যি জন বুরবাজ সিদ্ধার্থ, গৌতম, শাক্যসিংহ আদি নামেৰে পৰিচিত হৈছিল-বিজন পৃথিবী আৰু স্বৰ্গ আৰু নৰকত অঙ্কুপম, যি জন সর্বব-সন্মানিত আটাইতকৈ জ্ঞানী। অতি ভুলব, অতি দয়ালু, নির্ব্বাণ আৰু নীতিধৰ্ম্মৰ শিক্ষাদাতা-জগতৰ ত্রাণ কর্তা সেই প্রভু ৰুদ্ধৰ জীৱন-চবিত্ত।
*
মানুহৰ কাৰণে তেওঁ এইদৰেই আকৌ পৃথিবীত জন্ম ললেছি। সৌ আকাশৰ আটাইতকৈ উচ্চ-গুৰত চাবিজন প্রতিভূ অর্থাৎ শাসন কৰ্ত্তাৰ প্রতিনিধি আছে। তেওঁবিলাকেই আমাৰ এই পৃথিবীখন শাসন-কৰে। তেওঁবিলাকৰ ভলভ কেইবাটাও মণ্ডল আছে। যিটো মণ্ডল পৃথিবীৰ ওচৰ কিন্তু বহৃত ওখত। ভাতে মৃত্যু হৈ থকা সাধু আত্মা বিলাক ত্রিখ হাজাৰ বছৰ বৈ থাকে, তাৰ পাছত পুনৰ জন্ম লয়। সেই আকাশত ৰৈ থকা প্রভু বুদ্ধৰ নিমিত্তে পুনৰ জন্মৰ পাচোটা চিন ওলাল। দেরতা সকলে এই পুনৰ জন্মৰ চিন কেইটাৰ অর্থ বুজি পাই ক'লে-“পৃথিবীক সহায় কৰিবলৈ বুদ্ধ আকৌ যাব"। তেতিয়া বুদ্ধই ক'লে "আ এতিয়া মই পৃথিবীক সহায় কৰিবলৈ যাম! মোৰ জন্ম-মৃত্যু ভ্ৰমণৰ এয়ে শেষ যাত্রা হ'ব। মই হিমালয়ৰ দক্ষিণ ফালে থকা শাক্য সকলৰ মাজলৈ নামি যাম, ভাত ধাৰ্ম্মিক মামুহ বিলাক আছে, আৰু তাৰ ৰজা জন বর্ষ ন্যায়বান।"
সেই দিনা কপিলাবাস্তুৰ ৰজা শুদ্ধোদনৰ মহিষী মায়া দেবী স্বামীৰ কাষত শুই আছে। তেওঁ এটা আচৰিত স্বপ্ন দেখিলে-
গুলপীয়া মুক্তাৰ দৰে ছটা ৰশ্মি থকা এটা উজ্জ্বল তৰা। কাম-ধেমুৰ গাখীৰ নিচিনা যগা এটা ছ-দতীয়া হাতীৰ দৰে সেই তৰাটো মহা-শূন্যৰ মাজেদি বেগেৰে নামি আহিছে, আৰু মায়াৰ চকুৰ আগত অতি উজ্জস হৈ তেওঁৰ গৰ্ভত প্রবেশ কৰিছে।
ৰাণীয়ে সাৰ পালে। এটা অলৌকিক আশীর্ব্বাদত বাণীৰ বুকুখন উপচি পৰিল। পুৱাৰ সময়ত আকাশখন অবর্ণনীয় মনোৰম পোহৰত জিলিকি উঠিল। সেই স্বর্গীয় আনন্দৰ প্রৱাহ পর্বত-ভৈয়াম নগৰ-সাগৰ সকলোতে বৈ গ'ল। প্রকৃতিৰ গছ পাতে যেন কাণে কালে কবলৈ ধৰিলে "শুনা, শুনা, মৃত সকলে জীর পাব। মবণ শীল জীয়ন বিলাকে!
উঠা; শুনা, আশাত হেন্দুলি উঠা! বুদ্ধ আহিছে।" এছাটি নতুন বতাহ চাৰিউপিনে বৈ গ'ল। যেতিয়া এই স্বপ্নৰ কথা ৰাষ্ট্ৰ হৈ গ'ল তেতিয়া স্বপ্নতত্ব জনা পণ্ডিত সকলে ক'লে- "স্বপ্নটো ভাল। ৰাণীয়ে আচৰিত জ্ঞান থকা এটি পরিত্র পুত্র লাভ কৰিব। তেওঁৰ দ্বাৰাই সকলো প্ৰাণীৰ কল্যাণ হ'ব আৰু তেওঁ অজ্ঞানতাৰ পৰা মানুহক উদ্ধাৰ কৰিব। যদি তেওঁ বজা হ'ব খোজে তেন্তে সসাগৰা পৃথিবীৰ অধীশ্বৰ হ'ব।"
এইদৰেই পরিত্র বুদ্ধৰ জন্ম হ'ল।
সেইদিনা বহাগৰ পূর্ণিমা তিথি। বাজ কাৰেঙৰ চোতালত থকা এজোপা পলাশ গছৰ তলত বাণী মায়া দেরী ভৰ-তুপৰীয়া থিয় হৈছে গৈ। চাৰিউপিনে থকা ফুলবোৰ ফুলি সেই দিনা জকমকাই আছে। সেই ঠাইতে একো যন্ত্রনা নোহোৱাকৈ ৰাণীৰ প্রসর হ'ল। নরজাত সন্তানটিৰ ৩২টা পরিত্র চিন্ দেখা হ'ল। এই মহান বাতৰি ৰাজ কাৰেঙত মুহূর্ততে বিয়পি পৰিল। সন্তানটি ভিতৰলৈ নিবৰ কাৰণে এখন সুবর্ণ-খণ্ডিত বিচিত্র পালেং অনা হ'ল। সেই পালেং খনৰ চাৰিপিনে ধৰি অহা চাৰি জন যেন সেই আকাশৰ চাৰি কোণে থকা ঈশ্বৰৰ প্রতিভূ চাৰি জনাহে! তেওঁলোক যেন সুয়েক পৰ্ব্বতৰ পৰাহে নামি আহিছে-এনে ধাৰণা হ'ল। পূব ফালৰ জনৰ গাত ৰূপালী সাজ-মুক্তা মালাবে সুশোভিত, দক্ষিণৰ জনৰ হাতত পোৱাল বাখৰৰ ঢাল আৰু উত্তৰৰ জনৰ গাত তেনেই সোশষ পোছাক এওঁবিলাকে মহাসমাবোহেৰে নৱজাতকক পালেঙত্ত তুলি ভিতৰলৈ নিলে।
