মানুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্রভেদ এই যে, মামুহ উন্নতিশীল জীর, কিন্তু পশুবোৰ তেনে নহয়। এই প্রভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্রেষ্ঠ। চৰায়ে তাৰ বাহ সাজে, বিববে তাৰ গড়াল সাজে, মৌ-বৰলে সিহঁতৰ চাক বান্ধে; চৰাইৰ বাহু, বিবৰৰ গড়াল, মৌ-বৰলৰ চাক, আদিবে পৰা একে নিয়মে সঙ্গ। হৈ আহিছে। এহেজাৰ বছৰৰ আগেয়ে কাউৰীয়ে যেনেকৈ বাহু সাজিছিল, এতিয়াও সেই দবে সাজিছে; কিন্তু এশ বছৰৰ আগেয়ে মানুহে যেনেকৈ ঘৰ সাজিছিল, এতিয়া তেনেকৈ নেসাজে। চৰাইৰ বাহ, বিবৰৰ গড়াল, আৰু মৌ-বৰলৰ চাক কালৰ গতিত একো উন্নতি নহৈ আদিম অৱস্থাতে আছে; কিন্তু যি মানুহে প্রথমে আদিম অৱস্থাত বাঁহপাতৰ পঁজাঘৰ সাজিছিল, সিহঁতৰ সন্ততিবোৰে আজি কালি প্রকাণ্ড প্রকাণ্ড অট্রালিক। সাজিছে। ইয়াৰ দ্বাৰাই বুজা যায়, মানর জাতি উন্নতিশীল, কিন্তু পশুবিলাকৰ উন্নতি নাই। স্বভাবৰ পৰা যিবিলাক শক্তি পাইছে, তাব লগে লগে নিজ বুদ্ধিৰ বলত আন আন উপায় উলিয়াই মানুহ আন জীৱবোৰতকৈ শ্রেষ্ঠ হৈছে। কোনো জন্তুরে মানুহৰ নিচিনাকৈ কাপোৰ বৈ পিন্ধিব পৰা নাই, খাস্থ্য বান্ধি খাব জনা নাই, আন আন জন্তু পুহিব জনা নাই। কিন্তু মানুহে এনেকুরা বহুত জীরনোপায় উলিয়াই জগতত সভ্য হৈছে। যিবিলাকে সৰহকৈ এনেকুর। স্বাধীন উপায় উলিয়াব পৰিছে, সিহঁতেই সিমান সভ্য হৈছে। যেয়ে পৰা নাই, সেয়ে সিমান অসভ্য আৰু বৰ্ণবৰ হৈ আছে। মানুহৰ মাজত সভ্যতাব তাৰতম্যৰ মূল এয়ে। এই প্রভেদব কাৰণেই কোনোৱে গছৰ ছাল পিন্ধিছে, কোনোরে মলমল পিন্ধিছে; কোনোরে বাঁহৰ চুঙ্গাত পানী খাইছে, কোনোরে সোণ-ৰূপৰ পাত্ৰত আহাৰ কৰিছে! কোনোরে ঢিঙ্গিৰি ব্যৱহাৰ কৰিছে, কোনোরে 'দেছলাই' ব্যৱহাৰ কৰিছে। কোনোরে কলগছৰ ভুব বান্ধি নৈ পাৰ হৈছে, কোনোৱে ভাপ-নাৱেৰে সাগৰৰ ওপৰেদি অহা-যোরা কৰিছে।
স্বাধীন উপায় বিলাক উলিয়াব পৰা শক্তি, মানুহৰ প্রকৃতিগত বা স্বভাৱৰ পৰা পোৱা নহয়। কাৰণ, যি জাতি আজি একেবাবে অসভ্য, পাঁচশ বছৰৰ পাছত হয়তো দেখিবা সেই জাতি সভ্যতাৰ বহুত ওপবলৈ উঠিছে। বহির্জগতৰ কাৰ্য্যৰ ফলত এনেকুরা প্রভেদ হোৱা নাই। কাৰণ যি ঠাইত আগেয়ে অসভ্যই বাস কৰিছিল, সেই ঠাই পাচত এক সভ্য জাতিৰ থকাঠাই হৈছে; আকৌ যি দেশ আগেয়ে সভ্যতাৰ আদি ঠাই আছিল, সেই দেশ পাচত অসভ্য মানুহৰ বাসস্থান হৈছে। তেনেহলে মানুহব সভ্যতাৰ উন্নতিৰ ঘাই নিয়ম কি? কি কাৰণে বেলেগ বেলেগ জাতিবোৰ সভ্যতাৰ বেলেগ বেলেগ খাপত উঠিব পাৰিছে?
পাশ্চাত্য পণ্ডিত সকলৰ বহুতে কয়, প্রাণীজগতৰ ক্রমিক অভিব্যক্তিৰ যি নিয়ম, সেই নিয়মেই মানরজাতিব সভ্যতাতো খাটিছে। যোগ্যৰ উন্নতি, অযোগ্যৰ অধঃপাত, পূর্বপুৰুষৰ গুণ বা বিশেষত্বৰ অধিকাৰ প্ৰভৃতিৰ ডাঙ্গৰ ডাঙ্গৰ নিয়ম বোৰৰ দ্বাৰাই পৃথিবীৰ জাতিবিলাক অসভ্য অৱস্থাৰ পৰা সভা অৱস্থালৈ উঠিছে। অভিব্যক্তিবাদী বিলাকে কয়, জীৱন বক্ষাৰ নিমিত্তে হোৱা যু'জলৈ সাজু হবৰ কাৰণে মানুহে নানা উপায়-কৌশল উদ্ভাৱন কৰে, সেই বিলাক অর্জ্জা উপায় আৰু কৌশল এক