সেউতী কিৰণ।
(নাটক।)
প্রথম অঙ্ক।
প্রথম দর্শন-নীলকমলৰ ঘৰব এটা কোঠা:
কিৰণৰ প্ৰবেশ।
কিৰণ। সৌন্দৰ্য্যৰ জন্মভূমি স্বৰ্গৰ নিঝবা তাৰ অন্তঃসোঁত কেরল যথার্থ প্রেমিকে দেখিবলৈ পায়। কিন্তু তেতিয়া পৃথিবীৰ বিৰোধী সোঁতে তেওৰ উৎসাহ ভাঙ্গিবলৈ যত্ন কৰে। সেই সৌন্দৰ্য্য এই পৃথিবীৰ নিমিত্তে নহয়। ইয়াত মাথোন তাৰ লাঞ্ছনা হয়। স্বৰ্গৰ পদুম নিবিঘ্নে সদাই বিকশিত হৈ থাকে; কিন্তু মর্ত্যভূমিত তেনে পড়ুমেই সূৰ্য্যৰ উদয়লৈ বাট চায়; কোনো পিনৰ পৰা ডাঠ মেঘ আহি সূৰ্য্যক আবৰি ধৰে, আৰু তেতিয়া পদুমৰ শোভা নষ্ট হয়। আকৌ, নিয়মিত ভাৱে নিলাজ ক'লা বাতিৰ আবির্ভার হয়; তাই শৰীবন পৰা ইমানকৈ এন্ধাৰ ঘাম উলিয়াই আকাশ ব্যাপে যে, সেইবোৰ ঘামে উজ্জ্বল স্বৰ্গজেউতীয়া চকুৰো ৰশ্মি কাঢ়ি নিয়ে---পদুমৰো স্নান অৱস্থা কৰে। কিন্তু মোৰ সেউতীৰ কেতিয়াও মোৰ ওচৰত স্নান অৱস্থা নহয়। মোৰ ৰাতি চকুৰেও মই দিনে দিনে তেওঁৰ লাৱণ্য বাড়ি যোৱা দেখোঁ। মই তেওৰ স্বভাৱৰ ওপৰত সন্দেহ কৰো আৰু ভাবোঁ, মই তেওঁক ঘিণ কৰিম। কিন্তু কোনোমতে মই তেওঁক ঘিণ কৰিব নোৱাৰে।-যিমান তেওৰ পৰা চকু আঁতৰাও, সিমান তেওঁক আৰু ওচৰত দেখোঁ। হায়! যদি এই দূৰতা দুয়ে। জনৰ পক্ষে সমান হলহেঁতেন! মই তেওক যিমান ওচৰত দেখোঁ, তেওঁ মোক সিমান নেদেখে। মোৰ আৰু তেওঁৰ মাজত আন এজন আছে, তেও তেওঁৰ সৃষ্টিৰ দ্বিতীয় বিষয় মাথোন। প্রধান চকুৰে সেই জনকহে চায়-মই তেওঁৰ আর্চি বুকুত মই মোৰ নিজৰ প্রতিকৃতি নেদেখো। মোৰ জীৱন জাহাজৰ আগত যি পথ-আলো আছিল, সি নিষ্প্রভ হৈছেহি। বিপদৰ বন্ধু তুমি মদ। তুমি এইবাৰ বন্ধুৰ কৰ্ত্তব্য আচৰাঁ। মোৰ গধুৰ ভাগৰ তোমাৰ বুৰবুৰণিত লুকাওক।
নন্দনৰ প্রবেশ।
নন্দন! তুমি অহাত সন্তোষ পাইছোঁ।
(মদ পিয়ে।)
নন্দন। মই তোমাক বিচাৰি সেউতীৰ ঘৰলৈ গৈছিলো। তাত নেপাইহে ইয়ালৈ উভতিলোঁ।
কিৰণ। সুহৃদয়! মোৰ আগত আৰু 'সেউতী' নাম মুলিয়াবা। মোৰ চকুৰ মণি সেউতীক দূৰ কৰাঁ, চকুৱে জগতক এন্ধাৰ দেখ্যেক। মোৰ প্ৰাণৰ ঢোকা সেউতীক আজি আঁতৰোৱা, প্রাণ নিঃসহায় হৈ হলি পৰোক।
নন্দন। মই বুঝিব পাৰিছে।, তুমি সেউতীৰ চৰিত্ৰৰ প্ৰতি সন্দিহান হৈছা। কাতৰ নহবা, সেউতী অতি সচ্চবিত্ররতী।
