তাঁয় হাঁয় হৰি হৰি, বও মই কেনে কবি? শান্তি বিনে এই ভব সাগৰ অপাৰে, মোৰ জীৱ তৰণীৰ কোনে গুড়ি ধৰে? একে উপলিছে ঢো কবি শব্দ বৌ বৌ, তাত গুৰিয়ালে হায় এবি গল মোক। ইযাত কৈ আর কিবা আছে বব শোক!
অশান্তি! দয়া শীলা, কত অন্তর্ধান হলা ? দেখা দিয়া একবাৰ জীৱন জুড়াক। তুমি দয়া নকৰিলে আঁক পাম কাক? তুমি মোৰ বল বুদ্ধি, তুমি মোৰ সৰ্বসিদ্ধি, তুমি হোরা একমাত্র কণাৰ লাখুটি, তুমি বিনে হুব মোৰ পৰমায়ু চটি।
এই জীৱনত মোৰ, কত দুখ তাপ ঘোৰ। ঘটিছিল, তাৰ একো সীমা সংখ্যা নাই! তেনে সময়তো তুমি ৰাখিছিলা আই॥ কান্দিলে ওচবে বসি চকুৰ লো দিয়া মছি। কৰা ঠিৰ কই মোক আশ্বাস বচন। নেৰিছিলা দুঃখে সুখে মোক কদাচন।
আজি কি কৰিলোঁ দোষ? মোৰ প্ৰতি কৰি ৰোষ,
এবি গলা নিৰাশ্রয় কৰি একেবাৰে। তুমি বিনে জগতত কোন জীব পাবে? যাওক মোৰ ধন কড়ি, যাওক পিতৃ মাতৃ মৰি, ভাই, ভনী, সহায়, কুটুম্ব আদি যত, তুমি থাকিলেই সুখ পাম মই কত!
নোখোজে। নীতিৰ জ্ঞান, নালাগে বিদ্যাৰ মান, আৰু যত জগতৰ ভাল বস্তুচয়, যদি আই তোমাৰ চৰণ পাও ময়। বুজিছো বুজিছে। আই, ভৰসাৰ টেপ পায়, আতৰিলা নিদাকণ হই মোক এবি, অপাৰ সাগৰ মাঝে নিঠকরা কৰি।
বিশ্বাস ঘাতকী আশা! দিলো হৃদয়ত বাসা, পূজিছিলো দিবা নিশি চৰণত পৰি, তেও দুঃখ দিলে মোক হায় হৰি হৰি । নিজে গল, যক তাই, তাত মোৰ শোক নাই তোমাকো যে লই গল ভঙ্গাই ভুলাই, সেই অনুতাপ মনে সহন নাষায়।
মোৰ আশা পিশাচনী কুলটাৰ চূড়ামণি মৰ দহি পুৰি, মোৰ শাপ অগনিত, নাথাকোক যেন তোৰ নাম পৃথিবীত। ইয়ালৈকে ভাঙ্গি ধন, ইয়ালৈকে পুতি মন,
পূজা দিলো তোক ময় অতি যত্ন কৰি, আৰাধিলো একচিত্তে আন কাম এবি?.
ইয়ালৈকে পখালিলে!, ইয়ালৈকে চুমা দিলোঁ, দুঠেঙত তোৰ ময় ভক্তি সহকাৰে, তাৰ এই ফল মোক দিলি ভাবে ভাবে? খুৱালি গঞ্জনা ঘোৰ, গবিহণা মাশুহব, বুৰালি প্ৰাণক মোব লাজৰ সাগবে, অপমান অনুতাপ পাও ঘৰে পৰে।
ইমান যাতনা দিলি,
মনৰ উৎসাহ নিলি, তেও তোৰ নাই সুখ কৰি লটি ঘটি, শেষে কাঢ়ি নিলি মোৰ কণাৰ লাখুটি, আশাক নিদিবা মন। সাক্ষাত সাপিনী তাই নাই দয়া লেশ। ধৰি মাথোন ফুৰে তাই কৃপালুৰ ভেশ। দেখিব সুন্দৰ অতি
শুনা শুনা ভাইগণ!
