shabd-logo

পূর্ণ কান্ত, দেৱ শৰ্ম্মা।

26 December 2023

2 দৰ্শন কৰা হৈছে 2

নলচৰিত্র।

দময়ন্তীৰ বিবাহ।

নলক বৰিলা পতি দেখি ৰাজাগণ। যাৰ যেই দেশে গৈলা বিষাদিত মন ॥ ভীম নৰপতি ভৈলা আনন্দে মগন। বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ ॥ বাছ্যকবগণ ৰাজা ডাকিয়া আনিলা। বিহার সামগ্রী যত একত্র কৰিলা ॥ নিৰ্ম্মাইলা সভাখন আনি খনিকৰ। ফটিকৰ স্তম্ভ আনি দিলা থবে থৰ । একক্রোশ স্থান জুৰি যচে সভাখন। কনক ৰজতে চিত্র বিচিত্র নির্ম্মান। নানা ৰত্নে বিৰচিলা যেন দেৱপুৰি। বতনে মণ্ডিত তাহে গৃহে শাবি শাবি ॥ মণিময় দীপগণ জ্বলে থানে থান। কোটা সূৰ্য্য জিনি আলো নযাই বর্ণন ॥ তাৰ পাশে হোমঘৰ কৰিলা নিষ্প্রান। ফটিকৰ বেদী কৈলা হোমৰ কাৰণ। বেইঘৰ নিৰ্ম্মাইলা কৰিয়া যতন। দেখি আনন্দিতা ভৈলা যত নাৰীগণ ॥ শুভক্ষণ দিনে তেবে কন্যাক আনিলা। গন্ধতৈল হৰিদ্রাক ঘাঁসি নোরাইলা। আতি ৰঙ্গমনে ৰাণী চতুর্দোলে চড়ি। জল আনিবাক গৈলা তিৰীগণে বেড়ি ॥ 

নানা সুমঙ্গল কৰে যতেক কামিনী। উকলি দিলেক মিলি দুই তিনি জনী ॥ দুনৰী কান্ধত লরে কতো নাৰীগণ। দুর্ব্বাক্ষত সিঞ্চে কতো আতি ৰঙ্গমন ॥ বাছ্যকগণ সবে বাত্মক বজাই। ঢোল মৃদঙ্গৰ শব্দে কাণ ফাটি যাই ॥ গায়ন বায়ন আৰু কালীয়া নৰ্ত্তক। বঙ্গে ঢঙ্গে চলে সবে পানী তুলিবাক । হাতী ঘোড়া চলে সঙ্গে নযাই গণন। মহানন্দে নাচে গারে যত প্রজাগণ ॥ শাৰি শাৰি কল আনি পথত ৰোপিল। থৰে থৰে তাতে সব পুষ্প মালা দিল। সুবর্ণ ভূঙ্গাৰে ৰাণী জল তুলি আনি। স্নান কৰাইলন্ত দময়ন্তী সুবদনী ॥ সাতপাক প্রদক্ষিণ কৰি বেইখান। স্বর্ণপাটে তুলি কন্যা কৰাইলন্ত স্নান। দশকুড়ি জনা মিলি সুললিত ৰাৱে। আতি উত্রারল গার, বঙ্গে নাম গারে ॥ মঙ্গল আচবে কত কৰে নানামত। বাজিছে শঙ্খৰ ধবনী আতি সুললিত ॥ যথা বিধি স্ত্রী আচাৰ কৰি সমাপন। আপুনি মলছে ৰাণী দমইৰ বদন ॥ পিন্ধাইল সোণোৱালী বস্ত্র বিতোপন। নানাবিধ অলঙ্কাৰ কি কৈবো কথন ॥ হেনকালে অস্তাঙ্গত ভৈলা দিবাকৰ। কুল পুৰোহিত আসি মিলিলা সত্বৰ । অধিবাস কৰি ৰাজা শুভক্ষণ জানি। বামাগণ মিলি দিয়ে উৰুলিৰ ধ্বনি। পৰদিন প্রভাততে উঠি নৰপতি। নান্দীমুখ শ্রাদ্ধ আদি কৈলা সমাপতি" বহুৰত্ব ধন ৰাজা ব্রাহ্মণক দিলা। মহানন্দে বিপ্রগণে বেদ উচ্চাৰিলা ॥ হৰিধ্বনি কবিল্বস্ত যত প্রজাগণ। আনন্দৰ কোলাহলে ভেদিল গগণ ॥ হেথা নল নৰপতি নগৰ বাহিৰে। নিজ দলবল লৈয়া আনন্দ অন্তৰে । আত্মীয় বান্ধবগণ কুল পুৰোহিত। নিমন্ত্রিয়া আনিলন্ত যেমন বিহিত ॥ কুলাচাৰ বেদাচাৰ স্ত্রী আচাৰ যত। বেঢ়ি কুটুম্বৰ ঝাকে কৰে যথোচিত ॥ হৰিদ্রা মাখিয়া মিলি কুল নাৰীগণ। সুবর্ণ ভূঙ্গাৰে স্নান কৰাইলা তেখন ॥ ভুঞ্জাইলা সবাহাঙ্কে। যত পাৰে মানে। তুষিলা ব্রাহ্মণগণে নানাবিধ দানে ॥ পৰদিন প্রভাততে নলু গুণরান। স্নানকৰি নিত্য কৰ্ম্ম কৰি সমাপন। ষোড়শ মাতৃৰ পূজা কৰি বিধিমত। নান্দীমুখ শ্রাদ্ধ কৰে বেদৰ বিহিত ॥ দধি দুগ্ধ খুত মধু আনে ভাবে ভাবে। পিঠা পৰমান্ন নানাবিধ উপহাবে ॥ ভুঞ্জাইল। নিমন্ত্রিত যত যত প্রাণী। খোরা খোৱা লোৱা লোৱা এহি মাত্র শুনি। বস্ত্র অলঙ্কাৰ আৰু বহু ধন সোণ। যোগ্যমতে জনে জনে কবিলস্ত দান। সাজ অলঙ্কাৰ ৰাজা কৰে পৰিধান। শৰীৰৰ কান্তিত জোনাক সভাখন ॥ কেঙ্কোৰা দোলাত চড়ি নল মহামতি ॥ কন্যাৰ গৃহক তেবে চলে হৃষ্টমতি ॥ বৰযাত্রীগণ সবে আনন্দে বিভোৰ। দুই দণ্ড বেলা যেবে গগণ উপৰ। 

