বিশ্ব-দর্পন।
বলিদান।
হিন্দুজাতি অতি প্রাচীন কালৰ সভ্যতাৰ সময়ত নির্বামিস ভোজী আছিল। প্রাণী হিংসা কৰা তেওঁলোকৰ স্বভার নাছিল। সময়ৰ স্বাভাবিক পৰিবৰ্ত্তনত লাহে লাহে শিক্ষিত যোগী সকলৰ বাহিৰে সকলোৱে মাছ মাংস খাবলৈ ধৰিলে। আৰু মাংসৰ নিমিত্তে প্রাণী বধ ইমান বেচি হব ধৰিলে যে, এই অত্যাচাৰ ঋষি সকলৰ 'অসম্ভ হৈ উঠিল। গতিকে তেওঁলোকে অনেক বকমে এই জীৱ বধৰ পাতেক গুচাবলৈ চেষ্টা কৰি, শেষত ইয়াক বাধা দিয়া অসম্ভর দেখি, যাতে প্রাণীবধ কম হয়, তাৰ নিমিত্তে ভাবি চিন্তি এই বলিদান বা পশু মেধৰ নিয়ম উলিয়ালে। এই বিধানত তেওঁলোকৰ উদ্দেশ্য আছিলঃ-পাশব বৃত্তি চৰিতাৰ্থৰ নিমিত্তে য'তে ততে যেতিয়াই তেতিয়াই যাতে নৃশংসরূপ যাতনাদি পশুবধ অধিক পৰিমাণে নহয়। এই নিয়মৰ পৰা হল কি, যে কোনোরে মাংস খাবৰ ইচ্ছা কৰিলে বলিদান দিব লাগিব। জানিবা এটি ছাগলি আনিলে, তাক বলিদান মতে খাবলৈ হলেই তাৰ লগত উপসর্গিক আৰু অলপ্ খৰচ লাগিব ২৪ জন মানুহ গোটাব লাগিব। এভাগি পূজাৰ প্রয়োজন। ইয়াত তিনিটি উপকাৰ (১) লগকরা খৰচৰ ভয়ত বা অভারত কেতিয়াবা পশু বধৰ ইচ্ছা হলেও বাধা জন্মে; (২) মনত এটা ধৰ্ম্ম ভার; এই ভারব পবা প্রাণী হিংসাৰ ইচ্ছা কম হয়; (৩) জনদিয়েক বন্ধু বান্ধৱৰ সৎসঙ্গ, আৰু তেওঁ লোকেৰে মিলি আনন্দ উপভোগ কৰা। পশু মেধৰ মন্ত্রত আছে: হে প্রভো সকলো জীর আপোনাত উৎপত্তি, আপোনাতে লয়, ক্লাপোনাৰ ওচৰত সকলো সমান; এনেস্থলত এই জীরটি আমাৰ ইন্দ্রিয় লালসাৰ নিমিত্তে বধ কৰা নিতান্ত অন্যায়। কিন্তু অৱস্থাত পৰি, নকৰি নোৱাৰাত পৰিছোঁ। আপোনাৰ সংসাৰ চলিব লাগে, এতেকে বাধ্য হৈ এই পশুটি মাৰিবলৈ আগ বাঢ়িছোঁ। এই পাতকৰ পৰা যেন আমাক ৰক্ষা কৰা, আৰু জীৱটিৰো যেন সঙ্গতি হয়। এই পশুটিয়ে এদিন নহয় এদিন এই শৰীৰ বিনষ্ট কৰিবই।
তেতিয়া পোক পৰুৱাৰ ও শৃগালাদিৰ ভোজ হলহেঁতেন। এতিয়া ই আমাৰ উপকাৰত আহিছে। প্রভো! আপোনাৰ জীৱ সমূহব মঙ্গল, বিধান আপোনাৰ ইচ্ছাধীন। এতেকে, আমাৰু এই নিশংসতা পাপৰ পৰা মুক্তি দিয়া ইত্যাদি।
