shabd-logo

আসামবাসী

13 December 2023

0 দৰ্শন কৰা হৈছে 0

হে আসামবাসি! নয়ন উম্মিলি দেখা একবাব; সদাই নিদ্রিত, অতি অনুচিত, দেখা একবাৰ নয়ন মেলি। তোমাসব সম কোন হেন জাতি, আলহ্যৰ বশ, উলটি পালটি কোন হেন জাতি, চিৰ শয্যা পাতি, শুইয়াছে দেখা মস্তক তুলি।

কোন হেন জাতি অন্ধকাৰে পৰি, আলোক এৰিয়া কৰে ধৰ ফৰি? কোনো নোহে এনে, সবেও যতনে, ধাইছে পোহৰে আন্ধাৰ ত্যজি। সবে সচেতন এবিয়া আল্য; সবেও আনন্দে মুখে কৰি হাস্য আত্মোন্নতি ৰত, দেশোন্নতি ৰত, আসাম কেবল নিদ্রিত আজি।

আসাম কেরল আজিও নিদ্রিত, আসাম কেরল আজিও খুণিত; জড় বস্তু প্রায় কিম্বা মৃত কায় স্বরূপ আজিও আসমবাসী। নাই পৰিশ্ৰম নাই কোনো চেষ্টা, ভাবিছে আলশ্য পৰম দেৱতা; নাহিকে উন্নতি মাত্র আধোগতি; বদন বিমর্ষ নাহিকে হাঁসি।

মুখে 'নাই হাঁসি' ইকথাও নোহে, পৰৰ দুঃখত সবে কিন্তু হাঁহে; 

একৰ অনিষ্ট আনজন হৃষ্ট; আনৰ বিপদে অসীম হাঁসে। অসমীয়া সবে যতেক হাসয় আনৰ কষ্টত, চিত্ত হর্ধময়, এনে কোনো জাতি নাই ত্রিজ্ঞগতি; মিছা কথা মাত্র 'নাহিকে হাঁসি'।

দেশোন্নতি যাত নাই তাত মন; কৃষি শিল্প বানিজ্যক বিসর্জন দিয়াছে; মিস্তিবী, হালোৱা, বেপাৰী কিরূপে বা হুব, লাজৰ কথা! "হালোরা বাড়ই বেপাৰী নহয়ে বোপা ককা মৰি গল এনেকৈয়ে" এড়ি নিজ মান সাম্ভা্য সমান, কিরূপে ধৰিব নতুন প্রথা!

হে আসামবাসি! "বোপা ককা মৰি গল এইমতে" এনে কথা আক নানিবা মুখতে; তেনে বাক্যোচিত কৰিছা ৰক্ষিত আন কোন ৰীতি? কহিয়ো মোক। চুলি কাটি ফালা "আল্কার্ট সেগুঁতা" পিন্ধা বিদেশীয় বস্ত্র মোজা জোতা, ব্যভিচাৰ ৰীতি, মদো নাই বাকী, আক যত কথা কলে পাবা শোক।

এড়া তেনে কথা হোরা সচেতন, কৃষি শিল্প হেতু কৰিও যতন; স্বাধীন ব্যৱসা হেতু কৰা আশা, আলহ্য পিশাচ কৰিও দূৰ। 

স্বদেশ বিদেশ কৰিও ভ্রমণ, বানিজ্যৰ হেতু উন্নতি সাধন, কৰিও নিজৰ কৰিও দেশৰ; হওক দেশৰ সৰ্ববাঙ্গ পূৰ।

"বোপা ককা মৰি গল এইমতে" এই কথা ধৰি নমৰা তেমতে; মেলিয়া নয়ন কার্য্যে দিয়া মন, নাথাকা নাথাকা একেটা ভারে। চক্ষুৰ ওচৰে কৰা দৰশন, জড় হিমদ্রিৰো পৰিব ৰতন, আছয় ভূধৰ হোৱে শোভাকৰ ঋতুরে ঋতুরে নবীন ভারে।

