নেজানো পূজাৰ বিধি, বন্দনাৰ বাঁতি, বানাপাণি বাঙ্গেবি! চৰণ তোমাৰ কিরূপে পূজিম হায়, বন্দিম কিমতে! বঙ্গোর'। অনন্ত কাল সঞ্জীবনি বীণা, গহান জোঁকাৰে তাৰ কঁপাই বনুনি, সৰায় কতন। ফুল কবি-ফুলনিত। সুৰ-বুজ। আদি' গুৰু স্বর্গী কবিগণে শুৰ সূতা বাচি লই গাঁথিলে কতনা সঞ্জীবনি মালা। অনুপম শোভা তাৰ, জিলিকে চৌপাশে আহা, কাব্য কাননত। সি দীপ্তিৰ প্রভাৱত হয় দীপ্তিমান, আধ্য কবি সরে, গুক পদ অনুসৰি, ৰচিলে কতনা আক দীপ্তিময়ী মালা, মনে ধৰা চেৱে বান্ধি। হাঁহে মাতৃভাষা উলাহত আজি, পিন্ধি পুত্ৰে ৰচা হাৰ। শুবুজে। বীণাৰ সুৰ, মুৰুখ-সন্তান,- নকঁপে ফুলৰ ঠাৰি, নসবে এপাহি বাজী ফুল! অভাগাৰ কল্পনা চকুত। তথাপি হৃদয়-তন্ত্রী বাজি উঠে ঘনে, মম্মাহত চেপা খাই প্রিয়া বিৰহত!
গুক দীপ্তি আগ কৰি, অন্ধৰ চকুত
• যেনে প্রদীপৰ তাপ, উমানে উমানে, দুটি ফুল, এৰি যোৱা, পাইছো বিচাৰি; গাথোঁ তাৰে এটি ধাৰ, গৰখীয়া মালা! নোশোভে ই মাতৃ কণ্ঠ: মুজুৰায় হিয়া; থাকোক এপাশে পৰি, পাদ-পদ্ম চুই;- ধৰা সুৰ দেবি! গাথোঁ দুখীয়াৰ মাল।। কি হাৰ ৰচিম হায়, কি সম্বল মোৰ,- দুদিনীয়া সাংসাৰিক লীলাৰ কাহিনী। নহয় নতুন দেখা, অপূর্বর ঘটনা; তোলাপৰা কৰি কত দিনে উঠে পৰে, স্বপ্তিৰ চকৰি-যোঁতা। তথাপি, নতুন দিনকে সূবষ, নিতে নর দিন দিয়ে; নতুন জোনায়ে নরচন্দ্র নাম পায়, প্রতি মোহেকৰ পাচে। বছৰ নতুন, বতৰ নতুন, নতুন চলতি ঋতু; সি দবে নতুন, মোৰ লালাৰ কাহিনী, ঘূৰিছে যদিবা এনে ঘটনা চকৰি। জানাতো সৃষ্টিৰ লীলা বিধিৰ হাতত, প্রকৃতি পুৰুষ, কিবা মানব মানবী। সৃষ্টিৰ পাতনিৰূপে মায়াৰ বিকাশ জগতৰ সৃষ্টি পাচে, আৰু জীৱগণ। স্বৰগ, মৰত আৰু পাতাল নামত, ত্রিজগত নিৰমাণ; ব্ৰহ্মাণ্ডৰ ভাগ। স্বগত দেৱগণ, উচ্চতম জীর, উচ্চতম ভোগ অধিকাৰী, সেই মতে আবির্ভাব, দেরলোকে প্রকৃতি পুৰুষ; মৰতত একাকাৰ মানৱ সমাজ। বহুকাল ভুঞ্জি পাচে প্রকৃতি-বিলাস, বাঢ়িল সংসাৰ মায়া দেৱ সমাজত।