হিন্দুমতে সৃষ্টৰ আদিৰে পৰা অন্তলৈকে এই সময়টিক চাৰিভাগ কৰে:- (১) সত্যযুগ, এই কালত ভক্তিয়েই ঈশ্বৰ সেৱাৰ প্রধান উপায় (২) ত্রেতাযুগ; ইয়াত জ্ঞানেই মুক্তিৰ উপায়, (৩) দ্বাপৰযুগ; যজ্ঞ বলিদান আদি, (৪) কলিযুগ দান ও নাম। ইয়াৰ পৰাই দেখা যায় যে এই সময়ৰ ৩য় ভাগতে পশুমেধ বা বলিদানৰ প্ৰথা ওলায়, এই পশু মেধাদিৰ কথা ৰামায়ণ আৰু মহাভাৰতত ভালকৈ বর্ণনা কৰা আছে। তাত দেখা যায় যে ক্ষত্রিয় বিলাকেহে পশুবধ কৰিছিল। অর্থাৎ ক্ষত্রিয় বিলাক যুজাক আছিল, যুজাঁক বিলাকৰ আনতকৈ মাছ মাংসৰ আরশ্যক বেচি আছিল।
মাত্র বধৰ পাতকৰ পৰা বধকৰাৰ পাছত হে ইন্দ্রাদি আদিতে এই বলিদান বৈদিক মতে আছিল। সেই সময়ত এই বলিদান প্ৰথমতে নিয়ম মতে ঈশ্বৰক প্ৰাৰ্থনা স্তুতি কৰি পশুটি মৰা হয়, তাৰ পাচত তাক ৪ ভাগ কৰা হয়। ১ম, ভাগ ইন্দ্রাদি দেৱতা সকলক দিয়ে দেৱতা সকলৰ ছৈ গলে, ২য় ভাগ ঋষি পুৰোহিত সকলক দিয়ে; ৩য়, ভাগ সমজুৱাৰ আৰু ৪র্থ ভাগ গিৰিহঁতৰ। বৈদিক বলিদানৰ পৰা স্পষ্ট দেখা যায় যে সেই পশুটি আমাৰ আজি কালি ধাৰণাৰ মতে কোনো দেৱতাক উছর্গি দিয়া নহয়। ৰক্ষা পাবৰ কাৰণে ঈশ্বৰক স্তুতি মিনতি কৰি লয়। দেৱতাক ভাগদিয়া হয়, আৰু সেই বৈদিক মন্ত্র বিলাকত আজিকালিৰ দুর্গা, কালি আদি দেৱতাৰো নাম পোরা নেযায়। ইয়াত প্রথমতে অগ্নি দেৱতাক ভাগ দিয়ে। তাৰ মন্ত্ৰটিৰ অৰ্থ এই, "হে অগ্নি, মোৰ এই যজ্ঞলৈ তোমাক নিমন্ত্রণ কৰিছো, নিমন্ত্রণ গ্রহণ কৰি তোমাৰ নিমিত্তে পাৰি খোৱা আসনত বহি অনুগ্রহ কৰি তৃপ্তি পূৰ্বনক ভোজন কৰি, মোৰ প্রতি যেন সুপ্রসন্ন হোৱা।" এই দৰেই ঋষি পুৰোহিত সকলক আৰু সমজুরা সকলকো।
এই খিনিতে আৰু এটি কথা, কোনো কোনো ঋষিয়ে দেৱতাক শাপ দিয়া শুনিবলৈ পোৱা যায়; কিন্তু কোনো দেৱতাই ঋষিক শাপ দিয়া শুনিবলৈ পোৱা বৰ টান। দেৱতা সকলে যজ্ঞৰ ঠাইতে বহি তেওঁলোকৰ ভোগ খাইছিল। (মহাভাৰতত যুধিষ্ঠিৰৰ ৰাজসূয় ও বহুদেৱেৰ দান যজ্ঞাদি চোৱা) ইয়াৰ পৰা এনে অনুমান হয় যে ইন্দ্রাদি দেৱতাসকল কোনো সেই নামৰ বিজ্ঞ মহাতেজস্বী মহা- পুৰুষ আছিল। তেও লোক সামান্য গুণত থাকি, সাধাৰণ জনতকৈ অত্যাধিক শ্রেষ্ঠ আৰু