ব্রহ্মযাত্রীর ডায়েৰী।
ভালেমান দিনৰ পৰা ব্ৰহ্মদেশ চাপৰ হেঁপাহ আছিল। অসমৰ বুৰঞ্জীয়ে সৈতে ব্রহ্মদেশৰ বৰ সম্বন্ধ আছে। যি কুক্ষণত প্রথমে ব্ৰহ্মদেশৰ মানুহে অসমত ভৰিৰ ধূলা পেলালেহি, সেই মূহুৰ্ত্তৰ পৰাই অসমত শনিৰ উদয় হল, অসমৰ ভাগ্য- লক্ষ্মী চঞ্চলা হল। শেষ ইয়াণ্ডাবুৰ সন্ধিত, অত্যাচাৰী মানহঁতৰ হাতৰ পৰা আমাৰ দেশ পৰমেশ্বৰৰ কৃপাত দয়ালু প্রজ্ঞাবঞ্জন ইংবাজ গবর্ণমেন্টৰ হাতলৈ আহে, আৰু চুকাফা ৰজাৰ বংশধৰ সকলব ৰাজত্বৰ অন্ত পৰে।
যি মানুহ অসমত ওপজে, অসমীয়া গাঁওত অসমীয়া আইৰ কোলাত ডাঙ্গৰ হয়, তাৰ স্বভাবতঃ একদেশ চাবলৈ এটা হেঁপাহ হয়। অসমীয়াই কেচুৱাৰ পৰা মাক বাপেকক মুখে দি "মান অন। ফুকনৰ" কথা পিজে) গাভক, ৰাজমাও দেরতা, রূপচিং, মিঙ্গিমাহা তিলোরা, বন্দুল। আক গাঁৱৰ জাঁকি ইত্যাদিৰ কথা শুনি শুনি ডাঙ্গৰ হয়। কেচুৱা লৰাই কান্দিলে মাকে "মান আহিছে" বুলি নিচুকায়। মানব অত্যাচাৰৰ কথা শুনি অসমীয়া লবাৰ অন্তৰত সকবে পৰা প্রতিহিংসাৰ জুই ধোঁৱাবলৈ ধৰে, আৰু যি মানৰ ভয়ত কিছুমান বম্ভবৰ পূর্বের স্নেহময়ী মাকে নিজৰ কোলাৰ সন্তানক দলিমাৰি পেলাই প্রাণ লৈ পলাইছিল, তেনেকুৱা ভয়ঙ্কৰ মানক চাবলৈ মন বৰ উত্রারল হয়।
এতিয়া মানৰ দেশ ইংৰাজৰ কৰতলীয়া হৈছে। মান দেশত ইংৰাজৰ ৰেল জাহাজ চলিছে আৰু বিজুলী-ডাকৰ তাঁৰ হৈছে। মানব লৰাই বিশ্বব্যিালয়ৰ পৰীক্ষাত উঠি সুশিক্ষিত আৰু জ্ঞানী হৈছে আৰু বিলাত আমেৰিকা প্রভৃতি ঠাইত বিদ্যাৰ মহল। দি আহিছে। আমাৰ দেশতকৈ ব্ৰহ্মদেশৰ শাসন প্রণালীও অনেক উন্নত হৈছে। শান্তি আৰু সুশাসন লাহে লাহে বিস্তৃত হৈছে। মানদেশ চাবলৈ বৰ হেঁপাহ আছিল। ঈশ্বৰৰ কৃপাত সুযোগো পালো। গোটেইখন মানদেশ চাব নোৱাৰিলেও মানদেশ চোৱাৰ নাম কৰি আহিলোঁ। আমাৰ দেশৰ পুৰণি- কলীয়া মানুহে ব্রহ্মদেশক মানদেশ আক চীনদেশক খেহদেশ বোলে।
ব্রিটিচ-ইণ্ডিয়া-স্বীম্-নেভিগেশান কোম্পানীর জাহাজে সপ্তাহত দুবাৰ কলিকতাৰ পৰা বেঙ্গুনলৈ ডাক অনা নিয়া কৰে। প্রতি শনিবাৰে আৰু মঙ্গলবাৰে এই জাহাজ কলিকতাৰ পৰা যায়। আজি শনিবাৰে ৰাতি পূরা ১১ বজাত "পালিটানা" জাহাজ (৪. 8. Palitana) ডাক লৈ বেঙ্গুনলৈ যাব। কলিকতাৰ মেকিননৰ ঘাটত পালিটানাই ধোঁৱা উগাৰিব লাগিছে। আমাৰ লগত যোরা বন্ধু বান্ধর সকলে আমাক জাহাজত তুলি দি বিদায় ললে। লম্বৰ তুলি লাহে লাহে ভাগীৰথীৰ বুকত চলিবলৈ ধৰিলে।
শিবপুৰৰ ইঞ্জিনিয়াৰিং কলিকতাৰ সুন্দৰ ঘৰ-বাড়ী ক্রমে এৰি আহিলো। কলেজ জাহাজৰ পৰা দেখি ভাল লাগিল। ১ টা বাজাত জাহাজ অলপ পৰ ৰল। টিফিনৰ ঘণ্টাত কোব পৰিল। খানা খোৱা টেবিলৰ দুয়ো কাষে আহি চাহাব মেমবোৰ গিৰ গিৰ কৰে বহিলহি। টিফিন খোৱা হলত জাহাজ আকৌ চলিবলৈ ধৰিলে। গধূলি ডায়মণ্ডহাৰবাবব আগত জাহাজে লম্বৰ কবিলে। জাহাজত ইলেকটি ক্ লাইট বা বিজুলীৰ পোহৰ আছে। এতিয়া সেইবোৰ আপোনা আপুনি জলি উঠিল। তাৰ পাছত ডিনাৰৰ ঘণ্টাত কোব পৰিল। এই ডিনাৰ চাহাব- বিলাকৰ প্রধান খোর।। চাহাব আৰু মেমবিলাকে সুন্দৰকৈ মূৰ আচুবি, ভাল নিকা কাপোৰ পিন্ধি, খানা খাবলৈ বহিল। কাঁটা চামোচৰ কটাকট্ শব্দ, বিলাতী পানীৰ ধুমধুমনি খুব শুনা গল। চাহাববোৰৰ গিলাচবোৰ পট, ক্লেৰেট, চেস্পেন প্রভৃতিৰ নিমিত্তে নানা বৰণীয়। দেখা গল।
আমাৰ খোটালিত মই আৰু মোৰ লগৰীয়া বন্ধুৰ বাহিৰে আৰু কোনো যাত্রী নাছিল। ৰাতি আঠ বজাৰ পাছত অলপ চাহ খাই চাকি মুমাই দুই বন্ধু শুই থাকিলো। নিশা কোনো উন্মুকিয়াব লগীয়া ঘটনা হোরা নাই। কালিলৈ সমুদ্র (Bay of Bengal) পাম গৈ।
১২ মার্চ ১৮৯৩।
পুরা।-পুরা হাত মুখ ধুই ডেকৰ ওপৰত ফুৰিবলৈ গলো। এজন চাহাবে বেলিঙতে আউজি ভাগীৰথাৰ ঢউ ধেমালী চাই আছে। নৈৰপৰা জুৰ বায়ু লাহে লাহে বলি আমাৰ শৰীৰ শীতল কৰি গৈছে, পুৱাৰ বতাহ যে কিমান জুৰ আৰু মনোবম তাক অনুভব কৰিব পাৰি, বৰ্ণাব নোৱাৰি। এবাৰ এজন অধ্যাপকে পড়াওঁতে কৈছিল "পুরাব শীতল সমীৰণ উপভোগ কৰাঁ। ই মোৰ এশ বক্তৃতাতকৈও, বহুমূলীয়া।" তেওঁৰ কথাৰ বেচ মৰ্ম্ম এতিয়া বুজিব পাৰিছোঁ।
ভাগীৰণী ক্রমে বৰ বহল হৈ গৈছে। দুযোপাৰৰ গছ গছনি ৰিণি বিণি মনিব পাৰি। "চি-গল্" চৰাইবোৰ জাকে জাকে জাহাজৰ কাষত আনন্দ মনেবে উড়ি ফুৰিছে। কোনো কোনোটো, জাহাজৰ ভিতৰ সোমায়ে ওলাই গৈছে। ডেকৰ বেঞ্চ এখনত বহি পানীৰ লীলা খেলা চাইছো। মোৰ গাৰ ওচৰেই কেইবাটাও চৰাই উডি গৈছে। এই চৰাইবোৰ দেখিবলৈ চিকোণ, ইহাঁতৰ ধেমালিও চাবলৈ বৰ ভাল। কুমাৰী মেৰি ইউইট্ট্ৰ তাহানি পড়া Sea Gull কবিতালৈ মনত পৰিল। ৯০০ বাজাত (Breakfast) ব্রেকফাস্ট ঘণ্টাত কোব পৰিল। চাহাব- বিলাকৰ ভিতৰত প্রধান ভোজন তিনিবাৰ হয়ঃ- (১ম) দুপৰীয়া আমি ভাত খোর। সময়ত চাহাববোবে যি খান। খায় তাকে (Breakfast) ব্রেক্কাস্ট বোলে; (২য়) ১ বজাত চাহাববোবে টিফিন গায় (৩য়) সন্ধ্য। লাগিলে ডিনাৰ (Dinner) খায় এই ডিনাৰ সকলো বাৰৰ ভোজনতকৈ ডাঙ্গব ভোজন। ইয়াৰ বাহিৰে আৰু তিনবাৰ অলপ ভোজন হয়- (১ম) পুরা শুই উঠাৰ পাছতে ছোট হাজিবি; (২য়) আবেলি ৪ বাজাত (৩য়) বাতি শুবৰ সময়ত অলপ চাহ বা কাফি কটি কিংবা বিস্কুটেৰে সৈতে খায়। ইয়াৰ দ্বাৰায় বুজিব পাৰি ইংৰাজ বিলাকৰ খোৱাৰ খিতাপ কিমান।