একাকাৰ মানৱৰ ধাৰেবোৱা সুখ, দেখি হিংসা উপজিল দেৱতা প্রাণত।. দেৱতা-সেৱক নৰ। তাৰ সুখ শান্তি, অমৰ বাঞ্ছিত! দেখি হিংসা দ্বেষ যত লাজ অপমানে দহিলে দেরতা প্রাণ। আৰোপিলে বিধাতাত পক্ষপাত দোষ। চলিলা ত্বৰিতে পাচে, দেৱকুলমণি; নিবেদিলা মনোদুখ বিধাতাৰ থানে। দেৱতা স্তুতিত হল, শুপ্রসন্ন বিধি, প্রতিশ্রুত সৃষ্টিকর্তা দেৱবাজ পাশে, ঘটাব সৃষ্টিৰ পুশু সংস্কাৰ যুগুত। প্রণমি প্ৰভুৰ পদ, হবিষ অন্তৰে, উভতিল দেৱৰাজ, পূর্ণ মনোৰণ। নামিলা বিধাতা পাচে হেমকুট গিৰি; ললেহি আসন, সুৰি সৃষ্টি গুণ গান, প্রকাশিলে দিব্য জ্যোতি, নবলোক মাজে। উন্মত্ত মানরকুল, উত্রারল চিতে, চিটিকি চলিল হায়, ঈশ-জ্যোতি পাশে, উতলা ফৰিং যেনে প্রদীপৰ ফালে। চাপিল যেতিয়া কাষ, নৰ স্বস্তি বেৰি, সম্বোধি বুলিলা প্রভু সককণ বাণী। "জানা পুত্ৰ নৰগণ! সৃষ্টিৰ মহিমা, উদ্দেশ্য ইয়াৰ এক নিগূঢ় কাৰণ। বহুৰূপে তুষ্ট মই, বহু নামধাৰী, বহুরূপী সৃষ্টি মোৰ ব্ৰহ্মাণ্ড বিয়াপি। মানৱৰ একাকাৰ, নেলাগে মনত দেৱতাৰ অনুৰূপ বাঞ্ছো নৰলোক। প্রত্যেক মানর দ্বিধা হোরা, আজ্ঞা মোৰ; এক হস্তে দুই যেবে, প্রকৃতি পুৰুষ।"
আজ্ঞা মাত্রে হল দুই, প্রত্যেক মানর, প্রকৃতি পুরুষ সৃষ্টি, মানর মানবী। সেই হন্তে অন্ধাঙ্গিনী প্রথম স্রজন। ইরূপে স্বজিলে যেবে মানর সংসাৰ, আববিলে দুটি চকু মায়াৰ ঢাকোনে। অপূৰব লীলা এক, সংসাৰ মহিমা, থিতাপিল প্রতি প্রাণে অভেদ্য কৌশলে। অনন্ত মায়াৰ মাজে লীলাবান নৰ, লীলাৱতী নাৰী সতে কৰি সানমিল, সমুদায় অর্দ্ধ-অর্দ্ধাঙ্গিনী, নৰ-নাৰী, সিঁচিলে চৌপাশে বিধি, আদেশি পুনৰ। "যেরে। খুবি অদ্ধ অঙ্গ; নিজ অর্দ্ধাঙ্গিনী বিচাৰি মিলিব। সৱে। মিলনৰ ফলে পাবা এক অতৃপ্ত সুখক। অস্ত্র তাব নেপাবা জীৱনে। পোহৰ জেউতি যেনে বড়ায় এহ্মাবে; রূপহীৰ চৰে ৰূপ, কৃষ্ণ কেশপাশে। সেইরূপ দুখ-তাপ, ৰোগ-শোক, ভয়-ভ্রম, বিৰহ-সন্তাপে চৰাব নিতকে সেই সুখৰ জেউতি। ভাগ্যে যাৰ মিলে ঠিক নিজ অর্দ্ধাঙ্গিনী সুখ-শান্তি বন্ধা তাব পূর্ণ মিলনত; নতুবা অমিল ভারে অসুখী সংসাৰ। পালিবা আজিৰ হন্তে সংসাৰ ধৰম; চলিব এই সৃষ্টি-বীতি যুগ যুগান্তৰে।" অন্তর্দ্ধান মহাপ্রভু। চলিলা বৈকুণ্ঠে। মায়াৰ ঢাকনি তলে, বিভোল মানরে আৰস্তিলে মহামেলা; সাংসাৰিক লীলা। জনমি কালত পাচে, অর্দ্ধঅঙ্গ এই, আবস্তিলে। মহুলীলা, বিধিৰ বিধানে।