এচিয়াৰ জ্যোতি।
বজা শুদ্ধোদনে কিন্তু এইবোৰ বাঞ্ছা কৰা নাছিল। তেওঁৰ যতেৰে লৰাটি পার্থির ক্ষমতা সম্পন্ন এজন চক্ররত্তী বজা হ'ব লাগে। তেওঁক দিবলৈ ৰজাৰ সাতোটা উপঢৌকন আছে। চক্রৰত্ব, মণি, অশ্বৰত্ব, হস্তিবত্ব, এজন কুশলী মন্ত্রী, এজন অপৰাজেয় সেনাপতি আৰু স্ত্রী-ৰত্ন। ৰজাই আজ্ঞা দিলে যে, নগৰত উৎসর হ'ব লাগে। নৃত্য, গীত, বাদ্য, বিবিধ প্রকাৰৰ খেল-তামছা। হাঁহি-আনন্দেৰে কপিলাবাজ্ব নগৰ উলাহি উঠিল। দূৰ-দূৰণিৰ পৰা ডাঙৰ ডাঙৰ সাউদবিলাকে অনেক বহুমূলীয়া উপহাৰেৰে ৰাজ-ভড়াল ওপচাই দিলেহি। সকলো প্রজাই নরজাত ৰাজ-কোর বক সর্ব্বার্থসিদ্ধ অর্থাৎ সকলো প্ৰকাৰে নদন-বদন দাম দিলে। চমুকৈ সেয়ে মানুহৰ মুখত হ'লগৈ সিদ্ধার্থ। গৌতম, শাক্য সিংহ আদি নামেৰেও তেওঁৰ পৰিচয় পোরা যায়।
ৰজাক পুত্র জন্ম। শুভেচ্ছা জনাবলৈ অহা সকলৰ ভিতৰত এজন আছিল পকাচুগীয়া মূনি, অসিত। তেওঁৰ কাণ দুখন দীঘল। পৃথিবীৰ সকলো কথা বার্তা আৰু স্বর্গীয় শব্দ বিলাক তাবে তেওঁ শুনিবলৈ পায়। তেওঁ গঙৰ তলত বহি প্রার্থনা কৰি থাকোতে বুদ্ধৰ জন্ম হোৱা বাবে দেরতা সকলে গীত গোরা গুনিবলৈ পাইছিল। উপবাস কৰি আৰু বয়সত বুঢ়া হলেও অসিত মুনিৰ কাস্তি মনোৰম হৈয়েই আছিল। তেওঁক ওচৰলৈ মাতি আনি বজাই নমস্কাৰ কৰিলে, আৰু ৰাণী মায়াই মুনিক দেখি তেওঁৰ পৱিত্ৰ চৰণত নর জাত শিশুটি লগাব খুজিলে। আচৰিত হৈ মুনিয়ে কাতৰ ভাবে কবলৈ ধৰিলে-"কি কৰে, কি কৰে ৰাণী। এই দৰে নহয়!” মুনিয়ে আঁঠু লৈ প্রণাম কৰিলে। এই বুলি কৈ সেই ফালে ক'লে- "হে শিশু! মই তোমাৰ গাত গুলপীয়া প্রার্থনা জনাইছো। তুমিয়েই তেওঁ। পোহৰ। ভৰিৰ তলুরাত কোমল বেঁকা স্বস্তিকাৰ চিন, আৰু অনেক শুভ লক্ষণ দেখিছো। তুমি বুদ্ধ। মই যদিও শুনিবলৈ নাপাওঁ, যেহেতু মই বুঢ়া হৈ আহিছো আৰু তুমি শিক্ষা দিয়াৰ আগতে মৰিম, তথাপিও আজি তোমাক দেখা পালে ।। তুমি অমৰ নীতি-জ্ঞান শিক্ষা দি জগতক ত্রাণ কৰিবলৈহে আহিছ।। মহাৰাজ, আপুনি নিশ্চয় জানিব যে আপোনাৰ মানর-জন্ম রূপ-গণ্ডত এই এপাহি কুসুম, যি পাহ হেজাৰ হেজাৰ বছৰৰ পাচত একোবাৰ ফুলে। এই কুসুম যেতিয়া প্রস্ফুটিত হ'ব ইয়াৰ জ্ঞান-স্বৰূপ-সুগন্ধই জগত আমোদিত কৰিব, আৰু প্রেমে মৌ বৰষিব। আপোনাৰ ৰাজকীয় শিপাৰ পৰা এই এপাহি স্বর্গীয় পহুম ফুল ফুলি উঠিছে। আ! আপোনাষ বংশ কিমান ধন্য! কিমান সুখী! আৰু হে বাণী! এই পরিত্র সন্তান জন্ম দিয়াৰ যাবে আপুনি দেরতা আক মানুহ সকলোৰে কাষণে আদবন। এই যাবে আপুনি আৰু একো কষ্ট নাপায়। কিন্তু জীৱনটো যন্ত্রনাবে ভবা। আপুনি প্রণয়ষ একে। যন্ত্রনা নোপোৱাকৈ সন্তানটি জন্ম দিলে যদিও সাত দিনব দিনা আপোনাৰ সেই যন্ত্রণা আহিব।"
ঠিক মুনিয়ে কৈ যোৱাৰ দৰেই ঘটনা ঘটিল। সপ্তম দিনৰ দিনা ৰাণীয়ে হাঁহি হাঁহি শুবলৈ গ'ল আৰু সাৰ নাপালে। সন্তোষ মনেৰে ৰাণী স্বর্গগামিনী হ'ল। অসংখ্য দেরতাই স্বর্গত ৰাণীক উপাসনা কৰিবলৈ ধৰিলে। অনেক দাস-দাসীয়ে ৰাণীক মহান মাতৃত্বৰ আলপৈছান ধৰিবলৈ লাগিল। ইফালে কেচুরাতে মাউৰা হোৱা লৰাটিৰ কাৰণে ৰাজ-কুঁৱৰী মহাপ্রজাপতি আগ বাঢ়ি আহিল এগৰাকী ধাইৰ দৰে। তেওঁৰ বুকুত থকা অমৃত বসেবে শিশুটিক আনন্দ দিবলৈ ধৰিলে। যাৰ ছুটি ওঁঠৰ অমৰ বাণীয়ে জগতক শাস্তি দান কৰিলে, সেই ওঁঠত শিশু অৱস্থাত বুকুৰ অমৃত দিবলৈ পাই ৰাজ-কুঁৱৰীয়ে নিজকে ধন্য মানিলে।