কিৰণ। আপ্ত! মই সেউতীৰ স্বভাৱৰ পৰিমাণ কৰিলে।।
নন্দন। তেওঁৰ স্বভার অনিন্দনীয়। তেওঁ তোমাক অন্তৰেৰেসৈতে ভাল পাই। তেওঁ সকলোকে সাদৰ সম্ভাষণ কৰে। এইটি বৰং তেওঁৰ এটি মহৎ গুণ। এইবাবে তেওঁৰ চৰিত্ৰ কলুষিত বুলি ভাবিলে তেওঁৰ প্রতি অধ্যায় কৰা হব। গাখীৰক তুমি বিষ এটা বুলি বিবেচনা নকৰিবা। তেওঁ নিঃসঙ্কোচে সকলোবে সৈতে আলাপ কৰে; কিন্তু তোমাক তেওঁ ভাল পায়। প্রিয় বন্ধু! এতিয়া আশ্বস্ত হোরা, মই আহো। [স্বগত] শোক মেঘৰ সঞ্চালন কৰি তাক আৰু বিস্তাৰিত নকৰোঁ। [প্রস্থান।]
কিবণ। 'তেওঁ নিঃসঙ্কোচে সকলোৰ সৈতে আলাপ কৰে; কিন্তু মোক তেওঁ ভাল পায়'! নন্দন সবল লোক; তেওঁৰ মন আৰু মুখৰ মাজত শত্রুতা নাই; দুয়ো একেধাৰেৰে কাম কৰে। ঈর্ষাৰ খন্তেক স্তব্ধ-জড় বাজনাত আজি নন্দনে, আংকেী বাজিবলৈ চাবি দিলে।
[প্রস্থান।]
দ্বিতীয় দর্শন।-হৰদত্তৰ ফুল-বাগিচা। সুৰণ আৰু সেউতীৰ প্ৰবেশ।
সুৰথ। সেউতি! চোরাচোন, গোলাপ ফুলটি কেনে সুন্দৰ! নীয়ৰত পাহিবিলাক প্রফুল্লিত হৈছে, থাকি থাকি নীয়ৰ কণিকাবিলাত গছটিৰ পাইদি লাহে লাহে বাগৰি পৰিছে।
সেউতী। ফুলনীৰ শোভাচাই মই বৰ তৃপ্তি পাও। নিতৌ মই রাতি পুরা অকলেই ইয়াত টহলি থাকে।। ফুলবিলাক দেখিলে, স্বভাৱতঃ মনত অপূব প্রীতিৰ আবিৰ্ভাৱ হয়। ফুলৰ সৌন্দর্য্যে ঈশ্বৰৰ মহিমা সৌন্দৰ্য্যৰ আভাস দিয়ে। সুৰণ। ফুল প্রাকৃতিক সৌন্দৰ্য্যৰ সমষ্টি। এই সৌন্দর্য্য জীরন্ত গুণ। ইয়াৰ কাৰ্য্যভৰত উচ্চতৰ, সৌন্দৰ্য্যৰ উপলব্ধি কৰিবলৈ মন আকুলিত হয়। সেউতী। কিন্তু ফুলে স্বতঃ যথার্থ ঈশ্বৰ-প্রেম শিকাব নোৱাৰে। প্রকৃতিৰ অস্ফুট সৌন্দৰ্য্য-ঘৰৰ ই দুৱাৰদলি মাথোন। সেই গুঢ় জ্যোতি মৰ্ত্তা চকুৰে প্রথমে দেখা টান; সেই কাৰণে পৰিস্ফুট ফুল-সৌন্দৰ্য্যৰ সৃষ্টি।
আন এচুকে দি কিৰণৰ প্রবেশ।
(কিৰণৰ ওচৰলৈ আহি) আমাৰ ঘৰলৈ গৈছিল নে কি?
কিৰণ। সেউতি! তুমি ইয়াতে!
সেউতী। হয়, ফুৰিবলৈ আহিছিলো। চাওকচোন, আজি ফুলবিলাকৰ শোভা আনদিনাতকৈ চৰিছে। মোৰ দেখি বৰ শুখ লাগিছে। আপোনাক সৌ ফুলটি লাগে নে? এতিয়া থাওক, ছিঙ্গিলে দেখিবলৈ বেয়া হব, নহয় নে? আমাৰ ঘৰলৈ যাব জানো?
কিৰণ। সুবণ! মোৰ এই পিনে কাম এটা আছে, মই এতিয়া আতো।
সুৰণ। অলপ পৰ বোৱাচোন, ফুৰাঁ। আহিয়েই যোরা নে আক?
