বৃষকেতু।
(পৌৰাণিক নাট।)
চতুর্থ দর্শন।
ৰাজ আলি।
বৃষকেতু আৰু কিছুমান লৰা।
কৰ্ণ- (বহুত নিলগৰ পৰা চিঞৰি) মোৰ সোণাই বৃষকেতু, কত আছা, এইপিনে আহাঁ। মই অধমে তোমাক বিচাৰি ফুৰিছোঁ?
বৃষকেতু- (লৰাবোৰক) মোক ভাই! দেউতাই অথনিৰে পৰা বিচাৰি ফুৰিছে। তোমালোকে ধেমালি কৰি থাকা, মই কিবাকিবি খাই আহোগৈ। মই অথনিয়েই একো নোখোৱাকৈ গুচি আহিলোঁ গুণে দেউতাই বিচাৰি ফুৰিছে। মই নগলে দেউতাই খং কৰিব। তেও ভু নোপোৱাকৈ আয়ে উমলিবলৈ পঠিয়াই দিছিল। এতিয়া দেউতাই কিয় বিচাৰিছে বুজ লৈ আকৌ আহিম এতিয়া মই যাও'দেই। (গৈ আধা বাটৰ পৰা উভতি আহি) ভাই! আকৌ আহিম বুলি প্রতিজ্ঞা কৰাটো মোৰ অন্যায় হল। মানুহৰ জীৱনৰ কি ঠিক আছে? এই আছো, এই নাই, যদি জীয়াই থাকো, তেন্তে আকৌ আছি তোমালোকৰ লগত ধেমালি- ধুমুলা কৰিমহি। যদি নোৱাৰে।-এয়ে বিদায় হলো বুলি জানিবাইক। সময়ত তোমালোকক অনেক কথাত আহুকাল কৰিছিলোঁ সেইবোৰ ক্ষমা কৰিবাহক।
১ম লৰা-ভাই! তোমাৰ মুখে আগেয়ে কেতিয়াও এনে কথা শুনা নাছিলে।। আজি শুনি বব আচৰিত হৈছো।
২য় লৰা-ভাই! তোমাৰ কথা শুনি মোৰ মনত বৰ বেজাৰ লাগিছে।
৩য় লৰা-ভাই, হঠাৎ এনে কথা কেলৈ কলা? কর্ণ (আহি ওচৰ চাপি) মই তোমাক বিচাৰি ফুৰিছোঁ নহয়-আহা ঘৰলৈ যাও (কোলাত তুলি চুমা খাই ঘৰলৈ প্রস্থান)
পট পৰিবৰ্ত্তন।
বজাৰ অন্তঃপুৰ।
পদ্মাৱতী আৰু কণ্টকী।
কর্ণ- (বৃষকেতুক কোলাত লৈ উপস্থিত 'হৈ বিবস মনেৰে বাণীক) এইটি তোমাৰ হেঁপাহৰ ধন।
পদ্মা- (উত্ৰাৱল মনেৰে ৰজাক) চাও মোৰ সোণাইক চাও। (কান্দি কান্দি বৃষকেতুক) অ' মোৰ লাহৰী! তুমি তোমাৰ খাইমুৱী কাঠৰীক এবাৰ আই বুলি মাতা। তুমি মোক জন্মৰ নিমিত্তে সেন্দুৰীয়া মুখ খনিৰে চুমা এটি দিয়া। মই নমৰি এতিয়াও ভাল জীয়াই আছো! (ক্রন্দন)
বৃষকেতু-আই! তুমি বিয়াকুল হৈ কেলৈ কান্দিছা! তুমি কান্দা দেখিলে, মই মনত বৰ দুখ পাও। তুমি নেকান্দিব।।
পদ্মা-মোৰ দেহাডুখৰি! মই যখিণীয়ে তোমাক মাৰিব খুজিছো। তোমাক
আৰু জন্মলৈ দেখা নেপাওঁ। মই বৰ কুলক্ষণী। মই নেকান্দি নোৱাৰো,
মোৰ সোণাই!
কিয়? বৃষকেতু-আই! মোক কেলৈ মাৰিব খুজিছা? মাৰিব খুজিছা যদি কান্দিছা
পদ্মা-আই ঔ! মোৰ লাহৰীৰ কপালত এয়ে হে আছিল! ইয়ালৈকেহে মই তুলিতালি ডাঙৰ দীঘল কৰিলোঁ, মোৰ পেটত জন্ম নিদিয়া হলেই ভাল আছিল। ঈশ্বৰে দি আকৌ এনে প্রতাবণা কৰি নিয়ে কিয়? (দীঘল হুমুনীয়া কাঢ়ে)
বৃষকেতু-আই! মোক কোনে নিব?
