ভানুমতী।
১ম অধ্যা।
আপোন চিনাকী।
মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল 'একেটি ৰত্ন। মোৰ জীৱনৰ আদি ছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ কব পাৰে।, সি কেরল এনাই-দেউতাৰ মুখৰ পৰা শুনা কথা হে। মোৰ দেউতাৰ চাৰি ভাই- ককাই। দেউতাই সবাতকৈ সক। পুঠাও দেউতা ধুকুৱাৰ পাচৰ পৰা তেও ককাইদেউসকলৰ আদৰত উলাহৰ মাদলী আছিল। পিছে যেতিয়া সিবিলাক তিনিওটিয়ে এজন এজনকৈ বিয়া কৰাই উঠি, আপদেউসকলৰ হাতত ঘূৰা উঘাৰ নিচিনা হল, তেতিয়াৰ পৰা সেই উলাহৰ মাদলী লাহে-লাহে বেজাৰৰ কেৰোণ যেন হবলৈ ধৰিলে। তাৰ পিছত আকৌ আপদেউসকলৰ লেখ লাহেকৈ তিনি গৰাকীৰ পৰা ছগৰাকীলৈ উঠিল। আৰু তেতিয়াৰে পৰা হে ঘৰত দিনে ৰাতিয়ে কছাৰি ৰণ লাগিব লৈ ধৰিলে। ঘৰত কাৰো সুখ-শান্তি নোহোৱাত পৰিল। দেউতাৰ দুৰ্গতিৰ সীমা নেথাকিল, আৰু লাহে লাহে এইবোৰ কথা ৰজাৰ কাণত পৰিলেগৈ। স্বর্গ- দেরে মন্ত্রী আৰু বিষয়াসকলেৰে সৈতে পৰামৰ্শ কৰি দেউতাক মতাই নিয়ালে। আৰু চৰাৰ বিচাৰ মতে নিচাও দেওক ভাঙ্গি পুঠাও-দেউতাৰ মৰাণ-ডেকাবকৱাৰ বিষয়ৰ বাব দেউতাক দিলে। দেউতাৰ স্বভাৱ চৰিত্ৰ আৰু কথাবার্তাত স্বর্গদের বৰ সন্তুষ্ট হৈছিল। গতিকে ৰাজ অনুগ্ৰহৰ বলত দেউতাৰ প্রতিপত্তি আৰু ক্ষমতা সোনকালে বাঢ়িবলৈ ধৰিলে। তাৰ লগে-লগে তেওঁৰ ঘৰ-গৃহস্থী, সুখ-সম্পদ, ধন-গৌৰৱ আদিও বাঢ়ি আহিল। কিন্তু ইমানবিলাক বাহিৰৰ সৌভাগ্যৰ কাৰণেও তেওঁৰ অন্তৰত সুখ-শান্তি দিব নোৱাৰিলে, তেওঁৰ সদায় বিষাদ, সদায় মন-মৰা। ইয়াৰ কাৰণ হৈছিল, বহুকাললৈকে তেওঁৰ সতি-সন্তান নাছিল। কিমান যাগ-যজ্ঞ পূজা সেৱা আদি কৰালে সকলো মিছা হল। বন্ধুবান্ধরে দেউতাক আৰু এগৰাকী বিয়া কৰাৰলৈ পৰামর্শ দিছিল, কিন্তু ককাইদেরেক সকলৰ দশালৈ চাই তেওঁ তেনে হিত উপদেশ নললে। অন্তত তেওঁ সন্তানৰ আশা এৰি দি নিশ্চিত হৈছিল। এনেতে ঈশ্বৰৰ ইচ্ছাত এই অভাগিনীৰ জন্ম হয়। দেউতাৰ আনন্দৰ পাৰ নোহোৱা হল। পণ্ডিতে পুথি-পাঁজি চাই মোৰ নাম ভানুমতী ৰাখিলে।
কথমপি মোৰ তিনি বছৰ হও'তেই ঈশ্বৰে মোক মাউৰী কৰিলে। মাকৰ চেনেহৰ-যি পৱিত্ৰ স্নেহৰ তুলনা নাই-তাৰ সোৱাদ মই ভালকৈ মুবুজিলো। কিন্তু কেতিয়াবা শুর'ৰি চালে মোৰ স্বর্গীয়া আইতাৰ মুখখানিলৈ মনত পৰে। আৰু সেই চালুকীয়া বয়সত আইতাৰ আঁচলত ধৰি ডেও দি ফুৰা, কেতিয়াবা কোনোবাই ধৰ বুলিলে লৰ মাৰি আইতাৰ গাত গবা মাৰি ধৰা, আইতাৰ মূৰ মেলাই দিয়া আৰু কেতিয়াবা ওকণী চাওঁতে আমনি পাই কান্দি বলিয়া হোরা এইবোৰ কথা এতিয়া ৰিণিকি ৰিণিকি মনত পৰে। আইতা ধুকাবৰ পৰা মই দেউতাৰ মানত আলাসৰ লাক যেন হলো। তেও সততে মোক ওচৰৰ পৰা নেৰা হল। ময়ো দেউতাক এক্ষন্তেক নেদেখিলে আন্ধাৰ দেখো।
এই দবেই মোৰ জীৱনৰ চালুকীয়া কাল পাৰ হল। তাৰ পাচত মই যিমানেই বুজন হৈ আহিলোঁ সিমানেই দেউতার লগ ধৰা অভ্যাস পাতল হৈ আহিল। এই নিয়মে লাহে লাহে মোৰ বয়স চৈধ্য বছৰত সোমালহি। তেতিয়াৰে পৰা আল-পৈচান ধৰাত বাজে দেউতাৰ ওচৰ চাপিবলৈ মোৰ কাৰণ নোহোৱা হল। আৰু লাহে লাহে পিচলৈ অকলৈ থাকিহে ভাল লগা হল। কিন্তু অকলৈ থাকে। বুলি চিন্তাই মোৰ লগ নেবে। ধৰিবলৈ গলে, পাচলৈ চিন্তা মোৰ লগৰীয়া সখী হেন হৈ উঠিল। কেতিয়াবা এই চিন্তাতে ভোল গৈ আপোন-পাহৰা হওঁ। এনে কি, পাচলৈ মোৰ ভাব-গতি দেখি দেউতা চিন্তাযুক্ত হবলৈ ধৰিলে।
