shabd-logo

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা।

18 December 2023

0 দৰ্শন কৰা হৈছে 0

পুবণিতত্ব।

আজি কালিৰ লেখা-পঢ়াৰ পোহৰ পোৱা বুঢ়া-ডেক। সকলোৰে ৰাজহুরা বেজাৰঃ-ভাবতবর্ণব পতিয়াব পৰা পুৰণি বুৰঞ্জী নাই। এই বেজাৰৰ ধ্বনিয়ে ঢুকব বোরাবী আসামকো পাইছে গৈ। লেখকে লেখিবলৈ কাপ তুলিয়েই টভক মাৰিব, পাঠকে শাৰীয়ে পতি হুমুনিয়াহ পেলাব, কপকে মুখ মেলিয়েই হামিয়াই হেকতিয়াই বিননি ধৰিব, "অসমৰ পুৰাতন কাব্যকলাপ, ইতিহাস আক ঘটনাৱলী অনন্ত কাল সমুদ্রৰ গৰ্ভত।" (হয়। তাবে কিছুমান তোমবা- আমাৰ গৰ্ভতো)। কল্পতক বৃক্ষয় "মাগন্তা জনকহে ফলদান” দিয়ে, কামধেনুক দুহিলেহে গাখীৰ পোরা যায়। আগো নাই গুৰিও নাই, টিকাত চপৰিয়াই দেওদি ধিতিঙ্গালিকৈ ফুৰি, কাৰ্য্যৰ বেলিকা মূৰ খজুৱাই খজুৱাই তিনদিনৰ বাটৰ পৰা বিঙ্গিয়াব, "বুৰঞ্জী নাই," "ইতিহাস নাই" "একো নাই"। (কেরল মাগোন আছে তেরে ইহে)। চকুমুদা মানুহৰ পক্ষে একো নাই। বজাও নাই, প্রজাও নাই, সত্রও নাই, সভাও নাই, বামুণো নাই, লগুণে। নাই। থকালৈ এটাইবোৰ আছে। আমাৰ হলে এই জাতি মানুহলৈ অলপো কৃপা নাই, যবে মানুহ তত চিঞৰি বাখৰি মৰক, আমি চকু মেলিয়েই নেচাওঁ। সাঁচা কথা কবলৈ গলে, অমিও আগেয়ে এনেবিলাক লেখক, পাঠক আৰু কণকৰ শাৰীত কলাথহুৰাৰ কঠ পাৰি বহি শাৰী পূৰাইছিলো। সম্প্রতি আমি তেনেলোকৰ শাৰীৰ পৰা খাৰিক্ত।" কৃপাবৰ বকরা আগেয়ে এক এতিয়া এক। এতিয়াৰ পৰা তেওঁ ওপৰত কোরা ভকত সকললৈ আক উভতি নেচাই, বৰং তেনে ধিতিঙ্গা, বিঙ্গ দি খোরা দিঙ্গিত ভৰি দি চেঙ্গেলী, উতমুরা লোকক চল পালইে এপোটোকা দিবহে। নহওক, এতিয়া আমি পুৰণিতত্বৰ অৰ্থে অসমীয়া ভাষাত লেখা পুৰণি পুথি বিচাৰি ধোর।-চাং পাত-পাত কৰিছে।। এলাস্কুৰে চক-ছোরা তেও (কোন?) যেন হৈছোঁ। পলোৱা, তেও আমি শুদাই এৰা ভকত নহয়; আসামৰ ধোৱা-চাং এখনো বাকা নাৰাখোঁ। সম্প্রতি আমি এখন পুথি পাইছো। তাত বিস্তৰ সামাজিক, নৈতিক, ৰাজ সোধ-পোছ নাই আৰু ধোরা-চাঙ্গত উঠিম। পুথিখন হীৰাৰ খনি বুলিলেও হানি নাই। নৈতিক, বৈষয়িক, বৈদিক, সাত্বিক, বাজসিক, তামসিক, ইহলৌকিক, পাৰলৌকিক, কৈষিক, ঐধিক, নৌষিক, পৈতৃক, মৈত্রিক, ভৌতিক আদি কথ্য আছে। তাত পুৰণিতত্বৰ, আঘোন-পুহ নহায়া পথাৰৰ শালি ধানৰ দৰে পক উঠি আছে; মুঠেই দাবা, ডাঙ্গৰী বান্ধিব। আক কঢ়িয়াবা। মই সেই প্রত্নতত্বৰ ডাঙ্গণী এটাৰ এঠো- কেৰে আজি আলহা সুধিম বুলি মানোগত কৰিছো। শেহত আমাৰ আলহী ভকত সকলক এটি কথা কৈ থওঁ', এই বাব নতা পাই আকৌ মোৰ ওচবলৈ তেওঁলোক আহিলে 'ঢেকিঠোবাটি' লৈ যাব লাগিব। শুনকঃ-

