shabd-logo

লক্ষ্মীনাথ বেজ বৰুৱা।

16 December 2023

0 দৰ্শন কৰা হৈছে 0

পদ্মকুমাবা।

প্রথম অধ্যায়।

বাতি দুপৰ হৈছে। জগৎ নিমাত নিস্তব্ধ। সক বেজি এটি হাতৰ পৰা হঠাৎ মাচিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰণ 'ভুক' 'ভুক', তছৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিসাৰ, নিফুট, ভয়-লগা ৰাতিক আক ভয়-লগা কৰি তুলিছে। কেতিয়াবা বতাহৰ অলপ ৰিক্- ৰিবনিত গন্ধ পাত বোৰ জবজবাই উঠিছে। আকৌ বতাহ নাইকিয়া হলত সেই বোৰৰ ভিতৰত সাৰ-সুৰ নাইকিয়া হৈ পৰিছে। এনেছে বোধ হয়, যেন নিশাই তুটি বাগৰ দিলৈ আকৌ দুৰ্ঘোৰ টোপনিত নিমগ্ন হৈছে। পশু, পক্ষী, জীর, জন্ত সকলোবোৰ টোপনিৰ কোলাত পৰি অচেতন: সকলো দুখ-ভাগৰ, চিন্তা চর্চ্চা এটাইবিলাক সেই ৰাতিৰ নিমিত্তে নিদ্রা দেবীৰ আগত বলি দি নিশ্চিন্ত, নিরুদ্বেগ, আৰু নিস্তব্ধ। কিন্তু এনে সময়ত এটা প্রাণীৰ চকুত টোপনি নাই, মনত শাস্তি নাই, অন্তৰত সুখ নাই। তেও এটি ঘৰত এটা খোটালিত এখন শোর। পাটিত বহি কিবা ভাবত মজিছে। তেওঁৰ মূৰ-শিতানৰ ওচৰতে এটা সৰিয়হৰ তেলৰ চাকা ঢিমিক ঢিমিককৈ জ্বলিছে। চাকীটোত যে তেল নথকা বাবে তেনে হৈছে এনে নহয়; তাত তেল আছে, কেরল শলাকানি ডালৰ আগটো কাটি বঢ়াই নিদিয়া বাবেহে তেনেকৈ সি কলমুটিয়াই আছে। চাকীটোৰ পৰা অলপ মান আঁতৰত সেই ফালেই, বাৰত আবি গোরা এটা কাঠৰ হেঙ্গুলীয়া সক কৰণীত এখন হেজাৰী ঘোষা পুথি আছে। ভৰি-পথানৰ ফালে দুটা বেতৰ কাপোৰখোৱা জপা আৰু এটা সক হাতনি, পেৰা, এখন বাঁহৰ চাঙ্গৰ ওপৰত খোৱা হৈছে। তাৰ ওচৰতে সেই চাঙ্গতে মূৰশিতানৰ ফালৰটোৰ নিচিনা এটা সক, আৰু এটা ডাঙ্গৰ কৰণী আছে। সকটোৰ ভিতৰত বস্তু এই কেইটাঃ-এখন সক আৰচী, এটা কাঠৰ হেঙ্গুলীয়া সেন্দুৰৰ টেমা, এবখল। সেন্দুৰ গোলা শামুক, এডাল কেঁটেলা পহুৰ কাঁইট, এডাল ৰূপৰ শলা, এটা ৰূপৰ চন্দনৰ পুৰিবাটি। ডাঙ্গৰটো কৰণীত গোটাচেৰেক ব-চুঙ্গা আৰু মাকে।, কিছুমান মহুৰা (কোনোটো পকোর। কোনোটে। নপকোরা), দুনেচামান পাট-সূতা আছে। বেৰত কাঠৰ হাকোটা দুটা আছে, তাৰে এটাত মূৰত ঘহা গান্ধ তেলৰ চুঙ্গ। এটা, এটাত মেৰ-চৰা খনচেৰেক আৰি থোৱা হৈছে। বেৰৰ কাষতে মাটিত গোটাচেৰেক উঘা-চেৰেকী পুতি গিয়কৈ থোৱা হৈছে। শোরা- পাটিৰ ওচৰতে এটা বটাত টেমি, কটাৰা আৰু তামোল-পান আছে। পাটিখন সৰ্বসাধাৰণ মানুহৰ যেনেকুরা, তেনে:-এখন হেন্দুলীয়া কুন্দা খুৰাৰে কঠাল কাঠৰ চালপিৰা, এখন কঠ, এখন তুলি, এখন তলত-পৰা, এটা গাৰু, আক এখন কাপোৰ। সেই খোটালিটোত কাপোৰ থোৱা দাঁড়, পিকদান, চৰিয়া, লোটা আৰু বাটি প্রভৃতি এনে ভালেমান বস্তু আছে, যিবিলাক সকলো ভালমানুহৰ জীয়াৰীৰ শোৱা-ঘৰত থাকে। এই বিলাক বস্তু, আৰু তাক থোৱাৰ গতি দেখিলে এটা মানুহৰ এনে ভাব হব, যে সেই ঘৰটিৰ গৰাকীয়নী অতি পরিত্র, কোমল আৰু সজ স্বভাৱৰ ছোৱালী।

