shabd-logo

অসমীয়া জাতি ডাঙ্গব জাতি।

18 December 2023

0 দৰ্শন কৰা হৈছে 0

যি এই কথাত শুই কবে তেওক বৰবকরাই চমন বা 'গিলিপ্‌দাৰী' পৰণা দি 'গিলিপ্‌দাৰ' কৰি ধৰি আনিব, কিয়নো তেও দুই কবে, তাৰ কাৰণ দেখুৱাবলৈ। বৰবকরাই কয়, অসমীয়া জাতি ডাঙ্গৰ ভাতি। ডাঙ্গব জাতিৰ যি যি কেইটা ডাঙ্গৰ ডাঙ্গৰ লক্ষণ এটাইকেট। অসমীয়া জাতিৰ গাত-পোরা যায় দিলে হাত। অল্পমতি অমুকৰ চকু-যাঠিত এই ডাঙ্গৰ লক্ষণ নপৰিব পাৰে, কিন্তু মহামতি বৃহৎ বকরাব চকু-শক্তিশেলত যে এই লাখটকায়া লক্ষণ-লক্ষাণ নপৰিব তাৰ মানে দিবলৈ কোনো অভিধানে ব্রহ্মাব বৰ পাই অহা নাই। কি কথাত খোপনি পিটিনো অসমীয়া জ্ঞাতিক লঠায়। দি ডাঙ্গব জাতিৰ শাৰীলৈ বগৰাই দিয়া হৈছে, তাক কোরা ভাল। সেই গুণে কোন কোন গুণে অসমীয়া জাতিক টানি উজাই নি ডাঙ্গব জাতিৰ শাৰী পোৱাইছে গৈ, বববকরাই তেওৰ মনৰ পৰা তাক উদ্ধৃত কবি বা টুকি তলত দিলে।

কোনো এটা জাতিক ডাঙ্গৰ কৰিবু লাগিলে কিছুমান সজুলিৰ আৱশ্যক। জাতীয় ডাঙ্গৰতালৈ সেই সঙ্গুলিবিলাক নহলে নহয়। কোনে। বাড়ৈয়ে চাছ, চাতুবি, বেন্দা, বটালি প্রভৃতি নহলে কোনো বব পেবা সাজিব নোৱাবে। জাতীয় বৰ পেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাব বেন্দা, একতাব গজাল, স্থিবতাৰ কবত, গাম্ভীৰ্য্যৰ হাতুৰী, বাক্সাড়ম্বৰৰ পাক-ভোঁহব, ধৰ্ম্মনিষ্ঠাব খিলি, সদাচাবৰ গর্ভগজাল লাগে। অসমীয়াৰ জাতীয় বৰ পেৰালৈ এইবিলাক পুৰাপূব আছে। তেন্তে নো অসমীয়া জাতি ডাঙ্গব জাতি নহব কিয়? অসমীয়া জাতি ডাঙ্গৰীয়া-জাতি। জাতিক ডাঙ্গৰীয়া কৰিবৰ হলে যি যি বিলাক উপকৰণৰ আৱশ্বক সেই বিলাক অসমীয়া জাতিৰ সমান ভাৰতবৰ্ষব আন আন জাতিত আছে নে নাই সন্দেহৰ বিষয়। সন্দেহব বিষয় কি, নায়েই। কোনোরে কয় ডাঙ্গৰ জাতিৰ আৰু গোটাচেৰেক লক্ষণ আছে: বববকরাইও কয় তথাস্তু। যথা, দেশ-গৌবর, বংশগৌৰৱ আৰু আত্মা-গৌবর, অনুসন্ধানেচ্ছা, আত্মবিসর্জন আক পৰোপকাবিতা। অসমীয়া জাতিত এই কেইটাবো ষোল কলা বর্তমান। প্ৰমাণৰ ভাৰ বৰবৰুৱাৰ গাত, দেখি শুনি, বিশ্বাস কৰি সাধু সাধু বুলি বৰবকরাক শলগাৰ ভাব তোমাৰ আৰু তোমাৰ তেওৰ গাত।

অসমীয়া জাতিক নো ডাঙ্গৰীয়া জাতি বুলিছো কিয়, কৈ দিওঁ। অসমত ডাঙ্গবীয়াৰ ভাগ সবহ। গাৱে গারে নগৰে নগৰে ডাঙ্গৰীয়া বৃন্দ বৃন্দ। আগেয়ে বজাৰ দিনত অসমত দমাই ডাঙ্গৰীয়া নাছিল স্বীকাৰ কৰো, কিন্তু আজি কালি ইমান ডাঙ্গবীয়া বাঢ়িছে, যে অসম বৰপুখুৰী ডাঙ্গৰীয়া-লালুকীৰে কলা পৰি আহিছে। তিনিজনা ডাঙ্গৰীয়া, বৰ বৰুৱা, চৰাৰ ছয় ফুকন, আৰু বাৰজনা বাজখোৱা আগেয়ে অসমব ঘাই ডাঙ্গৰীয়া, আৰু তেও বিলাকৰ কাষবে পাঁজবে কিছুমান পালি-ডাঙ্গৰীয়া আছিল। আজি কালি কিন্তু সেই কেজনা ডাঙ্গৰীয়াৰ পৰা পৰোক্ষেই বা অপৰোক্ষেই অষ্টাদশ অক্ষৌহিনী লেখী-ডাঙ্গৰীয়া আৰু পিজলা-ডাঙ্গৰীয়া হৈ অসম দেশখন উড়াই বাঁহগছৰ আগ পোৱাইছেগৈ। দেশৰ ই এটা উন্নতিব প্রধান চিন নহয় নে? Aristocracy অর্থাৎ ডাঙ্গৰীয়া সকলেই দেশৰ ইড়া- পিঙ্গলা-শুষুম্না নাড়ী। এই ত্রিনাড়ীয়েই মনুষ্যজীরনব ত্রিবেণী। ত্রিবেণী যদি সহস্রবেণী হৈ গোটেই অসম দেশক স্নান কৰায়, তেন্তে ইয়াতকৈ আৰু মঙ্গলৰ চিন্ কি হব পাৰে?