জিনি লক্ষ্মী সবসতী, কিন্তু বিষ দিছে পই দাঁতৰ চুকত, চল পালে নেৰে ভাই পুটিব বুকত।
পূর্ণিমাৰ জোন।
আজি আকাশত
নানা ভাব ধৰি,
পূর্ণ জোন কাচি পাৰি,
মেঘৰ মাজত,
লাহে লাহে কৰি
দিছে দেখা হাঁহি মাৰি।
ধুন চাই চাই
ধীৰে ধীৰে যায়
গঢ়াই পেলাইছে ভৰি,
এবাৰ ইফালে
এবাৰ সিফালে,
চায় কেৰাকেৰী কৰি।
এবাৰ লাজত
মেঘৰ আঁবিত
থাকে মুখ লুকুৱাই,
কিন্তু কিছু পিছে
হাসিয়া হৰিষে
দিয়ে দেখা পুনৰাই।
একেতো শুরনী
জোন সুবদনী
ললিত বলিত গার,
তাতে এই ৰূপ
দেখুৱাব রূপ
কৰে না না ভঙ্গি ভার।
এবাৰ ওলায়
এবাৰ লুকায়
এবাৰ ভুমুকি মাৰে,
হাঁহি হাঁহি চকু
বসে ভৰা বুকু
ধীৰে ধীৰে খোজ কাঢ়ে।
ৰূপৰ কিৰণ
জুবিছে গগন,
তেও আৰু আছে বাকী,
পাৰ কুল নাই
দশো দিশে যায়,
আছে বস্তুমতী ঢাকি।
এক ৰতি তাবে
পায় অহঙ্কাৰে
যতেক গছৰ পাত,
চিকমিক কৰি
ঠন ধৰি ধৰি
যত পকি ঘবে
যেন ৰজতৰ
জিলিকিছে অসংখ্যাত।
ধৰি অতি শুভ্র বেশ,
শোভাৰ নাহিক শেষ।
ঢক ঢক কৰে,
সেই একো ঘৰ
ভেট পুগুৰিত
পূৰ্ণিমাৰ জোন।
হাঁহে মুখ মেলি মেলি, অতি হৰষিত
৪৩১
ভোমোৰা খকুরা
ৰাতি দুপৰীয়া,
পাতিছে বসৰ কেলি।
ধন্য ধন্য জোন
আৰু আছে কোন
তোমাৰ সমান হয়,
ৰূপৰ ভণ্ডাৰ
তুমি ব্ৰহ্মাণ্ডৰ
তুমিএহে সর্বময়।
তুমিএহে দিয়।
তুমিএহে নিয়া
তোমাৰ জহতে ফুল,
জকমক কৰি
নানা বেশ ধৰি
কৰে মন বিয়াকুল।
আছে হয় আৰু
দেখিবলৈ বাৰু,
নানা বস্তু পৃথিবীত,
কিন্তু শশধৰ
তোমাৰ ৰূপৰ
নাই তুল কদাচিত।
আছে ইন্দ্র ধনু
বিতোপন তমু
নানা বাগে বিভূষিত
কিন্তু নিশাকৰ
তোমাৰ কোষৰ
নোহোরয় কদাচিত।
অতি বিনন্দীয়া
বিজুলী অমিয়া
গাভৰু ছোৱালী আৰু,
ছৱালৰ হাঁহি
পদুমৰ পাহি
দেখিব অৱশ্য বাক।
ই সবতো বাজে
এই ধৰা মাজে
আছে বস্তু বহুতৰ,
যাৰ ৰূপ মন
মোহে সর্ববক্ষণ
তোলে ঢৌ আনন্দৰ।
কিন্তু সুবদনী তুমিহে সবাৰ ৰাণী, তুমি শিৰোমণি কিন্তু নপারয়
অসমীয়া সাহিত্যৰ চানেকি।
ৰূপ আছে হয় মুখৰ পোহৰ কিছে দিব পাৰে মোৰ মনে কবে নেত্রে ভৰি ভৰি
তোমাৰ ঠেঙৰ পানী।
গাভক জোনৰ
দেখি লাগে বঙ্গ যেনে,
ভুবন ভিতৰে
মনৰ আনন্দ তেনে।
নিতৌ এই দবে
তোমাক দেখিব পাম,
সকলোকে এৰি
তোমার রূপকে চাম।
ধুমুহা বতাহ।