পদ্মা-মোৰ সোণাই আজিৰ পৰা তোমাৰ চন্দ্রমুখ দেখিবলৈ নেপাও আক। কৰবাৰপৰা বুড়া বামুণ এজন আহি তোমাৰ দেউতাৰক অঙ্গীকাৰ কৰাই সত্যত বন্ধ কৰি পিছত তোমাৰ মঙহেবে হেনো একাদশীৰ পাৰণ কৰে।
বৃষকেতু-তাৰ নিমিত্তে আই! তুমি ইমান শোক কৰিছা কিয়? এইটো বৰ সজ কৰ্ম্ম। মোৰ যথার্থতে জীৱন সার্থক। আহা! এই ক্ষণস্থায়ী অকর্ম্মণ্য মাংসপিগুৰূপ দেহাটি মৰিলে ছাই হব, নাইবা পৰুৱা পিপৰাই খাব। এনেস্থলত মই বামুণৰ ভোজ্য হুম, ইয়াতকৈ আনন্দৰ কথা জগতত কি আছে? মোৰ কথা ধৰা, দুয়ো আনন্দ মনেৰে মোৰ মঙহ বামুণক থুরাই অতিথি সৎকাৰৰূপ ঈশ্বৰক পূজা কৰাহক।
কুর্ণ-আহা! মোৰ বোপাই কেনে জ্ঞানৱান!
৬৪৫
বৃষকেতু-দেউতা: আপোনাৰ জীৱন ধন্য। আই! তুমিও মহাপুণারতী। তোমালোকৰ মৰমৰ বস্তুবে আজি পৰমেশ্বৰে পূজা পাব। মোৰ জীৱনো ধন্য। মোৰ আজি জন্মৰ সাৰ্থক হল। মোৰ অপবিত্র সামান্য মাংস ফেৰা বামুণে খাব, ইয়াতকৈ কি সুখব বিষয় আছে'?" আজি স্নোব শুভ দিন আৰু ৰাতিও শুভক্ষণতে পুরাল। বামুণ সকলো জাতিৰে ৰজা, সকলোৱে বামুণৰ পূঞ্চা কৰে। বামুণেৰে সৈতে ঈশ্বৰৰ ভেদ নাই। যি বামুণক মানে, সেয়ে ভগৱানক পায়। ভূগুৰামে খং উঠি কৃষ্ণৰ বুকুত লাঠি মবাত কৃষ্ণই বামুণে ভৰিত দুখ পালে বুলি তৎক্ষণাৎ ভবিত ধৰি কত দুখ প্রকাশিলে! গোলক-বিহাৰী শ্ৰীহৰিৰ চাৰিখন বেদেও সীমা নেপায়। তেনে শ্রীহবি বামুণৰ দাস। ব্ৰহ্মশাপত দশৰণৰ দশা কি হল ৭- শ্রীকৃষ্ণই বামুণক সিংহাসনত বহুরাই চৰণ পূজা কবে। গঙ্গাকে আদি কৰি যিমান তীর্থবিলাক আছে, সকলোবোৰ বামুণৰ বুঢ়া আঙ্গুলিৰ ওপৰতে বিৰাজ কৰিছে। যি জনে ভক্তি ভাৱে বামুণৰ পাদোদক খায়, তেও অবিৰামে স্বর্গ লৈ গতি কৰে। বামুণে একান্ত মনেবে যাক আশির্বাদ কৰে তেরেই জগতত পূজনীয়। বামুণৰ সমান খঙাল পৃথিবীত কেও নাই। ব্রহ্মশাপত পৰীক্ষিত ৰন্ধাৰ সৰ্ববনাশ ঘটিল। এতেকে মোক অবিলম্বে বামুণক অর্পন কৰি কৰ্ত্তব্য পালন কৰাহঁক।
পদ্মা- (কান্দি কান্দি) মোৰ সোণাইক নো কৰতেবে বেপি বেপি এনে নিদারুণৰূপে কেনেকৈ বধ কৰে।! (কান্দে)
জীৱৰ মৰণ নাই, অৱস্থান্তৰ বৃষকেতু-বৃথা মোহ পবিহাৰ কৰাইক। মাথোন। অজ্ঞানরূপ মায়াবে চকু ঢাক খাই বুলি ভাব হৈছে। থকাতহে এই বিলাক নিদাকণ
কর্ণ (বেজায় মনেবে) উস্ কি নিদারুণ কথা উস্! উস্!