মায়াৰ পৰশে পাহৰিলে। অৰ্দ্ধাঙ্গিনী, নপৰে মনত আৰু পূর্বব জন্ম কথা। মাতৃ অঙ্গ শোভা কৰিং কল্পন। সঙ্গতি, কটালোঁ শিশুৰ কাল; পূর্ব সুখ ভোগী। বাল্যকাল আঁতৰিল, বাল্যবন্ধু সতে, হাঁহি, নাচি, কান্দি, কিবা অর্থশূন্য ভারে। যৌৱন জোঁৱাৰে ক্রমে দিলে দেখা আছি; ব্রহ্মপুত্র ওভতনি! হৃদয় নিঝৰা উপচি পৰিল ফুটি, হিয়াৰ ওপৰে, কত ভাব, কত কথা, কত উচ্চ আশা! পবতীয়া জুৰি প্ৰায় প্ৰেমৰ আবেগ, বিৰিঙ্গি বিয়াপি গল অদ্ধাঙ্গক জুবি! চৈধ্য বর্ষ পাচে মোৰ লভিল জনম, সংসাৰ-বান্ধনি-লীলা, পুণ্য লীলারতী। কুমলীয়া অর্দ্ধাঙ্গিনী কোমল জ্যোতিৰে, জিলিকালে পিতৃগৃহ জিলিকি আপুনি, বহুকাল অপুত্রকা জননী কোলাত। পৰিল চকুত হায়, মায়াৰ ঢাকোন; পাহৰিল পূর্ব্ব দশা, অৰ্দ্ধাঙ্গৰ কথা। সৰল কোমল যত সৌন্দর্য্য-জেউতি, স্বভাৱৰ গাত সনা; সুগন্ধি বহণ, প্রতি প্রাণে প্রতিভাত, পৰিয়াল জুৰি। চৰিল জেউতি তাৰ; বয়সৰ লগে, বিৰিঙ্গি অকণি ফোঁট, আবেগ লীলাৰ, বিয়পি শীতল যেবে কৰিলে সংসাৰ। অনূঢ়া কলিটি পাচে, হল বিকসিত, মধুৰ সৌৰভে তাৰ মৃদু বতাহত, বিচাৰি উৰিল নিজ পৰিমল ভাগী।
শিক্ষাভাগ সাঙ্গ কৰি স্বতস্তৰ ভাৱে, জীৱন যাপন হেতু, দাসত্ব শিকলি পিন্ধিলো গৌৰৱ মানি; ৰাজ কৰ্ম্মচাৰী। এৰিলোঁ জনম ঘৰ; পৰমূৰে খোৱা, নহয় পুরুষ বীতি, পূর্ণ হৃদয়ত। পিতৃ-মাতৃ গুরুজন, বৃদ্ধ বয়সত, আশ্রিত পালিত হব যত্ন ফলে মোৰ: সাধন সমাজ হিত, স্বদেশ মঙ্গল; আৰু যত উচ্চ আশা দান, ধৰ্ম্ম, দয়া, দুখিতৰ সেৱা, কৰি ব্ৰত জীৱনৰ, হলো বাজ সংসাৰব বারে ধৰি গতি। শুনিছিলে। পর্বত বর্ণনা, নদী-গুৰি, গুহা, বনভাগ, গহীন প্রকৃতি কথা, ছাতৰ জীৱন কালে গুকদের মুখে। আঁকিছিলে। মনে মনে চিত্রপট তাৰ, কল্পনা তুলিবে। কিয়ে শান্তি উপভোগ, মনে পাতি চাই, নিতাল প্রকৃতি রূপ। বাগৰি শিলনি বুকে পাকনীয়া জুৰি, বিশাল প্রকৃতি মাজে কত ৰাজ্য ঘূৰে; পাকে পাকে ঘুৰি তাৰ মনমোহা