জাতীয় ডাঙ্গৰতাৰ লক্ষণ বিলাকৰ সম্পর্কে অলপ অলপ কোরা যাওক। তেজ।-কোনে কব পাৰে যে অসমীয়াৰ তেজ ইংবাজ, ফ্রেন্স, এমেৰিকান আৰু জম্মান জাতিতকৈ কম। বসায়ন শাস্ত্র জুনাসকলে পৰীক্ষা কৰি বঢ়িয়াকৈ জানিব পাৰিব যে এই কেই দেশব মানুহৰ তেজত যি যি কেইটা পদার্থ আছে, অসমীয়া মানুহৰ তেজতো সেই সেই কেইটা পদার্থই আছে। বিশেষ চাহাববো তেজ বঙ্গা আমাৰো তেজ বঙ্গা। সূক্ষ্মদর্শী বিচক্ষণ বনবজাই ৰক্তপান কৰিবৰ সময়ত চাহাব আৰু অসমীয়াৰ মাজত নিবপেক্ষ বিচাৰ কৰে। জনাথন আক জনার্দ্দন, ব্রিটিচ-বর্ণ (British born) আৰু বনগাঁও-বর্ণ, এডু পেহ্ন আৰু এন্ধাৰু পদো, হেট্ বুট আক জাপি ফানটি, চুৰট পাইপ আৰু হোকা গুৰণ্ডৰী, এইবিলাকৰ মাজত পার্থক্য উলিয়াই উক্ত মহাৰাজ বাজাধিৰাজ কাননৰাজে অলপো পক্ষপাতিতাচৰণ নকৰে। মুঠতে কবলৈ গলে, তেও ইলবার্টবিল নেমানে অর্থাৎ তেওঁৰ মানত ইলবার্টবিল আৰু গেলাবিল সমান।

বল।-বলৰ পাকেও অসমীয়াক পেলাও'তে নাই। কাৰণ অসমীয়াই শাৰীৰিক বলতকৈ দৈব বল বা কপালত বেচি নির্ভৰ কৰে। শাস্ত্রত কৈছে "দৈববলাৎ এব নান্যবলং।" বস্তুত বুঢ়ালোকে কয়, "মাঘমহীয়া কল, পুহমহীয়া জল, ইয়াক খায় যি তাৰ সাত ভটৰাৰ বল।" অসমীয়াক জল কলে জলা কলা কৰি যে খৈছে, মাহেকীয়াৰ পৰা আঠীয়া কল খোৱা বাহুবলী বৰবৰুৱাই তাব প্রকৃষ্ট প্রমাণ।

সহিষ্ণুতা। এই গুণ অসমীয়া জাতিত বিমান আছে, বঙ্গালীৰ বাহিবে আন কোনো জাতিত সিমান আছে নে নাই ঠিক নাই। এই পাকেও অসমীয়াক মানুহ যে পেলাও'তে নায়েই হালৰ আৰু গাড়ীৰ গৰুৱেও অসমীয়াত আঠু লব। কেছাৰীৰ আমোলা ডাঙ্গৰীয়াসকলত সুধিলেই আমুকাইৰ কথাৰ সঁচা মিছাৰ প্রমাণ হব। এই গুণো বৰ গুণ। গকন এই সহন গুণ আছে দেখিয়েই, অর্থাৎ তাৰে হাল বাব পাৰি দেখিয়েই, গো আৰু ব্রাহ্মণক বেদে একে শাৰীত থৈছে, আৰু ব্ৰহ্মাৰ মুখৰ পৰা ওলাইছে বুলি কৈছে। অসমীয়াও গতিকে গো-জাতিৰ তুল্য, আক ব্রহ্মাৰ মুখ হস্তে বাজ। কোনো প্রত্নতত্ববিদ পণ্ডিতে অনুমে, মুখত এবাৰ প্ৰথমতে নোসোমালে তাৰ পৰা ওলাব কেনেকৈ? গধূলি গক মুন্ডুমালে, পুরা তাৰ পৰা উলিয়াব কি? বৰবকরাই কিন্তু কথালৈ কৰ্ণপাত নকৰে। গো ব্ৰহ্মাৰ গোহালিত এনে অসন্ত

একতা। একতাৰ বিষয়ে অসমীয়া জাতি পৃথিবীত অদ্বিতীয়। একতা মানে একেতা, অর্থাৎ এটা, অর্থাৎ গাইপতি এটা এটা, গোট গোট। অসমীয়া মানুহ গাইগোটা পেটে ভঁৰাল বুলি ভুবন বিদিত। অসমীয়া আপুনি শকত, তেও কেতিয়াও নিবিচাৰে পৰব ভকত। লোকৰ dependent পৰমুখাপেক্ষী বুলি অসমীয়াক কোনেও দোষব চাত দিব নোৱাৰে। যদি একতাৰ নিচিনা মহৎ গুণ এটা অসমীয়াব থাকিল, তেন্তে তুমি আৰু অসমীয়াৰ গাত কি বিচাৰাঁ? আৰু কিবা লাগে যদি চোর।।

স্থিবতা। -অসমীয়া যে অস্থিৰ এইটো কথা নো তুমি কত শুনিলা? বোধ কৰো তুমি কতো কানিখোলা দেখা নাই।

গাম্ভীর্য্য।- অসমীয়াই কথা কৈছে নে, গহীনকৈ ভবাতে কোব মাৰিছে, তত ধৰিব নোৱাৰি। বিশেষকৈ, অসমীয়া ডাঙ্গৰীয়াৰ প্রাতঃকৃত্যৰ পৰা সায়ংকৃত্যলৈ- কে গহীনতাৰ ইমান ধুমধাম যে "গহীন নভে গহীনাই কৈও" তাৰ অন্ত কৰিব নোৱাৰে।

বাহাড়ম্বৰ। ডাঙ্গৰ লোক বুলিলেই বাহিৰা আড়ম্বৰ আছে। অমবারতীব সহস্রলোচনৰ পৰা শিলাকুটী মৌজাৰ বৰমেধি ত্রিলোচনলৈকে আমি ইতস্ততঃ যি সমুদয় বাহাড়ম্বৰপূর্ণ প্রাণী দেখিবলৈ পাও, সেই সমুদয়কে ডাঙ্গৰ মানুহ বোলে। অৱশ্যে তাৰ ভিতৰতে চেতন, অচেতন, উদ্ভিদ আছে। ডাঙ্গৰ অসমীয়া জাতিবো যে এই বাহ্যাড়ম্বৰ থাকিব তাৰ কোনো বিচিত্র নাই। সবহ কি, ইন্দ্ৰৰ মেঘাড়ম্বৰ অসমীয়াৰ বাহাড়ম্বৰ। অসমীয়াৰ শোৱাপাটীৰ পৰা চালৰ মাজে দি দৃষ্টিপাত কৰিলে আকাশ নয়নগোচৰ হয়, কিন্তু তাত হানি কি, আলিবাটলৈ ওলালে তেও চুৰীয়াই, কাপোৰে, ঠেঙ্গাই, বুকু-খোলা কোটে, জমিদাবৰ লৰা বা চুনাগলীয়া বৰ চাহাব। পেটৰ ভিতৰত বেয়া বস্তু "চিপ্‌-কমিচন্" চাহাববো আছে, "গগণমণ্ডলবো" (-Government) আছে। অসমীয়াৰ ঘৰৰ ভিতৰত কেনে অৱস্থা তাৰ দ্বাৰাই অসমীয়াৰ ডাঙ্গৰ-সক ঠিক কৰিবলৈ যোৱা সকলৰ বুদ্ধিৰ বৰবকরা চাহাবে শলাগ লব নোৱাৰে।