যেতিয়া সিদ্ধার্থৰ আঁঠ বছৰ পুৰহৈ গ'ল তেতিয়া তেওঁক ৰাজকোর বে পাবলগীয়া বিদ্যা শিক্ষা দিবলৈ ধৰিলে। মন্ত্রী সকলেৰে সৈতে আলোচনা কৰি সেই শিক্ষা দিয়াৰ ব্যৱস্থা কৰিলে। সকলোরে একেমত হ'ল যে বিশ্বামিত্রই আটাইতকৈ জ্ঞানী, সকলো শাস্ত্রত পাৰ্গত আৰু তেওঁ অনেক শিল্প-বিদ্যাও জানে। গতিকে তেওঁকেই শিক্ষা গুৰু ৰূপে আনিবলৈ সিদ্ধান্ত কৰিলে। ৰাজ আজ্ঞা পালন কৰি বিশ্বামিত্রই শিক্ষকতাৰ ভাৰ গ্রহণ কৰিলে। এইদৰে শিক্ষা দি থাকোঁতে এদিন বিশ্বামিত্রই তেওঁক ফলিত গায়ত্রী মন্ত্রটো লিখিবলৈ ক'লে আৰু সিদ্ধার্থক কাণে কাণে মন্ত্রটো মাতিবলৈ ধৰিলে। ফলি গুটি লৈ সিদ্ধার্থই ঋষিৰ ফালে মুৰ দোৱাই লিখিবলৈ আৰম্ভ কৰিলে। অপ্তি অলপ সময়ৰ ভিতৰতে কেবা বিধো আখৰেৰে সেই পরিত্র মন্ত্রটো লিখি দেখুৱালে। ইয়াৰ পাছত তেওঁক গণনা শিকাবলৈ ধৰিলে। অতি আচাৰত ধৰণেৰে সিদ্ধার্থই গুরুব ইঙ্গিত পোরা মাত্রকে সকলো বিদ্যা আয়ত্ব কৰিবলৈ ধৰিলে। শিক্ষা-গুৰুলৈ তেওঁৰ অসীম শ্রদ্ধা আছিল। খেল-ধেমালিতো সিদ্ধার্থ আগ বণুরা আছিল। ধেমালি কৰি থাকোতে লগৰীয়া বিলাকে হাৰিম বুলি ভাবি মন বেয়া কৰা দেখিলে বা খেলি থাকোতে পোহনীয়া হৰিণ বিলাক আহিলে সিদ্ধার্থই খেল এবি ক্ষন্তেক পৰ ৰৈ থাকে। শোক বেজাৰ বা দুখৰ একো গম নোপোৱাকৈ লৰা-কাল ৰং-ধেমালিৰ মাজেদিয়েই অতিবাহিত কৰিছিল যদিও সিদ্ধার্থৰ মনটো কেতিয়াবা কেতিয়াবা কিবা চিন্তাত গধুৰ হৈ পৰে। এদিন বসন্ত কালত ৰাজ উদ্যানত খেলি থাকোঁতে ওপৰেদি এজাক বনৰীয়া ৰাজহাঁহ উত্তৰ ফালে থকা হিমালয়ৰ পিনে উৰি গৈছিল। কঁক্ কঁক্ কৈ মৰম লগা সুৰত শুধ বগা হাঁহজাক এবাৰ বগা মালাৰ দৰে লা-নি লাগি গৈ আছিল। খুৱৰাজৰ সম্পর্কীয় দেৱদত্তই তাকে দেখি সেইফালে চাই ধনুখন টোরালে আৰু কাড় পাত এৰি দিলে। আটাইতকৈ আগত যোৱা ৰাজই।হটোৰ বুকুত সেই নিষ্ঠুৰ কাঁড় পাত সোমালগৈ আৰু হাঁহুটো আহি তেজেৰে ৰাঙলী হৈ মাটিত পৰিলহি। সেই দৃশ্য দেখি সিদ্ধার্থ লৰি গৈ বৰ মৰমেৰে হাঁহুটো মাটিৰ পৰা তুলি নিজৰ বুকুত সুমাই ললে। যোগ কৰিবলৈ হাদি লেপেটা কাঢ়ি বহি বুকুৰ পৰা সেই নিষ্ঠুৰ কাঁড় পাঞ্চ উলিয়াই হাঁহটোষ বুকুত এখন হাত দি মৰমেৰে হাত ফুৰাবলৈ ধৰিলে। তেজ ববলৈ অনেক দৰব দিলে। হাঁহটোৰ এনে অন্নস্থা দেখি সিদ্ধার্থৰ চকু চলচলীয়া হৈ পৰিল।
এনেতে কোনোবাই ক'লে-"আমাৰ যুৱবাজে কাঁড়েনে ৰাজহাঁহ এটা মাৰিলে"। মই মৰা নাই, দেরদত্তইছে। আছে।" দেরদত্তই তে'তয়া সিদ্ধার্থই ক'লে-"নহয় নহয়, কিন্তু হাঁহটো মৰা নাই জীয়াই ক'লে "ক্রীয়াই থক্ বা মৰক হাঁহুটো ওপৰৰ পৰা কাঁড় মাৰি মইহে মাটিত পেলালো। হাঁহুটো মোৰহে। মোক দিয়া"। এই কথা শুনি সিদ্ধার্থই তেওঁৰ সুকোমল গালত ৰাজহাঁহটোৰ ডিঙিটে। লগাই বৰ মৰমেৰে মাত দিলে "হাঁহটো মোৰ। মৰম আৰু দয়াৰে এই হাঁহুটো মই মোৰ কৰি লৈছো। মোৰ অন্তৰত কি ভাবৰ উদয় হৈচে সেইটো মই এতিয়া ভালকৈ বুজিব পাৰিছো। মই মানুহক অভিংসা শিকাম। এনেকুৱা বেজাৰ লগা কামবোৰ নিন্দা