সবে চাৰি পৰ বেলি, ক্রমে ক্রমে গল চলি, সুকযে ধৰিলে ৰঙ্গা উৎপল বৰণ, হিঙ্গুলীয়া হই গল পশ্চিম গগন। জিলিকি গছৰ আগ, ঘৰৰ ওপৰ ভাগ, সোণবৰণীয়া ৰ'দে হই সুশোভিত; দেখি মানুহৰ মন হল হৰষিত।
আন কথা পৰি হবি ক্রমে এটি দুটি কৰি, প্রকৃতিৰ সুশীতল নিশ্বাস সেরন কৰিব ওলাই গল হই হর্ষ মন।
এনে সময়ত পিছে,
দেখা গল সেই দিশে, কুলি কণি যেন কলা মেঘ এডুখবি, উঠে লাহে আপোনাৰ দেহক বিস্তাৰি।
খঙে যেন ক্ষিপ্ত ওই,
মুখেৰে উগাবে জুই, গঞ্জনৰ ছলে আৰু কৰে হুহুঙ্কাব, আহিছে নিশ্চয় যেন নাশিব সংসার। প্রথমতে ক্ষুদ্র কায়, কিন্তু ক্রমে বাড়ি যায়, নিমিষতে ডুবিলেক আকাশ গোটেই, বানপানী পথাৰ বুৰায় যেনেকই।
তাব লগে লগে বাত, লগাইলেক আহি মাত, প্রথমতে গহীন গম্ভীৰ অতিশয়, নিয়মিত বেগ ধবি লাহে লাহে বয়। মুহূর্ত্তেক পিছে তাৰ, লগাই দিলে মহামাব, মেঘ আৰু বিজুলীৰ সহযোগ পায়, মাৰ মাৰ কৰি বায়ু দশোদিশে ধায়।
ডাৱৰৰ গৰগৰি,
বতাহৰ হৰহৰি,
বিজুলীৰ চিকিমিকি দীঘল দীঘল, কৰিলে সকলে। প্রাণী ভয়ত বিহ্বল। ইতি মধ্যে বৰষুণ
সিয়ো অতি নিদারুণ।
মহাবেগে মেঘ এৰি পৃথিবীত পৰে;
মেঘে মাৰে ঢেৰেকনি,
ফাটি যায় কাণ শুনি নাই নাই কিছু পৰ, তাৰ পিছে হৰ হব
ধুমুহাৰ ধুমধুমি ধৰে তাতে তান, মুশুনি নেদেখি একো উড়ি যায় প্রাণ।
কৰি আহি দিয়ে দেখা পরন দেরতা। ভাঙ্গি ছিঙ্গি ঘৰ বাৰি গছ আৰু লতা।
মৰমৰ শব্দ হ'ল, কাৰ ক'ত কি হ'ল, কৰকে নোৱাৰি একো চকুৰে নেদেখি, অন্ধকাৰ ধোৱাময় দেখি দশোদিশি। মেট মেট কৰে ঘৰে, খুটা চতি ঘনে লবে, প্ৰাণৰ ভয়ত যত কুমাৰী ছোৱালী,- খুটা ধৰি স্তুতি কৰে বায়ুৰাজ বুলি।
কথমপি বাজ হুই চোতালত ফণি পষ্ট,
কৰে স্তুতি আৰাধনা কৰযোৰ কৰি, এৰি যোৱা বায়ুৰাজ অনুগ্রহ কৰি। দেখা পালে সিহঁতৰ, কার বার নিৰন্তৰ, পমি যাব খোজে হাঁয় মানুহৰ বুকু; দুর্জয় পরন কিন্তু নাই তাৰ চকু।
স্তুতি কৰে বিপ্র সবে, দেৱদের মহাদেরে, জৈমিনী সমস্ত পুলস্ত্যৰ নাম লই; তিকতাই স্তব কৰে চাল চতি ছুই।
মুশুনে মিনতি সিতো
নবাধয় গতি কতো, ছোঁ ছে। কৰি চলে আপোনাৰ মনে, চাল বেড় গঢ় লতা মোহাৰে সঘনে।
এছাবনি একো ছাটি খানে চোতালৰ মাটি। ভাঙ্গি যেন লই যায় টাটা বেড় ঘৰ কত ঠাইত গছ ভাঙ্গে কৰি মড় মড়। মাজে মাজে শুনি পাওঁ মেঘৰ ভৈৰৱ বার,, অশনিৰ নিপতন আৰ্ত্তনাদ কৰি, ভাঙ্গি যেন পৰে স্বর্গ থাকিব নোৱাৰি।
