সকলোৰে মুখে শুনো
তাতে বহি বহি গুণো, মানুহে সচানে ভাল পায়? কত ভাবোঁ কত পাওঁ, কত ভাব হেকরাও, একো তাৰ অরধিকে নাই।
(২)
এদিন ভাবিলে। মনে,
লম্ তত যেনেতেনে,
ভালপোৱা আছে কি জগতে,
এনে ভাবি এজনক
সঁপি দিলো হৃদয়ক,
গাঁথি প্রাণ এডালি দোলতে।
এদিন দুদিন গল,
ক্রমে তিন দিন হল,
তথাপিও সি মুখকে চাও;
যতকে সি মুখ চাও,
তত ন ন ৰস পাওঁ,
তত সুখে শৰীৰ বুৰাও।
সি মুখকে আগে থই, কল্পনা লেখনী লই, আকো-ছবি হৃদয় ফলিত, জানো পাছে মছি যায়, ভাবি ঘনে ঘনে চাই, লুকুৱাও বুকৰ তলিত।
থাকোতে থাকোতে হাঁয় বুকত ছবিটি নাই, কান্দিলে বুকুরে হাও হাও; অনেক বিচাৰি চালো নেপায় শপত খালে। কাকো আৰু হিয়া নিবিলাও।
(৩)
মানুহে নাপায় ভাল,
ললো জানি চিৰকাল,
কিন্তু ঘূৰি ভাবিলোঁ মনত,
সকলো কি এনেকুরা,
দেখে। বাক কেনেকুরা,
ভাল-পোৱা নাই নে বনত?
পুহিলো ভাটো এটি,
গল দিন এটি দুটি,
দিনে দিনে সিও হল বৰ:
কত দিলে। ধান পানী,
কত নন গুটি আনি,
যোগালোহি আগত ঠোঁটৰ;
কিন্তু হায় কাল হল,
ভাটৌটি উৰি গল,
বুলি তোৰ মুখকে নাচাও;
ভাবি গতি নিয়তিৰ,
মনত কৰিলে। থিৰ,
কাকো আৰু হিয়া নিবিলাও।
(8)
কিন্তু যে নিলাজ মন,
ভাগিও নোহে ভগন, তথাপিও লাগে ভাল-পোৱা,
আশা আহি উচটাই, কাণে কাণে কৈ যায়, ভাল-পোরা প্রকৃতিত চোর। এন্ধাৰ ওৰণি ঠেলি, উঠিল অকাশে বেলি, বনত ফুলিল ফুল দুটি, দেখি মন থিৰ হল, গলো সি দুটিৰ পাশে ছুটি। যিমান বেজাৰ পালোঁ, বুকু খুলি সকলো দেখিলো। দেখি জোকাৰিলে মূৰ, মোৰ সুৰে বান্ধি সুৰ, ভাবো মনে এতিয়াহে পালে।
সকলো বেজাৰ গল,
যত ঘৰামুটি খালো,
(৫)
এৰিলো পিয়াহ ভোক এৰিলো বেজাৰ শোক, থাকো মাথো সি দুটিকে চাই, সি ছুটিয়ে যেনে কৰে, কৰে। ময়ো তেনে দৰে, মই যেন আৰু মোত নাই। বতাহৰ তালে তালে ফুল দুটি হালে জালে, ঘনে ঘনে পাতত লুকাই, ভাবোঁ নিলে কোনোবাই, ফুৰোঁ জুমি জুমি চাই, হাঁহি ঘুৰি আগতে ওলায়।
ভোমোৰাটো লৰি আছে, জানো পিছে ফুটে পাহে, দিও তাক দুৰেতে খেদাই, বুকত সাবটি লও, কত কিযে কথা কও: জানে তাক নজনা জনাই।
(৬)
