shabd-logo

হেমচন্দ্র গোস্বামী।

20 December 2023

0 দৰ্শন কৰা হৈছে 0

অসমীয়া ভাষা।

বর্তমান যুগ।

ইংৰাজ বাজত্বৰ পাতনিবে পবা আজিলৈকে এই যুগেই অসমীয়া সাহিত্যৰ বর্তমান যুগ। ওপৰত উন্মুকিওরা হৈছে, অসমদেশ বহুত দিন মানহঁতৰ অত্যাচাৰৰ তলত আছিল। পিছে ১৮২৪ চনত মানহঁতে ইংৰাজৰ লগত যুজ কৰি হাৰিলত সিহঁতৰ ৰজাই ১৮২৬ চনত, ইয়াণ্ডাবুত সন্ধি কবি, অসম দেশ ইংবাজকে এবি দিয়ে; তেতিয়াৰে পৰা ই ইংৰাজৰ অধীনলৈ আহিল।

মানে ৭৭৮ বছৰ লালিকৈ জুলুম কৰি অসম দেশক এখন মৰিশালিকৈ পেলালে। অসমীয়া মানুহে মোৰ বুলিবলৈ সেই মাবিশালিত, হাড়, মুৰ, ছাই খোলাত বাহিৰে আৰু একো নেথাকিল। ইংরাজে দেশ অধিকাৰ কৰি, মানে এবি থৈ যোৱা সেই হাড় মুৰ বোৰকে গোটাই তাত জীৱন সঞ্চাৰি আকৌ দেশ নকৈ পাতি লব লগা হল। উদাৰ ইংৰাজৰ আহাসুধীয়া বাজনীতিব শীতল ছাঁত আকৌ অসমীয়া মানুহৰ মুখলৈ বস আহিল। সমাজে ঠন ধৰিলে, চাৰিও পোনে দেশ কাল শুঠিল হল। বহুত দিনীয়া মৰ টোপনিত পৰি থকা, অসমীয়া মানুহক, মহামতি ইংৰাজে জগাবলৈ কাৰবাৰ কৰিলে। দেশীয় দুই চাৰি জন মুখীয়াল মানুহক ডাঙ্গৰ ডাঙ্গৰ হাকিম কাম দি, যদিও বিদেশী বজা তথাপি প্রজাৰে সৈতে কেনে সমান ভাৱে ব্যৱহাৰ কৰে তাক দেখুৱালে। আৰু তাত বাজেও অসমীয়া মানুহৰ মাতৃ ভাষাক আদালতব ভাষা কৰি তাৰ আদৰ বঢ়ালে। কিন্তু দুৰকপলীয়া মানুহব ভাষা সবহ দিন এই অবস্থাত থাকিবলৈ নেপালে। অলপ দিনৰ ভিতৰতে তাৰ ভাগ্য লুটি খালে ইংবাজে যেতিয়া অসম দেশ লয়, তেতিয়া অসম আৰু বঙ্গ দেশৰ ভিতৰত অহা যোৱাৰ ইমান সুচল নাছিল। সেই কাৰণে তেতিয়া কোনো ভাল বঙ্গালীয়ে তাত কাম কৰিবলৈকো নগৈছিল। দেশত খাবলৈ নোপোরা, আপোন পেটীয়া, ঢাকা, বঙ্গপুৰ আদি অঞ্চলৰ, কুলাৰ আগত উৰি যোৱা পতানৰ নিচিনা খেচৰ বঙ্গালীহে, তাত কাম বিচাৰি গৈছিল। অসমীয়া ভাষা আদালতৰ ভাষা থাকিলে সিহঁতে কাম কৰিবলৈ টান পাব, সেই বাবেই সিহঁতে ইংৰাজ হাকিম বিলাকক বুজাবলৈ ধৰিলে যে অসমীয়া ভাষা এটা বেলেগ ভাষা নহয়। ই বঙ্গালী ভাষাৰে চহা অৱস্থা মাথোন, আৰু অসমীয়া ভাষাৰে টান টান ভাবৰ একো কথাকে প্রকাশ কৰিব নোৱাৰি।

ইংৰাজ বিদেশী, কি জানে, প্রথমতে গৈ সোমাইছে মাথোন। তাৰ মানুহৰ বীতি নীতি, আচাৰ ব্যৱহাৰ মাত কথাৰ বিষয়ে একো নেজানে। আক বঙ্গালীক অসমীয়াত কৈ বেছি শিক্ষিত বুলি জানে। কাজে কাজেই কেৰাণী কামৰ নিমিত্তে বনাই ফুৰা সেই বঙ্গালী বিলাকৰ কথাকে সাবোগত কৰি, অসমীয়া ভাষাক ১৮৩৬ চনত আদালতৰ পৰা বাজ কৰি, তাৰ ঠাইত বঙ্গালী ভাষাক বহুরালে। ইংৰাজ ৰাজত্বৰ এটা মূল নীতি সাধাবণব শিক্ষা বহলাই মানুহক জ্ঞানৰ পোহৰলৈ অনা, সেই নীতি অনুসাবে অসমীয়া মানুহৰ মাজতো জ্ঞানৰ পোৰ সুমাবলৈ কাৰবাৰ কৰিলে। এই উপলক্ষে অসমৰ ডাঙ্গৰ ইংৰাজ বিষয়া সকলৰ মাজত আলচ হল। অসমীয়া মানুহক অসমীয়া ভাষাবে শিকোরা হব নে, বঙ্গালী ভাষাবে শিকোরা হব। যি সকলে বঙ্গালীক কটকী পাতি অসমীয়া ভাষাৰ ভু লৈছিল, সিবিলাকে বঙ্গালী ভাষা, আৰু যিবিলাকে নিজে ভাবি চাই অসমীয়া ভাষাক বঙ্গালী ভাষাৰ পৰা বেলেগ আক বহুত আঁতৰ দেখিছিল, সি বিলাকে অসমীয়া ভাষা বুলি কলে।

কিন্তু দুর্ভাগ্য গতিকে সাধাবণ শিক্ষাব ভাব আগৰ শ্ৰেণীৰ মানুহৰ ওপৰত থকাত, অসমীয়া মানুহৰ লৰাৰ পঢ়াশালিত, অসমীয়া ভাষা নহৈ বঙ্গালী ভাষা শুমুরা হল। এই দৰে অসমীয়া ভাষাক আদালত আৰু পড়াশালি দুই ঠাইৰ পৰা খেদাই দিয়া হল। অসমত বঙ্গ ভাষাৰ ৰাজত্ব আবস্ত হল।

জাকে জাকে খাবলৈ নোপোৱা বঙ্গালী কেবাণী, আৰু বঙ্গালী ইস্কুল মাষ্টৰ লৰা তিৰোতা বুকত বান্ধিলৈ অসমত হাজিব হল গৈ। ইপিনে অসমীয়া মানুহে সাজ সজুলি, ওহল মাহল লৈ, কানি পান কৰিবলৈ, কানি খোলাৰ ওচৰত বহিল। অসমীয়া ভাষাৰ সলনি, অসমীয়া পঢ়াশালিত বঙ্গালী ভাষা সুমুৱাত, অসম দেশৰ যে কিমান হানি হল তাক কৈ কোনে ওব পেলাব। প্রথমতে দেশী মানুহৰ মুখৰ ভাত। পঢ়াশালি আৰু আদালতৰ ভাষা কাড়ি নি বিদেশীক দিয়া হল। অসমীয়া ভাষা থকা হলে বহুত অসমীয়া মানুহে আদালতৰ কামত সোমাই জীবিকা আর্জ্জিব পাৰিলে হেতেঁন। আমাৰ দুখীয়া দেশৰ ধন, দুখীয়া দেশতে বল হেতেন। কিন্তু বঙ্গালী ভাষা হোৱাত অসমীয়া মানুহে, তেনে কাম পাব নোৱাৰা হল আৰু অসমৰ টকা বঙ্গালীৰ ভোজ হল। 

তেতিয়াই অসমত বঙ্গালী যি সোমাল আজিলৈকে তাৰ সোঁত চলি আছে। আৰু সেই কাৰণেই আজি বঙ্গালীয়ে এটাইবিলাক কামৰ মূৰত বহি, এনেকৈ তিখিল ঘিলাব পাৰিছে। আজি কালি অনেক অসমীয়াই ইচ্ছা কৰে যে দেশৰ ডাঙ্গৰ ডাঙ্গৰ কাম বিলক দেশীয় মানুহে পাওক। কিন্তু কি হব অসমীয়াৰ গুৰি ধৰোঁতা কোনো নাই। তেতিয়া অসমীয়া ভাষাৰ সলনি বঙ্গালী ভাষা নচলোরা হলে, অসমীয়া মানুহৰ আজি কালি এনেকুরা দশা হবলৈ কেতিয়াও নেপালে হেঁতেন। দ্বিতীয়ত অসমীয়া মানুহৰ বিন্ধা বুদ্ধি সকলো সীমাবদ্ধ হল। গবর্ণমেন্টে সাধাৰণ শিক্ষা বহুলাবৰ নিমিত্তে যিমান চেষ্টা কৰিলে সকলো বিফল হল। এটা আচহুৱা খোচৰ ভাষাত পৈনত হৈ জ্ঞান আজ্জিব লগা হোৱাত, জ্ঞাননো কি, অসমীয়া মানুহে গন্ধকে নেপালে। আৰু ৩।৪ বছৰ পড়ি যি ভাষা শিকিছিল, তাকো শুনিলে হাঁহি উঠে। চিৰ স্মৰনীয় স্বর্গীয় আনন্দৰাম ঢেকিয়াল ফুকনে, সেই কালৰ কোনো পঢ়াশালিৰ ওপৰ শ্ৰেণীৰ ছাতব এজনক এই কথা কেই শাৰী বঙ্গালী ভাষালৈ নিবলৈ কলে "ইয়াত বহুত লৰা গোট খাইছে, আমি সম্ভবতঃ এই দেশ এবি আন দেশলৈ যাব লাগিব। দুখীয়া মানুহ বোৰে ভাত মোকোলাবলৈ অপৰিমিত পৰিশ্ৰম কৰে।" পিছে বঙ্গলা ভাষাত শিক্ষিত ছাত্র জনে তাৰ এনে বঙ্গলা কৰিলে-"অহং স্থানতঃ অনেক বালক স্থিত হৈছে। অহ গ্রাম ছাড়ি ভঙ্গ হইয়া গমন কৰা হইল। দীন হীন ব্যক্তিয়ে নিতো বৃহত কৰ্ম্ম কৰে, আৰু অন্ন উলিয়াই" এনেকুরা ভাষা শিকোতেই ৩।৪ বছৰ গল; তাৰ পিছত জ্ঞান অর্থ্যা। অসমীয়া মানুহৰ জ্ঞানৰ হেঁপাহ, আজি কালিয়েইনো কিমান। তাৰ পৰাই সেই কালৰ মানুহৰ মনৰ অৱস্থা বুজি লব পাৰি। এই দবে তিনি চাৰি বছৰ এনেকুৱা ভাষা শিকোতেই হাইৰাণ হৈ ছাতৰে পঢ়াশালিক চিৰকালৰ নিমিত্তে নমস্কাৰ কৰে। ইপিনে আন আন দেশৰ লৰাই নিজ মাতৃ ভাষাৰ ভিতৰে গৈ জ্ঞান আঞ্জিব লগা হোৱাত দোপত দোপে উঠি গৈ ইংৰাজী সাহিত্য আৰু বিজ্ঞানৰ সোৱাদ ললে গৈ। অসমীয়া লৰাৰ জ্ঞান অজ্জা সেই, কুকুৰা ঠেঙ্গিয়া আখৰ লেখা, যোটাই যোটাই কিতাপ পঢ়া, আৰু দুটা চাৰিটা বঙ্গালী শব্দৰ মানে শিকাতে লাগি বল।