এইদবে কিছু পব
দেখি চিন প্রলয়ৰ। ইন্দ্রদেরে দয়াকৰি মেঘ নিবাবিলা, বাত বৃষ্টি ক্ষন্তেকতে সবে চলি গৈলা। বতাহৰ ধুমধুমি গল একেবাৰে কমি, লাহে লাহে মুশুনাই হল পিছে গই, নিশ্চল নিস্তব্ধ হল প্রকৃতি দুনাই।
ঘৰ এৰি বাটলৈ
যায় লোক ব্যস্ত হই, চাবলৈ কাৰ কত হল "পয়মাল"; দেখে পৰি আছে ভাঙ্গি, গছ, কত ডাল। কাৰো ঘৰে বেৰ নাই - কাৰো ঘৰ আছে শুই,
কাৰো আকৌ কল বাৰি চন হই গল, মহাৰণে তামোলৰ শিৰ হত কল।
আলিক আরবি আছে কত বৰ বৰ গছে ঢাকি আছে পাতে তাৰ বাট পথ সব। ইও এক প্রকৃতিৰ মূৰ্ত্তি অভিনর।
লবা কাল!
হেকরালে। ভাই ময় অমূল্য রতন বাখিবলৈ নোৱাৰিলোঁ করিয়া যতন। আনন্দৰ কাল মোৰ: পৰিল হবলা ওব, বোধকৰে। সি আৰু নাহিব উভতি, যাবৎ জীৱন মোৰ ভব এই গতি।
যেতিয়া আছিলো ময় বয়সত সক, জ্ঞানত আছিলোঁ যেন ছাগলি বা গঞ্চ, কেনে বঙ্গ পাইছিলোঁ, বহি গীত গাইছিলো। নাছিল ভাবনা একো সংসাৰৰ ফালে, কসময় দেখিছিলে। চাঁও যেই ফালে।
বাতিপুৱ। বঙ্গাবদ পিঠিত লগাই,
তুলি পোরা চেঁচা ভাত দুটা মান খাই, হাত মছি তপিলাত, ছকঠীয়া লই গাত, লগৰীয়াৰ লগ লাগি ফুর্বে। নাচি বাগি; এতিয়া দেখোন হলো বিষাদৰ ভাগি।
হাঁয় হাঁয় কেনে সুখে দুপৰীয়া গই, পৰ্ববতৰ ওচৰত ময় অকলৈ,
নিজান ভৰলু দাঁতি বহি তাতে কাণ পাতি, শুনিছিলো কলকলি প্রথব সোঁতব, লইছিলে! সুশীতল বার আনন্দব।
কপৌৰ মধুৰ মাত লই সমীবণ, ধীরে ধীরে বই যায় ছুই প্রাণ মন, সেই সুখে হাত ভৰি নিশ্চল অবশ কৰি, টোপনিৰ বস আনি দিয়ে গাত ঢালি, চকুৰ পতাও রুমে যায়গই হালি।
কলা ঘুমটীয়া হই থাকে। ময় তাত, কত আছে। কত নাই তত নাই গাত, নাই বুজ শবীরব, নাই জ্ঞান জীৱনব, কিন্তু কেতিয়াবা আহি পুথি মাছবোৰে, টুপকৰি জাঁপ মাবি ধ্যান ভঙ্গ কৰে।
মনত পৰেতি মোৰ আগৰ সময়, আছিল যেতিয়া ধৰা সুখব আলয়, হাঁহিছিল খিলি খিলি, গাইছিল চুলি চুলি, বঙাটুনী ফেঢ়লুকা আদি পক্ষী বোৰে, নাচিছিল হালি হালি বকুল টগবে।
কাণ কুকলিয়ে পুরা কুলু কুলু কৰি, বঙ্গাফুলে বঞ্চিত মদাবত পৰি, পীয়ে মৌ হর্স মনে, নাচে বাগে ঘনে ঘনে, দেখি শুনি কেনে সুখ ময় লভিছিলোঁ, সিহঁতৰ দৰে হাঁয়! নাচি ফুৰিছিলোঁ।