পুৰুষৰ পৰা আন পুৰুষে অধিকাৰ কৰে, আৰু চৰিত্ৰত সেইবোৰ শক্তি পোত খায় বয়। এই দবে যি জাতিয়েই সুবিধা জনক নানা উপায় বা কৌশল উলিয়াই পাছলৈও সাঁচি থৈ গৈছে, সেই জাতিৰেই উন্নতি হৈছে; সেই জাতিয়েই সভ্য বুলি জগতত গণ্য হৈছে। যিবিলাকে এই জীৱন ৰক্ষাৰ যুঁজত যোগ্যতা দেখুৱাব পৰা নাই, সেই বিলাকেই প্রাকৃতিক নিয়মানুসাৰে পিছলৈ 'হকিছে, সেইবিলাক জাতিয়েই অসভ্য বুলি পৃথিবীত গণ্য হৈছে। এই মতানুসাৰে মানুহে যুদ্ধ-বিগ্রহ, অত্যাচাৰ, কুসংস্কাৰ, দুর্ভিক্ষ প্রভৃতিৰ মাজেদি গৈ উন্নতিৰ জখলাত ভৰি দিব পাৰিছে। যিবিলাক মানুহে এই বিলাক অসুবিধা অতিক্রম কৰিব পৰা নাই, সিহঁতৰ উন্নতিত বহুত প্রতিবন্ধক হৈছে। এই নিয়মে যদি সর্চাসচিকৈয়ে মানৱজ্ঞাতিৰ ক্রমোন্নতি ঘটিছে, তেনেহলে মানরজাতিৰ অৱনতি হবৰ প্ৰায় আশঙ্কা নাই। কাৰণ প্রাকৃতিক নির্বাচন প্রভৃতি অভিব্যক্তিৰ নিয়ম বোৰৰ দ্বাৰাই সমাজৰ অৱনতিজনক অঙ্গবিলাক লোপ পাই সমাজ কেৱল উন্নতিৰ বাটেবেহে যাব। কিন্তু, এইটি সাধাৰণ নিয়ম নে? এই প্রশ্নৰ উত্তৰত কওঁ, নহয়। জগতব বুৰঞ্জী মেলি চোর।, আধুনিক সময়ৰ জাতিবোৰৰ সভ্যতাৰ অৱস্থালৈ এবাৰ মন কৰি চোৱা, দেখিবা অভিব্যক্তিৰ নিয়মানুসাবে উন্নতি নহৈ বহুত জাতিৰ সভাতাৰ অৱস্থাই লৰচৰ কৰিব নোৱাৰা হৈ আছে। এই বিলাক জাতিব সভ্যতাৰ প্ৰাণ নাই; সেই নিমিত্তে সি বাঢ়িব নোৱাৰে। অভিব্যক্তিবাদীবিলাকৰ মতে সভ্য জাতিয়ে বহুদিনৰ ক্রমোন্নতিৰ মুৰত সভ্য অৱস্থাত উপস্থিত হৈছে। অসভ্যজাতিৰ কেতিয়াও এনেকুরা ক্রমোন্নতি হোরা নাই, সেই দেখি অসভ্য অরস্থা গুচা নাই। কিন্তু, সেই বুলি ইংৰাজ জাতিক আমি আগৰে পৰা উন্নতিৰ বাটেৰেহে অহা পুবণি জাতি, আৰু হিন্দু, চীন, গ্রীক, বোমান প্রভৃতি জাতিক কোনো কালে উন্নতিব বাটত ভবি নিদিয়া, আদিম অৱস্থাৰ জাতি বুলিম নে? বুৰঞ্জীয়ে কয়, যি সময়ত পুৰণি হিন্দুবিলাকে, গ্রীকবিলাকে, বোমানবিলাকে, মিচৰীবিলাকে ডাঙ্গৰ ডাঙ্গৰ বৈজ্ঞানিক আক কঠিন দার্শনিক প্রশ্নবিলাকৰ সিদ্ধান্ত বিচৰাত নিযুক্ত আছিল, যি সময়ত সেই সেই জাতিবিলাকে কৃষি, বানিজ্য, শিল্প প্রভৃতিৰ উন্নতি কৰিছিল, যি সময়ত আৰ্যাৱৰ্ত্তত পৰাক্ৰমী হিন্দু বজাবিলাকে অসংখ্য ডাঙ্গব ডাঙ্গৰ নগৰ আৰু ৰাজ্য পাতিছিল, চীনবিলাকে প্রকাণ্ড গড়েৰে গোটেইখন চীন দেশ বেৰি পেলাইছিল, মিচৰত পিৰামীড সঙ্গা হৈছিল, বেবিলনৰ নাম গোটেই এচিয়াত বিখ্যাত হৈ উঠিছিল, এথেন্স, থিবচ, মৰ্ম্মৰশিলৰ মূৰ্ত্তি আৰু অট্টালিকাৰে পৰিপূৰ্ণ আছিল, টাইবৰৰ পাৰত পৰাক্ৰমী বোমানবিলাকৰ ৰাজধানী ইউৰোপৰ শ্রেষ্ঠ মানুহবিলাকৰ থকা ঠাই হৈ উঠিছিল, সেই সময়ত আধুনিক সভ্য জাতি ইংৰাজ, জন্মান, ফৰাচী মার্কিন প্রভৃতিৰ পূৰ্বপুৰুষবিলাকে হাবিত বাঁহপাতৰ ঘৰ সাজি বাস কৰিছিল, গছৰ ছাল পিন্ধিছিল, আৰু শিল, গছৰ পূজা কৰিছিল! অভিব্যক্তিৰ মতে যদি উন্নতিৰ বাটত উঠা জাতিৰ প্ৰাকৃতিক নিয়মানুসাবে ক্রমিক উন্নতিত বাজে অরনতি নহয়, তেনেহলে হিন্দু, চীন, মিচৰীয়, গ্রাক আৰু ৰোমান সভ্যতাৰ আধুনিক অৱস্থা এনে কিয়?