তেতিয়াই যি অসমীয়া, ভাৰতবৰ্ষৰ আন জাতি বিলাকৰ পাছ পৰিল, আজি লৈকে আৰু তাক পুৰাৰ পথা নাই। অসমীয়া ভাষাৰে অসমীয়াক সাধাৰণ শিক্ষা দিবলৈ হোরা হলে, কেতিয়াও এনে দূৰবস্থা নহল হেঁতেন। আৰু এই বোৰ অপকাৰৰ বাহিৰেও বহুত তৰল মতীয়া অসমীয়া মানুহৰ মাতৃ ভাষালৈ শ্রদ্ধা কমিল। তেওঁবিলাকৰ বিশ্বাস হল, বঙ্গালী ভাষা, সাধু ভাষা, এই গুণে হে আমাক বঙ্গলা।

পঢ়িবলৈ দিছে। এই বিশ্বাসটো মনত ঠাই লৈ বহাত, মানুহে ঘকরা কথাবার্তা কওঁতেও তাৰ মাজত দুটা চাৰিটা অশুদ্ধর্কৈ' উচ্চাৰণ কৰা বঙ্গালা শব্দ সুমাই, কথা পতাটোও বৰ গৌৰবৰ কথা যেন ভাবিছিল, এনে আওকণীয়াৰ সচৰ আজি লৈকে তেনেই পিৰি উঠা নাই। অলপতে এজন অসমীয়। মানুহে আন এজন গণ্য মান্য অসমীয়া মানুহৰ সৈতে দেখা কৰিবলৈ আহিছিল। আমি যিমান দূৰ জানো মানুহ জন নিখুঁত অসমীয়া। তেওঁব কোনো পুকষতে বঙ্গালীৰ সৈতে লেত পেত হোৱা নাই। পিছে মানুহ জনে আনজন অসমীয়া মানুহৰ লগত বঙ্গলা ভাষাত কথা পাতিবলৈ ধৰিলে। আন জনেও ইচ্ছা নথকাতো, বঙ্গলা ভাষাৰে উত্তৰ দিবলৈ বাধ্য হল। আমি শুনি অবাক। এই মানুহ জনব মনত বঙ্গালী ভাষা সাধু ভাষা বুলি বিশ্বাস নথকা হলে, অসমীয়া মানুহৰ লগত কথা কওঁতে কেতিয়াও তেওঁ বঙ্গালী ভাষা নবকিলে হেঁতেন। আমি শুনি আচাৰত হৈছে।, অলপতে হেনো আক এজনে পপীয়া তৰাৰ নিচিনাকৈ মুখ পোহবোরা, নিখুঁত অসমীয়া ডাঙ্গায়াই কিবা এটা কথাত, অসমীয়া ভাষাক তেওঁৰ এলাগী তিৰোতা পাতি, বঙ্গালা ভাষাকতে লাগী ঘৈণী বুলিবলৈ ভাল পাইছিল। অসমীয়া মানুহৰ মনত এনেবোৰ বিজাতীয় ভার ওপজাৰ ঘাই কাৰণ, সেই কালত অসম দেশত বঙ্গালা ভাষা সুমুৱাই নহয় নে?

অসমীয়া ভাষাৰ বদলি আদালতত বঙ্গালী ভাষা সুমুৱাতে। যে কম হানি হল এনে নহয়। প্রথমতে দেশৰ ডাঙ্গৰ ডাঙ্গৰ কাম বিলাক বিদেশীৰ হাতলৈ গল। দ্বিতীয়তে আদালতৰ ভাষ্য সবসাধাৰণৰ প্ৰতি এটা দোৱানৰ নিচিনা হৈ পৰিল। সেই কালত সৰহ ভাগ আমোলা ৰংপুৰ, ঢাকা আদি পূর্ববঙ্গৰ মানুহ আছিল। স্বভারতেই তেওঁবিলাকৰ ভাষাৰ লগত অসমীয়া ভাষ্য মিহলি হৈ আদালতত এটা অপূৰ্বৰ ভাষাৰ সৃষ্টি হল। শুদা অসমীয়া জনা বা শুদা বঙ্গালী জন্য মানুহৰ পক্ষে এই আদালতৰ ভাষা এটা অবোধ্য ভাষ্য হৈ পৰিল। তেতিয়াৰ পৰা আদালতৰ ভাষা আজিলৈকে, এটা বঙ্গালী ফার্চি অসমীয়া হিন্দাৰ খিচিৰি ভাষা হৈ চলি আহিছে। সেই বাবেই পুৰণা শ্রেণীৰ মানুহে, আজি কালিও অসমীয়া লেখিবলৈ হলে আদালতৰ ভাষাৰে খিচিৰি পগায়।

তৃতীয়তে-অসমীয়া সৰ্বসাধাৰণ ৰায়তৰ কষ্টৰ সীম। নাইকিয়া হল। ৰজাৰ আগত প্ৰজাই যত দুখৰ কথা গোচৰ কবে, তাকে আদালত বোলে। এই আদালতত বিদেশা ভাষা হোৱাত, দুখীয়া ৰায়তে যত উকিল নধৰাকৈয়ে অনেক সময়ত হাকিমৰ আগত দুখৰ কথা জনাব পাৰিলে হেতেন, তেনে সামান্য কথা এটা জনাবলৈকো, পয়চা দি উকিলৰ সহায় লব লগা হৈছিল, আৰু অনেক সময়ত উকিল ধৰিবলৈ পয়চা নথকাত, দুখৰ কথা হয়তো বজাক জনাবও নোরাবিছিল। বঙ্গালী ভাষা, ৰজাৰো ভাষা নহয়, প্রজাবো ভাষা নহয়। এনে স্থলত, এই দুই পক্ষৰ নজনা ভাষাৰে দুয়ো দুইকো বুজিব লগা হোরাত কিমান অসুবিধা হৈছিল, তাক বুজিবলৈ বহুত গমি নেচালেও হয়। যদিও আমাৰ পঢ়াশালি আৰু আদালতত অসমীয়া ভাষাৰ সলনি বঙ্গালী ভাষা শুমুরাত আমাৰ ইমান বোৰ চানি হৈছিল, তথাপি হক কথা কবলৈ গলে, আমি সেই বাবে ইংৰাজ শাসন প্রণালীত দোষ দিব নোৱাৰোঁ। কিয়নো ইংৰাজ গবর্ণমেন্টে, ১৮৩৭ চনত পাচ হোরা ২৯ আইন অনুসাবে, সকলো স্থানীয় গবর্ণমেন্টকে আন ভাষাৰ সলনি দেশীয় ভাষা চলাবলৈ পূৰা অধিকাৰ দিছিল। আৰু সেই নিয়ম মতে বঙ্গদেশ আক হিন্দুস্তানৰ স্থানীয় গবর্ণমেন্টে, সেই সেই দেশত নিজ মাতৃ ভাষাৰে সাধাৰণক শিক্ষা দিবৰ উপায়ো কৰিছিল। আমাৰ দেশব স্থানীয় গবর্ণমেন্টে ইচ্ছা কৰা হলে অসমীয়া ভাষাও চলাব পাৰিলেহেঁতেন। অসম গবর্ণমেণ্টৰ অজ্ঞতাৰ দোষতেহে অসমায়! ভাষাৰ এনে লৈ লৈ থৈ থৈ অবস্থা হৈছিল।

অসমৰ ইংৰাজ হাকিম সকলে স্বাৰ্থপৰ বঙ্গালী বিষয়াবিলাকৰ টুটকীয়া কথা শুশুনি নিজে বিচাৰ কৰি চোরা হলে, তেওঁ বিলাকে কেতিয়াও অসমৰ আদালত আক পঢ়াশালিত অসমীয়া ভাষাৰ সলনি বঙ্গালী মুহুমালে হেঁতেন। সকলো আমাৰ মানুহৰে দুৰ্দ্দশা বুলিব লাগিব। এই দৰে বঙ্গালা ভাষাই অসমৰ পঢ়াশালি আৰু আদালত, ১৮৭১ চন লৈকে একছত্র বাজত্ব ভোগ কৰিছিল। কোনো অসমীয়া মানুহে তেও বিলাকৰ মাতৃ ভাষাৰ হকে ওঠ লবোরাও নাছিল। যি হক, এনেতে বোধকৰে। অসমীয়া ভাষাৰ প্রতি বিধি প্রসন্ন হল। বহুত দিনীয়া নিকাব ভুঞ্জাব পাছত তাৰ পৰিত্ৰাণৰ দিনে আকৌ ভুমুকি মাৰিলেহি। ১৮৭৮ সনত আমেৰিকাৰ জগত বিখ্যাত ব্যাপ্টিস্ট মিচন চোচাইটিৰ সভ্য সকলে শুভ লগ্নত আহি অসমত ভবি দিলেহি। আকৌ অসমীয়া ভাষাৰ কপাল ফুলিবৰ আগন্তুক হল। এই পাদুৰী চাহাব সকল এন্ধাৰ অসমত খৃষ্ট ধৰ্ম্মৰ পোহৰ সুমাবলৈ আহিছিল। তেওঁ বিলাকে ভাবি চিন্তি দেখিলে, ভাষাৰ হুমাও শুমাও চাকিটিত তেল নিদিলে খৃস্ট ধৰ্ম্মৰ আলোকে মানুহৰ মন পোহৰ কৰা টান হব। কাজেই অসমীয়া ভাষাৰ শলিতা গছিৰ গুড়িত তেল ঢালিবলৈ তেও বিলাক সাজু হল। উজনীৰ শিৱসাগৰত দুখন ছাপাখানা পাতি, দুখন এখনকৈ অসমীয়া ভাষাত খৃষ্ট ধৰ্ম্মৰ বিষয়ে সক সক, পুথি ছপাই, তেও বিলাকে মানুহৰ মাজত বিলাবলৈ ধধিলে। 