"জৈমিনীয়ে ধৰ্ম্মপক্ষীক প্রশ্ন কবেঃ- 'হে পক্ষী পুঙ্গর! হে মহাত্মা! আপুনি পৰম কৃপা প্রদর্শন কবি অনেক অমূল। অমৃতোপম পুণা আখ্যান মোক শ্রবণ কৰালে। এনে পরিত্র বাক্যামৃত পান কৰি মোৰ তৃপ্তি পলোরা দূৰত থাওক ক্ষুধাহে বাচিড়ে। সম্প্রতি মোৰ আক এটি শুথা শুনিবৰ ইচ্ছা হৈছেঃ- চুলি, দাড়ি, আৰু গোফৰ উপণ্ডি কি? আক কেনেকৈ মনুষ্যৰ সর্ববশ্রেষ্ঠ অঙ্গ মস্তকত সিহঁতৰ ঠাই হল। সিহঁতৰ ভূত, ভৱিষ্যত, বর্ত্তমান, অৱস্থা কি? বর্ণনা কৰি মোক অনুগ্রহ প্রকাশ কৰক।"

ধর্ম্মপক্ষায়ে কয়: হে মহাভাগ! হে ঋদদত! হে অনঘ! আপুনি মোত সাধু কথা প্রশ্ন কৰিছে। আপোনাৰ নিচিনা মহন্তৰ এনে প্রশ্ন পৰম শোভন হৈছে। এইটো কথা অতি গুপুত, সাকে তাকে 'কহিবাক শুহিকে যুগুত।' পূর্ব্বত বিবিঞ্চিক নারদে এই কথা পুঢ়িছিল। 'নাবদত হন্তে' মোৰ কৰ্ণ গোচৰ হুল। আমি আপুনি হেন মহাভাগত এই কথা সংক্ষেপে বেকত কৰিবলৈ পালোঁ, আহা! মোৰ কি ভাগ্য। সারধানে কর্ণভৰি শ্ররণ কৰক:--

'সঙ্গিকর্তা হিৰণ্যগর্ভ প্রজাপতিয়ে একদিনাপ্রতি পৌষ্যাসৰ প্ৰভাত কালত শীতব দ্বাৰা প্রপীড়িত হৈ কাস্যালয়ক প্রতি গতি নকৰি স্ব শয্যাতে উপবেশন কৰি এটা মনুষ্যব মস্তক আনি ললাটলিখন কার্য্য সম্পন্ন কৰিছিল। হস্তস্থিত কাপ মৈলামস্থিত মহাত স্নান কবোরা মাত্র বাতাহত কদলীপত্রব ন্যায় অকস্মাৎ হস্তকম্প উপস্থিত হৈ অধোমুখ হোরা মহাধানৰ পৰা কল কল নিনাদে মহী নির্গত হৈ সমস্ত গাক আৰু মনুষ্যমস্তক সিক্ত কৰি পেলালে। তদীয় গাক শ্রেষ্ঠত স্থানবিশেষে শীর্ণ-জীর্ণতাদি দোষ আছিল। তৎ তৎ চিদ্ৰ দ্বাৰা তুলা নির্গত হৈ থকা হেতু সেই মনুষ্যমুণ্ডৰ স্থানে স্থানে সংযোজিত হল। মস্তক সংযোজিত সমুহ চুলি, গালত আৰু ওঠত সংযোজিত হোৱা সমূহ দাড়ি আৰু গোফ নামে খ্যাত হল। কোকিল- মৎস্যহ্য লক্ষণং বিছাতে অত্র ইতি দাড়ি। চলতি বায়ুভৰেণ ইতি চুলি। গো ফলত্যত্র গোফঃ ইতি দুগ্ধবোধঃ। অর্থাৎ ককিলা মৎস্যৰ দাঁড়ৰ লক্ষণ ইয়াত বিজ্ঞমান দেখি দাড়ি; বায়ুৰ কোবত লৰে দেখি চুলি, আৰু বেদৰ ফল ইয়াত ফলে দেখি গোফ বুলি দুগ্ধবোধ ব্যাকৰণে উক্তি কৰিছে। হে মহাভাগ! দাড়ি, গোফ, আৰু চুলিৰ এবম্প্ৰকাৰে সৃষ্টি হল। এই সমূহ বর্ত্তমান যুগত সাধু-চৰিত্র, পরিত্র হৃদয়, ধীমান মহস্তুসকলৰ দ্বাৰাই কিরূপে ব্যৱহৃত হৈছে সি ভরাদৃশ মহর্ষিৰ অবিদিত নাই। ভবিষ্যতে এই সকলৰ কিৰূপে ব্যৱহাৰ হব তাক পূৰ্বেব মই ভবিষ্য পুৰাণত কলিযুগৰ ধৰ্ম্ম কথনোপলক্ষে ব্যাখ্যান কৰিছো। সম্প্রতি ভরদীয় আনন্দবন্ধনার্থ উক্ত পুৰাণৰ পৰা বাক্য উদ্ধাৰ কৰি ব্যক্ত কৰে।।"