ভাগ, কল্পনা ৰথত চৰি চাও প্রাণ ভৰিব। প্রকৃতে পৰিল যেবে, মানবী চকুত, মনে পতা মনমোহা, প্রকৃত পাহাৰ, জীৱন পথত মোৰ, উদ্দেশ্য গতিত; কি যে ভাব, বর্ণনা অতীত, বিৰিঙ্গিল হৃদয় তলিত! সেই ক্ষণ হস্তে হায়, উথলিল প্রাণে প্রাণে কি যে এটি ভাব, আতিকে মহান; সৃষ্টিৰ মাহাত্মা তাত উঠিল উগাৰি। শুনিছিলে। হায়, বহুকাল আগে, ঈশ্বৰ মহিমা লীলা,
পিতৃদের মুখে। পশা নাই ভাব তাৰ, অতকাল হৃদয় তলিত, সংসাৰৰ আৰ্ত্তবার ভেদি। উদ্ভাসিল এই বেলা, গহীন প্রকৃতি মাজে, গহীন সি ভাব। প্রকাশিল ঈশ-জ্যোতি প্রকৃতি বুকত, অপূর্ব জেউতি তাৰ প্ৰতি স্তৰে স্তৰে, প্রতিভাত হল হায়, ব্রহ্মাণ্ড বিয়াপি। পাহৰিলে। কৰ্ম্মজ্ঞান, সংসাৰ খেতৰ, ৰিণিকি জিলিকে মাথোঁ, উদ্দেশ্য মহান হৃদয় পূৰণ কিষে পরিত্র ভাবত, বিভোল পৰাণ পমে ঈশ-গুণ-গানে। সলালে। মনৰ গতি। ভবিষ্য সংসাৰ মনে প্রাণে দিলে। বাদ, জীৱনৰ পৰা। কর্তব্য পালন, পূজি স্বপ্তিৰ মহিমা, কৰি ব্রত হলো 'প্রতিশ্রুত। আচৰিত, হৃদয়ৰ গুপ্তভাবু, হল প্রতিভাত, নিজম প্রকৃতি বুকে! তটিনী বুকত শুনো শলাগনি, গুপুত মহান ভাব। সেই এটি মহাদিন, ক্ষুদ্র জীৱনৰ। আৰস্তিলোঁ ৰাজকাৰ্য্য, জীবিকাৰ হেতু, জীৱন উদ্দেশ্য আৰু সাধন কাৰণ। সাহিত্য সেরাত পাচে উছর্গিলো প্রাণ, সাৰ কৰি সমুদায় উদ্দেশ্য মূলৰ। সুন্দৰ সি নাগৰাজ্য, শ্যাম পাহাৰত, কহিমা নামেৰে ঠাই, বৃটিচ্ নগৰ। একে নামে নগাচাঙ্গ ধৰে শিতানত। আতিকে সৰল তাৰ নিজাপি সজন, উলঙ্গ সন্ন্যাসী হায়, উদাৰ ভাবত; ঘিণায় কৃত্রিম শোভা, সভ্যতাৰ সাজ।
বনৰ হৰিণা আৰু সৰল মানরে, সমানে বিহাৰ কৰে বিশাল প্রকৃতি। নিঝবা-নিস্বত পানী, অমৃত সমান, সুখ-খাদ্য ফলমূল, প্রকৃতি বিভর, দুৱোৰে সমান ভাগী, ছয়ে বনচৰ। গভীৰ গহ্বৰ ভেদি অত্যুচ্চ বিৰিখে সমথল সমানত হই একাকাৰ, ধৰে শোভা বিতোপন। আবেলি বেলিকা যেবে, হেঙ্গুলি ৰহনে, তিৰবিৰ কৰি, শোভা চেঁচনি পাটাটি, চেঁচা বৰণীয়া, ইচ্ছা যেন, লভোঁ শান্তি খন্তেক বাগৰি, অতৃপ্ত সুখৰ ভাগ, প্রাণ-জুৰ-কৰা। আলাসত উৰি ফুৰা মেঘৰ চকলা সমানে সামানে ফুৰে, যেনে 