পাঠক, সেই ছোরালাজনী কোন আপুনি চিনি পাইছে নে? কেলৈ তেওঁ এই দুপৰ ৰাতি অকলৈ ভাবি চিন্তি অস্থিৰ, কব পাৰে নে ? চাওকচোন কিয় তেও শোরা পাটাত, শোৱাৰ পৰিবৰ্ত্তে, বহি গাকত আউজি গালত হাত দি বেৰব ফালে মাটিৰ প্ৰতিমাখনি যেন হৈ একে থৰে ব-লাগি চাই আছে! চাওকচোন তেওৰ চকুৰ পৰা দুধাবা ফটিকৰ নিচিনা কি, পকা গোলাপীজামু যেন গালে দি, বৈ আহিচে! কিয় বা তেও থাকি থাকি একোটা হুমুনিয়াহ কাঢ়িছে? হায়! ন-কৈ ফুলা গোলাপ ফুলটি যেন ধুনীয়া আৰু মধুৰ, এই ১৪ বছৰীয়া ছোৱালীটাৰ আজি কি হল? যাৰ মুখ সদাই প্রসন্ন, যি হাঁহিলে সৰিপৰা বকুল ফুলটি, ঠাৰিত লাগি থকাৰ ফালৰ পৰা চালে, যেনে দেখি তেনে চিকুন খোৰ দুটি ছফালে দুখন গালত ওলাই পৰে, যাৰ মনত মৌ বৰষে, যাৰ ওঠ দুটি দালিমফুল যেন টিকটিক্ কৰে ৰঙ্গা, দাঁত দুপাৰি যাৰ মুকুতাৰ মলা দুধাৰি যেন, যাৰ নাকৰ উপমা দিবলৈ বস্তু নাই, চেলাউৰী দুডাল যাৰ লেখনীৰে লেখা যেন, চকুযোৰ যাৰ নিৰ্ম্মলতা, পৱিত্ৰতা আৰু চেনেহৰ পোহৰেৰে সদাই পোহৰ, যাৰ বহল আক মিহি কপালত কেকোৰা কেকোৰা চুলি পৰি থকা দেখিলে দেখোতাৰ বাহ্যিক জ্ঞান নাইকিয়া হয়, যাৰ কাণ আৰু গলধনে সৈতে ডিঙ্গিটি দেখিলে জলকুঁৱৰী বুলি ভ্রম হয়, এনে অপেম্বৰীটীৰ, এনে প্রতিমাডীৰ, এনেপাৰিজাত ফুলটিৰ আজি কি হল? আহা! পদুমৰ নলা ডালি যেন কোমল হাতটি মুৰটিৰ ভৰত ভাগি নেযাবনে? শিলেৰে বন্ধোরা বুকুরেও সহিব নোৱাৰা ইমান একোটা হাড়-মূৰ ভাগি যোৱা দীঘল হুমুনিয়াহ লৱমুৰে সজা সেই কোমল হিয়াৰ পৰা কেনেকৈ ওলাইছে? তেও কিয় হালি আছে? পোন হৈ থাকিলে, ভোমোৰাৰ কঁকালটিৰ নিচিনা সক সেই কঁকালটিয়ে তেওঁৰ বুকুৰ ভৰ সহিব নোৱাৰেনে কি? দাম কলৰ পুলি যেন সেই উক, সেই শকত নিতম্ব আজি অলস আৰু অৱশ কিয়? পড়া ফুলৰ চিনেৰে শুৱনী ভৰি। আজি তোমাৰ পদুমৰ কি হল? কেরোঁচোন কোরা হেৰা চম্পাৰ কলি আঙ্গুলী! চেনেহব প্রতিমূর্ত্তি পদুমৰ, মৰমৰ আকৰ পড়ুনব, পূর্ণিমাৰ জোন চিকোন পদুমৰ, পৱিত্ৰতাৰ মন্দিৰ পদুমৰ আজি এনে অৱস্থা কিয়? অকস্মাৎ পূর্ণচন্দ্রক বিষাদ-বাহুরে কিয় গ্রাস কৰিলে? পৱিত্ৰতা-মন্দিৰৰ মেঘত লগা সোণৰ কলচীৰ ওপৰত হঠাৎ চিন্তা-বজ্রাঘাত হল কিয়? চেনেহ প্রতিমাত টাঙ্গোন লগাবলৈ শোক-পোৰাসুঠান কৰ পৰ। শাহি ওলালহি? মৰম-আকব আজি বেজাৰ-বিহেৰে ভৰিল কেনেকৈ?

পাঠক অলপ দিব হওক। লাহে লাহে সকলো প্ৰশ্নৰ উত্তৰ পাব। আপোনাৰ মৰমৰ পত্ৰমৰ কিয় এনে হৈছে, তাৰ কাৰণ শুনাৰ আগেয়ে পড়ুমনো কোন? কাৰ জীয়েক? কৰ মানুহ? কি কণ্ঠ, কি বার্তা? এই বিলাকৰ বিষয়ে অলপমান শুনক। আগেয়ে পদুমৰ বাপেক মাক বংশ পৰিয়াল আদিৰে চিনাকী হওক, তাৰ পাচত পদুমৰ ওপৰত মৰম স্থাপন কৰিব। কেচাবুধীয়া, আগপাছ নগমা ডেকা পাঠক! আপুনি এই কথাত কোপ কৰিব পাৰে, কিন্তু পকা- বুধীয়া বুঢ়া পাঠকব পৰা যে আমি ইয়াত সহানুভূতি পাম, তাত কোনা সন্দেহ নাই।

প্রকৃতিৰ কামা-কানন, গগনভেদী পৰ্বতমালাৰে পৰিবেষ্টিত, পরিত্র-সলিল ব্রহ্মপুত্র নদব পরিত্র জলেৰে বিধৌত, অসংখ্য তীর্থস্থানেৰে সমাকীর্ণ কামৰূপৰ প্রধান নগৰ গুৱাহাটীত, বাৰ প্রাগজ্যোতিষ নাম ভুবন বিদিত, যাৰ ৰজা, ধোল হাজাৰ কন্যাৰ অধিপতি পৃথিবীৰ পুত্ৰ নৰকাসুৰ আক মহাভাৰতৰ যুদ্ধৰ বিখ্যাত হস্তী-বণাবোহী মহাবীৰ বৃদ্ধ ভগদত্ত, যি গুৱাহাটীৰ নিলাচল পর্ববতত মহামায়। ভগৱতীৰ প্রধান পীঠস্থান কামাখ্যা বর্তমান; যাব পশ্চিম-দক্ষিণ ফালে প্রাচীন ব্যজ্যৰ বিজয়ঘোষণাকাৰী নৰকাসুৰৰ পৰ্বদত নির্ভয় চিত্তে দণ্ডায়মান, যাৰ অগ্নি- কোণৰ সন্ধ্যাচল পর্বতত ত্রিসন্ধ্যা-পৰিপূত-হৃদয় পরিত্রাত্মা বশিষ্ঠ মুনিৰ আশ্রম; যি গুৱাহাটীৰ বেলতলা নামেৰে স্থান যক্তি-সহস্র-শিষ্য-পৰিবেষ্টিত মহামুনি গাহুৱৰ অমৃত নিম্নান্দিনী বেদধ্বনিবে প্রতিধ্বনিত হৈছিল; পূজনীয় গোকর্ণ ঋষিৰ সামবেদ গীতত যি গুৱাহাটীৰ জাজোনামক হয় গ্রীর মাধৱৰ পূণ্যভূমিৰ কৰ্ণ আগ্নত হৈছিল, এনে গুরাহাটীত হবদত্ত নামে এজন ধনী, প্রতাপী সম্ভ্রান্ত কায়স্থকুলোত্তর লোক ১৭১৭ শকত বাস কৰিছিল। তেওঁৰ পৰিয়ালৰ ভিতৰত এই কেইটি লোক:- তেওঁৰ অতি গুণৱতী আৰু ধার্ম্মিক সহধর্ম্মিণী, এটা লৰা, এজনী ছোৱালী আৰু বীৰদত্ত নামে ভায়েক। সেই সকলৰ কথা কোৱাৰ আগেয়ে হবদত্তৰ বিষয়ে অলপ কোরা যাওক।

