবলৈ যাওঁতে নগৰত যি আনন্দ উল্লাস দেখিলোঁ-মানুহৰ দৈনন্দিন জীৱন কেতিয়াও ইমান সন্তোষ লগা আৰু সুখৰ নহয়। বিলাকে মোক আনন্দ দিবৰ কাৰণেই সেইদৰে উকলি- কৃত হৈ মোক স্বর্দ্ধনা জনাইছিল। মোক আপুনি দয়া কৰি এবাৰ অনুমতি দিয়ক মই কোনেও নজনাকৈ মোৰ কাৰেঙৰ পৰা ওলাই গৈ এবাৰ আকৌ নগৰ ভ্ৰমণ কৰি আহো। মই চাই-চিতি সন্তোষ মনেৰে নহলেও কিছু অভিজ্ঞতা লাভ কৰি আহিব পাৰিম। সেই কাৰণে মই আপোনাক বিনীত ভাবে প্রার্থনা ক'ৰছো। কাইলৈ মোৰ ভৃত্যসকলৰ সৈতে নগৰ ভ্ৰমণ কৰি আহিবলৈ মোক অনুমতি দিয়ক।"

"মন্ত্রীসকলৰ সৈতে থকা ৰজাই তেতিয়া কলে-হব পাবে। হয়তো দ্বিতীয় বাৰ ভ্ৰমণ কৰি আহিলে সিদ্ধার্থন প্রথম বাৰৰ ভুল ধাৰণাবোৰ সংশোধন হ'বও পাৰে? মোৰ পুত্রই ইচ্ছা মতে সকলো চাই আহক।" 

পাজ দিনা ছপৰীয়া তেওঁৰ সাৰণী চন্নৰ সৈতে সিদ্ধার্থ নগৰ ভ্ৰমণ কৰিবলৈ ওলাল। সিদ্ধার্থ ই ৰাজ-পোছাক নিপিন্ধি সাউদৰ পোছাক আৰু সাৰথী, সাউদৰ কাকতীৰ দবে সাজ পিন্ধি ওলাল। নগৰীৰ সকলো প্ৰকাৰৰ মানুহক লগত অবাধে মিলি জুলি তেও বিলাকে খোজ কাঢ়ি গৈ আছে। তুপৰীয়া কৰ্ম্ম-ব্যস্ত মানুহৰ সমাগমত নগৰৰ বংবতণ সনা আলি বাট বোৰত অহা আহিছে যোৱা গৈছে। মছলা আক খোরা বস্তু বেছা দোকানীবোৰ কেৰেপা কেৰেপিকৈ ভৰি সুমাই মহাজন হৈ গাভীত বহি আছে। কিনোতাসকলে আঁচলৰ আগত ধন বান্ধি লৈ বস্তুৰ দৰ কম বেছি সম্পর্কে দোকানীৰ লগত তর্ক কৰিছে। বাট এৰি দিবলৈ মাজে মাজে একোটা ডাঙৰ চিঞৰ শুনা গৈছে। গাড়ীত মেটমৰা বোজাৰ ভৰত শকত আরত বলদ গৰুবোৰেও মেকে মেৰেক্ কৈ লাহে লাহে গৈছে। পাল্কী ভাৰীবোৰে গীতৰ সুৰত কোবা- কুবিকে পাল্কী কঢ়িয়াই নিছে। তিৰোতা মানুহবিলাকে করাব পৰা পানী ভবাই মূৰৰ ওপৰত তিনি চাৰিটাকৈ কলহ লৈ ভাৰ সাম্য কৰি ঘৰ মুৱা হৈছে। ছফালে কাষত তেওঁবিলাকৰ কেচুৱাবোৰ আছেই। মিঠাইৰ দোকানবোৰত মাখিয়ে উপচি পৰিছে। তাঁতী বিলাকে তাঁত বৈছে। কপাহ ধূনাই কণাহু ধুনিছে, যাঁতত গম ঘেঁহু যর আদি পিহি আটা উলিয়াইছে। কুকুৰবোৰে খাৰলৈ বিচাৰি কেং কেং কৰিছে। তীৰ বহু সজা তীক্কাল বোবে অস্ত্র-সন্ত্র 8°

