shabd-logo

কনক লাল বৰুৱা।

19 December 2023

0 দৰ্শন কৰা হৈছে 0

আমাৰ শিল্প।

সকলোরে মানিব লাগিব যে আমাৰ শিল্পব উন্নতি আগেয়ে অধিক আছিল। আমাৰ এতিয়ালৈকে থকা পুৰণি বস্তু বিলাক দেখিলেই সেই কথা ভালকৈ বুজিব পাৰি। শিলকটা, কাপোৰ বোৱা, অলঙ্কাৰ আৰু কাঁহি বাটি গঢ়া, হাতীৰ দাঁত বা পহুৰ শিক্ষৰ বন কৰা প্রভৃতি কামত, বুঢ়াবিলাক বহুত গুণে আমাতকৈ শ্রেষ্ঠ আছিল, সেই বিলাক গুণ লাহে লাহে আমাৰ গাৰ পৰা যাব লাগিছে, আমিহে তাক দেখিও দেখা নাই। অসম-বঙ্গা সকলৰ লগে লগে দের-মন্দির বিলাকত দেৱমুর্তি, শিলৰ খুটা, শিলৰ দুৱাৰ কটাও শেষ হল। সেই বিদ্যা এতিয়া আমাৰ মাজত লোপ হৈছে। আমাৰ দেশত আগেয়ে বহুত ভাল ভাল কাপোৰ শিয়া হৈছিল। ৰজা- ঘৰৰ আৰু ডাঙ্গৰীয়া সকলৰ কাপোৰ কানি জোলা বিলাকৰ দ্বাৰাই বোৱা হৈছিল। জোলাৰ বংশই এতিয়া ধ্বংস পালে। সিহঁতে কপাহী, পাট, মুগা, মেজাঙ্কবী, কেটকুৰি, এৰি প্রভৃতি কাপোৰ বৰ চিকণকৈ বৈছিল। তিমান মিহি কাপোৰ এতিয়া আমাৰ দেশও নাই। অসমীয়া পাট সকলোতকৈ শ্রেষ্ঠ, কিন্তু বঙ্গদেশব পৰা এতিয়া সস্তা ভাৱেৰে পাট আমদানি হোৱাত সেই কাপোৰৰ ব্যৱহাৰ একেবাৰে বন্ধ হল। মেজাঙ্কৰী আৰু কেটকুবিৰো দশা সেইয়ে। মুঠেই মুগা আৰু এৰি এই দুই কাপোৰ হে আমাৰ দেশত আজিলৈকে আছে। তাৰো অৱস্থা ভাল নহয়। তাৰ কাৰণ প্রথমতঃ-বহুত ঠাইত আমাৰ ডেকা সকলে মুগাৰ মেখলা গাৰুৰ গিলিপ বুলি এৰি দিছে। দ্বিতীয়ত-এই বিলাক কাপোৰ বহু মূলীয়া, বহুতে সেই বাবেই পাট মুগা কাপোৰ পিন্ধিব নোৱাৰে। এই দেখি মুগা এৰি কাপোৰ আগৰ সমান বোৱা নহয়। কিন্তু বহুতে এই কথা নেমানে। তেওঁলোকে কয় যে আগতকৈ মুগা বা এৰি কাপোৰ বোৱা একো কম হোরা নাই বৰং অধিক হৈছে। গবর্ণমেন্টেও তাকে কয়।

আমাৰ প্ৰজা সংখ্যা আগতকৈ এতিয়া অধিক হবও পাৰে। কিন্তু সেই বুলি অসমীয়া মানুহৰ সংখ্যা অধিক হোরা নাই। বঙ্গালী, হিন্দুস্থানী প্রভৃতি ভাৰতৰ আন আন ঠাইৰ মানুহ আহিছে অসমৰ প্ৰজা সংখ্যা অধিক কৰিছে। আৰু সেই বিলাকে অসমীয়া মুগা বা এৰি কাপোৰ কেতিয়াও ব্যৱহাৰ নকৰে। আগেয়ে আমাৰ পুৰুষ মানুহবিলাকেও মুগাৰ চুৰিয়া আৰু এৰিয়া কাপোৰ লৈছিল। এতিয়া সেই পৰিচ্ছদ বক্তৃতৰ নাই। পাঠক সকলে এতিয়া বুজি লওক, এই বিলাক কাপোৰ আগতকৈ সবহ বোরা হয়নে কম হয়। ক্রমে আৰু বোরা কমিছে আহিব। অলপৰ পৰা ইংৰাজ বেপাৰী কিছুমানে আমাৰ দেশৰ পৰা এবি (cocoon) লৈ গই কলত কাপোৰ বই এই দেশলৈ আনিছে। বোধ কৰে। বহুতে সেই কাপোৰ দেখা নাই। সি বৰ চিকণ আৰু মিহি হৈছে; কলত তৈয়াৰি হোৱা বাবে বেচো কম হব। তেতিয়া অসমীয়া মানুহে সেই কাপোৰ সন্তাত নিকিনি আৰু আমাৰ দেশত বোরা কাপোৰ লবনে? এতিয়া পাঁচ সেব এৰিৰ বেচ যদি ১০ টাকা হয়, সেই পাঁচসেৰ এবিৰ সুতা কাটি কাপোৰ বই বেচিলে ১২, টকাৰ ওপৰ নহয়। এনে স্থলত অসমীয়া মানুহে এবি নেবেচি কাপোৰ বেচিবলৈ ইচ্ছা কৰিব কিয়? সেই দেখিএই কও মুগা আৰু এৰি কাপোৰৰ অৱস্থা ভাল নহয়। কপাহি কাপোৰৰ ভিতবত আছে খনীয়া, ছকঠীয়া, ঢেলং আৰু গামোছা, পুরুষৰ মাজৰ পৰা খনীয়া কাপোৰ গুছি বঙ্গালী বেপাৰ হল। এতিয়াও ভাল ভাল গুণাকটা খনীয়া আৰু চেলেং আছে কিন্তু আমাৰ মানুহৰ উৎসাহ নোহোৱাৰ বাবেই সেই বিলাকৰ উন্নতি হব পৰা নাই।

বহুতে আমাৰ অলঙ্কাৰ বিলাক দেখিবলৈ শুরনী নহয় আৰু বৰ গধুৰ বুলি আপত্তি কবে, ই কথা একেবাৰে মিছা নহয়। ঢোল যেন বিবি, আৰু খামুচীয়া কেকএই তাৰ প্রমান। কিন্তু সেই বুলি এটাইবিলাক অলঙ্কাৰ বেয়া নহয়। আমাৰ কিছুমান গহনা দেখি কোনেও নিন্দা কৰিব নোৱাৰে এই বিলাক গহনাও আগেয়ে যিমান ভালকৈ গড়া হইছিল এতিয়া তেনেকৈ নহয়। সেইদেখি আমাৰ মানুহৰ পুৰণি নিভাজ গহনালৈ ইমান হেঁপাহ।

আগেয়ে আমাৰ দেশত হাতীৰ দাঁত আৰু শিশুৰ কাম সুন্দৰ ৰূপে কৰা হৈছিল খৰমৰ চুলা, কাকই, ফনি, কাণ খজুরা প্রভৃতি কামএতিয়াও জোৰহাত আৰু বৰপেটাত বিশেষকৈ কৰা হয়। কিন্তু সেই বিষয়ে কোনেও শিল্পীবিলাকক উৎসাহ নিদিয়ে আৰু সেইবিলাক বস্তুৰ প্ৰতি মানুহৰ আদৰ নোহোৱা হৈছে। গড়ৰ খৰগৰ কোশা আজি কালি খুব কম পোরা যায়। কষ্ণসাৰ পহুৰ শিঙ্গৰ লাখুটি আজি কালি প্রায় নোহোরা হলহি। কাঁহি বাটা লোটা চৰীয়া প্রভৃতি ঘকরা বস্তুৰ গঢ়ন বৰ সামান্য রূপে হয়। অসমত এই বিলাক গঢ়োৱা ঠাই বিশেষ কৈ বহা আৰু সৰ্থেবাৰি? কাঠৰ কামো আগতকৈ এতিয়া বেয়া হৈছে। এতিয়া আমাৰ দেশত যিমান বাড়ৈ আছে সকলো বিলাকেই বঙ্গালীব আহি লৈ শিকা; আগৰ পঢ়িদোলা বা চালপীৰা বিলাক এতিয়াৰ বাড়ৈয়ে সাজিব নোরাবে।