লাহে লাহে চিন্তা মোৰ লগৰ লগৰী, মৰমৰ সখী আৰু সুখৰ কাৰণ হৈ উঠিল। দেউতা ৰজাৰ চৰালৈ ওলাই গলেই মই আগফালৰ ফুলনিত, নাইবা পাচফালৰ পুখুৰী পাৰত বহি চিন্তাৰ লগৰী হও। তেতিয়া জগৎ-সংসাৰ নিতাল মৰা যেন পাও। গছৰ পাত এখিলা সৰি পৰিলেও সাৰ পাও। এই অৱস্থাতে এদিন দুপৰীয়া। জেঠৰ রাব খবৰ তৃতীয় খৰ। ৰদে খাও খাও মুর্ত্তি ধৰিছে। আকাশত মৰল দিছে। গছৰ পাত লেৰেলি পাতও দিয়া টেঙেচিৰ দৰে হৈছে। বাহিৰত ধানলুভীয়া কাউৰী আৰু বোৱাৰীত বাজে দেউ-মনিচ কাকো দেখিবলৈ নাই। সকলোরে ভিতৰত বহি শাঁত হৈছে। কিন্তু বোৱাৰী বেটীৰ শান্তি নাই, ধান হাত দিও'তে হাইৰাণ। ঘামে জুকলি বৈছে। কপালৰ ঘাম বৈ আহি চকু ঢাকি পেলাইছে। তথাপি এফেৰি জিৰাবৰ সাধ্য নাই। ছাঁত বহি অলপ শাঁত হবলৈ গলেই ইফালে ধান খৰি হায়,一 নাচনী শাহু-আই নাচি আহিব! নিরুপায়! মনৰ খং মনতে মাৰ গৈছে। মনে মনে একোবাৰ বাঢ়নীৰে খুচি কণা মেঘৰ ইওটো চকু ফুটাবলৈকে বাঢ়নী তুলিছে। একোবাৰ আকৌ বেটীৰ খং বাঢ়নীতে মাৰিছে। এনে ক্ষণত এনে উৎপতীয়া ক্ষণত এজন ডেকা আমাৰ পুখুৰীপাৰেলৈকে পোনাই আহিছে। মই মূৰ দাঙ্গি হঠাৎ তেওঁক দেখি চক খাই উঠিলে।। কিয় চক খালে। কব নোৱাৰোঁ। কিন্তু পিচ মুহুর্ততে তেওঁক চিনি পালোঁ। তেও আমাৰ চুবুৰীয়া। ডেকাজন ৰদত পকি পকা-থেকেৰাটিৰ দৰে হৈ আহিছে। দেখাতে বুজা যায় যে, তেও কিবা আপদত পৰি উধাতু খাই কুৰিছে। মুখখানি বেজাৰত আমোলাই আছে। কিন্তু মোৰ ওচৰ চাপিলত সেই চিন ক্ষন্তেকলৈ মুখৰ পৰা আঁতৰ হল। আক তেও লাহেকৈ হাঁহি এটি মাৰি মোক মাত লগালে, "ভানু, তুমি ইয়াত অকলৈ বহি আছাঁ ?” মই হবিষ মনেৰে উত্তৰ দিলোঁ,-"এবা, ঘামত তৰণি নেপাই ইয়াতে বহি জুৰ লৈছোঁহি। তুমিনে। ইমান বদত অকলৈ কলৈ গৈছিল। ?" তেও জিকাৰি উঠি কলে, "অ মই যাও! মই বহুত পলম কৰি আছো, মই ৰব নোৱাৰে।। দেউতাৰ সন্নিপাত জ্বৰত তত নাই। কি হয় গৈ ঈশ্বৰেহে জানে। মই বেজবৰুৱাৰ তালৈ গৈছিলে।। তেও' বাজবাটেদি গৈছেগৈ। মই এই পোনেই পোনাই আহিছোঁ। ভানু! থাকিব। এতিয়া দেই।" এই কেই আযাৰ কথা কৈ তেও বেগাবেগিকৈ ঘৰৰ ফালে খোজ ললে। আমাৰ ভাঁবাল-ঘৰৰ আঁৰ নোহোৱালৈকে মই তেওঁক চাই চাই চাই চাইয়ে বলো। তেওঁরো মোলৈ উলটি চাই গৈছেগৈ।
২ আধ্যা।
দুপতীয়া পুলি।
মোৰ আৰু সেই দিন নাই। সেই পুখুৰী-পাৰত বহি চিন্তাৰ লগৰী হোৱা দিন মোৰ পাৰ হল। আগৰ চিন্তা আছে কিন্তু আগৰ সুখ নাই। লগৰ চিন্তা লগতে ফুৰিছে, কিন্তু আগৰ দৰে লগ লোৱা ঠাইৰ ঠিকনা নাই। চিন্তাৰ লগ আগতকৈ বাঢ়িছে, কিন্তু সেই দৰে লগ লোৱা সময়ৰ ঠিক নোহোৱাত পৰিছে। শোও তে খাও'তে উঠোতে বহোতে মনত সদায় কি এটা চিন্তাৰ সোঁত আছেই। আৰু সেই সোঁতত উটি কেতিয়া কি ভাবে কলৈ যাও' কব নোৱাৰোঁ। কৰে। কি, কওঁ কি, কেতিয়াবা তাকো বুজিব নোৱাৰোঁ। আচলতে ভাবে। কি চিন্তা, কিহৰ তাৰ আদি-অন্ত নাই। এনে ভাবে ভালেমান দিন গল। এনে এদিনে-এবছৰ ভালেমান পাৰ হল। আগলৈ এদিনে-এযুগ আৰু কতনা আছে!