এচিয়াৰ জ্যোতি।

সাজিছে। কমাৰবোৰে লোহা বঙা কৰি নিয় ৰত ধুম ধাম পিটিছে। পাঠ-শালাত ছাত্র সকলে গুৰুৰ ওচৰত মন্ত্র পাঠ কৰিছে। কাপোৰত ৰং দিয়া মানুহবোৰে ৰঙা নীলা সেউজীয়া আদি বং দি কাপোৰবোৰ ৰ'দত মেলি দিছে। সৈয়্য বিলাকে ঢাল তৰোৱাল হাতত লৈ বাটেদি কার্ড কাও' কষে গৈ আছে। উট চলাওঁভাবোৰে উটৰ ছুটত খোচ দিছে। জ্ঞান-গর্ব্বী ব্রাহ্মণ, বুদ্ধপ্রিয় ক্ষত্রীয় আৰু পৰিশ্রমী বিনম্ন শুদ্র আ'দ সকলো আহি একে ঠাইতে থুপ খাই এটা অগৰীৰ সাপ নাচ চাবলৈ জুম বাংন্ধছে। আন এদলে আকৌ ঢাক ঢোল বজাই এটা দীঘলীয়া শোভা-যাত্রা গৈছে। তাতে চিত্র বিচিত্র বঙৰ গাড়ী পৰা ধৌৰা গৈছে। নর-বিরাহিতা কন্যাক আড়ম্বৰেৰে ঘৰলৈ আনিবলৈ গৈছে। ইফালে আকো এগৰাকী তিৰোতাই হাতত ফুলৰ মালা আৰু নৈবেদ্য সম্ভাব লৈ মন্দিৰলৈ গৈছে-তেওঁৰ স্বামী নির্বাপদে বেপাৰৰ পৰা ঘুৰি আহি ঘৰ পাবৰ কাৰণে নাইবা পিছৰ বাৰত ল'ৰা এটি জন্ম হবৰ কাৰণে প্রার্থনা কৰিছে।

এইবোৰ চাই চাই ছদ্মবেশী সিদ্ধার্থ আৰু চল্লা গৈ আছে এমেতে বাটৰ কাষৰ পৰা এটা বৰ বিষাদৰ-মাত আহি তেওঁবিলাকৰ কাণত পৰিলহি। ডাঙৰীয়াসকল! আহক মোক অল কোনোবাই কৈছে- হায় কৰক। মোক ববি থিয় কৰি দিয়ক, আহক এফেবা সহায় কৰক। পাৱাৰ আগতে মৰিম।" 

মানুহু এটা নৰ-কঙ্কাল মাত্র। মহামাৰী ৰোগৰ মুখস্ত পৰি তেনেই বিকৃত হৈ গৈছে। তাৰ চকু ছুটাই দি-অন্তৰষ যন্ত্রণা জুই-আঙণি ওলোরাদি ওলাব লাগিছে। ওচৰত থকা যাঁহু বোৰকে খামোচ মাৰি ধৰি সি উঠিবলৈ চেষ্টা কৰিছিল কিন্তু ককাল ডাঙিয়েই আকৌ বাগৰি পৰিল। যন্ত্রনাত সি চি মাৰি দিছে "উঃ কি যন্ত্রণা! দয়ালু ডাঙৰীয়া সকল, সহায় কৰক।" সিদ্ধার্থ লৰি গৈ সেই খিনি পালেগৈ আৰু তেওঁৰ কোমল হাতেৰে মানুহটোক ধৰি তুলিলে। আঁত স্নেহৰ দৃষ্টিৰে তাৰ চকুলৈ চাই তাৰ মুৰটো নিজৰ আঁঠুত থৈ হাত বুলাবলৈ ধৰিলে। সিদ্ধার্থৰ হাতৰ কোমল পৰশ পাই তুর্ভগীয়া মানুহটোরে শান্তি পোরা যেন পালে। সিদ্ধার্থ ই শুধিলে "ককাইদেউ, তোমাৰ কি হৈছে? কোন ক'ত, কি অসুখ হৈছে? তুমি উঠিব নোৱাৰা হল। কেলেই? চল্ল, এওঁ এইদৰে ফোপাইছে কিয়?" সাবথীয়ে তেতিয়া ক'লে-"মহান যুরবাজ, কিষা মহামাৰী ৰোগে এওঁৰ শৰীৰ খাই পেলালে, তেওঁৰ দেহাব সকলো শক্তি লোপ পালে। শিৰৰ মাজেদি তেজৰ সোঁড চলাচলত ব্যাঘাত জন্মিল। নাড়ীৰ গতি বৰ ঘন আৰু অভি ধীৰ, গাৰ জোৰাবোৰত থকা শক্তি তেনেই নাইকিয়া হৈ লেতু- সেতু হ'ল। জীৱনৰ গোটেই খিনি আনন্দ আৰু সম্ভোষ আতঁৰি গ'ল। এওঁ এটা ৰুগীয়া মাঙ্গুহ, অক্ষম, এতিয়া অলপতে এওঁ মৰিব; কিন্তু ভিতৰত থকা ৰোগে যেতিয়ালৈকে দেহাৰ শিৰা- উপলিবা আটাইবোৰ খাই নিস্তেজ নকষে তেতিয়ালৈকে নমৰে। তেওঁৰ প্রাণ ওলাই যোরাৰ আগতে দেহাটোৰ সকলো জীৱনী শক্তি খাই শেষ কৰি ল'ব। যুক্তবাজ! এওঁক এনেদৰে ধৰি থকা ভাল নহয়। তেওঁৰ দেহাত থকা যোগ-ক্রিয়া আছি আপোনাৰ গাতো সোমাব পাৰে।" তেতিয়াও সেই মানুহটোক সান্ত্বনা দি সিদ্ধার্থ ই ক'লে- “এনেকুৱা ৰোগী আৰু আছেনে? বহুত আছে নেকি? নাইবা এওঁৰ নিচিনা ৰোগ মোৰো হ'ব পাৰে নেকি ?"