আমি যি সময়ৰ কথা কবলৈ আৰম্ভ কৰিছোঁ, সেই সময়ত হবদত্তৰ বয়স ৫৬ বছৰ। কিন্তু তেওঁৰ মুখ দেখিলে তেওঁক ৩৫ বছৰীয়ামান বুলিহে অনুমান হয়। তেওঁৰ ঘন কলা চুলিবে ভবা ডাঙ্গৰ মুৰত বগা চুলি এড়ালো বিচাৰি পাবলৈ নাই; তেও'ৰ বয়সীয়া মানুহৰ গাত এলাহ, সুখৰ ইচ্ছা আদি যি বিলাক গুণ বা অগুণে বাস লয়, সেই বিলাকৰ নাম পৰ্য্যন্ত তেওঁৰ গাত নাই; চকুৰ সেই ডেকা কালৰ জ্যোতি, বহুল বগা কপালত সেই মসণতা, শকত হাত ভৰিত সেই দৃঢ়তা বর্ত্তমান। সৰ্বসাধাৰণ সুখীয়া ডাঙ্গৰীয়া সকলৰ নিচিনা যদিও তেওঁৰ গা পুলন্তৰ আৰু মঙ্গহাল, তথাপি সেই সকলৰ দৰে এৰিবও নোৱৰা, ধৰিবও নোৱৰা, বদব ভাপতে পমা, মঙ্গহব বোজা তেও'ব গাত নাই। তেওঁবি মঙ্গহ কেরল মনুষ্যত্ব, বীৰত অসীম উচ্চম, অদম্য কাৰ্য্যকৰী শক্তি, তেজ, বীর্য্য, আৰু বলৰ থকা ঠাইহে। বাস্তরিক পক্ষে কবলৈ গলে হবদত্ত এজন উন্নতমনা, প্রশস্তহৃদয়, আৰু বুদ্ধিমন্ত ডাঙ্গৰলোক আছিল। তেও'ক কেতিয়াও নেদেখা, তেওঁৰ নাম শুশুনা এটা মানুহেও যদি তেও'ক হঠাৎ দেখে সেই মানুহৰ মনতো তেওঁৰ প্রতি ভয়, ভক্তি আদি ভাব নহৈ নোৱাৰে। তেওৰ গহীন মাত; ওথ আৰু শকত আকুতি, গধুৰ আৰু জুখি-জুখি- কোরা কথা; যেনেকি ডাঠ মনৰ মানুহটো নহওক, দুষাৰ কথাৰে ঘোৰাব পৰ। ক্ষমতা; লোকক তধা লগোৱা কাৰ্য্য; মনৰ দৃঢ়তা; আপোনাৰ কথা প্রাণপণে বখা স্বভার আদিক, দাম্পত্য প্রণয়, অপত্যস্নেহ, বন্ধুবান্ধৱৰ প্রতি আগ্রহ, স্বদেশ-প্রিয়তা প্রভৃতি কোমল ভাবে গৌবরান্বিত কৰি থৈছিল। দুর্দান্ত বিদ্রোহী মোৱামৰীয়াবিলাকৰ হাতত তেও'ব, প্রিয় জন্মভূমি গুৱাহাটী লণ্ডভণ্ড নোহোৱাকৈ ৰাখিবলৈ তেওঁব অতি যত্ন থকাত তেও দবঙ্গব বঙ্গা কৃষ্ণ নাৰায়ণে সৈতে গোট খাই যুদ্ধবিহ্যাত লিপ্ত থাকিব লগাত পৰিছিল দেখিয়েই, বোধ কৰোঁ, তেও'ব স্বভারত কেতিয়াবা কেতিয়াবা কর্কশতা, নিষ্ঠ ৰতা, মই-মত আৰু কাৰো কথা মুশুনা গতি এটা দেখিবলৈ পোৱা যায়; কাৰণ যুদ্ধ তামসিক কাৰ্য্য; তামসিক কার্য্য তামসিক ভাবৰ জন্মদাতা; তাৰ আগত সাহিক আৰু ৰাজসিক ভাবৰ পূর্ণ বিকাশ হব নোৱাৰে। যি যি হওক, স্বাভারিকেই হওক বা অৱস্থানুযায়ীয়েই হওক, হৰদত্তৰ উচ্চাকাঙ্ক্ষা আৰু আত্মাভিমান প্রভৃতি গোটাচেৰেক গুণ বৰ প্রৱল আছিল; যাৰ বশবর্তী হৈয়েই তেও কাৰো কথা, কাবে। উপদেশ, কাৰো পৰামর্শ, আন কি তেও'ৰ অতি মৰমৰ ভাৰ্য্যা আক কন্যাৰ প্রার্থনা, কাকুতি মিনতি পর্য্যন্ত কেতিয়াবা অগ্রাঙ্ক কৰিছিল। পাঠক, হৰদত্তৰ সংক্ষেপে অলপ চিনাকী পালে, এতিয়া তেওঁৰ সহধৰ্ম্মিণীৰ বিষয়ে দুষাৰমান কথা কও।

