সকলোৰে পিতা তুমি, তুমি বিশ্বময়, সকলো দেশতে পূজ্য সকলো সময়, কি জ্ঞানী, অজ্ঞানী, সাধু সকলোরে সমে পূজিছে 'যিহোৱা' 'প্রভু' আদি নামে।
জ্ঞানৰ অতীত তুমি অনাদি কাৰণ,
ৰাখিচা জ্ঞানক মোৰ কৰি আচ্ছাদন;
এইমাত্র জানো প্রভু তুমি দয়াময়,
আৰু জানো মই মূঢ়মতি অতিশয়।
যদিও বাখিছ। এনে অন্ধ অৱস্থাত,
দিছা শক্তি ভাল বেয়া বাচিবৰ গাত;
ভাগ্যৰ লগত টানি বান্ধিও জীরক,
দিছা চিৰস্বাধীনতা নৰৰ মনক।
বিবেক যি কৰে মোক কৰ্ম্মৰ বিধান, হক যেন বতি তাত স্বৰ্গৰ সমান; অথবা নকৰ বুলি যি কাম দড়ায়, হক যেন ঘিণ তাত নৰকৰ প্রায়।
অপাৰ কৃপাৰ গুণে যি দিছা ঈশ্বৰ, অসন্তোষ তাত যেন নহয় মনৰ; তেতিয়া হে ৰাখে লোকে তোমাৰ সন্মান, যেতিয়া সুখেৰে ভোগে তুমি দিয়া দান। কেরল ই এচমকামান পৃথিবীতে, বইছে তোমাৰ দয়া নাভাবো কচিতে;
আৰু যেন তুমি মাত্র নৰৰে ঈশ্বৰ,
নেভাবে। যি হেতু প্রভু সহস্র বিশ্বৰ।
এই যেন বলহীন অজ্ঞানৰ হাত,
নেপেলায় পাপী ভাবি দণ্ড কাৰো গাত;
তাকো যেন নকবিম মন্দ ব্যৱহাব,
ভাবে। যাক পৃথিবীত বিপক্ষ তোমাৰ।
ধাবিত ন্যায়ৰ তুল যদি বইছোঁ সমান, তাতে যেন ৰাখা প্রভু কৰি কুপাদান; যদিহে ভ্রমত থাকো অধ্যায় আচৰি, শিকোর। হৃদয়ে লক শুপণ বিচাৰি।
যি যি বস্তু দিছা প্রভু ভাবি মোৰ হিত, কদাচিতো যেন তাত নহওঁ গর্বিত; নিদিছা যি বস্তু যেন তাতো দয়াময়, নহয় কদাপি অসন্তোষৰ উদয়।
শিকোৱা পৰৰ দুখ ভাবে। আপোনাৰ, দেখিলেও পৰ দোষ নকৰে। প্ৰচাৰ; দয়াময় যি দয়া বিহিচা মোব প্রতি, দেখাও অন্যকো যেন তাকে দিয়া মতি।
যদিও অধম মই নহওঁ তিমান, কিয়নো তুমিয়ে প্রভু দিছ। এই প্রাণ; চলোরাহে দয়াময় তোমাৰ অধীনে, জীরন মৃত্যুর মুখে যাও যেই পোনে।
যি আছে ই জগতত সকলোরে থ'ক, কেরল আজিব প্রভু অন্ন শান্তি হক, ভাল বেয়া দিয়া জানে তোমাৰ চৰণ, তোমাৰ ইচ্ছাই যেন হয় সম্পূৰণ।
সকলো ভুবন প্রভু তোমাৰ ভরন, সাগৰ পৃথিবী শূণ্য পরিত্র আসন; সকলো প্রাণীয়ে যেন এক গীত গাই, প্রকৃতিও পূজে যেন ধূনা উকরাই।
বিজুলী।
জগতক হাঁহিৰে বুৰাই, মন প্রাণ নয়ন জুৰাই, সৰগৰ শোভা দেখুৱাই, চকমক চিমিক্ কৰি, জীৱৰ জীৱনি তেজ হৰি, কিয়হে বিজুলী তুমি,
ঘনে ঘনে জুমি জুমি, লুকুর। লুকুর। দেবী মেঘৰ বুকত? সৰু লৰা যেনেকুৱা ঘৰৰ ঢুকত।