ধৰ্ম্মনিষ্ঠা। কোনে কয় অসমীয়াৰ ধৰ্ম্মনিষ্ঠা নাই? "কওনেরালা” সকলে অসমীয়াই কৰা বাজহুৱা বৰসবাহ, ৰাজহুৱা কালীপূজা আদি দেখিছেনে নাই? যদি নাই দেখা, কোনখন মুখেৰে তেওঁবিলাকে তেনেকথা কয়? বৰবৰুৱাই স্বচক্ষে দেখিছে, বৰসবাহৰ দিনা উবুৰি হোৱা লৰাৰ পৰা উবুৰি-হোৱা বুঢ়ালৈকে সকলো অসমীয়াই ৰাজহুৱা নাম ঘৰলৈ গৈ ভস্মৰ ফোটলৈ জপিয়াই জপিয়াই হাতবাউলি দি "কালয় জগবে লৈ যায় টা-আ-নি" গোরা।। অৱশ্যে কালীপূজার দিনা বহু নৈষ্ঠিক অসমীয়া ভক্তই কালীতকৈ পাঠাত ঈষৎ বেচি তৎপর হয়। কিন্তু তাত নো দোষ কি? ভক্তৰ লক্ষণেই সেই। ঈশ্বৰতকৈ ঈশ্বৰৰ প্ৰসাদ ডাঙ্গৰ, শাস্ত্রত আছে। আকৌ সোধো, "কওনেরালা" সকলে অসমীয়াই সন্ধ্যা কৰা, পূজা কৰা, অশোকাষ্টমী মাঘীসপ্তমীত স্নান কৰা, ফাকুৱা খেলা, অশুচি হাতী মাহুত খেদাই নিজে মাহুত হৈ হাতী চলাই নিজ গুকক অন। দেখিছানে নাই? নিন্দকে কয়, "অসমীয়াৰ সন্ধ্যা মানুহ-দুমুহ দেখিলে দীঘল হয়, নেদেখিলে ছুটি হৈ রূপ নাইবা তদভাবে, এটা যর প্রমাণ, অর্থাৎ য ধানৰ তুল্য সৰু প্রমাণত পৰে। দুর্গাপূজাদিত দেৱৰ গ্রামবাসী নৰ্ত্তকীবৃন্দৰ পূজাভাগ দেৱীৰ ভাগতকৈ অলপ বদ্ধিত হয়। অশোকাষ্টমীৰ স্নানতকৈ ব্রহ্মপুত্রব বালি-ভাতত তীর্থযাত্রী সকলৰ ভাব বেচি হয়। ইত্যাদি ইত্যাদি।" নিন্দকব নিন্দা কৰোঁতেই কাল যাব। সঙ্গ কথাত পেঙ্গলাই কৰা যাৰ স্বভার তেনে শিখণ্ডীক দেখিলে বব- বকরাই হাতব ধেনু-কাঁড় দলিয়াই পেলায়। হানি কি, অসমীয়া নৈষ্ঠিক ধার্ম্মিক- সকলে পূজাসন্ধ্যাত নিমগ্ন হৈ থকাৰ মাজৰ পৰা মাজে মাজে "হেৰ ভাত হল নে? ছুঃ! ছুঃ! হেৰ চোতালত মেলি দিয়া ধান গকরে খালে” ইত্যাদি কথা কয়। শাস্ত্রত কৈছে, "আগেয়ে চাউল কঠা, তাৰ পাছতহে হৰি কথা।" যদি হবি কথাত লাগি খার্কোতে গকরে চোতালৰ চাউল-কঠা খাই আজবি কবে, তেন্তে দেখোন বাপুৰ চিলিম ছিগিল, দিনৰ দিনটো কাপ্-কাপ্‌কৈ থাকিব লাগিব। বিশেষ, ইমান খেৱা-জীয়াৰ লক্ষণ যি জাতিত আছে, সেই জাতি যে সোণৰ জখলাবে নামি অহা আহোম ৰজাৰেসৈতে আকৌ উঠি গৈ হাতত হেংদাং হস্তে স্বর্গ প্রবেশিব, তাক কোন মাইকীৰ পোৱে নুই কৰিব পাৰে? 

মুদি আৰু কালুযুকুন্দ কেঞাৰ ব্যৱসায়ত ধৰি যাউতিযুগীয়া মান-মর্ধ্যাত ফেৰাও হেকরাব লাগে? দেহি, এনে উপদেশ অত দিনে কোনটে। পুনপাকত সুমাই থৈছিলা? বৰবৰুৱাই কিন্তু ভাই অসমীয়াক এই শকুনিবিলাকৰ কথা শুনি পাশাখেলত নবহিবলৈ সাৱধান কৰি দিছে। ইহঁতৰ কথা আজি শুনিলে, কাইলৈ ইহঁতে মৰা গৰুৰ ছাল বখলিওরা মুচী বা চমাৰ হবলৈ অসমীয়াক উপদেশ দিব, নাইবা বাৰ বছৰ বনলৈ খেদি অসমীয়াৰ ভেটি মাটি ঘৰ দুৱাৰ সোপাকে কাঢ়ি লব। ধৰ্ম্মতঃ অসমীয়া জাতি ডাঙ্গব জাতি। কেয়া মুদি বিধিমতে তেওঁ বিলাকৰ যোগনীয়াৰ। কত শুনিয়া ডাঙ্গৰীয়াক লগুৱাৰ কাম কৰিবলৈ পৰামর্শ দিয়া।

বিয়াৰ পক্ষেও এই কুৰবুধীয়াবিলাকৰ কথা শুশুনিবলৈ বৰবকরাই দেশী ভাইসকলক কয়। বৰবৰুৱাব পৰামর্শঃ দেশত বহু-বিবাহ, বাল্য-বিবাহ, আদি যিমান পাবে, সিমান চলক। শিক্ষিতবিলাকে এই কাৰ্য্যৰ গুৰি ধৰক। অসমৰ মাটি দম, মানুহ তাকব, আমাক মানুহ বেছিকৈ লগা হৈছে।

কোনোরে কয়, "অসমীয়া পঢ়া-শুনাত বেচি মনোযোগী নহয়।" নহবতো। খাবলৈ নোপোৱাৰ পক্ষেহে পঢ়া-শুনা। জমিদাৰব লবাব, ডাঙ্গৰীয়াৰ লৰাৰ খাবলৈ ভাত নাইনে পিন্ধিবলৈ কাপোৰ নাই, যে পঢ়ি-শুনি ঢোরাকোরা হব লাগিছে?