এই বিলাক কামৰ আগেয়ে আমাৰ দেশত বিশেষ উন্নতি নাছিল। কিন্তু আগেয়ে যি যি ফেৰা আছিল, এতিয়া সিও নাইকিয়া হইছে। ভাল আছি লৈ আমাৰ মানুহে শিল্পব কাম যে নিশিকেই আগৰ যি আছিল তাকো পাহৰিছে। উইলীয়েমস্থান চাহাবে অনুগ্রহ কৰি আমাৰ উন্নতিৰ অৰ্থে জোৰহাটত এটি শিল্প বিজ্ঞালয় পাতি দিছে, কিন্তু গবর্ণমেন্টে বব দুঃখেবে প্রকাশ কৰিছে যে, শিল্প শিক্ষাত অসমীয়াৰ সিমান উৎসাহ নথকাৰ বাবে বিদ্যালয়টিয়ে উন্নতি কৰিব পৰা নাই। ই কম দুখৰ কথা নহয়। আমাৰ মানুহে মিছা কথাত উৎসাহু আৰু সময়ৰ অন্যায় খৰচ কৰে, কিন্তু এনেকুৱা লাগতিয়াল শিক্ষাটিলৈ তেওঁলোকে আওকাণ কবি আছে। আমাৰ এৰিয়া, মুগা কাপোৰ তল পৰিল আৰু তাৰ ঠাই বিলাতি কাপোৰে আছি অধিকাৰ কৰিলে। বিলাতি বেপাৰীক আমি আমাৰ জাৰ গুচাবব নিমিত্তে কিমান টকা দিছো তাক এতিয়াও ভাবি চোরা নাই। ইমান দ কথাও কাবো মনত সোমোৱা নাই, ই কম আচৰিত কথা নহয়। আমাৰ ডেকা সকলে আকৌ ঘৈনীয়েকহঁতক বঙ্গালী সাজ পিন্ধাবলৈ ভাল পায় কিন্তু ইফালে বঙ্গালী সাজ পিন্ধালে যে বিলাতি কাপোৰৰ আৱশ্যক হব, আক বিলাতি কাপোৰ কিনিলে যে দেশৰ টকা ওলাই সাত সাগৰ তেৰ নদী পাৰ হৈ যাব তাক কোনে ভাবিছে? পুৰুষৰ সাজৰ বাবেই বিলাতি বেপাৰীক ধন দি তত নেপাও তিকতাৰ সাজৰ বাবেও মাঞ্চেষ্টাৰৰ ফাললৈ গলে দেখোঁ আমাৰ মানুহ সম্বল শূন্য হব। বহুতে আপত্তি কৰে যে মুগা এৰি কাপোৰৰ বেচ বিলাতি কাপোৰব তিনি গুণ, কিন্তু তেওঁলোকে ভাবি নেচায়, যে অসমীয়া কাপোৰৰ বাবে ধন ভগন কবিলে তাক অসমীয়াইহে পাব। কিন্তু বিলাতি কাপোবৰ বাবে যি ধন দিয়া যায় সি আৰু এই দেশত নেথাকে। আক তেও লোকে অনাহক কথাত কত টকা খৰচ কৰে, কিন্তু অসমীয়া কাপোৰৰ বাবে এটি টকা সবহ দিবলৈ গলেহে গাত নসহে। 'দেশীয় আৰু বিদেশা সাজ' বোল। প্রবন্ধৰ শেহত "আসাম বন্ধুব" পত্র প্রেবকে এই যুক্তিৰ ভালরূপে উত্তৰ দিছিল বোলে "আঞ্জাত নিদিলে লোণ পিটিকাত যায় ঢাবি গুণ"। আমাৰ মানুহে এতিয়া বোম্বাইৰ দৰে কল কারখানা খুলি বিদেশী কাপোৰ এই দেশৰ পৰা আঁতৰাব নোরাবে হয়, কিন্তু তেওঁলোকে যদি চেস্টা কৰি আমাৰ দেশজাত শিল্পৰ উন্নতি কৰে আৰু বিদেশী কাপোৰ ব্যৱহাৰ নকৰো বুলি ধৰে তেনে হলে দেশৰ কিমান উপকার হয় ভাবি চাওক। বপ্তানি করা দেশজাত বস্তুৰ পৰা ধন আমি নাপাওএই, ইয়াৰ ওপৰত আকৌ বিদেশী বেপাৰীক বিদেশী কাপোৰৰ বাবে ইমান ধন দিব লাগে! দেশব শিল্পৰ ধ্বংস ভব লগীয়া হলহি, কিন্তু কোনোবাই ইয়াৰ প্ৰতিকাৰৰ চেষ্টা কৰিছেনে? কোনোবাই ভাবিছেনে কেনেকৈ দেশৰ পৰা বিলাতি বস্তুৰ ব্যৱহাৰ গুচাব পৰা যায়।

আমার বঙ্গ। ইংবাজ। সেইদেখি বিলাতি বস্তুব আমদানি কমাবলৈ আমাক সেই বজায় কেতিয়াও সহায়তা নকবে। এতেকে আমি নিজে প্রতিজ্ঞাবন্ধ হৈ নিজ উৎসাহ আক সাহব ওপৰত ভব দি যেতিয়ালৈকে বিদেশী বস্তুৰ ব্যৱহাৰ ওচাবলৈ আৰু আমাৰ শিল্পব বিস্তাব কৰিবলৈ যত্ন নকৰো তেতিয়ালৈকে দেশব মঙ্গল নাই। এজন বা দুজনব উৎসাহৰ দ্বাৰাই হব নোৱাৰে। পৃথিবীত যিমান ডাঙ্গৰ কামব অনুষ্ঠান গেরা দেখা গৈচে সকলো মুঠবন্ধাবেহে। আমিও মূৰপুতি এই কামত নধবিলে কৃতকার্য হব নোৱাৰিম।

সহানুভূতি।

লোকৰ মনব ভাবেবে আমাৰ মনৰ ভাবৰ ঐকাই সহানুভূতিৰ মূল। আমাৰ চাৰিও ফালে যতে আমার মনব ভাবব প্রতিবিম্ব দেখোঁ, তাবে সৈতে আমি মিলোঁ, তাকে আমি সহানুভূতি দেখুৱাও। ইয়াকে কৰা মানুহৰ লক্ষণ।

এই সহানুভূতিব বলত মানুহৰ সমাজ স্থাপিত হৈছে, পৰিয়ালৰ মাজত মিল আক একে জাতিৰ মানুহৰ মাজত ঐকাভার। অকল যে আমি আনলৈ সহানুভূতি দেখুৱাবলৈকে ব্যা এনে নহয়। আমাৰ অন্তৰে আনৰ সহানুভূতি সদাই বিচাৰে। যেয়ে আমাক সেই সহানুভূতি দেগরাই তাকে ভাল পাওঁ, সেয়ে আমাৰ বন্ধু, যেয়ে নেদেপুরায়, তাকে ভাল নেপাও, তাবে সৈতেই আমার মত ভেদ আৰু বিবাদ।

নিচেই কম বয়সৰ পৰাই মানুহব মনত সহানুভূতিৰ গুটি সিঁচা হয়। কেচুরা লৰাই লোকে হাঁহিলে হাঁহা, আক লোকে কান্দিব খুজিলে ফেকুৰিবলৈ ধৰাই তাৰ প্রথমারস্থা। পাছত ক্রমে এই বৃত্তিৰ বিকাশ হয়। বহুত মানুহে একে ঠাইতে গোটখাই একেটা ভাব প্রকাশ কৰিলে আমাৰ মনেও সেই ভাবকে প্রকাশ কবে। বেজাৰকৈ মনমাৰি থকা লৰা এটিক ৰঙ্গিয়াল গান লৰা কিছুমানৰ মাজলৈ আনিলে, তাৰ মনৰ পৰা বেজাৰ আঁতৰি যায়, সি তেতিয়া বঙ্গিয়াল লৰাবিলাকক সহানুভূতি দেখুৱাই। ইয়াকে "contagion of feeling" বোলে। সহানুভূতিৰ ই প্রথম অৱস্থা।

কিন্তু আনৰ ভাবোবে আমাৰ ভাব মিলিলেই সহানুভূতি সম্পূর্ণ নহয়। লোকৰ মনত কি হব লাগে তাক ভালকৈ চাবলৈ আমাৰ মনেই দাপোণৰ নিচিনা। কোন সময়ত আমাৰ মনত কোন ভাবৰ উদয় হয়, তাক সেই সময়ৰ আমাৰ মনৰ ভাবেৰে সৈতে বিজাই জানিব পাৰে।। কথাটো অলপ বিশদৰূপে বুজোরা যাওক। যেনে কোনো মানুহ এটি দুখত পৰিলে তেওঁৰ ভাব কেনে হয়, তাবে সৈতে মিলালেই সহজে বুজিব পাৰোঁ, সেই দেখি সেই মানুহটিৰ দুখত আমি দুখ অনুভব কৰিব পাৰে। আৰু সুখত সুখ অনুভব কৰে।। লোকৰ দুখ বা শুখ দেখি তাক অনুভৱ কৰিলেই, সেই অনুসাৰে কাৰ্য্য কৰিবলৈ আমাৰ ইচ্ছা হয়; অর্থাৎ দুখ দেখিলে সেই দুখ গুচাবলৈ যত্ন কৰিবলৈ আৰু সুখ দেখিলে তাক সংবর্দ্ধন কৰিবলৈ আমাৰ প্রবৃত্তি জন্মে। সেয়েই সহানুভূতির সম্পূর্ণারস্থা। দুখীয়াৰ দুখ দেখি আমাৰ যি সহানুভূতি হয় তাৰে পূর্ণাৱস্থাৰ নাম দাক্ষিণ্যভাব (benevolence)।

সহানুভূতিপূর্ণ মন কেনে সাঁচত ঢলা হব লাগে? প্রথমত, আমাৰ মন এনেকুর। হব লাগে যেন লোকৰ অলপ সুখ বা দুখ দেখিলেই আমাৰ মনও তুল্য- ভাবযুক্ত হয়। দ্বিতীয়ত, আমি লোকৰ মুখ বা আকৃতি দেখিয়েই তেও'লোকৰ মনৰ ভাব কেনে তাক বুজিব পাৰিব লাগে। শেহত লোকৰ কোনো অৱস্থাত আমাৰ মনৰ ভাৱ কেনে হব পাৰে তাক কল্পনা কৰিব পৰা শক্তি থাকিব লাগে। মনত বেঁকা ভাব থকা মানুহৰ সহানুভূতি কম। সেই দেখি হিংসুক মানুহে লোকক সহানুভূতি দেখুৱাব নোৱাৰে।