কৰিম। এই কথালৈ তেওঁবিলাকৰ মাজত অনেক এজন অচিনাকি পুৰোহিত আহি বাক-বিতণ্ডা হ'ল। এনেতে সেই ঠাইত উপস্থিত হ'লহি। তেখেতে ক'লে-"যিজনে এই প্রাণীটো বৰ কৰিব খুজিছিল তেওঁতকৈ ইয়াৰ প্রাণ-বক্ষা কৰোঁতা জনবহে নিশ্চয় অধিকাৰ বেছি। বধ কৰোঁতাই ধ্বংশ করে কিন্তু ৰক্ষা কৰোঁস্তাই পুষ্টি সাধন কৰে। চৰাইটো এই কাৰণে এওঁহে পাব"। সকলোৱে এই বিচাৰ উচিত বুলি বিবেচনা কৰিলে। যেতিয়া হাঁহুটো ভাল হ'ল, সিদ্ধার্থই উবাই দিলে, আৰু সি গৈ লগৰীয়া হাঁহবোৰৰ লগত মিলি গ'লগৈ। এই দৰেই প্রভু বুদ্ধই তেওঁৰ দয়াৰ কাম আৰম্ভ কৰিছিল।
আকৌ এদিন ৰজাই ক'লে- "মৰমৰ পুত্র, আহা, বসন্ত কালৰ মনোৰম শোভা চোরাতি। শস্য পূর্ণা বসুদ্ধৰাই কেনেকৈ খেতিয়ক বিলাকক হেঁপাহ পলুৱাই শস্য দিছে চৌরাহি, আৰু মোৰ এই ৰাজা মোক চিভাত তোলাৰ পাণ্ড কেনেকৈ তোমাৰেই ৩'ব চোরাহ আহা। লৈ গৈ এখন শস্য ক্ষেত্র পালেগৈ। "ৰজাই মৰমৰ পুতেকক নানা বিধ ফলৰ বাগিছা, কুঁৱা, আৰু এখন পথাৰ। তাত হালোৱাই হাল বাইছে। যুঁৱলিৰ কেৰেক্ কেৰেক্ শব্দ উঠিন্ডে। মৈৰ আগত ডাঙৰ ডাঙৰ মাটিৰ চপৰাবোৰ ভাগি গুৰি হৈছে। নাঙলৰ ফালৰ মুখত মাটিৰ বুকুত ঢৌ উঠাদি শিৰলুবোৰ উঠিছে, কুঁরাধোবর্ষ পৰা পানী তুলি লোৰ বোৰেদি পানী বোৱাই দিছে, আৰু পানীৰ পৰণ পাই শুকান পথাৰখন আনন্দত হেন্দুলি উঠিছে। আম গন্ধবোৰত চৰাইবোৰ জাকে ছাকে পৰিড়েছি। ঠায়ে ঠায়ে পিঠিত সাঁচ থকা কের্কেটুৱাবোৰ লৰি লৰি গৈছে। ঠায়ে ঠায়ে ম'হবোৰ গুৰি আছে আৰু ওপৰত্ত ঘুৰি ঘূৰি চিলনীবোৰ উৰিছে। ম'ৰা চৰাইবোৰে ইদাল গছৰ পৰা সিদাললৈ উৰা মাৰিছে আৰু নীল বৰণীয়া কপৌবোৰে উকলি দিছে। দূৰত থকা গার্ল'ৰ পৰা বিয়া উৎসৱৰ ঢোলৰ মাত আহি কাণত পৰিছে। চাবিওপিনে শান্তি আৰু পৰিপূর্ণ মূখৰ উলহ-মালহু দেখি যুৱৰাজৰ মনত অপাৰ আনন্দ হ'ল। কিন্তু দকৈ ভাবি চাই তেওঁ দেখিলে যে মানৱ জীৱনৰ এই আনন্দ উচ্চরৰ আঁৰত অনেক কাঁইট আছে। পৰিশ্রনী খেতিয়কবিলাকে কপালৰ ঘাম মাটিত পেলাই কিমান কষ্টেৰে জীৱন-নির্বাহ কৰিছে। তয়াময়া চোকা ৰ'দত বলদ গৰুবোৰে কিমান দুখেৰে হাল টানিচে। তাৰ উপাৰ তেওঁৰ চকুত পৰিল জেঠিবোৰে পৰুৱাবোৰ টেলেপ, টেলেপ, কৈ গিলি খাইছে। সাপে জেঠী বেং আদি ধৰি খাইছে। চিলাই থাপমাৰি সাপ বেং আদি যিহকে পাই তাকে নি খাইছে। ধুনীয়া ধুনীয়া পখিলাবোৰ ধাৰ খাইছে। এইদৰে গোটেইখনতে ইটোরে সিটোক ধৰি খাইছে। এটাৰ মৃত্যুত আন এটাৰ জীৱন-ধাৰণ হৈছে। এইবোৰ দৃশ্যই সিদ্ধার্থৰ মনত ইটোরে সিটোক হত্যা কৰা সম্পর্কে এটা বিৰাট আৰু ভয়াবহ ষড়যন্ত্ৰৰ ৰূপহে ধৰা দিলে। তেতিয়া সিদ্ধার্থই ক'লে "মোক দেথুরা- বলৈ অনা সুখৰ ঠাই এইখনেই নে? খেতিয়কে খোৱা পেটৰ আহাৰ মুঠি তেওঁৰ কপালৰ খামেৰে লুণীয়া আৰু হাল টনা গৰু- বোৰৰ কিমান কষ্ট! গোটেইখন দুর্ব্বশী বলীৰ মাজত যেন এখন তুমুল সংগ্রাম।" এইদৰে কৈ প্ৰভু বৃদ্ধ এঙ্গোপা জামু গছৰ তলত যোগাসনত বহাদি বহিল-যেন পরিত্র এটি মূর্তিহে! এইদৰে বহি তেওঁ মনষ এই ৰোগৰ বিষয়ে গভীৰ চিন্তাত মগ্ন হ'ল আৰু ইয়াৰ প্ৰতিকাৰৰ উপায় চিন্তা কৰিলে। এটা বিশাল দয়াৰ ভাৰ আৰু প্রাণী জগতলৈ অসাম স্নেহৰ আকর্ষণে তেওঁৰ মন আগুৰি ধৰিলে। তেওঁৰ মনৰ পৰা ৰজা-ভাৰ তেনেই নাইকিয়া হ'ল আৰু সন্যাস ভাবে মন উদাস কৰি তুলিলে।