আকৌ কয়- "বিলাতী সভাতাত পনি অসমীয়াই মদ মাংসাদি অভক্ষ। ভক্ষণ কৰিবলৈ শিকিছে।" আচ্ছা বলনেরালা! যি মানুহৰ এই ফেৰা জ্ঞান নাই যে মদ-মাংস নেখালে জাতি ডাঙ্গৰ হব নোরাবে, তাক আৰু বববকরাই কি বুলি সম্বোধন কৰিব? বর্তমান ডাঙ্গব সভ্য জাতিমাত্রকে সদমাংস-ভোজী গ্রেড ষ্টোন্ চাহাবেও মদ মাংস খাইছে গ্রেড্‌স্টোন হব পাৰিছে। আর্য্যবিলাকে মদ মাংস (সোমবস আৰু গোমাংস) খোৱালৈকে স্বাধীন ডাঙ্গৰ জাতি হৈ আছিল, যেতিয়াই কুমতিয়ে পাই সেইবিলাক এৰিবলে, তেতিয়াৰ পৰাই তেও বিলাকৰ পতন আক পৰাধীনতা। বাক, যদি দেশত এই কার্য্য চলিত নাই বুলি তুমি আপত্তি কৰা, তেন্তে খাইবৈ উঠি দিনো "ভক্ষ্যাভক্ষজনিত পাপ" বুলি এধেনু এধেশু পৰাচিত হলেই দেখোন লেঠা ছিগে। বিশেষ, “ঔষধার্থে" বচন আছেই; আকৌ "নেখালে আমাৰ নৰীয়া হয়" কথাও আছে; তেন্তে ক্যাবাৎ? বৰবৰুৱাৰ মতে, অসমত যে আকৌ পূর্ব পুৰুষসকলৰ প্রিয় বস্তু মদ মাংসৰ প্ৰচাৰ হৈছে, ই উন্নতির চিন হে। চুলি কটা, এলবার্ট ফোন কৰা, পটলুং-কোট পিন্ধা, এধাদুপৰীয়া ইংৰাজীকৈ নাম ছুটিকৈ লেখা, এই বিলাক গোটেই উন্নতিৰ লক্ষণ। বাস্তৱিকতে, political economy পুথিৰ দিনত কৃপাবৰ বৰুৱাই যে ছুটিকৈ K. Barooah নেলিখিস ই হবই নোৱাৰে। নাম ছুটিকৈ লেখাত যি আপত্তি কৰে, তেও বৰবৰুৱাৰেসৈতে বণ দিয়ক, নতুবা তেও'ক বৰবৰুৱাই শুদাই নেবে। লৰা পৰ্য্যন্ত শয়নে, সপোনে, সচেতে "অধোমুখে বইলি কেন" গান গাই গন্ধ পাত সৰায়। ঢোলোক তবলাৰ তো "গুম্ গুম্ টেবেকেটা ধেই'ৰ কথাই নাই। ইত্যাদি অসংখ্য গুণ বৰবকরা ডাঙ্গৰীয়াই অসমীয়া জাতিৰ গাত দেখুৱাব পাৰে, যিবিলাকৰ দ্বাৰাই প্রমাণ হয় যে অসমীয়া জাতি, ডাঙ্গৰ জাতি। বৰবৰুৱা চাহাব শ্রীকৃপাবৰ।

অসমীয়া জাতি যুজাৰু জাতি। মাছ-পোহাৰীয়ে সৈতে যুদ্ধ বা "ঢেরাই" কৰি মাছ কাঢ়ি নিয়া অসমীয়া মহীৰাম কনিষ্টবলেই তাৰ প্ৰমাণ। সঙ্গীতত অনুৰাগ। আনৰ কথা নকও ৱেই অসমৰ ডোম-গাঁওত ডোমব

সন্ধ-1।

পিন্ধি কল। সাজ সন্ধ্যা আই লাহে লাহে চৰণ চলায় বঙ্গ মনে হল উপাগতা। যেনে, সজাইয়া নিজ অঙ্গ, নৱবন্ধু কৰি ভাব ভঙ্গ, পতি পাশে যায় লজ্জাম্বিতা। শোভিছে খোপাত নানা ফুল, মনোহৰ গন্ধত আমোল, মনক যি বলিয়া কৰিছে। কদম কেতকী কৰবীৰ ৰূপহী মালতী, জাই ধীব, মিটিকাই হাহিক মাৰিছে। জোনাকী পকরা সাতসৰি জ্বলিছে ডিঙ্গিত শাৰী শাৰী জিলিকনি ধৰয় চকুত। 

যেহেন ধ্রুবৰ মণ্ডলত, সপ্ত ঋষি জ্বলে ওপৰত, দেখি মন যাক, তৃপ্তি যুত ॥

কুঞ্জৰ অলকা শ্রেণী শোভে, খুবিয়া বতাহ যাব লোভে, পাকি থাকি ধেমালি কৰিছে। রূপ দেখি পশ্চিমত স্তন্তি, সূর্য্যে অস্তচূড়া অবলম্বি ভবাইয়া নয়ন চাহিছে ॥

কিন্তু হাঁয়! কিনো দুর্ভগীয়া, দেগোতেই পড়িল খসিয়া, সংসাৰৰ মায়া আচবিত। তথাপি আমাৰ মৃঢ় মন, মৰা মন অতি অবুজন, মবে মজি ক্ষণিক স্বষ্টিত ॥

ঝিলি নুপুৰৰ ৰূপ ধৰি, বাজে পারে কমু জুনু কৰি, সি ধ্বনিত পমি যায় মন। সহচৰী ফেঁচায় উকলি দিয়ে থাকি থাকি সুৰ তুলি শুনি হিয়া হয় উচ্চাটন ॥

শঙ্খ বাছ্য কাৰী শিয়ালৰ, হোৱা হোৱা ৰব খবতব, দিশ বিদিশক পূৰি যায়। হাম্বা শব্দে গকব পোৱালী, খোজে খোজে উকরাই ধূলি, গোমুখৰ বাছ্যক বজায় ॥ 

দিবসৰ পৰিশৰ মত, ভাগৰে আকুল প্রাণী যত, দেখি আই বিয়াকুল। ফোঁকাৰিছে শোকৰ নিশ্বাস, বিবু বিবু বায়ুৰ উচ্ছাস; যেনে বিবহিণী বিনা পতি॥

প্রশান্ত মূৰতি প্ৰকাশিয়া, সুশীতল কোলা বিস্তাৰিয়া আশ্বাসিছে তনয় সবক। সি কোলাত পবিয়া জগত, মজিয়া শান্তিৰ সাগৰত, ধন্যবাদ দিছে ঈশ্বৰক।

সন্ধ্যা আই আহিবৰ দেখি, নিশাচব জীর সব সুখী হই, আপোনাৰ কামে বত। দিবাচবে জানি অন্তকাল লগে লই নিজ নিজ পাল আপোন স্থানত উপগত।

দেৱালগ্নে আৰতি কৰিয়া, সৃপ দীপ নৈব্যোদি দিয়া, গাইছে ব্রাহ্মণে স্তব স্তোত্র। ভকত মহন্ত সাধু সবে হৰিধ্বনি কৰে উচ্চৰবে শুনি মন হোরয় পবিত্র।

দবা, ঘণ্টা, তাল, কৰতাল, মৃদঙ্গ গোমুখ বাজে ভাল, সি সবে মনক মোহি নিছে। 

ঠায়ে ঠায়ে ঐক্যতান দল মন কাণ কৰিয়া শীতল, সুমধুৰ সংগীত কৰিছে।

এইরূপে অল্পক্ষণ আছে, পড়িল "পাৰদ।” সন্ধ্যা পাছে লুকালে আপোন কলেবৰ। আপোনাৰ পাল উপস্থিত, দেখি নিশা হই পুলকিত সমাগতা আকৃতি গম্ভীৰ ।