আৰু তাৰ লগে লগে দুখন চাৰিখন অসমীয়া সাহিত্যৰ বিষয়ে পুণি লেখিও অসমীয়া সাহিত্য ভঁৰালত জাপিবলৈ আৰম্ভ কৰিলে।,

ইয়াতে শ্ৰীৰামপুৰৰ পাণ্ডুৰী চাহাব সকলেও সেই উদ্দেশ্যেৰেই, অসমীয়া ভাষাৰ ফাললৈ চকু দিলে। তেও'লোকে কলিয়াবৰৰ এজন আত্মাৰাম শৰ্ম্মা নামেৰে অসমীয়া পণ্ডিতক শ্ৰীৰামপুৰলৈ নিয়াই, তেওৰ হতুৱাই গোটেইখন বাইবেল পুথি অসমীয়া ভাষালৈ ভঙ্গাই ১৮১৩ চনত ছাপা কৰি উলিয়ালে। ১৮৪০ চনত মাননীয় ৰবিষ্কর্ম চাহাবে এখনি অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰিলে। এই খনিয়েই অসমীয়া ভাগাৰ প্ৰথম ব্যাকৰণ।

১৮৪৬ চনত শিৱসাগৰৰ পাণ্ডুৰী চাহাব সকলে গোট খাই অকণোদয় নামেৰে এখনি বহুমূলীয়া মাহেকীয়া কাকত প্রকাশ কৰিলে। এই খনি অসমীয়া ভাষাত প্রথম বাতৰি কাকত, আক সমালোচন।। এই কাকত খনিত সাহিত্য, বুৰঞ্জী, বিজ্ঞান, ধেমেলীয়া কথা আদি সকলো বিধ প্রস্তাবৰ আলচ কৰি আৰু তাত নানা তৰহৰ বাতৰি প্ৰকাশ কৰি চুকৰ ভেকুলীৰ নিচিনা অসমীয়া মানুহক পাশ্চাত্য সভ্যতাৰ পোহৰলৈ আনিবলৈ পাদুৰী চাহাব সকলে নথৈ চেষ্টা কৰিচিল। অকণোদয় অসমৰ ডাঙ্গৰ সৰু সকলো শ্ৰেণীৰ মানুহৰ মনতে আশেল তোলৰ বস্তু হৈ উঠিছিল কোনো পুৰুষত বাতৰি কাকতৰ সোৱাদ নোপোৱা অসমীয়া মানুহেও বৰ হেঁপাহেৰে অৰুণোদয় পঢ়িছিল। আৰু মানুহৰ মনত ই ইমান দকৈ শিপাইছিল যে, আজি- কালিও লেখা পড়া নজনা মানুহে যেই সেই বাতৰি কাকত দেখিলেই "অঙ্ক- গোদয়” বুলিহে কয়।

১৮৪৮ চনত মাননীয় ব্রাউন চাহাবে "Grammatical Notes of the Assamese Language" বুলি ইংৰাজী ভাষাত এখনি অসমীয়া ভাষাৰ ব্যাকৰণ প্রকাশ কৰিছিল। এই খন অসমীয়া ভাষাৰ দ্বিতীয় ব্যাকৰণ। ১৮৫৮ চনত মাননীয় ব্রণচন সাহাবে এখন অসমীয়াৰ পৰা অসমীয়া আৰু ইংৰাজী অভিধান গোটাই প্রকাশ কৰে। এইখনেই অসমীয়া ভাষাৰ প্ৰথম অভিধান। দুখৰ বিষয়, এই খনেই আমাৰ ভাষাত শেষ অভিধান হব লগীয়া হৈছে। মিঃ ব্ৰণচনৰ অভিধান খন অসমীয়া ভাষাৰ আজিকালিও এটাই বোৰ অভাব গুচাব পৰা নহল। তেতিয়াৰ পাছৰী চাহাব সকলে অসমীয়া ভাষাৰ আখৰ যোঁটনি বিষয়ে কিছুমান ভূল কৰিছিল। সেই ভুল বিশ্বাস অনুসবিয়েই এই অভিধান খনিটো আখৰ যোটোৱা হৈছে। আহাশুধিয়া আৰু পৰোপকাৰী পাদুৰী সকলে এই দৰে অকল অসমীয়া ভাষাত ব্যাকৰণ, অভিধান, মাহেকীয়া কাকত উলিয়ায়ে যে ক্ষান্ত আছিল এনে নহয়। 

যি যি বিষয়তে সাহিত্য অলপ নিচলা আছিল। সেই সেই বিষয়তে তাক পূৰঠ কৰিবলৈ প্ৰাণ টাকি চেষ্টা কুৰিছিল। আৰু তাৰ বাহিৰেও গবর্ণমেণ্টৰ মনৰ পৰা অসমীয়া ভাষা বঙ্গালী ভাষাৰ চহা অৱস্থা, এই ভুল বিশ্বাসটো দূৰ কৰিবলৈ বঙ্গালী ভাষা আৰু অসমীয়া ভাষাৰ মাজত থকা মনিব নোৱাৰা প্রভেদ বিলাকো গবর্ণমেন্টৰ আগত ফটফটিয়া কৈ দেখুৱাই ছিল। তেও বিলাকে অসমীয়া ভাষা এটা যে স্বতন্তৰীয়া ভাষা, এইটো প্রমাণ কৰিবলৈ বঙ্গালী বিষয়া সকলৰ কথাকে নকও, খোদ গবর্ণমেন্টে সৈতেও যুক্ত কৰিব লগা হৈছিল। তেও বিলাকে শিক্ষা বিভাগৰ ডাঙ্গৰ বিষয়া বিলাকৰ চকুত আঙ্গুলী দি, অসমীয়া ভাষা অসমৰ মানুহৰ মাতৃ ভাষা, এতেকে সিহঁতক অসমীয়া ভাষাবে শিক্ষা দিয়াহে যুগুত আৰু সম্ভর, এই কথা বুজাই দিবলৈকো অসীম পৰিশ্ৰম কৰিব লগীয়া হৈছিল; দুখৰ বিষয় তেও' বিলাকে পাছৰী চাহাব সকলৰ কথালৈ অলপো কাণ দিয়া নাছিল। অনেক মানুহ আছে সিহঁতে কাৰণ নুবুজাকৈয়ে অনেক কাম কৰে আৰু আনে উপযাচি তাৰ কাৰণ বুজাই দিলেও বুজনি লবলৈ লাজ পায়। এনে বিধ মানুহ যদি কেনেবাকৈ ক্ষমতা- শীল হবলৈ পায়, তেনেহলে আৰু সিহঁতৰ উদ্ভণ্ডালিত পৃথিবীয়ে হেন্দোলদোপ কৰিবলৈ ধৰে; সিহঁতে নিজৰ স্বার্থ নেপাকিলেও আনৰ অপকাৰ কৰি ক্ষমতাৰ আপচু ব্যৱহাৰ কৰাটোকে জীৱনৰ সকাম বুলি ভাবে। অসমৰ সেই কালৰ শিক্ষা বিভাগৰ গৰাকী বিলাকৰো অনেকেই এই শ্রেণীৰ মানুহ আছিল। তেও বিলাকে অসমীয়া ভাষা, অসমীয়া মানুহৰ প্ৰতিনো কিমান লাগতিয়াল তাক বুজিও মুবুজাৰ ভাও ধৰিছিল।

পিছে পাছৰী চাহাব সকলে যেতিয়ালৈকে অসমৰ অদালত আক পঢ়াশালিৰ পৰা বঙ্গালী ভাষাক খেদাই তাৰ ঠাইত অসমীয়া ভাষাক বহুৱাব নোৱাৰিলে, তেতিয়ালৈকে গবর্ণমেণ্টৰ সৈতে ঘোৰ বাক-বিতণ্ডা কৰিলে। আক ১৯৭১ চনত অসমীয়া ভাষাক আকৌ আগৰ ঠাইত যেতিয়া বহুরালে তেতিয়াহে তেও বিলাক শান্ত হল। শিৱসাগৰৰ পাছৰী চাহাব সকলে অসমীয়া ভাষাৰ শব্দাৱলীত বহুত পোহৰ দিলে। তেও বিলাকে ইংৰাজী শব্দৰ ভাব লৈ বহুত অসমীয়া শব্দ গড়িলে। আৰু তাতকৈও অসমীয়া ভাষাৰ যিবোৰ মিঠ। মিঠা শুরলা শব্দত ব্যৱহাৰ নকৰাত মামৰ বন্ধ গৈছিল, সেই শব্দবোৰ ঘাঁহি মাজি পাদুৰী চাহাব সকলে আকৌ ব্যৱহাৰৰ উপযুক্ত কৰিলে। এই কাৰণে অসমীয়া ভাষাই কেতিয়াও পাদুৰী চাহাব সকলৰ গুণ নোলোৱাকৈ থাকিব নোৱাৰে। কিন্তু তেও বিলাক বেলেগ ধৰ্ম্মী, বেলেগ আচাৰী, বিদেশী মানুহ বাবে, যিমানকৈয়ে অসমীয়া ভাষা শিকক নিশিকক, ভাষাৰ স্বাভাবিক গুণ বিলাক (Idioms) অলপহে অধিকাৰ কৰিব পৰিছিল।