ঢাক গোহাইদেরক মই সেই দিনাই যে প্রথম দেখিছিলে। এনে নহয়, মোৰ মনতপৰাৰেপৰ। তেও মোৰ লগৰীয়া। দুয়ো হাতত ধৰাধৰিকৈ ডঠা। দুয়ো সকতে কিমান উমলিছিলে।! দুইবো একালত কিমান ইহা-কন্দা গল। দুইয়ো দুইৰো বাল্য প্রেমত কিমান মজিছিলো! আৰু দুইবো মনৰ মিল দেখি চাকুলী বাইইতে আমাক দৰা-কন্যা বোলা এতিয়াও মনত পৰে। এতিয়া আগৰ দৰে অহা-যোৱা ঘন নহয় বুলিও গোহাইদেৱ আমাৰ ঘৰলৈ দিনটোত এবাৰ নহাকৈ নেথাকে। আগৰ নিচিনাকৈ ধেমালিৰ মেল পতা নহয় বুলিও দুইবে। ভিতৰত এতিয়াও মতা-বোলা চলে। দুইবো ভিতৰত এতিয়াও দেখাদেখি মিলা প্রীতি ৰৈছে। তথাপি সিদিনা তেওঁকন চিনাকী যেন লাগি গল কিয়? সেইদিন। মই পুখুৰীপাৰত বহি পাকোঁতে গোহাইদেৱ ঘৰলৈ যাবলৈ পোনাই আহিছিল। সেই দৰে আগেয়েও তেও কেতিয়াবা আহে। পিচে সেই দিনা নো মই তেওকি নেদেখাই দেখাৰ দৰে, দেখি চক খাই উঠিছিলে। কিয়? সেই দিনাৰ নিচিনাকৈ আগেয়েও কিমান বাৰ দেখাদেখি হয়, আৰু দুই চাইটা কথাৰে আকৌ এবা এবি, হও, কিন্তু সেই দিনাৰ দেখাদেখি আৰু কথা কেই অধাৰত নো কি মোহনী শক্তি আছিল? আগেয়েও এবাএৰিত চকুৰ আৰ নোহোৱালৈকে দুইকো দুয়ো সেইদৰেই চাও, কিন্তু সেইদিনাৰ চাওনিত নো কি সুরগ। মিহলি আছিল? এই বিলাক প্ৰশ্নৰ মই উত্তৰ কাটিব নোৱাৰে।। ভাবে। কিন্তু তাৰ অন্ত নেপাও। সেই দিনাৰ সেই মুহুৰ্ত্তকৰ কথা বোৰ মনত নতুন হৈয়ে আছে; কিন্তু তাৰ মহিমা মই বুজিব পৰা নাই!
সেই দিনাৰপৰা তিন দিনৰ পাচত চাকচন্দ্র গোহাইদেৱৰ দেউতাক বৰ- গোহাঁই ডাঙ্গৰীয়া সেই নবিয়াতে ধুকাল। বৰগোহাঁই ডাঙ্গৰীয়া এজন বৰ লাগতিয়াল আৰু ৰজাৰ বিশ্বাসী মন্ত্রী আছিল। তেও স্বর্গী হোৱাত স্বৰ্গদেৱৰ সোঁ-হাত ছিগাৰ দৰে হল। গতিকে, ডাঙ্গৰীয়াৰ অকাল বিয়োগত স্বর্গদেৱে বৰ সন্তাপ পালে। চাক গোহাইদের মোৰে নিচিনা সকতে মাউৰা, তেও এতিয়া ঘাট মাউৰা হল! সেই কাৰণে ৰজা আৰু ডাঙ্গৰীয়া বিষয়া সকলোরে গোহাইদেৱক বৰ মৰম কৰিবলৈ ধৰিলে। আৰু সকলোরে ভাবি চিন্তি চাই তেও'ক পিতৃ-বন্ধু মোৰ দেউতাৰ সাৱধানত থবলৈকে স্থিৰ কৰিলে।
গোহাইদেৱে দেউতাকৰ আসন লব পৰা বয়স নোপোৱালৈকে তেওক আমাৰ ঘৰত বখাটোকে স্বর্গদেরেও স্থিৰ কৰিলে।
স্থিৰ হল, ভাল হল, মোৰ হল কি? মোৰ সেই কথালৈ উলহ-মালহ কিয়? সেই কথাই মোৰ মনত উগুল-ধুগুল লগাই কিয়? গোহাইদের আহিব, লগত লিগিৰা-লিগিৰীও আনিব; তেওঁক আল-পৈচান ধৰিবলৈ মোৰ ইমান ভাৱনা কিহুৰ? গোহাইদের আহিব, আহিলে তেওঁক কি দিম, কি খম, কি কম, কি লম, এইবোৰ ভাৱনা আপোনা-আপুনি মোৰ মনত আহে যায় কিয়? কিয়, কব নোৱাৰোঁ। মোৰ মন যেন দুৱাৰ-মেলা উদং ঘৰ। গোহাঁইদেৱৰ ভাবনাই তালৈ আহিছে গৈছে, সোমাইছে ওলাইছে, আপোন মনে যি ইচ্ছা তাকে কৰিবলৈ এক্তিয়াৰ পাইছে। মই মাথোন নিলগৰ পৰা চাই আছে।। চাই চাই চাই ভাল পাইছোঁ, মনে-মনে প্রাণে-প্রাণে কিবা এটি ফুটাই কব নোৱৰা সুখ অনুভৱ কৰিছো।
এই ভারেই কেইবাদিনে। গল। গোহাঁইদেৱক আমাৰ ঘৰলৈ অনাৰ কথা ওলাবৰ আজি তিনদিন। এই তিনটা দিন মোৰ মনত তিনটা বছৰ পাৰ হল। কিন্তু, গোহাইদেৱৰ অহা নহল! আহিব কাহানিকৈ তাৰে। ঠিক বতৰা নেপালোঁ। নিতৌ আহিব আহিব বুলি আশা পালো, নিতৌ হতাশ হও। পুৱাৰপৰা আশাত মন ঠন্ ধৰি উঠে, আবেলি হলে নিৰাশাত লেৰেলি পৰে। ৰাতিটো নেষায়-মুপুরায়। এই দৰেই তিনি চাৰিকৈ পাঁচ দিন নেযায়-নেযায়কৈ গল, গোহাইদেৱৰ অহা নহল। নহা কেইদিন যেনে-তেনেকৈ পাৰ হল, আহিব বোলা আৰু কেই দিন আগলৈ আছে তাক ভাবি অন্ত নোপোৱা হলো। ইফালে পলম হোৱাত, নহাৰ আশঙ্কাই তাৰ লগতে উৎপাত লগাইছে। এই দৰেই আৰু দুইদিন পাৰ হল, তথাপি গোহাঁইদের অহাৰ ঠিৰাং বাতৰি পোৱা নহল। মন হতাশৰ খুন্দাত ক্ৰমাৎ অরশ হৈ আহিল। বাহিৰৰ আৱ-ভার দেখি, মানুহে মোৰ মনৰ ভিতৰলৈ মন কৰা হল। এনে অৱস্থাত এদিন দুপৰীয়া এইবোৰ কথাকে গুণি-গাঁথি, পাচ চোতালত বহি আছো, এনেতে ৰজাৰ চৰালৈ ওলাই যোৱাৰ সময়ত দেউতাই লিগিৰীহঁতক দিহা দিয়া শুনিলো, "আজি চাক গোহাঁইঙ্গের আহিব। তেও'ৰ বই-বস্তু আহিলা-পাতি সকলে দিহা লগাই থবিক। আৰু, গোহাঁইদেৱৰ শোৱা খোৱাৰ বিষয়েও মই দিহা দিয়া মতে চলিবিহঁক, মই চৰাৰপৰা আহোঁত লৰাক লগতে লৈ আহিম।" এই কেই আষাৰ আদেশ দি দেউতা ওলাই গল।
