মনোমতী।
মানহঁতে পমীলাকে আক মনোমতীকে একে লগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল। বাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা বতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জই পৰা মনত অলপ ৰঙ লগাইছিল।
মইনবৰি গাৱ তো পমীলা আৰু মনোমতীৰ আজি দুদিন নিৰাহাব। মানহঁতে তেওঁবিলাকৰ জাতকুল মাৰিবৰ অভিপ্রায়ে তেও'বিলাকক সিহঁতৰ ৰন্ধা ভাত আনি আনি দিছিল। চতুৰী পমীলাই ঘৰৰ ভিতৰতে নিজৰ কঁকালত থকা হাঁচতিৰ কটাৰী এখানেবে গাঁত এটা খানি লৈ মানহঁতৰ ভাতবিলাক সেই গাঁতত পেলাই পেলাই দিছিল; আৰু ভোকে লঘোণে তেও বিলাকে দুদিন দুৰাতি কটাইছিল। এতিয়া গধূলি হোৱাত দুইও সখীয়েকে চুক এটাত পৰি ডিঙ্গিত ধৰাধৰি কৰি কথা বতৰা পাতি মনৰ দুখ মনতে সামৰিছিল। মনোমতীয়ে কৈছিল:- "সখি! আমাকনো কিহে পালে?" পমীলা-"আন একো নহয় সখি, আমাক কালেহে পাইছে!" মনোমতী-"সখি! ইহঁতে আমাৰ দেউতাকনো কলৈ নিলে? কি কৰিলে? প্রভুয়েনো আমাৰ কপালত ইয়াকেহে লেখিছিলনে?" পমীলা- "সখি! ইয়াকে নেলেখিলেনো আমাৰ এনেকুর। বিলাই কেলেই হল হেতেন ?" মনোমতী-"সখি! এই পিশাচহঁতে আমাকনো কি কৰিব খুজিছে ?" পমীলা- "ইহঁতে হেনো বুঢ়ী আৰু ছোৱালীবিলাকক কাটি পেলায়। ভাল ভাল গাভৰুবিলাকৰ হেনো জাতকুল মাৰে।" মনোমতী-"সখি! পিশাচইতে আমাক ইয়াকে কৰিবলৈহে ৰাখিছেনে?" পমীলা-"এৰা সখি? তোমাৰ ওপৰত মানৰ সেনাপতি তিলোৱাৰ চকু পৰিছে। মোৰ ওপৰত বা বিশেষকৈ কাৰ চকু পৰিছে কব নোৱাৰোঁ। বাক! তোমাক এটা কথা সোধো। তুমিনো মানৰ ভাত খাব পাৰিবানে ?" মনোমতী-"জীউটো গলেও মই পিশাচৰ তিকতা হব নোৱাৰিম।" পমীলা-"যদি বল কৰি সেনাপতিয়ে তোমাৰ গাত ধৰে তেস্তেনো কি কৰিবা ?"
মনোমতী- (কাপোৰৰ তলৰ পৰা ক্ষুৰধান উলিয়াই দেখুৱাই) "এই ক্ষুবেৰ হয় তার্থ ডিঙ্গিত, নহয় মোৰ নিজৰ ডিঙ্গিতে বেপ দিম।" পমীলা-"তোমাৰ নিজৰ ডিঙ্গিত বেপ দিয়া ভাবটো এৰা। পাৰিলে পিশাচৰ ডিঙ্গিতে ক্ষুবখান বহুৱাবা। মনোমতী -"বাক তাকে হলেও কৰিম। কিন্তু কোৱাচোন সখি! তুমিনো কি কৰিবা।" পমীলা-"সখি! মই পিশাচক বান্দৰৰ দৰে নচুৱাম। ছটাক নচুৱাইছো দেখিছাই। কেরল সেনাপতিক নচুয়াব পাৰা নাই।" এই দৰে দুইও সখীয়েকে কথা বাতৰা পাতি থাকোঁতেই মিঙ্গিমাহা আহি ঘবৰ ভিতৰত সোমাল। সি ঘৰৰ ভিতৰত সোমোৱা মাত্রেই মনোমতী ভয়তে ঢুকত সোমালগৈ। চতুৰী পমালাই মিচিক কৰি হাঁহি এটি মাৰি আগবাঢ়ি আহি মিঙ্গিমাহাক কলেঃ "সেনাপতি! আজি আমাৰ কি ভাগ্য যে