ভৰ দুপৰীয়া, নিমাত সঞ্চলো, নিমাত গছৰ পক্ষী। দুছাতি এছাতি, বতাহ বইছে, উড়াই কেতকী সখী। পাণেসই গাভক, ওলাই আহিছে, উলাহে নধৰে হিয়া মাহ সৰিয়হ, মেলি জুলি দিছে, ককাইদেৱৰ বিয়া। লাহৰী ভনীটী, সাদৰী ককাই, কতনো মনত খেলা। বিয়াৰ ৰঙ্গত, হিয়া বাকি দিব, শতেক ভাবৰ মেলা। বিয়াৰ সকামে, ঘৰৰ সকলো, দিহাদিহি গুচি গল, ঘৰৰ ৰখীয়া, চোতাল কাষত, পাণেসই আইটা ৰল। কৰ বুঢ়ী জনী, আহিলি মাগনী, মাহৰ একঠা খুজি, আইসু পাণেসই, দিব নো কেনেকই, বিয়াৰ বাতৰা বুজি। হায়! হায়! বুঢ়ী, কিনো তই কলি, উলাহ ভাঙ্গিলি কিয়? মুফুলোতে ফুল, কলিতে ছিঙ্গিলি, কিয়নো হলিহি থিয়? "ককাইদেৱৰ, গোটাই হৃদয়, তোৰ ভাৱে ভোল হল, জগৎ বিয়াপি, তোকেহে দেখিছে, সকলো পাহৰি গল।" হায়! হায়! বুঢ়ী, বিনো তই কলি, সুখৰ সপোন হৰি! ইকৰা বঠাৰে, সাগৰ ফুৰোঁগৈ, কলমৌ পাতৰ তৰি। মানুহৰ আও, মানুহৰ ভাও, মুবুজোঁ মানুহৰ নীতি, নিয়ম পাতিলে, ভাঙ্গিব আকউ, ই কোন দেশৰ ৰীতি! বাপেকি স্নেহৰ, হবহি শহুৰ, ই কোন দেশৰ কথা, প্রাণাধিকা আই, হব শাহু আই, কিমান সহিম ব্যথা। ককাইদেৱবে, সৰুৰে পৰাই, উমলি হলোঁহি বৰ। মানুহ-সমাজ, কোনটো সতেবে, তাকেই স্বোৱামী কৰ। নিঠুৰ মানুহ, নেথাকো লগত, নিজান ঠাইলৈ যাও, নীল-সাগৰত, নীলাকাশ তলে, বাই বাই ফুৰে। নাও। পুর'তী নিশাতে, আপোন মনেৰে ধৰিম গীতৰ তান, ফুলনি-বাড়ীৰ, গোন্ধ উৰুৱাই, মলয়া তুষিব প্রাণ। হেজাৰে হেজাবে, নাচি নাচি ঢউ, আহিব কাষলৈ মোৰ, নাও বাই বাই, ঢউ গণি গণি, ঢউৰ কৰিম ওৰ।
প্রতি চট্ট মুখে, হেঙ্গুলি বেলিয়ে, এটি এটি চুমা দিব, তাতে বগা মেঘে, বঙ্গা দাঁত মেলি, দূৰতে হাঁহি মাৰিব। তৰাৰ মাজত, ৰূপহী জোনায়ে, ভুবন পোহৰ কৰি, অমীয়াৰ ধাৰ, বাকি দিব মুখে, মনৰ বিষাদ হৰি।" এইবোৰ ভাবি, ৰূপহী পাণেসই, ঘৰক এন্ধাৰ কৰি, নীল সাগৰলৈ, বেগে গুচিগল,কল্মো পাতৰ তৰি! ইফালে ঘৰত, মাক বাপেকীয়ে নেদেখি চেনেহী জী, বিয়াকুল মনে, আক তাক সোধে, আইটাৰ হলনো কি? লৰা কি ছোৱালী, সাগৰ-পৰীয়া সকলোৱে দেখি বোলে, "চোরাহি জগৎ, নীল সাগৰত, সোণালী প্রতিমা খেলে। আথে বেথে গই, দেখি জীয়েকক, ইমান বিনাই ঝলে,:- "ঐ আই পাণেসই,
"মোৰ ঘাটে চপাই দিয়া নাও, "দুহাতে দুমুঠি, দি যাও চাৰি মুঠি, গলত দি যাম হাৰ; "খাটলি পিৰাতে, বহি ভাতে খাবা, বেটীয়ে ধৰিব আল্। "ঐ আই পাণেসই।"
"খাটলি পিৰাতে, বহি ভাতে নেখাওঁ, বেটীয়ে নধৰক আল্, উলটি যোৱাগৈ, নাহিবা কাষলৈ, মোৰ ই দশাই ভাল। আজলী ছোৱালী, পাই ভাল কৰিলা, নেখাকো মানুহ-মাজে, আঁতৰে আঁতৰে, থাকিম ঐ নিলগে, যাম্ নো কোনটো লাজে।" পূর্ণিমাৰ জোন, চাও'তে চাও'তে, মাৰিলে পানীত বুৰ, ঢউ ঢউ মিলি, ধৰাধৰি কৰি, ধৰিলে গানৰ সুব। শ হাত দুৰৈত, নীলিমাৰ মাজে, সোণালী পদ্মম পাহি, ওলাল আকউ, ভুবন উজলি, পাণেসই আইটা ভাহি। আপোন মনেৰে আপোনাৰে ভারে, আপুনি সদাই ভোল, গুন্ গুন্ কৰি, কত গান গায়, কোনেনো বুজিব মোল। কত দিনা গই, সাগৰ-পাৰত, সাদৰী বাপেক মাকে, কত নো বিনায়, পাণেসই নেচায়, খুন্দামাৰি ধৰে শোকে। এদিনা পুৱাতে, সাগৰ-পাৰৰ, এজোপা গছৰ মূলে, দেখিলে মানুহে, পাণেসই আই, অনন্ত কাললৈ গুলে।
দুই তাঁৰ কেশ, পৰিছে ছফালে; নীয়ৰেৰে তিতি আছে, কোমল মুখত, জিকি মিকি কৰি, কণক কিৰণ নাচে। নপৰে নিশাহ, কপালত চোরা, মৃত্যুৰ কলীয়া ৰেখ, নিঠুৰ মানুহ, শেষ হল আজি, জীৱন দিবৰ লেখ। ৰূপহী আইটী, অকালত হায়! বেজাৰত গল মৰি, সুগন্ধি গোলাপ, নিজানত ফুলি, নিজানতে গল সৰি!