মঙ্গল কৰিলা আসি যত নাৰীগণ। বেদমন্ত্র উচ্চাৰিলা যত বিপ্রগণ ॥ খোল ঢোল মৃদঙ্গ বাজয় কৰতাল। শঙ্খ কাঁহু ঘণ্টা বাজে মহা গণ্ডগোল। বাজে বাঁহী বীণ! আৰু ডবা জয় ঢাক ॥ বাঘৰ শব্দত স্তব্ধ ভৈলা দেৱঝাক। দুই অক্ষৌহিনী সৈন্য সঙ্গতে সাজিলা। চালি ধৰে চেৱে চেরে চলিবাক লৈলা ॥ অযুতেক হাতী চলে পর্বত সমান। এক লক্ষ তুৰুক-চোৱাৰী বলবান। গায়ন বাদন আদি যত বা্য দেখা। অগণিত চলে সবে কোনে কৰে লেখা ॥ যোজনৰ পথ জুৰি চলে যাত্রীগণ। কাৰো মাত কেঁওএ কতো নকৰে শ্ররণ ॥ হেন মতে আসি উপনীত সিংহদ্বাৰে। ৰজক বাতৰি গৈয়া দিলেক যে চৰে । দুৱাৰে আসিয়া বৰ ভৈলা উপনীত। মুখ্য সেনাপতি আৰু ইষ্ট মিত্র যত ॥ প্রত্যেকে আদৰে বৰে আগ বাঢ়ি যায়। ক্রমে পঞ্চ দ্বাৰ এড়ি ষষ্ঠত আসয় ॥ শুনি আনন্দিত ৰাজা চলিলা আপোনে। আগবাঢ়ি আনিবাক লৈয়া বিপ্রগণে। গন্ধ পুষ্প ধূপ দীপ পুষ্পমালা লৈয়া। জামাতাক বিধিমতে আদবিলা গৈয়া ॥ তিৰীগণে সুমঙ্গল অনেক কৰিলা। নাম উৰুলিব শব্দে গগণ ভেদিলা ॥ সুরাগুৰি তুলিবাক সঙ্গে নাৰীগণ। চতুর্দোলে চড়ি বাণী কৰিলা গমন স্ত্রী-আচাৰ যত কৰ্ম্ম কৰি সমাপন। গন্ধ মাল্য দানে ৰাণী আদবে তেখন ॥ 