দিনৰ দিনটো হাঁহি আগ্নেয় কুসুম পাহি, ঢালে দেহ জুৰণি পাটত, মোৰ ফুল দুটি চাঁয়, এৰি মোক সৰি যায়, জ্বালি জুই বুকুৰ মাজত, কত হিয়া ধাকুৰাও, কাশ জুমি জুমি চাও', তেও তাক উভতি নাপাও, অনেক বিচাৰি চালো, নেপায় শপত খালো, কাকো আৰু হিয়া নিবিলাও।
(৭)
চকুত পলক নাই, বহি পার্কে। কিবা চাই, মাজে মাজে মুখে বোলা "হায়" হৃদয়ৰ তলা ফুটি, হুমুনিয়া এটি উঠি লাহে লাহে হামিত মিলায়, শূণ্য মনে, কলা মুখে দেখো আকাশৰ বুকে, তৰা দুটি হাঁহে মোক চাই, ভাবো মনে কৰে। থিৰ, অর্থ আছে হাঁহিটিৰ,
(৮)
তৰা দুটি হাঁহি থাকে, মেঘ উঠি জাকে জাকে উৰি আহি গুজৰি গুমৰি, ভোমোৰা আহিছে বুলি কত কি যে গালি ডুলি, ডাবি দিও চিয়ৰি চিয়ৰি, কিন্তু হায় মেঘ জাক মুশুনি নেমানি হাক, ঢাকি ধৰে তৰা দুটি মোৰ, কি কৰিম কি নকৰোঁ, ভাবোঁ উঠে। বহো পৰোঁ, দেখি তাক হাঁহে মেঘরোৰ, বুকু মোৰ ফাটি যায়, নেদেখোঁ একো উপায় সহি থাকে। যত লাজ পাও, তথাপিও চকু তুলি, তৰা দুটি আছে বুলি আকাশৰ ফালে ঘনে চাও।
(৯) কিন্তু হাঁয় নাই নাই, আকাশ কুশুম প্রায়, আশা যায় বায়ত মিলাই, যত ভাব অবিৰত সাচিছিলো হৃদয়ত সকলো পেলালে। দলিয়াই, কাম নাই কাম নাই, ভাল-পোরা কতো নাই, ভাল পোত্রা অর্থহীন কথা, যি কোনোরে ভাল পায়, আছে জনা তাবে ঠাই, আকাশত বালি-দুর্গ গথা; যি এদিন বাচি থাকো, কাকো আৰু বুকে নাকো, কাৰো আৰু মুখক নাচাও যায় যক ফাটি বুকু কান্দে বা কান্দক চকু, কাকো আৰু হিয়া নিবিলাও।
• আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্রা।
আনন্দৰ ধ্বনি উঠিছে ঘনে। গাইছে গন্ধর্ব্বী,
আজি সুৰলোকে
নাচিছে ত্রিদিব,
লৰে দেৱহৃত আনন্দ মনে।
কিয় জ্যোতিৰ্ম্ময়
সৰগ দুৱাৰ
অকস্মাৎ আজি মুকলি হল।
লগে দেয়বালা,
সৰস্বতী আই
বিমান পথত অপেক্ষি বল ॥
ইকি ইকি চোর'।
অসম গৌৰৱ,
ভাৰতৰ ধন আনন্দৰাম।
সুবর্ণ ৰথত,
আলোকি বিমান,
কৰিছে প্রয়াণ শান্তিৰ ধাম॥
চোর। চোর। লগে
সৰস্বতী আই,
উলাহ মনেৰে কোলাত তুলি।
পানী কৰি তেজ,
খাটি মোৰ গুণে,
কত ভাগবেৰে আহিছা বুলি ॥
পিয়ালে অমৃত,
পাৰিজ্ঞাত মালা,
দিলে তুলি শিবে দের সমাজ।
বাজিল দুন্দুভি,
পাণিনি অমব
পিন্ধালে আপুনি দেৱৰ সাজ ।