তেও বিলাকে কিতাপত আৰু বাতৰি কাকতত যি ভাষা লেখিছিল, সেইটো অসমীয়া ভাষাৰ সহজ অবস্থা নহয়। তেও বিলাকৰ ভাষাটোক আমি "খুন্তিয়ানী অসমীয়া" বুলিব পাৰোঁ। কোনো অসমীয়া মানুহে তেনে ভাষা নকয় বা নেলেখে। আপোনাসকলে মোৰ কথাটে। ভালকৈ বুজিবৰ নিমিত্তে মই এই খিনিতে তেওঁ বিলাকৰ ভাষাৰ চানেকিৰ টোকা তুলি শুনাও।"মৰণৰ ভই হেল। কৰা এজনৰ কথা। কঙ্গাবি দেশৰ এজন খ্রীষ্টিয়ান বজাই এদিন আপোনাৰ মনত বৰ বিয়াকুল পাইচিল। তেনেতে ৰজাৰ ভায়েকে তেওঁত সুধিলে, তোমাৰ মনত কিয় এনে চিন্তাৰ বিয়াকুল হৈছা? তাতে ৰজাই মাত লগাই কলে, হে ভাই। পৰম ঈশ্বৰৰ আগত মই মহ। অপৰাধী হৈছোঁ, সেই নিমিত্তে মবণ আৰু বিচাৰৰ সময়ত ঈশ্বৰৰ সাক্ষাতে থিয় হব লাগিব। এই দুই কথাত মোৰ মনত অতি ভই জনমিচে। তাতে বজাৰ ভায়েকে হাঁহি কলে এনে বিষয়ত চিন্তা কৰা আপোনাৰ উচিত নহয়। ইয়াতে কেবল মনৰ সুখ হে গুচে। তাতে ৰজাই একো উত্তৰ নকৰি ভায়েকক কুশলে বিদায় দিলে।" আৰু এডোখৰ পদ্ম শুনক:- "গীত। মই কোত জীবণি পাও, ক্লান্ড হৈ মনৰ বিশ্রাম; সাগৰ বা দ্বীপৰ সীমালৈ বিচাৰিলে নেপাম। যি সুখ বিচাৰো মই, সংসাবত নাই উতপন, আয়ূসৰ পাচত আয়স বই, মৰণৰ পাচ মৰণ।" তেও বিলাকৰ লেখাত কেনে এটা কোমল ভাব আছে দেখিছেনে? ভালকৈ মাত মুফুটা কেচুৱা লৰাৰ মাতত যেনে এটা মনমোহা শুরলা ভাব আছে, এই পাদুৰী চাহাব সকলৰ ভাষাতো তেনেকুরা এটা ভাব নাই নে বাক; আমাৰ ভাষাৰ শব্দাবলীত সংযুক্ত আখৰব শব্দ সবহ নথকাত সি স্বভারতেই কোমল, আক মিঠা, তাতে আকৌ পাছৰী চাহাব সকলৰ মুখৰ পৰা এধা ফুটা এধা মুফুটা হৈ ওলোরাত, সি আক কেনে সোৱাদ হৈছে। তেও বিলাকৰ ভাষাই কিন্তু অসমীয়া সাহিত্যক অলপো উজুৱা কৰিব নোৱৰিলে। তেও বিলাকৰ ভাষা তেও'বিলাকতে লাগি বল। তেও বিলাকৰ ভাষাৰ যিটো Spirit সিহে অসমীয়া সাহিতা গোটেইটোত বিয়াপিছে। পাদুৰী চাহাব সকলে অসমীয়া সাহিত্যৰ আৰু এটা উপকাৰ কৰি গল। সি তেও' বিলাকে কৰা সকলো বোৰ কামতকৈ ডাঙ্গৰ।

অভিধান ছপোরা, ব্যাকৰণ উলিওৱা, বাতৰি কাকত প্ৰকাশ কৰা সকলো বোৰত কৈ সি প্রধান। আন কাৰণে নহলেও অসমীয়াই অসমীয়া ভাষা জগতত পাকে মানে, সেই এটা কামৰ পৰাই পাদুৰী চাহাব ইতৰ গুণ নকৈ থাকিব নোৱাৰে। 

সেইটি আৰু একো নহয়। তেও বিলাকে আমাৰ ভাষাক এটা শুব শিকাই গল। এই সুৰটি আগেয়ে অসনায়া ভাঙ্গই নেজানিছিল। ভাৰতবৰ্ষৰ কোনো ভাষাই নেজানিছিল। সি ইংৰাজী সাহিতাব নিজা সম্পত্তি। তাক পাছৰি চাহাব সকলে সাত সাগৰ তেৰ নৈ পাৰ কৈ আনি ভাৰতবৰ্ষৰ ভাষ্য বিলাকক শিকাই দিলেহি। এই সুৰৰ তাঁৰ ডালিয়ে, ভাৰতবর্ষীয় সভ্যতা (আর্য্যামি) আৰু পাশ্চাত্য সভ্যতা (চাহাবানি) দুইবো মাজত লগুণ গাঁধিৰ নিচিনা হৈছে। বর্তমান যুগৰ ভাৰত- বর্ষীয় আন আন সাহিত্যৰ দৰে, অসমীয়া সাহিত্যব্যে যতে ঢোকৰ মাৰা, এই বিলাতী সুৰটিৰ গুন গুননি শুনিবলৈ পাৰা। তুমি সেই সুৰাটৰ স্বভাব মুবুজিব পাৰা, কিয়নো তুমি এই স্নবটি উপজিবৰে পৰা শুনি ডাঙ্গৎ হৈটা। কিন্তু শঙ্কব দেরক মাতি আনা, মাধরদেরক মাতি মানা, তেও বিলাকে ততালিকে বুজাই দিব, আঙ্গুলীৰে ধৰি দেখুৱাই দিব, যে এইটে। ভাবতবর্ষীয় সুৰ নহয়, বিলাতী সুৰ।

আজি কালি আমি সমাজৰ যেই ফাললৈ চকু দিও, সেই ফালেই এই আব্যামি আৰু চাহাবানিৰ মধুৰ সংযোগ দেখিবলৈ পাও। অনেকে এই বনকুৱৰীৰ ওচৰত ঢালে তৰোৱানেৰে বীৰ পুরুষ জনক দেখি ভয়ত অজ্ঞান হয়। আমি তেও বিলাকক কও, ভাবতবর্ষীয় সভ্যতা আক পাশ্চাত্য সভ্যতা দুইটা মিহলি হৈ যি সভাত জন্মিব, সেই সভ্যতাই যুগমায়া সভ্যতা। এই বনকুৱৰীৰ ওচৰলৈ চালে তবোৱালে এই বীৰ পুৰুণ জনক অনা বাবে পাদুৰী চাহাব সকল অমর হব। আৰু তেও' বিলাকেছে অসমীয়া ভাষাক ইংৰাজা সাচত ঢালি এই সম্বন্ধটি ঘনিষ্ঠ কৰিলে, তাৰ বাবে তেও বিলাক অসমীয়া মানুহৰ চিৰস্মবনীয় হৈ থাকিব। শিৱসাগৰব পাস্তুবা সাহাব সকলৰ ওচৰত যে অসমীয়া ভাষা কিমান ধকরা, তাক কৈ অন্ত কৰিব নোৱাৰি। তেও বিলাকে অসমীয়া ভাষাক বব অসময়ত সহায় কৰিছে। উচুতিয়া নেমাতি হক কথা কবলৈ হলে, ব্যেপ্টিষ্ট মিচনব এই সমজুৱা সকলে আমাৰ ভাষাক আৰু সাহিত্যক মৰণৰ হাতৰ পৰা বক্ষা কৰিলে। এই যে নুমাব খোজা অসমীয়া সাহিত্যৰ শলিতা গছি আকৌ ঢিমিকি জ্বলিছে, সি কেরল পাছৰী চাহাব সকলে উচিত সময়ত গুৰিত যি তেল ঢালিলে, তাৰ বলতহে। নতুবা অসমীয়া ভাষা, অসমীয়া সাহিত্য, কি জানি একেবাবেই লোপ পালে হেতেন। একেবাৰেই লোপ নেপালেও নগা মিকিৰৰ দোৱানৰ নিচিনাই এটা দোরান হল হেতেন। এনে দুর্ভাবনা ভাবিব পাৰি, শির- সাগৰৰ মিচনেৰি সকলে এইদৰে অসমীয়া ভাষাৰ নিমিত্তে যুজ কৰোঁতে দুজন এজন দেশীয় ডেকায়ো তেও বিলাকক বৰ সহায় কৰিছিল। সেই সকলৰ ভিতৰত সকলোতকৈ প্রধান স্বর্গীয় মহাত্মা আনন্দ ৰাম ঢেকিয়াল ফুকন।

১৭৫১ শকত আহিন মাহত ফুকনৰ জন্ম হয়, তেও ১৮৪১ চনলৈকে গুৱাহাটিৰ ইংৰাজী স্কুলত পঢ়ি তাৰ পিচত কলিকতালৈ গৈ তাৰ হিন্দু কলেজত নাম লগাই, তিনি বৎসৰ মাথোন পঢ়িবলৈ পালে। আনেক কাৰণত সোনকালে অসমলৈ উভতি আহিব লগাত পৰিল। ফুকনৰ জ্ঞান আজ্জিবলৈ বৰ হেঁপাহ আছিল। তেও কলেজ এবি কলিকতাৰ পৰা গুচি আহিলেও ঘৰত আহি পঢ়া শুনা এৰি দিয়া নাছিল। তেওঁ গুৱাহাটিৰ শুনিপুণ পাছৰী ব্লেণ্ড চাহাবৰ ওচৰত আকৌ ইংৰাজী পঢ়িবলৈ ধৰিলে। আৰু অলপ দিনৰ ভিতৰতে সকলোৱে জনা শুনা এজন বিখ্যাত লোক হৈ উঠিল। তাৰ পিছত ফুকনে আইন পঢ়িবলৈ ধৰে। অলপ দিনৰ ভিতৰতে আইন কানুনতো পকা হৈ উঠে।