কেতিয়াবা পিৰালিত বহি মনে মনে, আকাশৰ ফাললৈ চাই ঘনে ঘনে, সুখ পাইছিলে। দেখি, উৰি ফুৰে নানা পখী, ধীৰে ধীৰে লাহে লাহে ইফালে সিফালে, নাপাই ঠিকনা যেন যাব কোন ফালে।
চপৰা চপৰী মেঘ সীমা সংখ্যা নাই, খুৰি ফুৰে ঠিক যেন বাট হেকরাই, তাৰ তলে তলে হায়, চিলনি ফুৰে বনাই, উড়ি উড়ি ঘূৰি ঘূৰি কাতি কুতা কবি, এবাৰ জোকাৰি পাখি এবাৰ বিস্তাৰি।
কিমান নো কম মুয় সেই বোৰ কণা, অলেখ অসীম সাগৰৰ বালি যথা, প্রাণ ছাটি ফুটি কবে, যেতিয়া মনত পৰে, সি সব সুখৰ দিন বই গল মোৰ, এতিয়া চাৰিও ফালে দেখোঁ দুঃখ ঘোৰ।
নেপাও এতিয়া কিয় তেনেকুরা সুখ? দেখাপালে গোলাপৰ সেই ভাঁহি মুখ, শুনো সেই কুমাৰণী, কবে শব্দ গুন গুনি, ভুন ভুন ভোমোৰাই আজিও মাতিছে, আজিও তম্বুৰা যেন বাজনা বাজিছে।
আজিও ফুৰিছে মেঘ আকাশত চৰি, আজিও ফুৰিছে সৌরা চিল। উড়ি উড়ি, কিন্তু সেই সুখ নাই, আকাশলৈ আছো চাই,
দুঃখাহে দেখিছে। মই গোটেই স্বর্গত, দুখৰেহে কথা মোৰ জাগিছে মনত ॥
ডেকা কাল।
ইডেন কাননে বসি, ভারনা মন্দিবে পশি, আছিলে। এদিন ময় গধূলি সময় ধাৰে ধীৰে জুৰ বায়ু মৃদু মৃদু বয়। অভাবুকে ভাব পায়, ভাবুকৰ কথাই নাই, কতভাব আহি পৰে তাব পৰশনে কতবিধ চিন্তা আহি দেখা দিয়ে মনে।
এনে সময়তে তাত ধৰাধৰি কৰি হাত যায় ডেকা লৰা দুটি এই কথা কই, "যৌৱন কাহাৰো চিৰকলীয়া নহয়" এই কথা সিহঁতৰ, মনত লাগিল বৰ উঠিল উঠলি চিন্তা বৰালে মনক কিয়নো জগতে ভাল বোলে যৌৱনক।
এই যে যৌরন কাল, যাক সবে বোলে ভাল, কত মানুহৰ কাল হয় জীৱনত
সদাই ঘটাই থাকে অসুখ মনত। কত কিনো উঠে মনে, দিনে বাতি ঘনে ঘনে, কত ইচ্ছা কত বাঞ্ছা মনে মনে যায় এটাও শুপূবে মাত্র লোভ দেখুৱায়।
দেখে নানাবিধ কথা কিন্তু মনে পায় বেথা, কিয়নো, নাপায় তাৰ এটাও বিচাৰি, পাকে আত্ম অভিলাষ মনতেই মাৰি। প্রৱল মনৰ গতি, উধাব পাৰয় অতি, এতেকতে দেখা পায় সুখৰ উৎকৃষ্ট, যিটো বৰ ভাল হয় ঈশ্বৰৰ সৃষ্ট।
কিন্তু হায় ভাগ্যবশে
নাইবা কাৰ্য্যৰ দোষে, ভোগ কৰিবলৈ পায় দুঃখৰ গৰিষ্ঠ যেই বাটে খোজ পাতে তাতে দেখে বিস্ট। দেখে নানাবিধ স্তথ পাম বুলি মেলে মুখ, কিন্তু পোরা টান বৰ সকলো বোৰেই নোরাবে পাবলৈ তাক জন যেই সেই।