তেওঁ ধ্যানত নিমগ্ন হ'ল। জীরন মুক্তির উপায় বিচৰা প্রভু বুদ্ধৰ সাধনাৰ এয়ে প্রথম আৰম্ভ-ধ্যান।
দ্বিতীয় অধ্যায়।
এতিয়া সিদ্ধার্থৰ বয়স ওঁঠৰ বছৰ হ'ল। ৰজাৰ আজ্ঞামতে তিনিটা কাৰেং সজোৱা হ'ল। এটা জাৰকালি গৰম হৈ থকাকৈ কাঠেৰে, এটা জহকালি চেচাহৈ থকাকৈ শিলেৰে আৰু এটা ইটাৰে বসন্ত কালৰ উপযোগীকৈ, এই তিনিটা কাৰেঙৰ নাম দিলে শুভা, সুম্মা, আৰু বন্মা। প্রত্যেকটো কাৰেঙৰ চাৰিউপিনে মনোৰম ফুসৰ উদ্যান জকমকাই উঠিল। ঘন সেউজীয়া ডুবৰিবনৰ দলিছা পৰা উদ্যানৰ মাজে মাজে কুণ্ড পানীৰ উহ-উজ্জল স্তম্ভ আদিৰ শোভা চমক লগ। হৈ পৰিছিল। আপোন মনেৰে এই উদ্যানৰ মাজত সিদ্ধার্থ বিচৰণ কৰি ফুৰিছিল। গ্রহবে গ্রহবে উদ্যানৰ ভিতৰত নতুন নতুন আমোদৰ আয়োজন কৰা হৈছিল। যৌৱনৰ এই বসন্ত কালৰ আনন্দময় পৰিবেশৰ মাজত যুৱৰাজৰ মনো বুৰ গৈছিল, কিন্তু তথাপি যেতিয়া উদ্যানত থকা হ্ৰদৰ ফটিক ধাৰ যেন ৰূপালী পানীৰ ওপৰত ডাৱৰ ক'লা ছ। পৰে তেতিয়া যুৱৰাজৰ মনতো তেওঁৰ সেই ধ্যানং ভাব জাগেহি আৰু চিন্তা মগ্ন হৈ পৰে।
বজাই এই কথা লক্ষ্য কৰি এদিন তেখেতৰ মন্ত্রী সকলক মাতি আনি কলে-"মন্ত্রীসকল, সেই বৃদ্ধ ঋষি আৰু স্বপ্নতত্ব বিশাবদসকলে কোরা কথাখিনি ভাবি চাওক। মোৰ নিজৰ প্রাণতকৈয়ো প্রিয় এই লৰাটি হয় সসাগৰা পৃথিবীৰ অধীশ্বৰ হ'ব, সকলো শত্রুক দমন কৰিব, চক্রৱৰ্ত্তী ৰজা হ'ব; নহয়- তেওঁ ত্যাগৰ আদর্শ লৈ পরিত্র জীরন যাপন কৰিব। এতিয়া তেওঁক কেনেকৈ ত্যাগৰ পথ পাহৰাই গৌৰর লাভ কৰিবলৈ উদগনি দিব পাৰি, তাৰ উপায় চিন্তা কৰক।"
প্রধান মন্ত্রীয়ে ক'লে-“মহাৰাজ, তেওঁৰ মনৰ এই ক্ষীণ বৈৰাগ্যৰ ভাব আঁতৰাবলৈ হলে তেওঁক প্ৰেমৰ ভাৱত নিয়োগ কৰিব লাগিব। তেওঁৰ কাৰণে এটি ধুনীয়া ৰাজ কন্যা আৰু ধেমেলীয়া সখী সকলৰ সন্ধান কৰিব লাগে।" সকলোরে এই প্রস্তার সঙ্গ বুলি ক'লে আৰু এটা নতুন উৎসৱৰ দিহা কৰা হ'ল। ৰাজ্যৰ সকলো সুন্দরী গাভৰুরে সেই উৎসরত যোগ দিব আৰু নানা প্রকাৰ খেল-ধেমালি কৰিব। যুৱৰাজে নিজে বিবেচনা কৰি পুৰস্কাৰ বিতৰণ কৰিব। নিদ্দিষ্ট দিনত কপিলাবাস্তুৰ ধুনীয়া গাভস্কল আহি ৰাজ-উদ্যানত গোট খালেহি। মিহিকৈ আঁচুৰি খোঁপা বন্ধা উচিকুণ ক'লা চুলি, অঞ্জন সনা চকু, চকুত লগ। বা-চণ্ডীয়া সাজ পিন্ধা আৰু কুন্ডুমেষে বোলোরা হাত ভৰি আৰু কপালত কাম সেন্দূৰৰ উজ্জল ফোঁটৰ সৈতে গাভৰু সকলৰ সমাগমত বাজ-উদ্যান অপূর্ব্ব সৌন্দর্য্যত জলমলাই উঠিল। যুবৰাজ সিদ্ধার্থ এখন আসনত বহি আছে।
ফালে চালে। বুরবাজক সুধিলে- "মোৰ কাৰণে কিবা পুৰস্কাৰ আছেনে?" আৰু লগে লগে এটি হাঁহি মাৰিলে। যুরবাজে ক'লে-"পুৰস্কাৰ শেষ। তথাপি তুমি গুদা হাতে যাব নোৱাৰা, হোরা এয়া লোরা, এই বুলি নিজৰ ডিঙিত থকা ৰত্নৰ মালা ধাৰ সোলোকাই তেওঁৰ ফালে আগ বঢ়াই দিলে। তেতিয়া দুয়োৰো চকুরে চকুৱে পৰিল, সেই চাৰি চকুৰ মিলনৰ পৰাই প্রেম উপজিল।