হবদত্তৰ ভাৰ্য্যাৰ নাম কি আমি কব নোৱাৰো, কাৰণ তেওঁৰ স্বামীয়ে তেওঁৰ নাম, কাঢ়ি মতা কেতিয়াও কোনোরে শুনা নাই। কেৱল 'বন্ধুৰ মাক' বুলি মতাটোহে আমি কব পাৰে।। ব্যদত্ত হৰদত্তৰ পুতেক, নেই বাবেই, বোধ কৰো, তেও'ক ৰঘুৰ মাক বুলি মাতে। পাঠকে যদি এই খিনিতে আমাক সোধে বোলে, তেও বঘু ওপজাৰ আগেয়ে হবদত্তই তেওৰ ভাৰ্য্যাক কি বুলি মাতিছিল? তেন্তে আমাৰ মাত হেবাব; কাৰণ, সেই ডোখৰ কালৰ কথা আমি বৰকৈ কব নোৱাৰোঁ। যদি আঁকোৰগঙ্গালি পাঠকে আমাক নেবে, তেন্তে আমি কও, যে আমাৰ দেশত গিৰীয়েকে ঘৈনীয়েকৰ, ঘৈনীয়েকে গিৰীয়েকৰ নাম কাঢ়ি মত। দপ্তৰ নাই। লৰা এটা বা ছোৱালা এজন্য নোহোৱালৈকে গিৰীয়েকে ঘৈনীয়েকক "ঐ-অ" "কলৈ গলি অ," "হেৰ এই জনী," "শুনিছনে অ" বুলি মাতে; লৰা ছোৱালী হলে অমুকৰ মাক বুলি মাতে। সেইখিনি কাললৈকে ঘৈনীয়েকে গিৰীয়েকক কি বুলি সম্বোধন কবে সেই কথা আজিলৈকে এখোন আমাৰ কৰ্ণগোচৰ হোৱা নাই; হলে তপতে তপতে তাক পাঠক সকলৰো কৰ্ণগোচৰ কৰা যাব। যাওক সেই বিলাক বাজে কথা, সম্প্রতি আমি কবলগীয়া কথা কও। হৰদত্ততকৈ হৰদত্তৰ ঘৈনীয়েক ১৯ বছৰৰ সক। তেওৰ ১৭ বছৰ বয়সত বযুদত্ত ওপজে আৰু তাৰ তিনি বছৰৰ পাছত এটি ছোৱালী জন্মে, যাৰ কথা আমি পিছত কম। এতিয়া তেওৰ বয়স ৩৭ বছৰ হৈছে। কিন্তু ঈশ্বৰে কি মিলাই দিছে, কব নোৱাৰি, গিৰীয়েকৰ নিচিনাকৈ এও'কো নিচেই অলপ বয়সীয়া বুলি জানি। অলপ বয়সীয়া তিৰোতাব নিচিনা তেওঁৰ মুখত সেই কোমলতা, সেই মধুৰতা, সেই সৌন্দর্য্য বিদ্যমান। এতিয়াও তেও'ব মাত মিহি, এতিয়াও তেওঁৰ মাত মিঠা, এতিয়াও তেওৰ কথাত সেই যৌৱন-শুলভ লালিত্য আছে। তেও বাহিৰে যেনে মধুময়, ভিতৰেও তেনে মধুময়, পরিত্র, নিষ্পাপ। এনে সাদবি, পতিব্রতা আক ধার্ম্মিক তিৰোতা প্রায় দুষ্প্রাপ্য। স্বামীত তেও'ব অচলা ভক্তি। প্রত্যুষে উঠি স্নানকাৰ্য্য কবি হবিমন্দিব মার্জনা কৰা, আৰু ৰন্ধা-বঢ়াদি গৃহৰ আন আন কার্য্য কৰা তেওঁৰ নিত্যকৰ্ম্ম। তেওঁৰ পুতেক আৰু জীয়েকক তেও প্রাণতকৈ অধিককৈ ভাল পাই; কিন্তু এটি কথাত সংসাৰৰ আন আন তিৰোতাৰ আহিৰ বাটৰ পৰা তেও আঁতৰ হব নোৱাৰিলে। কথাটো এই: পুতেকলৈ তেওঁৰ যিমান মৰম, জীয়েকলৈ তাতকৈ এধান মান বেচি। পো-জী থকা পাঠিকাই এই কথা শুনি পো-জী ফালি দেখুৱাইছোঁ বুলি আমাৰ ওপৰত যেন খঙ্গ নকৰে, এই আশা।