বুঃ বামুণ (খংকৰি) আজি মোক অনাহাবে মাৰে। মহাৰাজ! ভোকত প্রাণ যায়। আছে দান নাই সমিধান, অবাবত মোক কেলৈ বহুরাই ৰাখিছা? মই যাও।
• কর্ণ প্রভু! দাস গৈছোঁ। ক্রোধ পৰিহাৰ কৰক। মই সকলো ঠিক কৰিছে।।
বৃষকেতু-আহা! বামুণে ভোকত কষ্ট পাইছে। লৰালৰিকৈ খাবলৈ উপায় কৰি নিদিয়া নিতান্ত অধৰ্ম্ম হৈছে। শোক কবিৰ আৱশ্যক নাই খং উঠি গুচিযাব।
কর্ণ-কণ্টকী, যা কৰত গন লৈ আহগে। বামুণৰ আগতে কাটি দিব লাগে
(পটক্ষেপণ)।
পঞ্চম দর্শন।
বজাব সভা-ঘৰ।
বামুণ বহি আছে।
কৰ্ণ-(কৰযোৰ কৰি) প্রভু! সেরকে সকলো ঠিক কৰি আহিছো।
বুঃ বামুণ (খঃ কৰি) উস্! মোৰ ভোকত তৰণী নাই। ভাল টু-টুৱাই
আছা। কতা? মই খাওঁ।
কর্ণ-প্রভূ! ৰাণীয়ে লৈ আহিছে।
পদ্মা- (বৃষকেতুক কোলাত লৈ উপস্থিত হৈ, লাহেকৈ কোলাৰ পৰা নমাই থৈ বামুণক সেৱা কৰি) প্রভু! দাসীয়ে বহুত পলম কৰিলোঁ ক্ষমা কৰক।
বুঃ বামুণ-তোমালোকৰ কেরল এই ঋন ফাকি। মই যাও (যাবলৈ উপক্রম কৰি লাখুটি লয়) তিনিও বমুখ ভৰিত পৰিল, কণ্টকীয়ে হাতত কৰত খন লৈ আঠুকাড়ি অলপ নিলগতে থাকে)
কর্ণ-দ্বিজবাজ! সেৱকৰ দোষ মর্দণ কৰি পণৰূপ স্কুণৰ পৰা উদ্ধাৰ কৰক।
বুঃ বামুণ-মোক প্ৰতাৰণা কৰা নিতান্ত অযুগুত। মই আগেয়ে কৈছোঁ- আছে দান, নাই সমিধান। বাৰু যোরা, মই চাই আছো, সৌখিনিতে দুয়ো হাঁহি হাঁহি কাটি পেলাই নি বান্ধি আনাগৈ।
বৃষকেতু- (কণ্টকীক) বাই! তুমি মোক গোঁসাই ঘৰত থকা সেই ফুলৰ থালখন আনি দিয়া (কণ্টকী আনিবলৈ গল। অতি ভক্তি ভারে বৃষকেতুরে বামুণৰ চৰণত ধবি) হে বিশ্বময় জগৎকর্তা দয়াময় ভকতবৎসল হবি, অনন্ত ব্রহ্মাণ্ড পতি অগতিৰ গতি প্রভু! তোমাৰ কৰুণাৰ সীমা নাই। আহা! মোৰ পামৰৰ মাংস ফেৰাৰ আজি ধঞ্চ। প্রভু! তুমি পাপীক সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰিবলৈ আহিলা। ধন্য প্রভু তোমাৰ মহিমা। (কণ্টকী আহি ফুলৰ মালাৰ কাঁহি খন দিয়ে, বৃষকেতুরে চৰণত অর্পণ কৰি, মাকক আৰু বাপেকক পিন্ধাই এধান নিজেও পিন্ধি নাচি নাচি গায়) কি সুন্দৰ কথা আহা শুনো আজি মই। আজিহে গুচিলে প্রভু, মোৰ ভব-ভয়। হৰি হৰি হৰি বুলি, নার্চে। আহা বাহু তুলি হিয়া মেলি, হবি বুলি হও হবিময়।
৬৪৭