অত দিনে কিন্তু ফুকনে অসমীয়া ভাষাৰ বিষয়ে একো ভবা নাছিল। পাডুবী চাহাব সকলে অসমীয়া ভাষাৰ নিমিত্তে ইমান কৈ যতন কৰা দেখি ফুকনেও ভাবি চাই জানিলে, অসমীয়া ভাষাৰ উন্নতিৰ বাহিৰে অসমীয়া মানুহৰ উন্নতিৰ বাট নাই। সেই দিনৰ পৰা ফুকন পেটে সৈতে অসমীয়া ভাষাৰ ভকত হল। শির- সাগৰৰ পাছৰীবোৰে সৈতে একেগোট হৈ "অকণোদয়ত" অসমীয়া ভাষাৰে উপদেশ পূৰ্ণ ৰচনা লেখিবলৈ ধৰিলে। অসমীয়া মানুহক ইংৰাজী সাহিত্য আৰু বিজ্ঞানৰ শিক্ষাৰে চিনাকী কৰিবৰ মানেৰে ফুকন ডাঙ্গৰীয়াই ১৮৪৯ চনত "অসমীয়া লৰাৰ মিত্র" নাম দি কেবা খনিও সাৰ গর্ভ পুথি লেখিবলৈ ধৰে, আৰু অসমত থকা ডাঙ্গৰ ইংৰাজ হাকিম সকলৰ আৰু দেশীয় ভাল ভাল মানুহ সকলৰ পৰা পচা তুলি তাৰে সেই দুখন পুথি প্রকাশো কৰিছিল। অসমীয়া মানুহৰ আগ্রহ নেদেখি আৰু গবর্ণমেন্টেও সহায় নকৰাত তেওঁ আৰু তাৰ তৃতীয় ভাগ প্রকাশ নকৰিলে। ফুকনৰ “অসমীয়া লৰাৰ মিত্রব" নিচিনা কিতাপ অসমীয়া ভাষাত আজিলৈকে ওলোৱা নাই বুলিলেই হয়। বঙ্গদেশত পণ্ডিত ঈশ্বৰচন্দ্র বিজ্ঞ্যাসাগৰৰ "বোধোদয়” যেনে, অসমত এসময়ত ফুকনৰ "লৰাৰ মিত্ৰও" তেনেকুরা হৈছিল। এই বোৰৰ বাহিৰেও তেওঁ ১৮৫৫ চনত A few remarks on the Assamese language and on Vernacular education নামে এখন ইংৰাজী পুথি লেখি প্ৰচাৰ কৰে। তেওঁ এই পুথি খনিত দেখুৱাবলৈ চেষ্টা কৰিছে যে অসমীয়া ভাষ্য এটা স্বতন্ত্র সাহিত্য থকা বেলেগ ভাষা আৰু অসমীয়া মানুহক অসমীয়া ভাষাৰে শিক্ষা দিয়া হে যুগুত। অসমীয়া ভাষাত ডাঙ্গৰ ডাঙ্গৰ বৈজ্ঞানিক আৰু দার্শনিক  ভাব বিলাক প্রকাশ কৰিব নোৱাৰি বুলি যে অপবাদ দিয়া হৈছিল, ফুকনে এই পুথি খনিত তাক সুন্দৰকৈ খণ্ডাইছে। তেওঁ বিপক্ষ সপক্ষ নানাবিধৰ যুক্তিবে সৈতে এই কথা কেইটা প্রমাণ কৰি তালৈ ইংবাজ বিষয়া সকলৰ মন আকর্ষিবলৈ প্রাণ টাকি চেষ্টা কৰিছিল। আৰু তেওঁ'ব এই চেষ্টাৰ বহুত ভাল ফলো ধৰিছিল।

তেওঁৰ অসমীয়া ভাষা যে ভাৰতবৰ্ষৰ আন কোনো ভাষাতকৈ কোনো মতে নীহ নহয়, ফুকন ডাঙ্গৰীয়ায়ে এইটো কথ। প্রথমতে সর্ববসাধাবণক প্রমাণ কবি দেখুৱায়। সঁচা কথা কবলৈ গলে আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষাৰ উন্নতিৰ নিমিত্তে যিমান যত্ন কৰিছিল, আজিলৈকে কোনেও সিমান কৰা নাই। অসমীয়া মানুহৰ দুর্ভাগ্য বশতঃ তেও নীচেই ডেকা বয়সত (৩০ বছব নৌ হওতেই) ইহলোক পৰিত্যাগ কৰিলে। নহলে তেওঁ অসমীয়া ভাষাৰ কত যে উন্নতি সাধিলে হেতেন, তাক কোনে কর? গবর্ণমেন্টৰ চাকৰি কৰি তেও যি এফেবা আহৰি পাইছিল, তাক তেও দেশীয় মানুহ আৰু ভাষাৰ উন্নতিৰ অর্থে খৰচ কৰিছিল। জীৱনত আহি লব লগীয়া বহুত ডাঙ্গৰ ডাঙ্গৰ গুণ আছে। সেই বোৰ গুণ বিববি কোরা এনে এটা ক্ষুদ্র প্রস্তাৱৰ কাম নহয়। এখন ডাঙ্গৰ কিতাপৰ কাম। ফুকনৰ যুক্তি সঙ্গত বিচাৰ, গভীর জ্ঞান, ঢোকা বৃদ্ধি আক উদ্ভাবিক। শক্তি, কাৰ্য্যকাৰী বহুদশিতা আৰু উদাৰ দেশহিতৈষিতাৰ কথা শুনিলে আপোনালোকে আচৰিত নোহোৱাকৈ থাকিব নোৱাৰে। কর্ণেল হপৃকিনান ঢাহাবে যে ফুকনৰ বিষয়ে কৈ গৈছে, বঙ্গদেশত বামমোহন বায় যেনে, অসমত আনন্দৰাম ঢেকিয়াল ফুকনো তেনে আছিল। কিন্তু সেই দুই দেশব অৱস্থাৰ প্রভেদলৈ আৰু আনন্দৰাম ফুকনৰ নিজৰ উন্নতিৰ নিমিত্তে যিমান শুচল আছিল, তালৈ চাই তেওঁক বামমোহন বায়ত কৈও অসাধাৰণ লোক বোলা উচিত। ইয়াৰ এটা আখবো মিছা নহয়। বঙ্গালী ভাষা বাজা বামমোহন বায়ৰ ওচৰত যিমান ধকরা, অসমীয়া ভাষাও আনন্দৰাম ঢেকিয়াল ফুকনৰ ওচৰতো সিমান ধকর।। যেতিয়ালৈকে জগতত অসমীয়া ভাষাৰ শেষ শব্দ পাকিব, তেতিয়ালৈকে আনন্দৰাম ফুকনৰ নাম অসম আকাশত ভোটা তৰাৰ নিচিনা কৈ জিলিকি থাকিব।

অসমীয়া ভাষাৰ উন্নতিৰ অর্থে খৃস্টান মিচনেৰি সকলৰ লগত যোগ দিয়া দেশীয় ভদ্রলোকৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ পিছতে নাম কৰিব লগীয়া ৬ যদুৰাম ডেকা বকরা। এওরেই প্রথমতে ১৮৩৯ চনত অসমীয়া আৰু বঙ্গালী ভাষাত এখনি বৰ ডাঙ্গৰ অভিধান লেখে। অভিধান খনি সংগ্রহ কৰি তেওঁ

কর্ণেল জেঙ্কিন্সনক ভোট দিয়ে। জেঙ্কিন্সনে আকৌ তাকে শিৱসাগৰৰ মিচন্ চেচাইটিক দান কৰে।

যদুৰাম বৰুৱাৰ এই অভিধান খনিকে গড়িলা লৈহে পিছত ব্রন্সন্ চাহাবে অসমীয়া ভাষাৰ অভিধান খনি লেখে। যদুৰাম বৰুৱাই লেখা পূৰা অভিধান খনি, কৰবাত পোৱা যায় নে নেযায় আমি এতিয়াও জানিব পৰা নাই। তথাপি সি যেতিয়া ছপা হৈ ওলোৱা নাছিল ইমান দিনৰ অপ্রতিপালত নষ্ট হোরাই সম্ভর। এই অভিধান খনি ৬ আনন্দৰাম ঢেকিয়াল ফুকনে দেখি কৈ গৈছে, বোলে যদুৰাম ডেকা বৰুৱাৰ অভিধান খনি, এখনি বৰ ডাঙ্গৰ অভিধান। আৰু ইয়াত প্রায় এটাই বোৰ অসমীয়া শব্দই আছে। আখৰ যোটনি সম্বন্ধে সেই কালৰ অসমীয়া ভাষাৰ লেখক সকলে, কি চাহাব, কি দেশীয় সকলোৱে যদুৰাম বৰুৱাৰ আহি লৈছিল। যদুৰাম বৰুৱাৰ মতে, আমি যিটো কথা যেনেকৈ উচ্চাৰণ কৰো, তাক লেখোঁতেও তেনেকৈ লেখিব লাগে। সেই বাবে তেওঁ এক উচ্চাৰণৰ আখৰ বিলাকৰ (যেনে শ, ষ, স, চ, ছ, জ, ঝ,) ভিতৰৰ এটা আখৰৰ মাথোন ব্যৱহাৰ কৰি ইবোৰ এৰি দিছিল। যথার্থ কথা কবলৈ গলে, তেনে মতৰ বাবে যদুৰাম রকর। অলপো দোষী নহয়। আচলতে উচ্চাৰণলৈ চাই হে কথা লেখা উচিত। সেই বুলিয়েই পাৰিলে এটা শব্দৰ মূল হেৰাবলৈ দিব নেলাগে। আজিকালি আগৰ যোঁটাওতে শব্দৰ মূল আৰু উচ্চাৰণ দুইটা ৰাখিবলৈ চেষ্টা কৰা হৈছে। আৰু যত মূল বাখিলে উচ্চাৰণত বিশেষ ব্যাঘাত হয়, ততহে মূল এৰি দি যদুৰাম বৰুৱাৰ আহিবে কেরল উচ্চাৰণকে মাথোন ৰখা হয়। যদুৰাম ডেকা বৰুৱা অসমীয়া ভাষাৰ প্রতি জনচনৰ (Dr. Johnson) নিচিনা হলেও অসমীয়াৰ ভিতৰত কোনো বচরেল (Baswell) নথকাত তেওঁৰ নাম অতি কম লোকেহে জানে। মই অতি দুখেৰে জনাও যে তেওঁ গোলাঘাটত এজন সকলোরে জনাশুনা মুঞ্চিফ আছিল। ইয়াৰ বাহিৰে তেওঁৰ জীৱনী সম্বন্ধে আৰু একো নাজানো। যি যতন কৰি যদুৰাম ডেকা বকরাৰ জীৱনী বিষয়ে কথা বিলাক গোটাই প্রকাশ কৰে, তেও যে সকলোৰে শলাগৰ পাত্র হব তাক আৰু কবই নেলাগে। আনন্দৰাম ঢেকিয়াল ফুকন যদুৰাম ডেকা বৰুৱাৰ বাহিৰে আৰু দুজন অসমীয়। ডাঙ্গৰিয়াই অসমীয়া ভাষাৰ উন্নতিৰ অৰ্থে যথেষ্ট পৰিশ্ৰম কৰিছিল। এজন ৰাধানাথ বৰ বকরা, আনজন কাশীনাথ তামুলি ফুকন। এই দুজনে গোট খাই ১৮৪৪ চনত অসম দেশৰ এখনি বুৰঞ্জী পুথি গোটাই প্রকাশ কৰিছিল। তেওঁবিলাকে আহোমৰ ভাষাত লেখা বুৰঞ্জীৰ পৰা বাইলুং আদিৰ সহায়ত এই পুথি খনি গোটাও'তে তেওঁ বিলাকৰ যে বহুত পৰিশ্ৰম কৰিব লগীয়া হৈছিল অলপো তাত সন্দেহ নাই। পূর্ব্বে ১৮২৯ চনত হলিবাম ফুকন ডাঙ্গৰীয়াইও বঙ্গালী ভাষাত এখন অসমবুৰঞ্জী প্ৰকাশ কৰিছিল হয়, বৰ বৰুৱা আৰু তামুলি ফুকনৰ বুৰঞ্জী তাত কৈ অনেক ডাঙ্গৰ। কবলৈ গলে এই খনিয়েই অসমীয়া ভাষাত ছপা হোরা প্রথম বুৰঞ্জী। নকৈ ছপা নোহোৱাত এই সুন্দৰ পুথি খনিৰ নাম শুমাব লগা হৈছেহি। পুথি খনি যেনে সাকরা, কোনোরে নকৈ ছপা কৰিলে তেওঁৰ যে দইন পৰিব আমি এনে নেভাবো। এই দৰে বঙ্গালী বিষয়া আৰু ইংৰাজী হাকিম বিলাকৰ কোপ দৃষ্টিত পৰিও খুষ্টিয়ান মিচনেৰি আৰু দেশহিতৈষী অসমীয়া ডাঙ্গৰীয়া সকলৰ যস্তুত অসমীয়া ভাষা অলপ অলপ কৈ উন্নতিৰ ফালে আগবাঢ়িব ধৰিছে। অসমীয়া ভাষাৰ অভিধান ব্যাকৰণ ছপা হল, বুৰঞ্জী ছপা হল, অসমীয়া ভাষাত কাকত ওলাল। এই বোৰ দেখি শুনি অসমীয়া ভাষাৰ শত্রু বিলাকৰ মুখও আগতকৈ জাপ খালে। এনে সময়তে বঙ্গদেশৰ (তেতিয়া বঙ্গদেশ আক অসম দেশ, এজন সক লাট চাহাবৰ দ্বাৰাই শাসিত হৈছিল) সক লাট, স্থাৰ জৰ্জ্জ কেম্বেলে, ১৮৭১ চনত অসমীয়া ভাষাক আকৌ আগৰ ঠাইত খাপিলে। অর্থাৎ অসম দেশৰ পঢ়াশালি আৰু আদালত বিলাকৰ পৰা বঙ্গালী ভাষা উঠাই তাৰ থলত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আদেশ কৰিলে।