চন্নই বিনয়েৰে ক'লে- "তে মহান প্রভু! নানান প্রকাৰ ৰোগেৰে এই দৃশ্য প্রায় সকলো মানুহৰে হয়। ঘা, ফোঁহোবা, কুষ্ঠ ৰোগ, শন্নিপাত জ্বব, উদৰী, ক্ষয় ৰোগ আদি নানা ৰোগে দেহা আক্রমণ কৰে।" যুৱবাজে সুধিলে- “মানুহে কব নোৱাৰাকৈয়ে এই ৰোগ বোৰ আহেনে?" চন্নই ক'লে- "দুষ্ট সাপ অহাদি কোনেও ক'ব নোৱাৰাকৈয়ে ইহঁত আহি মানুহৰ দেহা দংশন কৰেহি নাইবা জোপাৰ তাঁৰৰ পৰা ৪দ্মবেশী হত্যাকাৰী আহি বাটৰুৱাক আক্রমণ কৰাদি কৰেহি।"

"তেনেহলে আটাইবোৰ মানুহ ভয়ত থাকে?" সিদ্ধার্থই ক'লে। "হয় যুরবাজ। জীরনটে। পানীৰ ফলৰ কাঁইট! সকলো ভয়তে থাকে।" চল্লই ক'লে।

সিদ্ধার্থ: "মই মহা সুখত শুই আছো। গোটেই নিশা মোৰ সুন্দৰ টোপনি হ'ব আৰু কাইলৈ পুরা ঠিক এইদৰেক্ট সাৰ পাম।" এই বুলি তেনেহলে কোনেও ক'ব নোৱাৰে?

চন্ন:- "কোনেও নোরাবে।" 

সিদ্ধার্থ:- বহুত দুঃখ যন্ত্রণাৰ অন্তকাৰী কোনেও ক'ক নোৱাৰাকৈয়ে আহেনে? আৰু এই বোগবোৰ যেতিয়া আহিব লাগে আহিবই। তেনেহলে এই দেহাটো এটা ভয়-দেহ আৰু মনটো বিষাদ-পূর্ণ আৰু বুড়া বয়সো ঠিক তেনেকুরাই। চন্দ্র-হয় যুৱৰাজ। যদি মানুহে ইমান দীঘল আয়ুষ, পাই, শেহত এনে দশ। হবই।

সিদ্ধার্থ:-যদি তেতিয়া মানুহে এই যন্ত্রণা সহিব নোৱাৰা হয় নাইবা যদি যন্ত্রণা নসহে নাইবা তাৰ উপশমৰ উপায় বিচাৰে, নাইবা যদি যন্ত্রণা সহি এই মানুহটোৰ নিচিনা হয়, ইমান হুর্ব্বল হৈয়ো যদি জীয়াই থাকে তেন্তে শেষ দশা কি হ'ব?

চন্ন:- মৃত্যু হব যুৱৰাজি।

সিদ্ধার্থ:-মৃত্যু?

চন্দ্রঃ-হয়, শেহত মৃত্যু আছেই। যি কোনো প্রকাৰেই যেতিয়াই হওক-মৃত্যু আহিবই। কিছুমান আলৰ বুঢ়া হৈ মৰে, কিছুমানে ৰোগ-যন্ত্রণা ভোগ কৰি মৰে। কিন্তু এদিন সকলো মনিষ লাগিবই।। সৌরা চাওক বুরবাজ, সৌরা এটা মৰা শ নৈৰ শ্মশান-ঘাটৰ ফালে লৈ গৈছে।

সিদ্ধার্থ ই এতিয়া ঘাটৰ ফালে চকু দি দেখিলে এদল মানুহে কান্দি কান্দি এটা মৰা-শ লৈ গৈছে। আতাইটকৈ আগত যোৱা জনৰ হাতত একুৰা যোৰ আৰু এটা চক আৰু পাহুত যোরা আত্মীয়-কুটুম্ব সকলে "বান। বান! বাম নাম সত্য! বাম বোলা।" আদি বাম নাম গাই গৈছে। এইদৰে মৰা-শটো লৈ গৈ নৈৰ পাৰত চিতা সজাই তাৰ ওপৰত চিষ শয়ন কৰিবলৈ গুৱাই দিলে আৰু চাবিওপিনে জুই জ্বলাই দিলে। মুহূর্ততে চিতাগ্নিৰ শিখাই জিতা মেলিলে, আৰু সেই মাংসখিনি পুষি ৬ষ্ম কৰি পেলালে। ঘোরাবে আকাশ ক'লা হ'ল। যথা সময়ত নখৰ দেহাৰ সকলো অস্তিত্ব শেষ হৈ গ'ল।

এচিয়াৰ জ্যোতি।

তেতিয়া বুরখাজে ক'লে-"জীয়াই থকা সকলো মানুহবে

এয়ে শেষ দর্শানে ?"