পদ্ম আসনত
বহুরালে চোর।,
সৰস্বতী আই আকোৱালি ধৰি,
সৌৰভৰ দৰে
শুরালে আনন্দ,
আনন্দ তুমিতো
কিন্তু তললৈ,
হাঁহিলে ত্রিদশ দেৱনগৰী ॥
চিৰ শান্তি পালা আনন্দ লোকে।
কি হল পথিবী তোমাৰ শোকে ॥
হাঁহাঁকাৰ ধ্বনি
৬ আনন্দ ৰাম বৰুৱাৰ স্বৰ্গযাত্রা।
ভাৰতত আৰু আনন্দ নাই।
উঠিল জগতে,
ধ্বনিছে পরন,
বিনায় চৰাই,
ভাৰতত আৰু আনন্দ নাই।
কোনে আৰু হাঁয়
জগত বাসীক
বিলাব সংস্কৃত কবিৰ ভাৱ।
কাব্য বুৰঞ্জীৰ
সাগৰক মখি,
নিতে ন অমৃত কৰিব জার।
চোর। কথা কব
নজনা তোমাৰ
জননী অসম পৰিল জয়।
দুধুনীৰ ভাগ্য
এটি মাত্র ৰত্ন,
ইমান অমূল্য
তাকো হেকরালে প্রাণে কি সয়
ভক্তিৰ আধাৰ আছিলা বুলি।
অদৰৰ ধন,
আজিহে দেখিলে
অসম বাসীয়ে
হৃদয়-দুৱাব কৰি মুকলি॥
সকলোৰে যেন
হৃদয়ৰ ধন নিলে কোনোবাই বলেৰে কাঢ়ি।
নোহোৱাতে পূৰ
আনন্দৰ জোন,
বেজাৰ ৰাহুৱে পেলালে গ্রাহি ॥
কেন্দ্রৰূপে থাকি
কিন্তু অসমক
শিকাই দৃষ্টান্ত সাধু শিক্ষাৰ,
হলা অকস্মাৎ
মাজ সাগৰত,
ধ্রুব তৰা দৰে মেঘৰ আৰ॥
শক্তিশেল প্রায়,
বিৰহে তোমাৰ;
যত দিন শীৰে
ভেদিলে মৰম অসমীয়াৰ।
বব লগে লগে ব্যথা ইয়াৰ ।
পৰিবৰ্ত্তকাবী
কাল সোঁতে নিতে,
নতুন স্মৃতিকো নিব ঢোঁরাই।
চিৰকীৰ্ত্তি সাধু
দৃষ্টান্ত তোমাৰ,
শোক অসমৰ ৰব উধাই ॥
ভাৰত সন্তান,
জাতীয় সঙ্গীত।
অপেক্ষিছা কিহে দের সহায়।
আছা কিয় বহি,
উঠা কাচি পাৰি,
ধৰা কাষ কামে,
জাতিৰ উদ্ভৱ আপুনি হয়।
বন্দাতো নোহোৱা,
স্বাধীন ৰায়ত,
ফুৰা যে আন্ধাৰে বগুরা বাই।
হাততে তোমাৰ
আছে শুভাশুভ,
জাতিৰ উদ্ভৱ আপুনি হয়।
লগালে মাচুল
দিয়া মৰি হাজি,
মুখৰ কথাটি নকৰা ব্যয়,
আপত্তি দেখাই
লোরা নিজ হক,
জাতিৰ উদ্ভৱ আপুনি হয়।
লাভ কি তোমাৰ,
ধন, শিক্ষাৰ,
অসাৰ খিতাপ লোভী বেহায়।
যথার্থ শাসনে
প্রধান সবাৰো,
জাতিৰ উদ্ভৱ আপুনি হয়।
পণত তোমাৰ,
বাৰী মাটি প্রাণ,
যদিবাও তুমি খেলত নাই।
বোবা কি হে মাতা,
খোজা নিজা হক,
জাতিৰ উত্তর আপুনি হয়।
ভেবুরা হলানে,
কেচুরা হে তুমি,
ভয়ে কুচি-মুচি মৰাৰ প্ৰায়,
চিৰকাল কি হে,
ধূরা।
জাতিৰ উদ্ভৱ আপুনি হয়।
৫৫৭
থাকিবা কেচুরা,
ফাহা ফুহা কৰা,
কেঁকনি গোঠনি,