অভিব্যক্তিবাদীবিলাকে ইয়াৰ ভাল উত্তৰ দিব নোরাবে। আক আন এদল মানুহে কয় যে, মানুহ সমাজৰ সৃষ্টি হবৰ পাচত, সেই সমাজৰ কিছুমান নিয়ম গড়া হয়; কালক্রমত সেই নিয়ম বিলাক সমাজৰ গাত ইমান দকৈ পোত খায় যে, সিহঁতক সমাজৰ শৰীৰৰ পৰা বাজ কৰা বৰ টান হৈ উঠে। সমাজে সেই অনা- রশ্যকীয় অথচ এৰিব নোৱবা নিয়মবিলাকৰ বাবে নতুন লাগতিয়াল সমাজৰ হিতকৰ নিয়ম নকৈ সুমুৱাই লব নোরাবে। সেই দেখি সমাজৰ সভ্যতাৰ উন্নতিৰ বাট বন্ধ হয়, সেই সভ্যতাৰ প্ৰাণ নোহোৱা হয়। ভাবি চালে ঘাইকৈ ভাৰতবৰ্ষতে এই নিয়মটি সুন্দৰকৈ থাটিছে যেন অনুমান হয়। হিন্দু সমাজৰ কিছুমান পুৰণি নিঙ্গীর, কুটিল নিয়ম ডিঙ্গিত বান্ধি লৈ আধুনিক সময়ৰ হিন্দুবিলাকে সমাজক নতুন আৰু আৱশ্যকীয় সাজ পিন্ধাব পৰা নাই। সেই পুৰণি নিয়মবোৰ যিমান পুৰণি হৈছে, সিমান সিহঁত মেৰপাক-খাই-ধৰা কুসংস্কাৰ হৈ সমাজৰ মানুহৰ মনক ঢাকি তাত ন পোহৰ ন বতাহ একোকে ঠুটিয়াব নোৱাৰা কৰিছে। কিন্তু যদিও হিন্দু সমাজৰ এনেকুরা সঙ্কীর্ণ আৰু ৰক্ষণশীল অৱস্থা হৈছে, তথাপি তাত নতুন নতুন সংস্কাৰ নোসোমোৱাকৈ থকা নাই। হিন্দু ৰাজ্য শেষ হবৰ পৰাই নানা বিদেশী জাতিয়ে আহি ভাৰতবর্ষ আক্রমণ কৰিছে। কোনোরে এই দেশব ধন-ৰত্ন সকলোকে যিমান পাৰে লুটি লৈ নিজ দেশলৈ উলটি গৈছে, কোনোরে আকৌ নতুন ৰাজ্য পাতি ভাৰতবৰ্ষতে ৰাজত্ব কৰিছে। অতি প্রাচীন কালৰ পৰা ভাৰতত বিদেশীৰ প্রভুত্ব চলি আহিছে। ইমান দিন বিদেশীৰ প্ৰভুত্বৰ তলত যে হিন্দুসমাজৰ অলপো গড় গতি লৰা নাই এনে নহয়। ৰাজনৈতিক বিপ্লৱবোৰৰ লগে লগে একোটা ভয়ানক সামাজিক বিপ্লৱ হৈ উঠে; তাতে সমাজৰ বহুত লৰচৰ হয়। তাৰ ওপৰত আকৌ ভাৰতবৰ্ষৰ ভিতৰতে নানা নতুন ধৰ্ম্মৰ সৃষ্টি হৈ দেশত বহুত ধৰ্ম্মবিপ্লর হৈছে। সেই ধৰ্ম্মবিপ্লৱবোৰৰ আনুসঙ্গিক সমাজৰ লৰচৰো বহুত হৈছে। হিন্দু সমাজৰ ইমান বক্ষণশীল প্রকৃতি নোহোরা হলে ভাৰতবৰ্ষত যিমান ৰাজবিপ্লর আক ধৰ্ম্মবিপ্লর হৈছে, এই বোৰৰ দ্বাৰাই ইমান দিনে হিন্দু সমাজৰ গঢ় যে একেবাৰেই লৰিল- হেঁতেন, এনে অনুমান হয়।
তেনেহলে দেখা গল, সমাজৰ লৰচৰ কৰিব নোৱৰা অৱস্থা হৈ ভাত নতুন উন্নতি সোমোৱাৰ বাট মাৰ যোৱাৰ বাবেই মানৱজাতিৰ সভ্যতাৰ অৱনতি হৈছে, এনে নহয়। বুৰঞ্জী চালে জানিব পৰা যায় যে, পৃথিবীব সমাজ বিলাকৰ বহুতৰ অকল উন্নতিৰ বাট বন্ধ হৈয়েই থকা নাই; বহুত সমাজে উন্নত অৱস্থাৰ পৰা নামি একেবাবেই তললৈ গৈছে। দৰাচলত সমাজবোৰৰ গতিৰ ফালে অলপ মন কৰিলেই এনে বোধ হয় যে, কালৰ গতিত প্রত্যেক সমাজৰে উত্থান, উন্নতি আৰু অধঃপাত হব লাগিছে। পৃথিবী বহুত উন্নত সভ্যতাৰ সমাধি ঠাই। বহুতে সমাজৰ সভাতাক কাল্পনিক চৰাই ফেনিক্সেৰে তুলনা কৰে। এনে প্রবাদ আছে যে, এটা ফেনিক্স চৰাই বহুত দিন জীয়াই থাকি পাচত মৰিলে তাৰ শৰীৰৰ যি অৱশেষ পাকে, তাৰে পৰা আৰু এটি নতুন ফেনিক্সৰ সৃষ্টি হয়। সেই ফেনিক্সটোও সেই দৰে মৰি আৰু এটি নতুন ফেনিক্সৰ জনম লোরায়। সেই দবে এক সভ্যতা মৰি, তাৰ ঠাইত আৰু নসভ্যতা এটাব সৃষ্টি হয়। পৃথিবীত এই দৰে কত সমাজ সভ্যতাৰ জখলাত ভৰি দি ওপৰলৈ উঠিল, কালক্রমত আকৌ তললৈ নামিল; কতবাব বিজ্ঞান দর্শন, বানিজ্য শিল্পৰ উন্নতি হৈ আকৌ অধোগতি হৈছে। যি জাতিয়ে এক সময়ত পিৰামীড সাজিব পাৰিছিল, কলোচচ গঢ়িব পাৰিছিল, পর্ববত শিলকাটি ডোখৰ ডোখৰ কৰিছিল, সাগৰত সেতু বান্ধিছিল, সেই জাতি আজি অন্ধসভ্য বুলি পৃথিবীত গণ্য হৈছে। এতিয়া সেই জাতিৰ মানুহবোৰে সিহঁতৰ পূর্বপুরুষবিলাকৰ কীৰ্ত্তিৰ চিনবোৰ দেখি তধা মানি তেওঁলোক দেরশক্তি সম্পন্ন আছিল বুলি অনুমান কৰে।