লোকৰ সুখত আমাৰ যি সহানুভূতি হয়, দুখত তাতকৈ অনেক অংশে বেছি হয়। যি সহানুভূতি দেখুরাই তাতকৈ যাক দেখুউরা হয়, তাৰ মনত বেছি বং লাগে। উমলি থকা সৰু লৰাটিৰ ধেমালিত ডাঙ্গবে যোগ দিলে বা আন কোনো বকমে তাৰ ধেমালিত সহানুভূতি দেখুৱালে, সি আনন্দত বিভোৰ হয়; দুখীয়াৰ দুখত আনে সহানুভূতি দেখুৱালে তাৰ দুখ কমে। সহানুভূতি পালে অকল আমি বং পাওঁ এনে নহয়, সহানুভূতিৰ দ্বাৰাই আমাৰ ধাৰণাবিলাক দৃঢ়ীভূত হয়। এটা লৰাই কোনো এটা কামত কৃতকাৰ্য্য হব পাৰিলে নিজৰ শক্তিৰ সি যি ধাৰণা কৰিব পাৰিব, আন মানুহে তাক কৃতকার্য্য হোরা দেখি প্রশংসা কৰিলে, সেই ধাৰণা আৰু গধুৰ হব। 

পৰস্পৰ সহানুভূতিৰ এই এটা লক্ষণ যে, যাক আমি সহানুভূতি দেখুৱাওঁ সি আমাক ঘুৰি সহানুভূতি নেদেখুৱালে অৰ প্রতি আমাৰ আক সহানুভূতি নেথাকে। সেই বাবেই, যাক আমি আপোন-পেটীয়া মানুহ বোলে। তেনে মানুহে কেতিয়াও লোকৰ পৰা সহানুভূতিলৈ আশ। কৰিব নোৱাৰে। পৰস্পৰ সহানুভূতি বিশেষকৈ দুবিধ। প্রথমত, আমাৰ বন্ধু বান্ধৱৰ দুখ সুখত সহানুভূতি প্রকাশ কৰে।। দ্বিতীয়ত, আমি এটা বা দুটাৰ প্ৰতি সহানুভূতি নেদেখুৱাই সহানুভূতির ক্ষেত্র বহল কৰোঁ। কোনো জাতীয় অনুষ্ঠান এটিৰ প্রতি আমাব যি সহানুভূতি হয়, সেইয়ে এই বিধৰ।

এতিয়া কেনে অস্থাত আমাৰ সহানুভূতি জন্মিব পাবে তাক দেখা যাওক। পৰস্পৰ সহানুভূতি হব ল্যাগলে, দুয়োপক্ষৰ মেজাজ, মনৰ ভাবব ঐক্য হব লাগে, আৰু দুয়োপক্ষৰ মাজত ঘনিষ্ঠতা হব লাগে। সহানুভূতিতকৈ দয়া (Pity) অলপ বেছি। দুখত পবা, নিঃসহায় মানুহলৈ আমাৰ কোমল, মৰম ভাব এটি ওপজে, সেয়ে দয়া। দয়া সহানুভূতিৰ এবিধ বলী অৱস্থা, অর্থাৎ সহাপুভূতি বাড়িলে বা গাঢ় হলে দয়াত পৰিণত হয়। এনেকুৱা সহানুভূতি দেখুওৱাত সদায় আনন্দর চিন থাকে; সেই দেখিয়েই কোনো কোনো মনোবিজ্ঞানবিৎ পণ্ডিতে Luxary of Pityৰ কথা উল্লেখ কৰে।

আমি আগেয়ে কৈছো, যে কম বয়সব পৰাই লবাৰ মনত সহানুভূতিৰ উদ্রেক ২য়। ডাৰউইনে কৈছে, তেওৰ চমহীয়া লৰা এটিয়ে, তাৰ ধাইজনীয়ে কান্দিব পুঞ্জিলেই ফেকুৰিবলৈ ধৰে। ক্রমে ধিমান অভিজ্ঞতা বাড়ে সিমান লৰাৰ সহানুভূতির বিকাশ হয়। লোকৰ দুখ দেখি বা দুখৰ কথা শুনি আমাৰ প্রথমেই দয়া জন্মে। সক লৰাব আগত আন কোনো মানুহৰ কষ্টৰ কথা কলে সি সদায় বেজবব চিন দেখুৱাই। লবাই সোনকালে লোকৰ দুখ বুজিব পৰিলেও আনৰ সুখ অলপ ডাঙ্গৰ হলেহে বুজিব পাৰে। যিমান লৰাই দয়া দেখুৱাবলৈ ধৰে, সিমান ক্রমে পাছত সি লোকৰ সুখৰ কথা ধাৰণা কৰিব পাৰে। কাৰণ, দয়া হলে সদায় আনৰ দুখ গুচি সুখ হোরাছে দেখিবলৈ আমি বাঞ্ছা কৰো। প্ৰথমতে নিজৰ ঘৰত হে লৰাৰ সহানুভূতিৰ কাম কৰে। পাছত তাৰ যিমান অভিজ্ঞতা, বুদ্ধি আৰু অনুভৱ কৰিব পৰা শক্তি বাড়ে সিমান সহানুভূতিৰ ক্ষেত্র বহলহৈ যায়। যি লৰাই ঘবব ভাই ভনা আৰু মাক বাপেককহে সহানুভূতি দেখুৱাব জানিছিল, পাছত সি বাটকরা মগনীয়া আৰু দুখীয়া বন কৰ। মানুহৰ প্ৰতিও সহানুভূতি দেখুৱাবলৈ ধৰে। শেষত ক্রমে সহানুভূতিৰ বিকাশ হৈ তাৰ শেষ সম্পূর্ণারস্থা Benevolence পৰিণত হয়।

লৰাৰ শিক্ষাত সহানুভূতিৰ বহুত ব্যৱহাৰ দিখিবলৈ পোরা যায়। পঢ়াশালিত ইটোসিটোৰ মাজত সহানুভূতি জন্মোরা শিক্ষবৰ এটি প্রধান কাম। তাব নিমিত্তে শিক্ষকে নিজে লৰাবিলাকক সহানুভূতি দেখুৱাব লাগে, তেকে সিহঁতে আনকো পৰস্পৰ সহানুভূতি দেখুৱাবলৈ শিকে। জ্ঞানৰ অনুশীলন আক চৰিত্ৰ গঠন কৰাত সহানুভূতিৰ বিশেষ সম্বন্ধ আছে। সেই দেখি আমাৰ মন সহানুভূতি পূর্ণ হব লাগে।

প্রাণাতত্ত্ব।

বহুতৰ বিশ্বাস এই যে, মানুহে বিমান বিজ্ঞানৰ উন্নতি সাধন কবে, সিমান স্বভাৱৰ কাৰ্য্য-কলাপবিলাক দেখি তাৰ উৎপত্তিৰ কাৰণ স্থিৰ কৰিব পাৰি, মানুহৰ বোধগম্য নোহোরা ঈশ্বৰব অসীম ক্ষমতার প্রতি আস্থা কমি আহে, সিমান মানুহে ঈশ্বৰৰ সমকক্ষ হব পাৰিব বুলি আশা কবে। এই বিশ্বাসটা অমূলক, কাৰণ ডাম্বব ডাঙ্গৰ বিজ্ঞানবিৎ পণ্ডিতসকলেই কৈছে যে যিমান বিজ্ঞানৰ বাটত আগ বড়া যায় সিমান পৰমেশ্বৰ সন্তি কৌশল বুজিব পাৰি, তেওঁব অসাধাৰণ বুদ্ধি আস্ক ক্ষমতাব চিনাকি পোরা যায় আৰু তেওঁৰ তুলনাত আমি যে কিমান নিরুস্ট তাকো সুন্দৰকৈ বুজা যায়।

বৈজ্ঞানিক কল্পনাৰ বলত আমি জড়জগতৰ পৰিবৰ্ত্তনবিলাকৰ আদি অন্ত বিচাবি উলিয়াইছো। এই কল্পনাৰ সহায়তে আমি পৃথিবী, চন্দ্র, সূর্য্য প্রভৃতি সৌৰজগতব গ্রহবিলাকৰ প্রথমাৱস্থা কেনে আছিল তাক জানিব পাৰিছো। অকল কল্পনাব ওপৰতে আমার বৈজ্ঞানিক শিক্ষা হোরা নাই। উন্নতিব সোঁতত নিতেন ন বৈজ্ঞানিক যন্ত্রবিলাকৰ আৱিস্কাৰ হব লাগিছে। সেই যন্ত্রবিলাকৰ কাৰ্য্যৰ দ্বাৰাই আমি পণ্ডিতসকলৰ অনুমানবোৰৰ সত্যতা প্রমান কবি চাইছো। এই এটাইবিলাক সাধাৰণ কথা। আনগ্রহবিলাকৰ কথা এৰি অকল পৃথিবী সম্বন্ধীয় কথাবোৰ আলচ কৰিয়েই তধা মানিব লাগে।