মৃত্যু শয্যা।

কি ৩.শ্চর্য্য বন্ধুবৰ? কি হ'ল তোমাৰ? কিয় তুমি পৃথিবীত কৰিছা শয়ন? হেন ভার দেখি ঘোব, কঁপিছে শৰীৰ মোব, কৰিব নোৱাৰে। মন বলেৰেও পিব, অবিশ্রান্তে আখি মোৰ কৰিছে ক্রন্দন।

কিবা শোক কাঁড়ে আসি বিন্ধিলে তোমাক, মম্মাহত হই জানো গাছ। তাব ছোটে, কিবা তুমি ফাকি কবি, মাটিত লেটিলৈ পৰি, পৰীক্ষিছা বান্ধবৰ মনৰ ভাৱক, দেখা চতুদ্দিকে পবি সিবিলাকো লোটে ॥

পূর্বব আৰ্য্য যোগী সবে যি যোগ আচৰি, পৰমাত্ম। ঈশ্বৰক কৰিছিল ধ্যান, স্মৰি কিবা সেই যোগ ত্যজি সাংসাবিক ভোগ, নিমজ্জিছা ঈশ্বৰত সমাধিক ধবি, নতুবা কলৈ তোমাৰ গল পূর্ববজ্ঞান ॥ 

উঠা উঠা প্রিয় বন্ধু, কত আছা পৰি, এই কি তোমাৰ উপযুক্ত শোৱা পাটী? মখ মল্ কম্বলাদি, শিমলুৰ তুলি গাদি যি সবতো শুই গাৰ তেজ গৈছিল মৰি, এতিয়া সি সব এবি কলা পাত মাটি!!

স্বৰ আদি এড়ি সুস্থ অবস্থায়ো যাৰ, নোৱাৰে কোমল ভৰি পেলাব মাটিত, তেনে ভৰি আজি হায়! কেনে গড়াগড়ি যায়, খোলাতো লুটিয়া দুখ নাই হোরা তাব, নিয়ৰত পড়ি শুখ লভিছে বাতিত ॥

কোরা কেলৈ আমাক নকবা সম্ভাষণ P নসম্ভাষা বুঢ়ী আই ভাৰ্য্যাক তোমাৰ। "পিতা-পিতা-" বুলি আতি আফুটনি মাত মাতি, চোরা জীয়াই কেনেকৈ কৰিছে বোদন, মমতাই কি তোমাক কৈলে পৰিহাৰ?

আউলী বাউলী স্ত্রীক চোরা চকু মেলি। এড়ি লোক লজ্জা-ভয় কান্দিয়া অস্থিব দেখি হিয়া ফাটিযায়, কাণ্ডাকাণ্ড জ্ঞান নাই, ধৰিছে তোমাৰ হাত ভৰি হাত মেলি, চুম্বিছে বিবর্ণ মুখ প্রাণিছে শৰীৰ।

কিবা তুমি পাহৰিলা দুখ বিধৱাৰ। স্মবিলে শিয়বি নোম যাই যাৰ গাৰ। চোৱা কাতি কৰি মূৰ বৈধব্য যন্ত্রনা সুৰ, থপিয়াইছে বংমনে ভাৰ্য্যাক তোমাৰ। উঠা অস্ত্র লই তাক কৰাহি সংহাৰ ॥

কিহব কান্দিলে শোক কৰিলে, কিহব? অনিত্য সংসাৰ বিধি কৰিলে স্বজন। 

পাতিছে ভারনা মায়া, নকৰি প্রণীক দায়া ৰাতি পুৱা হলে কৰ কোন কৈলে যাব। অচিনাকী হব আই ভাই বন্ধুগণ ।।

বিধবা বিলাপ।

বাঢ়িছিলো সাদৰত মাতৃৰ কোলাত। কৰিছিলো বঙ্গমনে পিতৃব সাক্ষাত ॥ ভোগিলো অমৃত ক্ষণে মাতৃত খুজিয়া। দুঃখ যোনো পারে আই আছিল চাহিয়া ॥

ষিবা খোজে। পিতৃ স্নেহে দেন্ত বেছি কিনি, নাপালে জীয়াই যোনো হৈব অভাগিনী। পিন্ধি উৰি সমনীয়া সখীৰ লগত, ৰূপ গুণ গন্ধুয়াই ফৰিলোঁ গর্ববত।

পিতৃ মাতৃ সদা মোৰ কাৰ্য্যক আপেক্ষি, মোৰ অনুরূপ দবা কৰিছিল দেখি। ভাল বাছি পিতৃ বস্ত্র দেন্ত মৰমত। তাকো কালি চিবি পেলাই দিছিলো খঙ্গত ॥

ৰোহত নেখাই ভাত আছিলো শুইয়া। স্নেহে মাতৃ খুয়াইছিল অন্নক মাতিয়া॥ কর্ত্তব্য কার্য্যক নিশিকিলে মোৰ আই। খঙ্গিরস্ত ক্রোধভাব মুখত দেখায়।

মহাখঙ্গে ময়ো নিন্দিছিলো তাসম্বাক। মুহূর্ত্তেক নেভাবিয়া শেষব দশাক ॥ বৰ আনি পিতৃ মোক বিবাহক দিলা। উভয়ৰ সুখ ইচ্ছি বিস্তৰ পূজিলা। 

পতি গৃহে যান্তে আই কান্দিলা বিস্তৰ। মোৰো পিতৃ মাতৃ শোকে দহিলে অম্ভব ॥ ভাল ভাল দ্রব্য মাতৃ বিচাবি আনিয়া। গৃহে আসি মোক দিয়ে হাঁসিয়া হাঁসিয়া ॥ শুদ্ধভারে পতি পদ পূজি কত কাল। ছিলে। সুখে হায় বিধি পাতিলা জঞ্জাল ॥ অকালে কৰাল মোৰ বুকুহন্তে চিবি। কোন সতে পতি মোৰ নিলি বধি তিবি॥

নিজ কাৰ্য্য যথামতে সমাপিয়া পতি। মৰমৰ মাতে মোক মাতে হৃষ্টমতি। অমীয়। মাতত অভাগিনী মুগ্ধ হৈয়া। নিজ পুতেকক দিবো কোলত তুলিয়া ॥

লক্ষ লক্ষ চুমা দিয়া পুত্ৰৰ গালত, "হোরা" বুলি ক্ষণে দিব মোহোৰ হাততঃ সুখ দুঃখ বার্তা শুনি শুনি মোত হন্তে। পুভ্র বুকে বান্ধি পতি শুব শুশ্রূষন্তে ॥

মহা যত্নে ভোজন কৰাই আলধৰি। আছিলো পতিক সদা হায় গ'লা এড়ি॥ কোনে তবু পুত্র মুখে চুন্সি কোলে লব। কান্দিলে পুত্রে, কোনে লোৱা বুলি দিব ॥