১০ বজাৰ পাছত বঙ্গোপসাগৰ দেখা পালোঁ।
বঙ্গোপসাগবত।
মই মোৰ বন্ধুৰ লগত আমাব খোটালিৰ ভিতৰত বহি কথা পাতি আছিলোঁ। ঢৌৰ হেন্দোলনিত আমাৰ জাহাজ বৰকৈ কঁপিবলৈ ধৰিলে। এনেতে কিছুমান চাহাব আৰু মেমে "Ses" "Sea" বুলি চিয়ৰা শুনি আমি বৰ উলাহেৰে ডেকৰ ওপৰলৈ লৰি আহিলোঁ। আহা! চকুৰ আগত যি অসীম পানীব, বাজ্য দেখিলে। তাক নমৰোমানে পাহৰিব নোৱাৰিম। হেজাৰ হেজাৰ ঢৌ আৰু ফেনৰ থুপিৰে সৈতে সাগৰে গৰ্জ্জিব লাগিছে। সাগৰৰ পানী নীল বৰণীয়া। ওপৰত অনন্ত নীলাকাশ মাজে মাজে দুচপৰা এচপবা বগা বগা ডাৱৰে বাট হেকরাই উৰি ফুৰিছে; তলত পাৰ-কুল নেদেখা নীল সমুদ্র; এই দুয়োকো যত মিলা দেখি সেই মিলন-ৰেখাটিলৈ চাই পঠিয়ালে মনত এক অপূব ভাবৰ উদয় হয়। আমাৰ জাহাজে "সাগব-দ্বীপ" এৰিলে; (pilot) গুৰিয়ালে জাহাজৰ গতি ঠিক কৰি দিলে। দিগদর্শণ যন্ত্ৰৰ দক্ষিণমুরা হৈ জাহাজ চলিবলৈ ধৰিলে। আমি ভাবত, ভূমিৰ পাৰ একেবাৰে নেদেখা হলো। আমি বঙ্গোপসাগৰত।
লাহে লাহে সন্ধিয়া আহিল। সাগৰৰ বুকুত বেলি মাৰ যাবলৈ ধৰিছে। মেঘৰ সুৰুঙাই দি সোণোৱালী কিৰণ আহি সাগৰত পৰিছে। সাগৰৰ ঢৌবিলাকে কঢ়া-আজোৰা লগাই সেই কিৰণমালাক খণ্ড খণ্ড কৰি কোনোবা দেশ পোরাইছে গৈ। এতিয়াৰ এই মনোহৰ দৃশ্য দেখি বোধ হল, যেন নীল-সাগৰৰ গাত কোনোবাই সোণৰ ৰেণুহে চতিয়াই দিলেহি।
বাতি ডেকৰ ওপৰত জুৰ লবলৈ বৰ ভাল। সমুদ্রৰ বা পাই গা বৰ জুৰ লাগে। আমি দুই বন্ধুয়ে ভালেমান বেলি সাগৰৰ শীতল সমীৰণ উপভোগ কৰি, শেহত নিজৰ খোটালিলৈ আহি শয়ন কৰিলোঁ।
সমুদ্রত বাতি লম্বৰ পেলাই জাহাজ বাখিব নোৱাৰি। বাতিয়ে দিনে জাহাজ অবিশ্রাম গৈ থাকে। সমুদ্রগামী জাহাজ-বিলাকত পাল তৰিবৰ দিহা আছে। কলৰ জোৰ আৰু পালৰ সাহায্যত জাহাজ চলে। বতাহ অনুকূল হলে পালবোৰ তৰি দিয়া হয়, আৰু প্রতিকূল হলে পালবোৰ সামৰি থোৱা হয়। আমাৰ জাহাজত এতিয়া পাল তৰি দিয়া নাই, অকল কলৰ জোৰত চলিব লাগিছে।
১৩ মার্চ ১৮৯৩।
অকূল সমুদ্র। যেনিয়ে চাই পঠিয়াওঁ কেরল পানী, ঘোৰ নীল বৰণীয়া পানী, দেখিলে প্রথমে ভয়লাগে। কালি সাগৰৰ পানী অলপ নীল বৰনীয়া দেখিছিলো; কিন্তু আজিৰ পানী ঘোৰ কৃষ্ণবর্ণ, মহীব নিচিনা। সঁচাকৈয়ে আমাৰ মানুহে সাগৰক "কলীয়া পানী" বোলে। কেনিও চৰাই এটিৰ মাত মুশুনা হলোঁ।
সমুদ্রত সূৰ্য্যোদয় চাবলৈ বৰ ভাল। আজি আকাশত ডাৱৰ থকা বাবে সূৰ্য্যদেৱতাৰ মুখ দর্শন নঘটিল।
সাগৰৰ পানী লুণায়া। এই পানী পিব নোৱাৰি। যাত্রীসকলৰ ব্যৱহাৰব নিমিত্তে নিকা পানী জাহাজত কলিকতাৰ পৰা অনা হৈছে। সাগৰৰ পানীৰে গা ধুলে গা বৰ লঘু আৰু ভাল লাগে। কোনো কোনো ইংৰাজ বেজে কয় বোলে এই পানীৰে গা ধুলে ছালৰ ব্যাধি (skin-disease) অনেক পৰিমাণে ভাল হয়। প্ৰথম শ্ৰেনীৰ যাত্রীসকলৰ নিমিত্তে বেলেগ গা-ধোরা ঘৰ আছে। বাতি পূরা এই গা-ধোৱা ঘৰৰ দুৱাৰ-মুখত চাহাববিলাকে স্পঞ্জ আৰু গামোছা লৈ গা ধুবলৈ বাট চাই থাকে। এজনে গা ধুই ওলাই আহিলেই তেহে সতৰাই সোমাব পাৰি। আমি খুব পুরাতে আন লগৰীয়া যাত্রীসকল নৌ উঠোতেই গা ধুবলৈ গলো। গা ধোৱা ঘৰত কল লগোৱা আছে। কলৰ পেঁচ খুলি দিয়া মাত্রকে গা-ধোর।
ডাঙ্গৰ টক্ বা চবিয়া পানীৰে ভৰি গল। ওপৰত খাৱাৰ-বাগ (shower-hath) আছে। আধা ঘণ্টামান সাগৰৰ লুণীয়। পানীৰে বেচকৈ গা ধুলোঁ। মূৰৰ চুলি- বিলাক আঠাৰ দৰে অলপ লেকেটা লেকেটি লাগি ধৰিলে; তেতিয়া "মিঠা-পানী" অর্থাৎ কলিকতাৰ পৰা নিয়। নৈৰ পানীৰে আকৌ ধুলো। মোৰ গাটো বৰ পাতল লাগিল, মনত খুব ক্ষুত্তি হল। মই স্বর্গত নে পৃথিবীত পাহৰি গলে'।। মোৰ লগৰীয়। বন্ধুবৰ বেমাৰী হলেও সাগৰৰ পানীৰে গা ধুই তেৱে। বৰ লঘু পালে। সমুদ্রব পানী আৰু বতাহৰ বৰ গুণ। কলিকতাত পাকোঁতে মোৰ বন্ধুৰ গাত ভালেমান দিনব পৰা ঘৰ আছিল। তেওঁৰ একোকে পাবলৈ কচি নজন্মিছিল। কিন্তু সমুদ্রৰ পানীৰে গা ধুই, সমুদ্রব জুৰ বা লই, তেওঁৰ অলপো জ্বৰ নোহোৱা কল, সুস্থ মানুহৰ দবে তেওঁব গোর। বস্তুত কচি হল। তেও নিৰোগীৰ দৰে বৰ বঙ্গত আছিল। সাম্ভবত যোৱাব এটা প্রধান গুণ এই যে যিহকে খোরা যায়, সেয়ে ততালিকে জাণ যায় আৰু বেগাই ভোক লাগে।
IDEAS gelle 85
আক্তি বাতি পুরা এটা "লাইট্-হাউচ্" দেখা গৈছিল।