অৱনতিৰ নিয়ম তেনেহলে কি? আমি যে, সমাজৰ উন্নতি বা অৱনতি সমাজৰ দোষৰ কাৰণে নহয়, আক দেখিছে। মানৱজাতিৰ সভ্যতাৰ উন্নতি আৰু ওপৰত আলোচনা কৰাৰ পৰা দেখিছো ভিতৰৰ মানুহবিলাকৰ স্বাভাৱিক গুণ বা বহির্জগতৰ কাৰ্য্য, যেনে, থকা ঠাইৰ গুণ বা দোষৰ বাবে; জাতি সভ্য বা অসভ্য নহয়। কালৰ গতিত মানুহৰ সমাজে বহুত অৱস্থা পায়। সেই সেই অৱস্থাৰ সমাজত এক প্ৰকাৰৰ ৰীতি, নীতি, বিশ্বাস, ভাষা, নিয়ম, অনুষ্ঠান প্রভৃতিৰ সৃষ্টি হয়। সমাজৰ সেই বিলাক অঙ্গৰ কোনোটির কোনো বিশেষ অৱস্থাৰ বাবে সমাজৰ উন্নতি বা অৱনতি হৈ থাকে। সেই বিশেষ অরস্থাবিলাক কেনে, তাক ক্রমে বিচাৰ কৰা যাব।
আমি আগেয়েই উনুকিয়াইছো যে, অভিব্যক্তিৰ নিয়মবিলাকৰ দ্বাৰাই সমাজৰ উন্নতি হোৱা দেখুৱাব পাৰিলেও সমাজব উন্নতিৰ গতিৰোধ বা অৱনতিৰ কাৰণ নির্দেশ কৰিবলৈ অভিব্যক্তিবাদীবিলাক অপাৰগ। বাস্তরিক অভিব্যক্তিৰ নিয়ম অনুসাৰেই মানুহে বেলেগ বেলেগ জীৱন এৰি সামাজিক জীৱন নির্ববাহ কবে; সেই নিয়ম বোৰৰ মতেই সমাজৰ সহজ অৱস্থা গুচি বিষম অৱস্থা হয়। বিষম শব্দৰ দ্বাৰা ইয়াত কুটিল আৰু মেৰ-পাক-খোরা বুজুরা গৈছে। সমাজ স্থাপিত হোৱাৰ আগেয়ে প্রত্যেক মানুহ বেলেগ হৈ আছিল, পাচে কাণ্যৰ গতিত মানুহবোৰে দেখিলে যে, বেলেগ বেলেগ ভারে জারনযাত্রা নির্ববাহ নকৰি বহুত একে লগে মিলি থাকিলে নানা ফালে নানা সুবিধা হয়। অনুমান হয়, মানুহবোৰৰ মাজত যুদ্ধ বিগ্রহ আৰু প্রতিদ্বন্দ্বিতা থকাৰ পৰাই এই একেলগে থকা ভাব মানুহৰ মনত উপজিল। সেই সুবিধা বিলাক পাবৰ কাৰণে পাচত বহুত পৰিয়াল গোট খাই সিহতৰ মাজত এক সমাজ গড়িলে। অভিব্যক্তিৰ নিয়মানুসাৰে অনিশ্চিত অসংলগ্ন আক সহজ একাকাৰ অৱস্থাৰ পৰা সমাজ লাহে লাহে নিরূপিত সামঞ্জস্য থক। আৰু সন্ধিযুক্ত বিষমাৱস্থালৈ যাবলৈ ধবিলে। তেতিয়া সমাজত বেলেগ কৰ্ম্মবিভাগ হবলৈ ধৰিলে। কৰ্ম্মবিভাগ, বহুত মানুহৰ সম্মিলন, পরস্পরব সাহায্যৰ দ্বাৰাই সমাজ ক্রমে উন্নতির বাটত আগ বাঢ়িবলৈ ধবিলে। এই সম্মিলনৰ লগত আৰু দুটি গুণ থকাত সমাজে সোনকালে উন্নতি লাভ কৰিলে। সেই গুণ দুটিৰ এটি সাম্যভাব, আনটি স্বাধীনতা। সমাজৰ সকলো মানুহ সমান, সকলোবে সমান অধিকাৰ, এয়ে সাম্যভার। সমাজৰ কোনো মানুহ কাৰো দাস নহয়, কোনো মানুহে কিছুমান স্বাভারিক গুণ অধিকাৰ কৰি আন মানুহৰ ওপৰত বাজত্ব কবিব নোৱাৰে; মূল কথা সমাজত কাবো আগত কোনোরে মূব দোরাব নেলাগে, এয়ে স্বাধীনতা। এই তিনটা অঙ্গ সমাজত থাকিলে সমাজ সভ্য হৈ থাকে, সেই গুণ কেইটা আঁতবিলে সমাজৰ উন্নতিৰ গতিবোধ হৈ সি তললৈ নামি আহে। মাজত সম্মিলন আৰু পৰস্পৰ সহানুভূতি থাকিলে মানুহৰ অৱস্থা উন্নত হয়, এটাইবিলাক মানুহে লগ লাগি সমাজৰ উন্নতিৰ কাৰণে পৰিশ্রম কৰিলে সিহঁতে সভ্য নাম লয়। সম্মিলন আক ঐকানহৈ সমাজত বিবাদ আক যুদ্ধ-বিগ্রহ হলে সমাজৰ অৱনতি হয়। মানুহবিলাকে বিবাদত লিপ্ত থাকি সমাজৰ উন্নতিৰ কাৰণে পৰিশ্ৰম কৰিব নোৱাৰে। পৰস্পৰ বিবাদ আঁতৰালেই আকৌ সমাজৰ উন্নতি হবলৈ ধৰে। বুৰঞ্জী চালে ইয়াৰ বহুত উদাহৰণ পোৱা যায়। প্রাচীন কালত এথেন্স আৰু স্পার্টাৰ মাজত যি যুদ্ধ-বিগ্রহ হৈছিল, তাৰ নিমিত্তে বহুত দিন গ্রীচত সভ্যতাৰ উন্নতি নহৈ আগৰ সভ্যতাই লোপ পাবলৈ আবস্ত কৰিছিল। এনেতে মেচিডন ক্ষমতাই বুদ্ধি পাই যেতিয়া গোটেই খন গ্রীচ অধিকাৰ কৰিলে, তেতিয়া এথেন্স স্পার্টাৰ পৰস্পৰ বিবাদ নোহোরা হল। মেচিডনৰ অধীনত গ্রীক জাতি আকৌ উন্নত হৈ উঠিল। ইংলণ্ডত নৰ্ম্মান অধিকাব হোৱাৰ আগেয়ে, সেই দেশৰ বেলেগ বেলেগ সম্প্রাদায়বোৰৰ মাজত অনৈক্য আছিল। ডেন্স বিলাকে চেক্সনবিলাকেবৈ বিবাদ কৰিছিল। প্রথম উইলিয়মে