মাটিত বাগৰে যিতো ছিলে তযু বুকে। কোনে পুতৌ কৰে প্ৰাণ ফুটে মোৰ শোকে কোলে তুলি ঘিউ মৌ খুরাই তুলিছিলা। এবে দিব খাম বুলি ভোকত মবিলা ॥

যৈতে নিদ্রা আসে তৈতে পড়িয়া থাকয়। সাৰ পাই পুত্রে তযু কোলা বিচাৰয় ॥ ছেই ছেই মাত্র মাত পারে দিনে বাতি। কলৈ গলা প্রভু মোৰ হিয়া যায় ফাটি ॥ 

কাক দিলা তষু পুত্র প্রিয় ঘৰিণীক। ক'ত থলা ঐশ্বর্য্যক সুরর্ণ মানিক। অসময়ে কলৈ গলা মোক জুইত ভাজি। থাকিম কাৰ মুখ চাই অন্ধকাৰ আজি।

ক্ৰৰ বিধি কিয় এনে দুঃখ ঘোৰ দিলি? প্রিয় ৰত্ন প্রিয় জন প্রাণ প্রিয় নিলি ॥ এই পাপে কোনো জন্মে তোৰ মুক্তি নাই। কোন সতে মোৰ ঘোৰ দুঃখ আছ চাই।

বিলাপ নকৰা দেবি! বিধি নোহে দোষী। প্রকৃতিৰ ধৰ্ম্ম ইতো জানিবা বিশ্বাদী। সেহি কাৰণহে জীৱ দুঃখা সুখী হয়। ধৈর্য্য ধৰা সুখ দুঃখ চক্রত ঘুৰত ॥

প্রিয়তমা।

জনমৰ পৰা,

শুনি আহি আছো, মুক্‌তা মালাৰ কথা; কেনেকুর। বস্তু, কিন্তু নাই পোরা দেখা? বুলিদিলো মাত, মাৰি হাঁহি মিচিকীয়া, উদঙ্গালে দাঁত, কলে। আঙ্গুলিবে চোরা। ৰঙ্গা পোৱালৰ মণি? হেঙ্গুলী পোৱাল মণি। প্রিয়তমা ওঠ, কিন্তু নাই দেখা, 

কাঁইট নথকা

অসমীয়া সাহিত্যৰ চানেকি।

বোলে পৃথিবীত নাই,

ৰূপহ গোলাপ,

একোকে নেমাতি

প্রিয়াৰ দুগাল,

থাকিব ধৰিলো চাই।

কত আছে এনে

অপূর্বর পড়ুম,

বাতি দিন থাকে ফুলি!

চকুবে দি ঠাৰ

দেখালে। প্রিয়াক

মুখেবে একো নুবুলি।

প্ৰেমৰ পুতলা

চেনেহ প্রতিমা,

কোন খনিকবে কবে?

যেয়েবা কৰক,

সেইটি প্রতিমা,

এই চোৱা মোৰ যবে।

প্রিয়তমার সৌন্দর্য্য।

কেলেই লাগিছে সেন্দুৰীয়া গাল ফড়িং প্রেমিকৰ জুই; কোৱা ভাতুৰীয়া ওঠৰ তলত ফেটা সাপ থাকে শুই। কিয় বা লাগিছে তিৰবিৰ চকু যেনে স্বৰগৰ তৰা, ওখ বুকু কিয় লরনু কোমল মদন পিচলি পৰা। কি কাম দীঘল মেঘ বৰণীয়া সাগৰৰ ঢউ চুলি, প্রেম পগলাৰ হৃদয় তৰণী বুৰি পায় গই তলি। মৃণাল দুবাহু কিকাম সাধিব মত্ত প্ৰণয়ীৰ ডোল, মিহি মউ মাত বিয়াধৰ বাঁহী ৰাখে কৰি মুঠে ভোল। সুগোল সুঠাম সবলি বলিত বাহু জঙ্ঘা উৰু কৰ, সকলো বিলাক ঢোকা ঢোকা অস্ত্র শনাইত সুতীক্ষ্ণ শৰ নেলাগে সুন্দৰী মন প্রাণ জ্বাৰী, দিয়া মোক এনে হিয়া: যি হিয়াত মজি মোব এই হিয়া হই যায় নাইকিয়া ॥ দিয়া এনে প্রেম যি প্রেমে বেলেগ অস্তিত্ব বিলোপ কৰে, ভালপোৱা মউ দিয়া এনে মোক চিৰকাল বাগি নেবে। 

এনে চুমা লাগে যি চুমা দুখন নির্ভাঁজ হিয়াৰ জোৰা, চকু নোহে দুই মুকলি দুৱাব দুঅন্তৰ প্ৰেম ভৰা। কথা নোহে প্রেম মুকলীৰ মাত কপটতা আৰু নাই; মৰমে মৰমে মৰম নিগড় বান্ধনী বোলে মিছাই। নিদিবা নিদিবা সুন্দব প্রতিমা মাত্র সুন্দৰৰ খনি: গোলপুরা হাঁহি মুখত নধৰ। অন্তৰত কাল ফণী। কোমল অম্ভব প্রেমময় আত্মা কোমল জুৰ হৃদয়, দিয়া যত দিন বাতি মোৰ মন অচল অটল বয়

ভ্রম।

কেনে কলে সেয়া বাঁহী বাজে বুলি বনদেবী গীত গায়, সেৱালীৰ মালা নহয় এধাব, তৰাবে গুপিছে হাঁয়! নহয় ফুলনি কুমাৰী সমূহ, দড়াই দড়াই কও, গোলাপ নহয় প্রিয়তমা আঁখি, দেখি পৰ হৈ ৰক্ত। কোনে কয় এটি হবিণা গোরালী, ইমান চেতনা নাই ? বনৰ সৌন্দৰ্য্য ৰূপ ধৰি আহি ডেওদি দুববি খায়। নহয় পুখুৰী প্ৰেমিকৰ বুকু, পানী নোহে প্রেমৰস; নই নোহে ঠিক প্ৰেমৰ আবেগ বিচাৰি প্রেম বিবশ। বীণৰ আত্মাটি উৰি গুণ গায় কোনেনো ভোমোৰা বোলে, খোপাৰ ফুলটি উড়িয়ে প্রিয়াৰ পখিলাৰ নাম পালে। কৃষ্ণ পখী, কৈছা, পাতৰ মাজত "কৃষ্ণ" "কৃষ্ণ" ডাক দিছে, পখী নোহে জ্ঞানা বাধাৰ কান্দোন প্রতিধ্বনি ৰূপে আছে। ময়না নহয় বিবহী বৃন্দৰ সমষ্টি হুমুনিয়া; প্রিয়তমা মুখ ওফন্দি পৰিছে সেয়েহে জানা সন্ধিয়া।

27
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেক
0.0
অসমীয়া সাহিত্যৰ চানেকী VOL. তৃতীয়, দ্বিতীয় খণ্ড
1