দেউতা ওলাই গল। মই একেচাবে উঠি ভিতৰ সোমালে।। কিয় সোমালে। কৰ নোৱাৰোঁ, পোনেই চাকুলী বাইৰ ওচৰত থিয় দিলোঁগৈ। চাকুলীয়ে আথেবেধে সুধিলে, "কি আইদেও?” মোৰ উত্তৰ নাই! মই অলপ লাজ পাই তাৰপৰা আঁতৰি লাহে লাহে লিগিৰাহঁতৰ ওচৰ চাপিলোগৈ। সিহঁতেও লৰালৰিকৈ কি কৰিব লাগিব বুলি গুধিলে। মই সিহঁতলৈকো একো উত্তৰ নেপাই লাহে লাহে তাৰ পৰাও আঁতৰিব লগাত পৰিলে।। কিন্তু উলটি কৈ গলো যে, দেউতাই দিহা দি যোৱাৰ দৰে সিহতে কাম সোনকালে করিব লাগে। লিগিৰাহঁত তেতিয়াই দিহাদিহি কামলৈ ওলাল। মই সিহঁতক এৰি, চাংমাইৰ ওচৰ পালোগৈ। বুঢ়া চাংমায়ে খাই উঠি মুহুদি কৰিছিল। মোক দেখি সি লৰালৰিকৈ সুধিলেছি, "আইদেও! আজি ৰন্ধা বা কেনে হৈছিল?" মই উত্তৰ দিলো, "ভাল হৈছিল। আজিৰ-পৰা তাতোকৈ ভাল হব লাগিব। আজি আমাৰ ঘৰত আলহী চাপিবহি, বুজ পাইছানে?" চাংমায়ে কলে, "হৈছে আইদেও! ডাঙ্গৰীয়া দেউতাই মোক সকলো বুজাই কৈছে?" নই "বাক" বুলি ভিতৰ সোমালোঁহি।
ভিতৰ নিজঞ্জাল। বুলনীঘৰ একেবাৰে নিজম পৰিছে। মোৰ মন-প্রাণ উৰলীকৃত হৈ কলৈ উৰিছে মই কব নোৱাৰো। কি কৰিম কি মেলিম একো উরাদিহ পোরা নাই। এই দৰে অলপ পৰ থাকি বটাটোকে আগতলৈ বহিলোঁ। তামোল কাটিবলৈ ধৰিলে।। এটা তামোল কাটি তিনিখন থুৰিয়াই খৈ এখন খালে।। আকৌ এটা গুচাই লৈ ফঁহিয়াবলৈ ধৰিছো, এনেতে তামোল এৰি এবাৰ আঙ্গুলিতে বেপ দিলো! পাণ, তামোল, স্টা তেজেৰে ৰাঙলী হল! ভাগ্যে থুবিরা তামোল তিনিখনিত তেজ নেলাগিল। সেই কেখনি ইহাতে লাহেকৈ তুলি নি কৰণিত ধলোঁগৈ। আক, চাকুলা বায়ে দেখে বুলি, তেজ লগা পাণ তামোল বোৰ লৰালৰিকৈ বকৰাণিত পেলাই দি বটাটো চিন মাৰি ধুই পেলালে।। তাৰ পাচত, কটা-আঙ্গুলিত চূণ পান বান্ধি, বাহিৰলৈ ওলাই আছি দেখো যে, গোহাঁইদেরক পাচে-পাচে লৈ দেউতা বাট-চৰা পাইছেহি। মই লৰমাৰি আকৌ ভিতৰ সোমালোগৈ কট। আঙ্গুলিৰ বিষ লাহে লাহে গম নোপোৱা হলে।।
৩ আধ্যা।
কু'হিত পোক।
মোৰ মনত পৰাৰে পৰা দেউতাক ৰজাঘৰলৈ অসময়ত যোরা দেখা নাই। আৰু ডাঙ্গৰীয়া-বিষয়াসকল সেই দবে বক্তা ঘৰলৈ যোৱাব বিধি নাই। সিদিনা সন্ধিয়া পৰত স্বৰ্গদেৱে দেউতাক কিয় মতাই নিচিল, আৰু দেউতাৰে সৈতে গুপুতে কি আলচ পাতিলে তাব একো সম্ভেদ নেপালে।। ইয়াৰ তত্ত্ব লবলৈ কিমান যে যত্ন কৰিলে'।, সকলো মিছা হল। এদিন বুঢ়াগোহাই ডাঙ্গৰীয়াৰে সৈতে কথাবার্তা হও'তে দেউতাই হঠাৎ বজ্রাঘবলৈ যোৱা কথাটো ওলাইছিল। পিচে দেউতাই ঠাইতে পাক লগাই কথাৰ ধাৰ অইন পাকে বোৱাই নিলে। ডাঙ্গৰীয়াই উলকিব নোৱাৰিলে; কিন্তু মই কথাটোলৈ বেচকৈ মন কৰিলে।।
দেউতা ৰজাঘৰলৈ যোৱাৰ পিচদিনাৰপৰা মই গোহাইদেৱৰ আগত নোলাবলৈ আদেশ পৰিল। ডাঙ্গৰ হবৰ পৰা ভাল মানুহৰ আগত ওলাবলৈ মোৰ স্বভারতে লাজ লগা হৈ আহিছিল। গোহাঁইদেৱে সৰুৰে পৰা দেখা কাৰণেহে তেওৰ আগত ওলাও নোলাও কৈ ওলাইছিলো। এতিয়া, চাকুলা বাইৰ মুখে দেউতাৰ সেই হাক-বচন শুনিবৰ পৰা গোহাঁইদেৱৰ নাম লবলৈকো মোৰ লাজ লগা হল। দেউতাৰ হাক-বচনত মোৰ বেজাৰ পাবৰ কাৰণ নাই, কিয়োনো সেইটো সকলো ভাল মানুহৰ ঘৰৰ দস্তুৰ। কিন্তু সেই সময়ত ৰজাঘবলৈ যোৱাৰ পিচদিনাই এই হাক-বচন কিয় শুনিব লগা হল? এয়ে মোৰ ছপতীয়া আশা-লতাৰ কুঁহিত বিঘিনি- পোক লাগিলহি নে কি?