সমুদ্র কেতিয়াও স্থিব নশ্চয়। সদাই সমুদ্রত ঢৌ থাকে, সদাই জাহাজ হেন্দুলি হেন্দুলি গৈ থাকে। সাগৰত বৰকৈ বতাহ বলে পতাকাৰ ঢৌবিলাকে ভয়ঙ্কৰ ৰূপে গম্ভিবলৈ ধৰে। সেই ঢৌৰ আঘাতত জাহাজৰ হেন্দোলনি ইমান বেচি হয় যে যাত্রীসকলৰ মূৰ পূৰি যায়। অনেক যাত্রী অচেতনৰ নিচিনা হৈ কেবা দিনলৈকে পৰি পাকে, একোকে খাব নোৱাৰে। অনেকে আকৌ হোলোকে হোলোকে বাঁতিয়াবলৈ ধবে। সমুদ্র-যাত্রীসকলৰ এনেকুৱা অৱস্থাকে (sea- sickness) বা "সাগৰ-ব্যাধি" বোলে। এই "চি-চিহ্নেচ্" হলে, শুনিছো, ১০।১৫ দিনলৈকে অনেক যাত্রী অচেতন হৈ পৰি থাকে। সমুদ্রত যাওতে জুলীয়া বস্তুতকৈ টান বস্তু সৰহকৈ খাব লাগে, আক জাহাজখনৰ তলিলৈ বৰকৈ চাব নেলাগে। সমুদ্র চাব খুজিলে বহুত দূৰলৈ দৃষ্টি নিক্ষেপ কৰিব লাগে। আমাব "চি-চিনেচ্" হয় বুলি বৰ ভয়ে ভয়ে আছো। কিন্তু আজিলৈকে সেই নৰিয়া ওচৰ চাপিব পৰা নাই।
তাহানি কিতাপত পঢ়িছিলো, আৰু লোকৰ মুখত জানিব পাৰিছিলে'।, বোলে, সাগৰত এবিধ পাখি-লগা মাছ আছে। এই মাছ সাগৰত উড়ি ফুৰে। ঈশ্বৰ সৃষ্টিৰ ইও এক আশ্চর্য্য বস্তু। আমি এই উড়নীয়। মাছ (flying-fish) চাবৰ নিমিত্তে বৰ হেঁপাহ কৰি থাকিও আজি পর্য্যন্ত এই মাছ দেখা নেপালোঁ। শুনিছোঁ, কলম্বলৈ গলে সময়ে সময়ে সমুদ্রযাত্রীসকলে এই মাছ দেখা পায়। নিশা জাহাজ গৈ মার্টাবান উপসাগৰ পালে গৈ। কালিলৈ দুপৰীয়া ব্ৰহ্ম-
দেশৰ ৰাজধানী বেঙ্গুন নগৰত ভৰি দিম।
১৫ মার্চ ১৮৯৩।
ঐবাৱতী নৈত।
পুৱাৰ পোহৰ সৰু খিলিকি দুৱাৰেদি আহি আমাৰ কেবিনত পৰিছেহি। যোৱা দিনৰে পৰা চৰাই-চিৰিকতি, গড় বন এডালে। সমুদ্রত উটি অহা দেখা নাই। যেনিয়ে চাই পঠিয়াইছিলো, কেরল যোৰ কলীয়। এখুপি এখুপি বগা ফেনহে দেখাপাইছিলে।। পানী আৰু প্ৰতি ঢৌৰ মুখত আজি চৰাইব মাতে আহি টোপনিৰ পৰা জগালেহি। বৰ উলাহেৰে উঠি খিলিকি দুরাবেদি মুখ উলিয়াই অলেখ সামুদ্রিক চৰাই দেখি জানিলে।-ব্রহ্মদেশৰ ওচৰ চাপিছোঁহি। চাহ খাই ডেকৰ ওপৰলৈ উঠিগৈ বিণি ৰিণি ব্রহ্মদেশৰ গছগছনি দেখি মনত বৰ ৰং লাগিল।
ঐৰাৱতী নৈৰ বিশাল মুখ দেখা পালে।। আমাৰ জাহাজ ঐৰাৱতীত সোমাই ক্রমে উজাই যাবলৈ ধৰিলে। ইয়ো কাষৰ গছ-লতা, ঘৰ-বাড়া, পশু-পক্ষী, মানুহ ইত্যাদি দেখি বব সন্তোষ পালো। বাশ্মিজ বেপাৰিবোৰে নাৱত উঠি পাল মেলি দি বেহা কৰিবলৈ গৈছে। ঘাটৈয়ে সক সক নারত ইপাৰৰ মানুহক সিপাৰলৈ, সিপাৰৰ মানুহক ইপাৰলৈ অনানিয়া কৰিছে। ঐৰাৱতীৰ পৰা পানী নিবলৈ অহা বাশ্মিজ ছোৱালীবোৰৰ কোনো কোনোরে, আমাৰ জাহাজ দেখি, চাপৰি বজাই, কোনোরে নাম গাই, কোনোরে বা নাচি আমোদ কৰিবলৈ ধৰিলে।
যত ঐৰাৱতী নৈ সাগৰেবে সৈতে মিলিছে সেই খিনিতে সাগৰৰ পাৰত বান্দৰ দেখা পালোঁ। বান্দৰে নির্জন সাগৰৰ পাৰত থাকিবলৈ ভাল পাই হবলা। সেই দেখিয়েই বোধ কৰে। তাহানি শ্রীৰাম চন্দ্রই লঙ্কাৰ সেতু বান্ধিবলৈ সাগৰৰ পাৰত অসংখ্য বান্দৰ পাইছিল।
১০ বজাত জাহজ "এলিফেন্ট পইন্ট" কোঠৰ ওচৰত ভালেমান পৰ ৰৈ
আছিল। ঐৰাৱতীৰ দুয়োকাষে অনেক কল, কাৰখানা, নাও, জাহাজ আৰু মান্দ্ৰাজৰ কুলি আছে দেখি জানিলো এই ঠাই ডোখৰ বৰ বেপাৰৰ ঠাই।
দুটা বজাত আমাৰ জাহাজ বেঙ্গুন নগৰৰ ঘাটত লাগিলহি। বন্দবত জাহাজ আৰু মানুহৰ বৰ ভিড়। জাহাজ চপা মাত্রকে অনেক মুটিয়া বা মোটবাহক কুলি জহাজত উঠিলহি। "বেঙ্গুন গেজেট" আৰু "ৰেঙ্গুন টাইম" নামেৰে স্থানীয় প্রধান দৈনিক কাকতত যোরা কালিয়েই আমাৰ জাহাজৰ প্রথম শ্রেণীৰ যাত্রী সকলৰ নাম ছপা দেখিলো। সুতবা আমিও আমাৰ নাম সেই কাকতত ছপা দেখিলো। "ব্রিটিড্ ইণ্ডিয়া হোটেল" "চার্কিজ হোটেল," "ইভাবচেড্ হোটেল" নামেৰে কেইটিমান প্রধান প্রধান হোটেল বা পান্থশালা বেঙ্গুনত আছে। সেইবিলাক হোটেলৰ পৰা আমাৰ প্ৰথম শ্ৰেণীৰ যাত্রীসকলৰ প্রত্যেকথ নামে একোপন ছপোরা কার্ড আহিছিল। আমি ওচৰৰ দহজনক সুধি পুছি, "ব্রিটিচ্ ইণ্ডিয়ান হোটেললে" ঘোরাকে ঠিক্ কৰি, জাহাজৰ পৰা নামি মান-দেশৰ ভূমিত পদার্পন কৰিলো। কলিকতাৰ দৰে বেঙ্গুনৰ ঘাটতো অনেক Hackney-Carriage বা ঘোড়াই টনা গাড়ী কেৰেয়ালৈ পোৱা যায়। কিন্তু ভাড়াৰ নিৰিখ কলিকতাতকৈ বেলেগ। গাড়োরানক "ব্রিটিচ্ ইণ্ডিয়া হোটেললৈ লৈ যাবলৈ অনুমতি কবি আমি এখন গাড়ীৰ ভিতৰত উপবেশন কৰিলো। আমাৰ চাকৰ গাড়ীৰ আগত বহি গল।
ব্রিটিচ্ ইণ্ডিয়া হোটেল।
আমাৰ গাড়ী আহি হোটেলৰ দুৱাৰমুখত বলছি। "চুলে পেগডা ৰঙ্" নামেৰে এটা ডাঙ্গৰ আলিৰ কাষত এই হোটেলটি আছে। টমাচ্ ডচন চাহাব এই হোটেলৰ গৰাকী। হোটেলৰ দুৱৰীয়ে গৰাকীৰ আগত আমাৰ অহাৰ সংবাদ কলত তেওঁ ভিতৰৰ পৰা আপেবেগে ওলাই আহি আমাক সম্ভ্রমেৰে সৈতে লৈ গল। হোটেলটি কাঠেৰে সজা, দুই মহল ঘৰ। কাঠৰ ওপৰত সুন্দৰকৈ ৰং লগাই ঘৰটি দেখিবলৈ বৰ পৰিপাটি কৰিছে। ওপৰৰ মহলতকৈ তলৰ মহলৰ ভাড়া কিছু কম। আমাক মিঃ ডচনে প্রত্যেক খোটালিৰ দুৱাৰ মুকলি কৰি দেখুৱালে। মোৰ লগৰীয়া বন্ধুবৰ ৰুগীয়া হোৱা বাবে আমি ওপৰৰ মহলত থাকিবৰ ঠিক্ কৰি তাবে এটা খোটালি ভাড়া কৰি ললো। ৩ বাজাৰ পাছত চাহ আৰু কটি খাই অলপ জিৰাই টেলিগ্রাফ অফিচলৈ গলো।
