ই ফুলৰ পৰা সি ফুললৈ উৰি,
গুন্ গুন্ গুন্ সুৰে নাম ধবি, মাতিছা ইটিক, প্ৰেমৰ আলাপে মুহিছা মন, পাইছা অমৃত প্ৰাণৰ ধন ॥ চাইছা সিটিক,
২ 'যাও' 'যাও' কৰি আহিছা তুমি। আকৌ উভতি আহাগৈ চুমি। এখস্তক বোরা, পিছফালে চোর।,
কি হবনো হেবা ফুলটিৰ গতি। হব পোরা এনে নির্দয় অতি?
সদাই সম্বন্ধ বিচ্ছেদ কিবা, প্রাণেৰে প্ৰাণৰ বান্ধোন যিবা। যোর। যোর। যোর!, আহিবা, আহিবা, নহয় খন্তেকীয়া দুদিন থকা।
মৰমৰ কথা মিলনৰ ৰেখা,
সন্ধিয়া।
বঙ্গা মুখে বঙ্গা বেলি মাগিলে বিদায়, দেখা দিয়ে নিমিষতে সন্ধিয়া লুকায়। প্রথম চুমাৰ ৰেখ নৌ পৰোঁতেই, নিঠুৰ বিৰহে তাক মছিয়ে নিলেই। হেঙ্গুলী বিচ্ছেদ-মেঘে অতৰাই ধবে, বিধিৰ লিখন হায়! নলৰে নচৰে।
ই বজ্র বাতৰি তই কত পুহিছিলি, মিঠা মুখে মেঘ হেৰ-শতুক শালিলি। সন্ধিয়া আইটী হায়! মুকলি চুলিৰে, নীৰৱে এন্ধাৰ কৰি বিশ্ব পৰিহৰে। যোৱা আই যোর'। আছে পছিম সাগৰ, বুৰ দি গুচুর। গই সন্তাপ ভাগৰ। আজলী ছোৱালী হায়! সংসাৰৰ মোৰ, নৌ বুজু তেই গল, ইচ্ছা বিধতাৰ।
জোনাকী।
উষাৰ হাঁহিটি বঞ্জিলে পূর্বত। কৰ বা ধেমালি-কথা নিমিষতে নামি বহুধা জুৰিব! প্রকৃতি খন্তেক তধা। সোণালি সোঁতত সাঁতুৰি নাছবি উটি আহে সমীৰণ। প্রকৃতিৰ ঢকাবুকু উদঙ্গাই পিন্ধালে মুকুতা সোণ। পর্ববতে পাষাণে অবণ্যে আকাশে বিলালে স্বর্গীয় বিভা। কণ কণ কণ গছ পাত লতা, আহিছে বাতৰি কিবা! সপোন ৰাজ্যৰ কত যে কুমাৰী মলয়াত উটি আহে, স্বপ্নৰ আবেশে পখিলাৰ দবে নাচি হাঁহি লাহে লাহে। নীল আকাশত বগলী-পাখিৰে মেঘ হে নামিছে ধীৰে, কুৱ'লী বিয়পা স্বৰগৰ দৃশ্য ছয়াময়া গিৰি-শিৰে।
পাহৰা ৰাজ্যৰ এন্ধাৰ চুকত মানস-সৰসী মাজে, প্রফুল্ল অথিৰ আনন্দ কমল অপূর্ব সুন্দৰ সাজে। পাহবণি-কোলে অত দিন পবি আছিল নিমার্তী বীণা- কোনে ভাবিছিল এই বীণাখনি বাজিব নে কোনো দিনা। আজি মাত-ফুটা প্ৰাণৰ বীণৰ তন্ত্রীত পৰিল টান, আকাশী হাতৰ গম পাই উঠি মুকলি হইছে প্রাণ। গুন্ গুন্ কৰি প্ৰাণৰ বীণত বান্ধিছে আশাব সুৰ। স্বর্গীয় ভাবৰ প্রতিধ্বনি তাত, আজি ভাবে ভৰ পূৰ। পাহৰণি পমি মধুৰ ৰূপত মিলি যায় স্মৃতি স'তে। কিবা দৃশ্য আজি মানসৰ তীবে স্বৰগ দেখি আগতে। সঞ্চলিছে ঘনে ভাব-ঢউবোৰ, ধৰিছে মৃদুল তাল। চপলা কল্পনা-কুমাৰীবিলাকে গুথিছে কবিতা-জাল। অফুট সুৰেৰে হাঁহিছে গাইছে শুশুনা স্বৰ্গৰ গীত। ধেমালিৰ প্ৰাণ ধেমালি মগন, হৰিছে মানুহ-চিত। ছায়াময়ী কবিতাৰ আবৰণে শোভে মানসী প্রতিমা, তুলিলৈ সেই হৃদয়ৰ বীণ বৰষিছে মধুৰিমা।
অকলসবীয়া।
অকলই উৰি ফুৰে প্ৰাণৰ পখীটি, কল্পনা-বিহাৰী, নিবজন আকাশেদি। বিশাল ব্রহ্মাণ্ড তাৰ চকুৰ আগত, অনন্ত শূন্যৰ ৰাজ্য জুৰি ওপৰত। শান্ত পৰ্ববতৰ টিং, অৰণ্য, সাগৰ, প্রকৃতিৰ হিয়া যেন বৈৰাগ্য আধাৰ। মানুহবো বাজ্য পৰে চকুত আশেষ, কোলাহল পূর্ণ কিন্তু নিমগ্ন সি দেশ। প্রাণ পখী উটি যায় শূন্য বহুস্তত, লগ হেকরাই মেঘ আকাশ মাজত। উদাস হৃদয় তাৰ অকলৈ আকুল, প্রাণব প্রাণত বাজে বিষাদব সুৰ। জনপূর্ণ নির্জনত কতা লগৰীয়া ? বিশ্ব সংসাৰত হায় অকলসৰীয়া!
সপোন।
আছিলোঁ এদিন ধেমালি মগন, কুমলীয়া বয়সত। নাচি নাচি উৰি পখিলাটি আহি কলেহি মোৰ কাণত- "আমাৰ ই দিন নেথাকে সদাই, কান্দিব লাগিল মিতা।
মউৰ সোৱাদ হাঁহি ধেমালিও, হবহে এদিন ভিতা।" সপোনৰ দৰে উৰি আহিছিল, উৰি গল সিবা কলৈ। এতিয়া দেখিছোঁ তাৰ সেই কথা, ধৰিছে ফলিয়াবলৈ।