সেই ৰজাঘৰলৈ যোৱা দিনৰ পৰা এটা পক্ষ পাৰ হল। এই পক্ষটো আনলৈ শুরু; মোলৈ কৃষ্ণ। ইয়াৰ ভিতৰত গোঙাইদেৱে মোৰ চাটোও দেখিবলৈ পোরা নাই। আৰু মই কাৰো আগত তেওৰ নাম পর্য্যন্ত লোৱা নাই। গোহাইদেরে মোক দেখা নাই, কিন্তু মই তেও'ক সদায় দেখো। কিয়নো, মোৰ চাবলৈ বহুত সুবিধা আছে। মই বাৰ-জলঙাইদি জুমি চাব পাৰে।, চকোৱাৰ অ'বিত লুকাই চাব গ্লাবে'।। গতিকে সেই পক্ষত গোহাইদের মোতকৈও দুর্ভগীয়া, সেই পক্ষটো গোহাইদেরলৈ অমাবস্থা বাতি।
এই ভারে আৰু এটা পক্ষ গল। গোহ হিদেরব অন্তবৰ বিষাদ ভার মুখত বিৰিঙ্গি ওলাবলৈ ধৰিলে। আনে কিমান মন কবে কব নোৱাৰে।।
মই সদায় তেওঁ'ৰ মনটি মৰা যেন দেখোঁ। খোরা-লোরাতো তৃপ্তি নোপোৱা যেন দেখো। দেখি দেখি দিনে দিনে মোৰ মন প্রাণ হত হবলৈ ধৰিলে। খোৱা-লোৱাত মোৰ তৃপ্তি নলগা হল। আগতকৈও মোৰ মন বেজাৰ-অশান্তিত বেছি দকৈ বুৰিবলৈ ধৰিলে। নিলগত থাকোঁতে গোহাইদেৱৰ সুখ শান্তিৰ নিমিত্তে যিবোৰ কথা আলচিছিলে। সি মনতে মাৰ যাব লগা হল। আকাশৰ ফুল আকাশতে মাৰ যায় যেন লাগিল। আক, ময়ে তেওঁৰ নতুন বিসাদৰ কাৰণ হলো, এই কথাই মোৰ অন্তব দহিবলৈ ধৰিলে। কিন্তু কি কৰিম। মোৰ মনৰ কথা মই হে বুজিছোঁ, আনক বুজাবলৈ মোৰ উপাই নাই; আক বুজিবলৈকো কোনো নাই। পৃথিবীত আন কোনোবাই মোৰ অন্তৰ ঢুকি পাইছে যদি, তেওঁ গোহাইদেও, এয়ে মোৰ সবল বিশ্বাস। এই বিশ্বাসতে মই এফেৰি শান্তি পাওঁ।
মোৰ যেই হওক, গোহাইদেরব চিন্তাই মোৰ অন্তৰ পুৰিদেই চাই কৰিবলৈ ধৰিলে। ঘাট-মাউবা গোহাঁইদেরক আমাৰ ঘৰত শুখে-সন্তোষে ৰাখিবলৈ আনি এতিয়া জানিবা তেওঁক ভাল শুখ-সন্তোষ দিয়া হৈছে। আৰু ময়ে তাৰ কাৰণ হলো! গোহাইদেৱৰ শোক-বেজাৰৰ মূল কাৰণ মই! এনে কথা মোৰ প্ৰাণে যে এক্ষন্তেকলৈকো নসহে। যাব সুখ-শান্তিৰ নিমিত্তে দিনে বাতিয়ে মোৰ ভাবনাৰ অন্ত নাছিল, যাৰ শোক-বেজাব পাঙ্খাবলৈ মই নানা কথা জুকিয়াই লৈছিলোঁ, আজি সেই জনৰ দুখৰ কাবণ হলো মই! ইয়াতকৈ আৰু হিয়া-বিদৰোৱা কথা মোলৈ কি হব পাবে! হায়, এতিয়াও গোহাঁইদেৱৰ বিষাদৰ আচল কাৰণ মই হে বুজিছোঁ। তেওঁনো আজি কেই দিন মানৰ পৰা মনটি কিয় আমোলাই ফুৰে, তাৰ গুঢ় অর্থ মই ঢুকি পাইছো। আনে ভাবিছে, গোহাঁইদেরে তেওঁব মাউবা অৱস্থাৰ কথা ভাবিহে বেজাৰ মনেৰে ফৰে। এদিন দেউতাতে তাৰ প্রমাণ পালোঁ। গোহাইদেৱক মন মাৰি থাকিবৰ দেখি, এদিন দেউতাই তেওঁক ওচৰলৈ মাতি আনি এইদবে বুজনি দিছিল, "দেউটি! কিয়নো বেজাৰ কৰি থাকা? মৰা মৰি গল, এতিয়া সেই সকলে জীয়ালৈ পিঠিহে দিছে গৈ। এতিয়া তেওঁ দেৱতা, মনুষ্যৰ মৰম-ধৰম তেওঁত নাই। এই মৰতত যাৰ পৰাই পিতৃৰ মৰম চেনেহ পোরা যায়, তেওঁয়ে পিতৃস্থানীয়। সংসাবত তবিবলৈ পিতৃৰ সহায় ঘি লাগিব, তাৰ অভার তোমাৰ নাই। মই জীয়াই থকা কেইটা দিনত তুমি তেনে অভারত পৰিব নেলাগিব। ইয়াকে কৈ দেউতা নীৰব হল। গোহাইদের নিতাল মাৰিয়ে বল। দেউতা নীৰৱ হৈছিল, গোহাঁইদেৱৰ পৰা কিবা উত্তৰ পাবলৈ বুলি, কিন্তু গোহাঁইদেরে ফুটাই এটি কথাও নকলে। কিন্তু হায়, দেউতাই যি বুজনি দিলে সি গোহাঁইদেৱৰ মনৰ ব্যথা ঢুকি নেপালগৈ। দেউতাই যি ভাবি সেই কেই আষাৰ জ্ঞান দিলে, সেই ভাবত গোহাঁইদের আচলতে নাই। তেওঁ যি ভাবত, সেই ভাব মই হে বুজিছোঁ। মই হে তেওঁৰ মনৰ আচল ভাৱ বুজি উচিত বুজনি দিব পাৰিলোঁহেঁতেন। -দেউতাই বুজাওঁতে মই বাৰ-জলভাই জুমি চাই আছিলো। চাই চাই আৰু শুনি শুনি মোৰ মনে উচুপিচাবলৈ ধৰিলে। মনতে এনে লাগিছিল, যেন দেউতাই আধা কোৱা কৰোঁতেই ইফালৰ পৰা আচল কাৰণটো মই কৈ দিম! যি হওক, দেউতাই বুজনি দিলে, গোহাইদেরে শুনিলে। শুনিলে আৰু শুনিলে, তেওঁ একো এটি উত্তৰ নিদি দেউতাৰ কাষৰ-পৰা ভক্তিভাৱে আঁতৰি তেওঁৰ কোঠাত সোমালগৈ।