আপুনি আমাৰ ঘৰলৈ আহিল।" মিঙ্গিমাহা- "তোমালোক কেনে আছা। মই তাকে চাবলৈ আহিছো।" পমালা-"সেনাপতিৰ আমালৈ বৰ মৰম।" মিঙ্গিমাহা-"এবা বৰ মৰম। আমি তোমালোকৰ নিচিনা গাভকক বৰ ভাল পাই নহয়নে? বাক! তোমালোক কেনে আছা ?" পমীলা -"সেনাপতিৰ অনুগ্রহত আমি এই ঘৰৰ ভিতৰতে বজাৰ ঘৰত থকা যেন পাইছো।" মিঙ্গিমাহা-"তোমালোকৰ খোৱা লোৱাত একো দুখ হোরা নাইতো ?" পমীলা-"সেনাপতি! তোমালোকৰ ভাত বিলাক বৰ মিঠা। কিবা সেই ফটিকাবিলাকহে দেখোন কেনেবা কেচেমাকেচেম গোন্ধায়। মিঙ্গিমাহা - "তুমি এতিয়াও ফটিকাৰ সোৱাদ বুজিব পৰা নাই। এবাৰ ফটিকাৰ সোৱাদ পালে বুজিবা, ফটিকা কেনে ভাল বস্তু। এবাৰ ফটিকাত মুখ বহিলে সদাই আমাৰ ফটিক। খাবলৈহে মন কৰিবা।" পমীলা-"হব পাৰে। আপোনালোকৰ নিচিনা দিগ্বিজয়ী বীৰ সকলে যেতিয়া ফটিক। ইমান ভাল বস্তু বুলি কৈছে তেতিয়া ফটিকানো কেনেকৈ বেয়া হব পাৰে? আমাৰ খাৰ খোৱা জিভাত ভাল নালাগিলেই কি এনে দেৱতাৰ দুল্লভ বস্তু বেয়া হব পাৰেনে?" মিঙ্গিমাহ।-"হয়। তুমি যথার্থ কথা কইছা। বাক কোৱাচোন তোমাৰ লগৰ সিজনী কলৈ গল।" পমীলা-“তাই ভয় পাই সৌ চুকত সোমাইছে গৈ।" মিঙ্গিমাহা (হাঁহি হাঁহি) কিহবনো ভয়। আমি কিবা বাঘনে তাইক খাই পেলাম।" পমীলা-"সেনাপতি! তাই ন ছোৱালী। একোকে নেজানে। সেই দেখি তাই আপোনাক অহা দেখি ভয়তে মুচকচ গৈ ঢুকত সোমাইছে।” মিঙ্গিমাহা- "একো ভয় নাই। তাইক এবাৰ ইফালে আহিবলৈ কোরা।" মিঙ্গিমাহাব এই কথাত পমীলাই সখীয়েকক মাতিকলে:--সখি! এবাৰ ইফালে নাহ। কেলেই ?" পমীলাৰ এই কথাত মনোমতীয়ে একো উত্তৰ নিদি আৰু কুচিমুচি ঢুকত সোমাল; এনেতে মিঙ্গিমাহাই এখোজ দুখোজ কৰি মনোমতীৰ ফাললৈ গল আৰু তেওঁৰ ওচৰ চাপি কবলৈ ধৰিলে:-"তুমি ভয় কবিছা কেলেই"? মনোমতীয়ে কলে:-"সেনাপতি! তোমাৰ যদি অলপো ধৰ্ম্মৰ ভয় আছে তেন্তে তুমি মোৰ ওচৰ নাচাপিবা। কাবৌ কৰিছোঁ মোক এৰি দিয়া।" মিঙ্গিমাহা-"মইনা! তোমাক এৰি দিব নোৱাৰো। তোমাক মই বৰ ভাল পাওঁ। তোমাৰ ৰূপত মই তেনেই ভোল গৈছো।" মনোমতী-"সেনাপতি! আপুনি বীৰ। আপুনি ডাঙ্গৰ মানুহ। আপুনি আপোনাৰ স্বদেশীয় রূপরতী- বিলাকক মৰম কৰগৈ। আমাৰ নিচিনা দুর্ভগীয়া আপোনাৰ মৰমৰ যোগ্য নহও। বিশেষ আপুনি আমাৰ শত্রু। আপোনাক কেতিয়াও আমি ভাল পাব নোৱাৰিম।" মিঙ্গিমাহা - "বুকৰ জীউ! তুমি যিহকে ভাল পোৱ। মই তাকে কৰিম। তোমাৰ পিতাৰাক এবি দিম; আৰু আন আন যাকে এবি দিবলৈ কোরা তাকে এৰি দিম। মোত তুমি ভজা।" মনোমতী-"বীৰ! আপোনাৰ যদি দৰাচলতে