চন্নই ক'লে-সকলোৰে অন্তিমত এয়ে দশা যুবৰাজ! চিতাৰ ওপৰত তুলি দিয়া জনেও খাইছিল, পি-ভিল, হাঁহিছিল, ভাল পাইছিল, আৰু জীয়াই থাকিবলৈ ভাল পাইছিল। কিন্তু এতিয়া সৌৱা হাবিৰ মাজৰপৰা ওলাই যোৱা এচাটি বতাহৰ দৰে তেওঁ মুহূৰ্ত্ততে নাইকিয়া হৈ গ'ল। তেওঁৰ দেহাটো, যিটো এগছ বস্তিৰ দৰে জ্বলি আছিল,- জুয়ে পুৰি শেষ কৰিলে। এই শ্মশানতে মাংসৰ শৰীৰৰ শেষ নির্ণয় হয়। ইয়াতে উচ্চ-নীচ, ধনী-দুখীয়া, সৎ- অসৎ, ধৰ্ম্ম-অধৰ্ম্ম সকলো একে থাই হয়। শাস্ত্রই কর বোলে ইয়াৰ পাছত আকৌ নতুন জনম হয় কিব। প্ৰকাৰে হেনো আকৌ জীরন লাভ কৰে। কিন্তু এইবোৰ কথা কোনে জানে? উপজিলে আকৌ সেই যন্ত্রণা, বিদায়-ব্যথা, আকৌ সেই চিন্তাৰ জুই-এয়েই মানুহৰ ঘূর্ণিপাক।" 

চকুত দিব্য অশ্রুজল লৈ সিদ্ধার্থই আকাশৰ ফালে চালে, তেওঁৰ চকুত থর্মীয় প্রেমৰ পোহৰ নামিল আৰু অতি দয়াৰ ভাবেবে পৃথিবীখনৰ ফালে চালে। পৃথিবীৰ পৰা আকাশ আকাশৰপৰা পৃথিবীলৈ কেইবা বাব্যে দৃষ্টি-পাত কৰিলে। তেওঁৰ আত্মাই যেন বহুত দূৰত থকা কিবা এটা স্বর্গীয় দৃশ্য দেখা পাইছে, আৰু সেই দৃশ্যই যেন স্বর্গ আৰু মর্ত্য, অতীত আৰু বর্তমান, এইটো আৰু সেইটো আটাইবোৰ একে কৰি তুলিছে! যেতিয়া তেওঁ মুষ ডাঙিলে এটা অপূর্ব্ব আভাষে তেওঁৰ মুখ- মণ্ডল জ্যেতিষ্মান হৈ পৰিছে। কিবা এটা প্ৰেমৰ ভাবত তেওঁৰ ৰাসনা উদ্দীপ্ত হৈ উঠিছে। এটা অসীম অনন্ত আশাত তেও উদ্ধৃদ্ধ হৈ পৰিছে। তেতিয়া সিদ্ধার্থই কবলৈ ধৰিলে।

"হে নির্যাতিত জগত-বাসী! মোৰ তেজ সপ্তহেৰে সৈতে একে চিনাকী আৰু অচিনাকী মানর সকল, তোমালোক আটাই বোৰ মৃত্যু আৰু বিষাদ যন্ত্রণাৰ একেখন জালতে পৰি আছা। এই পৃথিবীত থকা দুঃখ যন্ত্ৰণাৰ তাপ মই নিজ চকুৰে দেখিছো। মই অনুভৱ কৰিছোঁ, পৃথিবীৰ সুখ-সম্ভোগৰ একো মূল্য নাই। আটাইবোৰ এটা প্রবঞ্চনা। সকলো সুখ-সন্তোষ যন্ত্রণাত শেষ হয়। যৌরন-বার্ডক্যত, প্রেম-বিৰহত আৰু জীৱন ঘিণ লগা মৃত্যুৰ মুখত অন্ত পৰে। মৃত্যুৰ পিছতো আকৌ নজনাৰ জীৱনৰ কাৰণে চিন্তা। আকৌ সেই কালৰ চকৰীত খুবির লাগিব। এই মোহ-মায়াই মোকো ঠগিলে। জীয়াই থকাট্রো বব প্রেমময় যেন লাগিল। জীৱনটো পৰালি নপৰা শান্তির পিনে বৈ যোৱা এটা উজ্জল সোঁত যেন লাগিল। কিন্তু দৰাচলতে ৰলিয়া বাণৰ পাৰ ভঙা নাচে জীৱনটো লৈ গৈ ফেনে-ফোটোকাৰে ভৰা লুনীয়া সাগৰত হে পেলাই দিয়েগৈ। এই সত্যক ঢাকি থোৱা আঁৰ কাপোৰ খনে মোক অন্ধ কৰি থৈছিল। এই মৰণা- পন্ন মানুহবোৰৰ দৰেই ময়ো দেৱতা সকলৰ দয়াৰ ভিক্ষাৰী হৈ কান্দে। কিন্তু সেই কান্দোন দেরতাই শুনা নাই। তথাপিও সহায় বিচৰা এই বাটকরা বিলাকৰ কাৰণে সহায় ওলাবই লাগিব। বোধহয় দেরতা সকলক নিজৰ কাৰণেই সহায় লাগে আ তেওঁ- বিলাক অতি নিশকতীয়া সেইহে যন্ত্রণাত কান্দি থকা মানুহক তেওঁবিলাকে উদ্ধাৰ কৰিব পৰা নাই। এইটো কেনেকৈ হ'ব পাৰে যে, ব্রহ্মাই এখন সৃষ্টি ৰচনা কৰিলে আৰু তেওঁৰ সৃষ্টিখন ইমান বিষাদ যন্ত্রনাৰে বুৰাই গ'লে! তেও যদি সর্ব্ব-শক্তিমান কৈ তেওঁৰ সৃষ্টিখন এইদৰে এৰিলে তেও নিজে কেনেকৈ ভাল হ'ব পাৰে। আৰু যদি তেওৰ একো 'ক্ষমতা নাই-তেন্তে তেওঁ ঈশ্বৰেই নহয়? চন্ন, ব'লা আকৌ ঘৰমুৱা হওঁ; ইমানেই যথেষ্ট। মোৰ চকুৱে অপাৰ দেখিলে!"