এই ভারেই আপদীয়া দিন আৰু কেইবাটাও পাৰা হল। গোহাঁইদেৱৰ মনৰ বিকাৰ গুচাবলৈ মই একো এটা উপায় কৰিব নোৱাৰিলোঁ। গোহাঁইদেরে ভাবিছে চাগৈ মই একেবাৰে তেওঁলৈ পাহৰিলোঁ বুলি। তেওঁ ভাবি লৈছে জানো, মই আপোন মনে মহা সুখে আছো, তেওঁব ভারনা ভাবিবলৈ মোৰ দৰ্কাৰ কি? তেওঁ জানিছে জানো, তেওঁৰ অন্তৰৰ বেদনা বুজোঁতা জগতত আৰু কেও নাই। এনে নিষ্ঠুৰ ধাৰণাত জানো গোহাইদেরৰ শোক দিনে বাড়িছে। কিন্তু মোলৈ তেওঁৰ তেনে ভাব নিতান্ত অসহনীয়। মোক তেনে ভাবি যদি তেওঁৰ বেজাৰ বাঢ়িছে, তেন্তে মোত পৰ অভাগিনী আৰু জগতত নাই। ময়ে তেওঁৰ বেজাবৰ ঘাই কাৰণ। ময়ে তেও'ৰ সেই বেজাৰ বঢ়াগুঁতা, ইয়াতকৈ আৰু ডাঙ্গৰ বেজাৰৰ কথা মোলৈ কি হব পাৰে। যি হওক, কি উপায়ে নো গোহাঁইদেৱৰ মনৰ পৰা এই ভুল ধাৰণা গুচাব পাৰি, তাৰ চিন্তাত ধৰিলো। ভাবি ভাবি একো উপায়-বুদ্ধি নেপাও। কত পাঙ্গো কত ভাঙ্গো, একো এটা স্থিৰ কৰিব নোৱাৰোঁ। মোৰ উদ্দেশ্য হৈছে যে, মই গোহাঁইদেৱলৈ পাহৰা নাই বুলি কেনেকৈ তেওক জানিবলৈ দিয়া হয়। তেও কেনেকৈ বুজিব পাবে যে, মই সদায় তেও'ব ভাবনাতে আছো। কি উপায়ে তেও'ক গম পোৱাও যে, মই তেওঁক মোৰ প্ৰাণতকৈও ভাল পাও। দুপৰীয়া নীৰলে সদায় এই চিন্তাত বহো। দেউতা আৰু গোহাইদের বজাঘৰলৈ ওলাই গলেই, ইফালে মোৰ এই চিন্তা। চিন্তো হয়, কিন্তু এদিনো তার অন্ত নেপাও।' এই দৰেই কেইবা দিনো গল। এদিন দুপৰীয়া এই চিন্তাত ভাগৰি ফুলনি-বাৰীত সোমালোঁগৈ। দেখিলোঁ, মোৰ গোলাপ কেইজুপি ফুলি জন্মকাই আছে। তাবে ভালকৈ ফুলা এপাহি আৰু ঢোপাকলি এটি তুলি ললো। কি ভাবি কব নোৱাৰো কোনোবা এপাকে, গোহাঁইদেৱৰ শোৱাকোঠাত সোমালোঁহি। সোমাই ইফালে সিফালে চালোঁ, কোনো নাই। লাহেকৈ কলিটিয়ে ফুলপাহিয়ে জোৰ পাতি গোহাঁইদেৱৰ গাৰুটির ওপৰতে সজাই থৈ লৰালৰিকৈ বাহিৰ হলো। গুপুতে এই কামকেৰি কৰি আহি, মোৰ মনত কিবা এটা অসাধ্য সাধিলো যেন লাগিল। কিন্তু এই কামৰ ফলাফল ভাবি, মন আকৌ অস্থিৰ হবলৈ ধৰিলে। গোহাঁইদেরে ভাল পোরা এটি কাম সাধি আহিছোঁ, এনে ভাবে আনন্দত মোৰ মন ফুলাই তুলিলে। আকৌ চালো, জানোবা তেও আতি ইয়াৰ আচল তত্ত্ব নোপারাকৈ এই কথা লৈ জনজনাই দিয়েছি! তেতিয়া ভিতবে-বাহিবে হুল-স্কুল লাগি উঠিব। দেউতাই পোনেই মোকহে ভাবিব। নেভাবিলৈ, মোত বাজে এনে কাম কৰিবলৈ আমাৰ ঘৰত আৰু আছে কোন? এই আশঙ্কাত মন আকৌ কল। পৰি আহিল। এই দৰেই এবাৰ এটা ভাবে মন ফুলাই তোলে, আকৌ আন এটাই মুদ্রাই নিয়ে। এনে উগুল-গুগুল ভাবে মনৰ ভিতৰত উৎপাত লগাই পাকোঁতেই দেখিলো, গোহাঁইদের আহি পদুলিমূৰ পালেহিয়েই! এতিয়াই ভিতৰ সোমাবহি! দেখি নো বুলিব কি! এই উত্তলা ভাবত মই তৰণি নোপোৱা হৈ উঠিলে।। সেই মুহুৰ্ত্তটো মোৰ নিমিত্তে সাংঘাতিক যেন লাগিল। গোয়াইদের সোমালহি। ওলাই অহালৈ আৰু মোৰ বাট চাবৰ শক্তি নহল!
৪ আধ্যা।
চিঠি-পত্র।
কেইদিন মানৰ পৰা দেউতাৰ মনটিত বং। পুরা গধূলি জিৰণিৰ সময়ত তেওঁৰ মনটি ফুলি থক। যেন দেখি। আৰু মই মন কৰিছোঁ, মানুহৰ লগত কথা- বার্তা হওঁতে অলপ মন ভাল লগা কথা ওলালেই দেউতাৰ মুখত হাঁহি বিৰিঙ্গিবলৈ ধৰে। ইয়াৰ গূঢ়াৰ্থ কি তাকহে বুজিব পৰা নাই।
খজাঘৰব পৰা মানুহ অহাও কেইদিন মানৰ পৰা ঘন হৈছে। সেই দিনা দেউতাক অসময়ত ৰজাই মতাই নিয়াৰ পাচৰপৰা ৰজাঘৰীয়া মানুহ কেইবা জোৰাও লালিকৈ আহিছিল। তাৰ পাচতো নিতৌ আহিবই লাগিছে। আছে মানে যেন দেউতাই ভাল পায়। মানুহ উঠি যাবৰ সময়ত তেওঁ এনে ভারে বিদায় দিয়ে, যেন সিবিলাক আকৌ আহিবগৈ। মোৰ হলে, কি এটা কথা, ৰজাঘৰৰ মানুহ বুলিলে দেখিবৰ মন নেযায়। আমনি কৰিবলৈ অহা যেনহে লাগে। দেউতাই ভিতবলৈ তামোল খুজি পঠিয়ালে মনে-মনে মোৰ বৰ খং উঠে। নোৱাৰাতহে কাটি দি পঠিয়াওঁ। এই মানুহবিলাক আছে কিয়, আৰু কেই দিন মানৰ পৰা অহা ঘন হৈছে কিয়, বুজিব পৰা নাই।
দেউতাৰ মনত বং লগাৰ আৰু এটি কাৰণ আছে। অর্থাৎ, কেইদিন মানৰ পৰা গোহাঁইদেৱৰ মনটি মুকলি। আগৰ দবে তেওঁ আমনজিমনকৈ নেথাকে। কাম-কাজ কথা বাত্তা সকলোতে তেওঁৰ সন্তোস আৰু উৎসাহ লগা যেন দেখা যায়, দেউতাই ভাবিছে যে, তেওঁৰ সেই দিনাৰ সাকরা বুজনিয়ে এই সেবা গুণ ধৰাইছে। এই বিশ্বাসতে তেও এতিয়া গোভাইদেরলৈকো বৰ সন্তোষেৰে চায়। অপুত্রক দেউতাৰ গোহাইদেরেই যেন একেটি পুত্র, তেওঁৰ ভাবত এনে বুজা যায়। আৰু দেউতাৰ তেনে ভাব দেখি মোৰ বুকু শাঁত লাগি আছে। এনে ভাব দেউতাব মনত যিমান ডাঠ হয়, সিমানেই মই বং পাওঁ। সি যিহওঁক, কিন্তু দেউতাই গোহাঁইদেৱৰ মন মুকলি হোৱাৰ আচল অর্থ এতিয়াও পোরাগৈ নাই। দেউদ্ভাব সাকরা বুজনিয়ে গোহাইদেরক জ্ঞান দিলে হয়, কিন্তু এই অভাগিনীয়ে নেজানি কৰা এফেৰি কামেহে তাৰ গুটি ধৰালে।
সেই দিনব পৰা মই দিনোঁ এজুৰি ফুল গোহাঁইদেৱৰ গাৰুৰ ওপৰত সজাই পবলৈ ধৰিলোঁ। আক পাচলৈ সি মোব দিনে কৰিব লগীয়া কামৰ দবে হৈ উঠিল। আগ দিনা ফুল জুৰি সজাই পৈ আর্ভোগৈ, পিচ দিনা কৰণিত তুলি পোরা পাই, তাক উলিয়াই পেলাওঁগৈ। এই কামটিৰ বিষয়ে গোহাঁইদের আক মোত বাজে। আন কেরে নেজানে। আক, এই কাৰ্য্যৰ মূলত কোন, গোহাঁইদেরেও সেইটো জানো বুলি টানি কব নোৱাৰে। সেইদৰেই ভালেমান দিন পাৰ হৈ গল। পিচে, সেই কামটি কৰোঁতা কোন, তাক জানিবৰ কাৰণে কেইদিনমানৰ পৰা গোহাঁইদেৱৰ মনত উগুল-গুগুল লাগিল। সেই অর্থেই এদিন তেও' ফুল কেই পাহি কৰণিত তুলি পও'তে, লগতে এডুখৰি তুলাপাতত "কোন্ ইটি মনচোৰ" এই কেইটি কথা লিখি পৈছিল। পিচ দিনা মই নতুন পৈ পুৰণি পেলাবলৈ যাওঁতে, তুলাগাত ডুখৰিত লিখা কথা কিটি পড়ি চাই, আপোনা আপুনি লাজে ভরে সুখে দুখে বিভোল হৈ পৰিলে।। কিছুমান পৰ এই ভাৱে ঠৰ লাগি ৰৈ আছো, এনেতে মাৰল-ঘৰেদি যাও'তে কোনোবাই "কোন সিটি" বুলি মাত লগাই গল। মই সেই পোনেই