সভামধ্যে আসি নল বসিলা আসনে। বৰণ কৰিলা ৰাজা আনন্দিত মনে ॥ কুল-পুৰোহিত বিধি মাতিবাক লৈলা। বিধিমতে নল তেবে কুশণ্ডি কৰিলা। অন্তেষ পুৰত বসি যতেক কামিনী। ফোট ৰেঘা বস্ত্র অলঙ্কাৈেৰ কন্যাথানি ॥ সজাইলন্ত মিলি যত্নে জীয়ৰী বহাৰী। বিজুলী চমক যেন দমই সুন্দৰী ॥ হর্ম বিষাদিত বাণী সঙ্গে নাবীগণ। জীয়াৰীক নিলা জামাতাৰ বিদ্যমান। বেদ মন্ত্র উচ্চাৰিলা যত বিপ্রগণ। মুখ চন্দ্রিকাক তেবে কৰিলা ভঞ্জন। সাতবাৰ প্রদক্ষিণ কৰি বীতিমতে। কণ্যাক বৈসাই নিয়া নলৰ বামতে ॥ বৰ কন্যা দোহে যেবে বসিলা সভাত। অনঙ্গ বিবজে যেন বতিৰ সহিত ॥ কুশ, তিল, গঙ্গোদক, আৰু দুর্ববা কল। আসন স্বাগত পাছা অর্থ আৰু জল। দধি দুগ্ধ ঘৃতৰ সহিত মনুপর্ক। বসন ভূষণ দিয়া পূজিলা নলক। বিধিমতে সালঙ্কতা কৰি ক্যাধন। সত্য অঙ্গীকাৰে ৰাজা কবিলা অর্পণ ॥ আতপৰে নাৰীগণ কৰয় কৌতুক। সহস্রেক দাসী ৰাণী উৎসর্গে যৌতুক ॥ হাতি ঘোড়া গৰু মই অযুতে অযুত। কন্যাৰ যৌতুক ৰাজ। উৎসর্গ বহুত ॥ গো, ভূমি, কাঞ্চন আক বসন ভূষণ। যৌতুক উৎসর্গে মিলি যত বন্ধুগণ ॥ অছিদ্র বাচন কৰি সূৰ্য্য অৰ্ঘ্য দিলা। সুবর্ণ দক্ষিণা দিয়া ব্রাহ্মণে তুষিলা ॥ 

দধি, দুগ্ধ, আদি দ্রব্য ভোজন কৰিলা। বাসৰ গৃহক নলে সুখে চলি গৈলা ॥ কুহুম শয্যায় নল জাগে বিভাবৰী। কৌতুক কৰিলা মিলি যত সহচৰী ॥ আপুনি ৰসিক দল নৈষধ ঈশ্বৰ। ৰসিকা যে দময়ন্তী বসৰ সাগৰ । দোহে দোহাকাৰ ৰূপে মুগ্ধ অতিশয়। পৰস্পৰে দুই হস্তে দোহাকো দেখয়। দৰিদ্র পাইলে যেন নৱৰত্ন নিধি। ততোধিক ভাগ্য মানি প্রশংসয় বিধি॥ নলে বোলে প্রাণেশ্বৰী শুনাহা বচন।। যাবত শৰীৰে মোৰ থাকয় জীৱন ॥ তারত নেৰিবো মই তোমাক কখন। সত্যে সত্যে কহে। মই স্বরূপ বচন ॥ তুমি কায়া মই হাঁয়া কহিলো নিশ্চয়। পুনঃ সত্য কৰি কহো নাহিকে সংশয়। হেন মতে সুখ বাত্রি প্রভাত হইলা। শয্যাহন্তে উঠি নল প্রাতঃকৃত্য কৈলা। নিত্য কৰ্ম্ম কৰি ৰাজা অবসৰ ভৈলা। ষোড়ষ ব্যঞ্জনে বাজা ভোজন কৰিলা ॥ তেবে ভীম নৰপতি দুঃখিত অন্তৰ। ক্যাক পাঠাইবে লাগি চিন্তাতে অস্থিব ॥ পাটৰাণী সুমতিও কান্দিবে লাগিলা। অন্তেষ পুৰত ক্রন্দনৰ বোল ভৈলা। মাহিয়াতী পেহিয়তী আদি যত জন। বিনাইয়া কান্দে সবে দময়ন্তী গুণ ॥ মারে, জীরে, গলাগলী কৰয় ক্রন্দন। ৰাণী বোলে দময়ন্তী মোৰ প্রণধন । তোক এড়ি কেন মতে মই প্রাণ ধৰে।। তোৰ অবিহনে মই পুৰিডেই মৰো। 