ব্রহ্মপুত্র নদো সদা যত্নবান, নিজ কার্য্যে, দেখা সদা ধাবমান, বাড়িছে টুটিছে ভাঙ্গিছে গড়িছে; কোনেও নাথাকে একেটা ভারে। কিয় তরে হাঁয়, তোমালোক সবে, ধৰনীৰ ভাৰ মাত্র হুই ভবে, থাকিবা সদাই? পৰ মুখ চাই, কিয়নো থাকিবা একেটা ভারে!

বিবেচনা কৰি দেখা মনে মনে, অলঙ্কত তোমাসব কোন গুণে? নাই বিদ্যা গুণ শিল্পে অনিপুন, নাম মাত্র কৃষি বানিজ্য নাই। নাই উদাৰতা, নাই সহিষ্ণুতা, নাহিকে মমতা, পৰোপকাৰিতা, নাই সজনীতি, অনীতিত প্রীতি; কিবা আছে তোমাসবাৰ ভাই? .

থকাৰ ভিতৰে মূর্খতা আন্ধাৰ; আছে মাত্র হায়! কুৰীতি অপাৰ। আছে হিংসা ভাব অমিল স্বভার। স্ব অর্থ পৰতা উন্নতি হুল। আছে অহিফেন চিৰ দৰিদ্ৰতা আছে অহঙ্কাৰ "ফেশনে" মমতা; বৃথা গম্ভীৰতা অবাচ্যে পটুতা, আছয়ে আল্য দাৰিদ্র মূল।

ছি ছি অসমীয়া! উঠা উঠা উঠা, চিৰ নিদ্ৰা এড়ি মেলা চকু দুটা, হোরা সচেতন নাথাকা মগন, আল্য পিশাচ ক্রোড়ে এক তিল। অনৰ্থৰ মূল অহিফেন বিষে, গোমাংস ভাবিয়া মনৰ হৰিষে, এড়া সর্ববজনে কার্য্যে দিয়া মন; কৰিও স্বদেশ উন্নতিশীল।

বিবেক।

কোন্ সিটি সঙ্গে সঙ্গে মানব অন্তৰে সদাই কৰিছে বাস? মূহুৰ্ত্ত কাৰণে, কোনো কালে কোনো ক্রমে নাযারয় দূবে, আছে চিৰকাল বসি হৃদয় আসনে? বয়সে প্রবীন অতি, বহুদর্শী জন, চিত্ত খানি যেন তাৰ জ্ঞানেৰে গঠন; সুস্থিৰ মূৰতি জ্ঞান গর্বিত বদন, অটল সাহস মেঘ গম্ভীৰ বচন। 

বজাক নকৰে ভয় প্ৰজাক নকৰে, ৰনোন্মত্ত বীৰজনে তুচ্ছ ভাবে মনে। সদা সুমন্ত্রণা মাত্র দয়িত অন্তৰে দিয়া থাকে জ্ঞান পৰিমার্জিত বচনে। অন্যায় অধৰ্ম্ম পাপে যদি নৰ মন হোরে প্রলোভিত; ক্রোধে কৰিয়া গর্জন নিমিষে অন্তৰে থাকি বিদাৰি হৃদয় "নাযাইবি" "নকৰিবি" এই কথা কয়

বাৰণ মুশুনি তাৰ যদি নগণ, লিপ্ত হোরে সেহি কার্য্যে সন্তাপ অগনি অটল সাহসে দিয়ে কৰিয়া জ্বলন, ৰজা প্রজা ধনী দীন একোকে নগনি। দিয়ে গালি নানারূপ কৰিয়া গজ্জন, কর্কশ বচনে কৰে অন্তৰ দাহন; কি ধনী কি মানী সুখী ৰজা প্রজা বীৰ সেই তিৰস্কাবে সবে হোরে নত শিব।