সিদ্ধার্থৰ মনত এনে উদাস প্ররল হৈ উঠিছে বুলি জানি ৰজাই দুৱাৰত প্ৰহৰীৰ সংখ্যা তিনি গুণ বৃদ্ধি কৰিলে। কঠোৰ আজ্ঞা গুনাই দিলে দিনতেই হওক বা-ৰাতিয়েই হওক, যেতিয়ালৈকে সেই স্বপ্ন দেখাৰ সাত দিন সাত ৰাতি পাৰ হৈ নেযায় তেতিয়ালৈকে কোনো মাঙ্গুহক অহা-যোৱা কৰিবলৈ নিদিব।

34
প্ৰবন্ধ
এচিয়াৰ জ্যোতি।
0.0
১৮৭৯ চনত প্ৰথম প্ৰকাশিত ছাৰ এডউইন আৰ্নল্ডৰ মহাকাব্যিক কবিতা 'দ্য লাইট অৱ এছিয়া' হৈছে বুদ্ধৰ জীৱন আৰু বাৰ্তাৰ আখ্যান। ই দ্ৰুতগতিত এক বিশাল অনুভূতিলৈ পৰিণত হৈছিল আৰু যোৱা ডেৰ শতিকা ধৰি সমগ্ৰ বিশ্বতে ই শক্তিশালীভাৱে অনুৰণন কৰি আহিছে।
1

এচিয়াৰ জ্যোতি (তথাগত বুদ্ধৰ মহান ত্যাগৰ অমৰ কাহিনী) প্রথম অধ্যায়।

6 January 2024
0
0
0

যি জন বুরবাজ সিদ্ধার্থ, গৌতম, শাক্যসিংহ আদি নামেৰে পৰিচিত হৈছিল-বিজন পৃথিবী আৰু স্বৰ্গ আৰু নৰকত অঙ্কুপম, যি জন সর্বব-সন্মানিত আটাইতকৈ জ্ঞানী। অতি ভুলব, অতি দয়ালু, নির্ব্বাণ আৰু নীতিধৰ্ম্মৰ শিক্ষাদাতা-

2

এচিয়াৰ জ্যোতি।

8 January 2024
1
0
0

তেতিয়া এগৰাকী সখীয়ে উত্তৰ দিলে- "ধুনীয়া কোঁৱৰ! প্রথমে আমাৰ ৰাজধানী আছে, মন্দিৰ, ৰাজ-উদ্যান, কুঞ্জবন, তাৰ পাছত শস্যৰ পথাৰ। তাৰ পাছত খাল-ডোং, স্কোপা, জুপুৰী ভৰা বহুল মুকলি পথাৰ। তাৰ পৰা গৈ পাব গৈ ৰজা বি

3

চতুর্থ অধ্যায়

8 January 2024
1
0
0

যিটো হ'ব লগীয়া আছিল সেইটোরেই হ'বৰ সময় ওচৰ চাপি আছিল। প্রভু বুদ্ধৰ সংসাৰ ত্যাগৰ দিন পালেহি। সেই সোণালী ঘৰখনত বিষাদৰ বিননি উঠিল। বজা শোকত মৰহি গ'ল আৰু কপিলাবাস্তু সকলো প্রজ্ঞাই হাঁয়! হায়! কৰিলে। চ'ত মা

4

পঞ্চম অধ্যায়।

9 January 2024
0
0
0

ৰজা বিম্বিসাৰৰ বাজধানী ৰাজগৃহৰ চাৰিউপিনে বেৰি থকা পার্চোটা পর্ব্বত আছিল। বৈভাৰ, বিপুল্ল, তপোবন, শৈল-গিৰি আৰু ৰত্ন-গিৰি। বৈভাৰ সেউজীয়া ঘাঁহ আৰু খাজুর গছেৰে ভবা। বিপুল্লৰ নামনিয়েদি ক্ষীণ সৰস্বতী নৈ বৈ গ