ক্রমে ক্রমে আসি মিলিলেক যত নাৰী। • চুবুৰীয়া সম্বন্ধীয়া জীয়ৰী বহাৰী ॥ বৃদ্ধাগণে বোলে মার দময় সুভাগী। আশিববাদ কৰোঁ হেৰা স্বমীৰ সুৱাগী ॥ হৰ গৌৰী বসতি কর্বোক ভগৱতী। অচিৰতে আই যেন হোৱা পুত্রৱতী পতিৰেক গুৰু স্ত্রীনাং বোলে মুনিগণ। নাৰদৰ মুখে আমি কৰিছোঁ শ্ররণ ॥ এতেকে স্বামীসে গুক নাহি আত বিনে। নলৰ চৰণ তুমি সেবা বাতি দিনে ॥ • নিদ্রা আলাক তুমি দূৰতে ত্যজিবা। এক চিত্ত মন হুয়া স্বামীক ভজিবা॥ স্বামী যদি ছপৰাক সোণ বুলি কয়। শুহি বুলি প্রত্যুত্তৰ দিবে নলাগয় ॥ যেই সব কার্মো স্বামী সন্তোষ পারয়। প্রাণ পণে যত্ন কৰি কৰিবে লাগয় ॥ যেই কার্য্যে মাও অসন্তুষ্ট জানা স্বামী। কদাচিতো হেন কার্য্য নকৰিবা তুমি ॥ কটু কথা কদাপি নোবোলা স্বামী পাশ। নকৰিবা স্বামী নিন্দা আক উপহাস ॥ স্বামীৰ সুখতে সুখ তান দুঃখে দুঃখ। বঞ্চিবাহা এহি মতে ত্যজি নিজ সুখ ॥ সুমধুৰ বাক্যে সদা স্বামীক তুষিবা। ভোজনৰ সামগ্রিক নিজে তুলি দিবা ॥ তামোল যোগাইবা সদা পদতলে বসি। স্বামী যদি ক্রোধ কৰে থাকিবাহা সসি। তোৰ ভাগ্যে পাই আছ নল মহামতি। পৃথিবী যুড়িলে যাৰ অক্ষয় কীৰিতি ॥ কন্দৰ্পৰ ৰূপ যিনি সুকোমল কায়। অপেশ্বৰীগণে যাক দেখি মোহ যায় ॥ 

ৰূপে গুণে বলে বীর্য্যে ভুবনে অতুল। ইন্দ্র আদি দেরে যাক নোহে সমতুল ॥ সত্যবাদী জিতেন্দ্রিয় মৰ্য্যাদা সাগৰ। নবীন বয়স যেন পূর্ণ শশধৰ । হেন স্বামী লভি 'আছা পূর্ব পুণ্যফলে। আপোন যৌবন দিয়া বঞ্ছিবা কুশলে। পতিব্রতা নাৰীক ডবয় ত্রিজগত। সুৰাসুৰ নাগ নৰ হোৱে ভয়ে ভীত ॥ ব্রহ্মা, বিষ্ণু, মহেশ্বৰো হিয়া কপি যায়। সতী যদি কদাচিত ক্রোধযুতা হয় । শ্বশুৰ শাশুরী আদি যত গুৰুজন। ভক্তিভাৱে সবাৰো তুষিবা তুমি মন ॥ দাস দাসী আদি যত লিগিৰী লস্কৰী। সবাহাঙ্কো মিষ্ট বাক্যে তুষিবা সাদৰী ॥ হেনমতে বুজাইল। যত বৃদ্ধাগণ। দময়ন্তী মুখ চাঙ্গি বিষাদিত মন ॥ তেবে নাৰীগণ আনি বস্ত্র অলঙ্কাৰ। পিন্ধাইলা অতি যত্নে দেখি চমৎকাৰ। আচুৰীয়া চুলিতাৰ খোপাক বান্ধিলা। মালতী চম্পাৰ চাকি তাতে পিন্ধাইলা ॥ সেঁওটা ফালিয়া দিল সিন্দুৰৰ বেখা। জ্বলিল মেঘত যেন ৰামধনু ৰেখা ॥ কপালত পিন্ধাইলা কুক্কুম সিন্দুৰ। অগক চন্দন গারে লিপিলা প্ৰচুৰ । কণ্ঠত পিন্ধাইলা মণিময় ৰত্নহাৰ। সর্বাঙ্গ ঢাকিয়া পিন্ধাইলেক অলঙ্কাৰ । হেন কালে দাসী আহি বুলিলা বচন। ৰজা পঠাইলেক মোক দেখি শুভক্ষণ ॥ যাত্ৰাৰ সময় আসি ভৈল উপস্থিত। কন্যা লৈয়া যাব লাগে সভায় স্বৰিত ॥ 