টেলিগ্রাফ্ অফিচ্।
টেলিগ্রাফ অফিচটে। এটা প্রকাণ্ড দুই মহল ঘৰ। তলব মহলত ডাক ঘৰ আৰু ওপৰৰ মহলত টেলিগ্রাফ অফিচ্। কৰ্ম্মচাৰী সকলৰ কিছুমান মান আৰু থেহ দেশৰ মানুহ আৰু কিছুমান মান্দ্রাজী। তেওঁলোকে ইংৰাজিবে সুন্দৰকৈ কাম কাজ চলাইছে। বঙ্গালী কৰ্ম্মচাৰীও কেইজনমান দেখিলো। কিন্তু এই দুটা অফিচতে তেও'লোকৰ সংখ্যা তাকব। গড়কাপ্তেনি বা Public Works Department ত বঙ্গালীৰ সংখ্যা খুব বেছি। গোটেইখন ব্রহ্মদেশত বহুত বঙ্গালী কেৰাণী আছে। কাবুলৰ পৰা ব্ৰহ্মলৈকে আৰু নেপালৰ পৰা লঙ্কালৈকে এই ভূখণ্ডত বঙ্গালী কেষাণা নোহোৱা ঠাই নাই। বঙ্গালীব কেবাণী গিৰিক ধান্যবাদ! টেলিগ্রাফ অফিচতে কাম কৰা কলিকতা নিবাসী এজন বঙ্গালী বাবুবে সৈতে কথা হৈ বৰ ভাল পালোঁ। বেঙ্গুন নগৰৰ কেইবাটাও আলিবাটেদি ফুৰি নগৰায়। সকলৰ ঘৰ বাড়ী ইত্যাদি দেখি আবেলি ৫ বজাব পূর্বের হর্ষ মনেবে আমাৰ হোটেললৈ উলটি আহিলো। হোটেলৰ নম্বর ৪১-৪৫ চুলে পেগড়া বড। এই বাটটোতে "চুলে" নামেৰে পেগডা বা বৌদ্ধ মন্দিৰ আছে।
চুলে পেগডা।
এই মন্দিৰটিৰ ওপৰখন স্মেণোৱালী, দেখিবলৈ বৰ ধুনীয়া। মন্দিবব ভিতৰত গৌতম বুদ্ধব প্রতিমূর্তি আছে। মানবিলাকে বৰ শ্রদ্ধাভক্তিবে সৈতে এই মুর্ত্তিক পূজা কৰে। চুলে পেগডা মন্দিৰৰ নিমিত্তে আলিটোৰ নাম হৈছে "চুলে পেগডা ৰড"।
ৰাতি আহাৰ কৰি দুই বন্ধু শয্যাত পবি গল্প কৰি থাকোতেই নিদ্রাদেবীয়ে
লাহে লাহে আহি আমাৰ চকু দুটা মুদাই ধৰিলেছি। ৰাতিপুৱা কাউৰীয়ে আহি আমাৰ খিলিকিৰ কাষত কা-কা করিলত সাৰ পাই উঠি বিছন। এৰিলোঁ। হাত-মুখ ধুই পৰমেশ্বৰক আৰাধনা কৰিলো। মহাত্মা বাজা
ৰাম মোহন ৰায়ে ৰচা তলত লিখা গানটি সদাই আমাৰ মনত পৰি আছিল;-
"কি স্বদেশে কি বিদেশে যথায় তথায় থাকি, তোমাৰ ৰচনা মধ্যে তোমাৰে দেখিয়া ডাকি। দেশ ভেদে কাল ভেদে ৰচনা অসীম, প্রতিক্ষণে সাক্ষ্য দেয় তোমাৰ মহিমা, তোমাৰ মহিমা দেখি, নাথাকি একাকী।"
ৰাতিপুৱা চাহ খাই ব্রিটিচ-ইণ্ডিয়া-হোটেলৰ দ্বিতায় মহলৰ বাৰাণ্ডাত বঙি আছো। চুলে-পেগডা আলিৰ ওপৰেদি ভাঁপৰ টেম গাড়ী ঘৰ ঘৰ কৰি অহা ঘোর৷ কৰিছে। ঘোৰাৰ গাড়ী বিলাকে। চলিব লাগিছে। বাশ্মিজ তিকতাবিলাকে মুখত ধপাতৰ চেলেউ ভ'পি, হাতত ছাতি লৈ ভৰিত চটি জোতাৰে খটপ্ খটপ্ কবি, প্রফুল্ল মনেৰে নিজৰ নিজৰ কামলৈ গৈছে। মতা মানুহতকৈ তিকতাবিলাকৰ উৎসাহ আৰু স্ফূর্ত্তি বেছি দেখিলো।
মান-তিকতা।
মান তিকতা বিলাকৰ গাৰ বৰণ প্ৰায় কেঁচা সোণৰ নিচিনা। সেই বুলি যে ক'লা আৰু শাও বৰণীয়া তিকত। নাই, এনে নেভাবিব।। তিকতাবিলাকৰ মুখত বৰ গঢ় নাই। চুলিৰ খোপাটো আমাৰ দেশৰ স্কিতাৰ দৰে পাছ পিনে নেবান্ধি মূৰৰ ওপৰত বান্ধে। ওখই ডাঙ্গৰে সিহঁত আমাৰ দেশৰ তিকতাৰ নিচিনাই। প্রত্যেক মান-তিকতাই কঁকাললৈকে পৰা একোটা কুত্তা চোলা পিন্ধে। সেই কুত্তাৰ ওপৰত বিহা বা জান কোনো কাপোৰ নলয়। মেখেলাব নিচিনাকৈ সিহঁতেও কাপোৰ একোডোখৰ পিন্ধে; কিন্তু আমাৰ অসমীয়া মেখেলাৰ দৰে সিহঁতে সেই কাপোৰ সি নলয়, নিসিয়াকৈ এনেয়ে মেবাই পিন্ধে। ডিঙ্গিত সিহঁতে একোখন কমাল পেলাই লয়, আৰু ভৰিত একোজোব চটি জোতা পিন্ধে। সেই চটি জোতা দেখিবলৈ কিছু পৰিমাণে আমাৰ দেশৰ ফানতিৰ নিচিনা। মান- তিকতাই মুখৰ পৰা ধপাতৰ চেলেউ, হাতব পৰা ছাতি, আক ভবিব পৰা চটি জোতা প্রায় মুগুচাই। আমাৰ দেশৰ তিকতা বিলাকে যেনেকৈ মুখৰ পৰা তামোল গুচাব নো- খোজে, তেনেকৈ মান-তিকঅইও মুখৰ পৰা চেলেউ গুচাব নোখোজে। কিন্তু বজাৰত আমি প্রায় সদাই যিবোৰ চুৰট দেখোঁ, তাৰ তিনিটামান একেলগে জাপিলেছে সিহঁতৰ এটা চেলেউৰ সমান গোট হব। সি সি হওক মান-তিকতা বৰ পৰিশ্রমী। সিহঁতে ঘকরা সকলো কামকে কৰে, তাৰ বাহিৰেও নিজে দোকান দিয়ে আক বজাৰতো বস্তুৰ বেহ। কবে। আমি যাক "স্ত্রী-সাধীনতা" বোলো সেই বস্তুটি সিহঁতৰ ভিতৰত খুব আছে। "কেমেণ্ডাইন-গাল-স্কুল" নামে বেঙ্গুনত এক প্রসিদ্ধ ছোৱালা পঢ়াশালি আছে। আমি আমাৰ হোটেলৰ আগেদি শাৰী শাৰাকৈ সেই পঢ়াশালিৰ ছোৱালীবোৰক নিয়া দেখিল।। ব্রহ্মদেশত স্ত্রীশিক্ষাৰ সোঁত বৰকৈ ববৰ আগন্তুক হৈছে। কিন্তু হায়! আমাৰ অসমদেশে অন্ধশতাব্দীবে। অধিক কাল সুসভ্য ইংৰাজ- গবর্ণমেণ্টৰ তলত থাকিও স্ত্রীশিক্ষাৰ উন্নতিত আগ বাঢ়িব নোৱাৰিলে। আজি উনৈশ শতিকাৰ জ্ঞান বিজ্ঞানৰ পোহৰত জগতৰ প্ৰায় সকলো দেশ জিলিকে উঠিছে। কিন্তু বৰ দুখৰ বিষয় যে আমাৰ দেশৰ হেজাৰ হেজাৰ তিকতাবিলাক আজিলৈকে অজ্ঞানৰ এন্ধাৰত পৰি থাকিল, তাতোকৈ দুঃখৰ বিষয় এই যে, আগলৈ উঠি অহা কুমলায়। ছোৱালীবিলাকৰো শিক্ষাৰ একো ভাল দিহ। হোরা নাই। শ্রীহট্ট অকলৈ এখনি জিলা হৈও স্ত্রীশিক্ষাৰ নিমিত্তে যি কৰিছে, আমাৰ অসম উপত্যকাৰ ৬ খন জিলাইও এশ ভাগৰ এভাগ্যে কৰিব পৰা নাই। শ্রীহট্ট সম্মিলনীৰ নিচিনা সভা নো আমাৰ অসমত হব নোৱাৰে নে?