ভোলানাথ দাস।

13 December 2023
0
0
0

সীতাহৰণ কাব্য। লক্ষণ সীতাৰ সহ, পিতৃ সত্য পালি, দাশৰথি ৰঘুপতি পঞ্চবটী বনে তপস্বীৰ বেশে, ভক্ষি বন্য ফল মূল তপস্বী আহাৰ, যবে ছিল। বনবাসে; কিৰূপে ৰাৱণ বলী লঙ্ক। অধিপতি হৰিলা জানকী সীতা, যিটো অপৰাধে মৰিলা

2

আসামবাসী

13 December 2023
0
0
0

হে আসামবাসি! নয়ন উম্মিলি দেখা একবাব; সদাই নিদ্রিত, অতি অনুচিত, দেখা একবাৰ নয়ন মেলি। তোমাসব সম কোন হেন জাতি, আলহ্যৰ বশ, উলটি পালটি কোন হেন জাতি, চিৰ শয্যা পাতি, শুইয়াছে দেখা মস্তক তুলি। কোন হেন জাতি অ

3

লম্বোদৰ বৰা।

13 December 2023
0
0
0

শকুন্তলা। প্রথম অঙ্ক। সূত্ৰধাৰ। (নেপথ্যৰ ফাললৈ চাই) আইদেও, যদি সাজ পিন্ধোরা হল, তেনেহলে এই পিনে আহোক। নটী। (প্রবেশ কবি) দেউতা এই মই আহিছোঁ। সূত্ৰধাৰ।-আইদেও, এই সভাত অনেক বিস্তারন্ত লোক গোট খাইছে আ

4

সদানন্দৰ কলাঘুমটি।

14 December 2023
0
0
0

কেতিয়াবা কানি টিকিৰাৰ ছাট মাৰি ধোৱাবে ঘব গোটাইটো ভৰাই দিছিলে'।। কেতিয়াবা টিকিবা এড়ি পায়স, কুঁহিয়াব, গুড়, গার্থীব, মালভোগ কল, বৰা চাউলব পিঠা আদি কৰি সোৱাদ বস্তু খাই মুখ তপালিছিলো; কেতিয়াবা বা লগৰীয়া ভক

5

ৰত্নেশ্বৰ মহন্ত।

14 December 2023
0
0
0

মোৱামৰীয়া-বিদ্রোহ। ১ম বিদ্রোহ। তেওঁ কেনেকৈ নগৰৰ পৰাগৈ বব ধুমুহা বা বতাহ-বৰষুণ অনাৰ পূৰ্বেবই প্রকৃতিব মূর্ত্তি স্বভারতঃ শান্তিময়া, গছবিলাক জঠব, "নিবাতনিষ্কল্পমির প্রদীপাং” হৈ যেন সাবহিত মনে সম্ভাবিত

6

অসমীয়া সাহিত্যৰ চানেকি। পত্নী-বিলাপ। মুক্তাৱলী (অসমীয়া সুৰ)।

15 December 2023
0
0
0

উঠা প্রাণেশ্বৰ, শ্রুতি সুখকৰ, কৰিয়া সাদব, শুনোরা বাৰেক মোক। চোৱা চকু মেলি, নকৰিবা বেলি, কৰিছে। কাতৰ শ্রীমুখৰ স্বৰ এ বোধ-ঠেস ঠেলি, যাই প্রাণ গেলিএ উঠি কৰা কেলি পাহৰোহো যত শোক ॥ ২ অনাথিনী কৰি

7

সত্যনাথ বৰা।

15 December 2023
0
0
0

সাহিত্য বিচাৰ। সাহিত্যৰ সাধাৰণ লক্ষণ। মানুহে নিজ বুদ্ধিৰে আজিলৈকে যি যি কাম কৰিছে তাৰ ভিতৰত সাহিতাকে ঘাই বুলিব পাৰি। সাহিত্যৰ গুণ সংসাৰ জুৰি আছে। ইয়াৰ নিচিনা মনমোহা বস্তু জগতত আৰু বিচাৰি পাবলৈ টান।

8

শান্তি আৰু আশা।

16 December 2023
0
0
0

তাঁয় হাঁয় হৰি হৰি, বও মই কেনে কবি? শান্তি বিনে এই ভব সাগৰ অপাৰে, মোৰ জীৱ তৰণীৰ কোনে গুড়ি ধৰে? একে উপলিছে ঢো কবি শব্দ বৌ বৌ, তাত গুৰিয়ালে হায় এবি গল মোক। ইযাত কৈ আর কিবা আছে বব শোক! অশান্তি! দয়া শীলা,

9

লক্ষ্মীনাথ বেজ বৰুৱা।

16 December 2023
0
0
0

পদ্মকুমাবা। প্রথম অধ্যায়। বাতি দুপৰ হৈছে। জগৎ নিমাত নিস্তব্ধ। সক বেজি এটি হাতৰ পৰা হঠাৎ মাচিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰণ 'ভুক' 'ভুক', তছৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিসাৰ,

10

দ্বিতীয় অধ্যায়।

18 December 2023
0
0
0

'পদুমৰ কি হৈছে'! এই প্রশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰে।। হবদত্ত যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তবত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছে।। তেওঁৰ এই আশা-

11

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা।

18 December 2023
0
0
0

পুবণিতত্ব। আজি কালিৰ লেখা-পঢ়াৰ পোহৰ পোৱা বুঢ়া-ডেক। সকলোৰে ৰাজহুরা বেজাৰঃ-ভাবতবর্ণব পতিয়াব পৰা পুৰণি বুৰঞ্জী নাই। এই বেজাৰৰ ধ্বনিয়ে ঢুকব বোরাবী আসামকো পাইছে গৈ। লেখকে লেখিবলৈ কাপ তুলিয়েই টভক মাৰিব, প

12

অসমীয়া জাতি ডাঙ্গব জাতি।

18 December 2023
0
0
0

যি এই কথাত শুই কবে তেওক বৰবকরাই চমন বা 'গিলিপ্‌দাৰী' পৰণা দি 'গিলিপ্‌দাৰ' কৰি ধৰি আনিব, কিয়নো তেও দুই কবে, তাৰ কাৰণ দেখুৱাবলৈ। বৰবকরাই কয়, অসমীয়া জাতি ডাঙ্গৰ ভাতি। ডাঙ্গব জাতিৰ যি যি কেইটা ডাঙ্গৰ ডাঙ্

13

মৌমাখি |

19 December 2023
0
0
0

ই ফুলৰ পৰা সি ফুললৈ উৰি, গুন্ গুন্ গুন্ সুৰে নাম ধবি, মাতিছা ইটিক, প্ৰেমৰ আলাপে মুহিছা মন, পাইছা অমৃত প্ৰাণৰ ধন ॥ চাইছা সিটিক, ২ 'যাও' 'যাও' কৰি আহিছা তুমি। আকৌ উভতি আহাগৈ চুমি। এখস্তক বোরা, পিছফালে

14

ৰজনীকান্ত বৰদলৈ।

19 December 2023
0
0
0

মনোমতী। মানহঁতে পমীলাকে আক মনোমতীকে একে লগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল। বাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা বতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জই পৰা মনত অলপ