কিৰণ। (বিমৰ্ষভারে) এবা।
[প্রস্থান।]
সেউতী। আহা যাও'গৈ। বদ উঠিল।
[ প্রথমে সেউতীব, পাছে সুৰণৰ প্রস্থান।]
তৃতীয় দর্শন।-হবদত্তৰ ক্রীড়া-পুখুৰীৰ পাৰ। কিৰণ আৰু সেউতীৰ প্রবেশ।
কিবণ। মই এতিয়া সুন্দৰকৈ বুজিলোঁ, মোৰ প্ৰতি তোমাৰ গাঢ় স্নেহ কেৱল তোমাৰ পাপৰ ঢাকনী; তোমাৰ কোমল মাতে, বাঁহীয়ে যেনেকৈ সাপক, সেইদৰে মোক মুগ্ধ কৰি থয়, আৰু সেই অৱসৰত তুমি তোমাৰ দুষ্ট অভিপ্রায়ৰ সাধন কৰ।।
সেউতী। আপুনি কি কৈছে, মই একো বুজিব পৰা নাই।
কিৰণ। তোমাৰ পাপ-চৰিত্ৰ ইমান দিন লুকাই খৈছিলা, মই গম ধৰিব নোৱাৰিছিলোঁ। তোমাৰ লারণ্য চন্দ্রৰ ৰশ্মি।
(সেউতীয়ে কিৰণৰ কোলাত হাত থয়)। মোৰ কোলাৰ পৰা হাত আঁতৰোৱ।। চন্দ্রত কলঙ্ক আছে, তোমাত দোষ আছে। তুমি অবিশ্বাসী; তোমাৰ কপট আচাৰ। তুমি সুৰণৰ নিমিত্তে প্রাণ উছর্গি দিলা; এতিয়া সেই প্রাণ ওলটাই নানিবা তুমি পুনৰ অবিশ্বাসী নহবা।
সেউতী। সুৰথৰ- • কিৰণ। মই সকলো স্পষ্টকৈ দেখিছোঁ। এতিয়া আৰু মই তোমাৰ কপট সৌন্দৰ্য্যক চাকি কৰি গোৱা নাই। প্রথমে ভাবিছোল, যদিও তুমি মোক বাসনাযুক্ত ভাাকেৰে চাব নোৱাৰাঁ, তথাপি তোমাৰ মৰম অতি গাঢ়। যদি সেয়ে হয়, তেন্তে সি বৰ ভাল কথা, ইয়াকে ভাবি মই ৰাগীৰ বশীভূত নহলো- বিশুদ্ধ প্রেমত গা ঢালি দিলো। প্রকৃতি অদম্যা-তোমাৰ প্রকৃতি সজাৰ বাজ হল। বিমল অনন্ত প্রেম-সাগৰৰ পৰা তুমি বহুত নিলগত।
সেউতী। মই সুৰ্ধৰ
কিৰণ। সেউতী! আক নকবা, আৰু নকবা। মই তোমাৰ কথা বহুত শুনিলো। (সেউতীৰ চকুলো ওলায়) মই তোমাৰ নিমিত্তে বহুত দিন কান্দিলো আৰু মই নেকান্দে।, এতিয়া তুমি কান্দ।। পাপৰ সোৱৰণীত এতিয়া তোমাৰ আত্মাত ঘাত-প্রতিঘাত হৈছে; আৰু তোমাৰ উপায় নাই। মই তোমাক দেবী বুলি জ্ঞান কৰিছিলোঁ। মোৰ নিজক মই তোমাৰ দ্বাৰা চিনাকি দিছিলো; মোৰ ভিন্ন অস্তিত্ব নাছিল। ভাবিছিলো, মোৰ সুখ নিবরচ্ছিন্ন হব; এবাৰ নেভাবিলোঁ, বিধাতাৰ ৰাজ্যত তেনে সুখৰ ঠাই নাই। তুমি যদি মোৰ হলাহেঁতেন, মোৰ এই নিৰতিশয় দুখময় জীৱনতকৈ আৰু সুখী জীরন নেথাকিলহেঁতেন। মই দেউতাৰ একেটি লৰা; মোক তেওঁ বৰ মৰম কৰে। তোমাৰ নিমিত্তে তেনেকুরা দেউতাৰ আদেশ প্রতিপালন নকৰা হৈছো; আইতাৰ মনত শোক দিছোঁ; বন্ধুবান্ধৱেৰে সৈতে আঁতাৰি হৈছোঁ। যেতিয়াই মোক টকাকড়ি লাগে বুলিছিলো, দেউতাই মোক তেতিয়াই দিছিল। অশিক্ষিত হাতত টকা-কড়ি পৰাত, সক কালতে মই মদপানত অনুৰক্ত হলে।। এই দৰে মোৰ জীৱন অনাদৰত অতিবাহিত হল। কিন্তু সেই কুশিক্ষা আজি মোৰ শিক্ষণ হল। তেনেকুৱা অযত্ন জীৱন নিয়াবলৈ নিশিকা হলে, আজি মোৰ হৃদয় ভাগি গলহেতেন। (সেউতীৰ হাতৰ তলুৱা নিজৰ গালত লগাই, আৰু পাছে তাত চুমাখাই,) সেউতি! তুমি সুখেৰে কালযাপন কৰাঁ, আৰু মোৰ নিমিত্তে চিন্তা নকৰিবা।