ধৰ্ম্মপক্ষীৰ ভবিষ্যপুৰাণৰ পাঠক! আপোনাক এই খিনিতে এটি কথা কওঁ। পৰা উদ্ধাৰ কৰি কোর! কথাৰ ভাষা ইমান কেবকেবায়া, যে তাৰ অর্থ অরগাহ কৰোঁতে মই হেন পণ্ডিতৰে 'গোৰঘামে যাই বহি' হৈছে, আৰু 'ইতৰশ্য কা কথা।' সেই দেখি তাক ভাঙ্গি পিঠাগুৰি যেন কৈ তলত দিলো, এরাগাখীৰ এটুপি আক গুড় অলপমান খৰচ কৰি সানি খাব। ঢোদৰ পড়ল। তৈ বহি থাকিলে নহয়, মই সানিপিটিকি নিজে খায়ো দিব নোৱাৰোঁ। মোৰ আজৰি নাই।

"কলিত দাড়ি, গোফ, আৰু চুলিৰ বৰ আদব হব। ফকিৰ-ফকৰা বৰাগী- ব্রহ্মচাৰী সকলোরে ইয়াকে পিন্ধিব। চুলিয়ে ফকিবৰ মূৰত মোহনী ভাঙ্গৰ কলি যেন হৈ, দাড়িয়ে ব্রহ্মচাৰীৰ গালত মকড়াৰ জালৰ নিচিনা হৈ, আৰু গোফে সোণাৰিৰ মুখত মহৰ শিং যেন হৈ শোভা কৰিব। ভাৰতবৰ্ষৰ উত্তৰ পশ্চিম ফালে কামপিঠ বা কামরূপ বা আসাম নামে প্ৰদেশত চুলিৰ বৰ প্রভাৱ হব। তিৰোতা, মটা, সকলোরে মেলি দিলে কলাফুলত পৰা চুলি বৰ ভাল পাব। মটাই সেই চুলি মূৰত জখলাণুপীয়াকৈ লৈ উধানটি যেন কৰি বান্ধি খব। জাপীৰ টুপটিক যেনেকৈ বাওটোৱে চাৰিওফালে বেঢ়ি থাকে, সেই উধানটিকো পাহকটা ছুটি চুলিয়ে চাৰিও ফালে বেঢ়ি থাকিব। ইয়াৰ পিছত লাহে লাহে কলিযুগৰ শেহলৈ সেই দেশৰ ডেকাসকলে উধানটি বেয়া পাই খহাবৰ ইচ্ছা কৰিব, আক খোপবিলাকে। সমান কৰিবৰ অভিলাষ কৰিব। উধনীয়া বুঢ়াসকলে সেই ইচ্ছার বিরুদ্ধে কঁকালত টঙ্গালি বান্ধি সাজু হব। দুই দলৰ ভিতৰত তুমুল ৰণ হব। উভয় ফালৰে ৰথী-মহাৰথী সেই দোৰ্ঘোৰ সংগ্ৰামত ভালেমান পৰিব। শেহত দুই দলৰে ভিতৰত সন্ধি স্থাপিত হৈ তাৰ ফলস্বৰূপে ডেকাসকলৰ মূৰৰ উধান খহি তাৰ ঠাইত লালুকীৰ নেগুৰ যেন একোডালি হব। সি, টিকনী নাম পাব। খোপ সমান হৈ মূৰ বুঢ়া ভালুকৰ টিকা যেন হব। লালুকীৰ ঠেং গজি জঁপিয়াই বাম উঠিলে যেনেকৈ নেগুৰ ডাল ছিগি পৰে, সেই ডেকাসকলৰো গাত বল-শক্তি হৈ বুঢ়াসকলৰ লগৰ পৰা জঁপিয়াই আঁতৰ হলেই টিকনি সৰি পৰিব। দাড়ি আৰু গোফ গোসাঁই, মহন্ত, আৰু ভকতসকলৰ চকুৰ কুটা, দাঁতৰ শাল হব। আঢ়ৈহতীয়া দীঘল চুলিতহে তেওঁবিলাকৰ মৰম সোপাই সোমাব। দাঁড়ত গামোছা মেলাদি মুৰত চুলি মেলি খোৱাটো বৰ ধুনীয়া কথা বুলি তেওলোকে ভাবিব। চেঙ্গেলী-টোপোৱা-বৰশীব আগত বৰলটোপে যেনে শোভাকবে, সেই মেলি দিয়া চুলিৰ আগত মবাশাকৰ-জুৰ যেন সক গাণি এটাই তেও বিলাকৰ পিঠিত পৰি তেনে শোভাবন্ধন কৰিব। যি তেনে শোভাৰ পক্ষপাতী নহব সি "ক্রাইস্টাইন" বা বাবু নাম পাব পাৰিব! দাড়ি-গোফ তেও বিলাকৰ মুখৰ পৰা পলাই পত্রং দি ভাৱনাৰ মুখাত 'শৰণে পশিব।' কিন্তু লাহে লাহে সেই যুগৰ উঠি অহা ডেকাসকলে দাড়ি গোফক অভয়দান দি নিজৰ গাল মুখত তুলি লব।