সেই দিনৰ পৰা অসমীয়া ভাষাৰ সোঁতে যিটো গতি ললে সেই গতিতেই আজিলৈকে চলি আছে। উদাৰ প্রকৃতিব কেম্বেল চাহাবে, অসমীয়া ভাষাৰ ভাল ভাল লোক সকলক বঁটা দি উৎসাহ দিয়াত অসমীয়া ভাষাত তেতিয়াৰ পৰা বহুত নন লেখাৰু ওলাবলৈ ধৰিলে। আৰু দুখন এখন কৈ সাকরা কিতাপেও ৰদৰ পোহৰ দেখিলে। শ্যাৰ জৰ্জ্জ কেম্বেলৰ দিনৰ পৰা আজিলৈকে, কুৰি বছৰত বহুত অসমীয়া ভাল ভাল লেখক ওলাইছে। আৰু কিতাপ পুথিও লেখা হৈছে, ছপা হৈছে। সেই বিলাকৰ বিষয়ে আপোনা সকলে 'জানেই। সেইবাবেই আৰু নকৈ কোৱাৰ একো প্রয়োজন নেদেখোঁ। তেও বুলি মই আপোনা সকলৰ আগত দুজন অসমীয়া ভাষাৰ লেখকৰ উল্লেখ নকৰি থাকিব নোৱাৰো। তেও বিলাক দুজনৰ নাম আৰু তেও বিলাকে অসমীয়া ভাষাৰ উন্নতিৰ অৰ্থে কি কি কৰিছে তাৰ কথা নোকোৱাকৈয়ে মই যদি অসমীয়া ভাষাৰ বুৰঞ্জী সামবো, তেতিয়া হলে তাক অসমীয়া ভাষাৰ পূৰা বুৰঞ্জী কেরে নোবেলে। মই কাৰ কথা ভাবিছো বোধকৰে। আপোনা সকলে মই নৌ কও'তেই বুজিব পাৰিছে। এজন ৰায় গুণাভিৰাম বকরা বাহাদুৰ, যি আজি আমাৰ সভাপতিৰ আসনত বহি গোটেইখন সভাক এনেকৈ শুৱাই ধৰিছে। আনজন শ্রদ্ধাস্পদ ডাঙ্গৰীয়া শ্রীযুক্ত হেমচন্দ্র বকরা। যদিও আপোনালোক সকলোৱে জানে ডাঙ্গৰীয়া গুণাভিৰাম বকরাই, অসমীয়া সাহিতাব কিমান উপকাৰ সাধিছে, তথাপি ডাঙ্গৰীয়াৰ প্ৰতি মোৰ আন্তবিক শ্রদ্ধা আৰু ভক্তিৰ নিদর্শন স্বরূপে, কেই আষাৰ মান কথা নোকোৱাকৈ এনে শুযোগ কোনো- মতে এৰি দিব নোৱাৰে।। ডাঙ্গৰীয়া গুণাভিৰাম বৰুৱাৰ গাত, বিনয়, সবলতা, ঔদার্য্য, পবোপকাবিতা, আদি যি বিলাক অসংখ্য গুণ আছে, তাৰ ভিতৰত তেওঁ'ৰ স্বদেশৰ প্রতি অকপট চেনেহেই সকলোতকৈ প্রধান। অসমীয়া মানুহৰ প্রতি মৰমেই, তেওঁৰ অসমীয়া ভাষাৰ প্ৰতি মৰমৰ মূল কাৰণ। তেও অসমীয়া মানুহক পেটে সৈতে ভাল পায়, সেই গুণে অসমীয়া মানুহৰ মুখৰ মাত অসমীয়া ভাষাও তেওঁৰ ভাল পোৱাৰ বস্তু। আক সেই বাবেই তেও নানাবিধ জঞ্জালত ব্যাপৃত থাকিও অসমীয়া ভাষাৰ কিতাপ বচা সভাৰ চেক্রেটৰী হবলৈ আগবাঢ়িছিল আৰু তেওঁৰ আন আন কৰিবলগীয়া কামৰ পৰা অবসৰ পালেই তাক অসমীয়া সাহিত্যৰ উন্নতিৰ নিমিত্তে উসগি দিছিল। অসমীয়া সাহিত্যৰ উন্নতি সাধিবলৈ যত বিলাক বাট আছে আপোনাসকলে তাৰ এটাই বোৰতে গুণাভিৰাম বকরাব খোজৰ চিন্ দেখিবলৈ পাব। যদিও নাটক, জীৱন চৰিত, বুৰঞ্জী, ভূগোল, বিজ্ঞান, আদি এটা সাহিত্যৰ সর্ববাঙ্গ পূৰ কৰিবলৈ যিবোৰ পুথি লাগে, প্রায় এটাইবোৰৰে একোখন তেও লেখিছে, তেও ব এই কিতাপ বিলাক অসমীয়া সাহিত্য ভড়ালৰ একোখানি বহুমূলীয়া ৰত্ন। গুণাভিৰাম বৰুৱাই যি উৎসাহেৰে অসমীয়া সাহিত্যত পোনতে হাত দিছিল, এতিয়া এই বুঢ়া বয়সতো তেওঁৰ সেই উৎসাহ অলপো কমা নাই। অলপ দিন হৈছে মাথোন "আসামবন্ধু" উলিয়াই তেও অসমীয়া সাহিত্যৰ বহুত উপকাৰ কৰিলে। অসমীয়া মানুহব দোষত "আসামবন্ধু" বহুত বছৰ ঢিকিব নোৱাৰিলে, তথাপি যি অলপ দিন সি জীয়াই আছিল তাৰ ভিতৰতে সি মাহেকীয়া কাকতৰ আচল কাম কি তাক ভালকৈ দেখুৱাইছিল। "আসাম বন্ধুৰ আগেয়ে অসমত যিবোৰ মাহেকীয়া কাকত ওলাইছিল, সেই এটাইবোৰ নামতহে মাথোন মাহেকীয়া কাকত আছিল। ডাঙ্গৰীয়াৰ অসমীয়া ভাষালৈ যে মৰম অসীম আক এই বুঢ়া বয়সতো যে তেওঁৰ হৃদয়ত উৎসাহ অপাৰ, তাৰ ফট্‌ফটায়। প্রমাণ এই, যে তেওঁ কষ্টকৈ আহি আমাৰ সভাৰ আজি সভাপতিৰ আসনত বাহি আমাকে। উৎসাহিত কৰিচেছি। ডাঙ্গৰীয়া হেমচন্দ্ৰ বৰুৱাৰ ওচৰতো অসমীয়া ভাষা আৰু সাহিত্য কিমান ধকরা মই তাক কৈ শেষ কৰিব নোৱাৰে।। তেওঁ সৰু কালৰ পৰা অসমীয়া ভাষাৰ উন্নতিৰ নিমিত্তে, বহুত। খাটিছে আৰু আমি দেখাত সেই খাটনিৰ সম্পূর্ণ সুফল ধৰিছে। অসমীয়া ভাষাৰ দোষ গুণবিলাক তেওঁৰ দৰে পাত পাত কৈ চাই, এটা মত গঢ়ি লোৱা মানুহ গোটেইখন দেশত দুটা আছেনে নাই সন্দেহ। আন আন সাহিত্যলৈ চকু দিলে দেখা যায়, সাহিত্য আৰু ভাষাৰ গুৰিয়ালৰ নিচিনা হবলৈ মানুহে অসংখ্য কিতাপ পুথি লেখিব লাগে। কিন্তু হেমচন্দ্র বকরাই নিচেই তাকৰ পুথি লেখিও অসমীয়া ভাষাৰ গুৰিয়ালৰ নিচিনা। তেওঁৰ "কানীয়াৰ কীৰ্ত্তন" অসমৰ কানী খোলাব এখনি ফটফটীয়া চিত্র, "বাহিবে বং চং ভিতবে কোরা ভাতুৰী" অসম সমাজৰ ভিতৰ ভাগ কেনে পচা আৰু ঘিনলগা তাৰ প্ৰকৃত বুৰঞ্জী। হেমচন্দ্র বকরাব "কানীয়াৰ কীৰ্ত্তন" আৰু "কোরা ভাতুবী" নপড়া অসমীয়া মানুহ বোধকৰে। নিচেই কমহে আছে, আৰু কিতাপ দুখনিব পৰা সদাই যেন বস টোপাটোপে পৰিব লাগিছে, যতবাৰ পঢ়া কেতিয়াও আমনি নেলাগে। তেওঁ স্কুলীয়া ছাতবব নিমিত্তে কেবা খনিও পুথি লেখি গবর্ণমেন্টণ্টৰ পৰা ব'টা পাইছে। কিন্তু তেওঁ লেখা সকলো কিতাপৰ ভিতৰত তেওঁব "অসমীয়া ভাষাৰ ব্যাকৰণেই" বঙ্গা। অসমীয়া ভাষাত আজিলৈকে যত ব্যাকৰণ ওলাইছে, তাৰ ভিতৰত এই ব্যাকরণেই আচল ব্যাকৰণ নামৰ যোগ্য। এই ব্যাকৰণখনিৰ পৰাই অনেকেই হেমচন্দ্র বৰুৱাক অসমীয়া ভাষাৰ ওজা বুলি ভাবে। মোৰ মনেবে হলে তেওঁ সম্পাদন কৰা "আসাম নিউচে" অসমীয়া ভাষাৰ নিমিত্তে যিমান কৰিলে, তেওঁ লিখা এখনি কিতাপেও সিমান কৰিব পৰা নাই। যেতিয়া প্রথমে 'আসাম নিউচ' ওলাল, তাব ভাষা দেখি মানুহে অনেক ইতিকিং কৰিছিল: অনেক দোষ ধৰিছিল, বোলে, কি ভাত খোৱা, মাছ খোৱা ভাষাৰে বাতৰি কাকত লেখে? তাৰ মূৰত থকা "সাতদিনীয়া কাকত" এই ফাঁকিতো দেখি অনেক ঠাট্টা কৰি কৈছিল বোলে "কাকত" নেলেখি "তুলাপাত" লেখিলে আৰু আচল অসমীয়া হব। কিন্তু গালি শপনি খাই "আসাম নিউচবে" শেষত জয় হল। অশলাগী অসমীয়া মানুহৰ অনুগ্রহত "আসাম নিউচ" মৰিশালি পালে। "আসাম নিউচে" যি ভাষা শিকাই গল, আজি কালি অসমীয়া গন্ধ ভাষাই তাকেহে আওৰাইছে। শ্রীযুক্ত হেমচন্দ্র বকরাই "শব্দকোষ” নাম দি অসমীয়া ভাষাৰ যিখন অভিধান লেখিছে, সি কেতিয়াবা দিনৰ পোহৰলৈ ওলালে আমি আৰু অভিধানৰ নিমিত্তে চিয়ৰ বা খৰ কৰিব নলগা হব। ডাঙ্গৰীয়া হেমচন্দ্র বকরা আক গুণাভিৰাম বকরা দুই জনেই বুঢ়া হৈছেহি। জগদীশ্বৰৰ ওচৰত অন্তৰে সৈতে কামনা কৰিছোঁ, যেন দুয়োজন ডাঙ্গৰীয়া আৰু অনেক কাল শুস্থ শৰীবে থাকি, জাতীয় সাহিত্য পুৰঠ কৰিব পাৰে। তৃতীয় যুগৰ বিষয়ে আৰু এটা কথা কলেই অসমীয়া ভাষাৰ বুৰঞ্জীৰ বিয়য়ে মোৰ কব লগীয়া অন্ত পৰিব। 