তেবে তিৰিগণ কৈলা উকলিৰ ধ্বনি। • দুৱাৰ ধৰিয়া কান্দে ৰাণী সুবদনী। মিলি যত সথিগঞ্জ কৰি শুমঙ্গল। দময়ন্তী সমে উপস্থিত সভাস্থল। স্বর্ণ চতুর্দোলে চড়ে নল মহামতি। সখীগণ বামে বৈসাইলেক দময়ন্তী ॥ মিনতি কৰিয়া ৰাজা জামাতাক মাতি। কহিবে নপাৰে তাৰ হিয়া যায় ফাটি।॥ শুনা মহামতি নল জামাতা আমাৰ। আজি ধৰি দময়ন্তি দাসী ভৈলা তোৰ । তোৰ চৰণত আঙ্ক কৈলো সমর্পণ। বহু দোষ ক্ষমি তাত কৰিবা পালন ॥ আলসুৱা কন্যা মোৰ নোহয় চতুৰ। মোৰ মুখ চাহি দোষ ক্ষেমিবা ইহাৰ । হেনমতে বহুতৰ বোলে ভীমবায়। শোকে গদ গদ হিয়া ব্লোহ বহিযায় । ৰাজমন্ত্রী প্রতি ৰাজা বুলিলা বচন। যৌতুকৰ দ্রব্য তুমি আনা এতিক্ষণ। সহস্রেক হস্তী আনা সাজ সমল্লিতে। অযুতেক ঘোড়া আবে আনাহা ত্ববিতে ॥ সালঙ্কতা সহস্রেক দাসী দিবে লাগে। গৰু মহ পালে পালে আনা মোৰ আগে। আনো ধন ৰত্ন যত আছয় ভণ্ডাৰে। অন্ধভাগ কৰি তুমি আনাহা সহবে। অৰ্দ্ধৰাজ্য দিবো মই দমইৰ যৌতুকে। শুনি মন্ত্রী চলি গৈলা পাৰম কৌতুকে। হাতী, ঘোড়া, ৰথ, দাস, দসী অগণন। হীৰা মৰকত আৰু প্রবাল কাঞ্চন ॥ সঙ্গে লৈয়া নল ৰাজা মহাৰঙ্গ মনে। চতুর্দোলে চড়ি যাই দময়ন্তী সঙ্গে। 

স্বদেশক গৈয়া ৰাজা পৰম কৌতুকে। দ্বাদশ বৎসৰ ৰাজা বঞ্চে মহাসুখে ॥ কতো দিনান্তৰে ৰাণী গৰ্ভৱতী ভৈলা। যথাকালে মহাসতী পুত্র প্রসবিলা ॥ কন্দর্প জিনিয়া পুত্ৰ ৰূপৰ আধাৰ। পুত্রমুখ দেখি বাজ। আনন্দ অপাৰ। ইন্দ্রসেন নাম ৰাখে কৰিয়া যতন। বিপ্রগণে দিলা বাজা বহু ধন সোণ ॥ তদন্তৰে আৰু এক কন্যা জন্ম ভৈলা। ইন্দ্রসেনী নাম বাজা যতনে বাখিলা ॥ দিনে দিনে বাড়ে দুই যেন চন্দ্র কলা। দেখি ৰাজা ৰাণী ভৈল আনন্দতে ভোলা। পুত্র কন্যা পালে বাণী কৰিয়া যতন। ৰাজ কাৰ্য্য কৰে ৰাজা স্থিৰ কৰি মন ॥ পুত্ররতে পালে প্রজা ধৰ্ম্ম কৰ্ম্মে ৰত। বোগী দুঃখী নাই কোনো নস্ত্ৰ ৰাজ্যত । আপোন স্বধৰ্ম্ম ৰাঙ্গা পালি নিবস্তুৰ। ৰাজ্যক শাসিয়া শুখ ভুঞ্জয় অপাৰ। নলৰ কথাক আবে এহি মানে থও। দেৱগণে যি কৰিলা বিবৰিয়া কওঁ। 


27
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেক
0.0
অসমীয়া সাহিত্যৰ চানেকী VOL. তৃতীয়, দ্বিতীয় খণ্ড
1

ভোলানাথ দাস।

13 December 2023
0
0
0

সীতাহৰণ কাব্য। লক্ষণ সীতাৰ সহ, পিতৃ সত্য পালি, দাশৰথি ৰঘুপতি পঞ্চবটী বনে তপস্বীৰ বেশে, ভক্ষি বন্য ফল মূল তপস্বী আহাৰ, যবে ছিল। বনবাসে; কিৰূপে ৰাৱণ বলী লঙ্ক। অধিপতি হৰিলা জানকী সীতা, যিটো অপৰাধে মৰিলা