"হে মহাভাগ! ভরদীয় আনন্দবর্দ্ধনার্থে আজি সংক্ষেপে এই পৰম ৰহস্ত কথা ব্যক্ত কৰিলোঁ, ইয়াক শ্ররণ মাত্রকে অন্ধই চক্ষু পায়, বন্ধ্যাই সন্তান লাভ কৰে, নির্ধনীৰ ধন হয়, ছাকোলাই ডেও দি পব্বত পাৰ হব পাৰে।” (পৰীক্ষা "পাছ" কবিব পাৰিনে?)

এই গল প্রত্নতত্বৰ কথা। এতিয়া আমি এই বিষয়ে আমাৰ নিজৰ সুদীর্ঘ, 'সুশ্রাব্য' সুকোমল, মনোহৰ, বক্তৃতা এবুৰিমান কৰি পাঠক আক পাঠিকাৰ মন চুৰ কৰি লৈ পলাই ফাঁট মাৰিম, তেও লোকে বিচাৰি চলথ কৰি কান্দি মৰিলেও আক আমাক নাপায়।

১ম বক্তৃতা বিলাতৰ বিখ্যাত প্রত্নতত্ববিদ পণ্ডিত অধ্যাপক দ্রম্ (ঢোল) চাহাবে মোলৈ লিখিছে: প্রত্নতত্বৰ বিষয়ে আপোনাৰ অমানুষিক অধ্যৱসায়ৰ কথা শুনি আমি পৰম আনন্দিত হৈছো। এই মহৎ কাৰ্য্যৰ বাবে আপোনাক ধন্যবাদ দিবলৈ বিলাতত আমি এখন বাক্ষস (monster) সভা কৰি আপোনাৰ স্বাস্থ্য পি খালোইক।

২য় বক্তৃতা।--বনগার'ত, হগ চাহাবে লেখা সাঁচিপতীয়া পুথি এখন পুখুৰী খানোতে ওলাইছে, তাত দাড়ি, গোফ, চুলী আৰু কৃপাবৰ বৰবৰকরাক নথৈ শলাগিছে 

৩য় বক্তৃতা।-তিতাবৰ মৌজাৰ গোফীয়াগোহাঁয়ে জুলীয়া পিঠাগুড়ি এবাড়িট পি খাই, পাহৰি মুখ নোধোৱাকৈ এটা বৰ সবাহত গৈ বহিছিল; পাছে পাতল ডেক। লবা এমথাই তেওঁৰ মুখলৈ চাই গিঞ্জনি মাৰি হাঁহি দিলত গোহাএ দেউরে খং কৈ সবাহৰ পৰা একেচাতিয়েই উঠি আহি ঘৰত দাপোণত মুখ চাই ঘৈনীয়েকৰ পিঠিত চোৰাত মেলিলে।

৪র্থ বক্তৃতা।-হব-খোজা কন্যা এজনীয়ে হব-খোজা দূরা এজনক বাবৰ জলঙ্গাইদি জুমি চাই দাড়িয়ে গোফে ভোবোকাব দেখি তেও'লৈ বিয়া নোসোমাও বুলি কৈছে!