দ্বিতীয় অঙ্ক।
প্রথম দর্শন।
সুৰথৰ প্ৰবেশ।
[উভয়ৰ প্ৰস্থান।
সুবথ। সেউতীৰ ৰূপত মই মোহিত হৈছোঁ। তেওঁক এখনন্তক স্থিৰ, গাম্ভীৰ্য্যৱন্ত হৈছে। তেও মোক আগেয়ে মৰম কৰিছিল, পূর্বের মোৰে সৈতে তেওঁ স্বচ্ছন্দকপে নেদেখিলে, মোৰ জীৱন-তৰা অস্পষ্ট হয়। এতিয়া মোৰ প্রতি সেই বাৱহাৰ নাই। কথাবার্তা কৰিছিল; মোৰ ওচৰত হাঁহিছিল মাতিছিল। এতিয়া তেওঁ সদায় চকিতভাবে থাকে। যি হাঁহিবে ফুল বিকশিত হৈছিল, তেওঁৰ মুখত এতিয়া সেই হাঁহি নাই। তেওঁৰ স্বৰ শুনি, গীতকণ্ঠ কুলি লাজত নীবর হৈছিল। এতিয়া তাত পূর্ব শক্তি নাই। তেওঁৰ সেই চঞ্চল, সুখচল গতি বয়সিয়াল গৃহিনীৰ দৰে এই বিলাক দেখি মোৰ মনৰ স্থ্যৈ নোহোৱা হৈছে। তেওঁ যদিও মোক নির্দোষ ভারে চায়, তত্রাচ ভাবিছিলোঁ, মই তেওঁৰ মন ফিবাব পাৰিম। তিৰোতাৰ মন যদিও মণিৰ নিচিনা দৃঢ় হয়, তত্রাচ সি চন্দ্রকান্ত মণি- চন্দ্ৰৰ খোচামোদী কিৰণৰ সংস্পৰ্শত তাৰ কঠিন শৰীৰ দ্রৱীভূত হয়। কিৰণৰ সংস্পর্শত যথার্থত তেও তো দ্ররীভূতা হল; কিন্তু হায়! সেই কিৰণ মোৰ সম্বন্ধীয় নহয়। সেউতী কুমলীয়া লতা, তেওঁৰ নিজৰ স্বাধীনতা নাই, নানা প্রকাৰ বুদ্ধি সাজি কিৰণ তেওৰ আশ্রয়-বৃক্ষ হৈছে। কিন্তু মই যদি সেই বৃক্ষ আঁতৰাব পাৰোঁ, তেনেহলে স্বধর্ম্মতঃ লতা আহি মোত আশ্রয় লব। সেউতীয়ে মোক নিশ্চয় ভাল পায় কেরল কিৰণৰ ভয়ত ভালপোৱা দেখাব নোৱাৰে।
দ্বিতীয় দর্শন।-হৰদত্তৰ ফুল-বাগিচা।
সেউতীৰ প্রবেশ।
[প্রস্থান।
সেউতী। মই কিৰণক যিমান ভাল পাও, মোৰ হৃদয়ৰ দেৱতাত বাজে তাক আনে নেজানে। মই তেওৰ ৰূপত কি মাধুর্য্য দেখো, মোৰ চকুৰ মণিত বাজে আনে তাৰ বুজ নেপায়। তেওঁ'ত মোৰ আসক্তি বর্ণনাতীত। মই কষ নোবাৰে।, কি অপার্থিব পদার্থেৰে তেও সৃষ্ট হৈছে। মই যত বাৰ তেওঁলৈ চাও, মোৰ একে জোৰ চকুৰেই মই তেওঁৰ ৰূপৰ বিভিন্নতা দেখো। কিন্তু যি মূৰ্ত্তিৰ পৰা এনেকুৱা সুশীতল লারণ্য বিনিঃসৃত হয়, সেই মুর্ত্তিয়েই ঈর্ষ্যাগ্নিৰ উৎপত্তিস্থান হৈছে; তাৰ প্ৰভাৱত আজি মোৰ এই শৰীৰ ধাতু শুহিছে। তেও মোত অকাৰণত কোপ কৰিছে। ওপজাৰে পৰা দেখাদেখিকৈ দুয়ো একেলগে বাঢ়িছো; সদাই এক ক্রীড়াভূমিত উমলিছিলোঁ, সাবটাসাবটি কৰি ককাইভনীৰ দৰে একে হাঁহি হাঁহিছিলোঁ। সেই স্নেহ এতিয়া স্নেহ-ভক্তিত পৰিণত হৈছে। মই তেও'ক ককাইক যেনে, তেনে স্নেহ দেখাও গুরুক যেনে তেনে ভক্তি দেখাও; কিন্তু স্বামীক যেনে, তেনে ভালপোৱা দেখাব নোৱাৰোঁ। তেওঁৰ প্ৰতি মোৰ স্নেহ প্রভৃত, মোৰ ভক্তি অগাধ। মই