পৃথিবীৰ বিববণ সম্পর্কে এটি ঘাই প্রশ্ন এই যে, পৃথিবীত প্ৰাণীৰ সৃষ্টি কৰ পৰা হল? জড়বস্তুব যোগত প্ৰাণৰ উদ্ভৱ হৈছে নে, ই এক পৰমেশ্বৰৰ স্বস্তি? এই কথা বৰ গুরু আৰু ই আমাৰ আলোচনাৰ ভিতৰৰ নহয়। প্রাণ কি বস্তু, প্রাণী মাত্ৰৰে সেই সম্বন্ধে এটা মুঠ জ্ঞান আছে, সেই জ্ঞানটি কেনে তাক ভাষাবে বিশদৰূপে বুজোৱা টান। প্রত্যেক জীৱৰ এই সম্বন্ধে যি আত্ম-প্রত্যয় আছে সেয়ে যথেষ্ট। আমি মুঠতে ইয়াকে জানো যে জড়বস্তুৰ লগত প্রাণ লাগি প্রাণী হৈছে।

প্ৰাণীৰ উৎপত্তি আৰু পৰিবৰ্ত্তনৰ গতি নির্ণয়ৰ আবিষ্কাৰ আধুনিক বৈজ্ঞানিক জগতৰ এটি বৰ ডাঙ্গৰ ঘটনা। যেরে সেয়ে দেখিছে যে পৃথিবীত মানুহ, বান্দব, ঘোঁৰা, হাতী, গরু, মহ, চৰাই প্রভৃতি নানা শ্রেণীৰ স্থলচৰ প্রাণী আক মাছ, কাচ প্রভৃতি জলচৰ প্ৰাণী আছে। তাত বাজেও গছ, লতা ইত্যাদি উদ্ভিজ প্রাণীও পৃথিবীত আছে। এই এটাই বিলাকৰ যে প্ৰথমতে একে উৎপত্তি ঠাই, এনেকুরা মেৰ-পাক-খোর। প্রাণী-মুত্রব যে আদিতে একেডালি মাথোন আঁত আছিল, তাক ভাবিলেও আচৰিত হব লাগে। সুপ্রসিদ্ধ পণ্ডিত ডাৰউইনে প্রথমতে এই আচৰিত সত্য উলিয়াই সাধাৰণৰ চকুৰ আগত ডাঙ্গি ধবে।

জারবিলাকৰ মাজত প্ৰাণৰ পৰিমাণৰ তাৰতম্য থকাব বাবে বেলেগ বেলেগ শ্রেণীত প্রাণীবিলাকক ভাগ কৰিব পাৰি। মাতকৈ তাঁহব প্রাণৰ পৰিমাণ বেচি, বান্দৰতকৈ মানুহৰ প্ৰাণৰ পৰিমাণ বোর্ড, সেই দেখি জীব-চংখলাত মাছ হাহব আক বান্দৰ মানুহৰ তলৰ খাপত থাকিব। জার জখলাত সকলোতকৈ ওখ ঠাই সম্প্রতি মানুহেই অধিকাৰ কৰিছে। পাছত যে কালৰ গতিত নানা পরিবর্ত্তন হৈ এই জখলাৰ অৱস্থা কেনেকৈ লবে তাক কোনে কব পাবে? এই জীর-জখলাব নিচেই তলব খাপত প্রটোপ্লেজম বা প্রাণপঙ্ক নামে এবিধ প্রাণী আছে। সমুদ্রত ইহঁতৰ উৎপত্তি হয়। সাধাৰণত দেখিলে ইতিব যে প্রাণ আছে তাক বুজা টান, ইহঁতৰ কোনো অঙ্গ বা ইন্দ্রিয় নাই ডোখৰ ডোখৰকৈ কাটি দিলেও প্রত্যেক কটা অংশই একোটা বেলেগ প্রটোপ্লেক্সন হৈ উঠে, আকৌ কোডোখৰ একে লগ কৰি দিলে সেই এটাইবোৰ মিলি এটা জাঁরব নিচিনা কাম কবে। কোনো বিশেষ কোষৰ মাজত এই প্রটোপ্লেজম উৎপত্তি হলে তেতিয়া নিদ্দিষ্ট আকাবব এটা জীরব সৃষ্টি হয় তেতিয়া সেই প্রাণীক জাঁর-জখলাব নীচেই তলব খাপৰ ওপৰত ঠাই দিয়া হয়। এনেকুর। প্রথম নির্দ্দিষ্ট আকাৰৰ প্রাণীবিলাকৰ অঙ্গ প্রত্যঙ্গৰ সিমান ভেদা- ভেদ নেথাকে। জোক কেচু প্রায় এই শ্রেণীৰ জার। কোনো বস্তু ধৰিব লাগিলে সিহঁতে গাটোৰ এচোরা দীঘলকৈ মেলি দিয়ে বা কোনো বিপদব আশঙ্কা হলে তেতিয়াই গোটেই গাটো কোঁচাই সুৰণীয়া বাতলু গুটিৰ দবে হয়। কোনো আহাৰ খাব লাগিলে আহাবায় বস্তুটিৰ চাৰিও ফালে মেবাই ধৰি তাৰ সাৰ শুহি পেলায়।

এই প্রটোয়েজম অৱস্থার পবা উন্নতি হৈয়েই পৃথিবীত নানা জার জন্তু সৃষ্টি হৈছে। প্রকৃতিৰ প্ৰণালীৰ দ্বাৰাই জীৱবিলাকৰ আদিতে একেটা উৎপত্তির ঠাই হৈয়ো, অনন্ত কালৰ গতিত নানা শ্রেণী ভেদ হইছে। প্রত্যেক শ্রেণীৰ জীৱ, প্রাণী জগতৰ ক্রমিক উন্নতিৰ প্রত্যেক অরস্থাব একোটা গঢ় মাথোন। এই ক্রমিক উন্নতি এটা বৰ প্রাকৃতিক বিবৰ্ত্তনৰ দ্বাৰাই সধা হৈছে, আৰু সেই বিবর্তনব এতিয়ালৈকে শেষ ফল মানুহব সৃষ্টি। এই ক্রমোন্নতিৰ সাধক, পৰিবৰ্ত্তন সদাই চলি আছে আৰু ভবিষ্যতলৈও সেই দৰেই চলি থাকিব।

এতিয়া এনে প্রশ্ন হব পাবে যে প্রকৃতিৰ কি প্রণালী অনুসাৰে জীৱজগতত শ্রেণীভেদ হৈছে? এই প্রণালী এই বিলাক নিয়মৰ দ্বাৰাই গড়া। যেনে (১) বৃদ্ধি আৰু পুনকৎপত্তি (২) পুরুষানুক্রমিক গুণাধিকাৰ, (৩) বহির্জগতৰ অৱস্থাৰ আৰু ব্যৱহাৰ অব্যৱহাৰব তাবতম্য (৪) জীৱসমূহৰ ঘনবৃদ্ধি, সিহঁতৰ মাজত জীৱন ৰক্ষাব নিমিত্তে যুজ আক তাব ফল স্বরূপ প্রাকৃতিক নিৰ্বাচনৰ দ্বাৰাই হোৱা জীৱচৰিত্ৰৰ প্রকৃতি ভেদ আৰু উন্নতিহীন জারব লোপ। এই কেইটা নিয়ম বৰ গুৰু আৰু বুজিবলৈ বৰ টান, সেই দেখি এই বিষয় অলপ বিশদৰূপে বুজাবলৈ চেষ্টা কব। যাওক।

বুদ্ধি আৰু পুনকৎপত্তি এই ছুটা, গুণ সকলো জীৱৰেই আছে। সময়ৰ গতিত মানুহ, গরু, ঘোঁৰা, চৰাই, তৃণ সকলো বাড়ে আৰু সিহঁতব সন্ততি উৎপাদন কবি জীরসংখ্যা বড়ায়। এই দুটা গুণ নখকা হলে জগতত প্রাণী নাথাকিলহেঁতেন।