৫ম বক্তৃতা। পিকিন নগৰৰ পৰা ফু-ফু চাহাবে মোলৈ বুদ্ধি শুধি পঠিয়াইছে বোলে, সেই নগৰত কোনো 'ফটোগ্রাফৰে' তেও'ৰ মুখত দীঘল দাড়ি থকা বাবে তেওঁৰ ছবি নোতোলে। ইফালে তেওঁ'ব মেমে দঢ়াই দড়াই তেওঁৰ ছবি পুজি পঠিয়াইছে। দাড়ি-গোফ খুবাই ছবি কৰাবলৈকো মেমে চিনি নেপাব, গতিকে চাহাব মহা মস্কিলত পৰিছে। ময়ো বিবুদ্ধি!

৬ষ্ঠ বক্তৃতা। জন্মেনীৰ পৰা পেটতে হাত ভৰি লুকুৱা বাতৰি আহিছে:- তাব গুচবীয়। পদকীয়া বিলাকে ষড়যন্ত্র কৰিছে, 'দড়িয়া উর্কীলক কোনো গোচবতে উকীল নধৰোহক বুলি'!

৭ম বক্তৃতা।-আমেৰিকাত এফ, হালোরা নামে পকা বৈজ্ঞানিক পণ্ডিত এজনে কুবি বছৰ ভাবি ভাবি ঠিক কবিছে, বোলে বৈজ্ঞানিক রূপে গুৰেৰে মানুহৰ মুৰটো ডকচি তাত সাব-জাবৰ দিলে খাগৰি একোডাল যেন শকত হৈ চুলি গঞ্জিব। আক কৈছে:-দড়ায়া মানুহে সকলো খোরাবস্তুতে গাইমুরা মানুহতকৈ বেচি সোৱাদ পায়। (ভালেতোহে বৰ বকরাই নিজ হাতৰ নথ সদাই কামুৰি পাকে।)

৮ম বক্তৃতা।—বষ্টন নগৰত ৩০০ গাভৰু গোট খাই "দাড়ি নিবাৰিণী" সভ। স্থাপন কবি বক্তৃতা দি, আন্দোলন কৰি তল-ওপৰ লগাইছে। তেওঁ বিলাকৰ ভিতৰত যাৰ পড়ীয়া গিবিয়েক আছে তেও তেও'ব স্বামীক হয় নিদড়ীয়া কৰিব, নহয় তেও'ক পবিত্যাগ কৰিব। বিয়া-নোহোৱা সকলে দড়ীয়া মানুহলৈ বিয়া নোসোমায়! (ইহঁতৰ তাপত দেশ এবিব লগাত পৰিলোঁ দেখিছোঁ!) ইতি- প্রত্নতত্ববিদ পণ্ডিত মহামহোপাধ্যায়

শ্রীকৃপাবৰ বৰবকরা। 

27
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেক
0.0
অসমীয়া সাহিত্যৰ চানেকী VOL. তৃতীয়, দ্বিতীয় খণ্ড
1

ভোলানাথ দাস।

13 December 2023
0
0
0

সীতাহৰণ কাব্য। লক্ষণ সীতাৰ সহ, পিতৃ সত্য পালি, দাশৰথি ৰঘুপতি পঞ্চবটী বনে তপস্বীৰ বেশে, ভক্ষি বন্য ফল মূল তপস্বী আহাৰ, যবে ছিল। বনবাসে; কিৰূপে ৰাৱণ বলী লঙ্ক। অধিপতি হৰিলা জানকী সীতা, যিটো অপৰাধে মৰিলা

2

আসামবাসী

13 December 2023
0
0
0

হে আসামবাসি! নয়ন উম্মিলি দেখা একবাব; সদাই নিদ্রিত, অতি অনুচিত, দেখা একবাৰ নয়ন মেলি। তোমাসব সম কোন হেন জাতি, আলহ্যৰ বশ, উলটি পালটি কোন হেন জাতি, চিৰ শয্যা পাতি, শুইয়াছে দেখা মস্তক তুলি। কোন হেন জাতি অ