কেতিয়াও অবিশ্বাসী হোৱা নাই। কিন্তু তেওঁৰ ঈর্ষা হিমাচলৰ নিচিনা অটল। আজি কালি তেওঁ মোৰ কথাত উত্তৰ নিদিয়ে। এতিয়া মোৰ জীৱন-ভূমি কণ্টকাকীর্ণ যেন লাগিছে; মই বহুত কষ্টেৰে তাত ভৰি পাৰি আছে।। এই ঈসা, মোৰ প্রতি তেওঁৰ অতুল মৰমৰ প্ৰসূতি মাথোন, এই কথা নজনা হলে, মই কেতিয়াবাই দুখসস্কুল জীৱনৰ ধ্বংস কৰিলোহেঁতেন। এই ঠাইতে এখনি নৈ বও, তাব কুল কুল "শোকধ্বনিবে মিলাই, পাৰত বহি মই কান্দিবলৈ ধৰোঁ। ইয়াতে এটি কুঞ্জ হওক, অভ্যন্তৰত নীবলে চকুলো উলিয়াই সুখলাভ কৰে।।
শুবণৰ প্রবেশ।
সুবণ। সেউতি! তোমাৰ মুখত চন্দ্ৰৰ জ্যোৎস্না নেখেলা হৈছে কিয়?
সেউতী। আহা, উপবেশন কৰ।।
সুৰণ। তোমাৰ শাৰীত বহিবলৈ মোৰ অধিকাৰ জন্মিছে, মোৰ মন তোমাৰ অৱস্থাপন্ন হৈছে; তোমাৰ মন বিষন্ন যেন দেখিছোঁ, মোৰো আজি তদ্রুপ। সেউতি! আজি মই বন্ধুশোকত কাতৰ হৈছোঁ, কিৰণৰ স্বভার নষ্টপ্রায়। তেও দিনে দিনে স্বেচ্ছাচাৰী হৈ উঠিছে; মদপানত উচ্ছত্র ভাবে আসক্ত হৈছে; বেশ্যালয়ত কালাতিপাত কৰে; অপ্রতিপালিত জীৱন ধৰিব লাগিছে। সেউতী। মোক আইতাই সোনকালে মাতিছে। তোমাৰ যদি কিবা
কবলগীয়া আছে, আন সময়ত করা। এতিয়া যাব লাগিল।
[উভয়ৰ প্রন্থান।
আত্মসংযম।
আত্মসংযম সাহসৰ এটা ৰূপান্তৰ মাথোন। ইয়াক স্বভাৱৰ এটা প্রধান অঙ্গ বুলিলেও বুলিব পাৰি। এই কথা লৈয়েই মহাকবি শোক্সপিয়েৰে কৈছে "আগ পিছ গুণি যি কাৰ্য্য কৰে, তেও কেই মানুহ বোলে।" এই গুণটিৰ দ্বাৰাই মানুহ আৰু জন্তুৰ বিভিন্নতা জনা যায়। এই গুণ নেখাকিলে কতো যথার্থ মনুষ্যত্ব থাকিব নোৱাৰে।
আত্মসংযম সকলো ধৰ্ম্মবে মূল-স্বরূপ। কোনো কাৰ্য্যলৈ ঢাল খাব খোজা মনৰ গতিক যদি ভেটা মোকোলাই দিয়া যায়, তেন্তে সেই দিনাবে পৰা মানুহে ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমর্থ হব। তেনে মানুহ জীৱনৰ সোতত উঠি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে।
ন্যায়-অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেরল "আত্মসংযম" গুণৰ দ্বাৰাইহে সাধিব পাৰি। আত্মসংযম গুণে শাৰীৰিক আক নৈতিক জীৱনক বেলেগ বেলেগ কৰি দিয়ে আৰু ইয়েই মানুহৰ স্বভাৱ-গঠনৰ প্রধান উপায়।
"যি বলীয়ে ৰাজ্য দখল কবে, তেও প্রশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে, তেও রেইহে প্রশংসাৰ যোগ্য।" এইবিধব বলী মানুহে, শিক্ষাৰ বলত নিজৰ ভাব, আৰু কাৰ্য্যক সদাই দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাড়ি, সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসম্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদাই এই বিলাক গুণলৈ চকুৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয়, আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিয় হয়।