দ্বিতীয় নিয়মটি বৰ আৱশ্যকীয়। পৃথিবীব সকলো প্রকাৰ জাঁরই নিজ নিজ গুণ নিজ সন্তান সন্ততিবিলাকক দি যায়। সকলোরেই দেখিছে যে বহুত মানুহৰ কিছুমান ৰোগ সিহঁতৰ পূৰ্ববপুরুষ বিলাকৰ পৰা অধিকাৰ কৰা। ডাক্তৰী শাস্ত্রত এনেকুৱা বহুত ঘটনাৰ কথা উল্লেখ কৰা আছে। উদাহৰণ স্বৰূপে এটা ঘটনাব উল্লেখ কৰি এই কথাব সত্যতা দেগুউরা যাওক। এসময়ত অষ্ট্রেলীয়া দেশৰ এজন চহা মানুহে তাৰ ভেড়া পোৱালি এটাৰ ঠেং কেইটা আন আন তাৰ সমনীয়া পোৱালিৰ ঠেঙ্গতকৈ ছুটি যেন দেখিলে। বুজিলে যে সেই ভেড়া পোৱালিটি ডাঙ্গৰ চকোৱা পাৰ হৈ পলাব নোৱাৰিব। এইটো বৰ সুবিধা যেন দেখি সেই ভেড়াব যিবিলাক পোৱালিৰ সেই দৰে ঠেং ছুটি হল সেই বিলাকক বেলেগে থৈ সিহঁতৰ সন্ততি জন্মোরালে। তেতিয়া সেই সন্ততিবিলাকৰ ঠেং ছুটি হোৱা আৰু স্পষ্টকৈ দেখা গল। এইদবে কেবাবাৰে। ছুটি ঠেঙ্গীয়া ভেড়াৰ যোৰ মিলাই দিয়াৰ পৰা এবিধ নতুন জাতৰ ভেড়া সৃষ্টি হল। আগৰ পুৰুষৰ গুণবিলাক তাৰ পাছৰ পুৰুযে অধিকাৰ কৰাত কিছুমান নিয়মে কাম কৰে যেনে, মটা জীৱটিৰ বিশেষত্ব সাধাৰণত মটা সন্ততিয়ে অধিকাৰ কৰে, মাইকীৰ বিশেষত্ব মাইকী সন্ততিয়ে অধিকাৰ কৰে। আকৌ দেখা যায় যে এটা জীৱৰ জীৱনৰ যি সময়ত এটা বিশেষত্ব অর্জ্জা হৈছিল তাৰ সন্ততিবিলাকেও পাচত জীৱনৰ ঠিক তেনে সময়তে সেই বিশেষত্ব অধিকাৰ কৰে। সেই নিয়মে কোনো এক শ্রেণীৰ জীৱবিলাকৰ বুৰঞ্জীৰ আদিতে অৰ্জ্জা গুণবিলাকৰ চিন এই শ্রেণীৰ জীৱৰ প্রতেক পুকৰ সন্ততিবোৰৰ জীৱনৰ প্রথম ভাগতে দেখিবলৈ পোরা যায়, শেষ ভাগত অর্জ্জা গুণ বা বিশেষত্ববিলাক জীৱনৰ পাচ ভাগত হে ফুটি ওলায়।

এতিয়া বহির্জগতৰ বেলেগ বেলেগ অৱস্থাৰ বাবে আৰু অভ্যাস, ব্যৱহাৰ আৰু অব্যৱহাৰৰ দ্বাৰাই জীৱবিলাকৰ কি নিয়মে লক্ষণ ভেদ হব লাগিছে তাক বিচাৰ কবি চোরা যাওক। বহির্জগতৰ অৱস্থা বুলিলে বহুত কথা বুজাই; ইয়াত আমি জল, বায়ু, ঠাইৰ প্ৰাকৃতিক অৱস্থা প্রভৃতিৰ কথা উল্লেখ কৰিম। কোনো ঠাই বৰ গৰম বা শীত প্রধান হলে, সেই ঠাইব জীৱবিলাকো জল বায়ুৰ সেই অৱস্থাৰ উপযোগী হব লাগিব, তেহে সিহঁত তিষ্ঠিব পাৰিব। জল বায়ুব অৱস্থাৰ ওপৰত উদ্ভিজ বস্তুৰ অৱস্থাই যিমনে নির্ভৰ কৰে জন্তুৰ অৱস্থাই যিমান নকৰে। প্রাণীতত্ত্ববিৎ পণ্ডিত সকলে দেখিচে যে ঠাইৰ গুণৰ তাবতমাব পৰা জীরবিলাকৰ মাজত প্রভেদ দেখা যায়। মহাদেশবিলাকত যিবিলাক চৰাই আছে সেই বিলাকৰ বৰণ দ্বীপবোৰত থকা চৰাইৰ বৰণতকৈ বহুত উজ্জ্বল। সাগৰৰ দাঁতিত থকা গছগছনিৰ পাতবিলাক সাধাবনত বেছি ডাঠ দেখা যায়। এনেকুৱা প্রভেদৰ বহুত উদাহৰণ আছে। তাৰ এটি উদাহৰণ দেখুৱালেই হব। ঘৰচীয়া হাঁহুৰ ঠেঙ্গৰ গধুৰভাতকৈ বনৰীয়া হাঁহৰ ঠেঙ্গব গধুৰতা বহুত কম। তাৰ কাৰণ এই যে ঘৰচীয়া হাঁহবিলাকে ঠেঙ্গেৰেই সদাই কাম কৰে, লৰি-চৰি ফুৰিব লাগিলে খোজ কাঢ়ে, কিন্তু বনবীয়া হাঁহুবিলাকে প্রায় সদাই উড়ি ডুবে, সেই দেখি সিহঁতৰ ঠেঙ্গৰ কাম সিমান নহয়। এই কাৰণৰ নিমিত্তেই ঘৰচীয়া হাঁহৰ ঠেং বনৰীয়া হাঁহৰ ঠেঙ্গতকৈ গধুৰ। ব্যৱহাৰ আক অব্যৱহাৰৰ কাৰ্য্যৰ উদাহৰণ প্রায় এনেকুৱাই। কোনো বিশেষ অৱস্থাত পৰাৰ বাবে কেতিয়াবা কোনো প্রকাৰ জীৱৰ এটা বিশেষ অঙ্গৰ কাম নোহোৱা হৈ পবে। তেনেকুৱা হলে সেই অঙ্গৰ ক্ৰমে হীন অৱস্থা হয় আৰু এই ৰকমে বহুত পুৰুষৰ পাচত হয়তো জীরটিব সেই অনাৱশ্যকীয় অঙ্গটিয়ে লোপ পায়। অস্ত্রীচ বা উটচৰাইয়ে কেতিয়াও' তাৰ ডৌকাৰ ব্যৱহাৰ নকৰে। কোনো বিপদ উপস্থিত হলে সি তাৰ বলী ঠেংটোৰে গোৰ মাৰি শত্রুক বিমুখ কৰে। অনুমান কৰি জানিব পৰা যায় যে এই উটচৰাইৰ পূৰ্বপুৰুষ বিলাকে সম্ভবতঃ ডৌকাৰ কোনো আৱশ্যক নেদেখি তাক ব্যৱহাৰ নকৰিছিল, বা কেতিয়াবা কদাচিত হে কৰিছিল। এনেকুরা হোৱাৰ পৰা উটচৰাইৰ ডৌকাবোৰ দুৰ্বল, হবলৈ ধৰিলে আৰু ঠেঙ্গৰ কাৰ্য্য বাড়ি অহাত সেই অঙ্গবে কালত ক্রমিক উন্নতি হবলৈ ধবিলে। অৱশেষত উটচৰাইৰ ডৌকাদুখন কাম কৰিবলৈ একেবাৰে অক্ষম হৈ পৰিল আক ঠেঙ্গব শক্তি ইমান বাড়িল যে তাৰ একে গোবত ডাঙ্গৰ ডাঙ্গৰ জন্তুৰে। প্ৰাণ বধ হব লাগিছে। কেকোৰা প্রভৃতি সদাই মাটিৰ তলৰ আন্ধাৰ গাঁতত সোমাই থকা বহুত জীবব চকুৰ আৱশ্যক আক কার্য্য প্রায় নথকাৰ বাবে সিহঁতব সেই অঙ্গহীন বা বিকৃতি হোৱা দেখা গৈছে।