2

আসামবাসী

13 December 2023
0
0
0

হে আসামবাসি! নয়ন উম্মিলি দেখা একবাব; সদাই নিদ্রিত, অতি অনুচিত, দেখা একবাৰ নয়ন মেলি। তোমাসব সম কোন হেন জাতি, আলহ্যৰ বশ, উলটি পালটি কোন হেন জাতি, চিৰ শয্যা পাতি, শুইয়াছে দেখা মস্তক তুলি। কোন হেন জাতি অ

3

লম্বোদৰ বৰা।

13 December 2023
0
0
0

শকুন্তলা। প্রথম অঙ্ক। সূত্ৰধাৰ। (নেপথ্যৰ ফাললৈ চাই) আইদেও, যদি সাজ পিন্ধোরা হল, তেনেহলে এই পিনে আহোক। নটী। (প্রবেশ কবি) দেউতা এই মই আহিছোঁ। সূত্ৰধাৰ।-আইদেও, এই সভাত অনেক বিস্তারন্ত লোক গোট খাইছে আ

4

সদানন্দৰ কলাঘুমটি।

14 December 2023
0
0
0

কেতিয়াবা কানি টিকিৰাৰ ছাট মাৰি ধোৱাবে ঘব গোটাইটো ভৰাই দিছিলে'।। কেতিয়াবা টিকিবা এড়ি পায়স, কুঁহিয়াব, গুড়, গার্থীব, মালভোগ কল, বৰা চাউলব পিঠা আদি কৰি সোৱাদ বস্তু খাই মুখ তপালিছিলো; কেতিয়াবা বা লগৰীয়া ভক

5

ৰত্নেশ্বৰ মহন্ত।

14 December 2023
0
0
0

মোৱামৰীয়া-বিদ্রোহ। ১ম বিদ্রোহ। তেওঁ কেনেকৈ নগৰৰ পৰাগৈ বব ধুমুহা বা বতাহ-বৰষুণ অনাৰ পূৰ্বেবই প্রকৃতিব মূর্ত্তি স্বভারতঃ শান্তিময়া, গছবিলাক জঠব, "নিবাতনিষ্কল্পমির প্রদীপাং” হৈ যেন সাবহিত মনে সম্ভাবিত

6

অসমীয়া সাহিত্যৰ চানেকি। পত্নী-বিলাপ। মুক্তাৱলী (অসমীয়া সুৰ)।

15 December 2023
0
0
0

উঠা প্রাণেশ্বৰ, শ্রুতি সুখকৰ, কৰিয়া সাদব, শুনোরা বাৰেক মোক। চোৱা চকু মেলি, নকৰিবা বেলি, কৰিছে। কাতৰ শ্রীমুখৰ স্বৰ এ বোধ-ঠেস ঠেলি, যাই প্রাণ গেলিএ উঠি কৰা কেলি পাহৰোহো যত শোক ॥ ২ অনাথিনী কৰি

7

সত্যনাথ বৰা।

15 December 2023
0
0
0

সাহিত্য বিচাৰ। সাহিত্যৰ সাধাৰণ লক্ষণ। মানুহে নিজ বুদ্ধিৰে আজিলৈকে যি যি কাম কৰিছে তাৰ ভিতৰত সাহিতাকে ঘাই বুলিব পাৰি। সাহিত্যৰ গুণ সংসাৰ জুৰি আছে। ইয়াৰ নিচিনা মনমোহা বস্তু জগতত আৰু বিচাৰি পাবলৈ টান।

8

শান্তি আৰু আশা।

16 December 2023
0
0
0

তাঁয় হাঁয় হৰি হৰি, বও মই কেনে কবি? শান্তি বিনে এই ভব সাগৰ অপাৰে, মোৰ জীৱ তৰণীৰ কোনে গুড়ি ধৰে? একে উপলিছে ঢো কবি শব্দ বৌ বৌ, তাত গুৰিয়ালে হায় এবি গল মোক। ইযাত কৈ আর কিবা আছে বব শোক! অশান্তি! দয়া শীলা,

9

লক্ষ্মীনাথ বেজ বৰুৱা।

16 December 2023
0
0
0

পদ্মকুমাবা। প্রথম অধ্যায়। বাতি দুপৰ হৈছে। জগৎ নিমাত নিস্তব্ধ। সক বেজি এটি হাতৰ পৰা হঠাৎ মাচিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰণ 'ভুক' 'ভুক', তছৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিসাৰ,