3

লম্বোদৰ বৰা।

13 December 2023
0
0
0

শকুন্তলা। প্রথম অঙ্ক। সূত্ৰধাৰ। (নেপথ্যৰ ফাললৈ চাই) আইদেও, যদি সাজ পিন্ধোরা হল, তেনেহলে এই পিনে আহোক। নটী। (প্রবেশ কবি) দেউতা এই মই আহিছোঁ। সূত্ৰধাৰ।-আইদেও, এই সভাত অনেক বিস্তারন্ত লোক গোট খাইছে আ

4

সদানন্দৰ কলাঘুমটি।

14 December 2023
0
0
0

কেতিয়াবা কানি টিকিৰাৰ ছাট মাৰি ধোৱাবে ঘব গোটাইটো ভৰাই দিছিলে'।। কেতিয়াবা টিকিবা এড়ি পায়স, কুঁহিয়াব, গুড়, গার্থীব, মালভোগ কল, বৰা চাউলব পিঠা আদি কৰি সোৱাদ বস্তু খাই মুখ তপালিছিলো; কেতিয়াবা বা লগৰীয়া ভক

5

ৰত্নেশ্বৰ মহন্ত।

14 December 2023
0
0
0

মোৱামৰীয়া-বিদ্রোহ। ১ম বিদ্রোহ। তেওঁ কেনেকৈ নগৰৰ পৰাগৈ বব ধুমুহা বা বতাহ-বৰষুণ অনাৰ পূৰ্বেবই প্রকৃতিব মূর্ত্তি স্বভারতঃ শান্তিময়া, গছবিলাক জঠব, "নিবাতনিষ্কল্পমির প্রদীপাং” হৈ যেন সাবহিত মনে সম্ভাবিত

6

অসমীয়া সাহিত্যৰ চানেকি। পত্নী-বিলাপ। মুক্তাৱলী (অসমীয়া সুৰ)।

15 December 2023
0
0
0

উঠা প্রাণেশ্বৰ, শ্রুতি সুখকৰ, কৰিয়া সাদব, শুনোরা বাৰেক মোক। চোৱা চকু মেলি, নকৰিবা বেলি, কৰিছে। কাতৰ শ্রীমুখৰ স্বৰ এ বোধ-ঠেস ঠেলি, যাই প্রাণ গেলিএ উঠি কৰা কেলি পাহৰোহো যত শোক ॥ ২ অনাথিনী কৰি

7

সত্যনাথ বৰা।

15 December 2023
0
0
0

সাহিত্য বিচাৰ। সাহিত্যৰ সাধাৰণ লক্ষণ। মানুহে নিজ বুদ্ধিৰে আজিলৈকে যি যি কাম কৰিছে তাৰ ভিতৰত সাহিতাকে ঘাই বুলিব পাৰি। সাহিত্যৰ গুণ সংসাৰ জুৰি আছে। ইয়াৰ নিচিনা মনমোহা বস্তু জগতত আৰু বিচাৰি পাবলৈ টান।

8

শান্তি আৰু আশা।

16 December 2023
0
0
0

তাঁয় হাঁয় হৰি হৰি, বও মই কেনে কবি? শান্তি বিনে এই ভব সাগৰ অপাৰে, মোৰ জীৱ তৰণীৰ কোনে গুড়ি ধৰে? একে উপলিছে ঢো কবি শব্দ বৌ বৌ, তাত গুৰিয়ালে হায় এবি গল মোক। ইযাত কৈ আর কিবা আছে বব শোক! অশান্তি! দয়া শীলা,

9

লক্ষ্মীনাথ বেজ বৰুৱা।

16 December 2023
0
0
0

পদ্মকুমাবা। প্রথম অধ্যায়। বাতি দুপৰ হৈছে। জগৎ নিমাত নিস্তব্ধ। সক বেজি এটি হাতৰ পৰা হঠাৎ মাচিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰণ 'ভুক' 'ভুক', তছৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিসাৰ,

10

দ্বিতীয় অধ্যায়।

18 December 2023
0
0
0

'পদুমৰ কি হৈছে'! এই প্রশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰে।। হবদত্ত যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তবত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছে।। তেওঁৰ এই আশা-