কৰি পুকষার্থ টান
কোনোটোরে কিছুমান,
পায় হয় মাঝে মাঝে তেজকবি পানী কিন্তু তাব পৰা শেষে হয় গই হানি। অলপ চাকিব পাই মন উত্রারল হয়, আৰু খোজে খাবলৈ পেট মূৰ ভৰি কত পাব? পোরা টান বহু যত্ন কৰি।
কোনোটো পুলকি হাত
পর্শ সুখ দিয়া গাত, পলায় লড়িয়া সিতো উভতি নাচায় কেৱল দুঃখৰ দলি মনক মাৰয়।
আৰু আছে কিছুমান
যাক পোৱা বৰ টান, কল্পনাত বাজে কভু দর্শন নহয় ইহু জন্মে নৰে তাক ঢুকিও নাপায়।
এই দৰে কিছু পোর।
আৰু যত পলৰীয়া, ইচ্ছা বোৰে দিয়ে দুঃখ যৌৱন কালত, সদায় অসুখ এটা ঘটায় মনত। যেতিয়া জুবাব তেজ, কমিব মনৰ বেগ, উষ্ণ উত্তাৱল ভাব ক্রমে কমি যাব, প্রবল পরন গই কিছু সাম্য হর।
হব মন কিছু ধীৰ মতি হব ক্রমে থিৰ, ইচ্ছাই ধৰিব ৰূপ গই নিয়মিত, সুস্থিৰ গভীৰ হব মানুহৰ চিত। তেতিয়া কি সুখ পাব অসুখৰ হেতু যাব, শান্তি আহি কোলা পাতি লব তেতিয়াই, জুৰাব শৰীৰ মন কোনো চিন্তা নাই?
মানুহৰ এই কাল, হব পাৰে কিছু ভাল, আৰু দেখা যায় ভাল লৰা কাল বৰ নাই চিন্তা ভাব একো সুখৰ আকৰ। কিন্তু গৰু ছাগলিতো দেখা যায় সুখ ইটো, আনেহে দেখিব তাক পায় সর্বদাই ভোগোতাই তাৰ একো গমকে নাপায়।
গই দেখা পালোঁ যিবা তাৰ কথা কম কিবা,
নেদেখিলে কাৰে। কতু বিশ্বাস নহয়। ধৰিয়া অপূর্বর বেশ,
শোভাৰ নাহিক শেষ,
বিৰাজে প্রকৃতি দেবী তাত অকলৈ। দেখিলে এবাৰ তুমি কৰিবা প্রত্যয়।
কোনে তাত কইছিল
কোনে পতি কৰিছিল, এতেক খাজুৰি গছ তাল, নাবিকল, তামোল, আইত, চাম শাল, শিশু আক আম কত কত আৰু তাত আছে শিবিফল।
কোনো ডাল আছে লাগি
কোনো ডাল ডুবভাগী, নাই লগা গুটি তত বঙ্গা গছ হাঁয়! কাৰো কাৰো তল ভৰি আছে ফল সৰি সৰি। লাৰোঁতা চাৰোঁতা তাক কোনো তাত নাই।
আছে তাৰ মাঝে মাঝে ইসব গছতো বাজে, নানাবিধ অচিনাকী গছ মজলীয়া, রূপেবে মোহয় মতি ওখয় ডাঙ্গবে দেখি বিশেষ ধুনীয়া।
দেখিব সুন্দৰ অতি
তাকে বেঢ়ি অনুগতা সৰু ইলাচিব লতা বগাইছে আগগুৰি ঢাকি সর্বন ডাল,
তাৰ পাশে লং ফুল
গন্ধেৰে কৰে আকুল, জায়ফলো ওপৰতে দেখিবলৈ ভাল।
এই বোৰ গছে পৰি
নানা পখী শুৰ ধৰি বহুবিধ মাত মাতি গাইছিল গীত,