বাজত্ব কৰাৰ সময়ৰ পৰাই সেই বিবাদৰ অন্ত পবিল। এঙ্গল, চেক্সন, জুটডেন প্রভৃতি বেলেগ বেলেগ জাতিবিলাক নর্ম্মান ৰাজত্বৰ তলত গোটখাই এটা জাতি হল। সেই জাতিৰ মাজত সন্মিলন হবলৈ ধবিলে। ইংৰাজ জাতিব সভ্যতাব সুত্রপাত তেতিয়াৰ পৰাই হয়। আধুনিক সময়ত ভাৰতবৰ্ষতো এই দবে ইংবাজ বাজত্বৰ অধিনত সম্প্রদায়বিলাকৰ মাজত বিবাদ গুচিবলৈ আৰম্ভ হৈছে। এনে এটা দিন আহিব, যেতিয়া ভাবতবৰ্ষৰ সমাজত সম্মিলন হব, ভাৰতবৰ্ষত আকৌ সভ্যতাব উন্নতি হব। মানুহৰ মাজত সম্মিলন ওপজোৱাব এটা যাই উপায় বাণিজ্য। বাণিজ্যত সংলিপ্ত থকা মানুহবোবে অকল সুবিধা আক স্বাৰ্থৰ বাবে পৰস্পৰৰ মাজত সপ্তার বাখে এনে নহয়, বাণিজ্যৰ কাৰণে নানা দেশত ফুৰি মানুহবিলাকৰ মন মুকলি হয়, কুসংস্কাৰৰ নিচিনা কুরলী আঁতবাত মন ফৰকাল হয়। কুসংস্কাৰ, সকলো ৰকম বিবাদ আৰু অনৈক্যৰ মূল। সি আতবিলে কন্দলৰ কাৰণ নোহোরা হয়। তেতিয়া মানুহৰ মাজত সম্মিলন হবলৈ ধবে। ধৰ্ম্মৰ জবীৰে বান্ধ খায়ো বহুত মানুহে পৰস্পৰৰ মাজত সপ্তার বাপে। কিন্তু কালত সেই ধৰ্ম্মানুবাগ ঠেক হৈ গলে, সমাজত বিপৰীত ভাব হৈ উঠে; পৰস্পৰৰ মাজত সপ্তাৱৰ পৰিবৰ্ত্তে সমাজত কন্দল তেতিয়া আৰু বাড়ে।
সাম্যভার আক স্বাধীনতাৰ বিষয় একে ঠাইতে আলচ কৰিব পাৰি। আগেয়েই কোরা হৈছে, অভিব্যক্তিৰ নিয়ম অনুসাবে সমাজে সহজাৱস্থাৰ পৰা কুটিলাৱস্থালৈ যায়। সমাজত কৰ্ম্মবিভাগ হৈ পৰে। অর্থাৎ, বেলেগ বেলেগ কামৰ নিমিত্তে বেলেগ বেলেগ মানুহ নিযুক্ত হয়। মানুহবিলাকৰ মাজত পৰম্পৰৰ ওপৰত বেছিকৈ নির্ভৰ কৰা আৱশ্যক হৈ উঠে। প্রাণীৰ অভিব্যক্তিত যেনেকৈ অঙ্গহীন পিণ্ডাকাষ জীৱৰ পৰা সন্ধিযুক্ত নানা অঙ্গ-প্রত্যঙ্গ থকা জীৱ হৈছে, সমাজব অভিব্যক্তিতে।
সেইৰূপে সমাজত প্রথমে মানুহবোৰে নিজে নিজে আপোনাৰ সকলোবিলাক আরশ্যকীয় কাম সাধি লয়, ইটোৱে সিটোৰ কাৰ্য্যত সহায়তা নকৰে পাচত কাম- বিলাকৰ বেলেগ বেলেগ ভাগ হৈ প্রত্যেক ভাগৰ কাৰণে বেলেগ বেলেগ শ্রেণীৰ মানুহ লগোরা হয়। তেতিয়া সমাজৰ অঙ্গ হয়। প্রাণাৰ যিমান উন্নতি হ্যাঁ সিমান অঙ্গ বাঢ়ি এটা অঙ্গৰ অবস্থাৰ ওপৰত আনবিলাকৰ অৱস্থা নির্ভৰ কৰে, সিমান অঙ্গবিলাক সিহ'তৰ আৱশ্যকীয় হৈ উঠে। সমাজবো সেইদৰে নানা অঙ্গ বাড়ি অৱশেষত সমাজৰ জীৱনৰ কাৰণে প্রত্যেক অঙ্গ আৱশ্যকীয় হৈ উঠে। কিন্তু সমাজৰ এই অভিব্যক্তিৰ গতিত এটি বিপদ উপস্থিত হবৰ আশঙ্কা সদাই হয়; আক আগৰে পৰা, সারধান নহলে সেই বিপদ যথার্থই ঘটি, সমাজক লাও-লোরা কৰে। সেই বিপদটি, সমাজত সাম্য ভাৱৰ বিনাশ।
কিন্তু, কেনে কার্য্যৰ গতিত পৰি এই বিপদৰ আশঙ্কা উপস্থিত হয়? আমি জানো, সমাজৰ আদিম অৱস্থাত মানুহৰ মাজত প্রত্যেক পৰিয়ালেই একোটা সমাজ হৈ পৰে। পৰিয়ালৰ বয়সিয়াল মাধ্য মানুহটিয়েই আন বিলাক পৰিয়াল ভূক্ত মানুহৰ ওপৰত কর্তৃত্ব চলায়। এই পাৰিবাৰিক শাসনৰ (patriarchal government) পাচত, প্রত্যেক পৰিয়ালৰ তেনেকুর। মুখ্য মানুহবিলাকৰ মাজৰ পবা এজনক বাছি সকলোৰে দলপতি কবি লোৱা হয়; কালক্রমত সেই দলপতিবিলাকে বজা নাম পায়। ইংৰাজবিলাকৰ পূৰ্বপুৰুষ চেক্সন- বিলাক যেতিয়া জন্মেনীত আছিল, সেই সময়ত সিহঁতৰ সমাজত কোনো বিশেষ দলপতি বা বজ্য নাছিল। বহুত পৰিয়াল একে ঠাইতে লগলাগি পৰস্পৰৰ ভিতৰত সহানুভূতি আক সম্ভার ৰাখি আছিল মাথোন। কেতিয়াবা যুদ্ধৰ সময়ত মুখিয়াল মানুহবোৰৰ মাজৰ পৰা এজনক বাছি সিহ'তৰ দলপতি কৰি লোৱা হৈছে। ব্রিটন আক্রমন কৰিবৰ সময়ত সেইদৰে বেলেগ বেলেগ দলে বেলেগ বেলেগ দলপতি পাতি লৈছিল। কালক্রমত সেই বেলেগ বেলেগ দল- পতিবিলাক ৰজা হৈ বেলেগ বেলেগ ৰাজ্য