স্বভাৱৰ আচল ধৰণি অভ্যাস, আৰু মনটোক ভাল পিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়া পিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সুচৰিত্ৰৰ উপৰীয়া ৰজা আৰু প্রলোভনৰ তলতীয়া গোলাম হব পাৰে।। মনেই আমাক ভাল বাটলৈ নিবও পাৰে, বেয়া বাটৰ খালত পেলাবাও পাৰে। সাৱধানেবে শিক্ষা কৰিলেই 'অভ্যাস' গঠিত হয়। বিবেকৰ অধীন হবলৈ শিক্ষা কৰিলে কিমান ভাল কাম কৰিব পাৰি, তাক শুনি আচৰিত হব লাগে। সকলো কথাৰে মূল শিক্ষা, ইয়াৰ বলত মানুহে যে কেনে সাহসী ধৈর্য্যশীল আৰু পৰোপকাবৰ নিমিত্তে নিজ প্রাণ পর্য্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুরা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত, কিম্বা সাগবত যাও'তে, কোনো কোনো মহাবিপদৰ সময়ত তেনেকুরা শিক্ষিত মানুহে যথার্থ সাহস আৰু বিৰত্বৰ শলাগ লব লগীয়া উদাহৰণ দেখুৱাই।
নৈতিক শিক্ষা স্বভার গঠনৰ সম্পর্কে কম পরাক্রমী নহয়। ই নহলে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আৰু একো উপায় নাই। আত্মসম্মান, বিবেকিতা আৰু কৰ্ত্তব্য-পালন এই কেইটি গুণ ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে। আত্মাবলম্বী, আত্মদমনকারী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান শুচাকৰূপে সম্পন্ন হয়, তেওঁৰ নৈতিক স্বভারও তিমান ভাল হয়। তেও নিজৰ আকাঙ্খাকো শিক্ষা দিব লাগে। আৰু এই পৃথিবীৰ লোভক সর্বোত্তম শক্তিৰ তলতায়। কৰিব লাগে। আকাঙ্খাক বিবেকৰ কথা শুনা কৰিব লাগে। নহলে সেইবিলাক মনোগতিৰ বশবর্তী হৈ পৰিব।
হাৰবার্ট স্পেন্চাৰে কৈছে "আত্মসংযম কৰিব পৰা মানুহেইহে সুআহি মানুহ। মনৰ বা প্ৰৱল ইচ্ছাৰ বলত লৰচৰ নোহোর। আত্ম-শাসনকাৰী মানুহে নিজক তুলাচনিৰে জুখিব পাৰে।
নৈতিক শিক্ষাৰ প্রথম আৰু আচল ঠাঁই হইছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালি, শেহত এই জগৎ। কামেই জীৱনৰ প্রধান বিদ্যালয়। আৰু মানুহে যিহকে কৰোক নকৰোক অভ্যাসৰে সৈতে কামৰ সম্বন্ধ আছেই আছে।
আদিতে নিজৰ ঘৰত শিক্ষা নহলে ভাল শিক্ষার আশা কোনোমতে কৰিব নোৱাৰি। যি বিলাক অভিভাবকে লবা অশিক্ষিত ভাৱেৰে ডাঙ্গৰ হবলৈ দিয়ে তেও বিলাকৰ প্রতি ধিক্কাৰ আৰু তেও বিলাকৰ কুলৰো ধিক্কাৰ।