মোলৈ কৃপা আছে তেন্তে অনুগ্রহ কৰি আমাৰ এটাইবিলাককে এৰি দিয়ক। আমাক মাৰিনো আপোনাৰ কি লাভ হব। আপুনি আমাক এৰি দিয়ক। আমি আপোনাৰ অক্ষয় কীত্তি গাম।" মিঙ্গিমাহা-তোমালোকক এটাইবিলাককে বাক মই এবি দিম; কিন্তু তুমি কোৱাচোন মোক তুমি ভাল পাবানে ?" মনোমতী-"আপুনি যদি আমাৰ এটাইবিলাককে এবি দিয়ে তেন্তে আপোনাক মই নিজৰ পিতৃব দবে ভাল পাম।" মনোমতীৰ এই কথাত মিঙ্গিমাহাৰ মুখ কলা পৰিল। বিবস মনেৰে কলে:-"তুমি মোক পিতৃৰ দৰে মৰম কৰিব নেলাগে। তোমাৰ গোলাম বুলিহে মৰম কৰিব লাগে।" মনোমতী-"মই আপোনাৰ নিচিনা বীৰ এজনক গোলাম বুলিবলৈ কি সাহ আছে?" মিঙ্গিমাহা-"তোমাৰ তেন্তে স্বামী বুলি মৰম কৰিবা।" মনোমতী-"আপুনি যেতিয়াই ইমান বিলাক বীৰৰ স্বামী, তেনে স্থলত মই স্বামী বুলি- লেহে আপুনি স্বামী হবনে?" মিঙ্গিমাহা "মই সেই ভাবত স্বামী বুলিবলৈ কোরা নাই। মই কইছো তুমি মোৰ তিকতা হবা নে ?" মনোমতী-"মই কেতিয়াও তোমাৰ তিকতা হব নোৱাৰে।।" মিঙ্গিমাহা "লাহুবী! তুমি ফুল। মই ভোমোৰা। তুমি যদি মোক তোমাৰ ফুলৰ মৌ স্ব ইচ্ছাতে খাব নিদিয়া তেন্তে মই বল কৰি খাম।" মনোমতী- “আপোনাৰ চিৰকাললৈকে কলঙ্ক ৰব।" মিঙ্গিমাহা -"মোৰ কলঙ্ক হলেও তোমাক মই মোৰ মনৰ পৰা বাজ কৰিব নোৱাৰিম। কোৱাচোন তুমি মোৰ হবানে ?” মনোমতী-"এই জীউটো গলেও মই তোমাৰ হব নোৱাৰিম।" মনোমতীৰ এই কথাত মিঙ্গিমাহাই চকু দুটা ৰঙা কৰি বাহু আফালি "বাক তোকনো কোনে বাথে চাওঁ" এই বুলিয়েই সি মনোমতীক খেদা মাৰি গল। মনোমতীয়েও বিপদত ধৈর্য্য নেহেকরাই ততালিকে কাপোৰৰ তলৰ পৰা ক্ষুবখান উলিয়াই দেখুৱাই কলে:-"পিশাচ! আহ। এই ক্ষুব তোৰ ডিঙ্গিত বহুরাম।" মিঙ্গিমাহাইও তৎক্ষণাৎ কঁকালৰ পাপৰ পৰা তবোরাল খন উলিয়াই দেখুয়াই কলে;-"তোক এই তৰোৱালেবে একেকোরে কাটিম।" মনোমতী-"তই মোক তৰোৱালেৰে কাট, মোর পক্ষে সিও ভাল, তেও মই তোক মোৰ গা চুব নিদিওঁ।" মিঙ্গিমাহাই মনোমতীর সাহ দেখি আৰু কথা শুনি, তবোরালখান সুমাই থৈ কলে:-"বাক! আজিলৈ তোক এবিলে।। কিন্তু মই চাম, তই নো মানব ভাত পারনে নেখার।" ইয়াৰ পাছতে সি পমীলাক চকুৰ আগতে দেখি কলেঃ- "তই বব দুষ্টা। তয়েই তাইক এনে বিলাক বুধি দিছ।" পমীলা-"সেনাপতি! আপুনি পুরুষহৈ এজনী তিকতাক বশ কৰিব নোৱাৰিলে। এতিয়া মইহে দোষী হলু" ?" মিষ্টিমাহা-"তোক আৰু মই তাইৰে সৈতে একেলগে নগৰ্ত্ত"। পমীলা-"ভাল! কিন্তু তুমি মোক অকলৈ এঠাইত খলে তোমাৰ বণুৱা দুটাই কটাকটিকৈ মৰিব।" মিঙ্গিমাহা-"মই তোকে। কাকো নিদিও। তইও মোবে হবি। বাক, আজিলৈ মই যাও।" এই বুলি মিঙ্গিমাহা খবৰ ভিতৰৰ পবা ওলাল। ওলায়েই তেওঁ সমুখতে এটা বঙা পাণ্ডবীৰে সৈতে মানুহ পালে। সেই মানুহটোরে মিঙ্গিমাহাৰ হাতত এখান চিঠি দিলে। মিঙ্গিমাতাই সেই চিঠিখান লৈ মানুহটোক বিদায় দি নিজব বকালৈ গল।