( বহুত বছৰৰ পাচত-যেতিয়া তেওঁ দিব্য জ্ঞান লাভ কৰি নতুন ধৰ্ম্ম স্থাপন কৰিলে, তেতিয়া এদিন তেওঁৰ এজন শিষ্যই সুধিলে-যে, কিয় সেই শাক্য গাভৰু গৰাকীক প্রথম দেখা মাত্রকে তেখেতৰ প্ৰেম উপজিল। বুদ্ধই তেতিয়া উত্তৰ দিলে-সেই গাভৰু গৰাকী যশোধাৰা আৰু মই অচিনাকী নাছিলে।। পূর্ব্ব জনমত মই আছিলোঁ এটা ব্যাধৰ-সন্তান। হাবিতলীয়। ফোরালীবিলাকৰ লগত যমুনা নৈৰ পাৰত বাহু অনেক ৰং ধেমালি কৰিছিলো। যোৰ লগত বং ধেমালি কৰা ছোৱালীবিলাকৰ লগতে আছিল যশোধাৰা। জন্ম মৃত্যুৰ চকা ঘুৰাৰ লগে লগে আমি দুয়ো এই দৰেই জন্ম জন্মান্তৰে ঘূৰিপকি লগ খাওঁহি। এনেকুৱাই আনৰো গতি।")
যশোধাৰাক দেখি যুৱৰাজৰ মনত প্ৰেনৰ ভাব উদয় হোরা আৰু নিজৰ ৰত্নমালা পুৰস্কাৰ দিয়া সকলো কথা ৰজাৰ কাণত পৰিলগৈ। বজাই তেতিয়া হাঁহিলে আৰু ক'লে-"আমি তেনে হ'লে এতিয়া এটা উপায় পাইছোঁ। ৰজা সুপ্রবুদ্ধৰ ওচৰলৈ দুত্ত পঠোরা হওক আৰু তেওঁৰ কন্যা যশোধাৰাক সিদ্ধার্থলৈ বিয়া কৰোয়া সম্পর্কে প্রস্তার দিয়া হওক।" কিন্তু সেই সময়ত শাক্য সকলৰ মাজত বিৱাহৰ এটা প্রথা আছিল। ভদ্র বংশৰ সুন্দৰী কন্যা বিলাক স্বয়ম্বৰ প্ৰথাৰে বিয়া দিয়া হৈছিল। স্বয়ম্বৰ সভাত যোগ দিয়া কন্যা প্রার্থী যুৱক সকলৰ মাজত যুদ্ধ-বিদ্যাৰ অবিয়া-অবি হয়। যি জন প্রতিদ্বন্দিতাত প্রথম বুলি বিবেচিত হয়-তেওঁকেই কন্যাই স্বামী বু'ল বৰণ কৰে। ৰজা সুপ্রবুদ্ধই এই প্রস্তার পাই শুদ্ধোদনক জনালে- "মোৰ কন্যা যশোধাৰাক বিয়া কৰাবলৈ অনেক ঠাইৰ অনেক ৰাজ-কোর'বে প্রস্তার দিছে। আপোনাৰ পুত্রই যদি মোৰ ধনু খন বেকা কৰিব পাৰে, তৰোৱাল ব্যৱহাৰত শ্রেষ্ঠ হয় আৰু আন আন ৰাজ-কোর'ৰ সকলতকৈ ভাল বুলি প্ৰমাণ কৰিব পাৰে তেনেহলে নিশ্চয় মোৰ কন্যা তেওঁলৈ বিয়া দিম।"
এই প্রস্তার পাই ৰজাৰ মনত খুহুৱনি লাগিল। কাৰণ দেরদত্ত ধমু-কাঁড়ত আটাইতকৈ ভাল। ঘোৰাঁ চেকুষান্ত অর্জুন পাকৈত, তৰোৱাল চলোরাত নন্দক কোনেও চেৰ পেলাব নোৱাৰে। যুৱৰাজ সিদ্ধার্থই মিচিকিয়া হাঁহি এটা মাৰি পিতৃক ক'লে-"ময়ো এই আটাইবোৰ বিদ্যা জানে।। পিতা, আপুনি ঘোষণা কৰি দিয়ক যে আপোনাৰ পুত্রই প্রতিদ্বন্দিতাভ সকলো প্রার্থীকে লগ পাব। মই ভাবোঁ মোৰ পৰাজয় নহব।"
ইয়াৰ সাত দিনৰ দিনা প্রতিদ্বন্দিতাৰ দিন স্থিৰ হ'ল। বিজয়ী প্রার্থীৰ পুৰস্কাৰ হ'ব বাজ কন্যা যশোধাৰা।
সেই দিনা সুপ্রবৃন্ধৰ ৰাজধানীত বিৰাট জন সমাগম। শাক্য কোর'ৰ সকল উপস্থিত। বিতোপন সাজ-পাৰ আ-অসঙ্কাৰ পিছাই যশোধাৰাকো তালৈ নিয়া হ'ল। নানা প্রকাৰ বাদ্য বাজনা বাজিছে আৰু উৎসবৰ বেশেৰে নগৰ মুখৰিত। ধুনীয়া ধুনীয়া তরুণ কোরৰ সকলে নিজ নিজ গৌৰৱৰ কথা ভাবি যশোধাৰাক লাভ কৰাৰ আশাৰে বৈ আছে। শেষত তেওঁৰ বগা ঘোঁৰাৰ পিঠিত উঠি যুরবাজ সিদ্ধার্থ আহিল। এই বিৰাট সমাগম দেখি কণ্টকে ভি হি হি কৰি চিঞ বিবলৈ ধৰিলে। সিদ্ধার্থয়ো আচৰিত হোৱা যেন দৃষ্টিৰে এবাৰ সকলোৰেপিনে চালে। ৰজা-প্রজা সকলো একে ঠাই হৈ এই অপূর্ব সমাবেশ সৃষ্টি কৰা দৃশ্যই তেওঁৰ মনত নতুন ভাবৰ সৃষ্টি কৰিলে। যশোধাৰাক দেখা মাত্রকে যুৱৰাজৰ মুখত এটা উজ্জ্বল হাঁহি বিবিত্তি উঠিল আৰু তৎক্ষণাৎ কণ্টকৰ পিঠিৰ পৰা জাপ মাৰি নামি আহিল। লগে লগে ঘোষণা কৰিলে-“যশোয়াৰাৰ নিচিনা ৰত্ন লাভ কৰোঁতা জন সকলো প্ৰকাৰে উপযুক্ত হ'ব লাগিব। মোষ প্রতিদ্বন্দীসকলে এতিয়া নিজ নিজ ঘটনাৱলীৰ পষিচয় দিয়ক। "মুহূর্ততে প্রার্থীসকলৰ মাজত উগল-মাখল লাগিল। নন্দ, অর্জুন, দেবদত্ত আদি প্রত্যেকেই নিজ নিজ শৌর্য্য-বীৰ্য্যৰ পৰিচয় দি কাঁড় মৰা প্রতিযোগিতাত জাগ বাড়িল সিদ্ধার্থই সকলোকে ছেৰ পেলালে। এটা এটাকৈ সকলো পৰীক্ষাত সিদ্ধার্থ প্রথম হ'ল। যেতিয়া পুৰণিকলীয়া তীখাৰ ধনুখনৰ পৰীক্ষা হ'ল, তাতো সকলোবিলাকৰ পৰাজয় হ'ল আৰু মুরবাজ সিদ্ধার্থই ধমুখন বেঁকা কৰি তাত কাঁড় লগাই যেতিয়া আকাশৰ ফালে এবি দিলে তাৰ শব্দত মানুহৰ মনত আতঙ্ক হ'ল। সকলোরে সিদ্ধার্থৰ ক্ষমতা দেখি আচৰিত মানিলে। শেষত ধোঁৰাত উঠা পৰীক্ষা হ'ল, কণ্টকৰ পিঠিত উঠি আন প্রার্থী সকলৰ লগত ধোঁষা চেকুৰাবলৈ আগবঢ়া মাত্রকে বায়ুষ বেগেৰে যুৱৰাজ সিদ্ধার্থক আটাইতকৈ আগলৈ লৈ গ'ল। ঘূৰি আহি প্রথমেই আকৌ আগৰ ঠাই পালেহি। সমবেত সকলো জনতাই সকলো খেলতে সিদ্ধার্থ ই শ্রেষ্ঠ বুলি চিঞৰিবলৈ ধৰিলে। আনকি প্রার্থী সকলেও "তেঁরেই শ্রেষ্ঠ বুলি স্বীকাৰ কৰিলে। ৰজা সুপ্রবুদ্ধই তেতিয়া সিদ্ধার্থক ক'লে- "আমি অন্তৰে অন্তৰে তোমাকেই পাবলৈ ইচ্ছা কৰি- ছিলো। মৰমৰ যুৱৰাজ সিদ্ধার্থ, তুমি বিজয়ী হৈ লাভ কৰা মোক কম্ভ্যা-ৰত্ন গ্রহণ কৰ।।" পিতৃৰ এই কথা শুনি বহাৰ পৰা যশোধাৰা উঠিল আৰু হাতত সুগন্ধি ফুলৰ এধাৰ মনোৰম মালা লৈ গহীন গম্ভীৰ ভাবে সিদ্ধার্থৰ ওচৰলৈ গ'ল। সিদ্ধার্থক ওচৰ পাই যশোধাৰাই সম্ভ্রমেৰে তেওঁৰ ফালে মূষ দোরালে, আৰু মুৰৰ ওৰণি গুচাই সেই মালাধাৰ সিদ্ধার্থৰ ডিঙিত পিন্ধাই দিলে। সেই সময়ত যশোধাধাৰ চকুরে মুখে এটি স্বগীয় জ্যোতি ফুটি উঠিছিল। সিদ্ধার্থৰ চৰণ স্পর্শ কৰি যশোধাবাই ক'লে- "প্রিয়তম চোরা, মই আজিৰ পৰা তোমাৰ।" সমবেত জনতাই হর্ষধ্বনি কৰি উভয়ৰে জয় দিলে। উৎসরৰ বিজ্ঞয় বাদ্য বাজি উঠিল।
এচিয়াৰ জ্যোতি।
ইয়াৰ পাছত যিদিনা মেষ বাশি মিলিল সেই দিনা শাক্য সকলৰ ৰীতি মতে তেওঁবিলাকৰ বিয়াৰ দিন স্থিৰ হ'ল। বিয়াৰ কাৰণে সুসজ্জিত ৰভা সজা হ'ল। সোণৰ গাদী আৰু বিচিত্র বঙৰ দলিভাবে বভা জন্মকাই উঠিল। আম ডালি ফুলৰ মালা মঙ্গল ঘট আদিৰে বিয়াৰ মণ্ডপ সুশোভিত হ'ল। তেওঁবিলাকৰ নিয়ম মতে এবাটি সেন্দূৰ নিহলোৱা ৰঙা গাখীৰত চূডাল থেষ মেলি দিয়া হ'ল। খেৰ দুডাল আহি একে ঠাই হৈ থকা দেখি সকলোরে আনন্দত চিঞৰিবলৈ ধৰিলে। "আ বৰ ভাল চিন। মিলন চিৰস্থায়ী হ'ব। যথা ৰীতি হোম-যজ্ঞাদি হ'ল আৰু বৰ- কন্যা উভয়ে হোমৰ চাৰিউ ফালে তিনি বেলি প্রদক্ষিণ কৰি সপ্ত-শিলাত ভৰি দি কন্স্যাই সপ্ত পদ গমণ কৰিলে, সভাসদ সকলে সুগন্ধ-দ্রব্য আৰৈ চাউল আদি চটিয়াই মাঙ্গলিক আহ্বান কৰিলে। বেদৰ মন্ত্রেৰে সভা মুখৰিত হ'ল। বৰ-কন্যাৰ সাজ- পোছাক একেখন কাপোৰেৰে বান্ধি লগ্ন-গ্রন্থী পিন্ধালে আৰু বৃদ্ধ কন্যা দাতা সুপ্রবুদ্ধই ক'লে- "মোৰ কন্যা যশোধাৰা আগেয়ে আমাৰ হৈ আছিল, এই মুহূৰ্ত্তৰ পৰা এওঁ তোমাৰ। তেওঁৰ প্রতি তুমি দয়া কৰিবা। আজিৰ পৰা তোমাৰ জীৱনেই যশোধাৰাৰ জীৱন।" মঙ্গল উকলি, হর্ষধ্বনি বিজয় বাদ্যৰ মাজত কন্যা দান সম্পন্ন হ'ল। যশোধাৰাৰ লগত সিদ্ধার্থৰ মিলন ঘটিল।