পাতিলে। ঈষ্টএংগ্রীয়া, মার্চিয়া প্রভৃতি সপ্ত-ৰাজ্যৰ তেতিয়াৰ সৃষ্টি হয়। অৱশেষত সেই সক সক বাজ্যবিলাকৰ পৰস্পৰৰ মাজত যুদ্ধ-বিগ্রহ হৈ সিহঁত দুর্ব্বল হোৱাত, এটাইবোৰ ৰাজ্য পৰাক্ৰমী ওয়েচেক্স বাজ্যৰ তললৈ আহিল। তেতিয়া ওয়েচেক্স ৰাজ্য ডাঙ্গৰ হল, ওরেস্টচেক্সন ৰজাবোৰৰ ক্ষমতা বাড়িল। বজাৰ যিমান ক্ষমতা বাড়ি যায়, সিমান ৰজা ও প্ৰজাৰ মাজত প্রভেদ বহল হয়। অৱশেষত বজাৰ ক্ষমতা স্বেচ্ছাচাৰী হৈ উঠে, ৰাজ্যত অত্যাচাৰ হবলৈ ধৰে এজন বজাৰ সুখৰ কাৰণে হেজাৰ হেজাৰ মানুহে খাটিব লাগে, হেজাৰ হেজাৰ মানুহে ৰাজ সিংহাসনৰ আগত দীঘল হৈ পৰি থাকেহি। অকল সেয়েই নহয় বজাৰ ওচৰত কিছুমান বিশ্বাসী বন্ধু থাকে। সিহঁতক বজাই আদৰ কৰি বিষয়-সম্পত্তি দি ডাম্বব দেশত উপাধি পোৱা ডাঙ্গৰীয়া বুলি বিখ্যাত হৈ উঠে। সুখৰ নিমিত্তে আকৌ বহুত মানুহে খাটিব লাগে। এক শ্রেণী কুলিন ডাঙ্গৰীয়াৰ সৃষ্টি হয়, আনফালে একশ্রেণী দাসব্যৱসায়ী মানুহৰ আৰম্ভ হয়। ইয়াৰ দ্বাৰাই সমাজত সাম্যভার নোহোৱা হৈ পবে। যেতিয়। এনেকুর। কুলিন প্রথা দেশত বৰকৈ চলিবলৈ ধৰে, বেতিয়া ডাঙ্গৰীয়াবিলাক ওপৰলৈ উঠে আক সাধাবণবিলাকে দাসহব শিকলি পিন্ধে, যেতিয়া ৰজাৰ ক্ষমতাৰ আৰু ইচ্ছাৰ একো প্রতিবন্ধক নেথাকে, তেতিয়া সমাজে এক ভয় লগা গঢ় লয়। দেশত সাম্যভাৱৰ পৰিবৰ্ত্তে দাসত্বৰ বান্ধ দিনে দিনে টান হবলৈ ধৰে। জাতীয় সভ্যতা, সমাজৰ এনেকুৱা অৱস্থাৰ বাবে ক্রমে পিচলৈ হু'হকিবলৈ আৰম্ভ কৰে।
এই গল সমাজত বাজনৈতিক স্বাধীনতাৰ কথা। মানুহৰ ধৰ্ম্ম বিষয়ে সাম্যভার নহলে দেশীয় সভ্যতাৰ অৱস্থা আৰু বেয়া হয়। ওপৰত দেখুউর। মতে সমাজত যেনেকৈ এদল কুলীন ডাঙ্গৰীয়াৰ সৃষ্টি হয়, সেই দৰে ধৰ্ম্মযাজকবিলাকো সমাজৰ অভিব্যক্তিত সাধাৰণ মানুহৰ পৰ। বহুত দূৰৈত গৈ পৰে। নিজ সুবিধাৰ নিমিত্তে ধৰ্ম্মযাজকবোৰে নানা নিয়ম-প্রণালী কৰি সমাজত সিহঁতৰ শ্রেষ্ঠত্ব ভালকৈ থাপি লয়। সিহঁতে যি বিধি দিয়ে, তাক লঙ্ঘণ কৰিলে সাধাৰণ মানুহবোৰ সমাজ- চ্যুত হয়। আধ্যাত্মিক স্বাধীনতা নেপাবৰ কাৰণে নীচ শ্রেণীৰ মানুহবোৰৰ শিক্ষ। নিষিদ্ধ বুলি সিহ'তে নিয়ম করে। এই বকমে সমাজত ধৰ্ম্ম বিষয়ে সাম্যভার আক স্বাধীনতা নোহোরা হয় আৰু ক্রমে দেশীয় সভ্যতাও তললৈ নামে।
সমাজত এনেকুরা সম্মিলন, সাম্যভার আৰু স্বাধীনতা নোহোৱাৰ কাৰণেই যে জাতিৰ সভ্যতাৰ উন্নতিৰ গতিৰোধ হৈ শেষত সি ধ্বংস পাইছে, তাৰ বহুত উদাহৰণ দেখুৱাব পৰা যায়। পৃথিবীত যি বিলাক পুৰণি জাতিৰ সভাতাই লোপ পাইছে, সেইবিলাকৰ অৱনতিৰ কাৰণ বিচাৰি চালেই এই কথাৰ সত্যতা ভালকৈ বুজিব পৰা হব। হিন্দু সমাজৰ বহুত অনিষ্টকৰ ভিতৰুৱা পৰিবৰ্ত্তন হোৱাৰ বাবেই যে হিন্দু সভ্যতাৰ অধোগতি হল, তাক হিন্দু মাত্রেই জানে। পুৰণি ভাৰতবৰ্ষৰ বুৰঞ্জী পঢ়োত। সকলে দেখিছে যে, প্রায় মহাভাৰতৰ সময়ৰ পৰাই ভাৰতবৰ্ষত সম্মিলন নাই। তেতিয়াৰ পৰা পৃথ্বীৰাজৰ সময়লৈকে ভাৰতবৰ্ষত নানা সক সক ৰাজ্য হৈ পৰস্পৰৰ মাজত বিবাদ আৰু অনৈক্য চলি আহিছিল। সেই অনৈক্যৰ ফলত ভাবতবৰ্ষত মুছলমানৰ বাজত্ব হল; হিন্দু গৌবব, হিন্দু স্বাধীনতা আৰু সভ্যতাৰ মূৰত কুঠাৰৰ ঘা পৰিল। অভাৱৰ নিমিত্তেই হিন্দু সভ্যতাৰ অৱনতি হোৱা নাই। ভাৰতবৰ্ষত অকল সম্মিলনৰ বহুদিনৰ আগৰ পৰা হিন্দু সমাজব পৰা সাম্যভার আক স্বাধীনতাই বিদায় লৈছে। শেহত বজাৰ ক্ষমতা স্বেচ্ছাচাৰী হৈ উঠিল, ৰজা প্ৰজাৰ মাজত স্বর্গ ম্যৰ প্রভেদ হল, ব্ৰাহ্মণবিলাকৰ ক্ষমতা বড়াত সিহ'তে নানা উপায়েৰে নিজৰ প্রাধান্য স্থাপন কবিলে। ব্রাহ্মণ পূজা আৰু দের পূজা প্রায় একে হৈ পৰিল, টান নিয়মবিলাকৰ নিমিত্তে