জ্ঞানেৰে বচিত দেহ জ্ঞানেবে হৃদয়, কোন প্রিয় বন্ধু এই অন্তৰ ভিতবে, অন্যায় দেখি যে ক্ষণে বাৰণ কৰয়, যতে ততে সর্বদাই হিত চিন্তা কৰে? জানিছো বিবেক নামে সেই বিজ্ঞজন, কৰে হিতাহিত জ্ঞান নৰে বিতৰণ। ধন্য হে বিবেক ভুমি ধন্য মন্ত্রীবৰ! ধন্য তুমি চিৰ বন্ধু হীন মমুয্যৰ। 

মধুহাসি।

হাঁসা হাঁসা, শিশু, হাঁসা পুনর্ব্বাৰ, তব মধু হাঁসি পৰাণ আমাৰ জুড়ায়; পুনৰ খিলি খিলি কৰি হাঁসা প্রিয় শিশু হাঁসা আৰু বাৰ। মুক্তাপ্রায় তব ক্ষুদ্র দন্ত কিটি বক্ত ওষ্ঠ মাঝে কাৰ প্ৰদৰ্শন, নীলাজবৰণ নেত্র কোণ কুচি দেখোরা আমাক হসিত বদন। কোনে কয় পদ্ম অতি শোভাকৰ ? গোলাপ কুসুম বৰণ অমল শোভাময় কোনে কহয় থাকোতে শিশুৰ সহাশ্য বদন কমল ? কিব। দৃশ্য আছে হোরে মনোহব শিশুৰ হসিত বদন সমান? যদি আছে বোলে, বোলোক অপৰে, আমি কিন্তু ভাবি নাহি পাওঁ আন। হাঁসা হাঁসা শিশু, হাঁসা পুনর্ব্বাৰ, তব মধুহাসি পৰাণ আমাৰ, জুড়ায়; পুনৰ খিলি খিলি কৰি হাঁসা প্রিয় শিশু, হাঁসা আৰু বাৰ।

কিয়নো নাজাগে আমাৰ মন?

অৰুণ উদিছে

যত পশু গণে

অৰণ্যে বিহঙ্গ গাহিছে গীত।

জগত জাগিছে

চৰিছে কাননে,

ফটিছে করুম মোহিয়া চিত ॥ 

মধুৰ সুঘ্রাণ

অসমীয়া সাহিত্যৰ চানেকি।

বহিছে ধীৰি ধীৰি প্ৰভঞ্জন।

কৰি সবে দান,

সবেও জাগ্রত

নিজ কৰ্য্যে ৰত

কিয়নো নাজাগে আমাৰ মন ॥

ক্রমে ভানুকৰ,

হইছে প্ৰথৰ,

ক্রমেই ধৰণী উত্তপ্ত অতি।

গল ছায়া তলে,

জীর দলে দলে,

প্রচণ্ড কিৰণে সভয় মতি ॥

পুরা একভাব,

এবে আন ভাব,

কালে ঘটে সদা পৰিবৰ্ত্তন ॥

কিয় পৰিবৰ্ত্ত,

নাই ই মনত,

কিয়নো নাজাগে আমাৰ মন?

আছে ৰবিকৰে,

জগত পোহৰে,

পুনঃ পৰিবৰ্ত্ত কৰিছে মেঘে।

বিশ্ব অন্ধকাৰ,

নৃত্য চপলাৰ,

গৰজনে জীৱ বিস্ময় দেখে ॥

ক্ষণে পুনবাৰ,

যায় বৃষ্টি ধাৰ,

আতৰায় মেঘ, স্থিৰ গগণ।

কত পৰিবৰ্ত্ত,

ঘটে নিমিষত;

কিয়নো নাজাগে আমাৰ মন?