তেওঁলোকৰ অলৌকিক ডাঙ্গৰ ডাঙ্গৰ কাৰ্যাৰ বাবে পূজ্য বা পূজনীয়। হিন্দুজাতিৰ কৃতজ্ঞতা গুণ বৰ বেচি; আৰু এই জাতি কেতিয়াও অকৃতজ্ঞ হব নোখোজে মই যাৰ ওচৰত কৃতত্ত্ব, যাক পূজা কৰোঁ, মোৰ সন্তান সন্ততিয়ে পুকষে পুৰুষে তেও'ক পূজাকৰিবই। এনেকৈয়ে ইয়াৰ পৰাই দেৱতা পূজাৰ উৎপত্তি যেন অনুমান হয়। আৰু এটি কথা দেখা যায় যে, মই ইন্দ্রক পূজো, ইন্দ্রয় আকৌ তেওঁ তকৈও ডঙ্গৰ দেৱতা শিব-বিষ্ণুক পূজে, শিব-বিষ্ণুরে ও আকৌ এজন ঈশ্বৰক পূজে। ইয়াৰ পৰায় অনুমান হয় যে দেৱতা আৰু মমুয্যজাতিৰ পার্থক্য, গুণৰ হীন-ডেড়িব (বেচিৰ) পৰা।
বৈদিক বলিদানৰ পৰা দেখা যায় যে পশুবধ ঈশ্বৰৰ সন্তুপ্তিৰ বাবে নহয়, নিজৰ সন্তুষ্টিলৈছে। ইয়াৰে পৰা লাহে লাহে মানসিক অৱনতিৰ লগে লগে পৌৰাণিক নিয়ম ওলায়। পুৰাণ মানেই পুৰণি কথাৰ ইতিহাস বা বর্ণনা। আলোচনা নথকাত বহুতে বেদ পাহৰিবলৈ ধৰিলে, এই সুবিধাতে জন দিয়েকে বেদৰ আশ্রয় লৈ পুৰাণ ৰচে। এই পুৰাণ বিলাকত আমি পতিয়াব নোৱাৰা বহুত কথাই অতি বাঞ্ছিত ৰূপে ঠাই পালে। ইয়াত আচল কথা এৰি দি, বেদৰ নাম পোরা দেৱতা সকলৰ আৰু তাৰ লগে লগে সেই স্নেৱতাবিলাকৰ অঙ্গহি-বঙ্গহি ৰূপে অনেক দেৱতাৰ কীৰ্ত্তি কলাপ বর্ণনা আছে।
ইয়াত বলিদানৰ নিয়ম বেলেগ হয়। পশুটি একেবাৰেই এজন দেৱতাক উচুর্গা কৰি দিয়ে। এই সময়ত যেই সেই দেৱতালৈ বলিদান কৰিব পাৰিছিল। পুৰাণত কিছুমান দেৱতা সত্ব গুণৰ; আৰু তেওলোকৰ কাৰ্য্যও শান্ত স্বভারব। গতিকে সেই দেৱতা সকলৰ উদ্দেশ্যত পশুবধ বৰ বেয়া হেন লগাত, যি সকলৰ কাৰ্য্য উগ্রস্বভাৱৰ সেই সকলৰ নামেহে বলি দিব পাৰি, পাচত এনে নিয়ম কৰা হয়। মাইকী দেৱতা বিলাক শক্তিরূপিনী আৰু তামসিক স্বভাৱেৰে বর্ণনা কৰাত, দূর্গা কালি আদি দেবী সকলৰ নামে বলিদান বিধান হয়। মাইকী দেরতা যে জাগৃত ইয়াৰ আচল মূল হৈছে সাংখ্যদর্শন। এই দৰ্শনৰ মতে পুৰুষ শান্ত আৰু নিস্কৰ্ম্মা, প্রকৃতি বা মাইকীয়েই সকলো কৰে; আক শক্তি স্বরূপ; পুকষে মুঠে প্রকৃতিৰ আশ্রয় লৈ ভোগ কৰে।