15

কনক লাল বৰুৱা।

19 December 2023
0
0
0

আমাৰ শিল্প। সকলোরে মানিব লাগিব যে আমাৰ শিল্পব উন্নতি আগেয়ে অধিক আছিল। আমাৰ এতিয়ালৈকে থকা পুৰণি বস্তু বিলাক দেখিলেই সেই কথা ভালকৈ বুজিব পাৰি। শিলকটা, কাপোৰ বোৱা, অলঙ্কাৰ আৰু কাঁহি বাটি গঢ়া, হাতীৰ দাঁত

16

মানৱ জাতিৰ সভ্যতা।

20 December 2023
0
0
0

মানুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্রভেদ এই যে, মামুহ উন্নতিশীল জীর, কিন্তু পশুবোৰ তেনে নহয়। এই প্রভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্রেষ্ঠ। চৰায়ে তাৰ বাহ সাজে, বিববে তাৰ

17

হেমচন্দ্র গোস্বামী।

20 December 2023
0
0
0

অসমীয়া ভাষা। বর্তমান যুগ। ইংৰাজ বাজত্বৰ পাতনিবে পবা আজিলৈকে এই যুগেই অসমীয়া সাহিত্যৰ বর্তমান যুগ। ওপৰত উন্মুকিওরা হৈছে, অসমদেশ বহুত দিন মানহঁতৰ অত্যাচাৰৰ তলত আছিল। পিছে ১৮২৪ চনত মানহঁতে ইংৰাজৰ লগত য

18

স্তুতি |

22 December 2023
0
0
0

সকলোৰে পিতা তুমি, তুমি বিশ্বময়, সকলো দেশতে পূজ্য সকলো সময়, কি জ্ঞানী, অজ্ঞানী, সাধু সকলোরে সমে পূজিছে 'যিহোৱা' 'প্রভু' আদি নামে।  জ্ঞানৰ অতীত তুমি অনাদি কাৰণ, ৰাখিচা জ্ঞানক মোৰ কৰি আচ্ছাদন; এইমাত্র

19

কাকো আৰু হিয়া, নিবিলাও।

22 December 2023
0
0
0

সকলোৰে মুখে শুনো তাতে বহি বহি গুণো, মানুহে সচানে ভাল পায়? কত ভাবোঁ কত পাওঁ, কত ভাব হেকরাও, একো তাৰ অরধিকে নাই। (২) এদিন ভাবিলে। মনে, লম্ তত যেনেতেনে, ভালপোৱা আছে কি জগতে, এনে ভাবি এজনক সঁপি দিল

20

আনন্দ চন্দ্র আগৰৱালা।

23 December 2023
0
0
0

ব্রহ্মযাত্রীর ডায়েৰী। ভালেমান দিনৰ পৰা ব্ৰহ্মদেশ চাপৰ হেঁপাহ আছিল। অসমৰ বুৰঞ্জীয়ে সৈতে ব্রহ্মদেশৰ বৰ সম্বন্ধ আছে। যি কুক্ষণত প্রথমে ব্ৰহ্মদেশৰ মানুহে অসমত ভৰিৰ ধূলা পেলালেহি, সেই মূহুৰ্ত্তৰ পৰাই অসমত

21

পাণেসই।

24 December 2023
0
0
0

ভৰ দুপৰীয়া, নিমাত সঞ্চলো, নিমাত গছৰ পক্ষী। দুছাতি এছাতি, বতাহ বইছে, উড়াই কেতকী সখী। পাণেসই গাভক, ওলাই আহিছে, উলাহে নধৰে হিয়া মাহ সৰিয়হ, মেলি জুলি দিছে, ককাইদেৱৰ বিয়া। লাহৰী ভনীটী, সাদৰী ককাই, কতনো মনত

22

বেণুধৰ ৰাজখোৱা।

24 December 2023
0
0
0

সেউতী কিৰণ। (নাটক।) প্রথম অঙ্ক। প্রথম দর্শন-নীলকমলৰ ঘৰব এটা কোঠা: কিৰণৰ প্ৰবেশ। কিৰণ। সৌন্দৰ্য্যৰ জন্মভূমি স্বৰ্গৰ নিঝবা তাৰ অন্তঃসোঁত কেরল যথার্থ প্রেমিকে দেখিবলৈ পায়। কিন্তু তেতিয়া পৃথিবীৰ বিৰো

23

পদ্মনাথ বৰুৱা।

24 December 2023
0
0
0

ভানুমতী। ১ম অধ্যা। আপোন চিনাকী। মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল 'একেটি ৰত্ন। মোৰ জীৱনৰ আদি ছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ কব পাৰে।, সি কেরল এনাই-দেউতাৰ মুখৰ পৰা শুনা কথা হে। মোৰ দেউ

24

লীলা।

26 December 2023
0
0
0

নেজানো পূজাৰ বিধি, বন্দনাৰ বাঁতি, বানাপাণি বাঙ্গেবি! চৰণ তোমাৰ কিরূপে পূজিম হায়, বন্দিম কিমতে! বঙ্গোর'। অনন্ত কাল সঞ্জীবনি বীণা, গহান জোঁকাৰে তাৰ কঁপাই বনুনি, সৰায় কতন। ফুল কবি-ফুলনিত। সুৰ-বুজ। আদি' গ

25

'হলিৰাম মহন্ত।

26 December 2023
0
0
0

বিশ্ব-দর্পন। বলিদান। হিন্দুজাতি অতি প্রাচীন কালৰ সভ্যতাৰ সময়ত নির্বামিস ভোজী আছিল। প্রাণী হিংসা কৰা তেওঁলোকৰ স্বভার নাছিল। সময়ৰ স্বাভাবিক পৰিবৰ্ত্তনত লাহে লাহে শিক্ষিত যোগী সকলৰ বাহিৰে সকলোৱে মাছ মা

26

পূর্ণ কান্ত, দেৱ শৰ্ম্মা।

26 December 2023
1
0
0

নলচৰিত্র। দময়ন্তীৰ বিবাহ। নলক বৰিলা পতি দেখি ৰাজাগণ। যাৰ যেই দেশে গৈলা বিষাদিত মন ॥ ভীম নৰপতি ভৈলা আনন্দে মগন। বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ ॥ বাছ্যকবগণ ৰাজা ডাকিয়া আনিলা। বিহার সামগ্রী যত একত্র কৰিল

27

দুর্গাপ্রসাদ দত্ত।

26 December 2023
0
0
0

বৃষকেতু। (পৌৰাণিক নাট।) চতুর্থ দর্শন। ৰাজ আলি। বৃষকেতু আৰু কিছুমান লৰা। কৰ্ণ- (বহুত নিলগৰ পৰা চিঞৰি) মোৰ সোণাই বৃষকেতু, কত আছা, এইপিনে আহাঁ। মই অধমে তোমাক বিচাৰি ফুৰিছোঁ? বৃষকেতু- (লৰাবোৰক) মোক

---

এখন কিতাপ পড়ক