গল দিনমণি,

আহিল ৰজনী,

ফুটিল অম্বৰে নক্ষত্র মালা।

কৰি মধু হাঁসি,

উদিলেক শশী;

যত নিশাচৰ হর্ষে উতলা।

শ্রমকৰি দিনে

এবে হর্ষ মনে,

লভিছে বিশ্রাম মানব গণ।

শ্রম কৰা দূৰ,

চিৰ নিদ্রাতুৰ,

কিয়নো নাজাগে আমাৰ মন?

দিন, বাতি, যায়

সূর্য্য চন্দ্র ধায়;

পক্ষ মাস বর্ষ কত অতীত। 

তেও মোৰ মন

কিয় অচেতন, চাওঁ যেই পোনে, পৰুৱা পিপৰা পৰাণী গণ। আছয় জাগ্রত, কিয়নো নাজাগে আমাৰ মন ?

আছয় কেৱল চিৰ নিদ্রিত?

ই পোনে সি পোনে,

সবে কাৰ্য্যে ৰত,

মেঘ।

কি ভাবি হে মেঘ আজি শ্বেত কলেবৰ, শ্বেত যেন তুলা ৰাশি, কিম্বা বৰফৰ ৰাশি, অতিক্ষুদ্র আয়তনে, সুদূৰ অন্ধবে, হইলা উদয় কোরা কিভাবি অন্তৰে।

কোমলতা পূর্ণ দেহ; ধবল বৰণ; কিঞ্চিতো নাহিক দাগ, কেবল সুশ্বেত বাগ, নাহি পাপ লেশ দেহে সুপবিত্র মন; আকাশৰ এক কোনে দিছা দৰশন।

কৃষ্ণবক্ষে জ্বলে যেন স্ফটিকৰ মণি, কিম্বা শ্যাম দুর্ব্বাদলে, যথা জল বিন্দুজলে, ছায়াবৃত জলে যেন শোভে কমলিনী, বিস্তীর্ণ সমুদ্রে কিম্বা ধবল তৰণী।

সিৰূপে তুমিও সেই বিস্তীর্ণ গগণে, ৰজতবে দেহ সাজি, শোভিছা হে মেঘ আজি, 

দেখোঁতে জুবায় চকু ক্ষুদ্র আয়তনে, উদিছা নতুন ভাবে শুকোমল মনে।

পূর্ব্ব দিশে ধীৰে ধীৰে বহে সমীৰণ, তাহাক বাহন কৰি, সহর্ষে স্কন্ধত চৰি, ধীৰে ধীৰে ভাসি যোৱা গজেন্দ্র গমন, ধীৰে ধীৰে জলস্রোতে যেন হংস গণ ॥

শান্ত মূর্তি শান্তভাব কৰিছা ধাৰণ; অমৃতেবে দেহ ধুই, আহিছা পবিত্র হুই, সৰল কোমল মনে দিছা দৰশন, এই দৰশন আজি নয়ন বঞ্চন ॥

ইরূপ প্রশান্ত ভাব দর্শিলে তোমাৰ, বিশ্বাস নহয় মনে, তুমিএ যে এতিক্ষণে, ঘুৰি পুনঃ ধৰিবাহা বিশাল আকাৰ।

কৃষ্ণ দেহে আন্ধাবিবা সমস্ত সংসাৰ।

নহয় বিশ্বাস ছেন কোমলতা হায়, কাঠিন্যে যে পৰিণত, হইবেক নিমেষত, ধৰিবা কৰাল মুর্ত্তি ত্যজি ক্ষুদ্রকায়, গৰ্জ্জিবা সুঘোৰ নাদে মেদিনী রূপাই।

অথবা বিশ্বাস নহব কিয়? প্রত্যক্ষ প্রমাণ, সদাই দেখিছো আমি, নানারূপ ধৰি তুমি, ৰজা, বগা, হালধীয়া, কাঞ্চন সমান, দেখা দিয়া ক্ষণে ক্ষণে ঢাকি শূন্য স্থান। 