11

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা।

18 December 2023
0
0
0

পুবণিতত্ব। আজি কালিৰ লেখা-পঢ়াৰ পোহৰ পোৱা বুঢ়া-ডেক। সকলোৰে ৰাজহুরা বেজাৰঃ-ভাবতবর্ণব পতিয়াব পৰা পুৰণি বুৰঞ্জী নাই। এই বেজাৰৰ ধ্বনিয়ে ঢুকব বোরাবী আসামকো পাইছে গৈ। লেখকে লেখিবলৈ কাপ তুলিয়েই টভক মাৰিব, প

12

অসমীয়া জাতি ডাঙ্গব জাতি।

18 December 2023
0
0
0

যি এই কথাত শুই কবে তেওক বৰবকরাই চমন বা 'গিলিপ্‌দাৰী' পৰণা দি 'গিলিপ্‌দাৰ' কৰি ধৰি আনিব, কিয়নো তেও দুই কবে, তাৰ কাৰণ দেখুৱাবলৈ। বৰবকরাই কয়, অসমীয়া জাতি ডাঙ্গৰ ভাতি। ডাঙ্গব জাতিৰ যি যি কেইটা ডাঙ্গৰ ডাঙ্

13

মৌমাখি |

19 December 2023
0
0
0

ই ফুলৰ পৰা সি ফুললৈ উৰি, গুন্ গুন্ গুন্ সুৰে নাম ধবি, মাতিছা ইটিক, প্ৰেমৰ আলাপে মুহিছা মন, পাইছা অমৃত প্ৰাণৰ ধন ॥ চাইছা সিটিক, ২ 'যাও' 'যাও' কৰি আহিছা তুমি। আকৌ উভতি আহাগৈ চুমি। এখস্তক বোরা, পিছফালে

14

ৰজনীকান্ত বৰদলৈ।

19 December 2023
0
0
0

মনোমতী। মানহঁতে পমীলাকে আক মনোমতীকে একে লগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল। বাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা বতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জই পৰা মনত অলপ

15

কনক লাল বৰুৱা।

19 December 2023
0
0
0

আমাৰ শিল্প। সকলোরে মানিব লাগিব যে আমাৰ শিল্পব উন্নতি আগেয়ে অধিক আছিল। আমাৰ এতিয়ালৈকে থকা পুৰণি বস্তু বিলাক দেখিলেই সেই কথা ভালকৈ বুজিব পাৰি। শিলকটা, কাপোৰ বোৱা, অলঙ্কাৰ আৰু কাঁহি বাটি গঢ়া, হাতীৰ দাঁত

16

মানৱ জাতিৰ সভ্যতা।

20 December 2023
0
0
0

মানুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্রভেদ এই যে, মামুহ উন্নতিশীল জীর, কিন্তু পশুবোৰ তেনে নহয়। এই প্রভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্রেষ্ঠ। চৰায়ে তাৰ বাহ সাজে, বিববে তাৰ

17

হেমচন্দ্র গোস্বামী।

20 December 2023
0
0
0

অসমীয়া ভাষা। বর্তমান যুগ। ইংৰাজ বাজত্বৰ পাতনিবে পবা আজিলৈকে এই যুগেই অসমীয়া সাহিত্যৰ বর্তমান যুগ। ওপৰত উন্মুকিওরা হৈছে, অসমদেশ বহুত দিন মানহঁতৰ অত্যাচাৰৰ তলত আছিল। পিছে ১৮২৪ চনত মানহঁতে ইংৰাজৰ লগত য

18

স্তুতি |

22 December 2023
0
0
0

সকলোৰে পিতা তুমি, তুমি বিশ্বময়, সকলো দেশতে পূজ্য সকলো সময়, কি জ্ঞানী, অজ্ঞানী, সাধু সকলোরে সমে পূজিছে 'যিহোৱা' 'প্রভু' আদি নামে।  জ্ঞানৰ অতীত তুমি অনাদি কাৰণ, ৰাখিচা জ্ঞানক মোৰ কৰি আচ্ছাদন; এইমাত্র

19

কাকো আৰু হিয়া, নিবিলাও।

22 December 2023
0
0
0

সকলোৰে মুখে শুনো তাতে বহি বহি গুণো, মানুহে সচানে ভাল পায়? কত ভাবোঁ কত পাওঁ, কত ভাব হেকরাও, একো তাৰ অরধিকে নাই। (২) এদিন ভাবিলে। মনে, লম্ তত যেনেতেনে, ভালপোৱা আছে কি জগতে, এনে ভাবি এজনক সঁপি দিল