দুঃ বামুণ উস্। বাক দেখিছাঁ বোলে-মোৰ ভোকত জীর যায়, তেও দেখোন মন-কাণ নাই। হল হল যোরা কাটি বাড়ি বান্ধি-বাড়ি দিয়াঁহি, পেটৰ খজুৱতি মাৰোঁ। (পূর্বমুৱাকৈ বৃষকেতু বহে, কর্ণ আৰু পদ্মাৱতী দুয়ো কাটিবলৈ উদ্ব্যোগ কৰাত) বোলোঁ সৌখিনিত কাটাইক, মই চাই আছোঁ। এইখন তেজ- কুৰে অটকাৰ কৰিব নেলাগে। (তিনিও ভিতৰ সোমাই গৈ, ভিতৰত কাটে, বামুণে হাঁহে)
বৃষকেতুৰ কটা মূৰটোৱে-বাধাকৃষ্ণ, বাধাকৃষ্ণ, গোলোক-বিহাৰী হবি। বুঃ বামুণ-ধন্য দাতাকর্ণ, তোমাৰ যশ পৃথিবীত চন্দ্র সূৰ্য্য থাকে মানে বল। তুমি যাথার্থ সুপণ্ডিত আৰু সাধু ৰঙ্গা। (অকলৈ বহি এতিয়া সেইবোৰ ভিতৰলৈ নি ভালকৈ ভাত আঞ্জা বান্ধি-বাঢ়ি লৈ আহাগৈ। অলপো পেলাই নিদিব।। যোৱা যোরা, বেগতে লৈ বোৱ।। মোৰ ভোকত পেট কলমলাবলৈ ধৰিছে। আপোনা আপুনি) বুঢ়া মানুহ দাঁতকেটাও লৰিছে, কেটামান গলেই। কোমলকৈ সিজাই নিদিলে কথাৰে আহবি। (ইফালে সিফালে চাই পেটটো খপিয়াই) উস্। ভাল পলম হৈছে। ৰাণীয়ে মূৰটো লুকুৱাই ৰাখিছে। মই যেতিয়া যাম, - তেতিয়া বৃষকেতুৰ মূৰটে। আগতলৈ বিনাই বিনাই কান্দিবলৈ মনত আলচ কৰিছে। বাক, বহু, ময়ো বাপেকে এটা কথা কৰিম-যেতিয়া আতাইবোৰ আনিব, মোৰ টেঙা আঞ্জা নহলে খোৱা নহয় বুলি আকৌ মুৰটোৰ টেঙা ৰন্ধাম। (চিঞৰি) মহাৰাজ। হল নে নৌ?
মোক আজি ভাল মুৰত টঙনিয়াই মাৰিলা। কর্ণ- (আহি সভক্তি অন্তৰে) আৰু বিলম্ব নাই প্রভু। ৰাণীয়ে লৈ আহে হে লাগে।
বুঃ বামুণ-তুমি আজি মোক ইমান শাস্তি তেও দিব নেলাগিছিল।
কর্ণ-প্রভু। বন্দীৰ অনেক অপৰাধ হৈছে। পাপাক চৰণ তন্বী দি নতৰালে উপায় নাই।
বুঃ বামুণ। মিঠা কথাৰে জানো পেট ভবে? যোৱা বেগতে লৈ আহাঁগৈ।
কর্ণ ( ভিতৰলৈ গৈ ভাত আঞ্জা আনি বুঢ়া বামুণৰ আগতে খয়।)'
বুঃ বামুণ-ইঃ। ইয়াৰে কি হব? টেঙা আঞ্জা নহলে মূই লঘোনীয়া মানুহে
কেনেকৈ খাম? এইবোৰ দেখোঁ বাৰে-মছলাৰে কিবা খন কৰিলে। ইস্! মই কি বিপদত পৰিলোঁহি। যোৱা মঙহৰ টেঙা এখন বেগতে ৰন্ধাই আনাগৈ। কর্ণ-প্রভু। যি আছিল সকলো বান্ধি দিলে। মঙহ এফেৰাও নাই- অইন মঙহ দিলে জানো নহব?
বুঃ বামুণ-আছে, আছে যোৱ।। ৰাণীয়ে মূৰটো লুকুৱাই গৈছে। তাৰেই ৰান্ধি দিবলৈ কোৱাগৈ। নহলে মই নেখাও, যাও। এইবোৰ থাকিল আকা। তুমি এতিয়া নিশ্চয় নৰকলৈ যাবা।
কর্ণ-প্রভু। দাস বেগেতে ভিতৰব পৰা আহোঁ, এখস্তুক বব, নেযাব।
(ভিতৰলৈ যায়)
(পটক্ষেপণ)
অন্ত।