5

৬৪ অধ্যায়

9 January 2024
0
0
0

অৱশেষত যি ঠাইত বিজুলী চমকৰ দৰে অমৰ জ্যোতি আহি সিদ্ধার্থৰ হিয়াত দেখা দিলে, এতিয়া সেই ঠাইৰ কথা কোরা হওক। গঙ্গাৰ পাৰে পাৰে গৈ সেউজীয়া পৰ্ব্বত মালাৰ মাজেদি ওলাই অহা দুখন সৰু নৈ-এখনৰ নাম নৈষজনা আক আনখনৰ ন

6

সপ্তম অধ্যায়

10 January 2024
0
0
0

পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চৰাই ঘুৰি ফুৰা উট

7

অষ্টম অধ্যায়।

10 January 2024
0
0
0

কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিংযোৰ চকুত পৰে। গোট

8

পুত্ৰৰ শোকত

11 January 2024
0
0
0

সপ্তম অধ্যায়   পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চ

9

কালীৰ পৰা গৰুগাড়ীৰে

11 January 2024
0
0
0

অষ্টম অধ্যায়।   কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিং

10

চাৰি

15 January 2024
0
0
0

আয়োজন দেখিয়ে সকলোৱে বুজিব পাৰিলে যে এইবাৰৰ জমিদাৰবাৰীৰ গানৰ আসন আগে হোৱাতকৈ বহুত ডাঙৰ আৰু বেলেগ হ'ব। বিৰাট ৰভা দিয়া হৈছে, বহুত মানুহ বহিব পৰাকৈ ঠাই উলিউল্লা হৈছে, গায়ক গায়িকা বহিবৰ কাৰণে ওখ মঞ্চ সজা হ

11

পাঁচ

15 January 2024
0
0
0

ভাৰতত বৃটিছ সম্রাটৰ ৰাজত্ব। বংগদেশ, অসমত বৃটিছৰ হৈ শাসন কৰিছে ভাবতীয় শাসকে। বংগত ফজলুল হকে, অসমত চাৰ চাহুল্লাই। বংগদেশত প্রাদেশিক চৰকাৰৰ তলত একাধিপত্য চৰকাৰ চলিছে নাৱাব আৰু জমীদাবব। বৃটিছৰ শাসন কটকট

12

সাত

15 January 2024
0
0
0

বাবৰ আৰু জাফৰে মৰীয়ম আৰু চফিকাক জেঠাইৰ ঘৰত চমজাই এক অনির্দিষ্ট পথত খোজ আগবঢ়ালে। আজিলৈকে জমীদাবন ঘৰৰ চাকৰ চাকৰৰ এটিলৈও কোনোরে আঙুলি এটা টোওরা নাই, তেনেস্থলত জমীদাৰৰ মূৰত টোকোনৰ দাষ পোষাই কোন সাৰি যায়?

13

আই

16 January 2024
0
0
0

মাল্লহ সৰহ নহয়, দুখন গাঁৱৰ ১টা মানুহ। এটা পৰিয়ালৰ তিনিটা-মাক বাপেক আৰু এজনী ছোৱালী, সিহঁতৰ সক ডাঙৰ তিনিখন ভাৰত ঘৰৰ বয়বস্তু লামলাকটু সকলো বান্ধি কান্ধত লৈছে। মাক আৰু ছোৱালীজনীৰ গাইপতি একোটাকৈ কাপোৰকানি

14

দ্বিতীয় ভাগ ন

16 January 2024
0
0
0

দক্ষিণৰ আকাশৰ বুকত ক'ৰবাৰপৰা আহি মেঘবোৰ ৰূপ খাইছেহি। আকাণৰ নীলাই দূৰণিত-হাবিয়নিজৰাৰ সিপাৰে- মাটি ছুইছেহি। গঙাচিলনি, শৰালি আৰু বনৰীয়া ৰাজহাহবোৰ অলসভাৱে শূণ্যত উৰি ফুৰিছে। সিহঁতৰ পাখিৰ কঁপনিয়ে কোনো ৰাইক

15

17 January 2024
0
0
0

খৰালিৰ দিনবোৰ লাহে লাহে শেষ হৈ আহিল। আকাশৰ বুকত উৰি ফুৰা মেঘবোৰ ডাঠ আৰু ক'লা হৈ আহিল। গছব কুঁহিপাতবোৰ ঘন সেউজীয়া হৈ আহিল। প্রথমে দিনবোৰ আৰু ক্রমে ৰাতিবোৰ গৰম হৈ আহিল। শালি আৰু মৰাপাটৰ খেতিৰ কাৰণে যোজ

16

দহ

17 January 2024
0
0
0

চাৰিটা বছৰ পাৰ হৈ গ'ল। খবালি গ'ল, বাৰিষা গ'ল। বাৰিষা গ'ল, খৰালি গ'ল। ইয়াৰ মাজতে এবছৰ ডাঙৰ বান নাহিল। সেইবাৰ খেতিও ভাল হ'ল। বাকীকেবছৰ বববান আহিল, খেতি বাতি নষ্ট কৰিলে, ঘৰ দুৱাৰ ভাঙিলে, গৰু ম'হ উটাই ন