এওঁৰ কথা ইমানতে এবি হবদত্তৰ ভায়েক বীবদত্তৰ ওচৰলৈ যাও বলক। পাঠক! বীৰদত্ত নারে গাঁরে বীবদত্ত! তেওঁৰ কথাত বীৰত্ব, কাষত বীৰত্ব, বুদ্ধি সন্ধিত বীৰত্ব। মুঠতে কবলৈ গলে নটা ৰসৰ ভিতৰত বীৰ ৰসটো বীৰদত্তৰ গাত ষোল কলা আছিল। আক এই বসে তেওৰ ওপৰত ইমান প্রাধান্য স্থাপন কৰিছিল যে ককণ, শান্তি, আক হাহাবস প্রভৃতি বস বিলাকৰ কোনোটোক ফাঁচি, কোনোটোক বৰশী, কোনোটোক শূলত দি, সি সিহঁতৰ সঁচ মাৰিছিল। উপজিবৰে পৰা তেও উদাব চিত্তেৰে পাঁচ বাৰ হাঁহিছে নে নাই সি সন্দেহব স্থলছে। দুর্ববলৰ প্রতি দয়া, মানুহৰ প্রতি মৰম, জীর জন্তুৰ প্রতি ককণা, কি পদার্থ তেওঁ কব নোৱাৰে। রুচিৎ যদি তেনে ভাব তেওঁৰ মনত ওলাব খুজিলে, বীৰ ভাবে (যদি বাস্তবিক পক্ষে তাক বীৰভাব বুলিব পাৰি হাতত টাঙ্গোন লৈ সেই খিনিত হাজিৰ হলাহ, সেই বিলাকৰ আৰু মূৰ ডাঙ্গিবৰ সাধ্য নাই। কিয় তেওঁ সেইটো গতি ললে কব নোৱাৰি। তেওঁ অবিবাহিত আছিল; আৰু কোনোকালে যে তেওঁ বিয়াকবাব, এনে এটা ভাবে তেওঁৰ মনৰ দুৱাৰ-মুখ পর্য্যন্ত থোকা নাছিল। মানুহে কয় বোলে বিয়া নকৰোৱা মানুহৰ মনৰ কোমল ভাগ সদাই অবিকশিত থাকে। যদিহে এই কথা বিশ্বাসৰ যোগ্য, তেন্তে আন আন কাৰণৰ লগতে ইও এটা কাৰণ হব পাবে; কিন্তু সম্প্রতি আমি এই কথাত একো হয়, নহয় দিব নোৱাৰিলো। আমি আকৌ, পাঠক সকলৰ অনুমতি লৈ, বীৰ দত্তব বিয়া নোহোৱাৰ কাৰণ এটাহে অনুমান কৰিব পুজিছো, জানো সেইটো বাটলু গুটি লাগে নে নেলাগেঃ- বীৰদত্ত দেখিবলৈ বৰ শুৱনি পুরুষ নাছিল যেন আমি থিৰ কৰিছো; কাৰণ, তেওঁ জীয়াই থকা কালত কোনো সুন্দৰীয়ে কি অসুন্দৰীয়ে তেওঁৰ কথা ভালকৈ কোরা মুশুনিলো। কষটি শিলত নঘহিলে সোণৰ সঁচা-মিছা ধৰিব নোৱাৰি, তিকতাৰ মুখৰ কথা মুশুনিলে পুৰুষৰ সুন্দৰ অসুন্দৰ জানিব নোৱাৰি। পুকষে পুৰুষক হেজাৰ সুন্দৰ, বুলি সভা কৰি প্রস্তাব কৰো, তিকতাই, বিশেষকৈ সুন্দৰী তিকতাই উঠি সেই প্রস্তাব সমর্থন বা ভৰণ পোষণ নকৰিলে সি ডোমৰ লগত যোৱা। সুন্দৰীয়ে কি অসুন্দৰীয়ে বুলি ওপৰত কৈছোঁ, এই বাবেই যে সুন্দৰীৰটো প্ৰস্তাৱৰ পোষকতা কৰিবৰ সম্পূৰ্ণ অধিকাৰ আছেই আৰু সেই হেতুকে তেও কৰেই, অণুন্দৰীয়েও ইয়াত তেওঁৰ নিচেই কম হাত আছে বুলি নেভাবে। কাৰণ কোনো তিকতাই নিজক অসুন্দৰী আৰু আনক সুন্দরী বুলি নেভাবে। অকল তিকতাৰ সভাত, পুরুষব সাহায্য নললে, এই প্ৰশ্নৰ মিমাংসা হব নোৱাৰে, গতিকেই এই কথাত আমাৰ ভাগ থাকিল বুলি সুন্দৰী সকলক লাহেকৈ কৈ থণ্ড।

এই বিলাক বাজে কথাৰ ঢৌরে কোবাই আমাক ঘাই কথাৰ পৰা বহুত আঁতৰত পেলালেহি, আকৌ ঘাই কথাৰ ওচৰ চপ। যাওক। পাঠকে সুধিব পাৰে বোলে, বীৰদত্তক দেখিবলৈ ভালবেয়াৰ কথা যে আপুনি ইমান খন গালে, তেওঁৰ নো গঢ় কেনেটে। আমাক কওক চোন? শুনক, তেওঁৰ মূৰটো এটা বঙ্গালাওব নিচিনা; যদিও তেওঁ পাহ কাতি দীঘল চুলি বাখিছে তথাপি তেওৰ তালুখনত ধান মেলি শুকাব পাৰি, গোফ মেকুৰীৰ গোফৰ নিচিনা; বৰণ চুর। চকৰ তলিতকৈ অলপহে পোহৰ; চকু ছটা সক; নাকটো হাকোটাটো যেন; গাল মেবোটা মেকটি, হমু ওলোরা; হাত-ভৰি বৰ বৰ একোটা ইত্যাদি। বাস্তরিক পক্ষে বীৰদত্তক হবদত্তব ভায়েক বুলি কোনো প্ৰকাৰে নেজানি। সেই বিলাক যেইকি বা নহওক, বীৰদত্তৰ এটা সদগুণ আমি উল্লেখ নকৰিলে তেওক অন্যায় কৰা হব। তেও ককায়েকৰ কথা কেতিয়াও অমাক্স নকৰে আৰু তেও'ব যদি সঁচা সঁচিকৈ কাৰবালৈ অলপ স্নেহ আছে, সেই স্নেহ ককায়েকলৈ। বীৰদত্তক আমি ইমানতে এৰি, আমাৰ নায়িক। হৰদত্তৰ জীয়েকে সৈতে পাঠকক চিনাকা কৰি দিও'ইক। পাঠক! নামটো শুনিয়েই আপুনি যাক ভাল পাব খুজিছিল, আপোনাৰ সেই পদুমেই এই হৰদত্তৰ জীয়েক। আমি যি সময়ৰ কথা কৈছো, সেই সময়ত পড়ুমে ১৪ বছৰ পাব তৈ ১৫ বছৰত ভবি দিছে। মাকৰ মবম, বাপেকৰ ভালপোৱাৰ বাহিৰে আগেয়ে যি পড়ুমে সংসাৰত আৰু কিবা বস্তু আছে বুলি সমাজিকতো নেজানিছিল, সেই পদুমৰ হৃদয় এতিয়া কিবা এটা ভাবেবে উদ্বেগিত। আগৰ দৰে কোনো এটা কামতে সৰহ বেলি মন লগাই তেও থাকিব নোৱাৰে; হেজাৰীঘোষা পুথি পঢ়িবলৈ পালে যি পরই ভাত-পানী খাবলৈ পাহৰিছিল, তাঁত-সূত বোরা, পাজিকটা, দৰা কণ্যা সঙ্গ। আদি কামত যি পছমে মন প্রাণ উছগিছিল, সেই পদুমৰ মন আৰু এতিয়া সেই বিলাক কামত নাই। তেওঁৰ মনো-বাজাত প্রৱল চোৰ- ডকাইতৰ উপদ্ৰৱ হবলৈ আবস্ত হৈছে; কেনেকৈ তেওঁৰ মন স্থিৰ থাকে? তেও এতিয়া আগৰ নিচিনাকৈ বাপেক মাকৰ আগত কথা কবলৈ সংকোচ কৰে; ককায়েক আৰু দদায়েকৰ মুখলৈ চাই কথা কব লাগিলে বৰণ সলায়। যি সমনীয়া সখীয়েকৰ আগত আগেয়ে তেও হিয়া উবুৰিয়াই কথা কৈছিল সেই  সখীয়েকৰ আগত তেওৰ মনৰ ভাৰ এতিয়া তেও এডোখৰ এডোখৰহে প্রকাশ কৰিব পাৰে।