গতে শিক্ষা অতি ভাল হয়, আৰু যতে শিকিলেও শিকাৰ গুণ ধবে সেইয়েই শিক্ষাৰ উত্তম ঠাই বা ঘৰ। নৈতিক শিক্ষাই প্রকৃতিব নিয়মৰ অনুবর্তী হৈ কাৰ্য্য কৰে। এই শিক্ষাৰ দ্বাৰাই যি বিলাক মানুহে জীৱনক কু-অভ্যাসৰ তলতীয়া নকৰাকৈ কাম কৰিব পাৰে তেওঁৰ পৰাইহে নিজৰ, সমাজৰ আৰু দেশৰ উপকাৰ সাধন হয়।
গৃহস্থালী শিক্ষাৰ গুৰুত্ব বিষয়ে চিস্পেল পেল্লিংক্স চাহাবৰ ঘৈনীয়েকৰ "জীৱন-চৰিতত” এটা প্রকৃত ঘটনা সুন্দৰৰূপে তলত লেখা দৰে বর্ণিত আছে; কোনো এজনা ভদ্র মানুহৰ তিকতাই গিৰিয়েকৰ সৈতে ইংলণ্ড আৰু আন মহাপ্ৰদেশৰ বহুত পগলাফাটক চাই ইয়াকে জানিব পাৰিলে যে, যিবিলাকে সকতে শিক্ষা নেপাইছিল আৰু মনৰ প্ৰৱল গতিত কোনো বন্ধুৰ বাধা নেপাইছিল, প্রায় তেনেকুরা মানুহহে ফাটেকত আছিল। কিন্তু যিবিলাক সৰহীয়া পৰিয়াল থকা ঘৰৰ মানুহ আৰু যিবিলাকক সৰুৰে পৰা সুশিক্ষিত কৰা হৈছিল, তেনেকুৱা মানুহ অতি কম পৰিমাণেহে পগলা হোৱা দেখা গৈছিল। যদিও নৈতিক স্বভার বহুত পৰিমাণে গৃহস্থালী শিক্ষা ও বালা শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। এজন পাৰদর্শী পণ্ডিতে কৈছে যে লাটীন আৰু গ্রীকৃ ভাষা যেনেকৈ শিকিব পাৰি, অভ্যাস আৰু ইচ্ছাকো সেই দৰেই পাৰি।
বিদ্যোত্তম জন্মন্ চাহাবে, যদিও সকৰে পৰা নিজে সদাই আমনজিমনকৈ বেজাৰ মনেৰে থাকে, তথাপি কৈ গৈছে যে, "মানুহৰ মন বেয়া লগা ভাল লগা তেও'ৰ নিজৰ ইচ্ছাৰ ওপৰতে বহুত পৰিমাণে নিৰ্ভৰ কৰে।" আমি নিজক ধৈর্য্যশীল আৰু সন্তোষী হবলৈ শিকাব পাৰোঁ, আৰু অসুখী হবলৈও শিকাব পাৰোঁ। আমি যত্ন কৰি মহাবিপদৰ বাটত টানভেটা মাবিবও পাৰোঁ, আৰু বাট মোকোলাই দি সকশুৰা বিপদকো আনি গিলিধৰা কৰিব পাৰোঁ। এতিয়া জানিব পাৰিছোঁ যে, আমি নিজক ভাললৈও ঢালখুৱাব পাৰে। আৰু বেয়ালৈও কতীয়। কৰিব পাৰে।। সকলোকে আনন্দ মনেৰে চোৱা আৰু জীৱনক আশান্বিত কৰা অভ্যাসকো, আন আন অভ্যাসৰ দৰে আমি চিৰকলীয়া কৰিব পাৰো। "কোনো ঘটনাৰ ভাল ফাললৈহে চোৱা অভ্যাসটি বছৰি লাখ টকাতকৈও মূল্যবান" জ্ঞানী জচন্ চাহাবে কোরা এই কথাটিক আমি নহয় বুলিব নোৱাৰো।
প্রকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুটিয়েই ধাৰ্ম্মিক মানুহৰ জীৱনৰ প্রধান অঙ্গ। মানুহ ধীৰ আৰু চাৰিওপিনে চকুফুকরা হব লাগে। বেয়াক উকলিয়াই ভালক গিলিব লাগে। জীৱনৰ সজবাটত আগ বাঢ়ি যাব লাগে। বিবেকৰ বশিভূত হব লাগে, বিপদক হেচা দিব লাগে, আক আপদত সাহ আক ধৈৰ্য্যৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পার্থিব পাপ অসুৰক যুদ্ধত জিনিব লাগে। হৃদয়ত ধৰ্ম্মগছ জুপিক তললৈ শিপা মেলিবলৈ দিব লাগে। আৰু কৰ্ত্তব্য কাৰ্যাত ভাগৰ লগা হব নেলাগে। এই বিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিবীকেই স্বর্গ বুলি ভাবিবা!