মান মুনিহ।
মান-মুনিহবিলাক দেখিবলৈ প্রায় আমাৰ দেশৰ আহোমবিলাকৰ নিচিনা। সিহঁতৰ নাক চেপেটা, চকু সক, দাঁড়ি সমূলঞ্চে নাই, গোঁফ দুডাল এডাল কোনো কোনোটোৰ কদাচিত দেখিবলৈ পোৱা যায়। মছলমানৰ নিচিনাকৈ সিহঁতে পোন্দ নমবাকৈ চুৰীয়া পিন্ধে। মানদেশৰ সকলো মুনিহ মানুহে মূৰত এখন কমাল মেৰাই লয়, আক ভবিত ফানতিৰ নিচিনা চটিজোতা পিন্ধে। মানুহবিলাক, কিছু এলেহুরা হলেও, সাহিয়াল। স্বাধীনতাৰ তপত তেজ সিহঁতৰ এতিয়াও একেবাৰে চেচা হোরা নাই। আমাৰ দেশৰ গাঁৱলীয়া মানুহ চাহাব এটা দেখিলে ভয়ত বিতৎ হয় কিন্তু মান-মানুহৰ ওচৰেদি চাহাব দহোটা গেলেও সিহঁতৰ দৃক্ত্পাত নাই।
১০ বজাৰ সময়ত ব্ৰেক্ষ্ণাষ্টৰ ঘণ্টাত কোব পৰিল। আমি আহাৰ কৰিবলৈ গলো তাৰ পাছত এখন ঘোড়াৰ গাড়ী কেৰেয়াকৰি বেঙ্গুন নগৰ চাবলৈ গলে।।
ৰাজ-আলি। বেঙ্গুন নগৰক এখন "সক কলিকতা" বুলিব পাবি। আলি- বিলাক কলিকতাৰ দৰে বৰ বহুল, দুয়ো কাষে ফুটপাথ আছে। বেঙ্গুনত মিউনিচি- পেলেটি আছে। সেই মিউনিচিপেলিটিয়ে বেলেগ বেলেগ বাস্তাৰ বেলেগ বেলেগ নাম দিছে। যেনে, ঐবারতীৰ কাষৰ আলিটোৰ নাম "স্নেণ্ড" ইংৰাজ-বেপাৰী থকা আলিটোৰ নাম, "মার্জেন্ট রীট," চীনদেশৰ বাঢ়ৈ আৰু বেপাৰীবিলাক থকা আলিটোৰ নাম "চাইনা স্ট্রীট", কেমেণ্ডাইন পঢ়াশালিলৈ যোৱা আলিটোৰ নাম, "কেমেণ্ডাইন স্ট্রীট্", ইত্যাদি। "মার্চেন্ট ট্রাট" বোলা আলিটোৱেই বেঙ্গুনৰ ভিতৰত সকলো আলিতকৈ ধুনীয়া আৰু চাবলগীয়া।
'বেঙ্গুন টাইচ্" আৰু "বেঙ্গুন গেজেট" নামে দুখন দৈনিক কাকত এই মার্চেন্ট স্ট্রীটৰ পৰাই দিনৌ ওলায়। গধূলি ঐবাৱতীৰ কাষত বতাহ লবলৈ ভাল, আৰু নানাবিধ জাহাজ, নাও, কল, কাবখানা দেখি মনত বৰ ৰং লাগে।
পানীৰ কল।কলিকতাৰ দৰে বেঙ্গুনত পানীৰ কল আছে। মাটিৰ তলে তলে প্রত্যেক ঘৰলৈকে নলৰ ভিতৰেদি পানী যায়। আলিবাটতো মামুহ আৰু গৰু ঘোৰাই পানী পিবৰ উপায় কৰ। হৈছে।
চাকি। বেঙ্গুনব আলিবাটত বাতি হলে চাকি লগায়। কিন্তু সেই চাকি গ্যাচেবে নম্বলে। কোচিন তেলব সক লেম্প, ভিতৰত আছে, তাবেহে জ্বলায়।
গাড়ী।-মান দেশত অনেক খোঁড়া পারা যায়। সেই ঘোঁড়াবিলাকক গাড়ী টানিবলৈ বেছিকৈ পগোয়া হয়। কলিকতাব দবে বেঙ্গুনতো খোঁড়াই টনা গাড়ী বিস্তৰ কেৰেয়ালৈ পোরা যায়, কিন্তু কেবেয়াৰ নিৰিখ কলিকাতাতকৈ বেলেগ; আৰু গাড়োরানবিলাক মানদেশৰ মানুহ নহয়, সেই বিলাক মান্দ্রাজ প্রভৃতি ঠাইৰ মানুহ হিন্দুস্তানা সিহঁতে বুজ পায়, মানদেশৰ ভাষাও সিহঁতৰ আৱশ্যকমতে শিকিলৈছে।
ঘৰ-বেঙ্গুন নগৰৰ অধিকাংশ ঘৰ কাঠেৰে সঞ্জা। চীনদেশীয় বাড়ৈয়েই প্রায় ঘৰবিলাক সাজে। ঘৰবিলাক ২।৩ মহলীয়া আৰু দেখিবলৈ বৰ শুৱনি। কাঠৰ ওপৰত নানা ৰকমৰ বার্ণিচ, দিয়াত গৰৰ শোভা বৃদ্ধি পাইছে। চৰকাৰি অফিচ ঘৰ কিছুমান ইটাৰে পকা কবোরা। মানতে চাঙ্গৰ ওপৰত ঘৰ সাজি বাসকৰে। গাঁৱলীয়া মানবিলাকবো ঘৰবিলাক চাঙ্গৰ ওপৰত।
বেলওরে ষ্টেচন।-বেঙ্গুন নগৰৰ অনেক ঠাই ফুৰি ফুৰি আমি বেলওরে স্টেচনলৈ গলো। "বৰ্ম্মা-স্টেট্-বেলওরেক” গবর্ণমেন্টে চলায়। বেঙ্গুনৰ পৰা ওপৰ বৰ্ম্মাৰ ৰাজধানী মন্দালয় নগৰলৈকে সম্প্রতি এই বেল খোলা হৈছে। মন্দালয়ৰ পৰা ভামু নগৰলৈ বাট তৈয়াৰহৈছে; অলপতে তালৈকো ৰেল যাব। শুনিছো ভামুব পৰা সেই ৰেল মণিপুৰলৈকে আছি "অসম বেঙ্গল-বেলওৱেৰ" লগত মিলিত হব। অসম-বেঙ্গল-বেল ওৱেৰ" লাইন চট্টগ্রামৰ পৰা নগা-পৰ্ববতৰ ওচৰেদি মণিপুৰলৈকে হব; আকৌ মণিপুৰৰ পৰা এই বেল ডিব্ৰুগড়ৰ ৰেলৰ লগত যোগ হব; এয়ে হলে বঙ্গ, অসম আৰু ব্ৰহ্মদেশৰ ভিতৰত অহাযোৱাৰ অশেষ সুবিধাঁ হব: আৰু তাৰ লগে লগে বাণিজ্য আৰু সভ্যতাব বিস্তাৰ আৰু শ্রীবৃদ্ধি হব বুলি আশা করা যায়। "অসম-বেঙ্গল-বেলওৱেৰ" কাম শেষ হলে অসমত এক যুগান্তৰ হোৱাৰ নিচিনা হব। অসমৰ হাবি জাবণি পর্ববতবিলাকো বিদেশী মানুহৰ বসতিৰে পৰিপূৰ্ণ হব। অসমৰ মাটি ভেটি আৰু খেতি-বেপাৰ সকলোতে খোরা কামোৰা লাগিব। অসংখ্য বিদেশী মানুহৰ সংঘৰ্ষণত পানীত তেলৰ দৰে, যোগ্য ওপৰ উঠিব, অযোগ্য তললৈ যাব। অসমীয়া জাতি, অসমীয়া সমাজ, অসমীয়া ভাষা সকলোৱে কিছু পৰিমাণে নকৈ গঢ় লব।
"ব্রহ্মাস্টেট -বেলওরেব" ষ্টেচনটো দেখিবলৈ শুৱনি; ছাল আৰু বেৰবিলাক কাঠেৰে সজা, তলগন ইটাৰে পকা কৰা। বেলৰ গাড়ীবিলাক কলিকতাৰ ফালৰ গাড়ীবিলাকতকৈ অশুরনি; প্রথম, দ্বিতীয় আক তৃতীয় শ্রেণী আছে, মধ্যম শ্রেণী নাই। বেঙ্গুনৰ পৰা প্রোম নগৰলৈকো এই বেলৰ এটা লাইন গৈছে। বেলওরে ষ্টেচনত কেৰেয়ালৈ ঘোড়া গাড়ী, গৰুৰ গাড়ী, কুলি ইত্যাদি পোরা যায়। যাত্রীসকলৰ নিমিত্তে নানাবিধ ফল-মূল, মিঠাই আক বিলাতী পানী ইত্যাদিবে। বন্ধরস্ত আছে। মন্দালয় নগৰলৈ ৰেলেবে যাব পাৰি আৰু জাহাজেবেও যাব পাৰি। ফ্লটিলা কোম্পানীৰ দুই মহলীয়। জাহাজকেইখন মানে সপ্তাহত দুবাৰকৈ বেঙ্গুনব পৰা মন্দালয়লৈ যাত্রী অনানিয়া কৰে। কিন্তু জাহালতকৈ বেলত যোরাই বেচি সুবিধাজনক।
বুলক ব্রাদার্চ।বুলক-ব্রাদার্চ কোম্পানী, ব্রিটিচ-ইণ্ডিয়া-হ্রীম্ নেভিগেশান কোম্পানীৰ বেঙ্গুনৰ মেনেজিং এজেন্ট। বেঙ্গুনব পৰা কলিকাতালৈ আহিবৰ হলে এই কোম্পানীৰ তাত টিকট লব লাগে। আমি এই কোম্পানীৰ তালৈ গৈ কলিকতালৈ অহা জাহাজৰ খোটালি এটা ঠিক কৰি আহিলো। "পেন্টাকটা" জাঙ্গজ, হংকং, চিঙ্গাপুৰ আক মাউলমেইন প্রভৃতি ঠাইৰ পৰা আহি বেঙ্গুন পাবহি। আৰু শনিবাৰে বাতি দুটা বজাত সেই জাহাজে বেঙ্গুনৰ বন্দৰ এৰি কলিকতালৈ যাব। সেই জাহাজত আমাৰ যোৱা ঠিক কবি হোটেললৈ উলটি আহিলে।।