সক সক কোনো বোৰে ঝপিয়াই নৃত্য কৰে ইপিনে সিপিনে পৰি মোহি নিয়ে চিত, কোনো বোৰে মুখ মেলি কৰে পিত পিত।
ইচ্ছা হয় এই বনে থাকিয়া একান্ত মনে, প্রকৃতিৰ সহ 'সুখ কৰে। অকলৈ, তাত একো নাই হানি
নিজৰাৰ খাম পানী
পূৰিম উদৰ মোৰ ফল মূল লই।
নাই তাত কোনো দুখ
চিৰকাল পাম সুখ ভয় চিন্তা আশঙ্কা সকলো দূৰে যাব। শুখ চিন্তা মনে ধৰি
জ্ঞানকে উদ্দেশ কৰি, থাকিম আঁতৰি মাজে মন পিৰ কৰি।
নিজৰাৰ ওচৰত দুপৰীয়া সময়ত, শিলৰ ওপৰে বহি গছৰ তলত, ভাবিম নিগুঢ় ভাব সংসাৰৰ গতি ভাব কিয়নো ভ্রমিছে প্রাণী এই জগতত।
কি কাৰণে জন্ম হয়,
কিয়লৈ নো পায় লয়, কৰ পৰা আহে আৰু কলৈ চলি যায়। এই বোৰ চিন্তা কৰি
শান্তি জল শিবে ধৰি কটাম দিন ভাগ শোভা চাই চাই।
জোনাক যামিনী হলে ধীৰে ধীৰে বায় চলে,
ভ্ৰমণ কৰিম ময় কানন ভিতৰে নিস্তব্ধ মূৰতি ধৰি আকাশলৈ দৃষ্টি কৰি, চিন্তা কৰি চাম ময় অন্তৰে অন্তৰে।
কিয়নে। ঘূৰিচে জোন স্রষ্টাইবা তাৰ কোন কিয়লৈব। দিয়ে বিমল পোহৰ। শুকযেবা কি কাৰণ, কৰে ৰশ্মি বিতৰণ, কৰ পৰা হল আৰু তৰা মনোহৰ?
কিয় বায়ু বলবান বহি মোক দিয়ে প্রাণ, কিয়লৈব। গ্রহবোৰ ঘূৰি ঘূৰি ফুৰে, কি কাৰণ ধূমকেতু বহু অনিষ্টৰ হেতু মাঝে মাঝে দিয়া দেখা শব্দ কৰি ফুৰে?
কিয়নো সর্চিলে বিধি পৃথিবী দুঃখৰ নিধি, আৰু জন্ম দিলে কিয় যত প্রাণীচয়,
কিয় সৃষ্টি সৃষ্ট হল,
স্রষ্টাইনো কলৈ গল, দেখি দুঃখ সিহঁতৰ দয়া নকৰয়? কৰিম ইয়াকে ভাবি পৰমায়ু ক্ষয়।
কিন্তু শঙ্কা হয় মনে, জাগি উঠে ঘনে ঘনে,
অপাৰ সন্দেহ বাশি হৃদয়ত মোৰ, কোনো অৱস্থায় ভাল, নালাগয় চিৰকাল, বৈকুন্ঠ ধামতো যেন আছে দুঃখ ঘোৰ।
কিয়নো দেখিছো ময়
যি আছিল মধুময় সিয়ে। কিছু দিন পৰে লাগে বৰ তিতা, চেনিবো সোৱাদ যায়, কুহিয়াৰ টেঙাহয়, মাখনে ও লাহে লাহে পায় কর্কশতা।
এতেকতে কি বিচিত্র, যাক আজি ভাবি মিত্র, লও তুলি যত্ন কৰি বুকুৰ ওপৰে কালি মহাশত্রু হই, হাতত কুঠাৰ লই, বিচাৰিব লগাবলৈ এক কোব শিবে।
আজি যিবা লাগে ভাল
কালি হয় সেয়ে কাল, বিস্বাদ বিকৃতি বেয়া বিষাদৰ হেতু। এতেকতে কিছু দিনে ইওতো লাগিব মনে
বেয়া, যাক ভাবো যেন আনন্দৰ সেতু, সকলোরে বেয়া হয় মূল যাৰ কেতু।