মূছকছ যোৱাৰ দৰে হলে।। তাৰ অলপ পাছত, হাতৰ সাবে ভৰিৰ সাবে মই গোহাঁইদেৱৰ শোৱা কোঠাৰ পৰা ওলাই পোনচাতে পিচ-চোতাল পালোগৈ। সেই দিনাৰ পালি সেই দৰেই অন্ত পৰিল। পিচদিনা ফুল থবলৈ সোমাইগৈ, ময়ে। সেই তুলাপাত ডুখৰিৰ পিঠিত "চোৰ নহও"," এইদৰে লিখি ফুলজুৰিব তলত পাৰি থৈ আহিলোগৈ। ইয়াকে পাই গোহাঁইদেরে বা আকৌ মনত কি ভার লয়, আৰু তাব চিন আকৌ কি হয়, তাক জানিবৰ নিমিত্তে মনত উণ্ডল-পুগুল লাগিব ধৰিলে। সেই দিনা সুন্দিয়ালৈকে বাৰ-জলঙাৰ পৰা চকু তুলিব নোৱাৰিলো। গোর্খাইনের ওলাও'তে-সোমাও'তে তেওৰ ভাব-গতিত সেই বিষয়ৰ কিবা তথ্য পাও বুলি চাও'তেই গল। বাতিলৈ টোপনিৰো টানত পৰিলে।। পাটিত পখিবৰ কত পৰ হল, আনবিলাক সকলো শুই নিপালি দিলে, তেতিয়াও মোৰ চকুত টোপনি নাই। শেহ-বাতি মাথোন চিল্-মিল্ল্কৈ এঘুমটি টোপনি আহিছিল। পিচদিনা কেতিয়। দুপব কর, কেতিয়া দেউতা আৰু গোহাঁই- দের ওলায় যায় তাইল বাট চাই আমনি লাগিছিল। পিচে সিবিলাক গৈ বাটচৰা পাৰ নৌ হওতেই মই গোঙাইদেৱৰ শোৱা-কোঠা পালোঁগৈ। পাই দেখোঁ যে, কৰণিত ফুল ছুটি এখন তুলাপাতত যতনেরে তুলি থোর। গাছে। মই লৰালৰিকৈ তুলাপাতখন টানমাবি আনি পড়ি চাও, এই কেফাকি কথা লিখা আছে, "যিয়ে বা নোহোর'। 'মই', ভা-ভা-ভাবত ভানুদয়"। পড়ি যাও'তেই মোৰ হাঁহি উঠিল; বোলে। গোহাঁইদের খোনা হলেনে কি, ভা-ভা-ভাখন কিহৰ! কিন্তু পিচ মুহূৰ্ত্ততে লাজত তলমূৰ কৰিলে। বুজিলে। মোক ধৰা পেলাইছে। মই সেই সময়ত ভিতবি কি যে হৈছিলো, কব নোগর্বে।।
এই দৰেই গল দিনচেবেক। তেরে। কিবা এফাকি লিখি গৈ যায়, ময়ো কিবা এটি উত্তব লিখি থৈ আহোগৈ। এনে ব্যৱস্থাই গোহাইদেরক কিমান সুখ দিছিল কব নোৱাৰে।, মই চলে আনন্দত উপলি পৰিছিলোঁ, মোৰ আগৰ চিন্তা ভাবনা সকলো পাহবিচিলে।। এনে বারস্থা নেন চিৰকাল ঢলিব, এনে সুখৰ যেন চান্ত নপৰিব, এনে ভাবিছিলে।। পিছে এদিন এই শুখ উপচি পৰা যেন পালে।। আবেলি এদিন মই মুব মেলাই আছো, এনেতে চাকুলা বাইৰ পুতেক আঘণাই চুচুক-চামাককৈ মোৰ ওচৰ চাপি, মোৰ কোচতে বিযোগ নিদিয়া লেফেফা এটা পেলাই দি ভিৰাই লৰ ধৰিলে। মই তাক 'কি, বুলি সুধিবলৈকে নেপালে।। লৰালৰিকৈ লেফেফাটো মেলি চাও দেখোন ভিতৰত এখন চিঠি। আগৰ গোহাইদেরব। কথা এই কেই আধাৰঃ "ভানু! তোমাক নো মই কি সম্বোধন ধৰিব পাও ভাবি-চিন্তি পাইছিলোঁ, কার্যাত দেখাবলৈ সাহ নহল। আক কপালত নেথাকিলে সি কার্য্যত কেনেকৈ ফলিয়াব। সম্প্রতি সবহ কবলৈ মোৰ চল নাই; কিন্তু মোৰ এই শোক চেপা হিয়াত যে তোমাৰ মোহিনী মূর্তি কেতিয়া- বাৰে পৰা স্থাপন কৰা হৈছে, সেই সঁচা কথা কবলৈ সঙ্কোচ নকৰোঁ। মন পালে মনোভাব আৰু প্রকাশিব পাৰি। কিন্তু, ইয়াতে কিবা জানি বহুত দোষ কৰিছোঁ! ভামু ক্ষমা কৰিবা।" চিঠিখনি খুৰাই ঘূৰাই তিনিবাৰ পড়িলো। পঢ়ি হেঁপাহ মুগুচিল, আকৌ পঢ়িম বুলি ৰিহাৰ আঁচলত বান্ধি ললে।।