নীচকুলীয়া মানুহবোৰ নানা স্বত্বৰ পৰা বঞ্চিত হল, সাধাৰণ মানুহৰ আধ্যাত্মিক স্বাধীনতা নোহোরা হল। তেতিয়া হিন্দু সভ্যতাৰো শোচনীয় অৱস্থা হৈ পৰিল। ভাৰত- বৰ্ষৰ নিচিনা, ইংলণ্ডতো এসময়ত সমাজত সম্মিলন, সাম্যভার আৰু স্বাধীনতা লাহে লাহে কমিগৈছিল হয়, কিন্তু সৌভাগ্যক্রমে কিছুমান কাৰ্যাৰ গতিত ইংলণ্ডীয় সভ্যতাৰ অৱস্থা বেয়া হবলৈ নেপালে, ববং তাৰ উন্নতিৰ বাট মুকলি হল। আগেয়ে কোরা হৈছে যে, ইংলণ্ডত দেশীয় সমাজত অনৈক্য গুচি নৰ্ম্মান আক এঞ্জেভাইন ফৈদৰ বজাবিলাকৰ ৰাজত্বৰ সময়ত মানুহবোৰৰ মাজত সম্মিলন হবলৈ ধৰিলে। কিন্তু সন্মিলন হোৱাতো, সমাজত সাম্যভার আক স্বাধীনতা নথকাৰ বাবে ইংবাজ- বিলাকৰ জাতীয় সভ্যতাৰ উন্নতিয়ে বহুত দিন প্রতিবন্ধক পাই আছিল। সমাজত সাম্যভাৱ থপাৰ প্ৰথম চেষ্টাত ৰজাৰ স্বেচ্ছাচাৰী ক্ষমতাক দমাবলৈ কাৰবাৰ হৈছিল। বেৰণবিলাকে এই কাৰ্য্যত সাধারণ মানুহৰ নেতৃত্ব কৰিছিল। ৰজাক দমাবলৈ চেষ্টা কৰোতে দেশত সমবাগ্নি জ্বলি উঠিল, বহুত বক্তপাতব ফলত মেগ্লাকার্টা সাধাৰণ মানুহবিলাকে পালে। ইংলণ্ডীয় সমাজত সামাভার আক স্বাধীনতা স্থাপনৰ এয়ে প্রথম খোজ। সেই সময়ব পৰাই ইংবাজ প্রজাবিলাকব ৰজাৰ ওপৰত ক্ষমতা দিনে দিনে বাঢ়িবলৈ ধৰিলে। মেগ্নাকাটাৰ প্রায় ৪৫০ বছৰৰ পাছত স্বেচ্ছাচাৰিতাৰ বাবে প্রথম চাল চৰ শিবচ্ছেদ কবি ইংলণ্ডীয় প্রজা- বিলাকে ৰজাৰ ওপৰত সিহঁতৰ প্রভৃত্বৰ সম্পূর্ণ চিনাকি দিয়ে। কিন্তু অকল ৰজাৰ ক্ষমতা খর্বব কৰাৰ পৰা একো ফল লাভ নহল। বজাৰ অপৰিসীম ক্ষমতাৰ পৰিবৰ্ত্তে ফিউডেল নিয়মৰ গুণত বেবণবোৰব ক্ষমতা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিলে। বজাৰ বিপক্ষে অস্ত্র ধৰোঁতে সাধাৰণ মানুহ আৰু বেৰণবিলাকে একে- যেতিয়া বজা প্ৰজাৰ হাতৰ তলতীয়া হল, তেতিয়া লগে গোট খাইছিল হয়, কিন্তু সাধাৰণ মানুহবোৰে বেৰণবিলাকৰ অপৰিমিত ক্ষমতা খর্ণব কৰিবলৈ কাৰবাৰ কৰিলে। ফিউডেল নিয়মৰ দ্বাৰাই বেবণবিলাকৰ মাটিত থকা ৰায়তবোৰে বেৰণৰ দাসত্ব কৰিছিল। ক্রমে ইংবাজ জাতিব মানুহবিলাকৰ মনত যিমান স্বাধীনভাৱৰ উদয় হবলৈ ধৰিলে, সিমান বেৰণৰ বায়তবিলাকে দাসত্বৰ শিকলি ছিঙ্গিবলৈ নানা উপায় উলিয়াবলৈ কাববাৰ কৰিলে। শেহত বেবণবিলাকৰ অত্যাচাৰ অসহ্য হোৱাত দ্বিতীয় বিচার্ডব সময়ত ইংলণ্ডত সাধাৰণ মানুহৰ বিদ্ৰোহানল উপস্থিত হল। ইংলণ্ডৰ বুৰঞ্জীত এই বিদ্রোহর নাম কৃষক-বিদ্রোহ। কৃষক-বিদ্রোহ ইংৰাজ সমাজলৈ সাম্যভার আক স্বাধীনতা আনিবৰ উদ্দেশ্যত আৰু এটি প্রধান উদ্যম। এই উচ্চামৰ পাচত ইউৰোপত, শিক্ষা, সমাজ, ধৰ্ম্ম, শাসন প্রণালী এই সকলোরে এক নতুন গঢ় লৈ, এক নতুন যুগ আৰম্ভ কবে। ইউৰোপীয় বুৰঞ্জীত এই যুগৰ নাম (renaissance period) নবাভ্যুদয় কাল। এই যুগৰ আৰম্ভতে ইংলণ্ডত অক্সফোর্ড, কেম্ব্রিজ, প্রভৃতি ঠাইত ইউনিভাবসিটি বা বিশ্ববিদ্যালয়বোৰ স্থাপিত হয় আৰু কেথলিক ধৰ্ম্মৰ পৰিবৰ্ত্তে প্রটেন্টেন্ট ধৰ্ম্ম ইংলণ্ডত চলিবলৈ ধৰে। ইউনিভাবসিটিবোৰৰ দ্বাৰাই ফিউডেল নিয়মব গুণত লোপ পোরা সমাজৰ সাম্যভার আৰু স্বাধীনতাক আকৌ উদ্ধাৰ কৰা হল। বিছ্যালয় বিলাকত বব মানুহ, সক মানুহৰ মাজত ভেদাভেদ নথকাৰ বাবে দেশত কৌলীনত্বৰ হেঁচা অনেক পৰিমানে লঘু হল। সিফালে কেথলিক ধৰ্ম্মৰ অৱনতিৰ লগে লগে অর্থলোভী ধৰ্ম্মযাজকবোৰৰ প্রাধান্যও নোহোরা হল। সাধাৰণ মানুহৰ আধ্যাত্মিক স্বাধীনতা হল। তেতিয়াৰে পৰা আজিলৈকে ইংলণ্ডীয় বুৰঞ্জীয়ে আমাক কেরল ইংলণ্ডীয় সমাজত সম্মিলন, সাম্যভার আৰু স্বাধীনতাৰ উন্নতিৰ কথাহে দেখুৱাইডে।