দৰশিছে। কেতিয়াবা বিকট দর্শন, কৃষ্ণদেহে ক্রোধমনে,

দিগন্ত বিয়াপি ক্ষণে,

দৰশোরা বিভীষিকা চপলা নৰ্ত্তন; কপিছো শুনিয়া তব ভীষণ গর্জন ॥

দবশিছো কেতিয়াবা শিলা বৰষণে, সযত্নে পালিত কত, শস্তগণ কৰা নষ্ট, প্রাণী সবো বধকৰা বজ্র নিক্ষেপণে, ইমত নির্দয় তুমি, সোধো কি কাৰণে।

কি ভাবি হে মেঘ আজি শ্বেত কলেবৰে, শ্বেত যেন তুলা বাশি, কিম্বা বৰফৰ ষাশি, অতিক্ষুদ্র আয়তনে, সুদূৰ অঙ্গবে, হুইল। উদয় কোরা কি ভাবি অন্তৰে।

27
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেক
0.0
অসমীয়া সাহিত্যৰ চানেকী VOL. তৃতীয়, দ্বিতীয় খণ্ড
1

ভোলানাথ দাস।

13 December 2023
0
0
0

সীতাহৰণ কাব্য। লক্ষণ সীতাৰ সহ, পিতৃ সত্য পালি, দাশৰথি ৰঘুপতি পঞ্চবটী বনে তপস্বীৰ বেশে, ভক্ষি বন্য ফল মূল তপস্বী আহাৰ, যবে ছিল। বনবাসে; কিৰূপে ৰাৱণ বলী লঙ্ক। অধিপতি হৰিলা জানকী সীতা, যিটো অপৰাধে মৰিলা

2

আসামবাসী

13 December 2023
0
0
0

হে আসামবাসি! নয়ন উম্মিলি দেখা একবাব; সদাই নিদ্রিত, অতি অনুচিত, দেখা একবাৰ নয়ন মেলি। তোমাসব সম কোন হেন জাতি, আলহ্যৰ বশ, উলটি পালটি কোন হেন জাতি, চিৰ শয্যা পাতি, শুইয়াছে দেখা মস্তক তুলি। কোন হেন জাতি অ

3

লম্বোদৰ বৰা।

13 December 2023
0
0
0

শকুন্তলা। প্রথম অঙ্ক। সূত্ৰধাৰ। (নেপথ্যৰ ফাললৈ চাই) আইদেও, যদি সাজ পিন্ধোরা হল, তেনেহলে এই পিনে আহোক। নটী। (প্রবেশ কবি) দেউতা এই মই আহিছোঁ। সূত্ৰধাৰ।-আইদেও, এই সভাত অনেক বিস্তারন্ত লোক গোট খাইছে আ

4

সদানন্দৰ কলাঘুমটি।

14 December 2023
0
0
0

কেতিয়াবা কানি টিকিৰাৰ ছাট মাৰি ধোৱাবে ঘব গোটাইটো ভৰাই দিছিলে'।। কেতিয়াবা টিকিবা এড়ি পায়স, কুঁহিয়াব, গুড়, গার্থীব, মালভোগ কল, বৰা চাউলব পিঠা আদি কৰি সোৱাদ বস্তু খাই মুখ তপালিছিলো; কেতিয়াবা বা লগৰীয়া ভক

5

ৰত্নেশ্বৰ মহন্ত।

14 December 2023
0
0
0

মোৱামৰীয়া-বিদ্রোহ। ১ম বিদ্রোহ। তেওঁ কেনেকৈ নগৰৰ পৰাগৈ বব ধুমুহা বা বতাহ-বৰষুণ অনাৰ পূৰ্বেবই প্রকৃতিব মূর্ত্তি স্বভারতঃ শান্তিময়া, গছবিলাক জঠব, "নিবাতনিষ্কল্পমির প্রদীপাং” হৈ যেন সাবহিত মনে সম্ভাবিত