হাবিয়ে লুকুর। কাঁটাশুচয়।
ইসবৰ পৰা
গুচে কি হে দুখ,
জাতিৰ উত্তর আপুনি হয়।
আছে যদি বোধ,
দুখ অপমান,
উঠ। কাতি কৰি সকলো ভয়।
যুজি প্রাণপণে,
হকর। দুখক,
জাতিৰ উদ্ভৱ আপুনি হয়।
নালাগে সহায়,
দেৱ বা দৈত্যৰ,
ভজা সকলোরে নিজ সহায়,
ইচ্ছা, সাহ হলে
সকলোরে হয়,
জাতিৰ উদ্ভৱ আপুনি হয়।
ভাৰত সন্তান,
উঠ। ধৰা কামে
উত্তৰি পথৰ যত অপায়।
চোর। পূব ফালে
পুৱাৰ কিৰণ,
জাতিৰ উদ্ভৱ আপুনি হয়
পুৱা।
গহীন পুরতী নিশা,
নিতাল জগত,
কতো নাই জোনাকৰ চিন।
নিমাত বিশ্বৰ বাঁহী,
নিজম চেতনা,
সুৰভুলা জীৱনৰ বীণ।
জীৱনৰ যুজ এৰি,
কাম কর্মী দুয়ে।
শতাইছে যুক্তৰ ভাগৰ।
বিয়াপি অসীম বিশ্ব
আন্ধাৰ এলাহ,
গতিহীন স্থিতি জগতৰ।
কোনোবা দেশৰ পৰা
ধীৰ সোত বলি
আহিছে এখনি জুৰ নৈ।
ৰিণিকি ৰিণিকি এটি
নিৰৱ করিতা,
বাজিছে বুকুত ৰৈ ৰৈ।
জোনাক জোনাক বুলি
জীৱন বিচাৰি
আন্ধাৰত প্রকৃতি আতুৰ।
জোনাক জীৱন খুজি
ওপত্তি ফুৰিচে
নিফুট আকুল এটি সুৰ।
কাতৰ সুৰত পমি
নিয়ম বিহোতা,
প্রকৃতিৰ প্রবোধি মনক।
দিবলৈ মনে মনে
জোনাক জাননী,
পাচিছে পুৱাৰ বতাহক।
স্বৰ্গৰ বাতৰি পাই
অপেক্ষি জোনাক
প্ৰকৃতিৰ উত্ৰাৱল চিত।
বলিছে শীতল বায়ু,
নাচিছে লতাই,
ফুলকলি হাঁহিছে থুপিত।
দুটিমান জোনাকৰ
সোণোৱালী ৰেখ
লাহে লাহে ভৈয়াম নামিছে।
সৃষ্টি পাতনির সেই জীৱন্ত ছবিটি,
ঘূৰি আহি ভূমুকি মাৰিছে। লোকালোক সাগৰত উটি বুৰি ফুৰা
জীৱনৰ পৱিত্র ভাবটি।
আধা আলো আধা ছাত ফুলো ফুলো কৰি,
প্রকৃতিক ধৰিছে সাবটি।
জিলিঙনি এটি আহি পড়ুম বনত
স্বৰগৰ ৰহণ ঢালিছে;
অকলসৰীয়া দুটি পড়ুম কলিয়ে, চুমা খাই হালিছে-জালিছে।
স্বৰ্গৰ জেউতি দেখি ৰাজহাহু জুৰি, প্ৰেমৰ আল্ফ ভুলি গৈ, চিত্ৰৰ পুতলি চেন আছে পৰ লাগি ইটিয়ে সিটিক চাই বৈ। আকৌ ঘুমতি তেজি নিজম চেতনা, লাহে লাহে সজাগ হইছে। পাহৰা সুৰটি ঘূৰি বজাৰৰ গুণে, বীণখনি হাতত লইছে। বৰষা অনন্তকাল জ্ঞানৰ পোহৰ, জ্যোতির্ম্ময়ী জোনাকী সবিতা। বজোর। অনন্তকাল পঞ্চমত তুলি, বীণাপাণী কোমল কবিতা।
কাকৃতি।