'হারা-খোর।' বন্ধুগণ আবেলি পৰত। হাঁহি মাৰি নিলগতে, কৰে মোৰ প্ৰাণ মতলীয়া; চাপিলে ওচৰ হায়, কুমলীয়া হিয়া, যায় পমি আবেগত ৰহস্থ্য অপাৰ; দুৰণিৰ দৃষ্টি হায় মন-চুৰ-কৰা: চাওঁতে চাওঁতে দীর্ঘ শ্যামাঙ্গী প্রকৃতি, নিশ্বাস নিবোধি যেন, প্রাণ কাঢ়ি লয়। আৰু যত সৌন্দৰ্য্যৰ গুপুত ভঁৰাল, উদঙ্গাই শাৰী শাৰী পাতিছে পোহাৰ, কিনোতা মানর প্রাণ, বেচোতা প্রকৃতি। ই হেন সৌন্দর্য্য-হাট সমুখত লই, সৰু এটি পজা তলে কৰিলে। বসতি, অর্দ্ধাঙ্গ মানর এই, মুকলি প্রাণেৰে। অৰস্তিলো নিজ ব্ৰত উদ্দেশ্য সুৱৰি। এইরূপে গল কিছুকাল মনে মনে সঁপি মন প্রাণ, কৰ্ত্তব্য চৰণ তলে।
ভাবিছিলোঁ, সৃষ্টিৰ মহিমা, আৰু যিবা প্রকৃতিৰ শোভা, কৰি প্ৰাণে সাৰ-পূজা, উদ্দেশ্যৰ পাচে লৰৌ। উন্নতিৰ বাটে, চিৰকাল অৰ্দ্ধাঙ্গৰ পালে। মহাব্রত। সংসাৰ জঞ্জাল শূণ্য, মুকলি মূৰীয়া; শোক-তাপ, দুঃখ ভয় বিৰহ-সন্তাপ, নাছিল সমুলি তাৰ অশান্তিব চুঁয়া। ভাবিছিলো, চিৰদিন যাপিম ইদবে। অদ্ধাঙ্গ বৈৰাগী জন চাপিলে ওচৰ, উদঙ্গাই হিয়া মোৰ, মিলাও কামনা; আনন্দ নধবে প্রাণে, দেখি মিল ভাব, মনে মনে প্রাণে প্রাণে, হিয়াত হিয়াৰ। সংসাৰী বান্ধরে তেবে অশান্তি জোলোঙা, মেলেছি আগত মোৰ সান্তনাৰে আশে: মুখেৰে বুজনি মাথোঁ, বান্ধর ধবম, নকৰে সি শোক-তাপ প্রাণে অনুভর। ইদৰে বৈৰাগ্য ভাৱে থাকোঁতে পাহৰি অর্দ্ধাঙ্গিনী কথা মোৰ, কোনোবা যুগত: শুগন্ধি সৌৰভ তাৰ পৰিল বিয়াপি প্ৰকৃতিৰ কাম্য কাননত। বিয়াপিল পৰিমল, চউপাশে এই অৰ্দ্ধাঙ্গৰ। পৰ্ব্বতীয়া জুৰি প্রায়, এৰি হৃদ-গুহা, প্রবাহিল প্রেমনদী, প্রতি শিৰে শিৰে, উতলি ভিতৰি এক আবেগ হিয়াৰ। শিয়ৰি উঠিল প্রাণ, কি জানো কি ভাবে, নীৰৱে বিনালে হায়, নিফু'ট সুৰত। শুনালে। প্রবোধ বাণী উদ্দেশ্য প্ৰাণৰ, জীৱনৰ মহাব্ৰত কৰালে। স্মৰণ।