6

অসমীয়া সাহিত্যৰ চানেকি। পত্নী-বিলাপ। মুক্তাৱলী (অসমীয়া সুৰ)।

15 December 2023
0
0
0

উঠা প্রাণেশ্বৰ, শ্রুতি সুখকৰ, কৰিয়া সাদব, শুনোরা বাৰেক মোক। চোৱা চকু মেলি, নকৰিবা বেলি, কৰিছে। কাতৰ শ্রীমুখৰ স্বৰ এ বোধ-ঠেস ঠেলি, যাই প্রাণ গেলিএ উঠি কৰা কেলি পাহৰোহো যত শোক ॥ ২ অনাথিনী কৰি

7

সত্যনাথ বৰা।

15 December 2023
0
0
0

সাহিত্য বিচাৰ। সাহিত্যৰ সাধাৰণ লক্ষণ। মানুহে নিজ বুদ্ধিৰে আজিলৈকে যি যি কাম কৰিছে তাৰ ভিতৰত সাহিতাকে ঘাই বুলিব পাৰি। সাহিত্যৰ গুণ সংসাৰ জুৰি আছে। ইয়াৰ নিচিনা মনমোহা বস্তু জগতত আৰু বিচাৰি পাবলৈ টান।

8

শান্তি আৰু আশা।

16 December 2023
0
0
0

তাঁয় হাঁয় হৰি হৰি, বও মই কেনে কবি? শান্তি বিনে এই ভব সাগৰ অপাৰে, মোৰ জীৱ তৰণীৰ কোনে গুড়ি ধৰে? একে উপলিছে ঢো কবি শব্দ বৌ বৌ, তাত গুৰিয়ালে হায় এবি গল মোক। ইযাত কৈ আর কিবা আছে বব শোক! অশান্তি! দয়া শীলা,

9

লক্ষ্মীনাথ বেজ বৰুৱা।

16 December 2023
0
0
0

পদ্মকুমাবা। প্রথম অধ্যায়। বাতি দুপৰ হৈছে। জগৎ নিমাত নিস্তব্ধ। সক বেজি এটি হাতৰ পৰা হঠাৎ মাচিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰণ 'ভুক' 'ভুক', তছৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিসাৰ,

10

দ্বিতীয় অধ্যায়।

18 December 2023
0
0
0

'পদুমৰ কি হৈছে'! এই প্রশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰে।। হবদত্ত যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তবত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছে।। তেওঁৰ এই আশা-

11

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা।

18 December 2023
0
0
0

পুবণিতত্ব। আজি কালিৰ লেখা-পঢ়াৰ পোহৰ পোৱা বুঢ়া-ডেক। সকলোৰে ৰাজহুরা বেজাৰঃ-ভাবতবর্ণব পতিয়াব পৰা পুৰণি বুৰঞ্জী নাই। এই বেজাৰৰ ধ্বনিয়ে ঢুকব বোরাবী আসামকো পাইছে গৈ। লেখকে লেখিবলৈ কাপ তুলিয়েই টভক মাৰিব, প

12

অসমীয়া জাতি ডাঙ্গব জাতি।

18 December 2023
0
0
0

যি এই কথাত শুই কবে তেওক বৰবকরাই চমন বা 'গিলিপ্‌দাৰী' পৰণা দি 'গিলিপ্‌দাৰ' কৰি ধৰি আনিব, কিয়নো তেও দুই কবে, তাৰ কাৰণ দেখুৱাবলৈ। বৰবকরাই কয়, অসমীয়া জাতি ডাঙ্গৰ ভাতি। ডাঙ্গব জাতিৰ যি যি কেইটা ডাঙ্গৰ ডাঙ্