প্রাণীবিলাকৰ অপৰিসীম বৃদ্ধিয়েই সিহঁতৰ মাজত জীৱন ৰক্ষাৰ বাবে ঘটা যুদ্ধবলৰ কাৰণ। প্রত্যেক জীরই যিবিলাক সন্ততি উৎখাদন কবে সেই এটাই বিলাক যদি তিষ্ঠিব পাৰি বাঢ়ে, তেনেহলে অতি অলপ কালতে পৃথিবী প্রাণীবে ভৰি পৰিব। কিন্তু তেনে কেতিয়াও নহয়। প্রাণীৰ সংখ্যা সবহ হলে সিহতব মাজত নানা কাৰণৰ বাবে প্রতিদ্বন্দিত। হৈ উঠে, যি যোগা সি বক্ষা পায়, যি অযোগা সি নষ্ট পায়। জীৱন বক্ষাৰ নিমিত্তে যুক্ত-এইটো অলপ বুজিবলগীয়া কথা। খা্য নোহোৱাৰ সময়ত দুটা কুকুৰৰ মাজত জীৱন ৰক্ষাৰ কাৰণে যুক্ত হোৱা বুলিব পাৰি। মিচলটো নামবে এবিধ গছত-গজা উদ্ভিদ আছে। সেইবিলাক সাধাৰণত এপল্ গছত হয়। যদি একেডাল গছতে তেনেকুর। বহুত মিচল্টো গজে তেনেহলে এডালে। বাড়ির নোরাবে, হেঢাহেচি হোরাত এটাইবিলাক মৰি যাব। আকৌ মিচলল্টোবিলাক এডাল গছৰ পৰা আন গছ এডালত হবলৈ চৰাই- বিলাকৰ সহায়তা লাগে, কাৰণ চৰাইবিলাকে সিহঁতৰ গুটিবিলাক নি আন গছৰ খোৰোঙ্গত নেপেলালে আৰু আন উপায়ে সেই গছত মিচলটো হব নোরাবে। চৰাইবিলাক সদাই মিচল্টো থকা গছলৈ নাহে। সেই দেখি ভাবি চালে মিচলটো বোৰে, আন আন যিবিলাক গছে ফল উৎপাদন কৰি চৰাইবিলাকক আকর্ষণ কবে, তেনেবোৰ গছেৰে জীৱন ৰক্ষাৰ কাৰণে প্রতিদ্বন্দিতা কৰে। এইদবে প্রতিদ্বন্দিতা কবি জীর-সংখ্যা নকমা হলে পৃথিবীত এক ভয়ানক ঘটনা হৈ উঠিলহেঁতেন। হাতীয়ে সকলোতকৈ কম সন্ততি উৎপাদন করে। ভাবউইনে স্থিব কৰিছে যে সাধাৰণত হাতীয়ে ৩০ বছৰ বয়সৰ পৰা পোৱালী জগাবলৈ আৰম্ভ কৰি ৯০ বছৰ বয়সলৈকে তিনিযোৰ মাথোন পোৱালা প্রসৱ কৰে। এই নিয়মে চলি গলে০০ বছবব মূৰত পৃথিবীত একেযোৰ হাতীৰ পৰা ১৪ নিযুত হাতী উৎপন্ন হয়। কিন্তু হাতীৰ সংখ্যা ইমান সৰহ হলে কেতিয়াও এটাইবিলাক তিষ্ঠিব নোৱাবে; সিহঁতৰ মাজত তেতিয়া প্রতিদ্বন্দিতা হৈ সংখ্যা কমি যায়। আমি এতিয়া দেখিলোঁ যে কোনো জীরব সংখ্যা পৃথিবীত সত্রহ হলে সিহঁতৰ মাজত জীৱন ৰক্ষাৰ কাৰণে যুদ্ধ হয়, তাত কিছুমানে বক্ষা পায় আনবিলাক মৰে। ইয়াৰ ৰহা কি বুজা যাওক। পৃথিবীত যেতিয়া জীরবিলাক চাৰিও ফালে চিটিকি পৰিল তেতিয়া সিহঁতৰ থকা ঠাইৰ মাজত প্রভেদ হবলৈ ধৰিলে। কিছুমান গৰম দেশলৈ, কিছুমান শীতপ্রধান দেশলৈ, কিছুমান পর্ব্বতীয়া ঠাইলৈ, আনবিলাক ভৈয়ামৰ ফালে, এইদৰে দিহাদিতি গল। যিবিলাক পর্বতপূর্ণ ঠাইবোৰলৈ গল সিহঁতৰ ভিতৰত যিবিলাক ভাযোগ। আছিল সিবিলাক মবিল। সেদবে শীতপ্রধান ঠাইলৈ যোৱাবিলাকৰ মাজত যিবোৰ নোমাল আছিল বা যিবিলাকৰ জাৰ গুচাবৰ কোনো উপায় আছিল সিহঁত বল বাকীবিলাক লোপ পালে। এইদৰে যিবিলাক, ঠাইব প্রাকৃতিক অৱস্থাৰ উপযোগী হোৱাৰ বাবে তিষ্ঠিল, সেইবিলাকে সেই ঠাইবোৰতে পাকি বেলেগ বেলেগ বিশেষত্ব আচিলে। সেইবোৰ বিশেষত্ব পুরুষানুক্রমে প্রাণীবিলাকৰ মাজত চলি আহি সিহঁত এক বেলেগ জাতক প্রাণী হৈ উঠিল। এইদবে কোনো কোনো শ্রেণীব একেবাৰে লোপ হৈছে, কিছুমানে কোনো বিশেষ ঠাইত পৰি সেই ঠাইৰ উপযোগী হোৱাত তাতে কোনো বিশেষ গুণ অধিকাৰ কবি এক শ্রেণী নতুন জীৱৰ সৃষ্টি কবিলে।

প্রাকৃতিক নির্নর্বাচন বোলাত কি বুজা যায়, তাৰ অলপ তৃ বোধ কর্বে। এতিয়া পোর। গৈছে। আগেয়েই কৈছো যে নানা কাবণব বাবে জীরবিলাকৰ মাজত বহুত প্রভেদ জন্মিছে, প্রত্যেক শ্রেণী জীৱৰ বেলেগ বেলেগ ফালে পৰিবৰ্ত্তন হোৱাৰ বাবেই এনে প্রভেদ হৈছে। এই পবিবর্ত্তন বিলাক কিছুমান জীৱৰ নিমিত্তে উপকাৰী আৰু কিছুমানৰ অনিষ্টকৰ। এই অনিষ্টকৰ পৰিবৰ্ত্তনবিলাক এৰি উপকাৰী পৰিবৰ্ত্তনবিলাক এক আচৰিত প্রাকৃতিক নিয়মৰ দ্বাৰাই বখা হয়। ইয়াকে আদি প্রাকৃতিক নির্বাচন বুলিছে।। যিবিলাক জীৱৰ উপকাৰী পৰিবৰ্ত্তন নহৈ কেরল অনিষ্টকৰ পৰিবৰ্ত্তন হয়, সিহঁত তিষ্ঠিব নোরাবে, কালত সিহঁতৰ বিনাশ হয়। এইদৰে একো শ্রেণীব জীর অসুবিধাযুক্ত অৱস্থাত থকাৰ নিমিত্তে লোপ পাই জাঁরমণ্ডলীৰ একোটা শ্রেণী হীন কৰিছে। লোপ পাই যোৱা প্রাণীবিলাক আৰু দুনাই পৃথিবীত নোলায়, কাবণ প্রাণী-সূত্ৰব পৰা সিহঁত ছিগি পৰিল। এতিয়াও ভূগর্ভব পৰা সময়ে সময়ে সেই লোপ পোরা প্রাণীবোৰৰ কিছুমানৰ চিন দেখিবলৈ পোরা যায়। কচ দেশত আগেয়ে মামথ নামেৰে হাতীতকৈও ডাঙ্গৰ নোম থকা এবিধ জন্তু আছিল, সেই জন্তু আজি কালি আৰু পৃথিবীত নাই, কিন্তু তাৰ হাড়-মূৰ এতিয়াও কচদেশেৰ ফালে মাটিৰ তলত ওলায়। প্রাকৃতিক নিৰ্বাচনৰ দ্বাৰাই এই নিয়মে জীৱবিলাকৰ মাজত তাৰতম্য ঘটাৰ দ্বাৰাই সিহঁতৰ এক ডাঙ্গৰ উপকাৰ সধা হব লাগিছে। যিমান প্রভেদ বাড়িছে সিমান জীরবিলাক নতুন নতুন জাতিত বিভক্ত হৈছে, সিমান সেই বাবে জীৱন ৰক্ষাৰ কাৰণে কৰা যুজৰ তেজ কমিছে, কাৰণ একে বকমৰ জীৱৰ পৰা প্রভেদ ঘটি নানাবিধ জীৱৰ সৃষ্টি হোৱাৰ পৰা সিহঁতব সংখ্যা কমি সিহঁতৰ মাজত প্রতিদ্বন্দিতা লঘু হৈছে। প্রকৃতিৰ ইও এক আচৰিত কৌশল!

আমি আগেয়ে জীরশ্রেণীক এডাল জখলাবে তুলনা কৰিছোঁ। এতিয়া আকৌ কও যে জীৱসমূহক ঘাইকৈ এডাল ডাঙ্গৰ গছেৰে ভালকৈ তুলনা কৰিব পাৰি। গছডাল মাটিৰ পৰা ওপৰলৈ উঠোঁতে একেডাল ডাঙ্গৰ গুৰি হৈ থাকে, তাৰ ওপৰৰ পৰা বেলেগ বেলেগ ডালত বিভক্ত হয়। গছডালৰ সকতে থাকোতে বহুত পোখা ওলাই, কিন্তু সেই এটাই বিলাক নেবাড়ে। কিছুমান বস নোহোৱা হৈ সৰি পৰে, কিছুমানহে বাড়ি ডাঙৰ দীঘল হয়। সিহঁতৰ পৰা সেইদৰে আৰু বহুত সক ডাল হয়, তাৰে কিছুমান মবে। মৰা ভালবিলাক ভাগি পৰি মাটিত পোত খাই থাকে। আমি জীৱবিলাকৰ যি ক্রমিক অভিব্যক্তি অলপ দেখুৱালে। সিও ঠিক এনেকুরাই।