কাবৌ কৰিছে। দেবী নে'লাবা নোলাবা, আকৌ বেকাই চকু মোলৈ নেচাবা। আছেনে মনত দেবী তাহানিৰ কথা, মেঘৰ বুকুত দেখি তোমাৰ ই লতা, ৰূপত বলিয়া হৈ, সকলোকে কাতি কৈ, ৰূপহ জেউতি ঢালি, এটিবাৰ হাঁহা বুলি, কাবৌ কোকালি কৰি কিমান মাতিলো! নাপাই তোমাক দেখা কিমান কান্দিলে।।
চাপৰিত ঠিয় হৈ, বতৰত খং থৈ, আম পুলিটিৰ দৰে কত কাল খপিলে।;
ঢেবেকনি ধুমুহাৰ, স্বৰগৰ চোকা ধাৰ, একোকে নকৰি ভয় তোমাকেই ভজিলে।, হৃদয়ৰ হৃদয়তো সি ৰূপকে জপিলে।।
তথাপিতো হাঁয় হাঁয়, দেখি মোৰ সি বিলাই, এবাৰো নোলালা দেবি, এবাৰো নোলালা, ধাৰাসাৰে কন্দুৱাই শুদা বং চালা। ভালপোৱা বোলে কাক, আপুনি শিকালা তাক, খুজিলত ভাল পোরা কিন্তু হায় নিদিলা,
পিয়াহ লগাই কিয় পানী নিদি বধিল।।
কিমান যুক্তিলে'। মই উজাবৰ গুণে, নিৰাসাৰ চেচুক সোতত, লাল কাল হলে। ভাগৰত, হাত ভৰি ঠেৰেঙা লাগিল, ভালপোর। কুঁহিতে ভাগিল, মেঘত চৰা বিজুলী, আকাশ-কুসুম বুলি, দুনাই তোমাক দেখা-দুৰাশাক তেজিলো, হুমুনিয়া টানি টানি, আপোন কপাল মানি, বুকুত সাবটি হাত কামনা তিয়াগিলো, চাপৰিব আমপুলি চাপৰিতে থাকিলো।
থাকোঁতে মৰাৰ প্ৰায়, বগাবৰ ছল পাই, এজুপি লাহৰী লতা মাধৈমালতী; মেৰাই মেৰাই মোক ললেহি সাবটি,
নিচেই কোমল লতা, নাজানে একোকে কথা, কেবল মাথোন জানে মৰম কৰিব, ৰদৰ তাপত মোক আবৰি ধৰিব।
নেজানে কি সুখ দুখ,
সদাই হাঁহিৰে মুখ, নিতৌ নিতৌ দেবী ন ফুল ফুলাই, ৰাখিছে মনক মোৰ দুখ পাহৰাই; আক মোত কথা নাই, এটি সুখ-স্বপ্ন পাই, ধায়ে ধৰা লৰাৰ নিচিনা শুদা হাঁহিছোঁ, নজগাবা দেবি মোক হাত জুৰি মাতিছো।
এতিয়াও লাগে মিঠা তোমাৰ হাঁহিটি, দেখিলে তোমাক বাজে প্ৰেমৰ বাঁহীটি, কিন্তু মোৰ লাগে ভয়, জানো পাছে পৰে জয়, লতাজুপি মোৰ দেবি ঢেৰেকনি শুনি, সিতো হাঁয় শুনা নাই মেঘৰ গাজনি। যদি হে স্বৰগ লাগি, যাও অকস্মাৎ ভাগি, লতাজুপি আৰু মোৰ কোনে ডাঙি ধৰিব, আলৈ আখানি হৈ লগতেই পৰিব। তাতেছে বিজুলী মই যদিও প্রাণে নলয়, কাবৌ কৰিছোঁ দেবি নোলাবা নোলাবা, আকৌ বেকাই চকু মোলৈ নেচাবা।
এপাহি পড়ুম।
ফটিকৰ ধাৰ যেন নিজনি বিলত,
কোমল পড়ুম পাহি,
কেনেকৈ ভাহিছে!
ময়লাত উৰি অহা প্ৰেমৰ গীতটি
একে থৰে শুনি শুনি,
কেনেকৈ হাঁহিছে!