এই যুগৰ প্ৰধান লেখক সকলৰ কথা মই যি পাৰে। অলপ কলো। এতিয়া এই যুগতনো আজিলৈকে কি কি সাকরা কিতাপ ওলাইছে, তাৰ কথা এবাৰ ভাবি চোরা যাওক। আপোনালোকৰ আগত কৈ আহিছো যে অসমীয়া ভাষাৰ সলনি অসম দেশত বাঙ্গালী ভাষা চলোৱাৰে পৰা আকৌ ঘুৰি অসমীয়া ভাষাক আগৰ ঠাইত থপালৈকে, খৃষ্টিয়ান মিচনেৰি সকলেই যি এখন দুখন কিতাপ উলিয়াই- ছিল, তাৰ পিচভাগত দেশীয় যি দুজন এজন ডাঙ্গৰীয়াই অসমীয়া ভাষাৰ প্রতি কৃপা দৃষ্টি কৰিছিল, তেওঁবিলাকৰ কাল অসমীয়া ভাষাক আগৰ ঠাইত বহুৱাবলৈ যুজ কৰোঁতেই গল। তেনে একো ভাল কিতাপ ওলাবলৈ নেপালে। তাৰ পিছত যেতিয়া অসমীয়া ভাষা পুনৰ অসমৰ আদালত আক পঢ়াশালিত চলিবৰ হুকুম হল, তেতিয়াৰ পৰা অসমীয়া ভাষাত বহুত ভাল ভাল কিতাপ ওলাব লাগিছিল। কিন্তু দুখৰ বিষয় আপোনাসকলৰ আগত নাম কৰিব লগীয়া অতিকম কিতাপহে ওলাইছে। শ্রীযুক্ত বায় গুণাভিৰাম বাহাদুৰৰ "আসাম বুৰঞ্জী" আৰু ডাঙ্গৰীয়া হেমচন্দ্ৰ বৰুৱাৰ "অসমীয়া ভাষাৰ ব্যাকৰণ” এই দুখন কিতাপ বাদ দি ধৰিলে original সাহিত্যৰ ঘৰত কিজানি শূণ্যহে দিব লাগিব। অৱশ্যে স্কুলীয়া ছাতৰৰ নিমিত্তে অনেক শলাগিব লগীয়া কিতাপ ওলাইছে কিন্তু এইবোৰ কিতাপে জাতীয় সাহিত্যক কিমান চহকী কৰিছে তাকহে কব নোৱাৰে।। এতিয়ালৈকে তেনে একো ভাল কিতাপ নোলালেও, এটা কথা দেখি আমি পেটে সৈতে বৰ বঙ্গ পাইছো, যে আজি কালি অসমীয়া ভাষাই এটা ঠগ লব খুজিছে। আক শিক্ষিত ডেকা সকলে অসমীয়া ভাষাৰ ফাললৈ সদয় দৃষ্টি কৰিছে। এই ডেকা সকলৰ অনেক কালত ভাল লেখক হবগৈ পাৰিব বুলি আমাৰ বৰ আশা হৈছে। অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ নিমিত্তে, এই দুইটি বৰ লাগতিয়াল বস্তু। জগদীশ্বৰে আমাৰ আশা সফল কৰক।

27
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেক
0.0
অসমীয়া সাহিত্যৰ চানেকী VOL. তৃতীয়, দ্বিতীয় খণ্ড
1

ভোলানাথ দাস।

13 December 2023
0
0
0

সীতাহৰণ কাব্য। লক্ষণ সীতাৰ সহ, পিতৃ সত্য পালি, দাশৰথি ৰঘুপতি পঞ্চবটী বনে তপস্বীৰ বেশে, ভক্ষি বন্য ফল মূল তপস্বী আহাৰ, যবে ছিল। বনবাসে; কিৰূপে ৰাৱণ বলী লঙ্ক। অধিপতি হৰিলা জানকী সীতা, যিটো অপৰাধে মৰিলা

2

আসামবাসী

13 December 2023
0
0
0

হে আসামবাসি! নয়ন উম্মিলি দেখা একবাব; সদাই নিদ্রিত, অতি অনুচিত, দেখা একবাৰ নয়ন মেলি। তোমাসব সম কোন হেন জাতি, আলহ্যৰ বশ, উলটি পালটি কোন হেন জাতি, চিৰ শয্যা পাতি, শুইয়াছে দেখা মস্তক তুলি। কোন হেন জাতি অ

3

লম্বোদৰ বৰা।

13 December 2023
0
0
0

শকুন্তলা। প্রথম অঙ্ক। সূত্ৰধাৰ। (নেপথ্যৰ ফাললৈ চাই) আইদেও, যদি সাজ পিন্ধোরা হল, তেনেহলে এই পিনে আহোক। নটী। (প্রবেশ কবি) দেউতা এই মই আহিছোঁ। সূত্ৰধাৰ।-আইদেও, এই সভাত অনেক বিস্তারন্ত লোক গোট খাইছে আ

4

সদানন্দৰ কলাঘুমটি।

14 December 2023
0
0
0

কেতিয়াবা কানি টিকিৰাৰ ছাট মাৰি ধোৱাবে ঘব গোটাইটো ভৰাই দিছিলে'।। কেতিয়াবা টিকিবা এড়ি পায়স, কুঁহিয়াব, গুড়, গার্থীব, মালভোগ কল, বৰা চাউলব পিঠা আদি কৰি সোৱাদ বস্তু খাই মুখ তপালিছিলো; কেতিয়াবা বা লগৰীয়া ভক

5

ৰত্নেশ্বৰ মহন্ত।

14 December 2023
0
0
0

মোৱামৰীয়া-বিদ্রোহ। ১ম বিদ্রোহ। তেওঁ কেনেকৈ নগৰৰ পৰাগৈ বব ধুমুহা বা বতাহ-বৰষুণ অনাৰ পূৰ্বেবই প্রকৃতিব মূর্ত্তি স্বভারতঃ শান্তিময়া, গছবিলাক জঠব, "নিবাতনিষ্কল্পমির প্রদীপাং” হৈ যেন সাবহিত মনে সম্ভাবিত

6

অসমীয়া সাহিত্যৰ চানেকি। পত্নী-বিলাপ। মুক্তাৱলী (অসমীয়া সুৰ)।

15 December 2023
0
0
0

উঠা প্রাণেশ্বৰ, শ্রুতি সুখকৰ, কৰিয়া সাদব, শুনোরা বাৰেক মোক। চোৱা চকু মেলি, নকৰিবা বেলি, কৰিছে। কাতৰ শ্রীমুখৰ স্বৰ এ বোধ-ঠেস ঠেলি, যাই প্রাণ গেলিএ উঠি কৰা কেলি পাহৰোহো যত শোক ॥ ২ অনাথিনী কৰি