বহুতে এই অভিব্যক্তিবাদৰ প্রতিবাদ কবি কয়, যে যদি দৰাচলতে সকলো প্ৰকাৰৰ প্ৰাণা মূলতে একেটা উৎপত্তিৰ পৰা জন্মিছে, তেনে হলে আমি জীর- শ্রেণীকে এনে অঙ্গহীন দেখো কিয়? যদি পৰিবৰ্ত্তনৰ সোঁতত জীৱবিলাকৰ বহুত জাতি লোপ পোৱাৰ বাবে তেনে অঙ্গহীন হৈছে, ভূগর্ভত সেই এটাইবোৰ হেৰোৱা অঙ্গৰ চিন দেখা নেষায় কিয়? কিন্তু অলপ ভাবি চালেই বুজিব পাৰি যে আচলত ভূগৰ্ভতত্ত্বৰ এতিয়াও উন্নতি হোৱা নাই। ভূগর্ভৰ আৰু কত কি আছে এতিয়াও আমি জানিব পৰা নাই। আক এটা কথা, অঙ্গবিলাক একে সময়তে হীন হোৱা নাই, সেই বাবে একে ঠাইতে সিহঁতৰ চিন পোৱা টান। মাটিৰ তলৰ পৰা এটাইবিলাক লুপ্ত হোৱা জীৱৰ চিন বিচাৰি উলিয়াবলৈ আৰু কত যুগ লাগিব তাক কোনে কব পাৰে? আকৌ এটা ঘাই আপত্তি এই যে, যদি একেটা মূল জীৱৰ পৰা সকলো জীৱৰ সৃষ্টি হৈছে তেনেহলে বিস্তীর্ণ সাগৰ আৰু অভ্যে পৰ্ববতমালাৰ দ্বাৰাই পৃথক্ হোৱা পৃথিবীৰ বেলেগ বেলেগ অংশত প্রায় একে ৰকমৰ জীৱ কৰপৰা হল। এইটো ভাবিব লগীয়া কথা। কিন্তু বৈজ্ঞানিক পণ্ডিত সকলে কয়, যে আজি কালি পৃথিবীৰ ওপৰ ভাগত যেনেকৈ মাটি আক পানীৰ ভাগ কৰা আছে আগেয়ে তেনে নাছিল। আগেয়ে সম্ভবতঃ ডাঙ্গৰ ডাঙ্গৰ মহাদেশবিলাক লগলগা আছিল। শাটলান্টিক মহাসাগৰত বহুত দ্বীপমালাৰ পৰা এইটো অনুমান হয় যে এসময়ত ইওৰোপ আৰু আমেৰিকাৰ মাজত সাগৰৰ ব্যৱধান নাছিল। সকলো বৈজ্ঞানিকেই স্বীকাৰ কৰে যে, যি সমুদ্র আগেয়ে বহুত দ আছিল কালত সিও এতিযা বাম হৈ আহিছে। সেই নিয়মে বাম পানীও ক্রমে দ হৈছে। যদি এনে এক সময়ত ডাঙ্গৰ মহাদেশবিলাক আক দ্বীপবোৰ একেলগে থুপখাই আছিল, তেনেহলে তেতিয়াই যে জীৱবিলাক পৃথিবীৰ চাৰিও ফালে বিস্তাৰিত হৈ গৈছে তাতো একো সন্দেহ নাই। ইয়াত বাজেও প্রকৃতিৰ আৰু বহুত আচৰিত কৌশলৰ বাৰাই জীৱবিলাকক চাৰিও ফালে চতিয়াই দিয়া হৈছে। গছৰ গুটি বতাহত উড়ি বহুত দূৰ ঠাইলৈ গৈ তাত আকৌ গছ গজোরা বহুতে জানে। কোনো কোনো গছৰ ওচৰত বৰ হাবি থকাৰ নিমিত্তে তলত গুটি সৰি পৰিলেও হাবিৰ নিমিত্তে তাত গজিব নোৱাৰে। ভগৱানৰ কৌশলত তেনে বহুত গছৰ গুটিবোৰ নোমেৰে ঢকা। নোম থকা গুটিবিলাক বতাহত উড়ি বহুত দূৰৈত পৰেগৈ আৰু তাতে মুকলি ঠাই পালে গুড় গজায়। জলপ্লারন, বতাহ আক কেতিয়াবা চৰাইৰ সাহায্যত বহুত পানীত থকা জীর আক উদ্ভিজ প্রাণী এঠাইব পৰা আন ঠাইলৈ যাব পাৰে।

আমি ওপৰত প্রাণীবিলাকৰ সাধাৰণত ঘট। শাৰীৰিক অভিব্যক্তিৰ কথা কলে।। তাত বাজেও প্রাণীৰ মানসিক জগতত যে কি এক আচৰিত অভিব্যক্তি ঘটিছে তাক আলচ কৰিলে আৰু তধা মানিব লাগে। সাগৰৰ বস্তু প্রাটোপ্লেজোমৰ পৰা ক্রমিক অভিব্যক্তি হৈ শেষ ফল মানুহ হল; কিন্তু কি বস্তুৰ পৰা অভিব্যক্তি হৈ মানুহত সোমাই থকা ওখ ভাব আৰু প্রবৃত্তিবিলাক-ধৰ্ম্মজ্ঞান, ক্ষায় অন্তায় বোধ প্রভৃতি উৎপন্ন হল তাক নিৰ্ণয় কৰা টান। মানুহৰ এই বিলাক ভাব-প্রবৃত্তি যি মূল উপ- কৰণৰ অভিব্যক্তিৰ পৰা হৈছে সি কি, তাব আলোচনা আমি প্রটোপ্লেজোমৰ ভিতৰত প্ৰাণ কৰ পৰা হল, এই কথাৰ আলোচনাৰ নিচিনাকৈ ইয়াতে এৰিলো।

27
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেক
0.0
অসমীয়া সাহিত্যৰ চানেকী VOL. তৃতীয়, দ্বিতীয় খণ্ড
1

ভোলানাথ দাস।

13 December 2023
0
0
0

সীতাহৰণ কাব্য। লক্ষণ সীতাৰ সহ, পিতৃ সত্য পালি, দাশৰথি ৰঘুপতি পঞ্চবটী বনে তপস্বীৰ বেশে, ভক্ষি বন্য ফল মূল তপস্বী আহাৰ, যবে ছিল। বনবাসে; কিৰূপে ৰাৱণ বলী লঙ্ক। অধিপতি হৰিলা জানকী সীতা, যিটো অপৰাধে মৰিলা

2

আসামবাসী

13 December 2023
0
0
0

হে আসামবাসি! নয়ন উম্মিলি দেখা একবাব; সদাই নিদ্রিত, অতি অনুচিত, দেখা একবাৰ নয়ন মেলি। তোমাসব সম কোন হেন জাতি, আলহ্যৰ বশ, উলটি পালটি কোন হেন জাতি, চিৰ শয্যা পাতি, শুইয়াছে দেখা মস্তক তুলি। কোন হেন জাতি অ

3

লম্বোদৰ বৰা।

13 December 2023
0
0
0

শকুন্তলা। প্রথম অঙ্ক। সূত্ৰধাৰ। (নেপথ্যৰ ফাললৈ চাই) আইদেও, যদি সাজ পিন্ধোরা হল, তেনেহলে এই পিনে আহোক। নটী। (প্রবেশ কবি) দেউতা এই মই আহিছোঁ। সূত্ৰধাৰ।-আইদেও, এই সভাত অনেক বিস্তারন্ত লোক গোট খাইছে আ

4

সদানন্দৰ কলাঘুমটি।

14 December 2023
0
0
0

কেতিয়াবা কানি টিকিৰাৰ ছাট মাৰি ধোৱাবে ঘব গোটাইটো ভৰাই দিছিলে'।। কেতিয়াবা টিকিবা এড়ি পায়স, কুঁহিয়াব, গুড়, গার্থীব, মালভোগ কল, বৰা চাউলব পিঠা আদি কৰি সোৱাদ বস্তু খাই মুখ তপালিছিলো; কেতিয়াবা বা লগৰীয়া ভক

5

ৰত্নেশ্বৰ মহন্ত।

14 December 2023
0
0
0

মোৱামৰীয়া-বিদ্রোহ। ১ম বিদ্রোহ। তেওঁ কেনেকৈ নগৰৰ পৰাগৈ বব ধুমুহা বা বতাহ-বৰষুণ অনাৰ পূৰ্বেবই প্রকৃতিব মূর্ত্তি স্বভারতঃ শান্তিময়া, গছবিলাক জঠব, "নিবাতনিষ্কল্পমির প্রদীপাং” হৈ যেন সাবহিত মনে সম্ভাবিত

6

অসমীয়া সাহিত্যৰ চানেকি। পত্নী-বিলাপ। মুক্তাৱলী (অসমীয়া সুৰ)।

15 December 2023
0
0
0

উঠা প্রাণেশ্বৰ, শ্রুতি সুখকৰ, কৰিয়া সাদব, শুনোরা বাৰেক মোক। চোৱা চকু মেলি, নকৰিবা বেলি, কৰিছে। কাতৰ শ্রীমুখৰ স্বৰ এ বোধ-ঠেস ঠেলি, যাই প্রাণ গেলিএ উঠি কৰা কেলি পাহৰোহো যত শোক ॥ ২ অনাথিনী কৰি

7

সত্যনাথ বৰা।

15 December 2023
0
0
0

সাহিত্য বিচাৰ। সাহিত্যৰ সাধাৰণ লক্ষণ। মানুহে নিজ বুদ্ধিৰে আজিলৈকে যি যি কাম কৰিছে তাৰ ভিতৰত সাহিতাকে ঘাই বুলিব পাৰি। সাহিত্যৰ গুণ সংসাৰ জুৰি আছে। ইয়াৰ নিচিনা মনমোহা বস্তু জগতত আৰু বিচাৰি পাবলৈ টান।

8

শান্তি আৰু আশা।

16 December 2023
0
0
0

তাঁয় হাঁয় হৰি হৰি, বও মই কেনে কবি? শান্তি বিনে এই ভব সাগৰ অপাৰে, মোৰ জীৱ তৰণীৰ কোনে গুড়ি ধৰে? একে উপলিছে ঢো কবি শব্দ বৌ বৌ, তাত গুৰিয়ালে হায় এবি গল মোক। ইযাত কৈ আর কিবা আছে বব শোক! অশান্তি! দয়া শীলা,

9

লক্ষ্মীনাথ বেজ বৰুৱা।

16 December 2023
0
0
0

পদ্মকুমাবা। প্রথম অধ্যায়। বাতি দুপৰ হৈছে। জগৎ নিমাত নিস্তব্ধ। সক বেজি এটি হাতৰ পৰা হঠাৎ মাচিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰণ 'ভুক' 'ভুক', তছৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিসাৰ,