বৰ্ম্মিজ শর-সৎকার। আমাৰ হোটেলৰ ২য় মহলৰ বাৰাণ্ডাত বহি, দুই বন্ধুরে কথোপকথন কৰি, আলিবাটৰ মানুহ চাই থাকোঁতে, বৰ্ম্মিজ মানুহৰ শর এটা সৎকাৰৰ নিমিত্তে নিয়া দেখিলো। এই শর-সৎকাৰ চাব লগীয়া বস্তুঃ- প্রথমতে এখন গৰুৰ গাড়ীত বহি কেইজন মান মানুহে পেঁপা আক বাজনা বজাই গৈ থাকে। তাৰ পাছত ক্রমাগত ৫০৬ খন গৰুগাড়ী যায়। এই গাড়ীবিলাকৰ প্রতি প্রতি খনতে অনেক হালধীয়া নিচান লগোরা থাকে। তাৰ পাছত অনেক মুনিহ আৰু তিকতা খোজ কাঢ়ি যায়। মব্য শরটোক চতুৰ্দ্দোলৰ নিচিনা অতি সুন্দৰকৈ সজোৱা এখন দোলাত, শুরাই, গাত কাপোৰ দি ঢাকি কেবাটাও মানুহে কান্ধতকৈ নিয়ে। শরব আগত পাটৰ কাপোৰৰ নিচিনা ঈষৎ হালধীয়া বৰণৰ কাপোৰ পিন্ধি কিছুমান "ফুঙ্গি" গৈছিল। ফুঙ্গি মানহঁতৰ বৌদ্ধ পুৰোহিত। ফুঙ্গিবিলাকৰ মুৰবিলাক খুৰুৱা জগন্নাথৰ পাণ্ডাবিলাকে যেনেকুৱা নাল-লগ।
জাপি লয়, ফুঙ্গিবিলাকেও তেনেকুর। জাপিলৈ ফুৰায়। ফুঙ্গিবিলাকে বৌদ্ধধৰ্ম্মৰ শাস্ত্র জানে, আৰু নিজে পৰিশ্ৰম কৰি আর্জি নেখায়, আমাৰ দেশৰ বাপু সকলৰ দৰে সর্বসাধাৰণৰ ওপৰত জাবিকা নিৰ্ভৰ কবে। কিন্তু ইয়াৰ ভিতৰত অলপ প্রভেদ আছে। আমাৰ বাপু সকলে ফুলব নিৰ্ম্মালি এপাহ বা আশীর্ববাদ এজোলোক। দি, দক্ষিণ। স্বরূপে ধন-রিত, বা তদভাবে ভোজন। এটি বা কাপোৰ কানি এডোখৰ খুজিলয়, কিন্তু ফুঙ্গিবিলাকে কেতিয়াও কোন বস্তু খুজি নলয়, আন কি খাবলৈ আহাৰ পৰ্য্যন্ত খুজি নলয়, সিহঁতে গৈৰিক বক্স পিন্ধি বৌদ্ধধৰ্ম্মৰ শাস্ত্ৰলৈ তললৈ মূৰকৈ পড়ি থাকে, যাৰ ইচ্ছা হয় খাবলৈ আহাৰ আৰু পিন্ধিবলৈ কাপোৰ ইত্যাদি দি যায়। যেই সেই মানুহে বান্ধি দিয়া ভাতকে সিহঁতে খায়; আৰু সিহঁতৰ ভিতৰত শুনিছে।, তিকতাৰ মুখৰ ফালে চোৱাৰ নিয়ম নাই। ফুঙ্গিইতেই সমাধা কর্বে। পাঠক, ক্ষমা শৱ সৎকাৰৰ কথা পাহৰিয়ে গৈছোঁ। চতুর্দোলৰ ওপৰত নিয়া শৱটোৰ পাছত ঘোঁৰাৰ গাড়ীত উঠি ভদ্রশ্রেণীৰ মুনিহ আৰু তিকতাবিলাক গৈছিল। শরৰ ওচবে ওচৰে তাল আৰু পেপা বজাইছিল। বাজনা বৰ শোকোচ্ছাসক। কিন্তু আচৰিত কথা এই যে, শৱৰ লগত যোৱা মানুহবিলাকৰ কাকো চকু-লো টোকা বা শোক কৰা নেদেখিলে।। মবা-শর নিয়া চতুন্দোল খন বৰ ধুনীয়া, ৰূপোৱালী আৰু সোণোৱালী বৰণৰ ওপৰত এটি কলাদিল আছে। মানচতে প্রায়েই শরদাহ নকৰে; সিহঁতে মৈদাম সাজি পুতি খয়; কিন্তু বৰ ডাঙ্গৰ মানুহ-সকলব শরদাহ কৰিবৰ নিয়ম আছে। মানহতৰ ধৰ্ম্মসম্পকীয় সকলো ক্রিয়াকে কৰিব, ফুন্সিব কথা কবলৈ গৈ আচল
নাট্যশালা-কলিকতাৰ দবে বেঙ্গুন নগৰতো নাট্যশালা আছে। দেশীয় মানুহৰ আমোদৰ নিমিত্তে "মুদেবায় পিলেৰ হল" নামে প্রকাণ্ড গবত প্রায়েই ৰাতি পাচি থিয়েটাৰ হয়। আজি বাতি এই নাটাশালাত অভিনয় কবৰ কথা আছিল। মোৰ লগৰীয়া বন্ধুৰ শৰীৰ অসুস্থ থকাত আমি যাব নোৱাৰিলে।।
১৭ মার্চ ১৮৯৩।
ফয়া।
বেঙ্গুন নগৰ পেগডাৰ নিমিত্তে বিখ্যাত। "চুলে" পেগডাৰ কথা ইতিপূর্বের কৈ আহিছোঁ। আজি প্রধান বর্ম্মিজ পেগডা বা "ফয়া" চাবলৈ গৈছিলোঁ। হিন্দুস্তানৰ ভিতৰত "তাজমহল" যেনে, ব্রহ্মদেশৰ ভিতৰত "ফয়া" তেনে এক অতি ৰমণীয় বস্তু। এই ফয়া নোচোৱাকৈ বেঙ্গুনৰ পৰা উলটি গলে ৰেঙ্গুনলৈ অহা অসার্থক বুলিব লাগে। এই কয়াৰ প্ৰৱেশ-দুৱাৰৰ দুপিনে দুটা শিলেৰে সজা প্রকাণ্ড সিংহমূর্তি আছে; প্রথম মন্দিৰলৈ সোমাই দ্বিতীয় মন্দিৰলৈ সোমাব লাগে, দ্বিতীয় মন্দিৰৰ পৰা তৃতীয় মন্দিৰলৈ, তৃতীয়ৰ পৰা চতুৰ্থ; এই দৰে অনেক মন্দিৰ পাৰ হৈ ক্রমাগত ওপৰলৈ উঠি গৈ থাকিব লাগে; শেহত এখন বৰ ডাঙ্গৰ বৰ দীঘল, শিলৰ চোতাল পোরা যায়; এই চোতালৰ চাৰিওফালে আকৌ সক সক মন্দিৰ; চোতালৰ ঠিক মাজত প্রধান পেগডাৰ সুবর্ণময় ঘৰ; চোতালত ঠিয় হৈ আমি গোটেই খন বেঙ্গুন নগৰৰ দৃশ্য দেখিবলৈ পালো, পূর্বেদ কৈ অহা বাটৰ মন্দিৰবিলাকতো সোণ আৰু ৰূপৰ অনেক কাককান্য করা আছে; কিন্তু প্রধান পেগডাৰ প্ৰায় গোটেই ঘৰটো সুবর্ণময়; এই ঘৰটিয়েই মানহঁতৰ প্ৰধান বৌদ্ধ মন্দিৰ। এই মন্দিবব ভিতৰত বগা নিমজ শিলৰ আৰু ধাতুৰ অনেক প্রতিমূর্ত্তি আছে। আমি অনুসন্ধান কৰি জানিব পাৰিলে। সেইবিলাক যুদ্ধদের আক তেওঁৰ প্রধান শিষ্য সকলৰ প্রতিমূর্তি। ফুঙ্গিবিলাকে ঢাকি লগাই, ঘণ্টা কোবাই ফুল- নিৰ্ম্মালিৰে সৈতে এই প্রতিমূৰ্ত্তিবিলাকক পূজা কৰা দেখিলোঁ। কোনো কোনো ফুঙ্গিয়ে তাল পাতত লেখা পুথিবিলাক একান্ত মনে পাঠ কৰিছে; কোনোরে ফুলবিলাক মুত্তিবিলাকৰ গালৈ চতিয়াইছে, কোনোরে মুখেদি কিবা গাইছে। চাৰিওফালৰ সক সক মন্দিৰবিলাকত নানাপ্রকাৰ গীত আৰু বাছ্য হব লাগিছে; মান-তিকতাবিলাকে সক সক দোকান মেলি বহি আছে; দর্শকৰ ভোক পিয়াহ লাগিলে সেই দোকানৰ পৰা বস্তু কিনি খাব পাৰে। কোনো ঠাইত কোনো মান-গাভৰুৱে বহি ফুলৰ দোকান দিছে; কোনো ঠাইত কোনো বুঢ়া ফুঙ্গিয়ে বৌদ্ধ-ধৰ্ম্মৰ শাস্ত্র-তত্ত্বত বুৰ গৈ দহ বাৰ জনক গোটাই লৈ ধৰ্ম্মৰ কথাবার্তা কৈছে: প্রধান মন্দিৰলৈ উঠা বাটৰ মন্দিৰবিলাকতো নানা প্রকাৰ সুন্দৰ সুন্দৰ বস্তুৰ দোকান আছে; আৰু প্রায় বিলাক দোকানতেই মান-তিকতাবিলাকক বস্তু বেচা দেখিলোঁ। আমি যেতিয়া প্রধান পেগডাৰ ভিতৰ সোমাই গৌতম বুদ্ধৰ মূৰ্ত্তিৰ ওচৰত নমস্কাৰ কৰিলো, তেতিয়া ফুঙ্গিবিলাকে বৰ ৰং পালে; এজন ফুঙ্গিয়ে এধাৰ ফুলৰ মলা আনি আমাৰ ডিঙ্গিত পিন্ধাই দিলেহি। আন এজনে এথোপা গোলাপ ফুল আনি দিলেহি; তাৰ পাছত আমাক দক্ষিণা খোজাত আমি কিছু দি সেই মন্দিৰৰ পৰা গুলাই আহিলোঁ। প্রধান পেগডাৰ সুবর্ণমন্দিত চূড়া সূৰ্য্যৰ কিৰণত জিক্মিকার লাগিছে; চূড়াৰ একেবাৰে ওপৰত এডোখৰ বহুমূল্য পাথৰ আছে; ঐৰাৱতীৰ জাহাজৰ পৰাই এই প্রকাণ্ড পেগডাৰ সোণৰ চূড়া দেখা পায়; এই পেগডা চাই থাকিলেও আমনি নেলাগে; বৰং যতবাৰ চোৱা যায়, ততবাৰ আকৌ চাবলৈহে হেঁপাহ হয়, আৰু তাৰ লগে লগে মানহঁতৰ কাককাৰ্যাৰ শক্তি আৰু শিল্প কৌশল দেখি স্তম্ভিত হব লাগে। আমি অতি সংক্ষেপে ফয়াৰ বিষয়ে কিঞ্চিত বর্ণনা কৰিলোঁ। আশা কৰে।, আমাৰ কোনো অসমীয়া ডাঙ্গবীয়াই মানৰ দেশ চাবলৈ গলে যেন এই "ফয়া" নোচোৱাকৈ উলটি নাকে।