তন্ত্রৰ দেৱী সকলৰ তেজলৈ যে বৰ হেপাঁহ, এনে কথা পুৰাণে বৰকৈ দেখুৱা নাই। বলি মানে অকল পশুৱেই নাছিল, কোমোৰা-কুঁহিয়াৰ আদিও বলি। আবির্ভাবেহে আজি কালিৰ বলিদানৰ সোঁত ইমান বেছি কৰিলে। তন্ত্রৰ মতে এটা ছাগ দান কৰিলে ইমান বছৰ গোসানী সন্তুষ্ট থাকে। ম'হত ইমান, হাঁহত ইমান আদি সময় বিধান কৰে। ইয়াৰ পৰা দুর্গা পূজা, কালী পূজাত ইমান অসংখ্য পশুবধ হয়। কিন্তু সি যিকি নহওক, গুৰি আচলতে ঠিক আছে। পুৰাণত এটি গল্প আছে, তাক তন্ত্রযো সমর্থন কৰিছে। গল্পটি এই:- এজন ৰজাই বহুত বছৰ এজনা গোঁসানীক অনেক ৰকমে অসংখ্য পশু বলি দি পূজি আছিল। অন্তকালত যেতিয়া সেই ৰজা স্বৰ্গলৈ যায়, তেতিয়া বাটত অলপ দূৰৈত দেখিলে যে এঠাইত বহুত প্রাণীয়ে হাতত একো খনি দালৈ থিয় হৈ ৰৈ আছে। স্বৰ্গৰ দূতক কাৰণ সোধাত ৰজাক কলে, সেই প্রাণী বিলাকে আপোনালৈকে বাট চাই আছে। পৃথিবীত আপুনি ইহঁতক বলি দিছিলে। এতিয়া ইহঁতে আপোনাক বলি দিবলৈ সাজু হৈ আছে। ইইতে আপোনাক কাটিবই; ইয়াৰ পৰা হাত সাৰিবৰ একো উপায় নাই। ৰজাই এই কথা শুনি বিচুতি হৈ উপাসিত গোসানীক স্তুতি কৰিবলৈ ধৰিলে। কৰ্ম্মফলৰ ভোগ কৰিবই লাগিব। ইয়াৰ পৰা মই তোমাক মুক্তি দিব নোৱাৰোঁ। ৰজাই কলে, মই তোমাৰ উদ্দেশ্যেহে বলি দিছিলো? গোঁসানীয়ে কলে, তুমি মোক সংসাৰৰ বিষয় ভোগৰ নিমিত্তে পূজিছিলা, ময়ো তোমাক সংসাৰৰ যত বকম সুখ হব পাবে, সকলো দিহিলো। তুমি কেতিয়াও কোনো দুখত নপৰিছিলা। এই কথা শুনি বিবুদ্ধি হৈ ৰজাই বৰকৈ কাকুতি কৰিব ধৰাত, গোঁসানী নিরূপায় হৈ মহাদেৱক মাতিলে। মহাদেৱে গোঁসানীৰ অনুবোধত, অনুগ্রহ কবি বিধান কৰিলে যে অতবোৰ প্ৰাণীয়ে প্রত্যেকে এবাৰ এবাৰকৈ নেকাটি একেখন দাত ধৰি ৰজাক একে কোবেই কাটক বাক। এটা প্রাণীয়ে কাটক, ৰজাই এই শৰীৰ এৰি অন্য শৰীৰ ধৰক, আকৌ এটাই কাটক নতুন শৰীৰ ধৰক, এনে হলে বাটতে যুগ-যুগান্তৰ যাব, স্বৰ্গলৈ যোৱা নহব। এই বিধানত জানিবা কোনো মতে ৰজাই আকৌ এবাৰ শৰীৰ এৰি নতুন শৰীৰ ধৰি স্বর্গলৈ গল।
এই গল্পটিৰ পৰা বুজা যায়, প্রাণী বধ কৰা পূজা বা ভক্তিৰে একো সম্পর্ক নাই। প্রাণীবধ নিজৰ পার্থিব সুখব নিমিত্তে, ধৰ্ম্ম বা পুণ্যৰ নিমিত্তে নহয়।