নিবলে পাতিলে কাণ, কান্দিলে নিৰৱে, মনে মনে অৰ্দ্ধাঙ্গৰ অৰ্দ্ধেক পৰাণে উত্রারল হৈয়া বল, অর্দ্ধাঙ্গিনী ধ্যানে। কল্পনা চকুৰে চালে। প্রিয়া অনুকৃতি পূর্বব প্রকৃতিত, অপূর্ব জেউতি চৰা। সৃষ্টি-লীলা প্রতি স্তবে সাংসাৰিক লীলা, বিবিঙ্গি উঠিল হায়, ব্রহ্মাণ্ড বিয়াপি। এই ভারে কিছুকাল যাপিলে। জীরন, পিতৃ-আজ্ঞা বিবাহৰ পালেহি ওচৰ। প্রবাহিত নদে যেন পালে ভেটা-ভঙ্গা; উলাহত পিতৃ-আজ্ঞা ধৰিলোঁ শিৰত। শিবে-বোৱা আবেগৰ শতধাৰা সোঁত, বাগৰিল দুটি ধাৰে, দুগালে ঢৌৱাই! মুহুর্তে ভাবনাযুত। দেখা নাই আগে, কিরূপ ধৰিছে প্রিয়া। চিনিম কি মতে। অৰ্দ্ধাঙ্গিনী বুলি মোৰ মায়া যুত চকু। কি আছে উপায়, পাত্ৰীৰ বাচনি ভাৰ পিতৃ-দেরতাও। সাঙ্গ কৰি সেই কাৰ্য্য পাচিলে আদেশ পাচে পুত্ৰ শিৰলই। সাধ্য কি অরজ্ঞা কৰোঁ, জন্মগুরু ডাক। জ্বলো খোজ ধীৰে ধীৰে, ভবিষ্য নেভাবি, চিন্তি মাথো মনে প্রাণে, বিধিৰ বিধান; যি বিধি সৃজিলে হায়, অৰ্দ্ধাঙ্গিনী নাবী। পাহাৰৰ প্রান্ত এবি নামিলো ভৈয়াম; নতুন উদ্দেশ্য আগে, নর উছাহত। ভিতৰি আশঙ্কা জুই, জ্বলে চতুগুণে, অঘটন ঘটে জানো অন্য অর্দ্ধাঙ্গিনী। আচৰিত! বাচনিত পৰিল সঁচাকে, অন্য এক অর্দ্ধনাৰী, মানর চকুত। সাধ্য কি প্রকৃত ধৰে নৰ চকু-জালে।
ভাগ্যে মোৰ কিন্তু হায়, বিধিৰ লিখন,
লবিল যতেক মানে মানর ব্যৱস্থা। ললেহি আপুনি যেন, পোত্ৰীৰ আসন, অর্দ্ধাঙ্গিনী লীলা মোৰ, আচৰিত ভারে। পুণ্য প্রেম লীলা-খেলা, ধন্য লীলারতী! জনমত দেখা নাই; তথাপি প্রাণত অদৃশ্য ধাৰেৰে বলে মিলনৰ সোঁত; চিনিলে আত্মাই মোৰ, অৰ্দ্ধ আত্মা তাৰ। দেখিছিলে। বিবাহৰ কত ৰীতি নীতি, বৰ-ব্ৰত ধৰা কত বন্ধু প্রণয়ৰ। মুবুজিলো মন-প্রাণ কি যে কৰে তাৰ, কি ভাবে নচায় হিয়া, সেই মহাদিনে। সুখ-দুখ, লাজ-মান, আনন্দ-বেজাৰে, একাকাৰে উলাহত কৰি তিৰবিৰ, কঁপালে হৃদয় মোৰ কঁপিল শৰীৰ, মাতৃয়ে যেতিয়া হায়, ধৰিলে আঁচল বেই ঘুৰনিত; নাৰীৰ শাসনতলে। শুমধুৰ গীত-বাঘ, বাগিনী পঞ্চম, কোকিলৰ কুহু বার কবিতাৰ সুৰ, বাজিছিল প্রাণে মোৰ, অমৃত সমান। কামিনীৰ কণ্ঠে কিন্তু, ঢালিলে যি সুৰ, উল্লাসিত প্রাণে; নেপাও উপমা তাৰ, গীত, বাগ, কুহুৰাৱ, কবিতা সুৰত। সুন্দৰ মুখনি হায়, মঙ্গল উৰুলি। এইরূপে দুই ৰাতি, গল তিনি দিন, পৱিত্ৰ বৰৰ ব্ৰত কৰি আচৰণ, দেরতা সমান হায়, মানর