কোরাঁচোন কোর। দেবী কোর। কাৰ ভয়ে ইদৰে লুকুর। ? কাৰ ভয়ে ইদৰে সদাই, জগতৰ চকু চমকাই, ততালিকে দেখা দিয়া, ততালিকে মাৰ যোর'।, আকৌ বা ঘূৰি আহি চক্সক কৰ। জগতত মেলি দিয়া ৰূপৰ নিঝৰা? কিবা কাৰবাৰ সৈতে প্রণয় কৰিছ।! কাৰবাক মন প্রাণ হৃদয় সঁপিছ। ? তাকে কি চাবৰ মনে, এই দবে ঘনে ঘনে, মেঘৰ বুকুৰ পৰা মুখ উলিয়াই, পৰাণ সঁপিছা যাক সি জনক চাই, চকুরে চকুৱে পৰি, লাজতে কি এনে কৰি, স্বর্ণ-লতা হেন দেহ ঢাকিছা মেঘত ? কিব। অভিমান কৰি লুকুৱা ঠেহত? নতুবা তোমাৰ কোনো লগৰীয়া আছে, এই পৃথিবীৰ ওপৰত? তাবেই কি সইতে ইদবে, লগৰীয়া প্রণয়ৰ ভবে, ঘনে ঘনে আছি এনেকৈ, 'কৃষ্ণা', 'কুক্কা', বুলিকৈ, খেলিছা লুকা-ভুমুকা মেঘৰ আঁৰত, তাতেই হে হাঁহা ঘনে সুখৰ ভৰত।
নতুবা তুমিয়ে সেই উর্বশী অপৰা। আৰ্য্য কবি কল্পনাৰ উচ্চরূপ ধৰা? দুন্দুভিৰ তালৰ চেরত, ইন্দ্র আদি দেৱৰ আগত, ৰূপেৰে বুৰাই দেৱপুৰি, নাচিছা কি ঘনে খুৰি ঘূৰি? তাৰেই কি এসূতি ওলাই, জগতক নিচেছি ঢৌরাই, তাৰেই কি এসূতি ওলাই, জগতক ইদৰে চকাই! কোরাচোন কোর। দেবী কোর।, তুমিয়ে উবশী সেই হোরা নে নোহোর।। নতুবা কি তুমি কোনো দেৱতাৰ বালা, বাট হেকরাই আছি পৃথিবী ওলালা? পিচে জানো মেঘে দেখ। পাই, পাপমাৰি নিয়ে উৰুৱাই? তাতে কি বিজুলী তুমি ঘনে, পলাবৰ চেষ্টা কবি মনে, চকি টকি ইদৰে ওলোরা, মেঘৰ গাজনি শুনি আকৌ পলোর।,
কাৰ ফালে এনেকই চোরা, কাৰ ফালে কৰি এনে কটাক্ষৰ শব, পলোৱা বা কৰি চুব কাৰ মন ঘৰ? তোমাৰ হাঁহিটি মোৰ বৰ মিঠা লাগে, হাহা দেবী হাহা এটিবাৰ,
সদাই সি হাঁহি মোৰ হৃদয়ত জাগে। হাঁহা দেবী হাঁহা এটিবাৰ, সি হাঁহিয়ে হৃদয় জুৰায়, হাঁহা দেবী হাঁহা এটিবাৰ, শিবে শিবে তাড়িতৰ সোঁত বৈ যায়। হাহা দেবী হাহা এটিবাৰ, সি হাঁহিৰ লগে লগে হৃদয়-থুপিত, সুখ-ফুল ফুলি মন কবে আমোলিত।
অন্তৰাত্মা সি হাঁহিৰ লগে, নাচি নাচি উঠে উলাহতে; সি হাঁহিৰ লগে লগে হৃদয় তন্ত্রীত ললিত পঞ্চম বাজে অতি সুললিত। আহা দেবী আহা মোৰ হৃদয়ত লও, হৃদয়ৰ হৃদয়ত, দিন বাতি অবিৰত সাঁচিছো যিমান কথা, পাইছো যিমান ব্যথা, ভুগিছে। যিমান দুখ, লভিছো যিমান সুখ, এটি এটি কৰি দেবী সকলোটি কও', হৃদয়ৰ তলা মেলি সকলো দেখাও, শিল: সম দুখ ভাব কিছু পাতলাও। আহা দেবী আহা দেবী আহা, হৃদি-আসনত বহি সি হাঁহিটি হাঁহা। ইরূপ হাঁহিটি হাঁয় হাঁয়! দেখি যাক পৰাণ জুৰায়, অসুৰৰ জিভা কোনে কয়? যি কয় সি মানুহ নহয়। ই হাঁহি যে স্বৰগৰ হাঁহি, ই হাঁহি যে কুসুমৰ পাহি, ই হাঁহি যে অমিয়াৰে ভৰা, স্বৰগৰ শোভাৰ নিকৰা; হায় হায় তাৰ মোল ম্য ভুবনত, কি বুজিব উটে যিটো পাপৰ সোঁতত!