20

আনন্দ চন্দ্র আগৰৱালা।

23 December 2023
0
0
0

ব্রহ্মযাত্রীর ডায়েৰী। ভালেমান দিনৰ পৰা ব্ৰহ্মদেশ চাপৰ হেঁপাহ আছিল। অসমৰ বুৰঞ্জীয়ে সৈতে ব্রহ্মদেশৰ বৰ সম্বন্ধ আছে। যি কুক্ষণত প্রথমে ব্ৰহ্মদেশৰ মানুহে অসমত ভৰিৰ ধূলা পেলালেহি, সেই মূহুৰ্ত্তৰ পৰাই অসমত

21

পাণেসই।

24 December 2023
0
0
0

ভৰ দুপৰীয়া, নিমাত সঞ্চলো, নিমাত গছৰ পক্ষী। দুছাতি এছাতি, বতাহ বইছে, উড়াই কেতকী সখী। পাণেসই গাভক, ওলাই আহিছে, উলাহে নধৰে হিয়া মাহ সৰিয়হ, মেলি জুলি দিছে, ককাইদেৱৰ বিয়া। লাহৰী ভনীটী, সাদৰী ককাই, কতনো মনত

22

বেণুধৰ ৰাজখোৱা।

24 December 2023
0
0
0

সেউতী কিৰণ। (নাটক।) প্রথম অঙ্ক। প্রথম দর্শন-নীলকমলৰ ঘৰব এটা কোঠা: কিৰণৰ প্ৰবেশ। কিৰণ। সৌন্দৰ্য্যৰ জন্মভূমি স্বৰ্গৰ নিঝবা তাৰ অন্তঃসোঁত কেরল যথার্থ প্রেমিকে দেখিবলৈ পায়। কিন্তু তেতিয়া পৃথিবীৰ বিৰো

23

পদ্মনাথ বৰুৱা।

24 December 2023
0
0
0

ভানুমতী। ১ম অধ্যা। আপোন চিনাকী। মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল 'একেটি ৰত্ন। মোৰ জীৱনৰ আদি ছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ কব পাৰে।, সি কেরল এনাই-দেউতাৰ মুখৰ পৰা শুনা কথা হে। মোৰ দেউ

24

লীলা।

26 December 2023
0
0
0

নেজানো পূজাৰ বিধি, বন্দনাৰ বাঁতি, বানাপাণি বাঙ্গেবি! চৰণ তোমাৰ কিরূপে পূজিম হায়, বন্দিম কিমতে! বঙ্গোর'। অনন্ত কাল সঞ্জীবনি বীণা, গহান জোঁকাৰে তাৰ কঁপাই বনুনি, সৰায় কতন। ফুল কবি-ফুলনিত। সুৰ-বুজ। আদি' গ

25

'হলিৰাম মহন্ত।

26 December 2023
0
0
0

বিশ্ব-দর্পন। বলিদান। হিন্দুজাতি অতি প্রাচীন কালৰ সভ্যতাৰ সময়ত নির্বামিস ভোজী আছিল। প্রাণী হিংসা কৰা তেওঁলোকৰ স্বভার নাছিল। সময়ৰ স্বাভাবিক পৰিবৰ্ত্তনত লাহে লাহে শিক্ষিত যোগী সকলৰ বাহিৰে সকলোৱে মাছ মা

26

পূর্ণ কান্ত, দেৱ শৰ্ম্মা।

26 December 2023
1
0
0

নলচৰিত্র। দময়ন্তীৰ বিবাহ। নলক বৰিলা পতি দেখি ৰাজাগণ। যাৰ যেই দেশে গৈলা বিষাদিত মন ॥ ভীম নৰপতি ভৈলা আনন্দে মগন। বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ ॥ বাছ্যকবগণ ৰাজা ডাকিয়া আনিলা। বিহার সামগ্রী যত একত্র কৰিল

27

দুর্গাপ্রসাদ দত্ত।

26 December 2023
0
0
0

বৃষকেতু। (পৌৰাণিক নাট।) চতুর্থ দর্শন। ৰাজ আলি। বৃষকেতু আৰু কিছুমান লৰা। কৰ্ণ- (বহুত নিলগৰ পৰা চিঞৰি) মোৰ সোণাই বৃষকেতু, কত আছা, এইপিনে আহাঁ। মই অধমে তোমাক বিচাৰি ফুৰিছোঁ? বৃষকেতু- (লৰাবোৰক) মোক

---

এখন কিতাপ পড়ক