বেঙ্গুনত এটা কলেজ আছে; এই কলেজত "এফ এ" পর্যান্ত পঢ়োৱা হয়। আমেৰিকান বেপটিস্ট মিশ্যনেৰি সকলে "Burmese Girls' School" নামে এখনি ছোৱালীৰ পঢ়াশালী পাতি মান-দেশৰ অনেক ছোৱালীক লিখা-পড়া শিকাইছে। এট্রেন্স পাছ কৰা বৰ্ম্মিজ ছোৱালী বহুতো আছে: Diocesan High Schools যুৰোপীয় লবাক মাথোন শিক্ষা দিয়া হয়। মুদে-বায়-পিলে নামেৰে মান্দ্রাজ দেশীয় এজন ডাঙ্গব মানুহে যি হাই স্কুল পাতিছে তাৰ অৱস্তাও ভাল। বর্ম্মিজ ভাষা বিশ্ববিদ্যালয়ত চলে। এই ভাষাত অনেক সুন্দৰ সুন্দৰ পুথি আছে। "বেঙ্গুন হিবেলড" নামে এখন বশ্মিজ ভাষার বাতৰি কাকত বেঙ্গুনৰ পৰা ওলায়।
বেঙ্গুন নগৰৰ ওচৰত “বয়েল চুদ" আৰু "ভিক্টোরিয়। হ্রদ" নামেৰে দুটা সুন্দৰ সৰোবৰ আছে বুলি জানিবলৈ পালো। দুর্ভাগ্যবশতঃ আমি এই ছুটি বস্তু চাব নেৱাৰিলে।।
মান-দেশৰ প্ৰায় সকলো মাটিত খেতি কৰিব পাৰি; তাত অজ্জা বস্তু, ধান কুঁহিয়াৰ, নীল, কপাহ, ধপাত ইত্যদি। জাহাজ আদি সাজিবর নিমিত্তে নানাবিধৰ উত্তম কাঠ অপৰ্য্যাপ্তরূপে মান-দেশত আছে। টিক্ নামে এবিধ গছ আছে সি বৰ টান; উয়ে কেতিয়াও তাক নেখায়।
মানবিলাক বৌদ্ধ ধর্ম্মত প্রৱৰ্ত্তে। সিহঁতৰ ভিতৰত জাতিভেদ নাই; কিন্তু মর্য্যাদাভেদ খুব আছে। মানৰ ধৰ্ম্ম মতে একে। জীৱজন্তু বধ কৰিব নেপায়। "অহিংসা পৰমো ধৰ্ম্ম" এয়ে বৌদ্ধ ধৰ্ম্মৰ প্রধান নীতি। কিন্তু আন মানুহে জীয়াজন্স মাৰি দিলে, মানইতে গক আদি সকলোকে খায়।
ফুঙ্গিবিলাকে দিনটোত এসাজ মাথোন খায়, সিবিলাকে তিঞ্চতামানুহৰ মুখলৈ চাবলৈ নেপায়, বস্তু বেচা-কিনা নকৰে, ধনো নলয়, আক অকল হালধীয়া কাপোৰহে লয়; আৰু ধৰ্ম্মৰ কথা কৈ থাকোতে মুখৰ আগত ডাঙ্গৰ বিচনী জাঁৰ দি ধবে।
মানহঁতে এজনীতকৈ বেছি তিকতা নেৰাগে; কিন্তু বেটা বুলি অনেকক ৰাখে। বিবাহৰ বন্ধনৰ নিয়ম শকত নহয়। ডেকা গাভৰু দুয়োৰো বিবাহৰ ইচ্ছা হলে (কিন্তু মাক-বাপেকৰ অনিচ্ছা হলে), দুয়ো পলাইগৈ কিছুদিন হাবিত থাকে; তাৰ পাছত ইফালে দৰা আৰু কন্যাৰ মাক-বাপেকৰ মাজত মিল হলেই, দুয়ো হাবিৰ পৰা ওলাই আহি স্বামী-স্ত্রী ভাবে বাস কৰেহি আৰু বিবাহৰ বাবে এটি ভোজ দিয়েহি।
মানদেশৰ বিবাহৰ নিয়ম ইমান ঢিলা' যে প্রায় সকলো বিদেশী মানুহেই সেই দেশত কাম বা বেপাৰ কৰিবলৈ গৈ এজনী বা দুজনী মান তিকতা ৰাখিছে। মান্দ্ৰাজৰ ফালৰ মছলমানবিলাক আৰু ইংবাজবিলাক এই বিষয়ত অগ্রণী বুলি আমি শুনিবলৈ পালে।। বৰ দুখৰ বিষয় যে অনেক সুসভ্য ইংবাজে গাইপতি এজনী বা দুজনীকৈ মান-তিকতা ৰাখি, সেই তিকতাৰ দুটি বা এটি লৰা ছোৱলী হলেই তাইক এবি পেলায়। এইদবে এবা তিকতাব সংখ্যা অনেক বাঢ়িছে; তাৰ লগে লগে জহৰা লৰা মাউৰা সন্তান, 'বেওরাবিছি" পুত্রকন্যাৰ সংখ্যাও অনেক বাড়িছে। দয়ালু ভাৰত গবর্ণমেন্টে ইয়াৰ সোনকালে প্রতিকাৰ কৰা উচিত।
১৮ মার্চ ১৮৯৩।
আজি আবেলি ৪ বক্তাৰ পাছত Letter Steet Wharf নামে ঠাইত পেন্টাকটা হিমাৰত উঠে।। আমাক আগ বঢ়াই পবলৈ ৭জন মান বঙ্গালী বন্ধু আহিছিল। ৰাতি ২ বজাত জাহাজগুলিবৰ কণা আছে। সুতবাং জাহাজত মালবস্তু পৈ আমি আমাৰ বন্ধু সকলৰ লগত গোটখাই "মিউনিসিপ্যেল বজাৰ" চাবলৈ গলে।। বজাৰৰ প্ৰায়বিলাক ঘৰ কাঠেৰে সজা। প্রায় দোকানতে মান তিকতাবিলাকক বস্তু বাহানি বেচা দেখা পালোঁ। আমাৰ লগৰ বঙ্গালী বন্ধু কেইজনে কিছু বৰ্ম্মিজভাষা জানে; তেও লোকৰ সাহায্যত আমি কেইটিমান বস্তু কিনিললে।। এজন বন্ধুয়ে মোক "মৰিয়াম" নামে এবিধ ফল কিনি দিছিল, সেই ফলৰ আকৃতি কেঁচা শিলিখাৰ সমান হব তাক খাবলৈ টেঙ্গা; এই ফলৰ এটা আচৰিত গুণ শুনিলোঁ, সি এই যে, যদি কোনো মানুহক বলায়। কুকুৰে বা শিয়ালে কামোৰে তেন্তে এই বিষ ফল খালে তৎক্ষণাত আৰোগ্য হয়। এই কথা ব্ৰহ্মদেশৰ অনেক মানুহে কয়; কিন্তু ইয়াব প্রমান আমি এই পর্য্যন্ত পৰীক্ষা কৰি চোৱা নাই। ব্রহ্মদেশত আৰু এবিধ ফল আছে; তাক দেখিবলৈ কঁঠালৰ নিচিনা। কিন্তু কাঁঠালতকৈ তাৰ আকৃতি কিছু সক; সেই বিধ ফল খাবলৈ" অতি উত্তম।
আমাৰ লগৰ বন্ধু সকলক বিদায় দি আমি আমাৰ জাহাজৰ কেবিনত সোমা- লোঁহি। ৰাতি ২ বজাত জাহাজে লঙ্গব তুলি ধীৰে ধীৰে সাগৰৰ ফাললৈ যাবলৈ ধৰিলে।
পুরা।-এতিয়াও আমাৰ জাহাজ ঐৰাৱতীৰ বুকুত। ছয়ে। পাৰৰ গছ- গছনি বেছকৈ দেখা যায়। বেঙ্গুন বিদায়! ব্রহ্ম বিদায়! আকৌ দেখা হয় নে নহয় সন্দেহ।
অবেলি।-সমুদ্র পালোঁহি। সমুত্ৰৰ ঢৌত আমাৰ জাহাজ কপিবলৈ ধৰিলে। আকৌ সেই কলীয়া পানী, যেনিয়ে চাই পঠিয়াও কেরল নীল বৰণীয়। পানী। ব্রহ্মদেশব গন্ধগচনিবিলাক এতিয়াও ৰিণিকি ৰিণিকি দেখি। লাহে লাহে সূৰ্য্যদেৱ সাগৰৰ বুকুত মাৰগল; তাৰ লগে লগে ব্ৰহ্মদেশৰ দৃশ্য আমাৰ চকুৰ পৰা অন্তর্হিত হল।
IDEAS 99lls of
আজি আমি বঙ্গোপসাগৰত। নিশা আকাশত অলেখ তৰা জ্বলিছে। অসীম তৰাৰ মাজত বহি জোনে ৰাণীৰ দৰে সুবিমল কিৰণ সুধা বাকি দিছে। নীল সাগৰত কিৰণ-মাল। প্রতিবিম্বিত হৈছে। সভাৱৰ এই অপুর্ব শোভা দেখি পৰম পিত। পৰমেশ্বৰলৈ ভক্তিৰ সঞ্চাৰ নহৈ থাকিব নোৱাৰে।
1046 9914 st