10

দ্বিতীয় অধ্যায়।

18 December 2023
0
0
0

'পদুমৰ কি হৈছে'! এই প্রশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰে।। হবদত্ত যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তবত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছে।। তেওঁৰ এই আশা-

11

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা।

18 December 2023
0
0
0

পুবণিতত্ব। আজি কালিৰ লেখা-পঢ়াৰ পোহৰ পোৱা বুঢ়া-ডেক। সকলোৰে ৰাজহুরা বেজাৰঃ-ভাবতবর্ণব পতিয়াব পৰা পুৰণি বুৰঞ্জী নাই। এই বেজাৰৰ ধ্বনিয়ে ঢুকব বোরাবী আসামকো পাইছে গৈ। লেখকে লেখিবলৈ কাপ তুলিয়েই টভক মাৰিব, প

12

অসমীয়া জাতি ডাঙ্গব জাতি।

18 December 2023
0
0
0

যি এই কথাত শুই কবে তেওক বৰবকরাই চমন বা 'গিলিপ্‌দাৰী' পৰণা দি 'গিলিপ্‌দাৰ' কৰি ধৰি আনিব, কিয়নো তেও দুই কবে, তাৰ কাৰণ দেখুৱাবলৈ। বৰবকরাই কয়, অসমীয়া জাতি ডাঙ্গৰ ভাতি। ডাঙ্গব জাতিৰ যি যি কেইটা ডাঙ্গৰ ডাঙ্

13

মৌমাখি |

19 December 2023
0
0
0

ই ফুলৰ পৰা সি ফুললৈ উৰি, গুন্ গুন্ গুন্ সুৰে নাম ধবি, মাতিছা ইটিক, প্ৰেমৰ আলাপে মুহিছা মন, পাইছা অমৃত প্ৰাণৰ ধন ॥ চাইছা সিটিক, ২ 'যাও' 'যাও' কৰি আহিছা তুমি। আকৌ উভতি আহাগৈ চুমি। এখস্তক বোরা, পিছফালে

14

ৰজনীকান্ত বৰদলৈ।

19 December 2023
0
0
0

মনোমতী। মানহঁতে পমীলাকে আক মনোমতীকে একে লগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল। বাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা বতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জই পৰা মনত অলপ

15

কনক লাল বৰুৱা।

19 December 2023
0
0
0

আমাৰ শিল্প। সকলোরে মানিব লাগিব যে আমাৰ শিল্পব উন্নতি আগেয়ে অধিক আছিল। আমাৰ এতিয়ালৈকে থকা পুৰণি বস্তু বিলাক দেখিলেই সেই কথা ভালকৈ বুজিব পাৰি। শিলকটা, কাপোৰ বোৱা, অলঙ্কাৰ আৰু কাঁহি বাটি গঢ়া, হাতীৰ দাঁত

16

মানৱ জাতিৰ সভ্যতা।

20 December 2023
0
0
0

মানুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্রভেদ এই যে, মামুহ উন্নতিশীল জীর, কিন্তু পশুবোৰ তেনে নহয়। এই প্রভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্রেষ্ঠ। চৰায়ে তাৰ বাহ সাজে, বিববে তাৰ

17

হেমচন্দ্র গোস্বামী।

20 December 2023
0
0
0

অসমীয়া ভাষা। বর্তমান যুগ। ইংৰাজ বাজত্বৰ পাতনিবে পবা আজিলৈকে এই যুগেই অসমীয়া সাহিত্যৰ বর্তমান যুগ। ওপৰত উন্মুকিওরা হৈছে, অসমদেশ বহুত দিন মানহঁতৰ অত্যাচাৰৰ তলত আছিল। পিছে ১৮২৪ চনত মানহঁতে ইংৰাজৰ লগত য

18

স্তুতি |

22 December 2023
0
0
0

সকলোৰে পিতা তুমি, তুমি বিশ্বময়, সকলো দেশতে পূজ্য সকলো সময়, কি জ্ঞানী, অজ্ঞানী, সাধু সকলোরে সমে পূজিছে 'যিহোৱা' 'প্রভু' আদি নামে।  জ্ঞানৰ অতীত তুমি অনাদি কাৰণ, ৰাখিচা জ্ঞানক মোৰ কৰি আচ্ছাদন; এইমাত্র

19

কাকো আৰু হিয়া, নিবিলাও।

22 December 2023
0
0
0

সকলোৰে মুখে শুনো তাতে বহি বহি গুণো, মানুহে সচানে ভাল পায়? কত ভাবোঁ কত পাওঁ, কত ভাব হেকরাও, একো তাৰ অরধিকে নাই। (২) এদিন ভাবিলে। মনে, লম্ তত যেনেতেনে, ভালপোৱা আছে কি জগতে, এনে ভাবি এজনক সঁপি দিল