এতিয়াও তেওঁৰ মুখ, পাঠক এই কথা শুনি আপুনি এনে নেভাবিব, যে পবিত্র আৰু সৰলতাৰ প্রতিমূর্ত্তি পদুমৰ হিয়াত পাপ ৰাক্ষস প্ৰৱেশ কৰিলে। ধৰ্ম্ম আৰু সাধুতাৰ কান্তিবে পোহৰ, এতিয়াও তেও সবলতা, পরিত্রতা আক মধুৰতাৰ প্রতিমা। যি পৰিবৰ্ত্তনৰ কথা কৈছো, এই পৰিবৰ্ত্তন কেরল স্বাভারিক পৰিবৰ্ত্তন। মলয় বতাহ বোরা, গোলাপ, কেতকী, মল্লিকা মালতীৰ ন গোন্ধেবে আমোদিত কুলিব হৃদয় উদ্দীপক মাত আৰু ভোমোৰাৰ গুন-গুন্ ধ্বনিবে প্রতিধ্বনিত, আমগছৰ কোমল নতুন কুঁহি পাতেৰে পৰিপূর্ণ, কুঞ্জলতাদিবে ঢকা ৰম্য যৌৱন বাগিচাত লাহে লাহে বাজহংস গতিৰে তেও' প্রথম প্রবেশ করাতহে তেওৰ ভাৱৰ এই অভূতপূর্ব পৰিবর্তন। এই পৰিৱৰ্ত্তনে তেওৰ আগৰ দুগ্ধ ফেন সদৃশ গালত সেন্দুৰ ঢালিলে, নিৰ্ম্মল চকুত পরিত্র প্রেমৰ জ্যোতি দিলে, লরমুৰে ভৰা কোমল, হিয়াত ভালপোৱা জুইৰ অলপ তাপ দিলে; শৰীৰৰ অঙ্গ প্রত্যঙ্গ বিলাকত লারণ্য, সুস্থতা, আৰু সৌন্দর্য প্রদান কৰিলে। মুঠতে কবলৈ গলে, পড়ুম এতিয়া হেজাৰ গুণে পড়ুমী হল।

পদ্মৰ ককায়েক বস্তুৰ এতিয়ালৈকে পাঠকে সৈতে চিনাকা কৰি দিব পৰা নাই, পাঠক, খং নকৰিব। লাহে লাহে তেওঁৰ সৈতে আপুনি চিনাকী হৈ থাকিব; সম্প্রতি তেওৰ বিষয়ে আমি দুধাবমান কৈয়েই এই অধ্যায় শেষ কৰিম। ৰঘু কুৰি-বছৰীয়া উদ্ধৃত ডেকা; ডেকাতেজৰ বলত বনৰীয়া মহ ফুৰাদি ফুৰে। মাক বাপেকৰ কথালৈ বৰ কাণ দিয়া তেওঁৰ অভ্যাস নাই। কোনো এটা কার্যা ভবাতকৈ তেও' কৰাটো বৰ উজু পাই। তেও দেখিবলৈ বেয়া নহয়; এক প্ৰকাৰ ধুনীয়াই বুলিব পাৰি; কেৱল বাও চকুটোত অলপমান ফুল পৰা দোষ আছে। দাড়ি গোফ বৃটিয়াইছে, ভালকৈ গজি উঠা নাই। পদুমলৈ তেওঁৰ কিমান মৰম আছে কব নোরাবে। (অধিক থাকিবৰ কথা) কিন্তু পদুমৰ ওপৰত হলে তেও বৰ প্ৰভুত্ব চলাবলৈ বিচাৰি ফুৰে। সেই বুলি পছমে ককায়েকক যে মাণ্য নকৰে এনে নহয়, তেও ককায়েকৰ মৰমতে পমেছে।

27
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেক
0.0
অসমীয়া সাহিত্যৰ চানেকী VOL. তৃতীয়, দ্বিতীয় খণ্ড
1

ভোলানাথ দাস।

13 December 2023
0
0
0

সীতাহৰণ কাব্য। লক্ষণ সীতাৰ সহ, পিতৃ সত্য পালি, দাশৰথি ৰঘুপতি পঞ্চবটী বনে তপস্বীৰ বেশে, ভক্ষি বন্য ফল মূল তপস্বী আহাৰ, যবে ছিল। বনবাসে; কিৰূপে ৰাৱণ বলী লঙ্ক। অধিপতি হৰিলা জানকী সীতা, যিটো অপৰাধে মৰিলা

2

আসামবাসী

13 December 2023
0
0
0

হে আসামবাসি! নয়ন উম্মিলি দেখা একবাব; সদাই নিদ্রিত, অতি অনুচিত, দেখা একবাৰ নয়ন মেলি। তোমাসব সম কোন হেন জাতি, আলহ্যৰ বশ, উলটি পালটি কোন হেন জাতি, চিৰ শয্যা পাতি, শুইয়াছে দেখা মস্তক তুলি। কোন হেন জাতি অ

3

লম্বোদৰ বৰা।

13 December 2023
0
0
0

শকুন্তলা। প্রথম অঙ্ক। সূত্ৰধাৰ। (নেপথ্যৰ ফাললৈ চাই) আইদেও, যদি সাজ পিন্ধোরা হল, তেনেহলে এই পিনে আহোক। নটী। (প্রবেশ কবি) দেউতা এই মই আহিছোঁ। সূত্ৰধাৰ।-আইদেও, এই সভাত অনেক বিস্তারন্ত লোক গোট খাইছে আ