7

সত্যনাথ বৰা।

15 December 2023
0
0
0

সাহিত্য বিচাৰ। সাহিত্যৰ সাধাৰণ লক্ষণ। মানুহে নিজ বুদ্ধিৰে আজিলৈকে যি যি কাম কৰিছে তাৰ ভিতৰত সাহিতাকে ঘাই বুলিব পাৰি। সাহিত্যৰ গুণ সংসাৰ জুৰি আছে। ইয়াৰ নিচিনা মনমোহা বস্তু জগতত আৰু বিচাৰি পাবলৈ টান।

8

শান্তি আৰু আশা।

16 December 2023
0
0
0

তাঁয় হাঁয় হৰি হৰি, বও মই কেনে কবি? শান্তি বিনে এই ভব সাগৰ অপাৰে, মোৰ জীৱ তৰণীৰ কোনে গুড়ি ধৰে? একে উপলিছে ঢো কবি শব্দ বৌ বৌ, তাত গুৰিয়ালে হায় এবি গল মোক। ইযাত কৈ আর কিবা আছে বব শোক! অশান্তি! দয়া শীলা,

9

লক্ষ্মীনাথ বেজ বৰুৱা।

16 December 2023
0
0
0

পদ্মকুমাবা। প্রথম অধ্যায়। বাতি দুপৰ হৈছে। জগৎ নিমাত নিস্তব্ধ। সক বেজি এটি হাতৰ পৰা হঠাৎ মাচিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰণ 'ভুক' 'ভুক', তছৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিসাৰ,

10

দ্বিতীয় অধ্যায়।

18 December 2023
0
0
0

'পদুমৰ কি হৈছে'! এই প্রশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰে।। হবদত্ত যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তবত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছে।। তেওঁৰ এই আশা-

11

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা।

18 December 2023
0
0
0

পুবণিতত্ব। আজি কালিৰ লেখা-পঢ়াৰ পোহৰ পোৱা বুঢ়া-ডেক। সকলোৰে ৰাজহুরা বেজাৰঃ-ভাবতবর্ণব পতিয়াব পৰা পুৰণি বুৰঞ্জী নাই। এই বেজাৰৰ ধ্বনিয়ে ঢুকব বোরাবী আসামকো পাইছে গৈ। লেখকে লেখিবলৈ কাপ তুলিয়েই টভক মাৰিব, প

12

অসমীয়া জাতি ডাঙ্গব জাতি।

18 December 2023
0
0
0

যি এই কথাত শুই কবে তেওক বৰবকরাই চমন বা 'গিলিপ্‌দাৰী' পৰণা দি 'গিলিপ্‌দাৰ' কৰি ধৰি আনিব, কিয়নো তেও দুই কবে, তাৰ কাৰণ দেখুৱাবলৈ। বৰবকরাই কয়, অসমীয়া জাতি ডাঙ্গৰ ভাতি। ডাঙ্গব জাতিৰ যি যি কেইটা ডাঙ্গৰ ডাঙ্

13

মৌমাখি |

19 December 2023
0
0
0

ই ফুলৰ পৰা সি ফুললৈ উৰি, গুন্ গুন্ গুন্ সুৰে নাম ধবি, মাতিছা ইটিক, প্ৰেমৰ আলাপে মুহিছা মন, পাইছা অমৃত প্ৰাণৰ ধন ॥ চাইছা সিটিক, ২ 'যাও' 'যাও' কৰি আহিছা তুমি। আকৌ উভতি আহাগৈ চুমি। এখস্তক বোরা, পিছফালে

14

ৰজনীকান্ত বৰদলৈ।

19 December 2023
0
0
0

মনোমতী। মানহঁতে পমীলাকে আক মনোমতীকে একে লগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল। বাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা বতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জই পৰা মনত অলপ

15

কনক লাল বৰুৱা।

19 December 2023
0
0
0

আমাৰ শিল্প। সকলোরে মানিব লাগিব যে আমাৰ শিল্পব উন্নতি আগেয়ে অধিক আছিল। আমাৰ এতিয়ালৈকে থকা পুৰণি বস্তু বিলাক দেখিলেই সেই কথা ভালকৈ বুজিব পাৰি। শিলকটা, কাপোৰ বোৱা, অলঙ্কাৰ আৰু কাঁহি বাটি গঢ়া, হাতীৰ দাঁত

16

মানৱ জাতিৰ সভ্যতা।

20 December 2023
0
0
0

মানুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্রভেদ এই যে, মামুহ উন্নতিশীল জীর, কিন্তু পশুবোৰ তেনে নহয়। এই প্রভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্রেষ্ঠ। চৰায়ে তাৰ বাহ সাজে, বিববে তাৰ

17

হেমচন্দ্র গোস্বামী।

20 December 2023
0
0
0

অসমীয়া ভাষা। বর্তমান যুগ। ইংৰাজ বাজত্বৰ পাতনিবে পবা আজিলৈকে এই যুগেই অসমীয়া সাহিত্যৰ বর্তমান যুগ। ওপৰত উন্মুকিওরা হৈছে, অসমদেশ বহুত দিন মানহঁতৰ অত্যাচাৰৰ তলত আছিল। পিছে ১৮২৪ চনত মানহঁতে ইংৰাজৰ লগত য

18

স্তুতি |

22 December 2023
0
0
0

সকলোৰে পিতা তুমি, তুমি বিশ্বময়, সকলো দেশতে পূজ্য সকলো সময়, কি জ্ঞানী, অজ্ঞানী, সাধু সকলোরে সমে পূজিছে 'যিহোৱা' 'প্রভু' আদি নামে।  জ্ঞানৰ অতীত তুমি অনাদি কাৰণ, ৰাখিচা জ্ঞানক মোৰ কৰি আচ্ছাদন; এইমাত্র

19

কাকো আৰু হিয়া, নিবিলাও।

22 December 2023
0
0
0

সকলোৰে মুখে শুনো তাতে বহি বহি গুণো, মানুহে সচানে ভাল পায়? কত ভাবোঁ কত পাওঁ, কত ভাব হেকরাও, একো তাৰ অরধিকে নাই। (২) এদিন ভাবিলে। মনে, লম্ তত যেনেতেনে, ভালপোৱা আছে কি জগতে, এনে ভাবি এজনক সঁপি দিল

20

আনন্দ চন্দ্র আগৰৱালা।

23 December 2023
0
0
0

ব্রহ্মযাত্রীর ডায়েৰী। ভালেমান দিনৰ পৰা ব্ৰহ্মদেশ চাপৰ হেঁপাহ আছিল। অসমৰ বুৰঞ্জীয়ে সৈতে ব্রহ্মদেশৰ বৰ সম্বন্ধ আছে। যি কুক্ষণত প্রথমে ব্ৰহ্মদেশৰ মানুহে অসমত ভৰিৰ ধূলা পেলালেহি, সেই মূহুৰ্ত্তৰ পৰাই অসমত

21

পাণেসই।

24 December 2023
0
0
0

ভৰ দুপৰীয়া, নিমাত সঞ্চলো, নিমাত গছৰ পক্ষী। দুছাতি এছাতি, বতাহ বইছে, উড়াই কেতকী সখী। পাণেসই গাভক, ওলাই আহিছে, উলাহে নধৰে হিয়া মাহ সৰিয়হ, মেলি জুলি দিছে, ককাইদেৱৰ বিয়া। লাহৰী ভনীটী, সাদৰী ককাই, কতনো মনত

22

বেণুধৰ ৰাজখোৱা।

24 December 2023
0
0
0

সেউতী কিৰণ। (নাটক।) প্রথম অঙ্ক। প্রথম দর্শন-নীলকমলৰ ঘৰব এটা কোঠা: কিৰণৰ প্ৰবেশ। কিৰণ। সৌন্দৰ্য্যৰ জন্মভূমি স্বৰ্গৰ নিঝবা তাৰ অন্তঃসোঁত কেরল যথার্থ প্রেমিকে দেখিবলৈ পায়। কিন্তু তেতিয়া পৃথিবীৰ বিৰো

23

পদ্মনাথ বৰুৱা।

24 December 2023
0
0
0

ভানুমতী। ১ম অধ্যা। আপোন চিনাকী। মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল 'একেটি ৰত্ন। মোৰ জীৱনৰ আদি ছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ কব পাৰে।, সি কেরল এনাই-দেউতাৰ মুখৰ পৰা শুনা কথা হে। মোৰ দেউ

24

লীলা।

26 December 2023
0
0
0

নেজানো পূজাৰ বিধি, বন্দনাৰ বাঁতি, বানাপাণি বাঙ্গেবি! চৰণ তোমাৰ কিরূপে পূজিম হায়, বন্দিম কিমতে! বঙ্গোর'। অনন্ত কাল সঞ্জীবনি বীণা, গহান জোঁকাৰে তাৰ কঁপাই বনুনি, সৰায় কতন। ফুল কবি-ফুলনিত। সুৰ-বুজ। আদি' গ

25

'হলিৰাম মহন্ত।

26 December 2023
0
0
0

বিশ্ব-দর্পন। বলিদান। হিন্দুজাতি অতি প্রাচীন কালৰ সভ্যতাৰ সময়ত নির্বামিস ভোজী আছিল। প্রাণী হিংসা কৰা তেওঁলোকৰ স্বভার নাছিল। সময়ৰ স্বাভাবিক পৰিবৰ্ত্তনত লাহে লাহে শিক্ষিত যোগী সকলৰ বাহিৰে সকলোৱে মাছ মা

26

পূর্ণ কান্ত, দেৱ শৰ্ম্মা।

26 December 2023
1
0
0

নলচৰিত্র। দময়ন্তীৰ বিবাহ। নলক বৰিলা পতি দেখি ৰাজাগণ। যাৰ যেই দেশে গৈলা বিষাদিত মন ॥ ভীম নৰপতি ভৈলা আনন্দে মগন। বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ ॥ বাছ্যকবগণ ৰাজা ডাকিয়া আনিলা। বিহার সামগ্রী যত একত্র কৰিল

27

দুর্গাপ্রসাদ দত্ত।

26 December 2023
0
0
0

বৃষকেতু। (পৌৰাণিক নাট।) চতুর্থ দর্শন। ৰাজ আলি। বৃষকেতু আৰু কিছুমান লৰা। কৰ্ণ- (বহুত নিলগৰ পৰা চিঞৰি) মোৰ সোণাই বৃষকেতু, কত আছা, এইপিনে আহাঁ। মই অধমে তোমাক বিচাৰি ফুৰিছোঁ? বৃষকেতু- (লৰাবোৰক) মোক

---

এখন কিতাপ পড়ক