17

এঘাৰ

17 January 2024
0
0
0

দৰকাৰী কথাটো এদিন জব্বাৰে বাবৰক ক'লে। কেইবা দিনো চেষ্টা কৰিও বাবৰক অকলে লগ ধৰাৰ সুবিধা কৰিব নোৱৰাৰ কাৰণে মাঘ ফাল্গুন দুমাহত কথাটো কোরা নহ'ল। ইতিমধ্যে গাঁও জুৰি চাৰিওফালে যুদ্ধৰ বাতৰি বিয়পি পৰিব ধৰিলে

18

বাৰ

19 January 2024
0
0
0

ৰূপহী গাঁৱত এখন ডাঙৰ ৰাজহুৱা সভা হৈছিল। চৰকাৰৰ ফালৰপৰা জাননী দি কেইবাখনো গাঁৱৰ মানুহ গোটাইছিল। মন্ত্রী আহিছিল, আৰু বহুত ডাঙৰ মানুহ আহিছিল। নেচনেল ৱাৰ ফ্রন্টৰ অফিছাৰ আহিছিল। কেইবাজনো নেতাই ৰাইজক বুজাই

19

তেৰ

19 January 2024
0
0
0

হাটত বাববে ভালেমান চিনাকি মানুহক লগ পালে। প্রায় সকলোৰে মুখত একেটা কথাৰে আলোচনা-যুদ্ধ লাগিছে, জাপানৰ লগত আমাৰ দেশৰ যুদ্ধ লাগিছে। চৰকাৰে কৈছে যুদ্ধত সকলোৱে সহায় কৰা, কংগ্ৰেছে কৈছে সহায় নকৰিবা। বাবৰে আৰ

20

তেৰ

19 January 2024
0
0
0

জববাৰে খেতিবাতিও কৰা নাই, মিলিটাৰীৰ চাকৰি বা ঠিকাদাৰীও কৰা নাই। সি কিন্তু কিছু টকা কৰিছে। একো নকৰাকৈ সি কেনেকৈ টকা কৰিছে সেইটো বহুতৰে গুণাগথাৰ বিষয় হৈছে। মানুহে কোরাকুই কৰিছে যে বাতি বিয়লি তাক মিলিটা

21

চৈধ্য

22 January 2024
0
0
0

ভালেমানে কথাটো কৈছে। আনকি এদিন নে দুদিন মোবাৰক মাষ্টৰেও কৈছে। বাবৰে কথাটোত সিমান গুৰুত্ব দিয়া নাছিল। গুরুত্ব দিবলগীয়া কথাও নহয়। কিন্তু সেইদিনা ঈদৰ নামাজ পঢ়ি আহি বাবৰ যেতিয়া কাপোৰ কানি পিন্ধি গাঁৱব অন

22

পোন্ধৰ

22 January 2024
0
0
0

যুদ্ধখনে বহুতৰে বহুত দুর্গতি আনিলে। বহুত শাস্তিবে থকা মানুহৰ লটিঘটি হ'ল। বহুত ভৰগাঁও এৰি মানুহ উঠি যাবলগীয়া হ'ল-গাঁৱত যুদ্ধৰ বিমানঘাটী হ'ল, মিলিটাৰী কেম্প হ'ল, স্কুল কলেজৰ ঘৰবোৰ মিলিটাৰী হস্পিতাল হ'ল।

23

বোল

22 January 2024
0
0
0

ছবিফ গাঁওবুঢ়া হঠাৎ অসুস্থ হৈ পৰিল অব, কাহ, গাৰ বিষ। গাঁওবুঢ়াৰ টান বেমাৰ হোৱাৰ কথা কোনোষে ক'ব নোৱাৰে। বব বেছি কেতিয়াবা পানীলগা অৰ হোৱাৰ বাহিৰে অল্প কোনো টান বেমাৰ গাঁওবুঢ়াৰ হোৱা নাই। কিন্তু এইবাৰ গ

24

সোতৰ

22 January 2024
0
0
0

নারেবে নৈ পাৰ তৈ, মাজে মাজে খোজ কাঢ়ি, আফ এডোখষ কোনোবা মিলিটাৰী ঠিকাদাৰ এটাৰ ট্রাকেবে আহি ছদিনৰ মূর্বত বাববহঁত ঘৰ পালেহি। গোটেই বাটছোৱা যাবৰৰ মনটো আনন্দ কৃর্তিত আছিল। বাটৰ কষ্টবোৰ তাব কষ্ট কেন নেলাগিল।

25

উদ্দেশ

23 January 2024
0
0
0

ট্রাক এখনত বেত আৰু বাঁহ ভৰাই লৈ এদিন বাবৰ জাগীৰোডৰ ফালৰপৰা আহিছিল। গিবীণ মাষ্টৰৰ ঘৰৰ আগত গাড়ীখন ৰাখি সি সোমাই গ'ল, আজি কিছুদিন সি এইকালে আহিলেও, মাষ্টৰণী বাইদেউৰ খবৰ কৰিব পৰা নাই। মাষ্টৰণী ঘৰতে আছিল।