4

সদানন্দৰ কলাঘুমটি।

14 December 2023
0
0
0

কেতিয়াবা কানি টিকিৰাৰ ছাট মাৰি ধোৱাবে ঘব গোটাইটো ভৰাই দিছিলে'।। কেতিয়াবা টিকিবা এড়ি পায়স, কুঁহিয়াব, গুড়, গার্থীব, মালভোগ কল, বৰা চাউলব পিঠা আদি কৰি সোৱাদ বস্তু খাই মুখ তপালিছিলো; কেতিয়াবা বা লগৰীয়া ভক

5

ৰত্নেশ্বৰ মহন্ত।

14 December 2023
0
0
0

মোৱামৰীয়া-বিদ্রোহ। ১ম বিদ্রোহ। তেওঁ কেনেকৈ নগৰৰ পৰাগৈ বব ধুমুহা বা বতাহ-বৰষুণ অনাৰ পূৰ্বেবই প্রকৃতিব মূর্ত্তি স্বভারতঃ শান্তিময়া, গছবিলাক জঠব, "নিবাতনিষ্কল্পমির প্রদীপাং” হৈ যেন সাবহিত মনে সম্ভাবিত

6

অসমীয়া সাহিত্যৰ চানেকি। পত্নী-বিলাপ। মুক্তাৱলী (অসমীয়া সুৰ)।

15 December 2023
0
0
0

উঠা প্রাণেশ্বৰ, শ্রুতি সুখকৰ, কৰিয়া সাদব, শুনোরা বাৰেক মোক। চোৱা চকু মেলি, নকৰিবা বেলি, কৰিছে। কাতৰ শ্রীমুখৰ স্বৰ এ বোধ-ঠেস ঠেলি, যাই প্রাণ গেলিএ উঠি কৰা কেলি পাহৰোহো যত শোক ॥ ২ অনাথিনী কৰি

7

সত্যনাথ বৰা।

15 December 2023
0
0
0

সাহিত্য বিচাৰ। সাহিত্যৰ সাধাৰণ লক্ষণ। মানুহে নিজ বুদ্ধিৰে আজিলৈকে যি যি কাম কৰিছে তাৰ ভিতৰত সাহিতাকে ঘাই বুলিব পাৰি। সাহিত্যৰ গুণ সংসাৰ জুৰি আছে। ইয়াৰ নিচিনা মনমোহা বস্তু জগতত আৰু বিচাৰি পাবলৈ টান।

8

শান্তি আৰু আশা।

16 December 2023
0
0
0

তাঁয় হাঁয় হৰি হৰি, বও মই কেনে কবি? শান্তি বিনে এই ভব সাগৰ অপাৰে, মোৰ জীৱ তৰণীৰ কোনে গুড়ি ধৰে? একে উপলিছে ঢো কবি শব্দ বৌ বৌ, তাত গুৰিয়ালে হায় এবি গল মোক। ইযাত কৈ আর কিবা আছে বব শোক! অশান্তি! দয়া শীলা,

9

লক্ষ্মীনাথ বেজ বৰুৱা।

16 December 2023
0
0
0

পদ্মকুমাবা। প্রথম অধ্যায়। বাতি দুপৰ হৈছে। জগৎ নিমাত নিস্তব্ধ। সক বেজি এটি হাতৰ পৰা হঠাৎ মাচিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰণ 'ভুক' 'ভুক', তছৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিসাৰ,

10

দ্বিতীয় অধ্যায়।

18 December 2023
0
0
0

'পদুমৰ কি হৈছে'! এই প্রশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰে।। হবদত্ত যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তবত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছে।। তেওঁৰ এই আশা-

11

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা।

18 December 2023
0
0
0

পুবণিতত্ব। আজি কালিৰ লেখা-পঢ়াৰ পোহৰ পোৱা বুঢ়া-ডেক। সকলোৰে ৰাজহুরা বেজাৰঃ-ভাবতবর্ণব পতিয়াব পৰা পুৰণি বুৰঞ্জী নাই। এই বেজাৰৰ ধ্বনিয়ে ঢুকব বোরাবী আসামকো পাইছে গৈ। লেখকে লেখিবলৈ কাপ তুলিয়েই টভক মাৰিব, প

12

অসমীয়া জাতি ডাঙ্গব জাতি।

18 December 2023
0
0
0

যি এই কথাত শুই কবে তেওক বৰবকরাই চমন বা 'গিলিপ্‌দাৰী' পৰণা দি 'গিলিপ্‌দাৰ' কৰি ধৰি আনিব, কিয়নো তেও দুই কবে, তাৰ কাৰণ দেখুৱাবলৈ। বৰবকরাই কয়, অসমীয়া জাতি ডাঙ্গৰ ভাতি। ডাঙ্গব জাতিৰ যি যি কেইটা ডাঙ্গৰ ডাঙ্

13

মৌমাখি |

19 December 2023
0
0
0

ই ফুলৰ পৰা সি ফুললৈ উৰি, গুন্ গুন্ গুন্ সুৰে নাম ধবি, মাতিছা ইটিক, প্ৰেমৰ আলাপে মুহিছা মন, পাইছা অমৃত প্ৰাণৰ ধন ॥ চাইছা সিটিক, ২ 'যাও' 'যাও' কৰি আহিছা তুমি। আকৌ উভতি আহাগৈ চুমি। এখস্তক বোরা, পিছফালে

14

ৰজনীকান্ত বৰদলৈ।

19 December 2023
0
0
0

মনোমতী। মানহঁতে পমীলাকে আক মনোমতীকে একে লগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল। বাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা বতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জই পৰা মনত অলপ

15

কনক লাল বৰুৱা।

19 December 2023
0
0
0

আমাৰ শিল্প। সকলোরে মানিব লাগিব যে আমাৰ শিল্পব উন্নতি আগেয়ে অধিক আছিল। আমাৰ এতিয়ালৈকে থকা পুৰণি বস্তু বিলাক দেখিলেই সেই কথা ভালকৈ বুজিব পাৰি। শিলকটা, কাপোৰ বোৱা, অলঙ্কাৰ আৰু কাঁহি বাটি গঢ়া, হাতীৰ দাঁত

16

মানৱ জাতিৰ সভ্যতা।

20 December 2023
0
0
0

মানুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্রভেদ এই যে, মামুহ উন্নতিশীল জীর, কিন্তু পশুবোৰ তেনে নহয়। এই প্রভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্রেষ্ঠ। চৰায়ে তাৰ বাহ সাজে, বিববে তাৰ