শুখৰ ঠাই।
Mrs. Hemans a "Better Land" নামে কবিতাৰ ভাঙ্গনি। শুনিছে। শুখৰ ঠাই তোমাৰ মুখত, কোর'। আই, কোর। সেই ঠাই আছে ক'ত? কোর'। সি জেউতি-ভৰা দেশ ক'ত বাক, আমি নো বিচাৰি তাক নেপাম নে আক? কমলাৰ ফুল য'ত অলেখ ফুটিছে, গছৰ ডালৰ মাজে জোনাকী নাচিছে; তাতে নে সুখৰ ঠাই কোরা মোক আই? -নহয়, নহয় তাত সাদৰী সোণাই। দীঘল পাতেৰে য'ত আছে বহু তাল, ৰ'দৰ তাপত পকে খেজুৰ ৰসাল; নীল সাগৰত থকা মাজুলীৰ মাজে, সুন্দৰ সুগন্ধি নানা গছ য'ত ৰাজে; ফুলাম পাখীৰে য'ত পখীবোৰ উড়ে, শুৱলা মাতেৰে গীত গাই গাই ফুৰে; তাতে নে সুখৰ ঠাই কোরা মোক আই? -নহয়, নহয় তাত সাদৰী সোণাই। তেন্তে কি সি ঠাই আই, দূৰ অতিশয়, সোণালী বালিৰ মাজে নই য'ত বয়; চৰিছে জেউতি য'ত পদ্মৰাগ মণি, পোহৰে হীৰাই য'ত নিবজন খনি; পোৱালে বন্ধোৱা পাৰ নীল সাগৰৰ, আছে য'ত শোভা কৰি মুকুতা আকৰ; তাতে নে সুখৰ ঠাই, কোরাঁ মোক আই -নহয়, নহয় তাত সাদৰী সোণাই।
চকুৰে নে দেখি সোণ, সি সুখৰ স্থান, কাণেৰে মুশুনি তাৰ আনন্দৰ গান। স্বপ্নত বর্ণোরা টান সি সুখৰ ঠাই, ৰোগ, শোক, জৰা, মৃত্যু সি দেশত নাই, ধ্বংশকাৰী সময়ৰ তাত হাত নাই, মেঘৰ ওপৰে আছে সি সুখৰ ঠাই, অমৰ সৌন্দৰ্য্য তাত বিৰাজে সদাই, চিৰ সুখ, চিৰ শান্তি; সাদৰী সোণাই।
তই।
নাল আকাশলৈ চাই,
কিনো নাম গালি তই,
-কিনো বীণা বজালি চিকোণ!
নিজম কদম তলে
যমুনাৰ উপকূলে,
যেন বাঁহী গোপিনী মোহন।
নেজানো যে কি কাৰণে, তোৰ প্রিয় পৰশনে, তই পাৰিজাত ফুল, প্রাণ মোৰ কৰে উচাটন। ধৰা যেন নন্দন কানন। ফুলি কৰ বিয়াকুল, মই যেন পূৱতীৰ,
নিশাৰ সপোনে সখি
নীলিম গগণ থিৰ,
থাকো তোক সদা দেখি,
হিয়া মোৰ তোৰ ভাবে ভৰা।
8
নিলগে নিলগে থাক, নিলগতে হাঁহি যার তই।
নিলগতে ভাল পার,
নেজান অন্তৰ মোৰ, কেনে কৰে হেতু তোৰ, -ভাবি মৰে। তোৰ কথা মই।
৫
ফুলনি পোহৰ কৰি,
লাখে লাখে ফুল ফুলি, একেটি জোনলৈ মাথো চায়, তৰাৰ কোলাত বহি, সকলোকে অমৃত বিলায়।
ৰূপহী জোনায়ে হাঁহি,
ৰূপৰ ভঁড়াল এই
সংসাৰ-ফুলনি চাই,
তই কত পার তিৰপিতি!
শান্ত ভেটপাহি দবে,
মই কিন্তু একে থৰে,
তোক চাই পাও মহা প্রীতি।