26

বিশ

23 January 2024
0
0
0

কলিকতা মহানগৰীৰ অলিয়ে-গলিয়ে পূব বংগৰ ভোকাতুৰ মানুহৰ অভূতপূর্ব ভিষ। য'তে ত'তে খাবলৈ নেপাই মৰা মানুহৰ মৰা শ। এই মানুহবোৰক কিবা খাবলৈ দি জীয়াই ৰখাৰ সমস্থাটোতকৈ চৰকাৰৰ ডাঙৰ সমস্যা হৈছে য'ত ত'ত মৰি পৰি থকা

27

একৈশ

23 January 2024
0
0
0

আকাশখন নতুন। একৈশ ডাৱৰৰ চপৰাবোৰত কৰোবাৰ ঘন ক'লা চুলিৰ আউলি বাউলিব কোমল ছাপ। বহুত ডাৱৰ, সিহঁত ক'ৰবাৰপৰা আহি আহি প খাইছেহি। মেঘৰোবৰ বুকত যেন বুজিব নোৱৰা কিছুমান কথাই গান হ'বৰ কাৰণে উখল-মাখল লগাইছে। ব

28

বাইশ

24 January 2024
0
0
0

ট্রাকখন আকৌ পিছবেলা আহিব। মিলিটাৰী মাল বোজাই কৰি আনি বাবৰকো লৈ যাব। আগবেলাটো বাবৰৰ হাতত আছে। ৰাতিপুৱা শুই উঠি, চাহু তাহ খাই, বাবৰ গাঁওবুঢ়াৰ ঘৰলৈ, অর্থাৎ বাবৰৰ নিজৰ ঘৰলৈ গ'ল। গাঁওবুঢ়াৰ স্বাস্থ্য আ

29

তেইশ

24 January 2024
0
0
0

মৰীয়মে বিয়াৰ কথা কয়, কামৰাণে বিয়াৰ কথা কয়, গাঁওঢ়াই বিয়াৰ কথা কয়, আনকি কেম্পত ঠিকাদাৰ ভূমিধৰ শৰ্মায়ো বিয়াৰ কথা কয়। বর্তমানত বাবৰৰ কাৰণে যেন একমাত্র কৰিবলগীয়া কাম বিয়া-আৰু একো নাই। টকা পইচাও হৈছে, ঘৰবাৰ

30

চৌবিশ

24 January 2024
0
0
0

মাত্র দুদিনৰ অসুখ-গ্রহণী, তেজ গ্রহণী, তাতেই জালাল বুঢ়া ঢুকাই থাকিল। বিশেষ চিকিৎসা কৰোৱাৰ সময়েই নহ'ল। প্রথম দিনা মুছলিমাই ঠেকেৰা পানী আৰু কিবাকিবি খাবলৈ দিছিল। দ্বিতীয় দিনা ইব্রাহিমে ডাক্টৰ মতাইছিল। কি

31

পঁচিশ

24 January 2024
0
0
0

কথাটো স্পষ্ট হৈ পৰিল, আৰু এই বিষয়ে কাৰো সন্দেহ নেথাকিল যে ছবিফ গাঁওবুঢ়া আৰু সৰহ দিন নিজীয়ে। বাবকেও এই কথা বুজিব পাৰিলে। প্রায় সকলোৱে বাবৰক পৰামর্শ দিলে. যে গাঁওবুঢ়াৰ জীৱনৰ শেষ ইচ্ছাটে। পূৰণ কৰাটো তা

32

ছাব্বিশ

24 January 2024
0
0
0

বহুতে ভাবিছিল-নহ'ব, বহুতে আশা কৰিছিল নহওক, আৰু সর্বসাধাৰণে কামনা কৰিছিল-যিমান সোনকালে হয়-হওক।। হ'ল। কিছু অপ্রত্যাশিতভাবেই যুদ্ধখন বিশ্বজোবা দ্বিতীয় মহাসমৰখন এদিন শেষ হৈ গ'ল। কিয়, কেনেকৈ, ক'ত যুদ্ধখন

33

সাতাইশ

24 January 2024
0
0
0

বিধানসভাৰ সাধাৰণ নির্বাচনৰ দিন ওচৰ চাপি আহিল। দেশ জুৰি উখল মাখল হুলস্থুল বাড়ি আহিল। কলেজ স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৰে মুখত কেৱল নির্বাচনৰ কথা, ভোটৰ কথা, কংগ্ৰেছৰ কথা, মুছলিম লীগৰ কথা। নিতৌ

34

আটাইশ

24 January 2024
0
0
0

বতৰ বৰ ভাল আছিল। খেতি বৰ ভাল হৈছিল। বাববে নতুনকৈ সজোৱা উড়ালটো গুটি আৰু গছি ধানেৰে উপচি পৰিছিল। অতদিনে তাৰ ধান গাঁওবুঢ়াৰ উড়ালতে থৈছিল। ঠিকাদাৰীত লাগি থকাৰ কাৰণে সি খেতিত বৰকৈ লাগিবও নোৱাৰিছিল। এই এই ব

---

এখন কিতাপ পড়ক