পুরা।-আজি পুৱাৰ পৰা বৰ বতাহ মাৰিছে: বঙ্গোপসাগৰত ভয়ানক ঢৌ উঠিছে; পদতাকাব ডৌবিলাকে আহি ভয়ানক গঞ্জন কৰি আমাৰ জাহাজক খুন্দা মাৰিছেহি। জাহাজৰ হেন্দোলনিত অধিকাংশ যাত্ৰীৰেই মূৰ ফুৰণিয়ে ধৰিলে। আমি আধা মৰাৰ দৰে পৰি আছিলোঁ। সন্ধ্যাৰ পৰা অলপ ঢৌৰ কোব কমিছে। অলেখ সামুদ্রিক চৰাইবোৰ আহি জাহাজৰ কাষত কোঢাল কৰিছে। আমি "সাগৰ পইন্ট" পালোহি। পানীৰ বৰণ নীলা গুচি সবুজ হৈছে। নিশা। ধুমুহা বতাহ হৈছিল আৰু শিল ৰৰধিছিল, মেঘে বৰকৈ গাজিছিল আৰু বিদুলীয়াইছিল।
২২ মার্চ ১৮৯৩।
আজি শুই উঠিয়েই দেখিলে। আমাৰ জাহাজ ভাগীৰণী নৈত সোমাই ক্রমে উজাইছে। ২টা বজাত গার্ডেনিচ্ পালোঁহি। ভাটাৰ নিমিত্তে কলিকতাৰ ঘাটলৈ জাহাজ আহিব নোৱাৰিলে। Swift নামে এখন সক জাহাজে আমাক কয়লাঘাটত নমাই দিলে। ৫টা বজাত ৩নং অল্ড বৈঠকখানা দ্বিতীয় লেনত থকা স্মর্গীয় ৰায় গুণাভিৰাম বকরা বাহাদুৰৰ ঘৰলৈ আহিলে'।।
ওপৰত উল্লেখকৰ। স্বর্গীয় বায়বাহাদুৰে মোক অসীম স্নেহ কৰিছিল; এতিয়া তেওঁ স্বর্গলোকত। তেওঁৰ কৃপাতে মোৰ বেঙ্গুন দেখা হল। এতেকে মোৰ ক্ষুদ্র ডায়েৰি তেওঁৰ পরিত্র নামে উৎসর্গ কৰিলে।।
জীৱন-সঙ্গীত।
শোকৰ কবিতা বচি,
দুধাৰি চকু-লে। মছি,
নকবা জীরন মিছা নিশাৰ সপোন।
অসাৰ সংসাৰ ভাই,
ইয়াত সকাম নাই,
মোহময় মায়াময় সকলো মাথোন ॥
পুল্ল কন্ঠা পৰিবাৰ,
কোন তর তুমি কাৰ,
বুলি হেৰা, অকাৰ্যাত নকৰ। বেজাৰ।
কলাঘুমটীয়া হই,
আতমা যে আছে বই,
জানিবা মৰণ নাই এই আতমাৰ ।।
অস্থায়ী মানর দেহা,
কৰিম দু'দিন বেহা,
ফুৰিম দুদিন মাথোঁ সংসাৰ হাটত।
দুদিনৰ অন্ত হলে, সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত।
আয়ুষ ঢুকাই গলে,
চকু, কাণ, নাক যাব,
অবিনাশী নিত্য ধন,
সদায় চকু-লো টোকা,
এনে ভারে কাম কৰাঁ,
মাটিৰ মানুহ তুমি মাটিত মিলিবা।
অনন্ত উন্নতিশীল আতমা জানিবা ।
ভোগ, সুখ, জীৱনৰ উদ্দেশ্য নহয়।
প্রতিদিনে খোজ যেন আগলৈহে যায়।
হাড়, ছাল সাং হব,
অমৰণ, অভগণ,
দুখত মগন পকা,
দিনে যেন আগ বাড়া,
পল পল দণ্ড কবি,
বহুদূৰ আছে গতি,
জারন-সঙ্গাত।
পাখী-লগা কাঁড়ৰ নিচিনা অবিৰাম।
-কৰিব লগীয়া আমি আছে বহু কাম।
৫৮৩
সময় গৈছে উড়ি,
সময় তাকৰ অতি,
দিন যায় আহে বাতি,
আয়ুষ গৈছে টুটি,
লাহে লাহে চমু চাপি আহিছে মৰণ।
সংসাৰ যুজৰ ঠাই
শুবৰ সকাম নাই,
এলাহ-নিহালি খোরা,
নহবা গৰুৰ দবে,
কল্পনা চকুৰে চোর 1,
কাছি-পাৰি যুজ। সবে কৰি প্ৰাণপণ ।
নহবা মৰাৰ প্ৰায় মানুহ-সন্তান।
ৰণত বীৰেন্দ্ৰ বুলি হোর। খ্যাতিমান ॥
নকৰিবা দূৰ ভবিষ্যক 'পতিয়ন।
বীৰবেশ গাত লোর।,
খুচিলেহে খোজ ধৰে,
যেনেকি সুন্দৰ পোরা,
অতিত মৰিল, গল,
তাৰ কথা অন্ত হল,
মনৰ পৰাই তাক কৰ'। বিসর্জন।
যিহকে আগত পোরা,
ততালিকে কৰি যোৱা,
জাঁরন্ত জাগ্রত বর্তমান সময়ত।
সাহক সাৰথি কৰা,
'কৰ্ত্তব্য'ৰ পাছে লৰাঁ,
ঈশ্বর্য করুণাময় আছে ওপৰত।
মহা মহা পুৰুষৰ,
চানেকিৰে জাৱনৰ
অভিনয় শেষ হলে,
কেতিয়াবা হব পাৰে,
অঠাই পানীত পৰি, জীরন-সমুদ্র মাজে নাও বুৰ গই।
আমিও কৰিব পাৰো জীৱন গড়িত।
থই যাব পৰে। খোজ সময় বালিত ॥
ঢউৰ কোবত যদি আহি পাৰ পাই ।
জীৱনৰ অন্তকালে,
কোনো দুর্ভগীয়া নবে
কক্ বক্ কৰি কৰি
দেখি সেই খোজবোৰ,
তেনে হলে বলা ভাই,
অসমীয়া সাহিত্যর চানেকি।
সাহ কৰি খোজে খোজে খোজ লব পাৰে।
অপূর্বর জেউতি চোর। 'উন্নতি'ৰ শিৰে ।
হব তাৰ আশা ঘোৰ
শুবৰ সকাম নাই
শিকা সবে পৰিশ্রম,
শিক্য হে নীতি ধৰম,
নেভাবিবা সুখ দুখ কিনো কপালত।
কৰ্ত্তব্যৰ পাছে লৰে।,
ক্রমাগত কাম কৰো,
ফলাফল ফলদাতা বিভুৰ হাতত।
দের কন্যা মানরা বেশেৰে।
চুলি তাঁৰ তোৰ ভোমৰা কলায়া,
গাল গোলাপৰ পাহি।
দ্যত দুই পাৰি ডালিম-গুটীয়া,
মন-প্রাণহুবা হাঁহি।
হৰিণী-নয়ন তোৰ চকু দুটি
সদাই আনন্দময়।
চপাৰ বৰণ মুখৰ জেউতি
বিজুলী কোনোরে কয়।
মুঠিতে লুকুরা কঁকাল সুন্দৰ,
নখ মুকুতাৰ পান্তি।
এন্ধাৰ ঘৰত লখিমীৰ দৰে
জিলিকে সুবর্ণ-কান্তি।
মালতীৰ মলা তোৰ সাতসবি
গুটিমালী তোৰ খাক।
খোপাত পিন্ধিছ বকুলৰ মলা,
হাতত গোলাপ আৰু।
স্নেহ, কোমলতা, হিয়াৰ দেৱতা,
মুখ তোৰ স্নেহে ভৰা,
পুৱতী নিশাৰ ফুলটিৰ দৰে,
সদাই লাজতে মৰা।
সকলো দেখিলো, থৰ লাগি চালোঁ,
চাই চাই ভোল গলে।।
গভীৰ হিয়াৰ গভীৰ তলিত তোৰ লগে মিলি ক্ষুদ্র কণ্ঠ তুলি "তই যে মাতিলে মইনাৰ মাত মানর দেশত মানরী বেশেৰে আছিলি দুদিন; তোৰ চৰণত তোৰ প্রতিমাকে ঘনে ঘনে চাওঁ। আছোঁ মই সুখে রূপ-মধু খাই, "নেলাগে সংসাৰ" মিচিকাই হাঁহি, কলৈ যার সোণ, এখস্তক ববি, যার যদি মোকো লই যা লগতে,
তোৰ ৰূপ সাঁচি থলো।
হৃদয়ৰ বীণ বাজিল আকউ
তন্ত্রীত পৰিল তান।
কৰিলোঁ কতনো গান।
কোকিলৰ ধ্বনি শুনো।
অনুপমা তোৰ ৰূপৰ মাধুৰী
দেখি কৃত কথা গুণো।
অমবাৱতীৰ কোন দেৱকশ্যা
বাট-পথ হেকরাই।
মানর-গৃহ শুরাই,
হিয়া মোৰ দিলোঁ সঁপি,
থাকো তোৰ নাম জপি।
এদিনা কলিহি "যাও'।"
মাৰিলি তই উৰাও।
নহবি নির্দয় অতি।
কান্দি-কাতি হায়! হলো হাৰাশাস্তি
নেপালোঁ সাক্ষাৎ আৰু।
গলি প্রাণাধিকে নেচালি উভতি
গলি সঁচাকৈ বাৰু।
দূৰ দূৰণিৰ উন্নত দেশত
বিহৰিছ তই সুখে।
আকাশৰ তলে সংসাৰ-মঞ্চত
দহি মর্বো মই দুখে।
ধৰমী জীৱন পৱিত্ৰৰ খনি
নিৰমল তোৰ দেহা!
নীচ মোৰ মন, পাপ-সংসাৰত
কৰিছোঁ পাপৰ বেহা।
তই দের কন্যা,
মই ক্ষুদ্র নৰ!
কিন্তু এটি কথা কওঁ,
তই মোৰ ধ্যান তই মোৰ জ্ঞান,
তোবেহে নামক লও,
তোৰেহে নামকে ৰাতি দিনে জপোঁ,
তোকে ভাবি ভাবি থাকো।
জীম যত দিন তোকেহে ভাবিম
হৃদয়ত কাকো নাকো।
মহানিদ্রা আহি ধৰিব যেতিয়া
চকু মোৰ মুদ খাব।
তেতিয়াও দেবি, তোৰ নাম লই
মোৰ প্ৰাণ বাজ হব।