13

মৌমাখি |

19 December 2023
0
0
0

ই ফুলৰ পৰা সি ফুললৈ উৰি, গুন্ গুন্ গুন্ সুৰে নাম ধবি, মাতিছা ইটিক, প্ৰেমৰ আলাপে মুহিছা মন, পাইছা অমৃত প্ৰাণৰ ধন ॥ চাইছা সিটিক, ২ 'যাও' 'যাও' কৰি আহিছা তুমি। আকৌ উভতি আহাগৈ চুমি। এখস্তক বোরা, পিছফালে

14

ৰজনীকান্ত বৰদলৈ।

19 December 2023
0
0
0

মনোমতী। মানহঁতে পমীলাকে আক মনোমতীকে একে লগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল। বাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা বতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জই পৰা মনত অলপ

15

কনক লাল বৰুৱা।

19 December 2023
0
0
0

আমাৰ শিল্প। সকলোরে মানিব লাগিব যে আমাৰ শিল্পব উন্নতি আগেয়ে অধিক আছিল। আমাৰ এতিয়ালৈকে থকা পুৰণি বস্তু বিলাক দেখিলেই সেই কথা ভালকৈ বুজিব পাৰি। শিলকটা, কাপোৰ বোৱা, অলঙ্কাৰ আৰু কাঁহি বাটি গঢ়া, হাতীৰ দাঁত

16

মানৱ জাতিৰ সভ্যতা।

20 December 2023
0
0
0

মানুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্রভেদ এই যে, মামুহ উন্নতিশীল জীর, কিন্তু পশুবোৰ তেনে নহয়। এই প্রভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্রেষ্ঠ। চৰায়ে তাৰ বাহ সাজে, বিববে তাৰ

17

হেমচন্দ্র গোস্বামী।

20 December 2023
0
0
0

অসমীয়া ভাষা। বর্তমান যুগ। ইংৰাজ বাজত্বৰ পাতনিবে পবা আজিলৈকে এই যুগেই অসমীয়া সাহিত্যৰ বর্তমান যুগ। ওপৰত উন্মুকিওরা হৈছে, অসমদেশ বহুত দিন মানহঁতৰ অত্যাচাৰৰ তলত আছিল। পিছে ১৮২৪ চনত মানহঁতে ইংৰাজৰ লগত য

18

স্তুতি |

22 December 2023
0
0
0

সকলোৰে পিতা তুমি, তুমি বিশ্বময়, সকলো দেশতে পূজ্য সকলো সময়, কি জ্ঞানী, অজ্ঞানী, সাধু সকলোরে সমে পূজিছে 'যিহোৱা' 'প্রভু' আদি নামে।  জ্ঞানৰ অতীত তুমি অনাদি কাৰণ, ৰাখিচা জ্ঞানক মোৰ কৰি আচ্ছাদন; এইমাত্র

19

কাকো আৰু হিয়া, নিবিলাও।

22 December 2023
0
0
0

সকলোৰে মুখে শুনো তাতে বহি বহি গুণো, মানুহে সচানে ভাল পায়? কত ভাবোঁ কত পাওঁ, কত ভাব হেকরাও, একো তাৰ অরধিকে নাই। (২) এদিন ভাবিলে। মনে, লম্ তত যেনেতেনে, ভালপোৱা আছে কি জগতে, এনে ভাবি এজনক সঁপি দিল

20

আনন্দ চন্দ্র আগৰৱালা।

23 December 2023
0
0
0

ব্রহ্মযাত্রীর ডায়েৰী। ভালেমান দিনৰ পৰা ব্ৰহ্মদেশ চাপৰ হেঁপাহ আছিল। অসমৰ বুৰঞ্জীয়ে সৈতে ব্রহ্মদেশৰ বৰ সম্বন্ধ আছে। যি কুক্ষণত প্রথমে ব্ৰহ্মদেশৰ মানুহে অসমত ভৰিৰ ধূলা পেলালেহি, সেই মূহুৰ্ত্তৰ পৰাই অসমত