জীব্রনে। বুজিলোঁ, এদিন মানরে দেরত্ব পায়! আগে পাচে হাঁহে নাচে, আনন্দ নধৰে; অদ্ভুত কি বস্তু হলো। বেবি বেৰি হায়, জোমা-জুমি, চোরা-চুই, মন্তব্য প্রকাশ। স্বপ্নৱত অনুভর, দিঠকৰ প্ৰাণে। ভিতৰি আবেগ এটি, জীৱন্ত জাগ্রত, উগুল থুগুল কৰি, কি যে কৰে হিয়া! অর্থশূন্য ভাব তাৰ, নেদেখা উদ্দেশ্য, বাহ্যিক চকুত তাৰ, নেদেখা ছয়াটি, অব্যক্ত ভাবৰ সুৰ; নিৰৱে বিনায়! মুখত মুফুটে কথা; হিয়াৰ আবেগ কপালে বিৰিঙ্গি হায়, পৰিল বাগৰি, প্রিয়তমা অর্দ্ধাঙ্গিনী, অর্দ্ধাঙ্গব বারে, ললেহি আসন যেবে সমাজৰ মাজে। দীর্ঘ ওৰণীক ভেদি জিলিকণিটিয়ে, উদঙ্গালে হিয়া মোৰ। হল প্রতিভাত প্রিয়তমা অনুকৃতি, হৃদয়-ফলিত। শান্তিৰ শীতল তেজ বলে প্রতি শিবে; অঙ্গে অঙ্গে পৰশন, যেবে হাতে হাত; পুলকিত মন-প্রাণ, অস্থিৰ শৰীৰ; আবেগৰ উলাহত দুয়ো অঙ্গ কঁপে, টলবল প্রাণ হায়, হাত থৰবৰ! বিদ্রূপ চাহনি হানে, সমুখৰ পৰা, সমনীয়া বন্ধু জনে, পেলাই ঠেকত। লাজে মুছকছ হায়, গুৰুজন আগে। প্রাণে প্রাণে গল বন্ধা, দম্পতী বান্ধেৰে; দেখালে বাহিৰে পুণ্য মিলনৰ চিন্; পরিত্র সি লগ্ন-গাঁথি, পৱিত্ৰ ভাৱৰ। প্রথম মিলন দিন, পোনে দেখা দেখি, সঙ্কুচিতা অর্দ্ধাঙ্গিনী অৰ্দ্ধাঙ্গৰ পাশে।
পাহৰিলে পূর্ববভাব, একাঙ্গ যেতিয়া, কোনোবা যুগত। মায়াৰ ঢাকোনে আৰু ধৰে নিলগাই, নিচিনা ভাবৰ ফালে। নেচাওঁ যেতিয়া হায়, মুখলই মোৰ, একে ঠবে থাকে চাই, হেঁপাহ চকুৰে। চকুত পৰিলে চকু, কৰে তলমূৰ, ধৰা-পৰা চমকনি খাই। এটি হাত আদবেৰে চপাই বুকত, সোধো কিবা। আবেগ উগাৰি উঠে। দিয়ে কপালৰ ঘামে। নেমাতি উত্তৰ বুকত মুখানি ধৰি হেঁপাহ বান্ধেবে, ঘনে সোধো কিবা,। উছাহ, আবেগ, কিবা, কিজানো কিভাবে, 'ও'-হু' ও' তানে এটি সুব, ঘন উশাহবে, নাকেদি বাহিৰ হল, তালু-ফুটা বাগি। বুজিলে'। হিয়াৰ ভাব, হিয়া ভিখাৰীয়ে। কিবা, সুথ, কিরা শান্তি, কিবা অনুভর, অদ্ধাঙ্গ মিলনে হায়, অর্দ্ধাঙ্গিনী সতে। মুখে মুখে বুকে বুকে, প্রতি অঙ্গ ভাগে, পরিত্র মিলন জ্যোতি প্রকাশি দেখালে, একাঙ্গ শয়ন আহা। বিধিৰ বিধানে।