20

আনন্দ চন্দ্র আগৰৱালা।

23 December 2023
0
0
0

ব্রহ্মযাত্রীর ডায়েৰী। ভালেমান দিনৰ পৰা ব্ৰহ্মদেশ চাপৰ হেঁপাহ আছিল। অসমৰ বুৰঞ্জীয়ে সৈতে ব্রহ্মদেশৰ বৰ সম্বন্ধ আছে। যি কুক্ষণত প্রথমে ব্ৰহ্মদেশৰ মানুহে অসমত ভৰিৰ ধূলা পেলালেহি, সেই মূহুৰ্ত্তৰ পৰাই অসমত

21

পাণেসই।

24 December 2023
0
0
0

ভৰ দুপৰীয়া, নিমাত সঞ্চলো, নিমাত গছৰ পক্ষী। দুছাতি এছাতি, বতাহ বইছে, উড়াই কেতকী সখী। পাণেসই গাভক, ওলাই আহিছে, উলাহে নধৰে হিয়া মাহ সৰিয়হ, মেলি জুলি দিছে, ককাইদেৱৰ বিয়া। লাহৰী ভনীটী, সাদৰী ককাই, কতনো মনত

22

বেণুধৰ ৰাজখোৱা।

24 December 2023
0
0
0

সেউতী কিৰণ। (নাটক।) প্রথম অঙ্ক। প্রথম দর্শন-নীলকমলৰ ঘৰব এটা কোঠা: কিৰণৰ প্ৰবেশ। কিৰণ। সৌন্দৰ্য্যৰ জন্মভূমি স্বৰ্গৰ নিঝবা তাৰ অন্তঃসোঁত কেরল যথার্থ প্রেমিকে দেখিবলৈ পায়। কিন্তু তেতিয়া পৃথিবীৰ বিৰো

23

পদ্মনাথ বৰুৱা।

24 December 2023
0
0
0

ভানুমতী। ১ম অধ্যা। আপোন চিনাকী। মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল 'একেটি ৰত্ন। মোৰ জীৱনৰ আদি ছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ কব পাৰে।, সি কেরল এনাই-দেউতাৰ মুখৰ পৰা শুনা কথা হে। মোৰ দেউ

24

লীলা।

26 December 2023
0
0
0

নেজানো পূজাৰ বিধি, বন্দনাৰ বাঁতি, বানাপাণি বাঙ্গেবি! চৰণ তোমাৰ কিরূপে পূজিম হায়, বন্দিম কিমতে! বঙ্গোর'। অনন্ত কাল সঞ্জীবনি বীণা, গহান জোঁকাৰে তাৰ কঁপাই বনুনি, সৰায় কতন। ফুল কবি-ফুলনিত। সুৰ-বুজ। আদি' গ

25

'হলিৰাম মহন্ত।

26 December 2023
0
0
0

বিশ্ব-দর্পন। বলিদান। হিন্দুজাতি অতি প্রাচীন কালৰ সভ্যতাৰ সময়ত নির্বামিস ভোজী আছিল। প্রাণী হিংসা কৰা তেওঁলোকৰ স্বভার নাছিল। সময়ৰ স্বাভাবিক পৰিবৰ্ত্তনত লাহে লাহে শিক্ষিত যোগী সকলৰ বাহিৰে সকলোৱে মাছ মা

26

পূর্ণ কান্ত, দেৱ শৰ্ম্মা।

26 December 2023
1
0
0

নলচৰিত্র। দময়ন্তীৰ বিবাহ। নলক বৰিলা পতি দেখি ৰাজাগণ। যাৰ যেই দেশে গৈলা বিষাদিত মন ॥ ভীম নৰপতি ভৈলা আনন্দে মগন। বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ ॥ বাছ্যকবগণ ৰাজা ডাকিয়া আনিলা। বিহার সামগ্রী যত একত্র কৰিল

27

দুর্গাপ্রসাদ দত্ত।

26 December 2023
0
0
0

বৃষকেতু। (পৌৰাণিক নাট।) চতুর্থ দর্শন। ৰাজ আলি। বৃষকেতু আৰু কিছুমান লৰা। কৰ্ণ- (বহুত নিলগৰ পৰা চিঞৰি) মোৰ সোণাই বৃষকেতু, কত আছা, এইপিনে আহাঁ। মই অধমে তোমাক বিচাৰি ফুৰিছোঁ? বৃষকেতু- (লৰাবোৰক) মোক

---

এখন কিতাপ পড়ক