পঞ্চম অধ্যায়।
মানব উপদ্রর।
বৰনগৰীয়া বৰুৱাৰ গড় আক্রমণ কৰিবৰ পাছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বকরাই ইজাক মান লৈ বৰ নগৰৰ আমবাৰি, চকচকা ইত্যাদি ঠাইলৈ গল। সেই ঠাইবিলাকত লুটপাত কৰি মানহঁতে রূপসীৰ কল গেছিয়া, উদ্দমাৰি ইত্যাদি গারে'দি ক্রমে মইনবৰিৰ ফালে ভঢিয়াবলৈ ধৰিলে। সিহঁতৰ অত্যাচাৰ, ভীষণ নিষ্ঠুৰতা আৰু পৈশাচিক কাণ্ডত অসমীয়া মানুহ ছলাকলা পৰিল। মানহঁতে যি যি গাওত গার'লীয়া মানুহৰ পৰা কোনো বাধা বিঘিনি নাপাইছিল সেই সেই গার'ত ধন সোণ লুটপাত কৰাত বাজে আন একো বিশেষ উপদ্ৰৱ কৰা নাছিল। কিন্তু যি যি গার'ত গার'লীয়া মানুহ বিলাকে সাহ কৰি সিহঁতৰ লগত যুজ দি ঘাটিছিল, সেই সেই গারত সিহঁতৰ উপদ্রর বর্ণনাৰ অতীত হৈছিল। সিহতে ঠায়ে ঠায়ে মটাকে মাইকীকে একেলগে তলা ওপৰা কৰি বান্ধি দুইকো একে যাবে কাটিছিল। গিৰিয়েকটোক বান্ধি থৈ, তাৰ চকুৰ আগতে তাৰ গাভক তিকতাজনীৰ সতীত্ব নাশ কৰি গিৰিয়েকৰ আগত ঘৈনীয়েকক, ঘৈনীয়েককৰ আগত গিবিয়েকক কাটিছিল। কিছুমান মানুহক সিহঁতে হাতত খিলামাৰি কঁকালত ডোল লগাই লৈ ফুৰাইছিল। কোনো কোনো মানুহক সিহঁতে বাটে পাপে, মাছ পহুৰ দৰে বান্ধি বান্ধি পেলাই লৈ সিহঁতক জাঠি জোঙেবে খুচিবিন্ধি মাৰি সিহঁতৰ মঙ্গহ কাউব শগুণক খুৱালে। ঠায়ে ঠায়ে সিহঁতে অসমীয়া মানুহ কেতবিলাকক একেটা ঘৰত সুমাই লৈ দুৱাৰ বান্ধি ঘৰত জুই লগাই দি জাকি দি পুৰি মাৰিলে। ঠায়ে ঠায়ে মাকৰ বুকৰ পৰা কেচুরা লবা কাঢ়ি লৈ মাকৰ চকুৰ আগতে সেই কেচুৱা লৰাক ওপৰলৈ ধোপমাৰি দি তলত তৰোৱাল পাতি কাটি, সেই কেচুৱা লবাব মঙ্গহ মাকৰ মুখত কটিয়ালে। সিহঁতৰ অত্যাচাৰত, সিহঁতৰ উপদ্ৰৱত অসমীয়া মানুহে গাওঁ এবি হাবিয়ে বননিয়ে পলাল। ভালেমান মানুহ বিজনী, গৌৰীপুৰ, গোৱালপাৰা ইত্যাদি ঠাইত সোমালগৈ। অনেক মানুহ পলাই ঢিলমাৰি, ধুবুৰীৰ ফাললৈ গল। কিছুমান মানুহ পলাই হেনো ভোটান পাহাড়েদি তিব্বত পলেগৈ। কিছুমান মানুহক সিহঁতে লগতে ধবি ধৰি ললে।
এই দবে নিচলা অসমীয়া জাতিক এফালৰ পৰা কাটি মাৰি নাশ কৰি বৰ- নগৰ, ৰূপসী শ্মশানত পাবণত কৰি হলকান্ত বকরাব মানজাকে মইনববিৰ ফাললৈ সাবলৈ ধৰিলে।