17

হেমচন্দ্র গোস্বামী।

20 December 2023
0
0
0

অসমীয়া ভাষা। বর্তমান যুগ। ইংৰাজ বাজত্বৰ পাতনিবে পবা আজিলৈকে এই যুগেই অসমীয়া সাহিত্যৰ বর্তমান যুগ। ওপৰত উন্মুকিওরা হৈছে, অসমদেশ বহুত দিন মানহঁতৰ অত্যাচাৰৰ তলত আছিল। পিছে ১৮২৪ চনত মানহঁতে ইংৰাজৰ লগত য

18

স্তুতি |

22 December 2023
0
0
0

সকলোৰে পিতা তুমি, তুমি বিশ্বময়, সকলো দেশতে পূজ্য সকলো সময়, কি জ্ঞানী, অজ্ঞানী, সাধু সকলোরে সমে পূজিছে 'যিহোৱা' 'প্রভু' আদি নামে।  জ্ঞানৰ অতীত তুমি অনাদি কাৰণ, ৰাখিচা জ্ঞানক মোৰ কৰি আচ্ছাদন; এইমাত্র

19

কাকো আৰু হিয়া, নিবিলাও।

22 December 2023
0
0
0

সকলোৰে মুখে শুনো তাতে বহি বহি গুণো, মানুহে সচানে ভাল পায়? কত ভাবোঁ কত পাওঁ, কত ভাব হেকরাও, একো তাৰ অরধিকে নাই। (২) এদিন ভাবিলে। মনে, লম্ তত যেনেতেনে, ভালপোৱা আছে কি জগতে, এনে ভাবি এজনক সঁপি দিল

20

আনন্দ চন্দ্র আগৰৱালা।

23 December 2023
0
0
0

ব্রহ্মযাত্রীর ডায়েৰী। ভালেমান দিনৰ পৰা ব্ৰহ্মদেশ চাপৰ হেঁপাহ আছিল। অসমৰ বুৰঞ্জীয়ে সৈতে ব্রহ্মদেশৰ বৰ সম্বন্ধ আছে। যি কুক্ষণত প্রথমে ব্ৰহ্মদেশৰ মানুহে অসমত ভৰিৰ ধূলা পেলালেহি, সেই মূহুৰ্ত্তৰ পৰাই অসমত

21

পাণেসই।

24 December 2023
0
0
0

ভৰ দুপৰীয়া, নিমাত সঞ্চলো, নিমাত গছৰ পক্ষী। দুছাতি এছাতি, বতাহ বইছে, উড়াই কেতকী সখী। পাণেসই গাভক, ওলাই আহিছে, উলাহে নধৰে হিয়া মাহ সৰিয়হ, মেলি জুলি দিছে, ককাইদেৱৰ বিয়া। লাহৰী ভনীটী, সাদৰী ককাই, কতনো মনত

22

বেণুধৰ ৰাজখোৱা।

24 December 2023
0
0
0

সেউতী কিৰণ। (নাটক।) প্রথম অঙ্ক। প্রথম দর্শন-নীলকমলৰ ঘৰব এটা কোঠা: কিৰণৰ প্ৰবেশ। কিৰণ। সৌন্দৰ্য্যৰ জন্মভূমি স্বৰ্গৰ নিঝবা তাৰ অন্তঃসোঁত কেরল যথার্থ প্রেমিকে দেখিবলৈ পায়। কিন্তু তেতিয়া পৃথিবীৰ বিৰো

23

পদ্মনাথ বৰুৱা।

24 December 2023
0
0
0

ভানুমতী। ১ম অধ্যা। আপোন চিনাকী। মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল 'একেটি ৰত্ন। মোৰ জীৱনৰ আদি ছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ কব পাৰে।, সি কেরল এনাই-দেউতাৰ মুখৰ পৰা শুনা কথা হে। মোৰ দেউ

24

লীলা।

26 December 2023
0
0
0

নেজানো পূজাৰ বিধি, বন্দনাৰ বাঁতি, বানাপাণি বাঙ্গেবি! চৰণ তোমাৰ কিরূপে পূজিম হায়, বন্দিম কিমতে! বঙ্গোর'। অনন্ত কাল সঞ্জীবনি বীণা, গহান জোঁকাৰে তাৰ কঁপাই বনুনি, সৰায় কতন। ফুল কবি-ফুলনিত। সুৰ-বুজ। আদি' গ

25

'হলিৰাম মহন্ত।

26 December 2023
0
0
0

বিশ্ব-দর্পন। বলিদান। হিন্দুজাতি অতি প্রাচীন কালৰ সভ্যতাৰ সময়ত নির্বামিস ভোজী আছিল। প্রাণী হিংসা কৰা তেওঁলোকৰ স্বভার নাছিল। সময়ৰ স্বাভাবিক পৰিবৰ্ত্তনত লাহে লাহে শিক্ষিত যোগী সকলৰ বাহিৰে সকলোৱে মাছ মা

26

পূর্ণ কান্ত, দেৱ শৰ্ম্মা।

26 December 2023
1
0
0

নলচৰিত্র। দময়ন্তীৰ বিবাহ। নলক বৰিলা পতি দেখি ৰাজাগণ। যাৰ যেই দেশে গৈলা বিষাদিত মন ॥ ভীম নৰপতি ভৈলা আনন্দে মগন। বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ ॥ বাছ্যকবগণ ৰাজা ডাকিয়া আনিলা। বিহার সামগ্রী যত একত্র কৰিল

27

দুর্গাপ্রসাদ দত্ত।

26 December 2023
0
0
0

বৃষকেতু। (পৌৰাণিক নাট।) চতুর্থ দর্শন। ৰাজ আলি। বৃষকেতু আৰু কিছুমান লৰা। কৰ্ণ- (বহুত নিলগৰ পৰা চিঞৰি) মোৰ সোণাই বৃষকেতু, কত আছা, এইপিনে আহাঁ। মই অধমে তোমাক বিচাৰি ফুৰিছোঁ? বৃষকেতু- (লৰাবোৰক) মোক

---

এখন কিতাপ পড়ক