21

পাণেসই।

24 December 2023
0
0
0

ভৰ দুপৰীয়া, নিমাত সঞ্চলো, নিমাত গছৰ পক্ষী। দুছাতি এছাতি, বতাহ বইছে, উড়াই কেতকী সখী। পাণেসই গাভক, ওলাই আহিছে, উলাহে নধৰে হিয়া মাহ সৰিয়হ, মেলি জুলি দিছে, ককাইদেৱৰ বিয়া। লাহৰী ভনীটী, সাদৰী ককাই, কতনো মনত

22

বেণুধৰ ৰাজখোৱা।

24 December 2023
0
0
0

সেউতী কিৰণ। (নাটক।) প্রথম অঙ্ক। প্রথম দর্শন-নীলকমলৰ ঘৰব এটা কোঠা: কিৰণৰ প্ৰবেশ। কিৰণ। সৌন্দৰ্য্যৰ জন্মভূমি স্বৰ্গৰ নিঝবা তাৰ অন্তঃসোঁত কেরল যথার্থ প্রেমিকে দেখিবলৈ পায়। কিন্তু তেতিয়া পৃথিবীৰ বিৰো

23

পদ্মনাথ বৰুৱা।

24 December 2023
0
0
0

ভানুমতী। ১ম অধ্যা। আপোন চিনাকী। মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল 'একেটি ৰত্ন। মোৰ জীৱনৰ আদি ছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ কব পাৰে।, সি কেরল এনাই-দেউতাৰ মুখৰ পৰা শুনা কথা হে। মোৰ দেউ

24

লীলা।

26 December 2023
0
0
0

নেজানো পূজাৰ বিধি, বন্দনাৰ বাঁতি, বানাপাণি বাঙ্গেবি! চৰণ তোমাৰ কিরূপে পূজিম হায়, বন্দিম কিমতে! বঙ্গোর'। অনন্ত কাল সঞ্জীবনি বীণা, গহান জোঁকাৰে তাৰ কঁপাই বনুনি, সৰায় কতন। ফুল কবি-ফুলনিত। সুৰ-বুজ। আদি' গ

25

'হলিৰাম মহন্ত।

26 December 2023
0
0
0

বিশ্ব-দর্পন। বলিদান। হিন্দুজাতি অতি প্রাচীন কালৰ সভ্যতাৰ সময়ত নির্বামিস ভোজী আছিল। প্রাণী হিংসা কৰা তেওঁলোকৰ স্বভার নাছিল। সময়ৰ স্বাভাবিক পৰিবৰ্ত্তনত লাহে লাহে শিক্ষিত যোগী সকলৰ বাহিৰে সকলোৱে মাছ মা

26

পূর্ণ কান্ত, দেৱ শৰ্ম্মা।

26 December 2023
1
0
0

নলচৰিত্র। দময়ন্তীৰ বিবাহ। নলক বৰিলা পতি দেখি ৰাজাগণ। যাৰ যেই দেশে গৈলা বিষাদিত মন ॥ ভীম নৰপতি ভৈলা আনন্দে মগন। বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ ॥ বাছ্যকবগণ ৰাজা ডাকিয়া আনিলা। বিহার সামগ্রী যত একত্র কৰিল

27

দুর্গাপ্রসাদ দত্ত।

26 December 2023
0
0
0

বৃষকেতু। (পৌৰাণিক নাট।) চতুর্থ দর্শন। ৰাজ আলি। বৃষকেতু আৰু কিছুমান লৰা। কৰ্ণ- (বহুত নিলগৰ পৰা চিঞৰি) মোৰ সোণাই বৃষকেতু, কত আছা, এইপিনে আহাঁ। মই অধমে তোমাক বিচাৰি ফুৰিছোঁ? বৃষকেতু- (লৰাবোৰক) মোক

---

এখন কিতাপ পড়ক