সিদ্ধাৰ্থৰ মনত যৌৱন সুলভ প্রেমৰ উদয় হোরা দেখিও ৰজা শুদ্ধোদনে সন্দেহৰ ভাব এৰিব নোৱাৰিলে। কি জানি সেই স্বপ্ন বিলাক ফলিয়ায়! কিজানি সিদ্ধার্থৰ মনত উদাস-বৈৰাগ্য জন্মে। এই ভয়ত ৰঙ্গা সদায় চিন্তিত হৈ থাকে। সিদ্ধার্থ আৰু যশোধাবাই বিবাহিত জীৱন কটাবলৈ এটা নতুন কাৰেং সজাই দিলে। সেই কালত থকা সকলোবিলাক ৰাজ-কাৰে- গুতকৈ ধুনীয়া কৰি এটি ঘৰ সজালে। তাৰ নাম দিলে বিশ্রম্ভণ। সমুখত বিতোপন ফুলৰ উদ্যান। চাৰিউ ফালে চালে চকুৰোৱা প্রাকৃতিক সৌন্দর্য্য। ঘৰটোৰ ভিতৰত থকা কাঠবোৰত প্রাচীন কালৰ অনেক মূৰ্ত্তি কটা আছে। ৰাধা-কৃষ্ণ, সীতা আৰু দ্রৌপদী ইত্যাদি। মাজতে জ্ঞান আৰু ঐশ্বৰ্য্যৰ গৰাকী গণেশষ মুর্তি। উদ্যানত বিবিধ পোঁহনীয়া জন্তু আৰু চৰাই। এই প্রমোদ ভরনত যুৱৰাজ আৰু ৰাজ-কুঁৱৰীৰ আলপৈছান ধৰিবলৈ অনেক ধুনীয়া ধুনীয়া সখীৰ ব্যৱস্থা কৰা হ'ল। যশোধাৰাই এই ইন্দ্রপুৰী যেন ঘৰৰ ৰাণী।
এই কাৰেংটোৰ অসংখ্য কক্ষৰ ভিতৰত এটা গোপন কক্ষ আছিল। মনক তৃপ্তি দি বিলাস-মগ্ন হবলৈ কলা কৌশলেৰে এই কক্ষটো সজোৱা হৈছিল। দিন-বাতিব চিন নোহোৱাকৈ সদায় গাখীৰ বৰণীয়া পোহৰত এই কক্ষটো উজ্জ্বল হৈ থাকে। বিতোপন শয্যা, দিনে-বাতিয়ে মুছ বাদ্য বাজি থাকে, সকলো সময়তে বিধে বিধে সুকোমল খাদ্য গাখীৰ, পৰমান্ন, ফল, মূল আদি যুগুত থাকে। এদল নাচনী ছোৱালীয়ে দিনে-বাতিয়ে যাজক-বনীয়া নৃত্যৰ সন্তাৰেৰে সেই কক্ষ আমোদিত কৰি থয়। ধুনীয়া ধুনীয়া সঙ্গীসকলে যুৱৰাজৰ টোপনি ধৰিবলৈ বিজ্ঞনিবে বিছি থাকে। যেতিয়া তেওঁ সাৰ পায়, তেতিয়া শুরলা সুৰষ প্রেমৰ গীত গায় শুনায়। সপোনৰ দৰে নৃত্য কৰে। বীণাৰ, ৰূপালী তাঁৰত ঝঙ্কাৰ দিয়ে। কষ্ণৰী আৰু চম্পকৰ সুবাসেবে বা দি টোপনি ধৰাবলৈ উপায় কৰে। যশোধাৰাৰ সৈতে এইদৰে মহা সুখত সিদ্ধার্থ ই দিন কটাবলৈ ধৰিলে।
ৰজাই আজ্ঞা শুনাই দিলে যেন সেই প্রমোদ ভরনক ভিতৰত কেঁরে মৃত্যু বা বুঢ়া-কালৰ কথা নকয়, একো বেজাৰ লগা বা স্থথ-বিষাদ আৰু ৰোগ-তাপৰ কথা শুলিয়ায়। তাত থকা সখী সকলৰ ভিতৰত নাচোতে যদি কোনোবাটিৰ ভৰি পিছলি দুঃখ পাই তেন্তে সেই নন্দন কাননৰ পৰা তেওঁ মনে মনে ওলাই যাব লাগিছিল- দুঃখ পোৱাৰ কথা কবলৈ নিষেধ। কাৰণ, যুৱৰাজে দেখিলে বা সেই কথা শুনিলে মনত দুঃখ পাব আৰু দুঃখৰ ভাব উদয় হ'ব। আনকি সিদ্ধার্থ শুই উঠাৰ আগতে ফুলনিত থকা ফুল গছবোৰৰ পৰা মৰহি যোৱা ফুলবোৰ ছিঙি মনে মনে: দূৰত পেলাই দিয়া হৈছিল।
যাতে ফুলনিখন সদায় জন্মকাই থকাহে কোঁৱৰৰ চকুত পৰে-তাৰ বিধান কৰা হৈছিল। ৰজাই কৈছিল-"যদি সিদ্ধার্থৰ গোটেই জীৱন কালটো এনেকৈ ৰাখিব পৰা হয় তেন্তে তেওঁৰ মনৰ পৰা চিন্তাৰ গধুৰ ভাববোৰ পাতলি যাৰ আৰু আনন্দ উপভোগৰ মাজত থাকোঁতে ৰাজসিক ভাববিলাক বাড়ি আহিব। আৰু আগলৈ চক্রৱৰ্ত্তী ৰজা হৈ গৌৰৱেৰে সসাগৰা পৃথিবী শাসন কৰিব পাৰিব।"
সেই প্রমোদ ভরনটো যেন বন্দী-শালৰ গৰাকী প্রেম, প্রেম আৰু সম্ভোগ-বিলাস তাৰ চাৰি বেৰৰ লোরব শলা। এই ৰাজ-কাৰেংটোৰ পৰা সতকাই কেঁও ওলাই যাব নোৱাৰাকৈ চাৰিউপিনে এটা পকী গড় মৰাই দিলে, আৰু এখন প্রকাণ্ড আঁঠ ধাতুৰ দুৱাৰ কৰাই দিলে। এশটা শকত-আরত বলী মানুহ নহলে সেই দুৱাৰ লৰাবই নোৱাৰে। দুৱাৰখন মেলোতে তাৰ শব্দ আধা যোজনলৈকে গুনে। ইয়াৰ উপৰিও ভিতৰত আৰু স্থখন তুৱাৰ। কোনোবা এই প্রমোদ-ভৱনৰ পৰা ওলাই যাব খুজিলে এই তিনিওখন দুৱাৰ মেলিহে যাব পাৰে। প্রত্যেকখন দুৱাৰতে বিশ্বাসী প্ৰহৰী নিযুক্ত। বজাৰ আজ্ঞা- "কোনো মাঙ্গুহক ওলাই যাবলৈ নিদিবি। যুরবাজ সিদ্ধার্থও আহে, তেওঁকো নিদিবি। কঠোৰ শাস্তি দিম।" আন কি যদি অন্যথা কৰিলে