ইংলণ্ডীয় সমাজৰ এই সাম্যভার যে কালত নোহোরা হব চোছিয়েলিস্ট নামে এদল মানুহে এনে বিশ্বাস করে। তেওঁলোকে কয় যে, সম্প্রতি এফালে যেনেকৈ কিছুমান মানুহৰ খুব ধন সম্পত্তি হৈছে, আনফালে তেনেকৈ কিছুমান মানুহ একে- বাৰেই নিঃকিন হৈছে। ইংলণ্ডত মানুহৰ সম্পত্তিৰ এনেকুৱা অসামঞ্জস্য হোৱাৰ পৰা সমাজৰ অৱস্থা বেয়া হব আৰু তাৰ ফলত জাতীয় সভ্যতাৰ অৱনতি হব, এনে। কথা তেওঁবিলাকৰ মুখে শুনিবলৈ পোৱা যায়। আজি কালি মার্কিন দেশৰ সমাজত ওখ ৰাপৰ সম্মিলন, সাম্যভার আৰু স্বাধীনতা থকাৰ নিমিত্তে বিখ্যাত হেনৰি জৰ্জ্জ নামে এজন আমেৰিকান অর্থনীতিজ্ঞ চোছিয়েলিষ্টৰ পৰা জানিব পৰা যায় যে, বৰ্ত্তমান সময়ত আমেৰিকাতো ইংলণ্ডৰ নিচিনা মানুহৰ মাজত সম্পত্তিৰ যি অসামঞ্জস্য হৈছে তাৰ দ্বাৰাই কালত মার্কিন জাতিৰ সমাজৰ অৱস্থা বেয়াহৈ দেশী সভ্যতাৰ অধোগতি হবৰ সম্ভাৱনা আছে।
বসন্ত বিদায়।
নাই কোকিলৰ, সি মধুৰ স্বৰ, শুনি যাক হয় হবিষ মন। বঙা বৰণৰ কুঁহি পাতে,
নকৰে ধেমালি, পৰি হালি দুলি, গৈছে মুমলি পাতবো বৰণ ॥
মধুৰ বসন্ত হলহি অন্ত,
বনত বিহঙ্গে নেগাই গীত,
দুবৰি ডালিয়ে উষা কালে, সুকয দেৱৰ, প্ৰখৰ কিবণ, দেখি লতাফুল সবে মলিন।
মুকুতা মণিটি, বুলি সি বোপাটি, ধৰিবলৈ আৰু নকৰে মন ॥ ইটি ফুল এৰি সিটিত পৰি, শুকুৰে ভোমোৰাই ঘুৰি খুবি,
নাই আৰু সি মলয় পরন,
আৰু মলয় মৃদু বাতে,
বনফুল গন্ধে নহবে চিত
নেসানে নীয়ৰ নিজ গালে,
গজিব নকৈ যতেক শহ,
বন্ধুবৰ মূৰত আহিবা আৰু,
"মুশুনিবা আক এলাহৰ হাক, যোৱাগৈ বসন্ত যোর। বাক, ফল ফুলে আকৌ শুকান গছক, সঙ্গাবা আহি কৰি যতন। করাহি আহি অসমীয়াক,
বসন্তত ভুলি, মধু বর তুলি, নকবে আক গুঞ্জৰণ। বসন্ত গলে আহিব জহ, আহি পালে জাব, হব মহামাব, প্রকৃতি শোভা কবিব হবণ।
উঠা সাজি পাৰি, বুকে সাহ ধবি, দেখুরা আনক নিজব মান॥"
ব্রহ্মপুত্র।
এক ধ্যান এক জ্ঞান এক মন্ত্র স্মৰি
সদায় গইছা তুমি কুল কুল্ কৰি,
দিন গই হল ৰাতি,
সপ্তাহ মাহক কাটি, বছৰৰ পাছে গল বছৰ বাগৰি। সদায় গইছা তুমি কুল্ কুল্ কৰি ।
কলই গইছা তুমি কি কামত যোরা?
মিনতি কবিছো মোক কোরাঁচোন কোরা? দিন যায় বাতি যায়, ভাগৰ আমনি নাই, কুল কুল বর তুলি কিবা গান গোর।? সিনতি কৰিছোঁ মোক কোরাচোন কোর! ?
৩
কেনেনো সুন্দৰ ভার তোমাৰ গানৰ, সংসাবৰ চিন্তা হয় মনৰ আঁতব। সি গানত ভোল গই, সন্ধ্যা হলে বই বই, শুনিছো কিমান বহি পাৰত তোমাৰ। থাপি পলোৱা নাই হেঁপাহ মনৰ ॥
8 কতদিন দেখিছে। হি সন্ধ্যা সময়ত কিবাৰূপ ধৰা তুমি হিয়াৰ মাজত ! দেখিছো তাৰকা কোটি অনন্তৰ শিৰে উঠি, দাপোণ মনেৰে ভাবি তোমাৰ বুকুত। অধোমুখ হই সরে চায়হি ভ্রমত ॥
৫ দেখিছোঁ সদায় তুমি ন ন ভাব ধৰা, সদায় তোমাৰ মন আনন্দেবে ভৰা, কুল কুল গীত তেও নেপাহৰ। কেতিয়াও, সদায় তোমাৰ বয় প্ৰেমৰ নিঝৰা। আপোন লক্ষ্যৰ বাট কেতিয়াও নেবা ॥
সাগৰেৰে তোমাৰ কি ইমান প্রণয়?
এখস্তক নেদেখিলে পৰাণ নবয়! শত ধাৰা ৰূপে বই
সি প্রেমত পমি গই
সাগৰক পালে তাতে পোরা তুমি লয়! কুল কুল কুল্ গান তাতে লোপ হয়।
বুজিছে। বুজিছো তুমি পৰম প্রেমিক, তোমাক দেখিয়ে দিওঁ মানব্লক ধিক্:
হব নে মানর হায়!
প্রেমিক তোমাৰ প্রায়, ৰাখিব আগত সদা লক্ষ্য কৰি ঠিক। -তোমাক দেখিয়ে দিওঁ মানরক ধিক্ ॥
৮ শিকোর। আমাক তুমি প্রেম কিনো ধন, তোমাৰ দৰেই যেন কুল্ কুল্ তুলি গান পাৰিম কবিব এক মন এক ধ্যান।
শিকোর। শিকোর। হেৰা নদ পুণ্যবান,
শিকোর। শিকোর। হেবা নদ পুণ্যবান।
তোমাৰ নিচিনা যেন লক্ষ্য স্থিৰ কৰি চলি যাও সেই পথে মহা মন্ত্র স্মবি।
বোগ শোক তাপ ভয়
সকলো কৰিম জয়
অন্তিম কালত যেন সকলোকে এবি। অনন্তত লীন হব ই জীৱন তৰি ।