অনুতাপ।
দেখিছোঁ কণ্টকময়,
পাপীৰ লগত পৰি,
এই যে পৃথিবী, হায়, সমুলঞ্চে মৰিলোঁ।
পাপৰ বান্ধেৰে নই দুটি পার বান্ধিলোঁ ॥ লভি জ্ঞান-জ্যোতি-কণা
বিবেচিলো শুদ্ধমনা,
হৰিত থাপিম ভক্তি, কিন্তু পাপ কবিলোঁ।
মায়াদেবী মিঠামাতে
মৰীচিকাময় হাতে
আবৰিলে চকু, যেবে পৃথিবীত জন্মিলে।।
হলোহি মদত মত্ত,
পৰি পাচে যৌৱনত,
মদাহ্ম হৰিণ যেনে,
দেখিলে। কণ্টক আগে
গভীৰ দীঘিকা-বাৰি,
কিন্তু কি নেভাবি কি পৰিণাম, মহোল্লাসে জাঁপিলে।।
কৰিম হায়
এবে ময় নাৰায়ণ
অন্ধকূপে আছে। মই, পতিত-পারন, ৰাখা, সমূলঞ্চে মৰিলোঁ ॥
সাধু-সঙ্গ পৰিহৰি, দুষ্ট সঙ্গে মিলিলো।
মুশুনি সাধুৰ কথা বহুদূৰে তেজিলে।।
আকর্ষণী মন্ত্রে নাগ, মৃত্যুকুণ্ডে পৰিলে।।
-উঠিবৰ চেষ্টা মিছা, হায় মই বুৰিলে।।
কৰা ৰক্ষা এইবাৰ, মিছা প্রাণ ধৰিলোঁ।
আগপাচ মনে মনে,
যেন জন্মেজয়-যাগে
চিন্তি মনে মলহাৰী
নৰকৰ কুণ্ড প্রায়
যেন পক্ষী পক্ষ হীন
তুমি বিনে ৰক্ষা নাই
প্রকৃতি।
আহা, কি শুরনী শোভা প্রকৃতিৰ গাত!
যেনিয়ে চকুৰে চাওঁ,
মনত তৃপিত পাওঁ
লতা তৃণ আদি কবি, কাৰো নাই মাত,
সকলো নিস্তব্ধ, বন একেবাৰে সাঁত।
ভূচৰ খেচৰ সবো নিমাত হইছে,
কিনো শোভা বিতোপন,
শীতল হইছে মন,
সুস্নিগ্ধতা অন্তৰত ক্রমে বিয়লিছে,
ক্রমে আনন্দত যেন মন উথলিছে।
দেখোঁতে দেখোতে ক্রমে হইছে গধূলি, কিবা বর্ণ শোভাকৰ, হালধীয়া ৰঙাবর্ণ কোনে থৈছে খুলি! কিন্তু, ববি অন্তর্হিত হইব সমূলি! সি জন বা আছে কত গুপুত ভাৱেৰে,
-আহা ভানু কি সুন্দর,
যি জন সবাৰ পূজা,
নিৰমিছে হেন সূৰ্য্য,
যি সূৰ্য্য এন্ধাৰ হৰি সৃষ্টি আলো কৰে,
জীর জন্ম ৰঙ্গ কৰে যাহাৰ পোহৰে। এইদৰে যি সুকষে চলাইছে বস্তুধা,
ভূমণ্ডল-লোক-ভর্তা,
ববি নিবমান-কৰ্ত্তা,
আছে ক'ত, ক'লৈ গ'লে দূৰ হ'ব ক্ষুধা, অন্তৰ হ'ইব শুদ্ধ, পিম ভক্তি-সুধা।
(২)
গক খেদি ঘৰ-ফালে আহে গৰখীয়া,
গৰুৰ গুড়াত উঠি,
ধূলি গৈ মুঠি মুঠি
পৰিছেগৈ বিৰিখত শুৱনি-পতীয়া,
হ'ইছে সকলো পাত বগা বৰণীয়া।
তাৰ পাছে লাহে লাহে পড়িছে নিয়ৰ, ধূলি গুচি বোকা হ'ল
আগৰ শুৱনি গ'ল,
নন শোভা দুটা হৈছে গছৰ পাতৰ,
আনন্দ-দায়ক আক মন-তৃপ্তিকৰ। সূক-সন্তপ্ত পাত আগে কুচিছিল,
এতিয়া নিয়ৰ পাই,
আনন্দৰ সীমা নাই,
জেকি জেকি সকলোটি ক্রমে মুকলিল; পানী পাই শুকান পাতো আকৌ উঠিল। নিয়ৰৰ পানী ক্রমে বাঢ়িব লাগিছে,
টপ্ টপ কৰি পাছে,
. সেই শব্দ কর্ণে পশি অমৃত ঢালিছে। দেহ মন একেবাৰে শীতল লাগিছে।
টোপালৰ শব্দ হইছে,
পৰম পুৰুষ সিতো অতি জ্ঞানবান্
যাৰ গুণ দিন বাতি,
প্রকৃতি কৰে আৰতি,
ইচ্ছা হয় দেখো-ক্ষেনে পুরুষ মহান, যি জনে কৰিলে এই, প্রকৃতি নিৰ্ম্মান!