দেহি ঐ কেনেকৈ জিলিঙনি কিটি,
সক ঢৌ কেইটিৰ বোকোচাত উঠি,
পদুমৰ মুখ চাই, কি যেন ফটিকা খাই,'
ঢলি ঢলি লৰি আহি
সাবতি ধৰিছে।
এটাইকিটিয়ে কেনে আলফুল কৰি
মুখতে লগাই মুখ
মৰম কৰিছে।
মলয়া বতাহ হৈ ময়ো যেন গৈ,
পদুমৰ কাণে কাণে,
সি গীতটি গাম;
ঢৌটিতে উঠি যেন জিলিঙনি হৈ,
ময়ো যেন তেনেকৈয়ে,
চুমা এটি থাম।
আলফুল কৰি যেন বুকুত শুরাই
টোপনিতে লালকাল মুখ খনি চাম।
কিন্তু মই কি যে হুতাশন, দেখিলেই হব মোক এটাইটি লান;-
বতাহ নবলা হব,
ঢৌকিটি মাৰ যাব, জিলিঙনিকিটি গৈ লুকাব মেঘত, লাজুকী লতাৰ দৰে পদুম পাহিয়ে
লাজে সোতমোট খাই, মুখখনি গহিনাই, তেতিয়াই তুলি লব ওৰণি মুৰত।
প্রিয়তমাৰ চিঠি।
সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙাই, প্রকৃতিৰ চোঁ-ঘৰ চালোঁ পিতপিত; কুকুৰা-ঠেঙ্গীয়া এই আখৰ কিটিত, যি.অমিয়া ঘঁহা আছে কতো আক নাই। কবি-নিকুঞ্জত ফুলি কত কবিতাই, মলয়াত উটি উটি ফুৰে পৃথিবীত, তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত, কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায়। ফুল ফুলে সৰি যায় শুকায় বননি, বসন্তৰ কুঁহি পাত ৰদত লেবেলে; তোমাৰ চিঠিয়ে প্রিয়ে জানে কি মোহিনী, নিতৌ নোহোৱা বাহি, ন ন ফুল মেলে,। যত সুঙ্গো, চুমা খাও, নালাগে আমনি, হৃদয়ত হেপাহৰ ভোটাতৰা জলে।
ইহা কন্দা। সংসাৰৰ দলনিৰ এচুক শুরাই, সৰল শৰালি হালি ফুৰিছিল চৰি, আছিল দুয়োটি কেনে দুইকো আবৰি, স্বৰগৰ প্ৰেমৰ চানেকি দেখুৱাই। নাছিল ধুমুহা ডাৱৰৰ সঁচ নাই, নাচিছিল ৰঙা বেলি দলনিত পৰি, পাহৰা প্ৰেমৰ কথা সুর'ৰি সুৱৰি, হাঁহিছিল হালিয়েই কত চুমা খাই। অদৃষ্ট ব্যাধৰ কাঁড়ে পেলালে ঘৈয়াই, আলসুৱাটিক তাৰ। বিৰহ নজনা অকলসৰীয়াটিৰ কি হল বিলাই। নৌহও তেই পূৰ প্ৰেমৰ সাধনা প্ৰেমৰ পদুম পাহি পেলালে শুকাই, ইহা কন্দা লৈয়ে হায় সংসাৰ ভাৱনা।
✓ বত্নেশ্বৰ মহন্ত।
দুখীয়া দেশৰ ৰত্ন দুখৰ সোদৰ, বহুত আশাৰ কুমলীয়া ঢোপা কলি, নৌহও তেই হাঁয় পাহিটি মুকলি, হ'লা বলি অকালত কাল তক্ষকৰ। নাপাই ই সংসাৰৰ উচিত আদৰ, বর্ণিছিলা যাক তুমি সুখ ঠাই বুলি, লৰালৰি এৰি সংসাৰৰ বালি ধূলি, গলা গুচি সুখলৈ অনন্ত কালৰ। দুয়োৰো সংকল্প মাতৃ ভাষা সেৱিবৰ, পাহৰি পলালা যোগ্য, অযোগ্য থাকিলোঁ, সহিবৰ গুণে শোক বন্ধু বিৰহুৰ। যি কৰে কৰুণাময়ে উচিত সকলো, বুজিব নোৱাৰি আমি দোষো ভ্রান্ত নৰ, লভা চিৰ শান্তি ভাই বেজাৰ এৰিলোঁ।