10

দ্বিতীয় অধ্যায়।

18 December 2023
0
0
0

'পদুমৰ কি হৈছে'! এই প্রশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰে।। হবদত্ত যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তবত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছে।। তেওঁৰ এই আশা-

11

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা।

18 December 2023
0
0
0

পুবণিতত্ব। আজি কালিৰ লেখা-পঢ়াৰ পোহৰ পোৱা বুঢ়া-ডেক। সকলোৰে ৰাজহুরা বেজাৰঃ-ভাবতবর্ণব পতিয়াব পৰা পুৰণি বুৰঞ্জী নাই। এই বেজাৰৰ ধ্বনিয়ে ঢুকব বোরাবী আসামকো পাইছে গৈ। লেখকে লেখিবলৈ কাপ তুলিয়েই টভক মাৰিব, প

12

অসমীয়া জাতি ডাঙ্গব জাতি।

18 December 2023
0
0
0

যি এই কথাত শুই কবে তেওক বৰবকরাই চমন বা 'গিলিপ্‌দাৰী' পৰণা দি 'গিলিপ্‌দাৰ' কৰি ধৰি আনিব, কিয়নো তেও দুই কবে, তাৰ কাৰণ দেখুৱাবলৈ। বৰবকরাই কয়, অসমীয়া জাতি ডাঙ্গৰ ভাতি। ডাঙ্গব জাতিৰ যি যি কেইটা ডাঙ্গৰ ডাঙ্

13

মৌমাখি |

19 December 2023
0
0
0

ই ফুলৰ পৰা সি ফুললৈ উৰি, গুন্ গুন্ গুন্ সুৰে নাম ধবি, মাতিছা ইটিক, প্ৰেমৰ আলাপে মুহিছা মন, পাইছা অমৃত প্ৰাণৰ ধন ॥ চাইছা সিটিক, ২ 'যাও' 'যাও' কৰি আহিছা তুমি। আকৌ উভতি আহাগৈ চুমি। এখস্তক বোরা, পিছফালে

14

ৰজনীকান্ত বৰদলৈ।

19 December 2023
0
0
0

মনোমতী। মানহঁতে পমীলাকে আক মনোমতীকে একে লগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল। বাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা বতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জই পৰা মনত অলপ

15

কনক লাল বৰুৱা।

19 December 2023
0
0
0

আমাৰ শিল্প। সকলোরে মানিব লাগিব যে আমাৰ শিল্পব উন্নতি আগেয়ে অধিক আছিল। আমাৰ এতিয়ালৈকে থকা পুৰণি বস্তু বিলাক দেখিলেই সেই কথা ভালকৈ বুজিব পাৰি। শিলকটা, কাপোৰ বোৱা, অলঙ্কাৰ আৰু কাঁহি বাটি গঢ়া, হাতীৰ দাঁত

16

মানৱ জাতিৰ সভ্যতা।

20 December 2023
0
0
0

মানুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্রভেদ এই যে, মামুহ উন্নতিশীল জীর, কিন্তু পশুবোৰ তেনে নহয়। এই প্রভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্রেষ্ঠ। চৰায়ে তাৰ বাহ সাজে, বিববে তাৰ

17

হেমচন্দ্র গোস্বামী।

20 December 2023
0
0
0

অসমীয়া ভাষা। বর্তমান যুগ। ইংৰাজ বাজত্বৰ পাতনিবে পবা আজিলৈকে এই যুগেই অসমীয়া সাহিত্যৰ বর্তমান যুগ। ওপৰত উন্মুকিওরা হৈছে, অসমদেশ বহুত দিন মানহঁতৰ অত্যাচাৰৰ তলত আছিল। পিছে ১৮২৪ চনত মানহঁতে ইংৰাজৰ লগত য

18

স্তুতি |

22 December 2023
0
0
0

সকলোৰে পিতা তুমি, তুমি বিশ্বময়, সকলো দেশতে পূজ্য সকলো সময়, কি জ্ঞানী, অজ্ঞানী, সাধু সকলোরে সমে পূজিছে 'যিহোৱা' 'প্রভু' আদি নামে।  জ্ঞানৰ অতীত তুমি অনাদি কাৰণ, ৰাখিচা জ্ঞানক মোৰ কৰি আচ্ছাদন; এইমাত্র

19

কাকো আৰু হিয়া, নিবিলাও।

22 December 2023
0
0
0

সকলোৰে মুখে শুনো তাতে বহি বহি গুণো, মানুহে সচানে ভাল পায়? কত ভাবোঁ কত পাওঁ, কত ভাব হেকরাও, একো তাৰ অরধিকে নাই। (২) এদিন ভাবিলে। মনে, লম্ তত যেনেতেনে, ভালপোৱা আছে কি জগতে, এনে ভাবি এজনক সঁপি দিল

20

আনন্দ চন্দ্র আগৰৱালা।

23 December 2023
0
0
0

ব্রহ্মযাত্রীর ডায়েৰী। ভালেমান দিনৰ পৰা ব্ৰহ্মদেশ চাপৰ হেঁপাহ আছিল। অসমৰ বুৰঞ্জীয়ে সৈতে ব্রহ্মদেশৰ বৰ সম্বন্ধ আছে। যি কুক্ষণত প্রথমে ব্ৰহ্মদেশৰ মানুহে অসমত ভৰিৰ ধূলা পেলালেহি, সেই মূহুৰ্ত্তৰ পৰাই অসমত

21

পাণেসই।

24 December 2023
0
0
0

ভৰ দুপৰীয়া, নিমাত সঞ্চলো, নিমাত গছৰ পক্ষী। দুছাতি এছাতি, বতাহ বইছে, উড়াই কেতকী সখী। পাণেসই গাভক, ওলাই আহিছে, উলাহে নধৰে হিয়া মাহ সৰিয়হ, মেলি জুলি দিছে, ককাইদেৱৰ বিয়া। লাহৰী ভনীটী, সাদৰী ককাই, কতনো মনত

22

বেণুধৰ ৰাজখোৱা।

24 December 2023
0
0
0

সেউতী কিৰণ। (নাটক।) প্রথম অঙ্ক। প্রথম দর্শন-নীলকমলৰ ঘৰব এটা কোঠা: কিৰণৰ প্ৰবেশ। কিৰণ। সৌন্দৰ্য্যৰ জন্মভূমি স্বৰ্গৰ নিঝবা তাৰ অন্তঃসোঁত কেরল যথার্থ প্রেমিকে দেখিবলৈ পায়। কিন্তু তেতিয়া পৃথিবীৰ বিৰো

23

পদ্মনাথ বৰুৱা।

24 December 2023
0
0
0

ভানুমতী। ১ম অধ্যা। আপোন চিনাকী। মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল 'একেটি ৰত্ন। মোৰ জীৱনৰ আদি ছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ কব পাৰে।, সি কেরল এনাই-দেউতাৰ মুখৰ পৰা শুনা কথা হে। মোৰ দেউ

24

লীলা।

26 December 2023
0
0
0

নেজানো পূজাৰ বিধি, বন্দনাৰ বাঁতি, বানাপাণি বাঙ্গেবি! চৰণ তোমাৰ কিরূপে পূজিম হায়, বন্দিম কিমতে! বঙ্গোর'। অনন্ত কাল সঞ্জীবনি বীণা, গহান জোঁকাৰে তাৰ কঁপাই বনুনি, সৰায় কতন। ফুল কবি-ফুলনিত। সুৰ-বুজ। আদি' গ

25

'হলিৰাম মহন্ত।

26 December 2023
0
0
0

বিশ্ব-দর্পন। বলিদান। হিন্দুজাতি অতি প্রাচীন কালৰ সভ্যতাৰ সময়ত নির্বামিস ভোজী আছিল। প্রাণী হিংসা কৰা তেওঁলোকৰ স্বভার নাছিল। সময়ৰ স্বাভাবিক পৰিবৰ্ত্তনত লাহে লাহে শিক্ষিত যোগী সকলৰ বাহিৰে সকলোৱে মাছ মা

26

পূর্ণ কান্ত, দেৱ শৰ্ম্মা।

26 December 2023
1
0
0

নলচৰিত্র। দময়ন্তীৰ বিবাহ। নলক বৰিলা পতি দেখি ৰাজাগণ। যাৰ যেই দেশে গৈলা বিষাদিত মন ॥ ভীম নৰপতি ভৈলা আনন্দে মগন। বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ ॥ বাছ্যকবগণ ৰাজা ডাকিয়া আনিলা। বিহার সামগ্রী যত একত্র কৰিল

27

দুর্গাপ্রসাদ দত্ত।

26 December 2023
0
0
0

বৃষকেতু। (পৌৰাণিক নাট।) চতুর্থ দর্শন। ৰাজ আলি। বৃষকেতু আৰু কিছুমান লৰা। কৰ্ণ- (বহুত নিলগৰ পৰা চিঞৰি) মোৰ সোণাই বৃষকেতু, কত আছা, এইপিনে আহাঁ। মই অধমে তোমাক বিচাৰি ফুৰিছোঁ? বৃষকেতু- (লৰাবোৰক) মোক

---

এখন কিতাপ পড়ক